Home Blog Page 373

Smoking Quitting: ধনে আপোনাক নিচা ত্যাগ কৰাত সহায় কৰিব পাৰেনে, ধূমপান এৰিবলৈ আৰ্থিক পুৰষ্কাৰ দিলে আপুনি চিগাৰেট এৰিবনে?

Smoking Quitting: ধনে আপোনাক নিচা ত্যাগ কৰাত সহায় কৰিব পাৰেনে
Smoking Quitting: ধনে আপোনাক নিচা ত্যাগ কৰাত সহায় কৰিব পাৰেনে

মন গলেও ধূমপান এৰিবলৈ অক্ষম নেকি? কিন্তু যদি তেওঁলোকক ধূমপান এৰি দিয়াৰ বাবে বৃহৎ আৰ্থিক পুৰস্কাৰৰ প্ৰস্তাৱ দিয়া হয়, তেন্তে আপুনি ধূমপান এৰিবনে?(Smoking Quitting) ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, সকলোৱে জানে। তথাপিও ধঁপাত খোৱাৰ আনন্দ কিয় এৰি দিব নোৱাৰে?

কিছুমানে অনবৰতে চিগাৰেট খাই যদিও ভাবে চিগাৰেট এৰি দিম। আন কিছুমানে নিজৰ সন্তানৰ মুখলৈ চাই ভাবে, চিগাৰেট বাদ দিম। কিন্তু চিগাৰেট এৰিব নোৱাৰে।

আচলতে চিগাৰেটৰ আসক্তি এৰি দিয়াটো কঠিন। চিগাৰেটত থকা নিকোটিনে মগজুত প্ৰভাৱ পেলায়। ইয়াৰ ফলত শৰীৰৰ বাবে সুখদায়ক ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়। যাৰ প্ৰভাৱে মনত প্ৰেমৰ সৃষ্টি কৰে। কামত অতিৰিক্ত উৎসাহ বৃদ্ধি কৰে। নিয়মিতভাৱে শৰীৰত নিকোটিন প্ৰৱেশ কৰিলে শৰীৰটোও ইয়াৰ লগত অভ্যস্ত হৈ পৰে।

কিন্তু ব্ৰিটিছ স্বাস্থ্য ৱেবছাইটত প্ৰকাশিত এক গৱেষণাৰ পৰা দেখা গৈছে যে ধূমপান কৰা লোকসকলক ধূমপান এৰি দিয়াৰ বাবে আৰ্থিক পুৰস্কাৰ দিলে ইয়াৰ প্ৰভাৱ পৰিব পাৰে। ইংলেণ্ডৰ নৰ্ৱিচ বিশ্ববিদ্যালয়ত কৰা হৈছিল এক অধ্যয়ন। অধ্যয়নত দেখা গ’ল যে আৰ্থিক পুৰস্কাৰ লাভ কৰাটোৱে সমগ্ৰ বিষয়টোত অনুঘটক হিচাপে কাম কৰিছিল। দেখা গৈছে যে বহু লোকে এই ধন লাভ কৰাৰ পিছত চিৰদিনৰ বাবে ধূমপান ত্যাগ কৰিছে।

এই সমীক্ষাটো বিভিন্ন সামাজিক শ্ৰেণী আৰু বয়সৰ ধূমপায়ী পুৰুষ আৰু মহিলাৰ মাজত কৰা হৈছে। চৰ্ত আছিল যে যদি তেওঁ ধূমপান এৰি দিয়ে তেন্তে তেওঁক নগদ ধন বা চেক যোগে দিয়া হ’ব, নহ’লে টকাখিনি তেওঁৰ বেংক একাউণ্টত জমা হ’ব। দেখা গ’ল আৰ্থিক পুৰস্কাৰৰ প্ৰলোভনত বহু লোকে ধূমপান ত্যাগ কৰিছে। অৱশ্যে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই পদ্ধতি সৰ্বাধিক ফলপ্ৰসূ হৈছে।

ধূমপান শৰীৰৰ বাবে অতি ক্ষতিকাৰক। কিন্তু গৰ্ভৱতী মহিলাৰ বাবে ই আৰু অধিক বিপদজনক হৈ পৰে। ধূমপানে তেওঁলোকৰ গৰ্ভস্থ সন্তানৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলায়। পৰ্যবেক্ষণ কৰা হৈছে যে যিসকল গৰ্ভৱতী মাতৃয়ে চেষ্টা কৰিও ধূমপান এৰিব পৰা নাছিল, সেই ধনৰ কথা শুনি অধিক উৎসাহী হৈ পৰিছিল আৰু ধূমপান এৰিবলৈ সক্ষম হৈছিল।

Virender Sehwag: বিবাহ বিচ্ছেদৰ বাতৰিয়ে গতি লাভ কৰাৰ পিছতে বীৰেন্দ্ৰ ছেহৱাগৰ পত্নীয়ে প্ৰাইভেট কৰিলে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইল

Virender Sehwag: বিবাহ বিচ্ছেদৰ বাতৰিয়ে গতি লাভ কৰাৰ পিছতে বীৰেন্দ্ৰ ছেহৱাগৰ পত্নীয়ে প্ৰাইভেট কৰিলে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইল
Virender Sehwag: বিবাহ বিচ্ছেদৰ বাতৰিয়ে গতি লাভ কৰাৰ পিছতে বীৰেন্দ্ৰ ছেহৱাগৰ পত্নীয়ে প্ৰাইভেট কৰিলে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইল

এক প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগ আৰু তেওঁৰ পত্নী আৰতি আহলাৱটে ২০ বছৰীয়া বিবাহৰ অন্ত পেলাব। ২০০৪ চনত বিবাহপাশত আবদ্ধ হোৱা শৈশৱৰ বন্ধু (Virender Sehwag)ছেহৱাগ আৰু আৰতিয়ে কেইমাহ ধৰি পৃথকে পৃথকে থাকে আৰু সেয়ে বিবাহ বিচ্ছেদৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

ছেহৱাগ আৰু আৰতিৰ মাজত দূৰত্ব প্ৰথম লক্ষ্য কৰা হৈছিল যেতিয়া তেওঁলোকক ৰাজহুৱা আৰু ছ’চিয়েল মিডিয়াত কমকৈ একেলগে দেখা গৈছিল। সাধাৰণতে পৰিয়ালৰ বিষয়ে যথেষ্ট মুকলিকৈ কোৱা ছেহৱাগে যোৱা বছৰৰ দীপাৱলী উদযাপনৰ সময়ত জ্যেষ্ঠ পুত্ৰ আৰ্যবীৰ আৰু মাতৃ কৃষ্ণৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিছিল যদিও পত্নী আৰতি আৰু কনিষ্ঠ পুত্ৰ বেদান্তৰ কোনো উল্লেখ বা ছবি দিয়া নাছিল। সকলোৱে সন্দেহ কৰিছিল তেতিয়াৰে পৰা।

ইনষ্টাগ্ৰামতো আৰতিক আনফ’ল’ কৰিছিল ছেহৱাগে। ১৭৮ হাজাৰ ফ’ল’ৱাৰ আৰু ইনষ্টাগ্ৰামত ভেৰিফাইড প্ৰফাইল থকা আৰতীয়ে হঠাতে নিজৰ প্ৰফাইল ব্যক্তিগত কৰি পেলায়, কাৰণ তেওঁলোকৰ বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনা আৰু বাতৰিয়ে বিয়পি পৰিছিল।

যদিও ছেহৱাগে এতিয়াও পত্নীৰ সৈতে ফটো আঁতৰোৱা নাই, তথাপিও ইনষ্টাগ্ৰামত আৰতিৰ সৈতে তেওঁৰ শেষ ফটো আছিল ২০২৩ চনৰ এপ্ৰিল মাহত। ছেহৱাগে ২০ বছৰীয়া বিবাহ বাৰ্ষিকীত (২২ এপ্ৰিল, ২০২৪) কোনো ৰাজহুৱা পোষ্টো শ্বেয়াৰ কৰা নাছিল।

২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা বীৰেন্দ্ৰ ছেহৱাগে তাৰ পিছত ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সীৰ এণ্টি ড’পিং আপীল পেনেলত কাৰ্যনিৰ্বাহ কৰাকে ধৰি বিভিন্ন ভূমিকাত জড়িত হৈ আছে। এসময়ত দম্পতীহালৰ মাজত শক্তিশালী বন্ধন থকাৰ পাছতো শেহতীয়াকৈ দেখা গৈছে যে তেওঁলোকৰ সম্পৰ্কই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে ছেহৱাগ বা আৰতিৰ কোনোৱেই এই বিচ্ছেদ নিশ্চিত কৰা নাই।

Potato: প্ৰতিদিনে আলু খাই নেকি? আলু খোৱাৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জানক

Potato: প্ৰতিদিনে আলু খাই নেকি? আলু খোৱাৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জানক
Potato: প্ৰতিদিনে আলু খাই নেকি? আলু খোৱাৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জানক

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ আলু স্বাস্থ্যৰ বাবে উপকাৰী। বি পি নিয়ন্ত্ৰণ কৰাৰ উপৰিও আলুত প্ৰচুৰ পৰিমাণে আঁহ আৰু পটাছিয়াম থাকে। প্ৰায়ে মানুহৰ ঘৰত প্ৰতিদিনে আলু খোৱা হয়। এই খবৰটোত আমি আপোনালোকক জনাম দৈনিক আলু খোৱাৰ উপকাৰিতাৰ বিষয়ে।(Potato)

শাক-পাচলিৰ ৰজা বুলি কোৱা আলুৱেই একমাত্ৰ পাচলি যিটো ভাৰতৰ প্ৰতিখন ঘৰতে ৰন্ধা হয়। এই পাচলিবিধ আন প্ৰতিবিধ শাক-পাচলিৰ লগতে মিহলি হৈ যায়। সস্তীয়া আৰু পুষ্টিকৰ হোৱাৰ বাবে প্ৰায় প্ৰতিদিনে ঘৰত আলুৰ ৰেচিপি প্ৰস্তুত কৰা হয়। গতিকে বহু সময়ত এই প্ৰশ্নও মনলৈ আহে ইমান বেছি আলু খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নে? আজি আমি আপোনালোকক আলু খোৱাৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জনাম, লগতে দৈনিক আলু খালে স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলায় সেই বিষয়েও জনাম।

আলু খোৱাৰ উপকাৰিতা-

আলুত ভাল পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে। আলু খালে আপুনি শক্তিশালী অনুভৱ কৰে। আলুত ভাল পৰিমাণৰ পটাছিয়াম থাকে, ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদৰোগ প্ৰতিৰোধ কৰে। লগতে আলুত ভিটামিন চিৰ উত্তম উৎস, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰ মেৰামতি কৰাত সহায় কৰে। আলুত আঁহ থকাৰ বাবে আলু খালে হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।

আলু খোৱাৰ অসুবিধা-

আলুৰ গ্লাইচেমিক ইনডেক্স (GI) উচ্চ, যাৰ ফলত তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। গতিকে ডায়েবেটিছ ৰোগীক আলু পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আলুত ভাল পৰিমাণৰ কাৰ্বহাইড্ৰেট থকাৰ বাবে ওজন বৃদ্ধি কৰিব পাৰে। আলু ভাজি খালে ইয়াৰ পুষ্টিৰ গুণ হ্ৰাস পায়। সেয়েহে উতলাই খাব লাগে।

প্ৰতিদিনে আলু খোৱাটো স্বাস্থ্যৰ বাবে ভাল নে?

যদি আলু সঠিক পৰিমাণত আৰু সঠিক পদ্ধতিৰে খোৱা হয়, তেন্তে প্ৰতিদিনে খাব পাৰি। আলু সিজোৱা, বেক কৰা বা শাক-পাচলিৰ লগত মিহলাই খাব লাগে। ভজা আলু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হব পাৰে, ভজা আলু পৰিহাৰ কৰিব লাগে।

Saif Ali Khan: ‘কৰীনা আৰু মই ১১ নং মহলাত আছিলোঁ…’ আক্ৰমণৰ নিশাৰ কাহিনী ক’লে অভিনেতাজনে

Saif Ali Khan: 'কৰীনা আৰু মই ১১ নং মহলাত আছিলোঁ...'
Saif Ali Khan: 'কৰীনা আৰু মই ১১ নং মহলাত আছিলোঁ...'

ছেইফ আলী খানৰ আক্ৰমণৰ গোচৰত বহু প্ৰশ্ন উত্থাপন হৈছে। ইফালে প্ৰথমবাৰৰ বাবে ছেইফ আলী খানে আক্ৰমণৰ নিশাৰ সমগ্ৰ কাহিনী আৰক্ষীক কৈছে। (Saif Ali Khan)য’ত তেওঁ সমগ্ৰ ঘটনাৰ কথা উল্লেখ কৰিছে। গতিকে সম্পূৰ্ণ কাহিনীটো জানো আহক।

১৬ জানুৱাৰীত মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ ১২ নং মহলাৰ এপাৰ্টমেণ্টত অভিনেতা ছেইফ আলী খানক দাৰে আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণৰ সৈতে জড়িত মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদ নামৰ এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। তাৰ পিছৰে পৰা যোৱা আঠ দিনত এই ষড়যন্ত্ৰৰ বহু দিশ আৰু আক্ৰমণৰ সত্যতা পোহৰলৈ আহিছে। এতিয়া প্ৰথমবাৰৰ বাবে ছেইফ আলী খানে এই সন্দৰ্ভত নিজৰ বক্তব্য ৰাখিছে।

ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ঘটনা সন্দৰ্ভত বান্দ্ৰা আৰক্ষীক নিজৰ বক্তব্য প্ৰদান কৰে। সূত্ৰ অনুসৰি ছেইফ আলী খানে আৰক্ষীক জনোৱা মতে, তেওঁ আৰু তেওঁৰ পত্নী তথা অভিনেত্ৰী কৰীনা কাপুৰ খানে ১১ নং মহলাৰ নিজৰ শোৱা কোঠাত থকাৰ সময়তে ঘৰুৱা সহায়ক ইলিয়ামা ফিলিপৰ চিঞৰ শুনিছিল, যিয়ে তেওঁলোকৰ কনিষ্ঠ পুত্ৰ জেহাংগীৰ ( জেহ)শুই থকা কোঠালৈ দৌৰি গৈ তাত এজন অচিনাকি মানুহক দেখা পাইছিল। ছাইফে কয় যে তেওঁ আক্ৰমণকাৰীক ধৰি গ্ৰেপ্তাৰ কৰে। এই সময়ছোৱাত আক্ৰমণকাৰীয়ে তেওঁৰ পিঠি, ডিঙি আদি ঠাইত কেইবাবাৰো ছুৰীৰে আঘাত কৰে। ছেইফে কয় যে যেতিয়া আক্ৰমণকাৰীয়ে তেওঁক ছুৰীৰে আঘাত কৰে তেতিয়া তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু কেনেবাকৈ নিজকে আক্ৰমণকাৰীৰ পৰা নিজৰ জীৱন বচাই।

ইয়াৰ পিছত ঘৰৰ কৰ্মচাৰীসকলে জেহক লৈ গ’ল সেই কোঠাৰ পৰা। এই আক্ৰমণত ফিলিপও আহত হৈছিল। পিছত ৫৬ বছৰীয়া ফিলিপে ছেইফক জনায় যে অভিনেতাজন অহাৰ পূৰ্বে লোকজনে তেওঁৰ পৰা ১ কোটি টকা দাবী কৰিছিল।

ঘটনাৰ পিছতে ছেইফ আলী খানক লীলাৱতী চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে জনোৱা মতে, চুৰীৰ ঘাঁৰ ফলত তেওঁৰ মেৰুদণ্ডত আঘাতপ্ৰাপ্ত আছিল। ডিঙি আৰু বাহুত আঘাত পোৱাৰ বাবে প্লাষ্টিক চাৰ্জাৰী কৰি ২১ জানুৱাৰীত তেওঁক ডিচচাৰ্জ দিয়া হয়।

আৰক্ষীয়ে জনোৱা মতে, অভিনেতাজনৰ ফ্লেটত প্ৰৱেশ কৰা ব্যক্তিজনে চুৰিৰ উদ্দেশ্যেৰে এনে কৰিছিল। থানেৰ পৰা গ্ৰেপ্তাৰ কৰা অনুপ্ৰৱেশকাৰীজন বাংলাদেশী নাগৰিক মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদ বুলি জানিব পৰা গৈছে।

ইফালে ছেফ আলী খানৰ বান্দ্ৰা ফ্লেটৰ পৰা সংগ্ৰহ কৰা আঙুলিৰ ছাপ শ্বৰীফুলৰ আঙুলিৰ ছাপৰ সৈতে মিলি গৈছে। এই চিনবোৰ পাইপত পোৱা গৈছিল যিটো পাইপ ব্যৱহাৰ কৰি অভিযুক্তই অট্টালিকাৰ একাদশ মহলালৈ উঠিছিল। জেহৰ কোঠাৰ দুৱাৰৰ হেণ্ডেল আৰু বাথৰুমৰ দুৱাৰত অতিৰিক্ত চিন পোৱা গৈছে।

অৱশ্যে শ্বৰীফুলৰ পিতৃ ৰুহুল আমিনে ইণ্ডিয়া টুডে টিভিক জনোৱা মতে, ছৈফ আলী খানৰ ঘৰৰ চিচিটিভি ফুটেজত বন্দী হোৱা লোকজনৰ পুত্ৰৰ একেবাৰে মিল নাই।

ইয়াৰ উপৰিও অভিযুক্তই ছেইফ আলী খানক যি দাৰে আক্ৰমণ কৰিছিল তাৰ এক তৃতীয়াংশ ২২ জানুৱাৰীত উদ্ধাৰ কৰা হৈছিল। এই আক্ৰমণৰ পিছত জৰুৰী অস্ত্ৰোপচাৰৰ সময়ত অভিনেতাজনৰ শৰীৰত আবদ্ধ হৈ থকা ২.৫ ইঞ্চি দৈৰ্ঘ্যৰ দাখনৰ প্ৰথম অংশ আঁতৰাই পিছত অস্ত্ৰৰ দ্বিতীয় অংশ উদ্ধাৰ কৰা হয়।

Amla vs Orange: আমলখি আৰু কমলা, স্বাস্থ্যৰ বাবে আমলখি আৰু কমলা কোনবিধ উপকাৰী

Amla vs Orange: আমলখি আৰু কমলা, স্বাস্থ্যৰ বাবে আমলখি আৰু কমলা কোনবিধ উপকাৰী
Amla vs Orange: আমলখি আৰু কমলা, স্বাস্থ্যৰ বাবে আমলখি আৰু কমলা কোনবিধ উপকাৰী

ওজন হ্ৰাসৰ বাবে সঠিক খাদ্য বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ। ফলৰ কথা ক’বলৈ গ’লে আমলখি আৰু কমলা দুয়োবিধেই স্বাস্থ্যৰ বাবে উপকাৰী।(Amla vs Orange)কিন্তু ওজন কমাবলৈ কোনটো ফল বেছি ফলপ্ৰসূ? এই প্ৰশ্নৰ উত্তৰ জানি লওক।

আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। ই বিপাকীয় ক্ৰিয়া দ্ৰুত কৰাত সহায় কৰে, যিয়ে কেলৰি সোনকালে কমোৱাত সহায় কৰে। আমলখিত অধিক পৰিমাণৰ আঁহ থাকে, যাৰ ফলত হজম শক্তি উন্নত হয় আৰু পেট দীৰ্ঘদিন ধৰি ভৰি থকাত সহায় কৰে।

বিশেষজ্ঞসকলে কয় যে আমলখি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাতো সহায় কৰে। ই ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, যিটো ওজন হ্ৰাসৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাহিৰেও ৰাতিপুৱা খালী পেটত আমলখি ৰস খালে ওজন কমাব পাৰে।

কমলা কম কেলৰিযুক্ত ফল, য’ত ভিটামিন চি আৰু পানীৰ পৰিমাণ প্ৰচুৰ পৰিমাণে থাকে। শৰীৰক জলসিঞ্চিত ৰখাৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। কমলাত থকা প্ৰাকৃতিক চেনিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে আৰু ইয়াক জলপান হিচাপে খালে অপ্ৰয়োজনীয় ভোক নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।

কমলা ৰঙৰ আঁহৰ উত্তম উৎস, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ইয়াত এন্টিঅক্সিডেন্টো থাকে, যিয়ে শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে।

বিশেষজ্ঞসকলৰ মতে, দুয়োবিধ ফলৰ নিজস্ব উপকাৰ আছে। যদি আপুনি ওজন হ্ৰাসৰ লগতে বিষমুক্তকৰণ বিচাৰে তেন্তে আমলখি উত্তম।

Earthquake: ৰাজ্যত ভূমিকম্প, নিশা ১২.৫৩ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়

Earthquake: ৰাজ্যত ভূমিকম্প, নিশা ১২.৫৩ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়
Earthquake: ৰাজ্যত ভূমিকম্প, নিশা ১২.৫৩ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়

ৰাজ্যত ভূমিকম্প। নিশা ১২ বাজি ৫৩ মিনিটত অনুভূত কম্পন। (Earthquake)

ৰিখটাৰ স্কেলত ভূঁইকঁপৰ মাত্ৰা ৪.৮।


ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ।

ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰত আৰু ১০৬ কিলোমিটাৰ গভীৰত।

Gunotsav – 2025 । কুমুৰীগাঁৱ এল্ পি্ স্কুলত সফলতাৰে সমাপন হ’ল গুণোৎসৱ – ২০২৫ৰ বহি: মূল্যায়ন

Gunotsav - 2025 । কুমুৰীগাঁৱ এল্ পি্ স্কুলত সফলতাৰে সমাপন হ'ল গুণোৎসৱ - ২০২৫ৰ বহি: মূল্যায়ন
Gunotsav - 2025 । কুমুৰীগাঁৱ এল্ পি্ স্কুলত সফলতাৰে সমাপন হ'ল গুণোৎসৱ - ২০২৫ৰ বহি: মূল্যায়ন

২৩জানুৱাৰী,২০২৫ঃ Gunotsav – 2025 । জিলাৰ চাপৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কুমুৰীগাঁৱ এল্ পি্ স্কুলত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ তৃতীয় দিনৰ সফলতাৰে সমাপন হ’ল গুণোৎসৱ – ২০২৫ৰ বহি: মূল্যায়ন। গুণোৎসৱ হৈছে বিদ্যালয় শিক্ষা ব্যৱস্থাৰ গুণগত মান উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰৰ এক পদক্ষেপ।

ছাত্ৰ ছাত্ৰীৰ শিকনৰ মান নিৰূপনৰ, বিদ্যালয়সমূহৰ আন্ত:গাঠনিবোৰৰ সঠিক উন্নয়নৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত গুণোৎসৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গুণোৎসৱ কাৰ্যসূচীৰ অধীনত বিদ্যালয়সমূহৰ মূলতঃ চাৰিটা গুৰুত্বপূৰ্ণ দিশ মূল্যায়ন কৰে। এইসমূহ দিশৰ পাৰদৰ্শিতাৰ ভিত্তিত বিদ্যালয়সমূহ A+ , A, B, C আৰু D গ্ৰেডত শ্ৰেণী বিভাগ কৰে।

উক্ত বিদ্যালয়ত বহি: মূল্যায়ক হিচাপে উপস্থিত থাকে বঙাইগাঁও জিলাৰ লেংটিচিংঙা ৰাজিৱ গান্ধী মেম’ৰিয়েল কলেজৰ সহকাৰী অধ্যাপক ড` ফজৰ আলী আৰু লগতে ইন ভিজিলেট্ৰৰ হিচাপে বিভিন্ন বিদ্যালয়ৰ পৰা কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰী অংশগ্ৰহণ কৰে। যোৱা বছৰ বিদ্যালয়খনে A গ্ৰেড পাইছিল যদিও এই বছৰত বিদ্যালয়খনে ভাল ফলাফল পাব বুলি প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

২৯জানুৱাৰীৰ পৰা ৩০জানুৱাৰীলৈ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মধুপুৰ উৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । Ranjit Kumar Das

২৯জানুৱাৰীৰ পৰা ৩০জানুৱাৰীলৈ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মধুপুৰ উৎসৱৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । Ranjit Kumar Das
২৯জানুৱাৰীৰ পৰা ৩০জানুৱাৰীলৈ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মধুপুৰ উৎসৱৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । Ranjit Kumar Das

দিছপুৰ,২৩জানুৱাৰী,২০২৫: Ranjit Kumar Das । ৰাজ্য চৰকাৰৰ পৰ্যটন,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি পশ্চিম বংগৰ কোচবিহাৰ জিলাত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ স্থান মধুপুৰ সত্ৰৰ লগতে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ মহাপ্ৰয়াণৰ স্থান বৈকুণ্ঠপুৰ পৰিদৰ্শন কৰি অহা ২৯জানুৱাৰীৰ পৰা ৩১, জানুৱাৰীলৈ ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত উক্ত স্থানত অনুষ্ঠিত হ’বলগীয়া মধুপুৰ উৎসৱৰ প্ৰাৰম্ভিক ব্যৱস্থাপনাৰ বুজ লোৱাৰ লগতে সত্ৰ দুখনৰ সামগ্ৰিক পৰিৱেশৰো বুজ লয়।


উল্লেখযোগ্য যে পশ্চিমবংগৰ কোচ বিহাৰ জিলাত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰত বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত অহা ২৯, ৩০, ৩১ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ইয়াৰে প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

এই অনুষ্ঠানতে মালানিৰ্মালি প্ৰদান কৰি সত্ৰখনৰ ডেকাসত্ৰীয়া আৰু বুঢ়াসত্ৰীয়া পদত অধিষ্ঠিত কৰা হ’ব ৷
পৰিদৰ্শন কালত মন্ত্ৰী দাসে সত্ৰখনত থকা গুৰুজনাৰ আপুৰুগীয়া সম্পদ ৰাজিও দৰ্শন কৰে। পৰিদৰ্শন কালত উপস্থিত থকা সংবাদ মাধ্যমৰ সাংবাদিক সকলৰ সৈতে হোৱা মত -বিনিময়ত মন্ত্ৰী দাসে কয় যে জগৎ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া জাতিক সাহিত্য,ভাষা, কৃষ্টি -সংস্কৃতিকে ধৰি সকলো সম্পদ প্ৰদান কৰি গৈছে।এই স্থানতে গুৰুজনাৰ মহাপ্ৰয়াণ হৈছিল।অহা ২৯ৰপৰা ৩১জানুৱাৰীলৈ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মধুপুৰ উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰসকলো উপস্থিত থাকিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীৰ আগমনে মধুপুৰ সত্ৰৰ বাবে এক ভাল খবৰ কঢ়িয়াই আনিব বুলিও তেওঁ কয়। আগন্তুক দিনত মধুপুৰ সত্ৰক ধৰ্মীয় পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ লোৱাৰ উপৰি সত্ৰখন দৰ্শনৰ বাবে অহা বাহিৰৰ পৰ্যটকে বুজিব পৰাকৈ ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত হিন্দী, বাংলা আৰু ইংৰাজী ভাষাৰ এখন পুস্তিকা প্ৰকাশ কৰাৰ ব্যৱস্থা লোৱা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
আনহাতে মন্ত্ৰী দাসে আজি ১৫৯৮ খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীশ্ৰীদামোদৰ দেৱৰ মহাপ্ৰয়াণৰ স্থান কোচ বিহাৰ জিলাৰ বৈকুণ্ঠপুৰো দৰ্শন কৰে৷


দৰ্শন কালত তেওঁ গুৰুজনাই ব্যৱহাৰ কৰা বিচনা, খৰম আদি প্ৰত্যক্ষ কৰাৰ লগতে সামগ্ৰিক পৰিৱেশৰ বুজ লয়।
দৰ্শনৰ সময়ত উপস্থিত থকা সংবাদ মাধ্যমৰ সাংবাদিক সকলৰ সৈতে হোৱা মত -বিনিময়ত মন্ত্ৰী দাসে আগন্তুক দিনত গুৰুজনাৰ মহাপ্ৰয়াণৰ এই পৱিত্ৰ স্থানক যুগমীয়া কৰি তোলাৰ বাবে কিছু প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি ব্যাক্ত কৰে।আজি প্ৰথমবাৰৰ বাবে ইয়ালৈ আহি পৰিৱেশৰ বুজ লৈ মুখ্যমন্ত্ৰীক অৱগত কৰি এই দিশত এক ভাল ফলাফল প্ৰদান কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। মধুপুৰৰ লগতে এই স্থানকো পৰ্যটনৰ ডেষ্টিনেচনত অৰ্ন্তভুক্ত কৰাৰ পদক্ষেপ লোৱা হ’ব বুলি তেওঁ কয়।ইয়াৰ দৌল গৃহটো সম্পূৰ্ণ কৰাৰ বাবে তাৎক্ষণিকভাৱে পাটাছাৰকুছি সমষ্টিবাসী ৰাইজৰ সহযোগত ৩লাখ টকা প্ৰদান কৰা হ’ব বুলিও তেওঁ কয়। এই দৰ্শনৰ সময়ত ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ,সত্ৰৰ বিষয়ববীয়াৰ লগতে বহু গণ্য -মান্য ব্যক্তি উপস্থিত থাকে।

Dr. Himanta Biswa Sarma । কোকৰাঝাৰত অনুষ্ঠিত হ’ব পঞ্চম বড়ো শান্তি চুক্তি ,দিৱসমুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হব মুখ্য অতিথি

কোকৰাঝাৰ, ২৩ জানুৱাৰীঃ Dr. Himanta Biswa Sarma । কোকৰাঝাৰত দুদিনীয়া অনুষ্ঠানৰ সৈতে বিটিচিএ ২৭ আৰু ২৮ জানুৱাৰীত পঞ্চম বড়ো শান্তি চুক্তি দিৱস উদযাপন কৰিবলৈ সাজু হৈছে। ২৮ জানুৱাৰীত কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। অনুষ্ঠানটোত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে অন্যান্য কাৰ্যবাহী সদস্য আৰু বিশিষ্ট অতিথি উপস্থিতি থাকিব।

উদযাপনৰ অংশ হিচাপে 27 জানুৱাৰীত কোকৰাঝাৰৰ বোডোফা সাংস্কৃতিক প্ৰকল্পত “বড়োলেণ্ড এচিভাৰ্ছ বঁটা প্ৰদান” অনুষ্ঠিত হ’ব। অনুষ্ঠানটোত মুঠ ৮৫ জন বিভাগীয় আৰু ৫৬ জন অ-বিভাগীয় অৰ্জনকাৰীক সন্মানিত কৰা হ’ব। বড়ো চুক্তি দিৱস উদযাপনৰ এক অবিচ্ছেদ্য অংশ হিচাপে আয়োজিত এই বিশেষ অনুষ্ঠানৰ উদ্দেশ্য হৈছে প্ৰগতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ব্যক্তিসকলক স্বীকৃতি দিয়া আৰু সন্মান জনোৱা।

এই উদযাপনৰ উদ্দেশ্য হৈছে ২০২০ চনত স্বাক্ষৰিত ঐতিহাসিক বড়ো শান্তি চুক্তিক স্মৰণ কৰা যাৰ ফলত বিটিআৰত স্থায়ী শান্তি আৰু উন্নয়ন দেখা গৈছে। এই চুক্তিয়ে দীৰ্ঘদিনীয়া সমস্যাসমাধান আৰু অঞ্চলটোত সম্প্ৰীতি আৰু সমৃদ্ধি ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰে।

Namkhla । নামখলাত অগ্নিশিখা সাংস্কৃতিক গোষ্ঠী আখৰা শিবিৰ মুকলি

Namkhla । নামখলাত অগ্নিশিখা সাংস্কৃতিক গোষ্ঠী আখৰা শিবিৰ মুকলি
Namkhla । নামখলাত অগ্নিশিখা সাংস্কৃতিক গোষ্ঠী আখৰা শিবিৰ মুকলি

২৩ জানুৱাৰী,২০২৫ঃ Namkhla । লোক – নৃত্য আৰু লোক -বাদ্যৰ দল ‘অগ্নিশিখা’ৰ দশম বৰ্ষৰ আখৰা শিবিৰ মুকলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক গোষ্ঠীটোৱে আজি দৰং জিলাৰ দহ গৰাকী বিশিষ্ট শিল্পীক সাধনা সন্মান প্ৰদান কৰিছে। এই সন্মানৰ লগত উদ্যোগতাই গামোচা, জাপি, মানপত্ৰ প্ৰদান কৰে ৷

ৰাজ্যখনৰ আগশাৰীৰ বাঁহী বাদক প্ৰসন্ন বৰুৱাই অগ্নিশিখা’ সন্মান গ্ৰহন কৰি জীৱনত সফল বাহী বাদক কেনেকৈ হ’ল তাক ভাষনত উল্লেখ কৰে ৷ এই অনুষ্ঠানতে লোক সংস্কৃতিৰ সাধক ভেৰুৱাৰ দেবেন ডেকা আৰু সুকনান্নী ওজাৰ জ্যেষ্ঠ পালি ওদালগুৰি জিলাৰ বাঁহমোল্লাৰ শৰৎচন্দ্ৰ চহৰীয়াক সম্বৰ্ধনা জনোৱা লগতে যশস্বী নাগাৰা নামৰ পাঠক ছিপাঝাৰৰ মৰমী শইকীয়া, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া নৃত্যৰ শিল্পী মংগলদৈৰ কুশল ডেকা,বেনপাৰ্টি দলৰ স্বনামধন্য মহিলা বাদ্য শিল্পী ওদালগুৰিৰ মিছাহাটখলাৰ উপমা ডেকা, বিশিষ্ট কণ্ঠশিল্পী দৰং জিলাৰ হুছেইন চুবুৰীৰ অংকুৰ দাস,নৱ প্ৰজন্মৰ ব্যাসৰ ওজাৰ ওজাপালি সেনাপতিপাৰাৰ জয়ন্ত নাথ, পৰম্পৰাগত বড়ো নৃত্যৰ প্ৰশিক্ষক খৈৰাবাৰীৰ মনেশ্বৰ বসুমতাৰী আৰু প্ৰতিভাৱান কণ্ঠশিল্পী ওদালগুৰিৰ বাঁহমোল্লাৰ বেদী শ্ৰীকাশ্যপক ৰাজহুৱা ভাৱে সন্মান প্ৰদান কৰে । দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি অতুল বৰুৱাই সঞ্চালন কৰা মুকলি আৰু সম্বৰ্ধনা সভা খনত নিৰ্দিষ্ট বক্তা হিচাপে দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা আৰু বিশিষ্ট নিবন্ধকাৰ ভাৰতীয় তেল নিগমৰ অইল ‘শিক্ষা ৰত্ন’ বঁটা প্ৰাপ্ত শিক্ষক চন্দ্ৰ চহৰীয়া উপস্থিত থাকে। সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী কানন চহৰীয়াই উদ্বোধন কৰা সভাত সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপক সাহিত্যিক ছেল্ফ্ মেড্ ৰাণী বড়ো বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

পুৱা মাঙ্গলিক কাৰ্যসূচীৰ পূৰ্বে আখৰা শিবিৰ আনুষ্ঠানিক ভাৱে ৰঙা ফিটা কাটি উন্মোচন কৰে খৈৰাবাৰী টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক হৰি চন্দ্ৰ শৰ্মাই।