Home Blog Page 33

Kamakhya Ropeway: উচ্চ ন্যায়ালয়ৰ অনুমতি, পুনৰ আৰম্ভ হ’ব কামাখ্যা ৰ’পৱেৰ কাম

পুনৰ আৰম্ভ হ’ব কামাখ্যা ৰ'পৱেৰ কাম
পুনৰ আৰম্ভ হ’ব কামাখ্যা ৰ'পৱেৰ কাম

দীৰ্ঘদিন ধৰি আইনী (Kamakhya Ropeway) জটিলতাৰ বাবে স্থগিত হৈ থকা মা কামাখ্যা মন্দিৰ এক্সেছ কৰিডৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্য অচিৰেই পুনৰ আৰম্ভ কৰা হ’ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই প্ৰকল্পৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰাৰ পিছত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে আইনী প্ৰক্ৰিয়াৰ বাবে এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো কিছুদিন ধৰি বন্ধ হৈ আছিল। কিন্তু উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক কামাখ্যা মন্দিৰত এক্সেছ কৰিডৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰাৰ ফলত এতিয়া এই প্ৰকল্পৰ কাম আগবঢ়াই নিয়া সম্ভৱ হৈছে।


উল্লেখযোগ্য যে, ফেব্ৰুৱাৰী ১৩ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই প্ৰকল্পৰ বিৰুদ্ধে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন (PIL) আৰু এখন ৰিট আবেদন নিষ্পত্তি কৰে। আবেদনখনত প্ৰকল্পটোৰ সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী কৰাৰ লগতে ১৯৫৮ চনৰ প্ৰাচীন স্মাৰক আৰু প্ৰত্নতাত্ত্বিক স্থান আৰু অৱশেষ আইন উলংঘনৰ আশংকা প্ৰকাশ কৰা হৈছিল। লগতে এই প্ৰকল্পৰ ফলত মন্দিৰৰ মূল গাঁথনি, পবিত্ৰ ভূগৰ্ভস্থ জলধাৰা আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰা হৈছিল। কিন্তু আদালতে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে প্ৰকল্পটোৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ পৰা প্ৰয়োজনীয় সকলো অনুমতি লাভ কৰিছে। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিবে দাখিল কৰা এখন হলফনামাত উল্লেখ কৰা হৈছিল যে, এই প্ৰকল্পটো প্ৰধানমন্ত্ৰীৰ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট (PM-DevINE) আঁচনিৰ অধীনত ৰূপায়ণ কৰা হৈছে।

হলফনামাত আৰু উল্লেখ কৰা হৈছে যে অপৰিকল্পিত আৱাসিক আৰু ব্যৱসায়িক নিৰ্মাণৰ ফলত সময়ৰ সৈতে মন্দিৰৰ সন্মুখভাগৰ সৌন্দৰ্য আৰু পৰিৱেশ ক্ষতিগ্ৰস্ত হৈছে। এই কৰিডৰ প্ৰকল্পৰ জৰিয়তে ভক্তসকলৰ বাবে উন্নত সুবিধা, সকলো বতৰতে ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা আৰু মন্দিৰ পৰিসৰৰ সামগ্ৰিক অৱস্থা উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰকল্পটোৰ ফলত ভূগৰ্ভস্থ জলধাৰাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে নে নাই সেই বিষয়ে নিশ্চিত হ’বলৈ ৰাজ্য চৰকাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) গুৱাহাটীক জলবৈজ্ঞানিক আৰু ভূ-ভৌতিক অধ্যয়ন কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় জলবিজ্ঞান প্ৰতিষ্ঠান, ৰুৰ্কীয়েও এই বিষয়ত গৱেষণা সম্পন্ন কৰে।


এই প্ৰতিবেদনসমূহত উল্লেখ কৰা হৈছে যে এই প্ৰকল্পটো ৰূপায়ণ কৰিলে মন্দিৰৰ প্ৰাচীন গাঁথনি বা পবিত্ৰ ভূগৰ্ভস্থ জলধাৰাৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ নপৰে। আদালতেও এই প্ৰতিবেদনসমূহৰ ভিত্তিত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য আগবঢ়াই নিয়াত কোনো বাধা নাথকা বুলি মন্তব্য কৰে। উচ্চ ন্যায়ালয়ৰ অনুমতি লাভ কৰাৰ পিছত ৰাজ্য চৰকাৰে অহা কেইদিনমানৰ ভিতৰতে কামাখ্যা মন্দিৰ এক্সেছ কৰিডৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ সংবাদমেলঃ সংবাদমেল গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।(Himanta Biswa Sarma)
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।(Himanta Biswa Sarma)

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।(Himanta Biswa Sarma)

সংবাদমেলত গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ৰাজ্যত স্থাপন হ’ব ৪টাকৈ নতুন বিমান বন্দৰ।

ডিফু, মাজুলী, উমৰাংছ’, মানাহত হ’ব বিমান বন্দৰ।

নতুন বিমান বন্দৰৰ বাবে আৰম্ভ হ’ব ছাৰ্ভে ।

অহা দুদিনৰ ভিতৰত আৰম্ভ হ’ব পথ আৰু ৰে’ল সুৰংগ নিৰ্মাণৰ কাম।

ব্ৰহ্মপুত্ৰৰ ১৭৫ ফুট তলেৰে হ’ব সুৰংগ পথটো।

ফৰকাটিঙৰ পৰা গহপুৰ সংযোগী হ’ব নতুন ৰে’ল পথটো।

জাগীৰোডৰ পৰা ওদালগুৰি সংযোগী নতুন ৰাষ্ট্ৰীয় ঘাইপথ হ’ব।

৫০০ মিটাৰ দূৰেৰে ৰে’ল-যান-বাহন পথৰ মাজত সংযোগ থাকিব।

কামাখ্যা ৰোপৱে প্ৰকল্পও অতি সোনকালে আৰম্ভ হ’ব।

প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পৰ।

বাইহাটা চাৰিআলিৰ পৰা দিছপুৰলৈ ৪টা লেনযুক্ত পথ হ’ব।

গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিড’ৰ হ’ব।

শিলচৰ-গুৱাহাটী হাইস্পীড ৰোড অসমে লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে মাৰ্চত শিলন্যাস কৰিব এই প্ৰকল্পৰ।

ইয়াৰ বাবে ব্যয় হ’ব ২২,৮৬৪ কোটি টকা।

ব্ৰহ্মপুত্ৰৰ তলেৰে হ’ব লগীয়া ৰে’ল আৰু পথ সুৰংগ হৈছে বিশ্বৰ দ্বিতীয় দীৰ্ঘতম সুৰংগ পথ।

দেশৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় সুংৰগ পথ য’ত ৰে’ল আৰু যান-বাহন একেলগে চলিব।

জাৰ্মানী-ডেনমাৰ্কক সংযোগ কৰা সুৰংগ পথটো হৈছে বিশ্বৰ দীৰ্ঘতম সুৰংগ পথ।





Narendra Modi: ৰাজ্যত হোৱা উন্নয়নৰ প্ৰধান চালিকা শক্তি বুথৰ কাৰ্যকৰ্তাসকল: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

Narendra Modi: ৰাজ্যত হোৱা উন্নয়নৰ প্ৰধান চালিকা শক্তি বুথৰ কাৰ্যকৰ্তাসকল: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
Narendra Modi: ৰাজ্যত হোৱা উন্নয়নৰ প্ৰধান চালিকা শক্তি বুথৰ কাৰ্যকৰ্তাসকল: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

বিজেপিৰ (Narendra Modi) আজি ৩১,৪৮৬ টা বুথৰ লক্ষাধিক কার্যকর্তাই শংখনাদেবে প্রধানমন্ত্রী নবেন্দ্র মোদীৰ উপস্থিতিত গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত “বিজয় সংকল্প” গ্রহণ কৰে। ২০২৬ চনৰ বিধানসভা নির্বাচনত প্রচণ্ড বহুমতেৰে তৃতীয় বাৰৰ বাবে দিছপুৰত ভাৰতীয় জনতা পার্টিৰ নেতৃত্বত এন ডি এ চৰকাৰ গঠন কৰিবলৈ প্রধানমন্ত্রী নবেন্দ্র মোদীৰ সন্মুখত বিজেপিৰ ৩৯ খন জিলাৰ ৪৩৩ টা মণ্ডলৰ পৰা অহা কার্যকর্তাসকলে প্রতিজ্ঞা গ্রহণ কৰে। অসম প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা মূল সভাত সভাপতিগৰাকীয়ে ব্যক্ত কৰে যে এইবাৰৰ নির্বাচন বিজেপিয়ে বুথ বিজয় হোৱাত অধিক গুৰুত্ব আৰোপ কৰিব।

তৃণমূল পর্যায়ত দলীয় কার্যকৰ্তাক দলৰ নীতি আদৰ্শৰ লগতে চৰকাৰৰ উন্নয়নৰ বাৰ্তা বুথৰ শেষৰগৰাকী ভোটাৰলৈ লৈ যোৱাৰ বাবে সভাপতি গৰাকীয়ে উপস্থিত কার্যকর্তাক আহ্বান কবে। প্রধানমন্ত্রী মোদীৰ উপস্থিতিত বিজেপি কাৰ্যকৰ্তাসকলৰ মনোবল দুগুনে বৃদ্ধি পোৱাৰ লগতে অভিলেখ সংখ্যক ভোটেৰে ২০২৬ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ অংগীকাৰেৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বজ্র গর্জন কৰে। অসমৰ ল’ৰা ছোৱালীয়ে ব্রিটেইনৰ নাগৰিকত্ব লোৱাৰ সলনি ভাৰতী আইৰ নাগৰিক হিচাপে জন্মভূমিতে কর্ম সংস্থাপনেবে গৌরী অসমীয়া হিচাপে প্রতিজন অসমীয়া জীয়াই থকাৰ পৰিৱেশ অনাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বদ্ধপৰিকৰ বুলি বিৰোধীক সকিয়াই দিয়ে। “জনতাৰ বাবেহে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী” এই উক্তি বিজেপিৰ কার্যকর্ত হিচাপে নিজকে পৰিচয় দি গৌৰৱবোধ কৰা দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।

প্রধানমন্ত্রী গৰাকীয়ে কয় যে বিজেপি কার্যকর্তা হোৱাটোৱেই তেখেতৰ জীৱনত অন্যতম প্রাপ্তি। দেশৰ জনসাধাৰণৰ উন্নয়নৰ অন্তৰালত থকা মূল চালিকা শক্তিয়েই হৈছে বিজেপিৰ বুথৰ কাৰ্যকৰ্তাসকল। বৰ্তমানৰ কংগ্রেছ হৈছে এমএমচি অর্থাৎ মাওবাদী মুছলীম লীগ কংগ্ৰেছ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মাওবাদী মুছলীম লীগ কংগ্রেছে অসমত সদায় অবৈধ নাগকিৰ পক্ষ লৈছে আৰু অসমৰ উন্নয়নত বাধা আৰোপ কৰি সদায় অসমখনক অশান্ত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। কংগ্ৰেছে অসমৰ উন্নয়ন নিবিচাৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে চোকা সমালোচনা কৰে। আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰপৰা প্ৰেৰণ কৰা প্ৰেছ বিবৃতি দলৰ মুখপাত্র যোগে প্রাঞ্জল কলিতাই খানাপাৰাৰ “বুথ সংকল্প সভা”ত অংশগ্রহণ কৰা সমূহ কাৰ্যকৰ্তাক ৰাজ্যিক তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। সেৱাই সংগঠনৰ মূল ভাব বুলি খানাপাৰাৰ আকাশ-বতাহ কপাই তুলি “আকৌ এবাৰ বিজেপি চৰকাৰ”, “আকৌ এবাৰ এনডিএ চৰকাৰ”, “এ ফ’ৰ অসম”, “মোৰ বুথ সকলোতকৈ মজবুত”, “বুথ জিতেগা চুনাৱ জিতেগা” আদি হর্ষধ্বনিৰে যি অভূতপূর্ব পৰিৱেশৰ সৃষ্টি কৰিলে তাৰ বাবে ৰাজ্যিক বিজেপিয়ে কৃতজ্ঞতা জ্ঞাপন কৰে বুলি মুখপাত্র গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আজিৰ “বুথ বিজয় সংকল্প সভা”ত বিজেপি মিত্রজোটৰ সহাযোগী দলসমূহৰ ভিতৰত অসম গণ পৰিষদৰ সভাপতি তথা কেবিনেট মন্ত্রী অতুল বৰা, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা কেবিনেট মন্ত্রী কেশর মহন্ত, বিপিএফ তথা বিটিচি প্রধান হাগ্রামা মহিলাৰী, ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা তথা কেবিনেট মন্ত্রী উর্খা গৌৰা ব্ৰহ্ম উপস্থিত থাকি এনডিএ হিচাপে নির্বাচনত অবতীর্ণ হৈ তৃতীয় বাৰৰ বাবে যে চৰকাৰ গঠন কৰিব সেই কথা ৰাজ্যৰ জনসাধাৰণক আশ্বাস প্রদান কৰাৰ লগতে বিৰোধীৰ সকলো জল্পনা-কল্পনাৰ সন্মুখত স্পষ্ট কৰি দিয়ে।

অন্যহাতে আজিৰ এই “বুথ বিজয় সংকল্প সভা’ত কেন্দ্রীয় কেবিনেট মন্ত্রী সর্বানন্দ সোনোবাল, কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ উপ-সভাপতি, সাংসদ তথা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, সাংসদ তথা কেন্দ্রীয় সম্পাদক কামাখ্যা প্রসাদ তাছা, সাংসদ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপি সমন্বয়ক সম্ভিদ পাত্র, বিজেপিৰ ৰাজ্যিক প্ৰভাৰী হবিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক জী আৰ ৰবীন্দ্ৰ ৰাজু, সাংসদ তথা ৰাজ্যিক বিজেপিৰ বিধানসভা নিৰ্বাচনৰ সমন্বয়ক প্রদান বৰুৱাৰ লগতে বিজেপিৰ বহু জ্যেষ্ঠ কার্যকর্তাই উপস্থিত হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাৰ্যকৰ্তাৰ মনোবল বৃদ্ধি কৰে।

Bangladesh news: কুৰি বছৰৰ মূৰত পুনৰ শাসনলৈ বিএনপি, প্ৰধানমন্ত্ৰী হ’ব তাৰিক ৰহমান

Bangladesh news: কুৰি বছৰৰ মূৰত পুনৰ শাসনলৈ বিএনপি, প্ৰধানমন্ত্ৰী হ’ব তাৰিক ৰহমান
Bangladesh news: কুৰি বছৰৰ মূৰত পুনৰ শাসনলৈ বিএনপি, প্ৰধানমন্ত্ৰী হ’ব তাৰিক ৰহমান

বাংলাদেশত শেহতীয়াকৈ অনুষ্ঠিত(Bangladesh news) সাধাৰণ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভেৰে কুৰি বছৰৰ মূৰত দেশখনৰ শাসনৈ পুনৰ উভতি আহিছে বিএনপি৷ শুকুৰবাৰে সাধাৰণ নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰে বিৰোধী জামাত-ই-ইছলামী আৰু ইয়াৰ মিত্ৰ দলসমূহে জাতীয় সংসদ বা হাউছ অৱ দ্য নেচনত ৭০খন আসন লাভ কৰে৷ ২০ বছৰৰ পিছত ক্ষমতালৈ ঘূৰি অহা বিএনপিয়ে ভোট গণনাত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত ৰাইজক ধন্যবাদ জনায়৷ ১৭৫ নিযুত মুছলমান জনসংখ্যা থকা দেশখনত শেহতীয়াকৈ চৰম ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছিল৷ জেন জেডৰ প্ৰতিবাদত আনকি দেশখনৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতলৈ পলাই আহিবলগীয়া হৈছিল৷ বিএনপিৰ মিডিয়া ছেলে এক্সৰ এটা পোষ্টত দলটোৰ বিজয়ৰ দাবী কৰি কয়, ‘বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে সংখ্যাগৰিষ্ঠ আসনত জয়লাভ কৰাৰ পিছত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে৷’

একাধিক সংবাদ মাধ্যমৰ মতে ৩০০ আসনৰ সংসদত বিএনপিয়ে ১৭৯খনতকৈ অধিক আসন লাভ কৰিছে৷ ২০২৪ চনৰ আগষ্ট মাহত আৱামী লীগ শাসনৰ পতনৰ পিছত দায়িত্ব লোৱা অন্তৰ্ৱৰ্তীকালীন প্ৰশাসনৰ ঠাইত নতুন নিৰ্বাচিত চৰকাৰখনে বাংলাদেশৰ শাসন ক্ষমতা লাভ কৰিব৷ ইফালে সংসদীয় নিৰ্বাচনত বিএনপিক এক নিৰ্ণায়ক বিজয়ৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে তাৰিক ৰহমানক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীণ বাংলাদেশৰ সমৰ্থনত ভাৰত সদায় থিয় দি থাকিব বুলিও তেওঁ কয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘এই বিজয়ে আপোনাৰ নেতৃত্বৰ প্ৰতি বাংলাদেশৰ জনসাধাৰণৰ আস্থা প্ৰকাশ কৰিছে৷ ভাৰতে গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীণ বাংলাদেশৰ সমৰ্থনত থিয় দি থাকিব৷ মই আপোনালোকৰ সৈতে আমাৰ বহুমুখী সম্পৰ্ক শক্তিশালী কৰাৰ লগতে আমাৰ উমৈহতীয়া উন্নয়নৰ লক্ষ্য আগবঢ়াই নিয়াৰ বাবে কাম কৰিবলৈ আগ্ৰহী৷’ ইয়াৰ পূৰ্বে বিএনপিৰ জ্যেষ্ঠ নেতা ৰুহুল কবীৰ ৰিজভিয়ে এক দলীয় বিবৃতিত পৰিসংখ্যা উল্লেখ নকৰাকৈ ইয়াক ‘বৃহৎ বিজয়’ বুলি দাবী কৰে৷ লগতে দলৰ অনুগামীসকলক ৰাজপথত উদ্‌যাপন কৰাৰ পৰিৱৰ্তে শুকুৰবাৰে নামাজ পঢ়ি ভগৱানক ধন্যবাদ জনাবলৈ আহ৩ান জনায়৷ আনহাতে, বিবৃতিটোত উল্লেখ কৰা হৈছে, ‘বিএনপিৰ বৃহৎ জয়ৰ পিছতো কোনো ধৰণৰ বিজয় সমদল উলিওৱা নহ’ব৷’ বিএনপিয়ে সংসদত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ আগবাঢ়িছে আৰু ১৫০ আসনৰ সীমা অতিক্ৰম কৰিছে৷ যমুনা আৰু সময় টেলিভিছন চেনেলৰ বাতৰি অনুসৰি, বিএনপিয়ে ১৯৭খন আসন লাভ কৰিছে৷ আনহাতে, জামাত-ই-ইছলামীৰ নেতৃত্বত গঠিত ইছলামিক নেতৃত্বাধীন মিত্ৰজোঁটে ৬৩খন আসন লাভ কৰা বুলি টিভি চেনেলসমূহে উল্লেখ কৰিছে৷ জামাতৰ বাবে এইটো বিগত নিৰ্বাচনৰ ফলাফলৰ তুলনাত এক বৃহৎ সফলতা ৷

কিন্তু দলটোৱে চলোৱা সম্পূৰ্ণ জয়ৰ প্ৰচাৰ তুলনাত ই বহু কম৷ অৱশ্যে ফলাফল আনুষ্ঠানিক নহয় আৰু ভোটদান হোৱা ৩০০ সমষ্টিৰ মুঠ ২৯৯টা সমষ্টিৰ ভোট গণনা অব্যাহত আছে৷ মহিলাৰ বাবে সংৰক্ষিত সংসদত আৰু ৫০খন আসনৰ নাম দলীয় তালিকাৰ পৰা ঘোষণা কৰা হ’ব৷ বৰ্তমান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হোৱা বিএনপিৰ ৬০বছৰীয়া নেতা তাৰিক ৰহমানে ভোটদানৰ প্ৰাক্‌ক্ষণত সকলোকে ওলাই আহি ব্যাপক মাত্ৰাত ভোটদান কৰিবলৈ আহ৩ান জনাইছিল৷ ভোটদানৰ দুদিন পূৰ্বে তেওঁ এ এফ পিক জনাইছিল যে তেওঁ ‘প্ৰবল আত্মবিশ্বাসী’ যে উচ্ছেদিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ১৫বছৰীয়া স্বৈৰাচাৰী শাসনৰ সময়ত একপ্ৰকাৰ চাপত ৰখা তেওঁলোকৰ দলটোৱে ১৭ কোটি জনসংখ্যাৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰখনত পুনৰ ক্ষমতা লাভ কৰিব৷ বিএনপিৰ নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ মেহদি আমিনে সাংবাদিকৰ আগত কয় যে দলটোৱে কমেও দুই তৃতীয়াংশ আসন লাভ কৰাৰ পথত আগবাঢ়িছে৷ সাংবাদিকৰ আগত আমিনে কয়, ‘জনসাধাৰণৰ বিপুল সমৰ্থনৰ দ্বাৰা উৎসাহিত হৈ বিএনপিয়ে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব৷’ লগতে কয় যে তাৰিক ৰহমানে নিৰ্বাচনত অৱতীৰ্ণ হোৱা দুয়োখন আসনে লাভ কৰিছে৷ ইফালে বিএনপিৰ কাৰ্যালয়ৰ সন্মুখত দলীয় কৰ্মীসকলে সমগ্ৰ নিশা কটায়৷ ৪৫বছৰীয়া এগৰাকী দলীয় কৰ্মকৰ্তা ফজলুৰ ৰহমানে কয়– ‘আমি তাৰিক ৰহমানৰ নেতৃত্বত ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰচেষ্টাত যোগদান কৰিম৷’

পথ দলং নিৰ্মাণৰ বাবে ধন আবণ্টন কেন্দ্ৰৰঃ নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত অসমলৈ ৭৪৮ কোটি টকা

পথ দলং নিৰ্মাণৰ বাবে ধন আবণ্টন কেন্দ্ৰৰঃ নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত অসমলৈ ৭৪৮ কোটি টকা
পথ দলং নিৰ্মাণৰ বাবে ধন আবণ্টন কেন্দ্ৰৰঃ নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত অসমলৈ ৭৪৮ কোটি টকা

২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন সমাগত৷ কিছুদিন পিছতে ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ অধিসূচনা৷ এনে সময়তে অসমৰ বাবে কেন্দ্ৰই আগবঢ়াইছে প্ৰায় ৭৪৮ কোটি টকাৰ পুঁজি৷ এই পুঁজিৰে ৰাজ্যখনত নিৰ্মাণ কৰা হ’ব পথ আৰু দলং ৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শুকুৰবাৰে ঘোষণা কৰে যে কেন্দ্ৰীয় পথ আন্তঃগাঁথনি পুঁজি [চি আৰ আই এফ] আঁচনিৰ অধীনত অসমৰ ১০টা পথৰ উন্নয়ন প্ৰকল্পৰ বাবে ৬১৭.৯৮ কোটি টকাৰ অনুমোদন দিয়াৰ লগতে চি আৰ আই এফ সেতু বন্ধন আঁচনিৰ অধীনত ১৬খন দলং প্ৰকল্পৰ বাবে ১২৯.৭৪ কোটি টকা অনুমোদন জনোৱা হৈছে৷

মন্ত্ৰীগৰাকীৰ মতে মুঠ ৭৪৭.৭২ কোটি টকাৰ সংযুক্ত আবণ্টনৰ লক্ষ্য হৈছে আঞ্চলিক সংযোগ শক্তিশালী কৰা, পৰিবহণৰ দক্ষতা বৃদ্ধি কৰা, ভ্ৰমণৰ সময় হ্ৰাস কৰা আৰু সমগ্ৰ ৰাজ্যতে আৰ্থ-সামাজিক বিকাশ বৃদ্ধি কৰা৷ গাডকাৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে, ‘অসমত কেন্দ্ৰীয় পথ আন্তঃগাঁথনি পুঁজি [চি আৰ আই এফ] আঁচনিৰ অধীনত ১০টা পথ উন্নয়ন প্ৰকল্পৰ বাবে ৬১৭.৯৮ কোটি টকা অনুমোদন কৰা হৈছে ৷

ইয়াৰ উপৰি চি আৰ আই এফ সেতু বন্ধন আঁচনিৰ অধীনত ১৬খন দলং প্ৰকল্পৰ বাবে ১২৯.৭৪ কোটি টকা অনুমোদন কৰা হৈছে৷ যোগাযোগ, পৰিবহণৰ কাৰ্যক্ষমতা উন্নত কৰা আৰু ভ্ৰমণৰ সময় হ্ৰাস কৰাৰ দৰে এই পদক্ষেপসমূহে আঞ্চলিকভাৱে যথেষ্ট উন্নতি সাধন কৰিব৷’ গাডকাৰীয়ে লগতে গুৰুত্ব আৰোপ কৰিছে যে ইয়াৰ উপৰি স্থানীয় বাণিজ্য বৃদ্ধি পাব, সামগ্ৰী আৰু মানুহৰ মসৃণ চলাচলৰ সুবিধা হ’ব, ৰাজ্যৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব৷

PM Narendra Modi: কেইবাটাও প্ৰকল্পৰ উপহাৰ লৈ আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

PM Narendra Modi: কেইবাটাও প্ৰকল্পৰ উপহাৰ লৈ আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
PM Narendra Modi: কেইবাটাও প্ৰকল্পৰ উপহাৰ লৈ আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অসমবাসীৰ(PM Narendra Modi) বাবে কাইলৈৰ দিনটো হ’ব এক গুৰুত্বপূৰ্ণ দিন৷ কাৰণ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিব৷ অসম ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও প্ৰকল্প অসমবাসীক উপহাৰ দিব৷ প্ৰধানমন্ত্ৰীয়ে কাইলৈ প্ৰায় ১০.৩০ বজাত ডিব্ৰুগড়ৰ মৰাণ বাইপাছৰ জৰুৰীকালীন অৱতৰণ সুবিধা [ই এল এফ]ত অৱতৰণ কৰিব, য’ত তেওঁ যুঁজাৰু বিমান, পৰিবহণ, হেলিকপ্টাৰ আদিৰ আকাশী প্ৰদৰ্শন প্ৰত্যক্ষ কৰিব৷ প্ৰায় ৰ বজাত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে কুমাৰ ভাস্কৰ বৰ্মা সেতু পৰিদৰ্শন কৰিব৷ ইয়াৰ পিছত প্ৰায় ৰ.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ লাচিত ঘাটত প্ত,৪৫০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন আৰু ফ্লেগ অফ কৰিব৷ মৰাণৰ ইএলএফ হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা৷

জৰুৰীকালীন অৱস্থাত সামৰিক আৰু অসামৰিক বিমানৰ অৱতৰণ আৰু উৰণত সহায় কৰিবলৈ ভাৰতীয় বায়ুসেনাৰ সহযোগত ইয়াক বিশেষভাৱে ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে৷ ই জৰুৰীকালীন সঁহাৰিৰ বাবে এক অপৰিহাৰ্য সম্পদ হিচাপে কাম কৰিব, যাৰ ফলত উত্তৰ-পূবত প্ৰাকৃতিক দুৰ্যোগ বা কৌশলগত প্ৰয়োজনীয়তাৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযান দ্ৰুতভাৱে সম্পন্ন কৰিব পৰা যাব৷ দ্বৈত ব্যৱহাৰৰ আন্তঃগাঁথনি হিচাপে প্ৰস্তুত কৰা ই এল এফে ৪০ টন পৰ্যন্ত ওজনৰ যুঁজাৰু বিমান আৰু ৭৪ টন পৰ্যন্ত সৰ্বোচ্ছ টেক অৱ ওজনৰ বিমান চম্ভালিব পাৰিব৷ প্ৰধানমন্ত্ৰীয়ে সংযোগ ত্বৰান্বিত কৰা, ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰা, উচ্ছ শিক্ষাৰ প্ৰসাৰ আৰু ৰাজহুৱা পৰিবহণ বৃদ্ধিৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিব, যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত এক উল্লেখযোগ্য উত্থান ঘটিব৷ প্ৰায় ৩,০৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ নদৰ ওপৰৰ কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে৷ ৬ লেনযুক্ত এক্সট্ৰাড’জড প্ৰিষ্ট্ৰেছড কংক্ৰিট [পিএছচি] দলংখনে গুৱাহাটীক উত্তৰ গুৱাহাটীৰ সৈতে সংযোগ কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ প্ৰথমখন এক্সট্ৰাড’জড দলং হিচাপে পৰিগণিত হ’ব৷ ইয়াৰ জৰিয়তে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰাৰ সময় জ্জ মিনিটলৈ হ্ৰাস পাব৷

অঞ্চলটোৰ উচ্ছ ভূমিকম্প প্ৰৱণতাক বিবেচনা কৰি দলংখনত ঘৰ্ষণ পেণ্ডুলাম বেয়াৰিঙৰ লগতে ভিত্তি পৃথকীকৰণ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে৷ স্থায়িত্ব আৰু দীৰ্ঘম্যাদী গাঁথনিগত কাৰ্যক্ষমতা নিশ্চিত কৰিবলৈ উচ্ছ-কাৰ্যক্ষম ষ্টে কেবল ব্যৱহাৰ কৰা হৈছে৷ সঠিক সময়ৰ অৱস্থা নিৰীক্ষণ, আগতীয়াকৈ ক্ষতি ধৰা পেলোৱা আৰু এক্সট্ৰাড’জসম্পন্ন দলংখনৰ উন্নত সুৰক্ষা আৰু সেৱাৰ বাবে এটা দলং স্বাস্থ্য নিৰীক্ষণ ব্যৱস্থা [বিএইচএমএছ]ও অন্তৰ্ভুক্ত কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে অসমৰ কামৰূপ জিলাৰ আমিনগাঁৱত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ উদ্বোধন কৰিব৷ মুঠ অনুমোদিত ভাৰ জ্জ্ব.প্ত মেগাৱাট আৰু প্ৰতি ৰেকত গড় ৰেক ১০ কিলোৱাট ক্ষমতাসম্পন্ন এই অত্যাধুনিক ডাটা চেণ্টাৰটোৱে বিভিন্ন চৰকাৰী বিভাগৰ মিছন-ক্ৰিটিকেল এপ্লিকেচনৰ ব্যৱস্থা কৰাৰ লগতে অন্যান্য ৰাষ্ট্ৰীয় ডাটা চেণ্টাৰৰ বাবেও দুৰ্যোগ পুনৰুদ্ধাৰ কেন্দ্ৰ হিচাপে কাম কৰিব৷ ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰসমূহে অত্যাৱশ্যকীয় নাগৰিককেন্দ্ৰিক সেৱাসমূহ ডিজিটেলী সুবিধা প্ৰদান কৰিব পাৰিব৷

ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰক অঞ্চলটোৰ আইচিটিৰ মেৰুদণ্ড শক্তিশালী কৰাৰ লগতে সুদৃঢ়, সুৰক্ষিত আৰু সহজলভ্য ডিজিটেল আন্তঃগাঁথনি নিশ্চিত কৰাৰ বাবে এক কৌশলগত পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে আই আই এম গুৱাহাটীও উদ্বোধন কৰিব, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উচ্ছ শিক্ষা আৰু ব্যৱস্থাপনা শিক্ষাক এক বৃহৎ উদগনি প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰীয়ে পিএম-ই-বাছ সেৱা আঁচনিৰ অধীনত গুৱাহাটী [১০০], নাগপুৰ [৫০], ভাবনগৰ [৫০] আৰু চণ্ডীগড় [২৫]ত ২২৫খন বৈদু্যতিক বাছৰো শুভাৰম্ভ কৰিব৷ এই চাৰিখন চহৰত পিএম-ই-বাছ সেৱা আঁচনিৰ অধীনত ই-বাছ চলাচল আৰম্ভ হোৱাৰ লগে লগে ৫০ লাখৰো অধিক নাগৰিকে স্বচ্ছ, সুলভ আৰু নিৰ্ভৰযোগ্য ৰাজহুৱা পৰিবহণ সেৱাৰ সুবিধা লাভৰ জৰিয়তে লাভৱান হোৱাৰ আশা কৰা হৈছে, যাৰ ফলত নগৰীয়া গতিশীলতা উন্নত আৰু জীৱনৰ মান বৃদ্ধিত অৰিহণা যোগাব৷

Gaurav Gogoi: মৰাণৰ ৰাজপথত যুদ্ধবিমানৰ অৱতৰণক লৈ প্ৰতিক্ৰিয়া APCCৰ সভাপতি গৌৰৱ গগৈৰ

Gaurav Gogoi: মৰাণৰ ৰাজপথত যুদ্ধবিমানৰ অৱতৰণক লৈ প্ৰতিক্ৰিয়া APCCৰ সভাপতি গৌৰৱ গগৈৰ
Gaurav Gogoi: মৰাণৰ ৰাজপথত যুদ্ধবিমানৰ অৱতৰণক লৈ প্ৰতিক্ৰিয়া APCCৰ সভাপতি গৌৰৱ গগৈৰ

মৰাণৰ ৰাজপথত যুদ্ধবিমানৰ অৱতৰণ।(Gaurav Gogoi)

প্ৰতিক্ৰিয়া APCCৰ সভাপতি গৌৰৱ গগৈৰ।

গৌৰৱ গগৈৰ মন্তব্য-

‘বিমানবন্দৰত একাপ চাহৰ দাম ১৫০ টকা।’

‘এয়া উন্নয়ন হ’ল নেকি?’

‘বিমান অৱতৰণতকৈ বিমানৰ ভাড়া কিমান সেয়াহে গুৰুত্বপূৰ্ণ’।

‘বিমান বন্দৰত একাপ চাহৰ দামো কিমান সেয়াহে বেছি গুৰুত্বপূৰ্ণ’।

সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এইদৰে মন্তব্য কৰে গৌৰৱ গগৈয়ে।

Narendra Modi: অসমত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আজিৰ দিনটোৰ কাৰ্যসূচী

Narendra Modi: অসমত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আজিৰ দিনটোৰ কাৰ্যসূচী
Narendra Modi: অসমত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আজিৰ দিনটোৰ কাৰ্যসূচী

অসমত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আজিৰ দিনটোৰ কাৰ্যসূচী।(Narendra Modi)

পুৱা প্ৰায় ১০ বজাত চাবুৱাত উপস্থিত হৈছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।

তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে মৰাণৰ ৰাজপথত নিৰ্মাণ কৰা ইমাৰজেন্সী লেণ্ডিং ফিল্ডত অৱতৰণ কৰে।

ইমাৰজেন্সী লেণ্ডিং ফিল্ড উদ্বোধন তথা অন্যান্য কাৰ্যসূচী সমাপ্ত কৰি ১২.৩০ বজাত গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্রী।

১-১৫ বজাৰ ভিতৰত মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং।

দলং উদ্বোধন কৰি লাচিত ঘাটলৈ আহিব প্রধানমন্ত্রী।

তাৰ পিছত বঙৰাস্থিত IIM গুৱাহাটীৰ অস্থায়ী কেম্পাচ উদ্বোধন কৰিব।

তাৰ পিছত আমিনগাঁৱত হাইপাৰস্কেল ডাটা চেণ্টৰ উদ্বোধন কৰিব।

তাৰ পিছত ১০০ নতুন ইলেকট্রিক বাছ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

২ বজাত খানাপাৰা পাব প্রধানমন্ত্রী মোদী।

২-৩ বজালৈ বিজেপিৰ বুথ সন্মিলনী উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

তাৰ পিছত সন্ধিয়া দিল্লীলৈ উৰা মাৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।

Zubeen-Garima: ভেলেণ্টাইন ডে’ত স্বামী জুবিন গাৰ্গক সুঁৱৰি আৱেগভৰা পোষ্ট গৰিমা গাৰ্গৰ

Zubeen-Garima: ভেলেণ্টাইন ডে’ত স্বামী জুবিন গাৰ্গক সুঁৱৰি আৱেগভৰা পোষ্ট গৰিমা গাৰ্গৰ
Zubeen-Garima: ভেলেণ্টাইন ডে’ত স্বামী জুবিন গাৰ্গক সুঁৱৰি আৱেগভৰা পোষ্ট গৰিমা গাৰ্গৰ

আজি ১৪ ফেব্ৰুৱাৰী, প্ৰেমৰ দিন।(Zubeen-Garima) 

ভেলেণ্টাইন ডে’ত স্বামী জুবিন গাৰ্গক সুঁৱৰি আৱেগভৰা পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ।

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিছে-

‘যোৱা বছৰ এই দিনটোতেই …

সময়বোৰ আমাৰ নিজৰ আছিল,

হাঁহিবোৰ আমাৰ প্ৰাণৰ আছিল ;;

চিৰদিনৰ বাবে এনেকৈয়ে ধৰি ৰাখিব পৰা হ’লে..

তোমাৰ মৰমবোৰেৰে প্ৰতিটো মুহূৰ্তত মোক আৱৰি ৰাখা গ’ল্ডী,, সেন্দূৰময় হৈ থাকক দিন, ৰাতি আৰু প্ৰণয় ॥

মোৰ উশাহ হৈ তুমি আছা সদায়, তুমি থাকিবা সদায় ।।’

Pulwama terror attack: দেশ কঁপোৱা পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আজি ৭বছৰঃ প্ৰতিগৰাকী বীৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি

পুলৱামাৰ প্ৰতিগৰাকী বীৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি।(Pulwama terror attack)
পুলৱামাৰ প্ৰতিগৰাকী বীৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি।(Pulwama terror attack)

পুলৱামাৰ প্ৰতিগৰাকী বীৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি।(Pulwama terror attack)

দেশ কঁপোৱা পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আজি ৭বছৰ।

সেই ভয়ংকৰ আক্ৰমণত নিহত প্ৰতিগৰাকী ছহিদলৈ শ্ৰদ্ধাঞ্জলি।

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় সুৰক্ষা কৰ্মীক কঢ়িয়াই নিয়া বাহনৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰায় ৪০ জন সুৰক্ষা কৰ্মী নিহত হৈছিল।

পাকিস্তানৰ ইছলামী সন্ত্ৰাসবাদী সংগঠন জেইশ-এ-মহম্মদে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।

২০১৯ চনৰ আজিৰ দিনটোতেই পুলৱামাত ছহিদ হোৱা ৪০ গৰাকীকৈ বীৰ সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি।