Home Blog Page 393

Yuzvendra-Dhanashree: অনুষ্কা শৰ্মাৰ পৰা শিকিব! ‘আন পুৰুষৰ সৈতে অন্তৰংগ ছবি দিলে স্বামী-স্ত্ৰী সম্পৰ্ক স্থায়ী হয়নে?’

Yuzvendra-Dhanashree: অনুষ্কা শৰ্মাৰ পৰা শিকিব!
Yuzvendra-Dhanashree: অনুষ্কা শৰ্মাৰ পৰা শিকিব!

বৰ্তমান সময়লৈকে ক্ৰিকেটা যুজবেন্দ্ৰ চাহাল বা ধনশ্ৰী ভাৰ্মাই তেওঁলোকৰ বিবাহ বিচ্ছেদৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ কোৱা নাই। কিন্তু বিচ্ছেদৰ জল্পনা-কল্পনা তীব্ৰতৰ হোৱাৰ পিছতে অনুৰাগীৰ ৰোষৰ সন্মুখীন হ’বলগীয়া হৈছে অভিনেত্ৰীগৰাকী।(Yuzvendra-Dhanashree)

দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা অব্যাহত আছে যুজবেন্দ্ৰ চাহাল বা ধনশ্ৰী ভাৰ্মা। শনিবাৰৰ পৰা যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বৰ্মাৰ বিবাহ বিচ্ছেদৰ চৰ্চা তীব্ৰতৰ হৈ পৰে। আজি দেখা গৈছে যে চাহালে ছ’চিয়েল মিডিয়াত পত্নীৰ সৈতে থকা সকলো ছবি ডিলিট কৰি দিছে তেওঁলোকে আৰু ইনষ্টাগ্ৰামতো ইজনে সিজনক আনফ’ল’ কৰিছে। তাৰ পৰাই আৰম্ভ হ’ল নতুন বিচ্ছেদৰ জল্পনা-কল্পনা। তেতিয়াৰ পৰাই ধনশ্ৰীক ইজনৰ পিছত সিজন ব্যক্তিয়ে ঠাট্টা-মস্কৰা কৰিছে।

এতিয়ালৈকে চাহাল বা ধনশ্ৰীয়ে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ কোৱা নাই। কিন্তু বিচ্ছেদৰ জল্পনা-কল্পনা তীব্ৰতৰ হোৱাৰ পিছতে নেটিজেনৰ ৰোষৰ সন্মুখীন হ’বলগীয়া হয় অভিনেত্ৰীগৰাকী। এই বিষয়ত বহুতে ছ’চিয়েল মিডিয়াতো পোষ্ট কৰিছে। চাহালৰ একাংশ অনুৰাগীয়ে দাবী কৰে যে ধনশ্ৰী আন পুৰুষৰ লগত বেছি ঘনিষ্ঠ। সেয়ে অনুৰাগীৰ পৰামৰ্শ, চাহালে ধনশ্ৰীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব লাগে।

একাংশই দাবী কৰিছে যে ধনশ্ৰীয়ে চাহালক দিনক দিনে বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল। বহুতে ধনশ্ৰীক অনুষ্কা শৰ্মাৰ পৰা শিকিবলৈও পৰামৰ্শ দিছে। এজন নেটিজেনৰ ভাষাত, “চাহাল, অনুগ্ৰহ কৰি ধৈৰ্য্য ধৰিব। ধনশ্ৰীৰ লগত ব্ৰেকআপ কৰোৱা সঠিক সিদ্ধান্ত। ছ’চিয়েল মিডিয়াত আন পুৰুষৰ সৈতে এনে অন্তৰংগ ফটো শ্বেয়াৰ কৰা মহিলাগৰাকীক কেনেদৰে গ্ৰহণ কৰা হয়? সকলোৱে বুজিব পাৰিছিল যে তেওঁলোক পৃথক হ’ব।

ধনশ্ৰীয়ে তেওঁৰ নামৰ পৰা ‘চাহল’ উপাধি আঁতৰাই পেলাইছিল যদিও এতিয়াও তেওঁৰ ছ’চিয়েল মিডিয়াত চাহলৰ সৈতে কেইবাখনো ছবি আছে। ২০২০ চনৰ ২২ ডিচেম্বৰত চাহালে গুৰুগ্ৰামত এক অনুষ্ঠানত ধনশ্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ধনশ্ৰী আচলতে চাহালৰ নৃত্য শিক্ষক আছিল।

Sonu Sood: চাৰি বছৰে ৰুটী খোৱা নাই অভিনেতা চনু চুদে! অভিনেতাগৰাকীয়ে ৰাজহুৱা কৰিছে খাদ্যাভ্যাস…

Sonu Sood: চাৰি বছৰে ৰুটী খোৱা নাই অভিনেতা চনু চুদে
Sonu Sood: চাৰি বছৰে ৰুটী খোৱা নাই অভিনেতা চনু চুদে

সম্প্ৰতি অভিনেতা চনু চুদে তেওঁৰ আগন্তুক ছবি ফাতেহৰ প্ৰচাৰ চলাই আছে। কৰ্ম, শৰীৰৰ উপৰিও অভিনেতাগৰাকী ফিটনেছৰ প্ৰতি থকা নিষ্ঠাৰ বাবেও পৰিচিত।(Sonu Sood) শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে নিজৰ খাদ্য পদ্ধতিৰ বিষয়ে মুকলিকৈ কয় আৰু প্ৰকাশ কৰে যে তেওঁ কেতিয়াও সুৰা সেৱন কৰা নাই।

সাক্ষাৎকাৰত অভিনেতা চনু চুদে নিজৰ দৈনন্দিন খাদ্যাভ্যাসৰ কথা কৈ ক’লে, “মই এজন নিৰামিষভোজী। মোৰ খাদ্যাভ্যাস বৰ বিৰক্তিকৰ। কোনোবাই ঘৰলৈ আহিলেই কয় যে মই ঘৰতে হস্পিতালৰ খাদ্য খাওঁ। মই তেওঁলোকক কওঁ যে এইখন মোৰ প্লেট, তুমি যি মন যায় খাবা। মোৰ বাহিৰে সকলোৱে নিৰামিষ খাদ্য খায়। আমাৰ ঘৰত বহুত ভাল ৰান্ধনী আছে।”

দুপৰীয়া সৰু বাটিত এবাটি দাইল আৰু ভাত খাওঁ। ব্ৰেকফাষ্টত কণীৰ বগা অমলেট, চালাড, এভোকেডো, শাক-পাচলি বা অমিতা খাওঁ। মই স্বাস্থ্যকৰ খাদ্য খাওঁ। চাৰি বছৰৰ পৰা খোৱা নাই ৰুটী তেওঁ। আনহাতে জীৱনত এটোপালো সুৰা সেৱন কৰি পোৱা নাই তেওঁ।

Awards Announced: ২০২৫ বৰ্ষৰ শিল্পী বঁটা, ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা; সাহিত্যাচার্য অতুল চন্দ্র হাজৰিকা বঁটা আৰু ভীমবৰ দেউৰী বঁটা ঘোষণা

