Home Blog Page 3325

পকিবলৈ লোৱা বিস্তৃৰ্ণ খেতিপথাৰ পানীৰ তলত : ত্ৰাণ সাহায্য পঠিয়ালে বদৰুদ্দিন আজমলে ।

আব্দুল হাকিম,ডবকা  

মৰ্মান্তিক দৃশ্য, যিফালে চকু যায় পানীয়েই পানী৷ পিছে ঠাইখন কোনো নদী নহয়, খাল-বিল নহয়৷ এই পানীৰ তলত বুৰ গৈ আছে কৃষকৰ বছৰটোক লৈ দেখা সমস্ত সপোন৷ হোজাই জিলাৰ যোগীজানৰ কান্দুলিমাৰী, বাৰফুটীয়া গাঁও এতিয়া পানীৰ তলত৷ সপোনৰ খেতি পথাৰ, সোণোৱালী হৈ অহা ধান খেতিৰ এতিয়া চিন চাব নাই৷ যিফালে চকু যায় পানীয়েই পানী৷ নিজৰ খেতিডৰা, ঘৰ দুৱাৰ এৰি থৈ মানুহে তিথাপি লৈছে মথাউৰিত৷ অকনমান খাদ্য, এখন ত্ৰিপালৰ বাবে য’ত হাহাকাৰ৷ৰাইজৰ বিপত্তি দেখি সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু মহম্মদ ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজি আজমল চিএছআৰৰ অধীনস্থ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফৰ এটা দলে খাদ্য সামগ্ৰী, ত্ৰিপাল আদি বিতৰণ কৰি ৰাইজক কিছু সকাহ দিয়ে৷ হোজাইৰ কেন্দুগুৰি, বজ্ৰপুৰ আদি এলেকাতো ত্ৰাণ সাহায্য দিয়ে মৰ্কজৰ স্বেচ্ছাসেৱকৰ দলে৷ চিৰা, পানী, বিস্কুট, চাবোন আদি বানপীড়িত ৰাইজক প্ৰদান কৰে৷ লক্ষ্যণীয় কথাটো হৈছে আজমল চিএছআৰৰ মুখ্য কাৰ্যবাহী বিষয়া মৌলানা বদৰুদ্দিন আজমল চাহাবে ভিডিঅ কলৰ জৰিয়তে ত্ৰাণ সাহায্য বিতৰণ কাৰ্যসূচীৰ তদাৰক কৰে৷

নগাঁৱত সঘনাই উদ্ধাৰ হৈছে পি পি কিট : শংকিত সৰ্বসাধাৰণ ৰাইজ ।

 নগাঁও

নগাঁৱত সঘনাই পি পি কিট উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সকলোকে উদ্বিগ্ন কৰি তুলিছে। জানিব পৰা মতে, বিগত দুই/তিনিটা দিনৰ ভিতৰত নগাঁও চহৰকে ধৰি দাতিকাষৰীয়া বিভিন্ন ঠাইত কৰোণা ভাইৰাছৰ বিজানু থকাৰ সম্ভাৱনা থকা এই পি পি কিটসমুহ উদ্ধাৰ হৈছে। ইতিমধ্যে নগাঁও চহৰৰ ধিং গেটৰ ডিউ কেয়াৰ হস্পিতাল সমীপৰ ধিং ৰোডৰ কাষত কালি এটা পি পি কিট উদ্ধাৰ হোৱাৰ লগতে উক্ত এলেকাত আজিও মেৰিয়াই থকা অৱস্থাত আন এটা কিট উদ্ধাৰ হয়। আনহাতে, কালি উৰিয়াগা‍ঁৱৰ বাইপাচ চ’ক আৰু বেবেজীয়াৰ সমীপৰ বৰহোলাত উদ্ধাৰ হৈছিল পি পি কিট। অৱশ্যে স্থানীয় লোকে প্ৰত্যক্ষ কৰি কিটসমুহ কৌশলেৰে জ্বলাই দিয়ে। উল্লেখ্য যে মহামাৰী কৰোণা ভাইৰাছৰ পৰা হাত সাৰিবলৈ বিশেষকৈ স্বাস্থ্য  কৰ্মীৰ লগতে কোৱাৰেনন্টাইন শিবিৰত  বহি:ৰাজ্য ফেৰত লোকসকলক খাদ্যৰ যোগান ধৰা আৰু তেওঁলোকক বহি:ৰাজ্যৰ পৰা অহা লোক সকলক স্কীনিং আদি কামৰ লগত জৰিয়তে  বিষয়া-কৰ্মচাৰী আৰু স্বাস্থ্য কৰ্মী সকলে এই পি পি কিট ব্যৱহাৰ কৰে। একক ব্যৱহাৰ যোগ্য এই পি পি কিট সমুহ নিয়ম অনুসৰি এবাৰ ব্যৱহাৰ কৰাৰ পিছত জ্বলাই দিব লাগে যদিও কি কাৰণত এই কিট সমুহ নগাঁৱৰ ৰাজপথত সঘনাই উদ্ধাৰ হৈছে। এই লৈ এতিয়া সকলো উদ্বিগ্ন হোৱাৰ লগতে শংকিত হৈ পৰিছে। যিহেতু এই কিটসমুহ শিক্ষিত তথা স্বাস্থ্য নতুবা কৰোণা ভাইৰাছ সন্দৰ্ভত জ্ঞান থকা লোক সকলে ব্যৱহাৰ কৰে, সেয়ে কি স্বাৰ্থত এই শিক্ষিত লোক সকলে পথৰ দাতিত মাৰত্মক ৰূপী পি পি কিটসমুহ পেলাই থৈ যায়, তাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে সচেতন লোকে। পি পি কিট যতে ততে পলোৱা দেখা মাত্ৰেই আৰক্ষী তথা জিলা প্ৰশাসনক খবৰ দিবলৈ আহ্বান জনাইছে ভু-ৰখা মহলটোৱে।

ভাল বাৰ্তা : ক’ৰোনা ভাইৰাছৰ ঔষধ সাজু , জাপানে দিলে ব্যৱহাৰৰ অনুমতি ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ

কেলিফৰ্ণিয়াৰ এটা বায়’টেক কোম্পানীয়ে জনোৱা মতে তেওঁলোকৰ পৰীক্ষামূলক ঔষধ প্ৰতিকাৰৰ ক্ষেত্ৰত ক’ভিড-১৯ত অসুস্থ হৈ পৰা চিকিৎসালয়ত থকা পাঁচ দিনীয়া ৰোগীৰ ওপৰত প্ৰয়োগ কৰে৷ ইয়াৰ পাছতে ৰোগীৰ লক্ষণবোৰ উন্নতি ঘটা দেখিবলৈ পোৱা গৈছে৷ এই ঔষধ ৰোগীৰ শিৰাত দিয়া হয়৷ জাপানৰ এজন ক’ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ইয়াক অনুমোদন কৰা হৈছে৷ আনহাতে মাৰ্কিন যুক্তৰাষ্ট্ৰত জৰুৰী অৱস্থাৰ ৰোগীক এই ঔষধ দিবলৈ অনুমতি দিয়া হৈছে৷ গিলিয়াড ছাইন্সে সোমবাৰে কিছু সবিশেষ দি কৈছে যে মেডিকেল জাৰ্নেলত সম্পূৰ্ণ ফলাফল অতি সোনকালে প্ৰকাশ হ’ব৷ পৰীক্ষা নিৰীক্ষাৰ পাছত ৰেমিডিছিভিয়াৰ এটা ড্ৰাগছ হিচাপে আবিৰ্ভূত কৰা হৈছে য’ত আশা কৰা হৈছে যে মাৰাত্মক ক’ৰোনা ভাইৰাছ ৰোগৰ বিৰুদ্ধে যুঁজ কৰাত সহায় কৰিব৷ নেচনেল ইনষ্টিটিউটছ অব হেল্থৰ নেতৃত্বত এটা বৃহৎ অধ্যয়ন পৰিচালিত হৈছিল য’ত দেখা গৈছিল যে এই ঔষধটো চিকিৎসালয়ত ভৰ্ত্তি গুৰুতৰ অসুস্থ ৰোগীৰ পুনৰুদ্ধাৰৰ গড় সময় হ্ৰাস কৰে৷ এই ঔষধটো পুনৰুদ্ধাৰৰ দিনবোৰ ১৫ দিনৰ পৰা ১১ দিন কমি যায়৷ কোম্পানীটোৰ নেতৃত্বত প্ৰায় ৬০০ ৰোগীক অধ্যয়ন কৰা হৈছিল৷ তাত অলপীয়া নিউমোনিয়াত ভোগা ৰোগীক অক্সিজেনৰ প্ৰয়োজন হোৱা নাছিল৷ সকলোকে পাঁচ দিনৰ পৰা ১০ দিনৰ বাবে যাদৃচ্ছিকভাৱে ঔষধ দিয়া হৈছিল৷ লগতে সাধাৰণ যত্ন লোৱা হৈছিল৷ গিলিয়াদে কয় যে গৱেষণাৰ একাদশ দিনা পাঁচ দিনৰ বাবে ৰোগীৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা হৈছিল য’ত ৰোগীৰ উন্নতি হোৱাৰ ৬৫ শতাংশ বেছি আছিল৷ ইয়াৰ মাজত চিকিৎসা আৰু স্বাসযন্ত্ৰৰ ব্যৱস্থা প্ৰয়োজন মতে অন্তর্ভুক্ত আছে৷ দহ দিন চিকিৎসাত ভাল প্ৰমাণিত হোৱা নাছিল৷ পাঁচ দিনৰ ভিতৰত মৃত্যু হ’ব লগা ৰোগীক ঔষধ দিয়া নাছিল৷ যাৰ ১০ দিনৰ বাবে ঔষধ দিছিল তেওঁলোকৰ মাজত দুজনৰ মৃত্যু হৈছিল৷ আনহাতে ষ্টেণ্ডাৰ্ড কেয়াৰ লোৱাসকলৰ মাজত চাৰিজনৰ মৃত্যু হৈছিল৷ এই ঔষধ সেৱনকাৰীৰ মাজত বমিভাৱ আৰু মুৰৰ বিষৰ অভিযোগ বেছি আছিল৷ মিনেছ’টা মেডিকেল চেণ্টাৰ বিশ্ববিদ্যালয়ৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ ডাঃ ৰাধা ৰাসিংহামে উল্লেখ কৰে যে এই গৱেষণাৰ কিছু সীমাবদ্ধতা আছে৷ সেয়ে এটা নিয়ন্ত্ৰিত গোট আছে যি ৰেমডেছিভিৰ কিছু সুবিধা পাইছে আৰু ইয়াৰ পৰা সহায় আছে৷

ভূ-মাফিয়া লাডেনক আটক

নগাঁও,

দীৰ্ঘদিন ধৰি ভয়-ভাবুকিৰে নগাঁও চহৰৰ বৰভেটি, ইছলামপট্টি, মোল্লাপট্টি আৰু হয়বৰগাঁও আদি অঞ্চলত মাটি দখলৰ  বিভিন্ন অভিযোগত অভিযুক্ত লাডেন ওৰফে ৰফিক চোকদাৰক যোৱানিশা ইছলামপট্টিৰ পৰা নগাঁও আৰক্ষীয়ে আটক কৰে। উল্লেখ্য যে ভূ-মাফিয়া লাডেনৰ কু-কীৰ্তিৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমত  বাতৰি পৰিৱেশিত হৈছিল যদিও  নগাঁও আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল । ইপিনে যোৱা ২৭ মাৰ্চত লাডেনে গুণ্ডাবাহিনী লৈ খাইৰুল ইছলাম নামৰ এজন লোকৰ মাটি দখল কৰাৰ ওপৰিও লোকজনৰ পত্নীক  চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। উক্ত ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয় যদিও ৰহস্যজনক ভাৱে আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ উপৰিও লাডেন বাহিনীয়ে নগাঁৱৰ জ্যোতি ফ্লৰ মিলৰ সন্মুখৰ দীপ্তি ৰাজখোৱা আৰু টংক ৰাজখোৱাৰ ম্যাদি পট্টাৰ মাটি দখল কৰি ঘৰ-বাৰী নিৰ্মান কৰাৰো অভিযোগ উঠিছিল। আনকি লক-ডাউনৰ সময়ছোৱাতো লাডেন ওৰফে ৰফিক চোকদাৰৰ  সন্ত্ৰাস অব্যাহত আছিল ।নিজকে এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া লাডেন ওৰফে ৰফিক চোকদাৰ বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৰাজনৈতিক ভাৱে প্ৰভাৱশালী হোৱাৰ সুবাদতে তেওঁৰ বিৰুদ্ধে মাত-মতা  লোকক গুলীয়াই হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰিছিল। কিন্তু চামগুৰি আৰক্ষীয়ে দুদিন পূৰ্বে পুৰণিগুদাম পেট্ৰল পাম্পত ডকাইটি কৰিবলৈ অহা ৫জনীয়া ডকাইটৰ এটা দলক গ্ৰেপ্তাৰ কৰাৰ পিছত কালি ডকাইটৰ দলৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত  নগাঁও আৰক্ষীয়ে লাডেনক আটক কৰে ।  ডকাইটৰ দলটোক লাডেনে অবৈধ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ অভিযোগ উঠিছে । আনহাতে চামগুৰি আৰক্ষীয়ে নগাঁও সদৰ থানাৰ পৰা লাডেনক সোধা-পোচাৰ বাবে লৈ যায়।ভূ-মাফিয়া লাডেনক আৰক্ষীয়ে আটক কৰাত নগাঁও চহৰবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে ।

নাগ্ৰীজুলিত বিপিএফৰ নেতা কৰ্মীৰ পদত্যাগৰ জোৱাৰ। আলাউদ্দিন আহমেদৰ নেতৃত্বত দুই শতাধিক বিপিএফ নেতা-কৰ্মীৰ পদত্যাগ ।

নাগ্ৰীজুলিত বিপিএফৰ নেতা কৰ্মীৰ পদত্যাগৰ জোৱাৰ।

তামুলপুৰ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিটিচিৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিপিএফ দলৰ দুই শতাধিক নেতা-কৰ্মীয়ে পদত্যাগ কৰিছে। তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি তথা ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদে আজি সংবাদ মাধ্যমৰ আগত বিপিএফ দলৰ পৰা নেতা-কৰ্মী সকলে পদত্যাগ কৰা সম্পৰ্কে ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত পোন্ধৰ বছৰ ধৰি তেওঁ বিপিএফ দলৰ বিভিন্ন পদত অধিষ্ঠিত হৈ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই আহিছিল। এইবাৰৰ পৰিষদৰ নিৰ্বাচনত ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিপিএফ দলে নিজাববীয়াকৈ কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। সেয়েহে তেওঁ বিপিএফ দলৰ পৰা ভিতৰুৱা  সমৰ্থনত  নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা  আগবঢ়াই মনোনয়ন পত্ৰও দাখিল কৰিছিল। কিন্তু শেহতীয়াভাবে বিপিএফ দলে নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত ৰবীন্দ্ৰ বিশ্বাসক সমৰ্থন দিয়াত তেওঁ বিপিএফ দলৰ তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ উপৰিও প্রাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। তেওঁ জানিবলৈ দিয়া মতে তেওঁৰ পদত্যাগ পত্ৰ ইতিমধ্যে যোৱা ২৮ মে’ত ডাক সেৱা যোগে তামুলপুৰ জিলা বিপিএফৰ সভাপতি-সম্পাদকলৈ প্ৰেৰণ কৰিছে। ইপিনে যুৱ নেতা আলাউদ্দিন আহমেদৰ নেতৃত্বত ৪ নং কালীপুৰস্থিত ১ নং পূৱ-কুমাৰীকাটা ভিচিডিচিৰ কাৰ্যালয়ত আজি দিনটোৰ ভিতৰত লক ডাউনৰ নীতি-নিয়ম আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি  বিপিএফ দলৰ মূল-সমিতি, যুৱ সমিতি, মহিলা সমিতিৰ দুই শ গৰাকী নেতা-কৰ্মীয়ে পদত্যাগ কৰে। এই সকল নেতা-কৰ্মীয়ে ৰবীন্দ্ৰ বিশ্বাসক বিপিএফ দলে সমৰ্থন  দিয়া কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বিপিএফ দলৰ বিভিন্ন পদবীৰ লগতে  প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। এই সন্দৰ্ভত বিপিএফ নেতা ভক্ত বাহাদুৰ লিম্বুয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিপিএফ দলে ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ নকৰি বিপিএফৰ মিত্ৰদল বিজেপিক আসনখন এৰি দিছিল। কিন্তু বিপিএফৰ একাংশ নেতা-কৰ্মী-সমৰ্থকে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীক সমৰ্থন নজনাই সেই সকলে সেই সময়ৰ বিপিএফৰ নেতা আলাউদ্দিন আহমেদক সমৰ্থন জনাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ হেঁচা দিয়ে। সেই মৰ্মে আলাউদ্দিন আহমেদে কেইবাহাজাৰ সমৰ্থকক লগত লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পাত্ৰ দাখিল কৰিছিল। কিন্তু শেহতীয়াভাবে বিপিএফ দলে নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাসক সমৰ্থন দিছে। এনে ক্ষেত্ৰত বিপিএফ দলৰ নেতা-কৰ্মীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়। আৰু সেই বাবেই তেওঁলোকে বিপিএফ দলৰ পৰা পদত্যাগ কৰা বুলি ভক্ত বাহাদুৰ লিম্বুয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। ভক্ত বাহাদুৰ লিম্বুৰ উপৰিও আজি পদত্যাগী কেইবা গৰাকীও নেতা-কৰ্মীয়ে অভিযোগ কৰি  বিগত ১৫ বছৰ ধৰি নাগ্ৰীজুলিত বিপিএফ দলৰ হৈ নিষ্ঠাৰে কাম কৰি অহা জেষ্ঠ্য তথা তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ সৈতে কোনো ধৰণৰ আলাপ-আলোচনা নকৰি কেইগৰাকী মান বিপিএফ নেতাই ৰবীন্দ্ৰ বিশ্বাসক বিপিএফ দলৰ পৰা সমৰ্থন জনোৱা বুলি জানিব পাৰি ক্ষোভিত হৈ এই সকলে আজি বিপিএফ দলৰ পৰা পদত্যাগ কৰে বুলিও ব্যক্ত কৰে। আজি বিপিএফ দল পদত্যাগী সদস্যসকলে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদক সমৰ্থন জনাই কাম কৰি যাব বুলিও মত প্ৰকাশ কৰে।

হোজাইত ককালৰ হাড় ভাঙা অসহায় ব্যক্তিক ১০ হেজাৰ টকাৰ আৰ্থিক সাহাৰ্য জমিয়তৰ।

হোজাইত ককালৰ হাড় ভাঙা অসহায় ব্যক্তিক ১০ হেজাৰ টকাৰ আৰ্থিক সাহাৰ্য জমিয়তৰ।

হোজাই

হোজাই জিলাৰ লংকা উদালীৰ লাচিত পথাৰ গাৱৰ মুজিবুৰ ৰহমান নামৰ এগৰাকী ব্যক্তিয়ে ঈদৰ আগ দিনাখন এক আকস্মিক পথ দুৰ্ঘটনাত পতিত হৈ বৰ্তমান চটফটাইছে বিছনাত। অতি দৰিদ্ৰ ঘৰৰ মুজিবুৰ ৰহমানে জীবিকা হিচাপে ঘোড়াৰ গাড়ী চলাই পৰিয়ালৰ ৯ গৰাকী সদস্যক পোহ পাল দি আহিছিল।পৰিয়ালৰ এক মাত্ৰ উপাৰ্জন কাৰী মুজিবুৰ ৰহমানে ঈদৰ আগদিনা নিজ ঘোড়াৰ গাড়ীলৈ ঈদৰ বজাৰ কৰিবলৈ গৈ পথ দুৰ্ঘটনাত পতিত হৈ বিছনাত ছটফটাই থকাৰ সময়তেই আজি মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলামাৰ সম্পাদক মৌলানা কলিম উদ্দিনে তেখেতৰ টীম লগতলৈ মুজিবুৰৰ ঘৰত উপস্থিত হৈ নগত ১০ হেজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়াই। পৰিয়ালৰ ৯ গৰাকী সদস্যৰ একমাত্ৰ উপাৰ্জনকাৰী মুজিবুৰ ৰহমানৰ বৰ্তমান যথেষ্ট সহায়ৰ প্ৰয়োজন হৈছে।এইক্ষেত্ৰত চৰকাৰ আৰু হৃদয়বান ব্যক্তিসকলৰ পৰা অসহায় মুজিবুৰ ৰহমানে সহায়ৰ হাত বিচাৰিছে। 

তেল চোৰ দিনানাথ শ্বাহৰ ছ’নি পেট্ৰ কেমিকেল ইন্দ্ৰাষ্টি ত চি আই ডি ৰ অভিযান : ১৭ খন টেংকাৰ জব্দ : পাঁচ জনক আটক

বোকাজান  :  

