Home Blog Page 38

Roi Roi Binale: সকলো ৰেকৰ্ড ভংগ কৰিব ‘ৰৈ ৰৈ বিনালে’ই !

সকলো ৰেকৰ্ড ভংগ কৰিব 'ৰৈ ৰৈ বিনালে'ই !
সকলো ৰেকৰ্ড ভংগ কৰিব 'ৰৈ ৰৈ বিনালে'ই !

অসমীয়া ছবি জগতৰ (Roi Roi Binale) সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে অভিলেখ গঢ়াৰ দিশে ‘ৰৈ ৰৈ বিনালে’।

এটাৰ পিছত আন এটা ৰেকৰ্ড গঢ়িছে ‘ৰৈ ৰৈ বিনালে’।

দুদিনত ৫.৪০ কোটি টকা উপাৰ্জন।

পূৰ্বৰ সকলো চিনেমাৰ ৰেকৰ্ড ভংগ কৰিছে ‘ৰৈ ৰৈ বিনালে’।

মুক্তিৰ চতুৰ্থ দিনাও ‘ৰৈ ৰৈ বিনালেৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

সর্বাধিক উপাৰ্জনকাৰী ১০ খন অসমীয়া ছবি-


১) বিদুৰভাই- ১৭.৭৫ কোটি টকা
২) ভাইমনদা- ১৪.৩১ কোটি টকা
৩) শ্ৰীৰঘূপতি- ১৩.৮১ কোটি টকা
৪) ৰুদ্র- ১০.৫৬ কোটি টকা
৫) ৰত্নাকৰ – ১০ কোটি টকা
৬) কাঞ্চনজংঘা – ৭ কোটি টকা
৭) ডক্তৰ বেজবৰুৱা ২– ৭ কোটি টকা
৮) মিছন ছাইনা – ৬ কোটি টকা
৯) ৰৈ ৰৈ বিনালে – ৫.৪০ কোটি টকা (২ দিনত)
১০) চিকাৰ – ৫ কোটি টকা

Women’s World Cup 2025 Final: প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ অৰ্জন ভাৰতীয় মহিলা ক্রিকেট দলৰ

প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ অৰ্জন ভাৰতীয় মহিলা ক্রিকেট দলৰ
প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ অৰ্জন ভাৰতীয় মহিলা ক্রিকেট দলৰ

ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্রিকেট দলে।(Women’s World Cup 2025 Final)

প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ অৰ্জন ভাৰতীয় মহিলা ক্রিকেট দলৰ।

ফাইনেলত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি ICC মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জিনিলে টীম ইণ্ডিয়াই।

বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫২ ৰাণত জয়ী টীম ইণ্ডিয়া।

প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ খিতাপ দখল ভাৰতীয় দলৰ।

বিশ্বজয়ৰ পাছতে ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোক শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীয়ে।

দেশৰ প্ৰধানমন্ত্ৰী,ৰাষ্ট্ৰপতিৰ লগতে পুৰুষ ক্ৰিকেট দলৰ সদস্য সকলেও জনাইছে শুভেচ্ছা।

Flute Maestro Dipak Sarma: বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই
বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই

আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান।(Flute Maestro Dipak Sarma)

জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনে চিকিৎসাধীন হৈ আছিল বাঁহীবাদকগৰাকী।

চেন্নাইত চিকিৎসাধীন অৱস্থাত শেষনিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।

পুৱা ৬.১৫ বজাত শেষনিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।

দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত আছিল শিল্পীগৰাকী।

আকাশমাৰ্গত বাজিব জুবিনৰ ‘মায়াবিনী’…

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটিৰ সুৰত ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত বায়ু সেনাৰ এয়াৰ শ্ব’ প্রদর্শন কৰা হ’ব। এয়া হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত বায়ুসেনাৰ প্ৰথমটো এয়াৰ শ্ব’।

বায়ু সেনাৰ এয়াৰ মার্চেল সুৰত সিং আৰু ৰবি কোটাই কালি দিছপুৰত এখন সংবাদ মেলত এই কথা প্রকাশ কৰে। এয়াৰ মাৰ্চেল সুৰত সিং আৰু ববি কোটাই কয় যে, বায়ু সেনাৰ ৯৩ সংখ্যক বায়ু সেনা দিৱস উদযাপনৰ অংশ হিচাপে ৯ নম্বেৱৰত দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব’ প্রদর্শন কৰা হ’ব।

কেন্দ্রীয়ভাৱে অনুষ্ঠিত এই এয়াৰ শ্ব’ত ৰাফেল, মিগ, চুখয় আদিৰ দৰে ৭৫ খন বিমানে ভাগ লব। এই এয়াৰ শ্ব’ৰ পূৰ্বে গুৱাহাটীত চাৰি-পাঁচ দিন বিমান উৰণৰ অনুশীলন কৰা হ’ব বুলি তেওঁলোকে জানিবলৈ দিয়ে। বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধা শ্ৰমৰ আবাসীসকলক অনুষ্ঠানলৈ নিমন্ত্রণ জনোৱা হৈছে।

গুৱাহাটীৰ উজান বজাৰৰ নতুন পাৰ্কৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব’ চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্ব’টো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্রাংগণত অতিথিৰ বাবে এয়াৰ শ্ব’ চোৱাৰ ব্যৱস্থা কৰা হৈছে। সংবাদমেলত আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙে কয়, এই এয়াৰ শ্ব’ৰ বাবে নিৰাপত্তাৰ সকলো ব্যৱস্থা কৰা হৈছে।

জুবিন গাৰ্গৰ সন্মানত USTM-এ আৰম্ভ কৰিলে গৱেষণা ফেল’ছিপ

ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM)-এ অসমৰ কিংবদন্তী শিল্পী আৰু মানবতাবাদী দৰ্শনৰ প্ৰতীক জুবিন গাৰ্গৰ জীৱন, শিল্পকর্ম আৰু সমাজসেৱাৰ ভাৱধৰাক সন্মান জনাই গৱেষণা ফেল’ছিপ আৰু প্ৰবন্ধ প্ৰতিযোগিতা আৰম্ভ কৰাৰ ঘোষণা কৰিছে।
এই পদক্ষেপৰ মূল উদ্দেশ্য হ’ল সৃষ্টিশীলতা, সহানুভূতি, সাংস্কৃতিক একতা আৰু মানৱতাৰ মূল্যবোধ সংৰক্ষণ আৰু প্ৰচাৰ কৰা যিবোৰ মূল্যবোধ জুবিন গাৰ্গে নিজৰ জীৱনজুৰি অনুশীলন কৰিছিল।
জুবিন গাৰ্গৰ সৈতে USTM-ৰ এক গভীৰ অনুভূতিমূলক বন্ধন আছিল। বিশ্ববিদ্যালয়ে তেওঁৰ বহু চলচ্চিত্ৰৰ দৃশ্য চিত্ৰগ্ৰহণৰ বাবে কেম্পাছত হোৱা আগমন আদৰেৰে স্মৰণ কৰে, বিশেষকৈ তেওঁৰ অন্তিম চলচ্চিত্ৰ ‘ৰৈ ৰৈ বিনালে-ৰ কিছু দৃশ্য ইয়াত চিত্ৰগ্ৰহণ কৰিছিল।

ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলৰ সৈতে তেওঁৰ আন্তৰিক সম্পৰ্ক সদায় মনত থাকিব। USTM এ গৌৰৱৰে উল্লেখ কৰে যে, তেওঁৰ জীৱনত তেওঁ এই বিশ্ববিদ্যালয়ৰ সম্মানসূচক ডক্টৰেট (Honoris Causa) প্ৰদান কৰাৰ সৌভাগ্য হৈছিল যি তেওঁ নিজৰ সৰলতা আৰু বিনম্ৰতাৰ সৈতে গ্ৰহণ কৰিছিল।
আজি অনুষ্ঠিত হোৱা সংবাদ মেলত উপস্থিত আছে — মাননীয় অধ্যক্ষ শ্ৰী মহবুবুল হক, উপাধ্যক্ষ প্ৰফেছৰ জি. ডি. শৰ্মা, ডঃ আৰ. কে. শৰ্মা (Principal, IAMC), প্ৰফেছৰ শুভ্ৰম ৰাজখোৱা (University School of Law & Research, USTM) আৰু প্ৰফেছৰ গৰিমা কলিতা (Department of English, USTM)।
USTM-এ ইতিমধ্যে বহুতো অনুপ্ৰাণিত ব্যক্তি আৰু গৱেষকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে, যিয়ে জুবিন গাৰ্গৰ প্ৰতি জনসাধাৰণৰ গভীৰ সন্মান আৰু প্ৰতিফলন ঘটাইছে।
গৱেষণাৰ একাডেমিক আৰু সাংস্কৃতিক গুণগত মান সুনিশ্চিত কৰিবলৈ বিশ্ববিদ্যালয়খনে শিল্পী, গৱেষক, সংস্কৃতিতত্ত্ববিদ আৰু জুবিন দাৰ অনুৰাগীসকলক লৈ এটা উপদেষ্টা পৰিষদ (Advisory Council) গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়খনে এনে ধৰণৰ মনোভাৱ থকা সকলোকেই এই মহান প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
এই পদক্ষেপ কেৱল এক একাডেমিক প্ৰকল্প নহয় — ই এক সজীৱ শ্রদ্ধাঞ্জলি, যাৰ লক্ষ্য আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰা আৰু জুবিন গাৰ্গৰ আত্মা, দৰ্শন আৰু মানবতাৰ আদৰ্শক চিৰজীৱ কৰি তোলা।
ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM) হ’ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিজ্ঞান আৰু প্ৰযুক্তিত উৎসৰ্গিত ৰাজ্যিক বেচৰকাৰী বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ে ২০২১ চনত NAAC-ৰ প্ৰথম মূল্যায়নত ‘A’ গ্ৰেড লাভ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ বেচৰকাৰী বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰা USTM এতিয়া ৰাষ্ট্ৰীয় স্তৰতো অগ্ৰগণ্য, আৰু NIRF ৰেংকিংত চাৰি বছৰৰ বাবে (২০২২-২০২৫) অন্তৰ্ভুক্ত হোৱা একমাত্ৰ বেচৰকাৰী বিশ্ববিদ্যালয়।

সদৌ অসম কবি সম্মিলনৰ উদ্যোগত ‘কৈঠালকুছি শাখা কবি সম্মিলন’ গঠনৰ লগতে কবিতা পাঠৰ অনুষ্ঠান

নলবাৰী জিলাৰ কৈঠালকুছিত আজি সদৌ অসম কবি সম্মিলনৰ উদ্যোগত কৈঠালকুছি শাখা কবি সম্মিলন গঠনৰ লগতে কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটিৰ পূৰ্বে অসমবাসীৰ হিয়াৰ আমঠু,গণশিল্পী, যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৱ খ্যাত সদ্যপ্ৰয়াত জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।গামাৰিমূৰীস্থিত উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আবেলি ২ বজাত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সভাপতিত্ব কৰে স্থানীয় আদৰ্শ কৃষক তথা কবি মধু ডেকা, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা বিশিষ্ট কবি মৃণাল কুমাৰ বৰা, সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক পৰিষদৰ সদস্য শোভন কুমাৰ মেধি, ৰাজ্যিক উপ সমিতিৰ যুৱ শাখাৰ সমন্বয়ক পঞ্চমী চৰকাৰ, সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী কবি সন্মিলনৰ সম্পাদক তথা যুৱ- প্ৰজন্মৰ কবি-লিখক-শিক্ষক পিংকু মণি ৰায় চৌধুৰী, বৰক্ষেত্ৰী কবি সন্মিলনৰ সহকাৰী সম্পাদক ধনজিৎ বৈশ্যৰ উপস্থিতিত কৈঠালকুছি শাখা কবি সন্মিলনখন গঠন কৰা হয়।

উক্ত শাখা কবি সন্মিলনখনৰ সভাপতি হিচাপে কবি তথা আদৰ্শ কৃষক মধু ডেকা, উপ-সভাপতিদ্বয় ক্ৰমে প্ৰদীপ শৰ্মা আৰু নৃপেন বৰ্মণ, সম্পাদক হংস বৰ্মণ, সহকাৰী সম্পাদকদ্বয় চন্দন বেজবৰুৱা, শংকৰজ্যোতি বৰ্মণ, কোষাধ্যক্ষ অখিল বৈশ্য, প্ৰচাৰ সম্পাদক তন্ময় শৰ্মা, সাংগঠনিক সম্পাদক ৰবীন চন্দ্ৰ বেজবৰুৱা, পত্ৰিকা সম্পাদক প্ৰণীতা ঠাকুৰীয়া বেজবৰুৱা, কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি শৰ্মা, মনোজ শৰ্মাক নিৰ্বাচিত কৰা হয়। উক্ত অনুষ্ঠানটিত ভালেকেইজন কবিয়ে স্ব-ৰচিত কবিতা পাঠেৰে অনুষ্ঠানটো জীপাল কৰি তোলাৰ উপৰিও প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ মায়াবিনী গীত গাই সমূহীয়া শ্ৰদ্ধাঞ্জলি জনায়। পৰৱৰ্তী পৰ্যায়ত কৈঠালকুছিৰ গণ্য মান্য ব্যক্তিসকলৰ দিহা পৰামৰ্শক শিৰোগত কৰি কৈঠালকুছি কবি সন্মিলনখনক বিস্তাৰিত ৰূপ প্ৰদান কৰা হ’ব বুলি জনাইছে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰাই।

Memory Power: নাৰীৰ নে পুৰুষ, কাৰ স্মৃতিশক্তি বেছি ?

Memory Power: নাৰীৰ নে পুৰুষ, কাৰ স্মৃতিশক্তি বেছি ?
Memory Power: নাৰীৰ নে পুৰুষ, কাৰ স্মৃতিশক্তি বেছি ?

স্মৃতিশক্তি অতি গুৰুত্বপূৰ্ণ। (Memory Power) ভাল স্মৃতি অৰ্থাৎ কথাবোৰ মনত ৰখাৰ ক্ষমতাই দৈনন্দিন জীৱনৰ বহু কাম সহজ কৰি তোলে। পুৰুষ আৰু মহিলাৰ স্মৃতিশক্তি বেলেগ বেলেগ। কাৰ স্মৃতিশক্তি চোকা, পুৰুষ নে মহিলা, জানো আহক।

পুৰুষ নে মহিলা কাৰ স্মৃতিশক্তি অধিক তাকে লৈ প্ৰায়ে যথেষ্ট বিতৰ্ক হয়। প্ৰায়ে বিশ্বাস কৰা হয় যে মহিলাৰ স্মৃতি চোকা হয় কাৰণ তেওঁলোকে নিজৰ বাৰ্ষিকী আৰু জন্মদিন মনত পেলাই, আনহাতে পুৰুষে সেইবোৰ পাহৰি যোৱাৰ প্ৰৱণতা থাকে। কিন্তু শেহতীয়া গৱেষণাই এই কথা অসত্য বুলি প্ৰমাণ কৰিছে। গৱেষণাই কি কয় জানো আহক-

গৱেষণাৰ পৰা জানিব পৰা গৈছে যে প্ৰতি ১০০ পুৰুষৰ ভিতৰত ১৩ জন পুৰুষৰ পাহৰণিৰ ক্ষমতা আছিল, আনহাতে মহিলাৰ ক্ষেত্ৰত এই সংখ্যা ১০০ ৰ ভিতৰত ৩৯ গৰাকী। গৱেষণা কৰা বিশেষজ্ঞসকলেও মহিলাৰ পাহৰণিৰ আঁৰৰ কিছুমান কাৰণ কৈছিল। ইয়াৰ প্ৰধান কাৰণ হ’ল মানসিক চাপ, দ্বিতীয়টো ডাঙৰ কাৰণ হ’ল খাদ্য-পানীয়ৰ প্ৰতি গুৰুত্ব নিদিয়া আৰু তৃতীয়টো ডাঙৰ কাৰণ হ’ল নিসংগতা। গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল মহিলা অবিবাহিত বা যিসকলৰ সংগী এই পৃথিৱীত নাই, তেওঁলোকৰ পাহৰণিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

গৱেষণাৰ পৰা দেখা গৈছে যে শাৰীৰিক বা মানসিক চাপে মানুহৰ স্মৃতিশক্তিত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। মানুহে প্ৰায়ে মানিবেগ পাহৰে, আন কোনোৱে গাড়ী ক’ত ৰখাইছিল পাহৰি যায়, আন কোনোৱে আনৰ নাম পাহৰি যায়। স্মৃতিশক্তি উন্নত কৰিবলৈ আপুনি খাদ্য তালিকাত ওমেগা-৩ ফেটি এচিড অন্তৰ্ভুক্ত কৰিব পাৰে। আলমণ্ড আৰু আখৰোট খোৱাটো মগজুৰ স্বাস্থ্যৰ বাবে উপকাৰী।

Road Accident: শোকাৱহ পথ দুৰ্ঘটনাত একেলগে অজান দেশলৈ দুই বন্ধু

পথ দুৰ্ঘটনাত একেলগে অজান দেশলৈ দুই বন্ধু
পথ দুৰ্ঘটনাত একেলগে অজান দেশলৈ দুই বন্ধু

কালি নিশা (Road Accident) তেজপুৰৰ নিকটৱৰ্তী শিৱ মন্দিৰৰ সমীপত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হয় দুজন যুৱক। প্ৰাপ্ত তথ্য অনুসৰি, শুক্ৰবাৰে নিশা প্ৰায় ১০ বজাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুঠিমাৰী আৰক্ষী চকীৰ অন্তৰ্গত
শিৱ মন্দিৰৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা।

AS 12 AL 0712 নম্বৰৰ মটৰ চাইকেলেৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দিশৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে দুয়োকে মহতিয়াই লৈ যায়। দুৰ্ঘটনাত তেজপুৰৰ ২৫ বছৰীয়া আকাশ বনিয়া নামৰ যুৱকজন ঘটনাস্থলীতেই নিহত হয় আৰু লগত থকা পৱিত্ৰ নাথ নামৰ ২৬ বছৰীয়া যুৱকজনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল।


পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ সময়তে পথতেই মৃত্যুবৰণ কৰে। এই দুৰ্ঘটনাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।।

zubeenkhetra: জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ

zubeenkhetra: জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ
zubeenkhetra: জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ

জুবিন ক্ষেত্ৰত ধৰা পৰিল চোৰ।(zubeenkhetra)

অনুৰাগীয়ে আগবঢ়োৱা অৰিহণা চুৰ কৰি ৰাইজৰ ৰোষত পৰিল চোৰ।

জুবিন অনুৰাগীয়ে আটক কৰি আৰক্ষীক গতাই দিয়ে চোৰটোক।

ধৃত চোৰটো বকোৰ ধূপধৰাৰ আনোৱাৰ হুছেইন।

ভীৰৰ সুযোগ লৈ জুবিন ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ।

শ্ৰদ্ধাঞ্জলিৰ বাবে আগবঢ়োৱা অনুৰাগীৰ ধন মোনাত ভৰাই উধাও হোৱাৰ চেষ্টা এটাচলাইছিল চোৰটোৱে।

অৱশেষত ৰাইজে কৰায়ত্ত কৰিলে বকো ধূপধাৰাৰ আনোৱাৰ হুছেইনক।


সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছিল!

অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে ভাতৃৰ মৃত্যু সন্দৰ্ভত উত্থাপন কৰিছে এক নতুন দাবী। শেহতীয়া এক সাক্ষাৎকাৰত শ্বেতা সিঙে প্ৰকাশ কৰিছে যে দুগৰাকী মনোবিজ্ঞানী, এগৰাকী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৰু আনগৰাকী মুম্বাইৰ, তেওঁলোকে কৈছে যে সুশান্তক দুগৰাকী ব্যক্তিয়ে হত্যা কৰিছে।

উল্লেখযোগ্য যে, ২০২০ বৰ্ষত জুন মাহত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছিল, যাৰ ফলত সংবাদ মাধ্যম জোকাৰি গৈছিল আৰু মুম্বাই আৰক্ষী, বলবৎকাৰী সঞ্চালকালয় (ED), মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থা (NCB) আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)ৰ দ্বাৰা একাধিক তদন্তৰ সৃষ্টি হৈছিল। যদিও সকলো সংস্থাই এই সিদ্ধান্তত উপনীত হৈছে যে ইয়াৰ সৈতে কোনো দুৰ্নীতি নাছিল, তথাপিও শেহতীয়া বক্তব্যৰ পৰা অনুমান কৰিব পাৰি যে চৰকাৰী তদন্তত তেওঁ এতিয়াও পতিয়ন যোৱা নাই।

শ্বেতাই কয় যে ভাতৃৰ মৃত্যুৰ কিছু সময়ৰ পিছতে এজন আমেৰিকান মনোবিজ্ঞানীয়ে পৰিয়ালৰ এগৰাকী চিনাকি ব্যক্তিৰ জৰিয়তে তেওঁৰ সৈতে যোগাযোগ কৰিছিল। অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰি শ্বেতাই কয়, “মোৰ সৈতে যোগাযোগ কৰা এজন ব্যক্তি আছিল আমেৰিকান মনোবিজ্ঞানী। আমেৰিকাত মোৰ ভাতৃসদৃশ এগৰাকী বন্ধু আছে। যেতিয়া তেওঁ এই কাণ্ডৰ বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁ কয়, “মোৰ এগৰাকী গডমাদাৰ আছে যিয়ে গভীৰ ধ্যান-সাধনাত সোমাব পাৰে। মই তেওঁৰ লগত কথা পাতিম।” মহিলাগৰাকীক ফোন কৰিলে, তেওঁ জনা নাছিল মই কোন বা মোৰ ভাইটি কোন, তাই কৈছিল, ‘সুশান্তক হত্যা কৰা হৈছে।”

শ্বেতাই কয় যে মুম্বাইৰ আন এজন মনোবিজ্ঞানীয়েও একে কথাই কৈছিল। ‘মুম্বাইৰ পৰা আন এজন মনোবিজ্ঞানী মোৰ ওচৰলৈ আহিল।’ ময়ো তেওঁৰ বিষয়ে একো নাজানিছিলো। ঠিক একেখিনি কথাই ক’লে। দুয়োজনে একেটা কথা কেনেকৈ ক’ব পাৰে? দুয়োজনে ক’লে যে দুজন মানুহে আহি সুশান্তক হত্যা কৰিছিল।’

যদিও চিবিআইৰ চৰকাৰী ক্লজাৰ ৰিপ’ৰ্টত উল্লেখ আছে যে ৰিয়া চক্ৰৱৰ্তী বা আন কোনোবাই অবৈধভাৱে সুশান্তৰ চৰম সিদ্ধান্তৰ ক্ষেত্ৰত আটক, ভাবুকি বা সহযোগিতা কৰা বুলি কোনো প্ৰমাণ পোৱা নাই! তথাপিও সংস্থাটোৱে ৰিয়াই তেওঁৰ ধন আত্মসাৎ কৰাৰ কোনো ইংগিত পোৱা নাছিল, তাৰ পৰিৱৰ্তে সুশান্তই তেওঁৰ পৰিয়ালক বিবেচনা কৰা বুলি উল্লেখ কৰিছে।