Home Blog Page 396

Earthquake: নৱবৰ্ষৰ আৰম্ভণিতে ভয়ংকৰ ভূইকঁপে জোকাৰি গ’ল ৰাজ্য

Earthquake: নৱবৰ্ষৰ আৰম্ভণিতে ভয়ংকৰ ভূইকঁপে জোকাৰি গ'ল ৰাজ্য
Earthquake: নৱবৰ্ষৰ আৰম্ভণিতে ভয়ংকৰ ভূইকঁপে জোকাৰি গ'ল ৰাজ্য

নৱবৰ্ষৰ আৰম্ভণিতে ভয়ংকৰ ভূইকঁপে জোকাৰি গ’ল ৰাজ্য।(Earthquake)

পুৱা ১০.০৩ বজাত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ভূমিকম্পৰ জোকাৰণি।

ভূমিকম্পৰ প্ৰাবল্য হৈছে ৪.১।

কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত উত্‍পত্তি হৈছিল ভূমিকম্পৰ।

Assam Book Fair: ভাষা-সাহিত্যৰ অনুষ্ঠানেৰে মুখৰ অসম গ্ৰন্থমেলা, সাতদিনত ৪ কোটি টকাৰ কিতাপ বিক্ৰী

Assam Book Fair: ভাষা-সাহিত্যৰ অনুষ্ঠানেৰে মুখৰ অসম গ্ৰন্থমেলা
Assam Book Fair: ভাষা-সাহিত্যৰ অনুষ্ঠানেৰে মুখৰ অসম গ্ৰন্থমেলা

পুথিপ্ৰেমীৰ সোঁত, লেখক-পাঠকৰ আড্ডাই উমাল কৰি তুলিছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷(Assam Book Fair)কাৰ্যতঃ ভাষা-সাহিত্য-সংস্কৃতিৰ এক পীঠস্থানলৈ ৰূপান্তৰিত হৈছে খানাপাৰা বাকৰিৰ এই গ্ৰন্থোৎসৱ ৷ বিপণীত পঢ়ুৱৈৰ উপস্থিতিয়ে প্ৰকাশন গোষ্ঠী সমূহকো বাৰুকৈয়ে উৎসাহিত কৰা পৰিলক্ষিত হৈছে ৷ যোৱা ২৭ ডিচেম্বৰৰ পৰা বৃহস্পতিবাৰ পৰ্যন্ত অসম গ্ৰন্থমেলা, গুৱাহাটীত ৪ কোটি টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে উদ্যোক্তাসকলে ৷

ইপিনে বৃহস্পতিবাৰে বিয়লি ১২-৩০ বজাৰ পৰা ‘অ’ মোৰ সুৰীয়া মাত” শীৰ্ষক অসমীয়া ভাষালৈ ধ্ৰুপদী মৰ্যাদা বিষয়ক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় গ্ৰন্থমেলাৰ বাকৰিত ৷ অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰা উপলক্ষে দুখন আলোচনা সত্ৰৰে এই অনুষ্ঠানটিৰ আয়োজন কৰা হয় ৷ প্ৰথমখন আলোচনা সত্ৰৰ বিষয় হৈছে “অসমীয়া শব্দ সম্ভাৰৰ ধ্ৰুপদী চৰিত্ৰ বিশ্লেষণ”৷ ইয়াত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰে নতুন দিল্লীৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড° বলদেৱানন্দ সাগৰে ৷ উদ্বোধনী ভাষণত তেওঁ কয়—“অৰূপ কুমাৰ দত্তৰ “লাচিত বৰফুন” গ্ৰন্থৰ সংস্কৃত অনুবাদ কৰাৰ সৌভাগ্য মোৰ হৈছে ৷ এই গ্ৰন্থৰ অনুবাদৰ মাজেৰে অসমৰ ইতিহাস, সংস্কৃতি, মানুহৰ সামজিক দায়ৱদ্ধতা, দেশ-প্ৰেমৰ বিষয়ে জানিব পাৰিছোঁ ৷ এইখন অসমৰ মাতৃভাষা অৰ্থাৎ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে ৷ এয়া যথাৰ্থতে আনন্দ আৰু গৌৰৱৰ কথা ৷ কাৰণ অসমীয়া ভাষাই এই মৰ্যাদাৰে সকলো শংকাৰ পৰা মুক্ত হ’ল ৷ এতিয়া ভাষাটোৰ শুদ্ধ চৰ্চা আৰু প্ৰয়োগে ইয়াৰ উত্তৰণ সাধিব আৰু প্ৰসাৰ ঘটাব ৷ দৰাচলতে ভাষাৰ বৈচিত্ৰ্য ভাৰতবৰ্ষৰ এক অলংকাৰ ৷ সকলো আঞ্চলিক বা ক্ষেত্ৰীয় ভাষাবোৰে ভাৰতীয় ভাষা-সাহিত্যকে সমৃদ্ধ কৰিছে ৷ ভাষা-সাহিত্যই আমাৰ সমাজ ব্যৱস্থা, জীৱনশৈলীক জগতসভালৈ আগবঢ়াই নিছে ৷ অসমীয়া ভাষায়ো একেই কামকে কৰিছে ৷” তেওঁ প্ৰসংগক্ৰমে বেদ-উপনিষদৰ বিভিন্ন শ্লোকৰ উদ্ধৃতিৰে মানুহৰ জীৱন-দৰ্শন, ভাষিক-প্ৰয়োজনৰ বিষয়ে ব্যাখ্যা কৰে ৷ তেওঁ পুনৰ কয়—“ একম সদ বিপ্ৰা বহুধা বদন্তি—অৰ্থাৎ সত্য বা পৰম সত্য এটাই ৷

বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে ইয়াৰ ব্যাখ্যা কৰিছে ৷ এই কথা জ্ঞান-বিজ্ঞান, সমাজ-ৰাজনীতি সকলোতে প্ৰযোজ্য হয় ৷ বিভিন্ন পথেৰে গৈও একেই পথত উপনীত হ’ব পাৰি ৷”সত্ৰখন সঞ্চালনা কৰে ভাষাবিদ ,অভিধান প্ৰণেতা তথা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ ইয়াত আলোচনা হ’ল ৷ অসমীয়া ভাষাৰ শব্দৰ ধ্ৰুপদী চৰিত্ৰ বিশ্লেষণ কৰিলে আনন্দায়ক অভিজ্ঞতা অৰ্জন কৰিব পাৰি ৷ অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তি সমৃদ্ধ ৷ একেটা অৰ্থকে প্ৰকাশ কৰিব পৰা বহু শব্দ আমাৰ ভাষাত আছে ৷ এই প্ৰাচীন শব্দ সম্ভাৰৰ ধ্ৰুপদী চৰিত্ৰ বা বৈশিষ্ট্য আছে ৷ ধ্ৰুপদী স্বীকৃতিয়ে আমাৰ দায়িত্ব বৃদ্ধি কৰিছে ৷ ভাষাটোৰ সৰ্বোতপ্ৰকাৰৰ বিকাশৰ বাবে আমি শুদ্ধভাৱে চৰ্চা আৰু প্ৰয়োগ কৰিব লাগিব ৷ ইয়াত আলোচক অতিথিৰূপে আংশগ্ৰহণ কৰি বিশিষ্ট ভাষাতাত্বিক ড° খগেশ সেন ডেকাই কয় যে শব্দৰ ব্যৱহাৰ সঠিক হ’লেহে ভাষাটোক শুদ্ধকৈ জীয়াই ৰাখিব পৰা যায় ৷ আমাৰ মাত-কথাত ধ্ৰুপদী শব্দৰ লগতে ঘৰুৱা শব্দৰো সম্ভাৰ আছে ৷

