Home Blog Page 368

Rajib Sadiya: প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৯ বছৰীয়া বিবাহ বাৰ্ষিকী

Rajib Sadiya: প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৯ বছৰীয়া বিবাহ বাৰ্ষিকী
Rajib Sadiya: প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৯ বছৰীয়া বিবাহ বাৰ্ষিকী

প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৯ বছৰীয়া বিবাহ বাৰ্ষিকী। মাঘ বিহুৰ উৰুকা দিনা (Rajib Sadiya) কন্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ মঞ্চতে ঢলি পৰিছিল শিল্পীগৰাকী৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চিকিৎসাধীন হৈছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে শিল্পীগৰাকীয়ে, উৰুকাৰ আনন্দৰ মাজতে শিল্পীগৰাকীয়ে মৃত্যুক সাৱটিলে।

গণশিল্পীগৰাকীৰ বিয়োগত বিভিন্নজনে শোকপ্ৰকাশ কৰিছে। ৰাজনৈতিক, সাংস্কৃতিক জগতৰ ব্যক্তিৰ লগতে অজস্ৰ গুণমুগ্ধই গণশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। বিভিন্ন জনে শিল্পীগৰাকীৰ ঘৰলৈ গৈ দুৰ্ভগীয়া পৰিয়ালটোক সাহস দিয়ে। প্ৰতিভাবান সংগীতশিল্পী ৰাজীৱ শদিয়াৰ গীতে-মাতে সমাজ জীৱনক চিন্তাৰ খোৰাক যোগাইছিল। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্ভগীয়া পৰিয়ালটোলৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াই। বিধায়ক বলিন চেতিয়াই শিল্পীগৰাকীৰ পত্নীৰ হাতত পাঁচ লাখ টকাৰ চেক আগবঢ়াই।

আনহাতে আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৯ বছৰীয়া বিবাহ বাৰ্ষিকী। সামাজিক মাধ্যমত গীতেৰে স্বামীক সুঁৱৰিলে পত্নীয়ে।

PM Modi: ফেব্ৰুৱাৰীত আমেৰিকা ভ্ৰমণৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ, মোডীৰ সৈতে ফোনযোগে বাৰ্তালাপ ট্ৰাম্পৰ

PM Modi: ফেব্ৰুৱাৰীত আমেৰিকা ভ্ৰমণৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ, মোডীৰ সৈতে ফোনযোগে বাৰ্তালাপ ট্ৰাম্পৰ
PM Modi: ফেব্ৰুৱাৰীত আমেৰিকা ভ্ৰমণৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ, মোডীৰ সৈতে ফোনযোগে বাৰ্তালাপ ট্ৰাম্পৰ

দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৭ নৱেম্বৰত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে ট্ৰাম্পৰ সৈতে কথা পাতিছিল প্ৰধানমন্ত্ৰীয়ে। এতিয়া প্ৰধানমন্ত্ৰী মোডী কেতিয়া আমেৰিকালৈ যাব সেই কথা জনালে ট্ৰাম্পে। (PM Modi)

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত বন্ধুত্ব অতি গভীৰ। ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীকে ধৰি বিশ্বৰ মাত্ৰ তিনিজন লোকেহে তেওঁৰ সৈতে ততাতৈয়াকৈ কথা পাতিছিল। সোমবাৰে পুনৰ ফোনযোগে কথা পাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ট্ৰাম্পে। ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ সন্দৰ্ভত দুয়োৰে মাজত আলোচনা হয়। ট্ৰাম্পে তেওঁৰ ঘনিষ্ঠ বন্ধু পি এম মোডীৰ আমেৰিকালৈ অহাৰ পৰিকল্পনাৰ বিষয়েও জনাই।

ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰাৰ পিছত মোডীৰ সৈতে ট্ৰাম্পৰ এয়াই আছিল প্ৰথম বাৰ্তালাপ। সোমবাৰে ফ্ল’ৰিডাৰ পৰা জইণ্ট বেছ এণ্ড্ৰুজলৈ উভতি অহাৰ সময়ত এয়াৰ ফৰ্চ ৱানত সাংবাদিকৰ আগত তেওঁ কয়, ‘আজি পুৱা (সোমবাৰে) প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দীঘলীয়া কথা-বতৰা হৈছিল। ফেব্ৰুৱাৰী মাহত তেওঁ হয়তো হোয়াইট হাউছলৈ আহিব। ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক অতি ভাল।” সোমবাৰে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা ফোন কথোপকথনৰ বিষয়ে সোধাত ট্ৰাম্পে কয়, ”সকলো বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল (মোডীৰ সৈতে হোৱা ফোন কথোপকথনৰ সময়ত)।” ‘

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই কথা-বতৰাৰ বিষয়ে শ্বেয়াৰ কৰি কয়, ‘মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ পাই ভাল লাগিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমি পৰস্পপৰে লাভজনক আৰু নিৰ্ভৰযোগ্য অংশীদাৰিত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমি আমাৰ জনসাধাৰণৰ কল্যাণ আৰু বিশ্ব শান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ বাবে একেলগে কাম কৰিম।

ৰাষ্ট্ৰপতি হিচাপে প্ৰথম কাৰ্যকালত ট্ৰাম্পৰ শেষ বিদেশ ভ্ৰমণ আছিল ভাৰত। ট্ৰাম্প আৰু মোডীৰ মাজত ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত হিউষ্টনত আৰু ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত আহমেদাবাদত অনুষ্ঠিত হোৱা দুখন পৃথক ৰেলীত দুয়োজনে হাজাৰ হাজাৰ লোকক সম্বোধন কৰে। ২০২৪ চনৰ নৱেম্বৰ মাহত ট্ৰাম্পৰ সৈতে হোৱা ভূমিস্খলনমূলক নিৰ্বাচনী জয়ৰ পিছত ট্ৰাম্পৰ সৈতে কথা পতা বিশ্বৰ শীৰ্ষ তিনিগৰাকী নেতাৰ ভিতৰত আছিল মোডী।

Valentine Day 2025: ভেলেণ্টাইন ডে’ৰ পূৰ্বে আকাংক্ষিত প্ৰেম আহিব এই সকলৰ জীৱনলৈ!

Valentine Day 2025: ভেলেণ্টাইন ডে’ৰ পূৰ্বে লাভ আকাংক্ষিত প্ৰেম আহিব এই সকলৰ জীৱনলৈ!
Valentine Day 2025: ভেলেণ্টাইন ডে’ৰ পূৰ্বে লাভ আকাংক্ষিত প্ৰেম আহিব এই সকলৰ জীৱনলৈ!

আজিকালি যুৱক-যুৱতীসকলৰ মাজত যেন পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ বাঢ়িছে। ভেলেণ্টাইন ডে’ এই সংস্কৃতিৰ প্ৰতীক। এই দিনটোক প্ৰেম প্ৰকাশৰ এক ডাঙৰ সুযোগ বুলি গণ্য কৰা হয়। দম্পতীয়ে এই দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। এই দিনটোত তেওঁলোকে প্ৰেমৰ সংগীক ফুল, কাৰ্ড, চকলেট বা আন উপহাৰ দি প্ৰেম প্ৰকাশ কৰে। বহু দম্পতীয়েও এই দিনটোত ডেটিঙলৈ যায় আৰু ইজনে সিজনৰ লগত সময় কটায় জীৱনটো উপভোগ কৰে। এইবাৰ ভেলেণ্টাইন ডে’ বহু ৰাশিৰ লোকৰ বাবে অতি বিশেষ হ’ব।(Valentine Day 2025) প্ৰেমে তেওঁলোকক জীপাল কৰি তুলিব। ইতিমধ্যে সম্পৰ্কত থকাসকলে হয়তো নিজৰ সংগীৰ সৈতে ডেটিঙলৈ যোৱাৰ সুযোগ পাব।


Numerologyৰ মতে ক’বলৈ গ’লে এই বছৰ ভেলেণ্টাইন ডে’ত বহুতে ভেলেণ্টাইন ডে’ৰ আগতে বহু দম্পতীয়ে হয়তো প্ৰকৃত প্ৰেম বিচাৰি পাব পাৰে। ক্ৰমান্বয়ে তেওঁলোকৰ প্ৰেম জীপাল হ’ব, ভেলেণ্টাইন ডে’ৰ আগতে তেওঁলোকৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব। বহু দম্পতীৰ মাজত চলি থকা বিবাদ ভেলেণ্টাইন ডে’ পূর্বে সমাধান হ’ব৷

আপুনি আপোনাৰ আকাংক্ষিত প্ৰেমৰ সংগী পাব পাৰে-

সংখ্যা বিজ্ঞানৰ বিশেষজ্ঞসকলৰ মতে, যিসকল লোকৰ জন্ম তাৰিখ ২, ৫, ৬, ৯, ১২, ১৫, ১৮, ২১, ২৫, ২৮ বা ২৭, তেওঁলোকে এই ভেলেণ্টাইন ডে’ৰ পূৰ্বে নিজৰ আকাংক্ষিত প্ৰেমৰ সংগী লাভ কৰিব পাৰে। যদি আপুনি অবিবাহিত, তেন্তে আপুনি হয়তো কোনোবা বিশেষ ব্যক্তিক লগ পাব, যিয়ে আপোনাৰ হৃদয়খন চুই যাব। সেই ব্যক্তিজনৰ লগত আপুনি অধিক সময় কটাবলৈ আৰম্ভ কৰিব, যিয়ে আপোনাক বহুত সুখী কৰিব।

ডেট উপভোগ কৰিব পাৰিব-

আনহাতে যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে তেন্তে এই ভেলেণ্টাইন ডে’ৰ আগতেই আপোনাৰ সম্পৰ্ক উন্নত হ’বলৈ আৰম্ভ কৰিব। সৰু সৰু কথাত আপোনালোক দুয়োৰে মাজত প্ৰায়ে হোৱা তৰ্ক বন্ধ হৈ যাব আৰু দুয়োজনে ইজনে সিজনৰ সংগ উপভোগ কৰিবলৈ আৰম্ভ কৰিব। এই ভেলেণ্টাইন ডে’ত আপুনিও আপোনাৰ সংগীৰ সৈতে ডেটিঙলৈ যাব পাৰে। এই দিনটো হ’ব আপোনাৰ জীৱনৰ আটাইতকৈ ৰোমাঞ্চকৰ আৰু সুখৰ দিন, যিটো দিন আপুনি বাৰে বাৰে মনত পেলাব বিচাৰিব।

Bitter Gourd: সকলোৱে জানে, কিন্তু তথাপিও ডায়েবেটিছ ৰোগীয়ে নাখায় তিতা খাদ্য!

Bitter Gourd: সকলোৱে জানে, কিন্তু তথাপিও ডায়েবেটিছ ৰোগীয়ে নাখায় তিতা খাদ্য!
Bitter Gourd: সকলোৱে জানে, কিন্তু তথাপিও ডায়েবেটিছ ৰোগীয়ে নাখায় তিতা খাদ্য!

ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰেলা অতি উপকাৰী খাদ্য। তিতা কেৰেলাৰ প্ৰাকৃতিক উপাদানে ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে আৰু শৰীৰক সুস্থ কৰি ৰাখে।(Bitter Gourd) ডায়েবেটিছ বিশেষকৈ টাইপ ২ ডায়েবেটিছ এনে এক ৰোগ যিটো নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। সঠিক খাদ্যাভ্যাস, দৈনিক ব্যায়াম আৰু ঔষধে এই ৰোগৰ চিকিৎসাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সকলোবোৰ ঔষধৰ ভিতৰত এটা জনপ্ৰিয় আৰু প্ৰাকৃতিক ঔষধ হ’ল তিতা কেৰেলা। তিতা কেৰেলাৰ সোৱাদ কেৱল তিতা নহয়, ডায়েবেটিছৰ চিকিৎসাতো অতি উপকাৰী। মধুমেহ ৰোগত তিতাই কেনেদৰে সহায় কৰে আৰু কেনেদৰে খাব লাগে জানো আহক।

তিতা আৰু ডায়েবেটিছ-

তিতা কেৰেলাত বহুতো উপাদান থাকে যিয়ে ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তিতা কেৰেলা খালে ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু শৰীৰত ইনচুলিনৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে। ই প্ৰাকৃতিক ইনচুলিনৰ দৰে কাম কৰে আৰু চুগাৰক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। তিতাত চৰেন্টিন নামৰ জৈৱ সক্ৰিয় যৌগ পোৱা যায়, যিয়ে তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। তিতা কেৰেলাত ইনচুলিনৰ দৰে কাম কৰা পলিপেপটাইড-পি থাকে। ইয়াত ভিটামিন চিও পোৱা যায়, যিয়ে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। লগতে তিতা কেৰেলাই পাচনতন্ত্ৰ উন্নত কৰে আৰু ওজন কমোৱাত সহায় কৰে।

তিতা কেৰেলাৰ ব্যৱহাৰ-

তিতা কেৰেলা বহু ধৰণে খাব পাৰি। আটাইতকৈ সাধাৰণ পদ্ধতিটো হ’ল তিতা কেৰেলাৰ ৰস। দিনটোত ১-২ বাৰকৈ, ৰাতিপুৱা খালী পেটত বা আহাৰ খোৱাৰ পিছত ১ কাপ তিতা কেৰেলাৰ ৰস খাব পাৰে। তিতা শাক-পাচলিও খাব পাৰে। সপ্তাহত ৩-৪ বাৰ ১-২ বাটি তিতা শাক-পাচলি খোৱাটো ভাল।

তিতা কেৰেলা খোৱাৰ সময়ত কিছুমান কথা মনত ৰখাৰ প্ৰয়োজন। তিতা কেৰেলাৰ তিতা একাংশ মানুহৰ বাবে অসহ্যকৰ। গতিকে ক্ৰমান্বয়ে তিতা কেৰেলাক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। তিতা কম পৰিমাণেহে খাব লাগে, কিয়নো অত্যধিক সেৱন কৰিলে পেটৰ সমস্যা হ’ব পাৰে। গৰ্ভাৱস্থা আৰু স্তনপানৰ সময়ত মহিলাসকলক তিতা কেৰেলা পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়। যদি আপুনি ডায়েবেটিছৰ ঔষধ খাই আছে, তেন্তে তিতা কেৰেলা গ্ৰহণ কৰাৰ সময়ত চিকিৎসকৰ পৰামৰ্শ ল’ব।

Debojit Borah: জাতীয় আদৰ্শ শিক্ষা সংসদৰ বঁটা বিতৰণী সভাত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা

Debojit Borah: জাতীয় আদৰ্শ শিক্ষা সংসদৰ বঁটা বিতৰণী সভাত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা
Debojit Borah: জাতীয় আদৰ্শ শিক্ষা সংসদৰ বঁটা বিতৰণী সভাত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা

অসম সাহিত্য সভাই প্ৰতিজন অংকুৰিত কবি-সাহিত্যিকক সাহিত্য চৰ্চাৰ এখন বহল মঞ্চ প্ৰদান কৰিব;আজি অসমৰ ছাত্ৰ-ছাত্ৰীয়েই কাইলৈৰ অসম সাহিত্য সভাক নেতৃত্ব দিব লাগিব।(Debojit Borah) শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত জাতীয় আদৰ্শ শিক্ষা সংসদৰ অসম আদৰ্শ বিদ্যালয়সমূহৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ মাজত জিজ্ঞাসা যাত্ৰা ২০২৫ উপলক্ষ্যে অনুষ্ঠিত কৰা প্ৰতিভামূলক প্ৰতিযোগিতাৰ বঁটা বিতৰণী আৰু মুকলি সভাত অংশগ্ৰহন কৰি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা, বিশিষ্ট সাহিত্যিক জয়ন্ত বিশ্ব শৰ্মা, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি পদুম ৰাজখোৱাই বক্তৃতা প্ৰদান কৰা সভাখনত অসম সাহিত্য সভা সংবাদ পত্ৰৰ সম্পাদক গৌতম গগৈ, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেন ভৰালী প্ৰমুখ্যে বহু সংখ্যক ভাষাপ্ৰেমী, নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।।

38th National Games: মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া

38th National Games: মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া
38th National Games: মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া

মঙলবাৰৰ পৰা উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হ’ব৷(38th National Games) ডেৰাডুনৰ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত আজি পাঁচ বজাৰ পৰা হ’ব লগা উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰিব৷ অনুষ্ঠানত কমনৱেলথ গেমছ ফেডাৰেছনৰ সভাপতি ক্ৰিছ জেনকিনছ, উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমীট সিং, ৰাজ্যৰ মখ্যমন্ত্ৰী পুস্কৰ সিং ধামি, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ অসম অলিম্পিক সন্থাৰ হৈ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে অংশ ল’ব সম্পাদক লক্ষ্য কোঁৱৰে৷(Uttarakhand)

ইফালে, উদ্বোধনী অনুষ্ঠানত অসম দলৰ ধ্বজাবাহক হ’ব ৰাজ্যৰ দুই তাৰকা আন্তৰ্জাতিক ক্ৰীড়াবিদ মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু পুৰুষ উশ্বু খেলুৱৈ ছানমা ব্ৰহ্ম৷ উল্লেখ্য যে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত মুঠ ৩৭ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত ৰাজ্য তথা বিভাগীয় দলে অংশ লৈছে৷ উদ্বোধনী অনুষ্ঠানত প্ৰতিটো দলৰ ২৫ গৰাকীকৈ খেলুৱৈ-বিষয়াক অংশগ্ৰহণৰ সুযোগ দিয়া হৈছে৷ অসম দলৰ চিফ দ্য মিছন অভিজিৎ ভট্টাচাৰ্যৰ লগতে দুই ডেপুটি চিফ দ্য মিছন হীৰেন গগৈ আৰু নিৰঞ্জন শইকীয়াসহ এথলীট পেৰেডত অংশ ল’ব এল হেমন্ত সিং, সুৰঞ্জন ভোবৰা, ময়ুৰী বৰ্মন, শান্তিপ্ৰিয়া হাজৰিকা, সুজেন বুঢ়াগোহাঁই, সুৰজ গোৱালা, ৰঞ্জন বুঢ়াগোহাঁই, ঈশাৰাণী বৰুৱা [বেডমিণ্টন], ৰঞ্জিত বড়ো, উদাংশ্ৰী নাৰ্জাৰী, খুদ্ৰা পাংগিং, প্ৰিয়া বড়ো, নিশিতা দত্ত, অজিত ৰাভা, ৰয়তলি বড়ো [উশ্বু], জ্যোতিষ কোঁৱৰ, দিলীপ গাওঁখোৱা, শ্ৰেয়ানী মজুমদাৰ, এট্টু ভূঞা আৰু সিদ্ধান্ত চেতাৰ্জী [শ্বুটিং]৷ আজি উদ্বোধনী অনুষ্ঠানৰ অন্তিম অনুশীলনতো অংশ লয় অসম দলে৷

ইফালে, দেওবাৰে গুৱাহাটীৰ পৰা সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত যোৱা অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি দলটোৱে নতুন দিল্লীত সন্থাৰ সভাপতি তথা জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি খেলুৱৈৰ আগমন আৰু প্ৰস্থানৰ লগতে উত্তৰাখণ্ডত থকা-খোৱা সকলো ব্যৱস্থাৰ বিষয়ে অবগত কৰে৷ উল্লেখ্য যে পূৰ্বৰ গুজৰাট আৰু গোৱাৰ দৰেই এইবাৰো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যোৱা অসম দলটোক বিমানৰে অহা-যোৱা কৰাৰ ব্যৱস্থা কৰি দিছে৷ অসম চৰকাৰৰ ক্ৰীড়া বিভাগে খেলুৱৈৰ বাবে প্ৰশিক্ষণ শিবিৰো আয়োজন কৰিছে৷ একেদৰে অসম অলিম্পিক সন্থাই সভাপতি তথা জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনাৰে ৰাজ্যৰ খেলুৱৈয়ে কোনো অসুবিধা নপোৱাৰ এক সুব্যৱস্থা কৰিছে৷

এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে মুঠ ২২ বিধ খেলত অংশ ল’ব৷ খেলুৱৈ আৰু বিষয়াসহ প্ৰায় তিনিশজনীয়া এটা দল অসমৰ পৰা যাব৷ আনহাতে, ৰাষ্ট্ৰীয় ক্ৰীড়াৰ খেল উত্তৰাখণ্ডৰ এঘাৰটা বিভিন্ন স্থানত অনুষ্ঠিত হ’ব৷ সেয়েহে অসম অলিম্পিক সন্থাই ৰাজ্যৰ কোনো খেলুৱৈয়ে যাতে অসুবিধাৰ সন্মুখীন নহয় সেই দিশটো স্বয়ং নিজৰ প্ৰতিনিধিক যথা স্থানত ৰাখি চোৱা-চিতা কৰাব৷ ‘অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আমাক নিৰ্দেশ দিছে যে ৰাজ্যৰ খেলুৱৈয়ে কোনো কাৰণতে প্ৰতিযোগিতাৰ সময়ত সমস্যাৰ সন্মুখীন হ’ব নালাগে৷ আমাৰ সভাপতি তথা জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত ক্ৰীড়াবিদৰ কাষত ২৪ ঘণ্টা অসম অলিম্পিক সন্থাৰ প্ৰতিনিধিক উপস্থিত থাকিবলৈ নিৰ্দেশনা দিছে৷ সেয়েহে আমি নিজেই সকলোখিনি তদাৰক কৰিম৷ অসম অলিম্পিক সন্থাৰ প্ৰতিনিধিয়ে নিষ্ঠাৰে এই দায়িত্ব পালন কৰিবলৈ সাজু৷’ সম্পাদক লক্ষ্য কোঁৱৰে অৱগত কৰে৷

ইফালে, ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভ উদ্বোধনী ২৮ জানুৱাৰীত হ’ব যদিও ইতিমধ্যে খেল আৰম্ভ হৈছে৷ সোমবাৰে অসমৰ মহিলা বীচ্ছ হেণ্ডবল দলে গ্ৰুপৰ প্ৰথম মেচত হাৰিয়ানাৰ বিৰুদ্ধে ২-০ গলত পৰাস্ত হয়৷ অসমে কাইলৈ মহাৰাষ্ট্ৰ আৰু ২৯ জানুৱাৰীত উত্তৰাখণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলিব৷ এই উভয় মেচে নকআউট যোগ্যতাৰ দৃষ্টিৰে অসমৰ বাবে গুৰুত্বপূৰ্ণ৷ ইফালে, ট্ৰাইথলনৰ একক শাখাত অসমৰ পুৰুষ-মহিলা খেলুৱৈয়ে পদক লাভ পৰা বঞ্চিত হৈছে৷ ইফালে, অসমৰ পুৰুষ ফুটবল দলৰ লগতে সাঁতোৰ আৰু স্ক’ৱাছ দলো সোমবাৰে উত্তৰাখণ্ডত উপস্থিত হৈছে৷ যিহেতু উত্তৰাখণ্ডত শীতৰ প্ৰকোপ বেছি সেয়েহে অসমৰ পৰা গৈ খেলুৱৈয়ে যাতে ঠাণ্ডাৰ পৰিবেশৰ লগত মিলিব পাৰে সকলো খেলুৱৈক খেলৰ দুদিন পূৰ্বে উপস্থিত হোৱাৰ ব্যৱস্থা কৰা হৈছে৷

মহাকুম্ভত জিলিকিল শংকৰী সংস্কৃতিৰ আধাৰ নামঘৰ । Mahakumbhat Mela

মহাকুম্ভত জিলিকিল শংকৰী সংস্কৃতিৰ আধাৰ নামঘৰ । Mahakumbhat Mela
মহাকুম্ভত জিলিকিল শংকৰী সংস্কৃতিৰ আধাৰ নামঘৰ । Mahakumbhat Mela

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৭ জানুৱাৰীঃ Mahakumbhat Mela । সুদীৰ্ঘ ১৪৪ বছৰৰ পিছত প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভত শংকৰী সংস্কৃতিৰ সুবাস বিলালে নামঘৰে। একেদৰে বিশ্ব হিন্দু পৰিষদৰ সন্তু সন্মিলনত জিলিকি উঠিল মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সম্মানীয় সত্ৰাধিকাৰ শ্ৰী জনাৰ্দন দেৱ গোস্বামী ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰে দেৱ গোস্বামীয়ে কৰিলে বিশেষ বাৰ্তালাপো। শ্ৰী জনাৰ্দন দেৱ গোস্বামীৰ নেতৃত্বতে প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা মহাকুম্ভমেলাত পোন প্ৰথম বাৰৰ বাবে স্থাপন কৰা হৈছে অস্থায়ী নামঘৰ। যত শংকৰী সংস্কৃতি চৰ্চাৰ লগতে সাত দিনীয়াকৈ আয়োজন কৰা হল অখণ্ড ভাগৱত পাঠ। যি কুম্ভমেলাৰ ইতিহাসত প্ৰথম।নামঘৰৰ কাষত ৩০ ফুট ওখ মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ অৱৰূপ প্ৰতিষ্ঠা কৰা হয়।

লগতে তাত বিষ্ণুৰ বাহন গৰুন্দ আৰু ৰাম ভক্ত হনুমানৰ প্ৰতিকৃতিও প্ৰতিষ্ঠা কৰি এক আদৰ্শ দেখুৱালে। মহাকুম্ভত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰতি দিনে হাজাৰ হাজাৰ ভক্ত সমাগম ঘটিছে ।

সত্ৰাধিকাৰ দেৱ গোস্বামীৰ নিমন্ত্ৰণ ৰক্ষা কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰয়াগৰাজৰ নামঘৰত উপস্থিত হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ভক্তই সত্ৰাধিকাৰ দেৱ গোস্বামীৰ সান্নিধ্য লাভ কৰি অভিভূত হৈ পৰে। মহাকুম্ভত শংকৰী আদৰ্শৰ প্ৰসাৰত সত্ৰাধিকাৰগৰাকীক অসমৰ বিশিষ্ট সমাজ সংগঠক বশিষ্ঠ বুজৰ বৰুৱা আৰু প্ৰজ্ঞা ফাউণ্ডেছনে সহায় কৰে।

নগালেণ্ড চৰকাৰৰ পত্ৰত অ’ এন জি চিয়ে বন্ধ কৰিলে ড্ৰিলিং চাইট ! ONGC

নগালেণ্ড চৰকাৰৰ পত্ৰত অ’ এন জি চিয়ে বন্ধ কৰিলে ড্ৰিলিং চাইট ! ONGC
নগালেণ্ড চৰকাৰৰ পত্ৰত অ’ এন জি চিয়ে বন্ধ কৰিলে ড্ৰিলিং চাইট ! ONGC

২৭ জানুৱাৰী, ২০২৫ঃ ONGC । অসম-নগালেণ্ড সীমান্তৰ এ বি চি চেক্টৰত উন্নয়নমূলক কাম-কাজত বাধাৰ সৃষ্টি কৰিছে খোদ নগালেণ্ড চৰকাৰে। পূৰ্বতে সীমান্ত অঞ্চলটোত নগা দুৰ্বৃত্তই ধন দাবী, অপহৰণ আৰু অসমৰ মাটি আগ্ৰাসন কৰি সীমান্তবাসীক অতিষ্ঠ কৰি তুলিছিল। যদিও এই ক্ষেত্ৰত নগা দুৰ্বৃত্তক নগালেণ্ড চৰকাৰৰ সমৰ্থন কৰাৰ অভিযোগ আগতে উঠিছিল, কিন্তু এইবাৰ খোদ নগালেণ্ড চৰকাৰে অসম চৰকাৰৰ উন্নয়নমূলক কাম-কাজত বাধা দিয়াৰ বাবে চিঠি প্ৰেৰণ কৰিছে।

নগালেণ্ড চৰকাৰে ধনশিৰি মহকুমাৰ এ বি চি চেক্টৰত অসম চৰকাৰৰ অধীনত থকা গাঁওসমূহক নগা ৰাজ্যৰ মাটি বুলি দাবী কৰি উন্নয়নমূলক কাম বন্ধ কৰিবলৈ দাবী জনাইছে। চিঠিখনত উল্লেখ কৰিছে যে অসম চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ খনন, বি এছ এন এলৰ ফাইবাৰ কেবল বিস্তাৰ, আৰু জল জীৱন মিচনৰ কাম-কাজ নগালেণ্ড চৰকাৰৰ অনুমতি অবিহনে হৈছে বুলি। এই অভিযোগৰ আধাৰত নগালেণ্ড চৰকাৰৰ ৰাংলাং মহকুমাৰ মহকুমাধিপতিৰ স্বাক্ষৰিত চিঠি ১৮ ছেপ্টেম্বৰত সীমান্ত দণ্ডাধীশক প্ৰেৰণ কৰা হয়।

এই চিঠি পোৱাৰ পিছত হালধীবাৰী পঞ্চায়তৰ অন্তৰ্গত বামচুকত অ’ এন জি চিয়ে ছয় মাহ পূৰ্বে আৰম্ভ কৰা তেল আৰু প্ৰাকৃতিক গেছ সন্ধানৰ কাম বন্ধ কৰিবলগীয়া হয়। ড্ৰিলিং চাইট বন্ধৰ ফলত সৰুপথাৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

সীমান্তবাসী ৰাইজ শংকিত হৈছে যে যদি একোৱে ব্যৱস্থা নলোৱা হয়, তেন্তে ভৱিষ্যতে নগালেণ্ড চৰকাৰে অসমৰ মাটি নিজৰ বুলি দাবী কৰি অধিক চাপ সৃষ্টি কৰিব পাৰে।

ইপিনে, উৰিয়ামঘাটত সীমান্তত নিয়োজিত চি আৰ পি এফৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ উঠিছে। চুতীয়া ছাত্ৰ সন্হাই চি আৰ পি এফ বাহিনীক ধন সংগ্ৰহ, ঘৰ নিৰ্মাণত বাধা আৰোপ, আৰু নগাৰ হৈ পক্ষপাত কৰাৰ অভিযোগ আনে। সংগঠনটোৱে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি সি আৰ পি এফৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, সীমান্তত দণ্ডাধীশ নিয়োগ, আৰু তৈলখাদসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাইছে।

চুতীয়া ছাত্ৰ সন্হাই মুখ্যমন্ত্ৰীক জনোৱা স্মাৰক পত্ৰত ত্ৰি-দিনীয় সময়সীমাৰ ভিতৰত নগা দুৰ্বৃত্তৰ ধন দাবী বন্ধ, সীমান্তৰ উন্নয়নমূলক কামৰ সুৰক্ষা, আৰু সি আৰ পি এফৰ প্ৰকৃত দায়িত্ব পালন নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

Vastu Tips: মহিলাসকলে ভুলতেও গা ধোৱাৰ পিছত এই কাম নকৰিব, স্বামীৰ আয়ুস কমিব…

Vastu Tips: মহিলাসকলে ভুলতেও গা ধোৱাৰ পিছত এই কাম নকৰিব
Vastu Tips: মহিলাসকলে ভুলতেও গা ধোৱাৰ পিছত এই কাম নকৰিব

গা ধুলে শৰীৰ সতেজ হৈ থাকে। গা ধুলে শৰীৰৰ পৰা অৱসাদ দূৰ হয়। (Vastu Tips)কিন্তু গা ধুওঁতে মানুহে প্ৰায়ে বহু ভুল কৰে। বাস্তু শাস্ত্ৰৰ মতে যদি এই ভুলবোৰৰ শুধৰাই লোৱা নহয়, তেন্তে ইয়াৰ ফলত ঘৰত ঋণাত্মক শক্তি বিয়পি পৰে। যাৰ বাবে ঘৰত আৰ্থিক সংকটকে ধৰি বহু সমস্যাৰ সৃষ্টি হয়। এনে সময়ত এই ভুলবোৰ শুধৰাই লোৱাটো ভাল। অন্যথা এই ভুলবোৰে পৰিয়ালটোৰ বাবে অতি অশুভ ফল কঢ়িয়াই আনিব পাৰে।

প্ৰায়ে মানুহে গা ধুই বাথৰুম লেতেৰা কৰি উভতি আহে। বাস্তু শাস্ত্ৰৰ মতে এনে কাৰ্য অতি অশুভ। ই ঘৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰাৰ কাম কৰে। এই ভুলবোৰৰ বাবে ঘৰত বাস্তুৰ দোষৰ সৃষ্টি হয়।

লেতেৰা পানী কেতিয়াও বাথৰুমত এৰিব নালাগে। মনত ৰাখিব লাগে যে লেতেৰা চাবোনৰ পানী বাথৰুমত থাকিব নালাগে। ই ঘৰত অশান্তি সৃষ্টি কৰে। বাস্তু শাস্ত্ৰৰ মতে এনে কৰিলে ৰাহু আৰু কেতুৰ চকু ঘৰতে ৰৈ যায় বুলি বিশ্বাস কৰা হয়, যাৰ বাবে পৰিয়ালৰ লোকক বহু ধৰণৰ সমস্যাই আগুৰি ধৰে।

বাথৰুমৰ পৰা ওলাই আহোঁতে মনত ৰাখিব যে আপুনি বাল্টিটো খালীকৈ নাৰাখিব। যদি আপুনি বাল্টিটো খালী ৰাখিব বিচাৰে, তেন্তে ওলোটাকৈ ৰাখিব। বাথৰুমট খালী বাল্টি ৰাখিলে দৰিদ্ৰতাই প্ৰাধান্য পায়।

বাস্তু শাস্ত্ৰৰ মতে চেণ্ডেল পিন্ধি গা ধুব নালাগে। যদি আপুনি চেণ্ডেল পিন্ধি গা ধুৱে, তেন্তে গা ধুই ভৰিত পুনৰ পানী নিদিব, কাৰণ ই অতি অশুভ। বিশ্বাস কৰা হয় যে এনে কৰিলে ঘৰৰ আৰ্থিক অৱস্থা বেয়া হয়।

বাস্তু শাস্ত্ৰৰ মতে, নাৰীয়ে এটা বস্তুৰ বিশেষ যত্ন ল’ব লাগে, ভুলতে হ’লেও গা ধোৱাৰ লগে লগে সেন্দুৰ লগাব নালাগে, কাৰণ ই অতি অশুভ। প্ৰায়ে মহিলাসকলে গা ধোৱাৰ আগতে একো নাখায়। এনে অৱস্থাত গা ধোৱাৰ লগে লগে কিবা এটা খোৱাৰ পিছতহে সেন্দুৰ লগাব লাগে। বিশ্বাস কৰা হয় যে মহিলাসকলে এনে কৰিলে স্বামীৰ আয়ুস কমি যায়।

Hajo Sports Association । প্ৰতিষ্ঠাপক সভাপতি ধনেশ্বৰ দাসৰ পৰা দিপাংকৰ মজুমদাৰ নেতৃত্বাধীন হাজো ক্ৰীড়া সন্থাৰ সোণোৱালী যাত্ৰা

Hajo Sports Association । প্ৰতিষ্ঠাপক সভাপতি ধনেশ্বৰ দাসৰ পৰা দিপাংকৰ মজুমদাৰ নেতৃত্বাধীন হাজো ক্ৰীড়া সন্থাৰ সোণোৱালী যাত্ৰা
Hajo Sports Association । প্ৰতিষ্ঠাপক সভাপতি ধনেশ্বৰ দাসৰ পৰা দিপাংকৰ মজুমদাৰ নেতৃত্বাধীন হাজো ক্ৰীড়া সন্থাৰ সোণোৱালী যাত্ৰা

হাজো – ২৭ জানুৱাৰী – ১৯৭৩ চনত অৱসৰী শিক্ষক ধনেশ্বৰ দাসৰ সভাপতিত্বত গঠন হোৱা হাজো ক্ৰীড়া সন্থাৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হোৱা হাজো ক্ৰীড়া সন্থাৰ দ্বি বাৰ্ষিক সোণালী জয়ন্তী মহোৎসৱৰ শনিবাৰে সামৰণি পৰে। ২০২৩ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখে সুৰেন দাস মহাবিদ্যালয়ত আৰম্ভ হোৱা হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱৰ সামৰণি অনুষ্ঠান ২৫ জানুৱাৰীত অনুষ্ঠিত হয় হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। এই সময়চোৱাত বিভিন্ন ক্ৰীড়া কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সামৰণি অনুষ্ঠানত হাজোৰ কেইবাগৰাকীও প্ৰতিভাৱন খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়। Hajo Sports Association ।

দ্বি বাৰ্ষিক সোণালী জয়ন্তী মহোৎসৱৰ সামৰণি

আনহাতে একাধিক প্ৰবীণ খেলুৱৈকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, অসম অলিম্পক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, অসম মল্লযুঁজ সন্থাৰ উপ সভাপতি গীতাৰ্থ দাস উপস্থিত থাকে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা দহ বজাত কাৰ্যকৰী সভাপতি শৰৎ নায়কে আঁত ধৰা অনুষ্ঠানত লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্রতিমূর্ত্তিত মাল্যার্পণ ও বন্তি প্রজ্বলন কৰে সমাজকৰ্মী নুৰ মহম্মদে। তাৰ পিছতে সোণালী জয়ন্তী মহোৎসব উপলক্ষে ৫০ খন পতাকা হাজোৰ ভিন্ন ক্ষেত্ৰৰ পঞ্চাশগৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে । পৰিয়ালৰ সদস্যৰ উপস্থিতিত পুৱা এঘাৰ বজাত হাজো ক্রীড়া সন্থাৰ সক্রিয় সদস্য সদ্যপ্রয়াত পংকজ শৰ্মাৰ প্রতিচ্ছবিত মাল্যার্পণ ও বন্তি প্রজ্বলন কৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাসে।

সোণালী জয়ন্তী মহোৎসব উপলক্ষে ৫০ খন পতাকা হাজোৰ ভিন্ন ক্ষেত্ৰৰ পঞ্চাশগৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে ।

দিনৰ বাৰ বজাৰ পৰা অনুষ্ঠিত হয় ৰছী টনা, বেডমিন্টন, ভলীবল, কাৰাটে, মল্লযুঁজ আৰু মহিলাৰ প্ৰদৰ্শনীমূলক ফুটবল খেল। সোণালী জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি সন্ধিয়া ছয় বজাৰ পৰা অনুষ্ঠিত খেলুৱৈ সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা হাজো ক্ৰীড়া সন্থাৰ সভাপতি দিপাংকৰ মজুমদাৰে। এই অনুষ্ঠানত উপস্থিত থকা অসমৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰক আদৰণি জনায় উদযাপন সমিতিৰ সভাপতি তথা অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক ৰাতুল‌ শৰ্মাই। আনহাতে যুৱ‌নেতা তথা সমাজকৰ্মী প্ৰকাশ চন্দ্ৰ দাসে মুকলি কৰা সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিৱেশন কৰে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ ৰাথোড়, ভৃগু কাশ্যপ আৰু কল্লোল বৰঠাকুৰে।

১৯৭৩ চনত স্থাপিত হাজো ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ধনেশ্বৰ দাসে নিজৰ ভাষণত হাজো ক্ৰীড়া সন্থাৰ ইতিহাস বৰ্ণনা কৰি নষ্টালজিক হৈ পৰে। আনহাতে বৰ্তমানৰ সভাপতি দিপাংকৰ মজুমদাৰৰ নেতৃত্বত চলা হাজো ক্ৰীড়াক প্ৰশংসা কৰে প্ৰতিষ্ঠাপক সভাপতি ধনেশ্বৰ দাসে।