EXAMPLEARTICLECONTENT
No-deposit Bonus British Better No wings away from gold pokie put Bonuses Sep 2024
Blogs
Our it is recommended your try out this no deposit extra, if Aztec Jewels is actually a slot you love, or really wants to enjoy. Maximum cashout matter is highest, plus the saying procedure is not difficult to do.
অসম আৰু উত্তৰ পূৰ্বাঞ্চলত টপচেম এচ ডি চি এফ টি আৰ++ চিমেন্ট মুকলি । TOPCEM SDC Cement
গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী, ২০২৫: TOPCEM SDC Cement । উত্তৰ পূব ভাৰতৰ অন্যতম প্ৰসিদ্ধ চিমেন্ট উৎপাদক টপচেম চিমেন্ট-এ আজি গুৱাহাটীত এক বিশেষ অনুষ্ঠানত টপচেম এচ ডি চি এফ টি আৰ++ চিমেন্ট উন্মোচন কৰে। মেঘালয় চিমেন্ট লিমিটেড-ৰ বিক্ৰী আৰু বিপণনৰ জেষ্ঠ্য অধ্যক্ষ ড° অনিল কাপুৰে আনুষ্ঠানিকভাৱে নতুন এই চিমেন্টটো মুকলি কৰে। নতুন এই চিমেন্টটোত অন্তর্ভুক্ত কৰা হৈছে স্মাৰ্ট মিক্স টেকনোলজি, যি শক্তি দক্ষতা, স্থায়িত্ব আৰু গুণগত মান বৃদ্ধিৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰিছে।
এই অনুষ্ঠানত মেঘালয় চিমেন্ট লিমিটেড-ৰ কাৰিকৰী আৰু নন-ট্ৰেড বিভাগৰ জেষ্ঠ্য মহাপ্রবন্ধক শ্ৰী জয়দীপ নাথৰ লগতে কোম্পানীটোৰ জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে। টপচেমৰ নতুন চিমেন্ট এই অঞ্চলৰ নির্মাণ খণ্ডত এক গুরুত্বপূর্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

স্মাৰ্ট মিক্স টেকনোলজিৰ বিশেষত্ব
টপচেম এচ ডি চি এফ টি আৰ++ চিমেন্টত ব্যৱহাৰ কৰা স্মাৰ্ট মিক্স টেকনোলজি শক্তি সঞ্চয়, স্থায়িত্ব আৰু গুণগত মান বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। এই চিমেন্ট বিশেষকৈ ফাট মেলা প্ৰতিহত কৰিবলৈ সক্ষম, যাৰ ফলত গাঁথনি অধিক স্থায়ী আৰু শক্তিশালী হৈ থাকে। আনুপাতিকভাৱে হ্ৰাস পায় কাৰ্বন নিগ্ৰহণৰ হাৰ, যিয়ে পৰিবেশীয় সুস্থতাৰ ক্ষেত্ৰত আগ্ৰণী ভূমিকা পালন কৰে।
উল্লেখ্য যে, এই চিমেন্ট বহুমুখী গুণগত বৈশিষ্ট্যৰ বাবে ভেটি, খুঁটা, শ্লেব আৰু আন আন্তঃগাঁথনিমূলক কামত সমানভাৱে কার্যকৰী হ’ব।
উদ্ভাৱনমূলক এই প্ৰডাক্ট উন্মোচন উপলক্ষে ড° অনিল কাপুৰে কয়, “টপচেম এচ ডি চি এফ টি আৰ++ কেৱল চিমেন্ট নহয়, ই এক আধুনিক যুগৰ গাঁথনিৰ ভিত্তি। শক্তি, স্থায়িত্ব আৰু পৰিবেশ বান্ধৱ গুণাগুণৰ লগত গৃহ নিৰ্মাণ ক্ষেত্ৰত এই চিমেন্ট নতুন দিশ দেখুৱাব। স্মাৰ্ট মিক্স টেকনোলজিৰ সহায়ত টপচেমে নিৰ্মাণ খণ্ডৰ টেকসই উন্নয়নলৈ আগবঢ়াৰ এক সফল প্রচেষ্টা কৰিছে।”
জয়দীপ নাথে এই সম্পৰ্কে কয়, “আমাৰ লক্ষ্য আছিল শক্তিশালী, স্থিৰ আৰু পৰিবেশ-অনুকূল সামগ্ৰী উপভোক্তালৈ আগবঢ়োৱা। টপচেম এচ ডি চি এফ টি আৰ++ সেই উদ্দেশ্য সফলভাৱে পূৰণ কৰিব।”

নতুন আশা নতুন দিশ
উত্তৰ পূব ভাৰতত গাঁথনিৰ ক্ষেত্ৰত যিবিলাক আধুনিকীকৰণ আৰু টেকসই উন্নয়ন ঘটিছে, টপচেমৰ এই নতুন চিমেন্ট সেই পথত এক গুৰুত্বপূর্ণ সংযোজন হিচাপে বিবেচিত হ’ব। শক্তিশালী, স্থিৰ আৰু ব্যয়সাপেক্ষ এই চিমেন্ট চৌপাশে ইতিবাচক প্ৰতিধ্বনি সৃষ্টি কৰিছে।
টপচেম এচ ডি চি এফ টি আৰ++ — আধুনিক গাঁথনিৰ ভেটি, টেকসই উন্নয়নৰ প্ৰতিশ্ৰুতি।
অসমত এক বাণিজ্যানুকূল পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে ৰাজ্যৰ উদ্যোগী- বিনিয়োগকাৰীলৈ আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ । Bimal Bara

গুৱাহাটী, ১৪ফেব্ৰুৱাৰী:Bimal Bara । খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ২৫ আৰু ২৬ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য ‘এডভান্টেজ অসম ২.০:

আন্ত:গাঁথনি আৰু বিনিয়োগকাৰী সন্মিলন’ৰ প্ৰাক:ক্ষণত আজি জনতা ভৱন চৌহদৰ লোকসেৱা ভৱনত ৰাজ্যৰ শীৰ্ষ উদ্যোগী আৰু বিনিয়োগকাৰী সকলৰে হোৱা এক বৈঠকত দেশৰ অন্য প্ৰান্তৰ লগতে বিদেশৰ পৰা আহিবলগা বিনিয়োগকাৰী বাবে এক উপযুক্ত ঔদ্যোগিক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই উদ্যোগী সকলৰ প্ৰতি আহ্বান জনায়।
অসম চৰকাৰৰ মুখ্য সচিব ড০ৰবি কোটা,উদ্যোগ বিভাগৰ সচিব আৰু আয়ুক্ত ক্ৰমে ড০লক্ষ্মণন এছ আৰু ঐনাম চৰণ কুমাৰ সিঙকেধৰি কেবাগৰাকীও বিষয়া- কৰ্মচাৰীৰ উপস্থিতিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই বৈঠকত উদ্যোগ মন্ত্ৰী বড়াই কেবল বৃহৎ বিনিয়োগকাৰীকাৰীকেই নহয় ৫,১০অথবা২০ লাখ টকা বিনিয়োগ কৰি উদ্যোগ প্ৰতিষ্ঠান গঢ়িব খোজা এম এছ এম ই খণ্ডৰ উদ্যোগী বা ষ্টাৰ্টআপ সকলকো এডভান্টেজ অসম২.০ সমানেই গুৰুত্বপ্ৰদান কৰা হৈছে বুলি কয়।
এই সন্মিলনত খাদ্য সংসাধন খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি সুগন্ধি দ্ৰব্য, পৰ্যটন, সুশ্ৰুষা, পুন:নৱীকৰণকৃত আৰু সেউজ বিদ্যুৎ শক্তি, হাইড্রো কাৰ্বন, পেট্রোকেমিকেলছ আদি কেবাটাও গুৰুত্বপূৰ্ণ খণ্ডক সমুখত ৰখা হৈছে বুলিও কয়।
অসমৰ ভৌগলিক অৱস্থানে বিশ্বৰ ৩০ শতাংশ জনসংখ্যাক স্পৰ্শ কৰিব পাৰে বুলি মন্তব্যকৰি মন্ত্রী বড়াই ইয়াকো কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাবেই লুক ইষ্ট নীতিৰ পৰিবৰ্তে এক্ট ইষ্ট নীতিৰ পোষকতা কৰিছে।
ৰাজ্যৰ বিশিষ্ট উদ্যোগী সকলৰ আগত মন্ত্রী বড়াইএই অনুষ্ঠান কেৱল উদ্যোগ বিভাগৰে নহয় অসমৰ ৰাইজৰ অনুষ্ঠান বুলি মন্তব্য কৰি অসমৰ বিকাশৰ দিশতো সমুখত ৰাখি আয়োজন কৰা এডভান্টেজ অসম ২.০ ত অতিথি পৰায়ণতাৰ বাবে থকা অসমৰ সুনাম যাতে ৰক্ষা পৰে তাৰ ওপৰতো দৃষ্টি ৰাখিবলৈ সকলোকে আহ্বান জনায়।
অসমত বিনিয়োগ কৰাৰ বাবে বা উদ্যোগ স্হাপনৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ আয়োজন কৰা এই সন্মিলনৰ বাবে ৰাজ্যৰ উদ্যোগী সকলৰ সহযোগিতা কামনা কৰি আজি আয়োজন কৰা এই বৈঠকৰ সমান্তৰালকৈ ভিডিও কনফাৰেঞ্চৰ জৰিয়তে জিলা আয়ুক্ত আৰু জিলাৰ উদ্যোগীসকলৰ সৈতেও মন্ত্রী বড়াই এডভান্টেজ অসম সন্দৰ্ভত কথা বতৰা পাতে আৰু জিলা সমূহতো অনুৰূপ কাৰ্যসূচী ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে।
ইয়াৰ পূৰ্বে মুখ্য সচিব ড০ ৰবি কোটা আৰু উদ্যোগ সচিব ড০লক্ষ্মণন এছে সকলকে এডভান্টেজ অসমৰ কাৰ্যক্ৰণিকা সন্দৰ্ভত অৱগত কৰে।

এই বৈঠকৰ পাছতে অনুষ্ঠিত এক সংবাদ মেলত উদ্যোগ মন্ত্ৰী বিমল বড়াই ইউৰোপিয়ান ইউনিয়ন, মালয়েছিয়া, ভূটান, ইউনাইটেড আৰৱ আমিৰেটচ,থাইলেণ্ড, ছিংগাপুৰ, জাপান অংশীদাৰী ৰাষ্ট্ৰ হিচাপে থাকিব লগা এই সন্মিলনখনত ৩৯ খন দেশৰ প্ৰায় পাচ শতাধিক প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব বুলিও জানিবলৈ দিয়ে।
অনিল আম্বানিকে ধৰি দেশৰ কেবাগৰাকীও বিশিষ্ট উদ্যোগপতি উপস্থিত থাকিব লগা এই অনুষ্ঠানৰ অতিথি আদৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে সকলো ব্যবস্থা নিখুত ভাৱে কৰাৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰি অতিথি সকলৰ থকা মেলাৰ বাবে হোটেলৰ কোঠা সংৰক্ষণ,যাতায়াতকে ধৰিকে ধৰি সকলো ব্যৱস্থা ইতিমধ্যে কৰাৰ কথাও মন্ত্রী বড়াই ব্যক্ত কৰে।
মুম্বাই,বাংগালুৰু,আহমদাবাদ আদি দেশৰ প্ৰধান নগৰ সমূহত বিনিয়োগকাৰীক অসমত বিনিয়োগৰ বাবে আকৰ্ষিত কৰাৰ উদ্দেশ্যে চৰকাৰী ভাবে ৰোড শ্বো অনুষ্ঠিত কৰাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জাপান, দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰ ভ্ৰমণ কৰি সেই দেশৰ ৰাষ্ট্ৰ প্ৰধান সকল তথা উদ্যোগী সকলৰ লগত বৈঠক কৰাৰ কথা মন্ত্রী বড়াই উল্লেখ কৰে লগতে মন্ত্রী কেশৱ মহন্তই একে উদ্দেশ্যে মালয়েছিয়া আৰু থাইলেণ্ডলৈ আৰু তেওঁ নিজেও ডুবাই আৰু লণ্ডনলৈ যোৱাৰ কথাও কয়।
সন্মিলনৰ বাবে আয়োজন কৰা অসমৰ ঔদ্যোগিক ক্ষেত্ৰৰ উত্থান আৰু বিৱৰ্তনক প্ৰতিফলিত কৰা প্ৰদৰ্শনী খন ২৭ ফেব্রুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰী পৰ্যন্ত তিনি দিনৰ বাবে সৰ্বসাধাৰণৰ ৰাইজৰ বাবে মুকলি থাকিব বুলিও মন্ত্রী বড়াই সংবাদ মেলত ব্যক্ত কৰে।
ভেলেণ্টাইন ডে’ – এক প্ৰেমৰ প্ৰতীক। VALENTINES DAY 2025
VALENTINES DAY 2025 । প্ৰেম এক স্বৰ্গীয় অনুভূতি, যি জীৱনক ৰঙীন আৰু পূৰ্ণৰূপে বিকশিত কৰে। প্ৰেমৰ এক বিশেষ গাম্ভীৰ্য থাকে; একে সতে এটি অমুল্য উপহাৰ, যি হৃদয়ৰ গভীৰতাৰে অনুভৱ কৰা হয়। প্ৰেমৰ অস্তিত্বৰ পিছনেই এক অদৃশ্য শক্তি কাৰ্য্যৰূপে থাকে, যি আমাক এটি নতুন দৃষ্টিৰেখাৰ পৰা জীৱনক দেখুৱাই আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ত পৰিসৰে পূৰ্ণ কৰি তোলে। ১৪ ফেব্ৰুৱাৰী, প্ৰেমৰ দিনৰূপে সমগ্র বিশ্বত উদযাপিত হয়, যি এক ঐতিহাসিক ৰীতি-পদ্ধতিৰ পৰা গঢ় লৈছে।
ভেলেণ্টাইন ডে’ৰ উৎস পৰিসৰ অনেক গভীৰ আৰু এক নিৰ্দিষ্ট মৰ্মৰ পৰা উৎসৰিত। এই দিৱসটোৰ মূল উদ্দেশ্য হৈছে প্ৰেম আৰু সমৰ্পণৰ প্ৰতীক ৰূপে এক বিশেষ দিন চিহ্নিত কৰা।
এই দিনটো নাম চেন্ট ভেলেণ্টাইনৰ পৰা আহিছে, যি ৩য় শতিকাৰ ৰোমৰ এক পৱিত্ৰ ব্যক্তি আছিল। তেওঁ ৰোমান সম্ৰাট ক্লাউডিয়াছ দ্বিতীয়ৰ আদেশৰ বিপৰীত গৈ গোপনে সৈনিকসকলৰ বিবাহ কৰি দিলেহে।
সেয়া তেওঁ মৃত্যুদণ্ডৰ শিকার হৈছে। তথাপিও, চেন্ট ভেলেণ্টাইনৰ মৰমৰ শক্তি চিৰস্থায়ী হৈ পৰে, আৰু এই দিনটো আজিও বিশ্বজুৰি প্ৰেমৰ মঞ্চ হিচাপে পালন কৰা হয়।
ভেলেণ্টাইন ডে’ কেবল মৈত্ৰী আৰু দম্পতিসকলৰ বাবে নহয়, সকলোৰ বাবে এটি উপযুক্ত সুযোগ। সেয়া হৈছে, কোনো বিশেষ ব্যক্তি, বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে নিজৰ মৰম আৰু স্নেহ প্ৰকাশ কৰিবলৈ এক আৱশ্যক মুহূৰ্ত।
ই আমাদের শিকায় যে, প্ৰেম এক অন্তৰংগ সম্পৰ্ক গঢ়া নহয়, একে সময়ত আমাৰ আপোনজনৰ সঙ্গত সময় কাটোৱাৰ, তেওঁলোকৰ উপযোগীতা আৰু মূল্যৰ পৰা এক স্নেহৰ ভাব প্ৰকাশ কৰাৰ এক সৰ্বোত্তম দিশ।
