উজনি-মাজুলী : মাজুলীৰ যুৱ কবি-সাংবাদিক পাপু বৰাৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত কাব্যালোচনী পলসৰ উদ্যোগত আয়োজিত ‘অমৰ শিশুপ্ৰাণ’ অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী ৰচনা প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰা হয়। সেই অনুসৰি নিম্ন শাখাত মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র ময়ূৰজ্যোতি ভূঞাই প্ৰথম স্থান, দেওদিয়াআটী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী স্নেহাপ্ৰিয়ম বৰাই দ্বিতীয় স্থান, কেশৱৰাম বৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী বৰষাৰাণী ওজা আৰু ভোগপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা শইকীয়াই যুটীয়াভাৱে তৃতীয়স্থান লাভ কৰিছে। ঠিক সেইদৰে উচ্চ শাখাত আইলেণ্ড একাডেমীৰ ছাত্রী ঋষিতা গোস্বামীয়ে প্ৰথম স্থান, কঢ়ালগাঁও বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী ধৰিত্রী শৰ্মাই দ্বিতীয় স্থান আৰু আইলেণ্ড একাডেমীৰ ছাত্রী সোণালীকা হাজৰিকাই তৃতীয় স্থান দখল কৰিছে। উল্লেখ্য মাজুলী জিলা ভিত্তিত সম্পন্ন হোৱা ৰচনা প্ৰতিযোগিতাখনিৰ নিম্ন শাখাৰ বিষয় ‘মাজুলীৰ বানপানী সমস্যা’ আৰু উচ্চ শাখাৰ বিষয় ‘মাজুলী-যোৰহাট সংযোগী দলং’। যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বিপুল সমাদৃত ৰচনা প্ৰতিযোগিতাখনিৰ ফলাফল আজি অভিজ্ঞ বিচাৰকৰ দ্বাৰা পৰীক্ষণ কৰি ঘোষণা কৰা হয়। আগন্তুক সময়ত প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ পবিত্ৰ স্মৃতিত হ’বলগা ‘সাহিত্য সন্মিলন’ত মান পত্র, গ্ৰন্থৰ টোপোলা আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব বুলি পলসৰ সম্পাদক পাপু বৰাই এক বিজ্ঞপিযোগে জানিবলৈ দিয়ে।
লাডাখত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং : প্ৰতিপক্ষ যিমানেই শক্তিশালী নহওক, ভাৰতৰ এক ইঞ্চি মাটি কোনেও কাঢ়ি নিব নোৱাৰে ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
প্ৰতিপক্ষ যিমানেই শক্তিশালী হওক কিয় ভাৰতৰ এক ইঞ্চি মাটি কোনেও কাঢ়ি নিব নোৱাৰে৷ লাডাখ সীমান্তত চীনৰ সৈতে সংঘাতক লৈ এইবাৰ এনেদৰে বাৰ্তা দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ দুদিনীয়া লাডাখ আৰু জম্মু-কাশ্মীৰ ভ্ৰমণত গৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৷ শুকুৰবাৰে ভ্ৰমণৰ প্ৰথম দিনা লেহত উপস্থিত হয়৷ তাতে ভাৰতীয় জোৱানৰ উদ্দেশ্যি ভাষণ আগবঢ়াই এনেদৰে চীনক কঠোৰ বাৰ্তা দিয়ে ৷ মন্ত্ৰী সিঙে কয়, আলাপ আলোচনাৰ মাজেৰে সীমান্তৰ বিৰোধ মীমাংসা কৰা যাব ৷ সেই বিষয়ে নিশ্চিত কৰি একো ক’ব পৰা নাযাব৷ এটা কথা নিশ্চিতভাৱে ক’ব পাৰি, পৃথিৱীৰ কোনো শক্তিশালী দেশে আমাৰ এক ইঞ্চি মাটি কাঢ়ি নিব নোৱাৰে ৷ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান হৈ গ’লে তাতকৈ একো ভাল নাই৷ যোৱা মাহত চীনৰ সৈতে সংঘৰ্ষত গালৱানত ২০ জন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাইছিল ৷ সেই জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনায় মন্ত্ৰী সিঙে কয়, সম্প্ৰতি পিপি ১৪-এ ভাৰতীয় জোৱান আৰু চীনা সেনাৰ মাজত যি ঘটিছে, তাত সীমান্ত ৰক্ষা কৰোতে প্ৰাণ হেৰুৱাইছিল আমাৰ বহু কেইজন সেনাই ৷ আজি ইয়ালৈ আহি ভাল লাগিলেও তেওঁলোকৰ মৃত্যুত আমি শোকত বিহ্বল ৷ তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাইছো ৷ সেনাৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠক শেষ হ’লেও সেনা আঁতৰোৱাৰ প্ৰশ্নত সকলো ঠাইত এতিয়াও একমত হ’ব পৰা নাই ভাৰত আৰু চীন ৷ সেই পৰিস্থিতিত শুকুৰবাৰে লাডাখত উপস্থিত হ’ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ তাতে সেনা বিষয়াসকলক তেওঁ সাক্ষাৎ কৰে ৷ সীমান্তৱৰ্তী প্যাংগং হ্ৰদ সংলগ্ন সেনা বাহিনীৰ স্তাকনা আৰু লুকুং প’ষ্টলৈ তেওঁ যোৱাৰ কথা৷ প্যাংগং হ্ৰদৰ উত্তৰ-পশ্চিম দিশত লুকুং প’ষ্ট ৷ ফিংগাৰ-৪ৰ পৰা পথেৰে দূৰত্ব ৪৩ কিলোমিটাৰ ৷ এই ফিংগাৰ-৪ এলেকাৰ পৰা এই মুহূৰ্তত সেনা আঁতৰাব ভাৰত-চীনে ৷ লুকুঙত ভাৰতীয় সেনা আৰু ইন্দো-তিব্বত সীমান্ত আৰক্ষী (আইটিবিটি) যৌথভাৱে মোতায়েন কৰা হৈছে ৷ উল্লেখ্য যে মন্ত্ৰী ৰাজনাথ সিঙৰ লগত লেহত উপস্থিত হৈছিল সেনা প্ৰধান এম এম নৰবনে আৰু সেনা বাহিনীৰ চিফ অব ষ্টাফ জেনেৰেল বিপিন ৰাৱাট৷ তাতে সেনা বাহিনীৰ অনুশীলনত মন্ত্ৰী সিঙে ভাগ লয় ৷ লাডাখ ভ্ৰমণৰ পাছত মন্ত্ৰীসহ দলটো জম্মু-কাশ্মীৰৰ উদ্দেশ্যে ৰাওনা হয়৷ তাতে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰে ৷ উল্লেখ্য যে যোৱা ৩ জুলাইত লাডাখত আকস্মিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হৈছিল ৷
উচ্চতম ন্যায়ালয়ত শপতনামা উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ : ভূৱা এনকাউণ্টাৰত মৃত্যু হোৱা নাই দুৰ্ধৰ্ষ অপৰাধী বিকাশ ডুবে ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
ভূৱা এনকাউণ্টাৰত মৃত্যু হোৱা নাই দুৰ্ধৰ্ষ অপৰাধী বিকাশ ডুবে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু আইন মানি প্ৰশাসনে কাম কৰিছে ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি এই কথা জনালে উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানে ৷ যোগী আদিত্যনাথ ৰাজ্যৰ আৰক্ষীৰ দাবী, বিকাশ ডুবে এনকাউণ্টাৰত মৃত্যু হোৱাটোৰ লগত তেলেংগানাৰ চাৰিটা ধৰ্ষণকাৰীৰ হত্যাক একে কৰি যোৱাটো সঠিক নহয় ৷ আৰক্ষী সঞ্চালক প্ৰধানৰ যুক্তি, তেলেংগানা প্ৰশাসনে এনকাউণ্টাৰ তদন্ত কৰাত আয়োগ গঠন কৰা নাই ৷ কিন্তু উত্তৰ প্ৰদেশ চৰকাৰে বিশেষ সমিতি গঠন কৰিছে ৷ ৬৪ টা গোচৰত অভিযুক্তক কৰায়ত্ত কৰিবলৈ গৈ গুলীত নিহত হৈছিল যোগী ৰাজ্যৰ আঠ আৰক্ষী৷ তাৰ পাছত অপৰাধীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান চলাইছিল ৷ শেষত মধ্য প্ৰদেশৰ উজ্জয়িনীৰ মহাকাল মন্দিৰৰ পৰা ডন বিকাশ ডুবেৰ গ্ৰেপ্তাৰ কৰা হয় ৷ কিন্তু কানপুৰ পোৱাৰ আগতে আৰক্ষীৰ গাড়ী দুৰ্ঘটনা হয় ৷ সেই সুযোগত বিকাশে পলায়ন কৰিবলৈ চেষ্টা কৰে৷ অপৰাধীটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চলায় ৷ তাৰ বিপৰীতে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলীত বিকাশ ডুবেৰ মৃত্যু হয় ৷ কিন্তু বিৰোধীয়ে ইয়াক এনকাউণ্টাৰ বুলি যোগী চৰকাৰক সমালোচনা কৰে৷ চিবিআই বা এনআইএক এই এনকাউণ্টাৰৰ তদন্ত ভাৰ দিবলৈ দাবী কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰে ৷ সেই গোচৰৰ শুনানি আছিল শুকুৰবাৰে৷ উচ্চতম ন্যায়ালয়ে আৰক্ষীৰ শপতনামা গ্ৰহণ কৰে ৷
অসমত প্লাজমা দান কৰা লোকৰ সংখ্যা তেনেই কম : নগাঁৱত ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। নগাঁৱত ৪খন বিদ্যালয়ত কৰা হ’ব ৰেপিড টেষ্ট ।
নগাঁও : “আগষ্ট মাহৰ শেষৰ ফালে নগাঁৱত কৰ’না ৰোগীৰ সংখ্যাই ২৫০০ অতিক্ৰম কৰিব। গুৱাহাটীৰ পিছতে যি কেইখন চহৰত কৰ’নাৰ গণসংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা আছে তাৰ ভিতৰত নগাঁও অন্যতম। সেয়ে নগাঁৱতো আৰম্ভ কৰা হ’ব ৰেপিড টেষ্ট। নগাঁৱত এতিয়া ৩০০ ৰোগীক চিকিৎসা কৰিব পৰাকৈ স্বাস্থ্য বিভাগ সাঁজু। যিহেতু ৰোগীৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে সেয়ে বিকল্প ব্যৱস্থাৰ বাবে জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰা হৈছে।” নগাঁও আৱৰ্ত ভৱনত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ১২ বজাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত থকা কোভিড – ১৯ চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খনৰ অধীক্ষক আৰু চিকিৎসকৰ পৰা চিকিৎসা সন্দৰ্ভত যাবতীয় সা-সুবিধা সমূহৰ বুজ লয় ।