Home Blog Page 34

ৰাজ্যিক বিজেপিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা এতিয়া ৰঙিয়াবাসীৰ হৃদয়ত

ৰাজ্যিক বিজেপিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা এতিয়া ৰঙিয়াবাসীৰ হৃদয়ত
ৰাজ্যিক বিজেপিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা এতিয়া ৰঙিয়াবাসীৰ হৃদয়ত

সমাগত বিধানসভা নিৰ্বাচন, ৩১ নং ৰঙিয়া সমষ্টিত ৰাইজৰ মাজত যুৱ নেতা ৰাতুল শৰ্মা । বিজেপি দলটোক ৰঙিয়া সমষ্টিত অধিক শক্তিশালী কৰাৰ নিমিত্তে নামি পৰিছে যুৱ নেতা গৰাকী ।

ৰাজ্যিক বিজেপিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা এতিয়া ৰঙিয়াবাসীৰ হৃদয়ত,সমষ্টিটোৰ অলিয়ে-গলিয়ে ঘুৰি ফুৰি ৰাইজৰ মনৰ বুজ লৈছে ৰাতুল শৰ্মাই।

প্ৰতিটো নামতি দলৰ মাজত বিতৰণ কৰিছে বাদ্যৰ লগতে ধৰ্মীয় অনুষ্ঠান ব্যৱহৃত সামগ্ৰী। ৰঙিয়া চাপনিয়াৰ গোপাল নামঘৰত প্ৰয়োজনীয় টাইলছ প্ৰদান কৰে ৰাতুল শৰ্মাই।

ৰাতুল শৰ্মাই কথা দি কথা ৰাখিছে বুলি মত ব্যক্ত কৰে সমষ্টিটোৰ ৰাইজে।সেয়ে ৰাইজৰ অভাৱ অভিযোগ সমুহ ৰাতুল শৰ্মাৰ আগত প্ৰকাশ কৰাৰ পাছতে অভাৱ সমুহ দুৰ কৰিবলৈ সক্ষম হৈছে ৰাতুল শৰ্মাই।

গৌৰব গগৈ পাকিস্তানলৈ যোৱাত শ্বহীদ পৰিয়াল হিচাপে দুখ পাইছে উদ্ভৱ দাসৰ পৰিয়ালে ।গৌৰৱ গগৈ পাকিস্তান লৈ কিয় গৈছিল, সেয়া ৰাজহুৱা হ’ব লাগে

গৌৰব গগৈ পাকিস্তানলৈ যোৱাত শ্বহীদ পৰিয়াল হিচাপে দুখ পাইছে উদ্ভৱ দাসৰ পৰিয়ালে ।গৌৰৱ গগৈ পাকিস্তান লৈ কিয় গৈছিল, সেয়া ৰাজহুৱা হ'ব লাগে
গৌৰব গগৈ পাকিস্তানলৈ যোৱাত শ্বহীদ পৰিয়াল হিচাপে দুখ পাইছে উদ্ভৱ দাসৰ পৰিয়ালে ।গৌৰৱ গগৈ পাকিস্তান লৈ কিয় গৈছিল, সেয়া ৰাজহুৱা হ'ব লাগে

