Home Blog Page 329

অসমৰ তিনি লেখক- সাহিত্যিকলৈ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা । Sahitya Akademi Award

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ৮ মাৰ্চ, ২০২৫ঃ Sahitya Akademi Award । অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে তিনিগৰাকীকৈ লেখক -সাহিত্যিকে। সাহিত্যিকৰ অনুবাদেৰে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিলে অসমকৰ তিনিগৰাকীকৈ লেখক-সাহিত্যিকে।শেহতীয়াকৈ ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা।

দেশৰ ২১টা ভাষাত এই বঁটা আগবঢ়োৱা হৈছে। ঘোষণা কৰা অনুসৰি অসমীয়া ভাষাত সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰিছে সাহিত্যিক তথা অনুবাদক অঞ্জন শৰ্মাই।উল্লেখ্য কনকলাল বৰুৱাৰ মূল ইংৰাজী গ্ৰন্থ ‘Early History of Kamrupa’ৰ অসমীয়া ভাষাত অনূদিত গ্ৰন্থ ‘’ৰ বাবে এই বঁটা লাভ কৰিছে অঞ্জন শৰ্মাই।একেদৰেবাংলা ভাষাত সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰিছে বাসুদেৱ দাসে। হোমেন বৰগোহাঞিৰ জনপ্ৰিয় উপন্যাস ‘সাউদৰ পুতেকে নাও মেলি যায়’ৰ বাংলা অনুবাদ ‘সওদাগরের পুত্র নৌকা বেয়ে যায়’ৰ বাবে দাসে এই বঁটা লাভ কৰিছে।


একেদৰে, বড়ো ভাষাত সাহিত্যিক উত্তৰা বিছুমুথিয়াৰীয়ে লাভ কৰিছে সাহিত্য অকাদেমিৰ অনুবাদ বঁটা। অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস ‘কাঞ্চন’ৰ বড়ো ভাষালৈ অনূদিত গ্ৰন্থখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।অসমৰ তিনিগৰাকীকৈ লেখক-সাহিত্যিকে এনেদৰে সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। উল্লেখ্য বডো ভাষালৈ অনুৰাধা শৰ্মা পূজাৰীৰ অসমীয়া উপন্যাস কাঞ্চনৰ ব্যতিক্ৰমী অনুবাদৰ বাবে প্ৰখ্যাত বড়ো ভাষাৰ সাহিত্যিক তথা শিক্ষাবিদ উত্তৰা বিছুমুথিয়াৰীক অনুবাদৰ বাবে সন্মানীয় সাহিত্য অকাডেমী বঁটা (২০২৪–২০২৫)ৰে সন্মানিত কৰা হৈছে।দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ উত্তৰা বিছুমুথিয়াৰীয়ে বীৰেন্দ্ৰ লাল বৰগয়াৰী আৰু দবাশ্ৰী বৰগয়াৰীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেখেতে কোকৰাঝাৰ বালিকা এইচ এছ স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ কোকৰাঝাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰে।১৯৮১ চনত কোকৰাঝাৰৰ প্ৰাক্তন সংসদ সদস্য ছানছুমা খুংগুৰ বিছুমুথিয়াৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৮৩ চনত ছালাকাটি বি.টি.পি.এছ. হাইস্কুলত যোগদান কৰে আৰু পিছলৈ ১৯৯২ চনত দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে আৰু অৱসৰ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰে। ৰাইখৱাছা ফিছা (২০০৬), হাওৱাছি (২০০৮), এন্থোব (২০১৩), এংগ্ৰুমৱণ্ডা (২০০৯), আৰু গ্ৰীটিংছ কাৰ্ড (২০২০)কে ধৰি কেইবাখনো গ্ৰন্থৰ লেখক তথা অনুবাদক তেওঁ। তেওঁ বড়ো লেখিকা সন্থাৰ সম্পাদক, বড়ো মহিলা লেখিকা সন্থাৰ অধ্যক্ষ, তিতাগুৰি প্ৰাথমিক বডো সাহিত্য সভা ন্যাসৰ ট্ৰাষ্টী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৮ চনৰ পৰা ২০২০ চনলৈ কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ শিশু সাহিত্য শাখাৰ নেতৃত্ব দিছিল।

ভাল খবৰ ! ছেমিকণ্ডাক্টৰ উদ্যোগত চাকৰি পাব ১৬ হাজাৰ লোক । Semiconductor

ভাল খবৰ ! ছেমিকণ্ডাক্টৰ উদ্যোগত চাকৰি পাব ১৬ হাজাৰ লোক
ভাল খবৰ ! ছেমিকণ্ডাক্টৰ উদ্যোগত চাকৰি পাব ১৬ হাজাৰ লোক

Semiconductor । অসমৰ তথ্য-প্ৰযুক্তি আৰু উদ্যোগ ক্ষেত্ৰত এক আশাব্যঞ্জক খবৰ আহিছে। জাগীৰোডত স্থাপিত হ’বলগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পই ১৬,১০০ জনকৈ লোকে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ উদ্যোগমন্ত্ৰী বিমল বড়াই বিধায়ক অখিল গগৈৰ এটা প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰে।

নিযুক্তিৰ সংখ্যা আৰু বিভাজন: ( আনুমানিক)

উদ্যোগমন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি, মুঠ ১৬,১০০ জন নিযুক্তি পাব। ইয়াৰে-

  • ১,৭০০ জন, অভিযন্তা (Engineer)
  • ৯,০০০ জন , টেকনিচিয়ান (Technician)
  • ২,২০০ জন , ছাৰ্ভিচ ষ্টাফ (Service Staff)
  • ১,৬০০ জন, ষ্টোৰ কীপাৰ (Store Keeper)
  • ১০০ জন , ছুপাৰভাইজাৰ (Supervisor)
  • ৬০০ জন, মেনেজাৰ (Manager) হিচাপে নিযুক্তি পাব।

বিনিয়োগ আৰু মাটিৰ ব্যবস্থা:

এই বৃহৎ প্ৰকল্পটোৰ বাবে ২৭ হাজাৰ কোটি টকাৰ বিনিয়োগ অনুমোদিত হৈছে। টাটাই ছেমিকণ্ডাক্টৰ স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৫০ শতাংশ ৰাজসাহায্য লাভ কৰিব। লগতে, ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত ২৫ শতাংশ ৰাজসাহায্য আগবঢ়াব। প্ৰকল্পটোৰ বাবে ইতিমধ্যে ১৭১ একৰ মাটি সংস্থাপন দিয়া হৈছে বুলি উদ্যোগমন্ত্ৰীগৰাকীয়ে জনাইছে।

এই বৃহৎ উদ্যোগৰ ফলত অসমৰ উদ্যোগ ক্ষেত্ৰত এক নতুন দিগন্ত মুকলি হ’ব বুলি আশা প্ৰকাশ কৰিছে চৰকাৰে।

আন্তৰ্জাতিক নাৰী দিৱস: নাৰী অধিকাৰৰ সংগ্রাম আৰু ইতিহাস । International Women’s Day

আন্তৰ্জাতিক নাৰী দিৱস: নাৰী অধিকাৰৰ সংগ্রাম আৰু ইতিহাস । International Women's Day
আন্তৰ্জাতিক নাৰী দিৱস: নাৰী অধিকাৰৰ সংগ্রাম আৰু ইতিহাস । International Women's Day

International Women’s Day । আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লগত নাৰী শ্ৰমিকৰ মৰ্যাদা প্ৰাপ্তিৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰিৰ ক্ষেত্ৰত দেখা দিয়া বৈষম্য, কামৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা, কৰ্মক্ষেত্ৰৰ অমানৱীয় পৰিবেশ আৰু পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল।

১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজন কৰা নাৰী সমাৱেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। ক্লাৰা এগৰাকী জাৰ্মান ৰাজনীতিবিদ আৰু জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিল। তাৰ পাছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয়খন আন্তৰ্জাতিক নাৰী সন্মিলন। ১৭খন দেশৰ পৰা ১০০গৰাকী নাৰী প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনতে ক্লাৰাই প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। তাৰ ফলশ্ৰুতিত ১৯১১ চনৰপৰা নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হৈ আহিছে।

পৰৱৰ্তী সময়ত এই দিৱস পালন কৰিবলৈ বিভিন্ন দেশৰ সমাজতাত্ত্বিকসকল আগবাঢ়ি আহে। ১৯১৪ চনৰপৰা কেইবাখনো দেশত ৮ মাৰ্চ দিনটো পালন কৰাৰ প্ৰথা আৰম্ভ হয়। ১৯৭৫ চনত নাৰী দিৱসক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহ্বান জনায়। তাৰ পাছৰ পৰা গোটেই পৃথিৱীজুৰি এই দিনটো নাৰীৰ সম-অধিকাৰ আদায়ৰ বাবে সংকল্প গ্ৰহণৰ দিন হিচাপে পালন কৰা হৈ আহিছে।

এইবাৰৰ আন্তৰ্জাতিক নাৰী দিৱসৰ Theme:

২০২৫ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ থীম হৈছে ‘For ALL Women and Girls: Rights. Equality. Empowerment’, অৰ্থাৎ ‘সকলো মহিলা আৰু ছোৱালীৰ বাবে: অধিকাৰ, সমতা, সৱলীকৰণ’। এই বিষয়টোৰ অৰ্থ হ’ল সন্মান, অধিকাৰ, ক্ষমতা আৰু সুযোগৰ জৰিয়তে সকলো নাৰীৰ ভৱিষ্যৎ উন্নত কৰা।

লিখিত পৰীক্ষাৰ কাট অব্ মাৰ্কক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ? ADRE

লিখিত পৰীক্ষাৰ কাট অব্ মাৰ্কক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ? ADRE
লিখিত পৰীক্ষাৰ কাট অব্ মাৰ্কক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ? ADRE

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ (ADRE) লিখিত পৰীক্ষাৰ ফলাফল শুকুৰবাৰে ঘোষণা কৰা হয়। সৰ্বমুঠ ১২,৬৭৩ টা পদৰ বাবে অনুষ্ঠিত এই লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মৌখিক পৰীক্ষা সম্পৰ্কে গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়।

মৌখিক পৰীক্ষাৰ সময়সূচী:মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ঘোষণা কৰিছে যে এপ্ৰিল মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে মৌখিক পৰীক্ষা এপ্ৰিলত নহ’ব। তেওঁ কৈছে, “এপ্ৰিলত পঞ্চায়ত নিৰ্বাচন হ’ব। সেইসময়ত মৌখিক পৰীক্ষা অনুষ্ঠিত নহয়। মে’ মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।”

তেওঁ লগতে উল্লেখ কৰে যে মৌখিক পৰীক্ষা প্ৰায় ডেৰ মাহ ধৰি চলিব আৰু সম্ভৱত জুন মাহটোতও এই পৰীক্ষা অনুষ্ঠিত হ’ব। তেওঁ কয়, “এদিনত ১০০গৰাকীতকৈ বেছি পৰীক্ষাৰ্থীৰ মৌখিক পৰীক্ষা ল’ব নোৱাৰি। সেয়ে সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বাবে যথেষ্ট সময় লাগিব।”

কাট-অফ মাৰ্ক সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য:কাট-অফ মাৰ্কক লৈ চলি থকা চৰ্চাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাত কৈছে, “কাট-অফ মাৰ্ক বেছি বা কম হোৱাটো কিমান পদ খালী আছে, তাৰ ওপৰত নিৰ্ভৰ কৰে। কাট-অফ মাৰ্ক মেৰিটৰ ওপৰত নিৰ্ভৰ কৰে। কাট-অফ মাৰ্ক আন কোনোবাই বা চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়।”

শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূর্ণ তথ্য:লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ২৫ হাজাৰ শিক্ষাৰ্থীৰ বাবে প্ৰথমে SKILL TEST অনুষ্ঠিত হ’ব। তাৰ পিছতেই মৌখিক পৰীক্ষা আয়োজন কৰা হ’ব। মৌখিক পৰীক্ষাৰ পিছত নথি-পত্ৰৰ প্ৰামাণিকৰণৰ পৰ্যায় পূৰ্ণ হোৱাৰ পাছতহে চূড়ান্ত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকল বিবেচিত হ’ব।

মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰিছে যে সম্পূৰ্ণ নিয়োগ প্ৰক্ৰিয়াটো চৰকাৰৰ কাৰ্যকালত সম্পন্ন হ’ব। তেওঁ কয়, “মই তাৰিখ দিব বিচৰা নাই। জুলাই নহয়, আগষ্টতো হ’ব পাৰে। কিন্তু সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমাৰ কাৰ্যকালতে সম্পন্ন হ’ব।”

ওদালগুৰিত জন ঔষধি দিৱস উদযাপন, স্বাস্থ্য সজাগতা বৃদ্ধি

ওদালগুৰিত জন ঔষধি দিৱস উদযাপন, স্বাস্থ্য সজাগতা বৃদ্ধি
ওদালগুৰিত জন ঔষধি দিৱস উদযাপন, স্বাস্থ্য সজাগতা বৃদ্ধি

ওদালগুৰি, ৭ মাৰ্চ: ৰাজ্যৰ আন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো আজি জন ঔষধি দিৱস উদযাপন কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু পানেৰি কোঅপাৰেটিভ ছচাইটিৰ সহযোগত পানেৰি জন ঔষধি কেন্দ্ৰত এই দিৱস উদযাপন কৰা হয়।

অনুষ্ঠানত বিটিআৰ চৰকাৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ মন্তব্য কৰে যে, জন ঔষধি কেন্দ্ৰৰ মাধ্যমেৰে সাধাৰণ ৰাইজে সুলভ মূল্যত গুণগত মানসম্পন্ন ঔষধ লাভ কৰি যথেষ্ট উপকৃত হৈছে। লগতে, অধিকসংখ্যক ঠাইত জন ঔষধি কেন্দ্ৰ স্থাপন কৰাৰ আহ্বান জনায়।

উক্ত দিৱসত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া স্বাস্থ্য সঞ্চালক ভুৱনেশ্বৰ স্বৰ্গীয়াৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰগ্ৰাম মেনেজাৰ বাচিল টপ্প, জিলা মিডিয়া বিশেষজ্ঞা মধুস্মিতা বৈশ্য লগতে পানেৰি কোঅপাৰেটিভ ছচাইটিৰ সভাপতি, সদস্য আৰু একাংশ হিতাধিকাৰী উপস্থিত থাকে। অনুষ্ঠানত জন ঔষধি যোজনা আৰু স্বাস্থ্য সজাগতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

মাৰ্ঘেৰিটাত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন ।International Women’s Day

মাৰ্ঘেৰিটাত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন ।International Women's Day
মাৰ্ঘেৰিটাত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন ।International Women's Day

মাৰ্ঘেৰিটা, ৭ মাৰ্চ: International Women’s Day । আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন উপলক্ষে মাৰ্ঘেৰিটাৰ নিউ কলনীৰ চাও চেং ৰৌণ খেলপথাৰত বৃহত্তৰ বৰগোলাই নাৰী সমাজৰ উদ্যোগত দুদিনীয়া বনাঢ্য কাৰ্যসূচী আৰম্ভ হৈছে।

আজিৰ কাৰ্যসূচী অনুসৰি বিশিষ্ট মহিলা সমাজকৰ্মী ৰঞ্জু বৰুৱা চেতিয়াই পতাকা উত্তোলন কৰে। তাৰ পিছতে বিনু বৰুৱাই স্মৃতি-তৰ্পণ কৰে। উদ্বোধনী অনুষ্ঠানত কৃষ্ণাশ্ৰী গগৈয়ে মহিলাসকলৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে।

উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে যে বঁটা বিতৰণী অনুষ্ঠান আৰু মুকলি সভাৰ মাধ্যমেৰে এই দুদিনীয়া নাৰী দিৱস উদযাপনৰ সামৰণি কৰা হ’ব। নাৰী শক্তিক আগবঢ়াই অনাৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানত অঞ্চলটোৰ বহু সংখ্যক মহিলাই অংশগ্ৰহণ কৰে।

বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰীৰ সৈতে পবিত্ৰ মাৰ্ঘেৰিটাৰ সাক্ষাৎ । Pabitra Margherita

গুৱাহাটী, ৭ মাৰ্চ: Pabitra Margherita । কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই চৰকাৰী ভ্ৰমণসূচীৰ অংশস্বৰূপে কেৰিবিয়ান দেশ বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মিয়া মটলীৰ সৈতে সাক্ষাৎ কৰে। বৈঠকটোত ভাৰত-বাৰ্বাডোছৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ উপায় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বিষয় আলোচনা হয়।
বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰীৰ সৈতে পবিত্ৰ মাৰ্ঘেৰিটাৰ সাক্ষাৎ । Pabitra Margherita

গুৱাহাটী, ৭ মাৰ্চ: Pabitra Margherita । কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই চৰকাৰী ভ্ৰমণসূচীৰ অংশস্বৰূপে কেৰিবিয়ান দেশ বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মিয়া মটলীৰ সৈতে সাক্ষাৎ কৰে। বৈঠকটোত ভাৰত-বাৰ্বাডোছৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ উপায় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বিষয় আলোচনা হয়।

মন্ত্ৰী মাৰ্ঘেৰিটাই X-ৰ মাধ্যমেৰে বৈঠকৰ বিষয়ে জনাই লিখিছে, “বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মাননীয় মিয়া মটলীক সাক্ষাতৰ বাবে সন্মানিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ হৈ উষ্ম শুভেচ্ছা জনালোঁ। কোভিড-১৯ মহামাৰীৰ সময়ত কৌশলগত নেতৃত্ব আৰু সহায়ৰ স্বীকৃতি হিচাপে মোদীজীক ‘বাৰ্বাডোছৰ স্বাধীনতাৰ সন্মানীয় আদেশ’ বঁটা প্ৰদান কৰাৰ বাবে বাৰ্বাডোছ চৰকাৰ আৰু দেশখনৰ জনসাধাৰণলৈ কৃতজ্ঞতা জ্ঞাপন কৰোঁ।”

উল্লেখ্য যে, বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ ‘বাৰ্বাডোছৰ স্বাধীনতাৰ সন্মানীয় আদেশ’ বঁটা গ্ৰহণ কৰে মন্ত্ৰী মাৰ্ঘেৰিটাই। এই বঁটা প্ৰদানৰ ঘোষণা বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মিয়া মটলীয়ে ২০২৩ চনৰ নৱেম্বৰত গায়েনাৰ জৰ্জটাউনত অনুষ্ঠিত দ্বিতীয় ভাৰত-কেৰিকম নেতা সন্মিলনত কৰিছিল। মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু নেতৃত্বৰ প্ৰশংসা কৰি এই স্বীকৃতি প্ৰদান কৰা হয়।

বঁটা গ্ৰহণৰ সময়ত মন্ত্ৰী মাৰ্ঘেৰিটাই কয়, “প্ৰধানমন্ত্ৰী মোদীক প্ৰতিনিধিত্ব কৰা আৰু তেওঁৰ হৈ এই সন্মান গ্ৰহণ কৰাটো গভীৰ গৌৰৱৰ বিষয়। এই স্বীকৃতিয়ে ভাৰত-বাৰ্বাডোছ সম্পৰ্কৰ শক্তিশালী ভৱিষ্যৎ আৰু সংকটৰ সময়ত সহযোগিতাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে।”

১৯৬৬ চনত কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ পিছৰে পৰা ভাৰত-বাৰ্বাডোছে এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি তুলিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে যে এই বঁটা দুয়োখন দেশৰ মাজত স্থায়ী বন্ধুত্বৰ প্ৰতীক।

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) ২০২৫ৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) ২০২৫ৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) ২০২৫ৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

গুৱাহাটী, ৭ মাৰ্চ: অসম চৰকাৰৰ অধীনত অনুষ্ঠিত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) ২০২৫ৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে।ADREৰ তৃতীয় শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে slrcg3.sebaonline.org আৰু assam.gov.in ত লগতে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা দিয়া প্ৰাৰ্থীসকলে slrcg4.sebaonline.org আৰু assam.gov.inত ফলাফল লাভ কৰিব পাৰিব।

প্ৰাৰ্থীসকলে নিজ নিজ ফলাফল ডাউনলোড কৰিবলৈ নিম্নলিখিত পদক্ষেপ অনুসৰণ কৰিব লাগিব—
✅ নিজ অনুৰূপ ৱেবছাইটত প্ৰৱেশ কৰক।
✅ ADRE Grade 3 বা Grade 4ৰ ফলাফল লিংকত ক্লিক কৰক।
✅ লগইনৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰৱিষ্ট কৰি দাখিল কৰক।
✅ ফলাফল স্ক্ৰিনত প্ৰদৰ্শিত হ’ব, যাক ডাউনলোড কৰি প্ৰিন্ট কৰি ৰাখিব পাৰে।

উল্লেখ্য যে, ২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। ছেপ্টেম্বৰ মাহৰ ১৫ আৰু ২৯ তাৰিখে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ স্নাতক আৰু দশম শ্ৰেণীৰ পৰ্যায়ৰ পৰীক্ষা, লগতে চতুৰ্থ বৰ্গৰ পেপাৰ-১ (HSLC) আৰু পেপাৰ-২ (অষ্টম শ্ৰেণীলৈকে)ৰ পৰীক্ষা অনুষ্ঠিত হয় ২৭ অক্টোবৰত।

এই পৰীক্ষাত উত্তীৰ্ণসকলে নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হ’ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক দক্ষতা পৰীক্ষণ (Skill Test) তথা মৌখিক পৰীক্ষাৰ বাবে বাচনি কৰা হ’ব, যিটো তথ্য-পাতি পৰীক্ষণৰ দ্বাৰা সম্পন্ন কৰা হ’ব।

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) ২০২৫ৰ অধীনত মুঠ ১২,৬০০ টা গ্ৰেড ৩ আৰু গ্ৰেড ৪ পদত নিযুক্তি দিয়া হ’ব। য’ত তৃতীয় শ্ৰেণীৰ বিভিন্ন শাখাত প্ৰায় ১৮.৫০ লাখ আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ১৩.৭০ লাখ পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল। এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

লিখিত পৰীক্ষাৰ পিছত, উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব, যাৰ পিছত চূড়ান্তভাবে নিযুক্তি প্ৰদান কৰা হ’ব।

প্ৰয়াত দুলদুল বৰকটীক স্মৰণ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অংশগ্ৰহণ ।Lurinjyoti Gogoi

প্ৰয়াত দুলদুল বৰকটীক স্মৰণ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অংশগ্ৰহণ ।Lurinjyoti Gogoi
প্ৰয়াত দুলদুল বৰকটীক স্মৰণ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অংশগ্ৰহণ ।Lurinjyoti Gogoi

বিশ্বনাথ, ৭ মাৰ্চ: Lurinjyoti Gogoi । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক দুলদুল বৰকটকীৰ স্মৃতিচাৰণ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ অনুষ্ঠান বৃহস্পতিবাৰে পাভৈ ৰূপজ্যোতি কলা পৰিষদ ভৱনত অনুষ্ঠিত হয়। প্ৰয়াত দুলদুল বৰকটীক স্মৰণ কৰি আয়োজিত এই সভাত অসমৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে।

দুলদুল বৰকটী ২৯ নবেম্বৰ, ২০২৪ তাৰিখে ইহলীলা সম্বৰণ কৰে। অসমীয়া সমাজ গঠনত তেওঁৰ অৱদান অপৰিসীম আছিল। বিভিন্ন ভাষাভাষী ৰাইজক একতাৰ বন্ধনত আবদ্ধ কৰি সমন্বয় সাধন কৰাত তেওঁৰ বিশেষ ভূমিকা আছিল। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ আদৰ্শক অৱলম্বন কৰি, দুলদুলে মানৱতাবাদৰ দৰ্শন বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰিছিল। সেয়েহে তেওঁক ‘সমন্বয়ৰ স্ৰষ্টা’ বুলি অভিহিত কৰা হৈছিল।

স্মৃতিচাৰণ সভাত প্ৰয়াত দুলদুল বৰকটীৰ প্রতিচ্ছবিত মাল্যাৰ্পণ কৰে তেওঁৰ মাতৃ মিনতি বৰকটীক। তাৰ পিছতে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই প্ৰাক্তন ছাত্ৰ নেতা তথা অসম জাতীয় পৰিষদৰ সম্পাদক দুলদুল বৰকটীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তদুপৰি, প্ৰয়াত দুলদুলৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয়।

সভাখনৰ সভাপতিত্ব কৰে আয়োজক সমিতিৰ সভাপতি ৰসেশ্বৰ খাউণ্ডে, আৰু আঁত ধৰে সম্পাদক জিন্টু বৰা আৰু সুশীল তাঁতিয়ে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সভাত অংশগ্ৰহণ কৰি অসমীয়া জাতীয় জীৱনত দুলদুল বৰকটীৰ ভূমিকা বিষয়ে আলোকপাত কৰে। তেওঁ ঘোষণা কৰে যে ২৯ নবেম্বৰ দিনটোক অসম জাতীয় পৰিষদে ‘সমন্বয়ৰ দিন’ হিচাপে পালন কৰিব।

অনুষ্ঠনত অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰী, জিয়াউৰ ৰহমান, বিশ্বনাথ জিলাৰ সভাপতি অমৃত হাজৰিকা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিক্ৰম বিকাশ বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত বৰুৱা, আৰু জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই বক্তব্য ৰাখে।

অনুষ্ঠানত প্ৰয়াত দুলদুল বৰকটকীৰ স্মৃতিত ৰমেশ চন্দ্ৰ চৰেণ আৰু মঃ আজমত শ্বেখৰ সম্পাদনাত ‘স্মৃতিৰ সুবাস’ নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। সন্ধিয়া ভাগত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সফল সামৰণি ঘটে।

২০৪৭ চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব ভাৰত । INDIA

২০৪৭ চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব ভাৰত । INDIA
২০৪৭ চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব ভাৰত । INDIA

দৰং, ৭ মাৰ্চ: INDIA । কেন্দ্ৰীয় বাজেট ২০২৫-২৬ৰ সন্দৰ্ভত দৰং জিলা বিজেপি কাৰ্য্যালয়ত আজি এক সংবাদ মেল অনুষ্ঠিত হয়। উক্ত সংবাদ মেলত উপস্থিত থাকে সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বিজেপিৰ সম্পাদক পল্লব লোচন দাস, জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকা আৰু বিধায়ক পৰমানন্দ ৰাজবংশী।

সংবাদ মেলত সাংসদ দিলীপ শইকীয়াই কেন্দ্ৰীয় বাজেটত নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত লোকসকলৰ বাবে গৃহীত বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰে। তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব। এই বাজেটখন দেশৰ সকলো স্তৰৰ জনসাধাৰণক সঁপাই লৈ প্ৰস্তুত কৰা হৈছে।

সাংসদ দিলীপ শইকীয়াই উল্লেখ কৰে যে ভাৰতবৰ্ষত বৰ্তমান ২৫ কৌটি জনতা দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। ইয়াৰোপৰি, মধ্যবিত্ত জনতাই ১২ লাখ টকা পৰ্যন্ত আয়কৰে কৰ মুকলি সুবিধা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে এই বাজেটৰ জৰিয়তে দেশত শূন্য দৰিদ্ৰতাৰ লক্ষ্য স্থাপন কৰিছে।

সংবাদ মেলতে সাংসদ দিলীপ শইকীয়াই দৰং জিলাৰ পৰিবহন ব্যৱস্থাৰ উন্নতিৰ বিষয়েও গুৰুত্ব প্ৰদান কৰে। তেওঁ কয় যে দৰং জিলা ৰেল মানচিত্ৰত সংযোগ হ’ব, আগীয়াঠুৰীৰ পৰা ডেকাৰ গাঁওলৈ ১২৮.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেলপথ নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপ দৰং জিলাৰ পৰিবহন ক্ষেত্ৰত এক যুগান্তকাৰী পৰিবৰ্তন আনিব বুলি সাংসদ শইকীয়াই ব্যক্ত কৰে।

সংবাদ মেলখনত উপস্থিত সকলো বিজেপি নেতা-কৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণমুখী এই বাজেটক সফল প্ৰচেষ্টাৰ ৰূপ হিচাপে অভিহিত কৰে।