এই দিনটোত প্ৰেমিক-প্ৰেমিকাই একে আনজনৰ প্রতি উপহাৰ, ফুল আৰু ৰোমান্টিক কাৰ্ডেৰে প্ৰেমৰ গভীৰতা দেখুৱাই। তাৰ সতে, সেয়া এক বন্ধুত্বপূর্ণ সম্পর্কৰ পৰিসৰে ৰঙীন আৰু উজ্জ্বল হৈ পৰে।
জীৱনটো যদি সত্যই এক বিশেষ যাত্ৰা হয়, তেন্তে এই দিনটো আমাৰ বাবে এক মনৰ আনন্দৰ, প্ৰেমৰ সত্যতা আৰু মানবিক মূল্যৰ সন্মানৰ চিহ্ন।
অৱশ্যে, বৰ্তমান সময়ত ভেলেণ্টাইন ডে’ৰ ধাৰণা কিছু সলনি হৈছে। তথাপিও প্ৰেম নিভাঁজ। আগতে কেৱল প্ৰেমিক যুটিয়ে ভেলেণ্টাইন ডে’ উদযাপন কৰিছিল যদিও এতিয়া বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যক বিশেষ অনুভৱ কৰাব বিচৰা সকলোৰে ভেলেণ্টাইন ডে’ উদযাপন কৰে।
ভেলেণ্টাইন ডে’ সলনি আপোনাৰ জীৱনৰ বিশেষ প্ৰতিটো মুহূৰ্ত বাচি লৈ, আপোনাৰ প্ৰিয়জনৰ প্রতি আন্তৰিক মৰম আৰু সমৰ্পণ প্ৰকাশ কৰি এই দিনটোক আরো অমূল্য আৰু বিশেষ কৰি তুলে।
এই প্ৰেমৰ দিনটোক লৈ ভিন্ন জনে ভিন্ন ধৰণে চৰ্চা কৰে । একাংশৰ মতে প্ৰেমৰ বাবে কিয় বিশেষ দিনৰ প্ৰয়োজন বুলি ।
ভেলেণ্টাইন ডে’ উদযাপনৰ কাহিনী ৰোমৰ ছেইন্ট ভেলেণ্টাইনৰ সৈতে জড়িত
আচলতে বিশ্বাস কৰা হয় যে ৰোমান ৰজা ক্লাউডিয়াছ প্ৰেমৰ কঠোৰ বিৰোধী আছিল, কাৰণ তেওঁৰ বিশ্বাস আছিল যে যদি সৈন্যই প্ৰেমত পৰিবলৈ আৰম্ভ কৰে তেন্তে তেওঁলোকৰ মন কামৰ পৰা বিচলিত হৈ পৰিব আৰু ইয়াৰ ফলত ৰোমান সৈন্য দুৰ্বল হৈ পৰিব ৷ এই কাৰণেই তেওঁ সৈনিকক বিবাহ পাশত আৱদ্ধ হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ আনহাতে, ছেইন্ট ভেলেণ্টাইনে পূৰ্বে প্ৰেমৰ প্ৰচাৰ কৰিছিল ৷ কেৱল এয়াই নহয়, ৰজাৰ বিৰুদ্ধে গৈ বহু প্ৰেমিক যুগলৰ বিয়াও কৰোৱাইছিল ৷
ছেইন্ট ভেলেণ্টাইনক দিয়া হ’ল মৃত্যুদণ্ড
ছেইন্ট ভেলেণ্টাইনে প্ৰেমিক যুগলৰ বিবাহৰ ব্যৱস্থা কৰি ৰজা ক্লাউডিয়াছৰ বিশ্বাস ভুল বুলি প্ৰমাণ কৰিছিল, যাৰ বাবে ৰোমৰ ৰজাই তেওঁক মৃত্যুদণ্ড দিছিল ৷ ইয়াৰ পিছত ১৪ ফেব্ৰুৱাৰীত ছেইন্ট ভেলেণ্টাইনক ফাঁচী দিয়া হয় আৰু সেইদিনাৰ পৰাই ভেলেণ্টাইন ডে’পালন কৰা হয়৷ আজিৰ পৰাই ৰোমকে ধৰি সমগ্ৰ বিশ্বতে ১৪ ফেব্ৰুৱাৰীত প্ৰেমৰ দিৱস উদযাপনৰ ধাৰা আৰম্ভ হৈছিল, যিটো আজিও অব্যাহত আছে ৷
ভেলেণ্টাইন ডে’ৰ উৎপত্তি হৈছে ৰোমান উৎসৱৰ পৰা ৷ ৪৯৬ চনত বিশ্বত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল ভেলেণ্টাইন ডে’ ৷ ইয়াৰ পিছত পঞ্চম শতিকাত ৰোমৰ পোপ গেলাছিয়াছে ১৪ ফেব্ৰুৱাৰীক ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে ৷ আজিৰ পৰাই ১৪ ফেব্ৰুৱাৰী তাৰিখটো ৰোমকে ধৰি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে ৷ কেৱল এয়াই নহয়, ৰোমৰ বহু চহৰত আজিৰ দিনটোতে গণ বিবাহৰ আয়োজন কৰা হয় ৷
টেঙাখাতত প্ৰচণ্ড শিল বৰষুণ আৰু ধুমুহাই বহু পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে । Tengakhat
১৪ ফেব্ৰুৱাৰী, ২০২৫ঃ Tengakhat। টেঙাখাত অঞ্চলত বুধবাৰে সন্ধিয়া প্ৰচণ্ড শিল বৰষুণ আৰু ধুমুহাই বহু গাঁওৰ পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে। দিনৰ ভাগত ডাৱৰীয়া আৰু পাতলীয়া বৰষুণৰ পিছত নিশা আনুমানিক চাৰে বাৰ মান বজাত হঠাতে অহা এই প্ৰকৃতিৰ দুখ-দুৰ্দশাই বিশেষকৈ চুঙি গাঁও, ঘাঁহী গাঁও আৰু বৰঅভয়পুৰীয়া আদি গাৱঁত পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি পৰাৰ লগতে বহু পৰিয়ালৰ ঘৰ বা ভৰালৰ টিনপাত উৰুৱাই নিয়াৰ ফলত খাদ্য শস্য, কাপোৰ কানি, ধান আৰু শাক-পাচলি নষ্ট হৈছে।
এই ক্ষেত্ৰত, টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে ২৭ খন টাৰপলিন যোগান ধৰাৰ পিছত, গাঁও প্ৰধান লক্ষ্য গগৈয়ে সেয়া ক্ষতিগ্ৰস্ত গাঁওসমূহৰ ৰাইজৰ মাজত বিতৰণ কৰিছে।
আনহাতে, বুধবাৰৰ নিশাৰ পৰা অঞ্চলটোত বিদ্যুত যোগান ব্যাহত হৈ পৰাৰ ফলত চলি থকা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা আৰু আগন্তক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলৰ পৰিসৰ হোৱা পৰিসৰে সমস্যা দেখা দিছে। ইতিৰূপে, সচেতন ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত সংবাদ মাধ্যমৰ জৰিয়তে বিদ্যুত যোগান নিয়মীয়া কৰি পুনৰ চালু কৰাৰ দাবী জনাইছে ।
No-deposit Gambling enterprise Bonuses 168+ For November 2024
BetMGM stands out from the group by providing people a gambling establishment, sportsbook, and you can web based poker program with loyal promotions for each. Internet casino players specifically might possibly be happy with the enormous kind of jackpot harbors readily available.
Diseases: বেমাৰ বাঢ়িছে, বেছিভাগ মানুহেই গ্ৰহণ কৰে অস্বাস্থ্যকৰ খাদ্য; গাখীৰ আৰু কণী খাই যদিও নাখাই বিশেষ খাদ্য !
যদি আপুনি হঠাতে আপোনাৰ চাৰিওফালে ৰোগ বৃদ্ধি পোৱা লক্ষ্য কৰিছে, তেন্তে আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰক। কাৰণ খাদ্যত কম পৰিমাণৰ শাক-পাচলি লাগে।(Diseases)
ভাৰতৰ মানুহৰ খাদ্যাভ্যাস সময়ৰ লগে লগে সলনি হৈছে। শেহতীয়াকৈ চৰকাৰে প্ৰকাশ কৰা উপভোগ ব্যয় সমীক্ষাৰ তথ্য অনুসৰি আগতে মানুহে শাক-পাচলি আৰু দাইল বেছিকৈ খাইছিল যদিও এতিয়া গাখীৰ, কণী আৰু নিৰামিষ খাদ্য সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পাইছে।
সমীক্ষা অনুসৰি দেশৰ এজন গড় ব্যক্তিয়ে প্ৰতিমাহে ৫০০ৰ পৰা ৩৫০ টকাকৈ গাখীৰৰ বাবে ব্যয় কৰে। একে সময়তে তেওঁ মাত্ৰ ২৯০-২৫০ টকা খৰচ কৰে শাক-পাচলিৰ বাবে। এনে পৰিস্থিতিত এই পৰিৱৰ্তনে আপোনাৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে সেয়া জনাটো গুৰুত্বপূৰ্ণ-
খাদ্যত শাক-পাচলিৰ গুৰুত্ব-
WHOৰ তথ্য অনুসৰি স্বাস্থ্যসন্মত খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ ফলমূল আৰু শাক-পাচলি। ফল-মূল আৰু শাক-পাচলি কমকৈ কালে স্বাস্থ্যৰ অৱনতি ঘটে আৰু সংক্ৰামক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। অনুমান কৰা হৈছে যে ২০১৭ চনত বিশ্বজুৰি ৩৯ লাখ লোকৰ মৃত্যু হৈছে ফল-মূল আৰু শাক-পাচলি পৰ্যাপ্ত পৰিমাণে গ্ৰহণ নকৰাৰ বাবে।
শাক-পাচলি কম খোৱাৰ ফলত হোৱা ৰোগ-
খাদ্যত পৰ্যাপ্ত পৰিমাণৰ শাক-পাচলি অন্তৰ্ভুক্ত নকৰাৰ বাবে হৃদৰোগ, ষ্ট্ৰোক, কেন্সাৰ, মেদবহুলতা, উচ্চ ৰক্তচাপ, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আদি দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব পাৰে।
খাদ্যত কিমান শাক-পাচলি থাকিব লাগে-
প্ৰতিদিনে ৪০০ গ্ৰামতকৈ অধিক ফলমূল আৰু শাক-পাচলি খাবলৈ WHO-এ পৰামৰ্শ দিয়ে। খাদ্যত বিভিন্ন ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰাটোও গুৰুত্বপূৰ্ণ, যাৰ ফলত ভিটামিন, খনিজ আৰু আঁহৰ পৰ্যাপ্ত যোগান নিশ্চিত হয়।
Kangana Ranaut: হিমাচলত নিৰামিষ ৰেষ্টুৰেণ্ট খুলিলে সাংসদ কংগনা ৰানাৱতে, প্ৰংশসা কৰিলে কংগ্ৰেছে!
কংগনা ৰানাৱত নিজৰ স্পষ্টবাদী শৈলীৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে। কোনো বিষয়ত কথা ক’বলৈ তেওঁ কুণ্ঠাবোধ নকৰে।(Kangana Ranaut) এই কাৰণেই তেওঁ প্ৰতিদিনে বিতৰ্কৰ মাজত সোমাই থাকে। ৰাজনীতিত সাংসদ হোৱাৰ পিছৰে পৰা বিৰোধীয়ে তেওঁৰ বিৰুদ্ধে অধিক অভিযোগ উত্থাপন কৰি আহিছে যদিও এইবাৰ যি হৈছে তাৰ পিছত বিৰোধীৰ বেলেগ প্ৰতিক্ৰিয়া। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, যি দলৰ প্ৰাৰ্থীক পৰাস্ত কৰি সাংসদ হিচাপে নিৰ্বাচিত হ’ল, সেই দলটোৱেই তেওঁক প্ৰশংসা কৰিছে।
আপুনি কংগনা ৰানাউটক অভিনেত্ৰী, প্ৰযোজক, পৰিচালক আৰু সাংসদ হিচাপে দেখিছে। কিন্তু এতিয়া কংগনাই নিজৰ জীৱনত আন এক নতুন ভূমিকাত প্ৰৱেশ কৰিছে। তেওঁ নিজেই ছচিয়েল মিডিয়াত ঘোষণা কৰিছে তেওঁৰ নতুন কৰ্মৰ বিষয়ে। কংগনাই হিমাচলৰ উপত্যকাত ‘দ্য মাউণ্টেন ষ্ট’ৰী’নামৰ এখন কেফে খুলিছে। কংগনা ৰানাৱটে ইনষ্টাগ্ৰামত এই কেফেৰ ফাৰ্ষ্ট ফটো শ্বেয়াৰ কৰিছে। ইয়াৰ পিছত ছ’চিয়েল মিডিয়াত তেওঁক লৈ চৰ্চা হৈছিল যদিও আটাইতকৈ ডাঙৰ কথাটো হ’ল কংগনাক প্ৰশংসা কৰিছে কংগ্ৰেছে।
কেৰালা কংগ্ৰেছে টুইটাৰত লিখিছে “প্ৰিয় @KanganaTeam, আপোনাৰ নতুন ‘বিশুদ্ধ নিৰামিষ’ ৰেষ্টুৰেণ্টৰ বিষয়ে জানি আমি আনন্দিত হৈছো।” এই উদ্যোগত আপোনাৰ সকলোৰে সফলতা কামনা কৰিলোঁ!
কেৰালা কংগ্ৰেছে কংগনাক প্ৰশংসা কৰাৰ পিছৰে পৰা কংগ্ৰেছৰ এই টুইট আৰু ইয়াৰ টুইটাৰ হেণ্ডেলত মানুহে প্ৰশ্ন উত্থাপন কৰিছে। বহুতে এই ভিডিঅ’টোত বহু মন্তব্য কৰিছে। আপোনালোকে চাওক কংগনাৰ কেফেৰ ভিডিঅ’‘দ্য মাউণ্টেন ষ্ট’ৰী’।
ভিডিঅ’টোত কংগনাক বৰফেৰে আবৃত পাহাৰেৰে আগুৰি থকা সুন্দৰ ঠাইখনত প্ৰৱেশ কৰা দেখা গৈছে।তেওঁক আদৰণি জনাইছে কৰ্মচাৰীসকলে, কৰ্মচাৰীসকলে পৰম্পৰাগত হিমাচলি টুপী পিন্ধিছে। ভিডিঅ’টোত কেফেখনৰ ভিতৰৰ অংশও দেখুওৱা হৈছে, য’ত কাঠৰ আচবাব, লাইট আৰু এটা ষ্ট’ভ আছে যিয়ে ঠাইখনক আৰু অধিক ধুনীয়া কৰি তুলিছে। হিমাচলৰ সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি এই কেফেখন যে ডিজাইন কৰা হৈছে সেয়া স্পষ্ট।
দন্দুৱাত পঞ্চ শ্বহীদ দিৱস পালন, ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱসৰ অনুষ্ঠান । Morigaon
১৩ ফেব্ৰুৱাৰী, ২০২৫ঃ Morigaon । মৰিগাঁও জিলাৰ দন্দুৱাত ১৩ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে শ্বহীদ দিৱস পালন কৰা হয়। ১৯৮৩ চনৰ ১৩ ফেব্ৰুৱাৰীত অসম আন্দোলনৰ সময়ত নিৰ্বাচনৰ দিনৰ পৰা আৰক্ষীৰ গুলীত পাঁচজন লোকৰ মৃত্যু হৈছিল। তেওঁলোকে আছিল—লম্বোদৰ ডেকা, জুতিকা দেৱী, তৰুণ বৰুৱা, লোচন বৰুৱা আৰু মতিৰাম কাকতি। এই পাঁচজন শ্বহীদৰ স্মৃতিত আজিৰ দিনটো স্মৰণীয় হ’ল।
দন্দুৱা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সহযোতে পঞ্চ শ্বহীদ দিৱস পালন কৰা হয়। পুৱা পতাকা উত্তোলনৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁও আছুৰ সভাপতি ঘনেন্দ্ৰ বৰাই। পতাকা উত্তোলনৰ পিছত শ্বহীদ তৰ্পণ আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি, অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক, লগতে বিভিন্ন বিষয়ববীয়াও উপস্থিত থাকে।
উক্ত সভাত পঞ্চ শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁলোকৰ ত্যাগ আৰু সাহসিকতাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে, অসম আন্দোলনৰ ইতিহাস আৰু ইয়াৰ পৰা পৰা পঞ্চ শ্বহীদৰ অবদান পুনৰ স্মৰণ কৰা হৈছে।
পঞ্চ শ্বহীদ দিৱসৰ এই অনুষ্ঠানৰ মাধ্যমে দন্দুৱা অঞ্চলৰ জনগণৰ মাজত অসম আন্দোলনৰ ঐতিহাসিক মূল্যবোধ আৰু ইতিহাসৰ প্ৰতি এক নতুন অনুভৱ জগাইছে।







