যদি আপুনিও বয়স বৃদ্ধিৰ লগে লগে আপোনাৰ স্মৃতিশক্তি বজাই ৰাখিব বিচাৰে(Egg) তেন্তে এই সমস্যাৰ সমাধান হল কণী। শেহতীয়াকৈ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ছান ডিয়েগোৰ গৱেষকসকলে এক অধ্যয়নত এই কথা জানিব পাৰিছে যে নিয়মিতভাৱে কণী খোৱা প্ৰাপ্তবয়স্কসকলৰ স্মৃতিশক্তি উন্নত হোৱাৰ সম্ভাৱনা বেছি। বিশেষকৈ মহিলাৰ কণী খোৱাৰ ফলত জ্ঞানমূলক কাৰ্য্য উন্নত কৰাত সহায়ক হ’ব পাৰে।
কণীত থকা পুষ্টিকৰ উপাদান যেনে কলিন, ভিটামিন বি-৬, বি-১২ আৰু ফলিক এচিডে মগজুৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। গৱেষকসকলৰ মতে কণীয়ে মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাই নহয়, ই মহিলাৰ জ্ঞানমূলক স্বাস্থ্যৰ বাবেও এক সুলভ উপায়।
কণীৰ সহায়ত মগজুৰ শক্তি বৃদ্ধি কৰক-
ইউ চি ছান ডিয়েগোৰ এই অধ্যয়নত ৫৫ বছৰৰ ওপৰৰ ৮৯০ জন প্ৰাপ্তবয়স্ক লোকক অন্তৰ্ভুক্ত কৰা হৈছিল, য’ত ৩৫৭ জন পুৰুষ আৰু ৫৩৩গৰাকী মহিলা আছিল। গৱেষকসকলে এই প্ৰাপ্তবয়স্কসকলৰ জ্ঞানমূলক কাৰ্য্যত কণী খোৱাৰ প্ৰভাৱ পৰীক্ষা কৰিবলৈ চাৰি বছৰ ধৰি নিৰীক্ষণ কৰিছিল। ফলাফলত দেখা গ’ল যে অধিক কণী খোৱা মহিলাসকলৰ মৌখিক সাৱলীলতা (শব্দ শুদ্ধ আৰু দ্ৰুতভাৱে কোৱাৰ ক্ষমতা) বৃদ্ধি পায়। ইয়াৰ উপৰিও এই মহিলাসকলৰ জীৱ-জন্তু, গছ আৰু অন্যান্য বস্তুৰ শ্ৰেণীৰ নাম উল্লেখ কৰাৰ ক্ষমতাও অধিক আছিল, আনহাতে যিসকল মহিলাই কণী কম বা নাখাইছিল, তেওঁলোকৰ প্ৰদৰ্শন বেয়া আছিল।
পুৰুষৰ ওপৰত কম প্ৰভাৱ-
যদিও অধ্যয়নটোত দেখা গৈছে যে পুৰুষৰ জ্ঞানমূলক কাৰ্য্যত কণী খোৱাৰ কোনো বিশেষ প্ৰভাৱ নপৰে, তথাপিও গৱেষকসকলে স্পষ্ট কৰি দিছে যে কণী খোৱাৰ কোনো লিংগৰ ওপৰত কোনো ক্ষতিকাৰক প্ৰভাৱ নপৰে। এই তথ্য গুৰুত্বপূৰ্ণ কাৰণ বয়সৰ লগে লগে মগজুৰ পৰিৱৰ্তন আৰু স্মৃতিশক্তি হেৰুৱাই পেলোৱাটো এটা সাধাৰণ সমস্যা হৈ পৰিছে যিটো মানুহে গুৰুত্বসহকাৰে লয়।
দৈনিক কণী খোৱাৰ উপকাৰীতা-
গৱেষকসকলে লগতে কয় যে কণী কেৱল মগজুৰ বাবেই ভাল নহয়, মহিলাৰ হাড়ৰ স্বাস্থ্যৰ বাবেও উপকাৰী হ’ব পাৰে। ইয়াৰ উপৰিও কণীত উচ্চমানৰ প্ৰটিন, ভিটামিন বি ১২, ফছফৰাছ আৰু চেলেনিয়াম থাকে, যিয়ে শৰীৰৰ বিভিন্ন কাৰ্য্যক্ষমতা উন্নত কৰাত সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাৰ বাবে ভিটামিন এ, বি১২ আৰু চেলেনিয়াম গুৰুত্বপূৰ্ণ।
সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ পেৰিচৰ ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত বিশ্ব সংস্থাটোৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা চৰাইদেউলৈ আগবঢ়োৱা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ।(Charaideo Moidam)
ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্হা চমুকৈ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা চৰাইদেউ মৈদাম ক্ষেত্রৰ প্ৰমাণ পত্ৰ আজি পেৰিচৰ এক অনুষ্ঠানত গ্ৰহণ কৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।(UNESCO)
কেবাগৰাকীও আহোম স্বৰ্গদেউ মৈদামেৰে সমৃদ্ধ চৰাইদেউ মৈদাম ক্ষেত্ৰক বিগত বৰ্ষৰ জুলাই মাহত নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ সভাত ভাৰত বৰ্ষৰ ৪৩ সংখ্যক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। পেৰিচৰ ইউনেস্ক’ মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বড়াই বিশ্ব সংস্থাটোৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা আজি আনুষ্ঠানিক ভাৱে বিশ্ব ঐতিহ্য প্ৰমাণ পত্ৰখন গ্ৰহণ কৰে। এই অনুষ্ঠানত মন্ত্ৰী গৰাকীক সংগ দিয়ে ফ্ৰান্সত ভাৰতীয় ৰাষ্ট্ৰদূত তথা ইউনেস্ক’ত ভাৰতৰ জন সম্পর্ক ৰক্ষী বিষয়া বিশাল বি শৰ্মাই।
‘Maidams-The mould burial system of Ahom dynasty’ হিচাপে ইউনেস্ক’ই দিয়া স্বীকৃতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ অনুষ্ঠানত বিশ্ব ঐতিহ্য কেন্দ্ৰৰ সঞ্চালক লেজাৰ ইলউণ্ড অস্ম’ও উপস্হিত আছিল। অনুষ্ঠানত মন্ত্ৰী বড়াই ইউনেস্ক’ৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান গৰাকীক এখনি ফুলাম গামোচা, অসমৰ গৌৰৱ এশিঙীয়া গড়ৰ এটি প্ৰতিকৃতি আৰু অসমৰ চাহৰ এটি টোপোলা প্ৰদান কৰে।