Home Blog Page 364

দিল্লীবাসী অসমীয়াৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । Chief Minister Dr. Himanta Biswa Sarma

দিল্লীবাসী অসমীয়াৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । Chief Minister Dr. Himanta Biswa Sarma
দিল্লীবাসী অসমীয়াৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । Chief Minister Dr. Himanta Biswa Sarma

৩০ জানুৱাৰী, ২০২৫ঃ Chief Minister Dr. Himanta Biswa Sarma ।অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত বসবাস কৰা অসমীয়াৰ সৈতে এক বিশেষ মত বিনিময় সভাত অংশগ্ৰহণ কৰে। দিল্লীৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত এই সভাত মুখ্যমন্ত্ৰীয়ে অসমৰ গৌৰৱশালী সংস্কৃতি, পৰম্পৰা, আৰু ভৱিষ্যত সম্ভাৱনাসমূহৰ বিষয়ে ভাষণ দিয়ে।

তেওঁ কয়, “ অতিত অসমে দিল্লীৰ ওপৰত নিৰ্ভৰশীল আছিল । এতিয়া অসমে দিল্লীক দিয়াৰ চিন্তা কৰিছে !” আমাৰ মাটিৰ বৈভৱ, ধান, চাহ, বন্তি, আৰু সংস্কৃতিৰ লগতে অসমৰ প্ৰাকৃতিক সম্পদৰ, বিশেষকৈ গেছ আৰু তেলৰ জৰিয়তে ভাৰতৰ জ্বালানী ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই আহিছে।” মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমৰ তেল আৰু প্ৰাকৃতিক গেছ ভাৰতৰ অৰ্থনীতিৰ মজবুত খুঁটি হিচাপে পৰিগণিত।

মুখ্যমন্ত্ৰীয়ে অসমৰ গেছ পাইপলাইন আৰু তেলৰ প্ৰসাৰ সম্পৰ্কে কথা পাতি কয় যে এই উদ্যোগসমূহ দিল্লীসহ সমগ্ৰ ভাৰতৰ প্ৰগতিৰ বাবে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। অসমৰ পৰা প্ৰেৰণ হোৱা তেল আৰু গেছৰ যোগান দিল্লীৰ মেট্ৰো, যানবাহন, আৰু বিভিন্ন উদ্যোগত ব্যৱহৃত হয়, যি দেশৰ অৰ্থনীতিৰ গতিশীলতাক তীব্ৰ কৰে।

সভাখনত মুখ্যমন্ত্ৰীয়ে দিল্লীৰ অসমীয়া সমাজৰ সৈতে মত বিনিময় কৰি অসমীয়াৰ সংস্কৃতি সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। লগতে তেওঁ কয়, “অসমীয়াৰ মনোবল আৰু অসমৰ প্ৰাকৃতিক সম্পদৰ সংযোগৰ জৰিয়তে অসম আৰু দিল্লীৰ মাজত এক মজবুত বন্ধন স্থাপন কৰিব পাৰি।”

এই মত বিনিময় সভা দিল্লীৰ অসমীয়াসকলৰ মাজত এক নতুন উদ্দীপনা আনিছে। উপস্থিত সকলোৰে মাজত মুখ্যমন্ত্ৰীয়ে অসমক দিল্লীৰ লগতে ভাৰতৰ উন্নয়ন পথত মুকলি কৰা এক সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে দৰ্শাইছে।

নিৰপেক্ষ সংবাদ মাধ্যম, সমাজৰ উন্নয়নৰ মুলমন্ত্ৰ – মন্ত্ৰী পীযুষ হাজৰিকা । Minister Pijush Hazarika

নিৰপেক্ষ সংবাদ মাধ্যম, সমাজৰ উন্নয়নৰ মুলমন্ত্ৰ - মন্ত্ৰী পীযুষ হাজৰিকা । Minister Pijush Hazarika
নিৰপেক্ষ সংবাদ মাধ্যম, সমাজৰ উন্নয়নৰ মুলমন্ত্ৰ - মন্ত্ৰী পীযুষ হাজৰিকা । Minister Pijush Hazarika

