Home Blog Page 37

Roi Roi Binale Piracy: ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচিৰ অভিযোগত এজনক আটক

'ৰৈ ৰৈ বিনালে'ৰ পাইৰেচিৰ অভিযোগত এজনক আটক
'ৰৈ ৰৈ বিনালে'ৰ পাইৰেচিৰ অভিযোগত এজনক আটক

তেজপুৰত (Roi Roi Binale Piracy) ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচিৰ অভিযোগত এজনক আটক। তেজপুৰৰ TNZ ছবিগৃহত সন্ধিয়া ৭.৩০ বজাৰ দর্শনীত যুৱকজনে কৌশলেৰে মোবাইলত কৰিছিল ৰেকৰ্ডিং।

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কাহিনী আৰু অভিনীত” ৰৈ ৰৈ বিনালে” ছবিখন কালি ৰাতি ৭:৩০বজাৰ পৰা তেজপুৰ মিচন চাৰিআলিস্থ টি এন জেড ছবি গৃহত এজন দৰ্শকে মোবাইল ফোনত ৰেকৰ্ডিং কৰা প্ৰত্যক্ষ কৰি এজন জুবিন অনুৰাগী তথা ছবি খনৰ দৰ্শক গৌতম শৰ্মাই প্ৰত্যক্ষ কৰি মোবাইলৰে ছবিখন ৰেকৰ্ডিং কৰা বিষয়টো ছবি গৃহৰ কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই তাৎক্ষনিকভাবে আৰক্ষীক অৱগত কৰে।

আনহাতে তেজপুৰ সদৰ থানাৰ অন্তৰ্গত কছাৰীগাওঁ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ দাস তাৎক্ষনিকভাৱে ঘটনাস্থলীত উপস্থিতহৈ যুৱক জনক মোবাইলসহ আটক কৰে। ধৃত যুৱক জনক বিশ্বনাথ জিলাৰ বালিজুৰিৰ বিকাশ নেৱাৰ বুলি চিনাক্ত কৰিছে। আনহাতে আৰক্ষীয়ে জব্দ কৰা মোবাইলটোৰে বিকাশে এক ঘন্টা সাত মিনিট ছবিখন ৰেকৰ্ডিং কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

Bhaskar Jyoti Mahanta: ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ কৰি ফেচবুক পোষ্ট ভাস্কৰজ্যোতি মহন্তৰ

ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ কৰি ফেচবুক পোষ্ট ভাস্কৰজ্যোতি মহন্তৰ
ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ কৰি ফেচবুক পোষ্ট ভাস্কৰজ্যোতি মহন্তৰ

শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃৰ পদত্যাগ। (Bhaskar Jyoti Mahanta) ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ। ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্তৰ। শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্ত। ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে দাখিল হৈছে কেইবাখনো RTI। এনে পৰিপ্ৰেক্ষিতত মহন্তক পদত্যাগৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্রীয়ে। পদত্যাগৰ পিছতে সামাজিক মাধ্যমত এটা পোষ্ট লিখিলে ভাস্কৰজ্যোতি মহন্তই। পোষ্টটো হ’ল-

‘অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে অৱসৰ লোৱাৰ পিছতে মই ২০২৩ চনৰ এপ্ৰিল মাহৰ ৫ তাৰিখে অসম তথ্য আয়োগত মুখ্য তথ্য আয়ুক্ত হিচাপে যোগদান কৰিছিলো। আৰক্ষী বিষয়া হিচাপে যেতিয়াই যি দায়িত্ব পাইছিলো,সেই দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰাৰ লগতে নতুন চিন্তাৰে কিবা এটা কৰাৰ যত্ন কৰাৰ দৰেই মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব লৈয়ো মই কিছু নতুনত্ব অনাৰ চেষ্টা কৰিছিলো। ইয়াৰ ভিতৰত তথ্য জনাৰ অধিকাৰ আইনক ব্লেক মেইলিঙৰ আহিলা হিচাপে লোৱা সকলৰ প্ৰতি কঠোৰ হোৱা,অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰি কাৰ্যালয়টোক কাগজ মুক্ত কৰা, বিভিন্ন তথ্য জানিবলৈ আগ্ৰহীসকলৰ সুবিধা হোৱাকৈ অনলাইন আবেদনৰ ব্যৱস্থা কৰা,নিয়মীয়া শুনানি আৰু নিয়মীয়া নিষ্পত্তিৰ জৰিয়তে বিচৰাধীন,অমীমাংসিত আবেদনৰ পাহাৰ কাৰ্যতঃ নোহোৱা কৰা,ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তেও শুনানিৰ ব্যৱস্থা কৰা,সাধাৰণ মানুহৰ সহায়ক হোৱাকৈ হাতপুথি উলিওৱা আদি অন্যতম।সি যি কি নহওঁক,অসম তথ্য আয়োগৰ সৈতে এইদৰে একাত্মভাৱে তথা আবেগিকভাৱে জড়িত হৈ পৰা সত্বেও এক বিশেষ পৰিস্থিতিত কাৰ্যকাল সামৰণি পৰাৰ পূৰ্বেই মই মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছো।আপোনালোক সকলো জ্ঞাত যে শেহতীয়াভাৱে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গদেৱৰ মৃত্যুৰ ঘটনাৰ সৈতে মোৰ ভাই শ্যামকানু মহন্তৰ নাম সাঙোৰ খাই পৰিছে। এনে পৰিপ্ৰেক্ষিতত মোৰ বিবেকে এটা কথা কৈ আছিল যে যদি মোৰ ভাতৃ সম্পৰ্কীয় কিবা তথ্য বিচাৰি কোনো লোকে আবেদন কৰে,তেতিয়া মানুহৰ মনত যাতে কোনো ধৰণৰ সন্দেহ আৰু সংশয় নাথাকে,তাৰ স্বাৰ্থতে মই দায়িত্বৰ পৰা অব্যাহতি লোৱা উচিত। এই কথা মই মাননীয় মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়তো কৈ ৰাখিছিলো ৷ লগতে মোৰ সহকৰ্মীসকলক কৈ থৈছিলো-এনেধৰণৰ কিবা আবেদন আহিলেই মোক যাতে লগে লগে অৱগত কৰে। ইমানদিনে তেনে আবেদন অহা নাছিল যদিও শেহতীয়াভাৱে এজন লোকে শ্যামকানু মহন্তকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানলৈ চৰকাৰে আগবঢ়োৱা পুঁজি সম্পৰ্কে জানিবলৈ বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষলৈ এখন আবেদন কৰিছে। আবেদনকাৰীগৰাকীয়ে মোলৈ ব্যক্তিগতভাৱেও এখন চিঠি লিখিছে আৰু তাত তেখেতে উল্লেখ কৰিছে যে মোৰ সততা আৰু স্বচ্ছতাৰ ওপৰত তেখেতৰ সম্পূৰ্ণ ভৰসা আছে l যিহেতু তেখেতে জানিবলৈ বিচৰা তথ্যসমূহৰ ভিতৰত শ্যামকানু মহন্তৰ তথ্যও থাকিব,গতিকে মই মুখ্য তথ্য আয়ুক্ত ৰূপে তেনে ধৰণৰ শুদ্ধ ভূমিকাই পালন কৰাটো তেওঁ বিচাৰে ৷ যিহেতু এই বিষয়ে ময়ো ইতিমধ্যে ভাবিয়েই থৈছিলো,গতিকে অলপো পলম নকৰি মই মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি বিচাৰি মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলো। মোক যিসকলে জানে তেওঁলোকৰ মনত নিশ্চয় এইবিষয়ে সন্দেহ নাই যে মই দায়িত্বত থাকিলেও সেই ব্যক্তিগৰাকীয়ে সম্পূৰ্ণ শুদ্ধ তথ্যই পালেহেঁতেন। তথাপি মানুহৰ মনত যাতে তিলমানো সন্দেহৰ অৱকাশ নাথাকে,তাৰ স্বাৰ্থতে মই এইদৰে দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত ল’লো।

অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া হিচাপে ঘটনাবহুল এছোৱা দীঘলীয়া সময় অসম মাতৃক সেৱা আগবঢ়োৱাৰ লগতে বিগত সময়ছোৱাত মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব পালনৰ সুযোগ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। মই মহামহিম ৰাজ্যপাল আৰু মাননীয় মুখ্যমন্ত্ৰীকে ধৰি সংশ্লিষ্ট সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলো’

Bhaskar Jyoti Mahanta: ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ

ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ
ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ

শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃৰ পদত্যাগ।(Bhaskar Jyoti Mahanta)

ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।

ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্তৰ।

শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্ত।

ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে দাখিল হৈছে কেইবাখনো RTI।

এনে পৰিপ্ৰেক্ষিতত মহন্তক পদত্যাগৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্রীয়ে।

Bihar Assembly Election: আজি বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ
আজি বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।(Bihar Assembly Election)

পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ।

১৮খন জিলাৰ ১২১টা সমষ্টিৰ বাবে ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

বিহাৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব ১১ নৱেম্বৰত।

১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা।

“মানুহে মানুহৰ বাবে” শীৰ্ষক গীতেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ ঐতিহাসিক চাৰ্চ ফিল্ড…

ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ চতুদৰ্শ মৃত্যুবাৰ্ষিকীৰ আজিৰ দিনটোত পাঁচ সহস্ৰাধিক লোকে সমস্বৰে পৰিবেশন কৰা “মানুহে মানুহৰ বাবে “শীৰ্ষক গীতেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ ঐতিহাসিক চাৰ্চ ফিল্ড ।উল্লেখ্য যে অসম আৰু অসমীয়াৰ স্বাভিমান ,প্ৰাণৰ আপোন শিল্পী গৰাকীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱাৰ অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ অন্তিম মূহূৰ্তত চাৰ্চ ফিল্ডত সমবেত হোৱা বিভিন্ন শিক্ষক -শিক্ষয়িত্ৰী ,বিভিন্ন বিভাগৰ বিষয়া -কৰ্মচাৰীৰ লগতে জিলাখনৰ বিশিষ্ট ব্যক্তি সকলে এনেদৰে সমস্বৰে পৰিবেশন কৰিলে সুধাকণ্ঠ গৰাকীৰ মানৱতাবাদৰ বিশ্ব বন্দিত গীত -“মানুহে মানুহৰ বাবে “।
পুৱা অনুষ্ঠানটিৰ মুখ্য অতিথি শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ দ্বাৰা সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আদৰণী ভাষণ প্ৰদান কৰি মহান শিল্পী গৰাকীক স্মৰণ কৰিবলৈ চাৰ্ট ফিল্ডত উপস্থিতি হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।ইয়াৰ পিছতেই তেজপুৰৰ লগতে জিলাখনৰ ১০০ গৰাকী নিৰ্বাচিত শিল্পীয়ে সুধাকণ্ঠ গৰাকীৰ কেবাটাও কালজয়ী গীত সমবেত ভাৱে পৰিৱেশন কৰি সুধাকণ্ঠৰ লক্ষ্যস্থান তেজপুৰত এক অনন্য পৰিৱেশৰ সূচনা কৰে ।উল্লেখ্য যে শোণিতপুৰ প্ৰেছ ক্লাব ,তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই আঁত ধৰা আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ,জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্হই বিশেষ আসন শুৱনি কৰা অনুষ্ঠানটিত জিলাখনৰ ১০ গৰাকী বিশিষ্ট শিল্পীক শোণিতপুৰ জিলা প্ৰশাসনে একোখনকৈ চেলেং আৰু সম্বৰ্ধনা পত্ৰেৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।সম্বৰ্ধিত হোৱা সকল আছিল তেজপুৰৰ প্ৰবীণ গীতিকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা ,প্ৰবীণ কন্ঠশিল্পী কীৰ্তি বনীয়া ,সচ্চিদানন্দ বৰা আৰু সুধাকণ্ঠৰ গীত হিন্দী আৰু নেপালী ভাষালৈ অনুবাদ কৰা সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান বাহাদুৰ ছেত্ৰীৰ লগতে বৰছলা সমষ্টিৰ কাৱৈমাৰীৰ জনপ্ৰিয় জনতাৰ শিল্পী দিনাৰাম বড়ো ,গিৰিশ নাথ আৰু নোৱাজ তপ্নৰ লগতে ৰঙাপৰা সমষ্টিৰ বিশিষ্ট শিল্পী গকুল সাহা ,বিপুল মেছ আৰু নমিতা ব্ৰহ্ম ।মুখ্য অতিথিৰ আসনৰ পৰা সাংসদ ৰঞ্জিত দত্তইও সুধাকণ্ঠ গৰাকীৰ তেজপুৰৰ পৰা আৰম্ভ হোৱা সাংগীতিক যাত্ৰা আৰু জীৱন -দৰ্শন আলোকপাত কৰে ।
আনহাতে ইয়াৰ আগতেই ঘৰপৰা চুবুৰিৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ অধ্যক্ষা দীপা দাসৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি আৰু সুধাকণ্ঠৰ গীতৰ আধাৰত দৃষ্টিনন্দন সমবেত নৃত্যৰ অনুষ্ঠান প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অধ্যক্ষা তথা জনপ্ৰিয় নৃত্যশিল্পী দীপা দাসৰ লগতে “অকণিৰ সাহিত্য সভা”ৰ সভাপতি পংকজ বৰুৱাই ।
সেইদৰে তেজপুৰ সাহিত্য সভা ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰতিচ্ছবিৰ সন্মুখত শুভাৰম্ভ কৰে সভাপতি ধ্ৰুৱজ্যোতি দাসে ।সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্যই আঁত ধৰা অনুষ্ঠানটিত প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়া ,ৰমেশ চন্দ্ৰ কলিতা ,অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া ,তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা ,দেৱব্ৰত শৰ্মা ,সংগীতশিল্পী সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা ,তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি নবীন চন্দ্ৰ লহকৰ ,বাণ থিয়েটাৰৰ সংগীতাধিকাৰ জিন্টু বৰঠাকুৰ ,বিশিষ্ট লেখিকা নিৰু নেওগ বৰা আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
সেইদৰে ত্ৰিমূৰ্তি উদ্যানত ত্ৰিমূৰ্তি উদ্যান সমিতিৰ সভাপতি প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ লগতে তেজপুৰৰ প্ৰবীণ অভিনেত্ৰী বকুল দাসক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

“মানুহে মানুহৰ বাবে”ক বিশ্বৰ মানৱ সমাজৰ গীতৰূপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক আহ্বান জনাব অসম চৰকাৰে…

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে জালুকবাৰীৰ সমন্বয় ক্ষেত্রত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বুধবাৰে পু্ৱাই অংশগ্ৰহণ কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

সমাধিথলীতেই মুখ্যমন্ত্ৰীৰ মন্তব্য, “মানুহে মানুহৰ বাবে গীতটো কেৱল অসমৰ সম্পদ নহয় ৷ ই সমগ্ৰ মানৱ জাতিৰ সম্পদ । সুধাকণ্ঠৰ এই গীতটি সমগ্ৰ মানৱ সমাজৰ গীত হিচাপে যাতে স্বীকৃতি পায় তাৰ বাবে ৰাজ্য চৰকাৰে নীৰৱে কিছু কাম কৰি আহিছে । আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছো যে “মানুহে মানুহৰ বাবে…” গীতটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে ৷ অসম চৰকাৰে এই দিশত কিছু কাম-কাজ আগবঢ়াইছে । মই বিশ্বাস কৰো আজি নহ’লেও কাইলৈ ৰাষ্ট্ৰসংঘৰ মানৱতাৰ গীতৰূপে স্বীকৃতি আনিবলৈ আমি সক্ষম হ’ম ৷”

৯ মাহতে অন্তৰ্ধান হৈছিল সুধাকণ্ঠ…

শদিয়াত থকা সময়ত কেঁচুৱা ভূপেন হাজৰিকাৰ এটা মনোৰম কাহিনী আছে । এই সন্দৰ্ভত মঞ্জুলা হাজৰিকাই কয়, “ভূপেনদাৰ পিতৃ নীলকান্ত হাজৰিকাই কাম কৰিছিল শদিয়াত । তেওঁ নেফাত কাম কৰিছিল । সেইসময়ত তেওঁৰ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাই উক্ত অঞ্চলটোৰ লোকসকলৰ সৈতে খুব মিলাপ্ৰীতিৰে আছিল । এদিন মাতৃ শান্তিপ্রিয়া হাজৰিকাই ভূপেনদাক শুৱাই থৈ ঘৰুৱা কাম-কাজত ব্যস্ত হৈ আছিল । কাম কৰি আহি দেখে যে তাত ভূপেনদা নাই । চাৰিওফালে হুলস্থূল লাগিল । থানাতো খবৰ দিয়া হ’ল । পিছে, তিনিদিনলৈ ভূপেনৰ কোনো খবৰ নাই ।”

মঞ্জুলা হাজৰিকাই পুনৰ কয়, “তিনিদিনৰ পিছত বলুং গাঁৱৰ আদি মহিলা কেইগৰাকীমানে ভূপেনদাক লৈ আহিছে । লৈ আহি শান্তিপ্রিয়াক জনালে যে তেওঁলোকে মৰমতে শিশুটিক লৈ গৈছিল । সেই তিনিদিন মহিলাসকলে ভূপেনদাক তেওঁলোকৰ দুগ্ধ খুৱাই ৰাখিছিল ।” লগতে তেওঁ কয়, “ভূপেনদা শেষৰ তিনি মাহমান সময় আমাৰ ঘৰত আছিল । সেইসময়ত মই ভূপেন হাজৰিকাৰ ‘লুইতৰ পৰা মিচিচিপিলৈ’ এই গ্ৰন্থখন লিখিবলৈ লৈছিলো । এইবোৰ ভূপেনদাৰ মুখেৰে শুনা কথা ।”

Harmanpreet Kaur-Smriti Mandhana: বিশ্বকাপ জয়ৰ ট্ৰফী হৰমনপ্ৰীত-স্মৃতিৰ ‘হাতত’…

বিশ্বকাপ জয়ৰ ট্ৰফী হৰমনপ্ৰীত-স্মৃতিৰ 'হাতত'
বিশ্বকাপ জয়ৰ ট্ৰফী হৰমনপ্ৰীত-স্মৃতিৰ 'হাতত'

বিশ্বকাপৰ ট্ৰফীৰ ছবিৰ হৰমনপ্ৰীত-স্মৃতিৰ ‘হাতত’! (Harmanpreet Kaur-Smriti Mandhana) জয়পুৰত স্থাপন কৰা হ’ব ভাৰতীয় অধিনায়কগৰাকীৰ মূৰ্তি। দেওবাৰে মহিলাৰ এদিনীয়া বিশ্বকাপত ভাৰতীয় দলটোৱে জয়লাভ কৰে। হৰমনপ্ৰীত কৌৰ আৰু স্মৃতি মান্ধনাই গোটেই জীৱন বিশ্বকাপৰ ট্ৰফী ‘হাততে’ ৰাখে।

হৰমনপ্ৰীত আৰু স্মৃতিয়ে হাতত বিশ্বকাপৰ টেটু আঁকিলে। হৰমনপ্ৰীতে বাওঁ হাতত টেটু কৰিছে। হৰমনপ্ৰীতৰ টেটুত ২০২৫ আৰু ৫২ নম্বৰ অঁকা হৈছে। ক্ৰমে বিশ্বকাপ জয়ৰ বছৰ আৰু জয়ৰ ব্যৱধান। সোঁহাতত বিশ্বকাপ জয়ৰ টেটু কৰিছে স্মৃতিয়ে। ইয়াৰ চাৰিওফালে ভাৰতীয় জাতীয় পতাকা আছে। তলত বিশ্বকাপ জয়ৰ বছৰটো আছে।

ইফালে ৰাজস্থানৰ নাহৰগড় দুৰ্গৰ ভিতৰত আছে জয়পুৰ সংগ্ৰহালয়। তাত হৰমনপ্ৰীতৰ মূৰ্তি স্থাপন কৰা হ’ব। অহা বছৰৰ ৮ মাৰ্চ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এই প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব। এই প্ৰতিমূৰ্তিটো ভাৰতীয় দলে বিশ্বকাপ বিজয়ী হোৱাৰ পুৰস্কাৰ হিচাপে স্থাপন কৰা হৈছে।

জয়পুৰৰ এই সংগ্ৰহালয়ত ইতিমধ্যে মহেন্দ্ৰ সিং ধোনী, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলীৰ প্ৰতিমূৰ্তি আছে। বিষয়াসকলে জনোৱা মতে, হৰমনপ্ৰীতৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

Virat kohli: ছোলে ভাতুৰে বাহিৰেও বিৰাটে তেওঁৰ ৰেষ্টুৰেণ্টত আৰু কি খাদ্য ভাল পায়?

ছোলে ভাতুৰে বাহিৰেও বিৰাটে তেওঁৰ ৰেষ্টুৰেণ্টত আৰু কি খাদ্য ভাল পায়?
ছোলে ভাতুৰে বাহিৰেও বিৰাটে তেওঁৰ ৰেষ্টুৰেণ্টত আৰু কি খাদ্য ভাল পায়?

ক্ৰিকেটাৰ বিৰাট (Virat kohli) কোহলী এতিয়া এখন বিলাসী ৰেষ্টুৰেণ্টৰ মালিকো। তেওঁৰ ৰেষ্টুৰেণ্টখনৰ নাম ‘ৱান এইট কমিউন’। বিৰাটৰ এই ৰেষ্টুৰেণ্ট খন কলকাতা, বেংগালুৰু, দিল্লী, মুম্বাই, পুনে আৰু জয়পুৰত আছে। বিৰাটৰ প্ৰিয় বিদেশী খাদ্যই ৰেষ্টুৰেণ্টৰ মেনুত সুকীয়া স্থান দখল কৰিছে। তালিকাত কি আছে জানো আহক-

বিৰাট কোহলীয়ে তেওঁ পুৰণি কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ প্ৰিয় খাদ্য হৈছে বাটাৰ চিকেন। ২০১৮ চনত কোহলীয়ে হঠাতে ঘোষণা কৰিছিল যে তেওঁ আৰু আমিষ খাদ্য নাখাব। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে সদায় ফিটনেছৰ প্ৰতি সতৰ্ক। প্ৰায় প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা ধৰি খেলপথাৰত অনুশীলন কৰে। লগতে গধুৰ ৱৰ্কআউট। স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ বিৰাটে নিৰামিষভোজী হোৱাৰ সিদ্ধান্ত ল’লে।

এতিয়া কোহলীয়ে বহু সাক্ষাৎকাৰত কৈছে যে তেওঁৰ প্ৰিয় খাদ্য হৈছে ছোলে ভাতুৰে। বিশেষকৈ তেওঁ দিল্লীৰ ছোলে ভাতুৰে ভাল পায়। দিল্লীৰ ঘৰলৈ গ’লেই মাকে বনোৱা ৰাজমা-চাওল খাই ভাল পায়। অৱশ্যে বছৰটোৰ বাকী সময়খিনি তেওঁ ডায়েটত থাকে। বিৰাট খাদ্যৰ প্ৰতি যথেষ্ট গুৰুত্বপূৰ্ণ।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বিৰাটে কয়, “মই ভাবো ফিটনেছৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল খাদ্য। মই একেটা খাদ্যই ছমাহ একেৰাহে খাব পাৰো। দিনটোৰ ভিতৰত মই খোৱা খাদ্যৰ ৯০ শতাংশই সিজোৱা বা ভাপত দিয়া হয়। তাৰ লগত নিমখ, জলকীয়া আৰু নেমু! চালাড খাই ভাল পাওঁ। পেন-গ্ৰিল কৰা খাদ্য খাওঁ। কিন্তু মই কোনো গ্ৰেভি টাইপৰ খাদ্য নাখাওঁ।”

বিৰাটৰ প্ৰিয় বিদেশী খাদ্যৰ তালিকাত প্ৰথমে টাৰ্টাৰ টপড উইথ এভোকেডো।

Sapekhati News: সাপেখাতীৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি উন্মোচন

সাপেখাতীৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি উন্মোচন
সাপেখাতীৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি উন্মোচন

প্ৰাণৰ শিল্পী জুবিন (Sapekhati News) গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে অসমৰ প্ৰান্তে-প্ৰান্তে অগণন চিত্ৰশিল্পীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিছে।পিছ পৰি ৰোৱা নাই চৰাইদেউ জিলাৰ ঘোঁৰাজান বাসী। পবিত্ৰ ৰাস মহোৎসৱৰ এই দিনটোতে অনুষ্ঠানৰ লগত সংগতি ৰাখি সাপেখাতী নতুন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা স্থায়ী ৰাস মঞ্চৰ সভাপতি দীপক কুমাৰ দাসৰ তত্বাৱধানত বিদ্যালয়ৰ দেৱালত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাক আৰু সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰাই আজি দুয়োগৰাকী বৰেণ্য শিল্পীৰ প্ৰতিচ্ছবি উন্মোচন কৰি সমাজ সেৱক গোবিন্দ মহাপুৰুষীয়া আৰু বিবেকা হাজৰিকাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দুয়োজনা শিল্পীক স্মৰণ কৰে। লগতে জুবিন গাৰ্গৰ আদর্শক শ্ৰদ্ধা জনাই সমাজ সেৱক তিলক দাস আৰু বলোৰাম চেতিয়াই একোটাকৈ নাহৰ পুলি ৰোপন কৰে।