Home Blog Page 3246

আজি মহাসপ্তমী, কালৰাত্ৰি ৰূপত পূজিত হ’ব মা দূৰ্গা

দৈনন্দিন বাৰ্তা সেৱাঃ আজি মহাসপ্তমী পূজা। কোৰোনাৰ ভয়াবহতাৰ মাজতে কালৰাত্ৰি ৰূপত পূজিত হ’ব মা দূৰ্গা। বৈদিক ৰীতি নীতিৰে দেৱী দুৰ্গাৰ নৱপ্ত্ৰিকা প্ৰৱেশ,স্থাপন আৰু সপ্তমাদি কল্পাৰম্ভ আৰম্ভ হ’ব। পঞ্জিকাৰ নিয়ম অনুসৰি শুক্ৰবাৰে পুৱা ৮বাজি ১৭ মিনিট ৪৩ ছেকেণ্ডৰ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমী বিহিত পুজা আৰম্ভ হয়।

আনহাতে নিশা ১০ বাজি ৪৫ মিনিট ৩৮ ছেকেণ্ড যোৱাৰ পৰা ১১ বাজি ৩৩ মিনিট ৩৮ ছেকেণ্ডৰ বিতৰত দেৱীৰ অৰ্ধৰাত্ৰ বিহিত পূজা আৰম্ভ হ’ব। সপ্তমী উপলক্ষে ৰাজ্যৰ লগতে দ্শৰ শক্তিপীঠ, দেৱীপীঠ, দেৱালয় সহমূত ভিন্ন প্ৰকাৰৰ বলি-বিধান সম্পন্ন হ’ব যদিও মহামাৰীৰ বাবে বন্ধ কৰা হৈছে ৰাজহুৱা বলি বিধান।

কাঠৰ দুৰ্গা প্ৰতিমাৰে শাৰদীয় দুৰ্গোৎৱৰ বাবে সাজু নৱম অসম আৰক্ষী বাহিনী, হিন্দু আৰু মুছলিমৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিৰ্দশন

দৈনন্দিন বাৰ্তা সেৱা, নগাঁওঃ হিন্দু আৰু মুছলিমৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰি হিন্দু-মুছলিমৰ যৌথ প্ৰচেষ্টাত নগাঁও জিলাৰ বঢ়মপুৰত প্ৰাণ পাই উঠিছে কাঠৰ দুৰ্গা প্ৰতিমা। ধৰ্মীয় সংহতিৰ বিৰল নিদৰ্শন দাঙি ধৰি এগৰাকী হিন্দু আৰু এগৰাকী মুছলমান সম্প্ৰদায়ৰ শিল্পীয়ে যৌথভাৱে সাজি উলিয়াইছে কাঠৰ মা দূর্গাৰ প্ৰতিমাৰ  লগতে লক্ষ্মী, সৰস্বতী, গণেশ আৰু কাৰ্তিকৰ সুন্দৰ প্ৰতিমূৰ্তি।

নৱম অসম আৰক্ষী বাহিনীৰ পংকজ মহন্ত আৰু তেওঁৰ সহযোগী মনি আহমেদৰ প্ৰায় ১১ মাহৰ নেৰানেপেৰা প্ৰচেষ্টাত পূৰ্ণতা লাভ কৰা প্ৰতিমূৰ্তিত কেৱল চেচু আৰু মহা নীম গছৰ কাঠ ব্যৱহাৰ কৰা হৈছে। প্ৰতিমূৰ্তি নিৰ্মানৰ সময়ত দুই ধৰ্মৰ মাজত সমন্বয় গঢ়ি তুলিছে এক মহামিলনৰ সেতু। সৈনিক জীৱনৰ এৰাব নোৱাৰা কৰ্তব্যৰ মাজতো দুই শিল্পীৰ মহান প্ৰয়াসত সৃষ্টি হোৱা মাৰ প্ৰতিমা সচাঁ অৰ্থত প্ৰাণ পাই উঠিব যদিহে মানুহে প্ৰচলিত ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি মানৱ ধৰ্মৰ জয়গান গায় এয়াই শিল্পীৰ আহ্বান, সময়ৰ আহ্বান।

উল্লেখ্য কৰিব পাৰি যে কাঠৰ দুৰ্গা প্ৰতিমাতে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো সম্পূৰ্ণ কভিদ প্ৰটকল মানি আজিৰ পৰা অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গোৎসৱ। ইতিমধ্যে  সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নৱম আৰক্ষী বাহিনীয়ে ।

ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰন বন্ধৰ দাবীত আছাম ষ্টেট পাৱাৰ উকাৰ্চ ইউনিয়নৰ ডিব্ৰুগড় শাখাৰ প্ৰতিবাদী কাৰ্য্যসূচী