ইয়াৰ পিছতে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে নগাঁও আৱৰ্ত ভৱনত জিলা উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালকৰ সৈতে এক বৈঠকত মিলিত হয়। আৱৰ্ত ভৱনত আয়োজিত উক্ত বৈঠকত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস, জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ উপৰি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ইপিনে প্লাজমা থেৰাপি সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে অসমত প্লাজমা দান কৰা লোকৰ সংখ্যা তেনেই তাকৰ। এতিয়ালৈকে মাত্ৰ ৭-৮জন লোকেহে প্লাজমা দান কৰিছে। ইপিনে নগাঁৱত লক ডাউন দিয়া সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় : “এতিয়ালৈকে নগাঁৱত লক ডাউনৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰা নাই। ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়ত প্ৰতিজন লোকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই চলিব লাগিব । যদিহে পৰিস্থিতি বেয়াৰ ফাললৈ গতি কৰে তেন্তে জিলা উপায়ুক্তক এই সন্দৰ্ভত সম্পূৰ্ণ কৰ্তৃত্ব দিয়া আছে।” উল্লেখ্য যে নগাঁও চহৰৰ চাৰিখন বিদ্যালয়ত স্বাস্থ্যবিভাগে ৰেপিড টেষ্টৰ কাম আৰম্ভ কৰাৰ লগতে এতিয়াৰে পৰা নগাঁৱতো শ্বাব টেষ্টৰ ফলাফল মাত্ৰ ৩০ মিনিটতে লাভ কৰিবলৈ সক্ষম হব বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে । আনহাতে নগাঁৱৰ ম’হখুলিত নিৰ্মাণ কাৰ্য চলি থকা চিকিৎসা মহাবিদ্যালয়খন ২০২১ বৰ্ষত মুকলি কৰিব পৰা যাব বুলিও স্বাস্থ্য মন্ত্ৰী ড: শৰ্মাই সংবাদমেলত অৱগত কৰে ।নগাঁৱৰ পৰিস্থিতি পৰ্য্যবেক্ষণ কৰাৰ পিছতে স্বাস্থ্য মন্ত্ৰী গৰাকী গোলাঘাটলৈ বুলি ৰাওনা হয় ।
ৰাজস্থান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : মঙলবাৰ পৰ্যন্ত কোনো ব্যৱস্থা ল’ব নোৱাৰিব শচীন পাইলট-অনুগামীৰ বিৰুদ্ধে ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
মঙলবাৰ পৰ্যন্ত শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব ৷ এই কথা শুকুৰবাৰে জনালে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷ ‘দলবিৰোধী কাম’ৰ অভিযোগত পাইলট আৰু তেওঁৰ সংগীৰ বিধায়ক পদ খাৰিজ কৰাক লৈ কংগ্ৰেছ আৰু পাইলট শিবিৰৰ মাজত আইনি যুদ্ধ তুংগত উঠিছে৷ শচীন পাইলট আৰু তেওঁৰ অনুগামীসকলক বিধানসভা সদস্য পদ খাৰিজৰ জাননী দিছিল অধ্যক্ষই ৷ সেই জাননীৰ বিৰুদ্ধে আদালতত আবেদন দাখিল কৰে শচীন পাইলটে ৷ আবেদনখন লৰালৰিকৈ লিখাত বহু ভুলভ্ৰান্তি আছিল৷ হৰিশ ছালভেৰ আৰ্জিৰ ভিত্তিত বৃহস্পতিবাৰৰ ৰায়ত পাইলট শিবিৰক নতুন আবেদন জমা দিবলৈ সময় দিয়ে উচ্চ ন্যায়ালয়ে ৷ তাৎপর্যপূর্ণ যে পাইলট শিবিৰৰ পক্ষে গোচৰ চলাইছে বিজেপিৰ দুই ঘনিষ্ঠ অধিবক্তা মুকুল ৰোহতগি আৰু হৰিশ ছালভেয়ে৷ দুয়োজন বিজেপি আমোলাৰ অধিবক্তা আছিল ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পক্ষত গোচৰটো চলাইছে কংগ্ৰেছ নেতা মন সিংভিয়ে ৷ শুকুৰবাৰে অধিবক্তা হৰিশ ছালভেয়ে কয় যে এজন বিধায়ক যিজনে তেওঁৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে মুখ খুলিছে আৰু হাইকমাণ্ডক বিষয়টো জনাবলৈ চেষ্টা কৰিছে, সেইটো তেওঁৰ বাক স্বাধীনতা৷ বিদ্ৰোহ নহয় ৷ যদি চৰকাৰ পতন নিয়াবলৈ চেষ্টা কৰিছে তেনেহ’লে সেইটো দোষ হ’ব, কিন্তু দলৰ মাজত এজন দুৰ্নীতিগ্ৰস্থ মুখ্যমন্ত্ৰীক বিৰোধিতা কৰাৰ স্বাধীনতা অৱশ্যে আছে৷ বিধানসভাৰ সদস্য পদ খাৰিজ কৰা জাননী সম্পূৰ্ণ বেআইনী৷ নিজৰ বক্তব্য দিবৰ বাবে তেওঁক তিনিদিন সময় দিছে কংগ্ৰেছ শিবিৰে ৷ সিই অনুমতি দিছে আদালতে৷ সেয়ে এই তিনিদিন শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাযাব৷ এই কথা আদালতে পৰিষ্কাৰ কৰি দিছে ৷
স্তব্ধ যান-বাহন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পঠিওৱাৰ চেষ্টা বনৰক্ষী আৰু আৰক্ষীৰ।
কলিয়াবৰ : কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আজি বিয়লি এটা প্ৰকাণ্ড গঁড়ৰ অৱস্থান। দুই পাৰৰ যান-বাহন স্তব্ধ। গঁড়ে পথ এৰাৰ নামেই নলয়। বনৰক্ষী আৰু আৰক্ষী উপস্থিত হৈ গঁড়টোক বনলৈ উভতাই পঠিওৱাৰ চেষ্টা। গঁড়ো নাচোৰবান্দা পথ নেৰেহে-নেৰে। অৱশ্যে গঁড়টোৱে কাৰো ক্ষতি নকৰাকৈ প্ৰায় দুঘণ্টা মানৰ অন্তত কাজিৰঙাৰ হাবিৰ ফালে ধীৰ খোজেৰে গতি কৰে। অন্ত পৰে দুঘণ্টা যোৰা শ্বাসৰুদ্ধ পৰিৱেশৰ। বানত বিধস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল বুলি বন বিভাগে সদৰি কৰিছে।
নগাঁৱত ৰাজপথত দপদপকৈ জ্বলিল এখন ট্ৰাক ।
নগাঁও : নগাঁও চহৰৰ সমীপৰ ইছলামপট্টীত আজি ৰখাই থোৱা এখন ট্ৰাকত অগ্নিসংযোগ হোৱাৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ইছলামপট্টীৰ জ্যোতি ফ্ল’ৰ মিলৰ সন্মুখত মেৰামতিৰ বাবে পথৰ দাঁতিত ৰখাই থোৱা এ এছ ০৯ চি ৭৩৮৮ নম্বৰৰ ট্ৰাকখন আজি দুপৰীয়া হঠাৎ দপ দপকৈ জ্বলি উঠে। পাছত তাত উপস্থিত থকা একাংশ লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় হয়বৰগাঁও আৰক্ষী আৰু আগ্নিনিৰ্বাপক নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিওঁ ট্ৰাক খনৰ অধিকাংশ জুইত ভস্মীভূত হয়। ট্ৰাকখনত জুই লগাৰ কাৰণ স্পষ্ট হোৱা নাই যদিওঁ কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।
লুইতৰ উগ্ৰমুৰ্ত্তিয়ে নিদ্ৰা হৰিছে নগাঁওবাসীৰ, জলসম্পদ মন্ত্ৰীৰ গৃহজিলাত বিপদ ডংকা ।
নগাঁও : নগাঁও আৰু মৰিগাঁও অঞ্চলৰ বিস্তীৰ্ণ অঞ্চলত পুনৰ লুইতৰ বানে বুৰাই পেলোৱাৰ আশংকাই বৰ্তমান আতংকিত কৰিছে জিলা দুখনৰ নৈ-পৰীয়া ৰাইজক। বিশেষকৈ নগাঁও জিলাৰ নৈপৰীয়া ৰাইজক লুইতৰ বানৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মান কৰা শিলঘাট-ধিং মথাউৰিৰ সঠিক মেৰামতি নোহোৱাৰ ফলতেই পুনৰ ২০১২বৰ্ষৰ দৰে ভয়ংকৰ বানৰ পুনৰাবৃত্তি