যদি আমি ৬০ কোটি টকাৰ বাজেটত নিৰ্মিত ছবিখনৰ উপাৰ্জনৰ কথা কওঁ, তেন্তে এই ছবিখনৰ প্ৰথম দিনাই ভাৰতত ২.৪ কোটি টকা উপাৰ্জন কৰে, দ্বিতীয় দিন অৰ্থাৎ শনিবাৰে ৩.৪২ কোটি টকা উপাৰ্জন কৰে। প্ৰথম দিনতকৈ ৩৬.৮% বেছি। এইদৰে দুদিনৰ মুঠ সংগ্ৰহ ₹৫.৯২ কোটি হয়। কিন্তু এই সংখ্যা আশা কৰাতকৈ বহু কম, যাৰ বাবে ছবিখনে বক্স অফিচত হিট হোৱাৰ সম্ভাৱনা কম যেন লাগে।
দ্বিতীয় দিনা ফ্লপ হয় ৰাছা থাদানীৰ ‘আজাদ’। এই ছবিখনৰ কাহিনীও ১৯২০ চনৰ। ছবিখনে প্ৰথম দিনাই বক্স অফিচত দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰে। ছবিখনত অজয় দেৱগন, ডায়েনা পেণ্টী, মোহিত মালিক আৰু পীয়ুষ মিশ্ৰকো দেখা গৈছে। ৰোমাঞ্চৰ সমান্তৰালকৈ আৱেগৰ স্পৰ্শও ছবিখনৰ কাহিনীত দেখা যায়। লগতে ৰাছাৰ ‘অউই আম্মা’ গীতটো আদৰি লৈছে দৰ্শকে। যদি আমি ছবিখনৰ উপাৰ্জনৰ কথা কওঁ, তেন্তে অভিষেক কাপুৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে প্ৰথম দিনা ১.৫ কোটি টকা উপাৰ্জন কৰিছিল। প্ৰথম দিনাৰ পৰাই উপাৰ্জনৰ ক্ষেত্ৰত অতি লেহেমীয়া গতিৰে আগবাঢ়িছে ছবিখন। দ্বিতীয় দিনাও ছবিখনে ১.৫০ কোটি টকা উপাৰ্জন কৰে। দুদিনত ছবিখনৰ মুঠ সংগ্ৰহ ৩ কোটি টকা হৈছেগৈ। আনহাতে, কংগনাৰ ছবিখনে দ্বিতীয় দিনা ৩ কোটি টকা উপাৰ্জন কৰে। এনে পৰিস্থিতিত এই ছবিখন ‘ইমাৰ্জেন্সি’তকৈ বহু পিছ পৰি আছে।
ভাৰতৰ মহিলা দলে চলিত প্ৰথম খো খো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে৷(Kho Kho World Cup 2025)নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাৰ শনিবাৰে অনুষ্ঠিত হোৱা ছেমিফাইনেলত ভাৰতৰ মহিলা দলে ৬৬-১৬ ৰ ব্যৱধানত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাক৷
ইজৰাইলে ৭০০ৰো অধিক পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব। তেওঁলোকৰ নামৰ তালিকাও প্ৰকাশ কৰা হৈছে। এই তালিকাৰ বহু লোকে হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে, য’ত হামাছ আৰু পেলেষ্টাইনী ইছলামিক জেহাদৰ সদস্যও আছে।
২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলত প্ৰৱেশ কৰি ১২০০ জন লোকক হত্যা কৰিছিল আৰু ২৫১ জনক পণবন্দী কৰিছিল। তাৰ কিছু ঘণ্টাৰ পাছত ইজৰাইল সেনাই গাজাত আক্ৰমণ কৰে।
১৫ জানুৱাৰীত এই চুক্তি তিনি পৰ্যায়ত অৰ্থাৎ দেওবাৰৰ পৰা আৰম্ভ হ’ব বুলি কয়। ইয়াত ৪২ দিনৰ বাবে পণবন্দীক বিনিময় কৰা হ’ব।
প্ৰথম পৰ্যায়:
১৯ জানুৱাৰীৰ পৰা ১ মাৰ্চলৈ গাজাত সম্পূৰ্ণ যুদ্ধবিৰতি থাকিব। হামাছে ৩৩ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিব। ইজৰাইলে প্ৰতিদিনে নিজৰ এজন পণবন্দীৰ বিনিময়ত ৩৩ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব। প্ৰতিগৰাকী ইজৰাইলী মহিলা সৈনিকৰ বিপৰীতে ৫০ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়া হ’ব।
দ্বিতীয় পৰ্যায়:
যদি প্ৰথম পৰ্যায়ৰ ১৬ তাৰিখ অৰ্থাৎ ৩ ফেব্ৰুৱাৰীলৈকে সকলো ঠিকে থাকে, তেন্তে দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা সম্পৰ্কে আলোচনা আৰম্ভ হ’ব। এই সময়ছোৱাত কোনো ধৰণৰ আক্ৰমণ কৰা নহ’ব। বাকী থকা পণবন্দীসকলক মুকলি কৰি দিয়া হ’ব। ইজৰাইলে ১০০০ পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব, ইয়াৰে প্ৰায় ১৯০ জন কয়দী ১৫ বছৰতকৈ অধিক সময় ধৰি কাৰাদণ্ড ভুগি আছে।
তৃতীয় পৰ্যায়:
এই চুক্তিৰ অন্তিম পৰ্যায়ত গাজা পুনৰ সংস্থাপন কৰা হ’ব। ইয়াৰ বাবে ৩ৰ পৰা ৫ বছৰ সময় লাগিব। হামাছৰ বন্দী অৱস্থাত নিহত হোৱা পণবন্দীসকলৰ মৃতদেহও ইজৰাইলক গতাই দিয়া হ’ব। ২০২৪ চনৰ মে’ মাহৰ পৰাই পণবন্দীসকলক মুকলি কৰি দিয়াৰ লগতে গাজাত যুদ্ধবিৰতি চুক্তিৰ সন্দৰ্ভত আলোচনা চলি আছিল। গোটেই বছৰটো এই সন্দৰ্ভত দেশত প্ৰতিবাদো চলি আছিল। যুদ্ধবিৰতিৰ বিৰোধিতা কৰা নেতানিয়াহুৰ দলৰ ২ জন মন্ত্ৰীয়ে যুদ্ধবিৰতিৰ বিৰুদ্ধে ভোট দিয়া ৮ জন মন্ত্ৰীৰ ভিতৰত আছিল প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ লিকুড মন্ত্ৰী ডেভিদ আমছালেম আৰু আমিচাই চিক্লি। ইয়াৰ উপৰিও চৰকাৰত অন্তৰ্ভুক্ত অট্জমা য়েহুদিত দলৰ ৬ জন মন্ত্ৰীয়েও যুদ্ধবিৰতিৰ বিৰুদ্ধে ভোটদান কৰে।
Saif Ali Khan: ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত বিজয় দাসক গ্ৰেপ্তাৰ মুম্বাই ক্ৰাইম ব্ৰান্সৰ
মুম্বাই আৰক্ষীয়ে ছেইফ আলী খানৰ ওপৰত ছুৰীৰে আক্ৰমণৰ কৰা অভিযোগত এজনক গ্ৰেপ্তাৰ কৰিছে। এই গোচৰত মুম্বাই আৰক্ষীয়ে সংবাদমেল অনুষ্ঠিত কৰি অভিযুক্তৰ বিষয়ে কিছু কথা কৈছে। সংবাদমেলত মুম্বাই জ’ন ৯ৰ ডিচিপি দিক্ষিত গেদামে কয় যে অভিযুক্তৰ নাম মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদ, বয়স ৩০ বছৰ। আৰক্ষীৰ মতে, তেওঁ চুৰি আৰু ডকাইতিৰ উদ্দেশ্যেৰে অভিনেতাজনৰ ঘৰত প্ৰৱেশ কৰিছিল। অভিযুক্ত বাংলাদেশৰ পৰা অহা বুলিও সন্দেহ কৰা হৈছে যদিও ছেইফৰ ঘৰত কিয় চুৰি কৰিছিল সেই কথাও উল্লেখ কৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি তেওঁ চুৰি আৰু ডকাইতিৰ উদ্দেশ্যেৰে অভিনেতাজনৰ ঘৰত প্ৰৱেশ কৰিছিল।
#WATCH | Saif Ali Khan Attack case | Mumbai: DCP Zone 9 Dixit Gedam says, "On January 16, at 2 am, actor Saif Ali Khan was attacked at his residence. FIR was registered and one accused has been arrested. His name is Mohammad Shariful Islam Shehzad, he is 30 years old. He entered… pic.twitter.com/8ycVV3CLxI