Home Blog Page 372

Elon Musk: ইলন মাস্ক ইমান ফিট কিয়? তেওঁৰ স্বাস্থ্যকৰ খাদ্য, জাংক ফুডৰ বিষয়ে জানক

Elon Musk: ইলন মাস্ক ইমান ফিট কিয়? তেওঁৰ স্বাস্থ্যকৰ খাদ্য, জাংক ফুডৰ বিষয়ে জানক
Elon Musk: ইলন মাস্ক ইমান ফিট কিয়? তেওঁৰ স্বাস্থ্যকৰ খাদ্য, জাংক ফুডৰ বিষয়ে জানক

বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্ক সদায় বাতৰিৰ শিৰোনামত থাকে, কেতিয়াবা ব্যৱসায়িক ধাৰণা,(Elon Musk) কেতিয়াবা ফিটনেছৰ বাবে। বৰ্তমান তেওঁৰ বয়স ৫৩ বছৰ, কিন্তু তেওঁক চালে এনে লাগে যেন তেওঁৰ বয়স ৩০ বা ৪০ বছৰ। আচলতে তেওঁ ফিটনেছৰ ক্ষেত্ৰত বহুত কষ্ট কৰে।

ইলন মাস্ক ইমান ফিট কিয়?
‘টেছলা’ আৰু ‘স্পেচ-এক্স’ কোম্পানীৰ মালিকসকলে তেওঁলোকৰ খাদ্য আৰু ব্যায়ামৰ ওপৰত অধিক গুৰুত্ব দিয়ে। এক সাক্ষাৎকাৰত তেওঁ জনাইছিল যে তেওঁ ফিট হৈ থাকিবলৈ মাজে মাজে উপবাসৰ আশ্ৰয় লয়, যাৰ সহায়ত তেওঁৰ ওজন ৯ কিলোগ্ৰাম কমিছে। বহু স্বাস্থ্য বিশেষজ্ঞই ওজন বজাই ৰাখিবলৈ এই ধৰণৰ উপবাসৰ পৰামৰ্শ দিয়ে। পৃথিৱীৰ এইগৰাকী ধনী ব্যক্তিৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম-কাজ কি জানো আহক।


ইলন মাস্কৰ স্বাস্থ্যকৰ খাদ্য-
ইলন মাস্ক নিজৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত অতি কঠোৰ, তেওঁ সহজ আৰু ঘৰতে বনোৱা খাদ্য খাই ভাল পায়। তেওঁৰ দৈনিক খাদ্য তালিকাত সতেজ ফল-মূল, শাক-পাচলি, মাংস আৰু শুকান ফল-মূল আদি অন্তৰ্ভুক্ত। শৰীৰটো ভালদৰে ৰাখিবলৈ তেওঁ পানী খাবলৈ নাপাহৰে।

প্ৰিয় জাংক ফুড-
ইলন মাস্কে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰি ভাল পালেও কেতিয়াবা জাংক ফুডৰ খাদ্যৰ প্ৰতিও তেওঁ লোভ লাগে। এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে সময়ৰ অভাৱৰ বাবে তেওঁ প্ৰায়ে ব্ৰেকফাষ্ট নকৰে, কিন্তু ৰাতিপুৱাৰ সময়ত কফি খায়।

কিমান টোপনি যায়?
আমি সকলোৱে এই কথা সচেতন যে সুস্থ হৈ থাকিবলৈ উপযুক্ত টোপনিৰ প্ৰয়োজন সাধাৰণতে তেওঁ ১ বজাত শোৱে আৰু ৭ বজাত সাৰ পায়।

ব্যায়ামৰ অবিহনে সম্পূৰ্ণ ফিটনেছ লাভ কৰিব নোৱাৰি, তেওঁ দৌৰা আৰু ওজন তুলি ভাল পায়, ইয়াৰ উপৰিও তেওঁ জিমত পুচআপ, পুলাপ, প্লেংক আৰু স্কুৱেটও কৰে, সেইবাবেই তেওঁৰ শৰীৰটো পেশীবহুল।

Gauhati University । গুৱাহাটী বিশ্ববিদ্যালয় আৰু NIELITৰ মাজত সম্পন্ন বুজাবুজি চুক্তি: যুগান্তকাৰী পদক্ষেপ শিক্ষা আৰু প্ৰযুক্তিৰ

Gauhati University । গুৱাহাটী বিশ্ববিদ্যালয় আৰু NIELITৰ মাজত সম্পন্ন বুজাবুজি চুক্তি: যুগান্তকাৰী পদক্ষেপ শিক্ষা আৰু প্ৰযুক্তিৰ
Gauhati University । গুৱাহাটী বিশ্ববিদ্যালয় আৰু NIELITৰ মাজত সম্পন্ন বুজাবুজি চুক্তি: যুগান্তকাৰী পদক্ষেপ শিক্ষা আৰু প্ৰযুক্তিৰ

২৪ জানুৱাৰী, ২০২৫ঃ Gauhati University । গুৱাহাটী বিশ্ববিদ্যালয় আৰু নেশ্যনেল ইনষ্টিটিউট অৱ ইলেকট্ৰনিক্স এণ্ড ইনফৰ্মেশ্বন টেকন’লজিৰ (NIELIT) মাজত বুজাবুজি চুক্তি সম্পন্ন হৈছে। এই চুক্তিয়ে ৰাজ্যৰ উচ্চ শিক্ষা আৰু প্ৰযুক্তি শিক্ষাৰ ক্ষেত্ৰত নতুন দিশ উন্মোচন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

চুক্তি স্বাক্ষৰ আৰু লক্ষ্য
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু NIELITৰ অধীক্ষকৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। চুক্তিখনে বিশেষকৈ উচ্চ শিক্ষাৰ পৰা প্ৰযুক্তি শিক্ষাৰ ক্ষেত্ৰলৈ এক প্ৰয়োজনীয় সংযোগ স্থাপন কৰিব।

এই চুক্তিৰ অধীনত NIELITয়ে তথ্য প্ৰযুক্তি, ডিজিটেল স্কিলছ, আৰু ইলেকট্ৰনিকছৰ ক্ষেত্ৰত বিশেষ পাঠ্যক্ৰম আৰু প্রশিক্ষণৰ ব্যৱস্থা কৰিব। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰযুক্তিগত শিক্ষাৰ আধুনিকীকৰণ আৰু বিশ্বমানৰ মাপদণ্ডত গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰা হ’ব।

সংবাদ মাধ্যমক সম্বোধন
চুক্তি স্বাক্ষৰৰ মূহুৰ্তত সংবাদ মাধ্যমক সম্বোধন কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই এই পদক্ষেপৰ গুৰুত্ব আৰু সম্ভাৱনাসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে, “এই চুক্তি অসমৰ উচ্চ শিক্ষাৰ ইতিহাসত এক নতুন অধ্যায় আৰম্ভ কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আধুনিক প্ৰযুক্তিৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰা লাভান্বিত হোৱাৰ লগতে অসমৰ ডিজিটেল শিক্ষাৰ পৰিসৰ বঢ়াবলৈ এই চুক্তি সহায়ক হ’ব।”

ইফালে, NIELITৰ অধীক্ষকে কয় যে, “আমাৰ উদ্দেশ্য হৈছে শিক্ষাৰ সৈতে প্ৰযুক্তিৰ সংযোগ। ছাত্ৰ-ছাত্ৰীসকলে এই চুক্তিৰ অধীনত এক বিশেষ দক্ষতা লাভ কৰিব, যি তেওঁলোকৰ ভৱিষ্যতৰ পথ সুগম কৰি তুলিব।”

চুক্তিৰ লাভসমূহ

প্ৰযুক্তিগত শিক্ষাৰ আধুনিকীকৰণ: বিশ্বমানৰ প্ৰযুক্তিগত জ্ঞান লাভৰ সুযোগ।
পৰিকল্পিত পাঠ্যক্ৰম: তথ্য প্ৰযুক্তি, ইলেকট্ৰনিকছ, আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত বিশেষ পাঠ্যক্ৰম।
কৃতকাৰ্যতামূলক প্ৰশিক্ষণ: ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ব্যৱসায়িক পৰিসৰত প্ৰযুক্তিগত অভিজ্ঞতা।
প্ৰশিক্ষণ ব্যৱস্থা উন্নয়ন: ছাত্ৰসকলৰ সুবিধাৰ বাবে উন্নত প্ৰযুক্তিগত লেবৰেটৰী আৰু প্ৰশিক্ষণ ব্যৱস্থা।


এই চুক্তি স্বাক্ষৰে গুৱাহাটী বিশ্ববিদ্যালয় আৰু NIELITৰ মাজৰ সম্পৰ্কক অধিক দৃঢ় কৰাৰ লগতে অসমৰ শিক্ষা আৰু প্ৰযুক্তি ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।

Kamakhya temple ED । কামাখ্যা মন্দিৰ চৌহদত ইডিৰ অভিযান: দেৱোত্তৰ ব’ৰ্ডৰ বিত্তীয় কেলেংকাৰী উন্মোচিত

Kamakhya temple ED । কামাখ্যা মন্দিৰ চৌহদত ইডিৰ অভিযান: দেৱোত্তৰ ব'ৰ্ডৰ বিত্তীয় কেলেংকাৰী উন্মোচিত
Kamakhya temple ED । কামাখ্যা মন্দিৰ চৌহদত ইডিৰ অভিযান: দেৱোত্তৰ ব'ৰ্ডৰ বিত্তীয় কেলেংকাৰী উন্মোচিত

২৪ জানুৱাৰী, ২০২৫ঃ Kamakhya temple ED । কামাখ্যা মন্দিৰৰ পৱিত্ৰতা আৰু ধৰ্মীয় পৰিসৰত সংঘটিত বিত্তীয় কেলেংকাৰীয়ে দেশজুৰি চৰ্চাৰ সৃষ্টি কৰিছে। মন্দিৰ পৰিচালনা গোট দেৱোত্তৰ ব’ৰ্ডৰ পৰা বিপুল পৰিমাণৰ ধন অপব্যৱহাৰৰ অভিযোগত ইডি (প্ৰৱৰ্তন সঞ্চালকালয়)ৰ এটা দলে অভিযান চলাইছে।

কেলেংকাৰী
দেৱোত্তৰ ব’ৰ্ডৰ পূৰ্বৰ মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত এই অভিযানৰ কেন্দ্ৰস্থল আছিল। অভিযোগ অনুসৰি, মন্দিৰ নিৰ্মাণ সামগ্ৰীৰ নামত ৭ কোটি ৬২ লাখ টকাৰ এক বিশাল কেলেংকাৰী সংঘটিত হৈছিল। এই অনিয়ম ২০০৩ৰ পৰা ২০১৯ চনৰ সময়চোৱাত সংঘটিত হয় বুলি জানিব পৰা গৈছে।

ইডিৰ অভিযানত উদ্ধাৰ তথ্য
ইডিৰ দলে ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত অভিযান চলাই বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে। অভিযানত মুঠ ১ কোটি ৮২ লাখ টকাৰ বীমা পলিচি আৰু অভিযুক্ত বিষয়ববীয়াৰ আত্মীয়ৰ নামত থকা সম্পত্তিৰ নথিপত্ৰ উদ্ধাৰ কৰা হৈছে। লগতে, ২৭টা বেংক একাউণ্ট জব্দ কৰা হৈছে, য’ত সন্দেহভাজন ধনৰ লেনদেন কৰা হৈছিল।

ইয়াৰ উপৰি, দেৱোত্তৰ ব’ৰ্ডৰ সৈতে জড়িত দুজন প্ৰয়াত বিষয়ববীয়াৰ বাসগৃহতো অভিযান চলোৱা হয়। সেখানৰ পৰা উদ্ধাৰ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি ইডিৰ অনুসন্ধান অধিক গভীৰ কৰা হৈছে।


মন্দিৰ নিৰ্মাণ সামগ্ৰীৰ ব্যৱহাৰ, মন্দিৰ পৰিসৰত কাম-কাজৰ নামত প্ৰদান কৰা ভাৰত, আৰু বিভিন্ন কন্ট্ৰাক্টৰ লগত সম্পৰ্কিত নথি-পত্ৰত বিশাল ফাৰাক পোৱা গৈছে। ইডিৰ মতে, ব’ৰ্ডৰ ধনৰ অপচয় আৰু অপব্যৱহাৰ এজন বা দুজন ব্যক্তিৰ পৰা আৰম্ভ হৈ বহল নেটৱৰ্কলৈ বিস্তৃত।

জনগণৰ প্রতিক্রিয়া আৰু তদন্তৰ গুৰুত্ব
শক্তিপীঠৰ দৰে পূজ্য স্থানত সংঘটিত এনে ধৰণৰ কেলেংকাৰীয়ে ধৰ্মপ্ৰাণ ভক্তৰ মাজত গভীৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। জনসাধাৰণৰ মতে, এই ধৰণৰ অপৰাধ মন্দিৰৰ পৱিত্ৰতাৰ ওপৰত আঘাত কৰা আৰু ধৰ্মীয় মূল্যবোধৰ ওপৰত লঙ্ঘন।

ইডিৰ এই অভিযান আৰু তদন্তৰ ফলাফল জনসমক্ষে ঘোষণা হোৱা বেলিকেই জানিব পৰা যাব, কেলেংকাৰীৰ আঁৰৰ প্ৰতিজন ব্যক্তি বা সংগঠনৰ প্ৰকৃত ভূমিকা। তদন্ত সফল হলে দেৱোত্তৰ ব’ৰ্ডৰ পৰিচালনাৰ প্ৰণালীত নতুনকৈ স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত হোৱাৰ সম্ভাৱনা আছে।

ইডিৰ অনুসন্ধানৰ অগ্ৰগতিৰ বাবে এতিয়া সকলোৰে চকু কেন্দ্ৰিত হৈ আছে, আৰু এই কেলেংকাৰীৰ বাবে দায়ীসকলক উপযুক্ত শাস্তি দিয়াৰ প্ৰতি সৰ্বত্ৰ দাবী উঠিছে।

26 january । অসমত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন: পতাকা উত্তোলনত মন্ত্ৰীসকলৰ দায়িত্ব বণ্টন

26 january । অসমত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন: পতাকা উত্তোলনত মন্ত্ৰীসকলৰ দায়িত্ব বণ্টন
26 january । অসমত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন: পতাকা উত্তোলনত মন্ত্ৰীসকলৰ দায়িত্ব বণ্টন

২৪ জানুৱাৰী, ২০২৫ঃ 26 january । সমগ্ৰ ৰাজ্যত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন উপলক্ষে ব্যাপক প্ৰস্তুতি হাতত লোৱা হৈছে। প্ৰতিখন জিলাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। মহানগৰী গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ’ব এইবাৰৰ গণৰাজ্য দিৱস। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰি ২৩ টা প্লাটুনৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰিব।

ইফালে ৰাজ্যৰ বিভিন্ন জিলাতো মন্ত্ৰীসকলে দায়িত্ব বণ্টন অনুসৰি পতাকা উত্তোলন কৰিব। বিশদ তথ্য অনুসৰি, জিলাভিত্তিক পতাকা উত্তোলনৰ দায়িত্ব হ’ল তলত উল্লেখিত ধৰণে –

ডিব্ৰুগড়: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
কামৰূপ: চন্দ্ৰমোহন পাটোৱাৰী
ধেমাজি: ৰণোজ পেগু
নগাঁও: অশোক সিংঘল
গোৱালপাৰা: নোমল মমিন
গোলাঘাট: অজন্তা নেওগ
ওদালগুৰি: গোবিন্দ চন্দ্ৰ বসুমতাৰী
শোণিতপুৰ: পীযূষ হাজৰিকা
যোৰহাট: বিমল বৰা
নলবাৰী: জয়ন্ত মল্ল বৰুৱা
বৰপেটা: নন্দিতা গাৰ্লোছা
তিনিচুকীয়া: প্রশান্ত ফুকন
ইয়াৰ উপৰি, ৰাজ্যৰ আন কেইবাটাও জিলাতো মন্ত্ৰীসকলে পতাকা উত্তোলনৰ দায়িত্ব পালন কৰিব:

লখিমপুৰ: ৰূপেশ গোৱালা
কোকৰাঝাৰ: প্ৰমোদ বড়ো
ডিফু: তুলিৰাম ৰংহাং
হাফলং: দেৱলাল গাৰ্লোছা
দৰং: ৰঞ্জিত দাস
শিৱসাগৰ: অতুল বৰা
বঙাইগাঁও: কেশৱ মহন্ত
চিৰাং: উৰ্খাও গৌৰা ব্ৰহ্ম
প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিব। চহৰখন ইতিমধ্যে এই উদযাপন উপলক্ষে সজাই-পৰাই সুসজ্জিত কৰা হৈছে।

গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানৰ লগতে ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত সাংস্কৃতিক কাৰ্যসূচী, পেৰেডৰ চূড়ান্ত অনুশীলন, আৰু আন আন বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

এইবাৰৰ উদযাপনক সফল আৰু স্মৰণীয় কৰি তোলাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী আৰু স্থানীয় জনগণ বিশেষভাৱে তৎপৰ হৈ পৰিছে।

76th Republic Day । ৭৬ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ ব্যাপক প্ৰস্তুতি

76th Republic Day । ৭৬ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ ব্যাপক প্ৰস্তুতি
76th Republic Day । ৭৬ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ ব্যাপক প্ৰস্তুতি

২৪জানুৱাৰী, ২০২৫ঃ 76th Republic Day । সমগ্ৰ দেশৰ সৈতে একেলগে মিচিং স্বায়ত্তশাসিত পৰিষদেও ৭৬ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। ধেমাজি জিলাৰ গোগামুখ চুমনস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয়ৰ চৌহদত ২৫ আৰু ২৬ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদ্‌যাপন অনুষ্ঠিত হ’ব।

এই উদ্‌যাপনৰ এক বিশেষ বৈশিষ্ট্য হ’ল ক্ৰীড়া, সাংস্কৃতিক, সাহিত্য আৰু অন্য নানা প্ৰতিযোগিতাৰ আয়োজন। মিচিং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই গোগামুখস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত এখন সংবাদমেলযোগে এই কথা সদৰী কৰে।

সংবাদমেলত জাননী দিয়া মতে, দুদিনীয়া এই কাৰ্যসূচী খুবেই উৎসাহজনক আৰু প্ৰাণবন্ত হৈ উঠিব বুলি পৰিষদৰ আশা। পুৱাৰ পৰা বিভিন্ন প্ৰতিযোগিতা আৰু অনুষ্ঠান আৰম্ভ হ’ব, য’ত অঞ্চলটোৰ সকলো বয়সৰ লোকৰ অংশগ্ৰহণৰ সুযোগ থাকিব। আনহাতে, স্থানীয় কলা-সংস্কৃতিৰ প্ৰদৰ্শনৰ যোগেদি অঞ্চলটোৰ ঐতিহ্যকো প্ৰতিফলিত কৰাৰ এক প্রয়াস হাতত লোৱা হৈছে।

উৎসৱটোক সফল কৰি তোলাৰ বাবে পৰিষদৰ লগতে স্থানীয় জনগণো বিশেষভাৱে আগ্ৰহী। পৰিষদৰ উচ্চপদস্থ কৰ্মচাৰীসকলে জাননী দিছে যে, এই উদ্‌যাপন দেশৰ জাতীয় একতা আৰু সাংস্কৃতিক বিৰংগতাৰ প্রতিচ্ছবি হ’ব। ৭৬ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপনক এক স্মৰণীয় অনুষ্ঠান ৰূপে গঢ়ি তোলাৰ বাবে সকলো প্ৰস্তুতি পূৰ্ণ হৈ আছে

Margherita । মাৰ্ঘেৰিটাত প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌ সোৱৰণী সভা

Margherita । মাৰ্ঘেৰিটাত প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌ সোৱৰণী সভা
Margherita । মাৰ্ঘেৰিটাত প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌ সোৱৰণী সভা

২৪ জানুৱাৰী, ২০২৫ঃ Margherita । টিৰাপ স্বায়ত্ত্বশাসিত দাবী পৰিষদ আৰু চিংফৌ ৰাষ্ট্ৰীয় পৰিষদৰ উদ্যোগত মাৰ্ঘেৰিটাত সদ্য প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌ সোৱৰণী সভা অনুষ্ঠিত কৰা হয়। সভা আৰম্ভণিতে প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌৰ প্ৰতিমুৰ্তি মাল্যৰ্পন, বন্তি প্ৰজ্বলনৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰে একমিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়।


প্ৰয়াত ৰজা বিছা নং চিংফৌ সোঁৱৰণীত অনুষ্ঠিত সভাত বিভিন্ন জনজাতীয় সংগঠনৰ উপৰিও অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিও ৰহমান উপস্থিত থাকে। ৰহমানে সংবিধান মতে চৰকাৰে টিৰাপ স্বায়ত্ত্বশাসিত পৰিষদ প্ৰদান কৰিব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। চিংফৌ ৰজা বিছা নং চিংফৌৰ মৃত্যু চিংফৌ জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমৰ বাবে এক অপুৰণীয় ক্ষতি বুলি কয় টিৰাপ স্বায়ত্ত্বশাসিত দাবী পৰিষদৰ সভাপতি পল্লৱশ্যাম বাইলুঙে।


উল্লেখ্যে যে প্ৰয়াত বিছা নং চিংফৌ মৃত্যুৰ আগমুহূৰ্ত্তলৈকে অসম সন্মিলিত মহাসংঘৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ ইয়াৰ ওপৰিও উল্লেখ্যে যে প্ৰয়াত বিছা নং চিংফৌয়ে নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে মহাসংঘই চুপ্ৰিম ক’ৰ্টত তৰা গোচৰত তেওঁ অন্যতম গোচৰীয়া আছিল।
প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌয়ে চিংফৌ জাতীয় পৰিষদৰ সভাপতি হিচাপে তেওঁ নাগৰিকত্ব ভিত্তি বছৰ ১৯৫১ ৰ পক্ষত চুপ্ৰিম ক’ৰ্টত মহাসংঘৰ গোচৰৰ সপক্ষে শপতনামাও প্ৰদান কৰিছিল।
জাতি, মাটি ,ভেটি,কৃষ্টি সংস্কৃতিৰ ৰক্ষা বাবে বিছা নং চিংফৌয়ে আজীৱন কাম কৰি গৈছিল প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌয়ে।

Republic day । গণৰাজ্য দিৱস: ভাৰতৰ গণতন্ত্ৰৰ জয়ৰ দিন, ৰাজ্যত কোনে ক’ত পতাকা উত্তোলন কৰিব

Republic day । গণৰাজ্য দিৱস: ভাৰতৰ গণতন্ত্ৰৰ জয়ৰ দিন, ৰাজ্যত কোনে ক'ত পতাকা উত্তোলন কৰিব
Republic day । গণৰাজ্য দিৱস: ভাৰতৰ গণতন্ত্ৰৰ জয়ৰ দিন, ৰাজ্যত কোনে ক'ত পতাকা উত্তোলন কৰিব

২৪ জানুৱাৰী,২০২৫ঃ Republic day । প্ৰতি বছৰৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰা হয়। ১৯৫০ চনৰ এই দিনটোত ভাৰতৰ সংবিধান আনুষ্ঠানিকভাৱে কার্যকৰী হৈছিল। এই দিনটো ভাৰতৰ ইতিহাসত অত্যন্ত গুৰুত্বপূর্ণ, কাৰণ ইয়াৰ দ্বাৰাই দেশখন গণতান্ত্ৰিক প্ৰণালীত চলাবলৈ সংবিধান প্ৰৱৰ্তন কৰা হয়। সংবিধানই ভাৰতক গণতন্ত্ৰমূলক, ধৰ্মনিৰপেক্ষ, সমাজবাদী আৰু পঞ্চায়তী ৰাজনীতিৰ দেশ হিচাপে স্বীকৃতি দিয়ে।

গণৰাজ্য দিৱসৰ ইতিহাস
২৬ জানুৱাৰী তাৰিখৰ বিশেষত্ব ১৯৩০ চনত লাহোৰ অধিবেশনত কংগ্ৰেছে এই দিনটোত পূৰ্ণ স্বরাজ ঘোষণা কৰা পৰা আৰম্ভ হয়। এই দিনটোৱে স্বাধীনতা সংগ্ৰামৰ প্ৰতি বিশেষ স্মৃতি বহন কৰে। ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ পিছত, ভাৰতৰ নতুন সংবিধান খসড়া তৈয়াৰ কৰিবলৈ ড্ৰাফ্টিং কমিটি গঠন কৰা হয়, যাৰ অধ্যক্ষ আছিল ড° ভীমৰাও ৰামজী আম্বেদকাৰ। খসড়া সংবিধান প্ৰস্তুত হোৱাৰ পিছত, ১৯৫০ চনৰ ২৬ জানুৱাৰীত দেশত সংবিধান কার্যকৰী কৰা হয়।

উদযাপন
গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লীৰ ৰাজপথত এক বৃহৎ পেৰেড অনুষ্ঠিত হয়। এই পেৰেডত ভাৰতৰ বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক দিশৰ প্ৰতিফলন, সেনাৰ পৰাক্ৰম আৰু দেশৰ প্ৰযুক্তিগত উন্নতিৰ প্রদর্শনী দেখা যায়।
ইয়াৰ উপৰি, দেশৰ বিভিন্ন প্ৰান্তত ৰাজ্যিক পৰ্যায়ত পতাকা উত্তোলন আৰু কাৰ্যসূচী অনুষ্ঠিত হয়।

গণৰাজ্য দিৱসৰ বিশেষতা
১. ৰাষ্ট্ৰীয় একতা আৰু প্ৰগতিৰ প্ৰতীক: এই দিনটোৱে দেশৰ একতাৰ প্ৰতি গভীৰ অনুভূতিৰ সৃষ্টি কৰে।
২. সংবিধানৰ গুৰুত্ব উপলব্ধি কৰোৱা: ভাৰতৰ সংবিধানৰ অধীনত প্ৰত্যেক নাগৰিকৰ সমান অধিকাৰ আৰু দায়িত্ব বুজাবলৈ বিশেষ গুৰুত্বপূর্ণ।
৩. দেশপ্ৰেম আৰু গৌৰৱৰ অনুভূতি জাগ্ৰত: এই দিনটোৱে দেশবাসীক দেশপ্ৰেম আৰু গৌৰৱৰ সৈতে ভৰাই তোলে।
গণৰাজ্য দিৱস উপলক্ষে অসমৰ বিভিন্ন স্থানত পতাকা উত্তোলন: কাৰ ক’ত দায়িত্ব?

গণৰাজ্য দিৱস উপলক্ষে অসমত বিভিন্ন স্থানত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ আয়োজন কৰা হৈছে।
ৰাজ্যত কোনে ক’ত পতাকা উত্তোলন কৰিব সেয়া উল্লেখ কৰা হৈছে:

খানাপাৰা: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য
ডিব্ৰুগড়: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নলবাৰী: জয়ন্ত মল্ল বৰুৱা
বৰপেটা: নন্দিতা গাৰ্ল’চা
দৰং: ৰঞ্জিত কুমাৰ দাস
বঙাইগাঁও: কেৱল মহন্ত
চিৰাং: ইউ জি ব্ৰহ্ম
কামৰূপ: চন্দ্ৰমোহন পাটোৱাৰী
ধেমাজি: ৰণোজ পেগু
নগাঁও: অশোক সিংঘল
মাহমাৰা: যোগেন মহন
গোলাঘাট: অজন্তা নেওগ
শোণিতপুৰ: পীয়ুষ হাজৰিকা
যোৰহাট: বিমল বৰা
শিৱসাগৰ: অতুল বৰা
তিনিচুকীয়া: প্ৰশান্ত ফুকন
কাছাৰ: কোশিক ৰায়
শ্ৰীভূমি: কুশেন্দ্ৰ পাল
লক্ষ্মীপুৰ: ৰূপেশ গোৱালা
ডিফু: তুনীৰাম ৰংহাং
কোকৰাঝাৰ: প্ৰমোদ বড়ো
হাফলং: দেৱলাল গাৰ্ল’চা
গোৱালপাৰা: নোমল মমিন
ওদালগুৰি: গোৱিন্দ বসুমতাৰী


এই পদক্ষেপই ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস উদযাপনৰ ঐক্য আৰু চেতনাৰ প্ৰতিফলন ঘটাইছে। ৰাজ্যৰ জনসাধাৰণে একতা, সৌভ্ৰাতৃত্ব আৰু জাতীয় গৌৰৱৰ অনুভৱ কৰিব পাৰে এই অনুষ্ঠানসমূহৰ যোগেদি।
অসমতো গণৰাজ্য দিৱস বৃহৎ উৎসাহৰ সৈতে উদযাপন কৰা হয়। বিভিন্ন স্থানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। এই দিৱসত ৰাজ্যৰ স্থানীয় পৰ্যায়ৰ ইতিহাস আৰু পৰম্পৰাৰ প্ৰতিফলন দেখা যায়।
গণৰাজ্য দিৱস মাথোঁ এখন উৎসৱৰ দিনহে নহয়, ই দেশবাসীৰ বাবে আত্মপ্ৰত্যয় আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতীক। এই দিনটো দেশবাসীক একতা, শান্তি আৰু উন্নতিৰ বাবে একগোট হৈ আগবাঢ়িবলৈ উদ্বুদ্ধ কৰে।

Samantha Ruth Prabhu: কিয় তামিল ছবিত অভিনয় নকৰে সামান্থা ৰুথ প্ৰভুৱে?

Samantha Ruth Prabhu: কিয় তামিল ছবিত অভিনয় নকৰে সামান্থা ৰুথ প্ৰভুৱে?
Samantha Ruth Prabhu: কিয় তামিল ছবিত অভিনয় নকৰে সামান্থা ৰুথ প্ৰভুৱে?

সুন্দৰ অভিনয় আৰু অতুলনীয় সৌন্দৰ্য্যৰ বাবে সকলোৰে প্ৰিয় সামান্থা ৰুথ প্ৰভুৱে শেহতীয়াকৈ এক সাক্ষাৎকাৰত কয় যে তেওঁ আৰু কিয় তামিল ছবিত চহী কৰা নাই।(Samantha Ruth Prabhu)

‘গাৰ্ল-নেক্সট-ড’ৰ’ৰ দৰে উজ্জ্বল চৰিত্ৰৰে এক শক্তিশালী পৰিচয় গঢ়ি তোলা দক্ষিণ চলচ্চিত্ৰ জগতৰ অন্যতম শীৰ্ষ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে ৫০খনতকৈও অধিক ছবিত কাম কৰিছিল। কিছুমান ছবি হিট হোৱাৰ বিপৰীতে কিছুমান ছবিয়েও ফ্লপৰ সন্মুখীন হয়। তামিল ছবিয়ে হওক বা তেলেগু ছবিয়ে হওক। কেৰিয়াৰৰ সময়ছোৱাত তেওঁ বহু ভাল ভূমিকা পালন কৰিছে।

তেওঁৰ অনুৰাগীসকলে তেওঁৰ চৰিত্ৰ আৰু অভিনয়ক ভাল পায় যদিও শেহতীয়াকৈ সামান্থাই এক সাক্ষাৎকাৰৰ সময়ত প্ৰকাশ কৰে যে তেওঁ আৰু এনে ছবিৰ অংশ হ’ব নিবিচাৰে য’ত তেওঁ বিশেষ একো কৰিব বুলি আশা কৰা নহয়। শেহতীয়াকৈ দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁ কিয় তামিল ছবিৰ পৰা আঁতৰি আহিল? ৰাজ আৰু ডি কেৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়েও তেওঁ মুকলিকৈ ক’লে।

সামান্থাক সোধা হৈছিল যে তেওঁ তামিল ছবিত কিয় চহী কৰা নাই? কাৰণ তেওঁক শেষবাৰৰ বাবে ২০২২ চনৰ তামিল ছবি ‘কাথুৱাকুলা ৰেণ্ডু কধল’ত দেখা গৈছিল। গতিকে এই প্ৰশ্নটোৰ ওপৰত তেওঁ স্পষ্টকৈ ক’লে, ‘বহু ছবি কৰাটো সহজ, কিন্তু এতিয়া মই এনে এটা পৰ্যায়ত আছো য’ত প্ৰতিখন ছবিয়ে মোৰ বাবে শেষ ছবিৰ দৰে অনুভৱ কৰিব লাগে। যদি মই কোনো প্ৰজেক্টত সম্পূৰ্ণ বিশ্বাস নকৰো তেন্তে মই কৰিব নোৱাৰো।

ৰাজ আৰু ডি কেৰ সৈতে পুনৰ ‘ৰাক্ট ইউনিভাৰ্ছ’ত কাম কৰাৰ কথা কওঁতে সামান্থাই কয় যে ‘ফেমিলি মেন ২’ত নতুন কিবা এটা কৰাৰ সুযোগ পাইছিলোঁ। তাৰ পিছত ‘চিটাডেল: হানি বানি’ত কিবা এটা বেলেগ আছিল আৰু ‘ৰাক্ট ইউনিভাৰ্ছ’তো বেলেগ কিবা এটা কৰাৰ সুযোগ পাইছিলোঁ। ৰাজ আৰু ডি কেয়ে মোক প্ৰতিদিনে অভিনেতা হিচাপে সন্তুষ্ট কৰা প্ৰত্যাহ্বানমূলক চৰিত্ৰৰ প্ৰতি আসক্ত কৰি তুলিছে। যদি মোৰ তেনেকুৱা অনুভৱ নহয়, তেন্তে কাম কৰিবলৈ মন নাযায়।

লগতে অভিনেত্ৰীগৰাকীয়ে তেওঁ নিজৰ সিদ্ধান্তৰে নিজকে বা আন কাকো নিৰাশ কৰিব নিবিচাৰে। সামান্থাই ব্যক্তিগত জীৱনত অতি কঠিন সময়ৰ সন্মুখীন হৈছে। ২০২১ চনত নগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত ২০২২ চনত মাইঅ’চাইটিছৰ দৰে ৰোগ ধৰা পৰাৰ পিছত কামৰ পৰা বিৰতি লৈছিল। ২০২৩ চনত তেওঁ ‘শকুন্তলাম’ আৰু ‘খুছি’ৰ দৰে তেলেগু ছবিত কাম কৰিছিল। ইয়াৰ পিছত ২০২৪ চনত ‘চিটাডেল: হানি বানি’ত অভিনয় কৰা ছানীক এতিয়া ‘ৰাক্ট ইউনিভাৰ্ছ’ত দেখা যাব।

জাগীৰোডত স্থাপন হ’ব নেচনেল ইনষ্টিটিউট অৱ ইলেকট্ৰনিক্স এণ্ড ইনফৰমেচন টেকন’লজী (NIELIT)

জাগীৰোডত স্থাপন হ'ব নেচনেল ইনষ্টিটিউট অৱ ইলেকট্ৰনিক্স এণ্ড ইনফৰমেচন টেকন'লজী (NIELIT)
জাগীৰোডত স্থাপন হ'ব নেচনেল ইনষ্টিটিউট অৱ ইলেকট্ৰনিক্স এণ্ড ইনফৰমেচন টেকন'লজী (NIELIT)

২৪ জানুৱাৰী,২০২৫ঃ অসমত কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ ৰূপে জাগীৰোডত স্থাপন হ’ব নেচনেল ইনষ্টিটিউট অৱ ইলেকট্ৰনিক্স এণ্ড ইনফৰমেচন টেকন’লজী (NIELIT)। এই প্ৰতিষ্ঠানটোৱে ইলেকট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উচ্চ গুণগত মানৰ শিক্ষাৰ ব্যৱস্থা আগবঢ়াব। কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই প্ৰতিষ্ঠানক এটি অনন্য শিক্ষামঞ্চ হিচাপে বিবেচনা কৰা হৈছে।

অসমৰ জাগীৰোডত স্থাপন হ’বলৈ যোৱা কাৰিকৰী প্ৰতিষ্ঠানৰ কল্পনামূলক চিত্ৰ। ইলেকট্ৰনিক্স আৰু প্ৰযুক্তিবিদ্যাৰ আধুনিক সুবিধাসমূহ আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ মিশ্ৰণত গঢ়ি উঠা এই প্ৰতিষ্ঠানৰ পৰিৱেশ অতি আকৰ্ষণীয়

প্ৰযুক্তিবিদ্যাৰ বিকাশৰ দিশত, NIELIT-এ আধুনিক কোর্সসমূহৰ সৈতে যুগৰ প্ৰয়োজন অনুসৰি উন্নত প্ৰশিক্ষণ আগবঢ়াব। ইলেকট্ৰনিক্স ডিজাইন, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ডাটা এনালাইটিক্স, ক্লাউড কম্পিউটিং, চাইবৰ সুৰক্ষা আৰু উদীয়মান প্ৰযুক্তিবিদ্যাৰ বিভিন্ন ক্ষেত্ৰত বিশেষীকৃত পাঠ্যক্ৰম প্ৰদান কৰি এই প্ৰতিষ্ঠানটোৱে যুৱ প্ৰজন্মক গ্লোবেল মাৰ্কেটৰ বাবে যোগ্য কৰি তোলাৰ লক্ষ্য লৈ আগবাঢ়িব।

জাগীৰোডত এই প্ৰতিষ্ঠান স্থাপন হোৱাৰ সৈতে স্থানীয় অৰ্থনীতিৰ গতি বৃদ্ধি পাব, লগতে জাগীৰোডক এটা নতুন শিক্ষা আৰু প্ৰযুক্তি কেণ্ড্ৰ হিচাপে পৰিগণিত কৰা হ’ব। শিক্ষাৰ লগতে, এই প্ৰতিষ্ঠানৰ দ্বাৰা শিল্প-প্ৰযুক্তি উদ্ভাৱন, উদ্যোগ স্থাপন আৰু যুৱক-যুৱতীসকলৰ বাবে আত্মনিৰ্ভৰশীলতাৰ পথ মুকলি হ’ব।

NIELIT-ৰ সৈতে জড়িত পৰিকল্পনাসমূহৰ অন্তৰ্গত আছে উচ্চ গুণগত মানৰ ল’বোৰেটৰি, ডিজিটেল শিক্ষাৰ সুবিধা, আৰু উদ্ভাৱনীমূলক শৈক্ষিক পৰিৱেশ। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ সহযোগত এই প্ৰকল্পৰ বাবে এক বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰা হৈছে। এই পদক্ষেপে শিক্ষাৰ ক্ষেত্ৰত অসমক নতুন উচ্চতালৈ লৈ যাবলৈ সহায় কৰিব।

এই পদক্ষেপৰ দ্বাৰা কেৱল কাৰিকৰী শিক্ষাৰ প্ৰসাৰ ঘটাই নহয়, ৰাজহ আৰু চাকৰিৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনাসমূহ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা। ই এজন শিক্ষাৰ্থীৰ অধ্যয়নৰ পৰা এটা প্ৰযুক্তি উদ্ভাৱনৰ কাৰিকৰী যাত্ৰালৈ সামগ্ৰিক পৰিসৰ আগবঢ়াব।

এইটো আন এক কল্পনামূলক চিত্ৰ, য’ত অসমৰ জাগীৰোডত স্থাপন হ’বলৈ যোৱা প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানটোক দেখুওৱা হৈছে। আধুনিক স্থাপত্য, ছাত্ৰ-ছাত্ৰীসকলৰ উদ্ভাৱনীমূলক কার্যকলাপ আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ সমন্বয়ে এই দৃশ্য অতি প্ৰেৰণাদায়ক।

এনে যুগান্তকাৰী প্ৰকল্পে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক আধুনিক শিক্ষাৰ পৰিৱেশত সন্নিবিষ্ট কৰাৰ লগতে, যুৱ সমাজৰ দক্ষতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰি নতুন যুগৰ আৰম্ভণি ঘটাব।

National Girl Child Day: আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস…

National Girl Child Day: আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস...
National Girl Child Day: আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস...

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন। সৰুপথাৰ সম জিলাৰ অন্তৰ্গত উৰিয়ামঘাট ২নং চেতিয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত।(National Girl Child Day)

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপনত নিমন্ত্ৰিত অতিথি NEDSSSৰ কদিনেটাৰ মনোজ টেটে লগতে ২নং চুতিয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী দিপালী কোঁৱৰ আৰু গাঁৱৰ গাঁও বুঢ়া লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকি কন্যা শিশুৰ শুভ যাত্ৰা কৰা হয়।

মনোজ টেটে জানিব দিয়া মতে ছোৱালীৰ শিক্ষা, শাৰীৰিক অত্যাচাৰ, বাল্য বিবাহৰ পৰা সজাগ কৰি তুলিবলৈ কন্যা শিশু দিৱস উদযাপন কৰা হৈছে।