Home Blog Page 385

Uuruka: আজি উৰুকা, মঙলদৈ মাছ বজাৰত উভৈনদী থলুৱা মাছ

Uuruka: আজি উৰুকা, মঙলদৈ মাছ বজাৰত উভৈনদী থলুৱা মাছ
Uuruka: আজি উৰুকা, মঙলদৈ মাছ বজাৰত উভৈনদী থলুৱা মাছ

মঙলদৈ মাছ বজাৰত উভৈনদী থলুৱা মাছ। ৩২ কেজি ওজনৰ ভকুৱা মাছ ওলাইছে মঙলদৈ মাছৰ বজাৰত।(Uuruka)

আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। উৰুকাৰ দিনটোত উদৰ পুৰাই খাবলৈ পোৱাৰে পৰা মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। মঙলদৈ তথা দৰং জিলা পুখুৰীৰ বাবে বিখ্যাত।

বিভিন্ন ঐতিহাসিক পুখুৰীৰ পৰা থলুৱা মাছ আহে মঙলদৈ মাছৰ বজাৰত। ৩০-৩২ কেজি লৈকে ভকুৱা,২৮-৩০ কেজি ওজনৰ বৰালি,১৪-১৫ কেজি ওজনৰ চিতল,আৰি আদি মাছেৰে ভৰি পৰিছে মঙলদৈ মাছৰ বজাৰ। এই থলুৱা মাছৰে উৰুকাত উদৰ পুৰাই খোৱাৰ বাবে ভিৰ কৰিছে বজাৰত।

Debjit Bora । সাহিত্য সভাৰ উপযুক্ত বাতাবৰণ আমি সকলোৱে সৃষ্টি কৰিব লাগিবঃ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা

Debjit Bora । সাহিত্য সভাৰ উপযুক্ত বাতাবৰণ আমি সকলোৱে সৃষ্টি কৰিব লাগিবঃ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা
Debjit Bora । সাহিত্য সভাৰ উপযুক্ত বাতাবৰণ আমি সকলোৱে সৃষ্টি কৰিব লাগিবঃ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা

১২ জানুৱাৰী,২০২৫ : Debjit Bora ।অসম সাহিত্য সভা সম্পৰ্কত দীৰ্ঘদিনে ঠাই পাই অহা বিতৰ্কসমূহৰ অৱসান ঘটিব লাগিব। অসম সাহিত্য সভাই হওক নাইবা জিলা সাহিত্য সভাসমূহেই হওক, ভিতৰচ’ৰাৰ লবীকেন্দ্ৰীক ৰাজনীতি আৰু বোকা ছটিওৱা খেল পৰিহাৰ কৰিবই লাগিব। এনে প্ৰৱণতাই সম্প্ৰতি এক ভয়াবহ ৰূপ লৈছে। অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ভাষাবিদ ড° বসন্ত কুমাৰ গোস্বামীৰ সবল নেতৃত্বত অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ চৰ্চাৰ পৰিৱেশ ৰচনাৰে সমগ্ৰ অসমখনত এক বৌদ্ধিক আন্দোলন গঢ়ি তুলি সৰ্বস্তৰৰ ৰাইজক অংশীদাৰ কৰাৰ কৰাৰ আগন্তুক দিনত ব্যাপক কৰ্মসূচী গ্ৰহণ কৰাৰ আমি সংকল্পবদ্ধ । সাহিত্য সভা ভাল মানুহৰ স্থান হৈ পৰক, সভাখন জীৱবিহীন জীৱন্ত সংগঠন; সভাৰ উপযুক্ত বাতাবৰণ আমি সকলোৱে সৃষ্টি কৰিব লাগিব।


মোৰ ভুল হʼলে মোক আঙুলিয়াই দিব; এশ শাখা সাহিত্য সভা গঠনত গুৰুত্ব প্ৰদান কৰক, পঞ্চায়তে পঞ্চায়তে, ৱাৰ্ডে ৱাৰ্ডে, গাঁৱে গাঁৱে শাখা সাহিত্য সভা হওক । অসম সাহিত্য সভাৰ মৃত কৰ্মচাৰীৰ বিধৱা পত্নীৰ প্ৰাপ্য ধন আদায় পাব পৰাকৈ কৰ্পাচ পূঁজি আমি দহ কোটিলৈ বৃদ্ধি কৰিব লাগিব। গোলাঘাট জিলা সাহিত্য সভাৰ কাৰ্যালয় সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক ভৱনত আজি আয়োজিত অভিনন্দন অনুষ্ঠানত বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই এনেদৰে মন্তব্য কৰে।