Awards Announced: ২০২৫ বৰ্ষৰ শিল্পী বঁটা, ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা; সাহিত্যাচার্য অতুল চন্দ্র হাজৰিকা বঁটা আৰু ভীমবৰ দেউৰী বঁটা ঘোষণা
Awards Announced: ২০২৫ বৰ্ষৰ শিল্পী বঁটা, ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা; সাহিত্যাচার্য অতুল চন্দ্র হাজৰিকা বঁটা আৰু ভীমবৰ দেউৰী বঁটা ঘোষণা

২০২৫ বৰ্ষৰ শিল্পী বঁটাৰ বাবে প্রথিতযশা কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভাক মনোনীত কৰা হৈছে।(Awards Announced) অহা ১৭ জানুৱাৰী, ২০২৫ তাৰিখে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত কেন্দ্রীয়ভাৱে আয়োজিত ২০২৫ বৰ্ষৰ শিল্পী দিৱস অনুষ্ঠানত শিল্পীদ্বয়ক শিল্পী বঁটাৰে সন্মানিত কৰা হ’ব। দিছপুৰত সংবাদমেলত ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ। লগতে অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান যোগাই অহা তিনিগৰাকী বৰেণ্য ব্যক্তিক তিনিটা ৰাজ্যিক পৰ্য্যায়ৰ বঁটাৰে সন্মানিত কৰা হ’ব। ২০২৪ নটসূর্য ফণী শৰ্মা বঁটাৰ বাবে বিশিষ্ট অভিনেত্রী ৰেবা ফুকনক, সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকা বঁটাৰ বাবে বিশিষ্ট অভিনেত্রী হীৰা নেওগক আৰু ভীমবৰ দেউৰী বঁটাৰ বাবে বিশিষ্ট সমাজকর্মী জলেশ্বৰ ব্ৰহ্মক মনোনীত কৰা হৈছে।

প্রতিটো বঁটাত আছে দুই লাখ টকাৰ নগদ ধনৰ লগতে প্রশস্তি পত্ৰ আৰু অংগবস্ত্র। জনপ্রিয় কণ্ঠশিল্পী ড০ অনিমা চৌধুৰীৰ জন্ম ১৯৫৩ চনৰ ২৮ ফেব্ৰুৱাৰীত নলবাৰীত। তেখেতে ‘মুকুতা’, ‘পুতলাঘৰ’, ‘প্রেম জনমে জনমে’, ‘অৰণ্য’, ‘অগ্নিবৃষ্টি’, ‘ত্রিধাৰা’ (বাংলা) আদি কথাছবিৰ গীতত কণ্ঠদান কৰিছে। আকাশবাণী আৰু দূৰদৰ্শনৰ ‘এ গ্রেড’ স্বীকৃতিপ্রাপ্ত শিল্পীগৰাকীয়ে আধুনিক গীতৰ লগতে বিহুগীত, বনগীত, টোকাৰীগীত, বিয়ানাম, জ্যোতি সংগীত, ৰাভা সংগীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত আদিৰ দুকুৰিৰো অধিক শ্রাব্য এলবামত গীত গাইছে। লোকশিল্পী মুকুল বাভাৰ জন্ম ১৯৫৫ চনৰ ১ ডিচেম্বৰত। ‘ৰাভা চায় পিদান’ শীর্ষক ৰাভা আধুনিক গীতৰ প্ৰথমটো শ্রাব্য কেছেটৰ লগতে তেখেতে ‘বায়চ্ছিকিয়া’, ‘আঘোণৰ পথাৰতে’, ‘সমন্বয়ৰ সুৰ’ আৰু ‘লামদানি পাথাৰি’ আদি লোকসংগীতৰ শ্রাব্য কেছেটত কণ্ঠ দিয়াৰ লগতে সংগীত পৰিচালনা কৰিছে।

‘ৰাভা লোকগীতৰ সংকলন’, ‘লোক সংস্কৃতিৰ সুৱাস বিচাৰি’, ‘ৰাভা লোক কৃষ্টিৰ বিকাশত কিছু চিন্তা’, ‘লোক কৃষ্টিৰ দাপোনত যেন সমন্বয়ৰ ছবি’ আৰু ‘লোক কৃষ্টিৰ পথাৰে পথাৰে’ আদি গ্ৰন্থৰে তেখেতে অসমৰ সাহিত্য-সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰিছে। ১৯৫৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্ম সুদক্ষ অভিনেত্রী বেবা ফুকনে বর্তমানলৈকে ‘আৱাহন’, ‘কহিনুৰ’, ‘অপূর্ব’, ‘মুকুন্দ’ আদি কেবাটাও ভ্রাম্যমান থিয়েটাৰ আৰু বহু অপেচাদাৰী গোষ্ঠীৰ নাটকত অভিনয়ৰ লগতে ‘ভাৱনা’, ‘আলিদোমোজাত’, ‘মাজ নিশাৰ চিঞৰ’, ‘সৰাপাতত বসন্ত’, আৰু ‘নাৰিকলৰ পিঠা’ আদি নাট পৰিচালনা কৰিছে।

‘এণ্টনী মোৰ নাম’, ‘ৰেলৰ আলিত দুবৰি বন’, ‘জখম’, ‘প্রিয়া অ’ প্রিয়া’, ‘আগ’, ‘কণিকাৰ ৰামধেনু’, ‘মাঘত মামণিৰ বিয়া’, ‘উজনীৰ দুজনী গাভৰু’, ‘মা তুমি অনন্যা’ ইত্যাদি অনেক অসমীয়া কথাছবিত তেখেতে অভিনয় কৰিছে। বিশিষ্ট অভিনেত্রী হীৰা নেওগ ‘অসম ষ্টাৰ থিয়েটাৰ’, ‘আৱাহন’, ‘কহিনুৰ’ আৰু ‘হেঙুল’ আদি ভ্রাম্যমান নাট্যগোষ্ঠীৰ এক পৰিচিত শিল্পী। ‘দেউতা’, ‘মাটিৰ গাড়ী’, ‘শৰাগুৰি চাপৰি’, ‘অসীমত যাৰ হেৰাল সীমা’, ‘বাঘজাল’, ‘ক্লিঅপেট্রা’, ‘আইৰ চকুলো’, ‘শংকৰদেৱ’, ‘কবৰ আৰু কংকাল’, ‘মুখ্যমন্ত্রী’, ‘মৃত্যুঞ্জয়’, ‘মহানদী গংগা’ আদি বহু মঞ্চ নাটকত শিল্পীগৰাকীয়ে অভিনয় কৰিছে। ‘শ্রীমতী মহীমাময়ী’, ‘উপপথ’, ‘শেৱালী’, ‘এই দেশ মোৰ দেশ’, ‘শেষ উপহাৰ’ ‘উজনীৰ দুজনী গাভৰু’, ‘গৰম বতাহ’, ‘মন’, ‘ৰিচাং’ আদি তেখেতে অভিনয় কৰা অসমীয়া চিনেমা। বিশিষ্ট সমাজকর্মী জলেশ্বৰ ব্ৰহ্মৰ জন্ম ১৯৪৫ চনৰ ১ অক্টোবৰত।

ডিমা হাচাও, কার্বি আংলং আৰু বি টি আৰ আদি অঞ্চলত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ অৱসান ঘটাই বিভিন্ন ভাষা-ধৰ্মৰ লোকসকলৰ মাজত একতা স্থাপনত সমাজসেৱীগৰাকীয়ে বিশেষ ভূমিকা গ্রহণ কৰিছিল। তেখেতে বড়ো ভাষাৰ বাবে দেবনাগৰী লিপিৰ প্ৰসাৰৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰি আহিছে। সদৌ অসম ব্রহ্ম ধর্ম সভা, বড়ো সাহিত্য সভা, অসম কল্যাণ আশ্ৰম আৰু অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্রম আদি অনুষ্ঠানৰ জৰিয়তে তেখেতে সমাজৰ হকে সেৱা আগবঢ়াই আহিছে।

Deepika Padukone: ৩৯ বছৰীয়া হ’ল অভিনেত্ৰী দীপিকা পাডুকন, দীপিকা অভিনীত ৬ খন ছবি; যি কেইখন বাৰে বাৰে চালেও হেঁপাহ নপলাই

Deepika Padukone: ৩৯ বছৰীয়া হ'ল অভিনেত্ৰী দীপিকা পাডুকন
Deepika Padukone: ৩৯ বছৰীয়া হ'ল অভিনেত্ৰী দীপিকা পাডুকন

১৯ বছৰ পূৰ্বে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা সুন্দৰী দীপিকা পাডুকনৰ নাম বৰ্তমান ছবি উদ্যোগৰ শীৰ্ষ অভিনেত্ৰীসকলৰ ভিতৰত স্থান। দীপিকাই প্ৰথমখন হিন্দী ছবিৰে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছিল।(Deepika Padukone)যোৱা বছৰ মাতৃ হোৱাৰ পিছত ২০২৫ চনৰ ৫ জানুৱাৰীত দীপিকাই ৩৯ সংখ্যক জন্মদিন পালন কৰিছে। ডেনমাৰ্কত জন্মগ্ৰহণ কৰা দীপিকাই মডেলিঙৰ কাম আৰম্ভ কৰিছিল প্ৰথমে। এই সময়ছোৱাত অনুপম খেৰৰ ফিল্ম একাডেমীৰ পৰা অভিনয়ৰ পাঠ্যক্ৰম কৰি আজি শীৰ্ষ অভিনেত্ৰী হিচাপে পৰিগণিত দীপিকা।(Birthday)

২০০৪ চনত দীপিকাই ফেশ্বন ষ্টাইলিষ্ট আৰু নৃত্য পৰিচালক প্ৰসাদ বিদাপ্পাৰ সৈতে মডেলিং আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ মুম্বাইত সুমিত ভাৰ্মা আৰু ৱেণ্ডেল ৰড্ৰিক্সৰ দৰে ফেশ্বন ডিজাইনাৰসকলৰ সৈতে কাম কৰে। ২০০৬ চনত কানাড়া ছবি ‘ঐশ্বৰ্য’ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰি ২০০৭ চনত শ্বাহৰুখ খানৰ ‘ওম শান্তি ওম’ ছবিৰে বলীউডত অভিষেক ঘটায়। দীপিকাই নিজৰ কঠোৰ পৰিশ্ৰমেৰে উদ্যোগটোত নিজৰ নাম উজলাই তুলিছে। আজি আমি আপোনালোকক তেওঁৰ সেই ৬ খন ছবিৰ বিষয়ে কম, যিকেইখন বাৰে বাৰে চোৱাৰ পিছতো আপোনাৰ আমনি নালাগিব-

চেন্নাই এক্সপ্ৰেছ (২০১৩)- প্ৰথমে ‘চেন্নাই এক্সপ্ৰেছ’ৰ কথা কওঁ। ২০১৩ চনত এই ছবিখনত দীপিকাই সকলোৰে হৃদয় জয় কৰিছিল। ছবিখনত দীপিকা আৰু শ্বাহৰুখ খানৰ চমৎকাৰ কেমেষ্ট্ৰী আজিও অনুৰাগীয়ে ভাল পায়। ছবিখনত দীপিকাই চাউথৰ মীনাম্মাৰ চৰিত্ৰত অভিনয় কৰিছিল।

বাজিৰাও মস্তানী (২০১৫)-‘বাজীৰাও মস্তানী’ৰ নামো দীপিকা পাডুকনৰ শ্ৰেষ্ঠ ছবিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ২০১৫ চনত মুক্তি পোৱা এই ছবিখনত দীপিকাই মস্তানীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ছবি তেওঁৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ অভিনয় বুলি গণ্য কৰা হয়। ছবিখনত তেওঁৰ সৈতে ৰণবীৰ সিং আৰু প্ৰিয়ংকা চোপ্ৰাকো দেখা গৈছিল।

পিকু (২০১৫)-)শ্বুজিত ছিৰকাৰৰ পৰিচালনাত নিৰ্মিত দীপিকা পাডুকনৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ ছবি ‘পিকু’। এই ছবিখনত দীপিকাই বৃদ্ধ পিতৃৰ সেৱাত সমগ্ৰ জীৱন উচৰ্গা কৰা এগৰাকী ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে। বহু ঠাইত এই ছবিখনে আপোনাক হাঁহিৰ লগতে আৱেগিক কৰি তোলে। এই ছবিখনত দীপিকাৰ লগতে অমিতাভ বচ্চন আৰু ইৰফান খানকো দেখা গৈছিল।

তামাছা (২০১৫)- ২০১৫ চনত মুক্তি পোৱা ‘তামাছা’। এই ছবিখনৰ কিবা পৰিচয়ৰ প্ৰয়োজন আছেনে? ইমতিয়াজ আলীৰ এই ক্লাছিক ছবিখনত দীপিকা পাডুকন আৰু ৰণবীৰ কাপুৰৰ সৈতে দেখা গৈছিল। বিশেষকৈ যেতিয়া দুয়োৰে মাজত বিচ্ছেদ হৈছিল। ছবিখনৰ কাহিনী প্ৰেম, আত্ম-আৱিষ্কাৰ আৰু পৰিচয়ৰ ওপৰত আধাৰিত। দীপিকাই তৰাৰ চৰিত্ৰত অভিনয় কৰিছে, যিখন ছবি এতিয়াও দৰ্শকৰ মাজত অতি বিখ্যাত।

পদ্মৱত (২০১৮)- দীপিকাৰ ছবি ‘পদ্মাৱত’ই বক্স অফিচত ৫৮৫ কোটি টকা উপাৰ্জন কৰিছিল। ২০১৮ চনত মুক্তি পোৱা এই ছবিখনত দীপিকাই নিজৰ উজ্জ্বল অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিছিল। আজিও এই ছবিখনে দৰ্শকক আপ্লুত কৰিছে।

২০২০ চনত মুক্তি পোৱা ‘ছাপাক’ ছবিখন পৰিচালনা কৰিছিল মেঘনা গুলজাৰে। এই ছবিখনত দীপিকাই এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ চৰিত্ৰত অভিনয় কৰিছিল। দীপিকাৰ লুকটো ছবিখনৰ লক্ষ্মীৰ দৰেই দেখা গৈছে। এই ছবিখন দীপিকাৰ বলিষ্ঠ চৰিত্ৰত অভিনয় কৰা কেইখনমান ছবিৰ ভিতৰত অন্যতম। যদিও ছবিখনে বক্স অফিচত ভাল ফলাফল দেখুৱাব পৰা নাছিল, পিছলৈ ছবিখনে সমাদৰ লাভ কৰিছিল।

Yuzvendra-Dhanashree Divorce: বৈবাহিক জীৱনৰ অন্ত পৰিব নেকি ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ? যুজবেন্দ্ৰ-ধনশ্ৰীৰ বিবাহ বিচ্ছেদৰ খবৰ চৰ্চাত!

Yuzvendra-Dhanashree Divorce: বৈবাহিক জীৱনৰ অন্ত পৰিব নেকি ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ
Yuzvendra-Dhanashree Divorce: বৈবাহিক জীৱনৰ অন্ত পৰিব নেকি ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ

যোৱা বছৰ নাটাছা ষ্টানকভিচ আৰু হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদৰ পিছত এতিয়া ২০২৫ চনৰ আৰম্ভণিতে ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ পত্নী ধনশ্ৰী ভাৰ্মা বিবাহ বিচ্ছেদৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে।যুজবেন্দ্ৰ-ধনশ্ৰী দুয়োজনে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰিছে।(Yuzvendra-Dhanashree) এনে পৰিস্থিতিত ধনশ্ৰী ভাৰ্মা কোন আৰু কি কৰে সেই কথা জানিবলৈ অনুৰাগীসকল অতি কৌতুহলী। জানো আহক ধনশ্ৰী ভাৰ্মা কোন, তেওঁৰ সম্পত্তি আদি নানা কথা-(Divorce)

যোৱা বছৰ ২০২৪ চনত নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদ হৈছিল আৰু এইবাৰৰ আৰম্ভণি হৈছে ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ পত্নী ধনশ্ৰী ভাৰ্মাৰ বিবাহ বিচ্ছেদৰ খবৰ। অৱশ্যে এই বিচ্ছেদৰ খবৰক লৈ যুজবেন্দ্ৰ-ধনশ্ৰীৰ কোনো প্ৰতিক্ৰিয়া নাই।

ধনশ্ৰী ভাৰ্মা আৰু যুজবেন্দ্ৰ চাহালৰ প্ৰথম সাক্ষাৎ ২০২০ চনত Covid-19 লকডাউনৰ সময়ত। যুজবেন্দ্ৰই নৃত্য শিকিবলৈ ধনশ্ৰীৰ সৈতে যোগাযোগ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ বন্ধুত্ব আৰম্ভ হৈছিল। দুয়োজনে কেইমাহমান ডেটিং কৰিছিল আৰু তাৰ পিছত ২০২০ চনৰ আগষ্ট মাহত এংগেজমেণ্ট হৈছিল। ইয়াৰ পিছত ২০২০ চনৰ ১১ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হয়। অৱশ্যে এতিয়া তেওঁলোকৰ অনুৰাগীসকলে অলপ হতাশ অনুভৱ কৰিছে কিয়নো তেওঁলোকে বিবাহৰ ৪ বছৰৰ পিছত পৃথক হ’ব বুলি চৰ্চা হৈছে। বৰ্তমানলৈকে এই খবৰসমূহ নিশ্চিত নহয়।

ধনশ্ৰী ভাৰ্মা এগৰাকী অতি ভাল নৃত্যশিল্পীৰ লগতে এগৰাকী নৃত্য পৰিচালক। ইয়াৰ উপৰিও তেওঁ এজন সুপৰিচিত দন্ত চিকিৎসক। টিভিৰ বিখ্যাত নৃত্য ৰিয়েলিটি শ্ব’ ‘ঝলক দিখলা জা ১১’ৰ অংশ হিচাপেও অংশগ্ৰহণ কৰিছে তেওঁ। য’ত ধনশ্ৰীয়ে নিজৰ নৃত্যৰে দৰ্শকৰ লগতে শ্ব’টোৰ বিচাৰকসকলৰ হৃদয় জয় কৰিছিল। এই শ্ব’টোত তেওঁ ফাইনেললৈকে গৈছিল যদিও, বিজয়ী হ’ব নোৱাৰিলে। কিন্তু নৃত্যৰে ৰাইজৰ হৃদয় জয় কৰি সুনাম আৰু খ্যাতি অৰ্জন কৰিলে।

ইয়াৰ উপৰিও ধনশ্ৰী এগৰাকী সুপৰিচিত ইউটিউবাৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছ’চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থকা ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰী ভাৰ্মাও ইউটিউবত যথেষ্ট জনপ্ৰিয়। য’ত তেওঁৰ ইনষ্টাগ্ৰামত ৬০ লাখতকৈ অধিক ফ’ল’ৱাৰ আছে। একে সময়তে তেওঁৰ ইউটিউব চেনেলতো ২৫ লাখতকৈ অধিক অনুৰাগী আছে। য’ত তেওঁ নিজৰ ব্যক্তিগত লগতে পেছাদাৰী জীৱনৰ সৈতে জড়িত তথ্যৰ ভিডিঅ’ শ্বেয়াৰ কৰি থাকে। নৃত্যৰ বাবেই ধনশ্ৰীয়ে নিজৰ পৰিচয় আৰু জনপ্ৰিয়তা অৰ্জন কৰিছে।

কেৱল এয়াই নহয়, ধনশ্ৰীয়ে নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কোটি কোটি টকাৰ সম্পত্তিগৰাকীৰ হৈছে। কেৱল এগৰাকী উৎকৃষ্ট নৃত্যশিল্পীয়েই নহয়, তেওঁৰ সৌন্দৰ্য্যৰ বাবেও পৰিচিত। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩০ লাখ ডলাৰ অৰ্থাৎ ২৫ কোটি টকা বুলি কোৱা হৈছে। ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ পত্নী হিচাপেও মানুহে চিনি পায়। ধনশ্ৰীয়ে ইউটিউব চেনেল, ইনষ্টাগ্ৰাম, ব্ৰেণ্ড এণ্ডাৰছমেণ্ট আৰু কোৰিঅ’গ্ৰাফীৰ পৰা ভাল উপাৰ্জন কৰে। শীঘ্ৰেই এখন তেলেগু ছবিতো দেখা যাব ধনশ্ৰীক।

এক বাতৰি অনুসৰি ধনশ্ৰী ভাৰ্মা আৰু যুজবেন্দ্ৰ চাহালৰ ঘনিষ্ঠ ব্যক্তিয়ে তেওঁলোকৰ বিবাহ বিচ্ছেদ নিশ্চিত বুলি কৈছে। এই খবৰৰ আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই। ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে আৰু অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰিব। তেওঁলোকৰ বিচ্ছেদৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও দুয়োজনে যে বেলেগ বেলেগ ধৰণেৰে জীৱনটোক আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছে সেয়া নিশ্চিত। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰ বৰ্তমানো নিশ্চিত নহয়।

Fridge: আপুনিও এনে ভূল কৰিছে নেকি? এই ৪ বিধ খাদ্য ফ্ৰীজত ৰখাৰ লগে লগে হৈ পৰে বিষাক্ত…

Fridge: আপুনিও এনে ভূল কৰিছে নেকি?
Fridge: আপুনিও এনে ভূল কৰিছে নেকি?

পাকঘৰত খাদ্য পচিব নোৱাৰাকৈ প্ৰায় প্ৰতিখন ঘৰতে ফ্ৰীজ ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে যে খাদ্যৰ অপচয় হ্ৰাস কৰা এই ফ্ৰীজটোৱে আপোনাৰ স্বাস্থ্যও বিপদত পেলাব পাৰে? হয়, আপুনি ঠিকেই পঢ়িছে, আজি আমি আপোনালোকক এনে কিছুমান খাদ্যৰ বিষয়ে কম, যিবোৰ ফ্ৰীজত জমা কৰিলে বিষাক্ত হৈ পৰে আৰু কেন্সাৰৰ দৰে ৰোগ সৃষ্টি কৰে।(Fridge)

নহৰুঃ বাকলি গুচাই নহৰু ফ্ৰীজত ৰাখিব নালাগে। ইয়াৰ ফলত সোনকালে নহৰু বেয়া হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত কেন্সাৰ হোৱাৰ আশংকা থাকে। ইয়াৰ উপৰিও নহৰু ফ্ৰীজত ৰাখিলে ইয়াৰ সোৱাদ আৰু পুষ্টিকৰ উপাদানৰ ক্ষতি হয়। নহৰু সংৰক্ষণৰ আটাইতকৈ উত্তম উপায় হ’ল ফ্ৰীজৰ বাহিৰত ঠাণ্ডা আৰু শুকান ঠাইত ৰখা।

পিঁয়াজঃ পিয়াঁজ কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে, কাৰণ কম উষ্ণতাৰ ফলত পিঁয়াজৰ ষ্টাৰচ চেনিলৈ ৰূপান্তৰিত হয় আৰু তাত ছাই গজিবলৈ আৰম্ভ কৰে। গতিকে পিয়াঁজ সদায় ঠাণ্ডা, শুকান আৰু আন্ধাৰ ঠাইত ৰাখিব লাগে।

আদা

বেছিভাগ মানুহেই আদা সতেজ কৰি ৰাখিবলৈ ফ্ৰীজত ৰাখে। কিন্তু বিশেষজ্ঞসকলৰ মতে এনে কৰিলে আদাত ভেঁকুৰৰ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলত বৃক্ক আৰু যকৃতৰ ক্ষতি হ’ব পাৰে। গতিকে ফ্ৰীজত ৰাখিব নালাগে আদা।

ভাতঃ সিজোৱা ভাত ২৪ ঘন্টাতকৈ অধিক সময় ফ্ৰীজত ৰাখিলে বিষাক্ত হৈ পৰে। লগতে ভাত পুনৰ গৰম কৰাৰ সময়ত সদায় পৰীক্ষা কৰক যে সম্পূৰ্ণ গৰম হৈছে নে নাই।

খাদ্য কেনেকৈ ফ্ৰীজত ৰাখিব লাগে-

বিশেষজ্ঞসকলৰ মতে খাদ্য স্বাস্থ্যসন্মতভাৱে ৰখাৰ বাবে কিছুমান মৌলিক নিয়ম মানি চলাটো অতি প্ৰয়োজনীয়। ইয়াৰ ভিতৰত মূলতঃ বাকী থকাখিনি লিক-প্ৰুফ, পৰিষ্কাৰ পাত্ৰ বা ৰেপত ৰখা, বাকী থকাখিনি ৰন্ধা দুঘণ্টাৰ ভিতৰত ফ্ৰীজত ৰখা, আৰু গৰম খাদ্য সংৰক্ষণ কৰাৰ আগতে ঠাণ্ডা হ’বলৈ দিয়া আদি অন্তৰ্ভুক্ত।

Delhi: বিদ্যালয়ৰ সন্মুখতেই ১৪ বছৰীয়া ছাত্ৰক হানি-খুচি হত্যা। কিন্তু কোনে, জানিলে আচৰিত হ’ব!

Delhi: বিদ্যালয়ৰ সন্মুখতেই ১৪ বছৰীয়া ছাত্ৰক হানি-খুচি হত্যা
Delhi: বিদ্যালয়ৰ সন্মুখতেই ১৪ বছৰীয়া ছাত্ৰক হানি-খুচি হত্যা

বিদ্যালয় ছুটীৰ পাছতেই জঘন্য কাণ্ড সংঘটিত হৈছে। বিদ্যালয়ৰ সন্মুখতেই ১৪ বছৰীয়া ছাত্ৰক হত্যা সহপাঠীৰ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য।(Delhi) শুকুৰবাৰে দিল্লীৰ এখন বিদ্যালয়ত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে ঘটনাৰে জড়িত নাবালককে ধৰি মুঠ ৭ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে পাঁচজন নাবালক, আটাইকেইজনেই দিল্লীৰ শকৰপুৰ অঞ্চলৰ বাসিন্দা। জানিব পৰা মতে কিছুদিনৰ পৰা দুয়োৰে মাজত বাত-বিতণ্ডাৰ সুত্ৰপাত হৈছিল। তাৰেই ফলস্বৰূপে এই নিৰ্মম হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। শুকুৰবাৰে বিয়লি ৰয়েল সৰ্বোদয় বাল বিদ্যালয়ৰ সন্মুখত ১৪ বছৰীয়া ইশু গুপ্তা নামৰ ছাত্ৰজনক সহপাঠী কৃষ্ণই একাংশ লোকৰ সহায়ত নিৰ্মমভাৱে হত্যা কৰিলে।

আৰক্ষীৰ মতে, শুকুৰবাৰে দিল্লীৰ সেই বিদ্যালয়খনত অতিৰিক্ত পাঠদান চলি আছিল। ইশু আৰু কৃষ্ণ দুয়োজনেই সেই সময়ত শ্ৰেণীকোঠাতেই আছিল। পাঠদান চলি থকাৰ মাজতেই দুয়োৰে মাজত আৰম্ভ হৈছিল কাজিয়াৰ। ইজনে সিজনৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হ’ল। ক্লাছৰ কিছু মুহূৰ্তৰ ভিতৰতে বিষয়টো সমাধান হ’ল যদিও কৃষ্ণই নিজৰ ক্ৰোধ দমাই ৰায়কিব নোৱাৰিলে। পাঠদান শেষ হোৱাৰ লগে লগেই ইশুক কৃষ্ণই আন কেইজনমান ছাত্ৰৰ সহায়ত আগুচি ধৰি এই জঘন্য কাণ্ড সংঘটিত কৰিলে। প্ৰথমে ইশুৰ ভৰিত চোকা অস্ত্ৰৰে আঘাত কৰে। ইয়াৰ পিছত শৰীৰৰ একাধিক অংশত উপৰ্যুপৰি আক্ৰমণ কৰা হয়। লগে লগেই বিদ্যালয় কৰ্তৃপক্ষই ইশুক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে ইশুক মৃত বুলি ঘোষণা কৰে।

তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বিদ্যালয় চৌহদৰ পৰা মূল অভিযুক্তকে ধৰি মুঠ ৭ জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা বাকী দুজনৰ ভিতৰত এজনৰ বয়স ১৯ বছৰ আৰু আনজনৰ বয়স ৩১ বছৰ। অভিযুক্তৰ সৈতে তেওঁলোকৰ কি সম্পৰ্ক, হত্যাকাণ্ডৰ সময়ত তেওঁলোকৰ ভূমিকা কি আছিল, সেইয়া তদন্তৰ পাছতহে জানিব পৰা যাব। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলক জেৰা অব্যাহত ৰাখিছে। মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Journalist Murder: ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ

Journalist Murder: ১২০ কোটিৰ "দুৰ্নীতি" ফাদিল!
Journalist Murder: ১২০ কোটিৰ "দুৰ্নীতি" ফাদিল!

দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰাই কাল হ’ল এজন যুৱ সাংবাদিকৰ বাবে। ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল কৰাৰ পাছতেই উদ্ধাৰ হ’ল বাতৰি প্ৰকাশ কৰা সাংবাদিকৰ নিথৰ দেহ।(Journalist Murder) বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ ঘটনা ছত্তিছগড়ৰ। মুকেশ চন্দ্ৰকাৰ (২৮) নাম সাংবাদিকজনে কোটিটকীয়া পথ প্ৰকল্পৰ দুৰ্নীতিৰ বিষয়ে কেইবাটাও বাতৰি প্ৰকাশ কৰিছিল। এই প্ৰকল্পত দুৰ্নীতি কেনেকৈ হৈছে, দুৰ্নীতিৰ মুৰব্বী কোন আদিকে ধৰি ইটোৰ পিছত সিটো তথ্য জনসাধাৰণৰ মাজলৈ লৈ আনিছিল সাংবাদিক মুকেশে। এই দুৰ্নীতিৰ তালিকাত নাম সাঙোৰ খাইছিল ঠিকাদাৰ সুৰেশ চন্দ্ৰশেখৰৰ। জনিব পৰা মতে, দুৰ্নীতিৰ খবৰ পোহৰলৈ অহাৰ লগে লগে প্ৰশাসনেও ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিছিল।(Chhattisgarh)

ইয়াৰ পাছতেই ঠিকাদাৰ সুৰেশ আৰু আন তিনিজনৰ পৰা মুকেশ আৰু তেওঁৰ পৰিয়ালৰ লোকলৈ আহিছিল ইটোৰ পাছত সিটোকৈ ভয়-ভাবুকি। ১ জানুৱাৰীত সন্ধানহীন হৈছিল বিজাপুৰৰ সাংবাদিক মুকেশ। মুকেশৰ ভাতৃও আছিল এজন সাংবাদিক। মুকেশ নিৰুদ্দেশ হোৱাৰ পিছতেই আৰক্ষীৰ কাষ চাপিছিল পৰিয়ালৰ লোক, দাখিল কৰিছিল এজাহাৰ। আৰক্ষীৰ তথ্য অনুসৰি, প্ৰথম অৱস্থাত মুকেশক নিৰ্মমভাৱে হত্যা কৰা হৈছিল আৰু তাৰ পাছতেই চেপ্টিক টেংকত পেলাই থৈ দিয়া হৈছিল মুকেশৰ মজত শৰীৰ।

বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ যাদৱে জনোৱা মতে, যুৱ সাংবাদিক মুকেশৰ মৃতদেহত একাধিক আঘাতৰ চিন স্পষ্টভৱে পোৱা গৈছে। আৰক্ষীয়ে মোবাইল ফোনটোৰ স্থান চিনাক্ত কৰি ঠিকাদাৰ সুৰেশৰ ঘৰৰ চেপ্টিক টেংকৰ পৰা মুকেশৰ মৃতদেহ উদ্ধাৰ কৰে। মূলতঃ সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইখনেই ঠিকাদাৰৰ শ্ৰমিকৰ বাসস্থান। সেই শ্ৰমিক আৰু ঠিকাদাৰকো আৰক্ষীয়ে চলাইছে জেৰা। ঘটনাৰে জড়িত তিনিজন ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। তদুপৰি মুকেশে “বস্তৰ জংচন” নামৰ এটা ইউটিউব চেনেল খুলি সেই চেনেলৰ জৰিয়তে বিভিন্ন খবৰ ৰাইজ মাজলৈ লৈ গৈছিল। মুকেশৰ ইউটিউব চেনেলৰ ডেৰ লাখ চাবস্ক্ৰাইবাৰ। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে হায়দৰাবাদৰ পৰা ঠিকাদাৰ সুৰেশক গ্ৰেপ্তাৰ কৰে। ৰিতেশ নামৰ আন এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও মুকেশৰ মৃতদেহ লুকুৱাই থোৱাত সহায় কৰা ঠিকাদাৰৰ এজন শ্ৰমিককো আটক কৰে আৰক্ষীয়ে।

মুখ্যমন্ত্রী বিষ্ণুদেও যুৱ সাংবাদিক মুকেশৰ মৃত্যুত শোক প্রকাশ কৰে৷ তদুপৰি ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে। স্থানীয় সূত্ৰ অনুসৰি ঠিকাদাৰ সুৰেশৰ বস্তৰত যথেষ্ট প্ৰভাৱ আছে। তেওঁৰ বিৰুদ্ধে কথা ক’বলৈ কোনেও সাহস নকৰে। ঠিকাদাৰৰ বিৰুদ্ধে তেওঁৰ দুৰ্নীতি ধৰা পৰা সাংবাদিকক হাৰাশাস্তি আনকি হত্যাৰ ভাবুকিও দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে।

Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ গ্ৰন্থ

Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ গ্ৰন্থ
Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ গ্ৰন্থ

গুৱাহাটী,৪ জানুৱাৰীঃ Assam Book Fair । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে খানাপাৰস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে নতুন অভিলেখ গঢ়াৰ আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ৷ আজিলৈ ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় ৫কোটি ১০লাখ টকাৰ গ্ৰন্থ ক্ৰয় কৰা বুলি উদ্যোক্তাসকলে সদৰী কৰিছে ৷ ইপিনে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আজি ৪ জানুৱাৰীৰ দিনা গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্যালয়ত উন্মোচন কৰে “ৰেইনচফ্‌ট এডভাৰটাইজিঙ”ৰ “উৎপল-ধনজিৎ কেলেণ্ডাৰ”।


প্ৰসিদ্ধ কথা-শিল্পী প্ৰয়াত হোমেন বৰগোহাঞিৰ ছবিৰে সূচনা কৰা ৰেইনচফ্‌টৰ বহুল জনপ্ৰিয় “উৎপল -ধনজিৎ” বাৰ্ষিক কেলেণ্ডাৰে ১৬ বছৰ অতিক্ৰম কৰিলে ৷ এইবেলি অৰ্থাৎ ২০২৫ খ্ৰীষ্টিয় বৰ্ষত এই কেলেণ্ডাৰখনৰ সোতৰ বছৰীয়া সংস্কৰণত স্থান লাভ কৰিছে ধেমাজি জিলাৰ অসম-অৰুণাচলৰ সুবাসীত গৃহহাৰা,পিতৃ-মাতৃহাৰা কিম্বা দিব্যাংগসকলক শিক্ষাদানৰ বাবে স্থাপিত “বিদ্যা দ্যা লিভিং স্কুল” নামৰ এখন ব্যতিক্রমী বিদ্যালয়ে ৷এই বিদ্যালয় প্ৰতিষ্ঠা কৰি অসমৰ শিক্ষাজগতত অন্য এক মাত্ৰা প্ৰদান কৰিছে ড° প্রাঞ্জল বুঢ়াগোহাঁয়ে । আজি আয়োজিত অসম গ্রন্থমেলাত কেলেণ্ডাৰখন উন্মোচন কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৷

তেওঁ কয় যে—“বিদ্যা দ্যা লিভিং স্কুলক এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান বুলি কোৱা হৈছে ৷ কিন্তু মোৰ বোধেৰে এয়াই সাম্প্ৰতিক শিক্ষা পদ্ধতিৰ শুদ্ধ পথ ৷ এই পদ্ধতি দৰাচলতে ব্যতিক্ৰম হৈ থকা নাই ৷ বাহিৰৰ বিভিন্ন স্থানত এনে বিদ্যায়তনিক অনুষ্ঠান গঢ়ি উঠিছে ৷ অসমত এই কামটো প্ৰথমতে কৰি বাট দেখুৱাইছে ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে ৷” তেওঁ লগতে কয় যে আধুনিক শিক্ষাৰ নামত ব্ৰিটিছে জাপি থৈ যোৱা শিক্ষাৰে বহুলোক মূলৰ পৰা বিছিন্ন হৈছিল ৷ এনে মানৱ সম্পদ বাহিৰলৈ ওলাই যোৱাৰ পাছত, নাইবা বাহিৰলৈ মগজুৰ সোঁত বোৱাৰ ফলত আমি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছোঁ ৷ গতিকে বিদ্যা দ্যা লিভিং স্কুলৰ দৰে পদ্ধতিলৈ আমি যাবই লাগিব , য’ত আমাৰ সমাজ-জীৱনৰ সকলো প্ৰয়োজনীয় শিক্ষাৰে আমাৰ ভৱিষ্যৎ প্ৰজন্ম গঢ় লৈ উঠিব ৷

বিদ্যা দ্যা লিভিং স্কুলক প্ৰকাশন আৰু ডিজাইনিং প্ৰতিষ্ঠান ৰেইনচফ্‌টে তেওঁলোকৰ জনপ্ৰিয় “উৎপল-ধনজিৎ” বাৰ্ষিক কেলেণ্ডাৰৰ বিষয় হিচাপে লৈও অন্য এক নিদৰ্শন দাঙি ধৰিলে ৷ ইয়াত অংশগ্ৰহণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছস্থিত চেম হিউস্টন ষ্টেট ইউনিভাৰ্চিটিৰ অৰ্থনীতি আৰু আন্তৰ্জাতিক বাণিজ্য বিভাগৰ অধ্যাপক ডঃ হিৰণ্য নাথে কয় যে মূল্যবোধৰ শিক্ষাদান বৰ্তমান সময়ৰ অতি গুৰুত্বপূৰ্ণ কাম ৷ বিদ্যা দ্যা লিভিং স্কুলে সেই পথ মুকলি কৰি দিছে ৷ অনাগত সময়ত এই ব্যৱস্থাক নিশ্চয় সকলোৱে আদৰি ল’ব আৰু এয়া সকলোৰে বাবে উপযোগী হ’ব ৷ বিদ্যা দ্যা লিভিং স্কুলক লৈ প্ৰকাশন আৰু ডিজাইনিং প্ৰতিষ্ঠান ৰেইনচফ্‌টৰ পদক্ষেপ আদৰণীয় ।

বিদ্যা দ্যা লিভিং স্কুলৰ প্ৰতিষ্ঠাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে এই স্কুল প্ৰতিষ্ঠা কৰাটো এক প্ৰত্যাহ্বান ৷ কাৰণ গৃহহাৰা, পিতৃ-মাতৃহাৰা, দিব্যাংগসকলক লৈ এনে এখন বিদ্যালয় ধেমাজিৰ অসম-অৰুণাচল সীমান্তৰ সুবাসীত স্থাপন কৰাটো সহজ কাম নাছিল ৷ সকলোৰে সহযোগিতাৰ বাবে এয়া সম্ভৱ হৈছে ৷ ভৱিষ্যতলৈও সকলোৰে সহযোগিতা কামনা কৰিছোঁ ৷ অনুষ্ঠানৰ আঁত ধৰে আবৃত্তিকাৰ অৱণী বৰাই ৷ এই অনুষ্ঠানতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উন্মোচন কৰে “অসম বুক হাইভ”-এ প্ৰকাশ কৰা ড° কন্দৰ্প কুমাৰ শৰ্মাৰ “ছেমিকণ্ডাকণ্ডাক্টৰ বা অৰ্ধপৰিবাহীৰ অ আ ক খ” শীৰ্ষক গ্ৰন্থখন ৷ এই গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ ৰাইজক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী ডাঃ পেগুৱে ৷

এই সভাত অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাৰ লগতে ভালে কেইগৰাকী লেখক-সাহিত্যিক, বিশিষ্ট ব্যক্তিয়ে ৷ ইপিনে আজি বিয়লি শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় প্ৰাণ্‌জিৎ বৰাৰ “তাইৰ মুখখনৰ ক’ৰবাত কুঁৱলী আৰু অন্যান্য কবিতা” শীৰ্ষক কাব্যপুথি আৰু “অসমীয়া কাব্য সংকলনৰ নিৰ্বাচিত পাতনি” শীৰ্ষক গ্ৰন্থখন ৷ উল্লেখ্য যে “তাইৰ মুখখনৰ ক’ৰবাত কুঁৱলী আৰু অন্যান্য কবিতা” শীৰ্ষক কাব্যপুথিখনত সন্নিৱিষ্ট হৈছে বৰাই নিজে কৰা কবিতাসমূহৰ ইংৰাজী অনুবাদ ৷ আনহাতে “অসমীয়া কাব্য সংকলনৰ নিৰ্বাচিত পাতনি” শীৰ্ষক গ্ৰন্থখন এই বিষয়ক প্ৰথম অসমীয়া কিতাপ ৷ সভাখনত একেলগে উন্মোচিত হয় ড° জোনালী পাটোৱাৰী বৰাৰ কাব্য সংকলন “মাজ নিশাৰ কথকতা” আৰু অনুবাদ গল্প সংকলন “পদ্মকন্যা আৰু অন্যান্য গল্প” ৷

গ্ৰন্থ কেইখন উন্মোচন কৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰদীপ খাটনিয়াৰ, বিশিষ্ট গল্পকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়া, বিশিষ্ট কবি অনুভৱ তুলসী, প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰী, প্ৰসিদ্ধ সত্ৰীয়া শিল্পী অতুল ভূঞা, বিশিষ্ট চিত্ৰ শিল্পী সঞ্জীৱ বৰাই ৷ অনুষ্ঠানটি পৰিচালনা কৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷ ইপিনে আজি গ্ৰন্থমেলাৰ বাকৰিত বিশিষ্ট কবি মীৰা ঠাকুৰৰ সোঁৱৰণত অনুষ্ঠিত হয় মহিলাসকলৰ বিশেষ অনুষ্ঠান ৷ বিশিষ্ট সমাজসেৱী ৰাণী গোহাঁয়ে এই অনুষ্ঠানটি পৰিচালনা কৰে ৷ আনহাতে কবি-লেখিকা মন্দিৰা গগৈয়ে পৰিচালনা কৰা “শব্দ-শিল্প-আড্ডা” শীৰ্ষক আকৰ্ষণীয় অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ৰবিজিতা গগৈ, প্ৰণয় বৰদলৈ, অপু ভৰদ্বাজ, হেমন্ত কুমাৰ দাস, ৰুবু বৰা আদি নাটক, সাহিত্য, প্ৰশাসন, সাংবাদিকতা আদি ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলে ৷ উল্লেখ্য যে কালি গ্ৰন্থমেলাৰ বাকৰিত উন্মোচিত হয় ডাঃ নমিতা বৈশ্যৰ “হিটলাৰৰ শেষ ২৪ ঘন্টা” শীৰ্ষক গল্প সংকলনখনো ৷ এই উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক-কবি ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, কুলধৰ শইকীয়া, ডাঃ অপূৰ্ব কুমাৰ শইকীয়া, নীলিম কুমাৰ, গীতালি বৰা, মীনাক্ষি বৰুৱা, পংকজ প্ৰতীপ বৰদলৈ,উৎপল বাদল বৰুৱা, ভাস্কৰজ্যোতি বৰুৱা, হিমাংশু ভাগৱতী, সৃঞ্জনা শৰ্মাই ৷

Journalist । ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ

১২০ কোটিৰ "দুৰ্নীতি" ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ
১২০ কোটিৰ "দুৰ্নীতি" ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ

৪ জানুৱাৰী, ২০২৫ঃ Journalist । দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰাই কাল হ’ল এজন যুৱ সাংবাদিকৰ বাবে। ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল কৰাৰ পাছতেই উদ্ধাৰ হ’ল বাতৰি প্ৰকাশ কৰা সাংবাদিকৰ নিথৰ দেহ। ঘটনা ছত্তিছগড়ৰ। মুকেশ চন্দ্ৰকাৰ (২৮) নাম সাংবাদিকজনে কোটিটকীয়া পথ প্ৰকল্পৰ দুৰ্নীতিৰ বিষয়ে কেইবাটাও বাতৰি প্ৰকাশ কৰিছিল। এই প্ৰকল্পত দুৰ্নীতি কেনেকৈ হৈছে, দুৰ্নীতিৰ মুৰব্বী কোন আদিকে ধৰি ইটোৰ পিছত সিটো তথ্য জনসাধাৰণৰ মাজলৈ লৈ আনিছিল সাংবাদিক মুকেশে। এই দুৰ্নীতিৰ তালিকাত নাম সাঙোৰ খাইছিল ঠিকাদাৰ সুৰেশ চন্দ্ৰশেখৰৰ। জনিব পৰা মতে, দুৰ্নীতিৰ খবৰ পোহৰলৈ অহাৰ লগে লগে প্ৰশাসনেও ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিছিল।

ইয়াৰ পাছতেই ঠিকাদাৰ সুৰেশ আৰু আন তিনিজনৰ পৰা মুকেশ আৰু তেওঁৰ পৰিয়ালৰ লোকলৈ আহিছিল ইটোৰ পাছত সিটোকৈ ভয়-ভাবুকি। ১ জানুৱাৰীত সন্ধানহীন হৈছিল বিজাপুৰৰ সাংবাদিক মুকেশ। মুকেশৰ ভাতৃও আছিল এজন সাংবাদিক। মুকেশ নিৰুদ্দেশ হোৱাৰ পিছতেই আৰক্ষীৰ কাষ চাপিছিল পৰিয়ালৰ লোক, দাখিল কৰিছিল এজাহাৰ। আৰক্ষীৰ তথ্য অনুসৰি, প্ৰথম অৱস্থাত মুকেশক নিৰ্মমভাৱে হত্যা কৰা হৈছিল আৰু তাৰ পাছতেই চেপ্টিক টেংকত পেলাই থৈ দিয়া হৈছিল মুকেশৰ মজত শৰীৰ।

বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ যাদৱে জনোৱা মতে, যুৱ সাংবাদিক মুকেশৰ মৃতদেহত একাধিক আঘাতৰ চিন স্পষ্টভৱে পোৱা গৈছে। আৰক্ষীয়ে মোবাইল ফোনটোৰ স্থান চিনাক্ত কৰি ঠিকাদাৰ সুৰেশৰ ঘৰৰ চেপ্টিক টেংকৰ পৰা মুকেশৰ মৃতদেহ উদ্ধাৰ কৰে। মূলতঃ সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইখনেই ঠিকাদাৰৰ শ্ৰমিকৰ বাসস্থান। সেই শ্ৰমিক আৰু ঠিকাদাৰকো আৰক্ষীয়ে চলাইছে জেৰা। ঘটনাৰে জড়িত তিনিজন ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। তদুপৰি মুকেশে “বস্তৰ জংচন” নামৰ এটা ইউটিউব চেনেল খুলি সেই চেনেলৰ জৰিয়তে বিভিন্ন খবৰ ৰাইজ মাজলৈ লৈ গৈছিল। মুকেশৰ ইউটিউব চেনেলৰ ডেৰ লাখ চাবস্ক্ৰাইবাৰ। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে হায়দৰাবাদৰ পৰা ঠিকাদাৰ সুৰেশক গ্ৰেপ্তাৰ কৰে। ৰিতেশ নামৰ আন এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও মুকেশৰ মৃতদেহ লুকুৱাই থোৱাত সহায় কৰা ঠিকাদাৰৰ এজন শ্ৰমিককো আটক কৰে আৰক্ষীয়ে।

মুখ্যমন্ত্রী বিষ্ণুদেও যুৱ সাংবাদিক মুকেশৰ মৃত্যুত শোক প্রকাশ কৰে৷ তদুপৰি ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে। স্থানীয় সূত্ৰ অনুসৰি ঠিকাদাৰ সুৰেশৰ বস্তৰত যথেষ্ট প্ৰভাৱ আছে। তেওঁৰ বিৰুদ্ধে কথা ক’বলৈ কোনেও সাহস নকৰে। ঠিকাদাৰৰ বিৰুদ্ধে তেওঁৰ দুৰ্নীতি ধৰা পৰা সাংবাদিকক হাৰাশাস্তি আনকি হত্যাৰ ভাবুকিও দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে।