Home Blog Page 384

Magh Bihu 2025: আজি হেঁপাহৰ মাঘ বিহু, উৰুকাৰ নিশা ভোজ খোৱাৰ পিছত ৰাজ্যবাসীয়ে পালন কৰিছে ভোগালী বিহু

Magh Bihu 2025: আজি হেঁপাহৰ মাঘ বিহু
Magh Bihu 2025: আজি হেঁপাহৰ মাঘ বিহু

আজি হেঁপাহৰ মাঘ বিহু। উৰুকাৰ নিশা ভোজ খোৱাৰ পিছত ৰাজ্যবাসীয়ে পালন কৰিছে ভোগালী বিহু।(Magh Bihu 2025) পুৱাই মেজি জ্বলাই অগ্নিদেৱতাৰ ওচৰত আশীষ ল’লে ৰাজ্যবাসীয়ে। মেজি জ্বলাই অপায়-অমংগল নাশৰ কামনা কৰি অগ্নি দেৱতাক সেৱা কৰে ৰাইজে। পৰম্পৰা ৰক্ষা কৰি অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী বিহু।

হেঁপাহৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখে, অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ স্বাভিমান বাপতিসাহোন ভোগালী বিহুৰ আপোনালোক সদৌটিলৈ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মেজিৰ জুয়ে দহি নিয়ক আমাৰ চৌপাশৰ কলুষ-কালিমা আৰু দুখবোধ। ভোগালীৰ উলাহে প্ৰাণে প্ৰাণে সঞ্চাৰিত কৰক নতুন উদ্যম আৰু সঞ্জীৱনী শকতি, সকলোৰে বাবে সময় হওক হিতসাধিনী-মংগলময়।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমত বিহুৰ শুভেচ্ছা জনাই লিখে, সমূহ অসমবাসীলৈ বাপতিসাহোন ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে অসমবাসীক।

Rajib Sadiya: কন্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু, গীত গাই থাকোঁতে মঞ্চতে ঢলি পৰিছিল কণ্ঠশিল্পীগৰাকী

Rajib Sadiya: কন্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু
Rajib Sadiya: কন্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু

উৰুকা দিনাই বেয়া খবৰ।(Rajib Sadiya) কন্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু। দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল ৰাজীৱ শদিয়াই। ফিল’বাৰী ৰ’হবাৰী পৰ্যটন মেলাত গীত পৰিৱেশনৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ মঞ্চতে ঢলি পৰিছিল শিল্পীগৰাকী৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছিল, অৱশেষত আজি কিছু সময়ৰ পূৰ্বে তেওঁৰ মৃত্যু হয়।

বিপ্লৱী কণ্ঠশিল্পীগৰাকীৰ বিয়োগত বিভিন্নজনে শোকপ্ৰকাশ কৰিছে।

শিল্পীগৰাকীৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সামাজিকভাৱে দায়বদ্ধ এগৰাকী প্ৰতিভাবান সংগীতশিল্পী ৰাজীৱ শদিয়াৰ গীতে-মাতে সমাজ জীৱনক চিন্তাৰ খোৰাক যোগাইছিল। তেখেতৰ অকাল বিয়োগৰ খবৰটি পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগ সমাজ-সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোকাকুল পৰিয়ালবৰ্গ, গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওঁম শান্তি!

Silver Jubilee: নেওগপাৰা মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক আয়োজন

Silver Jubilee: নেওগপাৰা মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক আয়োজন
Silver Jubilee: নেওগপাৰা মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক আয়োজন

দৰং জিলাৰ পূৰ্বৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু বৰ্তমান ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক নেওগপাৰা গোচৰণীয়া পথাৰত ১৯৯২ চনত স্হানীয় ৰাইজৰ একক প্ৰচেষ্টাত গঠন হৈছিল নেওগপাৰা মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়খন।(Silver Jubilee) এই বিদ্যালয়খনে ইতিমধ্যেই ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে। সেই উদ্দেশ্যেই অহা জানুৱাৰী মাহৰ ১৬ , ১৭ আৰু ১৮ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তীখন সমন্বয় ক্ষেত্ৰ, বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হ’ব।