৩০ জানুৱাৰী,গুৱাহাটী ২০২৫: Minister Pijush Hazarika । “নিৰপেক্ষ সংবাদ মাধ্যমসমূহ সমাজৰ উন্নয়ন আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ এক অন্যতম মজবুত স্তম্ভ,” এই মন্তব্য কৰে অসমৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই। শুকুৰবাৰে অনুষ্ঠিত এক সাংবাদিকতা-প্ৰশিক্ষণ শিবিৰত ভাষণ দি মন্ত্ৰীগৰাকীয়ে নিৰপেক্ষ সাংবাদিকতাৰ গুৰুত্বৰ বিষয়ে প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সংবাদ মাধ্যম হৈছে সমাজৰ উন্নয়ন আৰু জনসচেতনতা বৃদ্ধি কৰাৰ এক শক্তিশালী মাধ্যম। “পক্ষপাতিত্বমুক্ত সংবাদই জনসাধাৰণক সঠিক তথ্য প্ৰদান কৰি গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰে। পক্ষপাতিত্ব অথবা ভ্ৰান্ত তথ্যই কেৱল বিভ্ৰান্তি সৃষ্টি কৰে আৰু সমাজৰ সম্প্ৰীতিৰ ভিত্তি দূৰ্বল কৰে,” তেওঁ কয়।

পীযুষ হাজৰিকাই সংবাদ মাধ্যমক উদ্দেশ্য কৰি লগতে উল্লেখ কৰে যে গণমাধ্যমক সকলোৱে বিশ্বাস কৰে। “সাংবাদিকতা হৈছে জনসাধাৰণৰ বিশ্বাসৰ আধাৰ। এনেকুৱা পৰিস্থিতিত সংবাদ মাধ্যমৰ উচিত সকলো বিষয়ত সম দৃষ্টি ৰাখি খবৰ প্ৰচাৰ কৰা। কেৱল নিৰ্ভুল, সত্য আৰু স্পষ্ট সংবাদেই সমাজত একতা আৰু শান্তিৰ বীজ বপন কৰিব পাৰে,” তেওঁ কয়।

অনুষ্ঠানটোত মুৰব্বী সাংবাদিকসকলে নিৰপেক্ষ সাংবাদিকতাৰ আদৰ্শসমূহ সম্পৰ্কে আলোচনাৰে অংশগ্ৰহণ কৰে। বক্তাসকলে সংবাদ মাধ্যমৰ দায়িত্ব আৰু চৰিত্ৰৰ ওপৰত আলোকপাত কৰি শুদ্ধতা আৰু ন্যায্যতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ দায়িত্বৰ ওপৰত জোৰ দি জনায় যে, “সংবাদ মাধ্যমৰ লক্ষ্য হ’ব লাগে তথ্যপ্ৰৱাহৰ বিশ্বাসযোগ্যতা সুৰক্ষিত কৰা। সমাজৰ কল্যাণ সাধন কৰি উন্নয়নৰ ক্ষেত্ৰত গণমাধ্যমৰ ভূমিকা অপৰিসীম।”

উক্ত অনুষ্ঠানত বিভিন্ন গণমাধ্যমৰ প্ৰতিনিধি, সাংবাদিক, আৰু শিক্ষার্থীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত নিৰপেক্ষ সাংবাদিকতাৰ প্ৰয়োজনীয়তা আৰু সমাজৰ প্ৰতি সংবাদ মাধ্যমৰ দায়িত্ব বুজাবলৈ বহু গুৰুত্বপূর্ণ দিশৰ ওপৰত আলোচনা হয়।

বৰনদীৰ পাৰৰ বালিকুছি সত্ৰ সভা মহোৎসৱত আধ্যাত্মিকতা আৰু সম্প্ৰতিৰ মিলন ।River Bornadi

বৰনদীৰ পাৰৰ বালিকুছি সত্ৰ সভা মহোৎসৱত আধ্যাত্মিকতা আৰু সম্প্ৰতিৰ মিলন ।River Bornadi
বৰনদীৰ পাৰৰ বালিকুছি সত্ৰ সভা মহোৎসৱত আধ্যাত্মিকতা আৰু সম্প্ৰতিৰ মিলন ।River Bornadi

৩০ জানুৱাৰী, ২০২৫ঃ দৰং আৰু কামৰূপৰ সীমান্ত বৰনদীৰ পাৰত বালিকুছি সত্ৰ সভা মহোৎসৱ ২৮ জানুৱাৰীৰ পৰা পাঁচ দিনীয়াকৈ অনুষ্ঠিত হৈছে। আধ্যাত্মিকতা, সংস্কৃতি, আৰু সম্প্ৰতিৰ একত্ৰণৰ যোগে এই সভা মহোৎসৱ জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰিছে। River Bornadi ।

সভা মহোৎসৱৰ আয়োজনত হিন্দু-মুছলমানসহ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মিলনে এই মহোৎসৱক সম্প্ৰতিৰ অনন্য ক্ষেত্ৰত পৰিণত কৰিছে। ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈ ১ ফেব্ৰুৱাৰীলৈ চলা এই পাঁচ দিনীয়া সভা মহোৎসৱত আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে স্থানীয় ৰাইজৰ লগতে দূৰ-দূৰণিৰ লোকসকলৰো সমাগম হৈছে।

উদযাপন সমিতিয়ে উল্লেখ কৰিছে যে এই মহোৎসৱত লক্ষ্যাধিক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে বাণিজ্য ক্ষেত্ৰত হাজোৰ সৰ্থেবাৰী আৰু কাঁহ-পিতলৰ ব্যৱসায়ীকসহ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানে সভালৈ উপস্থিতি জনাইছে।

সভা মহোৎসৱৰ থলীত ইতিমধ্যে এক উথপথপ পৰিৱেশ বিৰাজ কৰিছে। আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ লগতে অসমৰ জনপ্ৰিয় শিল্পীসকলৰ গীত পৰিৱেশন আৰু পশ্চিমবঙ্গৰ কন্যা মর্মিতা মিত্রৰ সংগীতানুষ্ঠান এই মহোৎসৱৰ আকৰ্ষণ বৃদ্ধি কৰিছে।

বালিকুছি সত্ৰ সভা মহোৎসৱত আধ্যাত্মিকতা আৰু সাংস্কৃতিক বৈচিত্রৰ এই মিলনৰ যোগে সম্প্ৰতি আৰু ভাতৃত্ববোধৰ এক সুকীয়া দৃষ্টান্ত স্থাপন কৰিছে।

বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধীলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বটাঁ । Mohan Bhaira Memorial Award for the year 2025

বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধীলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বটাঁ । Mohan Bhaira Memorial Award for the year 2025
বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধীলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বটাঁ । Mohan Bhaira Memorial Award for the year 2025

৩০ জানুৱাৰী, নলবাৰী: Mohan Bhaira Memorial Award for the year 2025 । ২০২৫ চনৰ মোহন ভাইৰা স্মাৰক বঁটা নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ আল্লিয়াৰ নাৰায়ণ গাঁৱৰ বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধীলৈ আগবঢ়োৱা হৈছে।আজি নলবাৰী শ্বহীদ ভৱনত এক সংবাদমেল যোগে ঘোষণা কৰে এই বঁটা। সদৌ অসম ছাত্ৰ সন্থাৰ উপ- সভাপতি ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰিয়াজুউদ্দিন আহমেদ, জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদ,সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত উপদেষ্টা গুণজ্যোতি পাঠক ,অক্ষয় ডেকা আৰু নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ

উপস্থিত থকা আজিৰ সংবাদমেলত কয় যে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ ইং চনৰ পৰা সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক সন্মান প্ৰদান কৰাৰ বাবে ২০০৯ চনত পুণ্য প্ৰভা দত্ত তামুলী, ২০১০ চনত সীতাৰাম ৰায়, ২০১১ চনত মুকুতাৰাম বৰুৱা ওজা,২০১২ চনত মাণিক শইকীয়া ওজা , ২০১৩ চনত ৰূহীন ৰাভা , ২০১৪ চনত দ্বেজেন গগৈ, ২০১৫ প্ৰভাত শৰ্মা , ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালী , ২০১৮ চনত লোকনাথ কুটুমক প্ৰদান কৰা হয় যদিও ২০‍১৯ ৰ কা আন্দোলন আৰু ২০২০ কোভিড মহামাৰিৰ পৰিপ্ৰেক্ষিতত এই বটা প্ৰদান কৰিব পৰা নগল , ২০২১ হৰেকৃষ্ণ তালুকদাৰ, ২০২২ নিকুঞ্জ পাঠক, ২০২৩ অনিৰাম নাথ,২০২৪ পৰমেশ্বৰ বসুমতাৰীক বটা প্ৰদান কৰা হয় ।

