Home Blog Page 386

Sarbananda Sonowal: মহিলা বনকৰ্মীসকলৰ সুবিধাৰ্থে অগৰাতলীত নৱনিৰ্মিত “কিং কোব্ৰা চোৰাং চিকাৰ বিৰোধী কেম্প” মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Sarbananda Sonowal
Sarbananda Sonowal

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সবল প্ৰচেষ্টাত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণৰ বৈঠক কাজিৰঙাত কালি সফলতাৰে সামৰণি(Sarbananda Sonowal) পৰাৰ পাছত সৰ্বানন্দ সোণোৱালে শনিবাৰে কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত উপস্থিত হয় আৰু মহিলা বন সুৰক্ষা কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। গঁড়ৰ চোৰাং চিকাৰ ৰোধৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা, সংৰক্ষণৰ দিশত ‘বনদুৰ্গা’ হিচাপে খ্যাত মহিলা বনকৰ্মীসকলৰ কৰ্তব্যনিষ্ঠাৰ সোণোৱালে শলাগ লয়।

সোণোৱালে কয়, “কাজিৰঙাৰ চিৰসেউজ পৰিৱেশ মনোমুগ্ধকৰ। ইয়াৰ জৈৱ-বৈচিত্ৰ্যতা সঁচাকৈয়ে অনন্য। আজি কাজিৰঙাৰ অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰি আনন্দ অনুভৱ কৰিছোঁ। পশু-পক্ষী, জীৱ-জন্তুৰ কলৰৱ, বিনন্দীয়া প্ৰকৃতিৰ অপৰূপা দৃশ্যই মন-প্ৰাণ প্ৰফুল্লিত কৰি তুলিলে। স্থানীয় শিক্ষাৰ্থীসকলে সম্প্ৰতি অগৰাতলী বনাঞ্চলখনত পক্ষীৰ জৰীপ কৰি থকাৰ সময়ত তেওঁলোকৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণী সংৰক্ষণৰ বাবে জাগ্ৰত প্ৰহৰীস্বৰূপ বনকৰ্মীসকলৰ সৈতে মত বিনিময় কৰোঁ। বিগত বছৰসমূহত গঁড়ৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক উজ্জীৱিত কৰি তুলিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ সুৰক্ষাৰ্থে সদা-তৎপৰ ‘বনদুৰ্গা’। মহিলা বন সুৰক্ষা কৰ্মীসকলে কৰ্তব্যনিষ্ঠাৰে কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্যতাৰ সুৰক্ষা, সংৰক্ষণৰ বাবে যি নিৰন্তৰ সেৱা আগবঢ়াইছে, সেয়া অত্যন্ত শলাগনীয় আৰু প্ৰেৰণাদায়ক। ‘বনদুৰ্গা’ হিচাপে খ্যাত এইসকল মহিলা বন সুৰক্ষা কৰ্মীক আজি অগৰাতলী বনাঞ্চলত লগ পাই আনন্দিত হ’লোঁ। নাৰীশক্তিৰ নিদৰ্শন দাঙি ধৰি সমাজলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰা ‘বনদুৰ্গা’ৰ অদম্য সাহস, মনোবল সকলোৰে বাবে অনুকৰণীয়। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ কাজিৰঙা ভ্ৰমণৰ সময়ত বনদুৰ্গাসকলক লগ কৰি উৎসাহিত কৰিছিল। বন্যপ্ৰাণীৰ সুৰক্ষাৰ্থে সমৰ্পিত সেৱা আগবঢ়াই অহা এই বনদুৰ্গাসকলৰ সুবিধাৰ্থে অগৰাতলীত নতুনকৈ নিৰ্মিত ‘কিং কোব্ৰা চোৰাং চিকাৰ বিৰোধী কেম্প’ আজি মুকলি কৰোঁ।” অগৰাতলী পৰ্যটন আৰু বন্যপ্ৰাণী ছাফাৰী এছ’চিয়েচনৰ শিবিৰৰো আধাৰশিলা স্থাপন কৰে সোণোৱালে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “কাজিৰঙাৰ শোভাবৰ্ধন, পৰ্যটনৰ প্ৰসাৰ, জৈৱ-বৈচিত্ৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে বিজেপি চৰকাৰৰ দিনত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কংগ্ৰেছৰ দিনত অসমৰ গৌৰৱ এটা খৰ্গৰ গড়ৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছিল, গঁড়ৰ ব্যাপক হাৰত চোৰাং চিকাৰ হৈছিল, অসমৰ গৌৰৱ ম্ৰিয়মান হৈছিল। বিজেপি চৰকাৰ শাসনত অহাৰ পাছতেই চোৰাং চিকাৰীৰ বিৰুদ্ধে তৎপৰতাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ল, বিশেষ গঁড় সুৰক্ষা বাহিনী গঠন কৰা হ’ল, বানপানীৰ সময়ত বন্যপ্ৰাণীয়ে আশ্ৰয় ল’ব পৰাকৈ হাইলেণ্ড নিৰ্মাণ কৰা হ’ল। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ প্ৰসাৰৰ বাবে আগন্তুক দিনবোৰতো সবল ভূমিকা পালন কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনালোঁ। বন্যপ্ৰাণীৰ উদ্ধাৰ, সহায় অভিযান, স্বাস্থ্য সুৰক্ষা এতিয়া ক্ষিপ্ৰতৰ কৰি তোলা হৈছে। কঁহৰা, বাগৰী বনাঞ্চলৰ সমান্তৰালকৈ অগৰাতলী বনাঞ্চলতো পৰ্যটন বৃদ্ধি কৰাত বিশেষ গুৰুত্ব দিয়া হ’ব। কাজিৰঙাৰ প্ৰায় ১০০ খন বিলৰ সৌন্দৰ্যবৰ্ধন আৰু পৰ্যটন উন্নয়ন বৃদ্ধিৰ বাবে যাৱতীয় ব্যৱস্থা তৎপৰতাৰে গ্ৰহণ কৰা হৈছে। কাজিৰঙা আমাৰ জাতীয় গৌৰৱ। এই গৌৰৱ আমি সকলোৱে ঐক্যবদ্ধভাৱে আগুৱাই নিব লাগিব।”

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষ, আঞ্চলিক বন বিষয়া অৰুণ ৱিগনেশ আৰু বন বিভাগৰ অন্যান্য বিষয়াসকলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়ে।

North West Jorhat । উত্তৰ পশ্চিম যোৰহাটত সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাক বিপুল সম্বৰ্ধনা

North West Jorhat । উত্তৰ পশ্চিম যোৰহাটত সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাক বিপুল সম্বৰ্ধনা
North West Jorhat । উত্তৰ পশ্চিম যোৰহাটত সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাক বিপুল সম্বৰ্ধনা

১১ জানুৱাৰী,২০২৫ঃ (North West Jorhat )স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱপ্ৰজন্ম উদ্বুদ্ধ হোৱা উচিত; চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনে সকলোকে আদৰি ল’ব। নৱপ্ৰজন্মৰ বাবে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সকলো দুৱাৰ-খিৰিকী খোলা আছে, এই সুযোগ সকলোৱে গ্ৰহণ কৰা বাঞ্চনীয়। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক লেখক-সংগঠক দেৱজিৎ বৰাই আজি যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়।

অসম সাহিত্য সভাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা বৰ্ণাঢ্য সম্বৰ্ধনা সভাখনত উত্তৰ পশ্চিম যোৰহাট ক্ৰীড়া সন্থা, উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলন, উত্তৰ পশ্চিম যোৰহাট আবৃত্তি আৰু সংস্কৃতি পৰিষদ, মৈত্ৰী, জ্ঞান জ্যোতি কলা কৃষ্টি কেন্দ্ৰ, উত্তৰ পশ্চিম যোৰহাট সাংবাদিক সন্থা,কৃসটেল ডাইগনেষ্টিক চেন্টাৰ, বিজেপি ঢ়েকৰগঢ়া মণ্ডল, ২৯৫ নং কুহুমযোগনীয়া প্ৰাথমিক বিদ্যালয়, তৰাজান নাট্য সন্মিলনী, তৰাজান শাখা সাহিত্য সভা, ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ, জ্ঞান জ্যোতি মহিলা সমিতি, গৰখীয়া দ’ল আৰ্যধৰ্মীটোল আদি কৰি ত্ৰিশৰোধিক অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্দ্ধনা পত্ৰ, চেলেং, গামোচা, জাপি, কিতাপৰ টোপোলা, অংগ বস্ত্ৰ আদিৰে ব্যাপক অভিনন্দন জনোৱা হয়। শতদল শাখাখনৰ সভাপতি প্ৰদীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, প্ৰাক্তন সভাপতিত্ৰয় চিত্তৰঞ্জন বৰুৱা, ডাঃ কৃপাল কুমাৰ শৰ্মা, মানিক চন্দ্ৰ বৰা, প্ৰাক্তন উপসভাপতি বিপুল দুৱৰা, যোৰহাট সাহিত্য সভাৰ সম্পাদক উত্তম কুমাৰ হাজৰিকা, তৰাজান শাখা সাহিত্য সভাৰ সভাপতি জোনা দত্ত, সম্পাদক মনোজ্ঞপ্ৰাণ বৰদলৈ, যোৰহাট ৰেকৰ্ডছ সমিতিৰ সম্পাদক বিদ্যুৎ ভূষণ বৰা, সমাজকৰ্মী অনুপ বৰা, দিলীপ শৰ্মা, প্ৰসেনজিত নেওগ, দেৱানন্দ বৰা, ৰুবুল শৰ্মা, জীনামণি নেওগ, গীতালি কলিতা, সৌৰভপ্ৰাণ বৰা প্ৰমুখ্যে বহু সংখ্যক ভাষাপ্ৰেমীয়ে অংশগ্ৰহণ কৰে । মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্যামলীমা বৰাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনৰ আঁত ধৰে শাখাৰ প্ৰাক্তন সম্পাদক নৰেন চন্দ্ৰ বৰাই ।

অসম সংগীতেৰে সামৰণি ঘটা ৰাজহুৱা অভিনন্দন সভাখনত শলাগৰ শৰাই প্ৰদান কৰে উত্তৰ পশ্চিম যোৰহাট শাখা সাহিত্য সভাৰ সম্পাদক অশান্ত ৰাতুল দত্তই।

Chaontali Sahitya Parishad 2025। চাওঁতালী সাহিত্য পৰিষদৰ অল চিকি শতবৰ্ষ আৰু সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন ২০২৫

Chaontali Sahitya Parishad 2025। চাওঁতালী সাহিত্য পৰিষদৰ অল চিকি শতবৰ্ষ আৰু সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন ২০২৫
Chaontali Sahitya Parishad 2025। চাওঁতালী সাহিত্য পৰিষদৰ অল চিকি শতবৰ্ষ আৰু সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন ২০২৫

১১ জানুৱাৰী, ২০২৫ঃ Chaontali Sahitya Parishad 2025। ভাৰতীয় জাতীয় জীবনৰ সৈতে একাত্ম হৈ থকা অসমৰ চাওতঁতালী সকলৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু স্বাভিমান সমাহাৰ চাওঁতালী সাহিত্য পৰিষদ । ভাষা আৰু বৰ্ণিল সাহিত্য-সংস্কৃতিৰ উত্তৰণত অহৰহ প্ৰচেষ্টা লক্ষ্যৰে চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু ওদালগুৰি সমিতিৰ লগতে স্থানীয় ৰাইজৰ সহযোগত অল চিকি শতবৰ্ষ আৰু সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন ২০২৫ ওদালগুৰি জিলাৰ চাচাং বেডা ক্ষেত্ৰ, মনপুৰ ৰাজীব গান্ধী মিনি ষ্টেডিয়াম খেল পথাৰত ১০, ১১ আৰু ১২ জানুবাৰী ২০২৫ তাৰিখে তিনিদিয়া বৰ্ণাঢ়্য কাৰ্য্যসুচীৰে অনুস্থিত কৰা হয়। প্ৰথম দিন তথা ১০ জানুবাৰী(শুক্ৰবাৰে) বিভিন্ন কাৰ্য্যসুচী অন্তত আজি দ্বিতীয় দিন ১১ জানুবাৰীত শনিবাৰে ৰাতিপুৱা জাহেৰ থান আৰু মাঞ্জহী থানত বন্তি প্ৰজ্বলনেৰে শুভৰাভ অনুস্থানটিত বিভিন্ন কাৰ্য্যসুচীত লগতে আবেলি অল চিকি লিপি শতবৰ্ষ ৰ্শীষক আলোচনা চক্ৰ অনুস্থিত কৰা হয়।

গ্ৰাব্ৰিয়েল এচ মুৰ্মু সঞ্চালন কৰা আলোচনা চক্ৰ খনিত প্ৰাক্তন বিধান সভাৰ অধ্যক্ষ তথা আন্তৰাষ্ট্ৰীয় চাওঁতাল পৰিষদৰ সভাপতি পৃথিবী মাঝি, মিন্টু হেমন্ৰম, সাহিত্য একাডেমি পুৰস্কাৰ প্ৰাপ্ত লেখিকা জবা মুৰ্মু, আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্য্যবাহী সদস্য মন্ডল হাঁচদা, অধ্যাপক ড: সুবুধ হাঁচদা, সুশান্ত চৰেন, সুনিল মুৰ্মু, ৰাজুন টুডু, জূ্যৰ‍াম টুডু, নৃপেন টুডু, সুৰাই কিস্কু উপস্থিত থাকে

Prashant Rajguru’s । প্ৰশান্ত ৰাজগুৰুৰ ‘ সাগৰ হেৰোৱাৰ দুখ ‘ উন্মোচন

Prashant Rajguru's । প্ৰশান্ত ৰাজগুৰুৰ ' সাগৰ হেৰোৱাৰ দুখ ' উন্মোচন
Prashant Rajguru's । প্ৰশান্ত ৰাজগুৰুৰ ' সাগৰ হেৰোৱাৰ দুখ ' উন্মোচন

১১ জানুৱাৰী, ২০২৫ গুৱাহাটী : অসমত আধুনিকতাৰ এটা প্ৰধান অংগ হ’ল প্ৰবন্ধ আৰু চিন্তাশীল সাহিত্য। অসমীয়া নৱজাগৰণৰ হোতা আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া লৰাৰ মিত্ৰৰ যোগেদি চিন্তাশীল গদ্যৰ পাতনি মেলিছিল। প্ৰশান্ত ৰাজগুৰুৰ সাংবাদিক জীৱনৰ অভিজ্ঞতা আৰু উপলব্ধিৰে সমৃদ্ধ লিখা সমূহে অসমীয়া চিন্তাশীল গদ্যসাহিত্যৰ এক বিশেষ ধাৰাক প্ৰতিনিধিত্ব কৰে। (Prashant Rajguru’s) শুক্রবাৰে গুৱাহাটীৰ প্ৰগতি মেনৰত অনুষ্ঠিত প্ৰশান্ত ৰাজগুৰুৰ ‘ সাগৰ হেৰোৱাৰ দুখ ‘ গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰি লেখক আৰু ৰাজ্যখনৰ আগশাৰীৰ কলা সমালোচক জ্যোতি খাটনিয়াৰে এই মন্তব্য কৰে।

সমালোচক খাটনিয়াৰে কয় যে অসমীয়া জাতীয় জীৱনক চুই যোৱা বিভিন্ন বিষয়ৰ সমীক্ষাত্মক বিশ্লেষণৰে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে সমকালীন অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটক বিশেষ দৃষ্টিৰে বিশ্লেষণ কৰিছে। এই গ্ৰন্থত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সম্বন্ধীয় আৰু ভূপেন হাজৰিকাৰ জীৱনী কেন্দ্ৰিক দুটা বিতৰ্কক পূৰ্ণ ৰূপত সন্নিবিষ্ট কৰি জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে অসমীয়া বৌদ্ধিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় চিৰদিনৰ বাবে সংৰক্ষিত কৰি ৰাখিছে। ৰাজগুৰুৰ গদ্যৰীতিৰ বৈশিষ্ট্য আৰু মানৱতাবাদী চিন্তাধাৰাৰ উৎস সম্পৰ্কেও খাটনিয়াৰে তেওঁৰ বক্তৃতাত উল্লেখ কৰে। ইমানুৱেল কান্টৰ দৰ্শন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱ প্ৰেম, জাঁ পল ছাৰ্ত্ৰেৰ অস্তিত্ব সম্পৰ্কীয় চিন্তাই কেনেদৰে আধুনিক মানুহক চুই গৈছে, সেই বিষয়েও খাটনিয়াৰে উল্লেখ কৰে।

কুৰি শতিকাৰ তিনিগৰাকী প্ৰখ্যাত গদ্য লেখক বাৰ্ট্ৰেণ্ড ৰাছেল , জাঁ পল ছাৰ্ত্ৰে আৰু জৰ্জ অৰৱেলৰ সাহিত্য আৰু সংবাদ জগতত প্ৰভাৱৰ বিষয়েও খাটনিয়াৰে কয়। গ্ৰন্থখনৰ শিৰোনামটোৰ তাৎপৰ্য সন্দৰ্ভতো খাটনিয়াৰে এক চমু বিশ্লেষণ আগবঢ়ায়। সাগৰৰ ধাৰণাটোৱে মাধৱ কন্দলীৰ দিনৰ পৰা অসমীয়া মানুহক কিদৰে চুই আহিছে, এই সম্পৰ্কেও তেওঁ আলোচনা কৰে। গ্ৰন্থখনত সাংবাদিক ৰাজগুৰুৱে কিদৰে গ্ৰাম্য জীৱনলৈ নামি অহা পৰিবৰ্তিত অৰ্থনৈতিক সংকট, মূল্যবোধৰ অৱক্ষয় আদিক বুদ্ধিদ্বিপ্ততাৰে তুলি ধৰিছে, সেয়া বক্তা খাটনিয়াৰে তেওঁৰ বক্তৃতাত উল্লেখ কৰে। গ্ৰন্থখন উন্মোচন কৰে প্ৰাগ চেনেলৰ স্বত্বাধিকাৰী ড° সঞ্জীৱ নাৰায়ণে। গ্ৰন্থখনৰ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক অখিল ৰঞ্জন দত্ত আৰু চিন্তাশীল লেখক ময়ুৰ বৰাইও দুটা তাৎপৰ্যপূৰ্ণ বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানৰ আঁত ধৰে প্ৰাগ নিউজৰ সাংবাদিক দীপক শৰ্মাই। অনুষ্ঠানটোত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বহু গুণী জ্ঞানী ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে গ্ৰন্থখন প্ৰকাশ কৰিছে অসম পাবলিছিং কোম্পানীয়ে।

Golden Jubilee Celebrations । ২৬ আৰু ২৭ জানুৱাৰীত উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ আয়োজন

Golden Jubilee Celebrations । ২৬ আৰু ২৭ জানুৱাৰীত উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ আয়োজন
Golden Jubilee Celebrations । ২৬ আৰু ২৭ জানুৱাৰীত উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ আয়োজন

১১ জানুৱাৰী, ২০২৫ঃ মৰিগাঁও জিলাৰ ভূৰবন্ধা শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ অনুষ্ঠানটো অহা ২৬ আৰু ২৭ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।( Golden Jubilee Celebrations) কাৰ্যসূচী অনুসৰি, ২৬ জানুৱাৰীত বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ মুকলি, গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন, সোণালী জয়ন্তী বৰ্ষৰ ৫০ খন পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰা, প্ৰদৰ্শনী মঞ্চ উন্মোচন, আলোচনা চক্ৰ, সমবেত সংগীতৰ লগতে সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাৰ ওপৰত এক আলোচনা অনুষ্ঠিত হ’ব। উক্ত অনুষ্ঠানটোত মুখ্য আলোচক হিচাপে উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া।আবেলি স্হানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।


দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি, ২৭ জানুৱাৰীত বৃক্ষৰোপণ, স্বচ্ছ ভাৰত অভিযান ৰূপায়ণ, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, কুইজ প্ৰতিযোগিতা, গীত- মাত, জিকিৰ প্ৰতিযোগিতা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ স্মৃতি ৰোমন্থন আৰু বিদ্যালয় খনৰ প্ৰতিষ্ঠাপক শিক্ষক আক্কাছ আলীৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে স্মৃতিগ্ৰন্থ ” স্বৰ্ণ জ্যোতি” উন্মোচন কৰা হ’ব। মুকলি সভাত মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ‌ঠাকুৰীয়া , জিলা আয়ুক্ত দেৱাশীষ শৰ্মা,অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ প্ৰদ্যুৎ বৰদলৈ , বিধায়ক আচিফ মহাম্মদ নাজাৰ উপস্থিত থাকিব। আবেলি ৪-৩০ বজাত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব। অহা ২৬ আৰু ২৭ জানুৱাৰীৰ কাৰ্যসূচীত সকলো ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্হিতিৰ কামনা কৰিছে সোণালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সভাপতি আক্কাছ আলী আৰু সম্পাদক নৃপেন দাসে।

Nadia Rohi: বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে নাদিয়া ৰোহিয়ে, নাদিয়া ৰোহিয়ে উৰাব উৰাজাহাজ

Nadia Rohi: বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে নাদিয়া ৰোহিয়ে
Nadia Rohi: বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে নাদিয়া ৰোহিয়ে

বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিছে নাদিয়া ৰোহিয়ে। বহৰিৰ কন্যাই এতিয়া উৰাব উৰাজাহাজ। বৰপেটা জিলাৰ বহৰিৰ নজমূল ভূঞা (ফাৰুক) আৰু আছমা ভূঞৰ দ্বিতীয় কন্যা নাদিয়া ৰোহিয়ে উৰাজাহাজৰ পাইলটৰ প্ৰশিক্ষণ লৈ আছে।(Nadia Rohi)

চতুৰ্থটো চোলো পৰীক্ষাৰ অন্তত কৰ্তৃপক্ষই আজি উইঙ প্ৰদান কৰে। এতিয়াৰ পৰা ৰোহি অকলে উৰাজাহাজ উৰাব পাৰিব। প্ৰশিক্ষণৰত ৰোহিয়ে খুউব সময়ৰ ভিতৰত সুন্দৰভাৱে টেক অফ আৰু লেণ্ডিং কৰিবলৈ সক্ষম হয়। ৰোহিয়ে সৰুৰে পৰাই পাইলট হোৱাৰ সপোন পুহি ৰাখিছিল।(pilot)

ডাক্তৰ, ইঞ্জিনীয়াৰ হ’বলৈ ইচ্ছা নকৰা ৰোহিৰ ইচ্ছাক পৰিয়ালৰ লোকেও পূৰ্ণ সমৰ্থন দিছিল। মেডিকেল টেষ্টত বাচনি হোৱাৰ পিচতেই পাইলটৰ পাঠ্যক্ৰম আসন লবলৈ সক্ষম হয়। প্ৰথমাৱস্থাত দিল্লীত অধ্যয়ন কৰি পিছলৈ মহাৰাষ্ট্ৰৰ পুণেৰ উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ আছে। পুনেৰ পৰা কিছুদিনৰ বাবে অসমৰ লীলাবাৰী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লবলৈ আহিছে ৰোহিয়ে। (Barpeta)

অসম কন্যা নাদিয়া ৰোহিৰ সফলতাত গৌৰৱান্বিত ৰাজ্যবাসী। পাইলট নাদিয়া ৰোহিক আপুনিও জনাওক শুভেচ্ছা।

Flowers: ধান খেতি এৰি ফুলৰ খেতিৰে লাখ লাখ টকা উপাৰ্জন

Flowers: ধান খেতি এৰি ফুলৰ খেতিৰে লাখ লাখ টকা উপাৰ্জন
Flowers: ধান খেতি এৰি ফুলৰ খেতিৰে লাখ লাখ টকা উপাৰ্জন

ধান আৰু ঘেঁহু এৰি ইয়াৰ কৃষকসকলে ফুলৰ খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰি আছে, কৃষক জগতাৰ সিঙে কয় যে যোৱা ৫ বছৰ ধৰি তেওঁ ফুলৰ খেতি কৰি আহিছে। এই খেতিয়ে কম খৰচত অধিক লাভ দিছে।(Flowers)

হাৰিয়ানাত ক্ৰমাগতভাৱে খোৱাপানীৰ অভাৱ। যাৰ বাবে খেতি কৃষকৰ বাবে কঠিন আৰু ব্যয়বহুল হৈ পৰিছে। এই কাৰণেই কৃষকসকলে ধান আৰু ঘেঁহু খেতি এৰি লাভজনক খেতি কৰাৰ দিশত আগবাঢ়িছে। একে ক্ৰমতে হাৰিয়ানাৰ কৰ্ণালৰ ছালাৰু গাঁৱৰ বাসিন্দা কৃষক জগতাৰ সিঙে ফুলৰ খেতি কৰি প্ৰতি একৰত ২ৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰি আছে, তেওঁ কৃষকসকলৰ বাবে আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই দেখি আন কৃষকসকলেও ফুলৰ খেতি আৰম্ভ কৰিছে।


৫ বছৰ আগতে খেতি আৰম্ভ কৰিছিল-


কৃষক জগতাৰ সিঙে কয় যে যোৱা ৫ বছৰ ধৰি তেওঁ ফুলৰ খেতি কৰি আহিছে। এই খেতিয়ে কম খৰচত অধিক লাভ দিছে। তেওঁ কয় যে তেওঁ প্ৰতিদিনে বা প্ৰতি সপ্তাহত ৮ৰ পৰা ১০ হাজাৰ টকা পায়। তেওঁ কয় যে আগতে ঘেঁহু আৰু ধানৰ খেতি কৰা হৈছিল, যাৰ বাবে অধিক পানীৰ প্ৰয়োজন হৈছিল আৰু খৰচো বেছি আছিল। ইয়াৰ পৰা কোনো লাভ নাছিল।


কৃষকগৰাকীয়ে কয়, যদি আমি সকলোৱে এনেদৰে ধান আৰু ঘেঁহুৰ খেতি কৰি যাওঁ, তেন্তে ভৱিষ্যত প্ৰজন্মই খেতিৰ বাবে পানী নাপাব। তেওঁ কৃষকসকলক উদ্যান শস্যৰ খেতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়, যিটো অধিক লাভজনক শস্য।
একে সময়তে মহিলা কৃষক প্ৰসন্ন কৌৰে কয় যে আগতে তেওঁলোকে ঘেঁহু আৰু ধানৰ খেতি কৰিছিল, কিন্তু খৰচ বহন কৰাটো অতি কঠিন আছিল। কিন্তু এতিয়া তেওঁলোকে ফুলৰ খেতি কৰে। যাৰ বাবে তেওঁলোকে বহুত সুবিধা লাভ কৰিছে। ইয়াৰ উপৰিও নগদ ধনৰ শস্যও আছে। কৃষকে ফুলৰ খেতি কৰি অধিক উপাৰ্জন কৰিবও পাৰে।

HMPV: অসমত ধৰা পৰিছে প্রথমটো HMPV ভাইৰাছত আক্রান্ত

HMPV: অসমত ধৰা পৰিছে প্রথমটো HMPV ভাইৰাছত আক্রান্ত
HMPV: অসমত ধৰা পৰিছে প্রথমটো HMPV ভাইৰাছত আক্রান্ত

অসমত ধৰা পৰিছে প্রথমটো HMPV আক্রান্ত।( HMPV)এটি ১০ মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছে HMPV ভাইৰাছ। এটি ১০ মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছে HMPV ভাইৰাছ। বৰ্তমান ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন হৈ আছে শিশুটি।শিশুটি লখিমপুৰৰ বুলি প্ৰকাশ কৰিছে AMCH-এ।

ডিব্ৰুগড়ৰ এ এম চি এইচত ভৰ্তি হোৱা ১০ মহীয়া শিশুৰ ভিতৰত ২০২৫ চনৰ ছিজনৰ বাবে অসমৰ পৰা HMPV ৰ প্ৰথমটো ৰোগী ধৰা পৰে। ডিব্ৰুগড়ৰ আইচিএমআৰ-আৰএমআৰচিৰ আইচিএমআৰ-আৰএমআৰচিৰ আঞ্চলিক ভিআৰডিএল পৰীক্ষাগাৰত ৰুটিন HMPV স্ক্ৰীনিঙৰ সময়ত চিনাক্ত কৰা হয়। তাৰ পিছৰ পৰা, ২০১৪ চনৰ পৰা লেবটোত ডিব্ৰুগড়ৰ পৰা ১০০ৰো অধিক HMPV ৰোগীৰ ৰিপৰ্ট পোৱা গৈছে।

অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে শুকুৰবাৰে ডিব্ৰুগড়ত স্পষ্ট কৰি দিয়ে যে হিউমেন মেটাপনিউমোভাইৰাছ (HMPV) নতুন ভাইৰাছ নহয়। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা পৰামৰ্শৰ সৈতে সংগতি ৰাখি প্ৰয়োজনীয় ব্যৱস্থা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণ সাজু বুলি তেওঁ আশ্বাস দিয়ে।

Prabhas: বিয়া পাতিবলৈ সাজু প্ৰভাস, কইনা কোন হ’ব?

Prabhas: বিয়া পাতিবলৈ সাজু প্ৰভাস, কইনা কোন হ'ব?
Prabhas: বিয়া পাতিবলৈ সাজু প্ৰভাস, কইনা কোন হ'ব?

দক্ষিণ চিনেমাৰ ‘বাহুবলী’ অৰ্থাৎ প্ৰভাসৰ বহু প্ৰজেক্টৰ বাবে বৰ্তমান শিৰোনাম দখল কৰিছে। ইফালে তেওঁৰ অনুৰাগীৰ মনত প্ৰশ্ন কেতিয়া বিবাহপাশত আৱদ্ধ হ’ব প্ৰভাস? (Prabhas) শেহতীয়াকৈ ট্ৰেড এনালাইষ্ট মনোবালা বিজয়াবালানে তেওঁৰ x(Twitter) হেণ্ডেলত এটা ৰহস্যময় পোষ্ট কৰিছে, বৰ্তমান এই পোষ্টটো দ্ৰুতগতিত ভাইৰেল হৈ আছে, য’ত তেওঁ কেৱল ছুপাৰষ্টাৰগৰাকীৰ নাম ‘প্ৰভাস’ লিখিছে। ইয়াৰ লগতে ব্রাইডাল ইমোজি শ্বেয়াৰ কৰিছিল।(Prabhas Married Rumours)

অৱশ্যে প্ৰভাসে সঁচাকৈয়ে বিয়া হ’ব নে সেই বিষয়ে তেওঁ নিজৰ পোষ্টটোত স্পষ্ট কৰা নাই। কিন্তু তেওঁৰ পোষ্ট ভাইৰেল হোৱাৰ পিছত অনুৰাগীসকল আচৰিত হোৱাৰ লগতে সুখো প্ৰকাশ কৰিছে। ব্যৱহাৰকাৰীসকলে তেওঁৰ পোষ্টটোৰ ওপৰত মন্তব্য কৰি মাত্ৰ এটা প্ৰশ্ন কৰিছে যে সঁচাকৈয়ে প্ৰভাসৰ বিয়া হ’ব নেকি? এজন অনুৰাগীয়ে সুধিলে, ‘নিশ্চিত হৈছেনে? #প্ৰভাস’, আনহাতে আন এজনে লিখিছে, ‘অৱশেষত! অভিনন্দন প্ৰভাস ছাৰ।

তৃতীয় এজন ব্যৱহাৰকাৰীয়ে সুধিলে- ‘প্ৰভাসৰ বিয়া হ’ব নেকি?’ একাংশ অনুৰাগীয়েও জানিব বিচাৰিছিল যে তেওঁ বাহুবলীৰ সহ অভিনেত্ৰী অনুষ্কা শ্বেট্টীক বিয়া কৰাব নে নকৰাই? যোৱা বছৰো প্ৰভাসৰ বিবাহ সম্পৰ্কে ছ’চিয়েল মিডিয়াত উৰাবাতৰি প্ৰচাৰ হৈছিল যেতিয়া তেওঁ এটা ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰিছিল য’ত তেওঁ ‘কোনোবা বিশেষ’ৰ কথা উল্লেখ কৰিছিল। পিছত হায়দৰাবাদত ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’ অনুষ্ঠানৰ সময়ত প্ৰভাসে এই উৰাবাতৰি অস্বীকাৰ কৰে।

তেওঁ কয়, ‘মই মোৰ মহিলা অনুৰাগীৰ হৃদয়ত আঘাত দিব নিবিচাৰো বাবেই মই সোনকালে বিয়া পতা নাই।’ ২০২৩ চনত প্ৰভাসক তেওঁৰ ছবি ‘আদিপুৰুষ’ৰ সহ অভিনেত্ৰী কৃতি ছাননৰ লগত ডেটিং কৰা বুলিও উৰাবাতৰিৰ সৃষ্টি হৈছিল।

প্ৰভাসৰ চিনেমা ‘বাহুবলী’ ব্লকবাষ্টাৰ হোৱাৰ পিছত লাখ লাখ ছোৱালীয়ে তেওঁক প্ৰস্তাৱ আগবঢ়োৱাৰ খবৰ আহিছিল। অৱশ্যে কোনেও এই কথা নিশ্চিত কৰা নাই।

Bhogali Bihu: সুস্বাদু খাদ্যৰ অবিহনে আধৰুৱা ভোগালী, মাঘ বিহুৰ সময়ত খোৱা কিছুমান সুস্বাদু পৰম্পৰাগত খাদ্যৰ বিষয়ে জানক

Bhogali Bihu: সুস্বাদু খাদ্যৰ অবিহনে আধৰুৱা ভোগালী
Bhogali Bihu: সুস্বাদু খাদ্যৰ অবিহনে আধৰুৱা ভোগালী

পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা অসমীয়াই পালন কৰা বিহুক ভোগালী বিহু বা মাঘ বিহু বুলি কোৱা হয় । কৃষিজীৱি ৰাইজে বছৰজুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈকে পালন কৰে এই উৎসৱ ৷ উৰুকা নিশা হাঁহে-মাহে এসাঁজ খোৱাৰ প্ৰস্তুতিৰে ব্যস্ত হৈ পৰিছে অসমবাসী ।(Bhogali Bihu) মাঘ বিহুৰ সময়ত খোৱা কিছুমান সুস্বাদু পৰম্পৰাগত খাদ্যৰ বিষয়ে জানো আহক-

তিল পিঠা – বৰা চাউলৰ পিঠাগুৰিৰ মাজত তিল আৰু গুৰৰ মিশ্ৰণ সুমুৱাই শুকানকৈ খোলাত ভজা পিঠা।


নাৰিকল পিঠা – তিল পিঠাৰ দৰেই ইয়াক ভজা হয়। মাথোঁ তিল আৰু গুৰৰ জেগাত নাৰিকল ৰুকি চেনিৰ লগত অলপ ভাজি পিঠাগুৰি খিনিৰ মাজত দিয়া হয়।


ঘিলা পিঠা – এই পিঠা বনাবলৈ পিঠাগুৰিখিনিত গুৰ সানি কিছু সময় থৈ দি হাতৰ তলুৱাত লৈ গোলাকৃতিৰ কৰি মিঠাতেলত ভাজিব লাগে। ইয়াক নিমখদিও ভাজিব পাৰি। এই পিঠা অতি জনপ্ৰিয়।


খোলা চপৰীয়া পিঠা – ফেনী পিঠাৰ দৰেই এই পিঠা ভজা হয় মাথোঁ গুৰৰ ঠাইত নিমখ আৰু অকণমান তেল লাগে। ইয়াকো কম জুইত ঢাকোন মাৰি ভাজিব লাগে। কিছুমানে অৱশ্যে গুৰ দিও ভাজে।


টেকেলি পিঠা- এই পিঠা পিঠাগুৰি, ৰোকা নাৰিকল আৰু চেনিৰ মিশ্ৰণ কৰি টেকেলি মুখত ভাপত ভজা হয়। ইয়াত তেল ব্যৱহাৰ নহয় যদিও খাবলৈ সোৱাদ হয়।

চুঙা পিঠা- কেঁচা পিঠাগুৰি আৰু গুৰ মিহলাই কোমাল বাঁহৰ চুঙাত পুৰি ভজা হয়।


সুতুলি পিঠা- এই পিঠা ঘিলা পিঠাৰ দৰেই ভজা হয় যদিও তাত তিল ভাজি গুৰৰ লগত মিশ্ৰণ কৰি লাডুটোৰ ভিতৰত সুমুৱাই তেলত ভজা হয়। ইয়াক সুতুলিৰ আকৃতিত বনোৱা হয় বাবে সুতুলি পিঠা বুলি কয়। ইয়াক গৰমে গৰমে খাবলৈ বৰ ভাল।

আনহাতে মাঘ বিহুৰ খাদ্যৰ কথা ক’বলৈ গ’লে মাঘ বিহুৰ সময়ত খোৱা অন্যতম ব্যঞ্জন হৈছে মাছ ৷ মাছৰ টেঙা, মাছৰ জোল আদি নানান ধৰণেৰে মাছ খোৱা হয়।

খাৰ এবিধ নিৰামিষ খাদ্য । খাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰি সেই ছাইত পানী দি থৈ পিচত তাৰ পৰা নিগৰি ওলোৱা ৰস । ভীমকল গছৰ পটুৱা ছিৰলা-ছিৰিলিকৈ ফালি ৰ’দত শুকুৱাই, জুইত পুৰি, তাৰ ছাইৰ পৰা কলাখাৰ তৈয়াৰ কৰা হয় । কেতিয়াবা কলৰ গছ অংশও ৰ’দত শুকুৱাই পুৰি কলাখাৰ তৈয়াৰ কৰা হয় । যাৰ ফলত খাদ্যৰ সোৱাদ বেলেগ আৰু বিশেষ হৈ পৰে । ভাতৰ লগত খোৱা হয় খাৰ ।

এতিয়া যিহেতু শাক-পাচলিৰ খেতিৰ সময়। গতিকে ঘৰৰ শাক-পাচলি, মাছ-মাংস, গাখীৰ-দৈ, চিৰাৰ পুষ্টিমূল্যৰ কথা আমি সকলোৱে জানো। উৰুকাৰ নিশা খোৱা হাঁহ-কোমোৰা, মাছ-মাংস, মাটিমাহ-কাঠ আলুৰ দাইল, অমিতা খাৰত সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় প্ৰায়বোৰ উপাদানেই থাকে। ভোগালীৰ খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন, কেলছিয়াম, মেগনেছিয়াম, জিংকৰ দৰে বহু খনিজ পদাৰ্থ পোৱা যায়। গতিকে ভোগালীত লগে-ভাগে এসাঁজ উপভোগ কৰক।