Home Blog Page 3323

ইতিবাচক দিশেৰে যুৱপ্ৰজন্মৰ বিশ্লেষণ ।

অংশুমান ভূঞা  

   সাম্প্ৰতিক সময়ত সৰ্বত্ৰ চৰ্চাত থকা এক বিষয় হৈছে যুৱপ্ৰজন্মৰ উচ্ছৃংখলতা।যিহেতু “আজিৰ যুৱপ্ৰজন্মই কাইলৈ দেশৰ ভৱিষ্যৎ স্বৰূপ” সেয়ে এই কথাটি অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰায়ে জ্যেষ্ঠসকলৰ মুখত শুনিবলৈ পোৱা যায় ‘নৱ প্ৰজন্ম অধঃপতনে গৈছে’,’জ্যেষ্ঠজনৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰে’,’বাইক,মোবাইলে ধ্বংস কৰিলে’, ইত্যাদি ইত্যাদি।কিন্তু যদি অলপ গভীৰলৈ গৈ দৃষ্টিপাত কৰা হয় তেন্তে এই প্ৰজন্মটোৰেই আন এক যোগাত্মক প্ৰতিচ্ছবিও আমাৰ চকুৰ আগত ভাঁ‌হি উঠিব।হয় কিছুসংখ্যক যুৱক-যুৱতীয়ে বিপথে পৰিচালিত হৈ সমাজলৈ অন্ধকাৰ নমাই আনিছে,কিন্তু তাৰ বাবে গোটেই প্ৰজন্মটোৱেই দায়ী হ’ব নোৱাৰে। সাম্প্ৰতিক পৰিস্থিতিও ইয়াৰ বাবে দায়ী ।ভৱিষ্যৎ নিৰাপত্তাহীনতা,কৰ্মসংস্থাপনহীনতা,দুৰ্নীতি আদিত অতিষ্ঠ হৈ হতাশাত ভুগিও বহুজন পথভ্ৰষ্ট হৈছে।জ্যেষ্ঠসকলৰো দায়িত্ব থাকে কনিষ্ঠ চামক শুদ্ধ পথ দেখুওৱাৰ।কিন্তু তাৰ পৰিৱৰ্তে জ্যেষ্ঠজনেই যদি বয়সৰ পাৰ্থক্য পাহৰি সকলো কাম লুক-ঢাক নোহোৱাকৈ কনিষ্ঠজনৰ সমুখতে কৰিবলৈ লয় তেন্তে তাৰ ফলাফল বিপৰীত হ’বই।সেয়ে যদি সঁ‌চাকৈয়ে যুৱচাম পথভ্ৰষ্ট হৈছে তেন্তে তাৰ বাবে অকল যুৱচামকে দোষাৰোপ কৰাটো সমীচীন নহ’ব,তাৰ সমভাগী সকলোৱে হ’ব লাগিব।এতিয়া আহকচোন ইমান সমালোচনাৰ সন্মুখীন হোৱা যুৱপ্ৰজন্মৰ যে বহুখিনি ইতিবাচক দিশো আছে তাত অলপ আলোকপাত কৰোঁ‌। আমাৰ বহুতৰে মনত এক ধাৰণা যে মোবাইলটো টিপি আছে মানেই সময়ৰ অপব্যয় কৰিছে বা মোবাইলটোৱে ল’ৰা বা ছোৱালীজনীক নষ্ট কৰিলে।তাৰ বাবে বহুতে বিজ্ঞান বা মোবাইলকে জগৰীয়া কৰে।সকলো বস্তুৰে ভাল-বেয়া দিশ থাকিবই।কিন্তু বিজ্ঞান বা মোবাইলৰ হাত বা ভৰি নাই যে নিজে আমাৰ ওচৰলৈ আহি আমাৰ অনিষ্ট কৰিব।আমি আমাৰ মনটোক নিয়ন্ত্ৰণ কৰাহে মূল কথা।ল’ৰাৰপৰা বুঢ়ালৈকে সকলোৱে এই মোবাইলৰ বিভিন্ন উপকাৰেৰে উপকৃত।মোবাইলে আমাৰ জীৱন-যাত্ৰা সুচল কৰি তুলিছে।এক কথাত ই অবিহনে বৰ্তমান যেন জীৱনেই অচল।এই মোবাইলটো যুৱপ্ৰজন্মৰ জীৱনৰ এক অংগত পৰিণত হৈছে।ইয়াক সাৰথি কৰিয়ে বহুজন আগবাঢ়িছে।আজিৰ প্ৰজন্মই গুগল,ইউটিউব খুঁ‌চৰি গোটেই বিশ্বব্ৰহ্মাণ্ডৰ খবৰ হাতৰ মুঠিতে ৰাখিছে।বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ শেহতীয়া উপকৰণৰ জ্ঞান আহৰণেৰে বিশ্বৰ আন ঠাইৰ যুৱপ্ৰজন্মৰ সৈতে সমানে ফেৰ মাৰিবলৈ উদ্যত হৈছে।মোবাইলৰ মাধ্যমেৰেই সাহিত্য চৰ্চাৰ এক নৱ বাট কাটিবলৈও সক্ষম হৈছে।বিভিন্ন ধৰণৰ ই-আলোচনীৰ সমাহাৰ ঘটিছে।বৰ্তমান চালুকীয়া অৱস্থাত থাকিলেও ভৱিষ্যতে এই আলোচনীবোৰে অসমীয়া সাহিত্যৰ ভঁ‌ৰাল চহকী কৰাৰ থল নিশ্চয়কৈ আছে। ফেচবুক,হোৱাটচ্আপ আদি যুৱপ্ৰজন্মৰ বাবে অকল সময় কটোৱাৰ মাধ্যম বুলি ভাবিলে নহ’ব।ইয়াক জ্ঞান অন্বেষণৰ মাধ্যম ৰূপেও এটা চামে আঁ‌কোৱালি লৈছে।সামাজিক মাধ্যমসমূহত বিভিন্ন ধৰণৰ ভাষা-সাহিত্য চৰ্চাৰ গোটৰ জন্ম দিছে।ইয়াৰ গৰিষ্ঠসংখ্যকতেই ভাষাটোৰ ওপৰত মূল্যৱান বিশ্লেষণ আগবঢ়াই থকা হয়,যিয়ে সকলোকে উপকৃত কৰি আহিছে।লকডাউনৰ সময়ছোৱাতো এই মাধ্যমবোৰৰ আলমতে গ্ৰন্থ অধ্যয়নৰ এক জোৱাৰ উঠা আমি আটায়ে লক্ষ্য কৰিছো।সামাজিক মাধ্যমবোৰত সাম্প্ৰতিক ঘটনাবোৰৰ ওপৰতো যুৱপ্ৰজন্মই আলোকপাত কৰি নিজস্ব দৃষ্টিভংগী দাঙি ধৰে।জনতাৰ কল্যাণবিৰোধী কামৰ প্ৰতিবাদ কৰাৰ লগতে ব্যাপক জনমত গঠন,জনসাধাৰণক সজাগ কৰাৰ দৰে গুৰু দায়িত্বও যুৱপ্ৰজন্মই মোবাইলত উপলব্ধ সামাজিক মাধ্যমবোৰৰ জৰিয়তে কৰি আহিছে।  বিজ্ঞানমনস্ক মনোভাব আজিৰ প্ৰজন্মটোৰ এক উল্লেখযোগ্য যোগাত্মক দিশ।আমাৰ সমাজখন বিভিন্ন ধৰণৰ অন্ধবিশ্বাস-কু-সংস্কাৰ আদিয়ে অতীজৰেপৰা আৱৰি আছে।ধৰ্মীয় গোড়ামি,ৰক্ষণশীল মনোভাবে সমাজখনক আগুৱাই যোৱাত সততে বাধা প্ৰদান কৰি আহিছে।পৰম্পৰাগতভাবে কিছুমান অদৰকাৰী নীতি-নিয়ম তেনেদৰেই চলি আহিছে।’নাপায়’ শব্দটোৰে বান্ধি ৰখা হৈছে।কিন্তু আজিৰ প্ৰজন্মই সেই ‘নাপায়’ৰ আচল ৰহস্য উদ্ঘাটন কৰিবলৈ যত্নপৰ হৈছে।এই ‘নাপায়’ৰ অন্তৰালৰ আচল ৰহস্য উদ্ঘাটন হোৱাটো সমাজৰ বাবে সুফলদায়ক আৰু যিবিলাক ‘নাপায়’ৰ কোনো বিজ্ঞানসন্মত ভিত্তি নাই সেইবোৰক সমাজৰ পৰা শীঘ্ৰে আঁ‌তৰাই পেলোৱাটোও জৰুৰী।নৱপ্ৰজন্মৰ প্ৰতিনিধিসকল এই পথৰেই পথিক হোৱা বুলি ক’ব পাৰি।চকু মুদি আমাৰ ককা-বোপাই মানি অহা দস্তুৰ আজিৰ প্ৰজন্মত সতকাই দেখিবলৈ পোৱা নাযায়।পৰম্পৰাগত বিশ্বাসৰ সুদৃঢ় ভেটিতেই অসমীয়া সমাজখনক অন্ধবিশ্বাস-কু সংস্কাৰ আদিয়ে বাৰুকৈয়ে গ্ৰাস কৰি পেলাইছে।বিশেষকৈ গাঁ‌ওবিলাক ইয়াৰ লীলাভূমিত পৰিণত হৈছে।সমাজখন বিজ্ঞানৰ পোহৰেৰে আলোকিত হোৱাত এই অন্ধ সংস্কাৰবোৰৰ ভূমিকাই সৰ্বাধিক।মানুহক পৰম্পৰাৰ প্ৰতি থকা দুৰ্বলতাই বিবেকশূন্য কৰি তোলে আৰু ইয়াৰে সুযোগ লৈ বিভিন্নজনে কিছুমান বিজ্ঞান বহিৰ্ভূত অলৌকিক কথাৰ অৱতাৰণাৰে বহুতকে ঠগাই নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰি আহিছে।এইক্ষেত্ৰত বৰ্তমান প্ৰজন্মটোৰ যি মানসিকতা সেয়া অকল প্ৰশংসাৰে যোগ্য নহয়,অদূৰ ভৱিষ্যতে এখন সুস্থ সমাজ নিৰ্মাণৰো এক মজবুত কাৰক বুলি বিবেচিত হ’ব।এই প্ৰজন্মটোৱে কেৱল পৰম্পৰাক খামুচি বহি নাথাকি বিশ্বত হোৱা অগ্ৰগতিৰ খা-খবৰ ৰাখি সেইমতে নিজক খাপ খুৱাই আগবাঢ়ি যাবলৈ সদা যত্নপৰ।আধুনিক প্ৰযুক্তিবিদ্যাৰ সুফলবোৰ আঁ‌কোৱালি ল’বলৈও সদা আগ্ৰহী।এই চিন্তাধাৰাই আমাৰ সমাজখনক জগতসভালৈ আগুৱাই লৈ যোৱাত গুৰি বঠা নিশ্চয়কৈ যে ধৰিব তাত অকণো সন্দেহ নাই। যুৱপ্ৰজন্ম বহুমুখী প্ৰতিভাৰ অধিকাৰীও।এই প্ৰতিভাই বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল সমাজখনত বৰ্তি থকাত তেওঁলোকক সহায় কৰিছে।আমাৰ ৰাজ্যত প্ৰতিবছৰে বানপানীৰ তাণ্ডৱ এক নৈমিত্তিক ঘটনাত পৰিণত গৈছে।বানপানীৰ সময়ছোৱাত দুৰ্গতক দিবলগীয়া চৰকাৰী সাহায্যৰ গইনা লৈ খোৱা-কামোৰা লাগি থকাৰ সময়তে অসহায়জনলৈ সহায়ৰ হাত আগবঢ়াই বিভিন্ন যুৱ সংগঠনৰ নেতা-সদস্যসকলেই।অন্যায়-অনীতি সহ্য কৰাৰ মানসিকতাও এওঁ‌লোকৰ নাই।সজোৰে প্ৰতিবাদ সাব্যস্ত কৰে।জ্যেষ্ঠজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ অপাৰগ বুলিও সততে নৱপ্ৰজন্মৰ প্ৰতি আঙুলি টোওৱা হয় যদিও অসমৰ গৰিষ্ঠসংখ্যক বৃদ্ধাশ্ৰমৰে জন্মদাতা তেওঁলোকেই।বহু যুৱক-যুৱতীয়ে নিজৰ জন্মদিন পালন কৰিবলৈ এই বৃদ্ধাশ্ৰমবোৰলৈ যায়।বৰ্তমান প্ৰকৃতিৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ মানৱ সভ্যতাৰ প্ৰতি এক গুৰুতৰ ভাবুকিস্বৰূপ হৈ পৰিছে।ভোগৰ লালসাত অন্ধ হৈ প্ৰকৃতি ধ্বংস যজ্ঞত নিমজ্জিত হৈছে।যুৱপ্ৰজন্ম এই দিশটোতো যে সচেতন সেয়া লক্ষ্য কৰিব পাৰি।জন্মদিন,বিভিন্ন অনুষ্ঠানত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰখাটো এক নিয়মত পৰিণত কৰাইছে।আনকি বহুজনে উপহাৰ হিচাপেও গছপুলি দিয়াৰ ধাৰা এটা সৃষ্টিৰ প্ৰয়াসত ৰত হৈছে।আমাৰ ৰাজ্যখনৰ বহু অঞ্চলত স্থানীয় যুৱক-যুৱতীয়ে মিলি একো একোডোখৰ ঠাইৰ প্ৰকৃতিৰ সংৰক্ষণৰ জৰিয়তে তাক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ লগতে স্ব-নিৰ্ভৰশীলো হৈছে।বৰ্তমান চৰকাৰী চাকৰিৰ মন্দাৱস্থাৰ সময়ত বহু ডেকা-ডেকেৰীয়ে ইয়াৰ পাছত দৌৰি সময় নষ্ট কৰাৰ সলনি আধুনিক পদ্ধতিৰে বিভিন্ন ধৰণৰ খেতিত মনোনিৱেশ কৰিছে।ই আত্মনিৰ্ভৰশীলতাৰ এক বলিষ্ঠ খোজ। গতিকে ইমানবোৰ ইতিবাচক দিশেৰে সমৃদ্ধ হোৱাৰ পাছত আমি একে আষাৰেই নৱপ্ৰজন্ম যে উচ্ছৃংখল হৈছে,অধঃপতনে গৈছে বা ধ্বংসৰ দিশলৈ গৈছে তেনেদৰে ক’ব নোৱাৰো।এটা কথা ঠিক যে হাতৰ আটাইবোৰ আঙুলি সমান নোহোৱাৰ দৰে এটা চাম পথভ্ৰষ্ট নোহোৱা নহয়।কিন্তু তাৰ বাবে গোটেই প্ৰজন্মটোকে দোষৰ সমভাগী কৰাটো সমীচীন নহ’ব।পথভ্ৰষ্টসকলৰ এই অৱস্থাৰ পটভূমি বিশ্লেষণ কৰাৰো প্ৰয়োজন আছে।জ্যেষ্ঠসকলেও উপদেশতকৈ যে আৰ্হিহে ভাল সেই কথাটিত গুৰুত্ব দিয়া উচিত।নৱপ্ৰজন্মৰ সমাজখনক নেতৃত্ব দি আগুৱাই নিয়াৰ দক্ষতা ঠিকেই আছে কেৱল তেওঁলোকক অনুপ্ৰাণিত কৰি সঠিক পথ দেখুওৱাটো দৰকাৰী।

  • চামতা,নলবাৰী
  • ৬০০২৯ ৯৪৯৮০

ৰূপহীহাটত গ্ৰামীণ বিকাশ বেংকৰ চি এচ পিৰ দুৰ্নীতিৰ বিৰুদ্ধে আজিও নহল তদন্ত ।

নগাঁও: 

বিত্তীয় প্ৰতিষ্ঠান বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰসমুহ চমুকৈ চি এছ পি এতিয়া যেন হৈ পৰিছে লুন্ঠনৰ আহিলা।   গ্ৰামাঞ্চলৰ দৰিদ্ৰ আৰু অশিক্ষিত ৰাইজে সহজে বেংক একাউন্ট খুলি লেনদেন কৰাৰ সুবিধাৰ্থ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰৱৰ্তন কৰা চি এচ পিৰ একাংশ বানিজ্যিক প্ৰতিনিধিয়ে বিভিন্ন আঁচনিৰ বিপৰীতে হিতাধিকাৰীৰ একাউন্টত  ধন সুমুৱাই ব্যাপক হাৰত লুন্ঠন চলোৱাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। তেনে এক অভিযোগ উঠিছিল অসম গ্ৰামীণ বিকাশ বেংকৰ আউনিআটি শাখাৰ অধীনত থকা ৰূপহী থানা ৰোডস্থ চি এচ পিৰ বিৰুদ্ধে। আৰ টি আই কৰ্মী এ জে আকন্দ‌ৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। কিন্তু চি এচ পিৰ বানিজ্যিক প্ৰতিনিধি আবু হানিফাই এম জি এনৰেগাৰ জব কাৰ্ড শ্ৰমিক, সংখ্যালঘু জলপানি আচনি, প্ৰধানমন্ত্ৰী কৃষি সন্মান আচনিকে ধৰি একাধিক আঁচনিৰ ভুৱা একাউন্টৰ জৰিয়তে লক্ষ লক্ষ টকা আত্মসাত কৰা ঘটনা সন্দৰ্ভত আজিও নহ’ল কোনো তদন্ত। উল্লেখ্য যে উক্ত চি এচ পিটো প্ৰথম অৱস্থাত হানিফাৰ ভাতৃ মোস্তাফা হুছেইনৰ নামত আছিল যদিও একাংশ গ্ৰাহকৰ একাউণ্টৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগত সংশ্লিষ্ট বেংক কৰ্তৃপক্ষই এই চি এচ পিটো বন্ধ কৰি দিছিল। কিন্তু পৰৱৰ্তী সময়ত চতুৰ হুছেইনে সংশ্লিষ্ট বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি পুনৰ একেটা চি এচ পি নিজৰ ভাতৃ আবু হানিফাৰ নামত আবন্টন কৰাবলৈ সক্ষম হোৱাৰ অভিযোগ তুলিছিল আকন্দ‌ই। লক্ষ্যনীয় বিষয় এই যে ইতিপূৰ্বে এই চি এচ পিৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতি-অনিয়ম সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতো ৰহস্যজনক ভাবে বেংক কৰ্তৃপক্ষই নিৰৱ ভুমিকা গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে আৰ টি আই কৰ্মী এ জে আকন্দ‌ই। আনহাতে, বেংক কৰ্তৃপক্ষ চি এচ পিটোৰ পকেটত আছে নেকি বুলিও সচেতন মহলে প্ৰশ্ন অৱতাৰণা কৰিছে।

দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি। ভাৰাতীয়া জবকাৰ্ডৰে আচনিৰ ধন আত্মসাত । আৰক্ষী থানাত গোচৰ ৰাইজৰ ৷

আবুল হাছেম, দলগাঁও 

লকডাউনৰ সময়ত জবকাৰ্ড শ্ৰমিকক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি চমুকৈ এমজিএনৰেগচৰ অধিনত বুজন পৰিমানৰ টকা আৱন্টন দিছে ঠিকেই কিন্তু দৰং জিলাৰ দলগাও শিয়ালমাৰী ব্লকৰ অন্তৰ্গত কল্যান গাও পঞ্চায়তত একাংশ কৰ্মচাৰী আৰু জনপ্ৰতিনিধিয়ে জবকাৰ্ড শ্ৰমিকক বঞ্চিত কৰি ট্ৰেক্টৰেৰে সামান্য পৰিমানৰ মাটি পেলায়ে কেবাটাউ আঁচনিৰ টকা উদৰস্থ কৰাৰ অভিযোগ উস্থাপন হৈছে ৷ আঁচনি ৰ টকা ভাগবাটৱাৰাৰ অংশীদাৰ দলগাও শিয়ালমাৰী ব্লকৰ কৰ্মচাৰীয়ে ৰাইজৰ অভিযোগত গুৰুত্ব নিদিয়াত বাদ্য হৈ ৰাইজে দলগাও থানাত এজাহাৰ দিছে ৷প্ৰাপ্ত অভিযোগ মতে ব্লক খনৰ অন্তৰ্গত কল্যাণ গাও পঞ্চায়তৰ কাছোমাৰী সোনাৰী গাৱত এমজিএনৰেগচৰ অধিনত ৭ লাখ ১২ হাজাৰ ৫ শ টকাৰ ব্যায় সাপেক্ষে ২০১৭-১৮   বৰ্ষত শিয়ালমাৰী হাইস্কুলত “লেন্ড ডেভলপমেন্ট এট  শিয়ালমাৰী হাইস্কুল ফিল্ড” নামেৰে  উন্নয়নৰ আচনি গ্ৰহণ কৰে ৷ আচনি গ্ৰহণৰ পাছত টেক্টৰেদি সামান্য মাটি দিয়ে কিছু টকা উঠাই আচনিটো আধৰুৱাকৈ পেলায় থয় ৷ উক্ত আধৰুৱা আঁচনি খন পুনৰ আৰম্ভ কৰি মাত্ৰ ৩১ টেইলৰ মাটি দিয়ে ৱাৰ্ড সদস্য আৰু পঞ্চায়তৰ সহকাৰী অভিযন্তাই মিলি ভাৰাতীয়া জবকাৰ্ড যোগে জবকাৰ্ড শ্ৰমিকৰ সম্পূৰ্ন টকা উঠাই উদৰস্থ কৰিছে ৷ এই সংক্ৰান্তত দলগাও থানাত ৱাৰ্ড সদস্য ৰফিকুল ইছলাম আৰু সহকাৰী অভিযন্তা নেকিবৰ বিৰুদ্ধে গোচৰ হৈছে যদিও লুন্ঠনকাৰী সকলে টকাৰ বলত আৰক্ষীকো মেনেজ কৰাৰ অভিযোগ উঠিছে ৷ একেদৰে উক্ত গাও খনত ” ৪ লাখ ১৪ হাজাৰ ৯ শ ১৩ টকা ব্যায় সাপেক্ষে ২০১৯-২০ বৰ্ষত “এগ্ৰিবান্ধ ফ্ৰম নায়েব আলী হাউচ টু কাচোমাৰী এল পি স্কুল ” নামেৰে এক আচনি গ্ৰহণ কৰি চৰকাৰৰ লকডাউন নীতি মতে জবকাৰ্ড শ্ৰমিকক নিয়োগ দিব লাগিছিল যদিও পূৰ্বৰ দৰেই টেক্টৰেদি কেই টেইলৰ মান মাটি পেলায়ে ভাৰাতীয়া জবকাৰ্ড যোগে  আঁচনিৰ ১ লাখ ৫০ হাজাৰ টকা উঠাই উদৰস্থ কৰি আঁচনি পূৰ্বৰ কায়দাৰে পেলায় থৈছে ৷ সুযোগ বুজি বাকী টকাও উঠাই উৰস্থ কৰাৰ আশংকা কৰিছে ৰাইজে ৷ ৰইজৰ দাবী আওকান কৰি চলা বিতৰ্কিত ৱাৰ্ড সদস্য জনৰ আচনিৰ ধন উদৰস্থ কৰাৰ কৌশল দেখিলে সকোলৰে চকু কপালত উঠিব ৷ ব্লকৰ পৰা আৰম্ভ কৰি পঞ্চায়ত লৈকে সকলো কৰ্মচাৰী, জনপ্ৰতিনিধিৰ নামত ভাগে ভাগে অংশ কৰি কাৰোবাৰ ভাগত আঠ হাজাৰ, কাৰোবাৰ ভাগত ছয় হাজাৰ, এনেদৰে চকিদাৰ লৈকে দুই হাজাৰ পৰ্যন্ত দি সকলকে মেনেজ কৰি চলাই লুন্ঠন ৷ পঞ্চায়ত খনত কনিষ্ঠ অভিযন্তাৰ দায়িত্ব পালন কৰা এ.ই নেকিবে আঁচনি পৰ্যবেশন কৰি সেইমতেহে বিল দাখিল কৰিব লাগে যদিও টকাৰ লোভত অন্ধ হৈ কোনো দিনে আঁচনি নেদেখিয়ে বিল দাখিল কৰে ৷ এক কথাত আঁচনি খন কল্যান পঞ্চায়তত শ্ৰমিকৰ নিয়োগ নিশ্চিত কৰাৰ বিপৰীতে টকা ঘটাৰ আঁচনিতহে পৰিণত হৈছে ৷

জিলা পৰিষদত দুৰ্ণীতি ! বিজেপিৰ জিলা সম্পাদকে আৰ টি আই যোগে বিচাৰিলে চাৰিটা বছৰৰ তথ্য ।

তিনিচুকীয়া

 জি’ৰ টলাৰেস্নৰ সপোন দেখুওৱাই ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ শাসনত দুৰ্ণীতি হোৱা বুলি স্বয়ং দলীয় কৰ্মীৰে সন্দেহ । তিনিচুকীয়া জিলা পৰিষদৰ অন্তগত হাপজান, ৰ্মাঘেৰিটা গুইজান শদিয়া ইটাখুলি ছৈখোৱা কাকপথাৰ ব্লকত বিগত ২০১৬-১৭ৰ পৰা ২০১৯-২০ বিত্তীয় ৰ্বষত এনৰেগা আচঁনিকে ধৰি অন্যান্য শিতানত কিমান ধন আবণ্টন হল আৰু কেনেদৰে খৰচ হল । আচঁনি সমুহৰ কেনেদৰে ৰুপায়ন কৰিছে তাৰ সবিশেষ তথ্য বিচাৰি তিনিচুকীয়া জিলা বিজেপিৰ সাধাৰন সম্পাদক ক্ৰমে দিগন্ত পাদুন আৰু পুলক চেতিয়াই যোৱা ২৯ মেত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তিনিচুকীয়া জিলা পৰিষদ কাৰ্যালয়ত আবদন কৰিছে । উল্লেখ্য যে নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই নেতদ্বয়ে আৰটিআই যোগে তথ্য সংগ্ৰহ কৰিব বিচৰাতোৱে তাৎপৰ্যবহন কৰিছে ।

শংকৰদেৱ নগৰত উপস্থিত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত

শংকৰদেৱ নগৰত উপস্থিত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত

লংকা

 হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ   আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়ত আজি  উপস্হিত হয়হি  ডিজিপি ভাস্কৰ জ্যোতি মহন্ত । লগত উপস্হিত  হয় আই জি পি হিৰেন নাথ  আৰু ডি আই জি সত্য ৰাজ  হাজৰিকা । জিলাখনৰ উচ্চ পদৰ আৰক্ষী বিষয়া সকলৰ লগত জিলা অধীক্ষকৰ কাৰ্য্যলয়ৰ সভাকক্ষত এক আলোচনাত মিলিত হয় ভাস্কৰ জ্যোতি মহন্ত । আলোচনাৰ শেষত সাংবাদিক ৰ সন্মুখত তেখেতে কয় যে বহি ৰাজ্যৰ পৰা হোজাই লৈ বহু মানুহ ৰেলৰ জৰিয়তে অহাৰ বাবে হোজাইত বিশেষকৈ সতৰ্কতা অৱলম্বন কৰিব লগা হৈছে । উল্লেখ্য যে ২ মে নিশা মুম্বাই পৰা ডিব্ৰুগড় লৈ যোৱা যাত্ৰীবাহী ৰেলগাড়ী খন হোজাইৰ শিববাড়ী  ৰেল ক্ৰছিঙৰ ওচৰত নিশা ৰেলৰ চেইন টানি বহুকেইজন যাত্ৰী পলায়ন কৰে।  অৱশ্যে পিছত পলায়ন কৰা সকলক চি আৰ পি এফ আৰু আৰ পি এফ বাহিনীয়ে আটক কৰিবলৈ  সক্ষম হয়।  ৰেলৰ পৰা চেইন টানি পলায়ন কৰা ব্যাক্তিসকলৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ হোজাই আৰক্ষী প্ৰশাসনক  ভাস্কৰ জ্যোতি মহন্তই  নিৰ্দেশ দিয়ে। তেখেতে কয় যে লোকৰ জীৱন আশংকা কৰা,লোকৰ বিপদ মাতি অনা, ষড়যন্ত্র দায়ক এনে ব্যক্তিৰ বিৰুদ্ধে আই পি চি 336 ধাৰা লগোৱা লগতে সাধাৰণ ধাৰা লগোৱা হব ।    অনাগত দিনবোৰতো হোজাইলৈ আহিবলগীয়া লোকসকলৰ প্ৰতি তেখেতে অনুৰোধ কৰি কয় যে এনেকুৱা কাম যাতে নকৰে, এনে কৰিলে  গোটেই জীৱনটো কেছ চলাৰ লগতে অশান্তি পাই থাকিব।

ৰাজনৈতিক পাখাখেলত উন্নয়ণ স্তব্ধ বাকচু সৰুবিল খেলপথাৰৰ।

নাজিৰা

 শিৱসাগৰ জিলাৰ খেলুৱা গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ অন্তৰ্গত বাকচু কোচ গাঁওৰ সৰুবিল খেলপথাৰৰ আন্তঃগাঠনি উন্নয়ণৰ বাবে এম জি এনৰেগা আঁছনিৰ অধীনত চলিত বৰ্ষত চাৰি লাখ বিশহাজাৰ টকাৰ অনুদান অহাত খেলুৱা গাঁও পঞ্চায়তৰ সভাপতি আৰু ৮ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা গৰাকীয়ে সেই আছঁনিৰ অধীনত পঞ্জীয়নভুক্ত ৭৪ জন শ্ৰমিকক উক্ত  আছনিৰ অধীনত কাম কৰিবৰ বাবে অনুমতি প্ৰদান কৰে।স্থানীয় ৰাইজ আৰু নিয়োজিত শ্ৰমিক সকলৰ সহায়ত উক্ত টকাৰে খেলপথাৰ খনৰ কাম সম্পূৰ্ণ হৈ নুঠাত স্থানীয় উদ্যোগী যুৱক ৰঞ্জন বেজবৰুৱাই ৰাইজৰ সন্মতি ক্ৰমে বৃহৎ খেলপথাৰ খনিৰ আঁছনিয়ে ধুকি নোপোৱা অংশত নিজা খৰচেৰে পাৱাৰটিলাৰ লগায় মাটি পুৰ্ণ কৰাত সহায় কৰি দিয়ে।ইয়াতে এচাম স্বাৰ্থম্বেষী যুৱকে ৰাজনৈতিক ৰহণ সানি ভিত্তিহীন অভিযোগেৰে যুৱকসকলক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ লোৱা দেখা গৈছে।ফলত খেলপথাৰ উন্নয়ন স্থৱিৰ হোৱা দেখা গৈছে।ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে ৰাজনৈতিক ষৰযন্ত্ৰৰে ৰাজহুৱা উন্নয়ণত বাধা পথালি দিয়া দ’ল বাগৰা চেলা-চামুণ্ডা বোৰক ৰাইজে এনেধৰণৰ নিকৃষ্ট ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈ সচেতন স্থানীয় ৰাইজে সঁকিয়াই দিছে।

টীয়কৰ এখন ওলমা দলঙে দৃষ্টি কাঢ়িছে সকলোৰে ।

ৰাইজে সাজি লোৱা জাঁজী নদীৰ ওপৰৰ এখন ওলমা দলঙে দৃষ্টি কাঢ়িছে সকলোৰে ৷

টীয়ক

পৰিবৰ্তনকামী চৰকাৰৰ দিনত ৰাইজে সাজি লোৱা জাঁজী নদীৰ ওপৰৰ এখন ওলমা দলঙে দৃষ্টি কাঢ়িছে সকলোৰে ৷ বাৰিষাৰ বানে কাল মূৰ্তি ধাৰণ কৰাৰ লাগে লগে বহিঃ জগতৰ লগত যাতায়ত বিঘ্নিত হৈ পৰা টীয়কৰ এটা বিস্তৃত অঞ্চলত জনতাৰ আৰ্তনাদ হয় । স্কুল কলেজৰ ছাত্র-ছাত্ৰী, কৃষক-বনুৱা আদি সকলোৰে দৈনন্দিন জীৱন স্তব্ধ হৈ পৰে বহু সময়ত । যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত জাঁজী নদীৰ ইপাৰ সিপাৰ হোৱা পথত থকা এজাৰগুৰি পাৰ ঘাটতো পূৱ টীয়ক গাঁও পঞ্চায়তে বছৰে নিবিদাৰ জড়িয়তে ঘাটৈ নিয়োগ কৰে । উক্ত ঘাটত প্ৰতি বছৰে খৰালি ঘাটৈয়ে একোখনকৈ বাঁহৰ দলং সাজে যদিও প্ৰতি বাৰিষাৰ প্ৰথম বানতে এই দলং উটি যায় । বাৰে বাৰে নদী খনে  জন জীৱনৰ গতি স্থবিৰ কৰাৰ বিপৰীতে ইয়াৰ ৰাইজে কঠোৰ সংগ্ৰামৰ মুখামুখি হৈ জীৱন যাত্ৰা আগুৱাই নি আছে । ইতিমধ্যে এইবাৰো নদীৰ প্ৰথম বানতেই খৰালি সজা দলং খন উটি যায় । এইবাৰ এজাগুৰি বাসী লোকে হাজাৰ বিঘিনি নেওচি বাৰিষাৰ দিনতেই দলং সাজি ইপাৰ সিপাৰ হ’বলৈ এক ন-কৌশল প্ৰয়োগ কৰিছে । ঘাটৈ ভাস্কৰজ্যোতি শ‌ইকীয়াৰ তৎপৰতাত এই স্থানত স্থানীয় যুৱক সকলে এইবাৰ সাজি উলিয়াইছে এখন ওলমা দলং । নদী খনৰ প্ৰায় ৬০ মিটাৰ বহল এই স্থানত  ৫ ফুট বহলকৈ দলং খন সাজি বানৰ লগত মোকাবিলা কৰাৰ মন মেলিছে । কাইলৈ এই দলং খন  পঞ্চায়ত সভানেত্ৰীয়ে যাতায়তৰ বাবে মুকলি কৰাৰ কথা । 

সীমান্তৰ গেলেকীত অসমৰ ৰাজহ ভূমিত পুনৰ নগাৰ বীৰত্ব । অসমৰ ভূমিত বাঁহৰ গেট দি অসমীয়াৰ প্ৰবেশ নিষিদ্ধ কৰি নিৰ্মাণ কৰিছে গৃহ : অসমীয়া চাহ খেতিয়কৰ পাত নিচিঙবলৈ সকীয়নি : নগাৰ গেট-গৃহ উচ্ছেদৰ সাহস নহ’ল প্ৰশাসনৰ ।

সীমান্তৰ গেলেকীত অসমৰ ৰাজহ ভূমিত পুনৰ নগাৰ বীৰত্বঃঅসমৰ ভূমিত বাঁহৰ গেট দি অসমীয়াৰ প্ৰবেশ নিষিদ্ধ কৰি নিৰ্মাণ কৰিছে গৃহ

নাজিৰা পৰা দিলীপ হাজৰিকা । 

সীমান্তৱৰ্তী অঞ্চলৰ অসমৰ ভূমিৰ প্ৰতি ৰাজ্য চৰকাৰ চুড়ান্ত নিৰ্লিপ্ততা আৰু সোপাঢিলা নীতিৰ সুযোগ গ্ৰহন কৰি আগ্ৰাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬৪০০ হেক্টৰ ভূমিৰ প্ৰায় ৪হাজাৰ হেক্টৰ ভূমি অবৈধ বেদখলেৰে বৃহত্তৰ নাগালিমৰ মানচিত্ৰ বৃদ্ধি কৰাৰ পাছত এতিয়  সীমান্তৰ অসমৰ অৱশিষ্ট ভূমিখণ্ড দখলৰ বাবে নামি পৰিছে নগা বাহিনী।   শেহতীয়াভাবে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা নগা শান্তি চুক্তিৰ পাছত অসমৰ সীমান্ত অঞ্চলৰ ভূমিত নগাৰ পতিপত্তি বৃদ্ধি পাবলৈ ধৰিছে।যােৱা ২১মে’ত শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভূমি সংলগ্ন অসমৰ ৰাজহ ভূূূূমিত আগ্ৰাসী নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ  অসমৰ থলুৱা যুৱকে স্হাপন কৰা ক্ষুদ্ৰ চাহ বাগিচাৰ প্ৰায় দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰাৰ লগতে অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি উক্ত ভূমিত পহৰা দিবলৈ যোৱা অসম আৰক্ষী বেটেলিয়েনক খেদি পঠােৱা কাণ্ডৰ উত্তেজনা মা’ৰ নৌযাওতেই এইবাৰ অসমৰ ভূমিত পুনৰ বীৰত্ব প্ৰদৰ্শনত নামিল নগা বাহিনী।নাগাালেণ্ড চৰকাৰ তথা প্ৰশাসনৰসহযোগত নগা আৰক্ষী আৰু নগা ভিলেজ কাউঞ্চিলে সীমান্ত অঞ্চলটোৰ অসমৰ ৰাজহ ভূমিত বাঁহৰ গেট দি অসমীয়াৰ প্ৰবেশ নিষিদ্ধ কৰাৰ লগতে অসমৰ উক্ত ভূমিত গৃহ নিৰ্মাণ কৰি বেদখল অব্যাহত ৰাখিছে।ইয়াৰ উপৰি অসমৰ উক্ত ভূমিত থকা অসমীয়া চাহ খেতিয়কক পাত নিচিঙিবলৈ নিৰ্দেশ দিয়াৰ লগতে পাত চিঙিবলৈ আহিবলৈ প্ৰাণে মৰাৰ হুমকি দিয়ে।নগাবাহিনীৰ এনে কাণ্ডৰ বিৰুদ্ধে অসমৰ প্ৰশাসন ৰ এটা দল ঘটনাস্হলীলৈ যায় যদিও নগাৰ গৃহ আৰু গেট উচ্ছেদৰ সাহস নহল অসমৰ দলটোৰ।ঘটনা সন্দৰ্ভত জানিব পৰা মতে শিৱসাগৰ জিলা নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীৰ শিঙিবিলস্হিত অসম আৰক্ষী বেটেলিয়েন কেম্পৰ সমীপৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভূমি সংলগ্ন অসমৰ বৃহৎ ৰাজহ ভূমি নাগালেণ্ডে দীৰ্ঘদিন ধৰি বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।বিগত বৰ্ষ শেষ ভাগত অসমৰ প্ৰশাসনে পঞ্চায়তৰ যোগে নিৰ্মাণ কৰা এখন স্মশান দিনদুপৰতে ভাঙি তচনত কৰি উক্ত ভূমি নাগালেণ্ডৰ বুলি বীৰত্ব প্ৰদৰ্শন কৰিছিল।ইয়াৰ পাছত যোৱা ২১মে’ত পুনৰ নগা বাহিনী য়ে অসমৰ উক্ত ৰাজহ ভূমিত চাহ খেতিৰে আত্ম নিৰ্ভৰশীল হোৱা ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰায় ২হাজাৰ চাহ পুলি ধ্বংস কৰি দ্বিতীয় বাৰৰ বাবে অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ড ৰ বুলি প্ৰতিপন্ন কৰাৰ পাছতো অসমৰ এক ইঞ্চিও ভূমি চুবুৰীয়া ৰাজ্য ক এৰি দিয়া নহব বুলি শূণ্যত গদা ঘুৰুৱা সৰ্বানন্দ সোণোৱাল নেতূত্বাধীন চৰকাৰক প্ৰত্যাহ্বান জনাই নগাই অসমৰ উক্ত ৰাজহ ভূমিত বাঁহৰ গেট দি অসমীয়াৰ প্ৰবেশ নিষিদ্ধ কৰি নিৰ্মাণ কৰিলে গৃহ।ইমানেই নহয় অসমৰ উক্ত ৰাজহ ভূমিত থকা অসমীয়াৰ চাহ বাগিচাত চাহ পাত নিচিঙিবৰ বাবে কালি বিয়লি নগাৰ এটা দলে ক্ষুদ্ৰ চাহখেতিয়কসকলক সকীয়নি দিয়ে।নগা আৰক্ষীৰ নেতৃত্বত অহা নগাৰ দলটোৱে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক চাহপাত তুলিবলৈ আহিলে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে উভতি যোৱাৰ সময়ত বহু চাহ পুলি ধ্বংস কৰি থৈ যায়।নগাৰ এনে কাণ্ডৰ বিষয়ে খবৰ লাভ কৰি নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত সীমান্ত দণ্ডাধীশ ৰাজীৱ সোণোৱালৰ নেতৃত্ব ত অসমৰ আৰক্ষীৰ এটা দল ঘটনাস্হলীত উপস্হিত হয়।অসমৰ দলটোক নগাৰ দলটোৱে কৰ’না সন্ত্ৰাসৰ বাবে এই বাঁহৰ গেট দিয়াৰ অবাস্তৱ যুক্তি দিয়ে।নগাৰ দলটোৰ এই অবাস্তৱ যুক্ত শুনি অসমৰ প্ৰশাসন ৰ দলটোৱে নগাই নিৰ্মাণ কৰা গেট আৰু গৃহ উচ্ছেদ কৰাৰ সাহস নকৰি আঁতৰি আহে।অসমৰ সীমান্ত অঞ্চলৰ বূহৎ ভূখণ্ড অসম চৰকাৰৰ এনে দুৰ্বলতা আৰু সোপাঢিলা নীতিৰ বাবেই অসমৰ ভূখণ্ড সংকুচিত হৈ অহাৰ বিপৰীতে বৃহত্তৰ নাগালিমৰ মানচিত্ৰ বৃদ্ধি হৈ অহাৰ বিষয়ে বিগত সময়ত সংবাদ পৰিবেশন হোৱাৰ পাছতো শিৱসাগৰ জিলা প্ৰশাসন তথা অসম চৰকাৰে অসমৰ এই ৰাজহ ভুমিৰ ক্ষেত্ৰত যথোচিত কোনো প্ৰদক্ষেপ গ্ৰহন নকৰাত নগা বহিনীয়ে  অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশস্বৰূপে এইবাৰৰ এনে আগ্ৰাসন চলোৱাৰ পূূূূৰ্ণ সুযোগ কৰে। সীমান্ত অঞ্চলৰ অসমৰ এক ইঞ্চিও ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিয়া নহব বুলি দম্ভালি মৰা,জাতি মাটি ভেটিৰ শ্ল’গান আওৰোৱা অসম চৰকাৰ তথা শিৱসাগৰ জিলা প্ৰশাসনৰ চুড়ান্ত দায়িত্বহীনতা আৰু সোপাঢিলা নীতিৰ বাবেই অসমৰ এই বৃহৎ ৰাজহভূমি অচিৰেই বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত।

দৰঙত দুস্কৃতিকাৰীৰ পৰা উদ্ধাৰ ১৫/২০ কিলো ওজনৰ দুস্প্ৰাপ্য কাছ ৷

দৰঙত দুস্কৃতিকাৰীৰ পৰা উদ্ধাৰ ১৫/২০ কিলো ওজনৰ দুস্প্ৰাপ্য কাছ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা ৷

দৰঙত উদ্ধাৰ হয় দুষ্কৃতিকাৰীৰ পৰা এটা দুস্প্ৰাপ্য কাছ ৷ পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা এক বিশেষ অভিযানত যোৱাৰ সময়ত এম পি কে  সংযোগী পথৰ  দিঘীৰপাৰত দুজন লোকে কাছটি বস্তাত ভৰাই থকা অৱস্থাত পায় ৷ অৱশ্যে লোক দুজনে কাছটি ৰাষ্টাৰ কাষত উদ্ধাৰ কৰি আৰক্ষী চকীলৈ নিৱৰ বাবে যো-জা কৰা বুলি আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক জানিব দিয়ে ৷ আজি উদ্ধাৰ হোৱা দুষ্প্ৰাপ্য কাছটি দৰঙৰ আৰক্ষী অধিক্ষক অমৃত ভূঞাৰ নিৰ্দেশত  পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই ঐতিহাসিক খটৰা সত্ৰৰ কাছ সংৰক্ষণ পুখুৰিত এৰি দিয়ে ৷ ইয়াৰ পূৰ্বে মহেন্দ্ৰ শৰ্মাই বিভিন্ন ঠাইত উদ্ধাৰ হোৱা তিনিটাকৈ কাছ এৰি দিছিল খটৰা সত্ৰৰ কাছ সংৰক্ষণ পুখুৰীত ৷ যিটো সময়ত একাংশ লোকে বনৰীয়া জীৱ-জন্তু অবৈধ ভাৱে হত্যা কৰি তৃপ্তিৰে উদৰ পুৰায় খায় তেনে সময়তে প্ৰকৃতি প্ৰেমী একাংশ লোকে সংৰক্ষণৰ ব্যৱস্থা কৰে বনৰীয়া জীৱ-জন্তু সমুহক ৷ উদ্ধাৰ হোৱা কাছ সমুহ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ কাছ সংৰক্ষণ  পুখুৰীত সংৰক্ষণৰ বাবে এৰি দিয়াৰ উদ্যোগ গ্ৰহণ কৰা পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত আৰু সম্পাদক গংগাৰাম বৈশ্যই ধন্যবাদ জ্ঞাপন কৰে ৷

পৰিৱেশ দিৱস বনাম মানৱ সমাজ ।

পম্পী কলিতা ।

সমগ্ৰ বিশ্বতেই পাঁচ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় , সেইটো সৰ্বজনবিদিত কথা । ১৯৭২ চনৰ চুইডেনৰ ষ্টকহোম অধিৱেশনত হোৱা সিদ্ধান্ত মৰ্মেই ১৯৭৪ চনৰ পৰাই প্ৰতিবছৰেই সমগ্ৰ বিশ্বজুৰি পৰিৱেশ দিৱস উদযাপন কৰি অহা হৈছে । পৰিৱেশৰ  সুৰক্ষা তথা এক অনুকূল বাতাবৰণৰ সৃষ্টিৰ অৰ্থে আনুষ্ঠানিক পোষকতাৰে প্ৰতিবছৰেই দি অহা হৈছে পৰিৱেশৰ সুৰক্ষা প্ৰদানৰ অভয়বাণী । এইবছৰো বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হিচাপে জৈৱ-বৈচিত্ৰ‍্যতাৰ ওপৰত আলোকপাত কৰা হৈছে । সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত আমাৰ অসমো জৈৱ-বৈচিত্ৰ‍্যতাৰ ক্ষেত্ৰত এখন অত্যন্ত চহকী ৰাজ্য । ৰাজ‍্যখনত প্ৰায় ২৯৩ বিধ প্ৰজাতিৰ অৰ্কিড , ৩৮ বিধ প্ৰজাতিৰ বাঁহ , ১৫২ বিধ প্ৰজাতিৰ ঔষধি উদ্ভিদ , ১৮৫ বিধ প্ৰজাতিৰ মাছ , ১৫০০ বিধ প্ৰজাতিৰ পখিলা , ৩৯ বিধ প্ৰজাতিৰ শামুক , ১৫০ বিধ প্ৰজাতিৰ পক্ষী , ১৯৩ বিধ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী , ১৯ বিধ প্ৰজাতিৰ কাছ , শতাধিক জলজ উদ্ভিদ , ৭০ বিধ উভচৰ প্ৰাণী আৰু প্ৰায় ৭৭ বিধ প্ৰজাতিৰ সাপ আৰু জেঠীজাতীয় প্ৰাণী পোৱা যায় । ইয়াৰোপৰি অসমত অনেক প্ৰজাতিৰ জলজ , স্থলজ অথবা উভচৰ প্ৰাণী কিম্বা উদ্ভিদৰ প্ৰাধান্য দেখিবলৈ পোৱা যায় ।পৰিতাপৰ বিষয় এয়াই যে আইনী আওতা আৰু আনুষ্ঠানিকতাৰ মেৰপেচত এইসমূহ সংৰক্ষিত হ’লেও বাস্তৱিক ক্ষেত্ৰখনত কিন্তু জৈৱ-বৈচিত্ৰ‍্যতাৰ সুৰক্ষা তথা সংৰক্ষণ এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ! দৰাচলতে যিমানেই সুৰক্ষা প্ৰদান নকৰক কিয় , মানুহৰ মানসিকতাৰ পৰিৱৰ্তন অবিহনে জৈৱ-বৈচিত্ৰ‍্যতাৰ গুণানুকীৰ্তন কৰাৰো কোনো যুক্তি নাই ! চৰকাৰী আমোলাৰ পৰা সাধাৰণ ৰাইজ পৰ্যন্ত , অনেকেই মুনাফা লাভৰ আশা কিম্বা নিজৰ ভোগ-বিলাসীতাৰ বাবে অতীজৰে পৰাই পৰিৱেশৰ ওপৰত নিৰ্মম অত‍্যাচাৰ কৰি আহিছে । কেৱল পৰিৱেশ দিৱসৰ দিনাই একোটা বক্তব্য দি , একোটা গছপুলি ৰুই কাম সামৰিলে পৰিৱেশক ভালপোৱা নুসূচায় । যিদিনালৈকে আমাৰ মাজত এজনী ভোকাতুৰ হাতীক খাদ্যৰ নামত মৃত্যু-পথ দেখুওৱাৰ প্ৰৱণতা থাকিব , যিদিনালৈকে পোনা থকা মাছ ধৰি আমি ফূৰ্তিত আত্মহাৰা হ’ম , যিদিনালৈকে এখন বিয়াৰ বাবে আমি আমাৰ গোটেই বাৰীখনৰ গছ কাটি তহিলং কৰিম , যিদিনালৈকে ৰাস্তাৰ নিৰ্বোধ ভোকাতুৰ কুকুৰক ব্ৰেডৰ মাজত পিন ভৰাই খাবলৈ দিম , জীয়াই জীয়াই ডাষ্টবিনত ভৰাই জ্বলাই দিম , যিদিনালৈকে গঁড়ৰ খৰ্গৰ আঙুঠি পিন্ধাৰ সপোনত মগন হ’ম , হাতীৰ দাঁত কাটি ধনী হোৱাৰ সহজ উপায় বিচাৰিম , মঙহৰ বাবে বনৰ হৰিণাটোৰ ওপৰত জঁপিয়াই পৰিম ; সেইদিনালৈকে ‘বিশ্ব পৰিৱেশ দিৱস’ৰ ডংকা কোবোৱাৰ কোনো থল নাই আমাৰ হাতত !

যোগাযোগ : ৮০১১১৪৫২৪১