কাৰ্যসূচী অনুসৰি ১৬ জানুৱাৰীত পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, স্থায়ী তোৰণ উন্মোচন, স্মৃতি বেদী উম্মোচন, স্থায়ী পতাকা বেদী উম্মোচন, বিদ্যালয়ৰ পতাকা উত্তোলন, ৰূপালী জয়ন্তীৰ মূল পতাকা উত্তোলন লগতে ৰূপালী জয়ন্তীৰ ২৫ খন পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ধৰনীখন সেউজ কৰো আহক শীৰ্ষক গছ পুলি ৰোপন, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰনৰ খেল ধেমালি প্ৰতিযোগিতা , চিত্ৰাংকন প্ৰতিযোগিতা,মুকলি কুইজ প্ৰতিযোগিতা আদি উন্মোচন কৰিব কেইবাগৰাকীও আমন্ত্ৰিত বিশিষ্ট লোকে।

ঠিক একেদৰেই ১৭ তাৰিখে পৰিবেশ নিকাকৰণ, অস্থায়ী মূল তোঁৰন সমুহ উন্মোচন , ক্ষেত্ৰ উন্মোচন, মঞ্চ উদ্বোধন, অতীতক সোৱৰী শীৰ্ষক অন্তৰংগ অনুষ্ঠান, সম্বৰ্ধনা অনুষ্ঠান আৰু আবেলি ৰূপালী জয়ন্তী উদযাপন সমিতিৰ উপ সভাপতি তথা প্ৰাক্তন ছাত্ৰ নেতা জিতেন চহৰীয়াৰ সভাপতিত্ব অনুষ্ঠিত হব বটাঁ বিতৰণী সভাখন । সন্ধিয়া অনুষ্ঠিত হব স্থানীয় শিল্পীসকলৰ দ্বাৰ পৰিৱেশিত বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান। শেষৰ দিনা অৰ্থাত ১৮ তাৰিখে ৰাতিপুৱা ৮ বজাত ঔতলা মণ্ডল সমল কেন্দ্ৰৰ চি আৰ চি চি অৰুপ বৈশ্যই উদ্বোধন কৰিব বৰ্ণাধ্য সাংস্কৃতিক শোভাযাত্ৰা । দিনৰ ১২,৩০ বজাত ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত হব মুকলি সভা। বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই উদ্বোধন কৰিব লগা সভাখনত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব দৰং ওডালগুৰিৰ সাংসদ দিলীপ শইকীয়াই , নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিব মংগলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কমলা কান্ত বড়াই, বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব ক্রমে দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি, সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি তথা সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা, দৰঙৰ বিশিষ্ট সাহিত্যিক ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱ, অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ ড০ চহিৰ ভূঞা আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, ছিপাঝাৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া, ছিপাঝাৰৰ বিশিষ্ট সমাজকৰ্মী কুলদ্বীপ বৰুৱা । ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি স্মৃতিগ্ৰন্থ উপ-সমিতিৰ সভানেত্ৰী পূৰ্নিমা ডেকা আৰু সম্পাদক ছাদ্দাম হুছেইনৰ দ্বাৰ প্ৰকাশ হব লগা বিভিন্ন ইতিহাস সম্বলিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা মংগলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে।

নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰানদ্বীপ হাজৰিকা আৰু ৰুপাঞ্জলীৰ লগতে হৰি হৰ্ষিত আৰু ৰেকিবুদ্দিন আহমেদে গীত পৰিবেশন কৰাৰ প্ৰাকমুহূৰ্তত সাংস্কৃতিক মঞ্চ উম্মোচন কৰিব অসমৰ অন্য এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হীৰকচানে। উদযাপন সমিতিৰ সম্পাদক ইক্ৰামূল মজিদে আমাক জানিব দিয়া মতে অনুস্থানখন সফল কৰি তুলিবলৈ বিভিন্নখন উপসমিতি গঠন কৰা হৈছে আৰু সকলোবোৰ উপসমিতিৰে সভাপতি সম্পাদক আৰু সদস্য সকলে স্বেচ্চাই নিজৰ নিজৰ দায়িত্ব সমুহ পালন কৰি আছে।

Breakfast Tips: এই ৫ টা খাদ্যক ব্ৰেকফাষ্টৰ বাবে স্বাস্থ্যকৰ বুলি কোৱা হয়

Breakfast Tips: এই ৫ টা খাদ্যক ব্ৰেকফাষ্টৰ বাবে স্বাস্থ্যকৰ বুলি কোৱা হয়
Breakfast Tips: এই ৫ টা খাদ্যক ব্ৰেকফাষ্টৰ বাবে স্বাস্থ্যকৰ বুলি কোৱা হয়

