Home Blog Page 333

Oscars 2025: ২০২৫ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা, ২০২৫ চনৰ অস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে‘ANORA’ই

Oscars 2025: ২০২৫ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা
Oscars 2025: ২০২৫ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা কৰা হ’ল।(Oscars 2025)

শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ।

শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মিকি মেডিচনলৈ।

২০২৫ চনৰ অস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে‘ANORA’ই।

শ্রেষ্ঠ সম্পাদনাৰ শাখাতো নির্বাচিত ‘ANORA’।

৯৭ সংখ্যক একাডেমী বঁটাত ‘শ্ৰেষ্ঠ ছবি’ৰ বাবে অস্কাৰ লাভ কৰিবলৈ সক্ষম ‘অনোৰা’।

ছবিখনৰ পৰিচালক শ্বেন বেকাৰে শ্ৰেষ্ঠ পৰিচালনা শাখাত বিজয়ী হয়।

‘অনোৰা’ৰ কাহিনীভাগ নিউয়ৰ্কৰ এগৰাকী বিদেশী নৃত্যশিল্পীয়ে এজন ধনী ৰাছিয়ান প্লেবয়ক বিয়া কৰাইছে, মাথোঁ গম পায় যে তেওঁৰ সপোনৰ বিয়াখন এক দুঃস্বপ্ন ভ্ৰম।

৯৭ সংখ্যক একাডেমী বঁটাত পাঁচটা শাখাত জয়লাভ কৰে ছবিখনে।

Volodymyr Zelenskyy: ড’নাল্ড ট্ৰাম্পৰ সৈতে বিবাদৰ পাছত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাষ চাপিল জেলেনস্কি !

Volodymyr Zelenskyy: ড’নাল্ড ট্ৰাম্পৰ সৈতে বিবাদৰ পাছত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাষ চাপিল জেলেনস্কি !
Volodymyr Zelenskyy: ড’নাল্ড ট্ৰাম্পৰ সৈতে বিবাদৰ পাছত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাষ চাপিল জেলেনস্কি !

ব্ৰিটেইনে ইউক্ৰেইনক ২৪ হাজাৰ কোটি টকাৰ ঋণ দিছিল, আমেৰিকাত হোৱা বিবাদৰ পিছত জেলেনস্কিয়ে পুনৰ হাঁহিছে। (Volodymyr Zelenskyy) জেলেনস্কিয়ে ষ্টাৰমাৰ আৰু ব্ৰিটেইনৰ জনসাধাৰণক ধন্যবাদ জনাই কয় যে এই ঋণৰ ধন তেওঁলোকে অস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব। ফলত ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক সুৰক্ষিত হ’ব।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে আমেৰিকাত ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু এদিনৰ ভিতৰতে তেওঁৰ মুখলৈ আকৌ হাঁহি আহিল। ব্ৰিটেইনে ইউক্ৰেইনক ২.৮ বিলিয়ন ডলাৰ ভাৰতীয় মুদ্ৰাত ২৪,৪০০ কোটি টকাতকৈ অধিক ঋণ দিছে। ১০ ডাউনিং ষ্ট্ৰীটত থকা প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ বাসগৃহত এই ঋণৰ স্বাক্ষৰ কৰা হয়। ব্ৰিটেইনে কয় যে এইটো ইউক্ৰেইনৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে আৰ্থিক সাহায্য। পিছত জেলেনস্কিয়ে কয় যে এই ধন তেওঁলোকে অস্ত্ৰ নিৰ্মাণত ব্যৱহাৰ কৰিব।(Keir Starmer)


হোৱাইট হাউছৰ বৈঠকৰ পিছত জেলেনস্কিয়ে আমেৰিকা এৰি পোনে পোনে ব্ৰিটেইনলৈ যায়। শনিবাৰে ষ্টাৰমাৰে ডাউনিং ষ্ট্ৰীটত তেওঁৰ সৈতে সাক্ষাৎ কৰে। ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে জেলেনস্কিক সাৱটি ধৰি আদৰণি জনায়। ইয়াৰ পিছত ব্ৰিটিছ চ্যান্সেলৰ ৰেচেল ৰিভছে ইউক্ৰেইনৰ বিত্তমন্ত্ৰীৰ সৈতে তেওঁৰ ডাউনিং ষ্ট্ৰীট কাৰ্যালয়ৰ পৰা ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰি প্ৰতিৰক্ষা ঋণত স্বাক্ষৰ কৰে।


Kiara Advani pregnancy: কিয়াৰাৰ যমজ সন্তান হ’ব নে ? মই বিচাৰো মোৰ ছোৱালীজনী কৰীনাৰ দৰে হওক, মোৰ বা সিদ্ধাৰ্থৰ দৰে নহয়!

Kiara Advani pregnancy: কিয়াৰাৰ যমজ সন্তান হ’ব নে ?
Kiara Advani pregnancy: কিয়াৰাৰ যমজ সন্তান হ’ব নে ?

বলিউদৰ অভিনেত্ৰী কিয়াৰা আদৱানীয়ে নিবিচাৰে যে তেওঁৰ সন্তান তেওঁৰ বা সিদ্ধাৰ্থৰ দৰে হওক। কিয়াৰাই বিচাৰে যে তেওঁৰ সন্তানত আন এগৰাকী বলীউডৰ তাৰকাৰ গুণ থাকিব লাগে। অভিনেত্ৰীগৰাকীয়ে কয় যে মই বিচাৰো মোৰ ছোৱালীজনী কৰীনাৰ দৰে হওক, মোৰ বা সিদ্ধাৰ্থৰ দৰে নহয়!(Kiara Advani pregnancy)

কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই প্ৰথম সন্তানৰ পিতৃ-মাতৃ হ’ব। তেওঁলোকে নিজেই এই ভাল খবৰটো ছচিয়েল মিডিয়াত জনালে অনুৰাগীক। কিন্তু অভিনেত্ৰীগৰাকীয়ে নিবিচাৰে যে তেওঁৰ সন্তান তেওঁ বা সিদ্ধাৰ্থৰ দৰে হওক। কিয়াৰাই বিচাৰে যে তেওঁৰ সন্তানৰ গাত আন এগৰাকী বলীউডৰ তাৰকাৰ গুণ থাকিব লাগে। সেই তাৰকাগৰাকী হ’ল কৰীনা কাপুৰ খান। কিয়াৰাই নিজেই এটা সাক্ষাৎকাৰত কৈছিল যে যদি তাইৰ কন্যা সন্তান হয় তেন্তে তাই কৰীনাৰ দৰে হোৱাটো বিচাৰিব।


কিয়াৰা আৰু সিদ্ধাৰ্থই শ্বেয়াৰ কৰা পোষ্টটোত দেখা গৈছে হ’বলগীয়া পিতৃ-মাতৃৰ দুয়োহাতত এযোৰ সৰু সৰু মোজা। তেওঁলোকে কেপচনত লিখিছে, “আমাৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ।” Coming soon.” নেহা ধুপিয়াৰ পৰা কৰীনা কাপুৰলৈকে বহু লোকে এই পোষ্টটোৰ বাবে কিয়াৰা আৰু সিদ্ধাৰ্থক অভিনন্দন জনাইছে। ইফালে শিশুক লৈ কিয়াৰাৰ এটা পুৰণি মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।


পূৰ্ব এটা সাক্ষাৎকাৰত কিয়াৰাক সুধিছিল যে তাই যমজ সন্তান বিচাৰে নেকি, এজনী ছোৱালী আৰু এজন ল’ৰা, নে সমলিংগৰ সন্তান বিচাৰে? সেই প্ৰশ্নৰ উত্তৰত কিয়াৰাই প্ৰথমে কৈছিল যে যদি তাইৰ যমজ সন্তান হয় তেন্তে তাই দুটা সুস্থ সন্তানৰ আশা কৰে। সাক্ষাৎকাৰটোত কৰীনাও উপস্থিত আছিল। উত্তৰ শুনি কৰীনাই হাঁহে। কৰীনাৰ মতে এই উত্তৰটো আচলতে সৌন্দৰ্য্য প্ৰতিযোগিতাৰ প্ৰতিযোগীৰ দৰে শুনা গৈছিল। তেতিয়া কিয়াৰাই ক’লে যে তাইক এজনী ছোৱালী আৰু এজন ল’ৰা লাগে।

ইয়াৰ পিছত কিয়াৰাই ক’লে যে যদি তাইৰ ছোৱালী হয় তেন্তে তাইৰ মাজত কৰীনাৰ কিছুমান বিশেষ গুণ চাব বিচাৰে। কিয়াৰাই কয়, “কৰীনা আত্মবিশ্বাসী, তাইৰ অভিব্যক্তি, তাইৰ ব্যক্তিত্ব – মই মোৰ ছোৱালীজনীৰ গাত এই সকলোবোৰ গুণ বিচাৰিম।” “কাৰিনা ইজ গ্ৰেট ইন এভাৰী ৱে।” ‘গুড নিউজ’ ছবিখনৰ শ্বুটিংৰ সময়ত দিয়া এক সাক্ষাৎকাৰত কিয়াৰাই এই মন্তব্য কৰিছিল।

Eating Food: খোৱাৰ সময়ত কৰা স্বামী-স্ত্ৰীৰ ভুলে এখন ঘৰ নৰকলৈ পৰিণত কৰে !

Eating Food: খোৱাৰ সময়ত কৰা স্বামী-স্ত্ৰীৰ ভুলে এখন ঘৰ নৰকলৈ পৰিণত কৰে !
Eating Food: খোৱাৰ সময়ত কৰা স্বামী-স্ত্ৰীৰ ভুলে এখন ঘৰ নৰকলৈ পৰিণত কৰে !

আমাৰ শৰীৰৰ বাবে খাদ্য অতি গুৰুত্বপূৰ্ণ। সেয়েহে বাস্তু শাস্ত্ৰই খাদ্য ৰন্ধা, খোৱা, পৰিবেশন কৰা আদিৰ কিছু নিয়ম দিছে।(Eating Food) তেনে এটা গুৰুত্বপূৰ্ণ নিয়ম জানি লওক-

পৰিয়ালৰ সকলো সদস্যই মৰমেৰে একেলগে থাকিলেহে জীৱনত সুখ আৰু শান্তি থাকে। তেওঁলোকৰ মাজত কোনো কাজিয়া হ’ব নালাগে। সেয়ে পতি-পত্নীৰ বাবে বাস্তু শাস্ত্ৰত কিছু নিয়ম দিয়া হৈছে। ইয়াৰ উপৰিও স্বামী-স্ত্ৰীৰ শোৱা কোঠা, পাকঘৰ, ৰন্ধা-বঢ়া আৰু খোৱাৰ সন্দৰ্ভতো পৰামৰ্শ দিয়া হয়। আপুনি নিশ্চয় লক্ষ্য কৰিছে যে আজিকালি স্বামী-স্ত্ৰীয়ে একেখন প্লেটতে খাদ্য খায়। এয়া এক সাধাৰণ ফেশ্বন বা ট্ৰেণ্ডত পৰিণত হৈছে। ইয়াৰ সন্দৰ্ভত বাস্তু শাস্ত্ৰত কিছুমান নিয়ম আছে।

বাস্তু শাস্ত্ৰৰ মতে পতি-পত্নীয়ে একেলগে একেখন প্লেটতে খাদ্য খাব নালাগে। এনে কৰিলে পৰিয়ালৰ সুখ আৰু সমৃদ্ধিৰ ওপৰত বেয়া প্ৰভাৱ পৰে। ঘৰখনত কাজিয়াৰ সৃষ্টি হোৱাৰ লগে লগে ঘৰৰ শান্তি আৰু সুখ বিনষ্ট হ’ব পাৰে।

আচলতে কোৱা হয় যে একেলগে খালে প্ৰেম বাঢ়ে। এই অৰ্থত স্বামী-স্ত্ৰীয়ে যদি একেখন প্লেটতে খায় তেন্তে তেওঁলোকৰ মাজত প্ৰেম বাঢ়িব। কিন্তু যেতিয়া কেৱল পত্নীৰ প্ৰতি থকা প্ৰেম স্বামীৰ মনত সৰ্বোচ্চ হৈ পৰে, তেতিয়া ই তেওঁক পৰিয়ালৰ আন সদস্যৰ পৰা পৃথক কৰি পেলায়। এনে পৰিস্থিতিত স্বামীয়ে ভাল আৰু ভুলৰ মাজত পাৰ্থক্য কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। প্ৰতিটো বিষয়তে পত্নীক প্ৰাধান্য দিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ঘৰৰ শান্তি আৰু সুখ কাঢ়ি নিয়া হয় বুলি কোৱা হয়। সেইবাবেই গোটেই পৰিয়ালটোৰ সৈতে একেলগে বহি খাব লাগে। ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্যৰ মাজত প্ৰেম বাঢ়ে। স্বামী-স্ত্ৰীয়েও অকলে বা একেখন প্লেটতে, পৰিয়ালৰ পৰা আঁতৰত খাব নালাগে। তদুপৰি কাজিয়া হোৱা ঘৰবোৰত দেৱী লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। এনে ভুলে পৰিয়ালটোক দৰিদ্ৰতালৈও ঠেলি দিয়ে।

Novel Launched: কলকাতাৰ পূর্বোদয় সাহিত্য উৎসৱত উন্মোচিত প্রমোদ কলিতাৰ ‘উৰি গৈল ৰাজহংস’

Novel Launched: কলকাতাৰ পূর্বোদয় সাহিত্য উৎসৱত উন্মোচিত প্রমোদ কলিতাৰ 'উৰি গৈল ৰাজহংস'
Novel Launched: কলকাতাৰ পূর্বোদয় সাহিত্য উৎসৱত উন্মোচিত প্রমোদ কলিতাৰ 'উৰি গৈল ৰাজহংস'

কলকাতাৰ হো চি মিন ক্ষেত্ৰত তিনিদিনীয়াকৈ ইনস্টিটিউট অৱ চ’চিয়েল এণ্ড কালচাৰেল ষ্টডিজ, ইন্ডিয়া (ISCS)ই আয়োজন কৰা পূর্বোদয় সাহিত্য উৎসৱত আজি উন্মোচিত হয় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৰচনা কৰা উপন্যাস “উৰি গৈল ৰাজহংস”ৰ বাংলা অনুবাদ।(Novel Launched)


দেশ বিভাজনক বিষয়বস্তু হিচাপে লৈ ৰচিত প্রথমখন অসমীয়া উপন্যাসৰ বাংলা অনুবাদৰ শীৰ্ষক হৈছে ‘উড়ে গেল রাজহংস’। এই নামটি এটি প্ৰখ্যাত কামৰূপী লোকগীতৰ পংক্তিৰ পৰা লোৱা বুলি সদৰী কৰে ঔপন্যাসিক প্রমোদ কলিতাই। উপন্যাসখন বাংলা ভাষালৈ অনুবাদ কৰিছে নিবেদিতা চক্রৱর্তীয়ে । সম্পাদনা কৰিছে কটন বিশ্ববিদ্যালয়ৰ বাংলা ভাষা বিভাগৰ অধ্যাপক, বিশিষ্ট লেখক-নিবন্ধকাৰ ড° প্রশান্ত চক্রৱর্তীয়ে। উপন্যাসখনৰ পটভূমি হৈছে দেশবিভাজনৰ সময়ত হোৱা গণবিদ্ৰোহ৷

পশ্চিমবংগৰ বৰিশাল নোৱাখলিৰ হিন্দু নিধন কাণ্ড, ৰিফিউজিসকলৰ কৰুণ পৰিণতি, ক্ষমতাৰ লালসাত কংগ্রেছৰ ন্যস্ত স্বার্থ, গান্ধীজীৰ নেতিবাচক ভূমিকা, বামপন্থীসকলৰ বিষাক্ত ৰাজনীতিৰ ঘটনাক উপন্যাসখনৰ পাতলৈ তুলি অনা হৈছে ৷ গুৱাহাটী-তেজপুৰ তথা উজনি অসমো প্ৰতিফলিত হৈছে ইয়াৰ পটভূমিত। মনকৰিবলগীয়া যে এইখনেই প্রথম অসমীয়া উপন্যাস, য’ত ছিন্নমূল পূর্ববঙ্গীয় হিন্দু বাঙালীসকলৰ মর্মবেদনা তুলি ধৰা হৈছে।


উপন্যাসখনৰ বাংলা অনুবাদ উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ, পৰিৱেশবিদ মোহিত ৰায়, ‘দৈনিক যুগশঙ্খ’ কাকতৰ সম্পাদক চিন্ময় কুমাৰ দাস, সাহিত্যিক ভগীৰথ মিশ্র, অনাথবন্ধু চট্টোপাধ্যায় প্রমু্খ্যে কেবাগৰাকী গণ্যমান্য ব্যক্তিয়ে। উপন্যাসখন প্রকাশ কৰিছে বাংলা সাহিত্য সভা, অসম-ৰ তৰফৰ পৰা কলকাতাৰ অভিজাত প্ৰকাশন প্ৰতিষ্ঠান ‘বিস্তাৰ’-এ। পৰিৱেশক বিস্তাৰ তথা গুৱাহাটীৰ ‘অসম পাব্লিছিং কোম্পানী’।

Rita Choudhury: সামাজিক মাধ্যমত অখিল গগৈলৈ মুকলি চিঠি ৰীতা চৌধুৰীৰ

Rita Choudhury: সামাজিক মাধ্যমত অখিল গগৈলৈ মুকলি চিঠি ৰীতা চৌধুৰীৰ
Rita Choudhury: সামাজিক মাধ্যমত অখিল গগৈলৈ মুকলি চিঠি ৰীতা চৌধুৰীৰ

সামাজিক মাধ্যমত বিধায়ক অখিল গগৈলৈ মুকলি চিঠি লিখিলে বিশিষ্ট লেখিকা ৰীতা চৌধুৰীৰয়ে। বিগত দিন ধৰি অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীক বি বৰুৱা কলেজত নিযুক্তিক লৈ তীব্ৰ বাকযুদ্ধ চলি আছিল। এনে সময়তে অখিল গগৈলৈ বুলি সামাজিক মাধ্যমত মুকলিকৈ চিঠি ৰীতা চৌধুৰীয়ে।(Rita Choudhury)

চিঠিখনত কি আছে-

‘বৰ্তমানৰ ৰাজনীতিক আৰু একালৰ ছাত্ৰ অখিল গগৈৰ প্ৰতি

মৰমৰ অখিল

বিশেষ দুটামান কামত অত্যন্ত ব্যস্ত হৈ থকা বাবে তোমাক ক’ব খোজা কথাখিনি ক’বলৈ অলপ সময় লাগিল৷

কোৱা হয় এজন শিক্ষকৰ বাবে এজন ছাত্ৰ সদায়েই এজন ছাত্ৰ হৈয়েই থাকে৷

তুমি ছাত্ৰ হৈ থকা কালত এজন বহুত পঢ়াশুনা কৰা আৰু বহুত কথা জনা, সমাজ সচেতন,সৎ আৰু শক্তিশালী ছাত্ৰ হিচাপে তোমাৰ বাবে মই এজন শিক্ষক হিচাপে গৰ্ব অনুভৱ কৰিছিলোঁ৷

তুমি নিশ্চয় একালৰ ছাত্ৰ হিচাপে আৰু পিচলৈ ৰাজনীতিৰ খবৰ ৰখা সচেতন আৰু পৰিণত বয়স্ক এজন নেতা হিচাপে ৰাজনৈতিক শক্তিৰ জখলাৰে বগোৱা মানুহ মই নহয় বুলি জানিছিলা৷ একেসময়তে ৰাজনৈতিক ক্ষেত্ৰৰ ভিতৰত থকা ব্যক্তি হিচাপে আনে নজনা বহুত কথা জনাৰ সুবিধা মোৰ আছিল আৰু আছে৷ সেইবোৰ কথা মই ’মৰে অসম জীয়ে কোন’ ৰ আন এটা খণ্ডত হয়তো লিখিম৷

মোক যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা বঁটাটো মন্ত্ৰী স্বামীৰ সহায়ত লাভ কৰিছিলোঁ বুলি টিভি,বাতৰি কাকত আৰু সামাজিক মাধ্যমত একাংশই অশালীন আৰু নিৰ্মম সমালোচনাৰে থকা সৰকা কৰিছিল সেই কথাবোৰে মোক যিমান কষ্ট দিছিল তাতোকৈ বহুত বেছি কষ্ট দিছিল মোৰ দুজন ছাত্ৰৰ মন্তব্যই৷ এজন তুমি আৰু আনজন কমল কুমাৰ মেধি৷ মই হতবাক হৈ গৈছিলোঁ টিভিত দিয়া তোমাৰ মন্তব্য শুনি

’ৰীতা বাইদেৱে লাজ পাব লাগিছিল৷’

মেনেজ কৰি বঁটা লোৱা নাছিলোঁ বাবেই মন্ত্ৰী পত্নী হোৱাৰ সুযোগ লৈ সদায়েই মোক আক্ৰমণ কৰি অহা আৰু চিনাকি হৈ পৰা মানুহবোৰক প্ৰত্যাহ্বান জনাই আৰু অৱহেলাৰে উপেক্ষা কৰি মই কৈছিলোঁ—

’কোনো অপৰাধ নকৰাকৈ এই বঁটা মই ঘূৰাই নিদিও৷’

ৰাজনীতিকৰ পত্নী হ’লেও স্বতন্ত্ৰভাবে জীয়াই থাকিব খোজা এগৰাকী নাৰীয়ে বিনা দোষত, অকাৰণত কিমান অপমান পাবলগীয়া হয় সেইদিনা তুমি ভবা নাছিলা, অনুভৱো কৰা নাছিলা আৰু মোৰ কাষত থিয়ও হোৱা নাছিলা৷ থিয় হৈছিল মোৰ কিতাপ পঢ়া আৰু মোক বিশ্বাস কৰা অগণিত মানুহ৷ এবছৰ আগৰ গ্ৰন্থমেলাত প্ৰথম লগ পাওঁতে তোমাক সোধা মোৰ একমাত্ৰ প্ৰশ্নটো আছিল—

’তুমি বাৰু সঁচাই বিশ্বাস কৰানে মই এনে কাম কৰিব পাৰোঁ?’

তুমি মোৰ হাতত ধৰিছিলা আৰু কি কৈছিলা সেইবোৰ এতিয়া থাকক৷ মই কিন্তু সিদিনাও ৰাজনীতি বিজ্ঞানৰ শিক্ষক হিচাপে বিধান সভাত বিধায়ক হিচাপে তোমাৰ ভূমিকালৈ আঙুলিয়াই দি বিধান সভাৰ নিয়ম নীতি জানিবলৈ পঢ়িবলগীয়া গুৰুত্বপূৰ্ণ কিতাপখন আমাজনত বিচাৰি দেখুৱাই দিছিলোঁ৷

আজি এজন ৰাজনীতিকৰ পত্নী হিচাপে স্বতন্ত্ৰ ভাৱে জীয়াই থাকিব খোজা আৰু মানুহে আৰু ময়ো বিদুষী বুলি জনা গীতাশ্ৰী তামুলীয়েও তোমাৰ পত্নী কাৰণে যেতিয়া ৰাজহুৱা আক্ৰমণৰ সন্মুখীন হৈছে তেতিয়া তুমি চিঞৰি চিঞৰি প্ৰতিবাদ কৰিছা আৰু কৈছা তোমাৰ কাৰণে এই দূৰ্ভাগ্যজনক ঘটনাৰ মুখামুখী হ’ব লগা হৈছে বুলি তোমাক তেওঁ গালি পাৰিছে৷ তেওঁৰ মানসিক কষ্টৰ কথা মই অনুভৱ কৰিব পাৰোঁ আৰু অন্তৰেৰে বিচাৰোঁ ৰাজনীতিৰ পাশা খেললৈ কোনো নিৰপৰাধী নাৰীক টানি অনা নহওক৷

আজি তুমি victim perspective ৰ পৰা কথাবোৰ চাইছা, ভাবিছা আৰু কৈছা৷ সঠিক কামেই কৰিছা৷ গীতাশ্ৰী তামুলীয়ে আমাক আক্ৰমণ কৰাৰ সময়ত তোমাক সমালোচনা কৰিছিলনে নাই এইটোও এটা ডাঙৰ প্ৰশ্ন৷

তুমি জানো নাজানা পঞ্চ সতীৰ ভিতৰত ৰাৱণৰ পত্নী মন্দোদৰীও যে আছে?

হকে বিহকে আন ৰাজনীতিকৰ পত্নীক আক্ৰমণ কৰাৰ সময়ত তোমাৰ এই victim perspective মনলৈ নাহে কিয়?

তোমাৰ সকলো কামেই এনেধৰণৰেই selective নেকি মৰমৰ অখিল?

ৰাজনীতিত তুমি এজন সফল নায়ক হোৱা আৰু পৰিয়ালৰে সৈতে কুশলে থাকা৷ শিক্ষক হিচাপে আশীৰ্বাদ সদায়েই আছিল আৰু থাকিব৷

ৰীতা চৌধুৰী’

Margherita: মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা প্রতিনিধি সভা অনুষ্ঠিত

Margherita: মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা প্রতিনিধি সভা অনুষ্ঠিত
Margherita: মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা প্রতিনিধি সভা অনুষ্ঠিত

মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা প্রতিনিধি সভা অনুষ্ঠিত। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা আজি অনুষ্ঠিত হয়।(Margherita) পৰিষদৰ কেন্দ্রীয় সমিতিৰ নিৰ্দেশ মৰ্মে মাৰ্ঘেৰিটা শাখা সাহিত্য সভা কাৰ্যলয়ত দিনযোৰা কাৰ্যসূচীয়ে প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰা হয়।

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি অৱনি চলিহাই।স্মৃতি তৰ্পণ কৰে মাৰ্ঘেৰিটা জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট সমাজসেৱক নৰেশ্বৰ হাজৰিকাই। ইয়াৰ পিছতে কেন্দ্ৰীয় সমিতি সভাপতি অৱনি চলিহা সভাপতিত্বত তিনিচুকীয়া জিলা প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট সমাজসেৱক ক্ৰমে নৰেশ্বৰ হাজৰিকা, থগিত চাংমাই,ৰামনিৱাস জিন্দাল, উমেশ বড়াসহ তিনিচুকীয়া জিলা বহু সংখ্যক গণ্য মান্য ব্যক্তি আৰু স্থানীয় ৰাইজ। সংসদীয় ৰাজনীতিৰ বাহিৰত থাকি অসমৰ জনগণৰ হৈ মাত মাতি যাব বুলি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৱনি চলিহাই অৱৰ্গত কৰে।

Ramadan: পবিত্র মাহ ৰমজান হৈছে আত্মশুদ্ধিৰ মাহ !

Ramadan: পবিত্র মাহ ৰমজান হৈছে আত্মশুদ্ধিৰ মাহ !
Ramadan: পবিত্র মাহ ৰমজান হৈছে আত্মশুদ্ধিৰ মাহ !

ৰমজান শব্দৰ অৰ্থ হৈছে তাপমাত্রা বা শুষ্কতা। এয়া হৈছে ইমানদাৰ সকলৰ পৰীক্ষাৰ মাহ। পবিত্র মাহে ৰমজান হৈছে ইমানদাৰ সকলৰ আনন্দৰ মাহ। মাহে ৰমজানত মুছলমান সকলে চোবেহ ছাদিক(Ramadan) (ৰাতিৰ শেষভাগ) ত চেহেৰী (খাদ্য) গ্রহণ কৰি প্ৰায় ১৪ পৰা ১৫ ঘন্টা সময় উপবাস থাকিব সূৰ্যাস্ত যোৱা পিছত হে ইফতাৰ গ্ৰহণ অৰ্থাৎ উপবাস ভংগ কৰাকে ৰোজা বুলি কোৱা হয়। ৰোজা (উপবাস) কৰা সকলো মুছলমানৰ বাবে ফৰজ (বাধ্যতামূলক)।

কিছুমান ব্যক্তি যেনে যিসকলে দৈনিক ঔষধ সেৱন কৰে জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ, শিশুয়ে মাকৰ স্তন্যপান কৰে আৰু কিছু বিশেষ কাৰণত মাহে ৰমজানৰ ৰোজা (উপবাস)ৰ বিৰত থকাৰ নিৰ্দেশ আছে ইছলামীৰ শৰিয়ত অনুযায়ী। কিন্তু পৰবৰ্তী সময়ত ক্ষতি হোৱা ৰোজা (উপবাস) থাকিব লাগিব মুঠতে ৰোজা (উপবাস) মুছলমান সকলৰ বাবে অপৰিহাৰ্য। অন্য মাহৰ তুলনাত ৰোজা (উপবাস) না ৰাখি যি আত্ম আনন্দ নাপায়।

ৰোজা ৰাখি কিন্তু মুছলমান সকলে আত্মশুদ্ধিৰ অনুভব পায়। গোটেই দিনটো পানাহাৰ নকৰি ৰাতিত আল্লাহ উপাসনাত তাৰাবীৰ নামাজ আদায় কৰে। ৰোজাৰ মাহ হৈছে গোনাহৰ পৰা মুক্তি পোৱাৰ মাহ, ৰোজাৰ মাহক আল্লাহ পাকে তিনিটা ভাগত ভাগ কৰিছে। প্ৰথমৰ ১০ ৰহমত, মাজৰ ১০ দিনত বৰক্কত, শেষৰ ১০ দিনত জাহান্নামৰ পৰা মুক্তি। মাহে ৰমজানত আল্লাহ পাক অসংখ্য ৰহমত বৰক্কত নাজিল কৰে। সেয়ে পবিত্র মাহে ৰমজান হৈছে আত্মশুদ্ধিৰ মাহ।

লেখকঃ হাফিজ গিয়াছউদ্দিন আহমেদ

Chanakya Niti: কোনবোৰ কামৰ পিছত গা ধুব লাগে? নহ’লে আপোনাৰ স্বাস্থ্য আৰু ভাগ্য সলনি হ’ব !

Chanakya Niti: কোনবোৰ কামৰ পিছত গা ধুব লাগে? নহ'লে আপোনাৰ স্বাস্থ্য আৰু ভাগ্য সলনি হ'ব !
Chanakya Niti: কোনবোৰ কামৰ পিছত গা ধুব লাগে? নহ'লে আপোনাৰ স্বাস্থ্য আৰু ভাগ্য সলনি হ'ব !

ভাৰতৰ মহান দাৰ্শনিক আচাৰ্য চাণক্যৰ মতে এনেধৰণৰ ৩টা কাম আছে। এইবোৰ কাম কৰাৰ পিছত প্ৰতিজন ব্যক্তিয়ে গা ধুব লাগিব অন্যথা দুৰ্ভাগ্যই ঘৰত প্ৰৱেশ কৰিব।(Chanakya Niti) সেই ৩টা কাম কি কি জানি লওক।

কোনবোৰ কামৰ পিছত গা ধুব লাগে?

শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পিছত-

আচাৰ্য চাণক্যৰ মতে নাৰী হওক বা পুৰুষ। যেতিয়াই তেওঁলোকৰ শাৰীৰিক সম্পৰ্কত থাকে তেতিয়াই সেই সম্পৰ্ক শেষ কৰাৰ পিছত গা ধুব লাগে। এনে নকৰিলে সংক্ৰমণৰ আশংকা বাঢ়ে, যাৰ বাবে আপুনি অসুস্থ হ’ব পাৰে। গতিকে সংগমৰ পিছত গা ধুবলৈও কেতিয়াও পাহৰিব নালাগে।

চুলি কটাৰ পিছত

চাণক্যই কয় যে প্ৰতিজন ব্যক্তিয়ে চুলি কটাৰ পিছত গা ধুব লাগিব। যদি আপুনি এনে নকৰে তেন্তে সেই চুলিবোৰ আপোনাৰ শৰীৰত লাগি থাকিব পাৰে, যাৰ ফলত আপোনাৰ অস্বস্তি আৰু খজুৱতি হ’ব পাৰে। কেতিয়াবা এই চুলিবোৰ অজানিতে খাদ্য বা পানীৰ জৰিয়তে পেটত প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

তেলৰ মালিচৰ পিছত

চাণক্য নীতিত কোৱা হৈছে যে যেতিয়াই শৰীৰত তেলেৰে মালিচ কৰা হয় তেতিয়াই অলপ সময়ৰ ব্যৱধানত গা ধুব লাগিব। এনে কৰিলে আপোনাৰ শৰীৰৰ ঘাম পৰিষ্কাৰ হয়। আপুনিও সতেজ অনুভৱ কৰে। লগতে আপোনাৰ শৰীৰত থকা তেলও কমি যাব পাৰে।

Ramadan 2025: ৰোজা ৰখাত পিছ পৰি আছে পাকিস্তান, বিশ্বৰ শীৰ্ষ ৫ খন দেশ জানি লওক, যি কেইখন দেশ ৰোজা ৰখাত আগবাঢ়ি আছে !

Ramadan 2025: ৰোজা ৰখাত পিছ পৰি আছে পাকিস্তান
Ramadan 2025: ৰোজা ৰখাত পিছ পৰি আছে পাকিস্তান

আজিৰে পৰা পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে। মুছলমানসকলে এই মাহটোত ৰোজা (ৰোজা) পালন কৰে। লগতে বেয়া কামৰ পৰা আঁতৰি থাকি হজৰত মহম্মদে দেখুওৱা পথ অনুসৰণ কৰিবলৈ চেষ্টা কৰে। লগতে এই মাহত মুছলমানসকলে আল্লাহৰ ওচৰত (Ramadan 2025)নিজৰ পাপৰ বাবে ক্ষমা বিচাৰে। যদিও প্ৰতিজন প্ৰাপ্তবয়স্ক মুছলমানৰ বাবে সকলো ৰোজা পালন কৰাটো বাধ্যতামূলক, তথাপিও বহু মুছলমানে সম্পূৰ্ণ ৩০টা ৰোজা ৰাখিবলৈ অক্ষম। একে সময়তে একাংশ মুছলমানে বিভিন্ন কাৰণত এটাও ৰোজা ৰাখিব নোৱাৰে। আনকি পাকিস্তানতো ৰোজা পালনত ব্যৰ্থ হোৱা লোকৰ সংখ্যা বহুত বেছি। আনহাতে পৃথিৱীৰ কিছুমান দেশত মুছলমানসকলে ৰমজানৰ ৩০টা ৰোজা অতি নিয়মেৰে পালন কৰে।

পাকিস্তান এখন মুছলমান দেশ, ভাৰততো মুছলমানৰ বহু জনসংখ্যা আছে কিন্তু ৰমজান মাহত ৰোজা ৰখাৰ কথা আহিলে পাকিস্তান ৰোজা ৰখাৰ ক্ষেত্ৰত বহু পিছ পৰি আছে। অৰ্থাৎ মুছলমানে কঠোৰভাৱে ৩০টা ৰোজা পালন কৰা বিশ্বৰ শীৰ্ষস্থানীয় দেশসমূহৰ তালিকাৰ পৰা বাহিৰত পাকিস্তান।

ৰিচাৰ্চ গেটকে ধৰি বহু সংস্থাই কৰা গৱেষণাৰ তথ্য অনুসৰি ৰোজা পালন কৰা দেশৰ তালিকাত কুৱেইট শীৰ্ষত আছে। কুৱেইটৰ ৯৯ শতাংশ মুছলমানে গোটেই ৩০ দিন ৰোজা পালন কৰে। ইয়াৰ পিছত জৰ্ডান দ্বিতীয় স্থানত আছে, য’ত ৯৫ শতাংশ লোকে কঠোৰভাৱে ৰোজা পালন কৰে। তিনি নম্বৰত ইজিপ্তৰ ৯৪ শতাংশ মুছলমানে গোটেই ৰমজান মাহত ৰোজা পালন কৰে। পেলেষ্টাইন আৰু টিউনিছিয়াৰ ৯৩ শতাংশ মুছলমানে সম্পূৰ্ণ ৩০টা ৰোজা পালন কৰে। ইয়াৰ পিছতে আহিছে বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশ ইণ্ডোনেছিয়া, য’ত ৯০ শতাংশ মুছলমানে ৩০ দিন ৰোজা পালন কৰে। আনহাতে পাকিস্তানৰ মুছলমানসকল ৰোজা পালন কৰা শীৰ্ষ ১০খন দেশৰ তালিকাৰ বাহিৰত।

ইছলাম ধৰ্মৰ ৰমজানক আটাইতকৈ পবিত্ৰ মাহ বুলি গণ্য। সেইবাবেই মুছলমানসকলে ৰোজা পালন কৰে, পাঁচবাৰ নামাজ আদায় কৰে, নামাজ তাৰাৱিহ কৰে আৰু কোৰান পঢ়ে। দুখীয়াক দান দিয়ে। ৰোজাৰ সময়ত সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে একো নাখাই বা পান নকৰাকৈ থাকিব লাগে।