দৈনন্দিন দবাৰ্ত সেৱা, ডিব্ৰুগড়ঃ সমগ্ৰ অসমৰ লগতে আছাম ষ্টেট পাৱাৰ উকাৰ্চ ইউনিয়নৰ ডিব্ৰুগড় শাখাই এছঃবিঃদি প্ৰতিবাদ জনায় এক প্ৰতিলিপি দাহ কাৰ্য্যসূচী  ৰূপায়ন কৰে। বিদুৎ খণ্ড ব্যক্তিগতকৰন বন্ধ  কৰক, অসম চৰকাৰ হুচিয়াৰ,  ৰাজহুৱা  খণ্ডক ব্যক্তিগতকৰন বন্ধ কৰক আদি বিভিন্ন শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰি আনাগত দিনত ৰাজ্য চৰকাৰে  ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰন বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

আগন্তক  দিনত  সমস্যা সামাধান নহলে আছাম ষ্টেট পাৱাৰ উকাৰ্চ ইউনিয়নে ইয়াতকৈ তীব্ৰ অন্দোলনৰ কাৰ্যসূচি ৰূপায়নৰ কৰিব বুলি জানিবলৈ দিয়ে। কাৰ্য্যসূচীত উপস্তিত থাকে কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি লিলা চাংমাই, উপ-সভাপতি সুখেন গগৈ, ডিব্ৰুগড় শাখাৰ সভাপতি থানুৰাম ফুকন, সম্পাদক বিপ্লৱ গোঁহাই, চাপ্লাই শাখাৰ সম্পাদক বিপুল কোৱৰ লগতে বহু সংখ্যাক কৰ্মচাৰি উপস্থিত থাকি পতিবাদ সাব্যস্থ কৰা দেখা যায়।

নাজিৰাতো ক’ৰনাৰ ভয়াবহতাৰ মাজতে আৰম্ভ হ’ল দুৰ্গা পূজা

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ২২অক্টোবৰঃ সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো অনুষ্টুপীয়া ভাৱে শাৰদীয় পূজাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল শাৰদীয় দুৰ্গা পূজা। ক’ৰনাৰ ভয়াবহতাৰ বাবে পূজা কমিটি, পুৰোহিতৰ লগতে ভক্ত সকলেও পালন কৰিব লাগিব স্বাস্থ্যবিভাগৰ কঠোৰ নিৰ্দেশনা। আজি ষষ্ঠী পূজা। বৃহস্পতিবাৰে পুৱা ৯ বাজি ১২ মিনিট ৫২ ছেকেণ্ডৰ ভিতৰত দেবী দুৰ্গাৰ ‘কাত্যায়নী’ ৰূপত আৰম্ভ হয় যথা বিহিত পূজা-আৰাধনা।

সন্ধিয়া হ’ব দেবীৰ আমন্ত্ৰন-অধিবাস। আধ্যাত্মিক পৰিবেশত বেদীত প্ৰতিষ্ঠা হ’ব ঘট আৰু দেবী প্ৰতিমা। এইবাৰ ‘দোলাত’ আগমণ ঘটিব দেবী দুৰ্গাৰ। ক’ৰনাৰ বাবে নাজিৰা মহকুমা বিভিন্ন প্ৰান্তৰ লগতে নামতি, গেলেকী আৰু শিমলুগুৰিত অনুষ্টুপীয়াকৈ উদযাপন হৈছে শাৰদীয় দুৰ্গোৎসৱ। পূৰ্বৰ দৰে পূজাৰ বতৰত এইবাৰ বজাৰত নাই ভিৰ। ৰাতি পূজাৰ আমেজো নাপাব এইবাৰ নাজিৰাবাসীয়ে। দুচকীয়া বাহনত পূজা চাব নোৱাৰৰ লগতে নিশা ৯ বজাতেই বন্ধ কৰিব লাগিব হোটেল, ৰেষ্টুৰেণ্টসমূহ ।

আই পি এল’ত আজি ৰাজস্থান বনাম হাইদৰাবাদ, বাংগালুৰুৰ হাতত পৰাস্ত কলকাতা, মাত্ৰ ৮ ৰানত ৩ উইকেট দখলেৰে চিৰাজৰ অভিলেখ

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি ৰাজস্থানৰ মুখামুখি হ’ব হাইদৰাবাদ। চলিত বৰ্ষত ৰাজস্থানে ১০ খন খেলৰ ৪ খনত জয়ী হৈ পইন্ট তালিকাত ৬ নম্বৰত থকাৰ বিপৰীতে হাইদৰাবাদৰে ৯ খন খেলৰ ৩ খনত জয়ী হৈ পইন্ট তালিকাৰ ৭ নম্বৰত স্থানত অৱস্থান কৰিছে৷ আজিৰ ৰাজস্থান বনাম হাইদৰাবাদ খেলখন দুবাইৰ খেলপথাৰত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

আনহাতে আইপিএলত বুধবাৰে অনুষ্ঠিত বাংগালুৰ বনাম কলকাতা, খেল খনত কলকাতাই প্ৰথমে বেটিং কৰি বাংগালুৰৰ সন্মুখত মাত্ৰ ৮৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। উক্ত খেলখনত লক্ষ্যত উপনীত বাংগালুৰ জয়লাভ কৰে৷ উল্লেখনীয় যে, মাত্ৰ ৮ ৰানত ৩ উইকেট দখলেৰে চিৰাজৰ অভিলেখম সৃষ্টি কৰে।

বিলাসীপাৰাত চাউলৰ চোৰাং বেহা, ৩৫ কুইন্টল চোৰাং চাউল জব্দ আৰক্ষীৰ

দৈনন্দিন বাৰ্তা সেৱাঃ ধুবুৰী বিলাসীপাৰাত চাউলৰ চোৰাং ৰমৰমীয়া বেহা। আলগা গাওঁৰ মাজ-মজিয়াঁত আজি ৰাতিপুৱাৰ ভাগত ব্ৰহ্মপুত্ৰ নৈৰ সুঁতিত ইঞ্জিন চালিত নাওঁ ভৰ্ত্তি চোৰাং বগা চাউল জব্দ কৰে শালকোচাৰ আৰক্ষীয়ে। ইঞ্জিন চালিত নাওঁ খনত প্ৰায় ৩৫ কুইন্টল চোৰাং চাউল আছিল  উল্লেখ্য যে চোৰাং বগা চাউল খিনি আৰক্ষীয়ে জব্দ কৰাৰ প্ৰাক মূহুৰ্ত্বত ইঞ্জিন চালিত নাওঁৰ স্বত্বাধিকাৰী দ্বয়ে পলায়ণ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। 

মনকৰিবলগীয়া যে জব্দ কৰা চোৰাং চাউল খিনি অৱশেত শালকোচা উপ- আৰক্ষী চকীৰ  আৰক্ষীয়ে, বিলাসীপাৰা আৰক্ষীৰ হাতত চমজাই দিয়ে। এতিয়া বিলাসীপাৰাৰ আৰক্ষীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ হাতত লয় সেৱা সময়ত লক্ষণীয় হব।

আজি নৱনিৰ্মিত গনেশগুৰি উৰনীয়া সেতু মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

দৈনন্দিন বাৰ্তা সেৱাঃ মহাষষ্ঠীৰ দিনাই মহানগৰবাসীলৈ সুখবৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানিক ভাবে মুকলি কৰিলে নৱ নিৰ্মিত গনেগুৰি উৰণীয়া সেতু খন। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণৰ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন, আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দুৰ্যোগ প্ৰশমন আৰু ৰাজহ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মোহন। নৱ নিৰ্মিত উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৪২৫.৫০ মিটাৰ। এই উৰণীয়া সেতুখন ৰাজ্য চৰকাৰৰ স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত ৫৮.৭৪ কোটি টকা ব্যয় কৰি নিৰ্মান কৰে।

আজি গনেশগুৰিৰ উৰনীয়া সেতু মুকলি অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যবাসীলৈ শাৰদীয দুৰ্গা পূজাৰ শুভকামনা জনায় সকলোকে কোৰোনাৰৰ প্ৰটকল মানি চলা আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৯ খন কৈ ফুট অভাৰ ব্ৰীজ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ এখন এখনকৈ মুকলি কৰা হ’ব জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। ইয়াৰ লগতে মন্ত্ৰী শৰ্মাই নৱেন্বৰৰ ভিতৰত ১১৯ খন চাহ বাগিছাৰ হাইস্কুলৰ কাম আৰম্ভ কৰা হ’ব।

হোজাইত ভাৰত সেৱাশ্রম সংঘৰ বস্ত্ৰ বিতৰণ কাৰ্য্যসূচী

দৈনন্দিন বাৰ্তা, হোজাইঃ দূৰ্গা পূজাৰ সময়ত হোজাইত ভাৰত সেৱাশ্রম সংঘই গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। শাৰদীয় দূৰ্গোৎসৱ উপলক্ষে ভাৰত সেৱাশ্রম সংঘৰ উদ্যোগত হোজাইত বস্ত্ৰ বিতৰন কৰে। সংঘৰ উদ্যোগত হোজাই নবকল্প পাঠশালাৰ সমীপত প্ৰায় ৫০ জন দৰিদ্ৰ লোকক বস্ত্ৰ বিতৰন কৰা হয়। সংঘৰ পৰবৰ্ত্তী কাৰ্য্যসূচীত হোজাইৰ বিষ্ণুপল্লী, বেলতলা আৰু কৃষ্ণনগৰ স্পৰ্টিং ক্লাবতো দিয়া হ’ব বুলি জনায়। বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকে ভাৰত সেৱাশ্রম সংঘ হোজাইৰ অধ্যক্ষ তথা হোজাইৰ ক্ৰীয়া সন্থাৰ সম্পাদক কমল দত্ত, সামাজিক কাৰ্য্যকৰ্ত্তা স্বপন হাজৰা, শিক্ষক নিৰঞ্জন ঘোষ, প্ৰাক্তন শিক্ষকদয় গৌৰাঙ্গ দেবনাথ, অৰুন কুমাৰ সাহাৰ লগতে সংগ দিয়ে সামাজিক কাৰ্য্যকৰ্ত্তা স্বপন চৰকাৰ আৰু সুনিল হাজৰা। পূজাৰ বতৰত আৰ্থিক ভাৱে দূৰ্বল শ্রেনীৰ একাংশ লোকে নতুন বস্ত্ৰ পাই সন্তোষ প্ৰকাশ কৰে। ভাৰত সেৱাশ্রম সংঘৰ উদ্যোগত সামাজিক কাৰ্য্যকৰ্ত্তা সকলে হোজাইত চলোৱা বস্ত্ৰ বিতৰণ কাৰ্য্যকসূচীক হোজাইৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।

নমাজ পৰি থাকোতেই ডবকা সমবায় সমিতিৰ সম্পাদক নজিৰ উদ্দিন লস্কৰৰ মৃত্যু

 দৈনন্দিন বাৰ্তা সেৱা, ডবকাঃ হোজাই জিলাৰ ডবকা সমবায় সমিতিৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী আলহাজ উদ্দিন লস্কৰে কালি দিনৰ প্ৰায় ডেৰ বজাত ৫৩ বছৰ বয়সত আকস্মিক মৃত্যুক সাৱটি লয়৷ খবৰ অনুসৰি লস্কৰে জুহৰৰ নামাজ আদায় কৰিবলৈ ওচৰৰ মছজিদলৈ গৈছিল৷ মছজিদত গৈ নামাজ আদায় কৰি থাকোতে হঠাৎ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ তেখেতক ডবকা চিকিৎসালয়ত লৈ যোৱা হয় যদিও তেখেতে শেষ নিশ্বাস ত্যাগ কৰে৷ চিকিৎসকে সন্দেহ কৰা মতে হৃদ যন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ তেখেতৰ মৃত্যু হৈছে।

প্ৰয়াত নজিৰ উদ্দিন লস্কৰ ডবকাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত থকাৰ লগতে ডবকা সমবায় সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ তেখেত ডবকা গাছতলা কেন্দ্ৰীয় কবৰস্থান পৰিচালনা সমিতিৰ সভাপতি আছিল৷ অতি অমায়িক স্বভাৱৰ সৰবৰহী ব্যক্তি হিচাপে পৰিচিত নজিৰ উদ্দিন লস্কৰে মৃত্যুৰ সময়ত পত্নীৰ লগতে এগৰাকী জীয়ৰী আৰু এজন পুত্ৰৰ লগতে অগণন আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়৷ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে অগণন গুণমুগ্ধৰ সোঁত বয় বাসগৃহত৷

আজি পুৱা ৯ বজাত ডবকা গাছতলা কেন্দ্ৰীয় কবৰস্থানত তেখেতৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। তেখেতৰ মৃত্যুত ডবকা-নীলবাগানৰ বিভিন্ন ব্যক্তি, দল-সংগঠনে শোক প্ৰকাশ কৰিছে৷ আনহাতে ডবকা চাংমাজিৰ মিকিৰ ঘাট বালিকা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সিৰাজ উদ্দিন আহমেদো এদিন পুৰ্বে মৃত্যুক আকোৱালি লোৱাত শোকাস্তাব্দ হৈ পৰে ডবকা।

তেলেংগানাত বানৰ সংহাৰ অব্যাহত, অভিনেতা প্ৰভাসে আগবঢ়াইছে ১.৫০ কোটি টকাৰ অনুদান

দৈনন্দিন বাৰ্তা সেৱাঃ তেলেংগনাৰ বান পৰিস্থিতিয়ে ভয়াবহ ধাৰণ কৰাৰ সময়তে সহায়ৰ বাবে আগবাঢ়ি আহিছে দক্ষিণ ভাৰতীয় অভিনেতা বাহুৱলী খ্যাত প্ৰভাস। প্ৰভাসে তেলেংগনাৰ মুখ্যমন্ত্ৰী সহায় নিধিলৈ আগবঢ়াইছে ১ কোটি ৫০ লাখ টকা। উল্লেখযোগ্য যে প্ৰভাসে কোভিড পৰিস্থিতিটো কেন্দ্ৰ তথা ৰাজ্যিক সহায় পুঁজিলৈ অনুদান আগবঢ়াইছিল ।