দুৰ্নীতি মুক্ত অসম গঢ়াৰ সংকল্প লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে শাসন ভাৰ লৈয়ে ৰাজ্যেৰ পৰা অবৈধ অৰুণাচল সুৰাৰ ছিণ্ডিকেট সমূলঞ্চ উৎখ্যাতৰ লক্ষ্যৰে ২০১৬ চনৰ  ১০ ডিচেম্বৰত কাৰ্বিআংলং জিলাত ৰাজ্যেৰ দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই বৃহৎ অভিযান চলাইছিল । সেই অভিযানত জিলাখনৰ বোকাজান মহকুমাৰ খটখতিত কেইবাটাও অবৈধ অৰুণাচলি সুৰাৰ গুদামৰ পৰা  কেইবাকোটি টকাৰ ১১ ট্ৰাক ত কৈ অধিক সুৰা জব্দ কৰি গুৱাহাটীলৈ নি  ধ্বংস কৰিছিল ।সেই সময়ত ৰাজ্য চৰকাৰে জিলা খনৰ পৰা বহু চৰ্চিত অবৈধ চোৰাং তেলৰ সাম্ৰাজ্যতো হাতোৰাৰ কোব মাৰিব বুলি চৰ্চিত হৈছিল যদিও কোনো ৰহস্য জনক কাৰণত হাৰি গৈছিল অবৈধ তেলৰ ঘাটি সমূহ । কাৰ্বিআংলং জিলাত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই অবৈধ সুৰা ছিণ্ডিকেট বন্ধ কৰাৰ পৰৱৰ্তী সময়ত জিলা খনৰ বোকাজান মহকুমাৰ খটখতিত ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনৰ চকুত ধূলি দি দিনানাথ শ্বাহ নামৰ বিহাৰ নিবাসী কোটিপতি ব্যৱসায়ী জনে তেওঁ ছানি পেট্ৰ কেমিকেল ইন্দ্ৰাষ্টি নামৰ থিনাৰ প্ৰস্তুত কৰা কাৰখানা তোৰ আঁৰ লৈ গঢ়ি তুলিছিল চোৰাং তেলৰ বিশাল সাম্ৰাজ্য । মঙ্গলবাৰে এই ছানি পেট্ৰ’ কেমিকেল ইন্দ্ৰাষ্টি ত গুৱাহাটীৰ পৰা অহা এটা সাতজনীয়া চি আই ডি দলে অতকিৰ্তে অভিযান চলাই দিনানাথ শ্বাহৰ কাৰখানাৰ বহু নথি পত্ৰ জব্দ কৰি নিয়াৰ লগতে সাত জন লোকক আটক কৰি গুৱাহাটীলৈ নিয়ে । ইয়াৰে বাবলো নামৰ এজন যুৱক দিনানাথৰ মেনেজাৰ বুলি জানিব পৰা গৈছে ।জানিব পৰা মতে দিনানাথৰ নিজৰ কেইবাখনো তেল পৰিবাহী ট্ৰেংকাৰ আছে আৰু এইসমূহ ট্ৰেংকাৰ ছানি পেট্ৰ কেমিকেলৰ বৃহৎ তলা বন্ধ চৌহদত ৰখাৰ লগতে আন একাংশ ট্ৰেংকাৰ খটখতি বজাৰ অঞ্চলত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দিনানাথ ৰ নামত থকা অবৈধ ট্ৰাক পাৰ্কিং টোত ৰখোৱা হয় । এই পাৰ্কিংটোত দিনানাথৰ টেংকাৰৰ লগতে মণিপুৰলৈ যাব লগীয়া অন্য ব্যক্তিৰো তেল পৰিবাহী টেংকাৰ সমূহ দুদিন তিনিদিন লৈকে ৰখাই থোৱা হয়। তেনে সময়তে দিনানাথ বাহিনীয়ে পত্যক খন টেংকাৰ গৰাকীক মেনেজ কৰি তাৰ পৰা তেল উলিয়াই খাৰুৱা তেলৰ এক চোৰাং  বজাৰ গঢ়ি তোলে খটখতিত । ইয়াৰ উপৰিও দিনানাথে তেওঁ ছানি পেট্ৰ কেমিকেল ইন্দ্ৰাষ্টিত নিজৰ তেল পৰিবাহী টেংকাৰ সমূহৰ পৰা অবৈধ ভাৱে তেল কাটি ৰাখি তাত নিজৰ কাৰখানা ত থিনাৰ প্ৰস্তুত কৰিবলৈ অনা জিৰ’ অইল মিশ্ৰণ কৰি এইসমূহ তেল  মণিপুৰৰ লগতে বৰ্হিৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে । মঙ্গলবাৰে গুৱাহাটীৰ পৰা অহা চি আই ডি দলে গোপন খবৰৰ ভিত্তিত কাৰ্বিআংলং জিলা আৰক্ষী ক অৱগত নকৰাকৈ হঠাৎ দিনানাথৰ কলা সাম্ৰাজ্যেত অভিযান চলাই । এই অভিযানত সাত জনক আটক কৰাৰ লগতে মুঠ ১৭ খনকৈ টেংকাৰ আৰক্ষীয়ে জব্দ কৰে । তাৰে পাঁচ খনকৈ টেংকাৰ চি আই ডি দলটোৱে লগত গুৱাহাটীলৈ লৈ যায় বুলি জানিব পৰা গৈছে । চি আই ডি দলটোৱে দিনানাথৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা অবৈধ পাৰ্কিংটো ছিল কৰি দিয়ে । উল্লেখযোগ্য যে পুৰ্বেও তেল চুৰি ঘটনাত জড়িত থকাৰ অভিযোগত দিনানাথৰ ৰঙিয়া থানাত গোচৰ ৰুজু হৈ আছে আৰু এই গোচৰতে ৰঙা ঘৰৰ আলহী হৈ জেলৰ ভাত খাবলগীয়া হৈছিল তেল চুৰটোৱে । ইমানৰ পাছতো দীৰ্ঘদিন ধৰি আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি চোৰাং তেলৰ ব্যৱসায় চলাই থকা দিনানাথ শ্বাহক অসম আৰক্ষীয়ে আচাৰ্যজনক ভাৱে কিছুদিন পূৰ্বে চাৰিজন কৈ দেহ ৰক্ষী প্ৰদান কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে । অসম আৰক্ষীৰ চি আই ডি বিভাগৰ অধিক তদন্তই পৰৱৰ্ত্তী সময়ত দীনানাথৰ চোৰাং তেলৰ কলা ব্যৱসায় পোহৰলৈ আনিবলৈ কিমানদূৰ সক্ষম হব সেইয়া সময়ত লক্ষণীয় হব ।

পুনৰ ১১ জনৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি খাৰুপেটীয়াত ।

দলগাও

দৰঙতো দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । বুধবাৰৰ দিনটোত ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত আছুতীয়া কক্ষত থকা দুজন আৰু খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰান্টাইন  চেন্টাৰত থকা  ১১ জন লোকৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে । এই ১৩ জন লোককে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰা হৈছে । নতুনকৈ আক্ৰান্ত হোৱা ১৩ জন লোককে ধৰি মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক’ভিড আক্ৰান্তৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পালে । বুধবাৰে আক্ৰান্ত হোৱা ১৩ জন ব্যক্তি হ’ল – লালপুল নদীকাষৰ আমিন আলি (২০) আৰু ফোৰচেদ আলম (২২), খিলাধাৰীৰ আচিবুৰ ৰহমান (২৩), ৩ নং চিকণমাটিৰ বাৰেক আলি (২৮), কেগৰাপুল্লীৰ লোকমান হাকিম (২০), নদীকাষৰ নাজিম আলি(১৯), বুৰীগাঁৱৰ চাজিকুল হক(২২), ৩ নং ধলপুৰৰ আব্দুল জব্বৰ (১৭), শান্তিপুখুৰীৰ হিমাংশু চৰৱান(২৯), মোৱামাৰীৰ আবুল হুছেইন  (২১), ৩ নং আৰিমাৰীৰ ৰফিকুল ইছলাম  (৪০), ৪ নং শিয়ালমাৰীৰ হানিফ আলী  (২১) আৰু বৰগুলীৰ চাহিদুল হক (১৯)। ইয়াৰে আমিন আলী আৰু ফোৰচেদ আলম ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ আছুতীয়া কক্ষত আছিল আৰু পূৰ্বৰ ক’ভিড আক্ৰান্ত নিজামুদ্দিন আলীৰ লগত প্ৰত্যক্ষভাৱে সংস্পৰ্শত অহা। আনহাতে আন ১১জন খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল আৰু তেওঁলোক পূৰ্বৰ ক’ভিড আক্ৰান্ত ছিকন্দৰ আলী, শ্বেখ ফৰিদ আৰু নজৰুল ইছলামৰ লগত  প্ৰত্যক্ষ সংস্পৰ্শত আহিছিল।

গুৱাহাটীৰ মাজমজিয়াত দিন-দুপৰতে বাইক চুৰি

গুৱাহাটীৰ বেলতলাত দিন-দুপৰতে বাইক চুৰি

গুৱাহাটী

আজি দিনৰ প্ৰায় ১ বজাত গুৱাহাটীৰ বেলতলাৰ ড° ভৱেন্দ্ৰ নাথ শইকীয়া পথৰ পৰা এখন নীলা পালছাৰ বাইক, দুজন যুৱকে চুৰি কৰি লৈ যায়। এই সমগ্ৰ দৃশ্য চি.চি. কেমেৰাত ইতিমধ্যে বন্দী হৈছে। চি.চি টিভিত দেখা গৈছে যে অতি কৌশলেৰে দুজন যুৱকে বাইকখন চুৰি কৰি লৈ যায়। এই সন্দৰ্ভত বাইকখনৰ গৰাকী মোচাদ্দিক হুছেইনে জনায় যে দিনৰ প্ৰায় ১২-৪৫ বজাত তেওঁ অফিচিয়েল কিছু কামৰ বাবে সেই পথৰ সমীপতে তেওঁৰ AS-01-DB8748 বাইকখন ৰখায় মানুহ এজন লগ ধৰিব যায়। প্ৰায় আধাঘন্টা মানৰ ব্যৱধানত তেওঁ উপস্থিত হৈ আহি দেখে যে নিৰ্দিষ্ট স্থানত বাইকখন নেদেখি আচৰিত হৈ পৰে। অৱশ্যে তেওঁ বেছি ব্যাকুল নহৈ ততালিকে বেলতলা আৰক্ষীক খবৰ দিয়াৰ লগতে তাত এটি গোচৰো ৰুজু কৰে। পুলিছে ইতিমধ্যে তদন্ত আৰম্ভ কৰি চি.চি টিভিত বন্দী সমগ্ৰ দৃশ্য অতি সোনকালেই উলিয়াবলৈ সক্ষম হয়।

চাহ শ্ৰমিকৰ নায‍্য প্ৰাপ্তিৰ দাবী আটছাৰ : অসম চাহ নিগমৰ অধীনস্থ বাগিচাসমূহৰ দুৰৱস্থা, চৰকাৰৰ নাই কাণসাৰ ।

অসম চাহ নিগমৰ অধীনস্থ বাগিচাসমূহৰ দুৰৱস্থা, চৰকাৰৰ নাই কাণসাৰ

কলিয়াবৰ : 

কলিয়াবৰ মহকুমাৰ ডিজু ভেলী চাহ বাগিচা চিকিৎসালয়ৰ দুৰৱস্থা। বাগিচাৰ চিকিৎসালয়খনত নাই চিকিৎসক, চিকিৎসাকৰ্মী, নাই পৰ্য‍্যাপ্ত ঔষধ। বছৰ-বছৰ ধৰি অসম চাহ নিগমৰ ডিজু ভেলী চাহ বাগিচাৰ কৰ্তৃপক্ষৰ আওকণীয়া মনোভাৱৰ বাবে দুখীয়া দৰিদ্ৰ চাহ শ্ৰমিককসকলে নাপায় সু-চিকিৎসা। চাহ শ্ৰমিকসকলৰ আহ্বান-গোঁহাৰিক তিল মাত্ৰও গুৰুত্ব নিদিয়া বাগিচা চিকিৎসালয় পৰিদৰ্শন কৰে নগাঁও জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ এক প্ৰতিনিধি দলে। পৰিদৰ্শন কালত চিকিৎসক, চিকিৎসাকৰ্মীৰ অনুপস্থিতি আৰু পৰ্যাপ্ত ঔষধ নথকা চিকিৎসালয়খন পৰিদৰ্শন কৰি আশ্চৰ্য‍্য প্ৰকান কৰে দলটোৱে। দলটোল প্ৰতিনিধিয়ে চাহ শ্ৰমিককসলক পৰ্য‍্যাপ্ত চিকিৎসা সেৱা আগবঢ়াবলৈ বাগিচা কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে চৰকাৰকো বিষয়টো প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়।আনহাতে, ভাজপা চৰকাৰখনে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি অসমৰ আদিবাসী লোকক চৰম প্ৰতাৰণা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।জানিব পৰা অভিযোগ মতে বহু  বছৰ পূৰ্বৰ পৰা বাগিছা কৰ্তৃপক্ষই ভৱিষ‍্যনিধি আৰু অৱসৰকালিন অনান‍্য সা-সুবিধাৰ বাবে মজুৰীৰ পৰা সংগ্ৰহ কৰা ধন দুখীয়া বৃদ্ধ বিধৱা শ্রমিক সকলে পাবলগীয়া ধন মুকলি কৰি দিয়া নাই। এই সম্পুৰ্ণ ধনৰাশি মুকলি কৰি দিয়াৰ দুবছৰৰ আগতেই প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্য‍্যন্ত এটকাও নাপালে অসৱসৰ লোৱা শ্ৰমিকসকলে। নিৰ্বাচনৰ প্ৰাকমুহতত ভাজপা চৰকাৰখনে অসমৰ চাহ উদ্যোগিক ক্ষেত্ৰখনৰ উন্নতিকল্পে গুৰুত্বপুৰ্ণ ভুমিকা লব বুলি দিয়া প্ৰতিশ্ৰুতিৰ ওলোটা ছবি এখনখনহে অতিকৈ চকুত পৰিছে। অসম চাহ নিগম অধিনস্থ বাগিচাসমূহৰ কেইবাটাও কলঘৰ জহি-খহি গৈছে যদিও এই কলঘৰসমূহ পুণৰ নিৰ্মাণত কোনো গুৰুত্ব নিদিলে চৰকাৰখনত। গতিকে অসম চৰকাৰৰ উদোগ মন্ত্ৰী মাননীয় শ্রীচন্দ্ৰমোহন পাটোৱাৰী আৰু বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী মাননীয় শ্রীহিমন্ত বিশ্ব শৰ্মাক অসম চাহ নিগম অধীনস্থ বাগিচাৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে।বিশেষ সুত্ৰে জানিব পৰা মতে যোধা ২ মে’ তাৰিখে ৰাজু তাচা নামৰ এজন ব‍্যক্তিক অসাংবিধানিকৰূপে ডিজু ভেলী চাহ বাগিচাৰ কাৰ্য্যালয়ত ভৱিষ‍্য নিধিৰ কামত নিযুক্তি দিয়ে। বাগিচাখনৰ পৰিচালকে নিয়ম বহিৰ্ভূতভাৱে কোনো ন‍্যস্ত স্বাৰ্থ জড়িত মহলৰ হেঁচাত ৰাজু তাচা নিযুক্তি দিছে বুলি অভিযোগ কৰে সদৌ অসম আদিবাস ছাত্ৰ সন্থাই‌।