এই ৫ টা খাদ্যক ব্ৰেকফাষ্টৰ বাবে আটাইতকৈ স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়, কলেষ্টেৰল আৰু ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। (Breakfast Tips)ব্ৰেকফাষ্ট হ’ল দিনটোৰ প্ৰথম আহাৰ; এনে পৰিস্থিতিত ব্ৰেকফাষ্টৰ বাবে খাদ্য বাছনি কৰাটো অতি সাৱধানে জৰুৰী। তাতে এতিয়া বিহু বতৰ। বিহুৰ বতৰত উদৰ পূৰাই খোৱাৰ পূৰ্বে সাৱধান হওক কলেষ্টেৰল, ডায়েবেটিছ আদি ৰোগীয়ে। স্বাস্থ্যসন্মত ব্ৰেকফাষ্টে শৰীৰক সঠিক শক্তি প্ৰদান কৰাই নহয় শাৰীৰিক আৰু মানসিকভাৱেও আপোনাক প্ৰস্তুত কৰে।( Healthy)

ওটচ- ব্ৰেকফাষ্টৰ বাবে ওটছ এটা ভাল খাদ্য। ইয়াত অধিক পৰিমাণৰ আঁহ, প্ৰটিন আৰু আন বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। ওটচ খালে দীৰ্ঘ সময়ৰলৈকে ভোক অনুভৱ নহয় আৰু ই কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায় কৰে। গাখীৰ বা পানীত ওটছ ৰান্ধি ফল-মূল আৰু বাদামৰ লগত মিহলাই ল’ব পাৰে।

দৈ- প্ৰটিন আৰু কেলচিয়ামযুক্ত খাদ্য দৈ। পেটৰ বাবেও ই উপকাৰী, কাৰণ ইয়াত প্ৰ’বায়’টিক থাকে, যিয়ে হজম শক্তিত সহায় কৰে। ফল, বাদাম বা ওটছৰ লগত দৈ মিহলাই সুস্বাদু আৰু পুষ্টিকৰ ব্ৰেকফাষ্ট বনাব পাৰে।

ফল- ৰাতিপুৱাই ফলমূল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। আপেল, কল, কমলা আৰু জামু আদি ফল-মূলত ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। এইবোৰে শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

কণী- কণী প্ৰটিনৰ এক উৎকৃষ্ট উৎস আৰু কণীক ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত কৰাটো অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। কণীত সকলো প্ৰয়োজনীয় এমিনো এচিড থাকে, যিবোৰ শৰীৰৰ পেশীৰ বাবে প্ৰয়োজনীয়। কণী উতলাই, অমলেট বনাই বা শাক-পাচলিৰ লগত ভাজি খাব পাৰে। ডায়েবেটিছ ৰোগীয়েও কণী খাব পাৰে।

বাদাম- আলমণ্ড, আখৰোট, চিয়া গুটি আৰু শণৰ গুটিৰ দৰে বাদাম আৰু গুটিবোৰ অতি উত্তম খাদ্য। ইয়াত স্বাস্থ্যকৰ চৰ্বি, প্ৰটিন আৰু আঁহ থাকে, যিয়ে আপোনাক দীৰ্ঘদিন ধৰি তৃপ্ত কৰি ৰাখে। দৈ, ওটছৰ সৈতে খাব পাৰে।

Udalguri: শ্ৰীমন্ত শংকৰদেৱ সংঘ ওদালগুৰি জিলা শাখাৰ বিংশতিতম বাৰ্ষিক অধিৱেশনৰ আয়োজন

Udalguri
Udalguri

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওদালগুৰি জিলা শাখাৰ বিংশতি তম বাৰ্ষিক অধিৱেশনখনি অহা ১৮ আৰু ১৯ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিউটি ৰাণী সোঁৱৰণী ক্ষেত্ৰ,(Udalguri)বৰপুখুৰী প্ৰাথমিক শাখাত অনুষ্ঠিত হ’ব। কাৰ্যসূচী অনুসৰি ১৮ জানুৱাৰীৰ পুৱা প্ৰাতঃপ্ৰসঙ্গ, শৰাই অৰ্পণ, নাম প্ৰসঙ্গ, গছপুলি ৰোপণ, মূল তোৰণ,অতিথি শালা, সেৱা বাহিনীৰ অস্থায়ী কাৰ্যালয় জিৰণি চ’ৰা, ভোজনালয়, প্ৰতিনিধি শিবিৰ,বিউটি ৰাণী সোঁৱৰণী ক্ষেত্ৰ আৰু মূল মঞ্চ উম্মোচন কৰিব কেইবাজনো বিশিষ্ট লোকে। (Srimanta Sankardeva Sangha)

