মিথুন ৰাশিৰ বাবে আজি নতুন সুযোগ আৰু কেৰিয়াৰৰ উন্নতিৰ ইংগিত দিছে। পাৰিবাৰিক জীৱনত সম্প্ৰীতি থাকিব, কিন্তু কোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। বিত্তীয় বিষয়ত লাভৰ লক্ষণ দেখা গৈছে যদিও খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ লোকৰ বাবে আজি শিক্ষা আৰু আধ্যাত্মিকতাৰ বাবে উপযুক্ত দিন। যদি আপুনি উচ্চ শিক্ষাৰ পৰিকল্পনা কৰিছে, তেন্তে এই সময় আপোনাৰ বাবে ভাল হ’ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে। আৰ্থিকভাৱে দিনটো ভাল হ’ব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব।
সিংহ ৰাশি
সিংহ ৰাশিৰ লোকসকলৰ বাবে আজি আৰ্থিক বিষয় আৰু সম্পৰ্কত মনোনিৱেশ কৰাৰ দিন। আপুনি আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব আৰু বিনিয়োগ কৰাৰ সাৱধানে সিদ্ধান্ত ল’ব লাগিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো স্বাভাৱিক হ’ব৷
এন.এইচ.এম. কৰ্মীসকলে দাবী পূৰণ নোহোৱালৈকে অনিৰ্দিষ্টকালৰ বাবে কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ দিয়ে। প্ৰতিবাদকাৰীসকলে চৰকাৰক তীব্ৰ ভাষাৰে আহ্বান জনাই দ্রুত এই দাবীসমূহ পূৰণ কৰিবলৈ। এন.এইচ.এম. কৰ্মীবৃন্দৰ মতে, যদি চৰকাৰ এই বিষয়ে গুৰুত্ব সহকাৰে বিবেচনা নকৰে, তেন্তে সৰ্বাত্মক আন্দোলনৰ পথ বাছি ল’ব লাগিব।
সেউজীয়া শাক-পাচলি স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় কিন্তু কোনটো শাক-পাচলি স্বাস্থ্যৰ বাবে বেছি উপকাৰী জানেনে?(Broccoli) বহু পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ব্ৰকলি খাবলৈ পৰামৰ্শ দিয়ে স্বাস্থ্য বিশেষজ্ঞ সকলে। ব্ৰকলিত ভিটামিন চি, কে, আৰু এ, খনিজ পদাৰ্থ কেলচিয়াম আৰু পটাছিয়াম, আইৰণ, ফাইবাৰ, আৰু ছালফ’ৰাফেনৰ দৰে এন্টিঅক্সিডেন্ট থাকে। ব্ৰকলিত অধিক পুষ্টিকৰ উপাদান আৰু কম কেলৰি থকাৰ বাবে অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। আহকচোন ব্ৰকলি খালে কি কি উপকাৰ হয় জানো আহক?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: ব্ৰকলিত ভিটামিন চিৰ উচ্চ মাত্ৰাই শ্বেত ৰক্তকণিকাৰ উৎপাদন বৃদ্ধি কৰে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ এই কোষবোৰ প্ৰয়োজনীয়।
হাড়ৰ বাবে ভাল: ব্ৰকলি কেলচিয়াম, ভিটামিন কে, মেগনেছিয়ামৰ এক উৎকৃষ্ট উৎস, যিবোৰ হাড় শক্তিশালী কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয়।
ওজন নিয়ন্ত্ৰণত সহায় কৰে: কম কেলৰিযুক্ত কিন্তু উচ্চ আঁহযুক্ত ব্ৰকলিয়ে আপোনাক বেছি দিনলৈকে ভৰপূৰ অনুভৱ কৰায়, যাৰ ফলত অতিমাত্ৰা খাদ্য খোৱাৰ সম্ভাৱনা হ্ৰাস পায়। ইয়াৰ পানীৰ পৰিমাণ বেছি হোৱাটোৱেও তৃপ্তিৰ ক্ষেত্ৰত অৰিহণা যোগায়।