Home Blog Page 389

Milk: যদি আপুনি কেন্সাৰৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে গাখীৰক আপোনাৰ খাদ্য তালিকাত গাখীৰ অন্তৰ্ভুক্ত কৰক…

Milk
Milk

যদি আপুনি নিয়মিতভাৱে খাদ্য তালিকাত গাখীৰ অন্তৰ্ভুক্ত কৰে তেন্তে আপোনাৰ স্বাস্থ্যই লাভ কৰিব বহু উপকাৰ। প্ৰতিদিনে এগিলাচ গাখীৰ খালে আন্ত্ৰিক কৰ্কট ৰোগৰ সম্ভাৱনা ২০% হ্ৰাস পাব পাৰে।(Milk) শেহতীয়াকৈ এটা গৱেষণাই দাবী কৰিছে যে প্ৰতিদিনে এগিলাচ গাখীৰ খালে অন্ত্ৰৰ কৰ্কট ৰোগ (অন্ত্ৰৰ কৰ্কট ৰোগ) হোৱাৰ সম্ভাৱনা ২০% হ্ৰাস পাব পাৰে। এই গৱেষণা কেন্সাৰ প্ৰতিৰোধৰ দিশত গ্ৰহণ কৰা অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ মাজত অতিশয় প্ৰশংসা কৰিছে এই গৱেষণাক।(cancer)

দ্য নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিনত প্ৰকাশিত এই অধ্যয়নত কোৱা হৈছে যে গাখীৰত থকা কেলচিয়াম আৰু অন্যান্য পুষ্টিকৰ উপাদানে অন্ত্ৰক শক্তিশালী কৰে আৰু ক্ষতিকাৰক উপাদানৰ প্ৰভাৱ হ্ৰাস কৰে। ইয়াৰ লগতে গাখীৰত পোৱা ভিটামিন ডিয়ে শৰীৰৰ কোষবোৰক কেন্সাৰ ৰোগৰ পৰা ৰক্ষা কৰে। বিশেষকৈ বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পোৱা আন্ত্ৰিক কৰ্কট ৰোগৰ বাবে ই উপকাৰী।(bowel cancer)

কিমান গাখীৰ খালে উপকাৰ হয়?
গৱেষকসকলে কয় যে দিনটোত ২০০-২৫০ মিলিলিটাৰ গাখীৰ খাব লাগে। ই কেৱল অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাই নহয় হাড় শক্তিশালী কৰে। কিন্তু গৱেষকসকলে লগতে কয় যে গাখীৰ সুষম পৰিমাণতহে সেৱন কৰিব লাগে। অত্যধিক পৰিমাণৰ গাখীৰ খালে শৰীৰত চৰ্বিৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত আন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ইয়াৰ উপৰিও আন বহু উপকাৰ আছে
গাখীৰে কেৱল কেন্সাৰ প্ৰতিৰোধ কৰাই নহয় ই ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ইয়াত থকা প্ৰটিন আৰু কেলচিয়ামে হাড় আৰু দাঁতক শক্তিশালী কৰি তোলে। ইয়াৰ উপৰিও ই ছালখনক সুস্থ কৰি ৰাখে।

গাখীৰ কোনসকল লোকে সেৱন কৰিব লাগে?
বিশেষজ্ঞসকলে কয় যে সকলো বয়সৰ লোকে খাদ্য তালিকাত গাখীৰ অন্তৰ্ভুক্ত কৰিব লাগে। বিশেষকৈ শিশু, বৃদ্ধ আৰু মহিলাৰ বাবে ই উপকাৰী। গাখীৰে কেৱল কেন্সাৰ প্ৰতিৰোধত সহায় কৰাই নহয় আন বহু ৰোগৰ পৰাও সহায় কৰে। কিন্তু লেক্ট’জ অসহিষ্ণুতাত ভোগা লোকসকলে গাখীৰ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ইয়াৰ বাহিৰেও কম চৰ্বিযুক্ত গাখীৰ খাব লাগে।

Gyanada Kakati: অসমীয়া চলচ্চিত্ৰৰ প্ৰখ্যাত অভিনেত্ৰী জ্ঞানদা কাকতিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Gyanada Kakati: অসমীয়া চলচ্চিত্ৰৰ প্ৰখ্যাত অভিনেত্ৰী জ্ঞানদা কাকতিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
Gyanada Kakati: অসমীয়া চলচ্চিত্ৰৰ প্ৰখ্যাত অভিনেত্ৰী জ্ঞানদা কাকতিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সৰ্বানন্দ সোণোৱালে শোকবাৰ্তাত কয়, “জ্ঞানদা কাকতি বাইদেউ আৰু নাই! খহি পৰিল অসমীয়া চলচ্চিত্ৰৰ এটি উজ্জ্বল নক্ষত্ৰ। অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাক যিসকল অভিনেত্ৰীয়ে মোহনীয় ব্যক্তিত্ব আৰু প্ৰাণস্পৰ্শী অভিনয়েৰে সমৃদ্ধ কৰি থৈ গৈছে, তাৰ ভিতৰত জ্ঞানদা কাকতি বাইদেউ প্ৰাতঃস্মৰণীয়।(Gyanada Kakati)

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘পূবেৰুণ’ত দুৰ্দান্ত অভিনয়েৰে তেখেতে বিদেশতো সমাদৰ লাভ কৰিছিল। বাইদেউৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ওঁম শান্তি!”

MLA Bhaskar Sharma । মাৰ্ঘেৰিটা পৌৰসভাৰ কেইবাটাও আচনি উদ্বোধন কৰিলে বিধায়ক ভাস্কৰ শৰ্মাই

MLA Bhaskar Sharma । মাৰ্ঘেৰিটা পৌৰসভাৰ কেইবাটাও আচনি উদ্বোধন কৰিলে বিধায়ক ভাস্কৰ শৰ্মাই
MLA Bhaskar Sharma । মাৰ্ঘেৰিটা পৌৰসভাৰ কেইবাটাও আচনি উদ্বোধন কৰিলে বিধায়ক ভাস্কৰ শৰ্মাই

৮ জানুৱাৰী, ২০২৫ঃ MLA Bhaskar Sharma । মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা পৌৰসভাৰ কেইবা খনো আচঁনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। পৌৰসভা কাৰ্যালয়ৰ প্ৰাংগনত আয়োজিত উদ্বোধনী অনুষ্ঠানত পৌৰসভাৰ কাৰ্যবাহী বিষয়া ধীৰাজ ভট্টাচাৰ্য, বিজেপিৰ তিনিওটা মণ্ডলৰ সভাপতি ক্ৰমে নৱ কমল দত্ত,সুখদেৱ শৰ্মা,সুমন খালেন,আৰু ৱাৰ্ড সদস্য সকলৰ বহু সংখ্যক লোক উপস্থিত থাকে।

পৌৰপতি আনন্দ কুমাৰ শৰ্মাই আত ধৰা অনুষ্ঠানত মুঠ ২০ আঁচনিৰ কামৰ উদ্বোধন কৰাৰ লগতে ১০ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰে । বিধায়ক ভাস্কৰ শৰ্মাই ভাষণত মাৰ্ঘেৰিটা নগৰ খনক সুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে চেষ্টা কৰা হৈছে আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ সহযোগিতাৰ শলাগ লয় ।


অন্য হাতে বিধায়ক গৰাকী পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে-লগে আদৰণি জনোৱা হয়। বিধায়ক ভাস্কৰ শৰ্মাৰ জন্ম দিন উপলক্ষে কেক কাটি জন্ম দিনৰ শুভেচ্ছা জনায়।

বৰপেটাৰ গুণোৎসৱত বহি:মূল্যায়ক হিচাপে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী । Chandramohan Patowary

বৰপেটাৰ গুণোৎসৱত বহি:মূল্যায়ক হিচাপে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী । Chandramohan Patowary
বৰপেটাৰ গুণোৎসৱত বহি:মূল্যায়ক হিচাপে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী । Chandramohan Patowary

বৰপেটা ৮ জানুৱাৰী: অসম চৰকাৰৰ উদ্যোগত বৰপেটা আৰু বজালী জিলাত কালিৰে পৰা গুণোৎসৱৰ বহিঃ মূল্যায়ন আৰম্ভ কৰা হৈছে। আজি বৰপেটা জিলাৰ ১ নং দলাহাটী নিম্ন প্ৰাথমিক বিদ্যালয়, পৰমেশ তালুকদাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত বহিঃ মূল্যায়ক হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বন-মন্ত্ৰী তথা বৰপেটাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। Chandramohan Patowary

তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ দক্ষতা পৰীক্ষা কৰাৰ উপৰিও বিদ্যালয়সমূহো মূল্যায়ন কৰে। আমাৰ এই সংবাদ দাতাৰ আগত তেওঁ জনোৱা মতে “গুণোৎসৱৰ ফলত প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল শৈক্ষিক আৰু অনা-শৈক্ষিক দুয়োটা দিশতে লাভাম্বিত হৈছে” বিদ্যালয় মূল্যায়ন কালচোৱাত মন্ত্ৰীগৰাকীৰ লগত তিনিওখন বিদ্যালয়ত উপস্থিত থাকে বৰপেটা জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝা, অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক জয়ন্ত বৰা আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে। আজি তিনিওখন বিদ্যালয়ত মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰাৰ উপৰিও উপৰিও বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যা, মাতৃ গোট, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ লগতো মত বিনিময় কৰে।


মন্ত্ৰী গৰাকীয়ে গুণোৎসৱত মূল্যায়ন কৰাৰ উপৰিও কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলৰ লগত মধ্যাহ্ণ ভোজন গ্ৰহন কৰে। উল্লেখযোগ্য যে গুণোৎসৱ-২০২৫ ৰ স্ব-মূল্যায়ণ ৬ জানুৱাৰীত সফলভাৱে সমাপ্ত হৈ গৈছে‌ আৰু ৭ জানুৱাৰীৰ পৰা বহিঃ মূল্যায়ন আৰম্ভ হৈছে। ৯ জানুৱাৰীত সমাপ্ত হ’ব এই বহি:মূল্যায়ন । গুণোৎসৱ-২০২৫ ৰ এই কাৰ্যসূচীত বৰপেটা আৰু বজালী জিলাত মূঠ ২,০৫৮ খন বিদ্যালয় আৰু ২,৩০,৮৪২ গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হৈছে। তাৰোপৰি দুয়োখন জিলাতে নিয়োজিত কৰা হৈছে ২০৫৮ গৰাকী নডেল শিক্ষক আৰু ২৩৬ গৰাকী সম্পৰ্কৰক্ষী বিষয়া আৰু ৯৪৬ গৰাকী বহিঃ মূল্যায়কক নিয়োগ কৰা হৈছে।

Himanta Biswa Sarma। মঙলদৈত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma। মঙলদৈত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Himanta Biswa Sarma। মঙলদৈত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৮ জানুৱাৰী, ২০২৫ঃ Himanta Biswa Sarma । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জে পি নাড্ডা আৰু অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দৰং জিলাত উপস্থিত হৈ কেইবাটাও অভিলাষী আঁ‌চনি পৰিদৰ্শন কৰাৰ লগতে মঙলদৈ অসামৰিক চিকিৎসালয়ত ২৪ কোটি টকা ব্যয় সাপেক্ষে ৫০ খন বিচনাযুক্ত Critical Care Block ৰ আধাৰশিলা স্থাপন কৰে। জে পি নাড্ডা আৰু মুখ্যমন্ত্ৰী দৰং কেন্সাৰ মেডিকেল, মঙলদৈস্থিত অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়, নৱনিৰ্মিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মঙলদৈ টাউন বাইপাছকে আদি কৰি কেইবাটাও নিৰ্মানকাৰ্য পৰিদৰ্শন কৰিব।

দুয়োগৰাকী নেতাই দৰং জিলা আয়ুক্ত কাৰ্যালয়ত বিভাগীয় মুৰব্বী সকলৰ লগত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আকাশী পথেৰে দুপৰীয়া ১২ বজাত দুয়ো গৰাকী নেতা মঙলদৈ আহি পোৱাৰ কথা আছিল যদিও বতৰ বেয়া হোৱাৰ পৰিপ্ৰেক্ষিতত স্থলপথেৰে আহি আবেলি ২ বজাত হে উপস্থিত হয় দৰং জিলাত।

Nagaon Teacher Story: বগা সাজ পিন্ধি বিদ্যালয়ত শিক্ষক! কিন্তু কিয়?

ৰাজ্যৰ বিদ্যালয়সমূহত চলি আছে গুণোৎসৱ। ছাত্ৰ-ছাত্ৰী, শিক্ষককে আদি কৰি সকলোৰে ব্যস্ততা অপাৰ। তাৰ মাজতেই এখন বিদ্যালয়ত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য। বগা সাজত এজন শিক্ষক। মাতৃ বিয়োগৰ শোক বুকুত বান্ধি বগা সাজযোৰ পিন্ধিয়েই বিদ্যালয়ৰ গুণোৎসৱত উপস্থিত হ’লহি শিক্ষকগৰাকী। কৰ্তব্যপৰায়ণতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে শিক্ষক অনন্ত বানাই। শিক্ষকৰ অভাৱৰ বাবে মাতৃৰ মৃত্যুত শুভ্ৰ বস্ত্ৰ পৰিধান কৰি বিদ্যালয়ৰ গুণোৎসৱত যোগ দিবলে বাধ্য হ’ল এজন শিক্ষক। [Nagaon Teacher Story]

সমগ্ৰ ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত গুণোৎসৱ চলি থকাৰ মাজতেই নগাওঁ জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত – গণেশপুৰ মাইনাওশী প্ৰাথমিক বিদ্যালয়ত  দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। মাতৃৰ মৃত্যুৰ পিছত আদ্য শ্ৰাদ্ধ শেষ নৌ-হওঁতেই শুভ্ৰ বস্ত্ৰ পৰিধান কৰিয়েই নিজৰ কৰ্মস্থলীলৈ আহিবলৈ বাধ্য হ’ল প্ৰধান শিক্ষক অনন্ত বানায়। জানিব পৰা মতে ১৯৮ জন ছাত্ৰ -ছাত্ৰী থকা বিদ্যালয়খন শিক্ষক আৰু বিদ্যালয় গৃহৰ অভাৱত দীৰ্ঘদিন ধৰি ব্যাপক সমস্যাত সন্মুখীন হৈ আহিছে। বিদ্যালয় খনৰ প্ৰধান শিক্ষক অনন্ত বানাই মধ্যাহ্ন ভোজনকে আদি কৰি অন্যান্য সকলো কাৰ্যসূচীতেই ব্যস্ত হৈ থাকিব লগীয়া হয়। যাৰ বাবে বিদ্যালয়খনৰ ছটা কৈ শ্ৰেণীত প্ৰধান শিক্ষক অনন্ত বানাই আৰু শিক্ষক জনৰ পত্নী মিনি ডেকাই অকলেই পাঠদান কৰাব লগা হোৱাত বিবুদ্ধিত পৰিছে। বিদ্যালয়ত শিক্ষকৰ অভাৱৰ মাজতে প্ৰধান শিক্ষক জনৰ মাতৃ বিয়োগ ঘটে। যাৰ বাবে শুভ্ৰ বস্ত্ৰ পৰিধান কৰি বিদ্যালয়ৰ গুণোৎসৱত যোগ দিলেহি প্ৰধান শিক্ষক গৰাকীয়ে। উক্ত সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ অভিভাৱক সকলৰ লগত প্ৰধান শিক্ষক অনন্ত বানাই ৰাজ্য চৰকাৰক কাতৰ আহ্বান জনাইছে।

Cashless Treatment Scheme: ৭ দিনত ১.৫ লাখ টকা! পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা লোকলৈ ‘নগদবিহীন চিকিৎসা’সেৱা…

দেশত ভয়ানক ৰূপত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। বহুজনে প্ৰাণ হেৰুৱাইছে বহুজন ঘূণীয়া হৈছে। ২০২৪ চনতেই পথ দুৰ্ঘটনাত মৃত্যু হৈছে প্ৰায় ১ লাখ ৮০ হাজাৰ লোকৰ। তথ্য প্ৰকাশৰ পাছতেই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আৰু গ্ৰহণ কৰিছে এটা বিশেষ সিদ্ধান্ত। [Cashless Treatment Scheme]

পথ দুৰ্ঘটনাত পতিত হোৱা লোকৰ চিকিৎসাৰ বাবে নতুন আঁচনি ঘোষণা কেন্দ্ৰৰ। কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পথ দুৰ্ঘটনাত আহতসকলৰ বাবে ‘নগদবিহীন চিকিৎসা’সেৱাৰ কথা ঘোষণা কৰিছে। পথ দুৰ্ঘটনাত আহতসকলৰ সাতদিনীয়া চিকিৎসাৰ বাবে ডেৰ লাখ টকা পৰ্যন্ত খৰচ চৰকাৰে বহন কৰিব বুলিও তেওঁ উল্লেখ কৰিছে। কেৱল সেয়াই নহয়, গাডকাৰীয়ে হিট এণ্ড ৰান কাণ্ডত মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যদিহে ২৪ ঘন্টাৰ ভিতৰত আৰক্ষীক এই পথ দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰা হয় তেন্তে আহতসকলৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব। লগতে পথ সুৰক্ষা নিশ্চিত কৰিবলৈও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে। গাডকাৰীয়ে লগতে কয় যে যোৱা এবছৰত কেৱল হেলমেট পৰিধান নকৰাৰ বাবেই ৩০ হাজাৰ লোকৰ মৃত্যু হৈছে। তদুপৰি এই দুৰ্ঘটনা সমূহৰ বেছিভাগেই ১৮ৰ পৰা ৩৪ বছৰ বয়সৰ ভিতৰত সংঘটিত হৈছিল।

বিশেষকৈ বিদ্যালয়-মহাবিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানৰ প্ৰৱেশ-প্ৰস্থান পইণ্টৰ সমীপত বহু দুৰ্ঘটনা সংঘটিত হয়। সঠিক পৰিকল্পনাৰ অভাৱত পথ দুৰ্ঘটনাত ১০ হাজাৰ শিশুৰ মৃত্যু হয়। এই সংখ্যা হ্ৰাস কৰিবলৈ চৰকাৰে চেষ্টা চলাইছে বুলি গাডকাৰীয়ে উল্লেখ কৰাৰ লগতে কয় যে মঙলবাৰে দিল্লীৰ ভাৰত মাণ্ডপামত ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিছিল গাডকাৰীয যি বৈঠকৰ উদ্দেশ্য আছিল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতামূলক সম্পৰ্ক উন্নত কৰাৰ লগতে পৰিবহণ সম্পৰ্কীয় নীতিৰ বিষয়ে আলোচনা কৰা। সেই বৈঠকতে তেওঁ নতুন প্ৰকল্পটোৰ বিষয়ে অৱগত কৰিছিল।

Weather: বৃদ্ধি পাব শীতৰ প্ৰকোপ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবতৰীয়া বৰষুণ…

শীতৰ মাজতে মঙলবাৰে ৰাজ্যৰ ভিন্নপ্ৰান্তত আহিল মুষলধাৰ বৰষুণ। গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বছৰৰ প্ৰথমজাক বৰষুণ। বৰষুণৰ পাছতেই আজি গুৱাহাটীৰ আকাশ কলা ডাৱৰে ছানি ধৰিছে। অন্ধকাৰচ্ছন্ন হৈ পৰিছে সমগ্ৰ পৰিৱেশ। [Weather]

বৰষুণৰ পিছতে ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে পাৰাস্তম্ভ। গুৱাহাটীতে এতিয়ালৈ আঁতৰাই ঘন কুঁৱলী। ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব পাৰে শীতৰ প্ৰকোপ। কালি সন্ধিয়া ভাগলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও অঞ্চলত মধ্যমীয়া বৰষুণ হোৱা দেখা যায়। নিশাৰ ভাগতো মহানগৰীক বৰষুণ। আবতৰীয়া বৰষুণজাক অহাৰ লগে লগে ৰাজধানী চহৰৰ বিভিন্ন ঠাইত যান-জঁটৰ সৃষ্টি হয় । বিভিন্ন কামত নিয়োজিত লোকসকল ঘৰলৈ উভতি অহাৰ সময়তে আহে এই আবতৰীয়া বৰষুণজাক। ইয়াৰ সমান্তৰালভাৱে কালিৰ দিনটোত ধেমাজিৰ কিছু অঞ্চলত শিল বৰষুণ হোৱা দেখা গৈছিল।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি ৰাজ্য সৰ্বনিম্ন তাপমাত্ৰা হ’ব ১৪ ডিগ্ৰী ছেলচিয়াছ। আনফালে সৰ্বোচ্চ তাপমাত্ৰ হ’ব ২৫ ডিগ্ৰী ছেলচিয়াছ। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি ৰাজ্যৰ দুখনকৈ জিলাত হ’ব ধাৰাসাৰ বৰষুণ। ডিব্ৰুগড় আৰু তিনিচুকীয়া আজি বৰষুণৰ লগতে শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

খবৰ অনুসৰি, ধেমাজি নগৰৰ লগতে চিচিবৰগাঁৱৰ বিভিন্ন অঞ্চলত শিল বৰষুণ হোৱা দেখা যায়। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হোৱাৰ আগ জাননি জাৰি কৰিছিল। সেই অনুসৰি ধেমাজি, গুৱাহাটীকে ধৰি কেইবাটাও অঞ্চলত কিনকিনিয়া বৰষুণ হোৱাৰ লগতে উজনি অসমৰ কেইবাটাও অঞ্চলত বতৰ সেমেকা হোৱা বুলিও খবৰ লাভ কৰা গৈছে। উল্লেখ্য যে, ভোগালী বিহুলৈ মাজত মাত্ৰ কেইদিনমান বাকী। ইয়াৰ পূৰ্বে ৰাজ্যত পৰিছে আবতৰীয়া বৰষুণ। যাৰ বাবে এইবাৰ মাঘ বিহুত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

Assam Police: নাগালেণ্ডৰ য়াচাং চি বস্তিৰ পৰা উদ্ধাৰ নগাই আৱদ্ধ কৰি ৰখা টীয়কৰ আৰক্ষী দল

নাগালেণ্ডৰ য়াচাং চি বস্তিৰ পৰা নগাই আৱদ্ধ কৰি ৰখা টীয়কৰ আৰক্ষী দলটো উদ্ধাৰ কৰা হৈছে। ADSP লুনা সোণোৱালৰ নেতৃত্বত উদ্ধাৰ ১২ জনীয়া আৰক্ষী দল। নগাই আক্ৰমণ কৰা আৰক্ষী জোৱানজনক ডিব্ৰুগড়ৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। [Assam Police]

উল্লেখযোগ্য যে কালি নাগালেণ্ডত অসম আৰক্ষীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয়। নগাৰ আক্ৰমণৰ বলি হ’ল অসম আৰক্ষী। গাড়ী চুৰৰ বিৰুদ্ধে অভিযান চলাবলৈ নাগালেণ্ডৰ য়াচাং চি বস্তিলৈ গৈছিল যোৰহাট আৰক্ষীৰ বৃহৎ দল। কিন্তু তাৰ মাজতেই আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি ল’লে নগাই। এগৰাকী আৰক্ষী বেটেলিয়নক দাৰে কাটিলে নগা দৃৰ্বৃত্তই। গুৰুতৰভাবে আহত আৰক্ষী জোৱান। লগতে আৰক্ষীৰ দলটোৱে লগত নিয়া সমস্ত অস্ত্ৰ-শস্ত্ৰও নগাই কাঢ়ি ৰাখিলে। কালি সন্ধিয়া যোৱা আৰক্ষী দলটোৰ সৈতে যোৱা টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো নগাই আবদ্ধ কৰি ৰাখে বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গংগাৰাম ফুকনসহ এটা বেটেলিয়ানৰ দল নাগালেণ্ডৰ ইয়া চাং চি বস্তিলৈ বুলি ৰাওনা হয়। অৱশেষত নাগালেণ্ডৰ পৰা উদ্ধাৰ কৰা হ’ল নগাই আবদ্ধ কৰি ৰখা অসম আৰক্ষী দল। টীয়কত উপস্থিত নগালেণ্ডত আৱদ্ধ টীয়কৰ আৰক্ষী দল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নগাই দাৰে আক্ৰমণ কৰা আৰক্ষী জোৱানজন। আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানজন 11 APBNৰ বিদ্যুৎ দাস বুলি জানিব পৰা গৈছে। তদুপৰি এটা নগা দুৰ্বৃত্তক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে। সম্প্ৰতি ADSPয়ে নগাই আৱদ্ধ কৰি ৰখা আৰক্ষীৰ দলটোক সোধা-পোছা অব্যাহত ৰাখিছে।

Umrangso Trazedy: উমৰাংছ’ৰ কয়লাখনিৰ পৰা উদ্ধাৰ এজন শ্ৰমিকৰ নিথৰ দেহ!

কয়লা খনিৰ পৰা শ্ৰমিকনৰ মৃতদেহ উদ্ধাৰ কৰে নৌসেনাৰ ২১ পেৰাডাইভাৰে। খাদৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে শ্ৰমিকজনৰ মৃতদেহ। আজি অভিযানৰ প্ৰথম ২০ মিনিটতে উদ্ধাৰ কৰে প্ৰথম মৃতদেহ। সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। [Umrangso Trazedy]

এতিয়াও পূৰ্ণ গতিত চলিছে উমৰাংছ’ৰ উদ্ধাৰ অভিযান। সেনা আৰু NDRFৰ ডাইভাৰে খাদৰ তলিত চলাইছে উদ্ধাৰ অভিযান। জানিব পৰা অনুসৰি খাদৰ অধিক গভীৰলৈ যোৱাৰ প্ৰস্তুতি উদ্ধাৰকাৰী দলে।পানী পাম্পৰ জৰিয়তে বাহিৰলৈ উলিয়াইছে পানী। ONGCৰ পানী সিঁচা মেচিনো নিয়া হৈছে ঘটনাস্থলীলৈ। কুম্ভীৰগ্ৰামৰ পৰা উমৰাংছ’লৈ অনা হৈছে পানীৰ পাম্প। সেনাৰ MI-17 হেলিকপ্টাৰেৰে নিয়া হৈছে পাম্প।সোমবাৰে কয়লাখনিত সোমাইছিল পানী। তেতিয়াৰ পৰা কয়লাখনিৰ গভীৰ খাদত আবদ্ধ হৈছে বহুকেইজন শ্ৰমিক। শ্ৰমিকৰ সন্ধানত মঙলবাৰেও ভাৰতীয় সেনা, NDRF আৰু SDRFএ চলাইছিল অভিযান।

উমৰাংছ’ৰ কয়লাখনিৰ খাদত এতিয়াও আবদ্ধ হৈ আছে বহুকেইজন শ্ৰমিক। উদ্ধাৰকাৰী দলে খাদৰ পৰা আজি এজনৰ মৃতদেহ উদ্ধাৰ কৰিছে। কয়লা খনিৰ পৰা উদ্ধাৰ নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ শ্ৰমিকৰ মৃতদেহ।

কয়লা খনিৰ পৰা শ্ৰমিকনৰ মৃতদেহ উদ্ধাৰ কৰে নৌসেনাৰ ২১ পেৰাডাইভাৰে। খাদৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে শ্ৰমিকজনৰ মৃতদেহ। আজি অভিযানৰ প্ৰথম ২০ মিনিটতে উদ্ধাৰ কৰে প্ৰথম মৃতদেহ। সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

এতিয়াও পূৰ্ণ গতিত চলিছে উমৰাংছ’ৰ উদ্ধাৰ অভিযান। সেনা আৰু NDRFৰ ডাইভাৰে খাদৰ তলিত চলাইছে উদ্ধাৰ অভিযান। জানিব পৰা অনুসৰি খাদৰ অধিক গভীৰলৈ যোৱাৰ প্ৰস্তুতি উদ্ধাৰকাৰী দলে।পানী পাম্পৰ জৰিয়তে বাহিৰলৈ উলিয়াইছে পানী। ONGCৰ পানী সিঁচা মেচিনো নিয়া হৈছে ঘটনাস্থলীলৈ। কুম্ভীৰগ্ৰামৰ পৰা উমৰাংছ’লৈ অনা হৈছে পানীৰ পাম্প। সেনাৰ MI-17 হেলিকপ্টাৰেৰে নিয়া হৈছে পাম্প।সোমবাৰে কয়লাখনিত সোমাইছিল পানী। তেতিয়াৰ পৰা কয়লাখনিৰ গভীৰ খাদত আবদ্ধ হৈছে বহুকেইজন শ্ৰমিক। শ্ৰমিকৰ সন্ধানত মঙলবাৰেও ভাৰতীয় সেনা, NDRF আৰু SDRFএ চলাইছিল অভিযান।