Home Blog Page 394

New Year: নৱবৰ্ষত ত্যাগ কৰক এইকেইটা বদঅভ্যাস

New Year: নৱবৰ্ষত ত্যাগ কৰক এইকেইটা বদঅভ্যাস
New Year: নৱবৰ্ষত ত্যাগ কৰক এইকেইটা বদঅভ্যাস

নিজকে সুস্থ সৱল কৰি ৰাখিবলৈ কোনেনো নিবিচাৰে। সকলোৱে নিজকে স্ৱাস্থ্যৱান কৰি ৰাখিবলৈ যতন কৰে কিন্তু তাৰ মাজতেই দৈনন্দিন জীৱনত জানি শুনিও একোংশই কিছুমান বেয়া অভ্যাস গঢ়ি তোলা দেখিবলৈ পোৱা যায় যিবোৰ স্বাস্থ্যৰ প্ৰতি অতিকৈ হানিকাৰক।(New Year)

নতুন বছৰে কঢ়িয়াই আনে নতুন আৰম্ভণিৰ বাৰ্তা, আৰু এইটোৱেই হৈছে নিজকে উন্নত কৰাৰ উপযুক্ত সময়। আমাৰ বেছিভাগেই উন্নত স্বাস্থ্যৰ বাবে নতুন পৰিকল্পনা কৰে, কিন্তু প্ৰায়ে সঠিক খাদ্যাভ্যাসক আওকাণ কৰোঁ । যদি আপুনিও ২০২৫ চনত নিজকে সুস্থ তথা শক্তিশালী হিচাপে গঢ়ি তুলিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাসত কৰক এই ৩টা পৰিৱৰ্তন-

১) জাংক ফুডক দিয়ক বিদায়

জাংক ফুড সেৱন আজিৰ দিনত এক সাধাৰণ কথা হৈ পৰিছে। খাবলৈ সোৱাদযুক্ত হ’লেও এনে খাদ্য আপোনাৰ বাবে হৈ পৰিব পাৰে অতিকৈ মাৰাত্মক। কিয়নো পুষ্টিকৰ উপাদান বুলি ক’বলৈ জাংক ফুডত একোৱেই নাথাকে। এইবোৰত থকা অতিৰিক্ত চেনি, ট্ৰান্স ফেট আৰু ছডিয়ামে আমাৰ শৰীৰত মেদবহুলতা, ডায়েবেটিছ আৰু হৃদৰোগৰ সৃষ্টি কৰে । নতুন বছৰত বাহিৰৰ পৰা ভজা আৰু প্ৰচেছড খাদ্য খোৱা কম কৰিবলৈ চেষ্টা কৰক। তাৰ পৰিৱৰ্তে সুষম ঘৰতে বনোৱা খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক।

২) উপযুক্ত পৰিমাণে পানী খাওক

পানী আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজন বুলি আমি সকলোৱে জানো। কিন্তু তৎস্বত্ত্বেও আমাৰ মাজৰ একোংশই পৰ্যাপ্ত পৰিমাণে পানী নাখায়, যাৰ ফলত শৰীৰটো ডিহাইড্ৰেচনত ভুগে। পানীয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত সহায় কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু ছালখনক উজ্জ্বল কৰি ৰখাত সহায় কৰে । নতুন বছৰত দিনটোত কমেও ৮-১০ গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক । যদি আপুনি পানী খাবলৈ পাহৰি যায় তেন্তে আপোনাৰ ফোনত এটা ৰিমাইণ্ডাৰ ছেট কৰক ।

৩) ৰাতিৰ আহাৰ লঘু আৰু সময় মতে খাওক

ৰাতি অত্যাঘিক পলমকৈ গধুৰ খাদ্য গ্ৰহণ কৰিলে পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ ফলত এচিডিটি, মেদবহুলতা আৰু টোপনিৰ সমস্যা হ’ব পাৰে। ২০২৫ চনত আপুনিও প্ৰতিজ্ঞাবদ্ধ হওক যে ৰাতিৰ আহাৰ লঘু আৰু পুষ্টিকৰ সুষম আহাৰহে গ্ৰহণ কৰিব। তদুপৰি শুবলৈ যোৱাৰ পূৰ্বে ২-৩ ঘণ্টা আগতেই আপুনি আপোনাৰ আহাৰ গ্ৰহণ কৰিব। ইয়াৰ বাবে আপুনি দালি, শাক-পাচলি, চালাড আৰু চূপৰ দৰে বিকল্প বাছি ল’ব পাৰে ।

নতুন বছৰত আপোনাৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ এক ভাল সুযোগ আছে। এই ৩টা সহজ কিন্তু ফলপ্ৰসূ অভ্যাস গ্ৰহণ কৰিলে আপুনি কেৱল ৰোগৰ পৰা আঁতৰি থকাই নহয়, উন্নত আৰু সুস্থ জীৱনশৈলীও মানি চলিব পাৰে । গতিকে এই বছৰ আপোনাৰ প্লেটত পৰিৱৰ্তন আনি সুস্থ জীৱনৰ দিশে আগবাঢ়ি যাওক ৷

Armaan Malik: কিয় মনে মনে বিবাহপাশত আৱদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক?

