Home Blog Page 3310

পূৰ্বতকৈ তললৈ নামিল ভাৰতৰ শিক্ষানুষ্ঠানৰ ৰেংকিং ।

দৈনন্দিন বাৰ্তা

বিশ্বৰ বিভিন্ন শিক্ষানুষ্ঠানৰ তুলনাত ভাৰতৰ শিক্ষানুষ্ঠানৰ মান তললৈ নামিছে৷ কিউএছ ৱ’ৰ্ল্ড ইউনিভাৰচিটি ৰেংকিঙত তলৰ ফালে আছেগৈ ভাৰতৰ উল্লেখযোগ্য বিশ্ববিদ্যালয়ৰ স্থান৷ 

* প্ৰতি বছৰে প্ৰকাশ হয় কিউএছ ৱ’ৰ্ল্ড ইউনিভাৰচিটি ৰেংকিং ৷

* ইয়াত সাধাৰণতে বিশ্বৰ ১০০০ বিশ্ববিদ্যালয়ে স্থান পায় ৷

* যোৱা বছৰ ভাৰতৰ ২৫খন বিশ্ববিদ্যালয়ে স্থান পাইছিল ৷

* এই বছৰ স্থান পাইছে ২১ খনে ৷

* তালিকাত ভাল স্থান পোৱা বম্বে আইআইটিৰ স্থান ১৭২।

* যোৱা বছৰ এইখন আইআইটিৰ স্থান আছিল ১৫২ নম্বৰত ৷  

* ইয়াৰ পাছত আছে বেংগালুৰু আইআইএছচি, দিল্লী আইআইটি, মাদ্ৰাজ আইআইটি, খড়গপুৰ আইআইটি, কানপুৰ আইআইটি, ৰুৰকি আইআইটি, দিল্লী বিশ্ববিদ্যালয় আৰু হায়দৰাবাদ আইআইটি ।

* তালিকাৰ তলত অৰ্থাৎ ৩১৪ নম্বৰত আছে খড়গপুৰ আইআইটি ৷

* তালিকাত পূৰ্বতকৈ উন্নতি হোৱা চাৰিখন বিশ্ববিদ্যালয় হ’ল গুৱাহাটী আইআইটি, হায়দৰাবাদ আইআইটি, অ’পি জিন্দাল বিশ্ববিদ্যালয় আৰু সাবিত্ৰীবাঈ ফুলে পুনে বিশ্ববিদ্যালয় ৷

দীৰ্ঘদিন একে স্থানত থাকি চলাই গৈছে ইটোৰ পিছত সিটো দুৰ্নীতি। কাৰ আৰ্শীবাদত লাভ কৰিছে তিনিটাকৈ মহকুমাৰ দায়িত্ব !

নগাঁও 

নগাঁও মহকুমা বিদ্যালয় সমুহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। দীৰ্ঘদিন ধৰি একে স্থানতে থাকি উপ-পৰিদৰ্শক বুদ্ধ কটকীৰ নেতৃত্বত চলিছে এই দুৰ্নীতিৰ বজাৰ। কাৰ্যালয়টোত বিষয়া-কৰ্মচাৰীক উৎকোচ নিদিলে কোনো কামেই সময়মতে সম্পন্ন হোৱাটো এতিয়া যেন এক নিয়মত পৰিণত হৈছে। নগাঁও মহকুমাটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীৰ অভিযোগ আহিলেই সংশ্লিষ্ট শিক্ষক-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে তদন্তৰ নামত দৰ দাম আৰম্ভ কৰা বুলি সৰ্তত্ৰ চৰ্চা চলি আহিছে। বিশেষকৈ একাংশ শিক্ষকক আন বিদ্যালয়ত সংলগ্ন কৰাৰ নামত ব্যাপক পৰিমাণৰ ধন আদায় কৰাৰ লগতে শিক্ষকৰ বকেয়া বিল, পেন্সন, ছুটি আদি মঞ্জুৰীৰ নামতো কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰী শিৱ প্ৰসাদ চেত্ৰীৰ জৰিয়তে ধন আদায় কৰা পাং পাতি অহাৰ গুৰুতৰ অভিযোগ কৰিছে আৰ টি আই কৰ্মী এ জে আকন্দয়ে ।অভিযোগ মতে অকল ইমানেই নহয় বিভিন্ন কাৰণত শিক্ষক-শিক্ষয়িত্ৰী সকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা নাইবা নিলম্বিত কৰা একাংশ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পৰা নিলম্বন উঠাই লোৱাৰ নামত মোটা অংকৰ ধন আদায় কৰি অহাৰ অভিযোগ অতি পুৰণি। লকডাউনৰ পুৰ্বে প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকৰণৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে যোগ্যতা সম্পন্ন বিদ্যালয়সমুহৰ তালিকা বিচৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ অস্তিত্বহীন তথা বিভাগীয় নীতি অনুসৰি পৰ্যাপ্ত ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়ৰ নাম চুড়ান্ত বাচনি তালিকাত সুমাই ধনৰ বজাৰ বহুৱাৰ বাতৰিও সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশ পাইছিল। নিজে উপ-পৰিদৰ্শক হোৱাৰ সুবাদতে কিছুদিন পুৰ্বে নিজৰ পত্নীক দুখনকৈ বিদ্যালয়ত শিক্ষক পদত অধিষ্ঠিত কৰাৰ চেষ্টা চলাই সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰি আহিছিল। যাৰ বাবে তেওঁ নিজৰ নিকটতম উৰ্ধতম কৰ্তৃপক্ষ জিলা শিক্ষা বিষয়াৰ ৰোষত পৰিছিল। বিতৰ্কিত শিক্ষা বিষয়া হিচাপে পৰিচিত বুদ্ধ কটকীৰ দুৰ্নীতি-অনিয়মৰ সীমা নাই। কিয়নো মেনেজ মাষ্টৰ ৰূপে খ্যাত এইগৰাকী শিক্ষা বিষয়াই ৰাজনৈতিক নেতাৰ সৈতে মধুৰ সম্পৰ্ক ৰক্ষা কৰি বদলি হোৱাৰ পৰিৱৰ্তে একে স্থানতে বছৰ বছৰ ধৰি থাকিবলৈ সক্ষম হৈছে। ইমানেই নহয় একমাত্ৰ ধনৰ বলত নগাঁও মহকুমা বিদ্যালয় সমুহৰ উপ-পৰিদৰ্শক হৈ থকাৰ সমান্তৰাল ভাবে হোজাই আৰু কলিয়াবৰ মহকুমাৰ উপ-পৰিদৰ্শক হিচাপে অতিৰিক্ত ভাবে দায়িত্ব বহন কৰি আহিছে। আটাইতকৈ আচৰ্যজনক আৰু লজ্জাজনক বিষয় এই যে নগাঁও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ গাতে লাগি থকা উপ-পৰিদৰ্শকৰ কাৰ্যালয়টোত দিন দুৰতে একাংশ কৰ্মচাৰীয়ে মদৰ ৰাগিত মতাল হৈ থকাও গুৰুতৰ অভিযোগ কৰিছে । এইদৰে শিক্ষা বিভাগৰ দৰে এক পৱিত্ৰ অনুষ্ঠানৰ দায়িত্ব পালন কৰি বিভিন্ন দুৰ্নীতি-অনিয়মৰে সততে বিতৰ্কৰ সৃষ্টি কৰি অহা এইগৰাকী শিক্ষা বিষয়াৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লোৱাতো দূৰৰে কথা ৰহস্যজনকভাবে তেওঁক বৰপীড়া পাৰি দি লুন্ঠন বজাৰ বহুৱাৰ অনুমতি দিয়াৰ কথাও জিলাখনৰ শিক্ষা মহলত গুণাগথা আৰম্ভ কৰা গুৰুতৰ অভিযোগ কৰিছে । সেয়ে দুৰ্নীতিৰ মহানায়ক হিচাপে চৰ্চিত বুদ্ধ কটকীৰ বিৰুদ্ধে শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰিবনে, এয়াই এতিয়া এক কোটিটকীয়া প্ৰশ্ন বুলি আৰ টি আই কৰ্মী এ জে আকন্দয়ে জনাইছে।

অসমৰ নীল বিপ্লৱত নৱ-সংযোজনেৰে স্বাৱলম্বী কৰাৰ প্ৰয়াস । গ্ৰাম‍্য অৰ্থনীতি উন্নয়নৰ বাবে ঘৰে-ঘৰে পুখুৰী, ঘৰে-ঘৰে মাছ শীৰ্ষক আঁচনিৰ ৰূপায়ণৰ পদক্ষেপ ।

কলিয়াবৰত মুখ‍্যমন্ত্ৰীয়ে উদ্ধোধন কৰিলে নৱ-নিৰ্মিত পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন প্ৰকল্প ।

ঘৰে-ঘৰে পুখুৰী, ঘৰে-ঘৰে পুখুৰী”, সেই পদক্ষেপৰ অন্তৰ্গত আজি অসমৰ ম‍ৎস‍্য উৎপাদনৰ ক্ষেত্ৰত সংযোজন হ’ল এক নৱ পদক্ষেপ। কলিয়াবৰৰ উলুৱনীত স্থাপিত কলিয়াবৰ একুৱাটেক। পোণ প্ৰথমে ইজৰাইলত আৰম্ভ হোৱা পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালনেৰে ৰাজ‍্যৰ মৎস‍্য চাহিদাৰ যোৰা মাৰ্চব পৰাকৈ নীল বিপ্লৱৰ অংশ স্বৰূপে প্ৰতিষ্ঠা কৰা এই প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ‍্যৰ মৎসৰ চাহিদা পুৰণৰ লগতে স্ব-নিয়োজনৰ ক্ষেত্ৰত ৰাজ‍্যলৈ এক যোগাত্মক পৰিৱৰ্তন আনিব বুলি মুখ‍্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ‍্যৰ ক্ৰমবৰ্দ্ধমান নিবনুৱা সম‍স‍্যা ভাৰাক্ৰান্ত হৈ থকাৰ সময়তে ৰাজ‍্যৰ শিক্ষিত যুৱক-যুৱতীয়ে কৃষি কৰ্ম নিয়োজিত হৈ নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন চৰকাৰী আঁচনিৰৰ সুবিধা ল’বলৈ আহ্বান জনাই মুখ‍্যমন্ত্ৰীয়ে। যোৱা লকডাউনৰ সময়ছোৱাত পৰিৱৰ্তিত বজাৰ ব‍্যৱস্থাৰ প্ৰতি লক্ষ‍্য ৰাখি গ্ৰাম‍্য অৰ্থনীতিত নৱ-উন্মেষ ঘটোৱাৰ পৰিকল্পনা বাস্তৱত ৰূপায়ণ কৰাৰ উদ‍্যোগ লাগিবৱা হৈছে। ঘৰুৱা চাহিদাৰ প্ৰতি লক্ষ‍্য ৰাখি সকলো সামগ্ৰী ঘৰুৱাভাৱে উৎপাদন কৰি আত্ম-নিৰ্ভৰশীল হ’ব লাগিব। নিষ্ঠা আৰু সততাৰে আত্মনিৰ্ভৰ্শীলতাৰ ক্ষেত্ৰত আজিৰ যুৱচাম আগবাঢ়িব লাগিব। জৈৱ-বৈচিত্ৰতাৰে ভৰপূৰ অসমখনত উৰ্বৰ ভূমিত কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ লকডাউনে দিছে। অসমৰ সামগ্ৰীয়ে ইতিমধ‍্যে বিশ্বৰ বজাৰ লাভ কৰা সমাদৰৰ আৰু প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আজিৰ যুৱচামে আত্মনিয়োগ কৰিব লাগিব। আজিৰ যুৱচামে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণ কৰি নিজৰ লগতে ৰাজ‍্যখনৰ অৰ্থনেতিক উন্নয়নত গুৰুত্বপূৰ্ণ ল’ব পাৰে। অসমৰ বজাৰ দখল কৰি দেশ আৰু বিশ্বৰ বজাৰ দখল কৰিবলৈ মানদণ্ডৰ সামগ্ৰী উৎপাদন কৰিব লাগিব।উদ্বোধনী অনুষ্ঠানত মীন মন্ত্ৰী পৰিমল শুক্ল বৈদ‍্যই মন্তব‍্য আগবঢ়াই জনাই অসমক মৎস‍্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ দিশত যোৱা চাৰি বছৰে যথেষ্ট উন্নতি লাভ কৰিছে। ভৱিষ‍্যতে আন ৰাজ‍্যকো মৎস‍্য যোগান ধৰিব পাৰিব বুলি মন্তব‍্য আগবঢ়াই।আজিৰ এই উদ্বোধনী অনুষ্ঠানত ৰাজ‍্যৰ মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্ল বৈদ‍্য আৰু স্থানীয় বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, ৰহাৰ ডিম্বেশ্বৰ দাস, অসম চৰকাৰৰ সংবাদ উপদেষ্টা সহ কৃষি উৎপাদ বিভাগ আৰু মীন বিভাগৰ আয়ুক্ত উপস্থিত থাকে।উল্লেখযোগ‍্য যে, কলিয়াবৰৰ উলুৱনীৰ শৈলেন্দ্ৰ গোস্বামী আৰু মিছাৰ ধনঞ্জয় উপাধ‍্যায়, এই দুই শিক্ষিত যুৱকে দুবছৰৰ আগতে নিজাববীয়া প্ৰচেষ্টাৰে বৈজ্ঞানীক পদ্ধতিৰে কৃটিমভাৱে পানীৰ টেংকীত মাছ পালন আৰম্ভ কৰিছিল। সপোন আছিল মৎস‍্য পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আৰু আনকো সংস্থাপিত কৰাৰ সপোন পূৰণ হোৱাৰ পথত আজি মুকলি হ’ল

টীয়ক চাহ বাগিছাত গছ পুলি ৰোপণ কাৰ্যসূচী ।

টীয়ক চাহ বাগিছাত গছ পুলি ৰোপণ কাৰ্যসূচী ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ  

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ উদ্যোগত আৰু বেচৰকাৰী সন্থা ৰেঙণি এটি আশাৰ সহযোগত টীয়ক চাহ বাগিছাত আজি বিশ্ব পৰাবেশ দিৱসৰ লগত সংগতি ৰাখি গছ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।বাগিছাত কৰ্মৰত কেইবাগৰাকীও শ্ৰমিকৰ হতোৱাই আৰম্ভণি কৰা এই কাৰ্যসূচীৰ আঁতধৰে টীয়ক চাহ বাগিছা শ্ৰমিক কল্যাণ বিষয়া জীৱন কুৰ্মীয়ে।উক্ত কাৰ্যসূচীত কৃষি বিজ্ঞান কেন্দ্ৰৰ কেইবাজনো বিষয়া,টীয়ক চাহ বাগিছা বিষয়া কৰ্মচাৰী, টীয়কৰ প্ৰতিস্থিত ব্যৱসায়ী সঞ্জীৱ সভাপণ্ডিত,ৰেঙণিৰ সঞ্চালক বিজু শৰ্মাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।লগতে অনুষ্ঠানৰ আৰম্ভণিতেই কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা শ্ৰমিকসকলক মাস্ক বিতৰণ কৰা হয়।

পুনৰ বিতৰ্কত নগাঁৱৰ জি ডি নাৰ্ছিং । হোম ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি ।

নগাঁও

এগৰাকী ৰোগীৰমৃত্যুক কেন্দ্ৰ কৰি আজি পুৱা এক উত্তপ্ত পৰিস্হিতিৰ স্হিতি হয় নগাঁৱৰ জিডি নাৰ্ছিং হোমত।জানিব পৰা মতে নগাঁৱৰ কাছমাৰীৰ হিৰণ্য বৰুৱা নামৰ এগৰাকী শিক্ষকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।উল্লেখযোগ্য যে মৃত হিৰণ্য বৰুৱাৰ ভৰিত উঠা বিহ ফোহাৰ বাবে প্ৰচণ্ড বিষত ভূগি কালিনিশা জি ডি নাৰ্ছিং হোমত ভৰ্তি হৈছিল । কিন্তু আজি পুৱা চিকিৎসকে হিৰণ্য বৰুৱাক মৃত ঘোষণা কৰাৰ লগে লগে চিকিৎসালয় চৌহদত  এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সাধাৰণ ৰোগত আক্ৰান্ত হোৱা হিৰণ্য বৰুৱাই মৃত্যুবৰণ কৰা ঘটনাক সহজভাৱে লব নোৱাৰি ক্ষুদ্ধ হৈ পৰে কাছমাৰীৰ ৰাইজ। ইয়াৰ পিছতে কাছমাৰীৰ ৰাইজে হিৰণ্য বৰুৱাক চিকিৎসা কৰা চিকিৎসক ডা: কে কে দলেক বিচাৰি নাৰ্ছিং হোম খনত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে। ক্ষোভিত ৰাইজে আনকি চিকিৎসালয়খনৰ আচবাবো লণ্ডভণ্ড কৰে। আনহাতে চিকিৎসালয় খনত সমবেত একাংশ মহিলাৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱা এজন কৰ্মচাৰীকো প্ৰহাৰ কৰে উত্তেজিত  লোকে। অৱশেষত ঘটনাস্থলীত আৰক্ষী আৰু চিআৰপিএফ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে। উল্লেখ্য, নগাঁও চহৰৰ বিভিন্ন অঞ্চলত টিউছন কৰি সংসাৰ চলোৱা হিৰণ্য বৰুৱাই মৃত্যৰ সময়ত দুগৰাকী সন্তান সহ পত্নীক ইহসংসাৰত এৰি থৈ গৈছে। ইপিনে নগাঁৱৰ এইখন নাৰ্ছিংহোমৰ বিৰুদ্ধে পূৰ্বেও বহুবাৰ ভুল চিকিৎসাৰ অভিযোগ আছে।

খণ্ড-১ : কৰিবলৈ একো কাম নথকা জনেই সাংবাদিক হয়গৈ নে ?

প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ ।

মনজিৎ কুমাৰ শৰ্মা

“If a person is not talented enough to be a novelist, not smart enough to be a lawyer, and his hands are too shaky to perform operations, he becomes a journalist.”

                                 – Norman Mailer

“এজন মানুহ যদি ঔপন্যাসিক হোৱাৰ জোখেৰে মেধাসম্পন্ন নহয়, অধিবক্তা হ’বৰ জোখাৰে চতুৰ নহয়, আৰু অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ হ’লে যদি তেওঁৰ হাত কপে, তেন্তে তেনে মানুহ সাংবাদিক হয়গৈ”

                                   – নৰ্মান মেইলাৰ

সাংবাদিক বৃত্তিধাৰীসকলৰ বিষয়ে এবাৰ এনেদৰেই মন্তব্য কৰিছিল প্ৰখ্যাত ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, ছবি নিৰ্মাতা, অভিনেতা, সমাজ সংগঠক তথা নিজেই খোদ সাংবাদিক, ইহুদী মূলৰ স্বনামধন্য আমেৰিকান সাহিত্যিক নৰ্মান কিংশ্লে মেইলাৰে। ২০০৭ চনত মৃত্যু ঘটা মেইলাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত নিজৰ জীৱনকালৰ প্ৰায় ৭টা দশকৰ প্ৰতিটো দশকতে এখনকৈ হ’লেও অবিৰতভাৱে সৰ্বাধিক বিক্ৰী হোৱা (bestseller) গ্ৰন্থ লিখি উলিওৱা বিশ্বৰ একমাত্ৰ লিখক বুলিও সৰ্বজনবিদিত। এই নৰ্মান মেইলাৰে যেন বুজাব খুজিছিল, সাংবাদিক বৃত্তিটোক আচলতে সমাজে কিদৰে গণ্য কৰে। তেওঁ এই মন্তব্য কৰাৰ আৰু এটা কাৰণ আছিল। তেওঁ নিজেই আছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক বিজ্ঞানৰ স্নাতক। তৎস্বত্বেও তেওঁ বাছি লৈছিল সাংবাদিকতা বৃত্তি আৰু পাছলৈ পৰিচিত হৈ পৰিছিল এজন জনপ্ৰিয় সাহিত্যিক ৰূপে। পৃথিৱীজুৰি স্কুলীয়া দিনৰে পৰাই প্ৰখৰ মেধাসম্পন্ন ল’ৰা ছোৱালীবোৰৰ প্ৰথম পছন্দ চিকিৎসা বিজ্ঞান। নিজৰ নহ’লেও ঘৰৰ মানুহ, অভিভাৱকে অন্ততঃ সেইয়াই বিচৰাৰ প্ৰৱণতাই প্ৰৱল।  চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ সুযোগ নাপালে দ্বিতীয়তে স্থান পায় অভিযান্ত্ৰিক বিজ্ঞানে। অসমীয়াত সততে এই ঈৰ্ষনীয় যুটিটোক ডাক্তৰ ইঞ্জিনিয়াৰ বুলিয়েই গৰ্বেৰে নামাঙ্কিত কৰা হয়। অভিভাৱকে ল’ৰা ছোৱালী গৰ্ভস্থ হোৱাৰে পৰাই এই যুটিৰ যিকোনো এটা বৃত্তিলৈ আশা কৰে। সন্তানে যাতে ডাক্তৰ নাইবা ইঞ্জিনিয়াৰ হয় তাৰেই কামনা কৰে। কাৰণ এই দুটা বৃত্তিৰ যিকোনো এটাত নিয়োজিত হ’ব পাৰিলেই সন্তানৰ ভৱিষ্যত একপ্ৰকাৰ সুৰক্ষিত বুলিয়েই বেছিভাগ অভিভাৱকেই মনে প্ৰাণে বিশ্বাস কৰে। মানুহৰ এইয়া এক বিশ্বজনীন চৰিত্ৰই বুলিব পাৰি। অৱশ্যে তাৰ মাজতেই বহু সংখ্যকেই সন্তানৰ ভৱিষ্যত কৰ্মজীৱন সম্পৰ্কে কোনোধৰণৰ আগতীয়া অপেক্ষা নকৰাকৈয়ো সকলো সময়ৰ হাতত এৰি দিয়ে। কিন্তু তথাপিও আশা কৰে যে ল’ৰা ছোৱালী পিছলৈ অন্ততঃ অধিবক্তা, প্ৰশাসনিক বিষয়া নাইবা অধ্যাপক হৈ উঠিব। কিন্তু বহু কম সংখ্যক ব্যক্তিয়েই হয়তো বিচাৰে যে নিজৰ ল’ৰা ছোৱালী ডাঙৰ হৈ সাংবাদিক হওঁক। উপৰোক্ত লোভনীয় বৃত্তিবোৰৰ এটাও আঁকোৱালি লব নোৱাৰিলেহে অভিভাৱক নাইবা সন্তানেও হয়তো সাংবাদিকতাৰ দৰে নানান প্ৰত্যাহ্বানেৰে ভৰা বৃত্তিৰ প্ৰতি ধাউতি মান হয়। নৰ্মান মেইলাৰে তেনেকুৱাকৈয়ে বোধকৰোঁ বুজাব খুজিছিল কাৰণ তেওঁ নিজেই এজন অভিযন্তা হৈয়ো শেষত বাছি লৈছিল সাংবাদিকতাৰ বৃত্তি। অৱশ্যে ইয়াৰ অন্তৰালত লুকাই আছে বহু ঘটনা।

*** (ক্ৰমশঃ)

ক’ৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণ বিচাৰি টীয়কৰ চটাইস্থিত দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞৰ আয়োজন ।

ক'ৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণ বিচাৰি টীয়কৰ চটাইস্থিত দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞৰ আয়োজন ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ 

সমগ্ৰ বিশ্বৰ আজি অসুখ  দেশে দেশে মহামাৰী ক’ৰোনাৰ সংহাৰ জনতা গৃহবন্দী৷ প্ৰতিখন দেশৰ ব্যৱসায় বানিজ্য তথা অৰ্থনৈতিক অৱস্থা ক্ৰমাৎ জতিল হৈ আহিছে দেশৰ এনে জতিল অবস্থাৰ পৰা পৰিত্ৰাণ বিছাৰি  জনতাই আজি আঠু লৈছে নেদেখাজনৰ চৰণ ৷ হয়,  বিশ্ব শান্তিৰ আৰু মহামাৰী ক’ৰোনাৰ পৰিত্ৰাণ বিছাৰি   আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ চটাইস্থিত দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰৰ শ্ৰীশ্ৰী ৰামানন্দ দেৱ ক্ষেত্ৰত এভাগী শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞৰ আয়োজন কৰা হৈছে। দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামীৰ প্ৰত্যক্ষ সহযোগত প্ৰতি বছৰে চ’ত মাহত অনুষ্ঠিত হৈ আহিছিল এই যজ্ঞভাগ।কিন্তু চলিত বৰ্ষত ক’ৰোণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে যথা সময়ত এই মহান যজ্ঞভাগি অনুস্থিত নকৰি আজিৰ এই দিনটোতে বিশ্ব শান্তি তথা ক’ৰোণা নিৰ্মূলৰ বাবে ভগৱানৰ ওচৰত সেৱা আগবঢ়ায়। উল্লেখযোগ্য যে সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই ৰাখি 2১ জন পুৰোহিতৰ পৰিবৰ্তে ৭ জন পুৰোহিতেৰে এই যজ্ঞভাগি  অনুষ্টুপীয়াকৈ অনুস্থিত  কৰিছে।উল্লেখযোগ্য যে তিনিচুকীয়াৰ বাঘজানত সংঘটিত ঘটনাৰ ফলত জীৱকুল তথা পৰিবেশৰ যি ক্ষতি হৈছে তাৰো উপশম বিচাৰি ভগৱানৰ চৰণত এই মহা যজ্ঞতে সেৱা জনাইছে উপস্থিত ভকত বৈষ্ণৱে। 

সোণতলীৰ বগুৰিগুৰিত মছজিদৰ মাটি বেদখলৰ চেষ্টা ভূ-মাফিয়াৰ ৷ চাৰিজন আটক ৷

সোণতলী

 মজজিদৰ নামত দান কৰা মাটি বেদখন কৰিবলৈ উঠি পৰি লাগিছে এটা ভূ-মাফিয়াৰ চক্ৰ ৷দক্ষিণ কামৰূপৰ বকো সমষ্টি অন্তৰ্গত বগুৰিগুৰিত সংঘটিত হৈছে এনে ঘটনা ৷ দীৰ্ঘদিনীয়া পৰিকল্পনাৰে মছজিদৰ মাটি বেদখন কৰিবলৈ লোৱা ভূ-মাফিয়া চক্ৰটোৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত তৰিছে গোচৰ ৷ উক্ত গোচৰৰ বিত্তীত সোণতলী আৰক্ষীয়ে গ্ৰেপ্তাৰ চাৰিজনকৈ ভূ-মাফিয়াক ৷ উল্লেখ যে, সোণতলী আৰক্ষী চকীৰ এলেকাধীন বগুৰিগুৰী গাঁৱৰ মুছাল মণ্ডল নামৰ এজন ব্যক্তিয়ে মাছজিদ নিৰ্মাণৰ নামত দান কৰিছিল ১ বিঘা ২ লেচা মাটি ৷ তাৰে ৯৩ লেচা মাটি উক্ত গাঁৱৰে নুৰমহম্মদ গাঁওবুঢ়া আৰু আব্দুছ ছালাম নামৰ ব্যক্তি দুজনে খামখেয়ালি কৰি  দখল কৰাৰ চেষ্টা কৰে৷ উল্লেখ্য যে, মংগলবাৰে পুৱা প্ৰায় দহ বজাত মছজিদৰ নামত দান কৰা ৯৩ লেচা মাটিত নুৰমহম্মদৰ নেতৃত্বত ভূ-মাফিয়াৰ এটা দলে অবৈধ ভাৱে ঘৰ-সাজিবলৈ খুটা পুতে ৷ভূ-মাফিয়াৰ এনে বলপূৰ্বক কাৰ্যত স্থানীয় ৰাজইজ বাধা দিব লওতে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷ ঘটনা সন্দৰ্ভত হেলাল উদ্দিনে ভূ-মাফিয়া নুৰমহম্মদ গাঁওবুঢ়া, আব্দুছ ছালাম, খলিলুৰ ৰহমান, আব্দুৰ ৰছিদ, জাফৰ শ্বৰিফ, মগবুল হুছেইন, মোবাৰক হুছেইন, আব্দুল জলিল আৰু আলতাফ হুছেইনৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ আজি মজজিদৰ মাটিত ভূ-মাফিয়াৰ দলটোয়ে গৰ সাজিব লওঁতে সোণতলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বেদখল চক্ৰটোৰ মাষ্টাৰ মাইন খলিলুৰ ৰহমান সহ চাৰি অভিযুক্তক আটক কৰি থানলৈ আনি সোধপোচ অব্যাহত ৰাখে৷

নামখলাত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷

নামখলাৰ পৰা দ্বীপেন ডেকাৰ ৰিপৰ্ট

নামখলাৰ সৰাবাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ। কৰ’না আতংক আৰু লক ডাউন ৰ মাজতে আজি পুৱা ৭:০০মান বজাত দৰঙৰ সৰাবাৰী হাইস্কুলৰ ওচৰত পৰিতক্ত্য অৱস্থাত এটি মৃতদেহ উদ্ধাৰ হয়  ৷ মৃতদেহটো প্ৰায় ৩৪ বছৰ বয়সৰ যুৱকৰ। যুৱকজন নিজ সৰাবাৰীৰ নিকটবৰ্ত্তী গাওঁ ধোপৰতলৰ বুলি জানিৱ পৰা গৈছে। মৃতদেহটো স্থানীয় ৰাইজে পথাৰত খেতিৰ কাম কৰিবলৈ গৈ  মেটেকাৰ মাজত প্ৰত্যক্ষ কৰে । যুৱকজনক হত্যা কৰি পেলাই থোৱাৰ সন্দেহ কৰিছে উপস্থিত  ৰাইজে। মৃতদেহ টি দেখি উপস্থিত ৰাইজে স্থানীয় গাওবুঢ়া আৰু প্ৰশাসন তথা আৰক্ষী চকীত খবৰ দিয়ে।ইতিমধ্যে পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত গৈ  উপস্থিত  হৈছে। উচিত তদন্ত আৰু মৰনোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছত হে মৃত্যুৰ কাৰন  বিতংকৈ জানিব পৰা হব ৷

জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ তিনি মেধাৱী ছাত্ৰ ছাত্ৰীক সহায়ৰ বাবে আগবাঢ়ি আহিল সু-হৃদয়বান লোক ৷

জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ তিনি মেধাৱী ছাত্ৰ ছাত্ৰীক সহায়ৰ বাবে আগবাঢ়ি আহিল সু-হৃদয়বান লোক ৷

জামুগুৰিহাট

দৰিদ্ৰতাকো নেঁওচি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হোৱা জামুগুৰিহাটৰ  তিনি মেধাৱী ছাত্ৰ ছাত্ৰী ক্ৰমে মৰণকুৰীৰ নীলাক্ষী বৰা,হাটীঙা ৰামপুৰৰ শান্তনু হাজৰিকা আৰু বামুণবাৰী গাঁৱৰ ভাৰতী দেৱীৰ বাতৰি নিয়মীয়া বাৰ্তাত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতেই সহায়ৰ বাবে আগবাঢ়ি আহিল সু-হৃদয়বান লোক৷তেজপুৰ চিভিল হস্পিতালৰ ষ্টাফ নাৰ্চ তথা সমাজসেৱিকা অঞ্জলী প্ৰধান আৰু মৰিগাঁও জিলাৰ কালিকাজাৰি এই ই এম স্কুলৰ শিক্ষয়ত্ৰী দীপ্তি দেৱীয়ে দৰিদ্ৰতাকো নেঁওচি সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা জামুগুৰিহাটৰ মেধাৱী এই তিনি ছাত্ৰ ছাত্ৰীলৈ আগবঢ়ালে চাইকেল তথা অধ্যয়নৰ লগত জড়িত প্ৰয়োজনীয় সা-সামগ্ৰী৷জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিষ্টিংচন লৈ উৰ্ত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ মৰণাকুৰীৰ নীলাক্ষী বৰাক শিক্ষয়ত্ৰী দীপ্তি দেৱীয়ে ছাত্ৰীগৰাকীৰ অধ্যয়নৰ সুবিধাৰ্থে আগবঢ়ালে কনভাৰ্টৰ,প্ৰয়োজনীয় বহি আৰু কলমৰ টোপোলা৷মেধাৱী ছাত্ৰী নীলাক্ষিৰ পিতৃয়ে ছাগলী পোহপালন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে  জীয়ৰিক পঢ়োৱাৰ দায়িত্বও বহন কৰিছিল৷ইফালে টিপ চাকিৰ পোহৰত পঢ়া তথা পিতৃয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে জীয়ৰিক পঢ়োৱাৰ খৰচ বহন কৰা বামুণবাৰী গাঁৱৰ পূৱ জামুগুৰি হাই স্কুলত অধ্যয়ন কৰি দুটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰী ভাৰতী দেৱীক ষ্টাফ নাৰ্চ অঞ্জলী প্ৰধানে আগবঢ়ালে উচ্চ শিক্ষা লাভ কৰাৰ অৰ্থে বিদ্যালয়লৈ অহা যোৱা কৰা এখন চাইকেল আৰু প্ৰয়োজনীয়,বহী আৰু কলমৰ টোপোলা৷অন্যহাতে দৰিদ্ৰতাক নেঁওচি ডিষ্টিংছনসহ উজলি উঠা হাটিঙা ৰামপুৰৰ মেধাৱী ছাত্ৰ তথা হাটিঙা হাই স্কুলৰ ছাত্ৰ শান্তনু হাজৰিকাকো অধ্যয়ন কৰা সময়ত পোহৰৰ সুবিধাৰ্থে এটি কনভাৰ্টৰ,প্ৰয়োজনীয় বহীৰ টোপোলা আৰু কলমৰ টোপোলা আগবঢ়ালে শিক্ষয়ত্ৰী দীপ্তি দেৱীয়ে৷শান্তনুৰ পিতৃয়েও দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে পুত্ৰক পঢ়োৱাৰ দায়িত্বও বহন কৰি আহিছিল৷ষ্টাফ নাৰ্ছ অঞ্জলী প্ৰধান আৰু শিক্ষয়ত্ৰী দীপ্তি দেৱীয়ে দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীকেইগৰাকীলৈ আগবঢ়োৱা সহায়ৰ সামগ্ৰী সমুহ মেধাৱী ছাত্ৰ ছাত্ৰী কেইগৰাকীক আজি নিজৰ নিজৰ বাসগৃহত উপস্থিত হৈ প্ৰদান কৰে ৰক্তদাতা(এইচবিএছ)ৰ প্ৰধান সম্পাদক পৱন কুমাৰ নাথে৷দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীকেইগৰাকীৰ ভৱিষ্যত দিনৰ উত্তৰোত্তৰ কামনা কৰি এইদৰে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে দুয়োগৰাকী মহিলালৈ মেধাৱী ছাত্ৰ ছাত্ৰী কেইগৰাকীৰ পৰিয়ালকেউটাই কৃতজ্ঞতা জনোৱাৰ লগতে এনে মহানুভৱতাৰ শলাগ লৈছে অঞ্চলটোৰ সচেতন মহলে৷উল্লেখ্য যে ষ্টাফ নাৰ্ছ অঞ্জলী প্ৰধানে মহামাৰীসদৃশ কৰ’নাই সংকট নমাই অনাৰ সময়ত বিগত সময়চোৱাতো কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত শোণিতপুৰ জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো সাধাৰণ তথা জৰুৰীকালিন সেৱাৰ লগত জড়িত লোকসকলৰ লগতে কোৱাৰেন্টাইন চেন্টাৰ,বেংক,থানা,ৰাজহ বিভাগৰ কাৰ্য্যালয় আদিত মাস্ক,চেনিটাইজৰ,চেনিটাইজৰ ষ্টেণ্ড আদি বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিছিল৷জোন বৰা ,জামুগুৰিহাট।