কেৱল সংস্কৃত শব্দবোৰেই যে ধ্ৰুপদী এনে কথা নহয় ৷ ঐতিহ্যমণ্ডিত সকলো শব্দই ধ্ৰুপদী শব্দ ৷ অসমীয়া ভাষা এনে শব্দৰে সমৃদ্ধ হৈ আছে ৷ আন এগৰাকী ভাষাতাত্ত্বিক ড° দীলিপ ৰাজবংশীয়ে বিষয় সন্দৰ্ভত আলোচনা কৰি কয় যে পঞ্চম শতিকাৰ পৰা ধৰিলেও অসমীয়া ভাষাৰ ইতিহাসে ১৫শ বছৰ অতিক্ৰম কৰিছে ৷ এই সময়ছোৱাত অসমীয়া ভাষা বিভিন্ন বিৱৰ্তনৰ মাজেৰে আহি আজিৰ এই পৰ্যায় পাইছেহি ৷ পঞ্চম শতিকাতে অসমীয়া ভাষাৰ লিখিত নিদৰ্শন পোৱা যায় ৷ এই দীঘলীয়া সময়ত শব্দ ভাণ্ডাৰ গঢ়ি উঠিছে আৰু এইবোৰে ধ্ৰুপদী বৈশিষ্ট্য লাভ কৰিছে ৷ ভাষাৰ পৰিৱৰ্তন হৈ থাকিব, নতুন শব্দ সোমাব , এয়া ভাষাৰ নিয়ম ৷ অসমীয়া ভাষাত একেটা বিষয় বা বস্তুক বুজাবলৈ বহুত শব্দ আছে ৷ এনে বহু শব্দৰ এতিয়া ব্যৱহাৰ বা চৰ্চা কমি আহিছে ৷ এইবোৰ ব্যৱহাৰ কৰা উচিত , তেতিয়া ভষাটো অধিক সমৃদ্ধ হ’ব ৷ একদৰে আন এগৰাকী আলোচক ড° স্মৃতিৰেখা ভূঞাই এই বিষয়ে কয় য়ে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বা সংস্কৃত আমাৰ ভাষাৰ মূল ৷ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ শব্দ দুটা বোধহয় প্ৰথম ধ্ৰুপদী শব্দ ৷ সাহিত্যৰ ভাষাৰ এটা বেলেগ ৰূপ থাকে আৰু কথিত বা কথোপকথনৰ বেলেগ ৰূপ থাকে ৷

লোকসাহিত্যৰ ভাষাখিনিও ধ্ৰুপদী ভাষা ৷ কাৰণ এই ভাষায়ো ১৫ শ বছৰ অতিক্ৰম কৰিছে ৷ ইয়াৰ ফলত অসমীয়া ভাষাটো সমৃদ্ধ হৈছে ৷ দ্বিতীয় পৰ্বৰ আলোচনা সত্ৰৰ বিষয় হৈছে “ধ্ৰুপদী অসমীয়া আৰু অসমৰ জনগোষ্ঠীয় ভাষা” ৷ এই পৰ্ব পৰিচালনা কৰে বিশিষ্ট ভাষাবিদ তাৰিণীকান্ত গোস্বামীয়ে। তেওঁ কয় যে অসমীয়া ভাষাটোৱে আজিৰ ৰূপ পাবলৈ বিভিন্ন স্তৰ অতিক্ৰম কৰিছে ৷ এই ভাষিক বিৱৰ্তনত জনগোষ্ঠীয় ভাষাৰ প্ৰভাৱ পৰিস্ফুট হৈ পৰে ৷ এতিয়া অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰিলে ৷ গতিকে ভাষাটোৰ শুদ্ধ চৰ্চা কৰাটো আমাৰ সকলোৰে দায়িত্ব ৷ ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট ভাষাতাত্ত্বিক ড° ভাস্কৰজ্যোতি শৰ্মাই কয় যে অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতিয়ে জনগোষ্ঠীয় ভাষাৰ ওপৰত কি প্ৰভাৱ পেলাব ? অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছতে বিভিন্ন পৰ্যায়ত এই প্ৰশ্ন উত্থাপিত হৈছে ৷ অসমীয়া ভাষাৰ গৱেষণা মানে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনজাতীয় ভাষা-সংস্কৃতিৰো গৱেষণা ৷ জনজাতীয় ভাষাক বাদ দি অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি অৰ্থহীন ৷ সকলোৰে সামগ্ৰিক ভাষিক-সাংস্কৃতিক ঐতিহ্যক সামৰিহে অসমীয়া ভাষা ৷ প্ৰত্যেকটো জনগোষ্ঠীয় ভাষাৰ অধ্যয়ন হ’ব লাগিব ৷ গতিকে অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতিয়ে জনগোষ্ঠীয় ভাষাসমূহৰ ওপৰতো ইতিবাচক প্ৰভাৱহে পেলাব ৷ কাৰণ এই স্বীকৃতি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীলৈ অহা স্বীকৃতি ৷ আন এগৰাকী আলোচক, অধ্যাপক ড° দীপামণি হালৈ মহন্তই কয় যে ধ্ৰুপদী স্বীকৃতিয়ে সামগ্ৰিকভাৱে অসমীয়া ভাষাৰ ঐতিহ্যক মৰ্যাদা প্ৰদান কৰিছে ৷ ভাষা সদায় গ্ৰহণ আৰু বৰ্জনৰ মাজেৰে আগবাঢ়ে ৷ ভাষা নৈ এখনৰ দৰে প্ৰৱাহিত ৷ গতিকে নদীয়ে যেনেদৰে দুয়োপাৰৰ বিভিন্ন মাটি-বালি কঢ়িয়াই নিয়ে সেইদৰে ভাষায়ো ইয়াৰ প্ৰতিবেশীসকলৰ ভাষিক উপাদান সাৱটি এটা নিৰ্দিষ্ট ৰূপ পায় ৷

অসমখন বাৰেৰহণীয়া জনজাতীয় সমাজৰ এক বৃহৎ সমষ্টি ৷ গতিকে আমাৰ ভাষিক প্ৰেক্ষাপট বহুভাষিক ৷ এই প্ৰেক্ষাপটেই প্ৰমাণ কৰে জনগোষ্ঠীয় ভাষাৰ অৱদানৰ কথা ৷ একদৰে বিষয় প্ৰসংগত আলোকপাত কৰি অধ্যাপক ড° স্বৰ্ণপ্ৰভা চৈনাৰীয়ে কয় যে জনগোষ্ঠীয় ভষাই যে অসমীয়া ভাষাক চহকী কৰিছে এই কথাত কাৰোৱেই নিশ্চয় দ্বিমত নাই ৷ বড়ো ভাষাৰো বহু শব্দই অসমীয়া ভাষাত ঠাই পাইছে ৷ তদুপৰি জনজাতীয় সমাজৰ পৰা ওলাই অহা সাহিত্যিকেও অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে ৷ বড়োকে ধৰি প্ৰতিটো জনগোষ্ঠীয়ে এনেদৰে অসমীয়া ভাষাক গতি প্ৰদান কৰিছে ৷ মূল কথা হ’ল মাতৃভাষাৰ ব্যৱহাৰিক প্ৰয়োগ ৷ ইয়াৰ জৰিয়তে ভাষা শক্তিশালী হয় ৷ ইয়াত অংশগ্ৰহণ কৰি ভাষা-প্ৰযুক্তিবিদ ড° গুণদীপ চেতিয়াই কয়—“পৃথিৱীত কেবাহাজাৰ ভাষা বিপদাপন্ন হৈছে ৷ প্ৰায় ৪০ দিনৰ মূৰে মূৰে মৃতপ্ৰায় হোৱাৰ তথ্যও প্ৰকাশ পাইছে বিভিন্ন গৱেষণাত ৷

এনেদৰে থাকিলে আগন্তুক এশ বছৰৰ ভিতৰত এতিয়া চলি থকা প্ৰায় ৯০ শতাংশ ভাষা বিলুপ্ত হোৱাৰো শংকা প্ৰকাশ কৰিছে বিভিন্ন ভাষা গৱেষকে ৷ ১৯৫০ চনৰ পাছৰ পৰা ভাষাৰ এনে অৱনমন তীব্ৰতৰ হৈছে ৷ এতিয়া প্ৰযুক্তিৰ যুগত ইংৰাজী, ফৰাচী, মান্দাৰিয়ান, স্পেনিছ আদি ভাষাই আধিপত্য চলাইছে ৷ কাৰণ এইবোৰ প্ৰযুক্তিত সোমাইছে ৷ গতিকে অসমীয়া তথা আমাৰ জনগোষ্ঠীয় ভাষা সমূহকো সেই পৰ্যায়লৈ আগুৱাই নিব পাৰিব লাগিব ৷ প্ৰযুক্তিৰ সুবিধা লৈয়ে এই কাম কৰিব লাগিব আমাৰ নিজৰ ভাষাৰ ক্ষেত্ৰত ৷ উত্তৰ প্ৰজন্মৰ মাজত ভাষাক জীয়াই ৰাখিবলৈ এই কাম কৰাৰ প্ৰয়োজন আছে ৷” উল্লেখ্য যে কাইলৈ বিয়লি ৩ বজাত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত উন্মোচন হ’ব অৰূপৰ কুমাৰ দত্তই শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ বিষয়ে ইংৰাজীত ৰচনা কৰা “Saint Saviour Soul Society” শীৰ্ষক গ্ৰন্থখনৰ বন্দিতা ফুকনে অনুবাদ কৰা অসমীয়া সংস্কৰণ ৷ গ্ৰন্থখন প্ৰকাশ কৰিছে “অসম বুক হাইভ”-এ৷

Water: ঠাণ্ডাত পানী কমকৈ নাখাব, পানী কমকৈ খালে শৰীৰে এই তিনিটা ডাঙৰ সংকেত দিব!

Water: ঠাণ্ডাত পানী কমকৈ নাখাব
Water: ঠাণ্ডাত পানী কমকৈ নাখাব

পানী কমকৈ খালে মুখৰ দুৰ্গন্ধ হ’ব পাৰে। কাৰণ লালাত এন্টিবেক্টেৰিয়েল গুণ থাকে। কম পানী খালে লালা কম হয়।(Water) নিয়মিতভাৱে পানী খোৱাটো এটা সুস্থ জীৱনশৈলীৰ অংশ। কিন্তু বহু সময়ত আমি ব্যস্ততাৰ মাজত সময়মতে পানী খাবলৈ পাহৰি যাওঁ। ফলত শৰীৰত একাধিক সমস্যাৰ সৃষ্টি হয়।


শৰীৰত পানীৰ অভাৱ হ’লে কেইবাটাও ইংগিত পোৱা যায়। চিকিৎসকে কয়, সেই ইংগিতবোৰ কোনো ধৰণে পৰিহাৰ কৰা উচিত নহয়। কাৰণ ই শৰীৰত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।


এতিয়া জানো আহক পানীৰ অভাৱ হ’লে আপোনাৰ শৰীৰে কি ইংগিত দিব পাৰে! মূলতঃ তিনিটা ডাঙৰ লক্ষণৰ পৰাই বুজিব পাৰি, আপুনি নিয়মিতভাৱে পানী খোৱা নাই!


প্ৰথমতে, নিৰ্ধাৰিত পৰিমাণতকৈ কম পানী খালে মূৰৰ বিষ হ’ব পাৰে। যদি আপোনাৰ মাইগ্ৰেইনৰ সমস্যা আছে তেন্তে আপোনাৰ বাবে বিপদ। ডিহাইড্ৰেচনে মাইগ্ৰেইনক আৰু ভয়াবহ কৰি তুলিব পাৰে।


টোপনিৰ সময়ত ভৰিৰ পেশীৰ টান হোৱা। এই সমস্যা অতি সাধাৰণ। বহুতৰে এই সমস্যা হয়।ইয়াৰ বাবে শৰীৰত পানীৰ অবাৱ হয়। পৰ্যাপ্ত পৰিমাণৰ পানী খালে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি।

অতি কম পানী খালে মুখৰ দুৰ্গন্ধ হ’ব পাৰে। কাৰণ লালাত এন্টিবেক্টেৰিয়েল গুণ থাকে। কম পানী খালে লালা কম হয়। ফলত মুখত বেক্টেৰিয়াৰ পৰিমাণ বাঢ়ি যায়। আৰু ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ হ’ব পাৰে।

শৰীৰত পানীৰ অভাৱত কোষ্ঠকাঠিন্য হ’ব পাৰে। যদি এই সমস্যা দীৰ্ঘদিন ধৰি থাকে তেন্তে ই এক ডাঙৰ বিপদ হ’ব পাৰে।

Smoking: এটা চিগাৰেটে আপোনাৰ জীৱনৰ ২০ মিনিট সময় কাঢ়ি নিয়ে! হ্ৰাস পাইছে ধূমপায়ীসকলৰ আয়ুস…

Smoking: এটা চিগাৰেটে আপোনাৰ জীৱনৰ ২০ মিনিট সময় কাঢ়ি নিয়ে!
Smoking: এটা চিগাৰেটে আপোনাৰ জীৱনৰ ২০ মিনিট সময় কাঢ়ি নিয়ে!

লণ্ডনৰ ইউনিভাৰ্চিটি কলেজৰ এক অধ্যয়নত কোৱা হৈছে যে সুখ যিমান আনন্দদায়ক সিমানেই বিপদজনক। এটা সম্পূৰ্ণ চিগাৰেটে মহিলাৰ জীৱনৰ পৰা ২২ মিনিট আৰু পুৰুষৰ জীৱনত ১৭ মিনিট কাঢ়ি নিয়ে।(Smoking)
প্ৰতিটো চিগাৰেটেই গড় আয়ুস ২০ মিনিট কমাই দিয়ে। পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত এই হিচাপ বেলেগ বেলেগ। অৰ্থাৎ কোনোবাই যদি দিনটোত কমেও ১০টা চিগাৰেট সেৱন কৰে, তেন্তে সেয়া তেওঁৰ বাবে বিপদ!

নৱম শতিকাত মেক্সিকো আৰু মধ্য আমেৰিকাত ধূমপান বৃদ্ধি পাবলৈ ধৰিলে। ই ক্ৰমান্বয়ে উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজেৰে ইউৰোপলৈ বিয়পি পৰে। সেই সময়ত ধূমপানৰ বাবে পাত ব্যৱহাৰ কৰা হৈছিল।সোতৰ শতিকাত কাগজৰ প্ৰথম ব্যৱহাৰ হৈছিল আৰু এতিয়া সমগ্ৰ বিশ্বতে চিগাৰেটৰ উত্থান ঘটিছে। আইন-কানুন প্ৰৱৰ্তন কৰিও ধূমপানৰ আকৰ্ষণ হ্ৰাস কৰিব পৰা নগ’ল। চিগাৰেটৰ আসক্তি মানুহৰ পৰা একেবাৰে কমাব পৰা নাছিল।(Quit Smoking)

ইউনিভাৰ্চিটি কলেজ অৱ লণ্ডন (ইউচিএল)ৰ গৱেষক চাৰা জেকচনে কয় যে ২০০৬ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে বিশ্বৰ একবিংশ শতাংশ লোক ধূমপায়ী। এতিয়া এই সংখ্যা বাঢ়িছে। ভাৰতত ৪২ শতাংশ পুৰুষ আৰু ১৪ শতাংশ মহিলাই ধূমপান কৰে। সমীক্ষা অনুসৰি ১৩-১৫ বছৰ বয়সৰ কমেও ৯ শতাংশ ল’ৰা আৰু ৭ শতাংশ ছোৱালীয়ে নিয়মিতভাৱে ধূমপান কৰে।

ধঁপাত সেৱনৰ ফলত শৰীৰৰ ক্ষতিৰ বিষয়ে একো ক’ব নোৱাৰি। চিগাৰেটত ৭ হাজাৰৰো অধিক ৰাসায়নিক পদাৰ্থ থাকে। ধঁপাতৰ বাহিৰেও আৰ্ছেনিক, ফৰ্মেলডিহাইড, সীহ, চাইনাইড, ইথাইলিন অক্সাইড, এচিটালডিহাইড, বুটাডাইন, এক্ৰ’লিন আদি আছে। চিগাৰেট খালে যেনেকৈ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, তেনেকৈয়ে ই চি অ’ পি ডিৰ সৃষ্টিও কৰে। আকৌ চিগাৰেটৰ পৰা মুখ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় আৰু এতিয়া মৃত্যু হ’ব পাৰে বুলিও কোৱা হৈছে।

ভাৰতৰ প্ৰথম ধূমপান বিৰোধী আইন ১৯৭৫ চনত আহিছিল। মানুহক অধিক সচেতন কৰিবলৈ ২০০৯ চনত এখন আইন প্ৰৱৰ্তন কৰা হৈছিল য’ত চিগাৰেটৰ পেকেটৰ ৪০ শতাংশত ছবি থাকিব লাগিব। ২০০৪ চনত এখন শিক্ষানুষ্ঠানৰ পৰা ১০০ গজৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। কিন্তু তাৰ পিছতো ধূমপান ৰোধ কৰিব পৰা নগ’ল।

Horoscope 2025: ২০২৫ চনত আপোনাৰ প্ৰেম, আৰ্থিক; স্বাস্থ্য কেনেকুৱা হ’ব? ​​জানি লওক আপোনাৰ ৰাশিফল…

Horoscope 2025: ২০২৫ চনত আপোনাৰ প্ৰেম, আৰ্থিক; স্বাস্থ্য কেনেকুৱা হ'ব?
Horoscope 2025: ২০২৫ চনত আপোনাৰ প্ৰেম, আৰ্থিক; স্বাস্থ্য কেনেকুৱা হ'ব?

নতুন বছৰৰ আগমনে সকলোৰে জীৱনলৈ নতুন আশা আৰু নতুন সম্ভাৱনা কঢ়িয়াই আনে। জীৱনৰ প্ৰতিটো সুখৰ আধাৰ গঢ় লৈ উঠা ধন-সম্পত্তিয়েই স্বাস্থ্য হ’ল, কিন্তু আপুনি জানেনে যে আপোনাৰ ৰাশিৰ ৰাশিয়ে আপোনাৰ স্বাস্থ্যৰ ৰহস্যও উদঙাই দিব পাৰে!(Horoscope 2025)

তৰাবোৰৰ গতি আৰু গ্ৰহবোৰৰ অৱস্থানে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। এইবাৰ আপোনাৰ ৰাশিৰ শক্তি আৰু ইতিবাচকতাৰে ভৰা হ’বনে, নে আপুনি কিছুমান স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব? জানি লওক এই বিষয়ে-

স্বাস্থ্যৰ ক্ষেত্ৰত মেষ ৰাশিৰ লোকে প্ৰাৰম্ভিক মাহত শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে। জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আপোনাৰ কামত প্ৰভাৱ পেলাব পাৰে। এই সময়ত কাম আৰু জিৰণিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ’ব। পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে, গতিকে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লওক। এপ্ৰিলৰ পৰা জুন মাহলৈকে কিছু সকাহ দিব যদিও ঋতুভিত্তিক ৰোগৰ আশংকা থাকিব। বছৰৰ শেষত অৰ্থাৎ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে আপোনাৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব।

স্বাস্থ্যৰ ক্ষেত্ৰত বৃষ ৰাশিৰ লোকৰ বাবে এই বছৰটো স্বাভাৱিক হ’ব যদিও সময়ে সময়ে সৰু সৰু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। বছৰৰ আৰম্ভণিতে আপোনাৰ স্বাস্থ্য স্বাভাৱিক হ’ব যদিও মানসিক চাপে আপোনাৰ দক্ষতাত প্ৰভাৱ পেলাব পাৰে। এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই সময়ত খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। ওজন বৃদ্ধিৰ সম্ভাৱনাও আছে, গতিকে নিয়মীয়া ব্যায়াম দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিলে লাভজনক হ’ব। জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে সময় আপোনাৰ বাবে ভাল হ’ব।

