Home Blog Page 3368

নাজিৰাত দুখীয়া শিপিনীলৈ তাঁতশাল।

নাজিৰাত দুখীয়া শিপিনীলৈ তাঁতশাল।

নাজিৰা : আজি নাজিৰা এম.চি ক্লাবত “হস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগৰ বৃত্তিমুখী আঁচনিৰ অধীনত নাজিৰা সমষ্টিৰ ৩৪ গৰাকী শিপিনীক তাঁতশাল বিতৰণ কৰা হয়। ইয়াৰোপৰি তেখেতসকলক চৰকাৰীভাৱে পাঁচ হাজাৰ টকাকৈ মূলধন হিচাপে দিয়াৰ ব্যৱস্থা হয় । শিৱসাগৰৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক ৰামকৃষ্ণ শৰ্মাৰ নেতৃত্বত বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপস্হিতিত এই তাঁত শালসমূহ বিতৰণ কৰা হয়। নাজিৰা সমষ্টিৰ যিসমূহ পৰিয়ালে তাঁত শালখনকে সাৰথি হিচাপে লৈ উপাৰ্জন কৰি জীৱন-নিৰ্বাহ কৰি আছে, সেইসমূহ পৰিয়ালৰ শিপিনীসকল যাতে স্বনিৰ্ভৰশীল কৰি গঢ় দিয়াৰ উদ্দেশ্যে  এই সহায়ৰ হাত আগবঢ়োৱা হৈছে। এই তাঁতশালৰ যোগেদি  শিপিনীসকল অধিক কাৰ্য্যক্ষম, কৰ্মোদ্যমী হৈ উঠাৰ লগতে পৰিয়ালটো চলি থাকিবৰ বাবেও যথেষ্ট সুবিধা হ’ব বুলি  বিৰোধী দলপতি শইকীয়াই মত প্ৰকাশ কৰে। যিহেতু এই ক’ৰণা মহামাৰীত বহি:ৰাজ্যত কৰ্মৰত বহু যুৱক-যুৱতী অসমলৈ ঘূৰি আহিছে, তেওঁলোকৰ মাজৰ যুৱতীসকলে যদি বিশেষকৈ তাঁত শালৰ জৰিয়তে কাপোৰ বৈ মেলি, ইয়াক বৃত্তি হিচাপে লৈ নিজৰ কৰ্মদক্ষতাৰে আগবাঢ়ি যাব পাৰে তেন্তে নিশ্চয় তেওঁ লোক স্বাৱলম্বী হ’ব পাৰিব। এই অনুষ্ঠানত শিৱসাগৰ হস্ততাঁত বিভাগৰ বিষয়া কুমুদ ৰঞ্জন দুৱৰাৰ লগতে বিধায়ক দেৱব্ৰত শইকীয়াৰ সহধৰ্মিনী বন্দনা শইকীয়া, অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত নাজিৰাৰ নাফুক গ্ৰাম্য সংগঠনৰ সভানেত্ৰী কানন কাকলি বুঢ়াগোহাঁই আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্হিত থাকে।

চীনৰ ৰঙা চকুক অংগুষ্ঠ প্ৰদৰ্শন কৰি গালৱান নদীত দলং নিৰ্মাণ ভাৰতৰ ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

চীনৰ ৰঙা চকুক অংগুষ্ঠ প্ৰদৰ্শন কৰি লাডাখত বৃহৎ সাফল্য পালে ভাৰতীয় সেনা বাহিনীয়ে৷ গালৱান নদীৰ ওপৰত উচ্চ থিয় পাহাৰত বেইলি ব্ৰীজ বা অস্থায়ী দলং নিৰ্মাণ কৰিলে সেনাৰ অভিযন্তাই৷ উল্লেখ্য যে সমতলত মাটি নাই৷ অতি ঠেক গিৰিপথ৷ প্ৰবল ঠাণ্ডা আৰু চীনা ভাবুকিক অগ্ৰাহ্য কৰি সফলতাৰে ৬০ মিটাৰ দীঘল এই বেইলি ব্ৰীজ নিৰ্মাণ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা৷ ফলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অতি ওচৰত ভাৰতীয় সেনাৰ ফৰৱাৰ্ড প’ষ্টবোৰত গধুৰ যুদ্ধাস্ত্র, সামৰিক সৰঞ্জাম, যান-বাহন আদি সকলোবোৰ যাতায়াত কৰিব পাৰিব৷ নদীৰ ওপৰত কেইটামান কংক্ৰিটৰ পিলাৰৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হয়৷ চাৰি লেনৰ এই দলংখন গালৱান নদী আৰু শায়ক নদীৰ সংযোগস্থলৰ পৰা ৩ কিলোমিটাৰ নিলগৰ ১৪ নং পেট্ৰলিং পইণ্টটোৰ য’ত ১৫ জুনত ৰক্তক্ষয়ী সংঘৰ্ষ হৈছিল তাৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত এই দলংখন৷ এই দলংখন নিৰ্মাণ বন্ধ কৰিবলৈ বাৰম্বাৰ ভাবুকি দিছিল লালফৌজে৷ কিন্তু ভাৰতে বিন্দুমাত্ৰও গুৰুত্ব নিদিলে৷ 

দক্ষিণ এছিয়াত ভাৰতক এঘৰীয়া কৰাৰ কৌশল : চীনৰ পৰা ৰপ্তানি হোৱা ৫১৬১টা পণ্যৰ শুল্ক দিব নালাগে বাংলাদেশে ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

লাডাখত ভাৰতৰ সৈতে সীমান্তত সংঘৰ্ষ বৃদ্ধি কৰাৰ চেষ্টা অব্যাহত ৰখা চীনে বাংলাদেশৰ লগত নতুন প্ৰক্ৰিয়াৰে কামত নামিছে৷ প্ৰধানকৈ বাণিজ্যিক দিশত ধন এৰি দি বাংলাদেশৰ কাষ চাপিবলৈ ধৰিছে চীনে৷ শুকুৰবাৰে বাংলাদেশৰ বাবে বিশেষ সুবিধাৰ কথা ঘোষণা কৰিছে চীনে৷ বাংলাদেশলৈ ৰপ্তানি হোৱা অতিৰিক্ত ৫১৬১টা পণ্যৰ শুল্ক দিব নালাগে বুলি কৈছে৷ ইয়াৰ ফলত বাংলাদেশলৈ চীনে ৰপ্তানি কৰা পণ্যৰ ৯৭ শতাংশ শুল্কমুক্তৰ সুবিধা দিলে বেইজিঙে৷ জুলাইৰ প্ৰথম দিনাৰে পৰা নতুন সিদ্ধান্ত কাৰ্যকৰী হ’ব৷ বাংলাদেশ হ’ল একমাত্ৰ প্ৰতিবেশী দেশ, যি নানান সমস্যাৰ মাজতো ভাৰতৰ সৈতে সম্পৰ্ক ৰাখিছে৷ দক্ষিণে শ্ৰীলংকা-মালদ্বীপ, উত্তৰে নেপাল-ভূটান কাৰোৰে লগত উষ্ণ সম্পৰ্ক নাই ভাৰতৰ৷ কূটনীতিবিদসকলৰ মতে এই পৰিস্থিতিৰ পিছত স্পষ্ট হাত আছে চীনৰ৷ প্ৰতিবেশী দেশবোৰৰ লগত সম্পৰ্কত বিষ ধালি দক্ষিণ এছিয়াত ভাৰতক এঘৰীয়া কৰাৰ কৌশল বাস্তৱায়িত কৰিছে চীনে৷ কিছু বছৰ ধৰি বাংলাদেশ হৈ পৰিছে চীনৰ লক্ষ্য৷ ঢাকাৰ প্ৰধান শ্বেয়াৰ বজাৰ চীনৰ হাতৰ মুঠিত৷ আনহাতে এছিয়া পেচিফিক ট্ৰেড এগ্ৰিমেণ্টৰ আওতাত ৩০৯৫টা পণ্যৰ শুল্কমুক্তৰ সুবিধা ভোগ কৰিব বাংলাদেশে৷ এই সকলো মিলি ৮২৫৬টা পণ্যক শুল্কমুক্তৰ সুবিধা দিলে চীনে৷ বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ৰ বিজ্ঞপ্তিত কয় যে অলপ উন্নত দেশ হিচাপে বাংলাদেশক এই সুবিধা দিলে বেইজিঙে ৷

মহান অসমীয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি ।

মহান অসমীয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি ।

কলিয়াবৰ : আজি ৰাভা দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰটো অনাৰম্বৰ ভাৱে উদযাপন কৰা হয় ৫২ সংখ‍্যক ৰাভা দিৱস। কভিড-১৯ সংক্ৰমণ ৰোধৰ চৰকাৰী নীতি-নিয়ম পালন কৰি কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়ে ৰাভা দিৱস উদযাপন কৰে কলিয়াবৰ শাখা সাহিত্য সভাই। শাখাৰ সভাপতি হেমোধৰ হাজৰিকাই বন্তি প্ৰজ্জলনৰে শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা আৰু লেখিকা সমাৰোহ সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে। বিশিষ্ট সাহিত্যিক, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই বিষ্ণু ৰাভা সম্পৰ্কত চমু বক্তব্য আগবঢ়াই।

কলিয়াবৰৰ ঐতিহাসিক জয়সাগৰ দলনিৰ পাৰত গছপুলি ৰোপণ সামাজিক সংগঠন “প্ৰজন্ম”ৰ ।

কলিয়াবৰৰ ঐতিহাসিক জয়সাগৰ দলনিৰ পাৰত গছপুলি ৰোপণ সামাজিক সংগঠন "প্ৰজন্ম"ৰ ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

সাম্প্ৰতিক জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ‍্য ৰাখি সকলো ধৰণৰ ৰাজহুৱা তথা সামাজিকভাৱে  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বাতিল কৰা হৈছে। সেয়ে বিষ্ণু ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত ব‍্যতিক্ৰমী কাৰ্য‍্যসূচীৰে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।‌ প্ৰজন্ম, The Genaraton এ। কলিয়াবৰৰ এক সামাজিক-সাংস্কৃতিক অনুষ্ঠান প্ৰজন্মই গছপুলি ৰোপণ কৰে কলিয়াবৰৰ ঐতিহাসিক জয়সাগৰ দলনিৰ পাৰত। বিভিন্ন দেশী-বিদেশী, দুষ্প্ৰাপ‍্য পক্ষীৰ বিচৰণস্থলী তথা থলুৱা মাছৰ আশ্ৰয়স্থলী জয়সাগৰ দলনি সুৰক্ষাৰ বাবে অনুষ্ঠানটোৱে লৈছে আন কিছু গঠনমূলক পদক্ষেপ। সকলোৰে সহযোগত জয়সাগৰ দলনিৰ পশু-পক্ষী নিধন বন্ধ কৰা, জয়সাগৰৰ লগতে কাষৰীয়া স্থানত প্লাষ্টিকৰ ব‍্যৱহাৰ বন্ধ কৰা, যান-বাহনৰ আহ-যাহ বন্ধ কৰি খোজ কাঢ়ি অহা-যোৱা কৰাৰ বাবে অনুষ্ঠানটোৱে সকলোকে আহ্বান জনায়। আজিৰ গছপুলি ৰোপণ কাৰ্য‍্যসূচীত উপস্থিত থাকি কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱা আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে গছপুলি ৰোপণেৰে কাৰ্য‍্যসূচীৰ শুভাৰম্ভণী কৰে। প্ৰজন্মই জয়সাগৰ দলনিৰ কাষত পক্ষীৰ জিৰণি আৰু খাদ‍্যৰ বাবে চেলেংসহ প্ৰায় দুই-শতাধিক গছপুলি ৰোপণ কৰে। ইতিমধ‍্যে প্ৰজন্মই লুইতৰ চাপৰিত স্থানীয় যুৱকৰ সহযোগত কৃষি-কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ এক উদাহৰণ দাঙি ধৰিছে। তদুপৰি, লকডাউনৰ সময়ত কলিয়াবৰ মহকুমা প্ৰশাসন আৰু অধিবিদ‍্যা পৰিষদৰ সহযোগত ‘অনলাইন ক্লাছ’ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ পাঠ‍্যক্ৰম আগবঢ়াই নিয়াত প্ৰশংসনীয় ভূমিকা লৈছিল।

নতুনকৈ আৰু কোবিড আক্ৰান্ত ১৫, নাই ভ্ৰমণ বৃত্তান্ত ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

কৰিমগঞ্জতো ব্যাপক হাৰত বৃদ্ধি পাইছে কৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা। যোৱা দুইদিনতে ১৫ গৰাকীৰ দেহত কৰোনাৰ অৱস্থিতি  ধৰা পৰিছে। আৰু সেই ১৫ গৰাকীৰ মাজত ১৪ গৰাকীয়ে আহিছিল বৰ্হিৰাজ্যৰ পৰা আৰু এওঁলোকক প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনতো ৰখা হৈছিল। তাৰ মাজতে ২ গৰাকী আছিল হোম কোৱাৰেন্টাইনত। কিন্তু ইয়াৰ বিপৰীতে আব্দুল হান্নান(৫০) নামৰ ব্যক্তি গৰাকী যোৱা ১৫ মাৰ্চ তাৰিখত ডিমাপুৰৰ পৰা আহিছিল আৰু ঘৰতে আছিল। তেওঁৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই।  জানিব পৰা মতে স্বাস্থ্য কৰ্মীৰ দলে ঘৰে ঘৰে যাই পৰীক্ষা কৰোৱতে ধৰা পৰে হান্নানৰ দেহতো কৰোণাৰ উপস্থিতি। বৰ্তমানে হান্নানৰ পৰিয়ালৰ সকলো সদস্যৰ  স্বোৱাব লোৱা হৈছে আৰু হোম কোৱাৰেন্টাইনত ৰখা হৈছে। লগতে তেওঁৰ ঘৰৰ চুবুৰীয়া অঞ্চল কনটেন্টমেন্ট জোন হিচাবে ঘোষণা কৰা হৈছে। কিন্তু এনে দৰে হঠাত্ কে হান্নানৰ দেহত কৰোনা পজিটিভ ধৰা পৰাক লৈ অঞ্চলজুৰি এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। বৰ্তমানে সকলোকো কৰিমগঞ্জ কোবিড -১৯ চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু এই মহূৰ্তে লৈকে  কোবিড ১৯ চিকিত্সালয়ত ৩৬ গৰাকী পজিটিব ৰোগীৰ চিকিত্সা চলি আছে। এই সময়তে ৰাজ্যৰ আন আন স্থানৰ লগতে কৰিমগঞ্জতো ৰাইজ অধিক সজাগ হোৱাৰ প্ৰয়োজন হৈ পৰিছে কিয়নো ভ্ৰমণ বৃত্তান্ত নথকা বহু লোক ইতিমধ্যে কৰণা পজিটিভ হিচাবে চিনাক্ত হোৱাত বংশ সংক্ৰমণ হোৱাৰ আশংকা থাকিব পাৰে। আৰু তাৰবাবে গোটেই জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। যদিও জিলা উপায়ক্ত আনবামুথান এম পি এ গনসংক্ৰমণ হোৱাৰ আশংকা নাই বুলি জনাইছে।

কৰিমগঞ্জ জেলৰ পৰা তিনি কয়দিৰ পলায়ন ।

কৰিমগঞ্জ : পুনৰ কৰিমগঞ্জ জেলৰ পৰা পলায়ন তিনিগৰাকী কয়দিৰ। এই চাঞ্চল্যকৰ ঘটনা সংগঠিত হৈছে কৰিমগঞ্জ জিলা কাৰাগাৰত।  জানিব পৰা মতে হোজাইৰ ফয়জুৰ ৰহমান, পাথাৰৰকান্দি এলেকাৰ  মাসুক আহমদ আৰু কৰিমগঞ্জৰ ওয়াহীদ আলি। জেল লৈ অহাৰ পিছত তেওঁলোকক জেলৰ ভিতৰতে এটা কোঠাত  কোৱাৰেইনটাইনত ৰখা হৈছিলে। যোৱা নিশা দুটা মান বজাত কোৱাৰেন্টাইনৰ খিৰিকী ভাঙি তেওঁলোক পলায়ন কৰে। হোজাইৰ ফয়জুৰ ৰহমান বহুকেইটা অপৰাধমূলক গোচৰৰ  লগতে হত্যাৰ গোচৰত ও অভিযুক্ত। তেওঁৰ বিৰুদ্ধে  বদৰপুৰ থানাত ১০৫/১৮ নং, ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)৩০২,৩৭৯,৩৪ ধাৰাত গোচৰ নথিভুক্ত হৈ আছিল। আনফালে বাকী দুগৰাকীৰ ভিতৰত এগৰাকী গভাইত চোৰ আৰু ড্ৰাগছ বেহাৰ লগত জড়িত। তাৰে মস্তাক আহমেদৰ আৰু ৱাহিদ আলী বিৰুদ্ধে পাথাৰকান্দী থানাত ৩৩১/২০২০ নঙত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/৪১১/৪১৩ ধাৰাৰ অধীনত অভিযুক্ত। উল্ল্যেখ্য, যোৱা চাৰি মাহ পূৰ্বে ঠিক এনে দৰে আৰু দুইগৰাকী গভাইত কয়েদী প্ৰাচীৰ পাৰ হৈ পলাই যাব লৈ সক্ষম হৈছিল। ইয়াৰে মাজত এজন বদৰপুৰৰ এটা হত্যাকাণ্ডৰ অভিযুক্ত আছিল আৰু আনজন বাংলাদেশী আছিল। কিন্তু তেওঁলোকৰ সন্ধান আজি লৈকে উলিয়াব পৰা নাই। ইপিনি যোৱা কালি আকৌ একেলগে তিনি গৰাকী কয়েদিৰ পলায়নক লৈ জেলৰ নিৰাপত্তাৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।  কিয়নো বাৰে বাৰে কৰিমগঞ্জ জেলৰ পৰা কয়েদিৰ পলায়নৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰি আহিছে। জেল অধীক্ষকে জনোৱা মতে জেলত নিৰাপত্তাৰক্ষীৰ যথেষ্ঠ অভাৱ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে এনেদৰে ইটোৰ পাছত হয়তু কয়েদি পলায়নৰ আঁৰত কিবা ৰহস্য লুকাই আছে নেকি? ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে নেকি? ইয়াত জগৰীয়া কোন? জিলা কাৰাগাৰ অধীক্ষকে নিৰাপত্তাৰক্ষীৰ অভাৱৰ কথা কৈ আৰু কিমান দিন নিজৰ দায়িত্বৰ সামৰিব। ইপিনে এক বিশেষ সূত্ৰে জানিব পৰা মতে চাৰি মাহ পূৰ্বে পলাই যোৱা বাংলাদেশী জন সীমান্ত অতিক্ৰম কৰি বাংলাদেশ পালে গৈ।

পুনৰ প্ৰতাৰিত ৰাজ্যৰ ৫২৪ জন শিক্ষকৰ হাহাকাৰ, ২০ বছৰে নিয়মীয়া নহ’ল চাকৰী । সামান্য দৰমহা বৃদ্ধি কৰিয়ে সামৰিছে দায়িত্ব, শিক্ষা মন্ত্ৰীৰ হস্তক্ষেপ দাবী ।

নাজিৰা : ৰাজ্যৰ মাধ্যমিক শিক্ষা খণ্ডত সূদীৰ্ঘ দুটা দশক ধৰি মানৱ সম্পদ গঢ়াত ব্যস্ত ৰাজ্যৰ ৫২৪জন শিক্ষক বাৰম্বাৰ প্ৰতাৰিত হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ পৰা। তথাপি ক্লান্ত হোৱা নাই এইসকল মানৱ সম্পদ গঢ়াৰ খনিকৰ। চাকৰী জীৱনত অহা দূৰ্ভাগ্যজনক-সমস্যাজৰ্জৰ পৰিস্হিতিক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই মানৱীয় প্ৰমূল্যবোধৰে আগবাঢ়ি গৈছে মানৱ সম্পদ গঢ়াৰ নিৰলস প্ৰচেষ্টাত। উল্লেখ্য যে ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ১১ মহীয়া  ঠিকাভিত্তিক শিক্ষকৰ চাকৰীৰ ম্যাদ ৬০ বছৰলৈ বৃদ্ধি কৰি শিক্ষা বিভাগে কেতবোৰ সা-সুবিধা প্ৰদান কৰা হ’ব বুলি চৰকাৰীভাৱে ঘোষণা কৰাৰ পাছত সেইসকল শিক্ষকৰ মাজত আশাৰ সঞ্চাৰ হোৱাৰ বিপৰীতে জ্যেষ্ঠ এচাম শিক্ষক ব্যৰ্থিত হৈ চৰম হতাশাত ভুগিবলগীয়া হৈছে। জানিব পৰা মতে এনে নিয়মীয়াকৰণৰ চৰকাৰী এই ব্যৱস্থাত বঞ্চিত হৈ ৰল ৰাজ্যৰ পাঁচখন জিলাৰ ক্ৰমে-শিৱসাগৰ, নগাওঁ, লখিমপুৰ,   ধেমাজী আৰু শোণিতপুৰ জিলাৰ ৫২৪ জন শিক্ষক।স্মৰ্তব্য যে ২০০১চনত পূৰ্বৰ অ গ প চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত এই শিক্ষকসকলক চৰকৰীভাৱে অনুমোদিত খালী পদত নিযুক্তি দি সেই সময়ত ভাগি পৰা শিক্ষাব্যৱস্থা ক উদ্ধাৰৰ প্ৰচেষ্ট চলিছিল। কিন্তু দূৰ্ভাগ্যজনকভাৱে ২০০১ চনৰ পৰা ২০০৪ চনলৈ বিনা বেতনে ২০১৫ চনৰ জুলাই মাহলৈ মাত্ৰ ২৫০০টকাত আৰু আগষ্ট মাহৰ পৰা বৰ্তমানলৈকে ১৫৫০০ টকাৰ মাহেকীয়া দৰমহাত মানৱ সম্পদ গঢ়াত নিয়োজিত এইসকল শিক্ষকৰ চাকৰী বিগত ২০টা বছৰে বিভিন্ন অজুহাতত নিয়মীয়াকৰণ নহল। এইসকল শিক্ষকৰ কেইবাজনৰ মৃত্যু হৈছে আৰু আন কেইবাজনে অৱসৰ গ্ৰহন কৰাৰ লগতে আগন্তুক ১০বছৰত গৰিষ্ঠ সংখ্যকে অৱসৰ গ্ৰহণ কৰিব। আনহাতে এইসকল শিক্ষকৰ নিযুক্তিৰ ২০বছৰৰ পাছত পদহীনভাবে ১১মাহলৈ নিযুক্তি দিয়া অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষকসকলক নিযুক্তিৰ পাছৰে পৰা ক্ৰমে ৮/১০/২০হাজাৰকৈ দৰমহা বৃদ্ধি কৰি শেহতীয়াকৈ সংবাদমেল যোগে পুনৰ ৬০বছৰলৈ কাৰ্যকাল বৃদ্ধি কৰে। এই সন্দৰ্ভত একাংশ ভুক্তভোগী শিক্ষকৰ প্ৰশ্ন-এনে কি বিভাগীয় বাধ্যবাধকতা আছে যে বিগত ২০বছৰীয়া সমস্যা এটা সমাধান কৰিব নোৱাৰি? ইয়াৰ বিপৰীতে ১০বছৰীয়া সমস্যা এটা সমাধানত চৰকাৰে অগ্ৰাধিকাৰ দিয়ে।একেখন বিদ্যালয়ত কৰ্মৰত এজন জ্যেষ্ঠ শিক্ষকক বঞ্চিত কৰি অন্য একোজন কনিষ্ঠ শিক্ষকক সকলো চৰকাৰী সা-সুবিধা প্ৰদান তথা নিয়মীয়াকৰণ কৰাত জ্যেষ্ঠ শিক্ষকসকল মানসিকভাবে ভাগি পৰাৰ লগতে পদ মৰ্যদাত আঘাত হনা বুলি অভিযোগ কৰিছে। এই সন্দৰ্ভত একাংশ ১৫৫০০টকাৰ নিৰ্ধাৰিত  দৰমহা লাভ কৰা শিক্ষকে দুখ আৰু ক্ষোভেৰে কয়-সম্প্ৰতি তেওঁলোকৰ ভবিষ্যৎ এক অনিশ্চয়তাৰ দিশে গতি কৰিছে।তেওঁলোকৰ পৰিয়াল তথা সন্তান-সন্তটিৰ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো গভীৰ সংকট নামি আহিছে। এইসকল দুৰ্ভগীয়া শিক্ষকে শিক্ষাদান কৰা বহু ছাত্ৰই অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষকৰূপে একেখন বিদ্যালয়ত সহকৰ্মী হিচাপে চাকৰী কৰি থাকি বৰ্তমানেও নিয়মীয়া নোহোৱাৰ ফলত ব্যৰ্থিত হৈ পৰিছে।সেয়েহে ৰাজ্যৰ ৪৬,১৫৩জন ঠিকা ভিত্তিক শিক্ষকৰ লগতে ৫২৪জন মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদসমূহও নিয়মীয়াকৰণ কৰিবলৈ শিক্ষামন্ত্ৰী লৈ কাতৰ অনুৰোধ এইসকল দুৰ্ভগীয়া শিক্ষকৰ।

নাজিৰাত দিখৌ নৈপৰীয়া ৰাইজৰ হাহাকাৰ : তীব্ৰ গড়াখহনীয়াত ঘৰ-বাৰী হেৰুৱালে ৫ পৰিয়ালে ।

নাজিৰাত দিখৌ নৈপৰীয়া ৰাইজৰ হাহাকাৰ : তীব্ৰ গড়াখহনীয়াত ঘৰ-বাৰী হেৰুৱালে ৫ পৰিয়ালে ।

নাজিৰা : কৰ’না সংক্ৰমণৰ লকডাউনৰ চতুৰ্থটো পৰ্য্যায় অতিক্ৰম কৰাৰ মূহুৰ্ত্ততে প্ৰকৃতিৰ চিৰাচৰিত বাৰিষাৰ বৰষুণত দিখৌৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা প্ৰৱল সোঁতত যোৱা দুটা দিনত নদীৰ পাৰত বসবাস কৰা পৰিয়াল সমূহৰ দুৰ্গতি অধিক বাঢ়ি গৈছে ।  প্ৰৱল খহনীয়াৰ গৰাহত পৰা নাজিৰা নগৰৰ ১ নং ৱাৰ্ডৰ ৪০-৫০ ঘৰ মানুহৰ সমস্যা চৰকাৰৰ দৃষ্টিত পৰিছে যদিও এই বাতৰি লিখা পৰ্য্যন্ত কোনো সঁহাৰিমূলক ভূমিকা পৰিলক্ষিত হোৱা নাই  l এই পৰ্য্যন্ত  পাকঘৰৰ পৰা পৰা আৰম্ভ কৰি শোৱনি কোঠা পৰ্য্যন্ত নদীৰ বালিচহীয়া মাটিৰ খহনীয়াই সোপাকে নদীৰ বুকুলৈ খহাই নিয়াৰ লগতে নিশ্চিহ্ন কৰি পেলোৱাত দুটি সন্তানৰ সৈতে দীপ্তি দাসে আবাস-গৃহ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । তেনেদৰে দুটি সন্তান সহ অতুল দাসৰ পৰিয়াল, ক্ষুদ্ৰ ব্যৱসায়ী লক্ষেশ্বৰ দাসৰ পৰিয়াল, সুৰেন দাসৰ পৰিয়াল, কেৰেং দাসৰ পৰিয়াল, পূৰ্ণকান্ত দাস, অমূল্য দাস আদি লোক সকলে কোনো ভড়াঘৰলৈ স্থানান্তৰ হৈছে যদিও কোনো কোনোৱে ধনৰ অভাৱত স্থানান্তৰ হ’ব পৰা নাই. । প্ৰায় ১৫ বছৰ ধৰি বসবাস কৰি বিজুলি বাতিৰো সংযোগ হোৱা এই স্থানত হোৱা দিখৌৰ এই খহনীয়া ব্যাপক হোৱালৈ চাই চৰকাৰীভাৱে বিশেষ তৎপৰতা স্থানীয় ৰাইজে দেখা নাই বুলি অভিযোগ কৰে। আনহাতে স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়াই আজি অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাইজৰ দুৰ্দ্দশাৰ বুজ লয়  আৰু জলসম্পদ বিভাগৰে যোগাযোগ কৰে। 

চীনক ভয় কৰাৰ কোনো কাৰণ নাই : ভাৰতৰ হাতত আছে ৭ শক্তিশালী অস্ত্ৰ ।

ভাৰত আৰু চীন দুয়োখনেই পৰমাণু শক্তিধৰ দেশ৷ যদি যুদ্ধ হয় তেনে দুয়োখন দেশৰে বৃহৎ ক্ষতি হ’ব৷ আধুনিক পৃথিৱীত যুদ্ধৰ সম্ভাৱনা কম৷ কিন্তু কোনো কোনো সময়ত সম্ভাৱনা নথকাও নহয়৷ সীমান্ত বিবাদৰ ফলত চীনে উচতাই আছে ভাৰতক৷ ইয়াৰ লগতে সাৱধানবাণীও শুনাই আছে চীন প্ৰশাসনে৷ লাডাখৰ গালৱান উপত্যকাত উত্তেজনা হ্ৰাস পোৱাৰ লক্ষণ কম৷ এফালে চীনে সেনা বঢ়াই তুলিছে৷ আনফালে ভাৰতো ৰৈ থকা নাই৷ ভাৰতৰ বৃদ্ধি হৈছে সামৰিক শক্তি৷ নিজৰ অস্ত্ৰভাণ্ডাৰ সুসজ্জিত কৰি তুলিছে ভাৰতে৷ সেয়ে চীনক ভয় কৰাৰ কোনো কাৰণ নাই ভাৰতৰ৷ ভাৰতৰ হাতত আছে শক্তিশালী অস্ত্র ৷ উল্লেখ্য যে ভাৰতৰ হাতত আছে সাতটাকৈ শক্তিশালী মিছাইল৷ ইয়াৰ ভিতৰত

* অগ্নি ছিৰিজ- এটা প্লাষ্টিক মিছাইল৷ অগ্নি ১ৰ লক্ষ্যভেদৰ দূৰত্ব ৭০০ কিলোমিটাৰ পৰ্যন্ত৷ অগ্নি ২ৰ দুহেজাৰ কিলোমিটাৰ৷ অগ্নি ৩ৰ তিনি হাজাৰ কিলোমিটাৰ৷ আনহাতে অগ্নি ৪ আৰু ৫ৰ ৫০০০ কিলোমিটাৰ পৰ্যন্ত৷ ইয়াৰ মাজত অগ্নি ৬ মিছাইল নিৰ্মাণ কৰাৰ আৰম্ভ কৰিছে ভাৰতে৷ এই মিছাইলে ১২ হাজাৰ কিলোমিটাৰ দূৰত্বত আঘাত কৰিব পাৰিব৷

* পৃথ্বী ছিৰিজ- ভাৰতৰ প্ৰথম দেশীয় মিছাইল পৃথ্বী ৷ ২৫০ৰ পৰা ৩০০ কিলোমিটাৰ পৰ্যন্ত শত্ৰুপক্ষকৰ যিকোনো বস্তুকে ধ্বংস কৰিবলৈ সক্ষম পৃথ্বী ১ আৰু ২৷ পৃথ্বী ৩ য়ে ৫০০ কিলোমিটাৰ পৰ্যন্ত আঘাত কৰিব পাৰে৷

* ব্ৰাহ্মছ- ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত তৈয়াৰ কৰা হৈছে ব্ৰাহ্মছ ৷ ভাৰতৰ নদ ব্রহ্মপুত্র আৰু ৰাছিয়াৰ নদী মস্কোভাৰ নাম অনুসৰি এই মিছাইলৰ নাম ৰখা হৈছে৷ মাটি, আকাশ, পানী আৰু ছাবমেৰিণ- এই চাৰি ঠাইৰ পৰাই ইয়াক নিক্ষেপ কৰিব পাৰি ৷ ২০০ৰ পৰা ৩০০ কিলোমিটাৰ পৰ্যন্ত অতিক্ৰম কৰি শত্ৰুপক্ষৰ শিবিৰ ধ্বংস কৰিব পাৰে এই মিছাইলে৷

* নির্ভয়- দীৰ্ঘ দূৰত্বৰ মিছাইল৷ হাজাৰৰো বেছি দূৰত্বত থকা শত্ৰুপক্ষৰ শিবিৰত আঘাত হানিব পৰা মিছাইল৷ যিকোনো ঠাইৰ পৰাই কাৰ্যকৰী হৈ উঠিব পাৰে এই মিছাইল৷

* নাগ – এণ্টি টেংক মিছাইল৷ নাগ নিৰ্মাণ কৰিছে ডিআৰডিঅ’ই ৷

* ধনুছ- জল আৰু স্থল, দুয়ো ঠাইতে আঘাত কৰিব পাৰে৷ এই মিছাইল ৫০০ কিলোমিটাৰ পৰ্যন্ত গৈ কোনো বস্তু ধ্বংস কৰিব পাৰে ৷

* প্ৰহাৰ- ১৫০ কিলোমিটাৰ পৰ্যন্ত যি কোনো বস্তু ধ্বংস কৰিব পাৰে এই মিছাইলে ৷