Home Blog Page 33

Tarsem Mittal: CIDৰ কাৰ্যালয়ত হাজিৰ জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰছেম মিট্টাল

CIDৰ কাৰ্যালয়ত হাজিৰ জুবিনৰ প্ৰাক্তন মেনেজাৰ
CIDৰ কাৰ্যালয়ত হাজিৰ জুবিনৰ প্ৰাক্তন মেনেজাৰ

CIDৰ কাৰ্যালয়ত হাজিৰ জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰছেম মিট্টাল।(Tarsem Mittal)

CID কাৰ্যালয়ত হাজিৰ টাৰছেম মিট্টাল।

SITয়ে জেৰা চলাব টাৰছেম মিট্টালক।

জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ আছিল টাৰছেম মিট্টাল।

কেইবাবছৰ ধৰি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল টাৰছেম।

আজি SITৰ জেৰাৰ সন্মুখীন জুবিনৰ প্ৰাক্তন মেনেজাৰ।

প্ৰায় ১২ বছৰ জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল টাৰছেম মিট্টাল।

টাৰছেম মিট্টালৰ জৰিয়তে সিদ্ধাৰ্থৰ সৈতে চিনাকি হৈছিল জুবিন গাৰ্গ।

Uma Chetry: বিশ্বকাপ জয় কৰি অসমলৈ উমা চেত্ৰী

Uma Chetry: বিশ্বকাপ জয় কৰি অসমলৈ উমা চেত্ৰী
Uma Chetry: বিশ্বকাপ জয় কৰি অসমলৈ উমা চেত্ৰী

বিশ্বকাপ জয় কৰি অসমলৈ উমা চেত্ৰী।(Uma Chetry)

বিশ্বকাপ জয় কৰি কালি গৃহভূমিত উপস্থিত উমা চেত্ৰী।

মহিলা ক্ৰিকেট বিশ্বকাপ জয়ৰ পাছত বৃহস্পতিবাৰে ঘৰমুৱা হয় খেলুৱৈগৰাকী।

গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উমা চেত্ৰীক উষ্ম আদৰণি জনাই।

কিন্তু উমা চেত্ৰীক আদৰিবলৈ উপস্থিত নহ’ল চৰকাৰৰ কোনো বিষয়া।

কেৱল উপস্থিত আছিল ACAৰ বিষয়ববীয়া।

আৱেগিক হৈ ক্ষোভ প্ৰকাশ গোৰ্খা ছাত্ৰ সন্থাৰ।


ইকুবেডৰ ৰাষ্ট্ৰপতি ডেনিয়েল নবোৱাক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ…

 বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই আজি লেটিন আমেৰিকাৰ দেশ ইকুবেড গণৰাজ্যৰ ৰাজধানী কিট’ত দেশখনৰ ৰাষ্ট্ৰপতি ডেনিয়েল নবোৱাক সাক্ষাৎ কৰি দুয়োখন দেশৰ কেতবোৰ দিশ আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে।

উল্লেখ্য যে, চেণ্ট্ৰেল আৰু লেটিন আমেৰিকা ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই ইকুৱেডৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰী আৰু শীৰ্ষ বিষয়াবৰ্গৰ সৈতে দেশৰ হৈ  দ্বিপাক্ষিক আলোচনা কৰাৰ লগতে ইকুৱেডৰ ৰাজধানী কিট’ত ভাৰতবৰ্ষৰ নৱ-প্ৰতিষ্ঠিত দূতাৱাসৰ উদ্বোধন কৰে।

ভ্ৰমণসূচীত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই বিদেশ মন্ত্রী গেব্রিয়েলা ছ’মবফেল্ডকো সাক্ষাৎ কৰে। বৈঠকত দুয়ো পক্ষই ৰাজনৈতিক, বাণিজ্যিক, ভেষজ প্রশিক্ষণ আৰু সামর্থ্য বৃদ্ধিৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আন ক্ষেত্রসমূহৰ সহযোগিতা সুদৃঢ় কৰাৰ সুযোগত অন্বেষণ কৰে।

বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ কূটনৈতিক প্রশিক্ষণ প্রতিষ্ঠানসমূহৰ মাজত সহযোগিতাৰ বাবে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। বৈদেশিক পৰিক্রমা দপ্তৰৰ ৰাজ্যমন্ত্রী পবিত্র মাৰ্ঘেৰিটা আৰু শ্রীমতী ছ’মাৰফেল্ডে কালি যুটীয়াভাবে ইকুৱেডৰ ৰাজধানী কুইট’ত ভাৰতীয় দূতাবাসো উদ্বোধন কৰে।

শ্ৰী মাৰ্ঘেৰিটাই লগতে ভাৰত আৰু ইকুৱেডৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ বিভিন্ন উপায় সম্পর্কে দেশখনৰ আগশাৰীৰ ব্যৱসায় জগতৰ প্রতিনিধিসকলৰ সৈতে মত বিনিময় কৰে।

এটা ফাইলত বন্দী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কু-কাৰ্য…

সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত উদ্ধাৰ হোৱা এটা ফাইলৰ ৰহস্য ফাদিল। SITৰ দীৰ্ঘ তদন্তত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য
জুবিন গাৰ্গে চিকিৎসাৰ বাবে ব্যয় কৰা ৰোগীৰ ধন লুটিছিল সিদ্ধাৰ্থ শৰ্মাই। ২৮৮ গৰাকী ৰোগীৰ চিকিৎসা ব্যয়ৰ কমিচন লৈছিল সিদ্ধাৰ্থই।


জুবিন গাৰ্গে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা সাহায্য দিছিল ২৮৮ ৰোগীক। প্ৰায় ৪৩ লাখ টকাৰ ৩০% কমিছন খাইছিল সিদ্ধাৰ্থ শৰ্মাই।
২০১০ৰ পৰা ২০২৫লৈ শ শ ৰোগীক চিকিৎসা কৰাইছিল জুবিনে। ৰোগীৰ পৰা প্ৰায় ১৩.৫০ লাখ টকা সৰকাইছিল সিদ্ধাৰ্থই। মেনেজাৰ সিদ্ধাৰ্থৰ দঁতালপাৰাৰ ফ্লেটত উদ্ধাৰ হৈছিল ফাইলটো।
SITএ দীপু কৰ্মকাৰ নামৰ GMCHৰ কৰ্মচাৰীজনৰ সংগ্ৰহ কৰিলে ভাষ্য। GMCHৰ কৰ্মচাৰী দীপৰ সহযোগত জুবিনে চলাইছিল চিকিৎসা সেৱা।

ধনী ৰাষ্ট্ৰৰ এজন দুখীয়া ৰাষ্ট্ৰপতি…

ৰাষ্ট্ৰপতি বুলিলেই আপোনাৰ সততে মনলৈ ভাঁহি অহা প্ৰতিপত্তিশালী ছবিখনৰ বিপৰীতে এজন ব্যতিক্ৰমী ৰাষ্ট্ৰপতিৰ জীৱন-কাহিনী ।
আজি আপোনাক এনে এজন ৰাষ্ট্ৰপতিৰ সৈতে চিনাকি কৰাই দিম, যিয়ে অৰ্থ-বিত্তৰ পৰা বিৰত থাকে অথচ নিজৰ কাপোৰো নিজেই ধোৱে । জীৱন যাপন কৰে ফুল বিক্ৰীৰ ধনেৰে ।

তেওঁ আন কোনো নহয়, উৰুগুৱেৰ তদানীন্তন ৰাষ্ট্ৰপতি হোচে মুহিকা ।২০১০ ৰ পৰা ২০১৫ চন পৰ্যন্ত ৫ বছৰ ধৰি ৰাষ্ট্ৰপতি হৈ থকা স্বত্বেও তেওঁৰ নাই কোনো বিলাসী আবাস । ৰাজধানীৰ মন্ত্ৰী আবাসৰ পিছফালে থকা এটা ভগা পঁজাতেই তেওঁৰ আশ্ৰয় ।য’ত কোনো নিৰাপত্তাৰক্ষীয়ে আৱৰি নাথাকে ।

যদিও নীতিগত ভাৱে নিৰাপত্তাৰক্ষী থকাটো বাঞ্চনীয় । কিন্তু কেৱল দুজন আৰক্ষী আৰু এটা কুকুৰেই তেওঁৰ নিৰাপত্তাৰ ভূমিকাত । আনকি সেই কুকুৰটোৰো নাই এখন ঠেং । ৰাষ্ট্ৰপতি হৈয়ো তেওঁ ব্যৱহাৰ নকৰে চৰকাৰী আৱাস-চৰকাৰী গাড়ী। শীত-তাপ নিয়ন্ত্ৰিত কোঠাটো বাদেই তেওঁৰ আবাসত নাই এটা ৱাশ্বিং মেচিনো ।আবাসৰ সমীপৰ এটা ভগা কুৱাই তেওঁৰ নিত্য-ব্যৱহাৰ্য পানীৰ উৎস ।পত্নীৰ সৈতে তেওঁ ব্যস্ত থাকে ফুলনিত । নিজেই হৈ পৰে মালী, নিজেই বিক্ৰেতা ।

ফুল বিক্ৰীৰ ধনেৰেই চলে তেওঁৰ জীৱন-সংসাৰ । সাধাৰণ নাগৰিকৰ দৰেই চলে তেওঁৰ দৈনন্দিন জীৱন । সততে ৰাষ্ট্ৰপতিৰ কনভয় আহিলে পথ এৰি দিয়াৰ নিয়মো অপ্ৰযোজ্য তেওঁৰ ক্ষেত্ৰত । সাধাৰণ নাগৰিকৰ দৰেই মানি চলে যান-বাহনৰ নিয়ম । ৰাষ্ট্ৰপতি হৈয়ো বাৰমহলীয়া অট্টালিকাৰ পঞ্চতাৰকা হোটেলৰ বিপৰীতে তেওঁ আহাৰ গ্ৰহণ কৰে ৰাস্তাৰ দাঁতিৰ হোটেলত ।

ৰাষ্ট্ৰপতি হৈ তেওঁৰ উপাৰ্জন ১২ হাজাৰ ডলাৰ ।মাত্ৰ ৭৮০ ডলাৰ ৰাখি বাকী অংশ দান দিয়ে ৰাজহুৱা স্বাৰ্থত । তেওঁৰ জনপ্ৰিয়তা হয়তো আপোনাক দুনাই কোৱাৰ প্ৰয়োজন নাই ।১৯৩৫ চনৰ পিছত চৰম ৰাজনৈতিক দুৰ্যোগক নেওচি তেওঁ গঠন কৰিছিল গেৰিলা দল ।


ৰাজনৈতিক মেৰ-পাকত কেবাবাৰো কাৰাবাস খাটিবলগীয়া হোৱা এইগৰাকী সৎ ৰাষ্ট্ৰপতি প্ৰতিপন্ন হ’ল আটাইতকৈ দুখীয়া ৰাষ্ট্ৰপতিৰূপে । ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থাকিব এইগৰাকী ৰাষ্ট্ৰপতি হোচে মুহিকা ।

ডিগবৈ প্ৰেছ ক্লাব আৰু ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ডিগবৈ গ্ৰন্থমেলা-২০২৫…

ডিগবৈ প্ৰেছ ক্লাব আৰু ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত সদৌ অসম পুথি বিক্ৰীেতা আৰু প্ৰকাশক সংস্হাৰ সহযোগত ডিগবৈ ৰিফাইনেৰী খেলপথাৰত ডিগবৈ গ্ৰন্থমেলা ২০২৫ অনুষ্ঠিত কৰিবলৈ দিহা কৰা হৈছে । আগন্তুক ৯নবেম্বৰৰ পৰা ১৬ নবেম্বৰ ২০২৫ তাৰিখলৈ আঠদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা ডিগবৈ গ্ৰন্থমেলাখনিৰ লগত উঠি অহা প্ৰজন্মক সংপৃক্ত কৰিব পৰাকৈ এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছে উদ্যোগতা সমিতিয়ে ৷ কাৰ্যসূচী অনুসৰি ন নবেম্বৰ তাৰিখে পাতাক উত্তোলন,শ্বহীদ তৰ্পণ,গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন আৰু দিনৰ ১১ বজাৰ পৰা দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ১০ নবেম্বৰ তাৰিখে বিয়লি চাৰি বজাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কুইজ প্ৰতিযোগিতা ৷ পৰিচালনা কৰিব কুইজ মাষ্টাৰ সায়ন্তন শইকীয়াই । ১১ নবেম্বৰ তাৰিখে বিজ্ঞানী তথা উদ্ভাৱক ড° উদ্ধৱ ভৰালীৰে সৈতে বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ অনুষ্ঠানৰ লগতে বিয়লি চাৰি বজাৰ পৰা সত্ৰীয়া কৃষ্ণ নৃত্য প্ৰতিযোগিতা । ১২ নবেম্বৰ তাৰিখে সত্ৰীয়া দশৱতাৰ নৃত্য প্ৰতিযোগিতা ।

১৩ নবেম্বৰ তাৰিখে বৰগীত প্ৰতিযোগিতা । ১৪ নবেম্বৰ তাৰিখে সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিৰে সৈতে এক আলাপ অনুষ্ঠান ৷ ১৫ নবেম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া মানসিক উৎকৰ্ষ সাধন আৰু অভিৰোচন অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব মাইণ্ড পথ একাডেমিৰ সঞ্চালক ৰূপান্তৰ চাউৰক ৷ আবেলি চাৰি বজাৰ পৰা তিনিচুকীয়া জিলা ভিত্তিত অনুষ্ঠিত হ’ব মূকাভিনয় প্ৰতিযোগিতা । ১৬ নবেম্বৰ তাৰিখে মুকলি আৰু বঁটা বিতৰণী সভাৰ লগতে সুধাকণ্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক গীতে মাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুস্হিত কৰিবলৈ দিহা কৰিছে উদ্যোগতা সমিতিয়ে । আঠদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে তৈলনগৰী ডিগবৈ চহৰৰ মাজমজিয়াত অৱস্হিত ৰিফাইনেৰী খেলপথাৰত অনুষ্ঠিত কৰিবলৈ ডিগবৈ গ্ৰন্থমেলা ২০২৫ ৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত উদ্যোগতা সমিতিৰ হৈ সভাপতি ৰাজু হাজৰিকা,কাৰ্যকৰী সভাপতি নিখিল কোঁচ আৰু যুটীয়া সম্পাদক বিনোদ বাগ্ৰা আৰু অনুপম গগৈয়ে সমুহ ডিগবৈবাসী ৰাইজৰ সৰ্বতোপ্ৰকাৰেৰে সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শৰ কামনা কৰিছে । গ্ৰন্থমেলাখনিৰ লগত সংগতি থকা যিকোনো বিষয়ত সবিশেষ তথ্য জানিবলৈ আয়োজন সমিতিয়ে ৭৬৩৬০০৩৫৩৯ আৰু ৬০০৩৮৭৭১৭৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

Sindoor: শিৰত সেন্দূৰ লগাওতে নাকত পৰিলে শুভ নে অশুভ সংকেত ?

শিৰত সেন্দূৰ লগাওতে নাকত পৰিলে শুভ নে অশুভ সংকেত ?
শিৰত সেন্দূৰ লগাওতে নাকত পৰিলে শুভ নে অশুভ সংকেত ?

বিবাহিত (Sindoor) মহিলাই শিৰত সেন্দূৰ লগায়। সেন্দূৰ লগাওঁতে নাকত পৰিলে আওকাণ নকৰিব, কিয়নো ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে।

হিন্দু ধৰ্মত বিভিন্ন পৰিঘটনা আৰু তাৰ শুভ আৰু অশুভ সংকেতৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি জ্যোতিষ, বাস্তু আদি ক্ষেত্ৰতো শুভ আৰু অশুভ শংকাৰ বৰ্ণনা পোৱা যায়।

হিন্দু ধৰ্মত বিবাহৰ লগত বহুতো ৰীতি-নীতি জড়িত হৈ থাকে। সেন্দূৰৰ অবিহনে বিবাহ সম্পূৰ্ণ নহয়। দৰায়ে কইনাক সেন্দূৰ দিয়ে। সেন্দূৰক বৈবাহিক আনন্দৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু সেয়েহে কপালত পৰিধান কৰা হয়। ই এগৰাকী নাৰীৰ স্বামীৰ প্ৰতি থকা দায়বদ্ধতা, প্ৰেম আৰু ভক্তিৰ প্ৰতীক। ইয়াৰ উপৰিও স্বামীৰ বাবে ই মংগল আৰু দীৰ্ঘায়ুৰ প্ৰতীক।

শিৰত সেন্দূৰ লগোৱাৰ সময়ত কেতিয়াবা কপাল আৰু নাকত পৰে। ইয়াক অতি বিশেষ বুলি গণ্য কৰা হয়। নাকত সেন্দূৰ পৰাটো এটা শুভ পৰিঘটনা বুলি গণ্য কৰা হয়। পতি-পত্নী উভয়ৰে বাবে ইয়াক শুভ বুলি গণ্য কৰা হয়। তেওঁলোকৰ সম্পৰ্কৰ বাবে ই এক শুভ লক্ষণ। ই স্বামীৰ দীৰ্ঘায়ুৰ ইংগিত দিয়ে। যদি স্বামীয়ে কোনো সমস্যা বা বেমাৰত ভুগি থাকে আৰু সেন্দূৰ লগোৱাৰ সময়ত পত্নীৰ নাকত সেন্দূৰ পৰে, তেন্তে সেয়া স্বামীৰ সোনকালে আৰোগ্য লাভৰ লক্ষণ। ইয়াৰ দ্বাৰা আৰ্থিক লাভ বা ভাল খবৰৰ ইংগিতও পোৱা যায়। অৱশ্যে এয়া জ্যোতিষৰ ধাৰণা আৰু ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।

Rahul Gandhi: ব্রাজিলীয়ান মডেলৰ লাৰিছা ৰোচা ছিলভাৰ প্ৰতিক্রিয়া ‘ভাৰতত মোৰ ফটো ভোটাৰ হিচাপে ব্যৱহাৰ কৰিছে’

'ভাৰতত মোৰ ফটো ভোটাৰ হিচাপে ব্যৱহাৰ কৰিছে'
'ভাৰতত মোৰ ফটো ভোটাৰ হিচাপে ব্যৱহাৰ কৰিছে'

বিহাৰৰ পিছত (Rahul Gandhi) এইবাৰ হাৰিয়ানাৰ ভোটাৰ তালিকাক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে৷ কংগ্ৰেছ নেতাগৰাকীয়ে হাৰিয়ানাৰ ভোটাৰ তালিকাত ব্যাপক ভোট জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে৷ তেওঁ দাবী কৰে যে এগৰাকী ব্ৰাজিলৰ মডেলৰ ফটো হাৰিয়ানাৰ ভোটাৰ তালিকাত ২২ বাৰ ব্যৱহাৰ কৰা হৈছে৷ এই ফটোখন ১০টা ভিন্ন বুথত সীমা, ছুইটী, সৰস্বতী আদি বেলেগ বেলেগ নামেৰে বিভিন্ন ভোটাৰ কাৰ্ড সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল৷ তেওঁ ইয়াক এক সংগঠিত আৰু কেন্দ্ৰীভূত ভোট জালিয়াতিৰ কাণ্ড বুলি অভিহিত কৰিছে৷ ৰাহুল গান্ধীৰ অভিযোগ মতে, হাৰিয়ানাত প্ৰায় ২৫ লাখ ভুৱা অথবা অবৈধ ভোটাৰ চিনাক্ত কৰা হৈছে৷ তেওঁৰ তথ্য মতে, হাৰিয়ানাৰ প্ৰতি আঠজন ভোটাৰৰ ভিতৰত এজন ভুৱা ভোটাৰ আছে৷

ৰাহুল গান্ধীয়ে দাবী কৰে যে ভোটাৰ তালিকাখনত ৫,২১,৬১৯ জন ভুৱা বা ডুপ্লিকেট ভোটাৰ, ৯৩,১৭৪ জন অবৈধ ঠিকনাধাৰী আৰু ১,৯২,৬,৩৫১ জনৰ বৃহৎ তালিকা চিনাক্ত কৰা হৈছে, যিসকলৰ নাম বেলেগ বেলেগ ঠাইত ভুলকৈ অন্তৰ্ভুক্ত কৰা হৈছে৷ তেওঁ হাৰিয়ানাৰ ভোটাৰ তালিকাৰ বিসংগতি উদঙাবলৈ ‘ণ্ড্ৰ’ ফাইল নামৰ এখন ডছিয়াৰ মুকলি কৰে আৰু সন্দেহ প্ৰকাশ কৰে যে এই ষড়যন্ত্ৰ কেৱল ৰাজ্যিক নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠিত হৈছে বুলি উল্লেখ কৰে৷ নিৰ্বাচন আয়োগৰ ভূমিকা ঃ ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে ভোটাৰ জালিয়াতিৰ বাবে নিৰ্বাচন আয়োগৰ ৬ আৰু জ্জ নম্বৰ ফৰ্মৰ অপব্যৱহাৰ কৰা হৈছিল৷ তেওঁ লগতে কয় যে একেখন ফটোৰে দুটা বুথত ২২৩টা ভোট দিয়াৰ প্ৰমাণ পোৱাৰ পিছতো নিৰ্বাচন আয়োগে সেই বুথৰ চিচিটিভি ফুটেজ ধবংস কৰিছে৷

তেওঁ দাবী কৰে যে হাৰিয়ানাৰ সকলো এগজিট প’লত কংগ্ৰেছৰ জয়ৰ ইংগিত পোৱাৰ পিছতো ফলাফল সম্পূৰ্ণ বেলেগ আছিল, যাৰ পৰা স্পষ্ট হয় যে বিজেপিয়ে ভোট চুৰি কৰি চৰকাৰ গঠন কৰিছে৷ তেওঁ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব ছাইনীৰ নিৰ্বাচনৰ পূৰ্বৰ মন্তব্যকো এই সংগঠিত পৰিকল্পনাৰ প্ৰমাণ হিচাপে দাঙি ধৰিছে৷

এতিয়া ব্রাজিলীয়ান মডেলৰ লাৰিছা ৰোচা ছিলভাই প্ৰতিক্রিয়া প্ৰকাশ কৰি কৈছে, ‘ভাৰতত মোৰ ফটো ভোটাৰ হিচাপে ব্যৱহাৰ কৰিছে’ ‘নির্বাচন নে কি মই সেইটোও ভালকৈ নাজানো’ ‘মোক ভাৰতীয় হিচাপে দেখুৱাইছে…’

Ashok Singhal: মন্ত্ৰী অশোক সিংহলৰ ঘোষণাঃ যদি মোৰ এক ইঞ্চিও মাটি ট্ৰাইবেল বেল্টত আছে মই সন্যাস ল’ম

মোৰ এক ইঞ্চিও মাটি ট্ৰাইবেল বেল্টত আছে মই সন্যাস ল’ম
মোৰ এক ইঞ্চিও মাটি ট্ৰাইবেল বেল্টত আছে মই সন্যাস ল’ম

অসমৰ ৰাজনীতিত (Ashok Singhal) নতুনকৈ সৃষ্ট হৈছে এক তীব্ৰ বিতৰ্ক৷ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ জনজাতীয় বেŒI×ৰ কেইবা বিঘা মাটি মন্ত্ৰী অশোক সিংহলে বেদখল কৰিছে বুলি অভিযোগ উঠাৰ লগে লগে সামাজিক মাধ্যমত বিতৰ্ক অব্যাহত আছে৷ বিগত কেইদিন ধৰি এই অভিযোগক কেন্দ্ৰ কৰি চলি আছে ব্যাপক আলোচনা আৰু সমালোচনা৷ বিষয়টোৰ আঁত ধৰিয়েই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিৰোধী দল কংগ্ৰেছ মন্ত্ৰী সিংহলৰ বিৰুদ্ধে আক্ৰমণাত্মক ভূমিকা লৈছে৷ বিষয়টোৱে অধিক গতি পায় যেতিয়া অসম বিধানসভাৰ বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই চৰকাৰক প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰে, ‘‘ট্ৰাইবেল বেল্টৰ সুৰক্ষিত মাটিত এটা মন্ত্ৰীৰ নাম কেনেকৈ জড়িত হ’ব পাৰে?’

শইকীয়াৰ এই মন্তব্যই যেন আগতকৈ অধিক বিতৰ্কৰ সৃষ্টিৰে মন্ত্ৰী সিংহলক প্ৰতি উত্তৰ দিবলৈ বাধ্য কৰে৷ বুধবাৰে ঢেকীয়াজুলিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশ লৈ মন্ত্ৰী অশোক সিংহলে দেৱব্ৰত শইকীয়াক একেবাৰে প্ৰত্যাহ৩ান জনায়৷ মন্ত্ৰীয়ে দৃঢ় কণ্ঠত কয়, ‘দেৱব্ৰত শইকীয়াই যদি প্ৰমাণ দিব পাৰে যে মোৰ বা মোৰ পৰিয়ালৰ নামত সোণাপুৰৰ জনজাতীয় বেŒI×ত এক ইঞ্চিও মাটি আছে, তেন্তে মই কেৱল ৰাজনীতি নহয়, সামাজিক জীৱনো ত্যাগ কৰি হিমালয়ত সন্যাস ল’মগৈ৷ কিন্তু যদিহে এই অভিযোগ প্ৰমাণ কৰিব নোৱাৰে, তেন্তে তেওঁক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব৷’ মন্ত্ৰী সিংহলে এই ক্ষেত্ৰত সময়ও বান্ধি দি কয় – ‘‘এক ঘণ্টা সময় দিছো, প্ৰমাণ থাকিলে আগবঢ়াওক৷’ মন্ত্ৰী সিংহলে লগতে কংগ্ৰেছক লক্ষ্য কৰি কয়, ‘দুৰ্নীতি কৰিবলৈ আমি ৰাজনীতিলৈ অহা নাই৷ ভগৱানে মোক যথেষ্ট দিছে৷ মই কেতিয়াও চৰকাৰী ঠিকা লোৱা নাই, কোনো চৰকাৰী ৰাজ সাহায্য গ্ৰহণ কৰা নাই৷ নিজৰ কষ্টৰে জীৱন গঢ়িছো৷ কংগ্ৰেছৰ চৰিত্ৰ আমাৰ নহয়৷ আমি ৰাইজৰ সেৱাৰ বাবে ৰাজনীতিত আহিছো৷’ মন্ত্ৰীৰ এই কঠোৰ প্ৰতিক্ৰিয়াই সভাস্থলত উপস্থিত লোকসকলৰ মাজত উত্তেজনা সৃষ্টি কৰে৷

বহুতে হাততালিৰে মন্ত্ৰীৰ বক্তব্য সমৰ্থন কৰে৷ আনহাতে কংগ্ৰেছ শিবিৰে মন্ত্ৰীৰ এই বক্তব্যক ‘‘ৰাজনৈতিক নাটক’ বুলি অভিহিত কৰিছে৷ তেওঁলোকৰ অভিযোগ, ‘জনপ্ৰিয়তা উদ্ধাৰৰ উদ্দেশ্যত মন্ত্ৰীয়ে নাটকীয় শৈলীত প্ৰতিক্ৰিয়া দেখুৱাইছে৷’ ইপিনে, এতিয়ালৈকে দেৱব্ৰত শইকীয়াই মন্ত্ৰীৰ প্ৰত্যাহ৩ানৰ প্ৰত্যুত্তৰ দিয়া নাই, যদিও কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ইতিমধ্যে মন্তব্য কৰিছে যে ‘অভিযোগৰ প্ৰমাণ দলৰ হাতত আছে, সময়ত সকলো প্ৰকাশ কৰা হ’ব৷’

Rajen Gohain: এজেপিত যোগদান কৰিয়েই বিজেপিৰ সমালোচনাত মুখৰ ৰাজেন গোঁহাই

এজেপিত যোগদান কৰিয়েই বিজেপিৰ সমালোচনাত মুখৰ ৰাজেন গোঁহাই
এজেপিত যোগদান কৰিয়েই বিজেপিৰ সমালোচনাত মুখৰ ৰাজেন গোঁহাই

সদ্য বিজেপি (Rajen Gohain) ত্যাগী গেৰুৱা দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহায়ে বুধবাৰে অসম জাতীয় পৰিষদত যোগদান কৰে৷ এজেপিত যোগদান কৰিয়েই বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰি গোঁহাই৷গোঁহাইয়ে বিজেপি চৰকাৰে অসমত একনায়কত্ববাদী শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য ৪ বাৰকৈ তেওঁ বিজেপিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল লোকসভালৈ৷ ১৯৯৯ চনত তেওঁ নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰ নিৰ্বাচিত হৈছিল সাংসদ হিচাপে৷ তাৰ পাছত ক্ৰমান্বয়ে ২০০৪, ২০০৯ আৰু ২০১৪ চনত তেওঁ সাংসদ নিৰ্বাচিত হৈছিল৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত ৰেল বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ পদ লাভ কৰিছিল ৰাজেন গোঁহায়ে৷ কিন্তু ২০১৬ চনত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা দলত যেন স্থান হেৰুৱাবলৈ ধৰে জ্যেষ্ঠ নেতাগৰাকীয়ে৷ ২০১৯ চনত তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হয়৷ একেদৰে ২০২৪ তো তেওঁ দলৰ টিকট লাভ নকৰিলে৷ দলৰ মঞ্চত ক্ৰমান্বয়ে এলাগী হৈ পৰা ৰাজেন গোঁহায়ে অৱশেষত যোৱা অক্টোবৰ মাহত বিজেপি ত্যাগ কৰে৷ আজি বুধবাৰে তেওঁ ৰাজনৈতিক যাত্ৰা এক নতুন অধ্যায় আৰম্ভ কৰি যোগ দিয়ে অসম জাতীয় পৰিষদত৷

বিজেপিত থকাৰ অৱস্থাতো দলৰ একাংশ নেতা বিশেষকৈ কংগ্ৰেছৰ পৰা আহি বিজেপিত হৰ্তা-কৰ্তা বিধাতা হৈ পৰা নেতাৰ বিৰুদ্ধে মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছিল ৰাজেন গোঁহায়ে৷ আজি অজাপত যোগদান কৰাৰ পাছত তেওঁৰ পূৰ্বৰ দল বিজেপিৰ বিৰুদ্ধে পুনৰ সোঁচ্ছাৰ হৈ পৰে বৰ্ষীয়ান নেতাগৰাকী৷ তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰে অসমক ‘পুলিচ শাসিত’ ৰাজ্যত পৰিণত কৰিছে আৰু ‘হিটলাৰৰ দৰে’ স্বৈৰাচাৰী শাসন চলাইছে৷ নিজৰ কণ্ঠ আৰু স্বায়ত্তশাসন হেৰুৱাই অসমৰ জনসাধাৰণে কাৰ্যকৰীভাৱে ৰাজ্যৰ নিয়ন্ত্ৰণ দিল্লীৰ হাতত অৰ্পণ কৰিছে বুলিও কয় প্ৰবীণ নেতাগৰাকীয়ে৷ ‘মই বহু জাতীয় দলৰ শাসন দেখিছোঁ, এনে লাগে যেন আমি নিজৰ ৰাজ্য দিল্লীৰ হাতত গতাই দিছো৷’ অসমৰ সামাজিক তন্ত্ৰক শক্তিশালী কৰাৰ পৰিৱৰ্তে বিজেপি নিজৰ ‘বৃহত্তম শত্ৰু’ হৈ পৰিছে বুলি উল্লেখ কৰি গোহাঁইয়ে কয়৷ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ সমন্বিতে নেতা-কৰ্মীসকলে ৰাজেন গোঁহাইক দললৈ আদৰণি জনায়৷ বিজেপি চৰকাৰে একনায়কত্ববাদী শৈলীৰ কাম-কাজ জাপি দিয়া বুলি গোহাঁয়ে আক্ষেপ প্ৰকাশ কৰে৷ ‘সমগ্ৰ প্ৰশাসন যন্ত্ৰটো বিজেপিয়ে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে৷’ তেওঁ অভিযোগ কৰে৷

প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ বিষয়ে উল্লেখ কৰি গোহাঁয়ে কয়, ‘জুবিনে কৈছিল অসমৰ পথাৰ আৰু বজাৰ আমাৰ হাতলৈ আহিব লাগিব৷ আমি তেওঁৰ আদৰ্শৰে আগবাঢ়ি যাম৷ কোনো সম্প্ৰদায়ে পথাৰ পৰিত্যাগ কৰি আগবাঢ়িব নোৱাৰে৷’ জাতীয় সংগঠনসমূহে অসমৰ মাটি আৰু সম্পদৰ ওপৰত বাহিৰৰ লোকক নিয়ন্ত্ৰণ কৰিবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাজেন গোঁহায়ে৷ কংগ্ৰেছৰ সৈতে মতানৈক্য প্ৰকাশ কৰিলেও গোহাঁইয়ে কয় যে তেওঁ ‘সময়ৰ আহ৩ানৰ প্ৰতি সন্মান জনাই’ মিত্ৰতাৰ বাবে আগ্ৰহী৷ ‘কংগ্ৰেছৰ সকলো বেয়া নহয়, কংগ্ৰেছত বেয়া কাম কৰাসকলে এতিয়া বিজেপিক নেতৃত্ব দিছে৷’ গোঁহায়ে মন্তব্য কৰে৷ গোঁহাইৰ বিজেপি ত্যাগে গেৰুৱা দলক ক্ষতি কৰিব বুলিও বহুতে আলোচনা কৰিছে৷