Home Blog Page 3281

নাজিৰাৰ ধিতাইপুখুৰী বাকচু কোচ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে উদীতা ঈশানী কাকতীয়ে : ৰামানুজন জুনিয়ৰ কলেজৰ পৰা সপ্তম স্হান লাভ ।

নাজিৰাৰ ধিতাইপুখুৰী বাকচু কোচ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে উদীতা ঈশানী কাকতীয়ে ।

নাজিৰা: নাজিৰাৰ সমীপৰ ধিতাইপুখুৰী বাকচু কোছ গাঁৱৰ ত উখল মাখল পৰিবেশ ৷আজি ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাত অসমৰ ভিতৰত ৰামানুজন জুনিয়ৰ কলেজৰ পৰা পৰীক্ষা দি সপ্তম স্হান লাভ কৰি গৌৰব কঢ়িয়াই আনিছে ৷ বিহু নৃত্য ,সত্ৰীয়া নৃত্যত পাৰ্গত উদীতা ঈশানীয়ে সাফল্যৰ আৰত ককাকৰ সহায়ৰ কথা উল্লেখ কৰে ৷উদীতা ঈশানীয়ে অসমীয়াত ৯৮ ,ইংৰাজীত ৮৭ ,অৰ্থনীতিত ৯৪ ,ৰাজনীতি বিজ্ঞানত ৯৫ ,সমাজতত্বত ৯৫ আৰু শিক্ষাতত্বত ৯১ নম্বৰসহ ৯৩.৮% লাভ কৰে ৷ হাহচৰাৰ ডিমুৱাল বিদ্যাভবনৰ পৰা উচচ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অলপৰ বাবে স্হান লাভৰ পৰা বঞ্চিত উদীতা ঈশানীয়ে এইবাৰ কঠোৰ পৰিশ্ৰম কৰি ৰামানুজনৰ পৰা স্হান কৰিবলৈ সক্ষম হয় ৷ ককাক আৰু মাতৃৰ প্ৰেৰণাত ,ফেচবুকহীন ভাবে একাগ্ৰতাৰে পঢ়ি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আজি উদীতা ঈশানীৰ ঘৰত বহু ৰাইজ উপস্থিত হৈ শুভেচ্ছা জনায় ।

দিখৌ নদীৰ বাঢ়নি পানীত সলিল সমাধি ঘটা দুটা পৰিয়ালক ৪ লাখ টকাকৈ সাহাৰ্য ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ।

নাজিৰা : দিখৌ নদীৰ বাঢ়নি পানীত সলিল সমাধি ঘটা শিৱসাগৰ জিলাৰ দুটা পৰিয়ালক ৪ লাখ টকাকৈ অৰ্থ সাহাৰ্য আগবঢ়াইছে অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহনে দিখৌ নদীৰ বানত প্ৰাণ হেৰুওৱা শিৱসাগৰ জিলাৰ দুয়োগৰাকী লোকৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সহাৰি পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰে। উল্লেখযোগ্য যে, যোৱা ২২ জুনত নাজিৰা মহকুমাৰ ১৫৯ নং চণ্টক গ্ৰাণ্ট গাঁৱৰ নিবাসী নন্দন নাথৰ পুত্ৰ সুনীল নাথ(২২) আৰু বকতা মৈৰামৰা গাঁৱৰ ঘন স্বৰ্ণকাৰৰ পুত্ৰ ৰাতুল স্বৰ্ণকাৰ (৩৭) দিখৌ নদীৰ বাঢ়নী পানীৰ কবলত পৰি সলিল সমাধি ঘটে। চলিত বানত দুৰ্ভাগ্যজনক ভাৱে প্ৰাণ হেৰুওৱা দুয়োগৰাকী লোকৰ ঘৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ সময়ত নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামী, নাজিৰা ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোৱৰ, শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া ৰূপম বৰা, বিজেপি দলৰ নেতা ভৱেন মহন, জিলা সভানেত্ৰী সুৰভী ৰাজকুমাৰী, জিলা বিজেপিৰ উপ-সভাপতি ডাঃ প্ৰৱীণ কুমাৰ কোৱৰ, বিজিত গগৈ, বেণু শৰ্মা আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান মনিৰুলে দখল কৰিলে অষ্টম স্থান ৷ উৎফুল্লিত পৰিয়াল, অঞ্চলবাসী ৷

মনিৰুল ইছলামে এইবেলি বিজ্ঞান শাখাত ৪৭৫ নম্বৰ লৈ ৰাজ্যৰ ভিতৰত অষ্টম স্থান লাভ কৰি গৰৈমাৰী অঞ্চলৰ সুনাম কঢ়ুৃিয়াই আনিবলৈ সক্ষম হৈছে ৷

গৰৈমাৰী : আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দক্ষিণ কামৰূপ জিলাৰ গৰৈমাৰীৰ নাম উজলালে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই ৷ পিতৃ আমিৰ হামজায় পাচলি বিক্ৰী কৰি দুখ কষ্টৰ মাজেৰে সু-পুত্ৰ মনিৰুল ইছলামক শিক্ষাদান কৰোৱাইছিল নগাঁৱৰ ৰামানুজন কণিষ্ট মহাবিদ্যালয়ত ৷ মহাবিদ্যালখনৰ পৰা গৰৈমাৰী এলেকাধীন মহিমাৰী গাঁৱৰ  মনিৰুল ইছলামে এইবেলি বিজ্ঞান শাখাত ৪৭৫ নম্বৰ লৈ ৰাজ্যৰ ভিতৰত অষ্টম স্থান লাভ কৰি গৰৈমাৰী অঞ্চলৰ সুনাম কঢ়ুৃিয়াই আনিবলৈ সক্ষম হৈছে৷ খবৰ পোৱা মাত্ৰই গৰৈমাৰী কালাতলী সোণতলী চমুকৈ জিকেএছ প্ৰেছ ক্লাৱৰ কৰ্ম-কৰ্তা সকলে অতিকৈ দূৰ্গম বোকা বাট-পথ নেওচি মনিৰুলৰ ঘৰত উপস্থিত হৈ পৰিয়াবৰ্গক শুভেচ্ছা জনাই প্ৰেছ ক্লাৱৰ সম্পাদক নুৰুল ইছলামে ৷ উল্লেখ্য যে, মেধাৱী ছাত্ৰ মনিৰুল ইছলাম বিজ্ঞান বিভাগত ছয়গাঁৱৰ গৰৈমাৰী অঞ্চলত প্ৰথমজন স্থানপ্ৰাপ্ত হোৱা হেতুকে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গৰৈমাৰীবাসী ৷

নাজিৰাৰ ধিতাইপুখুৰীৰ প্ৰিয়াক্ষী বৰাই নগাঁৱৰ ৰামানুজ জুনিয়ৰ কলেজৰ পৰা কলা শাখাত তৃতীয় স্হান লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে ৷

কলা শাখাত ধিতাইপুখুৰী অঞ্চলৰ প্ৰিয়াক্ষী বৰাই নগাঁৱৰ ৰামানুজম জুনিয়ৰ কলেজৰ পৰা অসমৰ ভিতৰত তৃতীয় স্হান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

নাজিৰা: আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক কলা শাখাত ধিতাইপুখুৰী অঞ্চলৰ প্ৰিয়াক্ষী বৰাই নগাঁৱৰ ৰামানুজম জুনিয়ৰ কলেজৰ পৰা অসমৰ ভিতৰত তৃতীয় স্হান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷অএনজিচিৰ অবসৰপ্ৰাপ্ত কৰ্মচাৰী জীবন বৰা আৰু ভাৰতী বৰাৰ একমাত্ৰ কন্যা প্ৰিয়াক্ষীৰ সাফল্যই অঞ্চলবাসীয় আনন্দিত হৈ পৰিছে ৷প্ৰিয়াক্ষীয়ে অসমীয়াত ৯৮ ,ইংৰাজীত ৯১ ,অৰ্থনীতিত ৯৪ ,ৰাজনীতি বিজ্ঞানত ৯৫ ,ভৃগোলত ৯৪ আৰ শিক্ষাতত্বত ৯৫ শতাংশ নম্বৰ সহ মুঠ ৯৪.৬% লাভ কৰে ৷ ডিমুৱাল বিদ্যাভবনৰ পৰা ৰামানুজমত অধ্যয়ন কৰা মেধাবী ছাত্ৰীগৰাকীয়ে আজি সাংবাদিকৰ আগত কয় সফলতাৰ বাবে মনোযোগেৰে ,একাগ্ৰতাৰে অধ্যয়ন কৰা আবশ্যক ৷ পিতৃ-মাতৃৰ লগতে শিক্ষক সকলক নিজৰ কৃতিত্বৰ বাবে  প্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰি প্ৰিয়াক্ষীয়ে ভবিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ  সপোন পুহি ৰাখিছে ৷ দৈনিক পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰিয়াক্ষীয়ে মবাইলত ব্যস্ত হোৱাৰ পৰিবৰ্তে পঢ়াতহে গুৰুত্ব দিছিল ।

চীনৰ দখলত নেপালৰ গাঁও : আঁতৰাই দিলে সীমান্তৰ খুঁটা ।

দৈনন্দিন বাৰ্তা ডেস্ক :

চীনে নেপালৰ এখন গাঁও নিজৰ দখললৈ নিছে৷ লগতে দেশখনে সীমান্তত থকা খুঁটাবোৰ আঁতৰাই দিছে৷ মঙলবাৰে নেপালৰ শীৰ্ষ পৰ্যায়ৰ এক সূত্ৰত এই কথা জানিব পৰা গৈছে৷ ইয়াৰ পৰা এইটো প্ৰতিয়মান হয় যে চীনে ক্ৰমান্বয়ে নেপালৰ বিভিন্ন এলেকাত পথ নিৰ্মাণৰ বাবে নিজৰ নিয়ন্ত্ৰণলৈ নি আছে৷ শেহতীয়াকৈ নেপালৰ গুৰখা জিলাৰ ৰুই গাঁওখন চীনৰ নিয়ন্ত্ৰণলৈ নিছে৷ এই গাঁওখনত প্ৰায় ৭২টা পৰিয়াল আছে৷ তেওঁলোকৰ নিজস্ব পৰিচয় আছে৷ এইটোৰ পৰা দেখা যায় যে নেপালে সাম্প্ৰতি চীনৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু ইয়াৰ লগতে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি আছে৷ এই ৰুই গাঁওখনৰ উপৰি চীনে নেপালৰ এঘাৰখন ঠাই দখল কৰিছে৷ নেপাল সীমান্তৰ চাৰিখন জিলাৰ প্ৰায় ৩৬ একৰ ভূমি দখল কৰিছে৷ ইয়াৰ পাছতো নেপাল চৰকাৰে এটাও মাত মতা নাই বুলি প্ৰকাশ৷ উল্লেখ্য যে এক সুনিয়মেৰে ৰুই গাঁওখন যোৱা৷ চীনে দুবছৰ ধৰি নিজৰ হাতলৈ নি আছে৷ ইয়াৰ লগে লগে গাঁওবাসীয়ে মেপলৈ আঙুলিয়াই দিছে৷ মন কৰিব লগা যে নেপাল হ’ল এখন হিমালয়ৰ ৰাষ্ট্ৰ৷ ইয়াৰ বাসিন্দাসকলে সদায় দেশখনৰ নাগৰিক হিচাপে পৰিচয় দি আছে৷

বিলুপ্তিৰ পথত পুতলা থিয়েটাৰ : জীৱিকাৰ বিকল্প পথৰ সন্ধানত পুতলা থিয়েটাৰৰ লগত জড়িত শিল্পী – কলা-কুশলী।

বিলুপ্তিৰ পথত পুতলা থিয়েটাৰ

নগাঁও : অসমৰ সংস্কৃতিৰ পথাৰত এসময়ত ৰাইজৰ অকুণ্ঠ সহাঁৰি লাভ কৰা ভ্ৰাম্যমান পুতলা থিয়েটাৰ সম্প্ৰতি অতীত হোৱাৰ পথত। যোৱা শতিকাৰ  আশী আৰু নব্বৈ দশকত মধ্য অসমত জনপ্ৰিয় হৈ পৰিছিল ভ্ৰাম্যমান পুতলা থিয়েটাৰ। লোক কৃষ্টিৰ অন্যতম অংগ স্বৰূপ পুতলা অভিনয়ক সাৰথি কৰি একাংশ সংস্কৃতিবান লোকে নগাঁও জিলাৰ পশ্চিম অঞ্চলত জন্ম দিছিল এই পুতলা থিয়েটাৰ। আনহাতে  পৰম্পৰাগত  পুতলা থিয়েটাৰক সংস্কৃতিৰ পথাৰত জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে নগাঁৱৰ কাকমাৰী  ৰাজু বৰাই।  কাকমাৰী গাঁৱত ৰাজু বৰাৰ প্ৰচেষ্টাত  অংকুৰণ ঘটিছিল ‘ৰূপালীম পুতলা থিয়েটাৰ’। পৌৰাণিক আখ্যান,  আধ্যাত্মিক দৰ্শন,  ইতিহাস সমৃদ্ধ ঘটনা প্ৰৱাহ, আধুনিক প্ৰেমৰ মনোৰম কাহিনীকে ধৰি পুতলাৰ জৰিয়তে পৰিবেশন কৰা মঞ্চ অভিনয়ক দৰ্শকে বিনোদনৰ এক উৎস হিচাপে এই ভ্ৰাম্যমান পুতলা থিয়েটাৰক আঁকোৱালি লয়। পৰিবৰ্তিত সময়ত  কাকমাৰীৰ ৰাজু বৰাই এই পুৰণি কলা বিধক  ধৰি ৰখাৰ প্ৰয়াস কৰিছে যদিও বৰ্তমান  প্ৰযুক্তি বিদ্যাৰ খৰটকীয়া গতিৰ লগত খাপ খাই চলিবলৈ অসমৰ্থ হৈ পৰিছে। ফলস্বৰূপে আৰ্থিক সংকটৰ সন্মুখীন হৈছে পুতলা থিয়েটাৰ উদ্যোগ । অনাদৃত হৈ পৰিছে পুতলা সমূহৰ লগতে থিয়েটাৰত ৱ্যৱহৃত সা-সৰঞ্জাম। এই পুতলা থিয়েটাৰত কৰ্মৰত কলা কুশলীসকলৰো জীৱনৰ পথ অনিশ্চয়তাৰ ফালে গতি কৰিছে। এই লোক সংস্কৃতি জীয়াই ৰখাৰ বাবে চৰকাৰী পক্ষই যদি ব্যৱস্থা গ্রহণ নকৰে তেন্তে এই বিধ লোককৃষ্টি লুপ্ত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। চলিত বর্ষত বিশেষকৈ  কৰ’ণা মহামাৰীৰ বাবে হোৱা লকডাউনে বাৰুকৈয়ে  ক্ষতিগ্ৰস্ত কৰিলে এই পুতলা সংস্কৃতিক। ইপিনে এই সংস্কৃতিৰ অৱনতি ঘটাৰ লগে লগে নাট্যকাৰ,  পৰিচালক তথা ৰূপালীম পুতলা থিয়েটাৰৰ  ব্যৱস্হাপক ৰাজু বৰাই জীৱন নিৰ্বাহৰ  আন বিকল্প পথৰ সন্ধানত নামি পৰে। নিজ ঘৰতে তেওঁ বিজ্ঞান সন্মতভাৱে টাৰ্কি,  ব্লেক চিকেন, ইণ্ডিয়ান ৰাণাৰ, হোৱাইট টেকিঙকে ধৰি প্ৰায় ১৫ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই পোহপালেৰে ব্যৱসায় আৰম্ভ কৰাৰ লগতে বায়’ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে। বৰাৰ এই ফাৰ্মত কৰ্ম কৰি পৰিয়াল পোহপাল দি আহিছে দুই তিনিটিকৈ পৰিয়ালে।  ৰাজু বৰাৰ এই স্বাৱলম্বীতাক শলাগ লৈছে অঞ্চলৰ ৰাইজে। ইপিনে  পক্ষী পালন আৰু মৎস্য পালনেৰে জীৱিকাৰ পথ উলিয়ালেও ৰূপালীম পুতলা থিয়েটাৰক পুনৰ  উজ্জীৱিত কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞ সাংস্কৃতিবান যুৱক ৰাজু বৰা। এই ক্ষেত্ৰখনত তেওঁ চৰকাৰৰ পোষকতা কামনা কৰিছে।

ভকতপাৰাত প্ৰাৰ্থীৰ ঘৰতেই উদ্বোধনী সভা । মুদৈবড়ী সমষ্টি দখলৰ হুংকাৰ গণ সুৰক্ষাৰ ।

মঙলদৈ : মহামাৰীৰ বাবে বিটিএডিত পৰিষদীয় নিৰ্বাচন স্থগিত কৰা হৈছে যদিও প্ৰচাৰত কোনো প্ৰভাৱ পেলোৱা নাই এই মহামাৰীয়ে৷ আজি দৰং আৰু ওদালগুৰি জিলাৰ সীমামূৰীয়া ভকতপাৰাত ৩৫ নং মুদৈবড়ী সমষ্টিৰ গন সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী নৰেন চন্দ্ৰ ডেকাৰ প্ৰচাৰৰ এক বিশেষ কাৰ্য্যসুচী মুকলি কৰা হয়৷ এই কাৰ্য্যসুচীত দলটোৰ কেন্দ্ৰীয় বিষয়ববীয়া বজেন মহন্ত ওদালগুৰি জিলাৰ সভাপতি যাদৱ শইকীয়া,মছলিম পাৰ্চনেল ল’ বোডৰ অধ্যক্ষ মকিবৰ ৰহমান সহ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷ লক্ষ্যণীয় যে মুদৈবড়ী সমষ্টিৰ প্ৰত্যেকখন গাৱৰ ক্ৰমেও দুজনকৈ সদস্য ভাগ লোৱা এই সভাত পহিলা জুলাইৰ পৰা দলীয় প্ৰাৰ্থীৰ হৈ ঘৰে ঘৰে প্ৰচাৰ কাৰ্য চলাব৷ দলটোৱে অতিক্ৰমেও ২৮ হাজাৰ ভোটৰ কাৰণে বিজেপি বিপিএফসহ ৬ প্ৰাৰ্থীৰ বিৰুদ্ধে যুজ দিব৷ ঘৰে ঘৰে চলাব লগীয়া প্ৰচাৰ কাৰ্যসুচী মুকলি কৰি কংগ্ৰেছ দলৰ নেত্ৰী তথা গনসুৰক্ষাৰ শুভাকাংশী হেমপ্ৰভা দেৱীয়ে কয় যে আগন্তুক নিৰ্বাচনত বিজেপি বিপিএফক এসেকা দিব মুদৈবড়ী পৰিষদীয় সমষ্টিত৷ নৱ প্ৰজন্মক ৰাজনৈতিক পৰিবৰ্তন যোগে গণ সুৰক্ষাই স্বাবলম্বী কৰি তুলিব৷ সভাত মুছলিম পাৰ্চনেল ল’ বোডৰ অধ্যক্ষই কয় যে বিজেপি, বিপিএফ যিমান বিপদজনক তাতকৈ বেছি বিপদজনক হৈছে ইউপিপিএল৷ বিগত ১৭ বছৰে বিপিএফ দলে লুণ্ঠন চলোৱাৰো তেওঁ অভিযোগ কৰে৷ কাৰ্য্যসুযীত অংশ লৈ অবড়ো সুৰক্ষা সমিতিৰ বিষয়ববীয়া বজেন মহন্তই আগন্তুক নিৰ্বাচনত বিপিএফ দলক পৰাস্ত কৰি ইয়াৰে নেতা সকলক তিহাৰ জেললৈ প্ৰেৰন কৰিব বুলি হুমকি দিয়ে৷ 

এদিনতে ভাৰতত ক’ৰোণাত আক্ৰান্ত ১৭ হাজাৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক :

আনলক আৰম্ভ হোৱাৰ পাছত দেশত ক’ৰোণা সংক্ৰমণ অভিলেখ সংখ্যক বৃদ্ধি পাইছে৷ বৃহস্পতিবাৰেও এই কথা প্ৰতিপন্ন কৰিলে৷ মাজতে দুটা দিন সংক্ৰমণ কমিলেও বৃহস্পতিবাৰৰ তথ্য মতে ১৭ হাজাৰ লোকলৈ ক’ৰোণা সংক্ৰমিত হয়৷ বৃহস্পতিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশত ১৬৯২২ জন ক’ৰোণাত আক্ৰান্ত হৈছে৷ ফলত মুঠ আক্ৰান্তৰ সংখ্যা  হ’ল ৪৭৩১০৫ জন৷ ইয়াৰ মাজতে ২৭১৬৯৭ জন লোক সুস্থ হৈ ঘৰলৈ ঘুৰি গৈছে৷ এতিয়া দেশত চিকিৎসাধীনৰ সংখ্যা হ’ল ১৮৬৫১৪ জন৷ ক’ৰোণা সংক্ৰমণৰ হিচাপত এতিয়াও চতুৰ্থ স্থানত আছে ভাৰত৷ কেৱল আমেৰিকা, ব্ৰাজিল আৰু ৰাছিয়া আছে ভাৰতৰ ওপৰত৷ ইয়াৰ ভিতৰত ৰাছিয়াত ভাৰততকৈ সংক্ৰমণ বহু বেছি৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত ক’ৰোণাত ৪১৮ জনৰ মৃত্যু হয়৷ ফলত ভাৰতত মুঠ মৃত্যুৰ সংখ্যা ১৪৮৯৪ জন হ’লগৈ৷ আনহাতে যোৱা ২৪ ঘণ্টাত দেশত ২৭৮৭১ জন লোকৰ ক’ৰোণা পৰীক্ষা কৰা হৈছে৷ এই পৰ্যন্ত দেশত ৭৫৬০৭৮২ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷

দৰিদ্ৰতাক নেওচি বিজ্ঞান শাখাত অষ্টম স্থানত উজ্জ্বলিল নামতিৰ পিতৃহীনা দৰিদ্ৰ হিমাঞ্জলী বুঢ়াগোঁহাই : ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন ।

৪৭৫ নম্বৰ লাভেৰে অসমৰ শীৰ্ষৰ অষ্টম স্থান অধিকাৰ কৰি নাজিৰা মহকুমা তথা নামতিলৈ গৌৰৱ কঢ়িয়াই আনিলে হিমাঞ্জলী বুঢ়াগোঁহাইয়ে |

নাজিৰা : একাগ্ৰতাৰে অধ্যয়ন কৰিলে দৰিদ্ৰতাও যে হেঙাৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে নাজিৰা মহকুমাৰ নামতিৰ হিমাঞ্জলী বুঢ়াগোহাঁয়ে। আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৪৭৫ নম্বৰ লাভেৰে অসমৰ শীৰ্ষৰ অষ্টম স্থান অধিকাৰ কৰি নাজিৰা মহকুমা তথা নামতিলৈ গৌৰৱ কঢ়িয়াই আনিলে পিতৃহীনা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী হিমাঞ্জলী বুঢ়াগোঁহাইয়ে | নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী হিমাঞ্জলী বুঢ়াগোঁহাইৰ সাফল্যত এতিয়া সমগ্ৰ শিৱসাগৰ জিলাতে আনন্দৰ বন্যা বৈছে | প্ৰয়াত কমল বুঢ়াগোঁহাইৰ আৰু মনিমালা বুঢ়াগোঁহাইৰ জ্যেষ্ঠা কন্যা হিমাঞ্জলী বুঢ়াগোঁহাইৰ সৰুৰে পৰা তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰী আছিল| বিশেষভাৱে সক্ষম বৰদেউতাক মন্টুৰঞ্জন বুঢ়াগোঁহাইৰ লগত থাকি অভাৱৰ মাজেৰে অধ্যয়ন কৰি অতি দাৰিদ্ৰতাৰে জীৱন নিৰ্বাহ কৰা ছাত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ডিষ্টিংচন লাভ কৰিছিল | আনহাতে পিতৃহীনা অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী হিমাঞ্জলীয়ে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে মনত |

কলিয়াবৰৰ পৰা দুগৰাকী ছাত্ৰীৰ সফলতা : কলা শাখাত সপ্তম স্থানত প্ৰিয়াংসী গোস্বামী আৰু নম্ৰতা বৰুৱা নৱম স্থানত । বিদ‍্যালয়ৰ খৰচত পঢ়া প্ৰিয়াংসীৰ সপ্তম স্থান দখলৰে গুৰু দক্ষিণা ।

কলা শাখাত সপ্তম স্থানত প্ৰিয়াংসী গোস্বামী আৰু নম্ৰতা বৰুৱা নৱম স্থানত ।

কলিয়াবৰ :

দুই কণ‍্যাই কলিয়াবৰলৈ কঢ়িয়াই আনিলে গৌৰৱ। আজি ঘোষিত হয় উচ্চতৰ মাধ‍্যমিক চুড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ‍্যৰ তিনিওটা শাখাৰ ফলাফল। নগাঁৱৰ ৰেনেছাঁ কণিষ্ঠ মহাবিদ‍্যালয়ৰ পৰা কলা শাখাত প্ৰিয়াংসী গোস্বামীয়ে সপ্তম স্থা আৰু ৰামানুজন জুনিঅৰ কলেজৰ পৰা নম্ৰতা বৰুৱাই নৱম স্থান দখল কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনে। আজি ঘোষণা কৰা উচ্চতৰ মাধ‍্যমিক চুড়ান্ত পৰীক্ষা ফলাফলত কলিয়াবৰৰ প্ৰিয়াংসী গোস্বামীয়ে কলা শাখাত মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৬৯ নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰাৰ বিপৰীতে নম্ৰতা বৰুৱাই নৱম স্থান কৰে। মুঠ ৫০০ নম্বৰৰ ভিতৰত নম্ৰতাই লাভ কৰে ৪৬৭ নম্বৰ। কলিয়াবৰৰ শান্তিপুৰৰ নিবাসী অনিল গোস্বামী আৰু পপী গোস্বামীৰ কণ‍্যা প্ৰিয়াংসীয়ে ভৱিষ‍্যতে অধ‍্যাপক হোৱাৰ হেঁপাহ পুহি ৰাখিছে। উল্লেখযোগ‍্য যে, প্ৰিয়াংসীয়ে উচ্চ মাধ‍্যমিক শিক্ষান্ত পৰীক্ষাত শিশু বিদ‍্যপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ পৰা ষ্টাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। স্নাতক শাখাত ভূগোল বিষয়ক গুৰু বিষয় হিচাবে লৈ নগাঁও মহাবিদ‍্যালয়ত পঢ়াৰ সিদ্ধান্ত লোৱা প্ৰিয়াংসীয়ে একাগ্ৰতা আৰু নিজ যত্নৰ বলত শিক্ষক আৰু পিতৃ-মাতৃৰ আশীৰ্বাদত এই সফলতা লাভ কৰিছে বুলি জনাই। আনহাতে, কণ‍্যাৰ এই সাফল‍্যত উৎফুল্লিত পিতৃয়ে আৰ্থিক সমস‍্যাৰ লগত যুঁজ দি কণ‍্যাই কৰা চেষ্টাৰ ফলত আজিৰ এই সফলতা লাভ কৰিছে। মহাবিদ‍্যালয়ৰ তৰফৰ পৰা সম্পূৰ্ণ পঢ়া খৰচ ব‍্যয় কৰা ৰেনেছাঁ কণিষ্ঠ মহাবিদ‍্যলয়ৰ শিক্ষকসকল প্ৰিয়াংসীয়ে এনে এক ফলাফল দেখুৱাব বুলি আশা কৰিছিল। কলিয়াবৰৰ জখলাবন্ধাৰ নিবাসী সীমান্ত বৰুৱা আৰু ৰীতা বৰুৱাৰ কণ‍্যা নম্ৰতাই শিক্ষা বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ ৯৯ শতাংশ লাভ কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনে।