Home Blog Page 37

কোটাক ফ্লেক্সিকেপ ফাণ্ডৰ দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰ যাত্ৰাৰ ১৫ বছৰ সম্পূৰ্ণ ।

কোটাক ফ্লেক্সিকেপ ফাণ্ডৰ দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰ যাত্ৰাৰ ১৫ বছৰ সম্পূৰ্ণ ।
কোটাক ফ্লেক্সিকেপ ফাণ্ডৰ দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰ যাত্ৰাৰ ১৫ বছৰ সম্পূৰ্ণ ।



গুৱাহাটী, ০৭ ফেব্ৰুৱাৰী ২০২৬: কোটাক মহিন্দ্ৰা এছেট মেনেজমেণ্ট কোম্পানী লিমিটেডে তেওঁলোকৰ ফ্লেক্সিকেপ ফাণ্ডৰ দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰ যাত্ৰাৰ ১৫ বছৰ সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে৷ এই আঁচনিখনে আৰম্ভণিৰে পৰা ১৬.৫৯ শতাংশ চিএজিআৰ প্ৰদান কৰিছে আৰু একাধিক বজাৰ পৰিৱেশৰ জৰিয়তে এক শক্তিশালী দীৰ্ঘম্যাদী প্ৰদৰ্শনৰ অভিলেখ গঢ়ি তুলিছে ৷


এই সন্দৰ্ভত কোটাক মহিন্দ্ৰা এছেট মেনেজমেণ্ট কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক নীলেশ শ্বাহে কয় যে, কোটাক ফ্লেক্সিকেপ ফাণ্ডে ১৫ বছৰ সম্পূৰ্ণ কৰাটো আমাৰ বাবে আৰু পুঁজিৰ প্ৰতি দায়বদ্ধ হৈ থকা বিনিয়োগকাৰীসকলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত৷ এটা শ্ৰেণী হিচাপে ফ্লেক্সিকেপ এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে, কিয়নো ই বিনিয়োগকাৰীসকলক খণ্ডসমূহত ভাৰতৰ বিকাশত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়ে আৰু লগতে বজাৰ মূলধন আবণ্টনৰ সিদ্ধান্তবোৰ অভি: বিনিয়োগ দলৰ ওপৰত এৰি দিয়ে৷
২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে, কোটাক ফ্লেক্সিকেপ পুঁজি প্ৰত্যক্ষ পৰিকল্পনা-বিকাশ বিকল্পই ১০ বছৰত ১৫.৭০ শতাংশ আৰু ৫ বছৰত ১৬.৮৭ শতাংশ চি এ জি আৰ সৃষ্টি কৰিছে৷ বহনক্ষম উপাৰ্জন, শক্তিশালী প্ৰশাসন আৰু মূলধনৰ দক্ষতাৰ ওপৰত আধাৰিত শক্তিশালী দৰ্শনৰ গৰাকী কোটাক মহিন্দ্ৰা এছেট মেনেজমেণ্ট কোম্পানীৰ চি আই অ’ হৰ্ষ উপাধ্যায়ে এই পুঁজিৰ পৰিচালনা কৰে৷


হাৰ্ষা উপাধ্যায়ে কয়, “কোটক ফ্লেক্সি কেপ ফাণ্ডে বিগত ১৫ বছৰত বজাৰৰ বিভিন্ন পৰ্যায়ত সফলতাৰে নেভিগেট কৰি আহিছে কাৰণ ই সদায় মূলধন বুদ্ধিমানৰূপে ব্যৱহাৰ কৰা শক্তিশালী, দীৰ্ঘম্যাদী উপাৰ্জনকাৰী কোম্পানীত বিনিয়োগ কৰাত মনোনিৱেশ কৰি আহিছে। আমাৰ মনোযোগ সদায় হ্ৰস্বম্যাদী ধাৰাক খেদি ফুৰাতকৈ, গভীৰ গৱেষণাৰ ভিত্তিত সঠিক ষ্টক বাছনি কৰাতহে গুৰুত্ব দিয়া হৈছে। এই পদ্ধতিয়ে ফাণ্ডটোৱে ভাৰতৰ বৃদ্ধিৰ কাহিনী আৰু।” দীৰ্ঘম্যাদীভাৱে বিনিয়োগকাৰীসকলক ধাৰাবাহিকভাৱে ভাল ফলাফল প্ৰদান কৰে।”
উল্লেখযোগ্য যে, ফ্লেক্সিকেপ ফাণ্ডসমূহে বৃহৎ, মধ্য আৰু ক্ষুদ্ৰ-কেপ খণ্ডসমূহত বিনিয়োগৰ জৰিয়তে বজাৰৰ পৰিৱেশত এক গতিশীলতা প্ৰদান কৰে৷ ২০২৫ চনৰ ডিচেম্বৰলৈকে, কোটাক ফ্লেক্সিকেপ ফাণ্ডৰ বৃহৎ কেপত প্ৰায় ৭৩ শতাংশ, মিডকেপত ১৯শতাংশ আৰু সৰু কেপত ৫ শতাংশ আছে৷ পোৰ্টফ’লিঅ’টোৱে মূখ্যত বিত্তীয় সেৱা, অট’ম’বাইল, মূলধন সামগ্ৰী, ৰাসায়নিক সামগ্ৰী, নিৰ্মাণ সামগ্ৰী আৰু উপভোক্তা সেৱাৰ মূল এক্সপ’জাৰৰ সৈতে ওপৰৰ-তলৰ খণ্ডৰ দৃষ্টিভংগীবোৰ মিশ্ৰণ কৰে৷ আনহাতে পুঁজিৰ গৱেষণা-চালিত দৃষ্টিভংগীয়ে সঠিক মূল্যায়ন আৰু উপাৰ্জনৰ দৃশ্যমানতাৰ দ্বাৰা সমৰ্থিত দীৰ্ঘম্যাদী সুযোগ চিনাক্ত কৰাত সহায় কৰি আহিছে৷

গৌৰৱ গগৈ নিজৰ পৰিয়ালতেই সংখ্যালঘু: মন্ত্ৰী পীযুষ হাজৰিকা, ‘তৰুণ গগৈ ডাঙৰীয়াৰ নাতি আজি এজনো হিন্দু নহয়’

গৌৰৱ গগৈ নিজৰ পৰিয়ালতেই সংখ্যালঘু: মন্ত্ৰী পীযুষ হাজৰিকা, 'তৰুণ গগৈ ডাঙৰীয়াৰ নাতি আজি এজনো হিন্দু নহয়'
গৌৰৱ গগৈ নিজৰ পৰিয়ালতেই সংখ্যালঘু: মন্ত্ৰী পীযুষ হাজৰিকা, 'তৰুণ গগৈ ডাঙৰীয়াৰ নাতি আজি এজনো হিন্দু নহয়'

আসন্ন বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত ৰাজনৈতিক উত্তাপ দিনক দিনে তীব্ৰতৰ হৈ উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন কৰা পাকিস্তান লিংক সন্দৰ্ভত প্ৰতিক্ৰিয়া জনাবলৈ গৌৰৱ গগৈয়ে সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। গৌৰৱ গগৈৰ সংবাদমেল সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বহু বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই। গৌৰৱ গগৈয়ে নিজৰ সন্তানৰ ধৰ্ম কিয় সলনি কৰিলে বুলি ওভতি ধৰে মন্ত্ৰী পীযূষ হাজৰিকাই। তেওঁ কয় – তৰুণ গগৈ ডাঙৰীয়াৰ নাতি আজি এজনো হিন্দু নহয়। এটা পৰিয়ালত যদি ৪ জন সদস্য থাকে তাৰে ১ গৰাকী হিন্দু আৰু আন ৩ গৰাকী যদি বিদেশী হয়,তেন্তে তেখেত নিজৰ পৰিয়ালতে সংখ্যালঘু। আৰু সেই গৰাকী ব্যক্তিয়েই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ দিৱাস্বপ্ন দেখে। আজি তৰুণ গগৈ ডাঙৰীয়া জীয়াই থকা হ’লে মনত অত্যন্ত দুখ পালে হেতেন। এতিয়াও সময় আছে গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ দল ছোনিয়া গান্ধীয়ে যেনেকৈ ইটালীয়ান নাগৰিকত্ব এৰি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিলে, আপুনিও আপোনাৰ পত্নীক যদি সম্ভৱ ভাৰতীয় নাগৰিকত্ব দিয়ক। লগতে পাকিস্তান লিংকমেন সন্দৰ্ভতো বহু প্ৰশ্ন উত্থাপন কৰে।

