Home Blog Page 397

Sarbananda Sonowal: প্ৰেৰণা শিশু গৃহৰ অকণিহঁতৰ সৈতে ইংৰাজী নৱবৰ্ষ ২০২৫ৰ শুভাৰম্ভণি উদযাপন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ সৰ্বানন্দ সোণোৱালৰ

Sarbananda Sonowal: প্ৰেৰণা শিশু গৃহৰ অকণিহঁতৰ সৈতে ইংৰাজী নৱবৰ্ষ ২০২৫ৰ শুভাৰম্ভণি উদযাপন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ সৰ্বানন্দ সোণোৱালৰ
Sarbananda Sonowal: প্ৰেৰণা শিশু গৃহৰ অকণিহঁতৰ সৈতে ইংৰাজী নৱবৰ্ষ ২০২৫ৰ শুভাৰম্ভণি উদযাপন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ সৰ্বানন্দ সোণোৱালৰ

অকণিহঁতৰ সৈতে ইংৰাজী নৱবৰ্ষ ২০২৫ৰ শুভাৰম্ভণি উদযাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে।(Sarbananda Sonowal) বুধবাৰে ডিব্ৰুগড়স্থিত ‘প্ৰেৰণা শিশু গৃহ’ৰ শিশুসকলৰ সৈতে কিছু সুমধুৰ সময় পাৰ কৰে সোণোৱালে। সোণোৱালে কয়, “শিশুসকলৰ নিষ্পাপ আৰু সৰল মনৰ উমাল পৰশত লাভ কৰা অনাবিল আনন্দ আৰু সুখানুভূতিৰ তুলনা একোৰে লগত নহয়! শৰীৰ আৰু মনৰ অফুৰন্ত শক্তিৰে তেওঁলোকে জীৱনৰ বাটত আত্মবিশ্বাসেৰে আগুৱাই সফলতা লাভ কৰক, তাকেই অন্তঃকৰণেৰে কামনা কৰিলোঁ আৰু সদৌটিলৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।”

এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, দীপুৰঞ্জন মাক্ৰাৰী আৰু সতীৰ্থসকল উপস্থিত থাকে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “নৱবৰ্ষ মানেই নতুন আশা, নতুন প্ৰত‍্যাশা, নতুন সম্ভাৱনা আৰু নতুন উপলব্ধি। ২০২৪ক বিদায় দি ইংৰাজী নৱবৰ্ষ ২০২৫ত উপনীত হোৱাৰ এই উজ্জীৱিত সময়ত প্ৰতিজন নাগৰিকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত ২০২৪ বৰ্ষটো আছিল সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক এক নতুন গতি দিয়া এক সফল বছৰ। পাৰ হৈ যোৱা দিনবোৰৰ বৰ্ণাঢ্য অভিজ্ঞতা, সফলতাই ২০২৫ বৰ্ষত ন উদ্যমেৰে আগুৱাই যাবলৈ আমাক উদ্বুদ্ধ কৰিছে। ২০২৪ মোৰ বাবে আছিল এক গুৰুত্বপূৰ্ণ বছৰ, কিয়নো এই সময়ছোৱাত নতুন উৎসাহ-উদ্দীপনাৰে দেশমাতৃৰ সেৱা আগবঢ়াই নিয়াৰ বাবে জনসাধাৰণৰ অফুৰন্ত মৰম-আশিস লাভ কৰিলোঁ, ন ন অভিজ্ঞতা সঞ্চয় কৰাৰো সৌভাগ্য হ’ল, যাৰ বাবে সৰ্বস্তৰৰ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ। ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱে গাই যোৱাৰ দৰে আমিও ন উদ্দীপনাৰে ক’ব খোজোঁ- “সময়ৰ অগ্ৰগতিৰ পক্ষীৰাজত উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহি মুখে হাঁহি মুখে”।

বিগত বছৰটিত দেশৰ বিভিন্ন খণ্ডৰ সৰ্বাংগীণ উত্তৰণৰ লগতে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্ৰিক খণ্ডক উন্নয়নৰ এক নতুন শিখৰত উপনীত কৰোৱাৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত শীঘ্ৰেই ভাৰতক বিশ্বৰ ১০ খন আগশাৰীৰ সামুদ্ৰিক ৰাষ্ট্ৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ আমি দৃঢ় পণ লৈছোঁ। ২০২৪ বৰ্ষটো ~ ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবে এক মাইলৰ খুঁটি। দেশৰ ১৩সংখ্যক আৰু সৰ্ববৃহৎ মুখ্য বন্দৰৰ আধাৰশিলা স্থাপনৰপৰা বিশ্বমুখী নতুন বাণিজ্যিক পথ মুকলি কৰালৈ, আমি বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ ত্বৰান্বিত কৰিলোঁ। এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে নিষ্ঠাৰে আৰু ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ এই নতুন বছৰটোত আমি সকলোৱে সংকল্পবদ্ধ হওঁ আহক। এই বছৰটিয়ে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি, সমৃদ্ধি আৰু আশাৰ বতৰা।”

Assam Book Fair: নৱবৰ্ষৰ পহিলা দিনটোত পুথিপ্ৰেমীৰ উৎসাহজনক সমাৱেশ অসম গ্ৰন্থমেলাত

Assam Book Fair
Assam Book Fair: নৱবৰ্ষৰ পহিলা দিনটোত পুথিপ্ৰেমীৰ উৎসাহজনক সমাৱেশ অসম গ্ৰন্থমেলাত

খ্ৰীষ্টিয় নৱবৰ্ষৰ পহিলা দিনটোত পুথিপ্ৰেমীৰ উৎসাহজনক সমাৱেশ হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷ (Assam Book Fair)

পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়ালৈ বিৰদি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে খানাপাৰা বাকৰি ৷ নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ , জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ সমাৱেশে অসম গ্ৰন্থমেলা, গুৱাহাটীত উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে ৷ বিপণীত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৫ক স্বাগত জনায় পঢ়ুৱৈ সমাজে ৷ বুধবাৰে কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷ ইপিনে বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে আকৰ্ষণীয় অনুষ্ঠান লেখক-পাঠকৰ সমাৰোহ “উন্মীলন”৷ এই অনুষ্ঠান উদ্বোধন কৰে মহানগৰীৰ আৰক্ষী আয়ুক্ত, কবি-লেখক ড° পাৰ্থ সাৰথি মহন্তই ৷ তেওঁ কয় যে গ্ৰন্থমেলা সদায়ে বৌদ্ধিক চৰ্চাৰ থলী হিচাপে বিবেচিত হৈ আহিছে ৷ কিতাপৰ সান্নিধ্যই মনলৈ এক পবিত্ৰতা আনি দিয়ে ৷ কাৰণ কিতাপৰ মাজেৰেই আমাৰ ভাষা-সাহিত্য জীয়াই থাকে, ভাষা-সাহিত্য আগবাঢ়ে ৷ নিজৰ ভাষাটোক অৰ্থাৎ মাতৃভাষাক সন্মান কৰা, শুদ্ধভাৱে চৰ্চা আৰু প্ৰয়োগ কৰাটো আমাৰ সকলোৰে দায়িত্ব ৷ নিজৰ ভাষাটোকলৈ আমি গৌৰৱ কৰিব পৰা মানসিকতা গঢ়ি তুলিব লাগিব ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে কলকতাৰ বিশিষ্ট লেখক বিনোদ ঘোষালে ৷ তেওঁ নিজৰ জীৱন সংগ্ৰামৰ বিষয়ে উল্লেখ কৰি কয় কেনেদৰে দোকানত কাম কৰিছিল, আনৰ ঘৰৰ বজাৰৰ হিচাপ ৰাখি জীৱন নিৰ্বাহ কৰিছিল আৰু কষ্টকৰ দৈনন্দিন জীৱন-যাত্ৰাৰ মাজতো লিখাৰ অনুশীলন কৰিছিল ৷ তেওঁ নতুন লেখকসকলক উদ্দেশ্যি কয়—“কলমটোৰ ভুল ব্যৱহাৰ কৰিব নালাগে ৷ নিজৰ যি বিশ্বাস সেয়াহে লিখিব লাগে ৷ যি কথা নিজে বিশ্বাস নকৰে সেয়া লিখা অনুচিত ৷” অনুষ্ঠানটি আকৰ্ষণীয়ৰূপত সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক-লেখক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে ৷ তেওঁ “উন্মীলন”ত অংশগ্ৰহণ কৰা নতুন লেখকসকলৰ গল্প, কবিতা, নিৱদ্ধৰ বিভিন্ন দিশ আলোচনাৰ মাজলৈ আনে ৷ তেওঁ কয় যে নতুন লেখকসকল নিজৰ ভাষাটোৰ প্ৰতি সজাগ হোৱা উচিত ৷নিজৰ ভাষাটো ভুলকৈ ব্যৱহাৰ কৰাটো অত্যন্ত দুখজনক ৷ তেওঁ গ্ৰন্থমেলাত যুৱ-লেখকসকলৰ বাবে এনে এটা অনুষ্ঠানৰ আয়োজন কৰি নতুন লেখকসকলক ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ উলিয়াই অনাৰ প্ৰয়াস আদৰণীয় ৷ “উন্মীলন”ত অংশগ্ৰহণ কৰা যুৱ-লেখকসকল হৈছে সৃঞ্জনা শৰ্মা, কৌশিকী গোস্বামী, সংকল্পজিৎ শইকীয়া, হেমন্ত বৰা, হৰ্ষিতা হিয়া, ৰ’দালি চেতিয়া, দিগন্ত নিৱিড়, প্ৰাণজিৎ কোঁচ, ছেল্‌ফ মেড ৰাণী, বৰষাৰাণী বৰা,অন্তৰীপ কাকতি আদি যুৱ প্ৰজন্মৰ গল্পকাৰ, কবি, নিৱন্ধকাৰসকলে ৷

গজেন্দ্ৰ চিন্তামণি, জ্যোতিষ উন্মোচন

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা, গুৱাহাটীত আজি দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচিত হয় ৷ ৰাজ্য চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ে প্ৰকাশ কৰা গ্ৰন্থ দুখন হৈছে জামুগুৰিৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° ৰাস্না ৰাজখোৱাই সম্পাদনা কৰা “গজেন্দ্ৰ চিন্তামণি” আৰু “জ্যোতিষ” ৷ “গজেন্দ্ৰ চিন্তামণি” উন্মোচন কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ কয় যে অসম গ্ৰন্থমেলাৰ বাকৰিত উন্মোচিত গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ ভিতৰত “গজেন্দ্ৰ চিন্তামণি” অন্যতম ৷ অসম প্ৰকাশন পৰিষদে এই মূল্যৱান পুথিখনৰ ইংৰাজী সংস্কৰণৰ কামো সম্পূৰ্ণ কৰি তুলিছে ৷ অচিৰেই গ্ৰন্থখনে প্ৰকাশৰ মুখ দেখা পাব৷

“জ্যোতিষ” গ্ৰন্থখন উন্মোচন কৰে কলকতাৰ বিশিষ্ট লেখক বিনোদ ঘোষালে ৷ তেওঁ কয় যে গ্ৰন্থ এখন উন্মোচন হোৱা মানেই মানৱ সভ্যতালৈ শুভবাৰ্তা ৷ গ্ৰন্থমেলাসমূহ দৰাচলতে জ্ঞানৰ মেলা ৷ কাৰণ কিতাপৰ মাজেৰে ইয়াত জ্ঞানৰ দুৱাৰ মুকলি কৰা হয় ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক ড° সংগীতা গগৈয়ে ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষ ২০২৫ক কিতাপৰ বছৰ বুলি কৰা ঘোষণাৰে সংগতি ৰাখি বছৰৰ পহিলা দিনটোতে আজি এই গ্ৰন্থ দুখন উন্মোচন কৰা হৈছে ৷ এই দুয়োখন পুথি পুৰনি সাঁচিপতীয়া পুথিৰ পৰা পাঠ সংগ্ৰহ কৰি সম্পাদনা কৰা বুলি সদৰী কৰে ড° গগৈয়ে ৷ বিশিষ্ট সাংবাদিক-লেখক অচ্যুৎ কুমাৰ পাটোৱাৰীয়েও অংশগ্ৰহণ কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷

Shivanand-Kakati । “কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে”- শিৱানন্দ কাকতি

Shivanand-Kakati । "কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে"- শিৱানন্দ কাকতি
Shivanand-Kakati । "কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে"- শিৱানন্দ কাকতি

১ জানুৱাৰী, ২০২৫ঃ Shivanand-Kakati । “কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে। পাঠ্যপুথিৰ বাহিৰে আন কিতাপসমূহৰ মাজেৰে শিশুৱে জীৱন আৰু জগতৰ বহু কৌতূহল আৰু ৰহস্যৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়। জীৱনৰ ভেটি গঢ়াত এই অধ্যয়নে প্ৰচুৰ ভূমিকা পালন কৰে। এখন সুস্থ সমাজ আৰু এটা শক্তিশালী জাতি গঠনৰ বাবে এই কিতাপ পঢ়াৰ পৰিৱেশটো অতিকৈ প্ৰয়োজন।”

সমাজৰ শিশু আৰু অকণি সকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত এক বিশেষ প্ৰয়াস হাতত লৈ আজি নৱবৰ্ষৰ প্ৰথম দিনটোত শংকৰদেৱ শিশু নিকেতন, ফুলগুৰিৰ খেল পথাৰত “কিতাপ পঢ়াৰ আন্দোলন” নামকৰণেৰে এক বিশেষ কাৰ্য্যসূচীৰ উদ্বোধন হয় আৰু এই কাৰ্য্যসূচীৰ শুভ উদ্বোধকৰূপে উপস্থিত থাকে বিশিষ্ট গল্পকাৰ, নাট্যকাৰ শিৱানন্দ কাকতিয়ে এনেদৰে কয়। শিশুসকলৰ মাজত কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা আৰু আনন্দৰ ওপৰত এক গুৰুত্বপূৰ্ণ আৰু সাৰুৱা বক্তব্যৰে শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলক তেখেতে অনাবিল আনন্দৰ খোৰাক যোগায়। উক্ত অনুষ্ঠানতে ডাঃ দেৱদূত কাকতি আৰু অনুষ্ঠানটোৰ মুখ্য পৃষ্ঠপোষক গৌতম ডেকাই নিজৰ জীৱনত সংঘটিত হোৱা কিছু ঘটনাৰে শিশুসকলক কিতাপ পঢ়াৰ অভ্যাস গঠন কৰিবলৈ উৎসাহ প্ৰদান কৰে।

গৌতম ডেকাই ভাষণ প্ৰসংগত কয় যে অত্যধিক ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰে শিশুৰ স্মৃতিশক্তিৰ বিনাশ কৰে। গতিকে যিমান পাৰি কিতাপৰপৰা পোনপটীয়াকৈ জ্ঞান আহৰণৰ প্ৰয়াস কৰিব লাগে। “প্ৰজ্ঞা” মঞ্চৰ সভাপতি তথা বিশিষ্ট লেখক আৰু গীতিকাৰ প্ৰাঞ্জল কুমাৰ মহন্ত শিশুসকলৰ মাজত এক নতুনত্ব আনিবৰ বাবে ভাষণ প্ৰসংগত ক্ৰয় কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰসকলৰ মাজত কিছু কিতাপ বিতৰণ কৰাৰ কথাও উল্লেখ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে অকণিৰ মঞ্চ প্ৰজ্ঞাৰ সম্পাদক দিব্যজোতি মেধিয়ে আৰু উদ্দেশ্য ব্যাখ্যাত তেওঁ কয় যে নতুন বছৰৰ জানুৱাৰী মাহৰ ভিতৰত প্ৰায় দহখন শিক্ষানুষ্ঠানত এই কাৰ্য্যসূচী অনুষ্ঠিত হ’ব আৰু সমূহ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ “কিতাপ পঢ়াৰ আনন্দ” বিষয়ৰ এখনি ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ।


শেষত আজিৰ সমুহ কাৰ্য্যসূচীৰ তদাৰক কৰা নিকেতনৰ প্ৰধান আচাৰ্য্য নৱজ্যোতি শৰ্মা প্ৰমুখ্যে নিকেতনৰ সমূহ আচাৰ্য্য-আচাৰ্য্যা আৰু উপস্থিত অভিভাৱকসকলক অকণিৰ মঞ্চ প্ৰজ্ঞাৰ তৰফৰ পৰা আন্তৰিক শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি দিনটোৰ কাৰ্য্যসূচীৰ সমাপ্তি ঘোষণা কৰা হয় ।

Himanta Biswa Sarma । নৱবৰ্ষৰ পহিলা দিনটোতে একাধিক প্ৰাপ্তি আৰু আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

Himanta Biswa Sarma । নৱবৰ্ষৰ পহিলা দিনটোতে একাধিক প্ৰাপ্তি আৰু আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰীয়ে
Himanta Biswa Sarma । নৱবৰ্ষৰ পহিলা দিনটোতে একাধিক প্ৰাপ্তি আৰু আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

১ জানুৱাৰী, ২০২৫ঃ himanta biswa sarma । কইনাধৰাত মুখ্যমন্ত্ৰীৰ ‘নতুন দিনৰ আলাপ’ অনুষ্ঠান। ‘নতুন দিনৰ আলাপ’ অনুষ্ঠানত ৰাজ্যবাসীক একাধিক আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ‘‘ইলেকট্ৰিক বাছ চলা ৰাজ্যৰ ভিতৰত অসম ষষ্ঠ। ২০২৬ত জৈৱ ইন্ধনচালিত বাছ বন্ধ কৰাৰ চিন্তা কৰা হৈছে।’ নৱবৰ্ষৰ পহিলা দিনটোতে ৰাজ্য চৰকাৰৰ লাখ-লাখ কৰ্মচাৰীলৈ আহিল ভাল খবৰ। ১ জানুৱাৰীৰ দিনাই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে মুকলি ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। পাৰস্পৰিক বুজাবুজিৰে কৰ্মচাৰীয়ে পাব বদলিৰ সুবিধা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে এই সুবিধা। মুখ্যমন্ত্ৰীয়ে জনাই যে ব’হাগ বিহুৰ পূৰ্বে হ’ব এই বদলিৰ প্ৰক্ৰিয়া। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক স্বচ্ছভাৱে বদলি কৰাৰ এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। আনফালে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ বিনামূলীয়া বীমাৰ ব্যৱস্থা। কৰ্মচাৰীৰ মৃত্যু হ’লে লাভ কৰিব বীমাৰ ধন।

মুখ্যমন্ত্ৰীয়ে জনাই যে ‘‘কাজিৰঙাত বাঢ়িছে পৰ্যটকৰ সংখ্যা। আজিৰ দিনত সকলো বুকিং হৈছে হাতী-জীপ। বৰ্তমান কাজিৰঙাৰ পৰ্যটকসকল ব্যক্তিগত আৱাসত কটাইছে। যাৰ ফলত লাভ হৈছে নিবনুৱা যুৱক-যুৱতী। কাজিৰঙাত প্ৰধানমন্ত্ৰীয়ে নিশা কটোৱাৰ পিছতে বাঢ়িছে পৰ্যটকৰ সংখ্যা। ৰাষ্ট্ৰপতি, ভূটানৰ ৰজাৰ পৰিদৰ্শনৰ পিছতে কাজিৰঙাৰ বাঢ়িছে পৰ্যটক। মানস ৰাষ্ট্ৰীয় উদ্যানতো প্ৰধানমন্ত্ৰীয়ে এনিশা কটোৱাৰ আশ্বাস প্ৰদান কৰিছে।’’

মুখ্যমন্ত্ৰীয়ে জনাই যে ‘‘জুন-জুলাইত উদ্বোধন হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। কুমাৰ ভাস্কৰ বৰ্মনৰ নামেৰে নামকৰণ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। আনফালে ফেব্ৰুৱাৰীত আৰম্ভ হ’ব নাৰেংগী-কুৰুৱা দলঙৰ কাম। ইতিমধ্যে আৰম্ভ হৈছে পলাশবাৰী-শুৱালকুছি দলঙৰ কাম।’’

লগতে মুখ্যমন্ত্ৰীয়ে জনায়- ২০২৫ৰ ভিতৰত আৰু ১০০খন ইলেকট্ৰিক বাছ পাব ৰাইজে। ২০২৬ চনত গুৱাহাটীত ডিজেল বাছ বন্ধৰ চিন্তা-চৰ্চা কৰা হৈছে। এবছৰৰ ভিতৰত ইষ্ট ওৱেষ্ট কৰিড’ৰ কাম সম্পূৰ্ণ হ’ব।

Orang National Park । নৱবৰ্ষৰ প্ৰথম দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰাজে দৰ্শন দিলে পৰ্যটকক

Orang National Park । নৱবৰ্ষৰ প্ৰথম দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰাজে দৰ্শন দিলে পৰ্যটকক
Orang National Park । নৱবৰ্ষৰ প্ৰথম দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰাজে দৰ্শন দিলে পৰ্যটকক

১ জানুৱাৰী, ২০২৫ঃ Orang National Park । নৱবৰ্ষৰ প্ৰথম টো দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজ স্থলী ভীৰ। প্ৰতি জনেই সকলো ব্যস্ততাৰ পৰা আতঁৰি পৰিয়াল সৈতে প্ৰকৃতিৰ মাজত এসাজ তৃপ্তিৰে খাবলৈ ব্যস্ত। ব্যতিক্ৰম নহয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৰাতিপুৱাৰ পৰা পৰ্যটকৰ সোঁত বৈ ছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত।প্ৰতিজনেই পৰিয়ালৰ সৈতে জিপ ছাফাৰী কৰি আনন্দ লৈছে প্ৰকৃতিৰ।আনন্দিত হৈ পৰিছে সকলো পৰ্যটক।

প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ গছ-গছনী,চৰাই চিৰিকতি, জীৱ-জন্তুৰ সৈন্দৰ্য্যৰ মাজত আপোন পাহৰা হৈছে।কোনেবাই দৰ্শন পাইছে বনৰাজক,কোনোবাই আকৌ প্ৰত্যক্ষ কৰিলে হাতি,হৰিনা,গড় আৰু নল গাহৰি। নৱবৰ্ষৰ প্ৰথম টো দিনাই সকলো পৰ্যটক আনন্দিত। দুই এজনৰ মন বেয়া দৰ্শন নাপালে বনৰাজক।চৰকাৰ প্ৰতি সকলোৰে আবেদন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি দৃষ্টি ৰখাৰ।

Mamata Banerjee । দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে মমতা বেনাৰ্জীৰ নাম

Mamata Banerjee । দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে মমতা বেনাৰ্জীৰ নাম
Mamata Banerjee । দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে মমতা বেনাৰ্জীৰ নাম

১ জানুৱাৰী, ২০২৫ : Mamata Banerjee । ১৩ বছৰ ধৰি বংগৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা মমতাৰ মুঠ সম্পত্তিৰ মূল্য ১৫ লাখ টকা। এডিআৰ(Association for Democratic Reforms)ৰ তথ্য অনুসৰি যোৱা ৩ বছৰত মমতা বেনাৰ্জীৰ ধন-সম্পত্তি যথেষ্ঠ কমিছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰিছিল ১৬.৭২ লাখ টকাৰ সম্পত্তি।

বৰ্তমান বংগৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত মমতা বেনাৰ্জী। মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে মমতা কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ আছিল। পেঞ্চনৰ নিয়ম অনুসৰি মমতাই প্ৰতিমাহে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত পেঞ্চনৰ ধন লাভ কৰে, কিন্তু ২০১১ চনৰ পৰা মমতাই এই ধন লোৱা নাই।


পশ্চিম বংগত মুখ্যমন্ত্রীয়ে ২ লাখ ১০ হাজাৰ টকাৰ দৰমহা পোৱাৰ ব্যৱস্থা আছে যদিও মমতাই মুখ্যমন্ত্রীৰ দৰমহাও নলয়৷ এই ধন পুঁজিলৈ দান কৰে। এটা সাক্ষাৎকাৰত মমতাই কৈছিল যে, মই চৰকাৰী ধনৰ চাহো নাখাওঁ। মই মোৰ সকলো খৰচ নিজেই বহন কৰিবলৈ চেষ্টা কৰোঁ।

Nazira । আন্তঃজিলা এথলেটিকছত নাজিৰাৰ দুই খেলুৱৈৰ সাফল্য

Nazira । আন্তঃজিলা এথলেটিকছত নাজিৰাৰ দুই খেলুৱৈৰ সাফল্য
NaziraNazira । আন্তঃজিলা এথলেটিকছত নাজিৰাৰ দুই খেলুৱৈৰ সাফল্য

১ জানুৱাৰী, ২০২৫ঃ Nazira। নাজিৰাৰ ন -কপহুৱাৰ গৌতম গগৈৰ ডিচকাছ থ্ৰ’ ১৮ বছৰ অনুৰ্ধ শাখাত ৰূপৰ পদক আৰু ১৪ বছৰ অনুৰ্ধৰ ট্ৰাইথালনত নাজিৰাৰ শিলাসাকোৰ প্ৰিয়ানুজ বৰুৱাৰ সোণৰ পদক লাভ অসম এথলেটিকছ সন্থাৰ উদ্যোগত মৰিগাঁৱত অনুষ্ঠিত হোৱা ৪৬ তম আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত নাজিৰাৰ ন -কপহুৱাৰ গৌতম গগৈৰ ডিচকাছ থ্ৰ’


১৮ বছৰ অনুৰ্ধ শাখাত ৰূপৰ পদক আৰু ১৪ বছৰ অনুৰ্ধৰ ট্ৰাইথালনত নাজিৰাৰ শিলাসাকোৰ প্ৰিয়ানুজ বৰুৱাই সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয়।

happy new year । সম্ভাৱনা, আশা আৰু নতুনত্বৰ বাটেৰে আহিল ইংৰাজী বৰ্ষ ২০২৫

happy new year । সম্ভাৱনা, আশা আৰু নতুনত্বৰ বাটেৰে আহিল ইংৰাজী বৰ্ষ ২০২৫
happy new year । সম্ভাৱনা, আশা আৰু নতুনত্বৰ বাটেৰে আহিল ইংৰাজী বৰ্ষ ২০২৫

নগাঁও, ৩১ ডিচেম্বৰ,২০২৪ঃ happy new year । সম্ভাৱনা, আশা আৰু নতুনত্বৰ বাটেৰে আহিল ইংৰাজী বৰ্ষ ২০২৫। আশা-নিৰাশা,প্ৰাপ্তি-অপাপ্তি মাজেৰে পৰিসমাপ্তি ঘটিল ইংৰাজী বৰ্ষ ২০২৪। মধ্য অসমৰ অন্যতম জিলা হিচাপে পৰিচিত নগাঁও জিলাত ২০২৪ বৰ্ষটোত শিক্ষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদিত কিছু ক্ষেত্ৰত সফলতা আহিল যদিও বিৰল সফলতা লাভ কৰা পৰিলক্ষিত নহ’ল। আনকি, কোনো এগৰাকী নগঞাই ৰাজ্যিক তথা ৰাষ্ট্ৰীয় বঁটা -সন্মান আদি কঢ়িয়াই আনিবলৈ সক্ষম নহ’ল। অৱশ্যে নিজস্ব প্ৰতিভাৰে জিলা বাসীক গৌৰাম্বিত কৰিলে একমাত্ৰ ভাস্বত শইকীয়াই। ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত (আই এ এছ)ত উজ্বলিল নগাঁৱৰ এই গৰাকী মেধাৱী ছাত্ৰ ভাস্বত শইকীয়া। তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ৫৫২ সংখ্যক স্থান লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে। ২০২৪ বৰ্ষটোত, সংস্কৃতিৰ ক্ষেত্ৰখনৰ জৰিয়তে বহু সন্মানীয় বঁটা-পুৰষ্কাৰে নগাঁও জিলা বাসীক গৰ্বিত কৰে নগঞা বিশিষ্টা অভিনেত্ৰী-পৰিচালক আইমী বৰুৱাই। নগাঁৱৰ জীয়ৰী সু অভিনেত্ৰী-পৰিচালিকা আইমী বৰুৱাই “বিৰুবালা-‘উইটচ’টু পদ্মশ্ৰী”ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰাৰ লগতে তেওঁ কাঁ চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি গৰ্বিত কৰে নগঞা ৰাইজক।

তদুপৰি, ক্ৰীড়া ক্ষেত্ৰত সুনাম কঢ়িয়াই আনিলে নগঞা দুই কীতিমানে। বহি:ৰাজ্য হাৰিয়ানাত অনুষ্ঠিত ৩৮ তম ৰাষ্ট্ৰীয় চাৱ জুনিয়ৰ টাইকুণ্ড চেম্পিয়ন শ্বিপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সোণৰ পদক লাভ কৰিলে নগঞা ছাত্ৰী ৰাইছা ৰহমানে। আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ জীট কণ্ডু চেম্পিয়ন হিচাপে সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছে আন এগৰাকী নগঞা কন্যা ছাদিয়া তাবাচ্ছুম। ইপিনে, অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাতো এইবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হয় কৃতীমান। ২০২৪ বৰ্ষটোত একাধিক আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনী-কৰ্মশালাত অংশগ্ৰহণ কৰি জিলাবাসীক গৰ্বিত কৰে খ্যাতনামা চিত্ৰশিল্পী ক্ৰমে সুজিত দাসে আৰু ৰাজীৱ দাসে। ২০২৪ বৰ্ষটোত নগাঁৱৰ সুসন্তান প্ৰসিদ্ধ চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত নিৰ্মান কৰা প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সি নিঃসন্দেহে জিলা খনৰ বাবে ভাল খবৰ আছিল। আনহাতে, ২০২৪ বৰ্ষটোত নগাঁও জিলা বাসীয়ে হেৰুৱাব লগীয়া হয় বিশিষ্ট সংগীতজ্ঞ, গণশিল্পী সূৰ্য দাস, সংগীতজ্ঞ দিগেন মহন্ত, ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক জগদীশ দাস, ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোস্তাফা শ্বহিদুল ইছলাম, বিশিষ্ট শিক্ষাবিদ -সাহিত্যিক ক্ৰমে ড° সাগৰ বৰুৱা আৰু শ্বেখ আব্দুল মালিক, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ৰমে আব্দুল মন্নান ফাৰুকী আৰু শ্বিৰাজুল ইছলাম, নগাঁও ছোৱালী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নিজাম উদ্দিন, বিশিষ্ট চিকিৎসক ডাঃ বিজয় কুমাৰ চাওচাৰীয়া, জ্যেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাস আদিক।

‘Kaivalya’ । গ্ৰন্থমেলাত উন্মোচিত হ’ল বিনীশা দেৱীৰ নতুন উপন্যাস ‘কৈৱল্য’

'Kaivalya' । গ্ৰন্থমেলাত উন্মোচিত হ’ল বিনীশা দেৱীৰ নতুন উপন্যাস 'কৈৱল্য'
'Kaivalya' । গ্ৰন্থমেলাত উন্মোচিত হ’ল বিনীশা দেৱীৰ নতুন উপন্যাস 'কৈৱল্য'

গুৱাহাটী,ডিচেম্বৰ ৩১: ‘Kaivalya’ । উন্মোচিত হ’ল বিনীশা দেৱীৰ নতুন উপন্যাস ‘কৈৱল্য’৷অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত চলি অসম গ্ৰন্থমেলা,গুৱাহাটী প্ৰাংগণত মণিকুট প্ৰকাশনৰ বিপণীত উপন্যাসখন উন্মোচন কৰা হয় ৷ উপন্যাসখন প্ৰকাশ কৰিছে মণিকুট প্ৰকাশনৰ হৈ মৃণাল কুমাৰ মিশ্ৰই৷এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ,বিশ্লেষক ময়ূৰ বৰা,অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ খগেন দহোতীয়া,লিমাৰিক কবি যোগানন্দ মহন্ত,সমাজকৰ্মী ঋষি পাঠক উপস্থিত থাকে৷

ইতিমধ্যে কেইবাখনো গ্ৰন্থৰ স্ৰষ্টা বিনীশা দেৱীৰ নতুন উপন্যাস কৈৱল্যত এটি মনপৰশা কাহিনী উপস্থাপন কৰা হৈছে ৷ মানুহৰ মনঃস্তত্ত্বক অধ্যয়ন কৰি সম্পৰ্কৰ ভেটিত ৰচিত গ্ৰন্থখন গ্ৰন্থমেলাৰ বিপণীত ইতিমধ্যেই উপলব্ধ হৈছে৷

Assam book fair 2024 । ৩১ ডিচেম্বৰৰ শীতত গ্ৰন্থৰ সান্নিধ্যৰে প্ৰাণোচ্ছল অসম গ্ৰন্থমেলা

Assam book fair 2024 । ৩১ ডিচেম্বৰৰ শীতত গ্ৰন্থৰ সান্নিধ্যৰে প্ৰাণোচ্ছল অসম গ্ৰন্থমেলা
Assam book fair 2024 । ৩১ ডিচেম্বৰৰ শীতত গ্ৰন্থৰ সান্নিধ্যৰে প্ৰাণোচ্ছল অসম গ্ৰন্থমেলা

গুৱাহাটী, ৩১ ডিচেম্বৰঃ Assam book fair 2024 । বছৰটোৰ অন্তিম দিনা আজি ৩১ ডিচেম্বৰত গ্ৰন্থপ্ৰেমীৰ ভিৰত উছৱমুখৰ হৈ উঠে অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ শীতৰ সন্ধিয়া গ্ৰন্থৰ সান্নিধ্যৰে মায়াময় পৰিৱেশত পুথিপ্ৰেমীসকলে প্ৰাণোচ্ছল কৰি তোলে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত গ্ৰন্থমেলা ৷অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাত আজি পৰিলক্ষিত হয় অভূতপূৰ্ব জনসমাগম ৷ কুঁৱলি আচ্ছাদিত শীতৰ সন্ধিয়া লেখক-পাঠকৰ মাজত চলা সাহিত্যৰ আড্ডাই সজীৱ কৰি তোলে গ্ৰন্থমেলাৰ চোতাল ৷ নতুন কিতাপ বিচাৰি অহা পঢ়ুৱৈৰ সংখ্যাও ক্ৰমান্বয়ে বাঢ়ি অহা পৰিলক্ষিত হৈছে বিপণীসমূহত ৷ সমান্তৰালভাৱে ভাষা-সাহিত্য-ইতিহাস-সংস্কৃতিক লৈ আয়োজন কৰা ভিন্নসুৰি কাৰ্যসূচীয়েও আকৰ্ষণীয় কৰিছে অসম গ্ৰন্থমেলাক ৷

১ ডিচেম্বৰৰ শীতত গ্ৰন্থৰ সান্নিধ্যৰে প্ৰাণোচ্ছল অসম গ্ৰন্থমেলা, গুৱাহাটী

বিয়লি ১ বজাৰ পৰা গ্ৰন্থমেলা প্ৰাংগণত আয়োজিত হয় “অসমৰ সাংস্কৃতিক বিৱৰ্তনৰ ইতিহাসঃ পুৰাকালৰ পৰা সাম্প্ৰতিক সময়লৈ” শীৰ্ষক আলোচনা সত্ৰ ৷ এই সত্ৰ সঞ্চালনা কৰি বিশিষ্ট ইতিহাসবিদ, শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চল অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰীয়ে কয়—“অসমৰ প্ৰাণ-সত্তা সকলো অসমীয়াৰে সত্তা ৷ আমাৰ জাতীয় জীৱনৰ সত্তা এয়া ৷ সকলো জাতি-জনজাতিৰে অসমীয়া সংস্কৃতি গঢ়ি উঠিছে ৷ অসমৰ সামূহিক ঐক্যক সংস্কৃতিয়ে সমৃদ্ধ কৰিছে ৷ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ একেই সত্তা ৷ বিৱৰ্তনৰ মাজেৰে আমাৰ সমাহিত সংস্কৃতি গঢ়ি উঠিছে ৷ সংঘাত আৰু সমন্বয় আমাৰ সংস্কৃতিৰ অলংকাৰ ৷

এই সংস্কৃতিয়ে আমাক সদায়ে জাগ্ৰত কৰি ৰাখে ৷”
তেওঁ লগতে কয় যে প্ৰাগজ্যোতিষপুৰৰ পৰা এতিয়ালৈ আমি কিমান স্তৰ পাৰ হৈ আহিছো সেয়া বিচাৰ কৰাৰ প্ৰয়োজন আছে ৷ লোককলা, লোককথা আৰু প্ৰত্নতত্ত্বৰ জৰিয়তে নৰকাসুৰ, ভগদত্তৰ সময়ৰ ইতিহাসত দৃষ্টিপাত কৰিব পাৰি ৷ পৰৱৰ্তী পৰ্যায়ৰ কামৰূপ বিশাল এখন দেশ আছিল ৷ এতিয়াও পশ্চিম প্ৰান্তৰ ভাষাটোক কামৰূপী বাংলা বুলি কোৱা হয় ৷ কিন্তু আমি কামৰূপী অসমীয়া বুলি নকও ৷ সত্ৰখনৰ এগৰাকী আলোচক, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° যোগেশ কাকতিৰ মতে—“ অসমীয়া জাতিটো স্বাভিমানী জাতি ৷ এই স্বাভিমান দৰাচলতে সংস্কৃতি ৷ সেইবাবে ইয়াত বখ্‌তিয়াৰ খিলিজীক পৰাভূত কৰাটো সম্ভৱ হৈছিল ৷

ব্ৰিটিছৰ শাসনতো স্বাভিমান প্ৰকাশেৰে মুক্তি যুঁজত অৱতীৰ্ণ হৈছিল অসমীয়া জাতি ৷ এসময়ত অসমত আহোম আৰু কোচৰাজতন্ত্ৰৰ শাসন আছিল ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অসমখন দুভাগত বিভক্ত হৈছিল ৷ ভাৰতৰ অখণ্ডতা আৰু হিন্দু শৌৰ্য-শক্তি ৰক্ষাৰ বাবে মধ্যযুগৰে পৰা অসমে অতুলনীয় অৱদান আগবঢ়াইছিল ৷ সাংস্কৃতিক বিৱৰ্তনৰ ইতিহাসত স্তৰে স্তৰে ইয়াৰ প্ৰমাণ পোৱা যায় ৷” ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰে বৰভাগ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক-গৱেষক ড° নমিতা দেৱীয়ে ৷ তেওঁ বিষয় সন্দৰ্ভত কয় যে পুৰাকালৰ পৰা সাংস্কৃতিক বিৱৰ্তন বুলিলে এক বিশাল পৰিসৰ ৷ সংস্কৃতি মানুহৰ সৈতে জৰিত ৷ অৰ্থাৎ মানুহৰ ইতিহাসেই সংস্কৃতিৰো ইতিহাস আৰু ইয়াৰ বিৱৰ্তনৰো ইতিহাস ৷ জ্ঞান পৰম্পৰাৰ আধাৰতে সংস্কৃতি গঢ়ি উঠে ৷ বস্তুবাদ আৰু ভাববাদ সংস্কৃতিৰ দুটা ৰূপ ৷ মানুহৰ প্ৰমূল্যবোধ, চিন্তা-চেতনা, কৰ্মকৃতিয়ে পুৰাকালৰ পৰা বিভিন্ন পৰ্যায় ৰ মাজেৰে আহি অসমৰ সমাহিত সংস্কৃতি গঢ়ি উঠিছে ৷ মানুহৰ জীৱন শৈলী সলনি হ’লেও সংস্কৃতিৰ মূল ভেটি একেই থাকে ৷

এয়াই একোটা জনসমষ্টিৰ আত্মপৰিচয়ৰ মূল ৷ ভাষা আৰু সংস্কৃতি দুয়োটাইহে জাতি গঠন কৰে ৷ ইয়াৰে এটাক বাদ দি আনটো সম্পূৰ্ণ নহয় ৷ অসমৰ জাতি আৰু সংস্কৃতি গঠন প্ৰক্ৰিয়াও এনেদৰে আগবাঢ়িছে ৷ ইয়াত আলোচকৰূপে উপস্থিত থাকে ইতিহাস গৱেষক, লেখক ড° জ্যোৎস্না বৰুৱা ৷ তেওঁ কয় যে আমাৰ সংস্কৃতি গঢ়িতোলাত ভূগোল, ৰাজনীতি, অৰ্থনীতিৰ ভূমিকা বা প্ৰভাৱ অপৰিসীম ৷ মানৰ আক্ৰমণৰ ফলত দীঘলীয়া এক বিপৰ্যয়ৰ পাছত ১৮২৬ চনত অসমৰ ৰাজনৈতিক । ভাগ্য অন্যধৰণে নিৰ্ধাৰিত হ’ল ৷ ব্ৰিটিছে সম্পদৰ সন্ধানেৰে ইয়াত ঔপনিৱেশিক বাণিজ্যিক সংস্কৃতিৰ সূচনা কৰিলে ৷ চাহ ব্যৱসায় এই সংস্কৃতিৰ অন্যতম নিদৰ্শন ৷ ইয়াৰ ফলতে চাহ-জনগোষ্ঠীৰ সংস্কৃতিৰে অসমীয়া সংস্কৃতি সমৃদ্ধিশালী হ’ল ৷ সাংস্কৃতিক বিৱৰ্তনৰ এয়া এক সুন্দৰ উদাহৰণ ৷ আন এগৰাকী আলোচক, ইতিহাসৰ গৱেষক, লেখক ড° ইন্দ্ৰনীল পেগুৱে এই বিষয়ে কয় যে অসমৰ সাংস্কৃতিক বিৱৰ্তনত জনজাতীয় সংস্কৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিচিংসকলেও এইক্ষেত্ৰত অপৰিসীম প্ৰভাৱ পেলাইছে ৷ তেৰশ শতিকাৰ পৰাই অসমৰ সাংস্কৃতিক বিৱৰ্তনত মিচিং জনজাতিৰ সংস্কৃতিৰ ভূমিকা পৰিস্ফূত হয় ৷ নদী পূজা, বিভিন্ন আধ্যাত্মিক কাৰ্যক্ৰমণিকাত মিচিং পৰম্পৰাই ঠাই পাইছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰা বৈষ্ণৱ পৰম্পৰায়ো মিচিং সমাজ-সংস্কৃতিত স্থান লাভ কৰিছিল ৷ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত নামঘৰ স্থাপন হ’ল ৷ এতিয়া সকলো মিচিং অঞ্চলতে নামঘৰ আছে ৷ সামাজিক শৈলী আৰু সাংস্কৃতিক বিৱৰ্তনৰ এয়া অন্যতম উদাহৰণ ৷