Home Blog Page 381

Rajiv Sadia । বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

Rajiv Sadia । বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
Rajiv Sadia । বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

১৬ জানুৱাৰী,২০২৫ঃ Rajiv Sadia ।পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন যুৱ মঞ্চ বৰবড়ী আৰু আঞ্চলিক ৰাইজৰ সহযোগত । সমগ্ৰ ৰাজ্যবাসিক কন্দুৱাই ভোগালী বিহুৰ মাজতে চিৰ বিদায় লোৱা বিপ্লবী কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত ম্রিয়মান ৰাজ্যবাসী।

অতি কম সময়ৰ ভিতৰতেই জাতি মাতি ৰ গান গাই ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰা প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আজি পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পশ্চিম দৰঙৰ অগ্ৰনী স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন যুৱ মঞ্চ বৰবড়ী আৰু আঞ্চলিক ৰাইজৰ সহযোগত বৰবড়ী ত এক ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবি ত মাল্য অর্পণেৰে বন্তি প্রজ্বলন কৰি আত্মাৰ সদগতি কামনাৰ কৰে। অনুষ্ঠানত পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়ন মনি কলিতা, জাতীয় উণ্ণয়ন পৰিষদ অসম ৰ সাধাৰণ সম্পাদক অমিয় কুমাৰ ডেকা,উদয়ন যুৱ ৰ সভাপতি জয়দেৱ নাথ, গাওঁ প্ৰধান শৰৎ ডেকা, বোনমাঝা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি উদ্ধৱ ডেকা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক উৎপল শৰ্মা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পশ্চিম দৰং আঞ্চলিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিবাকৰ বৰুৱা সহ পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থা, উদয়ন যুৱ মঞ্চ ৰ কেইবাজনো সদস্য উপস্থিত থাকে।

Assam Budget Session । ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বাজেট অধিবেশন, অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভনি হ’ব কোকৰাঝাৰত

গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৫: Assam Budget Session। অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। উল্লেখযোগ্য বাজেট অধিৱেশন এইবাৰ মুকলি কৰা হব বিধানসভাৰ বাহিৰত । বিধানসভা সচিবালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটো কোকৰাঝাৰৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বিধানসভাত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে দিছপুৰৰ নিয়মীয়া ৰাজ্যিক বিধানসভা চেম্বাৰত অনুষ্ঠিত হ’ব অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী। অসমৰ বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ কোনো স্থানত বাজেট অধিৱেশন আৰম্ভ কৰা হ’ব। ভাৰতীয় সংবিধানৰ ১৭৪(১) অনুচ্ছেদ, বৰ্তমানলৈকে সংশোধিত ক্ষমতাৰ অধীনত এই অধিৱেশন আহ্বান কৰা হৈছে।
গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৫: Assam Budget Session। অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। উল্লেখযোগ্য বাজেট অধিৱেশন এইবাৰ মুকলি কৰা হব বিধানসভাৰ বাহিৰত । বিধানসভা সচিবালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটো কোকৰাঝাৰৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বিধানসভাত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে দিছপুৰৰ নিয়মীয়া ৰাজ্যিক বিধানসভা চেম্বাৰত অনুষ্ঠিত হ’ব অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী। অসমৰ বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ কোনো স্থানত বাজেট অধিৱেশন আৰম্ভ কৰা হ’ব। ভাৰতীয় সংবিধানৰ ১৭৪(১) অনুচ্ছেদ, বৰ্তমানলৈকে সংশোধিত ক্ষমতাৰ অধীনত এই অধিৱেশন আহ্বান কৰা হৈছে।

গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৫: Assam Budget Session। অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। উল্লেখযোগ্য বাজেট অধিৱেশন এইবাৰ মুকলি কৰা হব বিধানসভাৰ বাহিৰত । বিধানসভা সচিবালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটো কোকৰাঝাৰৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বিধানসভাত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে দিছপুৰৰ নিয়মীয়া ৰাজ্যিক বিধানসভা চেম্বাৰত অনুষ্ঠিত হ’ব অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী। অসমৰ বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ কোনো স্থানত বাজেট অধিৱেশন আৰম্ভ কৰা হ’ব। ভাৰতীয় সংবিধানৰ ১৭৪(১) অনুচ্ছেদ, বৰ্তমানলৈকে সংশোধিত ক্ষমতাৰ অধীনত এই অধিৱেশন আহ্বান কৰা হৈছে।

উল্লেখ্য শেহতীয়াকৈ ৰাজ্যপালে ‘বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন কমিউনিটি ভিজন ডকুমেণ্ট’ মুকলি কৰিছে। এই আঁচনিত বিটিআৰত সম্প্ৰদায়সমূহৰ সৰ্বাংগীন উন্নয়নৰ বিষয়ত গুৰুত্ব আৰোপ কা হৈছে। ইয়াৰ লক্ষ্য হৈছে অঞ্চলটোৰ উন্নতিৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি এখন বহনক্ষম, নিৰাপদ আৰু স্মাৰ্ট বড়োলেণ্ড গঢ়ি তোলা। ইপিনে আজি কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰ বিষয়ে বুজ লবলৈ এখন সভাত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ।

অধ্যক্ষ দৈমাৰীয়ে তেওঁৰ ফেচবুক পোষ্টত এই বৈঠকৰ বিষয়ে এনেদৰে লিখিছে- আজি কোকৰাঝাৰ বড়োলেণ্ড পৰিষদীয় বিধান সভাৰ মজিয়াত আগন্তুক হ’বলগীয়া অসম বিধান সভাৰ বাজেট অধিবেশন অনুষ্ঠিত হোৱাক লৈ বিটিচি চৰকাৰ, বিটিচি বিধানসভাৰ লগতে প্রশাসনৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হওঁ। এই বৈঠকত অহা ১৭ ফেব্ৰুৱাৰীত হ’বলগীয়া অধিৱেশনৰ কাৰ্য্যসূচী সকলো দিশৰ পৰা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয়তা থকা কামবোৰ একেলগে কৰি যাবলৈ সিদ্ধান্ত লয়।


এই বৈঠকত বিটিচি প্ৰধান মাননীয় শ্ৰী প্ৰমোদ বড়ো, বিটিচিৰ অধ্যক্ষ শ্ৰী কাতিৰাম বড়ো, উপাধ্যক্ষ অভিৰাম মহানায়ক, কাৰ্য্যবাহী সদস্যসকলৰ লগতে অসম আৰক্ষী মহাপৰিদৰ্শক শ্ৰী ইমদাদুল হুছেইন বৰা, বিটিএডিৰ আৰক্ষী মহাপৰিদৰ্শক শ্ৰী বিবেকৰাজ সিং ডাঙৰীয়া, কোকৰাঝাৰ জিলা আয়ুক্ত,কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ লগতে অসম বিধানসভা আৰু বিটিচি বিধানসভাৰ সমূহ বিষয়া-ববীয়া সকল উপস্থিত থাকে। উপস্থিত সকলোলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি

Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি
Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি

১৬ জানুৱাৰী, ২০২৫ঃ Nagaon । নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ মৰিগাঁও জিলাৰ ৰঙাদৰিয়াৰ বালিজান আঞ্চলিক খেল পথাৰত বালিজান চান ৰাইজ ক্লাৱৰ সৌজন্যত ক্ৰিকেট মহাৰণ ২০২৪- ২০২৫ ৰ চলন্ত ক্ৰিকেট লীগৰ উত্তেজনাপূৰ্ণ ফাইনেল খেল খন প্ৰায় দহ হাজাৰ দৰ্শকৰ উপস্থিতিত জাকজমকতাৰে সফল সমাপ্তি ঘটে। চূড়ান্ত খেলখনৰ লগত সংগতি ৰাখি সন্ধিয়া অনুষ্ঠিত বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে ৰঙাদৰিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবুল কাচেমে।


আনহাতে, দৰ্শক আৰু খেলুৱৈসকলক উদ্দেশ্যি নিজৰ উদ্বোধনী ভাষণ প্ৰদান কৰি খেলখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোজাম্মেল হকে।যোৱা ১৫ ডিচেম্বৰৰ পৰা ১৬ টা বাচকবনীয়া দলৰ মাজত অনুষ্ঠিত ১৪ খন ৰোমাঞ্চৰ খেলৰ অন্ততঃ আজি ৰিলিফ ৰাইন’ছ, নগাঁও আৰু পি চি চি ‘ নগাঁওৰ মাজত তীব্ৰ প্ৰতিযোগিতাতমূলক ফাইনেল খেল খন অনুষ্ঠিত হয়। ৰিলিফ ৰাইন’ছ দলটোৱে এই বছৰৰ চেম্পিয়নৰ খিতাপ দখল কৰি ট্ৰফী লাভ কৰাৰ পৰিৱৰ্তে আজিৰ এই কঠিন প্ৰতিদ্বন্দিতাৰ খেল খনত পৰাজয়বৰণ কৰা পি চি চি নগাঁৱক ৰানাৰ্ছ আপৰ সন্মানেৰে সন্মানিত কৰা হয়।খেল খনত ৰিলিফ ৰাইন’ছ নগাঁৱে টচত জিকি নিজে বেটিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।প্ৰথমতে বেটিং কৰি ৰিলিফ ৰাইন’ছ দলে নিৰ্ধাৰিত ১২ অ’ভাৰত ৯ টা উইকেটৰ বিনিময়ত দিলদাৰৰ ২৪ বলত অনবদ্য ৪৯ ৰানৰ সহযোগত ১৪৬ ৰান সংগ্ৰহ কৰি ১৪৭ ৰানৰ টাৰ্গেট বান্ধি দিয়ে প্ৰতিপক্ষ পি চি চি , নগাঁওক।প্ৰত্যুত্তৰত পি চি চি নগাঁৱৱে নিৰ্ধিৰত ১২ অ’ভাৰত ৪ টা উইকেটৰ বিনিময়ত ১৪২ ৰান সংগ্ৰহ কৰি ৰিলিফ ৰাইন’ছৰহাতত পৰাজিত হয়।আজিৰ এই চূড়াত খেল খনত দিলদাৰ হুচেইন নামৰ খেলুৱৈ গৰাকীক সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ ( মেন অৱ দা মেচৰ ) সম্মান প্ৰদান কৰা হয়। আনহাতে এই শৃংখলাটোত সুন্দৰ খেল প্ৰদৰ্শন কৰাৰ কাৰণে চলন্ত ক্ৰিকেট মহাৰণৰ মেন অৱ দা ছিৰিছৰ সম্মান লাভ কৰে মিন্নয় বৰাক।

মাহজুৰি চলা এই খেলখনত ১৯৯৭ চনতে স্থাপিত চান ৰাইজ ক্লাৱৰ প্ৰাক্তন বিষয়ববীয়াৰ লগতে বৃহত্তৰ অঞ্চল খনৰ ক্ৰিকেট অনুৰাগীয়ে উদ্যোগতাসকলক সু- দিহা – পৰামৰ্শৰ লগতে প্ৰত্যেক আৰু পৰোক্ষভাৱে খেলখন সুচাৰুৰূপে চলাই নিয়াত সহায় সহযোগিতা কৰিছে বুলি বালিজান চান ৰাইজ ক্লাৱৰ সদস্য সকলে জানিবলৈ দিছে। এমাহজুৰি চলা এই ক্ৰিকেট লীগৰ চলন্ত বিৱৰণী ইংৰাজী ভাষ্যকাৰ মুকচিদুল হকক উদ্যোগতা আৰু ক্ৰিকেটপ্ৰমীয়ে ধন্যবাদ জ্ঞাপন কৰিছে। মধ্য অসম ভিত্তিত অনুষ্ঠিত ক্ৰিকেট মহাৰণ খনে স্থানীয় খেলুৱৈ সকলৰ বাবে ক্ৰিকেটৰ জগতখনত এক নতুন সুযোগ আগবঢ়াইছে।

Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি

Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি
Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি

১৬ জানুৱাৰী, ২০২৫ঃ Rajiv Sadia । অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠ শিল্পী ৰাজীৱ শদিয়াৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি আজি সন্ধিয়া বিলাসীপাৰা চহৰৰ গান্ধীচকত শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

ধুবুৰী জিলা ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰি একমিনিট সময় মৌনব্ৰত পালন কৰি শিল্পীজনাৰ আত্মাৰ চিৰ শান্তি কামনা কৰা হয়।

আৰু লগতে উপস্থিত থাকে ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকলে।

Assam Cabinet: মৰিগাঁৱৰ কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্রীৰ

Assam Cabinet: মৰিগাঁৱৰ কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্রীৰ
Assam Cabinet: মৰিগাঁৱৰ কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্রীৰ

মৰিগাঁৱতত পোন প্ৰথমবাৰৰ বাবে আজি অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইজন মন্ত্ৰী।(Assam Cabinet) কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হোৱা লগে লগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনাই বি জে পি দলৰ বিষয়ববীয়া সকলৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন সংগঠনৰ লগতে বিভিন্ন বিভিন্নজন লোকে। কেবিনেট বৈঠকৰ প্ৰাকক্ষণত মৰিগাঁও আবৰ্ত্ত ভৱনত বিভিন্ন লোকৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত সমূহ হৈছে-

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিত পুনৰ অনুমোদন ৭৫ হাজাৰ কোটি টকা অনুমোদন।


চৰকাৰৰ BTC চৰকাৰৰ বার্ষিক বাজেটলৈ ৪০০ কোটি টকাৰ অনুমোদন।


২৭ লাখ মহিলাই পাব মহিলা উদ্যমীতা আঁচনিৰ সুবিধা।


মন্ত্ৰী-বিধায়কৰ আত্মীয় নাপাব আঁচনিৰ সুবিধা।


বালিমুখীৰ পৰা শিলগুটি পথলৈ ৭০লাখ টকা অনুমোদন।


মৰিগাঁও নগৰৰ নলা নিষ্কাষণৰ বাবে ৫৫কোটি টকা অনুমোদন।


জোনবিল মেলাৰ মঞ্চ নিৰ্মাণৰ বাবে ৫ কোটি টকা অনুমোদন।


ইলাৰাম দাস আতাৰ নামত নিৰ্মাণ হ’ব প্রেক্ষাগৃহ।


মৰিগাঁৱৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে ২৭০ কোটি টকাৰ পেকেজ এহাজাৰ বিঘা ভূমিত নিৰ্মাণ হ’ব আৰু এটা প্ৰকল্প।


মৰিগাঁৱৰ আৱৰ্ত ভৱনৰ বাবে ১৫ কোটি টকা অনুমোদন।


মৰিগাঁৱত প্ৰেক্ষাগৃহৰ বাবে ২০ কোটি টকা অনুমোদন।


কেইবাখনো পুৰণি শিক্ষানুষ্ঠানৰ বাবে ৮কোটি টকাকৈ ধার্য।


বহুকেইখন কলেজলৈ ৫ কোটি টকাকৈ আৱণ্টন।

Magh Month: মাঘ মাহত ক’লা তিলেৰে ভাগ্য জিলিকিব আপোনাৰ! ধন-সম্পত্তি বাঢ়িব…

Magh Month: মাঘ মাহত ক’লা তিলেৰে ভাগ্য জিলিকিব আপোনাৰ!
Magh Month: মাঘ মাহত ক’লা তিলেৰে ভাগ্য জিলিকিব আপোনাৰ!

সনাতন ধৰ্মত মাঘ মাহৰ বিশেষ ধৰ্মীয় তাৎপৰ্য আছে। মাঘ মাহত পবিত্ৰ নদীৰ পাৰত জপ, পূজা কৰি আশীৰ্বাদ লাভ কৰে।(Magh Month) হিন্দু পঞ্জিকা অনুসৰি ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মাঘ মাহ ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীত শেষ হ’ব।


মাঘ মাহত বিষ্ণু ভগৱানক পূজা কৰিলে সকলো কামনা পূৰণ হয়। পদ্মপুৰাণৰ মতে তিলৰ উৎপত্তি ভগৱান বিষ্ণুৰ পৰাই হৈছে, সেয়েহে তেওঁ তিলক আশীৰ্বাদ দি মোক্ষ প্ৰদান কৰিছিল। এই মাহত ভগৱান বিষ্ণুৰ ওচৰত তিল অৰ্পণ কৰি ব্যক্তিয়ে মোক্ষ লাভ কৰে।

মাঘ মাহত বিশেষকৈ একাদশীৰ দিনা ক’লা তিল দান কৰা ভক্তসকলে মৃত্যুৰ পিছত বৈকুণ্ঠ সুখেৰে জীয়াই থকাৰ সৌভাগ্য লাভ কৰে।

মাঘৰ অমৱস্যাৰ দিনা স্নান কৰি পূৰ্বপুৰুষক পানী আগবঢ়াওক। লগতে ক’লা তিল ব্যৱহাৰ কৰাটো শুভ বুলি গণ্য কৰা হয়। ক’লা তিলক মুক্তিদায়ক বুলি ধৰা হয়। ইয়াৰ দ্বাৰা পূৰ্বপুৰুষসকল সন্তুষ্ট হয় আৰু তেওঁলোকে পৰিয়ালটোক সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ দিয়ে।

যদি কাৰোবাৰ ৰাশিফলত শনি দোষ আছে তেন্তে শনিবাৰে ক’লা তিল দান কৰক। মাঘ মাহত সূৰ্য্য ঈশ্বৰ শনিৰ ৰাশি মকৰ ৰাশিত থাকে। শনিয়ে পিতৃ সূৰ্যক ক’লা তিল উপহাৰ দিছিল বুলি ধৰ্মীয় বিশ্বাস আছে, যাৰ বাবে তেওঁক সুখী কৰি তুলিছিল। গতিকে তিল দান কৰি ৰাশিফলত শনি আৰু সূৰ্য্যৰ অৱস্থান উন্নত হয়।

একাদশীৰ দিনা ক’লা তিল দান কৰিলে ঘৰত সুখ, সমৃদ্ধি, ধন-সম্পত্তি আৰু ভৱিষ্যৎ বৃদ্ধি পায়। তিল দান কৰিলে মানুহৰ জীৱনত আশীৰ্বাদ পোৱাই নহয় জীৱনত ইতিবাচক শক্তি আৰু সুখো কঢ়িয়াই আনে।

Celebrities Attacked: কেৱল ছেইফে নহয়, ছলমান খানৰ পৰা প্ৰীতি জিণ্টালৈকে এই ছুপাৰষ্টাৰসকল সন্মুখীন আক্ৰমণৰ!

Celebrities Attacked: কেৱল ছেইফে নহয়, ছলমান খানৰ পৰা প্ৰীতি জিণ্টালৈকে এই ছুপাৰষ্টাৰসকল সন্মুখীন আক্ৰমণৰ!
Celebrities Attacked: কেৱল ছেইফে নহয়, ছলমান খানৰ পৰা প্ৰীতি জিণ্টালৈকে এই ছুপাৰষ্টাৰসকল সন্মুখীন আক্ৰমণৰ!

বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ঘৰত চুৰি কৰিবলৈ গৈ অচিনাকি লোকে তেওঁক দাৰে আক্ৰমণ কৰিছিল, যাৰ ফলত আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী।(Celebrities Attacked) ইয়াৰ পিছত লগে লগে তেওঁক লীলাৱতী চিকিৎসালয়লৈ লৈ যোৱা হয়। য’ত তেওঁ চিকিৎসাধীন হৈ আছে। কিন্তু বলীউডৰ এজন চেলিব্ৰিটিক আক্ৰমণ কৰা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ছলমান খান, প্ৰীতি জিণ্টাকে ধৰি বহু চেলিব্ৰিটি আক্ৰমণৰ বলি হৈছে।

এই তালিকাত প্ৰথম নাম গুলচন কুমাৰ, যাক সংগীত জগতৰ ভগৱান বুলিও গণ্য কৰা হয়। তেওঁ ভক্তিমূলক গীতেৰে দৰ্শকৰ হৃদয় জয় কৰিছিল। ১৯৯৭ চনত মুম্বাইৰ আন্ধেৰীৰ মন্দিৰৰ বাহিৰত টি ছিৰিজৰ প্ৰতিষ্ঠাপক গুলচন কুমাৰক গুলীয়াই হত্যা কৰাৰ ফলত সংগীত জগতখনৰ ডাঙৰ ক্ষতিৰ সন্মুখীন হয়।

ছেইফ আলী খানৰ ওপৰত আক্ৰমণৰ খবৰ এতিয়া শিৰোনামত। বৃহস্পতিবাৰে গভীৰ নিশা অচিনাকি লোকে তেওঁৰ ঘৰত সোমাই দাৰে আক্ৰমণ কৰে, তাৰ পিছত লগে লগে তেওঁক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰা হয়। য’ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয় আৰু বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে। ইয়াৰ বাহিৰেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে একাংশ লোকক। ফৰেনছিক দলটোও তেওঁৰ ঘৰত উপস্থিত হৈ সকলো প্ৰমাণ সংগ্ৰহত ব্যস্ত।

প্ৰীতি জিণ্টাৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ২০০১ চনত চৰী চৰী চুপকে চুপকে ছবিখনৰ আইনী গোচৰৰ সময়ত তেওঁ বলীউডত পাতালৰ ধনৰ লেনদেনৰ বিষয়ে সাক্ষ্য দিছিল। তেওঁ কৈছিল যে তেওঁক ৫০ লাখ টকা দিয়াৰ ভাবুকি দিয়া হৈছিল।

ইয়াৰ উপৰিও হৃতিক ৰোশনৰ পিতৃ তথা হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ ৰোশনৰ নামো এই তালিকাত আছে। ২০০০ চনৰ জানুৱাৰী মাহত মুম্বাইৰ ছান্টাক্ৰুজ অঞ্চলত থকা তেওঁৰ কাৰ্যালয়ৰ ওচৰত দুজন আক্ৰমণকাৰীয়ে তেওঁক আক্ৰমণ কৰে।

এই তালিকাত ছলমান খানৰ নামো আছে। বলীউডৰ দাবাং খানে বহুবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে। বিশেষকৈ ১৯৯৮ চনৰ ক’লা হৰিণ চোৰাং চিকাৰৰ গোচৰত ছলমানৰ জড়িত থকাৰ প্ৰতিশোধ লোৱাৰ ভাবুকি পাইছ্ল গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ পৰা। ২০২৪ চনত ছলমানৰ ঘৰৰ বাহিৰত গুলীচালনা হোৱাৰ পিছত বিষয়টো আৰু অধিক তীব্ৰতৰ হৈ পৰে, তাৰ পিছত তেওঁৰ নিৰাপত্তা Y+ স্তৰলৈ বৃদ্ধি কৰা হয়।

বলীউডৰ কিং বুলি অভিহিত ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। যোৱা বছৰ তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছিল। ইয়াৰ বাহিৰেও তেওঁ বহুবাৰ মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডৰ পৰা ভাবুকি লাভ কৰিছে। নব্বৈৰ দশকত গেংষ্টাৰ আবু চেলেমৰ পৰা বাৰে বাৰে ভাবুকি লাভ কৰিছিল।২০২৩ চনত মহাৰাষ্ট্ৰ চৰকাৰে শ্বাহৰুখ খানক Y+ নিৰাপত্তা দিছিল যাতে তেওঁ এই ভাবুকিৰ পৰা বচাব পাৰে।

Saif Ali Khan: ছেইফক আক্ৰমণ, ৩জনক আটক কৰি জেৰা অব্যাহত আৰক্ষীৰ

Saif Ali Khan: ছেইফক আক্ৰমণ, ৩জনক আটক কৰি জেৰা অব্যাহত আৰক্ষীৰ
Saif Ali Khan: ছেইফক আক্ৰমণ, ৩জনক আটক কৰি জেৰা অব্যাহত আৰক্ষীৰ

মুম্বাই আৰক্ষীয়ে ছেইফৰ ঘৰত কৰ্মৰত তিনিজন লোকক আটক কৰে। তিনিওজনকে থানালৈ লৈ গৈছে, বৰ্তমান তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে।(Saif Ali Khan)

বিখ্যাত পাটৌদি পৰিয়ালৰ মালিক তথা বলীউডৰ অভিনেতা ছেইফ আলী খানক কৰা আক্ৰমণত সকলো আচৰিত হৈছে। বৃহস্পতিবাৰে পুৱাৰ ভাগত মুম্বাইৰ বান্দ্ৰাত ছেইফ আলী খানৰ ঘৰত আক্ৰমণ সংঘটিত হয়। জানিব পৰা মতে, অভিযুক্তই চুৰিৰ উদ্দেশ্যেৰে তেওঁৰ ঘৰলৈ আহি ছেইফক দাৰে আক্ৰমণ কৰে। এই গোচৰত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। চাৰিওফালৰ চিচিটিভি কেমেৰা স্কেন কৰা হৈছে। অভিযুক্তক ধৰিবলৈ ৭টা আৰক্ষীৰ দল গঠন কৰা হৈছে। এই সকলোবোৰৰ মাজতে আৰক্ষীয়ে ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

মুম্বাই আৰক্ষীয়ে ছেইফৰ ঘৰত কৰ্মৰত তিনিজন লোকক আটক কৰিছে। তিনিওজনকে থানালৈ লৈ গৈছে, তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে। এই ৩ জন লোকে ছেইফৰ ঘৰত কাম কৰে। ইয়াৰ লগতে ছেইফ আলী খানৰ ঘৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ স্কেন কৰা হৈছে।

ইফালে, ছেইফ আলী খানৰ ঘৰৰ চিচিটিভি কেমেৰাত আক্ৰমণৰ দুঘণ্টা পূৰ্বে চৌহদত প্ৰৱেশ কৰা কোনো লোকক ধৰা নপৰা বুলিও জনোৱা হৈছে। ইয়াৰ অৰ্থ এইটোও হ’ব পাৰে যে যিয়েই ছেইফক আক্ৰমণ কৰিছিল তেওঁ হয়টো কেমেৰাৰ পৰা লুকাই থকা অট্টালিকাটোত প্ৰৱেশ কৰিছিল নহয় আগতে প্ৰৱেশ কৰিছিল আৰু আক্ৰমণ কৰিবলৈ অপেক্ষা কৰি আছিল। বৰ্তমান আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ স্কেন কৰি আক্ৰমণকাৰীক চিনাক্ত কৰিবলৈ চেষ্টা কৰিছে।

আনহাতে, বৰ্তমান ছেইফ মুম্বাইৰ লীলাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছে। লীলাৱতী হাস্পতালৰ চিকিৎসকগৰাকীয়ে কয় যে অভিনেতাজনক ছয়বাৰকৈ ছুৰীৰে আঘাত কৰা হৈছে, ইয়াৰে দুটা ঘাঁ গভীৰ। লীলাৱতী হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ নীৰজ উৎমানীয়ে কয় যে ছৈফৰ ছটা ঘাঁ হৈছে, ইয়াৰে দুটা দ’।

Cabinet: আজি মৰিগাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট

Cabinet: আজি মৰিগাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট
Cabinet: আজি মৰিগাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট

মৰিগাঁৱত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকত বৈঠক উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ লগতে বহুকেইজনো মন্ত্ৰী।(Cabinet) মৰিগাঁৱত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হোৱা লগে লগে মন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনাই বি জে পি দলৰ বিষয়ববীয়া সকলৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন সংগঠনৰ লগতে বিভিন্ন বিভিন্নজন লোকে।

ক্ষন্তেক পিছতে অনুষ্ঠিত হ’ব কেবিনেট বৈঠকত আৰু কেবিনেট বৈঠকৰ প্ৰাকক্ষণত মৰিগাঁও আৱৰ্ত্ত ভৱনত বিভিন্ন জন লোকৰ সৈতে মত বিনিময় কৰে।

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত হ’ব কেবিনেট। কেবিনেটত লোৱা হ’ব মৰিগাঁও জিলা উন্নয়নৰ বাবে কেইবাটাও সিদ্ধান্ত। বৈঠকৰ পাছতে জোনবিল মেলাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Chingfou King: উত্তৰ-পূবৰ এটি চিনাকী নাম চিংফৌ ৰজা বিচা নং চিংফৌৰ দেহাৱসান

Chingfou King: উত্তৰ-পূবৰ এটি চিনাকী নাম চিংফৌ ৰজা বিচা নং চিংফৌৰ দেহাৱসান
Chingfou King: উত্তৰ-পূবৰ এটি চিনাকী নাম চিংফৌ ৰজা বিচা নং চিংফৌৰ দেহাৱসান

চিংফৌ ৰজা বিচা নং চিংফৌৰ দেহাৱসান। উত্তৰ -পূবৰ এটি চিনাকী নাম চিংফৌ ৰজা বিচা নং চিংফৌৰ দেহাৱসান বাৰ্ধক্যজনিত ৰোগত(Chingfou King) আক্ৰান্ত হৈ তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহ্যমণ্ডিত নিজা বাসগৃহ বিচাগাৱঁত চিকিৎসাধীন আছিল তেওঁ।

চিংফৌ সমাজৰ লগতে সমাজজীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই যোৱা বিচাৰজা খ্যাত চিংফৌৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। উত্তৰ পূববাসীৰ এটা পৰিচিত নাম। নামেই তেওঁৰ পৰিচয়। বংশানুক্ৰমে তেওঁ বিছা ৰজা।

লিডুৰ ঐতিহ্নমণ্ডিত বিচাগাৱঁৰ নিবাসী বিচা নং চিংফৌৰ ৭৬ বছৰ বয়সত কালি নিশা দেহাৱসান ঘটে। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল তেওঁ।