এই বছৰ মিথুন ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতনেৰে ভৰি পৰিব। জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত শাৰীৰিক ক্লান্তি আৰু অনিদ্ৰাৰ সমস্যা হ’ব পাৰে। কৰ্মক্ষেত্ৰত চাপ বৃদ্ধিৰ বাবেও মানসিক চাপ অনুভৱ কৰিব পাৰে। এপ্ৰিলৰ পৰা জুনলৈকে সময়খিনি আপোনাৰ স্বাস্থ্যৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ’ব পাৰে। এই সময়ছোৱাত মূৰৰ বিষ আৰু ঋতুভিত্তিক ৰোগৰ পৰা ৰক্ষা পোৱাৰ প্ৰয়োজন হ’ব। স্বাস্থ্যসন্মত খাদ্য আৰু নিয়মীয়া ৰুটিন আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে সময়ছোৱাই আপোনালোকৰ বাবে সকাহ কঢ়িয়াই আনিব। এই সময়ছোৱাত আপুনি আপোনাৰ শক্তিক ভালদৰে ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও উন্নত হ’ব। বছৰৰ শেষ পৰ্যায় অৰ্থাৎ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাভাৱিক হ’ব।

এই বছৰ কৰ্কট ৰাশিৰ লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া হ’ব। বছৰৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চলৈকে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব। আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব আৰু নতুন অভ্যাস গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হ’ব। এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত মৃদু চৰ্দি বা এলাৰ্জীৰ দৰে সমস্যা হ’ব পাৰে। এই সময়ত পাচনতন্ত্ৰৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ’ব। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈকে সময় আপোনাৰ স্বাস্থ্যৰ বাবে প্ৰত্যাহ্বানজনক হ’ব পাৰে।

এই বছৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সিংহ ৰাশিৰ লোকৰ বাবে শুভ হ’ব। জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত আপোনাৰ শক্তিৰ মাত্ৰা উচ্চ হৈ থাকিব। এই সময়ছোৱাত আপুনি ফিটনেছ আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবলৈ অনুপ্ৰাণিত হ’ব। এপ্ৰিলৰ পৰা জুনলৈকে সময়খিনি আপোনাৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ’ব পাৰে। এই সময়ছোৱাত চকু আৰু হাড়ৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে। জুলাইৰ পৰা ছেপ্টেম্বৰলৈ সময় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল হ’ব। নিজৰ শক্তি সঠিকভাৱে ব্যৱহাৰ কৰি কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। অক্টোবৰৰ পৰা ডিচেম্বৰলৈ সময় স্বাভাৱিক হ’ব।

কন্যা ৰাশিৰ লোকৰ বাবে বছৰৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত আপোনাৰ স্বাস্থ্য স্বাভাৱিক হ’ব। কিন্তু অত্যধিক কামৰ বোজা আৰু মানসিক চাপে আপোনাৰ শক্তিক প্ৰভাৱিত কৰিব পাৰে। এই সময়ছোৱাত দৈনন্দিন কাম-কাজত যোগ আৰু ধ্যান অন্তৰ্ভুক্ত কৰিলে মানসিক শান্তি লাভ কৰিব। এপ্ৰিলৰ পৰা জুন মাহলৈকে বতৰজনিত ৰোগৰ পৰা পৰিত্ৰাণ পাব লাগিব। পাচনতন্ত্ৰ দুৰ্বল হৈ পৰিব পাৰে, যাৰ ফলত বদহজম বা এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। দৈনন্দিন কাম-কাজত অনুশাসন আনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। এই সময়ছোৱাত ফিটনেছৰ প্ৰতি গুৰুত্ব দিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব।

এই বছৰ তুলা ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থিৰ হ’ব যদিও আত্ম-যত্নৰ ওপৰত গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ’ব। জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত আপোনাৰ স্বাস্থ্য ভাল হ’ব। আপুনি শক্তিশালী আৰু ইতিবাচক অনুভৱ কৰিব। এপ্ৰিলৰ পৰা জুন মাহলৈকে শাৰীৰিক ক্লান্তি আৰু মানসিক অস্থিৰতাৰ পৰিস্থিতি হ’ব পাৰে। এই সময়ছোৱাত নিয়মীয়াকৈ ব্যায়াম আৰু ধ্যান-ধাৰণা কৰিলে আপোনাক সহায় কৰিব।

বৃশ্চিক ৰাশিঃ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত আপুনি মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। এই সময়ত পৰ্যাপ্ত টোপনি আৰু জিৰণি ল’বলৈ অগ্ৰাধিকাৰ দিয়ক। এপ্ৰিলৰ পৰা জুনলৈকে সময়খিনি আপোনাৰ বাবে প্ৰত্যাহ্বানজনক হ’ব পাৰে। ঋতুভিত্তিক সংক্ৰমণ আৰু চৰ্দিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই সময়ছোৱাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব লাগে। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল হ’ব।

ধনু ৰাশিৰ লোকৰ বাবে জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত আপোনাৰ শক্তিৰ মাত্ৰা ভাল হ’ব, কিন্তু মানসিক ক্লান্তি হ’ব পাৰে। এপ্ৰিলৰ পৰা জুন মাহলৈকে পাচনতন্ত্ৰৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। এই সময়ছোৱাত লঘু আৰু সুষম আহাৰ গ্ৰহণ কৰিব লাগে। দৈনন্দিন জীৱনত ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰিলে আপুনি সকাহ পাব। জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে সময় আপোনাৰ স্বাস্থ্যৰ বাবে অনুকূল হ’ব। আপুনি অনুভৱ কৰিব যে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে। এই সময়ছোৱাত ভ্ৰমণৰ সময়ত সাৱধান হওক। অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে মানসিক চাপ আৰু অনিদ্ৰাৰ সমস্যা হ’ব পাৰে।

মকৰ ৰাশিৰ লোকৰ বাবে বছৰৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চলৈকে আপোনাৰ স্বাস্থ্য ভাল হ’ব। আপুনি শক্তিশালী অনুভৱ কৰিব। এপ্ৰিলৰ পৰা জুনলৈকে সময়খিনি আপোনাৰ বাবে প্ৰত্যাহ্বানজনক হ’ব পাৰে। এই সময়ছোৱাত হাড় আৰু গাঁঠিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে। নিয়মিত ব্যায়াম আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিলে উপকাৰী হ’ব। জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে সময়ছোৱা আপোনাৰ স্বাস্থ্যৰ বাবে ভাল হ’ব। অক্টোবৰৰ পৰা ডিচেম্বৰলৈ সময় স্বাভাৱিক হ’ব। এই সময়ছোৱাত খাদ্য গ্ৰহণৰ ক্ষেত্ৰত অসাৱধানতা পৰিহাৰ কৰি পৰ্যাপ্ত জিৰণি লওক।

কুম্ভ ৰাশিৰ লোকৰ বাবে এই বছৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আত্মনিৰীক্ষণ আৰু আত্ম-যত্নৰ সময় হ’ব। জানুৱাৰীৰ পৰা মাৰ্চলৈ আপোনাৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। আপুনি মানসিক শান্তি আৰু ইতিবাচকতা অনুভৱ কৰিব কিন্তু ব্যস্ত জীৱনশৈলীয়ে ক্লান্তিৰ সৃষ্টি কৰিব পাৰে। এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত ঋতুভিত্তিক ৰোগ আৰু এলাৰ্জীৰ আশংকা থাকিব। এই সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লওক আৰু অধিক পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। ধ্যান আৰু প্ৰাণায়াম মানসিক চাপ কমোৱাত উপকাৰী হ’ব। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল হ’ব। অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে সময়ছোৱাই ইংগিত দিয়ে যে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব লাগে।

এই বছৰ মীন ৰাশিৰ লোকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব। জানুৱাৰীৰ পৰা মাৰ্চলৈকে সময়খিনি আপোনাৰ বাবে শক্তিৰে ভৰা হ’ব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত আপুনি ক্লান্তি আৰু এলাহ অনুভৱ কৰিব পাৰে। এই সময়ত ব্যায়াম আৰু ধ্যান দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। পৰ্যাপ্ত পৰিমাণে টোপনি গ’লে আপোনাৰ মনটো ভাল হ’ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে সময়সীমা স্বাভাৱিক হ’ব।

Height: চাপৰ পিতৃ-মাতৃৰ সন্তান ওখ কিয়? কাৰণ জানি লওক…

Height: চাপৰ পিতৃ-মাতৃৰ সন্তান ওখ কিয়? কাৰণ জানি লওক
Height: চাপৰ পিতৃ-মাতৃৰ সন্তান ওখ কিয়? কাৰণ জানি লওক

আমি প্ৰায়ে বিশ্বাস কৰোঁ যে আমাৰ উচ্চতা আমাৰ পিতৃ-মাতৃৰ উচ্চতাৰ দৰেই হ’ব বা মিলে। কিন্তু কেতিয়াবা চাপৰ পিতৃ-মাতৃৰ সন্তানো যথেষ্ট ওখ হয়। ইয়াৰ দ্বাৰা জিন আৰু অন্যান্য কাৰকৰ জটিলতা প্ৰতিফলিত হয়।(Height)

কন্টেন্ট ক্ৰিয়েটৰ চিৰাগ বৰজাত্যই ইনষ্টাগ্ৰামত এই বিষয়টোৰ ওপৰত এটা ৰিলত আলোচনা কৰিছিল। য’ত তেওঁ কয় যে আপুনি নিশ্চয় দেখিছে যে বহু চেলিব্ৰিটি, যাৰ উচ্চতা বৰ বেছি নহয় কিন্তু তেওঁলোকৰ ল’ৰা-ছোৱালী বহুত ওখ। যেনে, ছেইফ আলী খানৰ সন্তান, শচীন তেণ্ডুলকাৰৰ পুত্ৰ, ৰনিত ৰয়ৰ পুত্ৰ বা শ্বাহৰুখ খানৰ সন্তান। আমি প্ৰায়ে বিশ্বাস কৰোঁ যে আমাৰ উচ্চতা কেৱল পিতৃ-মাতৃৰ জিনৰ ওপৰত নিৰ্ভৰশীল, কিন্তু এই কথা সম্পূৰ্ণ সত্য হয় জানো?


ইয়াৰ কাৰণ কি?
ইয়াৰ আঁৰত বহুতো কাৰকে কাম কৰে, যেনে জিন পুনঃসংমিশ্ৰণ, পৰিৱেশৰ প্ৰভাৱ আৰু ৰিচেছিভ বৈশিষ্ট্য। বিশেষজ্ঞসকলৰ মতে এই সকলোবোৰ মিলি শিশুৰ উচ্চতাত প্ৰভাৱ পেলায়, যদিও তেওঁলোকৰ পিতৃ-মাতৃ চাপৰ।

জিন পুনঃসংমিশ্ৰণ আৰু উচ্চতা
জিন পুনঃসংমিশ্ৰণ হৈছে এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া য’ত প্ৰজনন কোষ (শুক্ৰাণু আৰু কণী) গঠনৰ সময়ত জিনৰ পুনৰ বিন্যাস ঘটে। ইয়াৰ ফলত বহু ধৰণৰ জিনৰ সংমিশ্ৰণ ঘটে, যিবোৰ পিতৃ-মাতৃৰ মাজত প্ৰকাশ নাপায় আৰু ইয়াৰ ফলত শিশুৰ উচ্চতা বৃদ্ধি পাব পাৰে।

পূৰ্বপুৰুষৰ প্ৰভাৱো
পূৰ্বপুৰুষৰ প্ৰভাৱে উচ্চতাতো প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, স্ক্যাণ্ডিনেভিয়ান দেশৰ মানুহ গড়ে ওখ, আনহাতে আন কিছুমান দেশৰ মানুহ চাপৰ। কেতিয়াবা ককা-আইতাৰ জিন শিশুৰ মাজত প্ৰকাশ পাব পাৰে, যাৰ ফলত শিশুৰ উচ্চতা বৃদ্ধি পাব পাৰে। পৰিৱেশ আৰু জীৱনশৈলীৰ কাৰক ডাঃ বিনুথাই কয় যে জিনে উচ্চতাৰ ওপৰত প্ৰভাৱ পেলায়, কিন্তু খাদ্যাভ্যাস, শাৰীৰিক কাৰ্যকলাপ, টোপনি আৰু হৰম’নৰ স্বাস্থ্যও গুৰুত্বপূৰ্ণ। উপযুক্ত পুষ্টি, ভিটামিন আৰু প্ৰটিনে হাড়ৰ বৃদ্ধিত সহায় কৰে, আনহাতে ধূমপান আৰু মদৰ দৰে নেতিবাচক কাৰকে উচ্চতাত বাধা দিব পাৰে।

Chandrababu Naidu: চন্দ্ৰবাবু নাইডু কেনেকৈ দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’ল? তেওঁ উপাৰ্জনৰ উৎস জানিলে আচৰিত হ’ব

Chandrababu Naidu: চন্দ্ৰবাবু নাইডু কেনেকৈ দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’ল?
Chandrababu Naidu: চন্দ্ৰবাবু নাইডু কেনেকৈ দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’ল?

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ প্ৰায় ৮২ শতাংশ ধনৰ ৯৩১ কোটি টকাৰ কাৰণ হ’ল দুগ্ধজাত সামগ্ৰী প্ৰতিষ্ঠান হেৰিটেজ ফুডছ লিমিটেডত তেওঁৰ পৰিয়ালৰ অংশীদাৰিত্ব। কোম্পানীটোৰ বিষয়াসকলে এই কথা দাবী কৰিছে। বিষয়াসকলে জনোৱা মতে, তিনি দশকৰো অধিক পূৰ্বে ভাৰতীয় অৰ্থনীতি মুকলি হোৱাৰ কিছু দিনৰ পিছতে ১৯৯২ চনত এই কোম্পানীটো স্থাপন কৰা হৈছিল।(Chandrababu Naidu)

গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ খুচুৰা বিক্ৰী কৰা এই কোম্পানীটো ১৯৯৪ চনত ষ্টক এক্সচেঞ্জত তালিকাভুক্ত হৈছিল। যদিও নাইডুৰ এই কোম্পানীত কোনো অংশীদাৰিত্ব নাই, তথাপিও তেওঁৰ পত্নী ভুৱনেশ্বৰী নাৰাৰ ২৪.৩৭ শতাংশ অংশীদাৰিত্ব আছে, যাৰ মূল্য প্ৰায় ৭৬৩ কোটি টকা। তেওঁৰ এই শ্বেয়াৰ কেপিটেল নাইডুৰ সম্পত্তি হিচাপে গণ্য কৰা হয়। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ এক প্ৰতিবেদনত নাইডুক ৯৩১ কোটিতকৈ অধিক সম্পত্তিৰে দেশৰ সৰ্বাধিক ধনী মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰা হৈছে।(Chandrababu Naidu Income)

এই দাবীৰ ওপৰত হেৰিটেজ ফুডছৰ বিষয়াসকলে কয় যে কোম্পানীটো বিশুদ্ধভাৱে দৈনন্দিন সামগ্ৰী বিক্ৰী কৰা খুচুৰা বিক্ৰেতা আৰু আন্তঃগাঁথনিৰ দৰে নেক্সছৰ ওপৰত ভিত্তি কৰি কোনো পুঁজিবাদী খণ্ডত নাই। কোম্পানীটোৰ বিষয়াসকলে কয়, “যি খুচুৰা বিক্ৰেতাই কোনো ধৰণৰ চৰকাৰী সহায় লাভ নকৰে, তেওঁ নিজৰ সামগ্ৰী মানুহে ভাল পালেহে বৃদ্ধি পাব পাৰে। নাইডু মাত্ৰ বিধায়ক হৈ থকাৰ সময়তে এই কোম্পানীটো প্ৰতিষ্ঠা হৈছিল। এই প্ৰতিষ্ঠানটো শ্বেয়াৰ বজাৰত তালিকাভুক্ত হোৱাৰ পিছত তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ পৰে।

নব্বৈৰ দশকৰ আৰম্ভণিতে সংযুক্ত অন্ধ্ৰ প্ৰদেশৰ নাইডুৰ গৃহ জিলা চিত্তুৰ ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক গাখীৰ উৎপাদনকাৰী জিলা আছিল। সেই সময়ত গাখীৰৰ ব্যৱহাৰ অতিমাত্ৰা আছিল। এনে পৰিস্থিতিত যেতিয়া তদানীন্তন বিত্তমন্ত্ৰী মনমোহন সিঙে অৰ্থনীতি ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত লয়, তেতিয়া নাইডুৱে ১৯৯২ চনত প্ৰাৰম্ভিক মূলধন ৫০ লাখ টকাৰে হেৰিটেজ ফুডছ প্ৰতিষ্ঠা কৰে। কোম্পানীটোৰ বিষয়াসকলৰ মতে, নাইডু দুবছৰ ধৰি হেৰিটেজ ফুডছৰ পৰিচালন সঞ্চালক আছিল। কিন্তু ১৯৯৪ চনত প্রথমবাৰৰ বাবে মন্ত্রী হোৱাৰ পাছত এই পদ ত্যাগ কৰে৷

Diljit Dosanjh Meets PM Modi: দিলজিৎ দোসাঞ্জক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ, প্ৰধানমন্ত্ৰীৰ সৈতে কি কি কথা পাতিলে দিলজিতে?

Diljit Dosanjh Meets PM Modi: দিলজিৎ দোসাঞ্জক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
Diljit Dosanjh Meets PM Modi: দিলজিৎ দোসাঞ্জক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰে দিলজিৎ দোসাঞ্জে। নৱবৰ্ষৰ প্ৰথম দিনা প্ৰধানমন্ত্ৰী মোডীক দিলজিৎ দোসাঞ্জে সাক্ষাৎ কৰা কিছু ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰিছে গায়কগৰাকীয়ে। ইয়াৰ লগতে তেওঁ নিজৰ সুখৰ কথাও প্ৰকাশ কৰে।(Diljit Dosanjh Meets PM Modi)


প্ৰধানমন্ত্ৰী মোডীক লগ কৰিবলৈ দিলজিৎ দোসাঞ্জে ক’লা ৰঙৰ কোট, একে ৰঙৰ পেণ্ট আৰু একে ৰঙৰ মেচিং পাগুৰি পিন্ধি গৈছিল। লগতে হাতত ফুলৰ থোপা এটা লৈ থকা দেখা গৈছে। প্ৰধানমন্ত্ৰীৰ সৈতে ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি দিলজিতে লিখিছে – ‘স্মৰণীয় কথা-বতৰা।’

দিলজিৎ দোসাঞ্জৰ কণ্ঠক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ‘ভাৰতৰ এজন গাঁৱৰ ল’ৰাই যেতিয়া নিজৰ নাম পৃথিৱীত বিখ্যাত কৰি তুলে তেতিয়া ভাল লাগে। তোমাৰ পৰিয়ালে তোমাক দিলজিত নাম ৰাখিলে, গতিকে তুমি মানুহৰ হৃদয় জয় কৰিয়েই থাকে। তেতিয়া দিলজিতে ক’লে যে আমি আগতে পঢ়িছিলোঁ যে মোৰ ভাৰত মহান। কিন্তু কনচাৰ্টৰ সময়ত বহু চহৰ ভ্ৰমণ কৰি গম পালোঁ মোৰ ভাৰতক কিয় মহান বুলি কোৱা হয়। এই সন্দৰ্ভত মোডীয়ে কয় যে সঁচাকৈয়ে ভাৰতৰ বিশালতা নিজৰ মাজতে এক বৃহৎ শক্তি।

এই সময়ত দিলজিতে যোগৰ কথা ক’লে। তেওঁ কৈছিল যে ‘ভাৰতত আটাইতকৈ ডাঙৰ যাদু হৈছে যোগ। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিজনে যোগৰ অভিজ্ঞতা লাভ কৰিছে তেওঁ ইয়াৰ শক্তি জানে। দিলজিতে পাঞ্জাৱী গীত এটা গুণগুণাইও শুনালে প্ৰধানমন্ত্ৰীগৰাকীক।

New year 2025 Tips: নৱবৰ্ষৰ আৰম্ভণিতে কৰক এই ৫টা কাম! টকা-পইচা, সুখ-সমৃদ্ধি বৃদ্ধি পাব…

New year 2025 Tips: নৱবৰ্ষৰ আৰম্ভণিতে কৰক এই ৫টা কাম! টকা-পইচা, সুখ-সমৃদ্ধি বৃদ্ধি পাব…
New year 2025 Tips: নৱবৰ্ষৰ আৰম্ভণিতে কৰক এই ৫টা কাম! টকা-পইচা, সুখ-সমৃদ্ধি বৃদ্ধি পাব…

বুধবাৰৰ পৰা আৰম্ভ হৈছে নতুন বছৰ ২০২৫। যদি আপুনি বিচাৰে আপোনাৰ চাকৰি আৰু ব্যৱসায় ২০২৫ চনত উন্নত হোৱাটো, তেন্তে আজি এই ৫টা কাম কৰিবলৈ নাপাহৰিব। এনে কৰিলে আপুনি বছৰটো বিশেষ কৰি তুলিব পাৰে।(New year 2025 Tips)

সমগ্ৰ বিশ্বৰ মানুহে আশা কৰিছে যে এই নতুন বছৰ তেওঁলোকৰ বাবে সুখৰ হওক। বছৰৰ প্ৰথম দিনটোত বিশেষ কৰি তুলিবলৈ কোনোবাই মন্দিৰলৈ আৰু কোনোবাই গুৰুদ্বাৰালৈ গৈ সেৱা লয়। কোনোবা পৰিয়ালৰ লগত ওলাই গৈ এসাঁজ খাইছে লগে-ভাগে। যদি আপুনি নতুন বছৰটো আপোনাৰ বাবে ভাল হোৱাটো বিচাৰে তেন্তে ২০২৫ চনৰ জানুৱাৰী মাহত ৫টা কাম কৰিব লাগিব। এনে কৰিলে এই বছৰটোৰ ভিতৰত টকাৰ লগতে সমাজত যথেষ্ট সন্মানো অৰ্জন কৰিব।

দৈনন্দিন কাম-কাজ আৰু গা ধোৱাৰ পিছত ঈশ্বৰক আৰাধনা কৰিব। ইয়াৰ পিছত তেওঁলোকক ধূপ-নৈবেদ্য আগবঢ়াই ঈশ্বৰক স্মৰণ কৰিব। তাৰ পিছত যোগাসন আৰু ধ্যান কৰিব। এনে কৰিলে মনত ধনাত্মক শক্তি সঞ্চাৰিত হয়।

যোগ ধ্যান কৰাৰ পিছত এইবাৰৰ সংকল্প মনতে ল’ব পাৰিব। এই সংকল্পই এই বছৰ আপুনি কি ডাঙৰ কাম কৰিবলৈ মন কৰিছে তাৰ প্ৰতীক হ’ব। ইচ্ছা কৰিলে ক’ৰবাত লিখি থওক বা মনত মনত ৰাখিব।

বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদৰ অবিহনে আমি আধৰুৱা। আপুনি তেওঁলোকক উপহাৰ বা তেওঁলোকৰ প্ৰিয় খাদ্য সামগ্ৰী দিব পাৰে। এনে কৰিলে তেওঁলোক অতি সুখী হয় আৰু তেওঁলোকে আপোনাক আশীৰ্বাদ দিয়ে। যিয়ে আপোনাৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

যদি আপুনি বিচাৰে যে আপোনাৰ পাৰ্ছটো কেতিয়াও টকাৰে খালী হৈ নাথাকে, তেন্তে নতুন বছৰত টকাৰ সঠিক ব্যৱহাৰৰ বাবেও শপত খাব পাৰে। ইচ্ছা কৰিলে এই বছৰটোত বেয়া অভ্যাস ত্যাগ কৰিবলৈও শপত খাব পাৰে। এই প্ৰতিকাৰৰ দ্বাৰা বছৰটোৰ ভিতৰতে আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি থাকিব।

সনাতন ধৰ্মত দানৰ অতি গুৰুত্ব আছে। এনে কৰিলে অপৰিসীম গুণ লাভ হয়। সেয়েহে বছৰৰ প্ৰথম দিনটোত আৰ্তজনক খাদ্য, কম্বল, ঔষধ বা অন্যান্য বস্তু দিও সহায় কৰিব পাৰে। বৃদ্ধাশ্ৰমলৈ গৈও নতুন বছৰটো আৰম্ভ কৰিব পাৰে।

Unhealthy Habits: নতুন বছৰত আপোনাৰ স্বাস্থ্যৰ বাবে এই ৩টা খাদ্যাভ্যাস সলনি কৰক!

Unhealthy Habits: নতুন বছৰত আপোনাৰ স্বাস্থ্যৰ বাবে এই ৩টা খাদ্যাভ্যাস সলনি কৰক!
Unhealthy Habits: নতুন বছৰত আপোনাৰ স্বাস্থ্যৰ বাবে এই ৩টা খাদ্যাভ্যাস সলনি কৰক!

নতুন বছৰে নতুন আৰম্ভণিৰ বাৰ্তা আনে। নতুন বছৰে হৈছে নিজকে উন্নত কৰাৰ উপযুক্ত সময়। আমাৰ বেছিভাগেই উন্নত স্বাস্থ্যৰ বাবে নতুন পৰিকল্পনা কৰে, কিন্তু প্ৰায়ে সঠিক খাদ্যাভ্যাসক আমি গুৰুত্ব নিদিওঁ। যদি আপুনি ২০২৫ চনক স্বাস্থ্যসন্মত আৰু শক্তিশালী কৰিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাসত এই ৩টা পৰিৱৰ্তন কৰক।(Unhealthy Habits)

এই অভ্যাসবোৰ গ্ৰহণ কৰকঃ

১/ জাংক ফুড ত্যাগ কৰকঃ
আজিকালি জাংক ফুড খোৱাটো সাধাৰণ হৈ পৰিছে। খাবলৈ সোৱাদযুক্ত হ’লেও জাংক ফুডত পুষ্টিকৰ উপাদানৰ যথেষ্ট অভাৱ। এইবোৰত থকা অতিৰিক্ত চেনি, ট্ৰেন্স ফেট আৰু ছডিয়ামে আমাৰ শৰীৰত মেদবহুলতা, ডায়েবেটিছ আৰু হৃদৰোগৰ সৃষ্টি কৰে। নতুন বছৰত বাহিৰৰ পৰা ভজা আৰু প্ৰচেছড খাদ্য খোৱা কম কৰিবলৈ চেষ্টা কৰক। তাৰ পৰিৱৰ্তে ঘৰতে বনোৱা খাদ্য খাবলৈ চেষ্টা কৰক।(Unhealthy Habits To Avoid)

২) উপযুক্ত পৰিমাণৰ পানী খাব লাগেঃ
বহুলোকেই পৰ্যাপ্ত পৰিমাণৰ পানী নাখায়। যাৰ বাবে শৰীৰত পানীৰ অভাৱ হয়। পানীয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত সহায় কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু ছালখনক উজ্জ্বল কৰি ৰাখে। নতুন বছৰত দিনটোত কমেও ৮-১০ গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক।

৩/ ৰাতিৰ আহাৰ কম আৰু সময়মতে খাব লাগেঃ
বেছি আৰু পলমকৈ ৰাতিৰ আহাৰ খোৱাৰ ফলত পাচনতন্ত্ৰত অতি বেয়া প্ৰভাৱ পৰে। ইয়াৰ ফলত এচিডিটি, মেদবহুলতা আৰু টোপনিৰ সমস্যা হ’ব পাৰে। ২০২৫ চনত এটা নিয়ম বনাওক যে ৰাতিৰ আহাৰ কম, পুষ্টিকৰ হ’ব লাগে আৰু শোৱাৰ ২-৩ ঘণ্টা আগতে খাব লাগে। ইয়াৰ বাবে আপুনি দাইল, শাক-পাচলি, চালাড আৰু চূপৰ দৰে খাদ্য বাছি ল’ব পাৰে।

নতুন বছৰটো আপোনাৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ সুযোগ। এই ৩টা সহজ কিন্তু ফলপ্ৰসূ অভ্যাস গ্ৰহণ কৰিলে আপুনি কেৱল ৰোগৰ পৰা আঁতৰি থকাই নহয়, উন্নত আৰু সুস্থ জীৱনশৈলীও জীয়াই থাকিব পাৰিব।