Home Blog Page 36

প্ৰতিভাবান লেখিকা শৰ্মিষ্ঠা প্ৰীতমক মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহাৰ্য্য প্ৰদান । মুখ্যমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা বিধায়ক ৰূপক শৰ্মাৰ ।

প্ৰতিভাবান লেখিকা শৰ্মিষ্ঠা প্ৰীতমক মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহাৰ্য্য প্ৰদান । মুখ্যমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা বিধায়ক ৰূপক শৰ্মাৰ ।
প্ৰতিভাবান লেখিকা শৰ্মিষ্ঠা প্ৰীতমক মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহাৰ্য্য প্ৰদান । মুখ্যমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা বিধায়ক ৰূপক শৰ্মাৰ ।

এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা সাহাৰ্য্য প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ হৈ নগাঁৱৰ বিধায়ক ৰুপক শৰ্মা আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসে লেখিকা গৰাকীক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰি এই সাহাৰ্য্য প্ৰদান কৰে।

জানিব পৰামতে Spinal Mascular Atrophy ( SMA) দৰে জটিল ৰোগত আক্ৰান্ত প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা চিকিৎসা সাহাৰ্য্যৰ ধনৰ চেক আজি বিধায়ক দ্বয় ৰূপক শৰ্মা আৰু শশীকান্ত দাসে তেওঁক প্ৰদান কৰে। উল্লেখ যে প্ৰতিভাসম্পন্ন লেখিকা গৰাকী কম বয়সতে উল্লিখিত জটিল ৰোগত আক্রান্ত হৈ হুইল চেয়াৰতে জীৱন কটোৱাৰ লগতে সাহিত্য চৰ্চা কৰি গৈছিল।

ৰচনা কৰিছে কেবাখনো মুল্যবান গ্ৰন্থ। ব্যয় বহুল এই চিকিৎসাৰ ঔষধ বৰ্তমান ভাৰতত শেহতীয়াকৈ উপলব্ধ হৈছে। শৰ্মিষ্ঠাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাহাৰ্য্য বিচাৰি আবেদন জনোৱাত মুখ্যমন্ত্ৰীয়ে ইয়াৰ পুৰ্বে ২৫ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰিছিল। শেহতীয়াকৈ আৰু ৫ লাখ টকাৰ সাহাৰ্য আজি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে তেওঁক প্ৰদান কৰে। সাহাৰ্য্য লাভ কৰি শৰ্মিষ্ঠা প্ৰীতমে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা আৰু ধন্যবাদ জনোৱাৰ লগতে ধন্যবাদ জনাই কয় যে এই পদক্ষেপে জটিল ৰোগত আক্ৰান্ত ৰোগী সকলক যথেষ্ট সকাহ দিব। তেওঁ এনেধৰণৰ জটিল ৰোগত আক্ৰান্ত সকলকো সাহাৰ্য আগবঢ়াবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। বিধায়ক ৰূপক শৰ্মাই মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপক প্ৰশংসা কৰি কয় যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এনে পদক্ষেপে ৰোগী সকলক উপকৃত কৰি আহিছে। বিধায়ক শশীকান্ত দাসেও মুখ্যমন্ত্ৰীৰ পদক্ষেপৰ শলাগ লয়।

জটিল ৰোগত আক্ৰান্ত প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য প্ৰদান

জটিল ৰোগত আক্ৰান্ত প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য প্ৰদান
জটিল ৰোগত আক্ৰান্ত প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য প্ৰদান

জটিল ৰোগত আক্ৰান্ত প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য প্ৰদান। বিধায়ক ৰূপক শৰ্মা আৰু শশীকান্ত দাসে লেখিকা গৰাকীৰ বাসগৃহত উপস্থিত হৈ আগবঢ়ালে মুখ্যমন্ত্ৰীৰ সাহায্য।

Spinal Muscular Atrophy (SMA) দৰে জটিল ৰোগত আক্ৰান্ত প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰীৰ সাহায্য৷ বুধবাৰে শৰ্মিষ্ঠাৰ ৰহাৰ ডিমৌৰ নিজা বাসগৃহত মুখ্যমন্ত্ৰীৰ পাঁচ লাখ টকাৰ চেক শৰ্মিষ্ঠাৰ হাতত প্ৰদান কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপৰ শৰ্মা আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসে৷ উল্লেখ্য, প্ৰতিভাৱান লেখিকা শৰ্মিষ্ঠা তেনেই কম বয়সতে Spinal Muscula Atrophyৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ হুইল চেয়াৰতে জীৱন কটাবলগীয়া হৈছে আৰু এই হুইল চেয়াৰত বহিয়ে সৃষ্টি কৰি গৈছে ইখনৰ পিচত সিখন মূল্যবান গ্ৰন্থ৷ জানিব পৰা মতে ব্যয়বহুল এই SMA ৰোগৰ ঔষধ শেহতীয়াকৈ ভাৰতত উপলব্ধ হৈছে৷

শৰ্মিষ্ঠাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আবেদন কৰাত মুখ্যমন্ত্ৰীয়ে এই ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰথমে ২৫ লাখ টকা সাহায্য আগবঢ়াইছিল আৰু শেহতীয়াকৈ বুধবাৰে আৰু ৫ লাখ টকা বিধায়ক ৰূপক শৰ্মাৰ জড়িয়তে শৰ্মিষ্ঠাক প্ৰদান কৰে৷ সাহাৰ্য লাভ কৰি শৰ্মিষ্ঠাই মুখ্যমন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে এনে ধৰণৰ জটিল ৰোগত আক্ৰান্ত সকলোকে চৰকাৰে সাহাৰ্য কৰিবলৈ আহ্বান জনায় ৷ এই সাহায্যৰ জড়িয়তে শৰ্মিষ্ঠা সুস্থ হৈ উঠক৷ সেয়া সকলোৱে কামনা কৰিছে৷

Sribhumi: ভয়ংকৰ দুৰ্ঘটনাঃ দলং ভাগি নদীত পৰিল বাহন

Sribhumi: ভয়ংকৰ দুৰ্ঘটনাঃ দলং ভাগি নদীত পৰিল বাহন
Sribhumi: ভয়ংকৰ দুৰ্ঘটনাঃ দলং ভাগি নদীত পৰিল বাহন

দলং ভাগি ভয়ংকৰ অঘটন সংঘটিত।(Sribhumi)

দলং ভাগি নদীত পৰিল কেইবাখনো বাহন।

দলং ভাঙি সিংলা নদীত পৰিল ৭খনকৈ বাহন।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চাৰিজনকৈ ব্যক্তি।

দুখন অভাৰ লোডেড ডাম্পাৰ, দুখন অল্ট’, এখন বলেৰ’ পিকআপ, এখন মেক্সিম’ পিকআপ আৰু এখন বাইক নদীত পৰে।

শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰত ভয়ংকৰ দুৰ্ঘটনা।

আহত লোকক চিকিৎসালয়লৈ প্ৰেৰণ।

আনিপুৰ–ৰামকৃষ্ণনগৰ সংযোগী দলঙত এই ঘটনা।

মৰাণৰ ৰাজপথত যুঁজাৰু বিমানঃ মৰাণৰ ৰাজপথত নামিব প্ৰধানমন্ত্ৰীৰ বিমান

মৰাণৰ ৰাজপথত যুঁজাৰু বিমানঃ মৰাণৰ ৰাজপথত নামিব প্ৰধানমন্ত্ৰীৰ বিমান
মৰাণৰ ৰাজপথত যুঁজাৰু বিমানঃ মৰাণৰ ৰাজপথত নামিব প্ৰধানমন্ত্ৰীৰ বিমান

মৰাণৰ ৰাজপথত যুঁজাৰু বিমান।

যুঁজাৰু বিমানৰ অনুশীলন মৰাণৰ ৰাজপথত।

মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাফেল, ছুখয়; মিৰাজ।

মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাফেল, ছুখয়; মিৰাজকে ধৰি ১৬খনকৈ যুদ্ধ বিমানে প্ৰদৰ্শন কৰিব এয়াৰ শ্ব’।

১৪ ফেব্ৰুৱাৰীত মৰাণৰ ৰাজপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে।

১৪ ফেব্ৰুৱাৰী শনিবাৰে মৰাণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক অধ্যায়ৰ সূচনা কৰিব, য’ত তেওঁ প্ৰথমবাৰৰ বাবে অসমৰ এক ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত বিশেষ বিমান অৱতৰণ কেন্দ্ৰ (Highway Landing Strip) ব্যৱহাৰ কৰিব।

জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে চাবুৱা বায়ুসেনা ঘাটিত অৱতৰণ কৰি তাৰ পৰা মৰাণলৈ ৰাওনা হ’ব আৰু তাৰ পাছত সেই বিশেষ ঘাইপথতে বিমান নমাই এক বিৰল অভিলেখ গঢ়িব।

এই কাৰ্যসূচীত ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানৰ দ্বাৰা এক আকৰ্ষণীয় ফ্লাইপাষ্ট আৰু অৱতৰণ প্ৰদৰ্শনীও অনুষ্ঠিত হ’ব, যিয়ে দেশৰ প্ৰতিৰক্ষা সক্ষমতা আৰু জৰুৰীকালীন আন্তঃগাঁথনিৰ শক্তি প্ৰদৰ্শন কৰিব।

এই সমগ্ৰ প্ৰক্ৰিয়াৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে একেখন ঘাইপথৰ ৰানৱে’ৰ পৰাই C-130 সামৰিক বিমানযোগে গুৱাহাটীলৈ উভতি যাব।

মৰাণৰ এই বিশেষ কাৰ্যসূচীয়ে কেৱল কৌশলগত গুৰুত্বই নহয়, বৰঞ্চ দুৰ্যোগ ব্যৱস্থাপনা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত শক্তিৰ এক বলিষ্ঠ নিদৰ্শন দাঙি ধৰিব।

প্ৰকাশ পালে বিশেষ সংশোধনীৰ চূড়ান্ত ভোটাৰ তালিকা

প্ৰকাশ পালে বিশেষ সংশোধনীৰ চূড়ান্ত ভোটাৰ তালিকা
প্ৰকাশ পালে বিশেষ সংশোধনীৰ চূড়ান্ত ভোটাৰ তালিকা

SRৰ পাছত প্ৰকাশ পালে অসমৰ চূড়ান্ত ভোটাৰ তালিকা।

২,৪৩,৪৮৫ ভোটাৰৰ নাম কর্তনেৰে চূড়ান্ত ভোটাৰ তালিকা প্রকাশ।

ভোটাৰ তালিকাক লৈ কিবা অভিযোগ থাকিলে ১৫ দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত আৱেদন কৰিব পাৰিব।

নহ’লে ৩০ দিনৰ ভিতৰত অসমৰ মুখ্য নির্বাচনী বিষয়াৰ ওচৰত আৱেদন কৰিব পাৰিব।

অসমৰ মুঠ ভোটাৰৰ সংখ্যা ২,৪৯,৫৮,১৩৯গৰাকী।

ইয়াৰে পুৰুষ ভোটাৰ ১,২৪, ৮২,২১৩ গৰাকী।

অসমত মহিলা ভোটাৰৰ সংখ্যা ১,২৪,৭৫,৫৮৩গৰাকী।

তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩৪৩গৰাকী।

https://electoralsearch.eci.gov.in/ত চাব পাৰিব আপোনাৰ নাম।

Abhishek Sharma: T20 বিশ্বকাপৰ পূৰ্বে অসুস্থ ক্ৰিকেটাৰ অভিষেক শৰ্মা

Abhishek Sharma: T20 বিশ্বকাপৰ পূৰ্বে অসুস্থ ক্ৰিকেটাৰ অভিষেক শৰ্মা
Abhishek Sharma: T20 বিশ্বকাপৰ পূৰ্বে অসুস্থ ক্ৰিকেটাৰ অভিষেক শৰ্মা

টী-২০ বিশ্বকাপত কাইলৈ ভাৰত-নামিবিয়াৰ মেচ৷ (Abhishek Sharma)

কাইলৈ নামিবিয়াৰ বিৰুদ্ধে T-20 বিশ্বকাপত ভাৰতৰ দ্বিতীয়খন মেচ।

T20 বিশ্বকাপৰ পূৰ্বে অসুস্থ ক্ৰিকেটাৰ অভিষেক শৰ্মা।

পেটৰ বিষত আক্ৰান্ত ভাৰতীয় দলৰ বেটাৰ অভিষেক শর্মা।

দিল্লীৰ ফৰ্টিছ হস্পিতালত ভর্তি ক্রিকেটাৰজনক।

অভিষেক শর্মা সুস্থ হৈ নুঠিলে সঞ্জু চেমচনে অপেনিং কৰাৰ সম্ভাৱনা৷

সোমবাৰে নিশালৈকে হাস্পতালতে আছিল যদিও বর্তমান খেলুৱৈগৰাকীৰ স্বাস্থ্যক লৈ কোনো আনুষ্ঠানিক খবৰ প্রকাশ কৰা নাই।

HS Exam: আজিৰে পৰা ৰাজ্যত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

আজিৰে পৰা ৰাজ্যত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। (HS Exam)
আজিৰে পৰা ৰাজ্যত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। (HS Exam)

আজিৰে পৰা ৰাজ্যত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। (HS Exam)

দুপৰীয়া ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব পৰীক্ষা।

৮২১টা কেন্দ্রত অনুষ্ঠিত হ’ব পৰীক্ষা অৱতীৰ্ণ হ’ব ৩ লাখ ৩০ হাজাৰ ৩৪৪ গৰাকী পৰীক্ষাৰ্থী।

৪ টা শাখাত পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী।

১৬ মাৰ্চলৈ চলিব পৰীক্ষা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।

উজনি অসমত অব্যাহত মিঞা বিৰোধী অভিযান । “ছ্যু-কা-ফা, শংকৰদেৱৰ বৰ অসম লাগে, মিঞালেণ্ড নালাগে” আদি বিভিন্ন শ্ল’গনেৰে হৰ্ডিং, পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ অভিযান অব্যাহত বিভিন্ন দল-সংগঠনৰ

উজনি অসমত অব্যাহত মিঞা বিৰোধী অভিযান । "ছ্যু-কা-ফা, শংকৰদেৱৰ বৰ অসম লাগে, মিঞালেণ্ড নালাগে" আদি বিভিন্ন শ্ল'গনেৰে হৰ্ডিং, পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ অভিযান অব্যাহত বিভিন্ন দল-সংগঠনৰ
উজনি অসমত অব্যাহত মিঞা বিৰোধী অভিযান । "ছ্যু-কা-ফা, শংকৰদেৱৰ বৰ অসম লাগে, মিঞালেণ্ড নালাগে" আদি বিভিন্ন শ্ল'গনেৰে হৰ্ডিং, পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ অভিযান অব্যাহত বিভিন্ন দল-সংগঠনৰ

উজনি অসমত বৰ্তমানেও অব্যাহত আছে মিঞা খেদা অভিযান। উজনি অসম তথা যোৰহাট, শিৱসাগৰকে ধৰি বিভিন্ন অঞ্চলত বাংলাদেশী মিঞাৰ বিৰুদ্ধে ব্যাপক পোষ্টা ৰিং, হৰ্ডিং লগোৱা কাৰ্য আজিও অব্যাহত আছে অসমীয়া যুৱমঞ্চ, জাতীয় সংগ্ৰামী সেনা, বীৰ লাচিত সেনা, খিলঞ্জিয়া ঐক্য মঞ্চকে ধৰি বিভিন্ন দল-সংগঠনে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মিঞাক আক্ৰমণ কৰি বিভিন্ন শ্লগানেৰে হৰ্ডিং, পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ অভিযান অব্যাহ দল-সংগঠনৰ। খিলঞ্জীয়া সকলক সজাগ কৰাৰ চেষ্টাৰে অব্যাহত আছে এই আন্দোলন কাৰ্য।

“আমাক নতুন বৰ অসম নালাগে, আমাক মিঞা মুক্ত বৰ অসম লাগে”, “মিঞা খে দাওঁক অসম বচাওঁক” , “মিঞা খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক”,  “থলুৱাক নিযুক্তি দি মিঞা খেদক”, “জাগিলে অসম ৰখিব দেশ ,নহ’লে হ’ব বাংলাদেশ “, “লাচিত, শংকৰদেৱৰ জেশত মিঞাৰ স্থান নাই”,”ছ্যু-কা-ফা, শংকৰদেৱৰ বৰ অসম লাগে, মিঞালেণ্ড নালাগে” আদি বিভিন্ন শ্ল’গনেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হৰ্ডিং লগাই সাধাৰণ জনতাক সজাগ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে, শিৱসাগৰৰ আমগুৰিত অসমীয়া যুৱ মঞ্চই প্ৰথমে মিঞা বিৰোধী অভিযান আৰম্ভ কৰিছিল। তাৰ পিছতে সজাগ হৈ পৰে বিভিন্ন দল-সংগঠন। খিলঞ্জিয়া ঐক্য মঞ্চ, অসমে ৰাস্তাৰ কাষত “বাংলাদেশী মিঞা খেদক জাতি বচাওক”, “হাতত বিড়ি মুখত পান ভাগৌ মিঞা পাকিস্তান”, “আহ ঐ আহ, ওলাই আহ, খেদ ঐ খেদ মিঞাক খেদ”, “আছে হেংদাং লোৱা নাই, ললে হেংদাং মিঞাৰ ৰক্ষা নাই” আদি বিভিন্ন শ্লগানেৰে হৰ্ডিং লগাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। লগতে, আগন্তুক দিনত মিঞা বিৰোধী অভিযান ইয়াতকৈও ভয়াৱহ হ’ব বুলি সকীয়নি দিয়ে।

“মই বিদেশী বুলি কওঁতে গৌৰৱ গগৈয়ে পত্নীৰ বিহু নচাৰ ফটো দি কবিতা লিখিছিল।”- মুখ্যমন্ত্ৰী

“মই বিদেশী বুলি কওঁতে গৌৰৱ গগৈয়ে পত্নীৰ বিহু নচাৰ ফটো দি কবিতা লিখিছিল।”- মুখ্যমন্ত্ৰী
“মই বিদেশী বুলি কওঁতে গৌৰৱ গগৈয়ে পত্নীৰ বিহু নচাৰ ফটো দি কবিতা লিখিছিল।”- মুখ্যমন্ত্ৰী

কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পত্নীৰ নাগৰিকত্বক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে গৌৰৱ গগৈৰ পত্নী বিদেশী বুলি তেওঁ প্ৰমাণ কৰি দিছে আৰু এই সন্দৰ্ভত গগৈয়ে নিজেই কিছুমান কথা কৈ বিষয়টোক আৰু জটিল কৰি তুলিছে।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে “মই বিদেশী বুলি কওঁতে গৌৰৱ গগৈয়ে পত্নীৰ বিহু নচাৰ ফটো দি কবিতা লিখিছিল।” তেওঁ দাবী কৰে যে ৰাজনীতিত আজিলৈ তেওঁ এটাও মিছা কথা কোৱা নাই। তেওঁ লগতে কয়, তেওঁক যদি এই বিষয়ত চেলেঞ্জ নকৰা হ’লহেঁতেন, তেন্তে বিষয়টো ইমান গভীৰতালৈ নগ’লহেঁতেন।

হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে ভিছা নোহোৱাকৈ ৰাৱালপিণ্ডিলৈ যোৱা বুলি নিজে কোৱা মন্তব্যৰ কথাও উল্লেখ কৰি কয় যে এই কথাই বিষয়টোক আৰু বেছি জটিল কৰি তুলিছে। এতিয়া বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব বুলি তেওঁ মন্তব্য কৰে আৰু গৌৰৱ গগৈয়ে নিজে কোৱা কথাৰ উত্তৰ নিজেই দিব লাগিব বুলিও তেওঁ কয়।

ইফালে, ২৪ তম বড়োলেণ্ড দিৱস উপলক্ষে মুখ্যমন্ত্ৰীয়ে বিটিচিৱাসীৰ বাবে পাঁচটা গুৰুত্বপূৰ্ণ উপহাৰৰ ঘোষণা কৰে। বড়োলেণ্ড এলেকাত দলং আৰু ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে ১,০০০ কোটি টকাৰ পুঁজি ঘোষণা কৰা হয়। লগতে ১৫,০০০ যুৱক-যুৱতীক আত্মসংস্থাপনৰ বাবে দুই লাখ টকাকৈ সহায় আগবঢ়োৱাৰ কথাও ঘোষণা কৰা হয়।

চেন্নাইত বড়োলেণ্ড ভৱন নিৰ্মাণৰ বাবে পুঁজিৰ আৱণ্টন দিয়া হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। তাৰোপৰি নতুন দিল্লীত বিহু, ঝুমুৰ আৰু বাগৰুম্বা প্ৰদৰ্শনৰ জৰিয়তে অসমৰ সংস্কৃতি দেশবাসীৰ মাজত প্ৰচাৰ কৰা হ’ব বুলিও তেওঁ কয়।

আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বিটিচি এলেকাত বিপিএফৰ সৈতে মিত্ৰতাৰ বিষয়ে আলোচনা চলি আছে আৰু সকলো দল মিলাপ্ৰীতিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাও খতিয়ান কৰা হৈছে। তেওঁ কয়, এফালে কংগ্ৰেছ আৰু আনফালে বাকী দলসমূহ থাকিব।

মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিখনক চৰকাৰৰ শ্ৰেষ্ঠ আঁচনি বুলি উল্লেখ কৰি কয় যে এই আঁচনিখনে গ্ৰাম্য অৰ্থনীতি সম্পূৰ্ণৰূপে সলনি কৰিব। লগতে এচআৰত মৰা ব্যক্তিৰ নাম কটা, বিয়া হৈ ঠাই সলনি কৰা লোকৰ নাম সংশোধন আৰু যোগ্য ব্যক্তিৰ নতুনকৈ নাম অন্তৰ্ভুক্তিৰ কাম চলি থকা বুলি তেওঁ জানিবলৈ দিয়ে।

শেষত মুখ্যমন্ত্ৰীয়ে কয় যে লোকসভা নিৰ্বাচনত এনডিএই ৯৬ টা বিধানসভা ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছিল আৰু আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াতকৈও অধিক ভাল ফলাফল লাভ কৰাৰ আশা ব্যক্ত কৰে।

“দেশতকৈ মামী ডাঙৰ নহয়” – কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

“দেশতকৈ মামী ডাঙৰ নহয়” - কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
“দেশতকৈ মামী ডাঙৰ নহয়” - কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞাৰ বিৰুদ্ধে বৰপেটাত প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ ৰাজীৱ ভৱনৰ সন্মুখত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীৰ শীৰ্ষক আছিল — “দেশতকৈ মামী ডাঙৰ নহয়”।

প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে অভিযোগ তোলে যে মুখ্যমন্ত্ৰীৰ সুবাদত তেওঁৰ পত্নীয়ে পৰ্বতসম সম্পত্তি আহৰণ কৰিছে। এই অভিযোগ উত্থাপন কৰি পত্নীৰ নামত থকা বুলি দাবী কৰা বিভিন্ন সম্পত্তিৰ ছবি প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে দলীয় কৰ্মীসকলে। প্ৰতিবাদস্থলীত চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসকলে আহ্বান জনাই কয় যে দেশৰ স্বাৰ্থ সকলোতকৈ ডাঙৰ আৰু দেশ ৰক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত স্বাৰ্থ আগবঢ়াব নালাগে। লাচিত বৰফুকনৰ বীৰত্বৰ উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে কয় যে অতীতত লাচিত বৰফুকনে দেশ ৰক্ষাৰ বাবে মোগলৰ বিৰুদ্ধে যুঁজ কৰিছিল আৰু এতিয়াও দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগিব।

এই সন্দৰ্ভত বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হকে কয় যে ৰাজ্যত সংঘটিত বুলি অভিযোগ উঠা এই বিষয়সমূহৰ নিৰপেক্ষ তদন্ত হ’ব লাগিব আৰু ৰাইজে ইয়াৰ সত্যতা জানিবলৈ অধিকাৰ আছে।

প্ৰতিবাদ কাৰ্যসূচীৰ ফলত কিছু সময়ৰ বাবে অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় যদিও পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।