আনহাতে, এই সন্দৰ্ভত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমতো এটো দীঘল পোষ্ট প্ৰকাশ কৰে। পোষ্টত মন্ত্ৰী হাজৰিকাই গৌৰৱ গগৈৰ সংবাদমেলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়—“গৌৰৱ গগৈয়ে সংবাদমেলত কি ক’ব, সেই বিষয়টো মই পূৰ্বেই জনাইছিলোঁ। ‘The Ultimate & Real FLOP SHOW’ কেনেকুৱা হয়, সেয়া আজি দেখুৱাই দিলে। ইয়াৰ লগতে তেওঁ অভিযোগ কৰে যে সাংবাদিকসকলে প্ৰশ্ন সুধি থকাৰ সময়তে গৌৰৱ গগৈয়ে আধাতে সংবাদমেল এৰি ওলাই যায়। এই ঘটনাক সাংবাদিকসকলৰ প্ৰতি অপমান বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই জনসংযোগ মন্ত্ৰী হিচাপে দুখ প্ৰকাশ কৰে। পীযুষ হাজৰিকাই গৌৰৱ গগৈৰ বক্তব্যত উত্থাপিত কিছুমান তথ্যকো মিছা বুলি অভিযোগ কৰে। বিশেষকৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত ভিছা ব্যৱস্থা আৰু এলিজাবেথ ক’লবাৰ্নৰ দৰমহা লেনদেন বিষয়ত গৌৰৱ গগৈয়ে ভুল তথ্য দিয়া বুলি দাবী কৰে মন্ত্ৰী হাজৰিকাই। এই ঘটনাক কেন্দ্ৰ কৰি শাসক আৰু বিৰোধীৰ মাজত বাক-বিতণ্ডা তীব্ৰতৰ হৈ উঠিছে আৰু বিষয়টো আগন্তুক দিনত অসমীয়াৰ ৰাজনীতিত অধিক চৰ্চিত হোৱাৰ সম্ভাৱনা দেখা গৈছে।

অসমৰ সংবাদ ক্ষেত্ৰৰ ইতিহাসত কোনোদিনে নঘটা কাণ্ড কৰিলে গৌৰৱ গগৈয়ে । সাংবাদিকক কৰা অসৌজন্যমূলক আচৰণক লৈ দুখ প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

অসমৰ সংবাদ ক্ষেত্ৰৰ ইতিহাসত কোনোদিনে নঘটা কাণ্ড কৰিলে গৌৰৱ গগৈয়ে । সাংবাদিকক কৰা অসৌজন্যমূলক আচৰণক লৈ দুখ প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
অসমৰ সংবাদ ক্ষেত্ৰৰ ইতিহাসত কোনোদিনে নঘটা কাণ্ড কৰিলে গৌৰৱ গগৈয়ে । সাংবাদিকক কৰা অসৌজন্যমূলক আচৰণক লৈ দুখ প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

অসমৰ সংবাদ ক্ষেত্ৰৰ ইতিহাসত কোনোদিনে নঘটা কাণ্ড কৰিলে গৌৰৱ গগৈয়ে। কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত পাকিস্তান লিংক আৰু এছ আই টি প্ৰতিবেদন সন্দৰ্ভত আয়োজন কৰা সংবাদ মেল আধাতে এৰি যোৱাৰ লগতে সাংবাদিকসকলৰ সৈতে অসৌজন্যমূলক আচৰণ কৰাৰ অভিযোগ।

এই ঘটনাক লৈ অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সামাজিক মাধ্যমত দিয়া এক বিস্ফোৰক মন্তব্যত মন্ত্ৰী হাজৰিকাই কয় যে সংবাদ মেললৈ সাংবাদিকক আমন্ত্ৰণ কৰি শেষ মুহূৰ্তত প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সংবাদ মেল আধাতে এৰি যোৱাটো আৰু সাংবাদিকক অপদস্থ কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সেই ফেচবুক পোষ্টো হৈছে

– “অসমৰ সংবাদ ক্ষেত্ৰৰ ইতিহাসত কোনোদিনে নঘটা কাণ্ড কৰিলে গৌৰৱ গগৈয়ে! আজি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁৰ পাকিস্তান লিংকৰ লগত জড়িত এছ আই টি প্ৰতিবেদনক লৈ যি সংবাদ মেল আয়োজন কৰিছিল, সেই সংবাদ মেল আধাতে এৰি, সাংবাদিকে প্ৰশ্ন সুধি থকাৰ পাছতো শেষত সাংবাদিকসকলক অপদস্থ কৰা বুলি জ্ঞাত হৈ মই জনসংযোগ মন্ত্ৰী হিচাপে অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু এই কাণ্ডক গৰিহণা দিছোঁ। সংবাদ মেললৈ সন্মানীয় সাংবাদিকসকলক আমন্ত্ৰণ কৰি শেষত নিজেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি ঢোকে ঢোকে পানী খাই সাংবাদিকক ৰঙা চকু দেখুৱাই শেষত ঠেলি-হেঁচুকি অসন্মান কৰা কাণ্ড কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। এয়া সম্পূৰ্ণ হতাশাগ্ৰস্ততা আৰু তেওঁৰ ভয়ৰ বহিৰ্প্ৰকাশ আছিল। দ্বিতীয়তে, নিৰ্দিষ্ট সাংবাদিকৰ পূৰ্বতে তালিকা সাজু কৰি ৰাখি সন্মুখত বহি থকা বহু সাংবাদিকৰ প্ৰশ্নক গুৰুত্ব নিদি সাংবাদিকক অৱহেলা কৰা বিষয়টোত আমি হতভম্ব হৈছোঁ। এই কথা তেখেতৰ ‘লাইভ’টোত স্পষ্ট ৰূপত দৃষ্টিগোচৰ হৈছিল। তেখেতৰ আজিৰ সংবাদ মেলে শ্ৰদ্ধাৰ অসমবাসীক তেখেতৰ ওপৰত থকা অভিযোগক অতি গাঢ়ভাৱে চিন্তা কৰিবলৈ বাধ্য কৰিব।”

গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতেই ব্যাপক প্ৰতিবাদ উজনি অসমত ।

গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতেই ব্যাপক প্ৰতিবাদ উজনি অসমত ।
গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতেই ব্যাপক প্ৰতিবাদ উজনি অসমত ।

গৌৰৱ গগৈয়ে কোনো কথা স্পষ্টকৈ উল্লেখ কৰিব নোৱাৰাৰ বাবেই ক্ষোভিত জাতীয় সংগঠন । গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী । যিজনে নিজৰ সন্তানক ভাৰতীয় নাগৰিক কৰিবলৈ নিবিচাৰে, তেনে ব্যক্তিয়ে অসম আৰু অসমীয়াৰ স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰে ।

কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ শেহতীয়া সংবাদমেলৰ পিছতেই উজনি অসমৰ বিভিন্ন স্থানত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়। সংবাদমেলত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ স্পষ্ট উত্তৰ নিদিয়াৰ অভিযোগ তুলি একাধিক জাতীয় সংগঠনে ৰাজপথত ওলাই আহি গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সংগঠনসমূহে গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কৰাৰ লগতে তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই। প্ৰতিবাদকাৰীসকলৰ অভিযোগ, পাকিস্তান হৈছে ভাৰতৰ জন্মগত শত্ৰু। গতিকে এনে এখন দেশৰ সৈতে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ গোপন সম্পৰ্ক থকাটো দেশদ্ৰোহীৰ প্ৰকৃত উদাহৰণ। জাতীয় সংগঠনৰ নেতাই সংবাদ মাধ্যমক কয়, “পাকিস্তানে হাজাৰ হাজাৰ নিৰীহ ভাৰতীয়ক হত্যা কৰিছে। তেনে দেশৰ সৈতে সম্পৰ্ক ৰখা মানেই দেশদ্ৰোহী। গৌৰৱ গগৈৰ দৰে এজন সাংসদে এনে কাম কৰিলে তেওঁ সংসদত থাকিব নোৱাৰে।” আনহাতে, গৌৰৱ গগৈয়ে নিজৰ সন্তানক ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰাবলৈ আগ্ৰহ নেদেখুওৱা। গতিকে, “যিজনে নিজৰ সন্তানক ভাৰতীয় নাগৰিক কৰিবলৈ নিবিচাৰে, তেনে ব্যক্তিয়ে অসম আৰু অসমীয়াৰ স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰে।”এই ঘটনাৰ পিছত প্ৰতিবাদকাৰী সংগঠনসমূহে গগৈৰ সাংসদ পদ খালিচ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক বিষয়টো তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।

মুকালমুৱাত বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ আৰু সমাজসেৱী প্ৰফুল্ল চন্দ্ৰ মেধিক ৰাজহুৱা সম্বৰ্দ্ধনা আৰু “প্ৰফুল্লপ্ৰভা” শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন সভা

সমাজসেৱী প্ৰফুল্ল চন্দ্ৰ মেধিক ৰাজহুৱা সম্বৰ্দ্ধনা আৰু "প্ৰফুল্লপ্ৰভা" শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন সভা
সমাজসেৱী প্ৰফুল্ল চন্দ্ৰ মেধিক ৰাজহুৱা সম্বৰ্দ্ধনা আৰু "প্ৰফুল্লপ্ৰভা" শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন সভা

মুকালমুৱাত বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ আৰু সমাজসেৱী প্ৰফুল্ল চন্দ্ৰ মেধিক ৰাজহুৱা সম্বৰ্দ্ধনা আৰু অভিনন্দন গ্ৰন্থ উন্মোচন সভা এখনি অনুষ্ঠিত হয়। ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ৰাজ্য চৰকাৰৰ কৃতী শিক্ষক বঁটা প্ৰাপক প্ৰফুল্ল চন্দ্ৰ মেধীক তেখেতৰ গুণমুগ্ধ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৰক্ষেত্ৰী অঞ্চলৰ ৰাইজে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনাই। একে অনুষ্ঠানতে সমাজ জীৱনত তেখেতৰ অৱদান সম্পৰ্কে “প্ৰফুল্লপ্ৰভা” শীৰ্ষক এখনি অভিনন্দন গ্ৰন্থ উন্মোচন কৰে।

মুকালমুৱাস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত সভাখনত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা বৰক্ষেত্ৰীৰ সন্তান গৌতম শৰ্মা। লগতে উপস্থিত থাকে বৰক্ষেত্ৰী অঞ্চলৰ পৰা গৈ অসমৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিস্থিত হোৱা কেইবাগৰাকীও বিশিষ্ট লোক। আজিৰ এই সভাখনত বৰক্ষেত্ৰী অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত প্ৰফুল্ল চন্দ্ৰ মেধিৰ অৱদান সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়।

