Home Blog Page 374

Dhing । ধিঙত ১২৮ তম নেতাজী জন্ম জয়ন্তী উদযাপন

Dhing । ধিঙত ১২৮ তম নেতাজী জন্ম জয়ন্তী উদযাপন
Dhing । ধিঙত ১২৮ তম নেতাজী জন্ম জয়ন্তী উদযাপন

২৩ জানুৱাৰী, ২০২৫ঃ Dhing । নগাঁও জিলাৰ ধিঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ তম জন্ম জয়ন্তী ধিং স্থিত নেতাজী সুভাষ সংঘত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰে ধিং পৌৰ সভাৰ পৌৰপতি সুশান্ত দেৱ নাথে, নেতাজী প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে ধিং থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া প্ৰজ্ঞান গগৈয়ে ,নেতাজী সুভাষ সংঘৰ সভাপতি সন্দীপ কুড়ী আৰু উপস্থিত বিশিষ্ট ব্যক্তি সকলে।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধিং ৰাজহ চক্রৰ চক্র বিষয়া সৌৰভ কুমাৰ দাসে, নেতাজী সুভাষ সংঘৰ পতাকা উত্তোলন কৰে ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জিত দেৱ নাথে আৰু সদৌ অসম বাঙলী যুৱ পৰিষদৰ পতাকা উত্তোলন কৰে নেতাজী সুভাষ সংঘৰ তথা আঞ্চলিক সম্পাদক ৰাণা মোদকে।

তৃপ্তি দেৱ নাথৰ পৰিচালনাত আৰু কিশলয় সযগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সহযোগত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় । অনুষ্ঠানটি সঞ্চালনা কৰে ধিং শংকৰ দেৱ বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য সঞ্জীৱ দাসে ।

Sonitpur District Sahitya Sabha ।শোণিতপুৰ জিলা সাহিত্য সভাৰ চতুৰ্বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

Sonitpur District Sahitya Sabha ।শোণিতপুৰ জিলা সাহিত্য সভাৰ চতুৰ্বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
Sonitpur District Sahitya Sabha ।শোণিতপুৰ জিলা সাহিত্য সভাৰ চতুৰ্বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

২৩ জানুৱাৰী,২০২৫ঃ Sonitpur District Sahitya Sabha । অসম সাহিত্য সভাৰ অন্তৰ্গত শোণিতপুৰ জিলা সাহিত্য সভাৰ চতুৰ্বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত অনুষ্ঠিত হয়। চাৰিদুৱাৰ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বৃহত্তৰ চাৰিদুৱাৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত অধিৱেশনখনত পুৱা ৮.৪৫ মিনিটত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ক্ৰমে জিলা সভাপতি ড০ ভূপেন শইকীয়া, আদৰণী সমিতিৰ সভাপতি অৰুণ ভূঞা আৰু শাখা সভাপতি মিনু হাজৰিকাই ।

স্মৃতি তৰ্পণ কৰে ক্ৰমে জিলা উপসভাপতি ষড়ানন দেৱনাথ আৰু জিলা সম্পাদক দুলাল নাথে । পুৱা ৯.৪৫ত শ্বহীদ তৰ্পণ কৰে চাৰিদুৱাৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নাৰায়ণ দাসে । ইয়াৰ পিছতে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি পদুম ৰাজখোৱা উপস্থিতিত প্ৰতিনিধি সভাখন উদ্বোধন কৰে নদুৱাৰ বিধানসভা সমষ্টিৰ কেবিনেট মৰ্যদাপ্ৰাপ্ত বিধায়ক পদ্ম হাজৰিকাই।

শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক তথা নৱনিৰ্বাচিত জিলা উপসভাপতি দুলাল নাথে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাৰ সভাপতিত্ব কৰে নৱনিৰ্বাচিত সভাপতি ড০ শুকদেৱ অধিকাৰীয়ে। সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক নবীন মল্ল বড়োৱে উদ্বোধন কৰা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে ।

মুখ্য অতিথিৰ ভাষণত গোস্বামীয়ে কয় যে অসম সাহিত্য সভাক সকলোৱে ভাল পায়; আৰু সেয়েহে কিবা বেমেজালি দেখিলেই ৰাইজে সভাৰ সমালোচনা কৰে। অনাগত দিনত আমি সকলোৱ মিলি আমাৰ হিয়াৰ আমঠু অসম সাহিত্য সভাক বিতৰ্কমুক্ত কৰি তুলিব লাগিব। আদৰণী সমিতিৰ সভাপতি অৰুণ ভূঞাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাসুদেৱ শৰ্মা, জিলা প্ৰতিনিধি মহেন্দ্ৰ কুমাৰ নাথ, অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, সাহিত্যিক নৰহৰি চুতীয়াই । সাহিত্য অকাডেমিৰ অনুবাদ বঁটা বিজয়ী সাহিত্যিক ড০ জুৰি দত্তই নিদিষ্ট বক্তাৰ ভাষণ আগবঢ়োৱা সভাখনত কল্পজ্যোতি নাথৰ সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক জ্যোতিস্মান দাসে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা মুকলি সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সামৰণি পৰে।

Chapar । চাপৰৰ টিলাপাৰাত ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাত ১১ তম বাৰ্ষিকী অধিৱেশন উপলক্ষ্যে অনুষ্ঠিত হ’ব ধৰ্মীয়সভা

Chapar । চাপৰৰ টিলাপাৰাত ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাত ১১ তম বাৰ্ষিকী অধিৱেশন উপলক্ষ্যে অনুষ্ঠিত হ'ব ধৰ্মীয়সভা
Chapar । চাপৰৰ টিলাপাৰাত ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাত ১১ তম বাৰ্ষিকী অধিৱেশন উপলক্ষ্যে অনুষ্ঠিত হ'ব ধৰ্মীয়সভা

২৩ জানুৱাৰী,২০২৫ঃ Chapar । উত্তৰ পূৱ ভাৰতৰ বিশিষ্ট ইছলামিক চিন্তাবিদ হজৰত উলামা হাফিজ শ্বায়েখ আহমদ ছাইদ গোবিন্দপুৰী, বিশিষ্ট অতিথি হিচাবে ভাষণ প্ৰদান কৰিৱ কলিকতাৰ মুফাচ্ছিৰে ক্বোৰআন হজৰত মৌলানা নুৰ হাছান ক্বাছিমী, হজৰত মৌলানা মুফতি আফছাৰ আলী ক্বাছিমী আৰু নিৰ্দিষ্ট ভক্তা হিচাপে ভাষণ প্ৰদান কৰিৱ হজৰত মৌলানা মুফতি আখিয়াৰুল ইছলাম ক্বাছিমীৰ লগতে স্থানীয় বিভিন্ন উলমায়ে কেৰাম সকল।

ইতিমধ্যে সভাৰ যাবতীয় প্ৰস্তুতি সম্পন্ন কৰিছে উদ্যোগতাসকলে। উক্ত ধৰ্মীয় সভাখন আজি বিয়লি চাৰি বজাৰ পৰা মাদ্ৰাছা প্ৰাঙ্গনত আৰম্ভ হ’ব। ধৰ্ম সভাখনত যথা সময়ত উপস্থিতহৈ পৱিত্ৰ ক্বোৰআন আৰু হাদিছৰ বহুমুলীয়া ওয়াজ, নছিহত শুনি অসীম ছোৱাবৰ অংশীদাৰ হ’বলৈ সকলো ইছলাম ধৰ্মীয় লোকক আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

Curd: এই ৪টা বস্তু দৈৰ লগত নাখাব, পেটৰ বাবে বিষত ভুগিব!

Curd: এই ৪টা বস্তু দৈৰ লগত নাখাব, পেটৰ বাবে বিষত ভুগিব!
Curd: এই ৪টা বস্তু দৈৰ লগত নাখাব, পেটৰ বাবে বিষত ভুগিব!

সাধাৰণতে স্বাস্থ্যকৰ আৰু শীতল বস্তু বুলি গণ্য কৰা দৈ। (Curd)বহুতে খাদ্যৰ লগত দৈ। কিন্তু আপুনি জানেনে কিছুমান বিশেষ বস্তুৰ সৈতে দৈ খালে আপোনাৰ পাচনতন্ত্ৰ বাবে ক্ষতিকাৰক হ’ব পাৰে! কিছুমান খাদ্য সামগ্ৰী দৈৰ লগত মিহলাই খালে পেটৰ গেছ, পেট ফুলা আৰু পাচনতন্ত্ৰৰ অন্যান্য সমস্যা হ’ব পাৰে। গতিকে সেই ৪ টা বস্তুৰ বিষয়ে জানি লওক যিবোৰ দৈৰ লগত খালে পেট বেয়া হ’ব পাৰে।

প্ৰায়ে বহুতে খাদ্যত ফলমূল আৰু দৈ গ্ৰহণ কৰে। কিন্তু এইটো নিয়ম ভুল প্ৰথা হ’ব পাৰে। বিশেষকৈ কমলা, আঙুৰ বা নেমুৰ দৰে টেঙা ফলৰ সৈতে দৈ খালে পেটত গেছ সৃষ্টি হোৱাৰ লগতে পাচনত বাধাৰ সৃষ্টি হয়। ছাইট্ৰাছ ফল আৰু দৈ দুয়োটা বিভিন্ন ধৰণে হজম হয়, যাৰ ফলত পেটত ভাৰসাম্যহীনতা হ’ব পাৰে।

মাছ আৰু দৈ

মাছ আৰু দৈ একেলগে খালেও পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। মাছত প্ৰটিন আৰু দৈত লেক্টিক এচিড থাকে, যিবোৰ একেলগে হজম শক্তি লেহেমীয়া কৰিব পাৰে। এনে কৰিলে প্ৰায়ে পেটত গেছৰ সমস্যা আৰু গধুৰতাৰ সৃষ্টি হয়।

আলু আৰু দৈ

আলু আৰু দৈ একেলগে মিহলাই খালে প্ৰায়ে পেটৰ ক্ৰেম্প আৰু পেট ফুলিব পাৰে। আলুত ষ্টাৰচ আৰু দৈত লেক্টিক এচিড থাকে, একেলগে খালে পেটৰ বিষ হ’ব পাৰে।

চেনি আৰু দৈ

কিছুমানে দৈত চেনি দি মিঠা কৰি ভাল পায় যদিও এই সংমিশ্ৰণ পেটৰ বাবেও ভাল নহয়। চেনিৰ সৈতে দৈ সেৱন কৰিলে পাচন প্ৰক্ৰিয়া লেহেমীয়া হয় আৰু শৰীৰত এলাৰ্জী বা ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Illegal Immigrants: অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ট্ৰাম্পৰ কাৰ্যক সমৰ্থন! ভিছা পলমক লৈ প্ৰশ্ন মোডী চৰকাৰৰ

Illegal Immigrants: অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ট্ৰাম্পৰ কাৰ্যক সমৰ্থন!
Illegal Immigrants: অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ট্ৰাম্পৰ কাৰ্যক সমৰ্থন!

ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা দেশখনলৈ অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। (Illegal Immigrants)ট্ৰাম্প প্ৰশাসনে নথি-পত্ৰ অবিহনে আমেৰিকাত থকাসকলক নিজৰ দেশলৈ পঠিয়াই দিব বিচাৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও আমেৰিকাৰ এই পদক্ষেপক সমৰ্থন জনাইছে। একে সময়তে তেওঁ ট্ৰাম্প প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছিল আমেৰিকান ভিছা লাভৰ বাবে ভাৰতীয়সকলে অপেক্ষা কৰি থকা বিষয়টোও।(s jaishankar)

নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ। ভ্ৰমণৰ সময়ত তেওঁ কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে সাক্ষাৎ কৰাৰ উপৰিও আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱালজৰ সৈতেও সাক্ষাৎ কৰে। ট্ৰাম্প প্ৰশাসনৰ দুগৰাকী নেতাৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনাত মিলিত হয়। পিছত বৈদেশিক মন্ত্ৰীয়ে ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাসৰ পৰা এই ভ্ৰমণ আৰু বৈঠকৰ মূল আলোকপাত দাঙি ধৰে। তেওঁ কয় যে ট্ৰাম্প প্ৰশাসনে ভাৰতৰ সৈতে বন্ধুত্বক অতি গুৰুত্বসহকাৰে লৈছে।

শেহতীয়াকৈ ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ট্ৰাম্প প্ৰশাসনে আমেৰিকাত বসবাস কৰা প্ৰায় ১৮ হাজাৰ অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিছে। আমেৰিকাই তেওঁলোকক ভাৰতলৈ ঘূৰাই পঠিয়াব বিচাৰিছে। পিছত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালেও কয় যে অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ ক্ষেত্ৰত ৱাশ্বিংটনে নতুন দিল্লীৰ সহযোগিতা বিচাৰিছে।

জয়শংকৰে ট্ৰাম্প প্ৰশাসনৰ সৈতে হোৱা বৈঠকতো এই বিষয়ে আলোচনা কৰে। দূতাবাসত এই বিষয়ে সোধাত তেওঁ কয় যে অনুপ্ৰৱেশৰ ক্ষেত্ৰত আমাৰ নীতিগত স্থিতি আছে, যিটো প্ৰতিখন দেশৰ বাবে প্ৰযোজ্য। আমি সদায় আইনী অনুপ্ৰৱেশক সমৰ্থন কৰো। আমি বিশ্বব্যাপী কৰ্মক্ষেত্ৰত বিশ্বাস কৰোঁ। “আমি বিচাৰো ভাৰতীয়সকলৰ প্ৰতিভা আৰু দক্ষতাই বিশ্বৰ সৰ্বোত্তম সুযোগ লাভ কৰক।” একে সময়তে জয়শংকৰে এই কথাও স্পষ্ট কৰি দিলে যে কোনো কাৰণতে অবৈধ অনুপ্ৰৱেশ গ্ৰহণযোগ্য নহয়। বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে আমি অবৈধ ভ্ৰমণ আৰু অনুপ্ৰৱেশৰ তীব্ৰ বিৰোধিতা কৰোঁ। কাৰণ যেতিয়াই কোনো অবৈধ কাণ্ড সংঘটিত হয় তেতিয়াই ইয়াৰ লগত আন বহুতো অবৈধ কাম জড়িত হৈ থাকে। “এয়া দেশৰ সুনামৰ বাবে ভাল নহয়।”

তেওঁ কয় যে যদি কোনো দেশত কোনো অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰী থাকে আৰু যদি দিল্লীয়ে নিশ্চিত হয় যে তেওঁ ভাৰতীয় নাগৰিক, তেন্তে তেওঁক ভাৰতলৈ ঘূৰাই ল’বলৈ কেন্দ্ৰ সদায় সাজু। এই কথা কেৱল আমেৰিকাৰ ক্ষেত্ৰতে নহয়, সকলো দেশৰ ক্ষেত্ৰতো প্ৰযোজ্য। ইয়াৰ দ্বাৰা ভাৰতীয়সকলে সংশ্লিষ্ট দেশসমূহলৈ বৈধভাৱে যাত্ৰা কৰাত সহজ হ’ব বুলি বৈদেশিক মন্ত্ৰীগৰাকীয়ে বিশ্বাস কৰে। অৱশ্যে ব্লুমবাৰ্গৰ প্ৰতিবেদনত উল্লেখ কৰা ১৮ হাজাৰ অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত তেওঁ কোনো মন্তব্য দিব নিবিচাৰে। জয়শংকৰে কয় যে বিষয়টো স্পৰ্শকাতৰ। গতিকে, তেওঁলোক ভাৰতীয় নাগৰিক নে নহয় সেইটো আমি পৰীক্ষা কৰিব লাগিব।

অৱশ্যে জয়শংকৰে ট্ৰাম্প প্ৰশাসনৰ সৈতে দ্বিপাক্ষিক আলোচনাত বৈধভাৱে আমেৰিকা ভ্ৰমণৰ ক্ষেত্ৰত ভাৰতীয়সকলে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰতো আলোকপাত কৰে। আইনগতভাৱে আমেৰিকালৈ যোৱাসকলে ভিছা লাভ কৰিবলৈ বহু সময় অপেক্ষা কৰিবলগীয়া হয়। এই কথা তেওঁ আমেৰিকান প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছিল। পিছত ভাৰতীয় দূতাবাসৰ পৰা বৈদেশিক মন্ত্ৰীয়ে কয় যে, “যদি সাধাৰণ নাগৰিকে ভিছা লাভ কৰিবলৈ ইমান সময় লাগে, তেন্তে (দ্বিপাক্ষিক) সম্পৰ্ক সঠিকভাৱে বজাই ৰখা হোৱা নাই।” ভিছাৰ এই পলমৰ ফলত ব্যৱসায় আৰু পৰ্যটনত প্ৰভাৱ পৰিছে। আমাৰ সম্পৰ্কৰ ভেটি হৈছে মানুহৰ মাজত যোগাযোগ ৰখা। “

Dr Basanta Kumar Goswami: পাঠশালা অধিৱেশনে সকলো বিতৰ্কৰ অৱসান ঘটাওকঃ আদৰণী সমিতিৰ আমন্ত্ৰণ গ্ৰহণ কৰি নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী

Dr Basanta Kumar Goswami: পাঠশালা অধিৱেশনে সকলো বিতৰ্কৰ অৱসান ঘটাওকঃ আদৰণী সমিতিৰ আমন্ত্ৰণ গ্ৰহণ কৰি নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী
Dr Basanta Kumar Goswami: পাঠশালা অধিৱেশনে সকলো বিতৰ্কৰ অৱসান ঘটাওকঃ আদৰণী সমিতিৰ আমন্ত্ৰণ গ্ৰহণ কৰি নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী

পাঠশালা অধিৱেশনে সকলো বিতৰ্কৰ অৱসান ঘটাওক; সাহিত্য সভাক গণমুখী কৰাৰ এক সুস্থ বাতাবৰণ প্ৰদান কৰক এই অধিৱেশনখনে।(Dr Basanta Kumar Goswami)অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা বজালী অধিৱেশন ২০২৫ৰ আনুষ্ঠানিক আমন্ত্ৰণ গ্ৰহণ কৰি নৱনিৰ্বাচিত সন্মানীয় সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীদেৱে এইদৰে মংগল বাণী প্ৰদান কৰে।

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ আদৰণী সমিতিৰ তৰফৰ পৰা সম্পাদক অতুল কলিতা, কাৰ্যালয়ৰ সহকাৰী সম্পাদক বৰুণ দাস, অসম সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, যোৰহাট সাহিত্য সভাৰ সম্পাদক উত্তম কুমাৰ হাজৰিকা, সাহিত্য সংগঠক নৰেন চন্দ্ৰ বৰাৰ নেতৃত্বত যোৱা এটা সজাতি দলে নৱনিৰ্বাচিত সভাপতি গৰাকীক তামোল-পাণৰ শৰাই, ফুলাম গামোচা, আমন্ত্ৰণ পত্ৰৰে অধিৱেশনলৈ সশ্ৰদ্ধ আমন্ত্ৰণ আগবঢ়ায়।

ইয়াৰ পিছতে সজাতি দলটোৱে অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনৰ সভাপতি পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছাকো তেখেতৰ যোৰহাটস্থিত বাসভৱনত তামোল পাণৰ শৰায়েৰে আমন্ত্ৰণ জনায়।

Nitish Rane: সুশান্ত সিং ৰাজপুতৰ দৰে হিন্দু অভিনেতাক কোনেও গুৰুত্ব নিদিলে, ছেইফক লৈ চাৰিওফালে চৰ্চাঃ নিতেশ ৰাণ

Nitish Rane: সুশান্ত সিং ৰাজপুতৰ দৰে হিন্দু অভিনেতাক কোনেও গুৰুত্ব নিদিলে, ছেইফক লৈ চাৰিওফালে চৰ্চাঃ নিতেশ ৰাণ
Nitish Rane: সুশান্ত সিং ৰাজপুতৰ দৰে হিন্দু অভিনেতাক কোনেও গুৰুত্ব নিদিলে, ছেইফক লৈ চাৰিওফালে চৰ্চাঃ নিতেশ ৰাণ

অভিনেতা ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিছে মহাৰাষ্ট্ৰৰ ফাড়নবিছ চৰকাৰৰ মন্ত্ৰী নিতেশ ৰাণে। (Nitish Rane)ছেইফ চিকিৎসালয়ৰ পৰা গলৈ যোৱাৰ কথা শুনি তেওঁ আচৰিত হোৱা বুলি প্রকাশ কৰি প্রশ্ন কৰে যে এই আক্রমণ সঁচাকৈয়ে সংঘটিত হৈছে নে কেৱল এক কাণ্ড? ৰাণে ছেইফ আলী খানৰ ওপৰত আক্ৰমণৰ সহায়ত বহু লোকৰ কথাও সমালোচনা কৰে। তেওঁ কয় যে শ্বাহৰুখ খান বা ছেইফ আলী খানৰ দৰে কোনো খান যেতিয়াই আঘাত পায় তেতিয়াই সকলোৱে এই বিষয়ে চৰ্চা কৰিবলৈ আৰম্ভ কৰে। সুশান্ত সিং ৰাজপুতৰ দৰে হিন্দু অভিনেতাক যেতিয়া হাৰাশাস্তি কৰা হয়, তেতিয়া কোনেও একো ক’বলৈ আগবাঢ়ি নাহে।

মহাৰাষ্ট্ৰৰ মন্ত্ৰী নিতেশ ৰাণে কয়, “চাওকচোন মুম্বাইত বাংলাদেশীয়ে কি কৰি আছে। ছেইফ আলী খানৰ ঘৰত সোমাইছিল। আগতে ৰাস্তাত থিয় হৈ আছিল, বাংলাদেশীয়ে এতিয়া ঘৰত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে।

সুপ্ৰিয়া চুলে আৰু জিতেন্দ্ৰ আওহাদক কটাক্ষ কৰি নিতেশ ৰাণে কয় যে জিতেন্দ্ৰ আওহাদ আৰু বাৰামতীৰ টাই সুপ্ৰিয়া চুলে একো ক’বলৈ আগবাঢ়ি নাহিল। আপুনি কেতিয়াবা তেওঁক কোনো হিন্দু শিল্পীক লৈ চিন্তা কৰা দেখিছেনে? আপোনালোকে এই সকলোবোৰ কথাত গুৰুত্ব দিয়া উচিত।

Famous Actress: শ্বাহৰুখ খানক পিছ পেলালে ২৩ বছৰীয়া যুৱতীয়ে! ৰাশা-অনন্যা-সুহানাৰ সৌন্দৰ্য্য ম্লান পৰিল এইগৰাকী অভিনেত্ৰীৰ সন্মুখত

Famous Actress: শ্বাহৰুখ খানক পিছ পেলালে ২৩ বছৰীয়া যুৱতীয়ে
Famous Actress: শ্বাহৰুখ খানক পিছ পেলালে ২৩ বছৰীয়া যুৱতীয়ে

বলীউড কিং নামেৰে পৰিচিত শ্বাহৰুখ খানৰ সমগ্ৰ বিশ্বতে অনুৰাগী আছে। ইনষ্টাগ্ৰামত তেওঁৰ ৪৬ মিলিয়ন ফ’ল’ৱাৰ আছে, তেওঁক বহুত ভাল পায় সেইসকল ব্যক্তিয়ে। (Famous Actress) কিন্তু আজি আমি আপোনালোকক ক’ম উদ্যোগটোৰ এনে এগৰাকী সুন্দৰী বিষয়ে, যাৰ বয়স মাত্ৰ ২৩ বছৰ, ২৩ বছৰ বয়সতে কিং খানক পিছ পেলালে। কেৱল এয়াই নহয়, অনন্যা, সুহানা, ৰাশাৰ দৰে নতুন প্ৰজন্মৰ অভিনেত্ৰীও তেওঁৰ সৌন্দৰ্য্যৰ সন্মুখত বিফল।

উদ্যোগটোত এনে বহু তাৰকা আছে যিয়ে ফেন ফ’ল’ৱাৰ আৰু নেট ৱৰ্থৰ ক্ষেত্ৰত ইজনে সিজনক পিছ পেলাইছে। কিন্তু আজি আমি আপোনালোকক কম এগৰাকী টিভি অভিনেত্ৰীৰ কথা, যিগৰাকীৰ বয়স মাত্ৰ ২৩ বছৰ আৰু টিভি উদ্যোগৰ উচ্চ দৰমহা পোৱা অভিনেত্ৰীৰ ভিতৰত গণ্য কৰা হৈছে। কেৱল এয়াই নহয়, এই বয়সতে তেওঁৰ ফেন ফ’ল’ৱাৰ, সৌন্দৰ্য্য আৰু নেট ৱৰ্থৰ ক্ষেত্ৰত বহু ডাঙৰ তাৰকাক পিছ পেলাইছে। (jannat zubair)


অভিনেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়াৰ অতি শক্তিশালী মুখ বুলি গণ্য কৰা হয়। অভিনেত্ৰী হোৱাৰ উপৰিও ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি তেওঁ। বহু টিভি শ্ব’ৰ লগতে ৰিয়েলিটি শ্ব’ৰ অংশ হৈ থকা নিজৰ সৌন্দৰ্য্যৰে সকলোকে প্ৰভাৱিত কৰে। কম বয়সতে ভাল স্বীকৃতি আৰু খ্যাতি অৰ্জন কৰা ২৩ বছৰীয়া জান্নত জুবাইৰৰ কথা কৈছোঁ।


শ্বাহৰুখ খানক বলীউডৰ ৰজা বুলি কোৱা হয় আৰু তেওঁৰ ফেন ফ’ল’ৱাৰ ভাৰতৰ লগতে বিদেশতো প্ৰচণ্ড। ছ’চিয়েল মিডিয়াতো দেখা যায় শ্বাহৰুখৰ উন্মাদনা। ইনষ্টাগ্ৰামত তেওঁৰ ৪৬ কোটিতকৈ অধিক ফ’ল’ৱাৰ আছে। কিন্তু এতিয়া এই বিষয়ত অভিনেত্ৰী তথা ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী জান্নত জুবাইৰে তেওঁক পিছ পেলাইছে। ইনষ্টাগ্ৰামত জান্নতৰ ফ’ল’ৱাৰ আছে ৪৯.৭ মিলিয়ন, যি শ্বাহৰুখৰ ফেন ফ’ল’ৱাৰতকৈ বহুগুণ বেছি।

২০০১ চনৰ ২৯ আগষ্টত মুম্বাইত জন্মগ্ৰহণ কৰা জান্নত জুবাইৰে টিভি উদ্যোগত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু আজি তেওঁ এই উদ্যোগটোৰ এগৰাকী ডাঙৰ তাৰকা হিচাপে পৰিগণিত হৈছে। ২০০৮ চনত এনডিটিভিৰ শ্ব’ ‘চান্দ কে পাৰ চালো’ৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ‘দিল মিল গায়’, ‘কাশী: আব না ৰাহে তেৰা কাগজ কোৰা’, ‘ফুলৱা’, ‘মহাৰানা প্ৰতাপ’, ‘তু আশিকী’, ‘ফিয়াৰ ফাইলছ’ আদি টিভি শ্ব’ত অভিনয় কৰিছে। ৰাণী মুখাৰ্জীৰ ছবি ‘হিচকী’তো তেওঁ কাম কৰি আহিছে।

ইয়াৰ পিছতো জন্নত বহু ৰিয়েলিটি শ্ব’ৰ অংশ হৈ আহিছে। জান্নত কেৱল এগৰাকী অভিনেত্ৰী নহয় ব্যৱসায়ীও। সংবাদ মাধ্যমৰ খবৰ অনুসৰি জান্নতৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৫০ কোটি টকা বুলি কোৱা হৈছে, যাৰ বাবে তেওঁ বলীউডৰ কোনো ডাঙৰ তাৰকাতকৈ কম নহয়।

Tea: চাহ খোৱা মানুহ জীয়াই থাকে বেছি দিন! ছচিয়েল মিডিয়াত আৰম্ভ বিতৰ্কৰ

Tea: চাহ খোৱা মানুহ জীয়াই থাকে বেছি দিন! ছচিয়েল মিডিয়াত আৰম্ভ বিতৰ্কৰ
Tea: চাহ খোৱা মানুহ জীয়াই থাকে বেছি দিন! ছচিয়েল মিডিয়াত আৰম্ভ বিতৰ্কৰ

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে চাহ খোৱা লোকৰ আয়ুস বেছি। এই পোষ্টটোৱে কফি আৰু চাহ প্ৰেমীৰ মাজত ছ’চিয়েল মিডিয়াত এক (Tea)বিতৰ্কৰ সূচনা কৰিছে। চাহ প্ৰেমীসকলে চাহক ‘জীৱনৰ অমৃত’ বুলি গণ্য কৰাৰ বিপৰীতে কফি প্ৰেমীয়ে চাহক ‘চাহৰ প্ৰচাৰ’ বুলি কৈছে। এই ভাইৰেল পোষ্টটোৰ আচল সত্যতা কি জানি লওক।

শেহতীয়াকৈ নেশ্যনেল জিঅ’গ্ৰাফিকে ইনষ্টাগ্ৰামত ‘চাহ খোৱা লোকসকল বেছি দিন জীয়াই থাকে’ শীৰ্ষক এটা পোষ্ট কৰি আলোড়নৰ সৃষ্টি কৰিছে। ২৮ কোটি ফ’ল’ৱাৰ থকা এই প্লেটফৰ্মত এই পোষ্টটোৱে ক্ষন্তেকতে চৰ্চাৰ সূত্ৰপাত হয়। এই পোষ্টটোত কোৱা হৈছিল যে পানীৰ পিছত চাহ হৈছে বিশ্বৰ দ্বিতীয় সৰ্বাধিক সেৱন কৰা পানীয়। নেচনেল জিঅ’গ্ৰাফিকে এই পানীয়টোৰ প্ৰচাৰ কৰিছিল কাৰণ ইয়াত এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিয়ে স্বাস্থ্যৰ বাবে অসংখ্য উপকাৰ প্ৰদান কৰে, যেনে উন্নত মনোযোগ, দীৰ্ঘায়ু, আৰু মানসিক চাপ হ্ৰাস।

চাহ বনাম কফিৰ বিতৰ্ক-
পোষ্টটো ভাইৰেল হোৱাৰ লগে লগে কফি প্ৰেমীসকলে ইয়াক ‘চাহৰ প্ৰচাৰ’ বুলি ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘কফি খোৱাসকলক পাহৰি নাযাব, আমিও সুখী আৰু সুস্থ।’ একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে ধেমালিতে লিখিছে, ‘চাহ যদি ইমান ভাল হয় তেন্তে ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে ১০০ বছৰ জীয়াই থকা উচিত!’

বিজ্ঞানীসকলে কি কয়?
চাহত থকা এন্টিঅক্সিডেন্ট আৰু পলিফিনল স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে, কিন্তু সেয়া জীৱনশৈলী, খাদ্যাভ্যাস আৰু ব্যায়ামৰ ওপৰতো নিৰ্ভৰ কৰে। নিয়মিত চাহ সেৱনে মানসিক চাপ কমাব পাৰে আৰু হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে, কিন্তু চাহ খোৱা লোকৰ আয়ুষ বেছি বুলি ক’ব নোৱাৰে। গ্ৰীন টী, বনৌষধি চাহ আৰু ক’লা চাহৰ সুফল বেলেগ বেলেগ হ’ব পাৰে, কিন্তু চেনি আৰু অতিৰিক্ত ক্ৰীমৰ ব্যৱহাৰ কম কৰাটোও গুৰুত্বপূৰ্ণ।

Maha Kumbh 2025: আধ্যাত্মিকতাই একত্ৰিত কৰে মানুহক, মহাকুম্ভই শত্ৰুতাৰ অন্ত পেলালে ৰাছিয়া আৰু ইউক্ৰেইনৰ!

Maha Kumbh 2025: আধ্যাত্মিকতাই একত্ৰিত কৰে মানুহক
Maha Kumbh 2025: আধ্যাত্মিকতাই একত্ৰিত কৰে মানুহক

মহাকুম্ভ কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, বৰঞ্চ বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ এক আচৰিত সংগম। মহাকুম্ভত কোটি কোটি ভক্তই জীৱনৰ সকলো চিন্তা এৰি সংগমৰ বিশুদ্ধ পানীত ডুব গৈছে। (Maha Kumbh 2025)মহাকুম্ভক শব্দৰে বৰ্ণনা কৰাটো অসম্ভৱ। কোৱা হয় যে আধ্যাত্মিকতাৰ কোনো সীমা নাই। সেইবাবেই হয়তো ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ শত্ৰুতাও প্ৰয়াগৰাজত চলি থকা মহা কুম্ভত শেষ হৈ গ’ল। ১০০০ দিন ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ৰক্তাক্ত যুদ্ধ চলি আছিল যদিও ইউক্ৰেইনৰ স্বামী বিষ্ণুদেৱানন্দ গিৰিজী মহাৰাজ আৰু ৰাছিয়াৰ আনন্দ লীলা মাতা নামৰ দুজন আধ্যাত্মিক নেতাই একে মঞ্চৰ পৰাই মহাকুম্ভ মেলাত প্ৰেম, শান্তি আৰু মমতাৰ প্ৰচাৰ কৰি আছে।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এফালে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তীব্ৰ যুদ্ধ চলি থকাৰ সময়তে আনফালে ইউক্ৰেইন আৰু ৰাছিয়াৰ দুজন আধ্যাত্মিক গুৰুৱে সংগমত একেখন মঞ্চৰ পৰাই প্ৰেমৰ গংগা বিয়পাইছে। কুম্ভৰ ১৮ নং ছেক্টৰত যিয়ে এই আচৰিত দৃশ্য দেখিছে তেওঁ আচৰিত হৈ পৰে। এয়া কেৱল আধ্যাত্মিকতাতহে হ’ব পাৰে, য’ত তীব্ৰ শত্ৰু দেশৰ ইজনে সিজনক আলিংগন কৰি আছে, একেখন মঞ্চৰ পৰাই প্ৰেম, জীৱন, শান্তি, মমতাৰ ওপৰত প্ৰচাৰ কৰি আছে।

ছেক্টৰ ১৮ৰ পাইলট বাবাৰ শিবিৰত দৈনিক অধিবেশন পৰিচালনা কৰা ইউক্ৰেইনৰ স্বামী বিষ্ণুদেৱানন্দ গিৰিজী মহাৰাজ আৰু ৰাছিয়াৰ আনন্দ লীলা মাতাই মহা কুম্ভ মেলাত একে মঞ্চৰ পৰাই প্ৰেম, শান্তি আৰু মমতাৰ ওপৰত বক্তৃতা আগবঢ়াইছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে তেওঁৰ আৰু তেওঁৰ শিক্ষা শুনিবলৈ একত্ৰিত হয়। ইউক্ৰেইন আৰু ৰাছিয়াৰ পৰা ৭০ জনতকৈ অধিক লোকে এই শিবিৰত একেলগে বাস কৰি আছে আৰু তেওঁলোকৰ ধৰ্মধ্বনিত প্ৰায়ে পৰম্পৰাগত প্ৰাৰ্থনা আৰু দৈনন্দিন জীৱনত আধ্যাত্মিকতাক প্ৰয়োগ কৰাৰ বিষয়ে আলোচনা কৰা হয়। আৰু দুয়োজনে নিজৰ দেশৰ ব্যক্তিগত অভিজ্ঞতা ভাগ-বতৰা কৰে, একে সময়তে আধ্যাত্মিক সত্যৰ সাৰ্বজনীন স্বৰূপৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

পূৰ্বতে ভেলেৰী বুলি কোৱা গিৰিজী মহাৰাজ ইউক্ৰেইনৰ উত্তৰ-পূবৰ খাৰকিভ চহৰৰ আৰু বৰ্তমান জুনা আখৰাৰ মহামণ্ডলেশ্বৰ। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, “বিশ্ব শান্তিৰ বাবে মোৰ বাৰ্তা দুটা শব্দত প্ৰকাশ কৰা হৈছে- সাৰ্বজনীন মংগল আৰু সাৰ্বজনীন প্ৰজ্ঞা।

আনহাতে আনন্দ মাতা, পূৰ্বতে অলগা, পশ্চিম ৰাছিয়াৰ নিজনী নভগ’ৰডৰ। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, “এয়া মোৰ পঞ্চমবাৰৰ বাবে কুম্ভমেলা ভ্ৰমণ। মই প্ৰথমবাৰৰ বাবে মহামণ্ডলেশ্বৰ পাইলট বাবাজীৰ আমন্ত্ৰণত ইয়ালৈ আহিছিলো। ২০১০ চনত মই মহামণ্ডলেশ্বৰৰ মৰ্যাদা গ্ৰহণ কৰিছিলো আৰু তেতিয়াৰ পৰাই মই আহিছো।” তেওঁ কয়, “কুম্ভ মেলা হৈছে সাধু সংস্কৃতিৰ হৃদয়ত নিজকে বিলীন কৰি শান্তিৰ বাৰ্তা প্ৰচাৰ কৰাৰ এক অনন্য সুযোগ ৷ অদ্বৈত বেদান্ত, শৈৱ ধৰ্ম, যোগ আৰু ধ্যান আদিৰ শিক্ষা”

আনন্দ মাতাই ক’লে, “যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ জনসাধাৰণে একেলগে মিলাপ্ৰীতিৰে বহি থাকে তেতিয়া ই এটা উদাহৰণ দাঙি ধৰে যে কেনেকৈ আধ্যাত্মিক অভিযানে জাতীয় পৰিচয়ৰ বাহিৰত মানুহক একত্ৰিত কৰিব পাৰে।” গিৰিজী মহাৰাজ আৰু আনন্দ মাতা দুয়োজনেই বিশ্ব শান্তি আৰু যুদ্ধত ক্ষতিগ্ৰস্ত দেশসমূহৰ নিৰাময়ৰ বাবে বিশেষ প্ৰাৰ্থনা কৰে। তেওঁৰ বাৰ্তাই বিশেষ গুৰুত্ব লাভ কৰিছে, কিয়নো দুয়োখন দেশৰ মাজত সংঘাত চলি আছে, যাৰ ফলত দুয়োপক্ষৰ যথেষ্ট ক্ষতি হৈছে আৰু ইউক্ৰেইনত ব্যাপক ধ্বংস হৈছে।