হোৱাৰ আশংকাই দেখা গৈছে। উল্লেখযোগ্য যে ২০১২ বৰ্ষত শিলঘাট-ধিং মথাউৰিৰে পানী বাগৰাৰ ফলতে নগাঁও জিলাৰ চামগুৰি, ৰূপহী, জুৰিয়া আদি বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে ন ন অঞ্চলত বাবে সংহাৰলীলা চলাইছিল। পৰৱৰ্তী সময়ত নগাঁৱৰ ৰাইজৰ সুৰক্ষা কৱচ স্বৰূপ শিলঘাট-ধিং মথাউৰিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও জলসম্পদ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিষয়াৰ বাবেই বহু আসোঁৱাহ ৰৈ গৈছিল। এইবেলি পুনৰ লুইতৰ পানীয়ে ১৯৯৮ৰ অভিলেখ ভংগ কৰিছে। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা মুষলধাৰ বৰষুণৰ ফলতেই লুইতৰ বুকু উফন্দি উঠাৰ লগতে ফেনে-ফুটুকাৰে বাঢ়ি অহা উপনৈ সমূহৰ পানীয়ে লুইতক অধিক সংহাৰী কৰি তুলিছে। ফলত উজনি অসমৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভয়াবহ ৰূপ ধাৰণ কৰিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ভুৰবন্ধা আৰু লাওখোৱাতো বানে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। কিন্তু আটাইতকৈ চিন্তাৰ কাৰণটো হৈছে নগাঁও জিলাৰ হালধিয়াআটি আৰু কলাডোবাত থকা ৰিং বান্ধৰ ওপৰেদি পানী নিগৰিছে। এই বান্ধ দুটা ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষত নিৰ্মান কৰা গৈছিল যদিও বৰ্তমান দুয়োটা বান্ধৰে অৱস্থা শোচনীয়। আনকি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিৰ বৰঘূলিৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বানে বুৰাই পেলাইছে। অৱশ্যে বৰ্তমানেও হাতীমূৰা বান্ধ সম্পূৰ্ণ অক্ষত অৱস্থাত আছে। কিন্তু তথাপিও শিলঘাট-ধিং মথাউৰিৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিয়ে নিদ্ৰা হৰিছে নগঁঞা ৰাইজৰ। সেয়ে যদিহে জলসম্পদ বিভাগৰ অমনযোগিতাৰ বাবে পুনৰ শিলঘাট-ধিং মথাউৰিৰ হানি-বিঘিনি ঘটে তেনেহ’লে ২০১২ত কৈও ভয়ংকৰ বানৰ সৃষ্টি হ’ব পাৰে নগাঁৱত।
দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি । ভাৰাতীয়া জবকাৰ্ডৰে আঁচনিৰ ধন আত্মসাত ফকিৰপাৰা গাওঁ পঞ্চায়তত ।
দলগাঁও : লকডাউনৰ সময়ত জবকাৰ্ড শ্ৰমিকক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি চমুকৈ এমজিএনৰেগাৰ অধীনত বুজন পৰিমাণৰ টকা আৱন্টণ দিছে ঠিকেই কিন্তু দৰং জিলাৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফকিৰপাৰা গাঁও পঞ্চায়তত একাংশ কৰ্মচাৰী আৰু জনপ্ৰতিনিধিয়ে জবকাৰ্ড শ্ৰমিকক বঞ্চিত কৰি ট্ৰেক্টৰেৰে সামান্য পৰিমাণৰ মাটি পেলায়ে অধিকাংশ ধন উদৰস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। গাওঁ পঞ্চায়তখনৰ সদস্য সচিব, গ্ৰাম ৰোজগাৰ সহায়ক, এগ্ৰিকেটেড ইঞ্জিনীয়াৰ(এ,ই)কণিষ্ঠ অভিযন্তা আদি কৰ্মচাৰীৰ লগত গোপন বুজাবুজিত পঞ্চায়তৰ প্ৰতিনিধিয়ে আঁচনিৰ নামত কেৱল নাম ফলক আৰিয়েই অধিকাংশ ধন নিজৰ পকেটত তুলাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ মতে ফকিৰপাৰা গাওঁ পঞ্চায়তৰ ভুটপুখুৰী গাঁৱত ২০১৯-২০ বৰ্ষত এমজিএনৰেগা আঁচনিত “ফিল্ড ডেভলপমেন্ট এট হাফিজীয়া এণ্ড খাৰেজিয়া মাদ্ৰাছা এট ভুটপুখুৰী” নামৰ আঁচনিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। ভুটপুখুৰী গাঁৱৰ উক্ত মাদ্ৰাছা খনত এমজিএনৰেগা আঁচনিৰ অধীনত বিভাগীয় কৰ্তৃপক্ষই ১ লাখ ৯০ হাজাৰ ৭ শ টকা আবন্টণ দিয়ে। আঁচনি গ্ৰহণৰ পাছত ট্ৰেক্টৰেৰে সামান্য মাটি পেলাইয়ে কাম সামৰে ৷ বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত জনপ্ৰতিনীয়ে মাদ্ৰাছাখনৰ ফিল্ডৰ আধা অংশত মাটি দিয়েই উক্ত আঁচনিখনৰ অধিকাংশ ধন আত্মসাত কৰে। তাৎপৰ্যপূৰ্ণ কথা হল স্থানীয় দৰিদ্ৰ শ্ৰমিকক বঞ্চিত কৰি পঞ্চায়তৰ সহকাৰী অভিযন্তাই মিলি ভাৰাতীয়া জবকাৰ্ড যোগে জবকাৰ্ড শ্ৰমিকৰ সম্পূৰ্ণ টকা উঠাই উদৰস্থ কৰিছে৷ এই সংক্ৰান্তত স্থানীয় ৰাইজে দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত এখন লিখিত অভিযোগ দাখিল কৰে যদিও গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ। পঞ্চায়তখনৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা আৰু এ.ই জনে আঁচনি পৰ্যবেশন কৰি সেইমতেহে বিল দাখিল কৰিব লাগে যদিও টকাৰ লোভত অন্ধ হৈ কোনো দিনে আঁচনি নেদেখিয়ে বিল দাখিল কৰে৷ এক কথাত ক’বলৈ গলে গ্ৰামাঞ্চলৰ বাট পথৰ উন্নয়নৰ বিপৰীতে আঁচনিৰ নামত কেৱল টকা ঘটাৰ কাৰ্যালয়ত পৰিণত হৈছে ফকিৰপাৰা গাওঁ পঞ্চায়ত খনত।

অনুৰাগীৰ আশাত চেঁচাপানী, সুশান্তৰ মৃত্যুক লৈ নহয় চি বি আই তদন্ত, স্পষ্ট কৰিলে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে।
দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ বলিউড অভিনেতা সুশান্ত সিং ৰাজপুত মৃত্যুক লৈ নহয় চি বি আই তদন্ত। সামাজিক মাধ্যমত বিগত প্ৰায় এমাহ ধৰি সুশান্তৰ অনুৰাগীসকলে কৰি অহা চি বি আই তদন্তৰ দাবী নস্যাৎ কৰিলে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, গৃহমন্ত্ৰী গৰাকীয়ে চি বি আই তদন্তৰ দাবী খাৰিজ কৰিছে। প্ৰকাশিত খবৰৰ মতে, গৃহমন্ত্ৰী অনিল দেশমুখে সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত কয়, সুশান্তৰ আত্মহত্যাক লৈ চি বি আই তদন্তৰ প্ৰয়োজন নাই। মুম্বাই আৰক্ষীয়ে সকলো দিশৰ পৰা তদন্ত কৰিছে। যথাসময়ত মুম্বাই আৰক্ষীয়ে সকলো তথ্য ৰাজহুৱা কৰিব। গতিকে আমি ভাৱো এই কেছৰ তদন্তৰ বাবে মুম্বাই আৰক্ষী সক্ষম।