সভাখনত গৌতম শৰ্মাৰ লগতে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত, মিজোৰাম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দিবাকৰ ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ ফণী ডেকাৰ লগতে বৰক্ষেত্ৰী অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ তথা প্ৰফুল্ল চন্দ্ৰ মেধিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা তেখেতৰ গুণমুগ্ধ আৰু বৰক্ষেত্ৰী অঞ্চলৰ ৰাইজ।

মহাৰাষ্ট্ৰত ইউনাইটেড্ নেশ্যনেল মাষ্টাৰ্ছ গেমচত উজলিল তিতাবৰৰ খেলুৱৈ মামণি শইকীয়া-ধনদা দত্ত

মহাৰাষ্ট্ৰত ইউনাইটেড্ নেশ্যনেল মাষ্টাৰ্ছ গেমচত উজলিল তিতাবৰৰ খেলুৱৈ মামণি শইকীয়া-ধনদা দত্ত
মহাৰাষ্ট্ৰত ইউনাইটেড্ নেশ্যনেল মাষ্টাৰ্ছ গেমচত উজলিল তিতাবৰৰ খেলুৱৈ মামণি শইকীয়া-ধনদা দত্ত

বয়সে বলাব নোৱাৰা দুগৰাকী মহিলা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ তিতাবৰক উপহাৰ দিছে বহুকেইটা পদক। ক্ৰীড়া জগতত লাভ কৰিছে এটাৰ পাচত আনটো সফলতা ৷ কোন এই দুগৰাকী খেলুৱৈ ? খেলুৱৈ দুগৰাকীৰ সন্দৰ্ভত এক বিশেষ ৰিপ’ৰ্ট ৷

ক্ৰীড়াৰ প্ৰতি মহিলা দুগৰাকীৰ অগাধ হাবিয়াস। শৈশৱৰ পৰাই ক্ৰীড়াৰ সাধনা অব্যাহত ৰাখিছে দুয়োগৰাকী মহিলাই। তেওঁলোক হ’ল তিতাবৰৰ বিবিজানৰ প্ৰয়াত গণেশ শইকীয়া আৰু ধৰ্মপ্ৰাণা কৌশল্যা শইকীয়াৰ জীয়ৰী তথা উচ্চ শিক্ষিত এজন পুত্ৰ আৰু এগৰাকী বিবাহিতা কন্যাৰ মাতৃ, ৫৪ বছৰীয়া খেলুৱৈ মামণি শইকীয়া। আনহাতে অন্য এগৰাকী হ’ল তিতাবৰৰ বিবিজানৰ মিলন নগৰৰ নিবাসী চন্দ্ৰ দত্তৰ পত্নী, এগৰাকী ৭৪ বছৰীয়া আইতা ধনদা দত্ত।

সদ্যসমাপ্ত মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত প্ৰথম ইউনাইটেড ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰা তিতাবৰ সমজিলাৰ মহিলা খেলুৱৈ তথা গাঁওপ্ৰধান হিচাপে নিয়োজিত মামণি শইকীয়াই শ্বটপুত, দিচকাচ্ থ্ৰ’ আৰু জেভেলিন থ্ৰ’ত প্ৰতিদ্বন্দিতা কৰি ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। কৈশোৰৰ পৰাই ক্ৰীড়া ক্ষেত্ৰত স্বপ্ৰতিভাৰে উজ্জ্বলি অহা এইগৰাকী মহিলা খেলুৱৈৰ উপৰিও পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে সুখী জীৱন নিৰ্বাহ কৰা প্ৰবীণ খেলুৱৈ ধনদা দত্তইও মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত প্ৰথম ইউনাইটেড ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত অসম দলৰ হৈ অংশগ্ৰহণ কৰি চাৰিশ মিটাৰ দৌৰ আৰু পাঁচ হেজাৰ মিটাৰ দৈৰ্ঘ্যৰ খোজকঢ়া প্ৰতিযোগিতাত প্ৰথম স্থানেৰে দুটা সোণৰ পদকৰ লগতে এশ মিটাৰ দৌৰত দ্বিতীয় হৈ ৰূপৰ পদক অৰ্জন কৰে।

তিতাবৰৰ এই দুয়োগৰাকী খেলুৱৈ মামণি শইকীয়া আৰু ধনদা দত্তই ৰাষ্ট্ৰীয় মাষ্টাৰ্চ গেমছত অসম দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জনেৰে তিতাবৰৰ স্বাভিমান উজ্জ্বলাই তোলা বাবে দুয়োগৰাকী খেলুৱৈলৈ তিতাবৰবাসীয়ে শুভেচ্ছা জনাইছে।

Gaurav Gogoi Pakistan Link: গৌৰৱ গগৈ পাকিস্তান লিংক ফাদিলঃ ১০ দিন পাকিস্তানত আছিল গৌৰৱ গগৈ

২০১৩চনৰ ১৪ ডিচেম্বৰত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ।(Gaurav Gogoi Pakistan Link)
২০১৩চনৰ ১৪ ডিচেম্বৰত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ।(Gaurav Gogoi Pakistan Link)

২০১৩চনৰ ১৪ ডিচেম্বৰত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ।(Gaurav Gogoi Pakistan Link)

১০ দিন পাকিস্তানত আছিল গৌৰৱ গগৈ।

গৌৰৱ গগৈ পাকিস্তানলৈ যাওতে পত্নীয়ে ভাৰতত কাম কৰিছিল।

আটাৰি ব’ৰ্ডাৰেৰে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ।

সেই সময়ত মুখ্যমন্ত্ৰী পিতৃৰ বাসগৃহত আছিল গৌৰৱ গগৈ।

১০ দিন সামাজিক মাধ্যমত সক্ৰিয় নাছিল গৌৰৱ গগৈ।

সেই সময়ত সাংসদো নাছিল গৌৰৱ গগৈ।

এই আজি সংবাদমেলত গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তিতাবৰ সমজিলাৰ বেকাজানৰ বাক্‌শক্তিহীন যুৱক নিৰুদ্দেশ

তিতাবৰ সমজিলাৰ বেকাজানৰ বাক্‌শক্তিহীন যুৱক নিৰুদ্দেশ
তিতাবৰ সমজিলাৰ বেকাজানৰ বাক্‌শক্তিহীন যুৱক নিৰুদ্দেশ

তিতাবৰ সমজিলাৰ বেকাজানৰ ১০০ ঘৰীয়া গাঁৱৰ বাক্‌শক্তিহীন ১৮ বছৰীয়া যুৱক দুলেশ্বৰ দাস নিৰুদ্দেশ।

তিতাবৰ সমজিলাৰ বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত বেকাজান ১০০ ঘৰীয়া গাঁৱৰ দুলেশ্বৰ দাস নামৰ এজন বাক্‌শক্তিহীন ১৮ বছৰীয়া যুৱক যোৱা ২১ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে।

বেকাজান ১০০ ঘৰীয়া গাঁৱৰ প্ৰয়াত ৰেবুল দাস আৰু বীনা দাসৰ পুত্ৰ দুলেশ্বৰে যোৱা ২১ জানুৱাৰীত ঘৰৰ পৰা ওলাই যোৱাৰ পাছত এতিয়ালৈকে তেওঁ ঘূৰি নাহিল।

কথা ক’ব নোৱৰা যুৱকজন নিৰুদ্দেশ হোৱাত অকলশৰীয়া বিধৱা মাতৃ তথা আত্মীয়সকল অধিক চিন্তিত হৈ পৰিছে। আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই যুৱকজনৰ।

কোনো লোকে যুৱকজনৰ সন্ধান পায় তেন্তে ৯৬৭৮৩৫০২১১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান  জনাইছে ।

Gaurav Gogoi’s Pak links: গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Gaurav Gogoi's Pak links: গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Gaurav Gogoi's Pak links: গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

গৌৰৱ গগৈৰ পাকিস্তান (Gaurav Gogoi’s Pak links) লিংক ফাদিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনত সংবাদমেল সম্বোধন কৰি বহু বিস্ফোৰক মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই-

‘আটাৰি ব’ৰ্ডাৰেৰে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ’।

‘সেই সময়ত মুখ্যমন্ত্ৰী পিতৃৰ বাসগৃহত আছিল গৌৰৱ গগৈ’।

‘১০ দিন সামাজিক মাধ্যমত সক্ৰিয় নাছিল গৌৰৱ গগৈ’।

‘সেই সময়ত সাংসদো নাছিল গৌৰৱ গগৈ’।

‘প্ৰথমে লাহোৰলৈ যোৱাৰ অনুমতি পাইছিল গৌৰৱে’।

‘পাকিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰালয়ে পুনৰ অনুমতি দিছিল ইছলামবাদা, কৰাচী ভ্ৰমণৰ’।

‘সেই সময়ত গৌৰৱ গগৈ সাংসদো নাছিল’।

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সংবাদমেল মুখ্যমন্ত্ৰীৰ।

‘আলী তৌকিৰ শ্বেখ পাকিস্তানৰ প্ৰভাৱশালী লোক’।

‘LEAD পাকিস্তানৰ CEOৰ দায়িত্বতো আছিল শ্বেখ’।

‘২০১০-২০১৩লৈ ১৩ বাৰ ভাৰতলৈ আহিছিল আলী তৌকিৰ শ্বেখ’।

‘ভাৰত ভ্ৰমণৰ বাবে ১৩ বাৰ ভিছা পাইছিল আলী তৌকিৰ শ্বেখে’।

আলী তৌকিৰ শ্বেখ পাকিস্তানৰ প্ৰভাৱশালী লোক’।

‘ভাৰত অশান্ত কৰাৰ আঁৰৰ ব্যক্তিজন আলী তৌকিৰ শ্বেখ’।

‘CDNKৰ এছিয়ান হেড হৈছে আলী তৌকিৰ শ্বেখ’।

‘পাকিস্তানৰ দূতাবাসলৈ গৌৰৱ গগৈয়ে লৈ গৈছিল একাংশ যুৱক-যুৱতীক ‘।

‘২০১০ চনৰ পৰা ২০১৩ চনলৈ ১৩ বাৰ ভাৰতলৈ আহিছিল আলী তৌকিৰ শ্বেখ’।

‘২০১১ৰ মাৰ্চ–২০১২ মাৰ্চলৈ পাকিস্তানত কৰ্মৰত আছিল এলিজাবেথ ক’লবাৰ্ণ গগৈ’

‘LEAD পাকিস্তানৰে জড়িত হৈ পৰে এলিজাবেথ’।

‘পাক উচ্চায়ুক্তৰ সৈতে গৌৰৱৰ ফটো ভাইৰেল হৈছিল’।

Lovlina Borgohain: আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ অসম কন্যা লাভলীনা বৰগোঁহাইৰ

আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত জয়জয়কাৰ অসম কন্য়াৰ। (Lovlina Borgohain)
আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত জয়জয়কাৰ অসম কন্য়াৰ। (Lovlina Borgohain)

আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত জয়জয়কাৰ অসম কন্য়াৰ। (Lovlina Borgohain)

স্পেইনত স্বৰ্ণ পদক লাভ লাভলীনা বৰগোহাঁইৰ।

আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে।

৭৫ কেজি শাখাত ইংলেণ্ডৰ মেৰী স্মিথক পৰাস্ত কৰি সোণৰ পদক লাভ লাভলীনাৰ।

বক্সাম এলিট ইণ্টাৰনেচনেল বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ লাভলীনা বৰগোহাঁইৰ।