Home Blog Page 3288

চীনক ভয় কৰাৰ কোনো কাৰণ নাই : ভাৰতৰ হাতত আছে ৭ শক্তিশালী অস্ত্ৰ ।

ভাৰত আৰু চীন দুয়োখনেই পৰমাণু শক্তিধৰ দেশ৷ যদি যুদ্ধ হয় তেনে দুয়োখন দেশৰে বৃহৎ ক্ষতি হ’ব৷ আধুনিক পৃথিৱীত যুদ্ধৰ সম্ভাৱনা কম৷ কিন্তু কোনো কোনো সময়ত সম্ভাৱনা নথকাও নহয়৷ সীমান্ত বিবাদৰ ফলত চীনে উচতাই আছে ভাৰতক৷ ইয়াৰ লগতে সাৱধানবাণীও শুনাই আছে চীন প্ৰশাসনে৷ লাডাখৰ গালৱান উপত্যকাত উত্তেজনা হ্ৰাস পোৱাৰ লক্ষণ কম৷ এফালে চীনে সেনা বঢ়াই তুলিছে৷ আনফালে ভাৰতো ৰৈ থকা নাই৷ ভাৰতৰ বৃদ্ধি হৈছে সামৰিক শক্তি৷ নিজৰ অস্ত্ৰভাণ্ডাৰ সুসজ্জিত কৰি তুলিছে ভাৰতে৷ সেয়ে চীনক ভয় কৰাৰ কোনো কাৰণ নাই ভাৰতৰ৷ ভাৰতৰ হাতত আছে শক্তিশালী অস্ত্র ৷ উল্লেখ্য যে ভাৰতৰ হাতত আছে সাতটাকৈ শক্তিশালী মিছাইল৷ ইয়াৰ ভিতৰত

* অগ্নি ছিৰিজ- এটা প্লাষ্টিক মিছাইল৷ অগ্নি ১ৰ লক্ষ্যভেদৰ দূৰত্ব ৭০০ কিলোমিটাৰ পৰ্যন্ত৷ অগ্নি ২ৰ দুহেজাৰ কিলোমিটাৰ৷ অগ্নি ৩ৰ তিনি হাজাৰ কিলোমিটাৰ৷ আনহাতে অগ্নি ৪ আৰু ৫ৰ ৫০০০ কিলোমিটাৰ পৰ্যন্ত৷ ইয়াৰ মাজত অগ্নি ৬ মিছাইল নিৰ্মাণ কৰাৰ আৰম্ভ কৰিছে ভাৰতে৷ এই মিছাইলে ১২ হাজাৰ কিলোমিটাৰ দূৰত্বত আঘাত কৰিব পাৰিব৷

* পৃথ্বী ছিৰিজ- ভাৰতৰ প্ৰথম দেশীয় মিছাইল পৃথ্বী ৷ ২৫০ৰ পৰা ৩০০ কিলোমিটাৰ পৰ্যন্ত শত্ৰুপক্ষকৰ যিকোনো বস্তুকে ধ্বংস কৰিবলৈ সক্ষম পৃথ্বী ১ আৰু ২৷ পৃথ্বী ৩ য়ে ৫০০ কিলোমিটাৰ পৰ্যন্ত আঘাত কৰিব পাৰে৷

* ব্ৰাহ্মছ- ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত তৈয়াৰ কৰা হৈছে ব্ৰাহ্মছ ৷ ভাৰতৰ নদ ব্রহ্মপুত্র আৰু ৰাছিয়াৰ নদী মস্কোভাৰ নাম অনুসৰি এই মিছাইলৰ নাম ৰখা হৈছে৷ মাটি, আকাশ, পানী আৰু ছাবমেৰিণ- এই চাৰি ঠাইৰ পৰাই ইয়াক নিক্ষেপ কৰিব পাৰি ৷ ২০০ৰ পৰা ৩০০ কিলোমিটাৰ পৰ্যন্ত অতিক্ৰম কৰি শত্ৰুপক্ষৰ শিবিৰ ধ্বংস কৰিব পাৰে এই মিছাইলে৷

* নির্ভয়- দীৰ্ঘ দূৰত্বৰ মিছাইল৷ হাজাৰৰো বেছি দূৰত্বত থকা শত্ৰুপক্ষৰ শিবিৰত আঘাত হানিব পৰা মিছাইল৷ যিকোনো ঠাইৰ পৰাই কাৰ্যকৰী হৈ উঠিব পাৰে এই মিছাইল৷

* নাগ – এণ্টি টেংক মিছাইল৷ নাগ নিৰ্মাণ কৰিছে ডিআৰডিঅ’ই ৷

* ধনুছ- জল আৰু স্থল, দুয়ো ঠাইতে আঘাত কৰিব পাৰে৷ এই মিছাইল ৫০০ কিলোমিটাৰ পৰ্যন্ত গৈ কোনো বস্তু ধ্বংস কৰিব পাৰে ৷

* প্ৰহাৰ- ১৫০ কিলোমিটাৰ পৰ্যন্ত যি কোনো বস্তু ধ্বংস কৰিব পাৰে এই মিছাইলে ৷

নগাঁৱৰ দুই স্বাস্থ্যকৰ্মীৰ লগতে সামৰিক বাহিনীৰ জোৱানৰ দেহত কোভিড-১৯ পজিটিভ : স্বাস্থ্যকৰ্মীৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰি : নগাঁৱত হাহাকাৰ ।

নগাঁও :

নগাঁও জিলাত কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা চাৰি শতাধিক অতিক্রম কৰাৰ সময়তে নগাঁৱৰ দুজন স্বাস্থ্য কৰ্মীৰ দেহত একেদিনাই কোভিড-১৯ চিনাক্ত হোৱাত জিলাখনৰ জনসাধাৰণ  শংকিত হৈ পৰিছে। বিশেষকৈ কোভিড-১৯ আক্রান্ত স্বাস্থ্যকৰ্মী দুগৰাকীৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰি নথকাত জিলাখনত কোভিডৰ  গন সংক্ৰমণৰ আশাংকা কৰা হৈছে।  কোভিড-১৯ পজিটিভ হোৱা এজন ৰোগী হৈছে- চৰকাৰৰ আয়ুস্মান ভাৰত আঁচনিত কৰ্মৰত আৰোগ্য মিত্ৰ নগাঁৱৰ চকলাঘাট চাউলখোৱাৰ কংকন মূদৈ (৩৫) । যুৱকজন ৩১ মে’ লৈকে নগাঁও চহৰৰ ধিং গেটৰ ডিউ কেয়াৰ নামৰ নাৰ্চিং হ’ম খনৰ আয়ুস্মান শাখাত কৰ্মৰত আছিল। পৰৱর্তী সময়ত তেওঁ হ’ম কোৱাৰেণ্টাইনত থকা বুলি জানিব পৰা গৈছে । যকৃতৰ ৰোগত আক্রান্ত যুৱকজনৰ শেহতীয়া ভাবে জ্বৰ হোৱাত নগাঁও চহৰৰ শংকৰ মন্দিৰ পথৰ এখন ফাৰ্মাচীত চিকিৎসকক দেখুৱাই ঘৰলৈ উভটি যায়। আনহাতে ১৫ জুনত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত  কংকন মূদৈৰ স্বোৱাব পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হয় । কালি যুৱকজনৰ অসুস্থতা বৃদ্ধি পোৱাত পৰিয়ালৰ লোকে  নগাঁও চহৰৰ হয়বৰগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জি ডি হস্পিতালত ভৰ্তি কৰায়। ইপিনে যুৱকজনৰ অসুস্থতা বাঢ়ি যোৱাত কালিয়েই নাৰ্চিংহ’ম খনৰ আই চি ইউত ভৰ্তি কৰোৱা হয়।  আজি  কংকন মূদৈৰ কোভিড পৰীক্ষাৰ ফলাফল আহে আৰু ফলাফল পজিটিভ হয় । এই খৱৰ লাভ কৰাৰ পিছতে যুৱকজন চিকিৎসাধীন হৈ থকা জি ডি নাৰ্চিং হ’মৰ চিকিৎসক, কৰ্মচাৰী আৰু ৰোগীৰ মাজত হাঁহাকাৰ লাগে। ইতিমধ্যে প্ৰশাসনে নাৰ্চিং হ’মখনৰ আই চি ইউ কক্ষটোত আন ৰোগীৰ প্ৰৱেশ নিষিদ্ধ কৰে। আনহাতে কোভিড-১৯ চিনাক্ত হোৱা নগাঁৱৰ আনগৰাকী স্বাস্থ্য কৰ্মী হৈছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অস্থায়ী ভিত্তিত কৰ্মৰত গীতাঞ্জলি দেউৰী। গীতাঞ্জলিৰ ঘৰ মৰিগাঁও জিলাত। নগাঁও চহৰৰ দাঁতি কাষৰীয়া উজৰাগাঁও মডেল হস্পিতালত কোভিড চিকিৎসালয়ত আৰম্ভণিৰ পৰা কৰ্তব্য পালন কৰা চিকিৎসা কৰ্মী গৰাকী এসপ্তাহ কোৱাৰেণ্টাইনত  আছিল। স্বাস্থ্য কৰ্মী গৰাকীৰ শেহতীয়া ভাবে জ্বৰ হোৱাত তেওঁৰ ‘স্বোৱাব’ পৰীক্ষা কৰা হয়। এই পৰীক্ষাত তেওঁৰ দেহত কোভিড-১৯ চিনাক্ত হয়। আজি স্বাস্থ্য কৰ্মী গৰাকীক নগাঁৱৰ কোভিড চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। ইপিনে এই স্বাস্থ্য কৰ্মী দুগৰাকী কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল তাক লৈ উৎকন্ঠাৰ সৃষ্টি হৈছে। বিশেষকৈ কোভিড আক্ৰান্ত কংকন মূদৈৰ সংস্পৰ্শলৈ অহা চিকিৎসকৰ পৰা স্বাস্হ্যকৰ্মীলৈকে তালিকা দীঘলীয়া। স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি ৰোগীজনৰ সংস্পৰ্শলৈ অহা বহুলোক কোৱাৰেন্টাইনত থাকিব লাগিব। ইপিনে বিনা নিযুক্তি পত্ৰ তথা নুন্যতম বেতনৰে কৰ্তব্যত নিয়োজিত আয়ুস্মান ভাৰত অভিযানৰ আৰোগ্য মিত্ৰ সকলৰ মাজৰে কংকন মুদৈ কোভিদ -১৯ ত আক্ৰান্ত হোৱাৰ লগে লগে তেওঁৰ সৈতে একলগে কৰ্মৰত  আৰোগ্য মিত্ৰৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।ইতিমধ্যে কংকন মূদৈৰ কৰোনা পজিটিভ খবৰ বিয়পি পৰাৰ লগে লগে চকলাঘাট চাউলখোৱাৰ অঞ্চলৰ ৰাইজৰ মাজত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনে কংকন মূদৈৰ বাসগৃহ থকা চাউলখোৱা অঞ্চলটো কন্টেইমেন জ’ন ঘোষণা কৰিছে।লগতে নগাঁও জি ডি হস্পিটাল,ভাস্কৰ লেৱ,পেনেছিয়া নামৰ ক্লিনিক খনৰ কাম কাজ সাময়িক ভাবে স্হগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। একেদৰে যোৱা ১৪ জুনত ডেৰাদুনৰ পৰা বিমানেৰে অসমলৈ ঘূৰি অহা চকলাঘাট খোৰামোচৰ   সামৰিক বাহিনীত কৰ্মৰত বিকি বৰা নামৰ ৩২ বছৰীয়া জোৱানজনৰো ক’ৰ’না পজিটিভ বুলি ফলাফল আহিছে ৷ জানিবপৰা মতে তেওঁ কোৱাৰেন্টাইনত আছিল ৷ নগাঁও জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। বহিঃৰাজ্যত আৱদ্ধ নগাঁৱৰ লোকসকলৰ নগাঁৱলৈ আগমন ঘটাৰ পিছৰে পৰাই জিলাখনত ক্ৰমশঃ কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কালি নিশা আৰু আজি দিনটোৰ ভিতৰত নতুনকৈ ১০ জন লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে। ইয়াৰে যোৱা নিশা ৪ জন আৰু আজি ৬ আক্রান্ত হোৱাটো নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে। ইয়াকে লৈ জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪০৯ জনলৈ বৃদ্ধি পায়।

নাজিৰাত সংবাদমেল যোগে ৫০ লাখ লোকলৈ বিজেপিৰ জনসংযোগ পত্ৰলৈ আঙুলিয়ালে বিৰোধী দলপতিয়ে : ৰাইজক দিয়া ২০১৬ ৰ প্ৰতিশ্ৰুতি ক’ত হেৰাল ?

 নাজিৰা: শাসনৰ বাঘজৰী ধৰি ক্ষমতাত অধিষ্ঠিত হোৱাৰ সময়ত বিজেপি দলৰ কাম কৰাৰ সংকল্প প্ৰকাশ আৰু চাৰিটা বছৰ অতিক্ৰম কৰি হাতত মাথো এবছৰ থকাৰ সময়ত ৰাইজৰ ওচৰলৈ পোনৰ হাতত লৈ অহা দেশৰ প্ৰধান মন্ত্ৰীজনৰ লগতে ৰাজ্যখনৰ  মুখ্যমন্ত্ৰী জনৰ  পত্ৰৰ ৰূপৰেখাই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই । একেটি ধাৰাত বাৰ্ত্তা কঢ়িয়াই অনাত পৰিলক্ষিত হোৱা পাৰ্থক্যই হতবাক কৰিছে জনসাধাৰণক এনেদৰেই বিজেপিৰ জনসংযোগ যাত্ৰাক সমালোচনা কৰে বিৰোধ দলপতি দেৱব্ৰত শইকীয়াই  এক সংবাদ মেলত । লকডাউনৰ শৃংখলা চৰকাৰে নিজেই ঘোষণা কৰি দলৰ নেতাৰ জড়িয়তে জনসংযোগ অভিযান চলাই ৰাইজৰ কাষ পাব বিচৰা কাৰ্য্যত সামাজিক বা শাৰীৰিক দূৰত্বও নিচেই তৰলভাৱে নস্যাৎ কৰিবলৈ ধৰা এনে কাৰ্য্যই সৰ্বসাধাৰণকো বিপাঙত পেলাই লকডাউনৰ সংজ্ঞাক আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰোৱা বুলি প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই   ।  ৰাইজক মূল সমস্যাৰ কাষত ৰৈ সমাধন কৰিব বুলি ২০১৬ চনতে ছয়মাহৰ ভিতৰত অসমত এজনো বাংলাদেশী নাথাকিব বুলি দিয়া আশ্বাসবাণীক বিজেপি দলে কোনটো স্তৰলৈ লৈ গ’ল ৰাইজে আজি এই সমস্যাৰ কথাটো নিজে চোৱাৰ প্ৰয়োজন হৈছে বুলি দোহাৰে । অসম চূক্তিৰ আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি ২০১৬ চনত আছিল আৰু শাসনলৈ অহাৰ সময়ত ৰাইজৰ কাষত দিয়া প্ৰতিশ্ৰুতিৰ পাচত ৰাইজে বঞ্চনাৰ মাজেৰেহে “কা” আইনক চকুৰ আগত পৰি ৰোৱাকৈ দেখি থাকি অসম চূক্তিৰ ৫ নং দফা উলংঘন ঘটালে ।  ৬ নং দফাৰ ৰূপায়নৰ লক্ষ্যত অভিজ্ঞ ব্যক্তিৰ জড়িয়তে সংগঠিত দফা কাৰ্য্যকৰীকৰণৰ পৰামৰ্শৰ প্ৰতিবেদনকে বিজেপি চৰকাৰে গ্ৰহণ নকৰিলে আৰু সুবিধা চাই কথা কোৱা বিজেপি দলৰ স্বৰূপে আচলতে চাৰিটাকৈ বছৰত কি দিলে বুলি জনতাক প্ৰশ্ন কৰি উত্তৰ বিচাৰি ল’বলৈ আহ্বান জনায় দেৱব্ৰত শইকীয়াই  । তেনেদৰেই এনআৰচি গ্ৰহণ কৰিবলৈ যোৱাৰ বাটত ৰাইজে ভাবি বিভ্ৰান্ত হোৱাকৈ এতিয়ালৈ এনআৰচি বাতিলৰ পক্ষত হে চৰকাৰ থিয় হৈ ৰৈছে । বান আৰু গড়াখহনীয়াত বিধ্বস্ত হৈ পৰা অসমৰ ৰাইজক দিয়া বানপানী আৰু ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি তথা এঢাপ আগুৱাই গৈ ব্ৰহ্মপুত্ৰৰ খনন আৰু সমান্তৰালকৈ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি চাৰিবছৰে ৰাইজে বৃহৎ বানৰ মাজত থাকি পঞ্চমটো বছৰলৈকে ক’ৰপৰা কলৈ গ’ ল বুলি ৰাইজক নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়.। তেনেদৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কাগজকলৰ পুনৰোজ্জীৱিতকৰণ, ঔষধৰ দাম কমোৱা প্ৰতিশ্ৰুতি, স্মাৰ্ট চিটী, দক্ষতা বিকাশ, ২৪ ঘণ্টাৰ বিদ্যুৎ যোগান, দুৰ্নীতি মূক্ত প্ৰশাসন গঢ়ি তোলা, পৰিৱেশ সংৰক্ষণ, ছিণ্ডিকেট ৰোধ, জলজীৱন আঁচনিত গাঁৱৰ ৰাইজক পাইপযোগে পানী যোগান,  শিক্ষা বিভাগৰ সমস্যা ৪৫ দিনত সমাধানৰ লক্ষ্য আদি প্ৰতিশ্ৰুতি কিয় অসাৰ হৈ উঠিল  তাৰ উত্তৰ ৰাইজে বিচাৰি চোৱাৰ সময়তে পঞ্চাশ লাখ চিঠি বিতৰণ কৰি এইবাৰ ৰাইজক কোনফালে লৈ যোৱা হ’ব বুলি প্ৰশ্ন কৰে বিধায়ক তথা ৰাজ্যৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই । শেহতীয়াকৈ গৰীৱ  কল্যাণ আঁচনিৰ যোগেদি যোগেদি লকডাউনত কৰ্ম সংস্থাপন হেৰুওৱা শ্ৰমিকৰ বাবে ৫০হাজাৰ কোটি টকা ঘোষণা কৰা কেন্দ্ৰীয় চৰকাৰে অসমৰ গৰীৱ তথা শ্ৰমিক ৰাইজক বঞ্চিত কৰিবলৈ অসম চৰকাৰে এৰি দিয়াত দুখ প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই । তেওঁ  লকডাউনত সংস্থাপন হেৰুওৱা অসমৰ শ্ৰমিকক শীঘ্ৰেই ৫০ হাজাৰ কোটিৰ কেন্দ্ৰীয় চৰকাৰৰ গৰীৱ কল্যাণ যোজনাত অন্তৰ্ভূক্ত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনায়  । দুদিন পূৰ্বে নাজিৰাত জনসংযোগ যাত্ৰাত নাজিৰাত আহি উপস্থিত হোৱা প্ৰাক্তন ৰেল মন্ত্ৰী ৰাজেন গোহাঁইক অসমৰ ৰাইজৰ স্বাৰ্থত গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা কোনোটো আঁচনিয়েই গ্ৰহণ কৰি দেখুওৱাত বিফল নেতা বুলি অভিহিত কৰে ।

জখলাবন্ধাত চৰকাৰী ভূমি বেদখল কৰাক লৈ উত্তেজনা, ৰাজপথ অৱৰোধ । স্থানীয় যুৱকৰে মুকলি সঙ্ঘাত বেদখলকাৰী শিক্ষকৰ ।

জখলাবন্ধাত চৰকাৰী ভূমি বেদখল কৰাক লৈ উত্তেজনা, ৰাজপথ অৱৰোধ ।

কলিয়াবৰ :

শুকুৰবাৰে বিয়লি স্থানীয় যুৱকৰ প্ৰতিবাদত উত্তেজিত হৈ পৰে জখলাবন্ধাৰ ৰাজপথ ।জখলাবন্ধাৰ ৱঙ্কটেশ্বৰ প্ৰাথমিক বিদ‍্যালয়ৰ সমীপৰ চৰকাৰী মাটি বেদখল মুক্ত কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি। ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ প্ৰতিবাদী যুৱকৰ। জখলাবন্ধাৰ সমীপৰ চিকনী গড়কাপ্তানী পথৰ নিবাসী শিক্ষক জনৈক যশোমন্ত চৌহানৰ অভব‍্য আচৰণত তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় যুৱকৰ। অভিযোগ মতে, শিক্ষক গৰাকীয়ে অবৈধভাবে দখল কৰা তিনি কথা মাটি মুকলি কৰিবলৈ যোৱাৰ সময়তে যুৱকসকলৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয়। প্ৰথমে শিক্ষক যশোমন্ত চৌহানৰ পিতৃৰ লগত যুৱক দলটোৰ কথাৰ কটা-কটি হোৱাৰ পিচত পুত্ৰই ৰুদ্ৰ মুৰ্তি ধাৰণ কৰে। অভব‍্য গালি-গালাজতে ক্ষান্ত নাথাকি শিক্ষক চৌহানে দা লৈ যুৱক দলটো সেই স্থানৰ পৰা খেদি পঠিয়াই। লগতে যুৱকসকলে সেই স্থানত পুথিভঁৰাল গৃহ নিৰ্মাণৰ বাবে যোগাৰ কৰি থোৱা বালি-টিং অনান‍্য সামগ্ৰী লণ্ড-ভণ্ড কৰে। স্থানীয় যুৱকসকলে জনোৱা মতে আন কিছু সামগ্ৰী যশোযন্ত চৌহানে নিজ ঘৰলৈ লৈ যায়। যুৱকসকলে এটা পুথিভঁৰাল আৰু সমপীৰ ৱঙ্কটেশ্বৰ প্ৰাথমিক বিদ‍্যালয় গৃহ নিৰ্মাণ কৰিবলৈ আগ-ভাগ লোৱা যুৱকসকলক কৰা আভব‍্য আচৰণৰ প্ৰতিবাদত যুৱকসকলে সাতত্ৰিশ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে। স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে বিষয়টো শীঘ্ৰে নিষ্পত্তি কৰাৰ আশ্বাস দিয়াৰ ফলত পৰাস্থিতি শাম কাটে। তাৰ পিছতেই দ্বাৰ বাগৰি জিলা পৰিষদৰ সদস‍্য জিতেনজিৎ গড়, জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী তৃষাৰাণী শইকীয়া আৰু গাঁও সভাৰ সদস‍্য বিজয় কুমাৰ চৌহানৰে আলোচনাত মিলিত হৈ যশোমন্ত চৌহানে অবৈধভাৱে দখল কৰা ভূমি শীঘ্ৰেই চৰকাৰী পক্ষৰ প্ৰত‍্যক্ষ সহযোগত দখলমুক্ত কৰা হ’ব বুলি যুৱকসকলক প্ৰতিশ্ৰুতি দিয়ে। স্থানীয় ৱঙ্কটেশ্বৰ প্ৰাথমিক বিদ‍্যালয়ৰ বাঢ়ি অহা ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ‍্য ৰখি পূৰ্ৱতে চৰকাৰী ভূমিত বিদ‍্যালয় গৃহ স্থাপনৰ যো-জা কৰিছিল যদিও সেই একে গৰাকী ব‍্যক্তিয়ে বিধি-পথালি দি আহিছিল।

ৰাহুল গান্ধীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি কাকপথাৰ ডিৰাকত “অংগীকাৰ দিৱস” পালন ।

ৰাহুল গান্ধীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি কাকপথাৰ ডিৰাকত "অংগীকাৰ দিৱস" পালন ।

কাকপথাৰ: সমগ্ৰ দেশৰ লগতে আজি কাকপথাৰ ডিৰাকতো ডিৰাক মণ্ডল কংগ্ৰেছ সমিতি উদ্যোগত প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ পুত্ৰ, যুৱ নেতা তথা কেৰেলাৰ ৱাইনাড লোক সভা সমষ্টিৰ সাংসদ ৰাহুল গান্ধী জন্ম দিনৰ লগত সংগতি ৰাখি “অংগীকাৰ দিৱস” পালন কৰে । ডিৰাক মণ্ডল কংগ্ৰেছৰ সভাপতি সুৰেণ নেওঁগৰ সভাপতিত্বত অনুষ্ঠিত অংগীকাৰ দিৱসত  লাডাখত শ্বহীদ হোৱা বীৰ সৈনিক সকল  আৰু বাঘজান ৫ নং গেছ কূপত সংঘটিত অগ্নিকাণ্ডৰ পৰা নিজকে প্ৰাণ ৰক্ষা কৰিবলৈ গৈ মৃত্যু মুখত পৰা  অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী দুৰ্লভ গগৈ, তিক্ষেশ্বৰ গোহাঁইৰ প্ৰতি শ্ৰাদ্ধ জনাই তেখেতলোকৰ আত্মাৰ সদগতি অৰ্থে এক মিনিট সময়  মৌন প্ৰাৰ্থনা কৰে। কাৰ্যসূচী অনুসৰি ইয়াৰ পিছত “অংগীকাৰ দিৱস” ত উপস্থিত জনসাধাৰণ মাজত  মাস্ক আৰু চাবোন বিতৰণ কৰে । ছৈখোৱা ব্লক কংগ্ৰেছ কমিটি সভাপতি জীৱন সোনোৱালে উপস্থিত ৰাইজক উদ্দেশ্যি কংগ্ৰেছ দলৰ ভৱিষ্যত পৰিকল্পনা, লক্ষ্য উদ্দেশ্যৰ বিষয়ে  অৱগত কৰে । দিৱসটিত উপস্থিত থাকে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক অমৃত গগৈয়ে, ছৈখোৱা মহিলা ব্লক কংগ্ৰেছ কমিটিৰ সভানেত্ৰী কল্পনা হাতীমূৰীয়া ফুকন, ডিৰাক গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নোমাল ডেকা মৰাণ । শেষত দিৱসটিত উপস্থিত থকা  দলীয় সকলো নেতা, বিষয় ববীয়া, কৰ্মী  মিলি এক অংগীকাৰ নামা পাঠ কৰি অনুষ্ঠানটি সামৰণি মাৰে । অংগীকাৰ নামা পাঠ কৰোৱাই ডিৰাক মণ্ডল কংগ্ৰেছৰ সভাপতি সুৰেণ ফুকনে ।

৪১টা কয়লা খনিৰ বাণিজ্যিকীকৰণৰ সূচনা প্রধানমন্ত্রীৰ ।

গুৱাহাটী: ‘আত্মনির্ভৰ ভাৰত অভিযান’ প্রকল্পত ৪১টা কয়লা খনিৰ বাণিজ্যিকীকৰণৰ সূচনা কৰিলে প্রধানমন্ত্রীয়ে৷ বৃহস্পতিবাৰে এই প্রকল্পৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, শক্তিক্ষেত্ৰত ভাৰতক আত্মনির্ভৰ কৰাত চৰকাৰৰ ডাঙৰ পদক্ষেপ৷ দুটা পৰ্যায়ত চৰকাৰে ৪১টা কয়লা খনি বেচৰকাৰীৰ হাতত তুলি দিব৷ তাৰ ইলেকট্রনিক নিলাম প্রক্রিয়া কেন্দ্ৰই আৰম্ভ কৰিছে৷ ক’ৰোনা ভাইৰাছ আৰু লকডাউনৰ বাবে দেশৰ অৰ্থনীতিৰ ঘটি মাৰিবৰ বাবে ‘আত্মনির্ভৰ ভাৰত অভিযান’ প্ৰকল্পত ২০ লাখ কোটি টকাৰ আর্থিক পেকেজ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ এই পৰিস্থিতিত এতিয়া কয়লা ক্ষেত্ৰ বেচৰকাৰীকৰণৰ সিদ্ধান্ত ল’লে চৰকাৰে৷ এই প্ৰক্ৰিয়া  আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, কয়লাৰ বজাৰ এতিয়া উন্মুক্ত। ই সকলো ক্ষেত্ৰতে সহায় কৰিব৷

