Home Blog Page 39

Zubeen Garg: ‘১৮ তাৰিখৰ আগত গান পাই যাবা’। জুবিনৰ জন্মদিনত বিশেষ উপহাৰ দিব মানস ৰবীনে!

Zubeen Garg: '১৮ তাৰিখৰ আগত গান পাই যাবা'
Zubeen Garg: '১৮ তাৰিখৰ আগত গান পাই যাবা'

সামাজিক মাধ্যমত বিশেষ পোষ্ট মানস ৰবীনৰ। (Zubeen Garg) সামাজিক মাধ্যমত মানস ৰবীনে লিখিছে-

‘গল্ডীদা

আজি তোমাৰ গানটো মই আৰম্ভ কৰিলো দেই ৯ আৰু ১০ তাৰিখে ডাবিং ৰাখিছো । ১২ তাৰিখে ভূপেশে মিক্স কৰিব । ১৩ তাৰিখে সৰুকে শ্বোটিং এটা ৰাখিম । ১৪ আৰু ১৫ ত এডিটিং …….

তোমাৰ বাৰ্থদেৰ আগত ৰেডি হৈ যাব দিয়া

নোৱাৰো কালিৰ পৰা মই ৰবীন আৰ্মীৰ কামত উজনি অসমত থাকিম । ইফালে যোৰহাটৰ তোমালোকৰ পুৰণা ঘৰৰ ৰাষ্টাটোত নাহৰ পুলি ৰোৱাৰ সম্পৰ্কত চন্দন নগৰৰ লৰাবোৰৰে কথা পাতিবলৈও আছে । গৰিমা বৌ , পামীক আজি লগ পাম । বাকী তোমাৰ চিনেমাই ফালি দিছে …

ফেন ক্লাবৰ লৰাবোৰে চিনেমাৰ ক্লিপ ভাইৰেল কৰা পেজ বোৰ ৰিপৰ্ট মাৰি উৰুৱাই আছে …..

আৰে কৈছো নহয় হৈ যাব , ১৮ তাৰিখৰ আগত গান পাই যাবা । মই তোমাৰ অমখ আহোমে কথা দিছো’

ICC Womens World Cup 2025: আজি মহিলা ক্রিকেট বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেল মেচ

আজি মহিলা ক্রিকেট বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেল মেচ
আজি মহিলা ক্রিকেট বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেল মেচ

আজি মহিলা ক্রিকেট বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেল মেচ। (ICC Womens World Cup 2025)

ICC মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকা।

বিয়লি ৩ বজাৰ পৰা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত আৰম্ভ হ’ব মেচখন।

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ষ্টেডিয়ামত নামিব ভাৰত।

ভাৰত-দক্ষিণ আফ্রিকা ইতিহাস ৰচিবলৈ সাজু হৰমনপ্রীত বাহিনী

Roi Roi Binale: মুক্তিৰ দিনাই ‘ৰৈ ৰৈ বিনালে’ৰ উপাৰ্জন ২.৫২ কোটি টকা

মুক্তিৰ দিনাই ‘ৰৈ ৰৈ বিনালে’ৰ উপাৰ্জন ২.৫২ কোটি টকা
মুক্তিৰ দিনাই ‘ৰৈ ৰৈ বিনালে’ৰ উপাৰ্জন ২.৫২ কোটি টকা

“ৰৈ ৰৈ বিনালে”ৰ অভিলেখ।(Roi Roi Binale)

প্ৰথম দিনাই ২.৫২ কোটি উপাৰ্জন।

‘ৰৈ ৰৈ বিনালে’ই মুক্তিৰ দিনা উপাৰ্জন কৰিলে ২.৫২ কোটি টকা।

দৈনিক উপাৰ্জনৰ পৰিসংখ্যা নিদিয়ে প্রযোজকে।

এমাহৰ অন্তত দাঙি ধৰা হ’ব মুঠ উপাৰ্জনৰ পৰিমাণ।

শুকুৰবাৰে দেশজুৰি মুক্তিলাভ কৰা জুবিন গাৰ্গৰ সপোনৰ চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

অসমীয়া চিনেমাৰ ৯০ বছৰীয়া ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি সফলতাৰ শিখৰত ‘ৰৈ ৰৈ বিনালে’ ছবিখন।

‘ৰৈ ৰৈ বিনালে’ মুক্তিৰ প্ৰথম দিনটোত চিনেমাখনৰ সৰ্বমুঠ উপাৰ্জন ২ কোটি ৫২ লাখ টকা।

Shah Rukh Khan: বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ আজি জন্মদিন

৬০ বছৰীয়া হ'ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান
৬০ বছৰীয়া হ'ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ (Shah Rukh Khan) খানৰ আজি জন্মদিন। ৬০ বছৰীয়া হ’ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। এই ৬০ বছৰৰ ভিতৰত কিং খানে ৩৩ বছৰ বলীউডত কটায়। এই ৩৩ বছৰীয়া কেৰিয়াৰত তেওঁ বহুতো ব্লকবাষ্টাৰ ছবি আগবঢ়াইছে উদ্যোগটোলৈ। তেওঁৰ জন্মদিন উপলক্ষে আহকচোন শ্বাহৰুখৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ বিষয়ে জানো।

ডংকিৰ, জৱান, পাথানৰ পৰা চেন্নাই এক্সপ্ৰেছ, দিলৱালেলৈকে কিং খানৰ সৰ্বাধিক উপাৰ্জন কৰা চিনেমাৰ।

শ্বাহৰুখ খানৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিখন ‘জৱান’। এক প্ৰতিবেদন অনুসৰি এটলীৰ পৰিচালনাত নিৰ্মিত ছবিখনে মুঠ ₹১১৬০ কোটি (প্ৰায় ₹১১৬০ কোটি) উপাৰ্জন কৰিছিল। ইয়াৰে ছবিখনে ভাৰতত ₹640.25 কোটি (প্ৰায় ₹400 কোটি) সংগ্ৰহ কৰে। বিশ্বজুৰি ছবিখনে প্ৰায় ₹৪০০ কোটি (প্ৰায় ₹৪০০ কোটি) উপাৰ্জন কৰিছে। তদুপৰি, ‘জৱান’ ২০২৩ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিও আছিল। এই ছবিখনৰ বাবে শ্বাহৰুখে তেওঁৰ কেৰিয়াৰৰ প্ৰথমটো শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল।

শ্বাহৰুখ খানৰ কেৰিয়াৰৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি আছিল পাঠান। “পাথানে” মুঠ ১০৫৫ কোটি ₹ (প্ৰায় ১.৫ বিলিয়ন ডলাৰ) উপাৰ্জন কৰিছিল। ইয়াৰে ছবিখনে কেৱল ভাৰততে ৫৪৩.১০ কোটি ₹ (প্ৰায় ১.৪ বিলিয়ন ডলাৰ) উপাৰ্জন কৰাৰ বিপৰীতে ইয়াৰ বিশ্বব্যাপী সংগ্ৰহ আছিল ₹৩৯৭.৫ কোটি (প্ৰায় ৩.৯৭ বিলিয়ন ডলাৰ)।

ৰোহিত শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত “চেন্নাই এক্সপ্ৰেছ”ও শ্বাহৰুখ খানৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম। SaccNilc ৰ মতে, “চেন্নাই এক্সপ্ৰেছ” ভাৰতত ২২৭.১৩ কোটি ₹ (প্ৰায় ১.২ বিলিয়ন ডলাৰ) সংগ্ৰহ কৰিছিল, আনহাতে বিশ্বব্যাপী সংগ্ৰহ হৈছে ₹৪২২ কোটি (প্ৰায় ৪.২২ বিলিয়ন ডলাৰ)।

২০২৩ বৰ্ষটো শ্বাহৰুখ খানৰ কেৰিয়াৰৰ বাবে উল্লেখযোগ্য। শ্বাহৰুখে তিনিখন বেক টু বেক ব্লকবাষ্টাৰ ছবি দিছিল। “ডাংকি” আছিল শ্বাহৰুখৰ সেই বছৰ মুক্তি পোৱা তৃতীয়খন ছবি, “জোৱান” আৰু “পাথান”ৰ পিছত। বক্স অফিচতো “ডাংকি”-এ ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰি শ্বাহৰুখৰ কেৰিয়াৰৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।

ফাৰাহ খানৰ পৰিচালনাত নিৰ্মিত “হেপি নিউ ইয়েৰ” ছবিখনো শ্বাহৰুখৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম। ২০১৪ চনত মুক্তি পোৱা ছবিখনে ভাৰতত ১৯৯.৯৫ কোটি টকা উপাৰ্জন কৰিছিল বুলি SACNILC য়ে প্ৰকাশ কৰিছিল, যাৰ ফলত মুঠ উপাৰ্জন হৈছে ৩৯৭ কোটি ।

২০১৭ চনত শ্বাহৰুখ খানে মুক্তি দিছিল একচন ছবি ‘ৰেইছ’।বক্স অফিচত ₹১০০ কোটিৰো অধিক উপাৰ্জন কৰি তেওঁৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।

আজি অভিনেতাগৰাকীৰ জন্মদিন। শ্বাহৰুখ খানক আপুনিও জনাওক জন্মদিনৰ শুভেচ্ছা।

ক্ৰীড়া মহীৰূহ পুলিন দাসৰ ১০৭ সংখ্যক জন্ম দিৱস আৰু স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

অসমৰ ক্ৰীড়া সাংবাদিকতাৰ বাটকটীয়া, ক্ৰীড়া সংগঠক, ক্ৰীড়া মহীৰূহ পুলিন দাসৰ ১০৭ সংখ্যক জন্ম জয়ন্তী আৰু স্মাৰক বক্তৃতানুষ্ঠান আজি গুৱাহাটীস্থিত ইণ্ডিয়া ক্লাৱৰ প্ৰেক্ষাগৃহতে বিয়লি ৩-৩০ বজাত অনুষ্ঠিত হয়৷ পুলিন দাস স্মৃতিৰক্ষা সমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানৰ আৰম্ভণিতে ক্ৰীড়া মহীৰূহগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুৰ্য্য বৰুৱা, ক্ৰীড়া সংগঠক প্ৰদীপ চলিহা, বিশিষ্ট সমাজসেৱী অজয় দত্তৰ লগতে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ৷ ইয়াৰ পিছতে পুলিন দাস স্মৃতিৰক্ষা সমিতিৰ সম্পাদক তথা পুলিন দাসৰ সুপুত্ৰ কল্যাণ কুমাৰ দাসে আদৰণি ভাষণ আগবঢ়ায়৷ তেওঁ আদৰণি ভাষণত ক্ৰীড়া মহীৰূহগৰাকীৰ কৰ্মৰাজি নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়৷ ইয়াৰ পিছতে বিশিষ্ট সমাজসেৱক, প্ৰাক্তন ৰাজনীতিক অজয় দত্ত আৰু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ তথা অইল ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ মাধুৰ্য্য বৰুৱাক স্মৃতি ৰক্ষা সমিতিৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়৷ অনুষ্ঠানত ভাষণ দি অজয় দত্তই কয় যে পুলিন দাস আছিল এগৰাকী কিংবদন্তি পুৰুষ৷ পুলিন দাসক এশ শতাংশই ক্ৰীড়া ব্যক্তিত্ব বুলি অভিহিত কৰি তেওঁ কয় যে এইগৰাকী ব্যক্তিয়ে কেৱল সমাজক দিবৰ বাবেই জন্মগ্ৰহণ কৰিছিল৷ অসমত সাংবাদিকতাৰ ধাৰণা ধূসৰ হৈ থকাৰ সময়তে ক্ৰীড়া সাংবাদিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি থৈ যোৱা পুলিন দাস সকলোৰে বাবে গৌৰৱৰ বিষয় বুলি কয়৷ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি নয়ন প্ৰসাদে আঁত ধৰা এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বেডমিন্টন খেলুৱৈ মাধুৰ্য্য বৰুৱাই সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে৷ প্ৰথমগৰাকী ক্ৰীড়াবিদৰূপে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা মাধুৰ্য্য বৰুৱাই “অসমৰ বিশেষ উদ্ধৃতিৰে আমাৰ দেশৰ ক্ৰীড়া ব্যৱস্থাৰ বিকাশত কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহৰ ভূমিকা ” শীৰ্ষক বিষয়ত স্মাকক বক্তৃতা প্ৰদান কৰে৷ বৰুৱাই কয়— “ অসমত কোনো ধৰণৰ আন্তঃগাথনি নথকাৰ সময়তে তেওঁ ৰাধাগোবিন্দ বৰুৱাৰ সৈতে গুৱাহাটীত নেহৰু ষ্টেডিয়াম নিৰ্মাণ কৰি উলিয়াইছিল৷ মই ক্ৰীড়াক্ষেত্ৰৰ পৰা পোনে পোনে অইলৰ ক্ষেত্ৰখনলৈ গৈছো আৰু এতিয়াও মই হাড়ে হিমজুৱে এজন ক্ৰীড়া ব্যক্তিত্ব৷ বৰ্তমান সময়তো ক্ৰীড়া ক্ষেত্ৰৰ অজস্ৰ সমস্যা আছে যদিও সেই সমস্যাবোৰ সমাধান কৰিব নোৱাৰা বিধৰ নহয়৷ অইলৰ দৰে বহুজাতিক সংস্হাসমূহে অন্য বহু বিভাগৰ লগতে ক্ৰীড়া জগতলৈয়ো সহায়ৰ হাত আগবঢ়াই আহিছে৷ উদ্যোগসমূহে দীৰ্ঘকাল ধৰি ক্ৰীড়াবিদৰ নিযুক্তিৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে৷” তেওঁ কয় যে উদ্যোগিক সংস্হাসমূহে প্ৰতি বছৰে কোটি কোটি টকা ক্ৰীড়াৰ উন্নয়নৰ বাবে আগবঢ়াই আহিছে৷ অসমো এইক্ষেত্ৰত ব্যতিক্ৰম নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ খেলুৱৈয়ে শীৰ্ষ পৰ্যায়ত উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ পাঠ্যক্ৰমত ক্ৰীড়া বিষয় অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন আছে৷ তেওঁ ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰা খেলুৱৈসকলৰ কৰ্ম সংস্হানৰ ব্যৱস্থা কৰিবলৈয়ো চৰকাৰক আহ্বান জনায়৷ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ ৰত্না সিঙক সম্বৰ্দ্ধনা জনোৱা হয়৷ বৰুৱাই লগতে কয় যে বিগত প্ৰায় ৩০ বছৰ ধৰি ৰাজনীতিকসকলে ক্ৰীড়া ক্ষেত্ৰত পদাৰ্পণ কৰি আহিছে৷ এইটো এক স্পৰ্শ কাতৰ বিষয় বুলি উল্লেখ কৰি তেওঁ ক্ষমতাৰ অপব্যৱহাৰ নকৰিবলৈ তেওঁলোকক আহ্বান জনায়৷ ক্ষমতাৰ অপব্যৱহাৰ কৰি আহিছে৷ পুলিন ’দাস স্মৃতিৰক্ষা কমিটীৰ হৈ সম্পাদক কল্যাণ কুমাৰ দাসে অনুষ্ঠানত উপস্থিতি থকা ক্ৰীড়া অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে৷

১৯ ছেপ্টেম্বৰৰ ঘটনাৰ প্ৰেক্ষাপটত গৰিমা গাৰ্গৰ আবেগপূর্ণ প্ৰতিক্ৰিয়া ।Zubeen Garg

Zubeen Garg । অভিনেত্ৰী গায়ক জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত এটা হৃদয়স্পৰ্শী লিখনি প্ৰকাশ কৰিছে। লিখনিটোত তেওঁ জুবিন গাৰ্গৰ সৈতে সঘনিষ্ঠ সম্পর্ক থকা কেইবাগৰাকী পৰিয়ালৰ ল’ৰা–ছোৱালীৰ নাম উল্লেখ কৰি কয় যে, “এইসকল অকণমানিয়ে জুবিনক জন্মৰপৰাই দেউতা ৰূপে পালে, মোক ‘গৰিমা’ বুলি মাতে আৰু দুয়ো জনৰ সৈতে বেছিকৈ মৰমৰ সম্পৰ্ক ৰাখে।”

গৰিমা গাৰ্গে লিখিছে, “জুবিনে কৈছিল — এইবোৰ লʼৰা-ছোৱালী ডাঙৰ হ’লে মোৰ বন্ধু হ’ব। মাত ফুটোতেই শিকাইছিল ‘জুবিন’ আৰু মোক ‘গৰিমা’ বুলি মাতিবলৈ।” তেওঁ এই মন্তব্যত স্পষ্টকৈ কয় যে এই অকণমানিয়ে এতিয়াও তেওঁলোকৰ জীৱনত জুবিনক আৰু গৰিমাক সঁচাকৈয়ে পিতৃ-মাতৃসদৃশ স্থানত ৰাখিছে।

তেওঁ আরও কয় — “ৰাজহুৱা ক্ষেত্ৰত আস্থাই কিবা এটা ভুল কৰিছে যদিও সেয়া ইচ্ছাকৃত নহয়। আপোনালোকে শুদ্ধৰাই দিব, প্ৰথম বুলি ক্ষমা কৰিব। সৰু ছোৱালী, তাই শিকিব।” এই বক্তব্যৰ জৰিয়তে গৰিমা গাৰ্গে আস্থা বৰাক লৈ থকা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত শান্তি আৰু সহানুভূতিৰ বাৰ্তা প্ৰেৰণ কৰিছে।

এই মন্তব্যৰ পাছত চৰ্চা পুনৰ আৰম্ভ হৈছে —

সূত্ৰমতে, ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ অন্তিম চলচ্চিত্ৰ *‘ৰৈ ৰৈ বিনালে’*ৰ প্ৰচাৰ চলি থকা অৱস্থাত এখন লাইভ অনুষ্ঠানত গায়িকা আস্থা বৰাই কিছু মন্তব্য কৰে যিটো জুবিন গাৰ্গৰ অনুৰাগীসকলে ভুলভাবে গ্ৰহণ কৰে। তাৰ ফলত সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া দেখা যায়, আৰু আস্থাৰ ওপৰত সমালোচনাৰ ধুমুহা উঠে। তাৰ পিছতেই বিভিন্ন কণ্ঠশিল্পী, জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য আদি সকলোৰে পৰা সান্ত্বনা আৰু আহ্বান আহে যেন বিতৰ্ক বৃদ্ধি নপায়।

১৯ ছেপ্টেম্বৰৰ এই ঘটনাই জুবিন গাৰ্গক লৈ থকা জনমত আৰু শিল্পীমণ্ডলীৰ সংবেদনশীল সম্পৰ্কৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে।

Zubeen Garg : জুবিন গাৰ্গ অনুৰাগী কোনো চৰকাৰী আঁচনিৰ হিতাধিকাৰী নহয়ঃ উৎপল শৰ্মা

জুবিন গাৰ্গ অনুৰাগী কোনো চৰকাৰী আঁচনিৰ হিতাধিকাৰী নহয়ঃ উৎপল শৰ্মা
জুবিন গাৰ্গ অনুৰাগী কোনো চৰকাৰী আঁচনিৰ হিতাধিকাৰী নহয়ঃ উৎপল শৰ্মা

আজি সদৌ অসম (Zubeen Garg) ছাত্ৰসন্থা সভাপতি মঙলদৈত শনিবাৰে দৰং জিলা ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী আৰু কৃত্ৰিম অনুৰাগী সম্পৰ্কত কোৱা বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰিলে ৷

ইয়াৰ উপৰিও জুবিন গাৰ্গ অনুৰাগীক কোনো ৰাজনৈতিক দলে চিনাক্ত কৰাৰ প্ৰয়োজন নাই বুলি ক’লে ৷ অসমত বাস কৰা প্ৰতিজন লোকেই জুবিন অনুৰাগী বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় উৎপল শৰ্মাই। লগতে জুবিন গাৰ্গ অনুৰাগী কোনো চৰকাৰী আঁচনিৰ হিতাধিকাৰী নহয়, জুবিন গাৰ্গৰ অনুৰাগী সকলক ৰাজনৈতিক ভাবে স্বীকৃতিৰ প্ৰয়োজন নাই৷ এইদৰে জুবিন গাৰ্গৰ অনুৰাগীৰ মুখ্যমন্ত্ৰীৰ মন্তব্য ওপৰত প্ৰতিক্ৰিয়া আছুৰ সভাপতি উৎপল শৰ্মাৰ।

Himanta Biswa Sarma: ১০ ডিচেম্বৰৰ ভিতৰত জুবিনৰ ঘটনাই ন্যায় পাবঃ মুখ্যমন্ত্ৰী

১০ ডিচেম্বৰৰ ভিতৰত জুবিনৰ ঘটনাই ন্যায় পাবঃ মুখ্যমন্ত্ৰী
১০ ডিচেম্বৰৰ ভিতৰত জুবিনৰ ঘটনাই ন্যায় পাবঃ মুখ্যমন্ত্ৰী

বহু বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে।(Himanta Biswa Sarma)

১০ ডিচেম্বৰৰ ভিতৰত জুবিনৰ ঘটনাই ন্যায় পাব।

সম্পূৰ্ণ ঘটনা ৰাইজে জানিব।

১০ ডিচেম্বৰত SITএ জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ ছাৰ্জশ্বীট দাখিল কৰিব।

জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত SITএ বহুত ভাল পথত আগবাঢ়িছে।

জুবিনৰ জীৱনৰ বহু নজনা কথা জানিব ৰাইজে।

নিৰ্বাচনলৈকে জুবিন ক্ষেত্ৰলৈ আহিব DUPLICATE অনুৰাগী।

কংগ্ৰেছ, অখিল গগৈয়ে এনে লোকক সমাধিক্ষেত্ৰলৈ লৈ আহে।

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত একাংশ মিঞা মুছলমানে ৰাজনীতি কৰিছে।

জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীয়ে অসুবিধাৰ সন্মুখীন হয়।

একাংশ মিঞা মুছলমানে জুবিনক্ষেত্ৰত আহি জুবিন গাৰ্গক কষ্ট দিয়ে।

মৰিগাঁৱত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Bikash Asom: জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিলঃ বিশেষ ৰূপত ‘ৰৈ ৰৈ বিনালে’ চালে বিকাশ অসমে

জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিলঃ বিশেষ ৰূপত 'ৰৈ ৰৈ বিনালে' চালে বিকাশ অসমে
জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিলঃ বিশেষ ৰূপত 'ৰৈ ৰৈ বিনালে' চালে বিকাশ অসমে

বিশেষ ৰূপত ‘ৰৈ ৰৈ বিনালে’ চালে বিকাশ অসমে।(Bikash Asom)

‘জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিল’

জে’লৰ ভাত খামেই যেতিয়া চিনেমাখন চাই এতিয়া সুস্থ শৰীৰে উপস্থিত হ’মগৈ’

‘আৰক্ষীৰ সহযোগিতাৰ বাবে’

‘মহামান্য আদালতে দিয়া ৰায়দান বা শাস্তিক সন্মানেৰে আদৰি ল’ম’

‘এই জাতীয়তাবোধ মোৰ সংগ্ৰামী জীৱনত সদায়েই থাকিব তেজত যিকোনো অসমীয়া ব্যক্তিৰ বাবে’

‘ জয় জুবিন দা। জয় আই অসম’

‘জুবিন দা পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ বুকুত আজিৰ দৰেই মৰমৰ আৰু প্ৰাণৰ হৈ থাকক’

‘বৰ সুন্দৰ এখন চিনেমা’

“ৰৈ ৰৈ বিনালে” সকলোৱে চাব’

‘মানুহে ভুলৰ পৰাই শিক্ষণৰ নতুন দস্তাবেজ মেলে’

‘আই মাতৃ সকলে মোক ভুল বুজি নাথাকিব কাৰণ কোনো কালে মোৰ জীৱনত অসমীয়াক অপমান কৰাৰ আজিলৈ উদাহৰণ নাই’

ছবিখন চাই এইদৰে সামাজিক মাধ্যমত পোষ্ট কৰে বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা বিকাশ অসমে-

‘জুবিন দা পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ বুকুত আজিৰ দৰেই মৰমৰ আৰু প্ৰাণৰ হৈ থাকক। বৰ সুন্দৰ এখন চিনেমা। “ৰৈ ৰৈ বিনালে” সকলোৱে চাব। মানুহে ভুলৰ পৰাই শিক্ষণৰ নতুন দস্তাবেজ মেলে। আই মাতৃ সকলে মোক ভুল বুজি নাথাকিব কাৰণ কোনো কালে মোৰ জীৱনত অসমীয়াক অপমান কৰাৰ আজিলৈ উদাহৰণ নাই। এটা কথা সত্য যে কোনো ব্যক্তিক মই জ্ঞাতে বা অজ্ঞাতে মনোকষ্ট দি কোনো দিনে সুখী হ’ব নোৱাৰিম। বিগত দিনত অসমীয়া জাতিটোৰ বাবেই বহুবাৰ গ্ৰেপ্তাৰ বা কাৰাবাসত গৈছোঁ। গতিকে মই সৰু হিচাবে ক্ষমা বিচাৰিম জ্ঞাতে বা অজ্ঞাতে মনোকষ্ট দিয়া প্ৰতিজন ব্যক্তিৰ ওচৰত। ধৰি নাথাকিব। জাতিটোৰ বাবে আমি সকলোৱে যিকোনো দৃষ্টিকোণৰ পৰা কৰিব লগীয়া বহু কাম আছে। জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিল। জেলৰ ভাত খামেই যেতিয়া চিনেমাখন চাই এতিয়া সুস্থ শৰীৰে উপস্থিত হ’মগৈ আৰক্ষীৰ সহযোগিতাৰ বাবে। মহামান্য আদালতে দিয়া ৰায়দান বা শাস্তিক সন্মানেৰে আদৰি ল’ম। এই জাতীয়তাবোধ মোৰ সংগ্ৰামী জীৱনত সদায়েই থাকিব তেজত যিকোনো অসমীয়া ব্যক্তিৰ বাবে। জয় জুবিন দা।

জয় আই অসম॥’

#JusticeForZubeenGarg

মুখ্যমন্ত্ৰীয়ে ভাষন দি থাকোতেই ঘটিল অঘটন…

আজি মৰিগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰনৰ উদ্দেশ্যে অনুষ্ঠিত বিশাল জনসভাত উপস্থিত থাকে মুখ্যমন্ত্ৰীগৰাকী ।


কিন্তু সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষন দি থাকোতেই ঘটিল অঘটন ।
মুখ্যমন্ত্ৰীৰ সভাত অসুস্থ হৈ পৰে এগৰাকী মহিলা ।

অসুস্থ মহিলাগৰাকীক মুখ্যমন্ত্ৰীৰ বাহনতেই চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় ।
মৰিগাঁৱৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ সময়তে এই ঘটনা ।