Home Blog Page 38

Gaurav Gogoi: আজি ফাদিল হ’ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য

আজি ফাদিল হ’ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য।(Gaurav Gogoi)
আজি ফাদিল হ’ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য।(Gaurav Gogoi)

আজি ফাদিল হ’ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য।(Gaurav Gogoi)

মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ তথ্য।

সংবাদমেল সম্বোধন কৰি তথ্য ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পুৱা ১০.৩০ বজাত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব সংবাদমেল।

পাকিস্তানত গৌৰৱ গগৈৰ বেংক একাউন্ট থকাৰ তথ্য সদৰী কৰিছিল মুখ্যমন্ত্রীয়ে।

আজি আলী তৌকিৰ শ্বেখৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্কৰ মুখা খুলিব মুখ্যমন্ত্রীয়ে।

গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণৰ সৈতে পাকিস্তান ভ্ৰমণৰো তথ্য দিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

বিশিষ্ট নাট্যকাৰ নাট্যকর্মী ৰফিকুল হুছেইনৰ দেহাৱসান

বিশিষ্ট নাট্যকাৰ নাট্যকর্মী ৰফিকুল হুছেইনৰ দেহাৱসান
বিশিষ্ট নাট্যকাৰ নাট্যকর্মী ৰফিকুল হুছেইনৰ দেহাৱসান

কবি, নাট্যকাৰ ৰফিকুল হুছেইনৰ দেহাৱসান।

১ ফেব্ৰুৱাৰী পৰা অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল ৰফিকুল হুছেইন।

শনিবাৰে নিশা ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ।

নিশাই বোকাখাতৰ স্ব-গৃহলৈ নিয়া হয় তেখেতৰ নশ্বৰদেহ।

মৃত্যুৰ সময়ত তেখেতৰ বয়স ৭০ বছৰ।

GMCHত চিকিৎসাধীন হৈ আছিল বিশিষ্ট নাট্যকাৰগৰাকী।

“অসমীয়াৰ জীয়ৰী-বোৱাৰীক লৈ ভাবুকি সহ্য কৰা নহ’ব”: টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈ

"অসমীয়াৰ জীয়ৰী-বোৱাৰীক লৈ ভাবুকি সহ্য কৰা নহ’ব": টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈ
"অসমীয়াৰ জীয়ৰী-বোৱাৰীক লৈ ভাবুকি সহ্য কৰা নহ’ব": টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈ

“কোনো মিঞাই কংগ্ৰেছৰ ছত্ৰছায়াত থাকি অসমীয়া জাতিক ভয় খুৱাব নোৱাৰে”: মনোজ গগৈ

মিঞাৰ বিৰুদ্ধে টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈৰ প্ৰতিক্ৰিয়া

প্ৰসংগঃ মিঞা খেদা অভিযান। পুনৰ উত্তপ্ত হৈ উঠিছে অসমৰ ৰাজনৈতিক পৰিৱেশ। বাংলাদেশী মিঞাই অসমীয়া জীয়ৰী-বোৱাৰীৰ ওপৰত কৰা মন্তব্যক তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈয়ে। তেওঁ কয় – আমি টাই আহোম ছাত্ৰ সন্থাই এতিয়াও মিঞা খেদা অভিযান আৰম্ভ কৰা নাই। যি দিনা আৰম্ভ কৰিম সেই দিনাৰ পৰা কোনো মিঞাই অসমত থাকিব লৈ ঠাই নাপাব। যদি কোনোবা মিঞাই ৰাতি ১২ বজাত অসমীয়া জীয়ৰী-বোৱাৰীৰ ওপৰত অপকৰ্ম কৰ্ম বুলি ভাবুকি দিয়ে আৰু তেন্তে অসমীয়াই হাত সাৱটি বহি থাকিম, সেইটো কেতিয়াও নহ’ব। আনহাতে, মনোজ গগৈৰ ভাষ্য অনুসৰি – অসম হৈছে জয়মতী, মুলা গাভৰুৰ দেশ; বীৰাংগণা, সতী-সাধিনীৰ ভূমি। ইয়াত কোনো মিঞাই কংগ্ৰেছৰ ছত্ৰছায়াত, চুমা বাবাৰ ছত্ৰছায়াত থাকি অসমীয়া জাতিক ভয় খুৱাব নোৱাৰে। অসমীয়াই শান্তি ভাল পায়, কিন্তু ভয় বা ভাবুকিৰ সন্মুখত কেতিয়াও নিস্ক্ৰিয় নহয়। লগতে এই বাৰ নিৰ্বাচনত কংগ্ৰেছে ইয়াৰ প্ৰত্যুত্তৰ পাব লৈ সাজু হৈ থাকক বুলিও তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। উল্লেখ্য যে, এই মন্তব্যক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। বিৰোধী আৰু শাসকীয় পক্ষই আইন-শৃংখলা অটুট ৰখাৰ আহ্বান জনোৱাৰ সমান্তৰাল কৈ, সামাজিক মাধ্যমটো বিষয়টো লৈ আলোচনা তীব্ৰ হয়।

ৰাজহুৱা মঞ্চত ভূপেন বৰাৰ অশালীন ইংগিত, ভূপেন বৰাৰ অভব্য আচৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

ৰাজহুৱা মঞ্চত ভূপেন বৰাৰ অশালীন ইংগিত, ভূপেন বৰাৰ অভব্য আচৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
ৰাজহুৱা মঞ্চত ভূপেন বৰাৰ অশালীন ইংগিত, ভূপেন বৰাৰ অভব্য আচৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতিয়ে কালি যি অশালীন ইংগিত দিছে এয়া অত্যন্ত লজ্জাজনক: মুখ্যমন্ত্ৰী অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক লজ্জাজনক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ উপস্থিতিত অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ৰাজহুৱা স্থানত দিয়া অশালীন ইংগিত আৰু অভব্য আচৰণে ব্যাপক সমালোচনাৰ সৃষ্টি কৰিছে।

উক্ত অনুষ্ঠানত ভূপেন বৰাই ব্যৱহাৰ কৰা ভাষা আৰু আচৰণ অসমৰ সামাজিক শালীনতা, ৰাজনৈতিক সংস্কৃতিৰ সৈতে একেবাৰে বিৰোধী বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে, এই ঘটনাক অত্যন্ত নিন্দনীয় আৰু অগ্ৰহণযোগ্য বুলি অভিহিত কৰে। উল্লেখযোগ্য যে, ভূপেন বৰাই প্ৰথমে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ সন্মুখত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ উদ্ধৃতি দি ভাষণ আৰম্ভ কৰিছিল। কিন্তু তাৰ পাছতেই ভাষণৰ ধাৰা বিচ্যুত হৈ অশ্লীল ভাষা আৰু অভব্য ভংগীমা লৈ গতি কৰে, যিটো বহু লোকৰ বাবে হতাশা জনক হৈ পৰে। ৰাজহুৱা মঞ্চত এজন জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ পৰা এই ধৰণৰ আচৰণ আশা কৰা নাযায়। আনহাতে, এই সন্দৰ্ভত সাংবাদিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় – অসমৰ বিৰোধী দলপতি, কংগ্ৰেছ নেত্ৰীৰ উপস্থিতিত অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতিয়ে কালি যি অশালীন ইংগিত দিছে, অত্যন্ত লজ্জাজনক ৷ এয়া আমাৰ সমাজত কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ এই ঘটনাই পুনৰবাৰ ৰাজনীতিত শালীনতা আৰু দায়িত্ববোধৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি তুলিছে।

তিতাবৰত উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

তিতাবৰত উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
তিতাবৰত উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৬ ফেব্ৰুৱাৰীত তিতাবৰ বিধান সভা সমষ্টিৰ তিতাবৰ নগৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকলক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনি ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ৰ অধীনত প্ৰথম পৰ্যায়ৰ ১০ হেজাৰ টকাৰ চেক বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে। প্ৰায় ৪০ হেজাৰৰো অধিক লোকৰ সমাৱেশত অনুষ্ঠিত হোৱা অনুষ্ঠানত তিতাবৰ বিধান সভা সমষ্টিৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনস্থ তিতাবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৯ টকা সামূহিক পৰ্যায়ৰ সংগঠন আৰু ১৬৪ টা গ্ৰাম্য সংগঠনৰ অন্তৰ্গত প্ৰতিটো আত্মসহায়ক গোটৰ পৰা নিৰ্বাচিত ৩৫,৪৫৬ গৰাকী মহিলা হিতাধিকাৰীয়ে ১০ হেজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক লাভ কৰে। অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলী, তিতাবৰ বিধান সভা সমষ্টিৰ সৰ্বজন পৰিচিত বিশিষ্ট সমাজকৰ্মী তথা ঠেঙ্গাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, যোৰহাট জিলা পৰিষদৰ অধ্যক্ষ সুৰজিৎ শইকীয়া, তিতাবৰৰ বিজেপিৰ যুৱ নেতা দীপক সন্দিকৈ, তিতাবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি মনদ্বীপ তুংখুঙীয়া, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, ধীৰাজ গোৱালা আদি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ৰ চেক প্ৰদানৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে, সমগ্ৰ অসমত ৩২ লাখ মহিলাক সামৰি লোৱাৰ লক্ষ্যৰে এই পৰ্যন্ত ৰাজ্যখনৰ ১১১ টা বিধান সভা সমষ্টিত ‘মহিলা উদ্যমিতা অভিযান’ৰ পুঁজিৰ চেক বিতৰণ সম্পন্ন হ’ল আৰু বৰ্তমানলৈকে ৰাজ্যৰ ২৭ লাখৰো অধিক মহিলাৰ হাতত উদ্যমিতা পুঁজি বিতৰণ কৰা হৈছে।

তিতাবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২৬ খন গাঁও পঞ্চায়তত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনস্থ আত্মসহায়ক গোটৰ সদস্যা তথা আই মাতৃ সকলক উদ্দেশ্যি সমষ্টিটোৰ ইতিমধ্যে লাখপতি বাইদেউ হোৱা ক্ৰমে ববিতা ভূঞা, মীনা গগৈ, পাৰিজাত বৰুৱা দত্ত, ৰূপাঞ্জলী কোঁৱৰ, লক্ষী গগৈ, জ্যোতি শৰ্মা, সেউতী গগৈ, গীতাঞ্জলি বৰদলৈ, প্ৰতিমা বৰুৱা, মুনমী শইকীয়া, ৰূপা বৰুৱা, প্ৰণিতা গগৈ, মেঘালী কছাৰী, নিৰু গগৈ, ৰিংকি দত্ত, জ্যোতি বৰা, মুনমী শইকীয়া, প্ৰতিমা বৰুৱা, দীপালী কলিতা, মৃদুলা চুতীয়া, মামণি গগৈৰ নাম তালিকা পাঠ কৰি বিশাল ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে, অহা পাঁচ বছৰত মহিলাসকলক মাৰ্কেটিঙত সহায় কৰাৰ লগতে চৰকাৰী কাম, বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আৰু বজাৰ নিৰ্মাণ কৰি দিব বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে, প্ৰতিগৰাকী মহিলাই ইচ্ছা কৰিলে লাখপতি বাইদেউ হ’ব পাৰিব। চৰকাৰৰ নতুন সিদ্ধান্তৰ কথা জানিবলৈ দি মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে, লাহে লাহে চৰকাৰৰ কাম-কাজৰ লগতো মহিলাসকলক জড়িত কৰিব, যাতে অসমৰ প্ৰতিগৰাকী মহিলাক লাখপতি বাইদেউ হিচাবে নিৰ্মাণ কৰিব পাৰি। যদি এশ গৰাকী মহিলা লাখপতি বাইদেউ হ’ব লাগে বুলি কয়, তেতিয়াহে ৫০ বা ৬০ গৰাকী হ’ব। চৰকাৰে যদি ভালকৈ আগুৱাই লৈ যায় ৯০ শতাংশ মহিলাক লাখপতি বাইদেউ কৰিব পাৰিব। সেয়ে দহ হেজাৰ টকা দি মনৰ আকাঙ্খা পূৰণ কৰিব বিচাৰিছে।

দহ হেজাৰ টকা কেনেদৰে ব্যৱহাৰ কৰিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, প্ৰথমে আত্মসহায়ক গোটত দহ হেজাৰ টকাকৈ এক লাখ টকা জমা কৰিব লাগিব। গোটত যদি কাম কৰে তেওঁক প্ৰথমে লোণ দিয়ক আৰু সূতৰ সৈতে লোণ ঘূৰাই দিয়ক। যদি দহ গৰাকীয়ে একেলগে কিবা কাম কৰাৰ পৰিকল্পনা কৰে সেইটোও কৰক। গোটটো শক্তিশালী হ’ব। দ্বিতীয়তে কিছুসংখ্যক মহিলাই গোটত নিদিব পাৰে, নিজে কিবা কৰিব সেয়াও কৰক। কোনোবাই ছাগলী পালন কৰিব, দুগ্ধ উৎপাদন কৰিব পাৰিব, মৌ পালন কৰিব পাৰে, চিলাই মেচিন ক্ৰয় কৰিব পাৰে, তাঁতশালৰ বাবে সুতা ক্ৰয় কৰিব পাৰে। যদি কিবা কাম কৰি আছে এই দহ হেজাৰ টকা মূলধন হিচাপে খটুৱাব পাৰে। তৃতীয়তে নিজে কিবা কৰিলে টকা নোহোৱা হৈ যাব বুলি ভবা মহিলা সকলে নিজৰ মানুহজনৰ ব্যৱসায়ত সহায় কৰিব পাৰিব বা মানুহজনৰ সৈতে লগ লাগি উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব লাগিব। ৭-৮ মাহৰ পিছত চৰকাৰী প্ৰতিনিধি প্ৰতিগৰাকী মহিলাৰ ঘৰলৈ গৈ টকা কি কৰিলে সুধিব। যদি মোবাইল কিনে, কাপোৰ কিনে তেন্তে পৰীক্ষাত ফেইল। যদি গোটত টকা দিছে, গোটটো ভালকৈ চলি আছে, মানুহজনৰ ব্যৱসায়ত টকা ব্যৱহাৰ কৰিলে পৰীক্ষাত পাছ কৰিব আৰু তেওঁলোকক মাতি আনি ২৫ হেজাৰ টকাকৈ দিব। আকৌ ঘৰলৈ চৰকাৰী লোক গৈ ২৫ হেজাৰ টকাৰে কি কৰিলে সুধিব। যদি ব্যৱসায় ভালদৰে হৈছে তেন্তে তৃতীয় বাৰত ৫০ হেজাৰ টকা দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উপস্থিত মহিলা সকলক জানিবলৈ দিয়ে।

তিতাবৰ বিধান সভা সমষ্টিত অধিকাংশ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছে আৰু যিসকল ৰৈ গৈছে বঞ্চিত মহিলাক শীঘ্ৰে অৰুণোদয় দিয়া হ’ব। ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত চলিত মাহৰ ২০ তাৰিখে ৮ হেজাৰ টকাকৈ জমা কৰা হ’ব। সমষ্টিটোত পুনৰ নতুনকৈ দুহেজাৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিত অন্তৰ্ভূক্ত কৰা হ’ব। তেওঁ কয় যে, সমষ্টিটোত ছাত্ৰীৰ বাবে ৰূপায়ন কৰা নিযুত মইনা আঁচনিৰ জৰিয়তে উপকৃত হৈছে। নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৪ লাখ ছাত্ৰী উপকৃত হৈছে। তেওঁ কয় যে, জনসাধাৰণ বিশেষকৈ মহিলা সমাজ উপকৃত হোৱা এনে বৃহৎ আঁচনি পূৰ্বতে অসমত গ্ৰহণ কৰা হোৱা নাছিল।বৰ্তমান চৰকাৰৰ কাৰ্যকালত ডেৰ লাখ যুৱক-যুৱতীয়ে এটকাও ঘোচ নিদিয়াকৈ স্বচ্ছতাৰে চৰকাৰী চাকৰি লাভ কৰিছে। এইখন চৰকাৰে সকলো মানুহকে কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তিতাবৰত বিৰোধী বিধায়ক থকা স্বত্বেও চৰকাৰে ১২৮ কোটি টকা পুঁজিৰে যোৰহাট-তিতাবৰ-বৰহোলা সংযোগী পথ নিৰ্মাণ কৰিছে। মুঠ ১১১ কোটি টকা পুঁজিৰে তিতাবৰৰ কাকডোঙা দলঙৰ পৰা তিতাবৰ নগৰ হৈ মৰিয়নি সমষ্টিৰ দেবেৰাপাৰালৈ ধোদৰ আলি নিৰ্মাণ কৰিছে। তদুপৰি বিগত পাঁচ বছৰত ২৮৫ কিঃমিঃ পথ অনুমোদন হৈছে। ভাৰতৰ ভিতৰতে অসম সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰাৰ সংকল্পৰে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত অসম প্ৰথম হওক, বাল্য বিবাহ, বহু বিবাহ প্ৰতিৰোধ কৰা, অসমৰ যুৱক-যুৱতীয়ে কাকো এটকা ঘোচ নিদিয়াকৈ চাকৰি লাভ কৰাৰ উপৰিও অসমত উদ্যোগ স্থাপন কৰা আৰু সেই উদ্যোগত অসমৰ যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰা আদি বিভিন্ন উন্নয়নমুখী কামত চৰকাৰে বিভিন্ন আঁচনি ৰূপায়নেৰে জন কল্যাণ সাধন কৰি আহিছে। অৰুণোদয় আঁচনিয়ে গাৰ্হস্থ্য হিংসা হ্ৰাস কৰিছে, যাৰফলত সমাজখন সৰ্বাংগসুন্দৰ ৰূপত জিলিকি উঠিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চাত মুকালমুৱাৰ পি.এম.শ্ৰী আদৰ্শ বিদ্যালয়ৰ ছাত্র

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চাত মুকালমুৱাৰ পি.এম.শ্ৰী আদৰ্শ বিদ্যালয়ৰ ছাত্র
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চাত মুকালমুৱাৰ পি.এম.শ্ৰী আদৰ্শ বিদ্যালয়ৰ ছাত্র

কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অনুষ্ঠিত হোৱা দেশব্যাপী ছাত্ৰ-ছাত্ৰীৰ জনপ্ৰিয় কাৰ্যসূচী “পৰীক্ষা পে চৰ্চা”ৰ নৱম সংস্কৰণত নলবাৰী জিলাৰ পি.এম.শ্ৰী আদৰ্শ বিদ্যালয় , বৰক্ষেত্ৰীৰ ছাত্ৰ মৃদুমলয় বৰ্মনে অংশগ্ৰহণ কৰি সমগ্ৰ অসমবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে সমগ্ৰ ভাৰতবৰ্ষৰ অধিকতৰ ছাত্ৰ – ছাত্ৰীৰ মাজৰ পৰা নিৰ্বাচিত হোৱা মাত্ৰ ১০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মৃদুমলয় বৰ্মন অসমক প্ৰতিনিধিত্ব কৰা একমাত্ৰ শিক্ষাৰ্থী আছিল। বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ মৃদুমলয় বৰ্মনৰ ঘৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মুকদি গাঁৱত।এই বিশেষ অনুষ্ঠানটো কালি দিনৰ ১০ বজাত বিভিন্ন মাধ্যমৰ জৰিয়তে দেশজুৰি লাইভ অনুষ্ঠানত সম্প্ৰচাৰ কৰা হয়। কালিৰ অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে সৰল আৰু প্ৰেৰণাদায়ক আলোচনাৰ জৰিয়তে পৰীক্ষাৰ ভয়, মানসিক চাপ, সময় ব্যৱস্থাপনা আৰু জীৱনৰ লক্ষ্য আদি সম্পৰ্কে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।


কালিৰ অনুষ্ঠানত সম্প্ৰচাৰ কৰাৰ সময়ত বিদ্যালয়খনত পৰীক্ষা পে চৰ্চা ৰ কাৰ্যসূচী উপভোগ কৰিবলৈ বিদ্যালয়ত উপস্থিত থাকে নলবাৰী জিলাৰ বিদ্যালয় পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া, বিদ্যালয়খনৰ অধ্যক্ষা নিলাক্ষী বৰা, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল। পৰিদৰ্শক ঠাকুৰীয়াই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ছাত্ৰ- ছাত্ৰীৰ আগত সুপৰামৰ্শ প্ৰদান কৰাৰ লগতে বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ মৃদুমলয় আৰু বিদ্যালয়ৰ অধ্যক্ষা , শিক্ষক- শিক্ষয়িত্ৰী সমন্বিতে সকলো ছাত্ৰ – ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। লগতে সকলো শিক্ষাৰ্থীয়ে যাতে অনাগত দিনবোৰত বিদ্যালয় খনলৈ এনেদৰেই সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে উৎসাহ প্ৰদান কৰে ।উল্লেখযোগ্য যে পৰীক্ষা পে চৰ্চাৰ নৱম সংস্কৰণত দেশজুৰী অধিক ছাত্ৰ- ছাত্ৰীয়ে নিজৰ প্ৰশ্ন সমুহ আগবঢ়াইছিল যদিও তাৰ মাজৰ পৰা পি এম শ্ৰী আদৰ্শ বিদ্যালয়, বৰক্ষেত্ৰীৰ মৃদুমলয় বৰ্মনৰ প্ৰশ্নটোৱে প্ৰথমে জিলা , তাৰ পিছত ৰাজ্য আৰু শেষত সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ ৩৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত নিৰ্বাচন লাভ কৰে। ইয়াৰ পিছত তেওঁ দিল্লীত এক কৰ্মশালাতো যোগদান কৰি ৩৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মুঠ ১০ গৰাকী শিক্ষাৰ্থীৰ এগৰাকী হিচাপে নিৰ্বাচিত হৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ মনৰ অনুভৱ ব্যক্ত কৰাৰ সুযোগ লাভ কৰে।

অসমৰ মৃদুমলয় বৰ্মনে এই মঞ্চত অংশগ্ৰহণ কৰাৰ ফলত বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলৰ মাজত ব্যাপক উৎসাহ আৰু আনন্দৰ পৰিৱেশ সৃষ্টি হয়।মৃদুমলয়ৰ সাফল্যত গৌৰৱান্বিত হৈ বিদ্যালয়ৰ অধ্যক্ষা বৰাই কয় যে এনে অনুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে ইতিবাচক মনোভাৱ গঢ়াত সহায় কৰে। কালিৰ লাইভ অনুষ্ঠান উপভোগ কৰাৰ পিছত বিদ্যালয়ত এক শিক্ষামূলক আৰু উৎসাহজনক পৰিৱেশ দেখা যায় আৰু ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানটোত উত্থাপিত বিষয়সমূহৰ পৰা যথেষ্ট অনুপ্ৰেৰণা লাভ কৰে।

ভাৰতীয় দলৰ অসম আৰক্ষীৰ জোৱান সোনেশ্বৰ বড়াৰ ব্ৰঞ্জৰ পদক

ভাৰতীয় দলৰ অসম আৰক্ষীৰ জোৱান সোনেশ্বৰ বড়াৰ ব্ৰঞ্জৰ পদক
ভাৰতীয় দলৰ অসম আৰক্ষীৰ জোৱান সোনেশ্বৰ বড়াৰ ব্ৰঞ্জৰ পদক

ভাৰতীয় দলৰ অসম আৰক্ষীৰ জোৱান সোনেশ্বৰ বড়াৰ ব্ৰঞ্জৰ পদক।

দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত ফেব্ৰুৱাৰী ৪ তাৰিখৰ পৰা ৮ তাৰিখৰলৈকে অনুষ্ঠিত হোৱা 5th INDIAN OPEN INTERNATIONAL KICKBOXING CUP-2026ত ভাৰতীয় দলৰ অসম আৰক্ষীৰ জোৱান সোনেশ্বৰ বড়াই 94+ কেজি শাখাত চেমি ফাইনেলত উজবেকিস্তাৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে।

Cabinet meeting: আজি অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

Cabinet meeting: আজি অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক
Cabinet meeting: আজি অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

আজি অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।(Cabinet meeting)

আজি কেবিনেটত ল’ব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কাইলৈ মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক।

কাইলৈ মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব বহুচৰ্চিত সংবাদমেল।

গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন উত্থাপন কৰা হ’ব বৈঠকত।

আজি সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।

কেবিনেটত গৃহীত হোৱাৰ পাছতেই কাইলৈ পুৱা চাৰে ১০ বজাত সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে।

৮ ফেব্ৰুৱাৰীত কেৱল গৌৰৱ গগৈৰ পাকিস্তান লিংকেই নহয় এটা ডাঙৰ চক্ৰৰ চক্ৰান্তৰ তথ্যও ফাদিল হ’ব।

গৌৰৱ গগৈৰৰ পাকিস্তান লিংক সন্দৰ্ভত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অসমৰ মুগা আৰু পাটৰ শিপিনীসকলৰ দক্ষতা বিকাশ কাৰ্যসূচী

অসমৰ মুগা আৰু পাটৰ শিপিনীসকলৰ দক্ষতা বিকাশ কাৰ্যসূচী
অসমৰ মুগা আৰু পাটৰ শিপিনীসকলৰ দক্ষতা বিকাশ কাৰ্যসূচী

অসমৰ মুগা শিল্পৰ বিকাশৰ বাবে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে সমৰ্থ (SAMARTH – Scheme for Capacity Building in Textile Sector) আঁচনিৰ অধীনত দক্ষতা বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ মূল লক্ষ্য হৈছে অসমৰ পৰম্পৰাগত মুগা আৰু এৰী শিল্পৰ সৈতে জড়িত লোকসকলক আধুনিক প্ৰযুক্তিৰে প্ৰশিক্ষিত কৰি তোলা আৰু তেওঁলোকৰ জীৱিকা সুৰক্ষিত কৰা।


দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ আঁচনিৰ অধীনত অসমৰ মুগা আৰু পাটৰ শিপিনীসকলক বৈজ্ঞানিক পদ্ধতিৰে পলু পালন, সূতা কটা আৰু উন্নত মানৰ কাপোৰ বোৱাৰ প্ৰশিক্ষণ দিয়া হয়। যোৰহাটৰ কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত (CMER&TI) সমৰ্থ ২.০-ৰ অধীনত ২৭০ ঘণ্টীয়া প্ৰশিক্ষণ কাৰ্যসূচী চলাই থকা হৈছে। যোৰহাটৰ কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰত্যক্ষ সহযোগত দক্ষতা বিকাশ কাৰ্যসূচীৰ অন্তৰ্গত প্ৰশিক্ষণ কলিয়াবৰৰ হাতীগাঁৱত এক প্ৰশিক্ষণ কেন্দ্ৰত চলি আছে।

সমৰ্থ আঁচনিৰ উদ্যোগত এই প্ৰশিক্ষণ কাৰ্যসূচীক অধিক ত্বৰান্বিত কৰিবলৈ, শিপিনী মহিলাসকলক অধিক আকৰ্ষিত কৰিবলৈ আয়োজিত সজাগতামূলক এক সভা অনুষ্ঠিত হয়। এই সভাত ভাগ লয় ভাৰতীয় ৰেচম বিভাগৰ বিজ্ঞানী ৰোশনলাল মীনা, যোৰহাটৰ কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কাৰিকৰী প্ৰশিক্ষক সীমান্ত শইকীয়া, এই কাৰ্যসূচী পৰিচালনা কৰা নেচনেল প্ৰেক্টিকেল চেণ্টাৰৰ সঞ্চালিকা প্ৰিয়ঙ্কা দাস আৰু কেন্দ্ৰটোৰ মুখ্য প্ৰশিক্ষক ৰুণমণি বৰা গায়নসহ বহুকেইজন সমল ব্যক্তিয়ে। এই সভাতেই কেন্দ্ৰটোত সমাপ্ত হোৱা দুটা গোটৰ প্ৰশিক্ষণৰ অন্তত ৬০গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ২০৬ নং বাগটা বুথত বিজেপিৰ বুথ বিজয় অভিযান

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ২০৬ নং বাগটা বুথত বুথ বিজয় অভিযান
ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ২০৬ নং বাগটা বুথত বুথ বিজয় অভিযান

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ২০৬ নং বাগটা বুথত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ গৌৰৱময় উপস্থিতিত ‘বুথ বিজয় অভিযান’ কাৰ্যসূচীত অংশগ্ৰহণ।

বুথ হৈছে দলৰ প্ৰাণকেন্দ্ৰ। সেয়েহে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি তৃণমূল স্তৰত সংগঠনক অধিক সুসংহত, সুসংগঠিত আৰু সক্ৰিয় কৰাৰ দৃঢ় সংকল্প গ্ৰহণ কৰা হৈছে। ৰাইজৰ অকুণ্ঠ সমৰ্থন আৰু আশীৰ্বাদক সাৰথি কৰি বিজেপিৰ নেতৃত্বত পুনৰায় NDA চৰকাৰ গঠন কৰাৰ বাবে আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল অসম চৰকাৰে ৰাজ্যখনৰ উন্নয়নযাত্ৰাক এক নতুন গতি প্ৰদান কৰিছে। ৰাইজৰ আস্থা, বিশ্বাস আৰু মৰমেই আমাৰ শক্তি, আৰু সেই শক্তিৰ বলতেই ‘বুথ বিজয়’ৰ জৰিয়তে তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰাটো নিশ্চিত।

এই অনুষ্ঠানটোত উপস্থিত থাকে জিলা পৰিষদৰ সভাপতি নিপন ভূঞা, জিলা বিজেপিৰ সভাপতি ভাস্কৰ কলিতাৰ লগতে বুথ সভাপতি আৰু দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকল।