Home Blog Page 365

Nazira News: নাজিৰা লক্ষ্মীজান বাহঁবাৰী অঞ্চলত হাতীৰ দাঁতসহ এজনক আটক

Nazira News: নাজিৰা লক্ষ্মীজান বাহঁবাৰী অঞ্চলত হাতীৰ দাঁতসহ এজনক আটক
Nazira News: নাজিৰা লক্ষ্মীজান বাহঁবাৰী অঞ্চলত হাতীৰ দাঁতসহ এজনক আটক

নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লক্ষ্মীজান বাহঁবাৰী অঞ্চলত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই হাতীৰ দাঁতসহ এজনক আটক কৰিবলৈ সক্ষম হয়।(Nazira News)

শিৱসাগৰ আৰক্ষীয়ে বিশেষ তথ্য অনুসৰি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেৰ্তৃত্বত আৰক্ষীৰ দল আৰু বন বিভাগৰ বিহুবৰ খণ্ড বন বিষয়া ৰাজা বৰগোহাঁইৰ সহযোগত উদ্ধাৰ কৰে চোৰাঙকৈ বিক্ৰী কৰিবলৈ অনা হাতীৰ দাঁত।


অজয় আগৰৱালা নামৰ এজন লোকে ঘৰত লুকুৱাই ৰাখিছিল হাতীৰ দাঁতৰ তিনিটা টুকুৰা। আৰক্ষীয়ে হাতীৰ দাঁতৰ টুকুৰা কেইটা জব্দ কৰাৰ লগতে অজয় আগৰৱালাক আটক কৰিছে। জৈন উপাধিৰ এজন লোকৰ পৰা ৩০০০০ টকাত ছমাহ পূৰ্বে ক্ৰয় কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Plane Crash: ৱাশ্বিংটনত বিমান দুৰ্ঘটনা, বিমানখনত আছিল ৬৪গৰাকী যাত্ৰী; মৃত্যু হয় ১৮গৰাকীৰ

Plane Crash: ৱাশ্বিংটনত বিমান দুৰ্ঘটনা
Plane Crash: ৱাশ্বিংটনত বিমান দুৰ্ঘটনা


ৱাশ্বিংটন বিমানবন্দৰৰ সমীপত এয়াৰ লাইনছৰ এখন বিমান আৰু হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ । সংঘৰ্ষৰ ফলত জ্বলি উঠে বিমানখন। (Plane Crash) উক্ত ঘটনাত ১৮ গৰাকীৰ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। বিমানখনত আছিল ৬৪গৰাকী যাত্ৰী। ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে পুৱা আমেৰিকাৰ ৰেগান ৱাশ্বিংটন ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত আমেৰিকান এয়াৰলাইন্সৰ এখন যাত্ৰীবাহী বিমান আকাশৰ মাজতে এখন সামৰিক ব্লেক হক চপাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই সংঘৰ্ষৰ ফলত বিমানখন প’ট’মেক নদীত খুন্দা মৰাৰ ফলত ১৮গৰাকীৰ যাত্ৰীৰ মৃত্যু হয়। বিমান খনত আছিল ৬৪ জন লোক আছিল। তেওঁলোকক উদ্ধাৰৰ বাবে উপস্থিত হৈছে উদ্ধাৰকাৰী দল।(Washington)

আমেৰিকান এয়াৰলাইন্সে এই দুৰ্ঘটনা নিশ্চিত কৰিছে। আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, বুধবাৰে গভীৰ নিশা কেনছাছৰ উইচিটাৰ পৰা আমেৰিকান এয়াৰলাইন্সৰ ৫৩৪২ বিমানখনে উৰা মাৰিছিল। সেই বিমানখনৰ সৰ্বোচ্চ যাত্ৰী ক্ষমতা ৬৫ জন। আমেৰিকাৰ একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে দুৰ্ঘটনাৰ সময়ত বিমানখনত ৬৪ জন লোক আছিল। তেওঁলোকক উদ্ধাৰৰ বাবে প’ট’মেক নদীত একাধিক উদ্ধাৰকাৰী দলে অনুসন্ধান আৰম্ভ কৰিছে। জৰুৰীকালীন অৱস্থাৰ বাবে ৱাশ্বিংটন বিমানবন্দৰৰ সকলো বিমান আৰু অৱতৰণ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। লগতে উদ্ধাৰকাৰী দলসমূহক তৎকালীন পদক্ষেপৰ বাবে প্ৰশংসা কৰে। ট্ৰাম্পে কয় যে তেওঁৰ প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। নিৰুদ্দেশ হোৱা যাত্ৰী আৰু জোৱানৰ কোনো খবৰ পোৱা যাব।

Tinsukia News: তিনিচুকীয়া জিলাত ধন দাবীৰ লগত জড়িত এজন যুৱকক আটক

Tinsukia News: তিনিচুকীয়া জিলাত ধন দাবীৰ লগত জড়িত এজন যুৱকক আটক
Tinsukia News: তিনিচুকীয়া জিলাত ধন দাবীৰ লগত জড়িত এজন যুৱকক আটক

তিনিচুকীয়া জিলাত ধন দাবীৰ লগত জড়িত এজন যুৱকক আটক৷(Tinsukia News)

যোৱা ১৫ ডিচেম্বৰত কাকপথাৰত এগৰাকী ব্যৱসায়ীক ধন দাবীৰ ঘটনা সংঘটিত হৈছিল৷

ঘটনাৰ সৈতে জড়িত মিন্টু মৰাণ নামৰ এজন যুৱকক পেঙেৰী আৰক্ষীয়ে কাকপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷

ঘটনাৰ সৈতে জড়িত সুৰজিত মৰাণ ওৰফে কলিয়া নামৰ এজন যুৱক পলাতক হৈ আছিল ৷

পলাতক সুৰজিত মৰাণক আজি ভাৰতীয় সেনাই আটক কৰি পেঙেৰী আৰক্ষীক গতাই দিয়ে ৷

আটকাধীন সুৰজিত মৰাণ ওৰফে কলিয়া পেঙেৰী নলনি গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷

সুৰজিত ওৰফে কলিয়া বিভিন্ন সময়ত অসামাজিক কাৰ্যকলাপৰ লগতে নিষিদ্ধ সংগঠনৰ লগত জড়িত বুলি জানিব পৰা গৈছে ৷

Road Accident: সুৰাপায়ী চালকে মহতিয়াই নিলে পকী দেৱাল, কথমপি প্ৰাণৰক্ষা কেইবাটাও পৰিয়ালৰ!

Road Accident: সুৰাপায়ী চালকে মহতিয়াই নিলে পকী দেৱাল
Road Accident: সুৰাপায়ী চালকে মহতিয়াই নিলে পকী দেৱাল

কঠোৰ যান-বাহন আইনৰ মাজতে বুধবাৰে নিশা নাজিৰাত সুৰাপায়ী চালকৰ তাণ্ডৱ।(Road Accident) নাজিৰা গড় আলীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গড় আলী মেকিপুৰ সংযোগী টাৰ্নিং পইণ্টত এই দুৰ্ঘটনাৰ সূত্ৰপাত হয়। স্থানীয় ৰাইজৰ অভিযুগ অনুসৰি AS 04 AB 3676 নম্বৰৰ ব্যক্তিগত তীব্ৰবেগী বাহন চালকৰ অতপালি।

সুৰাপায়ী চালকে মহতিয়াই নিলে পকী দেৱাল, কথমপি প্ৰাণৰক্ষা বহু কেইটা পৰিয়ালৰ। যদিও ঘটনাটোত কোনো লোক হতাহতি হোৱা নাই। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বাহন চালক বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে| যাক লৈ অঞ্চলজুৰি উত্তেজনা অব্যাহত আছে।

Cotton University: কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত “Cultural Materialism of Northeast India” শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

Cotton University: কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত "Cultural Materialism of Northeast India"
Cotton University: কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত "Cultural Materialism of Northeast India"

২৭ আৰু ২৮ জানুৱাৰী তাৰিখে কটন বিশ্ববিদ্যালয়ত Cultural Materialism of Northeast India শীৰ্ষক এখনি দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়। প্ৰাগজ্যোতিষ চেণ্টাৰ ফৰ কালচাৰেল ৰিচাৰ্চ (PCCR)ৰ উদ্যোগত,(Cotton University)কলকাতাৰ মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজ (MAKAIAS), কটন বিশ্ববিদ্যালয়ৰ পুৰাতত্ত্ব বিভাগ, INTACH ৰ অসম অধ্যায় আৰু Scientific Temperament Assam য়ে আয়োজিত কৰা আলোচনা চক্ৰখনি আৰম্ভ হয় ৰাষ্ট্ৰীয় সংগীতেৰে। কটন বিশ্ববিদ্যালয়ৰ পুৰাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড০ মঞ্জিল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত পিচিচিআৰৰ সম্পাদক ফনীন্দ্ৰ তালুকদাৰে আলোচনাচক্ৰৰ উদ্দেশ্য বাখ্যা কৰে। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড°ৰমেশ চন্দ্ৰ ডেকাই আলোচনা চক্ৰখন উদ্বোধন কৰাৰ লগতে “বুক অফ এবচ্ষ্ট্ৰাক্ট” খন আনুষ্ঠানিকভাৱে মুকলি কৰে। সভাখনৰ মূল ভাষণত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই উত্তৰ-পূব ভাৰতৰ প্ৰত্নতাত্ত্বিক, ভাষিক আৰু সাংস্কৃতিক ইতিহাসৰ গভীৰ অন্বেষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে ড° নিশান্ত চৌকছি, জাভেদ খাট্ৰী, মঞ্জিল হাজৰিকা আৰু ফণীন্দ্ৰ তালুকদাৰে সম্পাদনা কৰা “Movements Through Time and Space: Ecology and Lingua-Cultural Change in South and Southeast Asia” শীৰ্ষক গ্ৰন্থখনিও উন্মোচন কৰে ।

সন্মানীয় অতিথিসকলৰ ভিতৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু MAKAIAS কাৰ্যবাহী সদস্য ড° বিনয় কুমাৰ ৰাৱে ভাৰতীয় সাংস্কৃতিক প্ৰেক্ষাপটত অসম আৰু উত্তৰ পূব ভাৰতৰ অবদানৰ লগতে ইয়াৰ অধ্যয়নত পুৰাতত্ত্ব, ইতিহাস, দৰ্শন, মৌখিক সাহিত্য আদিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত হেমন্ত ধিং মজুমদাৰে উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীসমূহৰ মাজত যুগে যুগে ধৰি চলি অহা পৰম্পৰাগত জ্ঞান আৰু প্ৰাকৃতিক ঐতিহ্যৰ সংৰক্ষণৰ ওপৰত বক্তব্য আগবঢ়ায়। INTACH ৰ হৈ আহ্বায়ক অধ্যাপক শীলা বৰাই এই সংৰক্ষণৰ প্ৰচেষ্টাত স্থানীয় জনগোষ্ঠীৰ বিশেষ ভূমিকাৰ ওপৰত আলোচনা কৰে।

উল্লেখযোগ্য যে এই অনুষ্ঠানৰ মাজতে কটন বিশ্ববিদ্যালয় আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিখনত স্বাক্ষৰ কৰে কটন বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড° অৰিন্দম গাৰ্গ আৰু ৰাজ্যিক সংগ্ৰহালয়ৰ হৈ সঞ্চালক শ্ৰী অৰিন্দম বৰুৱাই। এই চুক্তিৰ জৰিয়তে অসমৰ প্ৰত্নতাত্ত্বিক আৰু সাংস্কৃতিক সম্পদসমূহৰ গৱেষণা, অধ্যয়ন আৰু সংৰক্ষণৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে বিভিন্ন শিক্ষামূলক আঁচনি গ্ৰহণ কৰা হব বুলি জানিব দিয়ে সঞ্চালকালয়ৰ সঞ্চালক শ্ৰী বৰুৱাই। সভাখনিৰ শেষত শলাগৰ শৰাই আগবঢ়াই কটন বিশ্ববিদ্যালয়ৰ পূৰাতত্ব বিভাগৰ মুৰব্বী ড° ৰীতিকা চাহুৱে।

এই আলোচনা চক্ৰখনিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক গজেন্দ্ৰ অধিকাৰী, কটন বিশ্ববিদ্যালয়ৰ ড° জোনালী দেৱী, অসম চৰকাৰৰ ইতিহাস আৰু পুৰাতত্ব সঞ্চালকালয়ৰ ড° সংগীতা গগৈ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰক্তিম পাটৰ, হাৰিয়ানা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ড° কুলভূষণ মিশ্ৰ, এইচ. এন. বি গঢ়ৱাল বিশ্ববিদ্যালয়ৰ ড° নাগেন্দ্ৰ ৰাৱাট, গুজৰাটৰ নৱৰচনা বিশ্ববিদ্যালয়ৰ ড° জাভেদ খাট্ৰী আদি সমল ব্যক্তিসকল উপস্থিত থাকে ।

কটন বিশ্ববিদ্যালয়ৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত অবস্থিত শিক্ষানুষ্ঠান যেনে, দিল্লী স্কুল অৱ ইকন’মিকছ্, লক্ষ্নৌ বিশ্ববিদ্যালয়, নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্ছিটি, ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটি, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, মণিপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, গৌহাটী বিশ্ববিদ্যালয়, ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ টীছাৰ্চ ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউট, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়, কোকৰাঝাৰৰ চেণ্ট্ৰেল ইনচটিটিউট অৱ টেকনলজি আদিৰ পৰা প্ৰায় ১০০ ৰো অধিক ছাত্ৰ ছাত্ৰী আৰু গৱেষকে অংশগ্ৰহণ কৰি আলোচনা চক্ৰখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। এই দুদিনীয়া আলোচনাচক্ৰখনিত পাঠ কৰা গৱেষণা পত্ৰসমূহ গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হব বুলি আহ্বায়কদ্বয় ফণীন্দ্ৰ তালুকদাৰ আৰু ড° মঞ্জিল হাজৰিকাই জানিবলৈ দিছে।

Yoga and Pranayam: যোগ আৰু প্ৰাণায়াম হৃদৰোগৰ ঔষধ, হৃদযন্ত্ৰ ভালে ৰাখিবলৈ কৰক এই সমূহ যোগ আৰু প্ৰাণায়াম

Yoga and Pranayam: যোগ আৰু প্ৰাণায়াম হৃদৰোগৰ ঔষধ
Yoga and Pranayam: যোগ আৰু প্ৰাণায়াম হৃদৰোগৰ ঔষধ

হৃদযন্ত্ৰ আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ আৰু হৃদযন্ত্ৰ স্বাস্থ্য ৰক্ষা কৰাটো জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ।(Yoga and Pranayam) আধুনিক জীৱন, মানসিক চাপ, দুৰ্বল খাদ্যাভ্যাস হৃদৰোগৰ প্ৰধান কাৰণ হৈ পৰিছে। অৱশ্যে যোগ আৰু প্ৰাণায়ামৰ জৰিয়তে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাসমূহ হ্ৰাস কৰিব পাৰে। যোগ আৰু প্ৰাণায়ামে কেৱল শাৰীৰিক স্বাস্থ্যৰ উন্নতি কৰাই নহয় মানসিক শান্তি আৰু সতেজতাও প্ৰদান কৰে।

যোগ আৰু প্ৰাণায়ামে ৰক্ত সঞ্চালন উন্নত কৰে, যিটো হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। নিয়মিতভাৱে যোগাসন কৰিলে শৰীৰৰ বিভিন্ন অংশত ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। মানসিক চাপও হৃদযন্ত্ৰৰ সমস্যাৰ কাৰণ। যোগ আৰু প্ৰাণায়ামৰ জৰিয়তে শৰীৰৰ মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়, যাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত কম চাপ পৰে। উচ্চ ৰক্তচাপ হৃদৰোগৰ আন এক কাৰণ। যোগ আৰু প্ৰাণায়ামৰ দ্বাৰা বি পি নিয়ন্ত্ৰণ কৰিব পাৰি। কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। যোগ আৰু প্ৰাণায়ামে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত সহায় কৰে আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে।

যোগাসন

আপুনি বহুতো যোগসনৰ অনুশীলন কৰিব পাৰে। সৰ্বাংগাসন যোগে ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে হৃদযন্ত্ৰ শক্তিশালী কৰে। বৃক্ষাসনে ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰক শান্ত কৰি ৰাখে। বালাসনা হৈছে শিথিল ভংগীমা, যিয়ে মানসিক চাপ কমায় আৰু হৃদযন্ত্ৰক শান্ত কৰে। সেতু বন্ধ সৰ্বাংগাসনে মানসিক শান্তি আৰু শাৰীৰিক শিথিলতা প্ৰদান কৰে, যাৰ ফলত হৃদস্পন্দন নিয়ন্ত্ৰণত থাকে। ধনুৰাসনে হৃদযন্ত্ৰ শক্তিশালী কৰে আৰু বি পি নিয়ন্ত্ৰণ কৰে। পদ্মাসনে মানসিক শান্তিৰ লগতে ৰক্ত সঞ্চালন উন্নত কৰে, যাতে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

প্ৰাণায়াম

Anulom-Vilom (Alternate Nostril Breathing) প্ৰাণায়ামে ৰক্ত সঞ্চালন উন্নত কৰে আৰু মানসিক চাপ কমায়, যাৰ ফলত হৃদস্পন্দন স্বাভাৱিক হৈ থাকে। Skull Shining Breath প্ৰাণায়ামে শ্বাস-প্ৰশ্বাসৰ জৰিয়তে শৰীৰত শক্তি পৰিবহন কৰি হৃদযন্ত্ৰক শক্তিশালী কৰে।Bee Breath প্ৰাণায়ামে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে, যাৰ ফলত হৃদস্পন্দন নিয়ন্ত্ৰণত থাকে। উজ্জয়ী প্ৰাণায়াম প্ৰাণায়ামে শৰীৰত শান্তি আনে আৰু হৃদস্পন্দন নিয়ন্ত্ৰণ কৰে। ধনুৰাসনে (Bow Pose) হৃদযন্ত্ৰ শক্তিশালী কৰে আৰু বি পি নিয়ন্ত্ৰণ কৰে।

অসম গাওঁৰক্ষী বাহিনীৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সমাপ্তি। Dumduma

অসম গাওঁৰক্ষী বাহিনীৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সমাপ্তি। Dumduma
অসম গাওঁৰক্ষী বাহিনীৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সমাপ্তি। Dumduma

ডুমডুমা, ২৯ জানুৱাৰী:Dumduma । চাহ নগৰী ডুমডুমাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম গাওঁৰক্ষী বাহিনীৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি সমাপ্ত হয়। ডুমডুমা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই বিশেষ কাৰ্যসূচীৰ দ্বিতীয় দিনটো ৭৬ খন পতাকা উত্তোলনৰ মাধ্যমেৰে আৰম্ভ হয়।

প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক গোটসমূহে অংশগ্ৰহণ কৰে। ধুবুৰী, বাক্সা, মাজুলী, দিমহাছাও, গোলাঘাট, সুমতাই, হাইলাকান্দি, হোজাই, যোৰহাট, কৰিমগঞ্জৰ পৰা অহা বিভিন্ন সাংস্কৃতিক গোটে বাৰে বৰণীয়া পৰিবেশ সৃষ্টি কৰে। ৰাজ্যিক অধিৱেশনত অসমৰ প্ৰায় ডেৰ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

এই উপলক্ষে মহাবিদ্যালয়ৰ চৌহদত আত্মসহায়ক গোটসমূহৰ অংশগ্ৰহণেৰে এখন আকৰ্ষণীয় মেলা অনুষ্ঠিত হয়। মেলাখনে লোকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু গাঁও আৰু নগৰৰ বিভিন্ন গোটৰ সৃষ্টি-কর্ম প্ৰতিষ্ঠানৰ উপস্থাপনলৈ শ্ৰোতাসকলৰ পৰা প্ৰশংসা লাভ কৰে।

আজি মুকলি সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী ৰূপেশ গোৱালাই, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু প্ৰদান বৰুৱা। তদুপৰি গৃহ বিভাগৰ সচিব বিশ্বজিৎ পেগু, জিলা আয়ুক্ত স্বপ্নীল পাল আৰু উত্তৰ-পূৱ সংমণ্ডলৰ আৰক্ষীৰ মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাইও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

কাৰ্যসূচীৰ অন্তিম পৰ্যায়ত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়, যি গাওঁৰক্ষী বাহিনীৰ অতীতৰ সফলতাৰ কাহিনী আৰু কৰ্মপদ্ধতিৰ তথ্য সংকলন কৰি প্ৰকাশিত হৈছে।

অসম গাওঁৰক্ষী বাহিনীৰ এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সফলভাৱে সমাপ্ত হয়। গাওঁৰক্ষী বাহিনীৰ সামাজিক আৰু সুৰক্ষামূলক ভূমিকা আৰু আগন্তুক প্ৰজন্মৰ বাবে অসম গাওঁৰক্ষী বাহিনী আৰু শক্তিশালী হোৱাৰ প্ৰতিশ্ৰুতি এই অনুষ্ঠানৰ জৰিয়তে পুনৰ দৃঢ় হয়।

আছুৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইক তিনিচুকীয়াত উষ্ম আদৰণি । ASSU

আছুৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইক তিনিচুকীয়াত উষ্ম আদৰণি । AASU
আছুৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইক তিনিচুকীয়াত উষ্ম আদৰণি । AASU

তিনিচুকীয়া, ২৯ জানুৱাৰী: AASU । সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইক বুধবাৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই উষ্ম আদৰণি জনায়।

শিৱসাগৰত অনুষ্ঠিত হোৱা আছুৰ সাধাৰণ সভাত তিনিচুকীয়া জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা সমৰজ্যোতি গোঁহাই কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পদৰ দায়িত্ব লাভ কৰে। এই দায়িত্ব গ্ৰহণৰ পিছত নিজ গৃহ জিলা তিনিচুকীয়ালৈ উপস্থিত হোৱাৰ লগে লগে জিলাৰ ছাত্ৰসন্থাই সমৰজ্যোতি গোঁহাইক এক বিশাল মটৰ চাইকেল ৰেলীৰে আদৰি আনে।

তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰসন্থাৰ সদস্যসকলে মটৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। ৰেলীৰ অন্তত সমৰজ্যোতি গোহাঁইক ফটকা ফুটাই চেলেং গামোছাৰে উষ্ম আদৰণি জনোৱা হয়।

উষ্ম আবেগ আৰু উল্লাসৰে পৰিপূৰ্ণ এই অনুষ্ঠানই আছুৰ নতুন নেতৃত্বৰ প্ৰতি জিলা ছাত্ৰসন্থাৰ বিশ্বাস আৰু সমৰ্থনৰ প্ৰতিফলন ঘটায়। সমৰজ্যোতি গোঁহাইয়ে জিলা ছাত্ৰসন্থাৰ সকলো সদস্যৰ সহযোগত দায়িত্ব সজাগতভাৱে পালন কৰাৰ আশ্বাস প্ৰদান কৰে।

গঙ্গাত স্নান কৰিব ১০ কোটি ভক্তই । Ganga

গঙ্গাত স্নান কৰিব ১০ কোটি ভক্তই । Ganga
গঙ্গাত স্নান কৰিব ১০ কোটি ভক্তই । Ganga

২৯ জানুৱাৰী,২০২৫ঃ Ganga । পবিত্ৰ গঙ্গা নদীত স্নান কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০ কোটি ভক্তৰ সমাগমৰ আশা কৰা হৈছে। মাঘ মেলাৰ পবিত্ৰ উৎসৱ উপলক্ষে আয়োজক সমিতি আৰু স্থানীয় প্রশাসনে বিশেষ ব্যৱস্থা সাজু কৰিছে। এই বিশেষ স্নান তিথি উপলক্ষে, বিশেষকৈ বারাণসী, প্রয়াগরাজ, হৰিদ্বাৰ আদি স্থানত লাখ লাখ ভক্ত ইতিমধ্যেই উপস্থিত হৈছে। পৱিত্ৰ গঙ্গাত স্নান কৰিলে পাপ মোচন হোৱাৰ বিশ্বাসত ভক্তসকলে বিভিন্ন ঘাটত ভিৰ কৰিছে।

প্ৰশাসনে নিৰাপত্তাৰ বাবে বিশেষ দল গঠন কৰি, আৰক্ষী, এনডিআৰএফ দল আৰু স্বাস্থ্য বিভাগৰ সহায়ত স্নান স্থলীত সুশৃংখল পৰিৱেশ বজাই ৰাখিছে। লগতে, ঘাটসমূহত সতর্কতামূলক ঘোষণা আৰু বিশেষ সহায়ক কেন্দ্র স্থাপন কৰা হৈছে।

আনুমানিক ১০ কোটি ভক্তৰ সমাগমৰ বাবে পানী, বিদ্যুৎ, চিকিৎসা সেৱা আৰু যান-পরিবহন ব্যৱস্থাৰো বিশেষ আয়োজন কৰা হৈছে। ধর্মীয় অনুষ্ঠানৰ লগতে, ব্ৰত-উপবাস, পূজা-পাঠৰ বাবে বহু ভক্তই বিশেষ অনুষ্টানত অংশগ্ৰহণ কৰিছে।

গঙ্গা স্নানৰ এই মহান পবিত্ৰ অনুষ্ঠান ধৰ্মীয় বিশ্বাসৰ এক প্ৰতীক হোৱাৰ উপৰি, ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ এক গভীৰ নিদৰ্শন। এই বৃহৎ সমাগমে দেশৰ ধৰ্মীয় আৰু সামাজিক সম্প্ৰীতিৰ এক বৰ্ণিল ছবি উপস্থাপন কৰিছে।

মৌনী অমাৱস্যা: পবিত্ৰতা আৰু ধৰ্মীয় বিশ্বাসৰ এক দিৱস

মৌনী অমাৱস্যা হিন্দু ধৰ্মত এক অতি পৱিত্ৰ আৰু গুৰুত্বপূর্ণ তিথি হিচাপে পৰিগণিত। মাঘ মাহৰ অমাৱস্যাৰ দিনটো মৌনী অমাৱস্যা বুলি পালন কৰা হয়। এই দিনটোত গঙ্গা নদী, যমুনা নদী আৰু অন্যান্য পৱিত্ৰ নদীত স্নান কৰিলে পাপ মোচন হয় বুলি ধৰ্মীয় বিশ্বাস।

“মৌনী” শব্দৰ অৰ্থ “মৌনী” শব্দটো আহিছে “মৌন” শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নীৰৱতা। এই দিনটোত নীৰৱতাৰে সাধনা কৰা আৰু আত্মবিশ্লেষণৰ প্ৰচলন আছে। বিশেষকৈ, অমাৱস্যাৰ দিনত মৌনব্ৰত ধৰিলে আৰু পূণ্য স্নান কৰিলে মানসিক শান্তি আৰু আধ্যাত্মিক উন্নতি হয় বুলি লোকবিশ্বাস।

পৱিত্ৰ স্নান আৰু পূজা-পাঠ মৌনী অমাৱস্যাৰ দিনত পৱিত্ৰ নদী, বিশেষকৈ গঙ্গা, যমুনা আৰু সরস্বতী নদীত স্নান কৰিবলৈ লক্ষ লক্ষ ভক্তৰ সমাগম ঘটে। স্নানৰ পাছত দান-ধ্যান, পূজা-পাঠ, আৰু গৰুৰ দান কৰিবলে অধিক পৱিত্ৰ মানা হয়।

প্ৰয়াগৰাজত বিশেষ সমাগম মৌনী অমাৱস্যাৰ সময়ত মাঘ মেলাৰ অন্যতম বিশেষ আকর্ষণ হৈছে প্রয়াগৰাজত সংঘটিত ত্ৰিবেণী সঙ্গমত স্নান। পৱিত্ৰ সঙ্গমত স্নান কৰিবলৈ লক্ষাধিক ভক্ত উপস্থিত হয়। বিভিন্ন সাধু-সন্তৰ শিবিৰ আৰু ধর্মীয় আলোচনা এই মেলাৰ বৈশিষ্ট্য।

ধৰ্মীয় মহত্ব ধৰ্মীয় দৃষ্টিৰে মৌনী অমাৱস্যা সকলোতকৈ শুভ তিথি বুলি বিবেচিত। এই দিনটোত নীৰৱতা অৰ্থাৎ মৌনব্ৰত ধৰাৰ মূল উদ্দেশ্য হৈছে নিজেকৰ আত্মশুদ্ধি আৰু আধ্যাত্মিক উৎকৰ্ণ।

মৌনী অমাৱস্যাই ভাৰতীয় সংস্কৃতি, ধৰ্মীয় বিশ্বাস আৰু আধ্যাত্মিক জগতৰ গভীৰ দিশ উপস্থাপন কৰি ধৰ্মপ্ৰাণ লোকসকলৰ মাজত এক অপৰিসীম গুৰুত্ব ধাৰণ কৰে।

এপোলো এক্সেলকেয়াৰ হস্পিটেলে কাৰ্ডিয়াক চাৰ্জাৰীত সফলতা। Apollo Excelcare Hospital

এপোলো এক্সেলকেয়াৰ হস্পিটেলে কাৰ্ডিয়াক চাৰ্জাৰীত সফলতা । Apollo Excelcare Hospital
এপোলো এক্সেলকেয়াৰ হস্পিটেলে কাৰ্ডিয়াক চাৰ্জাৰীত সফলতা । Apollo Excelcare Hospital

২৯ জানুৱাৰী, গুৱাহাটী: Apollo Excelcare Hospital । স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত নতুন মাপকাঠি স্থাপন কৰি, এপলো এক্সেলকেৰ হস্পিতালৰ কাৰ্ডিঅ’থোৰাছিক আৰু ভাসকুলাৰ চাৰ্জাৰী (CTVS) দল, বোৰাগাঁও, গুৱাহাটী (ড° মণুজ কুমাৰ শইকীয়া, ড° ইন্তেখাব আলম আৰু ড° দেবাশীষ পাউল) সদ্য দুটা নতুন আৰু বিশেষ প্ৰক্ৰিয়া সম্পন্ন , যাৰ সহায়ত অনস্থেছিয়া, সংকটকালীন চিৰা আৰু নার্সিং দলৰ সহায় হৈছিল।

প্ৰথম প্ৰক্ৰিয়াটো হৈছে হাইব্ৰিড ট্রান্স-আক্সিলাৰী এমআইচিএস এএসডি ক্লোজাৰ, যি উত্তৰ-পূব ভাৰতৰ প্ৰথম প্ৰক্ৰিয়া, ২৮ বছৰীয়া এক মহিলাৰ ওপৰত সম্পন্ন কৰা হৈছিল, যিয়ে নাগালেণ্ডৰ পৰা আহিছিল। তেওঁ এট্ৰিয়েল চেপ্টাল ডিফেক্ট (ASD) ৰ পৰা আক্ৰান্ত আছিল, যি এটা জন্মগত হৃদৰোগৰ সমস্যাৰ পৰা জন্ম লয়। এই পৰিস্হিতিত হৃদপিণ্ডৰ ওপৰৰ কোঠাসমূহৰ মাজত থকা প্রাচীৰত গৰ খুলি থাকে। যদি চিকিৎসা কৰা নহয়, তেন্তে ASD-ই বহু গম্ভীৰ জটিলতা সৃষ্টি কৰিব পাৰে যেনে পলমোনাৰী হাইপাৰটেনচন আৰু হৃদৰাষ্ট্ৰৰ ব্যর্থতা। কার্ডিয়াক চাৰ্জাৰী দলটো মিডঅক্সিলাৰী চি’ছন ব্যৱহাৰ কৰি এই সমস্যা সমাধান কৰে, যি এক প্ৰকার কম আক্রমণৰ প্ৰক্ৰিয়া, যিয়ে এট্ৰিয়েল চেপ্টামৰ স্পষ্ট দৃশ্য প্ৰদান কৰে। “মিডঅক্সিলাৰী প্ৰক্ৰিয়া মাত্ৰ সুৰক্ষিত নহয়, ইয়াৰ এক কসমেটিক সুবিধাও থাকে, কিয়নো এই প্ৰক্ৰিয়া প্ৰায় কোনো দৃশ্যমান দাগ নাৰে,” বুলি ড° মণুজ কুমাৰ শইকীয়া জনাইছিল।

দ্বিতীয় প্ৰক্ৰিয়া হিচাপে, দলটো বেনটেল প্ৰক্ৰিয়া সম্পন্ন কৰে ৪৬ বছৰৰ এক মহিলাৰ ওপৰত, যিয়ে মণিপুৰৰ পৰা আহিছিল আৰু এছেন্ডিং আঅৰটিক এনিৰিজমৰ পৰা পীড়িত আছিল, যাৰ পৰা ইনমনিনেট আৰ্টাৰীলৈ বিস্তাৰিত হৈছে। এই সমস্যা হৈছে এছেন্ডিং আঅৰটাৰ ভিতৰত এক ফুলি থকা বা দুৰ্বলতা, যি এক বিপদজনক প্ৰকাৰৰ এনিৰিজমৰ পৰা পৰিণত হয়। “বেনটেল প্ৰক্ৰিয়া দ্বাৰা সম্পূৰ্ণ এছেন্ডিং আঅৰটা দক্ষতাৰ সৈতে সলনি কৰা হয় আৰু বাওঁ আৰু সোঁ কোৰনাৰী বাটন পুনৰস্থাপন কৰা হয়, যাৰ ফলত আঅৰটিক ৰিপচাৰ আৰু আঅৰটিক ডিসেকচনৰ আশঙ্কা হ্ৰাস পায়,” বুলি ড° ইন্তেখাব আলম বর্ণনা কৰিছে।

দ্বিতীয় প্ৰক্ৰিয়াবোৰ সফলভাৱে সম্পন্ন কৰা হয় আৰু ৰোগীসকলৰ হেম’ডাইনামিকালি স্থিৰ অৱস্থাত discharge কৰা হয়। “তেওঁলোকৰ পৰিয়ালে ধন্যবাদ জ্ঞাপন কৰিছে চাৰ্জাৰী দলৰ বাবে যিয়ে তেওঁলোকৰ আশা পুনৰ স্থাপন কৰিছে আৰু গুণগত মানৰ চিকিৎসা আগবঢ়াইছে। এই নতুন প্ৰক্ৰিয়াবোৰ এতিয়া এপলো এক্সেলকেৰ হস্পিতালত নিয়মিতভাৱে সম্পন্ন কৰা হয়, যাৰ ফলে লক্ষাধিক ৰোগী যিসকলে পূৰ্বে এই বিশেষ চিকিৎসাৰ বাবে অঞ্চলৰ বাহিৰলৈ যাত্ৰা কৰিবলৈ বাধ্য হৈছিল, তেওলোকৰ বাবে আশা সৃষ্টি হৈছে,” বুলি ড° সীমা কোন্বৰ (মেডিকেল সুপারিণ্টেণ্ডেণ্ট, এপলো এক্সেলকেৰ হস্পিতাল) জানাইছে।

এপলো এক্সেলকেৰ হস্পিতালৰ কাৰ্ডিয়াক চাৰ্জাৰীৰ ক্ষেত্ৰত উদ্ভাৱনবোৰে মাত্ৰ নতুন চিকিৎসাৰ পৰিসৰ প্রদান কৰা নহয়, সেয়া দেশীয় আৰু আন্তৰ্জাতিক মাপকাঠিত চিকিৎসাৰ মান উন্নীত কৰাৰ লগতে অঞ্চলৰ ৰোগীসকলৰ বাবে এক নতুন আশাৰ সূচনা কৰিছে।