অহা ১ ফেব্ৰুবাৰী ২০২৫ ইং তাৰিখ শনিবাৰে অনুষ্ঠিত হব লগা বটা প্ৰদান অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মাই উপস্হিত থাকিব ।বটাঁ প্ৰদান কৰিব দুবাৰকৈ সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° দীপক কুমাৰ শৰ্মাদেৱে । নলবাৰীৰ জিলা পুথিভঁৰাল ভঁৰাল প্ৰেক্ষা গৃহত অনুষ্ঠিত হবলগীয়া উক্ত বটা প্ৰদান অনুষ্ঠানত বটাঁৰ লগতে নগদ ধন, স্মাৰক ,ফুলাম জাপি, ফুলাম গামোছা, মানপত্ৰ চেলেং নগদ ধন আদি প্ৰদান কৰা হব।


নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ আল্লিয়াৰ নাৰায়ণ গাঁৱত ১৯৪৬ তলত জন্মগ্ৰহণ কৰা সন্মানীয় নাগাৰা নামৰ শিল্পী বিজয় মেধীদেৱে ১৯৬২ চনত নাগাৰা নামৰ চৰ্চা আৰম্ভ কৰা মেধী দেৱে ১৯৭৭ চনৰ পৰা প্ৰায় ১০০ টা নাগাৰা নাম ৰচনা কৰা মেধীদেৱে বিভিন্ন জন নাগাৰা নামৰ পাঠকৰ জৰিয়তে তেখেতে ৰচনা কৰা নাগাৰা নাম ৰাইজ মাজলৈ আগবঢ়ায়।

পথ সুৰক্ষা সজাগতা মাহৰ সামৰণি অনুষ্ঠিত ডিমৰীয়া মহাবিদ্যালয়ত । Dimaria College

পথ সুৰক্ষা সজাগতা মাহৰ সামৰণি অনুষ্ঠিত ডিমৰীয়া মহাবিদ্যালয়ত । Dimaria College
পথ সুৰক্ষা সজাগতা মাহৰ সামৰণি অনুষ্ঠিত ডিমৰীয়া মহাবিদ্যালয়ত । Dimaria College

৩০ জানুৱাৰী, ২০২৫ঃ Dimaria College । অসমৰ কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ত পথ সুৰক্ষা সজাগতা মাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

এই অনুষ্ঠানত ৰাজ্যৰ পৰিবহন মন্ত্ৰী যোগেন মহন উপস্থিত থাকে। ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ আয়ুক্তে পথ সুৰক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ ক্ষেত্ৰত ব্যক্তিগত সজাগতাৰ ভূমিকা উল্লেখ কৰে। তেওঁ গাড়ী চলোৱাৰ সময়ত যান-বাহন আইন যথাযথভাৱে মানি চলিবলৈ সকলোকে আহ্বান জনায়।

পৰিবহন মন্ত্ৰী যোগেন মহনে তেওঁৰ ভাষণত পৰিবহন বিভাগৰ “পঞ্চসূত্ৰ” মানি চলিবলৈ ৰাইজক আহ্বান জনাই। তদুপৰি তেওঁ উল্লেখ কৰে যে পথ সুৰক্ষাৰ নিয়মসমূহ প্ৰতিজনে পালন কৰিলে তেহে আমি কাকো অঘটন ৰোধ কৰিব পাৰিম। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক দুচকীয়া বাহন চলোৱাৰ সময়ত চালক আৰু আৰোহী দুয়োকে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানৰ আৰম্ভণি অসম সংগীত আৰু মুকাভিনয়ৰ পৰিৱেশনৰে হয়। মুকাভিনয়ৰ জড়িয়তে পথ দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰয়োজনীয়তা আৰু সজাগতাৰ বার্তা ৰাইজ আৰু শিক্ষাৰ্থীসকলৰ মাজত প্ৰচাৰ কৰা হয়।

অনুষ্ঠানৰ অংশ হিচাপে এক সজাগতা মূলক বাইক ৰেলী আৰু স্বাক্ষৰ অভিযানো অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সামৰণি অনুষ্ঠানসমূহে জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ প্ৰতি দায়িত্বশীল মনোভাৱ গঢ়ি তুলিবলৈ সহায় কৰিছে।

Plane Crash: ভয়ংকৰ বিমান দুৰ্ঘটনা! স্বামীয়ে আশা কৰিছিল জীৱিত অৱস্থাত ঘূৰি আহিব পত্নী!

Plane Crash: ভয়ংকৰ বিমান দুৰ্ঘটনা! স্বামীয়ে আশা কৰিছে জীৱিত অৱস্থাত ঘূৰি আহিব পত্নী!
Plane Crash: ভয়ংকৰ বিমান দুৰ্ঘটনা! স্বামীয়ে আশা কৰিছে জীৱিত অৱস্থাত ঘূৰি আহিব পত্নী!

