ডিব্ৰুগড়, ৩০ জানুৱাৰী: PANCHAYAT । অসম জাতীয় পৰিষদে পঞ্চায়ত নিৰ্বাচনক লৈ এক শক্তিশালী ৰণনীতি ঘোষণা কৰিছে। দলটোৱে দিনত ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্য মন্দিৰত ডিব্ৰুগড় জিলা সমিতিৰ যোগদান অনুষ্ঠান অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানত পৰিষদৰ নেতাসকলৰ ভাষণৰ সৈতে বিভিন্ন অঞ্চলৰ পৰা নতুন সদস্যসকলে পৰিষদত যোগদান কৰে।
লুৰিনজ্যোতি গগৈয়ে কয়- “পঞ্চায়ত নিৰ্বাচনলৈ অসম জাতীয় পৰিষদৰ সপষ্ট ৰণনীতি আছে। আমিৰ লক্ষ্য হ’ল ৰাজ্যৰ প্ৰতিটো গাঁৱত পৰিষদৰ আদৰ্শ আৰু লক্ষ্যক সুদৃঢ় কৰি সৰ্বসাধাৰণৰ মাজত অধিক সমৰ্থন আহৰণ কৰা।”
ডিব্ৰুগড়ৰ মঞ্চত উপস্থিত নেতাসকলৰ মতে, অসমৰ উন্নতিৰ বাবে শক্তিশালী আৰু একতাবদ্ধ নেতৃত্বৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে । পঞ্চায়ত নিৰ্বাচনক লৈ পৰিষদৰ কৰ্মসূচী আৰু লক্ষ্য আগবঢ়োৱাৰ ঘোষণা কৰে । সেইমৰ্মে , বৰ্তমানৰ সৰ্বভাৰতীয় আৰু স্থানীয় চৰকাৰৰ কৰ্মপন্থাক সমালোচনা কৰে। অসম জাতীয় পৰিষদৰ নেতাসকলে এই অনুষ্ঠানেৰে ৰাজ্যৰ জনগণক আহ্বান জনাইছে যাতে সঠিক নেতৃত্বৰে সমাজৰ সঠিক নিৰ্দেশানা দিয়ে।
ৰাজ্যত অনুষ্ঠিত হ’বলগা পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ লগে লগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা বলবৎ হ’ব । শাসকীয় দল বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিজৰ সাংগঠনিক নেতৃত্ব সলনি কৰি সমষ্টিয়ে সমষ্টিয়ে দল শক্তিশালী কৰাত ব্যস্ত হৈছে ।
দিল্লীবাসী অসমীয়াৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । Chief Minister Dr. Himanta Biswa Sarma
৩০ জানুৱাৰী, ২০২৫ঃ Chief Minister Dr. Himanta Biswa Sarma ।অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত বসবাস কৰা অসমীয়াৰ সৈতে এক বিশেষ মত বিনিময় সভাত অংশগ্ৰহণ কৰে। দিল্লীৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত এই সভাত মুখ্যমন্ত্ৰীয়ে অসমৰ গৌৰৱশালী সংস্কৃতি, পৰম্পৰা, আৰু ভৱিষ্যত সম্ভাৱনাসমূহৰ বিষয়ে ভাষণ দিয়ে।
এই মত বিনিময় সভা দিল্লীৰ অসমীয়াসকলৰ মাজত এক নতুন উদ্দীপনা আনিছে। উপস্থিত সকলোৰে মাজত মুখ্যমন্ত্ৰীয়ে অসমক দিল্লীৰ লগতে ভাৰতৰ উন্নয়ন পথত মুকলি কৰা এক সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে দৰ্শাইছে।
৩০ জানুৱাৰী,গুৱাহাটী ২০২৫: Minister Pijush Hazarika । “নিৰপেক্ষ সংবাদ মাধ্যমসমূহ সমাজৰ উন্নয়ন আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ এক অন্যতম মজবুত স্তম্ভ,” এই মন্তব্য কৰে অসমৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই। শুকুৰবাৰে অনুষ্ঠিত এক সাংবাদিকতা-প্ৰশিক্ষণ শিবিৰত ভাষণ দি মন্ত্ৰীগৰাকীয়ে নিৰপেক্ষ সাংবাদিকতাৰ গুৰুত্বৰ বিষয়ে প্ৰকাশ কৰে।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সংবাদ মাধ্যম হৈছে সমাজৰ উন্নয়ন আৰু জনসচেতনতা বৃদ্ধি কৰাৰ এক শক্তিশালী মাধ্যম। “পক্ষপাতিত্বমুক্ত সংবাদই জনসাধাৰণক সঠিক তথ্য প্ৰদান কৰি গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰে। পক্ষপাতিত্ব অথবা ভ্ৰান্ত তথ্যই কেৱল বিভ্ৰান্তি সৃষ্টি কৰে আৰু সমাজৰ সম্প্ৰীতিৰ ভিত্তি দূৰ্বল কৰে,” তেওঁ কয়।
পথ সুৰক্ষা সজাগতা মাহৰ সামৰণি অনুষ্ঠিত ডিমৰীয়া মহাবিদ্যালয়ত । Dimaria College
৩০ জানুৱাৰী, ২০২৫ঃ Dimaria College । অসমৰ কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ত পথ সুৰক্ষা সজাগতা মাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।
এই অনুষ্ঠানত ৰাজ্যৰ পৰিবহন মন্ত্ৰী যোগেন মহন উপস্থিত থাকে। ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ আয়ুক্তে পথ সুৰক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ ক্ষেত্ৰত ব্যক্তিগত সজাগতাৰ ভূমিকা উল্লেখ কৰে। তেওঁ গাড়ী চলোৱাৰ সময়ত যান-বাহন আইন যথাযথভাৱে মানি চলিবলৈ সকলোকে আহ্বান জনায়।
পৰিবহন মন্ত্ৰী যোগেন মহনে তেওঁৰ ভাষণত পৰিবহন বিভাগৰ “পঞ্চসূত্ৰ” মানি চলিবলৈ ৰাইজক আহ্বান জনাই। তদুপৰি তেওঁ উল্লেখ কৰে যে পথ সুৰক্ষাৰ নিয়মসমূহ প্ৰতিজনে পালন কৰিলে তেহে আমি কাকো অঘটন ৰোধ কৰিব পাৰিম। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক দুচকীয়া বাহন চলোৱাৰ সময়ত চালক আৰু আৰোহী দুয়োকে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানৰ আৰম্ভণি অসম সংগীত আৰু মুকাভিনয়ৰ পৰিৱেশনৰে হয়। মুকাভিনয়ৰ জড়িয়তে পথ দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰয়োজনীয়তা আৰু সজাগতাৰ বার্তা ৰাইজ আৰু শিক্ষাৰ্থীসকলৰ মাজত প্ৰচাৰ কৰা হয়।
অনুষ্ঠানৰ অংশ হিচাপে এক সজাগতা মূলক বাইক ৰেলী আৰু স্বাক্ষৰ অভিযানো অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সামৰণি অনুষ্ঠানসমূহে জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ প্ৰতি দায়িত্বশীল মনোভাৱ গঢ়ি তুলিবলৈ সহায় কৰিছে।
“২০ মিনিটৰ পিছত এয়াৰপৰ্ট পাম!”পত্নীয়ে স্বামীলৈ বাৰ্তা প্ৰেৰণ কৰে।(Plane Crash) কিন্তু তাৰ পিছৰ পৰা পত্নীৰ মেছেজ নাই। আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। কানছাছৰ পৰা ৱাশ্বিংটনলৈ উভতি অহাৰ পথত ৰ’নাল্ড ৰেগান বিমানবন্দৰত অৱতৰণ কৰাৰ পূৰ্বে আমেৰিকান এয়াৰলাইন্সৰ এখন যাত্ৰীবাহী বিমানে সামৰিক হেলিকপ্টাৰত খুন্দা মাৰে। ৫৩৪২ নং বিমানখনে স্থানীয় সময় অনুসৰি নিশা ৯ বজাত বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। কর্মচাৰীকে ধৰি ৬৪জন যাত্রী আছিল বিমানখনত৷ সেই বিমানত আছিল হামাদ নামৰ এগৰাকী ব্যক্তিৰ পত্নীও। হামাদে এটা সংবাদ মাধ্যমক কয় যে তেওঁ পত্নীয়ে দুৰ্ঘটনাৰ পূৰ্বে পত্নীয়ে কি কৈছিল? তেওঁলোকৰ শেষ কথা প্ৰকাশ কৰিলে হতাশ স্বামীয়ে, প্ৰাৰ্থনা কৰিলে কোনোবাই যাতে নদীৰ পৰা উদ্ধাৰ কৰে তেওঁৰ পত্নীক। পত্নীয়ে কৈছিল যে ২০ মিনিটৰ পিছত বিমানখন অৱতৰণ কৰিব এয়াৰপৰ্ট। পত্নীৰ মেছেজ আহিলেই ৰিপ্লাই দিছিল স্বামীয়ে। কিন্তু পিছত চিন্তিত হৈ পৰিল স্বামী আৰু ভাবিলে যে শেষৰ মেছেজটো তেওঁ নাপালে। তাৰ পিছতে খবৰ আহিল যে তেওঁৰ পত্নীয়ে উভতি অহা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে।
এই দুৰ্ঘটনাৰ পৰা উদ্ধাৰ হৈছে ১৮ জন লোকৰ মৃতদেহ। হামাদৰ ভয় আৰু চিন্তা বাঢ়িল। বুধবাৰে স্থানীয় সময় অনুসৰি নিশা ৯ বজাত আমেৰিকান এয়াৰলাইন্সৰ বিমানখনে ৰ’নাল্ড ৰেগান বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু ইয়াৰ সন্মুখীন হ’ল প’ট’মেক নদীত এক দুৰ্ঘটনা। বিমানখনত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ ফলত জ্বলি উঠে বিমান খন।
মহাকুম্ভত ভয়ংকৰ চাপৰ ঘটনা, ৩০ জন নিহত আৰু ৬০ জন আহত। Mahakumbh
৩০ জানুৱাৰী,২০২৫ঃ Mahakumbh । প্ৰয়াগৰাজৰ মহাকুম্ভত সংঘটিত এক ভয়ংকৰ চাপৰ ঘটনাত অন্তত ৩০ জন লোক নিহত আৰু ৬০ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। এই দুৰ্ঘটনাটো বুধবাৰে পুৱতি নিশা প্ৰায় ২ বজাত সংগম নোজত সংঘটিত হয়।
মা৹ণী অমাৱস্যাৰ বিশেষ দিনটোত ত্ৰিৱেণীত পবিত্ৰ স্নান কৰিবলৈ আহি পূৰ্ণ ধর্মীয় উন্মাদনাৰে ভৰা এলেকাটোত চাপৰ পৰিস্থিতি সৃষ্টি হয়। এলেকাখনত তীৰ্থযাত্ৰীৰ ভিৰৰ বাবে ওলাই অহা লোকৰ বাবে কোনো স্থান নাছিল।
চাক্ষুষ সাক্ষীৰ মতে, সকলো অৱস্থা প্ৰাথমিকভাৱে নিয়মীয়াই আছিল। কিন্তু অচিনাকালতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈ পৰে। হঠাতে এম্বুলেন্সৰ সাইৰণৰ শব্দে সমগ্ৰ এলেকাটো কঁপাই তোলে। ঘটনাস্থলীত পলম নকৰাকৈ এম্বুলেন্স উপস্থিত হয়, আৰু তেতিয়াহে মন্ত্রপাঠৰ শব্দ লাহে লাহে চিঞঁৰৰ শব্দত পৰিণত হয়।