Armaan Malik: কিয় মনে মনে বিবাহপাশত আৱদ্ধ হ'ল জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক?
Armaan Malik: কিয় মনে মনে বিবাহপাশত আৱদ্ধ হ'ল জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক?

বছৰৰ আৰম্ভণিতে সুখবৰ দিলে জনপ্ৰিয় কণ্ঠশিল্পীৰাকীয়ে। যাদুকৰী কন্ঠেৰে বহুগৰাকীৰ হৃদয় জিনা জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক বিবাহপাশত আৱদ্ধ হ’ল।(Armaan Malik) ছচিয়েল মিডিয়াত বিয়াৰ ফটো শ্বেয়াৰ কৰিলে আৰমান মালিকে। ফটোৰ কেপচনত লিখিছে – তু হি মেৰা ঘৰ। বতাহৰ গতিত ভাইৰেল হৈছে আৰমানৰ বিয়াৰ ফটো। বৃহস্পতিবাৰে পুৱা বিয়াৰ ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক ছাৰপ্ৰাইজ দিলে আৰমান মালিকে।


ঘৰুৱা অনুষ্ঠানৰ মাজেৰে গোপনেই দীৰ্ঘদিনৰ প্ৰেমিকা আশনা শ্ৰফৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল আৰমান মালিক। সম্প্ৰতি ছচিয়েল মিডিয়াত বিয়াৰ ফটো শ্বেয়াৰ কৰিলে আৰমান মালিকে। বিয়াত পেষ্টেল শ্বেডৰ পোছাকত টুইনিং কৰিছিল দৰা আৰু কইনাই।(Aashna Shroff)

কিন্তু কোন এই আশনা শ্ৰফ? আৰমানৰ পত্নী আশনা শ্ৰফ হ’ল ভাৰতীয় ফেশ্বন আৰু বিউটী ভ্লগাৰ আৰু ইউটিউবাৰ। তেওঁ কছম’পলিটান লাক্সাৰী ফেশ্বন ইনফ্লুৱেঞ্চাৰ অৱ দ্য ইয়াৰ ২০২৩ নিৰ্বাচিত হৈছিল। ২০২৩ চনৰ আগষ্ট মাহত বাগদান হৈছিল আৰমান আৰু আশনাৰ। দীৰ্ঘদিনৰ প্ৰেমিকাক চিনেমাৰ ষ্টাইলত আঙঠি পিন্ধোৱা দেখা গৈছিল আৰমানক।

Bandipora: দ খাৱৈত পৰিল সেনাৰ বাহন, থিতাতে মৃত্যু ৪ সেনা জোৱানৰ

Bandipora: দ খাৱৈত পৰিল সেনাৰ বাহন, থিতাতে মৃত্যু ৪ সেনা জোৱানৰ
Bandipora: দ খাৱৈত পৰিল সেনাৰ বাহন, থিতাতে মৃত্যু ৪ সেনা জোৱানৰ

জম্মু কাশ্মীৰৰ বান্দিপোৰা জিলাত ভয়ংকৰ ঘটনা। জিলাখনৰ এচকে পায়িন এলেকাত হঠাতে দ খাৱৈত সোমাল সেনাৰ ট্ৰাক। থিতাতে মৃত্যু ৪ জোৱানৰ।(Bandipora) সংকটজনক অৱস্থাত দুজনক ততাতৈয়াকৈ ওচৰৰে হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে আজিৰ পৰা ১০ দিন পূৰ্বেও এক দুৰ্ঘটনাত ৫জনকৈ সেনা জোৱানে প্ৰাণ হেৰুৱাইছিল।(jammu kashmir)

এই দুৰ্ঘটনাত সেনা জোৱালসকলক কঢ়িয়াই নিয়া ট্ৰাকখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় লোকৰ তৎপৰতাত আঘাতপ্ৰাপ্তসকলক উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাৰ পিছতেই সেনা বাহিনীৰ দলেও উদ্ধাৰ অভিযানত নামি পৰে।

Kiara Advani: হঠাৎ চিকিৎসালয়ত ভৰ্তি অভিনেত্ৰী কিয়াৰা আদৱানী!

Kiara Advani: হঠাৎ চিকিৎসালয়ত ভৰ্তি অভিনেত্ৰী কিয়াৰা আদৱানী!
Kiara Advani: হঠাৎ চিকিৎসালয়ত ভৰ্তি অভিনেত্ৰী কিয়াৰা আদৱানী!

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কিয়াৰা আদৱানী বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘গেম চেঞ্জাৰ’ৰ বাবে। দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে অভিনেত্ৰী কিয়াৰাক। অনুৰাগীসকলেও এই ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বৰ্তমান দুয়োগৰাকী তাৰকাই ছবিৰ দলৰ সৈতে ছবিখনৰ প্ৰচাৰত ব্যস্ত। ইফালে তেওঁৰ অনুৰাগীৰ বাবে আছে ডাঙৰ খবৰ। জানিব পৰা মতে কিয়াৰাক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।(Kiara Advani)

আজি তেওঁ ছবিখনৰ প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলে। আজি পুৱা কিয়াৰাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে তেওঁৰ অসুস্থতাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এই খবৰ ওলোৱাৰ পিছত অভিনেত্ৰীগৰাকীক লৈ তেওঁৰ অনুৰাগীৰ চিন্তা বাঢ়িছে আৰু তেওঁলোকে তেওঁৰ স্বাস্থ্যৰ আপডেটৰ বাবে অপেক্ষা কৰি আছে।

বৰ্তমান সময়ত কিয়াৰাৰ স্বাস্থ্য সন্দৰ্ভত কিয়াৰাৰ দল বা ছবিখনৰ প্ৰডাকচন টিমে কোনো ধৰণৰ মন্তব্য দিয়া নাই। আশা কৰা হৈছে যে অতি সোনকালে এই সন্দৰ্ভত কিছু তথ্য ওলাব পাৰে বা অভিনেত্ৰীগৰাকীয়ে নিজেই নিজৰ স্বাস্থ্যৰ আপডেট অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। শেহতীয়াকৈ তেওঁৰ ছবি ‘গেম চেঞ্জাৰ’ৰ ট্ৰেইলাৰ মুকলি কৰা হয়, যিয়ে দৰ্শকৰ ভাল সঁহাৰি লাভ কৰে আৰু এতিয়া অনুৰাগীসকলে এই ছবিখন ডাঙৰ পৰ্দালৈ অহাৰ বাবে অপেক্ষা কৰি আছে।

৫০০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই বৰ্ষৰ প্ৰথমখন মেগা বাজেট ছবি। গ্ৰেট অন্ধ্ৰৰ প্ৰতিবেদন অনুসৰি ৰাম চৰণে পূৰ্বে এই ছবিখনৰ মাচুল ১০০ কোটি টকা নিৰ্ধাৰণ কৰিছিল যদিও প্ৰডাকচন খৰচ বৃদ্ধিৰ বাবে মাচুল ৬৫ কোটি টকালৈ হ্ৰাস কৰে। একে সময়তে ছবিখনৰ বাবে কিয়াৰাই লাভ কৰিছে ৫-৭ কোটি টকা। ১০ জানুৱাৰীত মুক্তি পাব ছবিখনে।

Lightning: বজ্ৰ পৰি মৃত্যু একেটা দলৰে ১১ ফুটবলাৰৰ! ‘ব্লেক মেজিক’ নে আন কিবা?

Lightning: বজ্ৰ পৰি মৃত্যু একেটা দলৰে ১১ ফুটবলাৰৰ
Lightning: বজ্ৰ পৰি মৃত্যু একেটা দলৰে ১১ ফুটবলাৰৰ

যাদু, বশীকৰণ, কাঁড় নিক্ষেপ—এই শব্দবোৰৰ সৈতে আমি সকলোৱে কম বেছি পৰিমাণে পৰিচিত। যাক আমি এটা শব্দত ‘ক’লা যাদু’ অথবা ‘ব্লেক মেজিক’ বুলি ক’ব পাৰো।(Lightning) সমগ্ৰ বিশ্বতে ক’লা যাদু বিশ্বাস কৰা বহু লোক আছে। যাৰ বিপৰীতে আকৌ বিশ্বাস নকৰা মানুহৰ সংখ্যাও কিন্তু কম নহয়। পৃথিৱীত এনেকুৱা বহু ঘটনা সংঘটিত হৈছে যাক একাংশই ব্লেক মেজিক বুলি ক’ব বিচাৰে। যাৰ মাজত ‘ক’লা যাদু’ৰ সৈতে জড়িত এটা ভয়ানক কাহিনী আৰু লোককথাৰ উন্মেষ ঘটিছিল ১৯৯৮ চনত। এই ঘটনাৰ ২৬টা বছৰ উকলিল। কিন্তু আজিও এই ঘটনাৰ কথা কওঁতেই সেই ঠাইটুকুৰাত বসবাস কৰা লোকসকলৰ গাৰ নোম শিয়ৰি উঠে। ঘটনাৰ স্থান মধ্য আফ্ৰিকাৰ এখন দেশ কংগোৰ কাছাই প্ৰদেশৰ। ১৯৯৮ চনৰ অক্টোবৰ মাহত এই ঘটনা সংঘটিত হৈছিল।

কাছাই প্ৰদেশৰ এখন খেলপথাৰত দুটা ফুটবল দলৰ সাক্ষাৎ। ‘বেনা ছাদি’ বনাম ‘বাছাংগা’। দুয়োটা দলৰ মাজত ৰোমাঞ্চকৰ খেল চলি আছিল। দুয়োটা দলেই এটাকৈ গ’ল দিছে দুয়োটা দলেই জয়ৰ আশাত। গেলেৰীত বহি থকা দৰ্শকৰো উত্তেজনা বৃদ্ধি পাইছে। ঠিক সেই সময়তে এটা অকল্পনীয় ঘটনাৰ সাক্ষী হৈ ৰ’ল সকলো। এটা ভয়ানক শব্দ, খেলপথাৰত পৰিল বজ্ৰ। বজ্ৰপাতৰ ফলত থিতাতে মৃত্যু হয় ১১ গৰাকী ফুটবল খেলুৱৈৰ। গেলেৰীত বহি থকা প্ৰায় ৩০ জন দৰ্শক আঘাতপ্ৰাপ্ত হ’ল কিন্তু আচৰিত কথাটো হ’ল যে খেলপথাৰত মৃত্যু হোৱা ১১ জন ফুটবলাৰৰ আটাইকেইজনেই আছিল একেটা দলৰ – ‘বেনা ছাদি’। আচৰিত হ’লেও সেয়াই সত্য। তদুপৰি বিপক্ষ দল ‘বাছাংগা’ৰ এজনো খেলুৱৈৰ কোনো ক্ষতি হোৱা নাছিল। একাংশ সংবাদ পত্ৰটো সেই সময়ত এই খবৰ প্ৰকাশ পাইছিল। ২০ৰ পৰা ৩৫ বছৰৰ ভিতৰৰ ১১জন যুৱকৰ থিতাতে মৃত্যু হৈছিল।

সেই সময়ত বিভিন্নজনে বিভিন্ন মতামত দিছিল। গৃহযুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত কাছাই প্ৰদেশৰ অঞ্চলটোৰ বাবে এই প্ৰতিবেদন আনুষ্ঠানিকভাৱে নিশ্চিত কৰিব পৰা নগ’ল যদিও পিছত ‘ল’আভনিৰ’ৰ সংবাদ মাধ্যমত প্ৰকাশ পায় কিন্তু সেই ঘটনাৰ আচল ৰহস্য ভেদ কোনেও কৰিব নোৱাৰিলে। আৰু তেতিয়াই সকলোৰে মনত এটা কথাৰেই উন্মেষ ঘটিছিল, সেইয়া আছিল-‘ব্লেক মেজিক’৷ বহুতে দাবী কৰিছিল, এটা সময়ত অঞ্চলটোৰ মানুহে বিশ্বাস কৰিছিল যে সমগ্ৰ পশ্চিম আৰু মধ্য আফ্ৰিকাত যিকোনো প্ৰাকৃতিক দুৰ্যোগ ডাইনীৰ ফল। সেই বিশ্বাসৰ পৰা এতিয়াও তেওঁলোক সম্পূৰ্ণৰূপে ওলাই অহা নাই। আফ্ৰিকাৰ বহু দেশত এতিয়াও ‘ক’লা যাদু’ৰ প্ৰথা আছে। সৰু সৰু কথাতেই ডাইনীৰ সন্দেহত ইজনে সিজনক ক্ষতি কৰিবলৈ চেষ্টা কৰে। বহুতে দাবী কৰিছিল যে সেইবাৰ যিহেতু বিপক্ষ দলৰ কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত হোৱা নাছিল গতিকে ফুটবল খেলত যাদুৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছৰে পৰা সমগ্ৰ আফ্ৰিকাত ফুটবল খেলৰ সময়ত খেলুৱৈসকলক আন কোনো কাম (মন্ত্ৰ আবৃত্তি কৰা, গ’লপোষ্টৰ মাটি চিহ্নিত কৰা আদি) কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। বিভিন্ন সময়ত খেলুৱৈসকলে নিজৰ দক্ষতা বৃদ্ধিৰ পৰিৱৰ্তে যাদুৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ধৰিলে। কিন্তু এই সকলোবোৰৰ মাজতো কংগো জনসাধাৰণৰ মনত যাদুৰ ওপৰত বিশ্বাস সম্পূৰ্ণৰূপে মচি পেলাব পৰা নগ’ল।

Tamil Nadu: চকুৰ পচাৰতে ভয়ংকৰ ঘটনা, জীৱন্তে জ্বলি মৃত্যু ৬ শ্ৰমিকৰ!

Tamil Nadu
Tamil Nadu: চকুৰ পচাৰতে ভয়ংকৰ ঘটনা, জীৱন্তে জ্বলি মৃত্যু ৬ শ্ৰমিকৰ!

তামিনলাডুৰ ফটকা ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ। এই পৰ্যন্ত ৬জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তামিনলাডুৰ বিৰুধনগৰ জিলাৰ চট্টুৰ নামৰ অঞ্চলটোতএই ঘটনা সংঘটিত হৈছে। লগে লগেই উদ্ধাৰকাৰী দল ঘটৱাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। (Tamil Nadu)

উল্লেখ্য যে আৰক্ষীৰ মতে ফটকা নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ৰাসায়নিক দ্ৰব্য সামগ্ৰী মিহলিকৰণ প্ৰক্ৰিয়াৰ সময়তে এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। ফেক্টৰীটোৰ এটা কোঠাও সম্পূৰ্ণভাৱে জুইত জাহ গৈছে। যাৰ বাবে সেই কোঠাটোত কৰ্মৰত শ্ৰমিকৰ মৃত্যু ঘটিছে।

বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত আছে। আৰক্ষী আৰু উদ্ধাৰকাৰী দলৰ তৎপৰতাত ৬জনকৈ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

Aishwarya Rai: ২১ বছৰীয়া বচ্চন পৰিয়ালৰ বোৱাৰীৰ ফটো চাওক! ঐশ্বৰ্যৰ হাঁহিয়ে হৃদয় জয় কৰিছিল বহু পুৰুষৰ…

Aishwarya Rai: ২১ বছৰীয়া বচ্চন পৰিয়ালৰ বোৱাৰীৰ ফটো চাওক!
Aishwarya Rai: ২১ বছৰীয়া বচ্চন পৰিয়ালৰ বোৱাৰীৰ ফটো চাওক!

ঐশ্বৰ্য ৰায় ছবিজগতৰ এখ পৰিচিত নাম, ৫১ বছৰ বয়সতো দেখাত এগৰাকী যুৱতীতকৈ কম নহয় অভিনেত্ৰীগৰাকী। ঐশ্বৰ্য ৰায়ে ১৯৯৪ চনৰ ১৯ ​​নৱেম্বৰৰ দিনটোক ভাৰতীয় ইতিহাসত বিশেষ কৰি তুলিছিল। (Aishwarya Rai)সেই দিনটোতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতৰ পতাকা উত্তোলন কৰি মুকুট পিন্ধিছিল। এই প্ৰতিযোগিতাত ৮৭খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল যদিও ঐশ্বৰ্যই সকলোকে পিছ পেলাই এই খিতাপ দখল কৰে। মিছ ৱৰ্ল্ড হোৱাৰ পিছত যেতিয়া তেওঁ ভাৰতলৈ উভতি আহিছিল, তেতিয়া তেওঁক যি আদৰণি, সন্মান পাইছিল সেয়া অতি সন্মানীয় আছিল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৩০ বছৰ পূৰ্বৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, যিটো ভিডিঅ’ক এটা পেজে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰি ভাৰতলৈ উভতি অহা ঐশ্বৰ্য ৰায়ৰ উষ্ম আদৰণিৰ থ্ৰ’বেক ভিডিঅ’ এই ভিডিঅ’টো। ভিডিঅ’টোত দেখা গৈছে যে মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰাৰ পিছতো ঐশ্বৰ্যক কপালত বিন্দি আৰু খোলা চুলিৰে সাধাৰণ নীলা ৰঙৰ পোছাক পিন্ধা দেখা গৈছে। ফুলেৰে সজাই থোৱা ফুলৰ থোপা দিও তেওঁক আদৰণি জনোৱা হয়।

ভিডিঅ’টোত ঐশ্বৰ্যৰ হাঁহিৰ লগতে ঐশ্বৰ্যৰ সৰল ৰূপটো দেখি লাখ লাখ মানুহে তেওঁৰ প্ৰেমত পৰিছিল। এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। মানুহে তেওঁৰ সৌন্দৰ্য্যক প্ৰশংসা কৰিছে। বহুতে তেওঁৰ হাঁহিটোক ‘পৃথিৱীৰ আটাইতকৈ মৰমলগা হাঁহি’ বুলি অভিহিত কৰিছে।

১৯৯৪ চনত মিছ ৱৰ্ল্ডৰ খিতাপ লাভ কৰা ঐশ্বৰ্য ৰায় এতিয়াও ভাৰতীয় চিনেমা আৰু ফেশ্বনৰ অন্যতম পৰিচিত ব্যক্তিত্ব। মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধা ঐশ্বৰ্য ৰায়ে ১৯৯৭ চনত মণিৰত্নমৰ তামিল ছবি ‘ইৰুৱৰ’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। সেই বছৰতে তেখেতে হিন্দী ছবি ‘আউৰ প্যাৰ হো গয়া’ৰ জৰিয়তেও আত্মপ্ৰকাশ কৰে। এই পৰ্যন্ত ৪০ খনতকৈও অধিক ছবিত কাম কৰিছে। ২০০৭ চনত ঐশ্বৰ্যই অভিষেক বচ্চনক সংগী হিচাপে বাছি লৈ ২০১১ চনত আৰাধ্যাক জন্ম দিয়ে।

Cold Water Bath: শীতকালত ঠাণ্ডা পানীৰে গা ধুব, শৰীৰে ৬টা আচৰিত উপকাৰ লাভ কৰিব

Cold Water Bath: শীতকালত ঠাণ্ডা পানীৰে গা ধুব
Cold Water Bath: শীতকালত ঠাণ্ডা পানীৰে গা ধুব

শীতকালত ঠাণ্ডা পানীৰে গা ধোৱাৰ কথা ভাবিলেই শৰীৰ কঁপিবলৈ ধৰে। শীতকালত বেছিভাগ মানুহেই গৰম পানীে গা ধুৱে,(Cold Water Bath) কিন্তু আপুনি জানেনে যে শীতকালত ঠাণ্ডা পানীৰে গা ধোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই কেৱল আপোনাৰ শৰীৰক শক্তিশালী কৰাই নহয় বহু স্বাস্থ্য উপকাৰীতাও দিয়ে।

ঠাণ্ডা পানীৰে গা ধুলে শৰীৰত তেজৰ সোঁত উন্নত হয়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। চৰ্দি, কাহ আৰু অন্যান্য ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিবলৈ ঠাণ্ডা পানীৰে গা ধুৱাটো প্ৰাকৃতিক প্ৰতিকাৰ।

ঠাণ্ডা পানীয়ে আপোনাৰ শৰীৰত এণ্ড’ৰ্ফিন হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে, যিয়ে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে। ই প্ৰাকৃতিক মানসিক চাপ নিৰাময়কাৰী হিচাপে কাম কৰে।

গৰম পানীৰে গা ধুলে ছালখন শুকুৱাব পাৰে, কিন্তু ঠাণ্ডা পানীয়ে আপোনাৰ ছালখন হাইড্ৰেটেড আৰু গ্ল’য়িং কৰি ৰাখে। ইয়াৰ লগতে ই চুলিকো শক্তিশালী কৰি ৰাখে।

ঠাণ্ডা পানীৰে গা ধুলে শৰীৰ সজীৱ হয়। ই আপোনাক গোটেই দিনটো শক্তিশালী কৰি ৰাখে আৰু এলাহক দূৰ কৰে।

যদি আপুনি জিমলৈ যায় বা শাৰীৰিক ৱৰ্কআউট কৰে, তেন্তে ঠাণ্ডা পানীয়ে পেশীৰ ক্লান্তি দূৰ কৰাত সহায় কৰে।

ঠাণ্ডা পানীৰে গা ধুওঁতে শৰীৰে তাপমাত্ৰা সুষম কৰি ৰাখিবলৈ অধিক কেলৰি বাৰ্ন কৰিবলগীয়া হয়। ইয়াৰ ফলত ওজন কমাবলৈ সহায় কৰে।

Jasprit Bumrah: যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত, বৰ্তমান খেলপথাৰৰ বাহিৰত বুমৰাহ!

Jasprit Bumrah: যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত, বৰ্তমান খেলপথাৰৰ বাহিৰত বুমৰাহ!
Jasprit Bumrah: যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত, বৰ্তমান খেলপথাৰৰ বাহিৰত বুমৰাহ!

ছিডনীত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ পঞ্চম আৰু অন্তিম টেষ্টৰ মাজত টিম ইণ্ডিয়াৰ আটাইতকৈ কঠিন মূহুৰ্ত।(Jasprit Bumrah) মেচখনত দলৰ অধিনায়কত্বত থকা যশপ্রীত বুমৰাহ হঠাতে খেলপথাৰৰ বাহিৰলৈ ওলাই আহিছিল আৰু তাৰ পিছত প্ৰায় আধা ঘণ্টাৰ পিছত তেওঁ মেডিকেল টিমৰ সৈতে ওলাই আহিছিল।

কায়াছে মেডিকেল টিমৰ লগত কিবা স্কেন কৰিবলৈ ওলাই যায় খেলুৱৈজন। মেডিকেল টিমৰ সৈতে গাড়ীৰে গাড়ী চলাই থকা বুমৰাহক দেখা গ’ল।

জানিব পৰা মতে যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত। বৰ্তমান খেলপথাৰৰ বাহিৰত খেলুৱৈজন আঘাত কিমান গুৰুতৰ এতিয়াও স্পষ্ট কৰা নাই MANAGEMENT-এ।

Assam Book Fair: অসম গ্ৰন্থমেলাত লেখক-পাঠক সমাৰোহ, কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আলোচনা সত্ৰ

Assam Book Fair: অসম গ্ৰন্থমেলাত লেখক-পাঠক সমাৰোহ
Assam Book Fair: অসম গ্ৰন্থমেলাত লেখক-পাঠক সমাৰোহ

পুহমহীয়া শীতকো নেওচি অষ্টম দিনা গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশে উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত৷(Assam Book Fair)


সমান্তৰালভাৱে বিপণীত বৃদ্ধি পায় কিতাপ বিক্ৰীৰ পৰিমাণ৷ ইপিনে শুকুৰবাৰে বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে লেখক-পাঠক সমাৰোহ ৷ এই অনুষ্ঠান উদ্বোধন কৰি বড়ো সাহিত্য সভাৰ উপ-সভাপতি ড° প্ৰশান্ত বড়োৱে কয় যে লেখকসকল পাঠকৰ মুখামুখি হোৱাটো অতি দৰকাৰী ৷ আগতে এনে সুবিধা নছিল ৷ এতিয়া অসম গ্ৰন্থমেলাই এই সুবিধা প্ৰদান কৰি লেখক-পাঠক উভয় পক্ষকে উপকৃত কৰিছে ৷ কাৰণ ইয়াত লেখকে পাঠকৰ চাহিদাৰ বিষয়ে জানিব পাৰে আৰু সেইমৰ্মে ভাল সৃষ্টিৰ অনুশীলন কৰিব পাৰে ৷


সাহিত্য-সমালোচক, অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই সঞ্চালনা কৰে এই অনুষ্ঠানটো ৷ তেওঁ কয় যে পাঠকসকলেই লেখকৰ মূল চালিকাশক্তি ৷ এখন অভিজ্ঞ পঢ়ুৱৈ সমাজ গঢ়ি নুঠিলে লেখকসকলৰ সৃষ্টিয়ে আকাংক্ষিত ফল লাভ কৰাত উজুটি খাব ৷ লেখকৰ পৰা পাঠকে কি বিচাৰে সেইটো জানিব পাৰিলে ভাল ৷ এই অনুষ্ঠান দৰাচলতে সেইখন মঞ্চ য’ত উভয় পক্ষই মতবিনিময় কৰিব পাৰে ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে লেখক-সমালোচক ভাস্কৰজ্যোতি নাথে ৷ তেওঁ কয় যে লেখকক লগ পাবলৈ পঢ়ুৱৈ সমাজৰ ইচ্ছা থাকেই ৷ এই অনুষ্ঠানে পাঠকৰ সেই ইচ্ছা পূৰণ কৰে ৷ সাহিত্য সন্দৰ্ভত , প্ৰচলিত ধাৰা সন্দৰ্ভত সাধাৰণ পঢ়ুৱৈ সকলৰো নিশ্চয় মতামত থাকে ৷ ইয়াত সেয়া প্ৰকাশ কৰিব পাৰি ৷ লেখক-পাঠক সমাৰোহত অংশগ্ৰহণ কৰে পূৰৱী বৰুৱা, নিভাৰাণী ৰয়, উৎপল ডেকা, বেবী ভূঞা, দীপশিখা ভাগৱতী, মিলন নেওগ, প্ৰণৱ শৰ্মা, দেৱীকা দত্ত, বন্দনা খটনিয়াৰ, প্ৰিয়াসী নেওগ, নিজৰা হাজৰিকা, প্ৰীতিৰেখা ভূঞা, নিউটন বসুমতাৰী, অজিত শৰ্মা, নৱজ্যোতি নাথ, পুৰন্দৰ পাটগিৰি, বেবি ভূঞা, মাইনী চমুৱা, মনালিছা শৰ্মা, মন্দিৰা গগৈ, কমল কুমাৰ, কংকনা ঠাকুৰীয়া, প্ৰাঞ্জল এ শৰ্মা, দ্বীপৰাজ, হিমংশু ভাগৱতী, দিম্পী ভৰালী, সমুদ্ৰদেৱ ফুকন ৷ বিয়লি আন এখন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা সত্ৰ অনুষ্ঠিত হয় গ্ৰন্থমেলাৰ বাকৰিত ৷“সাহিত্য আৰু কৃত্ৰিম বুদ্ধিমত্তাঃ প্ৰত্যাহ্বান আৰু সম্ভাৱনা” শীৰ্ষক এই সত্ৰখন উদ্বোধন কৰে বিশিষ্ট লেখক, অধ্যাপক ড° ছাইদুল ইছলামে ৷ তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাক এতিয়া আৰু কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷

এয়া বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হৈ গৈছে ৷ সাহিত্যতো হৈছে ৷ অনাগত সময়ত সৃষ্টিশীলতাক কৃত্ৰিম বুদ্ধিমত্তাই কেনেদৰে প্ৰভাৱিত কৰিব সেয়া অৱশ্যেই চিন্তা কৰিবলগীয়া বিষয় ৷ কাৰণ অন্য ক্ষেত্ৰ আৰু সৃষ্টিশীল কৰ্মৰ ক্ষেত্ৰখনৰ মাজত পাৰ্থক্য আছে ৷ অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট লেখক, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ড° অতনু কুমাৰ দত্তই ৷ তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা সৃষ্টিশীল জগতখনলৈ প্ৰত্যাহ্বান আহিব পাৰে ৷ ইতিমধ্যে আহিছেই ৷ সৃজনীশীল কামত কৃত্ৰিম বুদ্ধিমত্তা বাধাৰ প্ৰাচীৰ হ’ব পাৰে ৷ মানুহেই এয়া ৰোধ কৰিব লাগিব ৷ কৃত্ৰিম বুদ্ধিমত্তাই যাতে আমাক নিৰ্দেশ দিব নোৱাৰে, আমি যাতে কৃত্ৰিম বুদ্ধিমত্তাৰ দাসত্ব অৰ্জন নকৰো তাৰ প্ৰতি আমি সজাগ-সচেতন হৈ থাকিব লাগিব ৷ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰে লেখক-সমালোচক ৰতন সাউদ,সমীৰ শাণ্ডিল্য, ৰাষ্ট্ৰপতি ভৱনৰ শীৰ্ষ বিষয়া পংকজ প্ৰতীম বৰদলৈ, বিশিষ্ট লেখক-গৱেষক ড° ধৃজ্যোতি কলিতাই ৷

স্মৃতিগ্ৰন্থ উন্মোচন

শুকুৰবাৰে বিয়লি ৫ বজাত উন্মোচিত হয় অসম গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ ৷ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয়—“ ৰাজ্য চৰকাৰে ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰাটো আনন্দৰ বতৰা৷ অসম গ্ৰন্থমেলাতো কিতাপ বিক্ৰী ভাল বুলি জানিব পাৰিছোঁ ৷ তাৰমানে গ্ৰন্থৰ জয়যাত্ৰা অব্যাহত আছে ৷ ২০২৪ বৰ্ষত অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰিলে ৷ আশা কৰিছোঁ অনাগত সময়তো অসমীয়া ভাষা-সাহিত্যৰ জয়যাত্ৰা অব্যাহত থাকিব ৷ ”স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক হৰেন কলিতাকে ধৰি আন আন বিষয়ববীয়াসকল৷ স্মৃতিগ্ৰন্থৰ মুখ্য সম্পাদক মিহিৰ দেউৰী আৰু সম্পাদকদ্বয় হৈছে দেৱজিৎ বৰা আৰু গৌতম বৰ্মন৷