Home Blog Page 3360

দিহিং-পাটকাইত চলিব কয়লাৰ মুক্ত খনন : সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতা

ডিব্ৰুগড়

বনাঞ্চল আৰু বন্যপ্রাণীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে উন্নয়নৰ দোহাই দি চৰকাৰে দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্যৰ চৌদিশে বনাঞ্চল ধ্বংসৰ কাৰ্য অব্যাহত থকাৰ মাজতে ৰাজ্যত আৰু এখন বনাঞ্চল নিঃশেষ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। বন্য জীৱকুল আৰু দাঁতিকাষৰীয়া লোকসকলৰ জীৱন-জীৱিকাক বিপদৰ মুখলৈ ঠেলি দি কয়লাৰ মুক্ত খননৰ বাবে প্ৰস্তুতি চলাইছে চৰকাৰে। পৃথিৱীৰ ভিতৰতে জীৱ-বৈচিত্ৰৰে চহকী দিহিং-পাটকাই অসংখ্য বন্যজীৱ, নানান প্ৰজাতিৰ সৰীসৃপ, চৰাই, পতংগ, বিৰল প্ৰজাতিৰ নানান বিধ উদ্ভিদৰে ভৰপূৰ হৈ আছে। তদুপৰি বন্য হস্তীৰো আবাসভূমি এইখন বনাঞ্চল। কয়লাৰ মুক্ত খননৰ ফলত এই জীৱ-বৈচিত্ৰ নিঃশেষ হোৱাৰ লগতে ইয়াত বাস কৰা বন্য জীৱকুলো অস্তিত্বৰ সংকটত পৰিব। তদুপৰি দিহিং-পাটকাইৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ সৈতে হাতী-মানুহৰ সংঘাত সৃষ্টি হ’ব। নতুন বনাঞ্চল সৃষ্টিত কোনো অৰিহণা যোগাব নোৱাৰা চৰকাৰৰ বন ধ্বংস কৰাৰ কোনো অধিকাৰ নাই। গতিকে সদৌ অসম ছাত্ৰ সন্থাই খননৰ তীব্র বিৰোধিতা কৰি দিহিং-পাটকাইত কয়লাৰ মুক্ত খননৰ ফলত সৃষ্টি হ’ব লগীয়া সকলোবোৰ সমস্যাৰ বিজ্ঞান সন্মত বিশ্লেষণ কৰি এই সিদ্ধান্ত অলতি পলমে বাতিল কৰিবলৈ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। অন্যথা এটা বৃহৎ অঞ্চলৰ মানুহ আৰু বন্যপ্রাণী ধ্বংস হোৱাটো নিশ্চিত হৈ পৰিছে বুলিও উল্লেখ কৰিছে।

গেলেকীত এজনৰ কভিড-১৯ পজিটিভ : পিতৃসহ পৰিয়ালৰ ১২ জনক হোম কুৱাৰেণ্টাইন

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকীৰ এজন ছাত্রৰ কভিড-১৯ পজিটিভ । পিতৃসহ পৰিয়ালৰ ১২ জনক হোম কুৱাৰেণ্টাইন ।

নাজিৰা

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকীৰ এজন ছাত্রৰ কভিড-১৯ পজিটিভ বুলি সদৰী হোৱাৰ লগে লগে দেওবাৰে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতি সৃষ্টি হৈছে৷ নাজিৰা গেলেকীৰ আব্দুল হাচিমৰ একমাত্ৰ পুত্ৰ তথা দিল্লী জাকিৰ হুছেইন মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষন্মাসিকৰ ছাত্র আব্দুল চামিম (১৯) আখতাৰৰ শৰীৰত কভিড-১৯ পজিটিভ হোৱাৰ তথ্য সদৰী কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কুৱাৰেণ্টাইন চেণ্টাৰৰ কৰ্তৃপক্ষই। ঘটনা মৰ্মে গেলেকীৰ আব্দুল হাচিমৰ পুত্ৰ আব্দুল চামিমৰ সৈতে দিল্লীৰ পৰা এখন গাড়ীৰে পৰিয়ালৰ আন আঠজন ঘৰলৈ আহি থকা অৱস্থাত যোৱা ১৫ মে’ত তেওঁলোকক যোৰহাটত কুৱাৰেণ্টাইন কৰে৷ তেওঁলোকৰ পৰীক্ষাৰ পাছত যোৱা নিশা প্ৰায় ১২ বজাত আব্দুল চামিমৰ কভিড-১৯ পজিটিভ বুলি কৰ্তৃপক্ষই স্পষ্ট কৰে। ছাত্ৰজনে দিল্লীৰ উক্ত মহাবিদ্যালয়ত বুৰঞ্জী বিষয়ত সন্মান লৈ অধ্যয়ন কৰি আছিল৷ তেওঁৰ লগত মাতৃ নাচিম আখতাৰো আছিল যদিও এবছৰ ধৰি গেলেকীৰ স্বগৃহলৈ অহা নাছিল। সম্প্ৰতি লকডাউন শিথিল কৰাৰ বাবে তেওঁ লোক স্বগৃহলৈ আহিছিল৷ কিন্তু গৃহ আহি পোৱাৰ পূৰ্বে যোৰহাটত সকলোকে ১৫ মে’ত কুৱাৰেণ্টাইন কৰে। মেধাৱী ছাত্ৰ জনৰ কভিড-১৯ পজিটিভ বুলি স্পষ্ট কৰাৰ পিছতে নাজিৰা মহকুমা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু গেলেকী আৰক্ষীয়ে বিশেষ তৎপৰতাৰে অঞ্চলটোত উদ্ভৱ হোৱা আতংকময় পৰিস্থিতি নিৰাময়ৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। মহকুমা প্ৰশাসনৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ কবিতা কাকতি কোঁৱৰ গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দি ছেত্ৰীসহ আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মী আব্দুল হাচিমৰ ঘৰত উপস্থিত হৈ পৰিস্থিতি বুজ লয়। তদুপৰি প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আব্দুল চামিমৰ পিতৃ গৃহৰ আব্দুৰ ৰহমান, ফাৰহানা আখতাৰ, নিচাদ আখতাৰ, নৌচিন আখতাৰ, মৌচান মেহবিন, ফাৰহান আখতাৰ  আৰু তেওঁলোকৰ গাড়ীৰ চালক চাহাব আলীক হোম কুৱাৰেণ্টাইন কৰে৷ এই ক্ষেত্ৰত অধিক আতংকময় নহ’বৰ বাবে মহকুমা প্ৰশাসন তৰফৰ পৰা গেলেকী তথা নাজিৰা মহকুমা বাসী ৰাগজলৈ আহ্বান জনাইছে৷

লকডাউনে পোহৰলৈ আনিছে এজনৰ পাছত এজন প্ৰতিভা : টীয়কৰ যুৱ শিল্পীৰ কণ্ঠই মোহিছে বিভিন্নজনক

টীয়ক

লকডাউন যদিও সকলোকে গৃহবন্দী কৰিছে বা বিভিন্ন ক্ষেত্ৰত সকলো হাহাকাৰ অৱস্থাত পৰিছে তৎস্বত্বেও এই মহামাৰীয়ে যেন স্তব্ধ কৰিব পাৰ নাই মানুহৰ প্ৰতিভাৰ অনান্য যাত্ৰাক৷ তাৰে প্ৰকাশ টীয়কৰ কাকজান বাম কুকুৰাচ’ৰাৰ বিকাশ সাধন ভড়ালী। নিজৰ কৰ্ম ব্যস্ততাৰ মাজতে আবদ্ধ হৈ থকা এইজন যুৱকৰ  বুকুৰ কোণত যেন ক’ৰবাত সুযোগৰ অপেক্ষাৰ বাবে ৰৈ আছিল এক শিল্পী প্ৰতিভাৰ৷ এই মহামাৰীত সমগ্ৰ দেশৰ জনতা গৃহবন্দী, পৰ্যাপ্ত সময় সদাব্যস্ত প্ৰতিজনৰ হাতত, সেই সুযোগকে গ্ৰহণ কৰি বিকাশে নিজৰ কোঠাৰ পৰাই কেইজনমান বন্ধুৰ সহযোগত ছ’চিয়েল মিডিয়াৰ যোগেদি প্ৰকাশ কৰি গ’ল নিজৰ শিল্পী প্ৰতিভা, গাই গ’ল জ্যোতি, বিষ্ণু, ভূপেন, পাপন, জুবিনৰ দৰে প্ৰতিজন মহান শিল্পীৰ গীত। লোকগীতৰ মধুৰ সুৰত সকলোকে মোহি বিকাশ ছ’চিয়েল মিডিয়াৰ এক জনপ্ৰিয় নাম৷ যদিও লকডাউনে বহু মানুহৰ জীৱনলৈ শংকা কঢ়িয়াই আনিছে তাৰ মাজতে কিন্তু এনে বিলাক ইতিবাচক কৰ্ম তথা চিন্তাই কিন্তু সমাজলৈ কঢ়িয়াই আনিছে প্ৰৱল সম্ভাবনা। উল্লেখযোগ্য যে সৰুৰে পৰা সংগীত চৰ্চা কৰি ভাল পোৱা বিকাশ সংগীতৰ সমান্তৰালকৈ এই লকডাউনৰ সময়ত দেউতাকৰ সৈতে খেতি কৰাতো সহায় আগবঢ়াইছে। একেবাৰে সৰল স্বভাৱ বিকাশৰ কন্ঠৰ ধ্বনিয়ে অনাগত দিনতো সমগ্ৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনক তাকে কামনা কৰিছে বিভিন্নজনে৷

ভোট-জলকীয়াৰ খেতিৰে স্বাবলম্বী হৈছে টীয়কৰ এটা পৰিয়াল

ভোট-জলকীয়াৰ খেতি কৰি এতিয়া সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে টীয়কৰ কাৱৈমাৰীৰ এটা পৰিয়ালে।

টীয়ক

ভোট-জলকীয়াৰ খেতি কৰি এতিয়া সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে টীয়কৰ কাৱৈমাৰীৰ এটা পৰিয়ালে। লকডাউনৰ ফলত সৰ্বত্ৰে হাহাকাৰ পৰিস্থিতিৰ বিপৰীতে টীয়কৰ অনুজ বৰুৱা আৰু তেওঁৰ মাতৃ-পত্নীয়ে নিজৰ বাৰীতে ভোট-জলকীয়াৰ খেতি কৰি আৰ্থিকভাৱে লাভাম্বিত হৈছে যাৰ বাবে এই লকডাউনৰ সময়তো কাৰো ওচৰত হাত পাতিব লগা হোৱা নাই আৰু পৰিয়াৰ ভৰণ পোষণত অসুবিধাৰ সৃষ্টি হোৱা নাই বুলি মন্তব্য কৰিছে অনুজৰ পত্নীয়ে। লগতে সকলোকে বহিঃৰাজ্যলৈ নগৈ কৃষিকৰ্মৰ জড়িয়তে স্বাৱলম্বিতাৰ পথ সুগম কৰি নিজৰ পৰিয়ালৰ কাষতে থাকিবলৈ আহ্বান জনাইছে।

নাজিৰাত বিশুদ্ধ খোৱা পানীৰ নামত আৰ্চেনিক যুক্ত পানী সেৱনেৰে তৃষ্ণা নিবাৰণ

নাজিৰাত বিশুদ্ধ খোৱা পানীৰ নামত আৰ্চেনিক যুক্ত পানী সেৱনেৰে তৃষ্ণা নিবাৰণ

নাজিৰা

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ বৰমূৰীয়াসকলৰ কৃপাত মহকুমাবাসীয়ে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ নামত আৰ্চেনিক যুক্ত পানী সেৱনেৰে তৃষ্ণা নিবাৰণ কৰি ভয়াবহ জীৱন অতিবাহিত কৰিছে। মহকুমাটোৰ অন্তৰ্গত গৰিষ্ঠ সংখ্যক পানী যোগান প্ৰকল্প বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ বাবেই জনগণে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে। উল্লেখযোগ্য যে বিভাগীয় কৰ্তৃপক্ষৰ ফাইলত এই বিকল পানী যোগান প্ৰকল্প সমূহ মেৰামতিৰ বাবে বছৰি লাখ লাখ টকা আৱণ্টন আহে৷ কিন্তু এই আৱণ্টিত ধনৰ সম্যকভাৱে ব্যয় কৰি কিছু কাম হোৱাৰ বিপৰীতে আন একাংশ প্ৰকল্পৰ মেৰামতিৰ কাম নোহোৱাকৈয়ে সিংহভাগ ধন ঠিকাদাৰ আৰু বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে মিলি গো-গ্ৰাসে ভক্ষণ কৰি আহিছে৷ নাজিৰা মহকুমাটোৰ অন্তৰ্গত হুলাংকাটনী, বিহুবৰ, পদুমপুখুৰী, নিমাইগড় চেতিয়া পুখুৰী, জতকীয়া, শিমলুগুৰি, লক্ষ্মীজান, ৰামু গাঁও আদি বিভিন্ন অঞ্চলৰ জনগণে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে। এই অঞ্চলসমূহত লাখ লাখ টকা ব্যয় কৰি চৰকাৰে পানী যোগান প্ৰকল্প নিৰ্মাণ কৰি ৰাখিছে যদিও প্ৰায়কেইটা প্ৰকল্প কাৰিকৰী সমস্যাৰ বাবে বিকল হৈ পৰাত এতিয়া দীৰ্ঘদিন ধৰি বঞ্চিত হৈছে খোৱা পানীৰ পৰা। এই বিকল পানী যোগান প্ৰকল্পসমূহৰ যন্ত্ৰপাতিসমূহ মেৰামতি কৰি কাৰ্যক্ষম কৰি তোলাৰ বাবে চৰকাৰী বিভাগৰ পৰা যথেষ্ট পৰিমাণে ধন মোকলাই দিয়া হয় যদিও ইয়াৰ দায়িত্বৰত অভিযন্তা, কণিষ্ঠ অভিযন্তসকলে কোনো ধৰণৰ কাম নকৰাকৈয়ে দায়িত্ব সামৰে। যাৰ ফলত জনগণে তৃষ্ণা দূৰ কৰিবলৈ এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হয় আৰু মেৰামতিৰ দায়িত্বত থকা বৰমূৰীয়াসকলে ৰহস্যজনক ভাৱে মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হয়৷ আনহাতে মহকুমাটোৰ কেইটামান অঞ্চলত খোৱা পানী আঁচনিসমূহৰ কাম সম্পূৰ্ণ হৈ আছে যদিও বিভাগীয় অভিযন্তাৰ হেমাহিৰ বাবেই পানী যোগান ধৰিব পৰা নাই। যাৰ ফলত জনগণে জান-জুৰি, নদ-পুখুৰী আদিৰ বীজানুযুক্ত পানীকে সেৱন কৰিব লগা হৈছে৷ আন এক অভিযোগ মতে নাজিৰা মহকুমাৰ শিমলুগুৰি দেওধাই গাঁৱত অৱস্থিত পানী যোগান প্ৰকল্প এটাৰ পৰা অঞ্চলটোৰ প্ৰায় ৫০ টা পৰিয়ালৰ গৃহলৈ গৃহ সংযোগ দিয়া পানীৰ পাইপেৰে আজি ৫-৬ মাহ ধৰি পানী অহা নাই। অভিযোগ মতে গৃহ সংযোগৰ বাবে প্ৰতিটো পৰিয়ালে এক হাজাৰ টকাকৈ আগধন দিয়াৰ লগতে সমগ্ৰ সামগ্ৰী পৰিয়াল সমূহে নিজেই ক্ৰয় কৰিছিল আৰু শ্ৰমিকৰ পাৰিশ্ৰমিকো পৰিয়ালসমূহে নিজেই বহন কৰিছিল। গৃহ সংযোগৰ বাবে পৰিয়ালসমূহে নিজেই ব্যয় কৰা টকা একাংশ চতুৰ বিষয়াই বিভাগৰ কাৰ্যালয়ৰ ফালৰপৰা ব্যয় কৰাৰ হিচাপ দেখুৱাই বৃহৎ পৰিমাণৰ ধন গ্ৰাস কৰিলে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে। আন এক অভিযোগ অনুসৰি নাজিৰা মহকুমাৰ বাণ্টুং পঞ্চায়তৰ অন্তৰ্গত নিমাইগড় হাবি গাঁও চেতিয়া পুখুৰী পাৰত অৱস্থিত পানী যোগান প্ৰকল্পটোৰ সীমা বেৰা পকীকৰণৰ বাবে ১৯৯৫ চনতে তেতিয়াৰ চৰকাৰে পৰ্যাপ্ত ধন আৱণ্টন দিছিল। উক্ত ধনেৰে চাৰিভাগৰ এক অংশও পকী সীমা বেৰা নিৰ্মাণ সম্পূৰ্ণ নহ’ল সুদীৰ্ঘ ২৫ টা বছৰে। এই সন্দৰ্ভত নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বপ্ৰাপ্ত অভিযন্তা ফাইজুল ইছলামে বিষয়টোৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰাৰ উপৰি এইবোৰ কথা জানি কি ডাল কৰিব বুলিহে মত দাঙি ধৰে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এনে ক্ষেত্ৰত ৰাইজে উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জনগণে যাতে প্ৰকল্প সমূহৰ পৰা বিশুদ্ধ খোৱা পানী লাভ কৰে তাৰ সঠিক পদক্ষেপ গ্ৰহণৰ বাবে মহকুমা প্ৰশাসন কৰ্তৃপক্ষক নিবেদন জনাইছে৷

২০২১ত বন্দী কলং মুক্ত হ’ব,নিয়ন্ত্ৰিতভাৱে বোৱাই নিয়াৰ সপোন পূৰ্ণ হ’ব : জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

২০২১ত বন্দী কলং মুক্ত হ'ব,নিয়ন্ত্ৰিতভাৱে বোৱাই নিয়াৰ সপোন পূৰ্ণ হ'ব : জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ

“২০২১ত বন্দী কলং মুক্ত হ’ব, নিয়ন্ত্ৰিতভাৱে বোৱাই নিয়াৰ সপোন পূৰ্ণ হ’ব।” এই মন্তব‍্য জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ। কলিয়াবৰ তথা নগাঁও জিলাবাসীৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে আগবাঢ়িছে। কলিয়াবৰ মহকুমাৰ ব্ৰহ্মপুত্ৰৰ আৰিকাটিৰ পৰা অবিভক্ত নগাঁও জিলাৰ মাজেৰে বৈ গৈ  কলং সুঁতি পুণৰ ব্ৰহ্মপুত্ৰৰ কাজলীমুখলৈকে প্ৰায় ২৫০ কিলোমিটাৰ এই দৈৰ্ঘ‍্যৰ নদীখন কলিয়াবৰৰ উৎপত্তি স্থানৰ পৰা চাপৰমুখলৈকে চূড়ান্তভাৱে প্ৰদূষিত৷ ১৯৬৪ চনত নগাঁও নগৰক কলঙৰ বান পৰা ৰক্ষা কৰিবলৈ কলঙৰ মুখত মথাউৰি নিৰ্মাণেৰে এখন জীৱিত নদীক হত‍্যা কৰা হৈছিল। পিছৰ বছৰেই এই মথাউৰিটো ভাঙি নিয়াত পুণৰ নিৰ্মাণ কৰা মথাউৰিটো ১৯৭৩ চনত ব্ৰহ্মপুত্ৰই খহাই লৈ যায়। সেই সময়তে কলঙক বোৱাই নিবলৈ এক প্ৰচেষ্টা আৰম্ভ হৈছিল। সেয়ে ১৯৭৪ চনত ১৪৪ ধাৰা বলৱৎ কৰিহে বৰ্তমানৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি চৰকাৰে নিৰ্মাণ কৰিবলগীয়া হৈছিল। সমান্তৰালকৈ এটা পক্ষই কলংখনক বোৱাই নিয়াৰ বাবে এক নিৰৱ চেষ্টা চলাই গ’ল। বোৱতী পানীৰ অভাৱত কলংখন দিনে-দিনে প্ৰদুষিত হ’বলৈ ধৰিলে। কলং বন্ধ হোৱাৰ চল্লিশ বছৰৰ পিচত ২০১৩ চনৰ ডিচেম্বৰ মাহৰ ১৭ তাৰিখে তদানীন্তন কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই বিধান সভাত কলঙক পুণৰ বোৱাই নিয়াৰ এক প্ৰস্তাৱ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰি এক আঁচনি প্ৰস্তুত কৰে। কিন্তু নগাঁৱৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ কু-চক্ৰান্তত নগাঁও নগৰৰ মাজেৰে বৈ যোৱা কলং সুঁতিৰ কিছু অংশ অকৰ্তৃত্বশীলভাৱে সৌন্দৰ্য‍বৰ্ধন কৰাত পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ৰোষত পৰে। কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই নতুন চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ লগে লগে কলংপৰীয়া ৰাইজ বিশেষকৈ কলিয়াবৰীয়া ৰাইজৰ মনত আশাৰ সঞ্চাৰ হয়। সেই উদ্দেশ‍্যে অসম চৰকাৰে ২১ ফেব্ৰুৱাৰী, ২০১৭ তাৰিখে এক জাননীৰ জৰিয়তে কলং পুণৰুজ্জীৱিতকৰণৰ প্ৰাৰম্ভিক কামকাজৰ বাবে দহ কোটি টকা মুকলাই দিয়ে। জলসম্পদ মন্ত্ৰীৰ তৎপৰতাত “কলং পুণৰুজ্জীৱিতকৰণ আঁচনি”য়ে গতি লাভ কৰে। ২০১৭ চনত গুৱাহাটী আই আই টি অধ‍্যাপক চন্দন মহন্তৰ অধ‍্যক্ষতাত গঠিত বিশেষজ্ঞ সমিতিয়ে যাৱতীয় অধ‍্যয়ন আৰু নিৰীক্ষণৰ অন্তত ৪ জুলাই তাৰিখে কলং সুঁতিক পুনৰ বোৱাই নিয়াৰ বাবে এক প্ৰকল্প প্ৰস্তুতকৰণৰ বাবে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বিশেষজ্ঞ সমিতি আলোচনাত মিলিত হৈছিল। পৰৱৰ্তী মাহৰ ৫ আগষ্ট তাৰিখে “কলং পুণৰুজ্জীৱিতকৰণ আঁচনি”ৰ প্ৰকল্প প্ৰতিবেদন অৰ্পনো কৰিছিল। কিন্তু তাৰ পিছৰ সপ্তাহতে কলং মুখৰ মথাউৰি খহাই নিয়াত সমগ্ৰ কলিয়াবৰ ৪৫ বছৰৰ পিছত ভয়ঙ্কৰ বানত পৰে। ফলত কলং পুণৰুজ্জীৱিতকৰণ বিষয়টো তল পৰে। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ “স্বাক্ষৰ প্ৰকল্প” কলং পুণৰুজ্জীৱিতকৰণ আঁচনি” ৰূপায়ণৰ বাবে ভাৰত চৰকাৰৰ অনুমোদিত দিল্লীস্থ “ৱাটাৰ পাৱাৰ কন্সাল্টেন্সী ছাৰ্ভিচ” চমুকৈ “ৱাপকচ”ৰ সৈতে অসম চৰকাৰৰ জল সম্পদ বিভাগৰ সৈতে বুজাবুজিত উপনীত হৈছিল‌‌। সেই উদ্দেশ‍্য আগত ৰাখি কেইবালানিও জৰীপৰ অন্তত কলঙক বোৱাই নিয়াৰ আঁচনিৰ চূড়ান্ত ৰূপ দিয়ে যদিও প্ৰাৰম্ভিক পৰ্য‍ায়ৰ কাম আৰম্ভ নৌহওতেই ক’ৰোনাৰ সন্ত্ৰাসে বিধি-পঠালি দিয়ে। কিন্তু এতিয়া অসম চৰকাৰৰ উন্নয়নমূলক ‘লকডাউন’ৰ শিথিলতাৰ জৰিয়তে আগবঢ়াই নিয়াৰ সিদ্ধান্তৰ ফলত উজ্জীৱিত কলঙৰ সপোন পূৰ্ণৰ দিশত জলসম্পদ বিভাগ আগবাঢ়িছে। শনিবাৰে তাৰেই ইঙ্গিত দিলে অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই। কলিয়াবৰ সমষ্টিৰ ৰাইজৰ মাজত খাদ‍্য-সামগ্ৰীৰ ধাৰাবাহিক বিতৰণৰ শনিবাৰে ত্ৰয়োদশ দিনা লুইতৰ পাৰৰ হাতীমূৰাত উপস্থিত হৈ খাদ‍্য সামগ্ৰী বিতৰণৰ মাজতে সাংবাদিকৰে হোৱা বাৰ্তালাপৰ সময়ত বোৱতী কলঙৰ সপোন অহা ২০২১ বৰ্ষৰ বাৰিষা সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰে। কলঙৰ মুখ নিয়ন্ত্ৰিতভাৱে বোৱাই নিয়া কাৰ্য‍ অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’লে প্ৰকৃতিপ্ৰেমীৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণ হ’ব। যোৱা দুবছৰীয়া স্তব্ধতাৰ অন্তত আৰম্ভ হোৱা বোৱতী কলঙৰ বিষয়টোৱে পুনৰ প্ৰাণ পাই উঠাত আনন্দিত কলিয়াবৰবাসীৰ লগতে অবিভক্ত নগাঁও জিলাবাসী। আনহাতে, কলিয়াবৰ পৰ্য‍টনক গতিশীলতা দিয়াৰ উদ্দেশ‍্যেৰে কলিয়াবৰত চলি থকা উন্নয়নমূলক কাৰ্য‍ত বিশেষ সহযোগিতা আগবঢ়াইছে ৰাজ‍্যৰ প্ৰত্নতত্ব বিভাগে। ৰাজ‍্যৰ প্ৰত্নতত্ব আৰু স্থাপত‍্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ উন্নয়নৰ বিশেষ আঁচনি গ্ৰহণ কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰত হাতীমূৰা পাহাৰতে অষ্টম-নৱম শতিকাত মহিষমৰ্দ্দিনী দুৰ্গাৰ মূৰ্তিটি এটা হাতী মূৰ সদৃশ শিলত কটাই এই মন্দিৰ স্থাপন কৰিছিল। উক্ত মন্দিৰ ধ্বংস হোৱাত আহোম যুগত শ্ৰীশ্ৰীপ্ৰমত্তসিংহ স্বৰ্গদেৱে পুনৰ নিৰ্মাণ কৰি এখন শিলালিপি কটাই দিয়ে। ১৭৪৫ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই পুনৰ নিৰ্মাণ কৰা হাতীমূৰাৰ দূৰ্গা মন্দিৰতেই পালিত হৈ আহিছে দুৰ্গা পূজা নিৰৱে নিৰলে। কিন্তু প্ৰত্নতত্ব আৰু স্থাপত‍্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ তৎপৰতাত কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ উন্নয়নৰ জৰিয়েতে পৰ্য‍টনৰ কেন্দ্ৰ বিন্দু ৰূপে কলিয়াবৰক তুলি ধৰাৰ প্ৰয়াস কৰিছে। ইতিমধ‍্যে হাতীমূথা মন্দিৰ সংযোগী পথৰ মেৰামতিৰ লগতে মন্দিৰৰ পাদদেশত সৌন্দৰ্য‍বৰ্দ্ধনৰ কাম-কাজ লকডাউনৰ মাজতে যুদ্ধগতি ক্ষিপ্ৰতাৰে আগবাঢ়িছে। এখনি প্ৰত্নতত্ব উদ‍্যানৰ কামো সমান্তৰালকৈ চলি আছে। সামগ্ৰীকভাৱে প্ৰত্নতত্ব আৰু স্থাপত‍্য বিভাগৰ আঁচনিসমূহ সম্পূৰ্ণ হ’লেই কলিয়াবৰ অসম পৰ্য‍টনৰ  এক আকৰ্ষণীয় কেন্দ্ৰ বিন্দু হ’ব বুলি মত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই।

দৰঙত মন্ত্ৰী নৱ দলে : গ্ৰামোন্নয়ন বিভাগত কম-বেছি পৰিমানে চলিছে দুৰ্নীতি

দৰঙত মন্ত্ৰী নৱ দলে : গ্ৰামোন্নয়ন বিভাগত কম-বেছি পৰিমানে চলিছে দুৰ্নীতি

মঙলদৈ

শনিবাৰে দৰঙৰ উপায়ুক্তৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী নৱ দলে স্বীকাৰ কৰিলে বিভাগটোত চলি অহা বিয়াগোম দুৰ্নীতি৷ মন্ত্ৰী দলে বিজেপি দলৰে বিধায়ক শিলাদিত্য দেৱে হোজাইত কৰা মন্তব্যৰ পোনপটীয়া প্ৰত্যুত্তৰ নিদি আগন্তুক দিনত এনে অভিযোগ পালে মন্ত্ৰীয়ে কাৰ্যব্যৱস্থা ল’বলৈ বিভাগীয় বিষয়া-কৰ্মচাৰীক নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰে৷ একেদৰে হোজাই জিলাৰ উপায়ুক্তক বিধায়ক শিলাদিত্যৰ অভিযোগক শীঘ্ৰে তদন্ত কৰিবলৈ আহ্বান জনায়৷ মন কৰিবলগীয়া যে বিধায়ক শিলাদিত্যৰ অভিযোগৰ প্ৰসংগ উত্থাপিত হোৱাৰ লগে লগে মন্ত্ৰী নৱ দলে অপ্ৰস্তুত হৈ পৰে আৰু সলনি হয় ব’ডি লেংগুৱেজ৷ বাৰে বাৰে সন্মুখত থকা টেবুলত চপৰিয়াবলৈ আৰম্ভ কৰে৷

খাৰুপেটীয়াত আকাশৰ পৰা পৰিল শিলৰ টুকুৰা

খাৰুপেটীয়াত আকাশৰ পৰা পৰিল শিলৰ টুকুৰা

খাৰুপেটীয়া

খাৰুপেটীয়াত শনিবাৰে দুপৰীয়া আকাশৰ পৰা শব্দ কৰি ঘৰৰ টিনৰ চালত পৰে এটা ডেৰ কেজি ওজৰ শিলৰ টুকুৰা৷ টিনৰ চাল ফুটা কৰি মাটিত পৰি গাঁতৰ সৃষ্টি কৰি ধোঁৱা নিৰ্গত হোৱাত হুৱাদুৱা লাগে দৰঙৰ  খাৰুপেটীয়া থানাৰ অন্তৰ্গত মণ্ডলপাৰা গাঁৱৰ আকবৰ আলী নামৰ লোকজনৰ ঘৰত। ঘটনা বিয়পি পৰাৰ লগে লগে শিলটো প্ৰত্যক্ষ কৰাৰ বাবে  গাঁওখনৰ বহু লোকে ভিৰ কৰে আকবৰ আলীৰ ঘৰত৷ ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল এটা ঘটনাস্হলীত  উপস্থিত হৈ শিলটো থানালৈ নিয়ে৷ সাধাৰণ শিলতকৈ অলপ পৃথক ধৰণৰ বুলি অৱগত কৰা শিলটো বৰ্তমান  খাৰুপেটীয়া থানাৰ আৰক্ষীৰ জিম্মাত আছে।

চেলেংহাটৰ হাবিৰ মাজত উদ্ধাৰ হোৱা অৰ্ধগলিত মাছকলৈ সৰ্বত্ৰে চৰ্চা

চেলেংহাটৰ হাবিৰ মাজত উদ্ধাৰ হোৱা অৰ্ধগলিত মাছকলৈ সৰ্বত্ৰে চৰ্চা

টীয়ক

 সমগ্ৰ দেশ তথা ৰাজ্যৰ জনতা ক’ৰোনা ভাইৰাছৰ ত্ৰাসত গৃহবন্দী হৈ থকাৰ মাজতে শনিবাৰে মৰিয়নিৰ চেলেংহাট পদুমণি চেতিয়া গাঁৱৰ মনিবাৰী নামৰ এখন হাবিত বিয়লি স্থানীয় লোকে বৃহৎ পৰিমাণৰ মাছ সিঁচৰিত হৈ পৰি থকা প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে বৈছাহাবি হাঁহচৰা সংযোগী পথটোৰ কাষৰ উক্ত হাবিখনত নিৰ্জনতাৰ সুযোগ লৈ অৰ্ধগলিত মাছখিনি কোনো দুস্কৃতিকাৰীয়ে পেলাই থৈ যায় বুলি ৰাইজে সন্দেহ কৰিছে। ক’ভিড-১৯ মহামাৰীৰ ত্ৰাসৰ সময়তে এনেদৰে অৰ্ধ গলিত মাছসমূহ হাবিত পেলোৱা কাৰ্যই স্থানীয় ৰাইজক আতংকিত কৰি তোলে। ইতিমধ্যে চেতীয়া গাঁৱৰ গাঁৱ বুঢ়া ঋতুৰাজ ঢেকিয়াল ফুকনে চেলেংহাট আৰক্ষীক এই বিষয়ত অৱগত কৰিছে।

টিংখাঙৰ দুই নং নাচনী গাঁৱত হত্যাকাণ্ড

টিংখাং

সমগ্ৰ দেশত ক’ৰোনা ভাইৰাছৰ বাবে লকডাউন অব্যাহত থকাৰ মাজতে শুকুৰবাৰৰ নিশা ডিব্ৰুগড় জিলাৰ টিংখাঙৰ দুই নং নাচনী গাঁৱত এক হত্যাকাণ্ড সংঘটিত হয়। ঘটনাটোত এজন লোকক এখন চোকা দাৰে ঘপিয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে। ঘটনাটোৰ বিৱৰণী মতে গাঁওখনৰ নোমল চাউদাং (৬৫) নামৰ লোক এজনক দ্বীপ কোচে (৩০) নামৰ যুৱক এজনে দাৰে ঘপিয়াই হত্যা কৰে। ঘটনাটো সংঘটিত কৰাৰ পাছতে নিশাই গাঁওখনৰ পৰা ঘাতক দ্বীপে পলায়ন কৰে। আৰক্ষীয়ে শনিবাৰে ঘাতক দ্বীপ কোচক ৰাজগড় সমীপৰ নাহৰপাৰা বৰবিল গাঁৱত থকা নিজৰ পিতৃৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নোমল চাউদাঙৰ পৰিয়ালটোেৰ দ্বীপৰ সঘন আহ যাহ আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে ঘটনাটোৰ প্ৰকৃত কাৰণ অদ্যপি জানিব পৰা নাই। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অনুসন্ধান চলোৱা বুলি জানিব পৰা গৈছে। নিহত নোমল গগৈৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।