দৈনন্দিন বাৰ্তা ডেস্ক : কেৰালাৰ কোজিকোড বিমানবন্দৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান বিধ্বস্ত হোৱাৰ পাছ দিনা অৰ্থাৎ আন এক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ এছিয়া ইণ্ডিয়াৰ বিমান ৷ এইখন বিমানত চৰায়ে আঘাত কৰাত শনিবাৰে পুৱাই যাত্ৰা বাতিল কৰে ৷ এয়াৰ লাইনটোৰ মুখপাত্ৰই কয়, মুম্বাই অভিমুখী বিমানখনে ৰাঁচীৰ বীৰচা মুন্দা বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলৈ লৈছিল ৷ এয়াৰ এছিয়া ইণ্ডিয়া বিমান ভিটি-এইচজিজি ৰাঁচীৰ পৰা মুম্বাইলৈ নিৰ্দ্ধাৰিত সময় ১১.৫০ বজাত যাত্ৰা কৰিছিল ৷ তেতিয়াই বিমানখনত চৰায়ে খুন্দা মাৰে বুলি এয়াৰ লাইনটোৰ মুখপাত্ৰই কয় ৷ তেতিয়া পাইলটে জৰুৰীকালীন ব্ৰেক মাৰে ৷ ফলত এক ভয়ানক বিপদৰ পৰা ৰক্ষা পৰে যাত্ৰীসকল ৷ বিমানখনত থকা ১৭৬ জন যাত্ৰী বিপদৰ পৰা ৰক্ষা পৰে ৷
কেৰালাৰ কোজিকোডৰ বিমান দুৰ্ঘটনা : ১০ হাজাৰ ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতাৰে পুষ্ট নিহত পাইলট
দৈনন্দিন বাৰ্তা ডেস্ক : কেৰালাৰ কোজিকোডত শুকুৰবাৰে নিশা হোৱা বিমান দুৰ্ঘটনাত পাইলটসহ ১৮জন যাত্ৰীৰ মৃত্যু হয় ৷ এই দুৰ্ঘটনাত পাইলটৰ কোনো ভুল আছিল নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ ইপিনে শনিবাৰে কোজিকোড বিমানবন্দৰৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ পুৰীয়ে ৷ মন্ত্ৰীজনে কয়, এই এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানৰ পাইলট আছিল কেপ্টেইন দীপক সাঠে ৷ তেওঁ অতি অভিজ্ঞ পাইলট আছিল ৷ ইয়াৰ আগেয়ে কমেও ২৭ বাৰ কোজিকোড বিমানবন্দৰৰ ৰানৱেত তেওঁ নামিছিল ৷ মন্ত্ৰীজনে লগতে কয় যে পাইলট কমাণ্ডাৰ কেপ্টেইন দীপক বসন্ত সাঠেৰ ১০ হাজাৰ ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতা আছে ৷ তাৰ পাচতো এই দুর্ভাগ্যজনক দুর্ঘটনাটো সংঘটিত হয় ৷ শনিবাৰৰ এই দুৰ্ঘটনা স্থান পৰিদৰ্শন কৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ৷ উল্লেখ্য যে এই দুৰ্ঘটনাত এটি ৪ বছৰীয়া শিশুসহ ১৮জন লোকৰ মৃত্যু হৈছে ৷ আনহাতে ১৪৯ জন যাত্ৰী আহত হৈছে ৷ আহতসকলক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ৷
‘কা’ বাতিলৰ দাবীত ডিকমত মটক ছাত্ৰ সন্থাৰ প্ৰতিবাদ
দৈনন্দিন বাৰ্তা ডেস্ক : নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা-২০২০ বাতিল কৰা, অখিল গগৈক মুক্তি দিয়াৰ দাবীত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ডিকমত প্ৰতিবাদ সাব্যস্ত কৰে উজনি অসমৰ মটক জনগোষ্ঠী অন্যতম জাতীয় সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাই৷ সদৌ অসম মটক ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতি আৰু ডিকম আঞ্চলিক সমিতিয়ে ডিব্ৰুগড়ৰ ডিকমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা-২০২০ বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী জনায়৷ কেইবা শতাধিক নেতা-কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি বৰতাল বজাই প্ৰতিবাদ জনায়৷ অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰক, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, কা-বাতিল কৰক, কা-আমি নামানো, EIA-২০২০ অধিসূচনা প্ৰত্যাহাৰ কৰক, ডিকম আঞ্চলিক মটক ছাত্ৰ সন্থা জিন্দাবাদ, বিজেপি চৰকাৰ হায়ঃ হায়ঃ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ আদি শ্ল’গান দি ডিকমৰ আকাশ বতাহ কঁপাই তোলে। কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা যুগল বৰুৱা, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সঞ্জয় হাজৰিকাৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰখনক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়।
কামপুৰৰ তেতেলিসৰা গুজুঙা ডুবা বিলত হাজাৰ হাজাৰ মাছৰ অস্বাভাৱিক মৃত্যু
নগাঁও : দেই পুৰি নিয়া গৰমত দহিছে সমগ্ৰ ৰাজ্যবাসী। প্ৰচণ্ড গৰমৰ তাপে দহিছে আনকি জীৱকুলকো। প্ৰখৰ ৰ’দৰ উত্তাপে এতিয়া নদ, নদী, খাল, বিলৰ পানীও গৰম কৰি তুলিছে। যাৰ ফলত পানীত থকা জীৱকুলো গৰমৰ পৰা পৰিত্ৰাণ পোৱা নাই। উৎকট গৰম আৰু প্ৰখৰ ৰ’দৰ বাবেই কামপুৰৰ তেতেলিসৰা গুজুঙা ডুবা বিলত মাছৰ অস্বাভাৱিক মৃত্যু ঘটিছে৷ কালি পুৱা বিলখনত মাছসমূহ উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ বিলখনত থকা কাৱৈ, গৰৈ, বৰালী, পুঠিকে ধৰি হাজাৰ হাজাৰ থলুৱা প্ৰজাতিৰ মাছৰ ইতিমধ্যে মৃত্যু হৈছে৷ উল্লেখযোগ্য যে, বৃহস্পতিবাৰে বিয়লিৰ পৰাই বিলখনত এটা দুটাকৈ মাছৰ মৃত্যু হৈ ওপঙি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল যদিও শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা অধিক হাৰত মাছৰ মৃত্যু হয়। গৰমৰ বাবেই এইদৰে মাছৰ মৃত্যু হৈছে বুলি ধাৰণা কৰা হৈছে যদিও প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। যোৱা চাৰি-পাঁচদিন ধৰি হোৱা প্ৰখৰ ৰ’দ আৰু গৰমৰ বাবে ইতিমধ্যে বিলখনৰ পানী শুকাই গৈছে। যাৰ বাবেই বিলখনত মাছৰ অস্বাভাৱিক মৃত্যু হৈছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।
চন্দনগিৰি পথৰ বিধস্ত ৰূপে দুৰ্ভোগ ভোগাইছে পথচাৰীক
দৈনন্দিন বাৰ্তা ডেস্ক : গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ চন্দনগিৰি পথৰ বিধস্ত ৰূপে দুৰ্ভোগ ভোগাইছে পথচাৰীৰ লগতে স্হানীয় অঞ্চলবাসী ৰাইজক৷ শিলপুখুৰীৰ পৰা নৱগ্ৰহ সংযোগী পথচোৱাত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ পথচোৱাৰ একাংশ ঠাইত খলাবমা হৈছে৷ যাৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে৷ কেইবাগৰাকী ব্যক্তি আহত হ’বলগীয়া হৈছে৷ এই পথচোৱাত কেইবাটাও মন্দিৰ, নামঘৰ অৱস্হিত৷ বিভিন্ন ভক্তই মন্দিৰত সেৱা আগবঢ়াবলৈ আহে যদিও, পথচোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই ভক্তসকলৰ লগতে মহিলা, স্কুল কলেজৰ শিক্ষাৰ্থী সকল খোজকাঢ়ি অহা যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ ইয়াৰ বাবে অঞ্চলবাসী ৰাইজে শীঘ্ৰেই পথচোৱা পুন:নিৰ্মাণ কৰিবলৈ গড়কাপ্তানি বিভাগৰ ওচৰত দাবী জনায় ৷
টীয়কত যুৱ-ছাত্ৰ পৰিষদৰ সাহাৰ্য বিতৰণ
মুদৈজান : আজি যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়ক বগৰীগুৰি অঞ্চলত বানপীড়িত ৰাইজৰ মাজত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত প্ৰমুখ্যে যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সভাপতি-সম্পাদক সহিতে এটি সজাতি দল উপস্থিত হৈ ৰাইজৰ বুজ লয় আৰু তেওঁলোকৰ ফালৰ পৰা ব্লিচিং পাউডাৰ, চাবোন, চাৰ্ফ আৰু কিছু খাদ্য সামগ্ৰী ৰাইজৰ মাজত বিতৰণ কৰে। উক্ত কাৰ্যসূচীত বিশেষভাৱে উপস্থিত থাকে যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সদস্য বাবু দত্ত।
ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড : ৱেব ৰ্পটেলৰ সাংবাদিক বীজেন দ্বীপক হত্যা
তিনিচুকীয়া : তিনিচুকীয়া ন-পুখুৰীত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডই ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টী কৰিছে। নিজ কাৰ্যালয়ৰ ভিতৰতে বীজেন দ্বীপক সাংবাদিক হত্যা কৰি দুদিন পুৰ্বে পেলাই যোৱা বুলি অনুমান কৰা হৈছে। জ্যোতিনগৰৰ এটা ভাড়াঘৰত ৰ্পটেলৰ নিজ কাৰ্যালয়ৰ ভিতৰতে ডিঙি কটা অৱস্থাত বীজেন দ্বীপৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তিনিচুকীয়াত সংবাদ মাধ্যমৰ লগতে ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। দিন প্ৰতিদিন নামৰ এটা ৱেব পৰ্টেলৰ স্বত্বাধিকাৰী আছিল সাংবাদিক গৰাকীৰ আজি পুৱা পৰিয়ালৰ লোকৰ ফোন ৰিচিপ নকৰাত স্থানীয় কচুজানত থকা পৰিয়ালৰ লোকে আহি মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীক ঘটনাত জড়িত লোকক চিনাক্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে তিনিচুকীয়া প্ৰেছ ক্লাৱ, জিলা সাংবাদিক সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, জিলা আছু, এ যে ৱাই চি পি, মটক সন্মিলন, মৰান ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল-সংগঠনে।
নগাঁও বন বিভাগৰ দ্বাৰা জব্দ চোৰাং কাঠ ভৰ্তি বাহন
নগাঁও : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত এটি অভিযানকাৰী দলে যোৱা নিশা প্ৰায় ৯:৩০ বজাত জিলাখনৰ মিছা আৰক্ষী নিৱেশৰ সমীপত অতৰ্কিতে এক অভিযান চলাই মূল্যবান মাকৈ শাল আৰু তিতাচঁপা কাঠ ভৰ্তি এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি কাৰ্বিআংলং জিলাৰ লাংখ্ৰাং বনাঞ্চলৰ পৰা বিভিন্ন প্ৰকাৰৰ মূল্যবান কাঠসমূহ এনেদৰে নিশাৰ ভাগত প্ৰায়ে চাপানলা-শালনা-মিছা অঞ্চলৰ মাজেৰে চোৰাং কাঠ ব্যৱসায়ীয়ে সৰবৰাহ কৰাৰ খবৰ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীয়ে বিভিন্ন মাধ্যমৰ পৰা লাভ কৰি আহিছিল৷ সেই উদেশ্য নিশা উক্ত অঞ্চলত নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা বাহিনীৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰ, বন পালক নিপেন বৰা, বন কৰ্মী গৌতম বৰা, গুপ্ত বৰা, মুক্তাৰ হুছেইন, দীনেশ ৰাজবংশীয়ে এক অভিযান চলাই মূল্যবান মাকৈ শাল আৰু তিতাচঁপা ভৰ্তি চোৰাং কাঠ কঢ়িয়াই অনা বাহনখন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ এএছ০৫এ ১২৮৬ আৰু জব্দ কৰা মাকৈ শাল আৰু তিতাচঁপা কাঠখিনিৰ পৰিমাণ প্ৰায় ৫ চি এম হোবাৰ বিপৰীতে এই মাকৈ শাল আৰু তিতাচঁপা কাঠখিনিৰ বজাৰ মূল্য লক্ষ্যাধিক হ’ব বুলি বন বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে৷
টংলাৰ পলাহগড়ত পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ : শতাধিক মহিলাই নিৰ্মাণ কৰিলে খহনীয়াত ক্ষতিগ্রস্ত পথৰ দলং
টংলা : ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলাৰ নিকটবর্তী পলাহগড়ত পথৰ দুৰৱস্হাত অতিষ্ঠ ৰাইজ ৩ খন গাওঁ সংযোগী শ্বহীদ প্ৰবীণ ডেকাৰ নামত উৎসৰ্গিত পথেৰে নাযায় এম্বুলেন্স ফলত বিভিন্ন ৰোগীৰ লগতে গৰ্ভৱতী মহিলাও ১.৫ কিলোমিটাৰ খোজকাঢ়ি আহিবলগীয়া হয়। বছৰ বছৰ ধৰি পলাহগড়, চাটিয়াপাৰা, মাজগাঁওবাসীয়ে খাইছে যমৰ যাতনা। অৰ্ধ শতাধিক মহিলাৰ শ্ৰম দানেৰে খহনীয়াত ভাঙি যোৱা পথৰ ওপৰত শনিবাৰে নিৰ্মাণ কৰিলে দলং। পলাহগড় কুলশীনৈৰ দলঙৰ পৰা আৰম্ভ হোৱা পথটি পলাহগড়ত, চাটিয়াপাৰা, মাজগাঁও আদি গাৱঁৰ ৰাইজে বিভিন্ন সময়ত মেৰামতি কৰি আহিছে যদিও সেয়া পৰ্যাপ্ত নহয় সেয়ে সকলোৰে আহ্বান অতিশীঘ্রেই অসম চৰকাৰৰ গড়কাপ্তনী বিভাগ তথা জলসম্পদ বিভাগে মেৰামতি কৰক পথটি। পথটি মেৰামতি কৰি থকা সময়তে ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচে কয় যে এই পথটিৰে দৈনিক প্ৰায় ৫ৰ পৰা ১০ খন গাঁৱৰ ৰাইজে যাতায়াত কৰে আৰু ইয়াৰ পৰা বৰ্তমান এজন ৰোগী চিকিৎসালয়লৈ লৈ যাবলৈ কোনো যান-বাহন আহিব নোৱাৰে আৰু এই পথটিয়েই এই কেইখন গাৱঁৰ একমাত্র পথ সেয়ে অসম চৰকাৰ তথা জলসম্পদ বিভাগে অতিশীঘ্রেই পথটিৰ মেৰামতিৰ ব্যবস্থা গ্রহণ কৰক। আনফালে স্হানীয় পলাহগড়, চাটিয়াপাৰা, মাজগাঁৱৰ আগৰণুৱা মহিলা চন্দ্রপ্ৰভা ডেকাই কয় যে আমি আজি তিনিখন গাৱঁৰ প্ৰায় ৫০ গৰাকী মহিলা লগ লাগি সমূহীয়াকৈ ওলাই আহি পথটিৰ মেৰামতিৰ লগতে খাৱৈত বাঁহ কাঠ আদিৰে এখন দলঙৰ ব্যবস্থা কৰিছো আৰু ইয়াৰ পৰাই চৰকাৰক আহ্বান জনাইছো যে অতিশীঘ্রেই পথটিৰ মেৰামতিৰ ব্যবস্থা গ্রহণ কৰক।
কা, ই আই এ বাতিলৰ দাবীত পানীতোলাত আছুৰ অবস্থান ৰ্ধমঘট
তিনিচুকীয়া : তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই পানীতোলাত নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু ই আই এ বাতিলৰ দাবীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই উপস্থিত থাকি কা আৰু ই আই এ বাতিলৰ দাবীত বক্তব্য আগবঢ়ায়। পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক চেলু হুছেইন, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁই, পানীতোলা আছুৰ উপদেষ্টা বৈদ্য জ্যোতি চেতিয়া, মটক যুৱ ছাত্ৰ সন্মিলন বৰুৱাহোলা আঞ্চলিক সমিতিৰ তনুশ্যাম দিহিঙিয়া, পল্লৱ চেতিয়া, দিপাংকৰ ৰাজখোৱা, সদৌ মটক যুৱ ছাত্ৰ পৰিষদৰ নিযুত বৰা, বেংগলি যুৱ ছাত্ৰ ফেডাৰেছন পংকজ চৰকাৰ, ভোজপুৰী ছাত্ৰ সন্থাকে ধৰি অঞ্চলটোৰ গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা কৰা কাৰ্যসূচীটিত সংশোধিত নাগৰিকত্ব আইন আমি নামানো, ই আই এ খচৰা বাতিল কৰক, বিজেপি গ’ বেক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি বিভিন্ন শ্ল’গানেৰে আজি উত্তাল হৈ পৰে পানীতোলা। তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ শেষত বক্তব্য প্ৰদান অনুষ্ঠানটোৰ পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰক্তিম দাসে আঁত ধৰে বুলি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম বৰুৱা আৰু সাধাৰণ সম্পাদক দিপান কিশোৰ চেতিয়াই জানিবলৈ দিয়ে।











