Home Blog Page 35

“গৌৰৱ গগৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক”- পাকিস্তানলৈ যোৱা গৌৰৱ গগৈক গৰিহণা টাই আহোম ছাত্ৰ সন্থাৰ

"গৌৰৱ গগৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক"- পাকিস্তানলৈ যোৱা গৌৰৱ গগৈক গৰিহণা টাই আহোম ছাত্ৰ সন্থাৰ
"গৌৰৱ গগৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক"- পাকিস্তানলৈ যোৱা গৌৰৱ গগৈক গৰিহণা টাই আহোম ছাত্ৰ সন্থাৰ

এটা পিছত এটা বিপদৰ ফালে গতি কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। টাই আহোম ছাত্ৰ সন্থাই আজি এখন সংবাদমেল অনুষ্ঠিত কৰি সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু তেওঁৰ পৰিয়ালৰ ধৰ্মীয় পৰিচয় সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংবাদমেল যোগে সংগঠনটোৱে কয় – মিঞাক আহোম শব্দ ব্যবহাৰ কৰি ছচিয়েল মিডিয়াত লিখিবলৈ কৈছিল কংগ্রেছে। আহোমৰ যুৱকে পাকিস্তানৰ লগত যুদ্ধ কৰি শ্বহীদ হৈছে তাৰ বিপৰীতে গৌৰৱ গগৈৰ পৰিয়ালে পাকিস্তানৰ দৰমহা খাইছে। মিঞা মুছলমানৰ নামত আহোম শব্দ লগাই মুখ্যমন্ত্রীৰ বিৰুদ্ধে লিখিবলৈ নিৰ্দেশ দিয়াতো নিকৃষ্ট কাম। গৌৰৱক বেয়া বুলি ক’বলৈ বিচৰা নাছিল।

কিন্তু এতিয়া ক’বলৈ বাধ্য। গৌৰৱ গগৈৰ ল’ৰা ছোৱালী দুটা গগৈ উপাধি থাকিলেও খ্ৰীষ্টানত ধৰ্ম লৈছে। ১০দিন পাকিস্তানত কিয় থাকিল স্পষ্ট কৈ কব পৰা নাই। ISI ৰ লগত কি সম্পৰ্ক ক’ব লাগে। অন্যথা আহোম জনগোষ্ঠীয়ে গৌৰৱ গগৈক সুদাই নেৰিব। আহোম কেতিয়াও মিঞাৰ পক্ষত নাথাকে। স্বৰ্গদেউ সকলে লোৱা ৰাস্তাকে অনুকৰণ কৰিব। গৌৰৱৰ সন্তানক আহোমৰ দীক্ষাত দীক্ষিত কৰক। বৃটিছ নাগৰিকত্ব ত্যাগ কৰক। উল্লেখ্য যে, টাইপাই চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ গৌৰৱ গগৈৰ যাত্ৰা অত্যন্ত দুৰ্ভাগ্যজনক আৰু এই বিষয়ত তেওঁ স্পষ্টীকৰণ দিয়াটো প্ৰয়োজন বুলি দাবী কৰে। সংবাদমেলত টাইপাই অভিযোগ, গৌৰৱ গগৈয়ে ১০ দিন ধৰি পাকিস্তানত অৱস্থান কৰিছিল আৰু সেই কথা জনসাধাৰণৰ আগত বৰ্তমানেও স্পষ্ট হোৱা নাই। গতিকে এই সন্দৰ্ভত পুনৰ গৌৰৱ গগৈয়ে স্পষ্ট আৰু ৰাজহুৱা ব্যাখ্যা আগবঢ়োৱা উচিত। আনহাতে, টাইপাই গৌৰৱ গগৈৰ পৰিয়ালৰ ধৰ্মীয় পৰিচয় আৰু চকলং বিবাহৰ পিছত ধৰ্মান্তৰৰ অভিযোগো উত্থাপন কৰে। আহোম জনগোষ্ঠীক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা উচিত নহয় বুলি ও হুংকাৰ দিয়ে টাইপাই।

আহোম জনগোষ্ঠীৰ নাম লৈ মিঞাৰ সামাজিক মাধ্যমত অতপালি

সমৰ থলুৱা, আহোম জনগোষ্ঠীৰ নাম লৈ মিঞাৰ সামাজিক মাধ্যমত অতপালি
সমৰ থলুৱা, আহোম জনগোষ্ঠীৰ নাম লৈ মিঞাৰ সামাজিক মাধ্যমত অতপালি

শিৱসাগৰ সদৰ থানাত মিঞাৰ বিৰুদ্ধে এজাহাৰ দাখিল জাতীয় সংগ্ৰামী সেনা, অসমৰ

কোনো কাৰণে অসমত মিঞাৰ দপদপনি নচলিব, অসমত মিঞাৰ স্থান নাই: চিতু বৰুৱা

অসমৰ থলুৱা, আহোম জনগোষ্ঠীৰ নাম লৈ সামাজিক মাধ্যমত অশ্লীল মন্তব্য কৰাৰ অভিযোগ একাংশ মিঞাৰ বিৰুদ্ধে। এই অভিযোগক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে জাতীয় সংগ্ৰামী সেনা অসমে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। সংগঠনটোৰ সভাপতি চিতু বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে, অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিগত কেইবা বছৰ ধৰি জাতীয় সংগ্ৰামী সেনাই বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে। শেহতীয়াকৈ সন্দেহযুক্ত অবৈধ নাগৰিকৰ বিৰুদ্ধে সামাজিক সজাগতা আৰু আইন সন্মত অভিযান আৰম্ভ কৰাৰ পাছতেই একাংশ লোকে সামাজিক মাধ্যমত অশ্লীল ভাষাৰে জাতীয় সংগ্ৰামী সেনাৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰম্ভ কৰে।

তেওঁৰ অভিযোগ, সংশ্লিষ্ট একাউণ্টসমূহে নিজৰ নাম-পৰিচয় গোপন কৰি হিন্দু আৰু অসমীয়া থলুৱা লোকসকলৰ উপাধিৰ লগতে আহোম জনগোষ্ঠীৰ নাম ব্যৱহাৰ কৰি বিভ্ৰান্তি সৃষ্টিৰ চেষ্টা কৰিছে। এই ধৰণৰ কৌশলৰ জৰিয়তে অসমীয়া সকলক ভীত-সন্ত্ৰস্ত কৰাৰ অপচেষ্টা চলোৱা হৈছে বুলি তেওঁ কয়। আনহাতে, চিতু বৰুৱাই বহুতো গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, কিছুমান একাউণ্টৰ পৰা অসমীয়া জীয়ৰী-বোৱাৰীসকলক লক্ষ্য কৰি ধৰ্ষণ কৰিম বুলি কোৱাৰ লগতে অশালীন মন্তব্য প্ৰদান কৰিছে।

এই ধৰণৰ কৰ্ম-কাণ্ড কোনো পৰিস্থিতিতেই সহ্য কৰা নহ’ব। আমি ইয়াৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ। সামাজিক মাধ্যম ব্যৱহাৰ কৰি বিভেদ সৃষ্টিৰ চেষ্টা, ভুৱা পৰিচয় ব্যৱহাৰ, আৰু নাৰীসকলক লক্ষ্য কৰি অশ্লীল মন্তব্য কৰা ব্যক্তিসকলৰ বিৰুদ্ধে আৰক্ষীয়ে চূড়ান্ত তদন্ত আৰম্ভ কৰিব লাগে।

সংগঠনটোৱে ৰাজ্য চৰকাৰকো এই ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থাৰ দাবী জনাইছে। জাতীয় সংগ্ৰামী সেনাৰ স্পষ্ট কথা জাতিৰ স্বাৰ্থত মিঞাবোৰক এনকাউণ্টাৰ কৰিব লাগে। অসমৰ মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়াসকল থাকিব লাগিব। কোনো কাৰণে অসমত মিঞাৰ দপদপনি নচলিব। অসমত মিঞাৰ স্থান নাই। মিঞাই বাংলাদেশত দপদপনি আৰম্ভ কৰক। এই সন্দৰ্ভত আৰক্ষীৰ প্ৰতিনিধিয়ে জনোৱা মতে, দাখিল কৰা এজাহাৰৰ ভিত্তিত বিষয়টো পৰ্যালোচনা কৰা হৈছে।

গৌৰৱ গগৈ পাকিস্তান লৈ যোৱা বিষয়টোত চৰম অসন্তুষ্টি প্ৰকাশ জিন্টু গগৈৰ পৰিয়ালৰ ।

গৌৰৱ গগৈ পাকিস্তান লৈ যোৱা বিষয়টোত চৰম অসন্তুষ্টি প্ৰকাশ জিন্টু গগৈৰ পৰিয়ালৰ ।
গৌৰৱ গগৈ পাকিস্তান লৈ যোৱা বিষয়টোত চৰম অসন্তুষ্টি প্ৰকাশ জিন্টু গগৈৰ পৰিয়ালৰ ।

গৌৰৱ গগৈ পাকিস্তান লৈ যোৱা বিষয়টোত চৰম অসন্তুষ্টি প্ৰকাশ জিন্টু গগৈৰ পৰিয়ালৰ

“এজন আহোম সম্প্ৰদায়ৰ ব্যক্তি হৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাটো গ্ৰহণযোগ্য নহয়”

গৌৰৱ গগৈ পাকিস্তান লৈ গ’ল যেতিয়া তেওঁ আমাৰ শত্ৰু: জিন্টু গগৈৰ মাতৃ

যদি গৌৰৱ গগৈ সত্যৰ পক্ষত আছে, তেন্তে প্ৰকৃত সত্য প্ৰকাশ কৰিবলৈ ভয় কিয়?: মিলন বুঢ়াগোহাঁই

গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। এই প্ৰসংগত খুমটাইৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ মাতৃয়ে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে।

তেওঁ কয় যে, “কোনো কাৰণতে শত্ৰু দেশ পাকিস্তানলৈ যোৱা উচিত নাছিল। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ বিষয়টো ভাল পোৱা নাই। এজন আহোম সম্প্ৰদায়ৰ ব্যক্তি হৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাটো গ্ৰহণযোগ্য নহয়। গৌৰৱ গগৈ পাকিস্তানলৈ গ’ল যেতিয়া তেওঁ আমাৰ শত্ৰু,” বুলি মন্তব্য কৰে জিন্টু গগৈৰ মাতৃয়ে। লগতে, গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক কঠোৰ ভাষাৰে সমালোচনা কৰে কাৰ্গিলৰ শ্বহীদ জিণ্টু গগৈৰ পিতৃ আৰু ভাতৃয়েও। ইফালে, সদৌ টাই আহোম ছাত্ৰ সন্থাই ও বিষয়টোক ল তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে গৌৰৱ গগৈক সমগ্ৰ বিষয় সন্দৰ্ভত শীঘ্ৰেই স্পষ্ট স্থিতি প্ৰকাশ কৰাৰ আহ্বান জনায়। তেওঁ কয় যে, আহোম জনগোষ্ঠীয়ে গৌৰৱ গগৈক লৈ সদায় গৌৰৱ কৰে। কিন্তু চিৰবৈৰী পাকিস্তানৰ সৈতে সম্ভাৱ্য সম্পৰ্কৰ অভিযোগ উত্থাপন হোৱাত সমগ্ৰ সমাজ ক্ষুন্ন হৈছে। লগতে, গৌৰৱ গগৈয়ে সংবাদমেলত দিয়া প্ৰত্যুত্তৰ সন্দৰ্ভত মন্তব্য কৰি মিলন বুঢ়াগোহাঁইয়ে কয় যে, উক্ত বক্তব্যত স্পষ্টতা পৰিলক্ষিত হোৱা নাই। “যদি তেওঁ সত্যৰ পক্ষত আছে, তেন্তে প্ৰকৃত সত্য প্ৰকাশ কৰিবলৈ ভয় কিয়?” বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ। আৰু অতি শীঘ্ৰে স্পষ্ট ব্যাখ্যা আগবঢ়োৱা নহ’লে উত্থাপিত অভিযোগসমূহ সত্য বুলি গণ্য হ’ব পাৰে বুলিও তেওঁ সতৰ্ক কৰে। অনাগত দিনত পাকিস্তানৰ নাগৰিকত্ব গ্ৰহণৰ দৰে সন্দেহো উত্থাপন হ’ব পাৰে বুলি তেওঁ মন্তব্য কৰে। আনহাতে, শ্বহীদ জিন্টু গগৈৰ পিতৃ-মাতৃয়ে সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰি কয় যে, এনে স্পৰ্শকাতৰ বিষয়ত ৰাজনীতি কৰা অনুচিত। বিষয়টো যাতে কোনো পক্ষই ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ নকৰে, তাৰ বাবে সকলোকে সংযম আৰু দায়িত্বশীলতা অবলম্বন কৰিবলৈ তেওঁলোকে আহ্বান জনায়।

মঙলদৈত ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন দিলীপ শইকীয়াৰ

মঙলদৈত ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন দিলীপ শইকীয়াৰ
মঙলদৈত ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন দিলীপ শইকীয়াৰ

বৃহস্পতিবাৰে মঙলদৈত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকি মঙলদৈ ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। ইনড’ৰ ষ্টেডিয়ামৰ ভূমিপুজন কৰিলে দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই ৷
১২ কোটি টকাৰে নিৰ্মাণ হ’ব মঙলদৈ ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়াম।

ষ্টেডিয়ামৰ আধাৰশিলা অনুস্থানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় নিৰ্বাচনৰ টিকট দিয়াৰ ক্ষেত্ৰত ক’ৰবাত নহয় ক’ৰবাত বুজা বুজি, এৰাধৰা কৰিবই লাগিব, প্ৰাৰ্থী অহা ২৫ তাৰিখৰ পিছত ফ্ৰেব্ৰুৱাৰীৰ পিছত ঘোষণা কৰিব, এইবাৰ বিধানসভা নিৰ্বাচনত বহু নতুন প্ৰাৰ্থীয়ে টিকট পাব, টিকটৰ ক্ষেত্ৰত চুড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সংসদীয় বোৰ্ডে, জিলা মণ্ডল স্তৰৰ পৰা আৰম্ভ কৰি জিলা ৰাজ্যিক স্তৰলৈ বা জিলাৰ সকলো মৰ্চাৰ লগত মতামত মৰ্মে টিকট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বিজেপিৰ আভ্যন্তৰীণ পদ্ধতিৰ জৰিয়তে টিকট দিয়া হ’ব,আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু NDA সাজু, দলগাঁৱত সৰ্বাধিক ভোটাৰ মাজত কাক টিকট দিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিজেপিৰ সভাপতি দিলীপ শ‌ইকীয়াই।

এটা বিশেষ স্থানত ভোটাৰ বেছি থকাটো স্বাভাৱিক বুলি মন্তব্য কৰে দিলীপ শ‌ইকীয়াই।

Food Adulteration: স্বাস্থ্যৰ বাবে সজাগ হওকঃ আপুনি গ্ৰহণ কৰা খাদ্যই আপোনাক ৰুগীয়া কৰে

স্বাস্থ্যৰ বাবে সজাগ হওকঃ আপুনি গ্ৰহণ কৰা খাদ্যই আপোনাক ৰুগীয়া কৰে
স্বাস্থ্যৰ বাবে সজাগ হওকঃ আপুনি গ্ৰহণ কৰা খাদ্যই আপোনাক ৰুগীয়া কৰে

ভাৰতত গাখীৰ, (Food Adulteration) পনিৰ, মাংস আৰু পেকেটত ভৰোৱা খাদ্যত মিশ্ৰণ আৰু ৰাসায়নিক অৱশিষ্টই স্বাস্থ্যৰ বাবে যথেষ্ট বিপদৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত মেদবহুলতা, ডায়েবেটিছ, কেন্সাৰ আদি ৰোগ বিয়পি পৰাত সহায় কৰিছে।

সুস্বাস্থ্যৰ বাবে আপুনি হয়তো দৈনিক বহুতো পুষ্টিকৰ খাদ্য খাব পাৰে, য’ত গাখীৰ, কণী, মাংস, মাছ আদিও অন্তৰ্ভুক্ত। সোৱাদৰ বাবে মছলাও দিব পাৰে। কিন্তু আপুনি স্বাস্থ্যকৰ বুলি ভবা খাদ্যবোৰ বহু আগতেই আমাৰ বাবে বিষ হৈ পৰিছে। আমি অজানিতে প্ৰতিদিনে বহু বস্তু গ্ৰহণ কৰোঁ যিবোৰে লাহে লাহে আমাৰ শৰীৰটোক দুৰ্বল কৰি তুলিছে। ইয়াৰ বাবেই দেশত কেন্সাৰ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগবোৰো দ্ৰুতগতিত বিয়পি পৰিছে।

এন্টিবায়টিক আৰু প্ৰচেছড খাদ্যই শৰীৰত ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি কেন্সাৰ আৰু হৃদৰোগত অৰিহণা যোগাই।

আধুনিক খাদ্যই প্ৰায়ে প্ৰদাহ, ৰাসায়নিক পদাৰ্থ, বিপাকীয় ভাৰসাম্যহীনতা আনে। কণী আৰু মাংসত এন্টিবায়টিকৰ অৱশিষ্ট, হৰম’ন, বেক্টেৰিয়াৰ সংক্ৰমণ, মাছত ফৰ্মেলিন আৰু পেকেটত ভৰোৱা খাদ্যত ট্ৰেন্স ফেট, নিমখ আৰু সংৰক্ষক পদাৰ্থ পোৱা যায়।

অসুৰক্ষিত আৰু অতি প্ৰচেছড খাদ্যই প্ৰত্যক্ষভাৱে স্বাস্থ্যৰ ক্ষতি কৰে। WHO আৰু ICMRৰ তথ্য অনুসৰি এন্টিবায়টিক প্ৰতিৰোধ ক্ষমতা আৰু অসুৰক্ষিত খাদ্য বিশ্ব স্বাস্থ্যৰ বাবে ডাঙৰ প্ৰত্যাহ্বান।

শেহতীয়াকৈ ভাৰতত ডায়েবেটিছ, ফেটি লিভাৰ, হৰম’ন সম্পৰ্কীয় কৰ্কট ৰোগৰ ৰোগী বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে ইয়াৰ মূল কাৰণ হৈছে খাদ্যৰ পছন্দৰ পৰিৱৰ্তন আৰু অস্বাস্থ্যকৰ খাদ্যৰ ব্যৱহাৰ বৃদ্ধি। পেকেট আৰু প্ৰচেছড খাদ্যৰ প্ৰতি মানুহৰ আকৰ্ষণ ক্ৰমাৎ বৃদ্ধি পাইছে, যাৰ ফলত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাইছে।

যদি মানুহে ফিট হৈ থাকিব বিচাৰে তেন্তে সতেজ আৰু কম প্ৰচেছড খাদ্য গ্ৰহণ কৰিব লাগে, পেকেটত ভৰোৱা মাংস সীমিত পৰিমাণে খাব লাগে।

ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা উওৰ কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছি মণ্ডলৰ উদ্যোগত চোতাল বৈঠক

ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা উওৰ কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছি মণ্ডলৰ উদ্যোগত চোতাল বৈঠক
ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা উওৰ কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছি মণ্ডলৰ উদ্যোগত চোতাল বৈঠক

ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা উওৰ কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছি মণ্ডলৰ উদ্যোগত চোতাল বৈঠক।

২১৯আৰু ২২০ বুথৰ অনুষ্ঠিত হয় এই বৈঠক।

বৈঠকত অংশগ্ৰহণ কৃষক সকল।

আলোচনাত চৰকাৰে কৃষকৰ বাবে হাতত লোৱা বিভিন্ন আচঁনিৰ বিষয়ে হয় আলোচনা।

সমস্যা ৰোধ বুজ লয় কৃষক মৰ্চাই।

Defamation case against Gaurav Gogoi: গৌৰৱ গগৈ, জীতেন্দ্ৰ সিং, ভূপেশ বাঘেলৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ মুখ্যমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গৌৰৱ গগৈ, জীতেন্দ্ৰ সিং, ভূপেশ বাঘেলৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ মুখ্যমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
গৌৰৱ গগৈ, জীতেন্দ্ৰ সিং, ভূপেশ বাঘেলৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ মুখ্যমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গৌৰৱ গগৈ, জীতেন্দ্ৰ সিং, ভূপেশ বাঘেলৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ মুখ্যমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।(Defamation case against Gaurav Gogoi)

৯মার্চত ৩ কংগ্রেছী নেতাক আদালতত হাজিৰ হোৱাৰ নির্দেশ গৌৰৱ গগৈ, ভূপেশ বাঘেল আৰু জিতেন্দ্ৰ সিঙক।

কংগ্ৰেছ নেতৃত্বই কৰা অভিযোগৰ পাছতে মানহানিৰ গোচৰ ৰুজু কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই।

মুখ্যমন্ত্ৰীৰ ৫০০ কোটি টকাৰ মানহানিৰ গোচৰত আদালতৰ গুৰুত্বপূৰ্ণ নির্দেশ।

এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈ, জীতেন্দ্ৰ সিং, ভূপেশ বাঘেললৈ ন্যায়ালয়ৰ নিৰ্দেশ।

৯ মাৰ্চত গৌৰৱ গগৈকে ধৰি ৭জনক আদালতত হাজিৰৰ নিৰ্দেশ।

মুখ্যমন্ত্ৰীৰ ৫০০ কোটি টকাৰ মানহানিৰ গোচৰত স্থগিতাদেশ।

সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছিল ভিত্তিহীন, মানহানিকৰ তথ্য।

সংবাদমেলত এই মন্তব্য মহাধিবক্তা দেৱজিত লন শইকীয়াৰ।

সাপকাটাত মডেল অংগনবাড়ী গৃহৰ শুভ উদ্বোধন বিধায়ক জিৰন বসমুতাৰীৰ

সাপকাটাত মডেল অংগনবাড়ী গৃহৰ শুভ উদ্বোধন বিধায়ক জিৰন বসমুতাৰীৰ
সাপকাটাত মডেল অংগনবাড়ী গৃহৰ শুভ উদ্বোধন বিধায়ক জিৰন বসমুতাৰীৰ

অঞ্চলটোৰ শিশু আৰু মাতৃসকলৰ পুষ্টি-স্বাস্থ্য সেৱা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আদৰ্শ প্ৰাথামিক বিদ্যালয় সাপকাটাত এখন নতুন মডেল অংগনবাড়ী কেন্দ্ৰীয় গৃহৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক জিৰন বসমুতাৰীয়ে।


উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিধায়কগৰাকীয়ে কয় যে অংগনবাড়ী কেন্দ্ৰসমূহ হৈছে গ্ৰামাঞ্চলৰ শিশু বিকাশ, পুষ্টি আৰু প্ৰাক-বিদ্যালয় শিক্ষাৰ মূল ভিত্তি। আজি নতুনকৈ তিনিখন মডেল গৃহ ক্ৰমে-১নং সাপকাটা, ১ নং গোলাডাঙি আৰু ২ নং জাৰাগুৰীত স্থাপন হোৱাত অঞ্চলটোৰ গৰ্ভৱতী মহিলা, দুগ্ধমাতা আৰু শিশুসমূহে উন্নত পৰিৱেশত সেৱা লাভ কৰিব পাৰিব।


তেওঁ লগতে কয় যে চৰকাৰৰ লক্ষ্য হৈছে প্ৰতি গাঁৱত মানসম্পন্ন অংগনবাড়ী সুবিধা প্ৰদান কৰা, যাতে শিশুৰ শাৰীৰিক-মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা একে ঠাইতেই উপলব্ধ হয়। অনুষ্ঠানত বিভাগীয় বিষয়া,স্থানীয় অংগনবাড়ী কৰ্মী-সহায়কী আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে।

T20 World Cup 2026: T20 বিশ্বকাপ ক্ৰিকেটত আজি ভাৰতৰ দ্বিতীয়খন মেচ

T20 বিশ্বকাপ ক্ৰিকেটত আজি ভাৰতৰ দ্বিতীয়খন মেচ।(T20 World Cup 2026)
T20 বিশ্বকাপ ক্ৰিকেটত আজি ভাৰতৰ দ্বিতীয়খন মেচ।(T20 World Cup 2026)

T20 বিশ্বকাপ ক্ৰিকেটত আজি ভাৰতৰ দ্বিতীয়খন মেচ।(T20 World Cup 2026)

নামিবিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিব টীম ইণ্ডিয়া।

সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব মেচ।

অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন।



কংগ্ৰেছ কৰ্মীৰ দুখৰ সময়ত সহায় নাপোৱাৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ সহায়ত ঋণমুক্ত অজয় নৰহ

কংগ্ৰেছ কৰ্মীৰ দুখৰ সময়ত সহায় নাপোৱাৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ সহায়ত ঋণমুক্ত অজয় নৰহ
কংগ্ৰেছ কৰ্মীৰ দুখৰ সময়ত সহায় নাপোৱাৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ সহায়ত ঋণমুক্ত অজয় নৰহ


মাজুলীৰ এজন কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী অজয় নৰহে দুখৰ সময়ত দলীয় সহায় নাপোৱাৰ অভিযোগ উত্থাপন কৰাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত তেওঁ ঋণমুক্ত হোৱাৰ ঘটনা লৈ অঞ্চলজুৰি চর্চা আৰম্ভ হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, মাজুলীৰ বাসিন্দা যদিও কৰ্মসূত্ৰে গোৱাত বাস কৰা অজয় নৰহৰ পত্নীৰ ২০২৫ চনত আকস্মিক মৃত্যু হয়। পত্নীৰ মৃত্যুৰ সময়ত অজয় গোৱাত থকা বাবে তৎক্ষণাৎ অসমলৈ উভতি অহাত আৰ্থিক অসুবিধাৰ সন্মুখীন হয়। অভিযোগ অনুসৰি, ঘৰলৈ আহিবলৈ প্ৰয়োজনীয় ধনৰ অভাৱত তেওঁ এজন ব্যক্তিৰ পৰা সুতত ১৬,৫০০ টকা ধাৰ লৈ অসমলৈ উভতি আহে।

উল্লেখযোগ্য যে, অজয় নৰহ আৰু তেওঁৰ পত্নী দুয়ো কংগ্ৰেছ দলৰ সক্ৰিয় সমৰ্থক আছিল। যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁৰ পত্নী কংগ্ৰেছ দলৰ পৰা ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত হৈছিল। লোকসভা নিৰ্বাচনৰ সময়ছোৱাতো অজয়ে কংগ্ৰেছ আৰু সাংসদ গৌৰৱ গগৈৰ সমৰ্থনত সক্ৰিয়ভাৱে কাম কৰিছিল বুলি জানিব পৰা গৈছে।

অজয়ৰ দাবী অনুসৰি, ঘৰলৈ উভতি অহাৰ পিছত তেওঁ ধাৰ কৰা টকা পৰিশোধৰ ক্ষেত্ৰত সহায় বিচাৰি কংগ্ৰেছ দলৰ কেইবাজনো নেতা-কৰ্মীৰ কাষ চাপিছিল যদিও কোনো ধৰণৰ সহায় নাপালে। অৱশেষত, তেওঁৰ দুখ-কষ্টৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ হয়।

পিছত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত অজয় নৰহৰ সম্পূৰ্ণ ঋণ পৰিশোধৰ ব্যৱস্থা কৰা হয় বুলি জানিব পৰা গৈছে। এই সহায় লাভ কৰাৰ পিছত অজয়ে মুখ্যমন্ত্ৰী গৰাকীক অশেষ ধন্যবাদ জনায় আৰু দুখৰ সময়ত আগবাঢ়ি অহাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

এই ঘটনাই ৰাজনৈতিক মহলত বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ঘটনাটোৰ সন্দৰ্ভত কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।