Home Blog Page 3297

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়লৈ সফলতা আনিলে নাউজিচে ।

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়লৈ সফলতা আনিলে নাউজিচে ।

দৈনন্দিন বাৰ্তা :

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ নাউজিচ চাৰমি খানে ৮৩.৫% নম্বৰ লাভ কৰি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ নাজিৰা নগৰৰ নিবাসী নজিৰুল খান আৰু মুজিদা ৰহমানৰ কন্যা নাউজিচে অসমীয়াত ৮৪, ইংৰাজীত ৮৭, সাধাৰণ গণিতত ৫৯, সাধাৰণ বিজ্ঞানত ৮৭, সমাজ বিজ্ঞানত ৮৪ আৰ আৰু আই টিত ১০০ নন্বৰ লাভ কৰে। তেওঁৰ এনে সফলতাত বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক অতি আনন্দিত হোৱাৰ লগতে নাউজিচ চাৰমি খানৰ উজ্বল ভবিষৎ কামনা কৰে।

ডাক্তৰৰ কথা : ডাক্তৰ শোৱা নাই, অনিঃশেষ কৃতজ্ঞতা ।

 ✍ ৰাজীৱ কমল শইকীয়া

অনুজীৱৰ ত্ৰাসৰ এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী, বেচৰকাৰী হাস্পতালৰ অনেক চিকিৎসক তথা চিকিৎসা কৰ্মীও কৰ’ণাত আক্ৰান্ত হৈছে। বৰ্তমান মানৱ জাতিৰ মূল ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ এই লোকসকলৰ মাজৰ বহু গৰাকীয়ে সমৰ্পণৰ জড়িয়তে অদৃশ্য শত্ৰুৰ লগত কৰা যুদ্ধখনত জীৱন হেৰুওৱাৰ বাতৰিও আমি শুনিবলৈ পাইছোঁ। তথাপিও স্থবিৰ যোৱা নাই চিকিৎসক বা এই সেৱাৰ লগত সংযুক্ত অন্য সকলৰ অকৃত্ৰিম দায়বদ্ধ-কৰ্তব্য। বীজাণু বিধৰ অতি দ্ৰুত প্ৰসাৰতা ৰোধ কৰি দি মানৱ জাতিক কৰ’ণামুক্ত কৰি তুলিবলৈ অতন্দ্ৰতাৰে কৰ্মত মগ্ন এই সকল দেৱ-তুল্য মানুহৰ বিৰামহীন সেৱা দেখি শ্ৰদ্ধাত শিৰ দোঁখাই আহে। বাতৰিত আমি সকলোৱে দেখিবলৈ পাইছোঁ গৰমৰ কথা চিন্তা নকৰাকৈয়ে বাতানুকুল বা অবাতানুকুল সকলো হস্পিতাল, কোৱাৰেণটাইন শিবিৰ ইত্যাদি সকলোতে নি:সংকোচে পিপিই কিট পৰিধান কৰি কভিড-১৯ৰ চিকিৎসা আগবঢ়াই থকা তেখেতসকলৰ ছবি বা দৃশ্য-শ্ৰৱ্য ৰূপ। তাক দেখি প্ৰতিজন অনুভৱী মানুহে নিৰলে উচুপি উঠিছে। নিজৰ পৰিয়াল-পৰিজনৰ পৰা দূৰ হৈ থাকি, মানৱ জাতিক হতাশ হৈ যাবলৈ নিদিয়াকৈ ৰাখি, এই চৰম বিপদ সংকুলতাৰ পৰা পৰিত্ৰাণৰ অৰ্থেও কি কৰা নাই তেখেত সকলে। সংকট-মোচনৰ উদ্দেশ্যেৰে তেখেতসকলে কৰা ত্যাগৰ ওচৰত ঋণগ্ৰস্ত আমি কিয়েইবা কৰিব পাৰোঁ, মাথোঁ অন্তৰ পৰা অনিঃশেষ কৃতজ্ঞতা আগবঢ়ালোঁ লগতে প্ৰাৰ্থনাত চামিল কৰি ললোঁ তেখেত সকলৰ কুশল কামনাৰ কথাও। একবিংশ শতিকাৰ এই সময়, ইতিহাস লিখোঁতাসকলে তেখেতসকলৰ লগতে সন্মানীয় প্ৰশাসন, পুলিচ, সাংবাদজগত আৰু শ্ৰদ্ধাৰ চুইপাৰ সকলৰ কথাও ধন্যবাদ-কৃতজ্ঞতাৰ দীপ্তমান আখৰেৰে লিপিবদ্ধ কৰি, নিজেও সমগ্র মানৱ জাতিৰ হৈ উপকাৰত বান্ধ খাই থাকিব, এই কথা নিশ্চিত।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাক সহায়ৰ হাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়াই ।

গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাক সহায়ৰ হাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়াই ।

দৈনন্দিন বাৰ্তা :

সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতেই গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাক সহায়ৰ হাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়াই। গহপুৰ নিগমৰ পাৰ্বতী নাথ নামৰ এগৰাকী সত্তোৰোৰ্দ্ধৰ আইতাৰ জীৱন দুৰ্দশাৰ কথা প্ৰকাশ পাইছিল সংবাদ মাধ্যমত। সাত বছৰ কাল ৰোগীয়া দেহাৰে কেইটামান ফটা বস্তাত মজিয়াত শুই জীৱন নিৰ্বাহ কৰিছিল। এক অস্বাস্থ্যকৰ পৰিৱেশত দিন-নিশা পাৰ কৰিছিল আইতা গৰাকীয়ে। বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়া উপস্থিত হৈ আইতা গৰাকীৰ স্বাস্থ্য অৱস্থা বুজ লৈ আইতাক কিছু খাদ্য সামগ্ৰী প্ৰদান কৰা লগতে খোৱা পানী বাবে এটা দালকল প্ৰদান কৰে। ইয়াৰোপৰি পূৱ ডুবিয়া পঞ্চায়ৰ সভাপতি উপস্থিত হৈ নিজা ববীয়াকৈ এটা পানী ফিল্টাৰ দিয়া কথা সদৰী কৰে।

মোডী চৰকাৰৰ আর্থিক পেকেজে অর্থনীতিৰ চকা ঘুৰাব নোৱাৰে : প্ৰধানমন্ত্ৰীৰ অন্যতম মুখ্য আৰ্থিক উপদেষ্টা মণ্ডলীৰ সদস্যা অসীমা গোৱেলে ।

দৈনন্দিন বাৰ্তা :

মোডী চৰকাৰৰ আর্থিক পেকেজে অর্থনীতিৰ চকা ঘুৰাব নোৱাৰে৷ আত্মনিৰ্ভৰ ভাৰত প্ৰকল্পৰ আওতাত প্ৰায় ২১ লাখ কোটি টকাৰ আৰ্থিক পেকেজক লৈ কেন্দ্ৰক বৃহৎ প্ৰশ্ন উত্থাপন কৰিলে প্ৰধানমন্ত্ৰীৰ অন্যতম মুখ্য আৰ্থিক উপদেষ্টা মণ্ডলীৰ সদস্যা অসীমা গোৱেলে৷ চেম্বাৰ অব কমাৰ্চৰ এক ভাৰ্চুৱেল সভাত ভাষণ আগবঢ়াই তেওঁ কয়,  আৰ্থিক ব্যৱস্থা পুনৰুদ্ধাৰ কৰিবলৈ মানুহৰ চাহিদা বঢ়োৱাৰ দিশত বেছি জোৰ দিয়া উচিত আছিল চৰকাৰৰ৷ বহু ফাঁকফুকৰে গৈছে এই পেকেজ৷ অনতিপলমে পেকেজটোক লৈ পুনৰ বিবেচনা আৰম্ভ কৰক কেন্দ্ৰই৷ আৰ্থিক উদ্দীপক যিবোৰ ত্ৰাণৰ কথা কোৱা হৈছে তাত সকলো কেইটাই অৰ্থনৈতিক ক্ষেত্ৰৰ সৈতে যুক্ত৷ ইয়াত জনসাধাৰণৰ চাহিদা নাবাঢ়ে৷ যোগান আৰু চাহিদাৰ মাজত সামঞ্জস্য নাথাকিলে দেশৰ অৰ্থনীতি লাহে লাহেই থাকিব৷ অৰ্থনীতিত ক’ৰোনাৰ আঘাত বেছিদিন স্থায়ী নহয়৷ ক’ৰোনাৰ সংকটত সম্পদৰ ক্ষয়ক্ষতি হোৱা নাই৷ পৰিস্থিতি এবাৰ স্বাভাৱিক হ’লে আৰম্ভ কৰিলে দ্ৰুত অৰ্থ ব্যৱস্থাৰ দ্ৰুত উন্নতি সম্ভৱ৷ মোডী চৰকাৰৰ আৰ্থিক পেকেজত হয়তু কল কাৰখানা খুলিব৷ উৎপাদন হ’ব৷ পণ্যৰ যোজান বাঢ়িব৷ কিন্তু চাহিদা বাঢ়ি নাযায়৷ কাৰণ মানুহৰ হাতত কি কৰি টকা তুলি দিয়া হ’ব, তাৰ কথা কোৱা নাই পেকেজে৷ এনেদৰে কয় অৰ্থনীতিবিদ অসীমা গোৱেলে ৷

লকডাউনৰ পিছত যাত্ৰাৰ বাবে সাজু মাজুলীৰ মৃৎ শিল্পীৰ বনিজৰ নাও ।

লকডাউনৰ পিছত যাত্ৰাৰ বাবে সাজু মাজুলীৰ মৃৎ শিল্পীৰ বনিজৰ নাও ।

দৈনন্দিন বাৰ্তা:

দীৰ্ঘদিনীয়া লকডাউনৰ ফলত ব্যৱসায় কৰিবলৈ যাব নোৱাৰি গভীৰ সংকটৰ সন্মুখীন হোৱা উজনি মাজুলীৰ মৃৎশিল্পৰ ব্যৱসায়ী সকল এতিয়া ভৰ বাৰিষা মৰণত শৰণ দি বনিজলৈ যাত্ৰাৰ বাবে সাজু হৈ উঠিছে। ব্যৱসায়ৰ বাবে সাজু হোৱা ব্যৱসায়ী সকলৰ পৰা জানিব পৰা মতে, ইতিমধ্যে তেওঁলোকৰ ৫০ শতাংশ কলহ টেকেলি নষ্ট হৈছে। বৰ্তমানো বহুতো লোকে প্ৰকৃতিৰ প্ৰতিকূলতাৰ বাবে বনিজলৈ যাবলৈ সাহস গোটাব পৰা নাই আৰু তেওঁলোকৰ কলহ টেকেলিসমূহ নদীৰ পাৰতে যহি খহি যাবলৈ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, শালমৰাৰ লোকসকলে মৃৎ শিল্পৰ ব্যৱসায়ৰ জৰিয়তে বছৰটোৰ ভাত মোকোলাই। কিন্তু চলিত বৰ্ষত ব্যৱসায়ৰ ভৰপক সময়তে ক’ভিড ১৯ৰ বাবে লক ডাউন আৰম্ভ হোৱাত কোনোজন ব্যৱসায়ীয়েই বনিজলৈ যাব নোৱাৰি বৰ্তমান গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে। এনে পৰিপ্ৰেক্ষিতত এই মৃৎ শিল্পৰ ব্যৱসায়ীসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ সচেতন মহলে চৰকাৰলৈ আহ্বান জনাইছে।

ৰাজ্যৰ ভিতৰতে প্ৰথম আৰু নৱম স্থানপ্ৰাপ্ত দুয়োগৰাকী ছাত্ৰক সম্বৰ্ধনা চ’ছিয়েল মিডিয়া গ্ৰুপ দৃষ্টিৰ ।

ৰাজ্যৰ ভিতৰতে প্ৰথম আৰু নৱম স্থানপ্ৰাপ্ত দুয়োগৰাকী ছাত্ৰক সম্বৰ্ধনা চ'ছিয়েল মিডিয়া গ্ৰুপ দৃষ্টিৰ ।

দৰঙৰ চ’ছিয়েল মিডিয়া গ্ৰুপ দৃষ্টিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম আৰু নৱম স্থানপ্ৰাপ্ত দুগৰাকী ছাত্ৰক নিজ নিজ বাসগৃহত জনালে সম্বৰ্ধনা৷  ঐক্য-সংহতি আৰু ভাতৃত্ববোধৰ মূল মন্ত্ৰৰে শিক্ষা-সাহিত্য আৰু সংস্কৃতিৰ দিশত সেৱা আগবঢ়াই অহা চ’ছিয়েল মিডিয়া গ্ৰুপ “দৃষ্টি”ৰ সদস্য সকলে বিগত দিনত সমাজিক  ক্ষেত্ৰত বিভিন্ন গঠনমূলক কাম কৰি অহা পৰিলক্ষিত হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত সদস্য সকলে বিভিন্ন সময়ত বিভিন্ন ধৰনে অনুপ্ৰেৰণা আৰু  সহায়-সহযোগ আগবঢ়াই আহিছে। প্ৰতি বছৰে কৃতী ছাত্ৰ-ছাত্ৰী সকলক দৃষ্টিয়ে ৰাজহুৱাভাৱে   অভিনন্দন জনায় আহিছে যদিও এইবাৰ বিশ্বব্যাপী কৰ’ণা মহামাৰীৰ বাবে দৃষ্টিৰ সদস্য সকলে এইবাৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা ধৃতিৰাজ বাস্তৱ কলিতা আৰু নৱম স্থান লাভ কৰা ভৃগু মোহন কুমাৰৰ বাসগৃহত উপস্থিত হৈ কীৰ্তিমান দুগৰাকীক ফুলাম গামোচা,  ফুলাম জাপি, ফুলৰ থোপা,  অভিনন্দন পত্ৰ আৰু কিতাপৰ টোপোলাৰে বিশেষ ভাৱে অভিনন্দন জনায়৷ দৰং গৌৰৱ প্ৰথম আৰু নৱম স্থানপ্ৰাপ্ত দুয়োগৰাকী ছাত্ৰই ভৱিশ্যতে যাতে দৰঙৰ বাবে গৌৰৱ কঢ়িয়াই আনিৱ পাৰে তাৰে কামনা কৰে চ’ছিয়েল মিডিয়া গ্ৰুপ দৃষ্টিয়ে৷

দৰঙৰ ভেৰুৱাৰ কুলদীপ পৰাশৰে দুটাকৈ বিষয়ত ১০০% নম্বৰ লাভ কৰিও অৰ্থৰ অভাৱত উচ্চ শিক্ষাৰ পৰাও বঞ্চিত হ’ব নেকি !

দৰঙৰ ভেৰুৱাৰ কুলদীপ পৰাশৰে দুটাকৈ বিষয়ত ১০০% নম্বৰ লাভ কৰি সকলো কেইটা বিষয়ত লেটাৰ নম্বৰ পাই ডিষ্টিংচন পাবলৈ সক্ষম হয় ।

দৰঙৰ পৰা জয়দেৱ ডেকা :

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত দুটাকৈ বিষয়ত ১০০% নম্বৰ লাভ কৰি সকলো কেইটা বিষয়ত লেটাৰ নম্বৰ পাই ডিষ্টিংচন পাবলৈ সক্ষম হোৱা এজন মেধাৱী ছাত্ৰ চৰম হতাশাগ্ৰস্ত৷ দৰিদ্ৰতাই উচ্চ শিক্ষাৰ বাবে  হেঙাৰ হৈ পৰিছে মেধাৱী ছাত্ৰ  গৰাকীৰ৷ সৰুৰে পৰা অত্যাধিক মেধাসম্পন্ন দৰঙৰ ভেৰুৱাৰ কুলদীপ পৰাশৰ নামৰ ছাত্ৰ গৰাকীৰ পিতৃয়ে পঢ়াৰ বাবে সামগ্ৰী যোগান ধৰিব নোৱাৰাৰ বাবে দিপীলা হাইস্কুলৰ প্ৰধান শিক্ষক চমক কলিতাই দশম শ্ৰেণীলৈ পঢ়াৰ দায়িত্ব বহন কৰিছিল৷  দিপীলা হাইস্কুলৰ পৰা কুলদীপ পৰাশৰে পৰীক্ষাত অৱতীৰ্ণ হৈ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত সাধাৰণ গণিত আৰু ঐচ্ছিক গণিতত ১০০ শতাংশ নম্বৰ পোৱাৰ উপৰিও সাধাৰণ বিজ্ঞানত ছাত্ৰ গৰাকীয়ে ৯৭ নম্বৰ পাৱলৈ সক্ষম হয়৷ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত কুলদীপ পৰাশৰৰ পিতৃয়ে টিউচনৰ ব্যৱস্থা কৰি দিব নোৱাৰিলে যদিও ৫৫৬ নম্বৰ লাভ কৰে ছাত্ৰ গৰাকীয়ে৷ ফলাফল ঘোষণা হোৱাৰ পিছতে পৰিয়ালৰ মাজত আনন্দময় পৰিবেশে বিৰাজ কৰিলে যদিও অৰ্থৰ অভাৱত উচ্চ শিক্ষাৰ বাবে হেঙাৰ হৈ পৰিছে ছাত্ৰ গৰাকীৰ৷ বিজ্ঞান শাখাত নামভৰ্তি কৰিব বিছৰা মেধাৱী  ছাত্ৰ গৰাকী এতিয়া চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ উল্লেখযোগ্য যে ছাত্ৰ গৰাকীৰ পিতৃ ১৯৯৯ চনত নিযুক্তি পোৱা এগৰাকী শিক্ষক৷ দুখৰ বিষয় চৰকাৰে ১৯৯৯ চনত নিযুক্তি পোৱা শিক্ষক সকলক চাকৰিৰ পৰা অব্যাহতি দিয়াত   ছাত্ৰ গৰাকীৰ পিতৃ দেবেন শৰ্মাৰ পৰিয়াললৈয়ো নামি আহিছিল দুৰ্যোগ৷ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ পোহৰৰ বাট দেখুৱাই দিয়া দেবেন শৰ্মাৰ মেধাৱী ছাত্ৰ কুলদীপ পৰাশৰে এতিয়া উচ্চ শিক্ষাৰ বাবে এন্ধাৰ দেখিছে৷ ছাত্ৰগৰাকীৰ লগতে পৰিয়ালটিয়ে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক অনুৰোধ জনাইছে উচ্চ শিক্ষাৰ বাবে কুলদীপ পৰাশৰৰ পঢ়াৰ দায়িত্ব বহন কৰিবলৈ৷ আপুনিও যদি মেধাৱী ছাত্ৰ  গৰাকীক সহায়ৰহাত আগবঢ়াব খোজে তেনেহলে উচ্চ শিক্ষা লাভ কৰিব পাৰিব কুলদীপ পৰাশৰে৷ আপোনাৰ অলপমান সহায়ে ছাত্ৰ গৰাকীৰ জীৱন সলনি কৰিব পাৰিব৷

অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন : ঘটনাস্থলীত সংগ্ৰামী যুৱ-ছাত্ৰৰ প্ৰতিনিধি দল ।

দিলীপ হাজৰিকা :

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নাজিৰা মহকুমাৰ অশান্তজৰ্জৰ গেলেকী শিঙিবিল অঞ্চলত “সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ”ৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ কালি নগাৰ আগ্ৰাসন প্ৰতিৰোধ আৰু সীমাবিবাদ শীৰ্ঘ্ৰে নিষ্পত্তিৰ বাবে অসম চৰকাৰ তথা প্ৰশাসন কৰ্তৃপক্ষক আহ্বান জনায়। উল্লেখযোগ্য যে,  নাজিৰা মহকুমাৰ সীমান্তৱৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ বৃহৎ ভূখণ্ড ইতিমধ্যে নগাই বেদখল কৰাৰ পাছত শেহতীয়াকৈ নাগালেণ্ডৰ প্ৰশাসনৰ সহযোগত নগাই অসমৰ বৃহৎ ৰাজহ ভূমি দখলৰ বাবে যোৱা কেইবাদিন ধৰি প্ৰচেষ্টা চলোৱাৰ উপৰি কেইবাটাও গৃহ নিৰ্মাণ কৰাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত তাণ্ডৱ অব্যাহত ৰাখিছে। যোৱা দহ জুনত শিৱসাগৰ জিলা প্ৰশাসনে অসমৰ ভূখণ্ডত নগাই নিৰ্মাণ কৰা গৃহ ভাঙি উচ্ছেদ কৰাৰ উপৰিআগ্ৰাসী নগা বাহিনীক খেদি পঠিয়াইছিল। ইয়াৰ পিছতো পুনৰ নগাই অঞ্চলটোত বাংকাৰ নিৰ্মাণ কৰি এম্বুজদি থকাত সীমান্তৱৰ্তী অসমীয়া লোকে ভীতিগ্ৰষ্ঠ হৈ পৰে আৰু বৰ্তমানেও আতংকময় পৰিৱেশে বিৰাজ কৰিছে। অসম আৰক্ষী বেটেলিয়নৰ দলে অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। এনে পৰিস্থিতিৰ মাজতে যোৱা কালি সংগ্ৰামী যুৱ-ছাত্র পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি পংকজ দত্ত,  নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি নাচিম ৰহমান হাজৰিকা,  সাধাৰণ সম্পাদক বিকাশ গগৈৰ লগতে কেইবাজনো বিষয়-ববীয়াই ঘটনাস্থলীত উপস্থিত হৈ নগাই অসমৰ ভূখণ্ডত অব্যাহত ৰখা আগ্ৰাসনৰ বুজ লয় আৰু নগাৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। আনহাতে সংগঠনটোৱে নগাৰ বিৰুদ্ধে  শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা প্ৰশাসনৰ অভিযান তথা পদক্ষেপক আদৰণি জনায়। সংগঠনটোৱে সীমান্ত অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু সীমান্তবাসী  অসমীয়াৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে অসম-নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সমস্যা কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ যোগে দুয়োখন ৰাজ্যৰ মাজত আলোচনাৰ মাধ্যমেৰে স্থায়ী সমাধানৰ দাবী জনাইছে। ইয়াৰ অন্যথা অনাগত সময়ত অসমৰ ভূখণ্ডত পুনৰ নগাৰ আগ্ৰাসন আৰু তাণ্ডৱ চলিলে সংগঠনটোৱে সীমান্তৱৰ্তী ৰাইজৰ সহযোগত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি এক বিবৃতি যোগে সকীয়াই দিয়ে। 

নৱেম্বৰত দেশত শীৰ্ষ পাবগৈ ক’ৰোনা সংক্ৰমণ ।

দৈনন্দিন বাৰ্তা :

দেশত ক’ৰোনা সংক্রমণ শীৰ্ষত চুবগৈ নৱেম্বৰৰ মাজভাগত৷ তেতিয়াৰ বাবে আইচিইউ, বিচনা আৰু ভেণ্টিলেটৰ সাজু কৰি ৰাখিব লাগিব৷ এইদৰে কৈছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ গঠিত অপাৰেচন ৰিচাৰ্চ গ্ৰুপৰ সমীক্ষাই৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত দেশত নতুন ক’ৰোনা ৰোগীৰ সংখ্যা ১১,৯২৯ জন। মৃত্যু হৈছে ৩১১ জন। সমীক্ষাত কোৱা মতে লকডাউনৰ ফলতে ভাৰতত সংক্রমণ শীৰ্ষত পাবলৈ ৩৪ দিনৰ ঠাইত ৭৬ দিন পলম হ’ল৷ স্বাস্থ্য পৰিকাঠামো চূড়ান্ত কৰাৰ সময় আহি পৰিছে৷ সংক্ৰমিতৰ সংখ্যা যিমান হোৱা উচিত আছিল তাতকৈ ৬৯ শতাংশৰ পৰা ৯৭ শতাংশ কম৷ লকডাউনৰ পাছত জনস্বাস্থ্য ব্যৱস্থা ৬০ শতাংশ বেছি বেগত হৈছে বুলি সমীক্ষাত প্ৰকাশ৷ ইয়াৰ ফলত নৱেম্বৰৰ প্ৰথম সপ্তাহ পৰ্যন্ত চিকিৎসাৰ পৰিকাঠামোত ঘাটি নপৰে৷ কিন্তু তাৰ পাছত ৫.৪ মাহ ধৰি আইছ’লেচন বিচনাৰ অভিৱ দেখা দিব পাৰে৷ আইচিইউৰ বিচনাৰ টনাটনি হ’ব পাৰে ৪.৬ মাহ আৰু ভেণ্টিলেটৰৰ ঘাটি থাকিব পাৰে ৩.৯ মাহ৷ পৰিকাঠামোৰ বৰ্তমান অৱস্থাৰ হিচাপত এই আশংকা কৰা হৈছে৷ গৱেষকসকলৰ মতে টনাটনিৰ এই চিত্ৰ যিমান হ’ব পাৰে তাতেকৈ ৮৩ শতাংশ কম৷ এয়া লকডাউনৰ ফলতে সম্ভৱ হৈছে৷ আনলক পৰ্বত ভাৰতৰ বিভিন্ন এলেকাত সংক্ৰমণ বাঢ়িছে৷ সমীক্ষাটোৰ মতে, জনস্বাস্থ্য পৰিকাঠামোৰ আওতা ৮০ শতাংশ পৰ্যন্ত বঢ়ালে মহামাৰীৰ প্ৰকোপ কমিব পাৰে৷ লকডাউনৰ সময়ত পৰিকাঠামো যিদৰে বাঢ়িছিল তাৰ পৰা মুঠ আক্ৰান্তৰ ৭০ শতাংশ আৰু নতুন ৰোগীৰ ২৭ শতাংশ কম হ’ব পাৰে৷ ক’ৰোনা চিকিৎসাত ৬০ শতাংশ মানুহ মৃত্যুৰ পৰা বাচিছে৷ ক’ৰোনা ৰোধত স্বাস্থ্য খণ্ডত সকলো মিলি জিডিপিৰ ৬.২ শতাংশ খৰচ হ’ব পাৰে বুলি সমীক্ষাটোত প্ৰকাশ৷

কলিয়াবৰৰ ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ বাবে ৫২ কোটি টকাৰ অভিলাষী আঁচনি প্ৰস্তুত। বিধায়কৰ চিগনেচাৰ আঁচনি ১০ কোটি টকাৰে নিৰ্মাণ হ’ব ফুটবল খেলা-পথাৰসহ দুমহলীয়া পেভিলিয়ন, থাকিব যাৱতীয় অত‍্যাধুনিক ব‍্যৱস্থাসমূহ ।

দৈনন্দিন বাৰ্তা :

কলিয়াবৰৰ নাগশঙ্কৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডা° টি আওৰ স্মৃতিত উৎসৰ্গীত সমগ্ৰ ভাৰতৰে একমাত্ৰ খেলপথাৰ। ইয়াতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ‍্যৰ এতিয়ালৈকে একমাত্ৰ ক্ৰীড়া পেভিলিয়নখনো প্ৰাক্তন দৌৰবিদজনে নিজ হাতেৰে উন্মোচন কৰিছিল। তদানীন্তন কলায়বৰৰ বিধায়ক তথা ৰাজ‍্যৰ উদ‍্যোগ আৰু বাণিজ‍্য মন্ত্ৰী গুণীন হাজৰিকাৰ বিশেষ তৎপৰতাত গঢ়ি উঠিছিল কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ এই খেলাপথাৰখন। যোৱা ২০১৭ চনৰ আগষ্টৰ সংহাৰী বানে ধ্বংসৰ মুখলৈ ঠেলি দিয়া ষ্টেডিয়াখনে সূদীৰ্ঘ উনৈশ বছৰৰ পাছত পূৰ্ণাঙ্গ ৰূপ পাব কলিয়াবৰৰ ডা° টি. আও গ্ৰাম্য ক্ৰীড়াঙ্গনে। পুনৰ প্ৰাণ পাই উঠিব। ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গন হৈ পৰিব কলিয়াবৰ আৰু নিকতৱৰ্তী অঞ্চলৰ ক্ৰীড়াৰ বিকাশৰ অন্যতম ক্ষেত্ৰ। ২০০১ বৰ্ষৰ ১১ মাৰ্চত তদানীন্তন অসমৰ ৰাজ্যপাল এচ. কে. সিনহাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল গ্ৰাম্য ক্ৰীড়াঙ্গনখন। হাটবৰৰ ওচৰৰ নাগশঙ্কৰত অৱস্থিত গ্ৰাম্য ষ্টেডিয়ামখন ২০১৭ চনৰ বানে বিধ্বস্ত কৰাত হৈ পৰিছিল জৰাজীৰ্ণ। বানৰ পিচৰ সময়ছোৱাত ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ উন্নতিকল্পে ৫২ কোটি টকীয়া এক অভিলাষী আঁচনি অসম চৰকাৰৰ ওচৰত দাখিল কৰা হয়। এই আঁচনিৰ সম্পূৰ্ণ ধন আৱণ্টিত হোৱা নাই যদিও সদ‍্যহাতে প্ৰাৰম্ভিক পৰ্য‍্যায়ত অসম চৰকাৰৰ বিধায়কৰ চিগনেচাৰ আঁচনিৰ নামত আৱণ্টিত ১০ কোটি টকাৰ জৰিয়তে ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ আধুনিকীকৰণৰ কাম অহা ১৮ জুন তাৰিখে আনুষ্ঠানিকভাৱে উন্মোচন কৰিব কলিয়াবৰৰ স্থানীয় বিধায়ক তথা ৰাজ‍্যৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই‌। সীমাৰ দেৱাল, ২ মহলীয়া পেভিলিয়ন – ওপৰ মহলাত দৰ্শকৰ বাবে ১৫০০ আসন সমৃদ্ধ গেলাৰী, তলৰ মহলাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অত‍্যাধুনিক সুবিধালব্ধ খেলুৱৈ,  খেল পৰিচালকৰ ড্ৰেছিং ৰুম,  ব‍্যায়ামগাৰ, চিকিৎসকৰ চেম্বাৰ,  দৃশ‍্য-শ্ৰাব‍্য তথা ভিডিঅ’  কন্‌ফাৰেন্সিং ব‍্যৱস্থা,  কাৰ্য‍্যালয়, ফুটবল খেলাপথাৰ,  ফেন্সিং, ফ্লাডলইটৰ ব‍্যৱস্থাকে ধৰি প্ৰাৰম্ভিক পৰ্য‍্যায়ত ১০ কোটি টকাৰ ব‍্যয় সাপেক্ষ আঁচনিৰ ৰূপায়ণ হ’ব।