ভাৰতবৈৰী পাকিস্তানলৈ গৌৰৱ গগৈ যোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰাৰ ঘটনাই বিভিন্ন মহলত ক্ষোভৰ সৃষ্টি কৰাৰ লগতে শ্বহীদ পৰিয়ালসমূহৰ মাজতো গভীৰ অসন্তুষ্টিৰ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত বাক্সা জিলাৰ অঞ্চলী গাঁৱৰ কাৰগিল যুদ্ধৰ শ্বহীদ উদ্ভৱ দাসৰ পৰিয়ালে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ১৯৯৯ চনৰ ২৪ জুন তাৰিখে কাৰগিল যুদ্ধত দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল বাক্সা জিলাৰ অঞ্চলী গাঁৱৰ ৰাম দাসৰ পুত্ৰ উদ্ধব দাসে। পাকিস্তানী উগ্ৰপন্থীৰ গুলীত শ্বহীদ হোৱা উদ্ধব দাসক আজিও বাক্সা অঞ্চলী তথা বজালী অঞ্চলৰ ৰাইজে গভীৰ ভাৱে শ্ৰদ্ধাৰে সোঁৱৰে। তেনেস্থলত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ ভ্ৰমণ কৰাৰ কথাটোত গভীৰভাৱে অসন্তুষ্টি প্ৰকাশ কৰিছে উদ্ভৱ দাসৰ খুড়া কুলেন দাস আৰু উদ্ভৱ দাসৰ ভনীয়েক জয়ন্তী দাসে। তেওঁলোকে কয় – গৌৰব গগৈ পাকিস্তানলৈ যোৱাটো আমি শ্বহীদ পৰিয়াল হিচাপে দুখ পাইছোঁ। পাকিস্তান আমাৰ চিৰবৈৰী ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰলৈ এজন নিৰ্বাচিত সাংসদ কিয় গ’ল সেই কথা ৰাজহুৱা হ’ব লাগে। কাৰগিল যুদ্ধত আমি সগৌৰবেৰে জয়ী হৈছোঁ কিন্তু আমি কিমানক হেৰুৱালোঁ।

কোনোবাই পুত্ৰ কোনোবাই স্বামী মই নিজৰ ভাতৃক হেৰুৱাইছোঁ। গতিকে তেওঁ পাকিস্তান লৈ কিয় গৈছিল কি কাৰণত গৈছিল সেয়া ৰাজহুৱা হ’ব লাগে। সেই কথা অসম আৰু ভাৰতৰ জনসাধাৰণক জনালে আমি শান্তি পাম। উল্লেখযোগ্য যে, ভাৰত-পাকিস্তান সম্পৰ্ক দীৰ্ঘদিন ধৰি স্পৰ্শকাতৰ হৈ আছে। বিশেষকৈ কাৰগিল যুদ্ধৰ স্মৃতি এতিয়াও দেশবাসীৰ মনত সজীৱ হৈ থকাৰ ফলত এই ধৰণৰ বিষয়সমূহে স্বাভাৱিকভাৱে আবেগিক প্ৰতিক্ৰিয়া সৃষ্টি কৰে। আগন্তুক দিনসমূহত এই বিষয়টোক লৈ ৰাজনৈতিক পৰিসৰত আৰু অধিক বিতৰ্ক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে।

গৌৰৱ গগৈ পাকিস্তানৰ লগত যোগ সূত্ৰ বিষয়টোত অসন্তুষ্ট কংগ্ৰেছ কৰ্মী

গৌৰৱ গগৈ পাকিস্তানৰ লগত যোগ সূত্ৰ বিষয়টোত অসন্তুষ্ট কংগ্ৰেছ কৰ্মী
গৌৰৱ গগৈ পাকিস্তানৰ লগত যোগ সূত্ৰ বিষয়টোত অসন্তুষ্ট কংগ্ৰেছ কৰ্মী

১০০ৰো অধিক কংগ্ৰেছ কৰ্মীৰ কংগ্ৰেছ ত্যাগ

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নীতি আদৰ্শৰ লগত গৌৰৱ গগৈৰ নীতি আদৰ্শৰ একো মিল নাই বুলিও অভিযোগ

বিশ্বনাথত কংগ্ৰেছ দলত খহনীয়া। গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত হোৱা পাকিস্তান সংযোগ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আজি ১০০ৰো অধিক জ্যেষ্ঠ আৰু সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে দলৰ পৰা পদত্যাগ কৰে। প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছ নেতা ড° সঞ্জু বৰুৱাৰ সৈতে একাত্মতা প্ৰকাশ কৰি আন কেইগৰাকীও কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰাৰ সিদ্ধান্ত লয়। পদত্যাগ কৰা কৰ্মীসকলে অভিযোগ কৰে যে দলটোৰ ভৱিষ্যৎ আৰু নেতৃত্ব সম্পৰ্কে তেওঁলোকৰ আস্থা হ্ৰাস পাইছে। বৰ্তমানৰ কংগ্ৰেছত দৃঢ় নেতৃত্বৰ অভাৱ স্পষ্ট হৈছে আৰু অতীতৰ আদৰ্শ-নীতিৰ সৈতে বৰ্তমানৰ কাৰ্যকলাপৰ মিল দেখা নাযায়। তেওঁলোকে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নীতি-আদৰ্শৰ সৈতে বৰ্তমানৰ নেতৃত্বৰ তুলনা কৰি গুৰুত্বপূৰ্ণ বিচ্যুতিৰ অভিযোগ তোলে। বিশেষকৈ, গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত হোৱা পাকিস্তান সংযোগ অভিযোগ সন্দৰ্ভত এতিয়ালৈকে স্পষ্ট ব্যাখ্যা পোৱা নাই বুলিও অভিযোগ কৰে কংগ্ৰেছ কৰ্মীসকলে। এই পদত্যাগে বিশ্বনাথ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভিত্তিত প্ৰভাৱ পেলাব পাৰে। আগন্তুক নিৰ্বাচনী ৰাজনীতিত ইয়াৰ প্ৰতিফলন কিদৰে দেখা যায় সেয়া সময়েহে স্পষ্ট হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৩৮ সংখ্যক অসম ভ্ৰমণ: মৰাণত জৰুৰীকালীন অৱতৰণ কেন্দ্ৰ উদ্বোধনক লৈৰাজ্যিক বিজেপিৰ “ঐতিহাসিক ক্ষণ” অভিহিত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৩৮ সংখ্যক অসম ভ্ৰমণ: মৰাণত জৰুৰীকালীন অৱতৰণ কেন্দ্ৰ উদ্বোধনক লৈৰাজ্যিক বিজেপিৰ “ঐতিহাসিক ক্ষণ” অভিহিত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৩৮ সংখ্যক অসম ভ্ৰমণ: মৰাণত জৰুৰীকালীন অৱতৰণ কেন্দ্ৰ উদ্বোধনক লৈৰাজ্যিক বিজেপিৰ “ঐতিহাসিক ক্ষণ” অভিহিত

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উত্তৰ-পূবলৈ তেখেতৰ ঐতিহাসিক ৩৮ সংখ্যক ভ্ৰমণত উষ্ম আদৰণি জনায়। দলটোৱে এই দিনটোক অঞ্চলটোৰ উন্নয়ন আৰু নিৰাপত্তাৰ বাবে এক “ঐতিহাসিক ক্ষণ” হিচাপে অভিহিত কৰে। বিজেপিয়ে উল্লেখ কৰে যে যোৱা তিনিমাহত প্ৰধানমন্ত্ৰীৰ এয়া তৃতীয়টো ভ্ৰমণ, যিয়ে অসমক এখন পিছপৰা সীমান্ত ৰাজ্যৰ পৰা দেশৰ নতুন অৰ্থনৈতিক প্ৰৱেশদ্বাৰলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অবিচল লক্ষ্যক প্ৰতিফলিত কৰে।

দলটোৱে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিবাৰ অসমলৈ আহোঁতে আন্তঃগাঁথনিৰ উন্নয়ন, অসমীয়া পৰিচয়ক তুলি ধৰা আৰু এক্ট ইষ্ট নীতিৰ সফল ৰূপায়ণত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই উপলক্ষে ভাষণ দি ৰাজ্যিক বিজেপিয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণ বাইপাছত নিৰ্মিত জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ (Emergency Landing Facility বা ELF) উদ্বোধন কৰাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। দলটোৱে এই সুবিধাক এক “কৌশলগত মাষ্টাৰষ্ট্ৰোক” বুলি অভিহিত কৰে, যিয়ে মৰাণ-শিৱসাগৰ অঞ্চলক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মানচিত্ৰৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।

National Highways and Infrastructure Development Corporation Limited (NHIDCL)-ৰ দ্বাৰা ৯৯.৮৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশটোৱে দ্বৈত ব্যৱহাৰৰ আন্তঃগাঁথনি প্ৰকল্প হিচাপে কাম কৰিব। শান্তিকালত ই সাধাৰণ যাতায়াতৰ সুবিধা প্ৰদান কৰিব আৰু জৰুৰীকালীন অৱস্থাত সুখয় ফাইটাৰ জেট আৰু ৭৪ টলৈকে ওজনৰ গধুৰ পৰিবহণ বিমান অৱতৰণ কৰিব পৰাকৈ ৰানৱে’টো প্ৰস্তুত কৰা হৈছে। ই এই খণ্ডত Indian Air Forceৰ পৰিচালনা ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব বুলি দলটোৱে দাবী কৰে।

বিজেপিয়ে উল্লেখ কৰে যে ২০২১ চনত পৰিকল্পনা কৰা আৰু অভিলেখ সময়ৰ ভিতৰত সম্পূৰ্ণ হোৱা এই প্ৰকল্পই “ডাবল ইঞ্জিন” চৰকাৰৰ উচ্চ মানদণ্ডৰ আন্তঃগাঁথনি আৰু কৌশলগত প্ৰয়োজনীয়তাৰ সংমিশ্ৰণৰ সক্ষমতাক প্ৰতিফলিত কৰিছে। চলিত সপ্তাহৰ আৰম্ভণিতে ভাৰতীয় বায়ু সেনাই কৰা সফল পৰীক্ষামূলক অৱতৰণে যুদ্ধ বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দেশক সেৱা আগবঢ়াবলৈ এই সুবিধাৰ প্ৰস্তুতিৰ প্ৰমাণ দিছে বুলি দলটোৱে কয়। প্ৰাক্তন সৈনিক কোষৰ আহ্বায়ক উইং কামাণ্ডাৰ প্ৰাঞ্জল বৰগোহাঁয়ে জনোৱা মতে, দেশত খুব কম সংখ্যক কাৰ্যকৰী ELF আছে, যেনে—পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’, তাজ এক্সপ্ৰেছৱে’, বাৰমাৰৰ ওচৰত ৯২৫(এ) নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু অন্ধ্ৰপ্ৰদেশৰ আড্ডানকিৰ ওচৰত ১৬ নং ৰাষ্ট্ৰীয় ঘাইপথ। অসমত শীঘ্ৰেই আৰু দুটা ELF আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে।

কৌশলগত সাফল্যৰ উপৰিও বিজেপিয়ে ৰাজ্যৰ বাবে প্ৰধানমন্ত্ৰীৰ ব্যাপক উন্নয়নমূলক পেকেজৰ শলাগ লয়। দলটোৱে গুৰুত্ব আৰোপ কৰে যে ১০,৬০০ কোটি টকাৰ নামৰূপ এমোনিয়া ইউৰিয়া প্ৰকল্প আৰু ২৭,০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ সুবিধাৰ আধাৰশিলাই উজনি অসমত এক ঔদ্যোগিক বিপ্লৱৰ সূচনা কৰিছে। এই প্ৰকল্পসমূহৰ লগতে এলিভেটেড কাজিৰঙা কৰিডৰ আৰু কোকৰাঝাৰ-গেলেফু ৰে’ল সংযোগৰ শুভাৰম্ভে ব্যাপক নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ লগতে স্থানীয় কৃষকসকলৰ স্বাৱলম্বিতা নিশ্চিত কৰিব বুলি দলটোৱে আশা প্ৰকাশ কৰে।

পূৰ্বৰ চৰকাৰৰ সৈতে পাৰ্থক্য দাঙি ধৰি বিজেপিয়ে উল্লেখ কৰে যে United Progressive Alliance (UPA) আমোলৰ তুলনাত অসমৰ বাবে ৰে’ল বাজেট আৱণ্টন পাঁচ গুণ বৃদ্ধি পাইছে। দলটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমাজ কল্যাণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্যৰ ঈৰ্ষণীয় অগ্ৰগতিৰ কথাও উল্লেখ কৰে, বিশেষকৈ ২০২৫ চনত গঁড় চিকাৰৰ ঘটনা শূন্যলৈ নামি অহাৰ দিশটো উনুকিয়াই দিয়ে।

অসমীয়া গামোচাক নাৰী শক্তিৰ প্ৰতীক হিচাপে বিশ্বজুৰি স্বীকৃতি প্ৰদান কৰাৰ লগতে যোগাযোগ ব্যৱস্থা আৰু যুৱ সৱলীকৰণৰ ওপৰত চৰকাৰৰ নিৰন্তৰ গুৰুত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ এক সমৃদ্ধ আৰু সুৰক্ষিত অসমৰ সপোন বাস্তৱায়নৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিয়ে বিবৃতিটো সামৰণি মাৰে।

Gaurav Gogoi: ভাৰতবৈৰী পাকিস্তানলৈ গৌৰৱ গগৈ যোৱাত অসন্তুষ্ট শ্বহীদ জিণ্টু গগৈৰ মাতৃ

Gaurav Gogoi: ভাৰতবৈৰী পাকিস্তানলৈ গৌৰৱ গগৈ যোৱাত অসন্তুষ্ট শ্বহীদ জিণ্টু গগৈৰ মাতৃ
Gaurav Gogoi: ভাৰতবৈৰী পাকিস্তানলৈ গৌৰৱ গগৈ যোৱাত অসন্তুষ্ট শ্বহীদ জিণ্টু গগৈৰ মাতৃ

গৌৰৱ গগৈৰ (Gaurav Gogoi) পাকিস্তান ভ্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ এই প্ৰসংগত খুমটাইৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ মাতৃয়ে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ কয় যে, ‘কোনো কাৰণতে শত্ৰু দেশ পাকিস্তানলৈ যোৱা উচিত নাছিল৷ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ বিষয়টো ভাল পোৱা নাই৷ এজন আহোম সম্প্ৰদায়ৰ ব্যক্তি হৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাটো গ্ৰহণযোগ্য নহয়৷ গৌৰৱ গগৈ পাকিস্তানলৈ গ’ল যেতিয়া তেওঁ আমাৰ শত্ৰু’ বুলি
মন্তব্য কৰে জিণ্টু গগৈৰ মাতৃয়ে৷ লগতে, গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক কঠোৰ ভাষাৰে সমালোচনা কৰে কাৰ্গিলৰ শ্বহীদ জিণ্টু গগৈৰ পিতৃ আৰু ভাতৃয়েও৷ ইফালে, সদৌ তাই আহোম ছাত্ৰ সন্থায়ো বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে গৌৰৱ গগৈক সমগ্ৰ বিষয় সন্দৰ্ভত শীঘ্ৰেই স্পষ্ট স্থিতি প্ৰকাশ কৰাৰ আহ৩ান জনায়৷ তেওঁ কয় যে, আহোম জনগোষ্ঠীয়ে গৌৰৱ গগৈক লৈ সদায় গৌৰৱ কৰে৷ কিন্তু চিৰবৈৰী পাকিস্তানৰ সৈতে সম্ভাব্য সম্পৰ্কৰ অভিযোগ উত্থাপন হোৱাত সমগ্ৰ সমাজ ক্ষুণ্ণ হৈছে৷

লগতে, গৌৰৱ গগৈয়ে সংবাদ মেলত দিয়া প্ৰত্যুত্তৰ সন্দৰ্ভত মন্তব্য কৰি মিলন বুঢ়াগোহাঁয়ে কয় যে, উক্ত বক্তব্যত স্পষ্টতা পৰিলক্ষিত হোৱা নাই৷ ‘যদি তেওঁ সত্যৰ পক্ষত আছে, তেন্তে প্ৰকৃত সত্য প্ৰকাশ কৰিবলৈ ভয় কিয়?’ বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ৷ আৰু শীঘ্ৰে স্পষ্ট ব্যাখ্যা আগবঢ়োৱা নহ’লে উত্থাপিত অভিযোগসমূহ সত্য বুলি গণ্য হ’ব পাৰে বুলিও তেওঁ সতৰ্ক কৰে৷ অনাগত দিনত পাকিস্তানৰ নাগৰিকত্ব গ্ৰহণৰ দৰে সন্দেহো উত্থাপন হ’ব পাৰে বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে, শ্বহীদ জিণ্টু গগৈৰ পিতৃ-মাতৃয়ে সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰি কয় যে, এনে স্পৰ্শকাতৰ বিষয়ত ৰাজনীতি কৰা অনুচিত৷ বিষয়টো যাতে কোনো পক্ষই ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ নকৰে, তাৰ বাবে সকলোকে সংযম আৰু দায়িত্বশীলতা অৱলম্বন কৰিবলৈ তেওঁলোকে আহ৩ান জনায়৷

Narendra Modi: কাইলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীঃ ব্যস্ত প্ৰশাসন

Narendra Modi: কাইলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীঃ ব্যস্ত প্ৰশাসন
Narendra Modi: কাইলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীঃ ব্যস্ত প্ৰশাসন

মৰাণত আজিও অব্যাহত (Narendra Modi) যুদ্ধসদৃশ পৰিৱেশ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনক লৈ ব্যস্ত হৈ পৰিছে প্ৰশাসন৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে মৰাণৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে যুদ্ধসদৃশ পৰিৱেশ৷ মৰাণৰ নৱনিৰ্মিত চাৰিলেনযুক্ত পথত পুৱাৰে পৰাই এখনৰ পিছত আন এখন যুদ্ধ বিমানে অনুশীলন আৰম্ভ কৰিছে৷ বৃহস্পতিবাৰে উৰণ আৰু অৱতৰণৰ চূড়ান্ত অনুশীলন কৰিলে বায়ুসেনাই৷ কিয়নো এটা দিনৰ পিছতেই অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীৰ পুৱাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জৰুৰীকালীন সময়ত বায়ুসেনাৰ বিমান অৱতৰণ কৰিব পৰা প্ৰথমটো ই এল এফ৷ মৰাণৰ জটিয়নীত নৱনিৰ্মিত চ্ছ্ৰ.২ কিঃ মিঃৰ চাৰিলেনযুক্ত পথত নিৰ্মাণ কৰা হৈছে জৰুৰীকালীন বিমান অৱতৰণ কৰিব পৰা ই এল এফ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি ১৪ ফেব্ৰুৱাৰীৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীৰ পৰা পোনে পোনে ডিব্ৰুগড়ৰ চাবুৱাৰ বায়ুসেনাৰ ছাউনীত উপস্থিত হ’ব৷

তাৰ পৰা পোনে পোনে এখন বিশেষ বিমানেৰে মৰাণৰ ৰাণৱেত অৱতৰণ কৰিব৷ এই ৰাণৱেত আধা ঘণ্টা সময় প্ৰধানমন্ত্ৰীগৰাকী থাকিব৷ প্ৰধানমন্ত্ৰী থকা সময়তেই ৰাফেল, ছুখয়, মিগ, কাৰ্গো এয়াৰ ক্ৰাফট আদি ১৬খনকৈ যুদ্ধ বিমানে পথত অৱতৰণ কৰাৰ সমান্তৰালভাৱে আকাশমাৰ্গতো যুদ্ধৰ কৌশল প্ৰদৰ্শন কৰিব৷ প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীক লৈ বুধবাৰৰ পৰাই বায়ুসেনাই এই পথছোৱাত বিমান অৱতৰণ-উৰণৰ অনুশীলন অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে চূড়ান্ত অনুশীলনৰ দিনটোত কেইবাখনো যুদ্ধ বিমানে পথত অৱতৰণ কৰাৰ সমান্তৰালভাৱে আকাশমাৰ্গতো অনুশীলন কৰা দেখিবলৈ পোৱা যায়৷ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ বায়ুসেনাই সমগ্ৰ পথছোৱাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ ৰাণৱেত কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ৷

আনহাতে, যুদ্ধ বিমানৰ অৱতৰণৰ এই ঐতিহাসিক দৃশ্য অসমৰ ৰাইজে যাতে চাব পাৰে তাৰো ব্যৱস্থা গঢ়ি তুলিছে প্ৰশাসনে৷ এই সন্দৰ্ভত স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে কয়, ‘দেশৰ প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাৰ বাবে ৰাজপথত যুদ্ধ বিমান পৰাতো সম্ভৱ হৈছে৷ জটিয়নীত পূৰ্বে ট্ৰেক্টৰ চলাবলৈও অসুবিধা হৈছিল৷ কিন্তু আজি ইয়াত যুদ্ধ বিমান অৱতৰণ কৰিছে৷ ইয়াতকৈ আনন্দৰ কথা আৰু কি হ’ব পাৰে৷ এয়াই হৈছে প্ৰগতিৰ যাত্ৰা৷ আজি ভাৰতবৰ্ষ বিশ্বমানৰ এখন ৰাষ্ট্ৰ হ’বলৈ গৈ আছে৷ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত আজি অসম এইদৰে প্ৰগতিৰ দিশত আগুৱাইছে৷ দেশ আৰু অসমত যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে এইদৰে উন্নয়নৰ যাত্ৰা অব্যাহত থাকিব৷’

Gaurav Gogoi: চকলং বিবাহৰ পিছতো গৌৰৱৰ পৰিয়ালে ফুৰালুং বা হিন্দু ধৰ্ম গ্ৰহণ নকৰি কিয় ল’লে খ্ৰীষ্টিয়ান ধৰ্ম

চকলং প্ৰথাৰে বিয়া হ’লে হিন্দু ধৰ্ম গ্ৰহণ বাধ্যতামূলক
চকলং প্ৰথাৰে বিয়া হ’লে হিন্দু ধৰ্ম গ্ৰহণ বাধ্যতামূলক

আহোম জনগোষ্ঠীৰ (Gaurav Gogoi) বিশিষ্ট চিন্তাবিদ মেদিনী মোহনৰ বিশেষ ফেচবুক পোষ্টক লৈ ব্যাপক চৰ্চা চলিছে৷ আহোম সমাজৰ ভিতৰত পৰম্পৰা আৰু ধৰ্মীয় পৰিচয় সন্দৰ্ভত পুনৰ প্ৰশ্ন উত্থাপন হৈছে৷ আহোম জনগোষ্ঠীৰ বিশিষ্ট চিন্তাবিদ হিচাপে পৰিচিত মেদিনী মোহনে সামাজিক মাধ্যমত প্ৰচাৰ কৰা এটা ফেচবুক পোষ্টত এই বিষয়সমূহ উত্থাপন কৰিছে৷ তেওঁ লিখিছে, মই এজন আহোম Revivalist হিচাপে সকলো আহোম নেতাৰ মাজত আত্মীয়তা থকাটো বিচাৰো৷ তেওঁ কয়, ফটোখনত থকা আহোম নেতাসকলৰ ভিতৰত গৌৰৱ গগৈৰ চকলং প্ৰথাৰে বিবাহ সম্পন্ন হোৱাৰ কথা তেওঁৰ জ্ঞাত৷ লগতে তেওঁ উল্লেখ কৰে যে গৌৰৱ গগৈৰ দেউতাক তৰুণ গগৈয়েও একে প্ৰথাৰে বিবাহ কৰিছিল৷ চকলং হৈছে আহোম সমাজৰ পৰম্পৰাগত বিবাহ প্ৰথা৷ মেদিনী মোহনৰ মতে, এই প্ৰথাৰে বিবাহ সম্পন্ন হ’লে সংশ্লিষ্ট পৰিয়ালটোৱে আহোম সংস্কৃতি আৰু ঐতিহ্য মানি চলাটো উচিত৷ তেওঁ কয় যে চকলং প্ৰথাৰে বিবাহিত পত্নী আৰু সন্তানসকলে আহোম পৰিচয় অনুসৰি সমাজে গ্ৰহণ কৰা ধৰ্মসমূহৰ ভিতৰত হিন্দু, বৌদ্ধ, তাও, ফুৰালুং, উপৰিপুৰুষ উপাসক আদিৰ যিকোনো এটা ধৰ্ম ঘোষণা কৰিব পাৰে, আনকি ধৰ্মহীন হিচাপেও থাকিব পাৰে৷ কিন্তু তেওঁ খ্ৰীষ্টান পৰিচয় গ্ৰহণ কৰাৰ বিষয়ত আপত্তি প্ৰকাশ কৰে৷ পোষ্টটোত তেওঁ গৌৰৱ গগৈক উদ্দেশ্য কৰি আহ৩ান জনাই কয় যে পৰিয়ালটোক পুনৰ ‘নিজ পৰম্পৰা [পক থৌং তাই]’লৈ ওভতাই অনাৰ ব্যৱস্থা কৰিব লাগে৷ এই মন্তব্যসমূহ প্ৰকাশ পোৱাৰ পিছত সামাজিক মাধ্যমত বিভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে৷ একাংশই এইটো ব্যক্তিগত মত প্ৰকাশ বুলি অভিহিত কৰিছে৷ আনহাতে, আন কিছুমানে পৰম্পৰা সংৰক্ষণৰ যুক্তি উত্থাপন কৰিছে৷

Riyan Parag: ঘোষণা হ’ল ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম

ঘোষণা হ'ল ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম।(Riyan Parag)
ঘোষণা হ'ল ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম।(Riyan Parag)

ঘোষণা হ’ল ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম।(Riyan Parag)

ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক অসম সন্তান ৰিয়ান পৰাগ।

ৰিয়ান পৰাগক পূৰ্ণকালীন অধিনায়কৰ দায়িত্ব প্রদান।

ৰাজস্থান ৰয়েলছৰ নেতৃত্ব IPLৰ ইতিহাসত প্ৰথমবাৰলৈ এগৰাকী অসমীয়া খেলুৱৈ হ’ব পূর্ণকালীন অধিনায়ক

আজি বিয়লি আনুষ্ঠানিকভাৱে কৰিব ঘোষণা।

ESPNcricinfoই প্রকাশ কৰিছে এই কথা।

নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা

নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা
নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা

নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা।

টিংখাঙৰ নিজা বাসগৃহত সংবাদমেল মন্ত্ৰী বিমল বৰাৰ।

‘বেলকনিত ভগৱান’ ছবিয়ে লাভ কৰিছে ২০২০ বৰ্ষৰ চলচ্চিত্ৰ বঁটা।

ছবিখনৰ পৰিচালক বিশ্বজিত বৰালৈ ব্ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালক বঁটা।

‘শব্দ নিশব্দ কোলাহল’ ছবিয়ে লাভ কৰিছে ২০২১ বৰ্ষৰ চলচ্চিত্ৰ বঁটা।

১৫ ফেব্ৰুৱাৰীত কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব বঁটাসমূহ।

PM Modi: কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীঃ মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।(PM Modi)
কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।(PM Modi)

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।(PM Modi)

পুৱা ৯.৫০ মিনিটত চাবুৱা এয়াৰ ফিল্ডত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী।

১০ বজাত মৰাণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী।

মৰাণ ৰাষ্ট্ৰীয় ঘাইপথৰ ELFত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান।

আধা ঘণ্টা ৰাজপথত উৰণ-অৱতৰণ কৰিব ১৬ খন বিমানে।

মৰাণৰ পৰা ১২.৩০ বজাত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী।

১ বজাত উদ্বোধন কৰিব গুৱাহাটী-উঃ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু।

উদ্বোধন কৰিব IIM-গুৱাহাটীৰ অস্থায়ী কেম্পাচ।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব আমিনগাঁৱৰ NIC DATA CENTER।

১০০ খন ইলেক্ট্ৰিক বাছ ৰাজ্যবাসীলৈ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।

২ বজাত খানাপাৰত বিজেপিৰ বুথ সন্মিলনত অংশ ল’ব PM মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কুমাৰ ভাস্কৰ বৰ্মা সেতু পৰিদৰ্শনৰ বাবে সাজু কৰা হৈছে এখন বিশেষ বাহন ।