“২০ মিনিটৰ পিছত এয়াৰপৰ্ট পাম!”পত্নীয়ে স্বামীলৈ বাৰ্তা প্ৰেৰণ কৰে।(Plane Crash) কিন্তু তাৰ পিছৰ পৰা পত্নীৰ মেছেজ নাই। আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। কানছাছৰ পৰা ৱাশ্বিংটনলৈ উভতি অহাৰ পথত ৰ’নাল্ড ৰেগান বিমানবন্দৰত অৱতৰণ কৰাৰ পূৰ্বে আমেৰিকান এয়াৰলাইন্সৰ এখন যাত্ৰীবাহী বিমানে সামৰিক হেলিকপ্টাৰত খুন্দা মাৰে। ৫৩৪২ নং বিমানখনে স্থানীয় সময় অনুসৰি নিশা ৯ বজাত বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। কর্মচাৰীকে ধৰি ৬৪জন যাত্রী আছিল বিমানখনত৷ সেই বিমানত আছিল হামাদ নামৰ এগৰাকী ব্যক্তিৰ পত্নীও। হামাদে এটা সংবাদ মাধ্যমক কয় যে তেওঁ পত্নীয়ে দুৰ্ঘটনাৰ পূৰ্বে পত্নীয়ে কি কৈছিল? তেওঁলোকৰ শেষ কথা প্ৰকাশ কৰিলে হতাশ স্বামীয়ে, প্ৰাৰ্থনা কৰিলে কোনোবাই যাতে নদীৰ পৰা উদ্ধাৰ কৰে তেওঁৰ পত্নীক। পত্নীয়ে কৈছিল যে ২০ মিনিটৰ পিছত বিমানখন অৱতৰণ কৰিব এয়াৰপৰ্ট। পত্নীৰ মেছেজ আহিলেই ৰিপ্লাই দিছিল স্বামীয়ে। কিন্তু পিছত চিন্তিত হৈ পৰিল স্বামী আৰু ভাবিলে যে শেষৰ মেছেজটো তেওঁ নাপালে। তাৰ পিছতে খবৰ আহিল যে তেওঁৰ পত্নীয়ে উভতি অহা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে।

এই দুৰ্ঘটনাৰ পৰা উদ্ধাৰ হৈছে ১৮ জন লোকৰ মৃতদেহ। হামাদৰ ভয় আৰু চিন্তা বাঢ়িল। বুধবাৰে স্থানীয় সময় অনুসৰি নিশা ৯ বজাত আমেৰিকান এয়াৰলাইন্সৰ বিমানখনে ৰ’নাল্ড ৰেগান বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু ইয়াৰ সন্মুখীন হ’ল প’ট’মেক নদীত এক দুৰ্ঘটনা। বিমানখনত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ ফলত জ্বলি উঠে বিমান খন।

February 2025: ফেব্ৰুৱাৰী মাহত ৫ ৰাশিৰ লোক ধনী হ’ব, শনি দেৱে তেওঁলোকক অগ্ৰগতি প্ৰদান কৰিব!

February 2025: ফেব্ৰুৱাৰী মাহত ৫ ৰাশিৰ লোক ধনী হ’ব
February 2025: ফেব্ৰুৱাৰী মাহত ৫ ৰাশিৰ লোক ধনী হ’ব

জ্যোতিষৰ দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহটো অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। এই মাহত সূৰ্য্যই কুম্ভ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে এবছৰৰ পিছত শনি আৰু সূৰ্য্যৰ সংযোগ হ’ব।(February 2025) ইয়াৰ সমান্তৰালকৈ কুম্ভ ৰাশিত সূৰ্য্য, বুধ আৰু শনিৰ সংগমৰ ফলত ত্ৰিগ্ৰহ যোগৰ সৃষ্টি হ’ব। এই বিৰল সংমিশ্ৰণে বহু ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব, যাৰ বাবে একাংশ লোকে পদোন্নতি, আৰ্থিক সুবিধা আৰু সম্পত্তি সম্পৰ্কীয় উপহাৰ লাভ কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহত ত্ৰিগ্ৰহী যোগৰ বাবে কোন ৫ টা ৰাশিৰ সৌভাগ্য হ’ব জানো আহক-

মিথুন ৰাশি- মিথুন ৰাশিৰ লোকৰ বাবে ফেব্ৰুৱাৰী মাহটো অতি শুভ হ’ব পাৰে। এই মাহৰ মাজভাগত সাৱধানে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক। পৰিয়ালত শুভ পৰিঘটনা হ’ব পাৰে। সম্পত্তিৰ সৈতে জড়িত বাকী থকা সমস্যাসমূহৰ সমাধান হ’ব পাৰে।

প্ৰেম জীৱনঃ সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ উঠিব আৰু বিবাহৰ বয়সৰ লোকৰ বাবে সময় অনুকূল হ’ব।

স্বাস্থ্য- খাদ্যাভ্যাসৰ যত্ন লওক, পেটৰ লগত জড়িত সমস্যা হব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক।

কৰ্কট ৰাশি-ফেব্ৰুৱাৰী মাহত কৰ্কট ৰাশিৰ লোকৰ বাবে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব। কিছুমান পৰিৱৰ্তন ইতিবাচক হ’ব, আনহাতে কিছুমান প্ৰত্যাহ্বানও আহিব পাৰে। মাহৰ আৰম্ভণি নিয়োজিত লোকৰ বাবে অনুকূল হ’ব। ব্যৱসায় কৰাসকলে হয়তো ব্যৱসায়ত নতুন সুযোগ পাব পাৰে।

ব্যৱসায় – মাহৰ মাজভাগত হঠাৎ বদলি বা কৰ্মস্থলী সলনি হোৱা সম্ভৱ।

আৰ্থিক অৱস্থা: আয় বৃদ্ধি পাব, কিন্তু পৰিয়াল বা ঘৰ মেৰামতিৰ লগত খৰচ হ’ব পাৰে।

সিংহ ৰাশি-সিংহ ৰাশিৰ লোকসকলৰ বাবে ফেব্ৰুৱাৰী মাহে কেৰিয়াৰ আৰু আৰ্থিক লাভৰ ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত আপুনি আকাংক্ষিত কৃতিত্ব লাভ কৰিব।

কেৰিয়াৰ- আপুনি নতুন পৰিকল্পনাৰ কাম আৰম্ভ কৰিব, যিয়ে ভৱিষ্যতে বিপুল সুবিধা প্ৰদান কৰিব।

পৰিয়াল- এজন ঘনিষ্ঠ সদস্যৰ কৃতিত্বৰ বাবে ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ’ব।

আৰ্থিক অৱস্থাঃ ব্যৱসায়ত আৰ্থিক লাভৰ বহু পথৰ সৃষ্টি হ’ব।

সামাজিক প্ৰতিপত্তি- সমাজত সন্মান বাঢ়িব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব।

তুলা ৰাশি-জ্যোতিষ বিজ্ঞানৰ মতে ফেব্ৰুৱাৰী মাহত তুলা ৰাশিৰ বাবে গ্ৰহসমূহৰ অৱস্থান অতি শুভ হ’বলৈ গৈ আছে। এই সময়ছোৱাত সকলো কাম সুকলমে সম্পূৰ্ণ হ’ব আৰু অগ্ৰগতিৰ সম্ভাৱনাও থাকিব।

কেৰিয়াৰ- চৰকাৰৰ লগত জড়িত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব।

ব্যৱসায়: ব্যৱসায়ীসকলে নিজৰ কামত সাৱধান হোৱাটো প্ৰয়োজন;

প্ৰেম জীৱন- সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন আহিব, ভুল বুজাবুজিৰ সমাধান হব।

ধনু ৰাশি-ফেব্ৰুৱাৰী মাহৰ আৰম্ভণি ধনু ৰাশিৰ লোকৰ বাবে মহান হ’বলৈ গৈ আছে। সফলতা, সন্মান আৰু কেৰিয়াৰত আপুনি নতুন উচ্চতা লাভ কৰিব।

কেৰিয়াৰ: নিয়োজিত লোকে নতুন দায়িত্ব বা পদোন্নতি লাভ কৰিব পাৰে।

ব্যৱসায় – মাহটোৰ দ্বিতীয়াৰ্ধ ব্যৱসায়ীসকলৰ বাবে প্ৰত্যাহ্বানজনক হ’ব পাৰে।

বিদেশত কেৰিয়াৰ: বহিঃৰাজ্যত কাম কৰিব বিচৰাসকলে হয়তো অলপ বেছি সময় অপেক্ষা কৰিব লাগিব, কিন্তু বাধাবোৰ ক্ৰমান্বয়ে আঁতৰি যাব।

ধৰ্মীয় কাম-কাজত মহিলাসকল অধিক নিয়োজিত হ’ব আৰু সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিব।

মহাকুম্ভত ভয়ংকৰ চাপৰ ঘটনা, ৩০ জন নিহত আৰু ৬০ জন আহত। Mahakumbh

মহাকুম্ভত ভয়ংকৰ চাপৰ ঘটনা, ৩০ জন নিহত আৰু ৬০ জন আহত। Mahakumbh
মহাকুম্ভত ভয়ংকৰ চাপৰ ঘটনা, ৩০ জন নিহত আৰু ৬০ জন আহত। Mahakumbh

৩০ জানুৱাৰী,২০২৫ঃ Mahakumbh । প্ৰয়াগৰাজৰ মহাকুম্ভত সংঘটিত এক ভয়ংকৰ চাপৰ ঘটনাত অন্তত ৩০ জন লোক নিহত আৰু ৬০ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। এই দুৰ্ঘটনাটো বুধবাৰে পুৱতি নিশা প্ৰায় ২ বজাত সংগম নোজত সংঘটিত হয়।

মা৹ণী অমাৱস্যাৰ বিশেষ দিনটোত ত্ৰিৱেণীত পবিত্ৰ স্নান কৰিবলৈ আহি পূৰ্ণ ধর্মীয় উন্মাদনাৰে ভৰা এলেকাটোত চাপৰ পৰিস্থিতি সৃষ্টি হয়। এলেকাখনত তীৰ্থযাত্ৰীৰ ভিৰৰ বাবে ওলাই অহা লোকৰ বাবে কোনো স্থান নাছিল।

চাক্ষুষ সাক্ষীৰ মতে, সকলো অৱস্থা প্ৰাথমিকভাৱে নিয়মীয়াই আছিল। কিন্তু অচিনাকালতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈ পৰে। হঠাতে এম্বুলেন্সৰ সাইৰণৰ শব্দে সমগ্ৰ এলেকাটো কঁপাই তোলে। ঘটনাস্থলীত পলম নকৰাকৈ এম্বুলেন্স উপস্থিত হয়, আৰু তেতিয়াহে মন্ত্রপাঠৰ শব্দ লাহে লাহে চিঞঁৰৰ শব্দত পৰিণত হয়।

চৰকাৰে ইতিমধ্যে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই দুৰ্ঘটনাই সমগ্ৰ দেশক শোকাকুল কৰি তুলিছে।

Poonam Pandey: মহাকুম্ভত বিখ্যাত মডেল উপস্থিত, সংগমত গা ধুই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Poonam Pandey: মহাকুম্ভত বিখ্যাত মডেল উপস্থিত
Poonam Pandey: মহাকুম্ভত বিখ্যাত মডেল উপস্থিত

মডেল পুনম পাণ্ডে মৌনি আমাৱস্যাৰ দিনা প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈ গংগাত গা ধুলে। (Poonam Pandey)সংগমত গা ধুই সামাজিক মাধ্যমত নিজৰ অভিজ্ঞতা অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে।(Mahakumbh)

পুনম পাণ্ডেই কয় যে বিশ্বাসৰ কোনো সীমা নাই। লগতে মহাকুম্ভত সংঘটিত হোৱা ভয়াবহ ঘটনাৰ সন্দৰ্ভতো শোক প্ৰকাশ কৰে। তেওঁ “পৰিত্ৰাণ লাভ”ৰ কথা কৈছিল।

ফটোখন শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, মই মহা কুম্ভত জীৱনটো নিবিড়ভাৱে দেখিছিলো, য’ত এজন ৭০ বছৰীয়া ব্যক্তিয়ে খালী ভৰিৰে খোজ কাঢ়ে, য’ত বিশ্বাসৰ কোনো সীমা নাই। এনে ভক্তিই মোক আচৰিত কৰি তুলিলে। একে সময়তে বুধবাৰে প্ৰয়াগৰাজত সংঘটিত হোৱা ভয়াবহতাত অভিনেত্ৰীগৰাকীয়ে মৃতকৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু আহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে।

পুনম পাণ্ডেই লিখিছে, যিসকলে প্ৰাণ হেৰুৱাইছে। তেওঁৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছোঁ। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বহু ফটোৰ লগতে কিছু চুটি ভিডিঅ’ও শ্বেয়াৰ কৰিছে। য’ত তেওঁ মানুহ লগ পোৱা, নাচি থকা আৰু চৰাইক খুৱাই থকা দেখা যায়।

ইয়াৰ সমান্তৰালকৈ আন কিছুমান ফটো আৰু ভিডিঅ’ত মডেলগৰাকীয়ে সংগমত গা ধুই নমস্কাৰ কৰি সূৰ্য্য ভগৱানক পানী আগবঢ়াই থকা দেখা গৈছে। লগতে তেওঁ মানুহৰ ভিৰ আৰু গংগা আৰতিৰ ভিডিঅ’টোও তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে।

ছাৰ্ভাইকেল কেন্সাৰত নিজকে ‘মৃত্যু’ ঘোষণা কৰি লাইমলাইটলৈ অহা অভিনেত্ৰী-মডেল পুনম পাণ্ডেই শ্বেয়াৰ কৰা ছবি আৰু ভিডিঅ’ত মহাকাল লিখা ক’লা কুৰ্তা পিন্ধা দেখা গৈছিল।

Height Growth: কি ভিটামিনৰ অভাৱত শিশু ওখ নহয়, এই সমূহ বস্তু খোৱাব শিশুক!

Height Growth: কি ভিটামিনৰ অভাৱত শিশু ওখ নহয়
Height Growth: কি ভিটামিনৰ অভাৱত শিশু ওখ নহয়

সন্তানৰ উচ্চতাক লৈ অভিভাৱকসকল প্ৰায়ে চিন্তিত হৈ পৰে। (Height Growth)বিশেষকৈ সেইসকল অভিভাৱক বেছি চিন্তিত যাৰ নিজৰ উচ্চতা কম হয়। কিজানি তেওঁলোকৰ সন্তানৰ উচ্চতা কম হয়। যিকোনো শিশুৰ উচ্চতা তেওঁৰ জিনীয় বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু আপুনি জানেনে যে জিনীয় বিজ্ঞানৰ বাহিৰেও আন বহুতো কথা আছে যিয়ে শিশুৰ উচ্চতাত প্ৰভাৱ পেলায়।

পুষ্টি-
শিশুৰ উচ্চতাৰ বাবে পুষ্টি অতি গুৰুত্বপূৰ্ণ। ভাল পুষ্টি লাভ কৰা শিশুৰ উচ্চতা পিতৃ-মাতৃতকৈ ভাল। আনহাতে, যদি শিশুৱে প্ৰয়োজনীয় পুষ্টি নাপায়, তেন্তে তেওঁৰ উচ্চতাৰ বৃদ্ধি ভালদৰে নহ’ব পাৰে। এই এটা ভিটামিনৰ অভাৱে শিশুৰ উচ্চতাত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

ভিটামিন ডি-
শিশুৰ উচ্চতা আৰু বিকাশৰ বাবে ভিটামিন ডি অতি গুৰুত্বপূৰ্ণ। ভিটামিন ডি-এ হাড় শক্তিশালী কৰে। লগতে উচ্চতা বৃদ্ধিৰ বাবে ভিটামিন ডি অত্যন্ত গুৰুত্বপূৰ্ণ। আচলতে ভিটামিন ডিয়ে খাদ্যৰ পৰা কেলচিয়াম শোষণ কৰে যিটো হাড়ৰ বিকাশৰ বাবে প্ৰয়োজনীয়। শৰীৰে সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি লাভ কৰে।

ভিটামিন ডিৰ অভাৱৰ লক্ষণ-
ভিটামিন ডিৰ অভাৱৰ লক্ষণসমূহ হ’ল কপালত ঘাম ওলোৱা, হাড়ৰ বিষ, পেশীৰ বিষ, ভাগৰুৱা, বেয়া মেজাজ আৰু টোপনি অহা আদি।

সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি পোৱা যায়। এনে অৱস্থাত শিশুসকলক ৰাতিপুৱা ৰ’দত বহিবলৈ দিব লাগে।

ভিটামিন ডি ফলমূল আৰু শাক-পাচলি-
শিশুৰ খাদ্যত কণী, কাঠফুলা, কুকুৰা মাংস, মাছ, বিলাহী, ছাইট্ৰাছ ফল আৰু ফুলকবি অন্তৰ্ভুক্ত কৰিব।

দুগ্ধজাত সামগ্ৰী-
গাখীৰ, দৈ, পনিৰ আদি দুগ্ধজাত সামগ্ৰীত ভিটামিন ডি পোৱা যায়। শিশুৰ খাদ্যত দুগ্ধজাত সামগ্ৰী অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰক।