Home Blog Page 39

T20 World Cup 2026: আজিৰে পৰা T20 বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ

আজিৰে পৰা T20 বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ
আজিৰে পৰা T20 বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ

আজিৰে পৰা আৰম্ভ হ’ব T20 বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ।(T20 World Cup 2026)

কলম্বোেত উদ্বোধনী মেচত অৱতীৰ্ণ হ’ব পাকিস্তান আৰু নেদাৰলেণ্ড।

দিনৰ ১১ বজাত পাকিস্তান আৰু নেডাৰলেণ্ডৰ মাজত প্রথমখন মেচ।

দ্বিতীয়খন মেচত মুখামুখি হ’ব ৱেষ্টইণ্ডিজ আৰু স্কটলেণ্ড।

বিয়লি ৩ বজাত দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব।

তৃতীয়খন মেচত টীম ইণ্ডিয়াৰ মুখামুখি হ’ব USA।

সন্ধিয়া ৭ বজাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন মেচ।

“হাতত বিড়ি মুখত পান ভাগৌ মিঞা পাকিস্তান” : খিলঞ্জিয়া ঐক্য মঞ্চ, অসম

"হাতত বিড়ি মুখত পান ভাগৌ মিঞা পাকিস্তান" : খিলঞ্জিয়া ঐক্য মঞ্চ, অসম
"হাতত বিড়ি মুখত পান ভাগৌ মিঞা পাকিস্তান" : খিলঞ্জিয়া ঐক্য মঞ্চ, অসম

“আছে হেংদাং লোৱা নাই, ললে হেংদাং মিঞাৰ ৰক্ষা নাই” : খিলঞ্জিয়া ঐক্য মঞ্চ, অসম

উজনি অসমত তীব্ৰতৰ হৈ উঠিছে মিঞা বিৰোধী অভিযান

হৰ্ডিং লগাই, শ্লোগান দি মিঞাৰ বিৰুদ্ধে সজাগ হোৱাৰ আহ্বান ৰাজ্যবাসীক

উজনি অসমত তীব্ৰতৰ হৈ উঠিছে মিঞা বিৰোধী অভিযান। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মিঞাক আক্ৰমণ কৰি বিভিন্ন শ্লগানেৰে হৰ্ডিং, পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ বিভিন্ন দল-সংগঠনৰ। উজনি অসমৰ লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, দুলীয়াজানকে আদি কৰি বিভিন্ন অঞ্চলত ৰাস্তাৰ কাষত বৃহৎ বৃহৎ হৰ্ডিং লগাই মিঞাৰ বিৰুদ্ধে সাধাৰণ জনতাক সজাগ কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন দল-সংগঠনে। প্ৰায় বহু সংখ্যক দল-সংগঠনে নিজাববীয়াকৈ বেনাৰ পোষ্টাৰ লগাই জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰিছে।

তাকে লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ আমগুৰিত অসমীয়া যুৱ মঞ্চই প্ৰথমে মিঞা বিৰোধী অভিযান আৰম্ভ কৰিছিল। তাৰ পিছতে সজাগ হৈ পৰে বিভিন্ন দল-সংগঠন। খিলঞ্জিয়া ঐক্য মঞ্চ, অসমে ৰাস্তাৰ কাষত “বাংলাদেশী মিঞা খেদক জাতি বচাওক”, “হাতত বিড়ি মুখত পান ভাগৌ মিঞা পাকিস্তান”, “আহ ঐ আহ, ওলাই আহ, খেদ ঐ খেদ মিঞাক খেদ”, “আছে হেংদাং লোৱা নাই, ললে হেংদাং মিঞাৰ ৰক্ষা নাই” আদি বিভিন্ন শ্লগানেৰে হৰ্ডিং লগাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। লগতে, আগন্তুক দিনত মিঞা বিৰোধী অভিযান ইয়াতকৈও ভয়াৱহ হ’ব বুলি সকীয়নি দিয়ে।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাই উদ্বোধন কৰিলে দুখন স্থায়ী সাংস্কৃতিক মঞ্চ

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাই উদ্বোধন কৰিলে দুখন স্থায়ী সাংস্কৃতিক মঞ্চ
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাই উদ্বোধন কৰিলে দুখন স্থায়ী সাংস্কৃতিক মঞ্চ

অসম-মেঘালয় সীমান্তৱৰ্তী ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২৫ নং হাহিম পৰিষদীয় সমষ্টিত দুখনকৈ স্থায়ী সাংস্কৃতিক মঞ্চৰ শুভ উদ্বোধন কৰে পৰিষদীয় সমষ্টিৰ অধ্যক্ষ সোণাৰাম ৰাভাই। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পুঁজিৰ প্ৰায় ১৬ লাখ টকাৰ ব্যয়েৰে হাহিম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মৌচোৱা আৰু লালমাটি গাঁৱত মঞ্চ দুখন নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে সোণাৰাম ৰাভাই।

অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চল হিচাপে ৰাজ্য চৰকাৰে হেমাহি কৰা পৰিলক্ষিত হয় যদিও ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে এই সীমান্তৱৰ্তী গাৱঁ সমূহৰ সামূহিক উন্নয়ন ক্ষেত্ৰত পৰিষদীয় পুজিৰে যথাসম্ভৱ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি অহা হৈছে বুলিও জানিবলৈ দিয়ে অধ্যক্ষ সোণাৰাম ৰাভাই।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে স্থানীয় গঞা ৰাইজৰ লগতে হাহিম আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিষয় ৰাভা, হাহিম পৰিষদীয় সমষ্টিৰ নিৰিক্ষণ কমিটিৰ সভাপতি কল্পৰাম ৰাভা, সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ ৰাভাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

Do Deewane Seher Mein-ৰ নায়িকা মূৰ্ণাল ঠাকুৰৰ বন্ধুৰ চৰিত্ৰত কলিয়াবৰৰ ডিম্পল

কলিয়াবৰৰ যুৱকৰ বলীউডত প্ৰৱেশ।(Do Deewane Seher Mein)

Do Deewane Seher Mein-ৰ নায়িকা মূৰ্ণাল ঠাকুৰৰ বন্ধুৰ চৰিত্ৰত অভিনয় কলিয়াবৰৰ ডিম্পল।

২০২১ চনৰ পৰাই ডিম্পল শইকীয়াই মুম্বাইত এগৰাকী মডেল হিচাপে কৰ্মৰত হৈ আছে।

বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনৰ মডেল হিচাপে জড়িত হৈ আছে ডিম্পল।

বলীউডৰ সঞ্জয় লীলা ভানচালী প্ৰডাকচনৰ চলচিত্ৰ Do Deewane Seher Mein চলচ্চিত্ৰখনৰ নায়িকা মূৰ্ণাল ঠাকুৰৰ এজন বন্ধুৰ চৰিত্ৰত অভিনয় কৰিছে কলিয়াবৰৰ বাঘৰচুক গাঁৱৰ ডিম্পল শইকীয়াই।

Himanta Biswa Sarma: অখিল গগৈৰ বিৰিয়ানিত গৰু মাংস থাকিব নে মূৰ্গীৰ মাংস থাকিব, মুখ্যমন্ত্ৰী প্ৰশ্ন…

অখিল গগৈৰ বিৰিয়ানিত গৰু মাংস থাকিব নে মূৰ্গীৰ মাংস থাকিব
অখিল গগৈৰ বিৰিয়ানিত গৰু মাংস থাকিব নে মূৰ্গীৰ মাংস থাকিব

অখিল গগৈলৈ (Himanta Biswa Sarma)মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন, “অখিল গগৈৰ বিৰিয়ানিত গৰু নে মূৰ্গীৰ মাংস থাকিব ?”

আজি দেৰগাঁও বিধান সভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক মহিলা উদ্যমিতা আচঁনিৰ চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। ৩১,৮৯৫গৰাকী উদ্যমী মহিলালৈ আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যমিতা পুঁ‌জিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ১০হাজাৰকৈ টকা বিতৰণ। ৩,৪৮৮ টা আত্মসহায়ক গোট থকা সমষ্টিটোৰ মহিলাসকলৰ সবলীকৰণৰ বাবে বিশেষ গুৰুত্ব প্ৰদান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

অনুষ্ঠান শেষ কৰি সংবাদমাধ্যমক সম্বোধন কৰি বহু বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া জাতিৰ বিৰুদ্ধে গৈ আছে কগ্ৰেছ দল বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

অখিল গগৈলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন, “অখিল গগৈৰ বিৰিয়ানিত গৰু নে মূৰ্গীৰ মাংস থাকিব ?” বিৰিয়ানিত গৰু নে মূৰ্গীৰ মাংস থাকিব প্ৰথমে সেয়া স্পষ্ট কৰক অখিল গগৈয়ে। বিৰিয়ানিৰে বৰ অসমৰ সপোন দেখা অখিল গগৈয়ে অসমীয়াক পৰঠা, বিৰিয়ানী আৰু মুছলমানে খোৱা প্ৰতিটো খাদ্যৰ প্ৰশিক্ষণ দিব বুলি কৰিছিল ঘোষণা

এইদৰে দেৰগাঁৱত বহু বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মঙলদৈত পুনৰ অনাকাংক্ষিত ঘটনাঃ পুনৰ দুস্কৃতিকাৰীয়ে ভাঙিলে কালি মূৰ্তি

পুনৰ দুস্কৃতিকাৰীয়ে ভাঙিলে কালি মূৰ্তি
পুনৰ দুস্কৃতিকাৰীয়ে ভাঙিলে কালি মূৰ্তি

মঙলদৈ গোসাঁই গাঁওকমাৰ পাৰাত বৃহস্পতিবাৰে ৰাতি পুনৰ চাৰিটা কৈ মন্দিৰৰ মূৰ্তি চিঙি ভাঙি থৈ যায় দুস্কৃতিকাৰীয়ে।
ৰাজহুৱা আৰু ব্যক্তিগত মন্দিৰটো সুমাই দুস্কৃতিকাৰী।

পূৰ্বেও একে ৰাতিতে ১৬-১৭ টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি যোৱাৰ পিছত পুনৰ যোৱা নিশা চাৰিটা মন্দিৰত সুমাই ধ্বংস কৰা কাৰ্য সহজ ভাবে লব পৰা নাই ৰাইজে। এয়া সনাতনী লোকক আঘাট আখ্যা স্থানীয় লোকৰ। কোনো বিধৰ্মী লোকে এই কাৰ্য সংঘটিত কৰা বুলিও কয়।

পূৰ্বে ৫ গৰাকী লোকক আৰক্ষীয়ে আটক কৰিছিল যদিও তদন্ত গতি মন্থৰ হৈ গৈছিল। তাৰেই সুযোগ লৈ পুনৰ এইকাণ্ড সংঘটিত হৈছে। এইবাৰ গোসাঁইগাঁওত জীৱন মণ্ডল, ব্ৰজেন সৰকাৰ আৰু এটা ৰাজহুৱা মন্দিৰৰ মূৰ্তি নষ্ট কৰাৰ লগতে মোৱামাৰিত এটা মন্দিৰ নষ্ট কৰে।

আজিৰে পৰা জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্রত শ্রীমন্ত শংকৰদেৱ সংঘৰ বিশাল অধিৱেশন

হৰিনামৰ ধ্বনি আৰু খোল-তালৰ শব্দত আকাশ-বতাহ মুখৰিত।

আজিৰে পৰা জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্রত শ্রীমন্ত শংকৰদেৱ সংঘৰ বিশাল অধিৱেশন।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সোঁত বৈছে হাজাৰ হাজাৰ ভকত-বৈষ্ণৱৰ।

ধূপ-ধুনাৰ সুবাস আৰু হৰিনামৰ অমৃত বাণীৰে আধ্যাত্মিকতাৰ জোৱাৰ জামুগুৰিহাটত।

AGP: মিত্ৰতাক লৈ এতিয়ালৈকে কোনো আনুষ্ঠানিক আলোচনা হোৱা নাইঃ অতুল বৰা

AGP: মিত্ৰতাক লৈ এতিয়ালৈকে কোনো আনুষ্ঠানিক আলোচনা হোৱা নাইঃ অতুল বৰা
AGP: মিত্ৰতাক লৈ এতিয়ালৈকে কোনো আনুষ্ঠানিক আলোচনা হোৱা নাইঃ অতুল বৰা

মিত্ৰতাক (AGP) লৈ এতিয়ালৈকে কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই৷ অসম গণ পৰিষদৰ স্হিতি থকা সমষ্টিত দলটোৱে বিচাৰিব প্ৰাৰ্থীত্ব৷ বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা বিচৰা নাই অসম গণ পৰিষদে৷ বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাই ক্ষতি কৰিব পাৰে NDA ক৷

তেজপুৰত এনেদৰে উল্লেখ কৰিলে মিত্ৰদল অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই৷ আগন্তুক ২০২৬ ৰ নিৰ্বাচনত তেজপুৰ সমষ্টি কাৰ হাতলৈ যাব, তাকে লৈ শাসকীয় দল বিজেপি আৰু মিত্ৰদল অসম গণ পৰিষদৰ ভিতৰে বাহিৰে চৰ্চা অব্যাহত থকাৰ মাজতে নিশা তেজপুৰত অসম গণ পৰিষদৰ কাৰ্যালয়ত উপস্হিত হৈ সভাপতি অতুল বৰাই এনেদৰে উল্লেখ কৰে৷ তেজপুৰ সমষ্টি অগপৰ দখলত থাকিব নে নাই সেয়া এতিয়াই ক’ব পৰা হোৱা নাই বুলি উল্লেখ কৰি সভাপতি অতুল বৰাই নিজ দলৰ বিধায়ক থকা সমষ্টিত পুণৰবাৰ প্ৰাৰ্থীত্ব প্ৰদানৰ ইংগিত প্ৰদান কৰে৷৷

আগন্তুক নিৰ্বাচনত বিজেপিৰে বন্ধুত্বমূলক নিৰ্বাচনী প্ৰতিযোগিতাত অৱতীৰ্ণ নহয় অসম গণ পৰিষদ৷ অগপ দলৰ বিধায়ক থকা সমষ্টিত পুণৰবাৰ প্ৰাৰ্থীত্ব প্ৰদানৰ ইংগিত কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ৷ আগন্তুক দিনত অসম গণ পৰিষদে কিমানখন আসন বিচাৰিব সেয়া এই মুহুৰ্তত সংখ্যাৰে ক’ব খোজা নাই কেশৱ মহন্তই৷ কিন্তু ২০১৬ আৰু ২০২১ ৰ দৰে আসন বিচাৰিব দলটোৱে৷ তেজপুৰ সমষ্টি বিজেপিক এৰি দিব নে অগপৰ দখলতে থাকিব সেয়া আগন্তুক আলোচনা কালতহে স্পষ্ট হ’ব৷

তেজপুৰত নিশা জিলা অগপ কাৰ্যালয়ত উপস্হিত হৈ দলীয় নেতা-কৰ্মীৰ স’তে মিলিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এনেদৰে উল্লেখ কৰে দলটোৰ কাৰ্যকৰী সভাপতি অতুল বৰাই৷ জামুগুৰিত অনুষ্ঠিতব্য শংকৰ সংঘৰ অধিৱেশনলৈ বুলি অহা অগপ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি দুয়ো গৰাকী নিশা উপস্হিত হয় তেজপুৰ অগপ কাৰ্যালয়ত৷

জিলা সভাপতি ৰাতুল নাথ, অগপ দলৰ সম্পাদক প্ৰবীণ হাজৰিকা, বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে শতাধিক দলীয় কৰ্মীৰ উপস্হিতিত অনুষ্ঠিত বিশেষ দলীয় বৈঠকত উপস্হিত হয় দলটোৰ দুয়ো গৰাকী নেতা তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত৷৷

“বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ” সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজিকাৰ

"বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ" সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজিকাৰ
"বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ" সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজিকাৰ

“বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ”! আজি গুৱাহাটীৰ ৰাজপথত ৰাইজৰ ৰোষত পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। ৰাজপথত সমবেত সাধাৰণ জনতাই গৌৰৱ গগৈক ক্ষোভ উজাৰি “বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ” বুলি কঠোৰ ভাষাৰে ক্ষোভ প্ৰকাশ কৰে। আনহাতে, এই ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজিকাই।

মন্ত্ৰী হাজৰিকাই নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট যোগে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, “পূৰ্বৰে পৰা মানুহক ভুৱা অপপ্ৰচাৰেৰে আভুৱা-ভাঁৰি অহা কংগ্ৰেছ দলে আজিও একেই কাম কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিছে বুলি গম পাইছোঁ।” মন্ত্ৰী হাজিকাই লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ দলৰ অন্যান্য নেতাসকলক সাৱধান কৰি দি কয় – “বৰ্তমান সময়ত ৰাইজ সজাগ। আজিৰ ৰাইজৰ হাতৰ মুঠিতে সকলো তথ্য উপলব্ধ। অপপ্ৰচাৰ বিয়পোৱাৰ চেষ্টা নকৰাই ভাল।” লগতে, গুৱাহাটীৰ ৰাজপথত ৰাইজৰ এই ক্ষোভে কংগ্ৰেছ দলৰ বাবে গুৰুত্বপূৰ্ণ ৰাজনৈতিক সংকেত বহন কৰিছে বুলি একাংশই মত প্ৰকাশ কৰিছে।

বিলাসীপাৰাত অসম গণ পৰিষদৰ নগৰ সমিতিৰ গঠন , ৩৫ জনীয়া নতুন কমিটি ঘোষণা । AGP

বিলাসীপাৰাত অসম গণ পৰিষদৰ নগৰ সমিতিৰ গঠন , ৩৫ জনীয়া নতুন কমিটি ঘোষণা
বিলাসীপাৰাত অসম গণ পৰিষদৰ নগৰ সমিতিৰ গঠন , ৩৫ জনীয়া নতুন কমিটি ঘোষণা

AGP । অসম গণ পৰিষদ দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি বিলাসীপাৰা বিধান পৰিষদৰ কাৰ্যালয় প্ৰাংগনত বিলাসীপাৰা নগৰ সমিতিৰ পুনৰ্গঠন সভা সফলভাৱে অনুষ্ঠিত হয়। উক্ত গুৰুত্বপূৰ্ণ সভাখনত সভাপতিত্ব কৰে অসম গণ পৰিষদৰ বিধান পৰিষদৰ সভাপতি শ্ৰীযুত অমৰেন্দ্ৰ নাথে।

উক্ত সভাত উপস্থিত থাকি বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত প্ৰশান্ত কুমাৰ বৰুৱা দেৱে এক দীঘলীয়া আৰু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। তেখেতে অসম গণ পৰিষদৰ আদৰ্শ, ঐতিহাসিক ভূমিকা আৰু অসমীয়া জাতিৰ স্বাৰ্থ সুৰক্ষিত কৰাত দলটোৰ অৱদানৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। লগতে আগন্তুক সময়ছোৱাত সংগঠন অধিক শক্তিশালী কৰি তৃণমূল পৰ্যায়ত জনসাধাৰণৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।


প্ৰাক্তন বিধায়ক বৰুৱা দেৱে দলীয় কৰ্মকৰ্তাসকলক ঐক্যবদ্ধভাৱে কাম কৰি অসম গণ পৰিষদক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ আহ্বান জনায় আৰু জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই যাবলৈ অনুৰোধ জনায়।
সভাখনত নগৰ সমিতিৰ কৰ্মকৰ্তাসকলৰ সক্ৰিয় অংশগ্ৰহণে সমগ্ৰ পৰিবেশ উদ্দীপনাময় কৰি তোলে। দলীয় সংগঠনক তৃণমূল পৰ্যায়ত অধিক মজবুত কৰাৰ লগতে আগন্তুক দিনসমূহত জনসাধাৰণৰ সমস্যা সমাধানত অগ্ৰাধিকাৰ দিয়াৰ দৃঢ় সংকল্প সভাত প্ৰকাশ পায়।


উক্ত সভাতে ধনজিত দাসক সভাপতি আৰু কাৰ্তিক কৰ্মকাৰক সাধাৰণ সম্পাদক হিচাপে লৈ অসম গণ পৰিষদৰ ৩৫ জনীয়া বিলাসীপাৰা নগৰ সমিতিৰ নতুন কমিটি গঠন কৰা হয়। নতুনকৈ গঠন হোৱা এই সমিতিয়ে বিলাসীপাৰা নগৰত দলীয় কাৰ্যকলাপ অধিক গতিশীল কৰি তোলাৰ লগতে জনসাধাৰণৰ কল্যাণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হয়।