তদুপৰি সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ মনোনীত সদস্য সৌৰভ ঠাকুৰীয়াই সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভা উদ্বোধন কৰাৰ পিছতেই জিলা শিশু, আই মাতৃ কল্যাণ সমিতিৰ সভা উদ্বোধন কৰিব কল্যাণ সমিতিৰ সদস্যা লক্ষীপ্ৰিয়া চহৰীয়াই, সাহিত্য আৰু সাংস্কৃতিক উপ সমিতিৰ সভা উদ্বোধন কৰিব সঙ্ঘৰ ওদালগুৰি জিলা শাখাৰ প্ৰাক্তন উপ সভাপতি ভূপেন নাথে, বিয়লি ২ বজাত শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ওদালগুৰি জিলা শাখাৰ সভাপতি শশীন্দ্ৰ মোহন নাথৰ সভাপতিত্বত অনুষ্ঠিতব্য প্ৰতিনিধি সভা উদ্বোধন কৰিব সঙ্ঘৰ বিত্ত উপ সমিতিৰ সম্পাদক বিষ্ণু ঠাকুৰীয়াই।

তদুপৰি ৫ বজাত বন্তি প্ৰজ্বলন, ৬ বজাত গোপাল চন্দ্ৰ কেওট সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ওদালগুৰি জিলা সাংস্কৃতিক শাখাৰ সভাপতি কনক চন্দ্ৰ ডেকাই। নিশা ৮ বজাত অজাগড় প্ৰাথমিক শাখাৰ শিল্পী বৃন্দৰ দ্বাৰা অংকীয়া ভাওনা ‘পাৰিজাত হৰণ’ উদ্বোধন কৰিব ওদালগুৰি জিলা শাখাৰ বিদায়ী সভাপতি শশীন্দ্ৰ মোহন নাথে। ১৯ জানুৱাৰীত পৰম্পৰাগত কাৰ্যসূচীৰ লগতে পুৱা ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰিব সংঘৰ ওদালগুৰি জিলা শাখাৰ নৱ নিৰ্বাচিত সভাপতি জীৱন চন্দ্ৰ চহৰীয়াই, ৯-৩০ বজাত ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিব ওদালগুৰি জিলা প্ৰচাৰ শাখাৰ সভাপতি চক্ৰধৰ নাথে,১১ বজাত দিহানাম আৰু থিয়নাম প্ৰদৰ্শন কৰা হব।

দুপৰীয়া ১২ বজাত নৱনিৰ্বাচিত সভাপতি জীৱন চন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত আৰু পশ্চিম মঙলদৈ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ পুৰন্দৰ বৰুৱাই উদ্বোধন কৰিবলগীয়া মুকলি সভাত সঙ্ঘৰ প্ৰচাৰ শাখাৰ প্ৰাক্তন সদস্য অমূল্য ৰাজবংশীয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰিব। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথিৰ আসন অলংকৃত কৰিবলগীয়া সভাখনত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকাই। সভাখনত কেইবাগৰাকীও জনপ্ৰতিনিধি, সংঘৰ বিষয়ববীয়া আৰু বিশিষ্ট লোকে অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

Maha Kumbh Mela 2025 আৰম্ভ হ’ল মহাকুম্ভ মেলা, প্ৰথম দিনা প্ৰয়াগৰাজত হাজাৰ হাজাৰ লোকৰ ভিৰ

Maha Kumbh Mela 2025 আৰম্ভ হ’ল মহাকুম্ভ মেলা
Maha Kumbh Mela 2025 আৰম্ভ হ’ল মহাকুম্ভ মেলা

আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা।(Maha Kumbh Mela 2025) এই অনুষ্ঠানটো প্ৰায় ডেৰ মাহ ধৰি চলিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে বিশ্বৰ প্ৰায় ৩৫ কোটি ভক্তই অংশগ্ৰহণ কৰিব বুলি অনুমান কৰা হৈছে।

আৰম্ভ হ’ল মহাকুম্ভ মেলা, প্ৰথম দিনা প্ৰয়াগৰাজত হাজাৰ হাজাৰ লোকৰ ভিৰ। ২৬ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব মহাকুম্ভ মেলাৰ। এই অনুষ্ঠানটো প্ৰায় ডেৰ মাহ ধৰি চলিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে বিশ্বৰ প্ৰায় ৩৫ কোটি ভক্তই অংশগ্ৰহণ কৰিব বুলি অনুমান কৰা হৈছে। প্ৰয়াগৰাজলৈ অহা যাত্ৰীসকলৰ সুবিধাসমূহৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিয়া হৈছে। বিশেষ ৰে’লৰ সংখ্যা বৃদ্ধি কৰা হৈছে। পুৱা ৯.৩০ বজালৈকে ৬০ লাখৰো অধিক ভক্তই গা ধুৱে।

Magh Bihu: আজি হেঁপাহৰ উৰুকা, মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

Magh Bihu: আজি হেঁপাহৰ উৰুকা, মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ
Magh Bihu: আজি হেঁপাহৰ উৰুকা, মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

আজি হেঁপাহৰ উৰুকা, মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ। (Magh Bihu)

ভোগালীক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই অসমীয়াৰ।

মন পচন্দৰ মাছটো কিনিবলৈ বজাৰত ভিৰ।

নলবাৰীৰ বৰী-টাপা-ঠুটিকাটা মিলন বজাৰত ভিৰ ক্ৰেতা-বিক্ৰেতাৰ।

পুৱতি নিশাৰ পৰা মাছৰ বজাৰত গ্ৰাহকৰ ব্যাপক ভিৰ।

উৰুকাৰ নিশা মাছে-মঙহে এসাঁজ খোৱাৰ ব্যাপক প্রস্তুতি।

প্ৰকাণ্ড প্ৰকাণ্ড বিভিন্ন প্ৰজাতিৰ মাছেৰে উভৈনদী হৈ পৰিছে বজাৰ।

মাছ কিনিবলৈ ভিৰ কৰিছে গ্ৰাহকে।

Bodo Sahitya Sabha: বড়ো সাহিত্য সভাৰ বড়ো ভাষাত গ্ৰন্থ প্ৰকাশ কৰিবলৈ বছৰি ১ কোটি টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব: প্ৰমোদ বড়ো

Bodo Sahitya Sabha
Bodo Sahitya Sabha

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমু নগৰৰ বাকৰিত ৪ দিনীয়াকৈ অনুষ্ঠিত গৌৰৱোজ্জল ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ দেওবাৰে সফল সামৰণি পৰে।(Bodo Sahitya Sabha) অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা, অশোক সিংহাল , উৰ্খাও গৌৰা ব্ৰহ্ম , বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , উপ- মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী , ৰাজ্যসভাৰ সদস্য ৰণগৌৰা নাৰ্জাৰী , সাংসদ জয়ন্ত বসুমতাৰী , কছাৰী স্বায়ত্ব পৰিষদৰ অধ্যক্ষ অনিল বসুমতাৰী , মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী দিপালী নাৰ্জাৰী , নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়ো , বিটিআৰৰ ইএম সঞ্জিৎ তাঁতী , ইএম দাওবাইছা বড়ো , বিটিআৰৰ প্ৰাক্তন উপাধ্যক্ষ নেৰশ্বন বড়ো , সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ , বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক , শিক্ষাবিদ , বুদ্ধিজীৱী , বহুকেইখন ৰাজ্যৰ প্ৰতিনিধি , বিটিআৰৰ বহুকেইগৰাকী ইএম ,এমচিএলএ । বিধানসভাৰ অধ্যক্ষ তথা আদৰণি সমিতিৰ সভাপতি বিশ্বজিৎ দৈমাৰীয়ে সঞ্চালন কৰা বড়ো সাহিত্য সভাৰ মুকলি সভাত সভাপতিত্ব কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড: সুৰথ নাৰ্জাৰীয়ে।


বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ অন্তিম দিনৰ মুকলি সভাত বিভিন্ন জাতি-জনগোষ্ঠীৰ ৪দিনত দুইলাখৰো অধিক লোকেৰে জন সমুদ্ৰত পৰিণত হ’ল ডিমাকুছিৰ দৈমু নগৰৰ সাহিত্য সভাৰ অধিৱেশনস্থলী । বড়ো জনগোষ্ঠীৰ জনগোষ্ঠীয় নৃত্য খেৰাই, বাগুৰুম্বা , বৰদৈচিখলা নৃত্যকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰে । বড়ো জনগোষ্ঠীৰ সৰ্ববৃহৎ সাহিত্য-সংস্কৃতিৰ এক অনন্যা অনুষ্ঠান হৈছে বড়ো সাহিত্য সভাৰ গৌৰৱোজ্জল ৬৪ সংখ্যক বড়ো সাহিত্য সভা কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে ওদালগুৰি জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকেৰে একত্ৰিত হৈ সমন্বয়ৰ প্ৰতীক হিচাপে উল্লেখিত ডিমাকুছিৰ দৈমু নগৰত সম্প্ৰীতিৰ মিলনভূমিত। ওদালগুৰি জিলাৰ ডিমাকুছি দৈমু নগৰত অনুষ্ঠিত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশনৰ আজি অন্তিমটো দিনাত উদূলি- মূদুলি পৰিৱেশে বিৰাজমান কৰি তুলিছে অধিৱেশনস্থলী । নেপাল , বাংলাদেশ আদি ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপৰিও পশ্চিমবংগ , ত্ৰিপুৰা, মেঘালয়, নতুন দিল্লী , ইন্দোনেছিয়াৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

বড়ো সাহিত্য সভাৰ অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত পশ্চিমবংগ , ভূটান , নেপাল , ত্ৰিপুৰা , ম্যানমাৰ , বাংলাদেশ , আদি বিভিন্ন ঠাইৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে । ডিমাকুছিৰ দৈমু নগৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকেৰে সুকলমে বড়ো সাহিত্য সভা সমাপন কৰাত সকলোকে প্ৰসংশাৰে উপচায় পেলোৱাৰ লগতে বড়ো ভাষাক আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা দিবলৈ বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ অপ্ৰাণ চেষ্টাক ধন্যবাদ জ্ঞাপন কৰে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে । প্ৰমোদ বড়োৱে ভাষণত আগবঢ়ায় যে বিটিআৰত ৪ বছৰ ধৰি বহুতো উন্নয়নমূলক কাম-কাজ কৰা হৈছে , ভৱিষ্যতে বাকী থকা সমস্যা সমূহো সমাধান কৰাৰ লগতে বড়ো সাহিত্য সভাৰ উন্নয়নৰ বাবে ১০০ শতাংশ চিন্তা-চৰ্চা কৰা হৈছে আৰু বড়ো ভাষাৰ গ্ৰন্থ প্ৰকাশৰ বাবে বছৰি ১ কোটিকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব বুলিও জনায়। কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকাই তেখেতৰ ভাষণত কয় যে ১৯৫২ চনতে বড়ো জনগোষ্ঠীৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাৰ জন্ম হৈছিল বড়ো ভাষা আৰু সাহিত্য অন্বেষণত সাম্প্ৰতিক সময়ত বড়ো মূলীয় জনগোষ্ঠীৰ বাহিৰেও বিভিন্ন লোকে বড়ো ভাষাক আদৰি লোৱাত সুখী অনুভৱ কৰিছে , বড়ো সাহিত্য সভাই জাতিটোৰ সাহিত্য কলা-সংস্কৃতিৰ দিশত উন্নয়ন সাধন কৰিছে । সাহিত্য সভাই বিশ্বদৰবাৰত বড়ো ভাষা সাহিত্য প্ৰচাৰ প্ৰসাৰ কৰিবলৈ সক্ষম হৈছে।

ভৱিষ্যৎ নৱপ্ৰজন্ময় সাহিত্যৰ প্ৰতি আকৃষ্ট হ’ব লাগিব সেয়েহে বড়ো সাহিত্য সভাই এইক্ষেত্ৰত নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিবলৈ বড়ো সাহিত্য সভাই প্ৰতিটো মুহূৰ্ততে আগভাগ ল’ব লাগিব। ডিমাকুছিত প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বান্ধোন দেখি উৎফুল্লিত হৈছে মন্ত্ৰী পিযুষ হাজৰিকা । আনহাতে বড়ো সাহিত্য সভাৰ আদৰণি ভাষণত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সমূহ ৰাইজক উদ্দেশ্যি কয় যে বড়ো ভাষাই অষ্টম অনুসূচিত অন্তৰ্ভুক্ত হোৱাৰ উপৰিও বড়ো ভাষা চৰকাৰী ভাষা স্বীকৃতি পালে । সাহিত্য অবিহনে কোনো এটা জাতিৰ একো কাম নহয় , ভাৰতৰ ইতিহাস সাহিত্যয় ধৰি ৰাখিব পাৰে । ৰামায়ণ মহাভাৰত ৰচনা নকৰিলে অতীতৰ কথা কোনোৱে নাজানিলে হয় , সেয়েহে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সাহিত্য চৰ্চা আৰু সাহিত্য ৰচনা কৰিব লাগে। বড়ো সাহিত্য সভাৰ সভাপতি ড: সুৰথ নাৰ্জাৰীয়ে কয় যে বিগত সময়তকৈ বড়ো সাহিত্য সভা বহুতো উন্নয়ন হৈছে, আৰম্ভণিৰে পৰা অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভা সমূহতকৈ ডিমাকুছিৰ দৈমু নগৰৰ অধিৱেশনৰ জাকত-জিলিকা হৈছে। পৰৱৰ্তী সময়ত যিহেতু বড়ো সাহিত্য সভায় ৭৫ বছৰ অতিক্ৰম কৰিব সেয়েহে হীৰক জয়ন্তী উপলক্ষে চিৰাং জিলাৰ বিজনীত অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভা। বড়ো সাহিত্য সভাৰ অধিৱেশনত ৰাইজৰ সঁহাৰি দেখি আপ্লুত হৈছে উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া।

Kalingapariya: কলংপৰীয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি: মুখপত্ৰ ‘সাঁকো’ উন্মোচন

Kalingapariya: কলংপৰীয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি: মুখপত্ৰ 'সাঁকো' উন্মোচন
Kalingapariya: কলংপৰীয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি: মুখপত্ৰ 'সাঁকো' উন্মোচন

‘অসম সাহিত্য সভা ৰাইজৰ মঞ্চ।ইয়াৰ ১০৮ বছৰীয়া ইতিহাস আছে।অসমৰ ভাষা,(Kalingapariya)সাহিত্য, সংস্কৃতিৰ বিকাশৰ বাবে অসম সাহিত্য সভাই কাম কৰি আহিছে। কিন্তু ১৯ শতিকা আৰু একৈশ শতিকাত যিটো ভাষাৰ সংকট আৰু বিগত ১০ বছৰত আমি যদি চাওঁ, অসমীয়া মাতৃভাষা মাধ্যমৰ ১০ হাজাৰৰো অধিক স্কুল বন্ধ হৈ গ’ল।ই কিন্তু অসমীয়া ভাষা আৰু জাতিটোৰ কাৰণে শুভ লক্ষণ নহয়।’

এই মন্তব্য অসম সাহিত্য সভাৰ নগাঁও জিলাৰ সভাপতি থগিত মহন্তৰ।আজি নগাঁও জিলাৰ কলংপৰীয়া শাখা সাহিত্য সভাৰ ৪৪৭ নং ভোটাইগাঁও নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত উপস্থিত থাকি নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি মহন্তই আৰু কয়- ‘সাহিত্য সমাজৰ দাপোণস্বৰূপ।সকলো মানুহে বুজিব পৰাকৈ সাহিত্য সৃষ্টি কৰিব পাৰিব লাগিব।কলংপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি থুলেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ভাষণ প্ৰসংগত মহন্তই আৰু কয়- ‘আমি নিজকে অসমীয়া বুলি কওঁ।কিন্তু এটা বিশেষ শ্ৰেণী বা সম্প্ৰদায়ক লৈ অসমীয়া জাতি আৰু অসমীয়া ভাষা সৃষ্টি হোৱা নাই।ফৰাচী সাহিত্যিক, বুৰঞ্জী লেখক এডৱাৰ্ড ব্ৰাউনে কৈছিল যে, ভাষাৰ যদি অধঃপতন হয়।ভাষাৰ অধঃপতনে এটা জাতিৰো অধঃপতনৰ আগজাননী দিব পাৰে।কলংপৰীয়া শাখা সাহিত্য সভাৰ উপ-সভাপতি কুমুদ চন্দ্ৰ বৰাই আঁত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে কলংপৰীয়া শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমলা কান্ত বৰাই।

সভাত দীপিকা বৰাৰ সম্পাদনাত প্ৰস্তুত কৰি উলিওৱা শাখাৰ মুখপত্ৰ “সাঁকো” উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ডঃ শৰৎ বৰকটকীয়ে।উন্মোচক ডঃ বৰকটকীয়ে ভাষণত কয় যে শাখাই প্ৰস্তুত কৰি উলিওৱা মুখপত্ৰখন একোখন ক্ষুদ্ৰ আলোচনীৰ ভিতৰত পৰে। ই সমাজৰ দলিলস্বৰূপ।এটা জাতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই ক্ষুদ্ৰ আলোচনীবোৰৰ এটা বিশেষ ভূমিকা থাকে।নতুন প্ৰজন্মৰ লেখক সৃষ্টি কৰিব পাৰে এই আলোচনীসমূহে।কিন্তু বৰ্তমান সময়ত উঠি অহা প্ৰজন্মৰ মাজত গ্ৰন্থ পঢ়াৰ মানসিকতা কমি আহিছে বুলি ভাষণত বৰকটকীয়ে উল্লেখ কৰে।সভাত শাখাৰ সম্পাদক দীপাংকৰ ভূঞাই বিগত কাৰ্যকালৰ দুবছৰীয়া প্ৰতিবেদন পাঠ কৰে।সভাত অৱসৰপ্ৰাপ্ত আঞ্চলিক বন বিষয়া তথা লেখক মহেশ নাথে ভাষণ প্ৰদান কৰে।সভাত শাখাৰ প্ৰাক্তন সভাপতি ক্ৰমে কাতিৰাম বৰা, নৰেন্দ্ৰ নাথ বৰা, শৈলেন্দ্ৰ গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষক পুনিৰাম শইকীয়া, লেখক ময়ূৰ কুমাৰ বৰা, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক পুতুল শৰ্মা, কলংপৰীয়া বাৰগঞা সমাজৰ সম্পাদক দিলীপ বৰা, বিশিষ্ট লেখক,শিল্পী গোলাপ বৰা, শাখাৰ প্ৰাক্তন বিষয়বীয়া বিৰিঞ্চি কুমাৰ বৰা,খগেন্দ্ৰ নাথ, উমাকান্ত কলিতা, প্ৰিয়ম্বদা শইকীয়া,শাখাৰ সহ: সম্পাদক গুণকান্ত বৰা, মিত্ৰকমল বৰাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।সভাত শলাগৰ শৰাই আগবঢ়ায় আদৰণি সমিতিৰ সম্পাদক তথা সাংবাদিক জয়ন্ত বৰাই।

এই সভাতে অধিবেশনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰচনা, কুইজ, সাধুকোৱা, চিত্ৰাংকন আৰু বৰগীত প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্তসকলক পুৰস্কৃত কৰা হয়।লগতে উক্ত সভাতে ২০২৩ আৰু ২০২৪ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ অঞ্চলৰ ১৫ গৰাকী কৃতী শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়।সন্ধ্যা বন্তি প্ৰজ্বলনেৰে শাখাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি পৰে। উল্লেখ্য যে আজিৰ সভাতে কালি অনুষ্ঠিত বিষয় বাছনি সভাত ২০২৫- ২৭ বৰ্ষৰ বাবে বাছনিভুক্ত হোৱা নৱ-নিৰ্বাচিত সমিতিখনৰ নামসমূহ ঘোষণা কৰে।

Uuruka: আজি উৰুকা, মঙলদৈ মাছ বজাৰত উভৈনদী থলুৱা মাছ

Uuruka: আজি উৰুকা, মঙলদৈ মাছ বজাৰত উভৈনদী থলুৱা মাছ
Uuruka: আজি উৰুকা, মঙলদৈ মাছ বজাৰত উভৈনদী থলুৱা মাছ

মঙলদৈ মাছ বজাৰত উভৈনদী থলুৱা মাছ। ৩২ কেজি ওজনৰ ভকুৱা মাছ ওলাইছে মঙলদৈ মাছৰ বজাৰত।(Uuruka)

আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। উৰুকাৰ দিনটোত উদৰ পুৰাই খাবলৈ পোৱাৰে পৰা মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। মঙলদৈ তথা দৰং জিলা পুখুৰীৰ বাবে বিখ্যাত।

বিভিন্ন ঐতিহাসিক পুখুৰীৰ পৰা থলুৱা মাছ আহে মঙলদৈ মাছৰ বজাৰত। ৩০-৩২ কেজি লৈকে ভকুৱা,২৮-৩০ কেজি ওজনৰ বৰালি,১৪-১৫ কেজি ওজনৰ চিতল,আৰি আদি মাছেৰে ভৰি পৰিছে মঙলদৈ মাছৰ বজাৰ। এই থলুৱা মাছৰে উৰুকাত উদৰ পুৰাই খোৱাৰ বাবে ভিৰ কৰিছে বজাৰত।