Home Blog Page 398

Welcome 2025: স্বাগতম ২০২৫ঃ নতুন বছৰে সকলোলৈকে কঢ়িয়াই আনক সুখ-সমৃদ্ধি

Welcome 2025: স্বাগতম ২০২৫ঃ নতুন বছৰে সকলোলৈকে কঢ়িয়াই আনক সুখ-সমৃদ্ধি
Welcome 2025: স্বাগতম ২০২৫ঃ নতুন বছৰে সকলোলৈকে কঢ়িয়াই আনক সুখ-সমৃদ্ধি

আহি আহি আমি আকৌ এটা নতুন বছৰৰ দুৱাৰ-ডলিত উপনীত হৈছোহি। পল পল দণ্ড কৰি/ সময় গৈছে উৰি/ পাখি লগা কাঁড় নিছিনা অবিৰাম…।(Welcome 2025) হয়, সময় কাৰো বাবে ৰৈ নাথাকে। ই অবিৰাম গতিত গৈ আছে। ঠিক তেনেদৰে দিন-বাৰ-মাহ বাগৰি আৰু এটা নতুন ইংৰাজী বছৰ আমাৰ মাজলৈ আহিল আৰু এটা পুৰণি বছৰে বিদায় মাগিলে। এয়া এক চিৰন্তন সত্য। চিৰাচৰিত প্ৰকৃতিৰ নিয়ম। ইয়াৰ কোনো ব্যতিক্ৰম কোনো দিনে কেতিয়াও নহয়। এয়া এক চিৰাচৰিত নিয়ম। ঠিক সেইদৰে আমাৰ মাজৰ পৰা ২০২৪ বছৰটোৱে বিদায় ল’লে আৰু ভুমুকি মাৰিলে আন এটা নতুন বৰ্ষ ২০২৫ বৰ্ষই।

এটা দিনৰ শেষত যেনেদৰে আন এটা নতুন দিনে আমাক নিতৌ পোহৰাই তোলে, ঠিক সেইদৰে এটা বছৰৰ অন্তত আন এটা নতুন বছৰে ভুমুকি মাৰিলে। ইয়াত অস্বাভাৱিকতা একো নাই। কিন্তু এটা কথা সত্য যে আমাৰ সকলোৰে জীৱনৰ পৰা এটা বছৰে বিদায় মাগিলে। সেয়ে বিদায় মানেই কম-বেছি পৰিমাণে বিষাদ আৰু নতুন মানেই আনন্দ, এক আশা। তেনেদৰেই বহু উত্থান-পতন, আনন্দ-বিষাদৰ মাজেৰে পাৰ হ’ল ২০২৪ বৰ্ষ আৰু আমাৰ মাজলৈ আগমন ঘটিল নতুন বছৰ ২০২৫। যদিও এটা বছৰ বিদায় দিবলৈ ওলাইছো তথাপি নতুন এটা বৰ্ষক স্বাগতম জনাবলৈকে বছৰৰ শেষৰ দিনটোত উলহ-মালহেৰে ৰং-ৰহইচ কৰি ভোজ-ভাত খাই আনন্দ-স্ফূৰ্তি কৰো। প্ৰচণ্ড শীতকো নেওচি নিশা ১২-১ বজালৈ উজাগৰে থাকি আনন্দ-স্ফূৰ্তি কৰিলোঁ। নতুন বছৰৰ প্ৰথম দিনটোত বহুতে নামঘৰ, মন্দিৰ, দেৱালয় আদিলৈ গৈ বছৰটো মংগলময় হোৱাৰ কামনাৰে সেৱা-প্ৰাৰ্থনা জনাওঁ। তাৰ পিছত যেন সকলো একেই। পূৰ্বৰ দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন আহি থাকিব গৈ থাকিব।

নতুনত্ব একো নাই। মাত্ৰ সামাজিক মাধ্যমত নতুন বছৰৰ শুভেচ্ছা বাণীৰে ওপচাই পেলাইছো। অথচ বিগত বৰ্ষটোতনো আমি কি কৰিলোঁ, সমাজখনৰ বাবেইবা আমি কিমান ভাল কাম কৰিলোঁ তাৰ হিচাব কৰিলোনে ? আমি যদি বিদায়ী বৰ্ষটোত কিবা ভাল কাম বা সমাজৰ, ৰাজ্যখনৰ, ঘৰখনৰ বাবে কিবা ভাল কাম কৰিছো তেতিয়াহে আহি থকা বৰ্ষটো ভাল হ’ব, অসমৰ, জাতিটোৰ, ঘৰখনৰ ভাল হ’ব, মংগল হ’ব। অকল এটা নতুন বছৰ আদৰাৰ নামত মদ, ভোজ-ভাত খালেই কোনো উন্নতি নহয় বা পৰৱৰ্তী সময়বোৰ সুখকৰ নহয়গৈ। আমি বছৰ শেষত হিচাব কৰিব লাগিব বিগত বছৰটোতনো কিমান কি কৰিলোঁ। কি কৰিবলৈ থাকি গ’ল ?ভৱিষ্যতে কি পৰিকল্পনা লৈ আগবাঢ়ি যাম আৰু সেইবোৰ কেনেদৰে ৰূপায়ণ কৰিব পৰা যাব তাৰ বাবেহে বছৰটোৰ আৰম্ভণিতে চিন্তা কৰি আগবাঢ়ি গ’লেহে এটা নতুন বছৰ উদ্‌যাপনৰ সাৰ্থকতা থাকিব। সেইবোৰৰ কোনো পৰিকল্পনা নকৰি কেৱল এক অঘোষিত প্ৰতিযোগিতা চলাইছো ৩১ ডিচেম্বৰৰ নিশা ভোজ-ভাতৰ নামত, মদ-মাংসৰ নামত কোনে কিমান টকা উৰুৱাব পাৰে। তাৰ বাহিৰে নতুন বুলিবলৈ একোৱেই নাই। ফলত আমি নতুন বছৰটোতো শেষতগৈ একো নতুনত্বই দেখিবলৈ নাপাওঁ। সেই একেই হিংসা-প্ৰতিহিংসা, একেই অসূয়া-অপ্ৰীতি, অসামাজিক কাৰ্যৰ প্ৰসাৰ, উচ্ছৃংখল মানসিকতা। সহনশীলতা, ধৰ্মনিৰপেক্ষতাৰ যেন আজি স্খলন হৈ গৈ আছে। বৰ্তমান দেখি আহিছো- নতুন বছৰ উদ্‌যাপন যেন সংজ্ঞাই সলনি হৈ গৈছে। কিন্তু এনেদৰে অহা নববৰ্ষটোৰেইবা কি পৰিৱৰ্তন হ’ব, কি নতুনত্ব থাকিব। আজি সকলো ফালেই সুৰাসক্ত নৱ-প্ৰজন্মৰ পয়োভৰ। সুৰা নহ’লে যেন সকলো স্থৱিৰ হৈ যাব, অচল হৈ যাব। ইয়াৰ কাৰণো অৱশ্যে সুৰা বিপণীৰ সুলভ ব্যৱস্থা।

ঘৰৰ পৰা ওলাই গ’লেই পোৱা যায় সুৰাৰ বিপণী। দূৰলৈ যোৱাৰ প্ৰয়োজনেই নাথাকে। গতিকে আজিৰ প্ৰজন্ম একপ্ৰকাৰ সুৰাৰ প্ৰতি আসক্ত হৈ পৰাটোৱেই স্বাভাৱিক। এয়া বাৰু আমাৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ হয়নে? অজ্ঞানতাৰ ফলতে হওক বা জ্ঞাতসাৰেই হওক আমাৰ একাংশ যুৱক-যুৱতী অন্ধকাৰ দিশলৈ ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে। ইয়াক ৰোধ কৰিবলৈ আমি এই নতুন বছৰটোতে সংকল্প ল’ব পাৰো, চিন্তা কৰিব পাৰো। শিক্ষাৰ পথাৰখনত আজিও বহু বিশৃংখলতা সৃষ্টি হৈয়ে আছে। আজিও শিক্ষকে তেওঁলোকৰ বিভিন্ন দাবীত আন্দোলন কৰিয়েই আছে। বহু বিদ্যালয়ৰ অৱস্থা আজিও উন্নত নহয়। আজি খাদ্য-বস্ত্ৰৰ অভাৱত বহু ছাত্ৰ-ছাত্ৰী বিদ্যালয়মুখী হ’ব পৰা নাই। আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধিহে হৈ গৈ আছে। মুঠতে এশ-এবুৰি সমস্যাই আজিও ঘেৰি আছে শিক্ষা জগতখন। নতুন বছৰটোত আমি এনে সমস্যা সমাধানৰ পৰিকল্পনা হাতত ল’ব নিশ্চয় পাৰো। যোৱা বৰ্ষটোত বিদ্যালয়ৰ ছাত্ৰৰ হাততে সহপাঠীৰ মৃত্যু হ’ব লগা হৈছে। শিক্ষকো নিগৃহীত হৈছে। এইবোৰ কিয় হৈছে, হ’বলৈ পাইছে আমি অভিভাৱক-অভিভাৱিকাসকলৰ লগতে সমাজৰ আন লোকসকলেও এই বৰ্ষটোতে চিন্তা-চৰ্চা কৰি শুধৰোৱাৰ ব্যৱস্থা কৰিবলৈ সংকল্প ল’ব লাগিব। আমি সদায়ে চৰকাৰক নিৰ্ভৰ কৰি চলিলে নহ’ব। নিজাকৈয়ো ব্যৱস্থা ল’ব লাগিব।

তেতিয়াহে সমাজৰ পৰিৱৰ্তন সম্ভৱ। সাহিত্য-সংস্কৃতিৰ দিশত আমি আগ ভাগ লৈ আমাৰ কৃষ্টি-সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। আজিৰ প্ৰজন্ম কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰশীল নহৈ আত্মনিৰ্ভশীল হ’ব লাগিব। চৰকাৰে আজিকালি স্কুটী, বাইক, পইচা দি কোমল বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিকতাই সলনি কৰিছে। তেওঁলোক আজি ক্ৰমান্বয়ে পৰমুখাপেক্ষী হৈ পৰিছে। কষ্ট কৰিবলৈ এৰিছে। কাৰণ সহজতেই সকলো পাইছে। এনে মানসিকতাৰ পৰা ওলাই আহিব পাৰিলেহে ছাত্ৰ-ছাত্ৰীসকল বেছি লাভৱান হ’ব যেন লাগে। কাৰণ ভাল ফলাফলপাবলৈ তেওঁলোকে অধিক কষ্ট কৰিব। সহজতে পোৱা সুখতকেৈ কষ্টৰ বিনিময়ত পোৱা সুখ বেছি ফলদায়ক হয়। গতিকে নতুন বছৰটোত নতুন সংকল্প লৈ আগবাঢ়ক আমাৰ শিক্ষাৰ্থীসকল। তেওঁলোকে নিজৰ প্ৰতিভা, নিজৰ প্ৰজ্ঞাৰ দ্বাৰা উদ্ভাষিত হোৱাৰ বাবে পৰিকল্পনা লৈ আগবাঢ়ক। তেতিয়া আমাৰ সমাজখন নিশ্চয় সুন্দৰ হ’ব, অসূয়া-অপ্ৰীতি নাশ হ’ব। আমি সুখে-শান্তিৰে আৰু গৌৰৱেৰে জীয়াই থাকিব পাৰিম। নতুন বছৰত আমাৰ সংকল্প সেয়াহে হ’ব লাগে।


ইয়াৰ লগে লগে বিগত বৰ্ষটোত আমাক কিছুমান ভাল খবৰেও উৎসাহিত কৰিছে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসমৰ বিভিন্ন চহৰত গ্ৰন্থমেলাৰ আয়োজন কৰি আহিছে। বৰ্তমান গুৱাহাটীতো গ্ৰন্থমেলা চলি আছে। এই গ্ৰন্থমেলাত পূৰ্বতকৈ কিতাপৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে। আৰু ইয়াৰ লগে লগে গ্ৰন্থৰ লেখকৰ সংখ্যাও বাঢ়িছে। বহুত ভাল ভাল কিতাপো প্ৰকাশ হৈছে। এয়া আমাৰ বাবে ভাল খবৰ। আনহাতে, চৰকাৰেও আগন্তুক বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। যিটোৱে আমাৰ লেখক-পাঠকসকলক আনন্দিত কৰিছে। আকৌ এই বৰ্ষটোতেই আমাৰ অসমীয়া ভাষাই ‘ধ্ৰুপদী’ ভাষাৰ স্বীকৃতি পাবলৈ সক্ষম হৈছে। ইয়াতকৈ আৰু আনন্দৰ খবৰ কি হ’ব পাৰে। আনহাতে, দেশৰ অন্যতম সন্মানীয় প্ৰতিযোগিতা বুলি বিবেচিত মহিন্দ্ৰা থিয়েটাৰ এক্সেলেন্স বঁটাৰ কেইবাটাও শাখাত শ্ৰেষ্ঠত্বৰ সন্মানেৰে জিলিক উঠে তৰুণ নাট্যকৰ্মী বিদ্যুৎ কুমিৰ নাথ।

এয়া আমাৰ বাবে ভাল খবৰ। আনহাতে, অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ কেইবাগৰাকী দ্বিগ্‌জে বিগত বৰ্ষটোত আমাক এৰি থৈ গ’ল- তেওঁলোক হ’ল— ড° প্ৰণৱজ্যোতি ডেকা, ৰবীন্দ্ৰ বৰা, উপেন্দ্ৰনাথ শৰ্মা, মীৰা ঠাকুৰ, অলকেশ কলিতা, শশী ফুকন, সূৰ্য দাস, অৰুণ গোস্বামী, কুলদা কুমাৰ ভট্টাচাৰ্য, দ্বিগেন মহন্ত, বিশ্বেশ্বৰ হাজৰিকা, বুলন কুমাৰ শইকীয়া আদিয়ে। ইয়াৰ উপৰি ভাৰতৰ সংগীত জগতৰ তাৰকা, প্ৰখ্যাত বাঁহীবাদক জাকিৰ হুছেইন, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, বিখ্যাত অৰ্থনীতিবিদ ড° মনমোহন সিঙেও আমাক এৰি গ’ল এই বৰ্ষটোতে। এয়া বিগত বৰ্ষটোত আমাৰ বাবে দুখৰ সময়। আনহাতে, আন এক খবৰে আমাক ভৱিষ্যতৰ দিনলৈ উৎসাহী কৰি তুলিছে। সেই সু-খবৰ হ’ল এইবাৰ অসমৰ তিনিগৰাকী সাহিত্যিকে ‘সাহিত্য অকাদেমি’ বঁটা পাবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে সমীৰ তাঁতী, অৰুণ ৰাজা আৰু দীপক কুমাৰ শৰ্মা। তেনেদৰে ‘জাল কটা জুই’ৰ বাবে নয়নজ্যোতি শৰ্মাই লাভ কৰিছে সাহিত্য অকাদেমি যুৱ বঁটাৰ পুৰস্কাৰ। এই বৰ্ষটোতে সংস্কৃতি, কৃষি আৰু নৃত্যৰ প্ৰসাৰৰ বাবে আজন্ম উৎসৰ্গিত পাৰ্বতিপ্ৰসাদ বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞা পদ্মশ্ৰী প্ৰাপ্তিয়ে অসমবাসীক আনন্দিত কৰিছে। আমি আশা কৰিম আগন্তুক বৰ্ষটোত আমাৰ মাজৰ পৰা অসূয়া-অপ্ৰীতি, হিংসা-বিদ্বেষ বিনাশী ন ন সৃষ্টিকৰ্মৰে আগবাঢ়ি গৈ অসমীয়া জাতি বিশ্ব দৰবাৰত প্ৰথম শাৰীত থিয় হওক। সুখৰ হওক ১০২৫ বৰ্ষ। স্বাগতম ২০২৫ বৰ্ষ।

লেখকঃভূপেন মহন্ত

Nava-Prabhat Utsav 2024: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাতৰ ৰূপালী বৰ্ষৰ উপলক্ষে নৱ-প্ৰভাত উংসৱ ২০২৪

Nava-Prabhat Utsav 2024: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাতৰ ৰূপালী বৰ্ষৰ উপলক্ষে নৱ-প্ৰভাত উংসৱ ২০২৪
Nava-Prabhat Utsav 2024: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাতৰ ৰূপালী বৰ্ষৰ উপলক্ষে নৱ-প্ৰভাত উংসৱ ২০২৪

অসমৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক-সাংস্কৃতিকমূলৰ স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাতে ২৫ বছৰীয়া ৰূপালী বৰ্ষৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত সংগঠনটোৰ ২৫ খন(Nava-Prabhat Utsav 2024) পতাকা উত্তোলনেৰে যোৱা ২৭ডিচেম্বৰ তাৰিখৰ পৰা ২৯ ডিচেম্বৰলৈ ৩ দিনীয়াকৈ উদযাপিত হৈ যোৱা নৱ-প্ৰভাত উংসৱ ২০২৪ ৰ শুভাৰম্ভণী কৰে নৱ-প্ৰভাতৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰৱীণ বৈশ্যই।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় তথা সাংস্কৃতিক পৰম্পৰাগত নৃত্য-গীতেৰে অতি উলহ মিলহেৰে আয়োজিত এই উৎসৱৰ অংশ হিচাপে আয়োজিত হস্ততাঁত বস্ত্ৰ,হস্তশিল্প আৰু থলুৱা সুস্বাদু খাদ্যৰ প্ৰদৰ্শনি তথা বিক্ৰী মেলাৰ দুৱাৰ মুকলি কৰে ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমৰ বিশিষ্ট নাট্যকাৰ তথা নাট্যশিল্পী শুভেশ্বৰ দাসে।

লগতে মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত নৱ-প্ৰভাত অসম ভিত্তিক শিশু নাট প্ৰতিযোগীতা ২০২৪ ৰ শুভাৰম্ভণী কৰে বিশিষ্ট নাট্যকাৰ প্ৰভাত চন্দ্ৰ গোস্বামীয়ে।নাট্যকাৰ কৰুণা ডেকাও সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে।

অনুষ্ঠানটোৰ আৰম্ভণীতে যোৱাকালি দেহাৱসান ঘটা ভাৰতৱৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড°মনমোহন সিং দেৱৰ প্ৰতি শ্ৰদ্ধা জনাই এক শোক প্ৰস্তাৱ লোৱাৰ লগতে ১ মিনিত সময় মৌনতা অৱলম্বন কৰা হয়।

ইয়াৰ পাছতে ২৮ ডিচেম্বৰ তাৰিখে সন্ধিয়া ৫.০০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত মাধৱদেৱ প্ৰেক্ষাগৃহত অসমৰ সংগীত জগতখনৰ কেইবাগৰাকীও ন-পুৰণী সংগীত শিল্পী যেনে-মনীষা হাজৰিকা,জয়ন্ত দাস,গীতালি দেৱী,নেকিব হুছেইন,ৰূপালি কাশ্যপ,ৰূপাংকিতা পাপৰি,সংস্কৃতা মালাকাৰ,জিন্টি দাস,পাৰিজাত প্ৰিয়ম,যচুৱা কুইয়া,অসীমজ্যোতি বৰুৱা,শ্ৰাৱনি বৰুৱা আৰু কামাখ্যা বৰাৰ সুমধুৰ গীতৰ সমাহাৰেৰে “সুৰৰ-সন্ধিয়া” নামেৰে এক অগতানুগতিক সাংস্কৃতিক সন্ধিয়াও সফলভাৱে অনুষ্ঠিত হৈ যায়।

এই উৎসৱৰ সামৰণী অনুষ্ঠানৰ বিশেষ কাৰ্য্যসূচী হিচাপে যোৱা ২৯ ডিচেম্বৰ ২০২৪ তাৰিখে দিনৰ ৩.০০ বজাত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত “এন্ধাৰৰ পৰা পোহৰলৈ বুলি…” শীৰ্ষক এক ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানৰ অনুষ্ঠিত হৈ যায় য’ত এইবাৰ সৰ্ব্বোচ্ছ “অসম প্ৰাণ বঁটা ২০২৪” প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমৰ বিশিষ্ট চলচিত্ৰ প্ৰযোজক,পৰিচালক শ্ৰীযুত জাহ্নু বৰুৱাক, “অসম শিল্পী বঁটা ২০২৪” প্ৰদান কৰা হয় অসমৰ স্বনামধন্য গীতিকাৰ,সুৰকাৰ তথা সংগীত শিল্পী শ্ৰী দ্বীপেন বৰুৱাক, ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা তথা নাট্য শিল্পী শ্ৰী বাহাৰুল ইছলামক, ডিফু কাৰ্বি আংলং নিৱাসী অসমৰ বিশিষ্ট লোক শিল্পী শ্ৰীযুতা শশীকলা হান্সেপীক,জ্যেষ্ঠ অভিনেত্ৰী শ্ৰীযুতা মৃদুলা বৰুৱাক আৰু আবৃত্তিকাৰ,কৱি শ্ৰীউপম শইকীয়াক। ইয়াৰোপৰি “অসম গৌৰৱ বঁটা ২০২৪” প্ৰদান কৰা হয় অসমৰ বিশিষ্ট।


সামাজিক-সাংস্কৃতিক কৰ্মী তথা বৰ্তমান মৰিগাঁৱ জিলাৰ উপায়ুক্ত অসম চৰকাৰ ACS বিষয়া শ্ৰী দেৱাশীষ শৰ্মাক, State Cancer Institute, GMCH ত Director আৰু Radiation Oncologist হিচাবে বহু সেৱা আগবঢ়োৱা তথা বৰ্তমান HealthCity hospital ত Oncology বিভাগৰ Director হিচাপে কৰ্মৰত বিশিষ্ট চিকিৎসক ডাঃ বিভাস চন্দ্ৰ গোস্বামীক,অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট উদ্যোগপতি তথা সাংস্কৃতিক কৰ্মী প্ৰাগ চেনেলৰ মুখ্য-পৰিচালন সঞ্চালক শ্ৰী সঞ্জীৱ নাৰায়ণক ,বিশিষ্ট সাংবাদিক শ্ৰী অতনু ভূঞাক আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতুৰবিদ শ্ৰী এলভিছ আলী হাজৰিকাক। ইয়াৰ লগতে “অসম যুৱ-প্ৰতিভা বঁটা ২০২৪” প্ৰদান কৰা হয় পৰিচালক, সম্পাদক,অভিনেতা শ্ৰী ৰূপাংকৰ দাসক।

তাৰোপৰি এইবেলি অসমৰ অনুসূচিত জাতিৰ সৰ্ব্বোচ্ছ “অসম অনুসূচিত জাতি প্ৰাণ বঁটা ২০২৪” মৰোনোত্তৰভাৱে প্ৰদান কৰা হয় সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি,বিশিষ্ট সমাজকৰ্মী স্বৰ্গীয় নলিন চন্দ্ৰ হাজৰিকাদেৱক যিটো তেওঁৰ হৈ তেখেতৰ পত্নী দেৰগাঁৱ সমষ্টীৰ প্ৰাক্তন বিধায়িকা তথা বৰ্তমানৰ ফিছফেদৰ অধ্যক্ষা সুশীলা হাজৰিকা আৰু পুত্ৰ নয়নজ্যোতি হাজৰিকাই গ্ৰহণ কৰে, “অসম অনুসূচিত জাতি শিল্পী বঁটা ২০২৪” প্ৰদান কৰা হয় কুকুৰমাৰা নিৱাসী বৈষ্ণৱ পণ্ডিত শুক্লেশ্বৰ মহন্তক,ডিব্ৰুগড় নিৱাসী বিহুৱা জীতেন দাসক আৰু বিশ্বনাথ জিলাৰ সংগীত শিল্পী শ্ৰী আনন্দ দাসক “অসম অনুসূচিত জাতি গৌৰৱ বঁটা ২০২৪” প্ৰদান কৰা হয় Girls Polytechnique College,Assam ৰ অধ্যাপক,সমাজসেৱী তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত সহঃ কাৰ্য্যবাহ শ্ৰী শংখপানী ভৰাঁলীক আৰু ভাৰত চৰকাৰৰ পৰ্য্যতন বিভাগৰ প্ৰাক্তন আমোলা অসমৰ বিশিষ্ট চিত্ৰ সাংবাদিক শ্ৰী কমল লোচন দাসক। “অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা ২০২৪” প্ৰদান কৰা হয় আকাশৱানী গুৱাহাটী,অল ইণ্ডিয়া ৰেডিঅ’ ৰ ঘোষিকা নাট্যশিল্পী ৰুজি মূদৈ আৰু মুম্বাইত কৰ্মৰত যুৱ সংগীত ব্যৱস্থাপক মিকু মানস দাসক।

পূৰ্বনিৰ্ধাৰিত চৰকাৰী এৰাব নোৱাৰা কাৰ্য্যসূচীৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ অনুষ্ঠানটোত “মুখ্য-অতিথি” হিচাপে সাংস্কৃতিক মন্ত্ৰীগৰাকীৰ বিশেষ কৰ্তব্যৰত ACS বিষয়া ৰাজীৱ থাপা উপস্থিত থাকি বন্তি প্ৰজ্জ্বলনেৰে “এন্ধাৰৰ পৰা পোহৰলৈ বুলি…” শীৰ্ষক ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানটিৰ শুভাৰম্ভণী কৰে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট নাট্যকাৰ শুভেশ্বৰ দাস,সংগীত শিল্পী জয়ন্ত দাস,গৰগাঁঞ মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যশাষী মহন্ত,বিশিষ্ট সাংবাদিক দেৱজিৎ ভূঞাকে আদি কৰি বহুটো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

এই উৎসৱৰ লগতে সংগতি ৰাখি অসম থা উত্তৰ-পূৰ্বাঞ্চলৰ সুন্দৰী যুৱতী,নাৰী তথা শিশু সকলৰ প্ৰতিভা বিকাশৰ বাবে এক সুবৰ্ণ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে পশ্চিমীয়া বহুজাতিক কোম্পানীৰ ব্যৱসায়িক ভিত্তিত তৈয়াৰ কৰা অশালীন,অমাৰ্জিত পশ্চিমীয়া বিদেশী সাঁজ পাৰৰ বিপৰীতে অসম,উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা খিলঞ্জীয়া বোৱণীৰ হাতেৰে প্ৰাণ পাই উঠা পাট-মূগা-এৰি-খাদী কে আদি কৰি বিভিন্ন থলুৱা পৰম্পৰাগত সাঁজপাৰ আৰু অসমীয়া থলুৱা শিল্পকৰ্মীৰদ্বাৰা নিৰ্মিত সুন্দৰ অসমীয়া গহণা-গাঠুঁৰি শিল্পক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি এক সুকীয়া স্থান লাভ কৰাত সহায়ক হোৱাকে এখন বিশেষ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে আৰু নাৰী সৱলীকৰণৰ জৰিয়তে অসমৰ উঠি অহা নৱ-প্ৰজন্মক তথা ৰাইজক ফেশ্বন জগতৰ জৰিয়তে থলুৱা আৰু স্বদেশী বস্ত্ৰ পৰিধানৰ বাবে আকৰ্ষিত কৰাৰ উপৰিও এই থলুৱা শিল্পৰদ্বাৰা স্বাৱলম্বি হৈ আত্ম-সংস্থাপনৰ বাঁট মুকলি কৰোৱাৰ সামন্যতম প্ৰচেষ্টা হিচাপে প্ৰতি বছৰৰ দৰে এইবেলিও অসমৰ প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাত আৰু নৱ-প্ৰভাত ইন্সিটিউত অৱ ফেশ্বন টেকনলজী (npift) ৰ উদ্যোগত ২৯/১২/২০২৪ তাৰিখ দেওবাৰে বিয়লি ৫.০০ বজাত গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্তশংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত দশম বাৰ্ষিক All Assam Traditional Mega Fashion Show2024-25(Divine Traditional Queen of Assam 2024) Miss,Mrs.,Teens & KIDS- Season-X শীৰ্ষক অসমীয়া পৰম্পৰাগত সাঁজ-পাৰৰ এক অগতানুগতিক সৌন্দৰ্য্য প্ৰতিযোগীতাও অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনৰো বহুত সুন্দৰী যুৱতী-মহিলা তথা কিশোৰ আৰু শিশুৰ অংশগ্ৰহনেৰে সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়।

নৱ-প্ৰভাত উৎসৱ ২০২৪ ৰ আটাইকেইটা অনুষ্ঠান ৰাইজৰ বিপুল সমৰ্থন তথা অংশগ্ৰহনেৰে সফলভাৱে অনুষ্ঠিত হৈ যোৱাত মুখ্য-উদ্যোক্তা তথা নৱ-প্ৰভাত ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰৱীণ বৈশ্য সন্তুষ্টী প্ৰকাশ কৰাৰ লগতে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছে।

Book Release: অজিত ছিংনাৰৰ উপন্যাস ‘ধেৱাই ধোৱা ধৰণী’ৰ শুভ উন্মোচন

Book Release: অজিত ছিংনাৰৰ উপন্যাস 'ধেৱাই ধোৱা ধৰণী'ৰ শুভ উন্মোচন
Book Release: অজিত ছিংনাৰৰ উপন্যাস 'ধেৱাই ধোৱা ধৰণী'ৰ শুভ উন্মোচন

১৮৬১ চনৰ অক্টোবৰ মাহত সংঘটিত ব্ৰিটিছ-ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহৰ আধাৰত ৰচিত “ধেৱাই ধোৱা ধৰণী” নামৰ উপন্যাসখন ৩০/১২/২০২৪ তাৰিখে অসম গ্ৰন্থমেলা, গুৱাহাটী প্ৰাংগনত উন্মোচন কৰা হয় ৷ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট বিজ্ঞানী,কবি, ঔপন্যাসিক ,আবৃত্তিকাৰ ড° অমৰজ্যোতি চৌধুৰী ৷ গ্ৰন্থখন উন্মোচন কৰি তেখেতে কয়— ’’উপন্যাসখনৰ কথিত ভাষাই সততে দৃষ্টি আকৰ্ষণ কৰিছে।(Book Release)

উপন্যাসখনৰ অন্যতম বৈশিষ্ট্য হ’ল সেই অঞ্চলৰ প্ৰাকৃতিক শোভাৰ বৰ্ণনা ৷ উপন্যাসখন পঢ়ি গৈ থাকোঁতে এনেকুৱা লাগে যেন আমি সেই অঞ্চলতেই আছোঁ ৷ ঘটনাক্ৰমৰ বৰ্ণনাত লেখকে ভাষাৰে উৎকণ্ঠাৰ সৃষ্টি কৰিছে ৷ পূৰ্বতে এনে উৎকণ্ঠা উপন্যাসসমূহত আছে নে নাই সন্দেহ ৷ ফুলগুৰি ধেৱাৰ সঁচা ঘটনাৰ জীৱন্ত ৰূপ উপন্যাসখনত দেখিবলৈ পোৱা গৈছে৷ মুঠতে ক’ব পাৰি “ধেৱাই ধোৱা ধৰণী ”অসমীয়া উপন্যাস সাহিত্যলৈ এক অনবদ্য অৱদান৷’’


অনুষ্ঠানটোৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি,লেখক জয়ন্ত কুমাৰ মান্তা ৷ জয়ন্ত কুমাৰ মান্তাৰ কবিতা আৰু গীত-মাতে অনুষ্ঠানটোক অধিক ৰঙীণ কৰি তোলে ৷ উপন্যাসখনত প্ৰয়োগ হোৱা তিৱাসকলৰ গীত আৰু ধেৱাৰ পাছত সৃষ্টি হোৱা গীত দুটি তেখেতে সুন্দৰভাৱে পৰিৱেশন কৰে ৷ প্ৰকাশক মৃণাল কুমাৰ মিশ্ৰয়েও নিজৰ অনুভৱ প্ৰকাশ কৰে৷ কবিতা পাঠ কৰে নিৰ্মল উপাধ্যায় আৰু বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° উৎপলা দাসে৷ ৰুমী উপাধ্যায়ে সভাখনৰ আঁত ধৰে৷

Before Death: মৃত্যুৰ আগ মুহূর্তত কেনে অনুভৱ হয়? গৱেষণাত প্ৰকাশ এই তথ্য…

Before Death
Before Death

মৃত্যু জীৱনৰ একমাত্ৰ চিৰন্তন সত্য। মৃত্যুৰ পিছত কি হ’ব কোনেও নাজানে। মানুহৰ মৃত্যুৰ ঠিক আগতে কেনেকুৱা অনুভৱ হয়? মানুহে কি ভাবে?(Before Death)শেহতীয়াকৈ গৱেষণাত এটা আচৰিত তথ্য প্ৰকাশ পাইছে। বিজ্ঞানীসকলে কয় যে মৃত্যুৰ ঠিক আগতেই মানুহৰ দুই প্ৰকাৰৰ অনুভূতিয়ে কাম কৰে। কোনোবাই বৰ সুখী অনুভৱ কৰে আৰু কোনোবাই বহুত কষ্ট পায়। যেতিয়া বহুতে মৃত্যু আগতীয়া বুলি অনুভৱ কৰে, তেতিয়া তেওঁলোকে অতীতৰ অন্যায় কাৰ্য্যৰ বাবে অনুতাপ কৰে।

কিছুদিন আগতে চিকিৎসক আৰু নাৰ্চে বিভিন্ন ৰোগীৰ ওপৰত এই বিষয়ে গৱেষণা আৰম্ভ কৰিছিল। জুলি নামৰ এগৰাকী মহিলাই বিগত ১৫ বছৰে নাৰ্ছ হিচাপে কাম কৰি আহিছে। তেওঁ কয় যে মৃত্যুৰ আগলৈকে বহু লোকে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে। গতিকে কোনোবাই যেতিয়া উপলব্ধি কৰে যে মৃত্যুৰ আগমন ঘটিছে, তেতিয়া তেওঁলোকে অৱহেলা কৰা স্বাস্থ্যৰ কথা চিন্তা কৰে। তাৰোপৰি সেই সময়ত পৰিয়ালৰ সদস্যৰ কথাও চিন্তা কৰে। মই ভাবো যদি মই তেওঁলোকৰ লগত অলপ থাকিব পাৰিলোহেঁতেন।

তদুপৰি আন এজনে কয় যে তেওঁ মৃত্যুশয্যাত দেখা সকলো ৰোগীয়ে শেষ মুহূৰ্তত ঘৰলৈ যাব বিচাৰিছিল। ইয়াৰ উপৰিও তেওঁ অতীতৰ বিভিন্ন স্মৃতি মনত পেলাইছিল। সেই কথা তেওঁলোকে ওচৰৰ মানুহবোৰক বা ওচৰৰ নাৰ্ছ বা ডাক্তৰক ক’লে। এই অধ্যয়নত আন আন তথ্যও উন্মোচিত হৈছে। ডেকা-বুঢ়াই কোৱা শেষৰ শব্দবোৰৰ মাজত পাৰ্থক্য আছে। যেনে ‘জীৱনত শান্তি লাগে’ বা ‘বহুত ভাল জীৱন পালোঁ’ এই শব্দবোৰ বৃদ্ধসকলৰ মাজত বাৰে বাৰে শুনা যায়। আনহাতে ‘এতিয়া মৰিব নিবিচাৰো’ এই কথাষাৰ বাৰে বাৰে যুৱক-যুৱতীসকলৰ মাজত দেখা গৈছে।

আটাইতকৈ আচৰিত কথাটো হ’ল যে এবাৰ এজন ৰোগীয়ে নাৰ্ছ জুলিক সুধিছিল, মৃত্যুৰ পিছত ভগৱানে দেখা পাবনে? জুলিয়ে মাত্ৰ সেই কথা শুনি হাঁহিলে। তদুপৰি চিকিৎসক আৰু নাৰ্চে কয় যে তেওঁলোকৰ অভিজ্ঞতাই দেখুৱাইছে যে মৃত্যুৰ আগতে মানুহে কেৱল প্ৰেম আৰু ক্ষমাহে কৰে।

Firecrackers: নিয়ম ভংগ কৰিলেই হ’ব পাৰে জেল-জৰিমনা, নোৱাৰিব ফটকা ফুটাব!

Firecrackers: নিয়ম ভংগ কৰিলেই হ'ব পাৰে জেল-জৰিমনা, নোৱাৰিব ফটকা ফুটাব!
Firecrackers: নিয়ম ভংগ কৰিলেই হ'ব পাৰে জেল-জৰিমনা, নোৱাৰিব ফটকা ফুটাব!

নৱবৰ্ষ ২০২৫লৈ মাজত মাত্ৰ কিছু মুহুৰ্ত। সকলোৱে উদযাপন কৰিব নৱবৰ্ষ। নৱবৰ্ষৰ উদযাপনৰ প্ৰাকমূহুৰ্তত বাংলাদেশ চৰকাৰে কিছু নিয়ম বান্ধি দিছে। যদি কোনোবাই বাংলাদেশত নৱবৰ্ষৰ নিশা ফটকা জ্বলাই তেন্তে তেওঁ হয়তো জৰিমনা ভৰিব লাগিব। আনকি তেওঁ কেইমাহমানৰ বাবে জেললৈও যাবলগীয়া হ’ব পাৰে। ঢাকাত অনুষ্ঠিত হৈছে এখন মোবাইল ক’ৰ্ট।(Firecrackers) সোমবাৰে বাংলাদেশৰ পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ে এক বিবৃতিত এই তথ্য প্ৰদান কৰিছে।

অধিসূচনা অনুসৰি ফটকা জ্বলোৱা আৰু ফটকা ফাটি যোৱাটো শব্দ প্ৰদূষণ (নিয়ন্ত্ৰণ) আইন, ২০০৬ৰ অধীনত শাস্তিযোগ্য অপৰাধ। যদি কোনোবাই প্ৰথমবাৰৰ বাবে আইন উলংঘা কৰে তেন্তে তেওঁক এমাহৰ কাৰাদণ্ড বা পাঁচ হাজাৰ টকা জৰিমনা বিহা হ’ব পাৰে। অপৰাধৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি কাৰাদণ্ড আৰু জৰিমনা দুয়োটা আৰোপ কৰিব পাৰি। আৰু একেটা অপৰাধ পুনৰাবৃত্তি হ’লে ছমাহৰ কাৰাদণ্ড বা ১০ হাজাৰ টকীয়া জৰিমনা বিহা হ’ব পাৰে।

ইতিমধ্যে মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে ইংৰাজী নৱবৰ্ষত আতচবাজী আৰু শব্দৰ ব্যৱহাৰ বন্ধ কৰিবলৈ ৰাজধানী ঢাকাৰ বিভিন্ন ক্লাব আৰু সংগঠনলৈ পত্ৰ প্ৰেৰণ কৰিছে। আনহাতে, সেই দেশৰ পৰিৱেশ সুৰক্ষাৰ লগত জড়িত বিভিন্ন সংগঠনেও ছ’চিয়েল মিডিয়াত বাজি বন্ধ কৰিবলৈ আগবাঢ়িছে।

বাংলাদেশৰ পৰিৱেশ মন্ত্ৰালয়ৰ অধিসূচনাত আতচবাজী আৰু শব্দৰ নেতিবাচক দিশসমূহৰ ওপৰত আলোকপাত কৰা হৈছে। ই কেনেদৰে স্বাস্থ্য, পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতি কৰে সেই বিষয়েও উল্লেখ কৰা হৈছে।

Richest Chief Minister: ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন, আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত কাৰ নাম?

Richest Chief Minister
Richest Chief Minister

ভাৰতৰ ৩১ গৰাকী মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি ১৬৩০ কোটি টকা।(Richest Chief Minister) আপোনালোকক জনাওঁ যে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু মুঠ ৩৩২ কোটি টকাতকৈ অধিক সম্পত্তিৰে দ্বিতীয় ধনী মুখ্যমন্ত্ৰী। দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন আৰু কোনজন মুখ্যমন্ত্ৰীৰ ধন দেশৰ ভিতৰতে সৰ্বনিম্ন জানো আহক-

এই তথ্য সোমবাৰে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে (এডিআৰ) প্ৰকাশ কৰা প্ৰতিবেদনত দিয়া হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে প্ৰতিজন মুখ্যমন্ত্ৰীৰ গড় সম্পত্তি ৫২.৫৯ কোটি টকা। ২০২৩-২০২৪ বৰ্ষৰ ভাৰতৰ জনমূৰি নিকা ৰাষ্ট্ৰীয় আয় বা এন এন আই প্ৰায় ১,৮৫,৮৫৪ টকা হোৱাৰ বিপৰীতে এজন মুখ্যমন্ত্ৰীৰ গড় স্ব-আয় ১৩,৬৪,৩১০ টকা, যিটো ভাৰতৰ গড় জনমূৰি আয়ৰ প্ৰায় ৭.৩ গুণ।

চন্দ্ৰবাবু নাইডু আটাইতকৈ ধনী মুখ্যমন্ত্ৰীঃ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু ৯৩১ কোটিতকৈ অধিক সম্পত্তিৰে ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী।

আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী হৈছে মাত্ৰ ১৫ লাখ টকাৰ সম্পত্তি থকা সৰ্বনিম্ন সম্পত্তি থকা মুখ্যমন্ত্ৰী।

পেমা খাণ্ডুঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৩৩২ কোটিৰো অধিক সম্পত্তিৰে দ্বিতীয় ধনী মুখ্যমন্ত্ৰী। খাণ্ডুৰ দায়বদ্ধতাও সৰ্বাধিক ১৮০ কোটি টকা।

ওমৰ আব্দুল্লাঃ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা ৫৫ লাখ টকাৰ সম্পত্তিৰে এই তালিকাৰ দ্বিতীয় দৰিদ্ৰ মুখ্যমন্ত্ৰী।

পিনাৰায়ী বিজয়নৰ সম্পত্তিঃ আনহাতে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন ১.১৮ কোটি টকাৰ সম্পত্তিৰে তৃতীয় সৰ্বনিম্ন ধনী মুখ্যমন্ত্ৰী।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই ৫১ কোটিতকৈ অধিক সম্পত্তিৰে তৃতীয় স্থানত আছে। সিদ্ধাৰমাইয়াৰো ২৩ কোটি টকাৰ দায়বদ্ধতা আছে।

দেশৰ ৩১ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত মাত্ৰ দুগৰাকী মহিলা হৈছে পশ্চিম বংগৰ মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী।

নেফিঅ’ ৰিঅ’ ৪৬ কোটি নাগালেণ্ড, মোহন যাদৱ BJP ৪২ কোটি মধ্যপ্রদেশ, এন ৰঙ্গাস্বামী পুডুচেৰী ৩৮ কোটি ৰেৱন্ত ৰেঙী তেলেংগনা CONG ৩০ কোটি, হেমন্ত চোৰেণ ঝাৰখণ্ড JMM ২৫ কোটি, হিমন্ত বিশ্ব শর্মা অসম BJP ১৭ কোটি, কনৰাড চাংমা মেঘালয় NPP ১৪ কোটি।

Freeb Cab: নতুন বছৰত বিনামূলীয়াকৈ পাব কেব, মাত্ৰ এই নম্বৰত ফোন কৰিব! ক’ত, ক’ত উপলব্ধ হ’ব এই সুবিধা?

Freeb Cab
Freeb Cab: নতুন বছৰত বিনামূলীয়াকৈ পাব কেব, মাত্ৰ এই নম্বৰত ফোন কৰিব!

আজি ৩১ ডিচেম্বৰ আৰু নতুন বছৰ আজি নিশা ১২ বজাৰ পৰা আৰম্ভ হ’ব। সকলোৱে উদযাপন কৰিব নতুন বছৰ। (Freeb Cab)নৱবৰ্ষৰ দিনা ৰাইজক বিনামূলীয়া যাতায়তৰ সুবিধা প্ৰদান কৰা হ’ব বুলি এটা সন্থাই জনাইছে। সংগঠনটোৱে জনোৱা মতে, নৱবৰ্ষৰ পাৰ্টিত অংশগ্ৰহণ কৰাসকলক বিনামূলীয়াকৈ যাতায়তৰ সুবিধা প্ৰদানৰ বাবে ৫০০খন গাড়ী আৰু ২৫০খন বাইক টেক্সি উপলব্ধ হ’ব। (hyderabad)

ইয়াৰ পৰিপ্ৰেক্ষিতত তেলেংগানা ফ’ৰ হুইলাৰ এছ’চিয়েশ্যনে উদযাপনত অংশগ্ৰহণ কৰা লোকসকলক সহায় কৰাৰ বাবে এক বৃহৎ ঘোষণা কৰিছে। এই সুখৰ অনুষ্ঠানত সম্ভৱনাময় কৰুণ ঘটনাৰ পৰা হাত সাৰিবলৈ তেলেংগানা ফ’ৰ হুইলাৰ এছ’চিয়েশ্যনে সকলো লোককে এই সেৱা ব্যৱহাৰ কৰিবলৈ আৰু মদ্যপান কৰি গাড়ী চলাব নালাগে বুলি অনুৰোধ জনাইছে। যোৱা ৮ বছৰে এই সুবিধা প্ৰদান কৰি থকা বুলি সন্থাই জানিবলৈ দিয়ে। যিসকলে বিনামূলীয়া যাত্ৰাৰ সুবিধা ল’ব বিচাৰে তেওঁলোকে ৯১৭৭৬২৪৬৭৮ নম্বৰত ফোন কৰিব পাৰে। সন্থাৰ ঘোষণা অনুসৰি হায়দৰাবাদ, চাইবেৰাবাদ আৰু ৰাচাকোণ্ডাত নিশা ১০ বজাৰ পৰা পুৱা ১ বজালৈ এই সুবিধা প্ৰদান কৰা হ’ব।(Freeb Cab Service on New Year)

তেলেংগানা ফোৰ হুইলাৰ ড্ৰাইভাৰ এছ’চিয়েশ্যন আৰু তেলেংগানা গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰছ ইউনিয়নৰ সভাপতি শ্বেখ চালাউদ্দিনে সোমবাৰে কয় যে বিগত আঠ বছৰত মদ্যপান কৰি গাড়ী চলোৱাৰ ফলত হোৱা পথ দুৰ্ঘটনাৰ পৰা ইউনিয়নে অগণন লোকৰ জীৱন ৰক্ষা কৰিছে। নৱবৰ্ষৰ উদযাপন দ্ৰুতগতিত ওচৰ চাপি অহাৰ লগে লগে মদ্যপান কৰি গাড়ী চলোৱাৰ সমস্যা জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি এক ভয়াৱহ ভাবুকি হৈ পৰিছে। তেলেংগানা ফোৰ হুইলাৰ ড্ৰাইভাৰ এছ’চিয়েশ্যন আৰু তেলেংগানা গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰছ ইউনিয়নে ‘হুম আপকে সাথ হেইন’ অভিযানৰ জৰিয়তে আমাৰ পথসমূহ সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।


Consuming Rice at Dinner: সাৱধান! প্ৰতি নিশা ভাত খোৱাৰ অভ্যাস আছে নেকি?

Consuming Rice at Dinner
Consuming Rice at Dinner

বেছিভাগ মানুহে ৰাতি ভাত খাই। কিছুমানে আকৌ ৰুটি খাই আন কিছুমানে মন পচন্দৰ খাদ্য গ্ৰহণ কৰে ৰাতি। চাউলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট বা চেনি থাকে প্ৰটিনৰ লগতে চাউলত কেলচিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামও থাকে ইয়াৰ পিছতো বহুতে কয় ৰাতি ভাত খাব নালাগে। (Consuming Rice at Dinner)

চাউলত চেনিৰ পৰিমাণ অতি বেছি। শৰীৰৰ শক্তি বৃদ্ধি কৰে চেনিৰ পৰা পোৱা শক্তিৰে আমি জীৱনত বিভিন্ন কাম কৰো। চাউল পেটৰ বাবে ভাল, ভাত অতি সহজে হজম হয় চাউলে পেটৰ বিষ আৰু হজম শক্তি দুয়োটাকে নিৰাময় কৰে প্ৰতিটো বস্তুৰে কোনোবা নহয় কোনোবা ভাল দিশ আৰু কোনোবা নহয় কোনোবা বেয়া দিশ থাকে। এতিয়া জানি লওঁক কেনেকৈ বা কোন ধৰণে ৰাতি ভাত খাব লাগে।

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ৰাতি ভাত খোৱা বন্ধ কৰিব লাগিব, ভাত খালেও চাউল ব্ৰাউন ৰাইচ নে নহয় চাব ​​লাগে, যাতে শৰীৰত প্ৰচুৰ পৰিমাণে চেনিৰ ঠাইত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়।

বিশেষজ্ঞসকলৰ মতে ৰাতিতকৈ দিনত মচুৰ দাইল আৰু চাউল কম পৰিমাণে খালে হৃদযন্ত্ৰ আৰু তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত থাকে।

চাউলে আমাৰ অন্ত্ৰ শক্তিশালী কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। তদুপৰি চাউল হজম হোৱাটো সহজ, গতিকে ই ৰাতি টোপনিত ব্যাঘাত জন্মাব নোৱাৰে বুলি পুষ্টিবিদসকলে বিশ্বাস কৰে।

চাইলত চৰ্বিৰ পৰিমাণ কম আৰু ই কলেষ্টেৰল মুক্ত। ঘেঁহুৰ তুলনাত চাউলৰ কেলৰিও কম।

যিজন সুস্থ ব্যক্তিৰ উচ্চতা প্ৰায় ৫ ফুট ৭ ইঞ্চি হয় তেওঁ দিনটোত ১৫০ গ্ৰাম ভাত খাব পাৰে। এনে অৱস্থাত আহাৰত ৭৫ গ্ৰাম চাউল আৰু আন এটা আহাৰত ৭৫ গ্ৰাম চাউল খাব লাগে। সেইটোৱে শৰীৰটো সুস্থ কৰি ৰাখিব।

কিন্তু আকৌ শৰীৰৰ উচ্চতা আৰু ওজন অনুসৰি কেলৰিৰ প্ৰয়োজন বেলেগ বেলেগ। গতিকে এজন ব্যক্তিয়ে কিমান ভাত খাব লাগে ক্লিনিকেল নিউট্ৰিচনিষ্টৰ পৰামৰ্শ লৈ সিদ্ধান্ত লোৱা উচিত।

উচ্চ ব্লাড চুগাৰ থকা বহু ৰোগীয়ে ভাত খাবলৈ ইচ্ছা নকৰে। বিশেষকৈ ৰাতি ভাত খাবলৈ ভয় কৰে। বাতে চুগাৰ বৃদ্ধি কৰিব পাৰে। ভাল খবৰটো হ’ল যদিও নিয়মিত ভাত খালে কোনো সমস্যা নহয়। কিন্তু তেনে ক্ষেত্ৰত পোষক বিশেষজ্ঞৰ পৰামৰ্শ লৈ নিৰ্ধাৰিত পৰিমাণৰ চাউল খাব লাগিব। সেইটোৱে ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

Healthy Eating Habits: এই ৫ টা বস্তু কেতিয়াও নাখাব ৰাতিপুৱা, জানি লওক এই পাঁচটা বস্তুৰ বিষয়ে…

Healthy Eating Habits
Healthy Eating Habits

প্ৰতিটো খাদ্য খোৱাৰ সঠিক উপায় আৰু লগতে সঠিক সময়ো আছে। এনে অৱস্থাত কেতিয়াও খালী পেটত কিছুমান বস্তু খাব নালাগে।(Healthy Eating Habits) দিনটোৰ প্ৰথম আহাৰ অৰ্থাৎ ব্ৰেকফাষ্ট স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনাৰ স্বাস্থ্য গঢ়ি তোলা বা স্বাস্থ্য ক্ষতিৰ কৰাত বেকফাষ্টে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ আপোনাৰ গোটেই দিনটোৰ স্বাস্থ্য নিৰ্ভৰ কৰে আপুনি খালী পেটত প্ৰথমে কি খায় বা পান কৰে তাৰ ওপৰত।

সম্পূৰ্ণ শক্তিৰে কাম কৰিবলৈ শৰীৰক ৱাৰ্ম আপৰ প্ৰয়োজন। যাৰ বাবে সহজে হজম হোৱা খাদ্য খাব লাগে। এনে পৰিস্থিতিত ইয়াত আমি আপোনালোকক জনাম যিবোৰ বেছিভাগ মানুহেই ৰাতিপুৱা ব্ৰেকফাষ্টত খাব নালাগে-

কল পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ফল। কিন্তু খালী পেটত কল খাব নালাগে। ইয়াৰ কাৰণ হ’ল ইয়াত থকা কাৰ্বহাইড্ৰেট আৰু প্ৰাকৃতিক চেনি, যাৰ ফলত খালী পেটত খালে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি পায়।

ৰাতিপুৱা পুৰী খালে গোটেই দিনটো গেছৰ সমস্যাত ভুগিব পাৰে। ইয়াৰ কাৰণ হ’ল ইয়াত থকা তেল আৰু চৰ্বিৰ পৰিমাণ বেছি হোৱাৰ বাবে পেটটো গধুৰ হৈ পৰে। এনে পৰিস্থিতিত খালী পেটত পুৰী খালে বদহজম হ’ব পাৰে।

খালী পেটত টেঙা ফল বা ৰস সেৱন কৰাটোও স্বাস্থ্যকৰ নহয়। ইয়াৰ দ্বাৰা দিনটো এচিড ৰিফ্লাক্স হ’ব পাৰে আৰু অস্বস্তি অনুভৱ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত ইয়াৰ ফলত আলচাৰ হ’ব পাৰে।

ৰাতিপুৱাৰ আহাৰত অত্যধিক পৰিমাণৰ জলকীয়া আৰু মছলা খালে পেটৰ সমস্যা হ’ব পাৰে। ইয়াৰ লগতে খালী পেটত টেঙা খাদ্য খালে বদহজম হ’ব পাৰে।

কেঁচা শাক-পাচলিৰ পৰা প্ৰস্তুত কৰা চালাড খালী পেটত খালে পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ইয়াৰ ফলত সাধাৰণতে পেটৰ বিষ হ’ব পাৰে।

Arunachal Pradesh । অসম অৰুনাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলা চিলাপথাৰত বিবাদমান ভূমি সমস্যাক লৈ চেপা উত্তেজনা

Arunachal Pradesh । অসম অৰুনাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলা চিলাপথাৰত বিবাদমান ভূমি সমস্যাক লৈ চেপা উত্তেজনা
Arunachal Pradesh । অসম অৰুনাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলা চিলাপথাৰত বিবাদমান ভূমি সমস্যাক লৈ চেপা উত্তেজনা

৩০ ডিচেম্বৰ, ২০২৪ঃ Arunachal Pradesh। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলি অসমীয়া গাঁৱত অসমৰ ভুমিত অৰুণাচলী লোকে সুৰাৰ দোকান নিৰ্মাণকলৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজে । চিলাপথাৰৰ চিলিত অসমৰ ভুমিত অৰুণাচলী সুৰাৰ দোকান নিৰ্মাণকলৈ অতি শীঘ্ৰে বন্ধৰ দাবী জনালে স্থানীয় ৰাইজে । দশক দশক ধৰি অসমৰ ভূমি হিচাপে পৰিচিত জোনাই সমষ্টিৰ চিলি অসমীয়া গাঁৱত অৰুণাচলৰ প্ৰদেশখনৰ বুলি অৰুনাচলৰ একাংশই দাবী জনাই আহিছে।


চিলাপথাৰৰ চিলি অসমীয়া গাঁৱত বিবদমান ভূমিত এইবাৰ অৰুণাচলৰ এজন ব্যৱসায়ীকে এখন সুৰাৰ দোকান স্হাপন কাম আৰম্ভ। ইতিমধ্যেই সুৰাৰ বেনাৰ লগাই দোকানৰ কামকাজ আৰম্ভ কৰাৰ সময়তেই অসমৰ খিলঞ্জীয়া স্হানীয় ৰাইজে বন্ধ কৰিবলৈ দাবী জনাই আহিছে যদিও অৰুনাচলৰ সুৰাৰ দোকানৰ স্বতাধিকাৰী কেৰেপ কৰা নাই স্হানীয় ৰাইজ তথা জিলা প্ৰশাসন ৷


উল্লেখযোগ্য যে বসুন্ধৰা ০.১/০.২ আৰু ০.৩ আঁচনিৰ যোগেদি অসম চৰকাৰে মাটি পট্ৰা দিয়াৰ ব্যৱস্হা কৰিছে যদিও আজি পৰ্যন্ত চিলি অসমীয়াৰ গাঁৱৰ ৰাইজে বঞ্চিত হৈ থকাত অৰুনাচল প্ৰদেশৰ একাংশ লোকে সুযোগ গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে । অসমৰ ভুমিত নিৰ্মিয়মান অৰুনাচলীৰ সুৰাৰ দোকান অনতিপলমে বন্ধ কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়। অন্যথা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে।