Home Blog Page 3302

লাকুৱা বৰবৰুৱা মৈদামস্থিত অ’এনজিচিৰ ৪ নং জি.জি.এছৰ পৰা নিশা বিকৃত শব্দ : আতংকিত জনগণ

দিলীপ হাজৰিকা :

বাঘজানৰ ঘটনাৰ পাছত লাকুৱাত থকা অ’এনজিচিৰ ১৩ টা তেল গননৰ কূপৰ বৰবৰুৱা মৈদামৰ ৪ নং জিজিএছত যোৱা নিশা হো শব্দ হোৱাত লাকুৱাৰ বৰবৰুৱাৰ মৈদামবাসী আতংকিত হৈ পৰে। লাকুৱাটো অনুৰোপ ঘটনা ঘটাৰ আশংকা কৰিছে। যাৰ বাবে স্থানীয় ৰাইজ উলাই আহি জিজিএছটোৰ কাম কাজ বন্ধ কৰি দিছে। লগতে কৰ্তৃপক্ষক শব্দৰ উৎসৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে। ইফালে স্থানীয় ৰাইজে অভিযোগ কৰিছে যে অ’এনজিচি য়ে জিজিএছৰ পৰা ওলোৱা ৰাসায়নিক যুক্ত পদাৰ্থ, পানী কাষৰ খেতি পথাৰ সমুহলৈ বোৱাই দিয়াত খেতি পথাৰ সমুহ প্ৰদুষিত হৈ পৰিছে। লগতে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি নামি আহিছে, আনকি কাষেৰে বৈ যোৱা দিচাং নদীটো এই পানী পেলাই দিয়াত নদীৰ মাছ, কাছ জলজ সম্পদলৈও ভাবুকি আহিছে। স্থানীয় ৰাইজে ইয়াৰ সুব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসন কৰ্তৃপক্ষক দাবী জনাইছে।

ক’ৰোনা সংক্ৰমণ আৰু লকডাউনৰ বাবেই সমগ্ৰ পৃথিৱীত ৪০ কোটি মানুহ চৰম দৰিদ্ৰতাৰ বলি ৷

সমগ্ৰ বিশ্বতে দৰিদ্ৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ৰোনা সংক্ৰমণ আৰু লকডাউনৰ বাবেই সমগ্ৰ পৃথিৱীত আন ৪০ কোটি মানুহ চৰম দৰিদ্ৰতাৰ বলি হৈছে৷ ইয়াৰ মাজত কেৱল ভাৰতত চৰম দৰিদ্ৰতাৰ সীমা পাইছেগৈ ৬ কোটি মানুহ ৷ এইসকলৰ আয় হৈছে ১৪৪ টকা৷ এক আন্তর্জাতিক গৱেষণাত এই উদ্বেগজনক খবৰ পোহৰলৈ আহিছে৷ গৱেষণাপত্রত প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ অধীনত থকা ‘ইউএনইউ-ৱাইডাৰ’ নামৰ গৱেষক দলে৷ এই গৱেষক দলটোত আছে লণ্ডনৰ কিংছ কলেজ আৰু অষ্ট্ৰেলিয়ান ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ৷ উল্লেখ্য যে যোৱা বছৰ ভাৰতত চৰমতম দৰিদ্ৰতাৰ তলত আছিল ৪ কোটি মানুহ৷ গৱেষণাত জানিব পৰা গৈছে যে ক’ৰোনা সংক্ৰমণ আৰু তাক ৰোধ কৰিবলৈ লকডাউন দিয়াত বিশ্ব অৰ্থনীতিৰ যি অৱস্থা তাৰ বাবেই এনে হৈছেগৈ আগন্তুক দিনৰ ছবি৷ ক’ৰোনা পৰিস্থিতিৰ বাবেই আন ৪০ কোটি মানুহে সহ্য কৰিব লাগিব চৰম দৰিদ্ৰতাৰ জ্বলা-যন্ত্ৰণা৷ উল্লেখ্য যে বিশ্ব বেংকে দিয়া পৰিসংখ্যাৰ লগত এই তথ্য একে হৈ পৰিল৷ য’ত কোৱা হৈছে বিশ্বত চৰম দৰিদ্ৰতাৰ চিকাৰ হ’ব ৭ ৰ পৰা ১০ কোটি মানুহ৷ বিশ্ব বেংকে নিৰ্ধাৰণ কৰা দৰিদ্ৰতাৰ হিচাপত এই তথ্যভিত্তিক গৱেষণা কৰা হৈছিল৷ বিশ্ব বেংকে নিৰ্ধাৰণ কৰা মতে যাৰ প্ৰতিদিনে আয় ১৪৪.২৪ টকা বা কম সেই মানুহ চৰমতম দৰিদ্ৰ৷ আনহাতে যাৰ আয় ৪১৭.৪১ টকা  এই সকল দৰিদ্ৰ৷ গৱেষকসকলে জনোৱা মতে আগন্তুক দিনত এই দৰিদ্ৰতাত পৰিবগৈ বিশ্বত কমেও ১১২ কোটি মানুহ৷ তদুপৰি দৰিদ্ৰৰ সংখ্যা কমেও ৩৭০ কোটি হ’বগৈ৷ যিটোৰ সংখ্যা পৃথিৱীৰ আধা সংখ্যক মানুহৰো অধিক৷

সোণতলীত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ৷

সোণতলীত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ৷

সোণতলী

দক্ষিণ কামৰূপৰ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, চিকিৎসা কৰ্মী তথা আশা কৰ্মী সন্থাৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্বন আৰু ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ সোণতলী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৫ গৰাকী ছাত্ৰ-ছাত্ৰীক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত পৌৰহিত্ব কৰে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি তথা সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলীয়ে ৷ সামাজিক দুৰত্ব বৰ্তাই ৰাখি আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে পাচঁ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মান পত্ৰ, কিতাব, কলম আদিৰে বিশেষভাৱে সম্বৰ্ধনা জনাই ছাত্ৰ-ছাত্ৰীক আৰু অধিক উৎসাহিত কৰি তোলে ৷ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ অধীনস্থ কিচমত কাঠমী গাৱৰ আশাকৰ্মী ইলিজা আহমেদৰ কন্যা স্বাহনাজ আখতাৰকো আশাকৰ্মী সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা জনোৱা ছাত্ৰ-ছাত্ৰী কেইজন ক্ৰমে আশ্ৰাফুল হক, ইলিয়াচ আলী, খাদিজা আহমেদ, ৰুকছানা আজাদ আৰু স্বাহানাজ আকতাৰ ৷ ছাত্ৰ-ছাত্ৰী কেইজনৰ ফলাফল অনুসৰি আশ্ৰাফুলে ৯৫.৫ শতাংশ, ইলিয়াচ আলী ৯৩.৫ শতাংশ, খাদিজা খাতুন ৯১.১৭ শতাংশ, ৰুকছানা আজাদ ৮৫.৮৩ শতাংশ আৰু স্বাহানাজ আকতাৰে ৮১.৩৩ শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছে ৷ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্টপীয়াকৈ অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৪ নং সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাজাহান আলী, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ড° কুৰবান আলী আৰু ড° ৰবিউল হুছেইনৰ লগতে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ সহঃ প্ৰৱক্তা দোস্ত খলিলুৰ ৰহমান আদিকে কেইবাজনো গন্য মান্য ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক-অভিভাৱিকা সকল ৷ অনুষ্ঠানটিত স্বাজাহান আলী আৰু ড° কুৰবান আলীয়ে ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্য ভাষণ  প্ৰদান কৰাৰ লগতে উজ্জ্বল ভৱিষ্যৎ কামনা কৰে ৷ 

গেলেকী অব্যাহত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস : প্ৰশাসনক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ” আটাছু”ৰ ।

গেলেকী অব্যাহত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস : প্ৰশাসনক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী " আটাছু"ৰ ।

নাজিৰা 

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী শিঙিবিলত আজি ” সদৌ তাই আহোম ছাত্ৰ সন্থা” (আটাছু)ৰ প্ৰতিনিধি দল উপস্থিত হৈ সীমান্ত বিবাদৰ সন্দৰ্ভত শীঘ্ৰে প্ৰশাসনক বিহিত ব্যৱস্থা লবলৈ আহ্বান জনায় | উল্লেখ্য যে, অসমৰ ভূমিত নগা দুৰ্বৃত্তই বন-ধ্বংস কৰি শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱতী গেলেকী সংৰক্ষিত বনাঞ্চল দখল অব্যাহত ৰাখিছে | নগা দুৰ্বৃত্তই বিগত কিছু দিনৰ পৰা জিলাখনৰ গেলেকী শিঙিবিলত সন্দেহজনক ভাৱে প্ৰৱেশ কৰা  প্ৰায় শতাধিক চাহ গছ কাটি তহিলং কৰি অবৈধ ঘৰ সাজি বীৰত্ব প্ৰদৰ্শন কৰিছে | নাগালেণ্ডৰ লুংলেং জিলাৰ অধীনৰ নাগালেণ্ডৰ ইয়ংলক বস্তি দিশৰ পৰা অহা নগা দূৰ্বিত্তই বনাঞ্চলৰ ভূমি আৰু সীমান্ত অঞ্চলটোৰ বৃহৎ ভূমি তথা শ শ থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচা দখলৰ চেষ্টা কৰি আহিছে | উক্ত ভূমিত নগা দুৰ্বৃত্তই বাঁহৰ বেৰিকেট দি অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল । ঘটনাস্থলীত নাজিৰা মহকুমাৰ প্ৰশাসনৰ আৰক্ষীৰ এটা দল সীমান্তত উপস্থিত হৈ নগালোকে অসমৰ মাটিত স্থাপন কৰা বাহঁৰ বেৰিকেট উচ্ছেদ কৰি থৈ আহে যদিও পুনৰ সেই স্থানত নগা দুৰ্বৃত্তই বাহৰ পাতি অব্যাহত ৰাখিছে সন্ত্ৰাস | ফলত আজি শিঙিবিলত সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিটুল বুঢ়াগোঁহাই, সহকাৰী সম্পাদক জয়ন্ত সন্দিকৈ, শিৱসাগৰ জিলা সমিতি সভাপতি ধৰ্মেন গগৈ, যুটীয়া সম্পাদক মানস সন্দিকৈ আৰু নাজিৰা মহকুমা সমিতিৰ নেতৃত্বত এটি প্ৰতিনিধি দল উপস্থিত হৈ অসম-নাগালেণ্ড সীমান্ত বিবাদৰ সমগ্ৰ পৰিস্থিতি বুজ লয় । সংগঠনটোৱে প্ৰথমতে স্থানীয় চাহ খেতিয়ক ৰাইজৰ সতেও মত বিনিময় কৰে । তাৰ পাছত সীমান্ত অতিৰিক্ত আৰক্ষী অধীক্ষক,গেলেকী আৰক্ষী থানাৰ লগতে প্ৰশাসনৰ সৈতে সীমান্ত নিৰীক্ষণ চকীত জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰি প্ৰশাসনক অতি শীঘ্ৰে বিহিত ব্যৱস্থা লবলৈ দাবী জনায় ।

এসপ্তাহে হত্যাকাৰীক আটক কৰিব নোৱাৰাত ক্ষূব্ধ ৰাইজে কৰিলে পথ অৱৰোধ।

কৰিমগঞ্জ

হত্যাকাৰিক গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ নিভিয়া এলেকাত । দোষীক গ্ৰেপ্তাৰ কৰাত  ব্যৰ্থ হোৱা আৰক্ষীৰ বিৰুদ্ধে ব্যাপক ক্ষোভ প্ৰকাশ কৰিমগঞ্জৰ নিভিয়া এলেকাৰ ৰাইজৰ। হত্যাকাণ্ডৰ এসপ্তাহ অতিক্ৰম কৰিলেও দোষীক কৰায়ত্ব কৰি নোৱাৰাৰ প্ৰতিবাদত ফানাইৰবন্দত দুল্লভছড়া-নিভিয়া গড়কপ্টানি পথ অৱৰোধ কৰিলে ক্ষোভিত ৰাইজে।  উল্লেখ্য, যোৱা ৪জুন তাৰিখ এলাকাৰ চাহ বাগিচাৰ এগৰাকি  মহিলাৰ বিবস্ত্ৰ মৃতদেহ উদ্ধাৰ হৈছিল। পৰৱৰ্তিত মহিলাগৰাকী গাঁওৰ  বিধবা মহিলা নন্দা ৰানি নমসুদ্ৰ বুলি চিনাক্ত হৈছিল। হত্যাকাৰিৰো উমান পাই আৰক্ষী সহ স্থানীয় বিধায়কক অৱগত কৰিছিল স্থানীয় ৰাইজে । কিন্তু ঘটনাৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছত আজিলৈকে দোষীক গ্ৰেপ্তাৰ নকৰাৰ বাবে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। পথ অৱৰোধ কৰে স্থানীয় মহিলা পুৰুষে। স্থানীয় ৰাইজৰ মতে এজন স্থানীয় যুবকৰ অহা যোৱা আছিল মহিলাগৰাকীৰ ঘৰত।  ঘটনা সংঘটিত হোৱাৰ পাছত যুৱক জনে গাঁওৰ কিছু লোকক ফোন কৰি খবৰ ও লৈছিল বুলি জনায় ৰাইজে। ইপিনে তিনিদিন পূৰ্বে স্থানীয় বিধায়ক বিজয় মালাকাৰে মহিলা গৰাকীৰ ঘৰত গৈ খবৰ লোৱাৰ লগতে দুদিনৰ ভিতৰত দোষীক তথা হত্যাকাৰীক আটক কৰা হব বুলি ৰাইজক আশ্বাস দি আহিছিল যদিও আজি পৰ্যন্ত আটক নকৰাত এলেকাৰ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাত আজি ৰাইজে পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে হত্যাকাৰীক শীঘ্ৰে গেপ্তাৰ কৰাৰ দাবী জনায়।

বাঘজান কাণ্ড : তিনিচুকীয়াত জাতি- জনগোষ্ঠীয় সংগঠনৰে আলোচনা মন্ত্ৰী পাটোৱাৰীৰ ।

তিনিচুকীয়াত জাতি- জনগোষ্ঠীয় সংগঠনৰে আলোচনা মন্ত্ৰী পাটোৱাৰীৰ ।

তিনিচুকীয়া 

 বাঘজানৰ তেল গেছ ৱেলত অগ্নিকাণ্ডৰ ফলত দহখনৰো অধিক গাৱঁৰ প্ৰায় ৭৫০০  আতংকিত ৰাইজ আশ্ৰয় শিবিৰত থকাৰ পিছত আজি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধ্যক্ষতাত জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত এক সভা অনুষ্ঠিত হয় । সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, মৰান ছাত্ৰ সন্থা আছা আটছা এ জে ৱাই চি পি  আটাছু এচিএম এচ সংগঠনৰ প্ৰতিনিধিৰ লগত বাঘজান অগ্নিকাণ্ডৰ ৰ্নিবাপন সম্পৰ্কে আলোচনা কৰা হয় । বৰ্তমান আশ্ৰয় শিবিৰত থকা ক্ষতিগ্ৰস্থ পৰিয়ালক ৩০ হেজাৰ টকা প্ৰাথমিক সাহাৰ্য অইলৰ দ্বাৰা প্ৰদানৰ কথা মন্ত্ৰী গৰাকীয়ে কয় । শিবিৰত মন্ত্ৰীগৰাকীয়ে টুলুঙা মন্তব্য কৰাত সংগঠনৰ প্ৰতিনিধিয়ে ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ কথা উত্থাপন কৰাত মন্ত্ৰী গৰাকীয়ে তেনে পৰিস্থিতি মিডিয়াৰহে সৃষ্টী বুলি কয় । আলোচনাত অইল কতৃপক্ষৰে অহৰহ আলোচনা অব্যাহত ৰাখি থকাৰ কথা উল্লেখ কৰি অতি কমেও ১০ৰ পৰা ১৫ দিনৰ ভিতৰতহে অগ্নি ৰ্নিবাপন হব বুলি জানিবলৈ দিয়ে । আজিৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষান অতুল বৰা বিধায়ক ক্ৰমে বিনোদ হাজৰিকা বলীন চেতিয়া সুৰেন ফুকন তেৰছ গোৱালা ঊপায়ুক্ত ভাস্কৰ পেগু এডিজিপি জি পি সিং ডি আই জি জিৎমল দলে আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া উপস্থিত থাকে ।  

জুৰীয়াত দুই ফৈদৰ মাজত ভূমি কেন্দ্ৰীক সংঘাত । গুণ্ডা বাহিনীক লৈ মাটি বেদখল কৰা পাঁচ জনক আটক । বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ উদ্ধাৰ ।

জুৰীয়াত দুই ফৈদৰ মাজত ভূমি কেন্দ্ৰীক সংঘাত

এ জে আকন্দ‌

নগাঁও নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰীত আজি এডোখৰ ভূমি বেদখল কৰিবলৈ যোৱা পাঁচজন গুণ্ডা প্ৰকৃতিৰ লোকক আৰক্ষীয়ে আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। উল্লেখ্য যে আব্দুল ওৱাহাব আৰু হবিবুৰ ৰহমানৰ দুটা পৃথক পৰিয়ালৰ মাজত ডেৰ বিঘা পৰিমাণৰ ভুমিক লৈ এক দীৰ্ঘদিনীয়া সংঘাত চলি আহিছিল। দীৰ্ঘ বছৰ ধৰি হবিবুৰ ৰহমানৰ পৰিয়ালটো ইয়াৰে এডোখৰ মাটিত ঘৰ সাজি বসবাস কৰাৰ লগতে ৯ কঠা পৰিমাণৰ ভুমি ভোগ দখল কৰি আহিছিল। উক্ত মাটিৰ নথি পত্ৰত ওৱাহাবৰ পৰিয়ালৰ নাম থকা বুলি দাবী কৰি ইয়াৰে এটা অংশ এৰি দিবলৈ দাবী জনাই সময়ে সময়ে দুয়োটা পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি সংঘাতৰ সৃষ্টি হৈ আহিছিল। কিন্তু যোৱা নিশা ওৱাহাবে একাংশ গুণ্ডা প্ৰকৃতিৰ লোকৰ সহযোগত দা-লাঠি-ডেগাৰ আদি জাতীয় অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ উক্ত মাটি নিশাটোৰ ভিতৰতে ঘৰ সাজি পেলাই। এই খবৰ আজি জুৰীয়া আৰক্ষীয়ে লাভ কৰি বেদখলকাৰী লোক কেইজনে নিৰ্মাণ কৰা ঘৰ-বাৰী উৎখাত কৰাৰ লগতে ঘৰটোৰ ভিতৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এইদৰে অবৈধ ভাবে এটা পৰিয়াল ভুমি বেদখল কৰিবলৈ যোৱা পাঁচজন লোকক আৰক্ষীয়ে আটক কৰে। আটকাধীন লোক কেইজন হ’ল ছিদ্দিক আলী, আনাৰুল ইছলাম, ফৰিদুল ইছলাম, আব্দুল ৱাহাব আৰু ইদ্ৰিছ আলী।

চৰাইদেউত আপতাৰ উদ্যোগত সাঁচি গছৰ ওপৰত সজাগতা সভা ।

দৈনন্দিন বাৰ্তা ,সাপেখাতী

যি সময়ত চৰকাৰে ৰাজ্যত দিহিং পাটকাই ৰ দৰে বৰ্ষাৰণ্যৰ ধংসযজ্ঞ চলোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে তেনে সময়তে গছ পুলি ৰূপণ কৰি কেনেদৰে স্বাৱলম্বিতাৰ পথ মুকলি কৰিব পাৰি তাৰ বাবে অন্য এক সজাগতাৰ সৃষ্টি কৰিছে “আপতা”নামৰ বিশেষ সংগঠনটোৱে। আজি ঐতিহাসিক চৰাইদেউ জিলাৰ হাওঁফাওঁ গাঁওত “আপতা”ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আয়োজন কৰে সাঁচি গছৰ ওপৰত এখন বিশেষ সজাগতা সভা। উক্ত সজাগতা সভাখনত আপতাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জেহেৰুল ইছলাম আৰু উপ সভাপতি সত্যজিৎ হাজৰিকা উপস্থিত হৈ সাঁচি গছৰ উৎপাদনৰ ক্ষেত্ৰত লব লগা বিশেষ পদ্ধতি সমূহৰ লগতে এই খেতিৰ পৰা কেনেদৰে লাভাম্বিত হৈ স্বাৱলম্বি হব পাৰে তাকে লৈ সুন্দৰ ভাৱে মন্তব্য আগবঢ়াই। আনহাতে আজিৰ এই সজাগতা সভাখনত উপস্থিত থকা লোক সকলক কেন্দ্ৰীয় সমিতিৰ দুয়োজন বিষয়ববীয়াই একোখনকৈ মাক্স আৰু সাঁচি গছৰ এটিকৈ পুলি প্ৰদান কৰি অন্য এক নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে যি সময়ত কৰ্মসংস্থাপনৰ বাবে নিবনুৱা সকলে বহিঃ ৰাজ্যলৈ ঢাপলি মেলিছিল। তেনে সময়তে সাঁচি গছৰ খেতিৰে কেনেকৈ এজন ব্যক্তি লাভম্বিত হব পাৰি তাকে লৈ আপতাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি সঞ্জীৱ শইকিয়া আৰু সম্পাদক সৌৰভজ্যোতি গগৈয়ে লোৱা এনে সুন্দৰ পদক্ষেপক এতিয়া সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

ছিপাঝাৰত প্ৰথম প্ৰতিষ্ঠা দিৱসতেই Excel Academy ৰ আদৰণীয় পদক্ষেপ । ১০ জন কৈ দৰিদ্ৰ সীমাৰেখাৰ তলত মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়া শিক্ষা প্ৰদান ।

ছিপাঝাৰ :

ছিপাঝাৰৰ মাজমজিয়াতেই মটৰ ষ্টেচনৰ সমীপত যোৱা ৫ জুন, ২০২০ তাৰিখে পৰিৱেশ দিবসৰ লগত সংগতি ৰাখি কলা আৰু বিজ্ঞান শাখাৰ এখন নতুন জুনিয়ৰ কলেজ Excel Academy নামেৰে স্থাপিত হয়। অসমৰ কেম্ব্ৰিজখ্যাত ছিপাঝাৰক উচ্চ শিক্ষাৰ স্থলী হিচাপে গণ্য কৰি অহা হৈছে। ইয়াতেই বহুকেইখন বিদ্যালয়, মহাবিদ্যালয় গঢ় লৈ উঠাৰ সময়তে সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু আধুনিক সময়ৰ লগত ফেৰ মাৰিব পৰাকৈ কাৰিকৰীভাবে শক্তিশালী কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰোৱাই Excel Academy ৰ উদ্দেশ্য। কলা আৰু বিজ্ঞান দুয়োটা শাখাতেই ১০০ খনকৈ আসন থকা কলেজখনত বিজ্ঞান শাখাৰ বাবে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ বাবে সূকীয়াকৈ শিক্ষা প্ৰদানৰ ব্যৱস্থা আছে। এইখিনিতে স্মৰ্তব্য যে ইতিমধ্যে কলেজখনত নামভৰ্ত্তিৰ বাবে হেতাউপৰা লগাৰ সময়তে অঞ্চলটিৰ চুকে কোণে থকা অতি মেধাৱী তথা অতি দুখীয়া ১০ জনকৈ ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়া শিক্ষা প্ৰদান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৯০ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা তথা দৰিদ্ৰতাই জুৰুলা কৰা ছাত্ৰ-ছাত্ৰীক কৰা এই সহায়ৰ বাবে অভিভাৱক, ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটিত ৰাইজে Excel Academy ৰ এই কাৰ্যৰ ভূয়সী প্ৰশংসা কৰিছে।

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত হোজাইত বিশ্ব শিশু শ্ৰমিক নিৰ্যাতন বিৰোধী দিৱস উদযাপন ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

 আজি হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত হোজাইত পালন কৰা হয় বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস৷ লগতে শিশু আৰু কিশোৰ শ্ৰমিক নিষিদ্ধকৰণ ও অধিনিয়ম আইন সন্দৰ্ভত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত  হোজাই তথা লংকা চহৰৰ ব্যৱসায় প্ৰতিষ্ঠান, মানুহৰ  ঘৰে ঘৰে গৈ সজাগতা কৰা হয়৷  আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙ, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, অমৰজ্যোতি শইকীয়া, চাইল্ড লাইনৰ মনজিত দাস, মিন্টু শৰ্মা, টিলাৰাম ওৰাং, জিলা শিশু সুৰক্ষা বিভাগৰ ৰুহি দাস আৰু লংকা থানাৰ আৰক্ষী বিষয়া  দিবজ্যোতি শৰ্মাই শিশু শ্ৰমিক নিয়োগ নকৰিবলৈ সকলোকে সজাগ কৰাৰ প্ৰয়াস কৰাৰ লগতে শিশু শ্ৰমিক নিয়োগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰে৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে জিলাখনৰ বিভিন্ন প্ৰান্তত সজাগতা মূলক পত্ৰ বিতৰণ কৰি সকলোকে শিশু শ্ৰমিক নিয়োগ কৰাৰ বিৰুদ্ধে সজাগ কৰাৰ প্ৰয়াস কৰে৷ ইফালে শিশু শ্ৰমিক বিৰোধী দিবস উদযাপন কৰাৰ সময়তে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত চাইল্ড লাইন, জিলা শিশু সুৰক্ষা বিভাগ তথা লংকা আৰক্ষীৰ সহযোগত লংকাৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হয় ৫ গৰাকীকৈ শিশু শ্ৰমিক৷ এই শিশু শ্ৰমিকসকলক বিভিন্ন দোকান, হোটেল আদিত নিয়োগ কৰি শ্ৰম কৰিবলৈ বাধ্য কৰাইছিল একাংশ পূজিপতি ব্যৱসায়ীয়ে৷ উদ্ধাৰ কৰা শিশু শ্ৰমিক কেইজনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত শিশু সুৰক্ষা সমিতিৰ ওচৰত হাজিৰ কৰি নগাঁওৰ শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হয়।