ঋণ ৰেহাই সন্দৰ্ভত ভুৱা খবৰৰ পৰা সাৱধান ।

গুৱাহাটী :
বন্ধন বেংকৰ তৰফৰ পৰা সকলো গ্ৰাহকৰ লগতে সাধাৰণ ৰাইজক জনোৱা হয় যে সামাজিক মাধ্যমত (Social Media) কিছু পৰিমাণে ভুৱা বাতৰি তথা ভিত্তিহীন বাতৰিৰ পোষ্টৰ লগতে বিভ্ৰান্তিকৰ ভিডিঅ’ বিয়পোৱা হৈছে যি ভিডিঅ”ত কোৱা হৈছে যে বন্ধন বেংকৰ ঋণৰ কিস্তি ৰেহাই কৰি দিয়া হৈছে ৷ এই বাতৰিসমূহৰ কোনোধৰণৰ সত্যতা নাই ৷ “মোৰাটোৰিয়াম” শব্দটো অৰ্থাৎ ঋণৰ কিস্তিসমূহৰ আদায় পিছুৱাই দিয়া আৰু সম্পূৰ্ণভাৱে ঋণ ৰেহাই দিয়াৰ মাজত বিশেষ পাৰ্থক্য আছে৷ এইপৰ্যন্ত চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে ঋণৰ কিস্তি আদায় পিছুৱাই দিয়া যাব পাৰে, যদিও সেইটো ঋণ সংস্থা বা ঋণ গ্ৰহণ কৰা হিতাধিকাৰীৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰশীল৷ যদিও কিস্তিৰ আদায় পিছুৱাই দিয়া হৈছে ঋণৰ ওপৰত সুদৰ হাৰ বাহাল থাকিব আৰু কিস্তি বন্ধৰ সময়ছোৱাত মুঠ ঋণৰ ওপৰত সুদ জমা হৈ থাকিব৷ ইয়াৰ ফলত ঋণ গ্ৰহণ কৰা হিতাধিকাৰীৰ ওপৰত পৰৱৰ্তী সময়ত অতিৰিক্ত কিস্তিৰ চাপ বাঢ়িব পাৰে আৰু ইয়াৰ ফলত বেছিদিন ধৰি ঋণ পৰিশোধ কৰিবলগীয়া হ’ব পাৰে ৷ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুযায়ী, ইতিমধ্যে বন্ধন বেংকে সমগ্ৰ ক্ষুদ্ৰ ঋণৰ কিস্তিৰ ওপৰত মাৰ্চৰ পৰা মে” মাহপৰ্যন্ত মোৰাটোৰিয়াম ঘোষণা কৰিছিল৷ ইয়াৰ উপৰিও গ্ৰাহকসকলৰ অনুৰোধৰ ভিত্তিত ঋণৰ কিস্তিত মোৰাটোৰিয়ামৰ এই সুবিধা দিয়াৰ বিষয়টো বিবেচনা কৰা হ”ব৷ ইয়াৰ উপৰি ৰিজাৰ্ভ বেংক বা অন্যান্য ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সকলো নিৰ্দেশনাৱলী মানিয়েই বেংকিং পৰিসেৱা আগবঢ়োৱা হ’ব ৷ এই সংকটৰ সময়ছোৱাত বন্ধন বেংকে সকলোধৰণৰ সহায়তাৰে গ্ৰাহকৰ কাষত থিয় দিছে৷ এটা দায়িত্বশীল বেংক হিচাপে ভৱিষ্যতত সমস্যা যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধন বেংকে নিজৰ গ্ৰাহকক বিস্তাৰিতভাৱে বুজাই দিছে যে তেওঁলোকৰ বকেয়া ঋণৰ ওপৰত “মোৰাটোৰিয়াম”ৰ প্ৰভাৱ কি হ’ব পাৰে ৷ পুনৰ এবাৰ বন্ধন বেংকে সকলো গ্ৰাহকক ভুৱা বাতৰি পঢ়ি বিভ্ৰান্ত নহ”বলৈ সাৱধান কৰি দিছে৷ বেংকৰ তৰফৰ পৰা এইধৰণৰ উদ্দেশ্যপ্ৰণোদিতভাৱে ঋণৰ কিস্তি সম্পৰ্কে বিভ্ৰান্ত কৰা চেনেলসমূহৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইতিমধ্যে আইনজীৱীৰ ওচৰত সমগ্ৰ বিষয়টো অৱগত কৰোৱা হৈছে আৰু লিখিত অভিযোগ দাখিল কৰা হৈছে ৷ বন্ধন বেংক নিজ গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতি সদায় দায়বদ্ধ আৰু গ্ৰাহকসকলৰ স্বাৰ্থত এইধৰণৰ ভুৱা বাতৰি পৰিৱেশন কৰা চেনেলসমূহৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে৷ যিসকল ঋণ গ্ৰহণ কৰা গ্ৰাহকে ঋণ বা ঋণৰ কিস্তিৰ সন্দৰ্ভত সবিশেষ জানিবলৈ বিচাৰে তেওঁলোকক ওচৰৰ বেংকৰ শাখাত পোনপটীয়াভাৱে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷

বিধ্বস্ত নাজিৰা-গেলেকী মূল পথঃ আছু’ৱে অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

বিধ্বস্ত নাজিৰা-গেলেকী মূল পথঃ আছু'ৱে অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

নাজিৰা : বিধ্বস্ত  গেলেকী নাজিৰা মূল পথটি নিৰ্মাণৰ দাবীত আজি নাজিৰা মহকুমা ছাত্ৰ সন্থা, গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই পথটি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বছৰ বছৰ ধৰি নিৰ্মাণ তথা মেৰামতি নকৰাকৈ থকা নাজিৰা-গেলেকী মূল পথত গেলেকী চাৰিআলিৰ পৰা হাতিপতী পৰ্যন্ত পথটিৰ বিভিন্ন স্হানত পুখুৰী সদৄশ গাঁতৰ সৃষ্টি হৈ একপ্ৰকাৰ যাতায়তৰ অনুপযোগী হৈ পৰিছ। যাৰ বাবে আজি নাজিৰা মহকুমা   ছাত্ৰ সন্থা, গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই গেলেকী চাৰি আলিত পথটি অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰদিবাদী আছু কৰ্মীসকলে গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী যোগেন মহন, নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্রতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী আছুকৰ্মীসকলে বি জে পি চৰকাৰ মূৰ্দাবাদ, বি জে পি চৰকাৰ লেই লেই ছেই ছেই আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অসীম দত্ত, নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা, সাধাৰণ সম্পাদক দেৱজিত গগৈ, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পৰাগ দত্ত, সাংগঠনিক সম্পাদক ধ্ৰুৱ জ্যোতি কলিতা, গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল গগৈ, সাধাৰণ সম্পাদক মানস জ্যোতি শইকীয়া, আটছা গেলেকী শাখাৰ সভাপতি সঞ্জয় গুৱালা, সম্পাদক নন্দকিশোৰ গোৱালা। উল্লেখ্য যে পথটি নিৰ্মাণৰ দাবীত বিগত বৰ্ষৰ শেষভাগত গেলেকী বিভিন্ন দল সংগঠনৰ সহযোগ স্হানীয় প্ৰায় ৫ সহস্ৰাধিক ৰাইজে পথটি অৱৰোধ কৰি প্ৰতিবদ সাব্যস্ত কৰাৰ পাছত প্ৰশাসনে মাৰ্চৰ পূৰ্বেই পথটি নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

কৰিমগঞ্জত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ৪কোটি টকাৰ কেলেংকাৰি, থানাত গোচৰ।

কৰিমগঞ্জ : হাইলাকান্দিৰ পিছত এই বাৰ কৰিমগঞ্জৰ শিক্ষা বিভাগত  ৪ কোটি টকাৰ কেলেংকাৰী। কৰিমগঞ্জৰ সংখ্যালঘু ছাত্ৰৰ নামত অহা বৃত্তিৰ টকা তোলা হৈছে হাইকান্দি চি এছ পিৰ পৰা। অস্তিত্বহীন বিদ্যালয়ত ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম সোমোৱাই তুলি নিয়া হৈছে কোটি কোটি টকা। শিক্ষা বিভাগৰ কেলেংকাৰীৰ বিৰুদ্ধে কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰিছে AJYCPৰ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ জিলা সমিতিয়ে। শিক্ষা বিভাগৰ বিয়াগুম কেলেংকাৰীৰ তথ্য প্ৰথমতে ফাদিল হৈছিল হাইলাকান্দিত।  আৰু এতিয়া কৰিমগঞ্জতো একে ঘটনা পোহাৰলৈ অহাৰ পিছত জাঙুৰ খাই উঠিছে AJYCP।   হাইলাকান্দিৰ পৰা এটা চিণ্ডিকেটৰ যোগেদি সমগ্ৰ বৰাকত সংঘটিত হৈছে বৃত্তি কেলেংকাৰী। সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত কৰিমগঞ্জতো সংঘটিত হৈছে কেইবা কোটি টকাৰ কেলেংকাৰী। ভুৱা ছাত্ৰ-ছাত্ৰী আনকি সংখ্যালঘুৰ তালিকাত হিন্দু ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীৰ নাম সন্নিবিষ্ট কৰি হাইলাকান্দিৰ বিভিন্ন বেংকৰ সেৱা কেন্দ্ৰৰ জৰিয়তে টকা উলিয়াই লৈ গৈছে কেলেংকাৰী সংঘটিত কৰা দলটোৱে। কেলেংকাৰি সন্ধৰ্ভত AJYCP সংগঠনৰ সদস্য ই কয়, ২০১৮/১৯ চনত কৰিমগঞ্জ জিলাত যি ৪ কোটি টকাৰ কেলেংকাৰি হৈছে ইয়াৰ তদন্ত হ’ব লাগে। সেই সময়ৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু এডিচি নবাৰুন ভট্টাচাৰ্যৰ নামত গোচৰ তৰা হয়।

সংবাদ মাধ্যমৰ বাতৰি পিছতেই মাজুলীৰ ময়ূৰী ওজালৈ সহায় হাত দেৰগাঁৱৰ জয়ন্ত বেজবৰুৱাৰ ।

উজনি-মাজুলী : সদ্যঘোষিত  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাজুলীৰ মেখেলী গাৱঁৰ দিন হাজিৰা কৰি পৰিয়াল পোহাপাল দিয়া  জোন ওজাৰ  কণ‍্যা ময়ূৰী ওজাই তিনিটা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক পোৱা  বাতৰি বহুকেইটা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতেই দেৰগাঁৱৰ এগৰাকী ব্যক্তি ইউনাইটেড বেংকৰ  প্ৰাক্তন কোষাধ্যক্ষ জয়ন্ত বেজবৰুৱা আৰু দেৰগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাতুল বৰাসহ মাজুলীৰ মেখেলী গাওঁস্থিত ময়ূৰী ওজাৰ ঘৰত উপস্থিত হয়।  ময়ুৰীৰ উচ্চ শিক্ষাৰ বাবে জয়ন্ত বেজবৰুৱাই দহ হাজাৰ টকাৰ সহায়ৰ হাত আগবঢ়ায়। ময়ূৰী ওজাৰ পিতৃ বিয়োগৰ পিছৰে পৰাই দিন হাজিৰা কৰা তেওঁৰ মাতৃ জোন ওজাই যথেষ্ট ঘাট, প্ৰতিঘাটৰ মাজৰে ময়ূৰী সহ দুগৰাকী কন্যাক শিক্ষা গ্ৰহণৰ বাবে সুবিধা প্ৰদান  কৰি আহিছিল। কণ‍্যাৰ সাফল্যৰ পিছত গোলাঘাট জিলাৰ দেৰগাঁৱৰ এই গৰাকী মহান ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াই দেখুৱা মহানুভৱতাৰ বাবে জয়ন্ত বেজবৰুৱাক পৰিয়াল বৰ্গ‌ই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শালমৰা হাইস্কুলৰ প্ৰধান শিক্ষক ভুপেন ভূঞাই ব্যক্তি গৰাকীৰ বিশেষ ভাবে শলাগ লৈছে।