তেওঁ লগতে কয় যে, সাহিত্য সভাত কথা কম আৰু কাম বেচি কৰিব লাগিব। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ পদবী নাইবা স্থানৰ ক্ষেত্ৰত জিলা সাহিত্য সভাৰ কোনো ধৰণৰ অবাঞ্চিত হেঁচা মানি লোৱা নহ’ব বুলিও তেওঁ মুকলিভাৱে প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয় ঐতিহ্যমণ্ডিত চন্দ্ৰকান্ত ভৱনলৈ সাহিত্যানুৰাগী নাইবা বিশিষ্ট ব্যক্তি সকল পূৰ্বৰ দৰে নোযোৱাৰ এক পৰিৱেশ সৃষ্টি হোৱা বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰি এক সুস্থ বাতাবৰণ সৃষ্টিৰে নৱ-নিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত চন্দ্ৰকান্ত ভৱনে ন-ৰূপ পাব বুলিও উল্লেখ কৰে নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই। গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানৰ সভাৰ সভাপতিত্ব কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰাই। জিলা সাহিত্য সভাৰ সম্পাদক দুলাল দাসে আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, অসম সাহিত্য সভাৰ ‘কুঁহি’ উপ-সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া নুৰুল চুলতান, নৰেন শইকীয়া, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক বিদ্যুৎ ভূষণ বৰা, তৰাজান সন্মিলিত শাখা সাহিত্য সভাৰ সম্পাদক মনোজ্ঞপ্ৰাণ বৰদলৈ, যোৰহাট সাহিত্য সভাৰ সম্পাদক উত্তম কুমাৰ হাজৰিকা, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিত্ৰয় পৱিত্ৰ বৰবৰা, সুৰেন্দ্ৰ মোহন হাজৰিকা, তফজুল হক বৰবৰা, গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি মুহিৰাম লুইং , বিষয়ববীয়া ড° যতীন নাথ,অধ্যাপক দেৱজিৎ ফুকন, বিশিষ্ট লেখক তিতাৰাম শইকীয়া, সদৌ অসম কৰ্মচাৰী পৰিষদৰ গোলাঘাট জিলাৰ সম্পাদক প্ৰবীণ কুমাৰ গগৈ, আদি উপস্থিত থাকি নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকক সম্বৰ্ধনা জনোৱাৰ লগতে জিলাখনৰ শাখা সাহিত্যসমূহে বিপুল সম্বৰ্দ্ধনা জনায়।

Ahom Youth Council । তাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংঘৰ বাকৰিৰ ৰূপহী পথাৰত ৰংপুৰ মেলা

Ahom Youth Council । তাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংঘৰ বাকৰিৰ ৰূপহী পথাৰত ৰংপুৰ মেলা
Ahom Youth Council । তাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংঘৰ বাকৰিৰ ৰূপহী পথাৰত ৰংপুৰ মেলা

১২ জানুৱাৰী, ২০২৫ঃAhom Youth Council । ভোগৰ উৎসৱ ভোগালী বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰা । এই মেলাক কেন্দ্ৰ কৰি ৰংঘৰ বাকৰি হৈ পৰিছে উদুলি মুদুলি । ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে বন্ধ হৈ থকা পৰম্পৰাগত ম’হ যুজঁ এইবাৰো অনুষ্ঠিত নহয় | এইবাৰ ৰূপহী পথাৰত হ’ব ম’হৰ ফেছন শ্ব” |

১০ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মেলাত পৰম্পৰাগত খেল ধেমালিৰো আয়োজন কৰা হৈছে | উল্লেখ্য যে তাই আহোম যুৱ পৰিষদে ২০১১ বৰ্ষৰ পৰা ধাৰাবাহিক ভাৱে ৰংঘৰ বাকৰিত এই ৰংপুৰ মেলাৰ আয়োজন কৰি আহিছে | বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰ এই মেলাৰ এক অন্যতম আকৰ্ষণ | ১৫ জানুৱাৰী অৰ্থাৎ ১ মাঘত এই উৎসৱৰ মূল অনুষ্ঠান অনুষ্ঠিত হ’ব |

Banana Peel: কলৰ বাকলিত ভৰি দিলে কিয় পৰে পিছলি?

Banana Peel: কলৰ বাকলিত ভৰি দিলে কিয় পৰে পিছলি?
Banana Peel: কলৰ বাকলিত ভৰি দিলে কিয় পৰে পিছলি?

কলৰ বাকলিত পিছলি যোৱাটো এটা সাধাৰণ ঘটনা যেন লাগিব পাৰে, কিন্তু ইয়াৰ আঁৰৰ বিজ্ঞান কাৰণটো অতি আকৰ্ষণীয়। ইয়াৰ দ্বাৰা আমি শিকোঁ যে সৰু সৰু কথাবোৰেও আমাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। সাৱধান হওক আৰু সুৰক্ষিত থাকক।(Banana Peel)

আমি সকলোৱে চিনেমা আৰু কমেডী শ্ব’ত কলৰ বাকলি গছকি পিছলি যোৱাৰ ধেমেলীয়া দৃশ্য দেখিছো। কিন্তু, ধেমেলীয়া যেন লাগিলেও বাস্তৱত এনে ঘটনা বিপদজনক হ’ব পাৰে। প্ৰশ্ন হয় এনে কিয় হয়? কলৰ বাকলিত পিছলি পৰাৰ আঁৰৰ বিজ্ঞান সহজে বুজিব পাৰি।

কলৰ বাকলি গছকি পিছলি যোৱাৰ কাৰণ-

১/ কলৰ খোলাৰ গঠন
কলৰ বাকলিত মসৃণ আৰু পিছল পদাৰ্থ থাকে যাক ‘পলিচেকাৰাইড’ বুলি কোৱা হয়। এই পদাৰ্থই বাকলি খনক তেল আৰু স্থিতিস্থাপকতা প্ৰদান কৰে। এই বাকলি যিকোনো পৃষ্ঠত স্থাপন কৰিলে ঘৰ্ষণ কমি যায়। ইয়াৰ বাবেই কোনো ব্যক্তিয়ে ভৰি দিলে ভৰি দুখন উপৰিভাগত থাকিব নোৱাৰে আৰু তেওঁ পিছলি যায়।

২/ ঘৰ্ষণৰ ভূমিকা
আমি খোজ কাঢ়ো কাৰণ আমাৰ ভৰি আৰু মাটিৰ মাজত পৰ্যাপ্ত ঘৰ্ষণ থাকে। কলৰ বাকলিয়ে এই ঘৰ্ষণত ব্যাঘাত জন্মায়। কলৰ বাকলিয়ে ভৰি আৰু মাটিৰ মাজত মসৃণ স্তৰ সৃষ্টি কৰে, যাৰ ফলত আপোনাৰ ভাৰসাম্য হেৰুৱাই পিছলি পৰে।

৩/ গৱেষণাও প্ৰমাণিত হৈছে
২০০১ চনত জাপানী বিজ্ঞানীসকলে এই বিষয়টো গভীৰভাৱে অধ্যয়ন কৰিছিল তেওঁলোকে দেখিলে যে কলৰ বাকলি ঘৰ্ষণ অতি কম। কলৰ বাকলিক পৃথিৱীৰ আটাইতকৈ পিছল পদাৰ্থৰ ভিতৰত গণ্য কৰিব পাৰি। এই কাৰণেই কলৰ বাকলিয়ে ভৰিৰ স্থিৰতা দিব নোৱাৰে।

৪/ পৃষ্ঠ অনুযায়ী কাম কৰে
যদি কলৰ বাকলি খনত টাইলছ বা মাৰ্বলৰ দৰে মসৃণ পৃষ্ঠত থাকে সেইবাবে পিছলি যোৱাৰ সম্ভাৱনা বেছি।

পিছলি পৰাৰ পৰা হাত সাৰিবলৈ টিপছ-

১) কলৰ বাকলি কেতিয়াও ৰাস্তা, মজিয়া বা আন ৰাজহুৱা স্থানত পেলাব নালাগে।
২) বাকলি কেৱল ডাষ্টবিনত পেলাব লাগে।
৩/ ভৰি ক’ত ৰাখে সেই বিষয়ে সাৱধান হওক।

S Jaishankar: ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে

S Jaishankar: ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে
S Jaishankar: ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে

২০ জানুৱাৰীত ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে ৱাশ্বিংটনৰ কেপিটেলত ট্ৰাম্পে শপত গ্ৰহণ কৰিব।(S Jaishankar) ইয়াৰ পূৰ্বে নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও শপত গ্ৰহণ কৰিব। বৈদেশিক মন্ত্ৰী এছ. অহা ২০ জানুৱাৰীত ৱাশ্বিংটনত অনুষ্ঠিত হ’বলগীয়া নৱনিৰ্বাচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব জয় শংকৰে। ট্ৰাম্প-ভ্যান্স উদ্বোধনী সমিতিৰ আমন্ত্ৰণত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকা ভ্ৰমণ কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। জয় শংকৰে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পৰ সমাৱেশত ভাষণ দিব। তেওঁ ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মন্ত্ৰালয়ে আৰু কয় যে জয়শংকৰে তেওঁৰ ভ্ৰমণৰ সময়ত অন্যান্য গণ্যমান্য ব্যক্তিকো সাক্ষাৎ কৰিব।

ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠান আপোনালোকে চাব পাৰিব ১০:৩০ বজাত। ২০ জানুৱাৰীত শপত গ্ৰহণৰ লগতে আমেৰিকাতো মাৰ্টিন লুথাৰ কিং জুনিয়ৰ দিৱস উদযাপন কৰা হ’ব। ভাৰতৰ সময় অনুসৰি নিশা ১০:৩০ বজাত ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। এই সময়ছোৱাত বহু অনুষ্ঠান অনুষ্ঠিত হ’ব।

Magh Bihu: উৰুকাৰ বজাৰ আৰু কিছু অনুভৱ…

Magh Bihu: উৰুকাৰ বজাৰ আৰু কিছু অনুভৱ
Magh Bihu: উৰুকাৰ বজাৰ আৰু কিছু অনুভৱ

কাইলৈ উৰুকাৰ দিনাখন অফিচ আছে। গতিকে শ্ৰীমতীয়ে শাক-পাচলি কঢ়িয়াই অনাৰ বাবে সুবিধা কৰি দিয়া ট্ৰলীখন টানি টানি বিহু বুলি বজাৰ পালোগৈ।(Magh Bihu) বজাৰ কৰি থকাৰ সময়তে ফেচবুকতো চকু ফুৰাই থাকিলোঁ। দীৰ্ঘদিন ধৰি চকুৰ অসুখত ভুগি থকাৰ বাবে আজি কালি ফোনত লেখামেলা কমাই দিছো। তাতে মোৰ ‘ছাংগ্ৰি-লাত প্ৰজ্ঞা’ বিচাৰি’নামৰ উপন্যাসখনৰ হিন্দী অনুবাদৰ সম্পাদনা আৰু ‘বন্দী চামুৰাই’নামৰ উপন্যাসখন লিখাৰ বাবে গোটাই পিতাই লোৱা কিতাপ কেইখন মান পঢ়ি থকাৰ বাবে হাতত সময় প্ৰায় নাইকিয়াই হৈছে। তাৰোপৰি মাহটোৰ কুৰি দিন কৰ্মসূত্রে দেশৰ চুকেকোনে পিলপিলাই থাকিব লগীয়াও হৈছে।


পাচলিৰ বজাৰত ট্ৰলীখন টানি টানি সোমাই গৈ থাকোতে মনটো সাউদ কৰে নিজৰ জন্ম গাওঁখনলৈ উৰা মাৰি গ’ল। স্কুলত পঢ়ি থকা দিনত বিহুৰ এসপ্তাহ আগতেই কুৰুৱা পাহাৰলৈ গৈ সমজুৱা নামঘৰৰ চোতালত হোম জ্বলাবলৈ পূৰঠ গছৰ ডাল কটা, মাই পাত চৰুত পিঠা পৰিবলৈ এপোলা শুকান খৰি গোটোৱাৰ লগতে লুইতৰ পাৰত কল চোচনীৰে ভেলাঘৰ সাজিবলৈ কেকোৱা বাহ কটা কথাবোৰ এখন এখন ছবিৰ দৰে ভাহি উঠিব ধৰিলে। খহটা কেকোৱা বাহত আঙুলিৰ নখ চোচৰাই দিলে শৰীৰত এক বিশেষ শিৰশিৰনি উঠে। ঠিক শ্ৰেণীকোঠাৰ প্লাইউদ ব্লেক বোৰ্ডত নখ চোচৰাই দিয়াৰ দৰে । সেই কথাটো ভাবিলেও আজিও গাটো কিবা জিকাৰ খাই উঠে। পাহাৰত খৰি-খেৰ গোটাই উভতি অহাৰ পাছত লুইতৰ বলুকাত ভেলাঘৰ সাজি থকাৰ সময়ত সৰু সৰু লৰা-ছোৱালীক নখ চোচৰাবলৈ দি ৰঙ চোৱাৰ কথাবোৰ ভাবি নষ্টালজিক হৈ পৰিলোঁ । এইটো শ্বাশ্বত যে হেজাৰবাৰ মুৰ মাৰিলেও কাহানিও আৰু সেই সময় ঘুৰাই নাপাওঁ।


আজি কিছুদিন ধৰি হৈ থকা বাওঁহাতখনৰ বিষ এটা হৈ থকাৰ বাবে বজাৰ-সমাৰ কৰিলে বেগ ওঠাবলৈ অসুবিধা পাওঁ। গুৱাহাটীৰ ছয়মাইলৰ গনেশমন্দিৰ বিদ্যালয়ত পঢ়ি থকা দিনত এ এচ টি চি বাচৰ আশী পইছাৰ নীলা টিকটটো নিকিনি আধামোন চাউলৰ বস্তা কান্ধত তুলি বহুতবাৰ উজান বজাৰ জাহাজঘাটৰ পৰা দিশপুৰৰ সৰুমটৰীয়ালৈ গৈছিলো । কান্ধত এল পি জি চিলিণ্ডাৰ আৰু পাচলিৰ মোনা তুলি ল’বলৈ আজিও কুণ্ঠাবোধ নকৰো লাজো নকৰোঁ। অভ্যাসৰ নৰ কৰ্ণ পথে শৰ । গতিকে গাঁৱলীয়া লৰাৰ এই ক্ষেত্ৰত লাজকাজ অলপ কমেই হয় । সেই কাৰণে শ্ৰীমতী আৰু ছোৱালীৰ পৰা কেতিয়াবা দুই এষাৰ শুনিবও লগা হয়।


আজি ট্ৰলীখনত শাক-পাচলিবোৰ ভৰাই থাকোঁতে আমি লৰালিকালত পূৰঠ বাহৰ মুঢ়াৰে সাজি লোৱা তিনিচকীয়া সৰু সৰু কাঠৰ গাড়ীবোৰৰ কথাও মনত পৰি গ’ল। উৰুকাৰ ৰাতি মনে মনে লোকৰ শাকনিত সোমাই শাক-পাচলি তুলি সেই কাঠৰ গাড়ীত বোজাই কৰি আনিছিলোঁ । আজি সেই ৰামো নাই অযোধ্যাও নাই। অসমীয়া মানুহে বান্দৰৰ উৎপাতৰ দোহাই দি শাকনিত পাচলি নোৰোৱা হ’ল । মিঞাক গালি পাৰিলেও মিঞাই কৰা খেতি খাই অসমীয়াৰ পেট ভৰিছে।
অসমীয়া জাতিটো ৰাজনীতিৰ মেৰপাকত হিতাধিকাৰী বিনামূলীয়া আঁচনিৰ সোৱাদ লৈ অকৰ্মী ,পৰমুখাপেক্ষী আৰু খোৰোপা হৈ পৰিছে। কান্ধত মোনা তুলি লোৱা দূৰৈৰ কথা ইউ টিউবৰ নামত বলীয়া অসমীয়া ল’ৰাই সহজে ধনঘটিবলৈ হাতত কাম পালেও কাম নকৰে। বিশেষকৈ মই কৰ্মৰত হৈ থকা কনষ্ট্ৰাকছন আৰু মাইনিং মেছিনাৰী মেৰামতি কামৰ ক্ষেত্ৰখনত ইমান কাম আছে কিন্ত অভিজ্ঞ মেকনিকেল ইন্জিনীয়াৰিঙ অথৱা ডিপ্লমা পঢ়া অসমীয়া ল’ৰা নাই । ফলস্বৰূপে অনা-অসমীয়া পেশাগত আৰু অভিজ্ঞ বহু ল’ৰাক মই নিজে নিযুক্তি কৰিব লগীয়া হৈছো। এইটোৱেই মনত আক্ষেপ। আমি কেতিয়া কাম কৰি স্বাৱলম্বী হ’বলৈ শিকিম?

ফেচবুকত বিহু পাৰ্বনত ডিস্কো নাচিলেই জাতিটোৰ কলা-সংস্কৃতি ৰক্ষা নপৰে আৰু ধ্বংসও নহয় । কাৰণ সময় আৰু যুগৰ পৰিবৰ্তনৰ লগে সংস্কৃতিয়েও মোট সলাবই সেইয়া কোনেও ধৰি ৰাখিব নোৱাৰিব। কাৰণ পৰিবৰ্তন হৈছে চিৰন্তন সত্য। কিন্ত সংস্কৃতি থাকিবলৈ হ’লে জাতি এটা জীয়াই থাকিব লাগিব। জীয়াই থকা জাতি এটাই সময় আৰু যুগৰ লগত খাপ খাই পৰাকৈ নিজৰ সংস্কৃতিৰ সৃষ্টিও কৰিব পাৰিব। পাছে জাতি এটা জীয়াই থাকিবলৈ কৰ্মঠ হ’ব লাগিব। সবলতাৰে জীয়াই থকা জাতি এটাৰ নিজা সংস্কৃতিৰ কেতিয়াও ধ্বংস হৈ যাব নোৱাৰে । সেই কাৰণে নেডাৰলেণ্ডৰ পণ্ডিত জোহান হুইজিংগাই কৈছিল ” If we are to preserve culture we must continue to creat it.”

সদৌ শেষত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ।

ধন্যবাদেৰে-

লেখকঃ চুমিন্দ্ৰ চৌধুৰী

Magh Bihu 2025: ভোগালী বিহু উপলক্ষে ঘৰমুৱা হৈছে মহানগৰীত কৰ্মৰত লোক

Magh Bihu 2025: ভোগালী বিহু উপলক্ষে ঘৰমুৱা হৈছে মহানগৰীত কৰ্মৰত লোক
Magh Bihu 2025: ভোগালী বিহু উপলক্ষে ঘৰমুৱা হৈছে মহানগৰীত কৰ্মৰত লোক

মাঘ বিহু উদযাপন কৰিবলৈ সাজু সকলো।(Magh Bihu 2025) উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ লগতে মেজিৰ উত্তাপ ল’বলৈ প্ৰস্তুতি সকলোৱে। পুৰুষ, মহিলা যুৱক-যুৱতী সকলো এতিয়া সকলো ব্যস্ত ভোগালীক আদৰিবলৈ। কোনোৱে যদি ভেলাঘৰ সাজিছে, কোনোৱে আকৌ মেজিৰ বাবে খৰি ফালি মেজি সাজিছে। মহিলা তথা জীয়াৰী বোৱাৰীসকলো ব্যস্ত হৈ পৰিছে ভোগালীৰ পিঠা-পনা বনোৱাত। ব্যস্ততাৰ যেন এতিয়া অন্ত নাই ৰাইজৰ।

ইফালে বুলি সকলো ঘৰলৈ ঢাপলি মেলিছে পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ। গুৱাহাটী মহানগৰীতো কৰ্মৰত সকলো লোক গৈছে নিজৰ ঘৰলৈ হেঁপাহৰ ভোগালীক আদৰিবলৈ। উজনি-নামনি সকলো এতিয়া মহানগৰী এৰি ঘৰমুৱা হৈছে।

কামসূত্ৰে ঘৰ পৰা আঁতৰি থকা লোকসকলে ভোগালী বিহুৰ সময়ত নিজৰ ঘৰখনলৈ যাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে। আধুনিকতাৰ পৰা আঁতৰি গাঁৱৰ নিভাজ পৰিৱেশৰ ভোগালীৰ আনন্দ ল’বলৈ সকলোৰে হেঁপাহ। সেয়েহে গুৱাহাটী মহানগৰীত বিভিন্ন কৰ্মত নিয়োজিত থকা লোকসকলে মহানগৰী এৰি ঢাপলি মেলিছে আপোন ঘৰখনলৈ বুলি।

Makar Sankranti 2025: মকৰ সংক্ৰান্তিৰ দিনা এই ৩ জন দেৱতাক খিচিৰি অৰ্পণ কৰিব লাগে, ভাগ্যৰ তৰাৰ দৰে জিলিকিব!

Makar Sankranti 2025: মকৰ সংক্ৰান্তিৰ দিনা এই ৩ জন দেৱতাক খিচিৰি অৰ্পণ কৰিব লাগে
Makar Sankranti 2025: মকৰ সংক্ৰান্তিৰ দিনা এই ৩ জন দেৱতাক খিচিৰি অৰ্পণ কৰিব লাগে

মকৰ সংক্ৰান্তিৰ বাবে মাত্ৰ এদিন বাকী। কোৱা হয় যে আজিৰ দিনটোত তিন দেৱতাক খিচিৰি অৰ্পণ কৰিব লাগিব। এই কাম কৰিলে আপোনাৰ ভাগ্যৰ তৰাৰ দৰে জিলিকি উঠিবলৈ বেছি সময় নালাগে।(Makar Sankranti 2025)

সমগ্ৰ দেশতে মকৰ সংক্ৰান্তিৰ উৎসৱ অতি উৎসাহেৰে পালন কৰা হয়। আজিৰ দিনটোতে বিশ্বব্ৰহ্মাণ্ডক পোহৰ আৰু শক্তি প্ৰদান কৰা সূৰ্য্য দেৱতা ধনু ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰে। আজিৰ দিনটোত পবিত্ৰ নদীত গা ধুই তাৰ পিছত আৰ্তজনক দান দিয়াতো অতি তাৎপৰ্যপূৰ্ণ। আজিৰ দিনটোত খিচিৰি বনাই দেৱতাক উৎসৰ্গা কৰি মানুহৰ মাজত প্ৰসাদ হিচাপে বিতৰণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে এনে কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। এইবাৰ ২০২৫ চনৰ ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হ’ব। জ্যোতিষীসকলৰ মতে মকৰ সংক্ৰান্তিৰ দিনা ৩ দেৱতাক খিচিৰি অৰ্পণ কৰিব লাগিব। এনে কৰিলে যিকোনো ব্যক্তিৰ ভাগ্য সলনি হ’ব পাৰে। এই তিনি দেৱতা কোন কোন জানো আহক।

ভগৱান বিষ্ণুঃ জ্যোতিষৰ মতে খিচিৰিক ভগৱান বিষ্ণুৰ অতি প্ৰিয় বুলি গণ্য কৰা হয়। সেয়ে মকৰ সংক্ৰান্তিৰ দিনা পূজাৰ পাছত খিচিৰি প্ৰস্তুত কৰি প্ৰথমে ভগৱান বিষ্ণুক অৰ্পণ কৰিব লাগে। কোৱা হয় যে এনে কৰিলে পৰিয়ালে ভগৱান বিষ্ণু আশীৰ্বাদ লাভ কৰে আৰু গুৰুদোষৰ প্ৰভাৱ কমি যায়। এই সমাধানৰ লগে লগে জীৱনত নতুন নতুন প্ৰগতিৰ পথ মুকলি হ’বলৈ আৰম্ভ কৰে।

শনিদেৱঃ ধৰ্মীয় পণ্ডিতসকলৰ মতে শনিদেৱক ন্যায়াধীশ বুলি কোৱা হয়। কোনে ব্যক্তিৰ কৰ্ম চাই বিচাৰ কৰে। এই সময়ছোৱাত তেওঁলোকে সম্পূৰ্ণ নিৰপেক্ষ হৈ থাকে আৰু কোনো ধৰণৰ ৰেহাই নিদিয়ে। জ্যোতিষীসকলৰ মতে মকৰ সংক্ৰান্তিৰ দিনা শনিদেৱক খিচিৰি আগবঢ়ালে তেওঁক সন্তুষ্ট হয় আৰু সকলো বিপদ নাইকিয়া হয়। ইয়াৰ দ্বাৰা প্ৰগতিৰ নতুন দুৱাৰো মুকলি হয়।

সূৰ্য্য দেৱতাঃ সূৰ্য্য ঈশ্বৰ হৈছে বিশ্বব্ৰহ্মাণ্ডত শক্তি আৰু পোহৰ বিস্তাৰ কৰা দেৱতা। তেওঁলোকৰ ট্ৰেনজিটে জীৱনত সুখ, সমৃদ্ধি আৰু মংগল আনে। এনে পৰিস্থিতিত সকলোৱে তেওঁলোকক সন্তুষ্ট কৰিবলৈ অহৰহ চেষ্টা কৰে। কোৱা হয় যে মকৰ সংক্ৰান্তিৰ দিনা স্নান কৰি দান কৰি সূৰ্য্য ভগৱানক খিচিৰি আগবঢ়ালে তেওঁক অতি সুখী কৰে। এই সমাধানৰ দ্বাৰা ৰাশিফলত সূৰ্য্য ঈশ্বৰৰ অৱস্থান অধিক শক্তিশালী হৈ উঠে, যিটো লাভজনক।

Tea: ডায়েবেটিছ ৰোগীয়ে এই ৫ বিধ চাহ ৰাতিপুৱা খাব, ৰাতিলৈকে ব্লাড চুগাৰ নিয়ন্ত্ৰণত থাকিব

Tea: ডায়েবেটিছ ৰোগীয়ে এই ৫ বিধ চাহ ৰাতিপুৱা খাব

ডায়েবেটিছ ৰোগীৰ বাবে চাহ ভাল নে? ডায়েবেটিছ ৰোগীৰ বাবে চাহ স্বাস্থ্যসন্মত হয় নে? কিন্তু সাধাৰণ গাখীৰৰ চাহৰ সলনি খাব পাৰে আপুনি এইসমূহ চাহ।(Tea)

ডায়েবেটিছ ৰোগীয়ে ৰাতিপুৱা প্ৰথম পানীৰ পৰা আৰম্ভ কৰি ৰাতি শেষ আহাৰ গ্ৰহণলৈকে সকলো বস্তু অতি সাৱধানে খাব লাগে। যাতে ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে।

এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে চাহ খোৱাত অলপ অসুবিধাৰ সন্মুখীন হ’ব পাৰে, কাৰণ চাহত বহু মিঠা বস্তু আৰু গাখীৰ মিহলি হয়, যাৰ ফলত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। অৱশ্যে কিছুমান স্বাস্থ্যসন্মত চাহৰ বিকল্প আছে যিবোৰ ডায়েবেটিছ ৰোগীয়েও খাব পাৰে।

ডায়েবেটিছ ৰোগীৰ বাবে গ্ৰীণ টি অন্যতম জনপ্ৰিয় আৰু স্বাস্থ্যকৰ চাহ। অধ্যয়নত দেখা গৈছে যে গ্ৰীণ টিত থকা পলিফিনলে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। কেৱল এয়াই নহয়, গ্ৰীণ টিতো প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিটো স্বাস্থ্যৰ বাবেও উপকাৰী।

ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে ডালচেনি এক সুপৰিচিত মছলা। ডালচেনিয়ে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ডালচেনিৰ চাহ বনাবলৈ গৰম পানীৰ একাপত দালচেনিৰ লাঠি এটা দি কিছু সময় ঢাকি ৰাখিব।

গৱেষণাৰ মতে ডায়েবেটিছ ৰোগীৰ বাবে মেথি চাহ আন এক উত্তম বিকল্প। মেথিৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত তেজৰ চেনিৰ শোষণ লেহেমীয়া হ’ব পাৰে। মেথি চাহ বনাবলৈ একাপ গৰম পানীত এচামুচ মেথি গুটি দি ১০ মিনিট ঢাকি ৰাখিব। ৰুচি অনুসৰি নেমুৰ ৰসও দিব পাৰে।

তুলসী চাহত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা গুণ থাকে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে তুলসীৰ পাতৰ হাইপ’গ্লাইচেমিক প্ৰভাৱ থাকে যিয়ে তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে। এনে পৰিস্থিতিত ইয়াৰ চাহ চেনি নিয়ন্ত্ৰণত অতি উপকাৰী বুলি প্ৰমাণিত হয়।

এই চাহ খোৱাৰ সময়ত চেনি বা মৌ যোগ কৰাৰ পৰা বিৰত থাকিব। প্ৰাকৃতিকভাৱে মিঠা কৰিবলৈ ডালচেনি বা ইলাচি দিব পাৰে। যিকোনো নতুন চাহ খাবলৈ আৰম্ভ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক, বিশেষকৈ যদি আপুনি ইতিমধ্যে কোনো ঔষধ খাই আছে।

Pre-Bhogali Bihu: প্ৰাক্‌ ভোগালী বিহু উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ মাজত লাৰু-পিঠা; -জা-জলপানৰ প্ৰতিযোগিতা

Pre-Bhogali Bihu: প্ৰাক্‌ ভোগালী বিহু উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
Pre-Bhogali Bihu: প্ৰাক্‌ ভোগালী বিহু উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

প্ৰাক্‌ ভোগালী বিহু উপলক্ষে নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক অসমীয়া জা-জলপান হেৰাই যাবলৈ ধৰা পিঠা-পনা-লাৰু আদি তৈয়াৰ(Pre-Bhogali Bihu) কৰাৰ পদ্ধতি শিকোৱাৰ লগতে ঋতু অনুসৰি প্ৰস্তুত কৰা পিঠা-জা-জলপানৰ পুষ্টিগত গুণ আদি বিষয়ত জ্ঞান দিবলৈ আমচং চাহ বাগিছা আদৰ্শ বিদ্যালয়ত এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।

কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে অংশগ্ৰহণ কৰা প্ৰদৰ্শনীখনৰ খাদ্য প্ৰস্তুত আৰু পৰিৱেশন এই দুয়োটা দিশৰ ওপৰত বিবেচনা কৰি ছয় গৰাকী ছাত্ৰী ক্ৰমান্বয়ে পূজা দাস, অম্বিকা বড়ো, মুনমী অকবাং, প্ৰিয়াক্ষী বড়ো,লতিকা বড়ো,হিমাদ্ৰী টুমুং আৰু অভিভাৱক অনু লহকৰক বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হয়।

প্ৰতিযোগিতাৰ বিচাৰক হিচাপে অংশ গ্ৰহণ কৰে প্ৰধান শিক্ষক উপেন গোস্বামী আৰু শিক্ষয়িত্ৰী মুনমী বৰুৱাই। বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে জেষ্ঠ সাংবাদিক উৎপল শইকীয়া আৰু শিক্ষয়িত্ৰী মুনমী বৰুৱাই। বিদ্যালয় খনৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক প্ৰদৰ্শনীত উপস্থিত থাকে।