Home Blog Page 399

Assam Book Fair। চাৰিদিনত ২ কোটি ২০ লাখ টকাৰ কিতাপ বিক্ৰী অসম গ্ৰন্থমেলাত

Assam Book Fair। চাৰিদিনত ২ কোটি ২০ লাখ টকাৰ কিতাপ বিক্ৰী অসম গ্ৰন্থমেলাত
Assam Book Fair। চাৰিদিনত ২ কোটি ২০ লাখ টকাৰ কিতাপ বিক্ৰী অসম গ্ৰন্থমেলাত

কিতাপৰ স্পৰ্শত উমাল খানপাৰাৰ বাকৰি

লেখক-প্ৰকাশক-বিক্ৰেতাৰ মনত আশাৰ সঞ্চাৰ

চলচ্চিত্ৰ হৈছে কাহিনী কোৱা কলাঃ মনোজ শ্ৰীৱাস্তৱ

আলু-পিঁয়াজৰ ব্যৱসায় আৰু চিনেমাৰ ব্যৱসায়ৰ মাজত পাৰ্থক্য আছেঃ নয়ন প্ৰসাদ

“চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায়” শীৰ্ষক আলোচনা সত্ৰ

আজি প্ৰদান কৰিব অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২৪

গুৱাহাটী, ৩০ ডিচেম্বৰঃ Assam Book Fair । চতুৰ্থ দিনটোত গ্ৰন্থপ্ৰেমীৰ সমাৱেশে উমাল কৰি তোলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ লেখক-সাহিত্যিক আৰু পঢ়ুৱৈৰ উপস্থিতিয়ে এই গ্ৰন্থোৎসৱলৈ আশা বতৰা কঢ়িয়াই আনিছে ৷ আজিলৈ ২কোটি ২০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি জনাইছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে ৷

ইপিনে প্ৰতিদিনে গ্ৰন্থমেলা প্ৰাংগণত আয়োজন কৰা হৈছে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা সত্ৰ ৷ আজি বিয়লি অসম প্ৰকাশন পৰিষদে গন্থমেলাৰ বাকৰিত আয়োজন কৰে “চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায়” শীৰ্ষক আলোচনা সত্ৰ ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে নতুন দিল্লীৰ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, লেখক মনোজ শ্ৰীৱাস্তৱে ৷ তেওঁ বিষয় প্ৰসংগত কয় —“ চলচ্চিত্ৰ হৈছে কাহিনী কোৱা কলা ৷ কাহিনীৰ গাঁথনি শক্তিশালী হ’লে সেই চিনেমাও শক্তিশালী হয় ৷ মূল কথাটো হ’ল চিনেমাও এটা উৎপাদিত পণ্য ৷ গতিকে ইয়াক বিক্ৰী কৰিব পাৰিব লাগিব ৷” তেওঁ লগতে কয় যে বিক্ৰী কৰিবলৈ হ’লে উৎপাদিত পণ্যৰ মানো গুণসম্পন্ন হ’ব লাগিব ৷ গতিকে ভাল চিনেমা নিৰ্মাণ কৰাটো হ’ল প্ৰথম চৰ্ত ৷ ভাল চিনেমাৰ প্ৰচাৰ কৰিবলৈও ভাল আৰু ইয়াৰ বাণিজ্যও ভাল ৷ প্ৰচাৰে বাণিজ্যিক সফলতা কঢ়িয়াই আনে ৷ আলোচক অতিথি, বিশিষ্ট পৰিচালক, চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদে কয়—“ মানুহক সদায় নতুন কিবা এটা লাগে ৷ এই নতুন কিবাটো যিয়ে দিব পাৰে সেই চিনেমা বা নাটক সফল হয় ৷ নতুনত্ব বহন কৰা চলচ্চিত্ৰৰ প্ৰচাৰ কৰিবলৈ ভাল ৷ আগতে বিভিন্ন চলচ্চিত্ৰ উৎসৱত মালায়ালম চিনেমাৰ সমানে অসমীয়া চিনেমাৰ নাম উচ্চাৰিত হৈছিল ৷ সেই পৰ্যায়লৈ যোৱাৰ বাবে কষ্ট কৰাৰ প্ৰয়োজন আছে ৷ আলু-পিঁয়াজৰ ব্যৱসায় আৰু চিনেমাৰ ব্যৱসায়ৰ মাজত পাৰ্থক্য আছে ৷ এই কথাটো আমি বুজিব পাৰিব লাগিব ৷” আন এগৰাকী আলোচক , বিশিষ্ট পৰিচালক কেনি বসুমতাৰীয়ে কয় যে চিনেমা এখন নিৰ্মাণ কৰা হয় চলোৱাৰ বাবে ৷ চিনেমা এখন ভালদৰে চলা মানেই ব্যৱসায়িক সফলতা লাভ কৰা ৷ গতিকে ইয়াৰ বাবে কি কাহিনীক কেনেকৈ কেনেধৰণৰ ৰুচিৰ দৰ্শকৰ ওচৰলৈ লৈ যাব লাগিব এই কথাবোৰ চালিজাৰি চাবই লাগিব ৷

আকৰ্ষণীয় আৰু প্ৰভাৱশালী প্ৰচাৰ কৌশলে চিনেমাক বাণিজ্যিক সফলতা দিয়ে ৷ একেদৰে বিশিষ্ট প্ৰযোজক শ্যাম বৰাই ইয়াত আলোচকৰূপে উপস্থিত থাকি কয় যে প্ৰচাৰৰ ক্ষেত্ৰত প্ৰযোজকৰ দায়িত্ব সাধাৰণতে বেছি ৷ চলচ্চিত্ৰৰ প্ৰচাৰো “টীম ৱৰ্ক” ৷ নিৰ্দিষ্ট দৰ্শক সমষ্টিক লক্ষ্য হিচাপে লৈ প্ৰচাৰ কৌশল অৱলম্বন কৰিব পাৰিলে চলচ্চিত্ৰই সফলতা অৰ্জন কৰিব পাৰে ৷ আলোচক, বিশিষ্ট পৰিচালক অচিন্ত শংকৰৰ মতে প্ৰচাৰ ভাল নোহোৱাটো চলচ্চিত্ৰই বাণিজ্যিক সফলতাৰ মুখ নেদেখাটো অন্যতম কাৰণ ৷ অসমীয়া চলচ্চিত্ৰৰ উদ্যোগৰ পৰিসৰো সীমিত ৷ ভাষিক-সামাজিক বৈচিত্ৰ্য আন এক কাৰক ৷ এটাৰ পাছত আন এটা উৎসৱ, আন্দোলনৰ কাৰ্যসূচীয়েও সমস্যাৰ সৃষ্টি কৰে ৷ তদুপৰি দৰ্শকে কি বিচাৰে বা আশা কৰে সেই বিষয়েও আমাৰ পদ্ধতিগত অধ্যয়ন প্ৰযোজকে কৰাৰ পৰম্পৰা গঢ়ি উঠা নাই ৷ ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰি জনপ্ৰিয় অভিনেতা কমললোচনে বিষয় সন্দৰ্ভত এইদৰে কয়—“বৰ্তমানৰ অসমীয়া চিনেমাৰ প্ৰচাৰক লৈ সন্তুষ্ট বুলি কব নোৱাৰি ৷ বৰঞ্চ এয়া আতি সস্তীয়া পৰ্যায়ত আছে ৷ সেয়ে অসমীয়া চলচ্চিত্ৰই আশাব্যঞ্জক প্ৰসাৰ লাভ কৰিব পৰা নাই ৷ এইক্ষেত্ৰত নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে ৷ বিশেষকৈ চলচ্চিত্ৰৰ বজাৰ অধ্যয়ন কৰি নিখুঁত প্ৰচাৰ কৰাটো জৰুৰী ৷” তেওঁ লগতে কয় যে অসমীয়া মানুহে টিকট ক্ৰয় কৰি চিনেমা চাবলৈ টান পায় কিন্তু খ্ৰীষ্টমাচৰ দিনা অদৰকাৰী হৈ চৈ কৰিবলৈ ভাল পায় ৷ তদুপৰি আমাৰ কেঁকোৰা চৰিত্ৰ চলচ্চিত্ৰ উদ্যোগতো প্ৰতিফলিত হয় ৷ এইবোৰো আমাৰ হেঙাৰ ৷ আন এগৰাকী আলোচক, চিনেমাৰ প্ৰচাৰৰ সৈতে জৰিত প্ৰিয়ংকা বৰুৱাই কয় যে আমাৰ ইয়াত ৩ কোটি মানুহ আছে ৷ ইয়াৰে ৩৫ শতাংশ মানুহে হয়তো চিনেমা চাই ৷ গতিকে নতুন দৰ্শক গঢ়ি তোলাটো এক প্ৰত্যাহ্বান ৷ আমাৰ স্কুল-কলেজতো এই ধৰণৰ কোনো কাৰ্যসূচী নাই ৷ এই বিষয়বোৰৰ সমাধান সূত্ৰ উলিয়াব পাৰিলে নিশ্চয় সুদিন আহিব ৷ ইয়াৰ ফলত এখন সুন্দৰ কৰ্মক্ষেত্ৰও গঢ়ি উঠাৰ সম্ভাৱনা আছে ৷ আমাৰ ইয়াত ব্যৰ্থতাৰ পাছতো প্ৰযোজক-পৰিচালকসকলে ধৈৰ্যশীলতাৰ পৰিচয় দি চিনেমা নিৰ্মাণ কৰি আছে ৷ এয়া নিশ্চয় ভাল দিশ ৷ আলোচনা সত্ৰখন পৰিচালনা কৰে কবি-চলচ্চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীয়ে ৷ তেওঁ কয় যে বজাৰ ব্যৱস্থা অধ্যন চলচ্চিত্ৰৰ বাবে অতি জৰুৰী ৷ দৰ্শকো গ্ৰাহক ৷ গতিকে দৰ্শকৰ মনৰ চাহিদা বিচাৰ কৰি প্ৰচাৰৰ পৰিকল্পনা কৰাটো অত্যন্ত জৰুৰী ৷ এখন চিনেমাই কেনেদৰে ঠাই উলিয়াই ল’ব বা সেই খালী ঠাই ক’ত আছে এয়া সঠিকভাৱে নিৰ্ণয় কৰি ল’ব পাৰিব লাগিব ৷ দৰ্শকে কি বিচাৰে আৰু চিনেমা এখনে কি দিব এই দুয়োটা বিষয় মাৰ্কেটঙৰ বাবে অতি দৰকাৰী কথা ৷ কাৰণ বিচিত্ৰ বিষয়, বিচিত্ৰ ঘটনা, বিচিত্ৰ কাহিনীয়ে মানুহৰ ইচ্ছাক নতুনৰূপত গঢ়ি তোলে ৷ এইবোৰ অধ্যয়ন কৰা বা মানুহৰ মনোজগত বুজি পোৱাটো বাণিজ্যিক সফলতাৰ বাবে অপৰিহাৰ্য ৷ বিশিষ্ট মনোৰোগ বিশেষজ্ঞ, অভিনেতা ডাঃ জয়ন্ত দাসে এই অনুষ্ঠানত দৰ্শকৰ আসন অলংকৃত কৰে ৷ তেওঁ বিষয় প্ৰসংগত কয় যে নতুন দৰ্শক সৃষ্টি কৰিব লাগিব ৷ কাৰণ ক’ভিদ মহামাৰীয়ে মানুহৰ চিন্তধাৰা, মনোজগতত প্ৰভাৱ পেলাইছ ৷ গতিকে চিনেমা এখনৰ বাবে মানুহৰ মনৰ খোৰাক কি সেয়া জানি লৈ সেইমৰ্মে প্ৰয়োগ কৰাৰ প্ৰয়োজন আছে ৷ অনুষ্ঠানত দৰ্শক হিচাপে অংশগ্ৰহণ কৰি ৰাজনৈতিক বিশ্লেষক, লেখক ৰঞ্জিৱ শৰ্মাই কয় যে আমাৰ চিনেমাসমূহে মানুহৰ মনোসংযোগ কৰাত সক্ষম হৈছেনে নাই এয়া বিচাৰ্যৰ বিষয় ৷ হয়তো কৰবাত স্থবিৰ হৈছে ৷ ইয়াক গতি প্ৰদান কৰিব পৰাকৈ নতুন চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে ৷

অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২৪

বিশিষ্ট কথা-শিল্পী, সাহিত্যিক য়েছে দৰজে ঠংচিক কাইলৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২৪৷ “ধাৰ আৰু অন্যান্য গল্প” পুথিখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ ইপিনে গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবে অসম প্ৰকাশন পৰিষদ সাহিত্য(প্ৰকাশক) বঁটা প্ৰদান কৰা হ’ব “বনলতা” প্ৰকাশনৰ স্বত্তাধিকাৰী অনন্ত হাজৰিকাক ৷ কাইলৈ বিয়লি ৪ বজাত গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷

AGP । নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই

AGP । নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই
AGP । নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই

গুৱাহাটী ৩০ ডিচেম্বৰঃ AGP । সন্মুখত ইংৰাজী নৱবৰ্ষ –২০২৫। এই শুভক্ষণত অসমৰ সমূহ ৰাইজলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই। নতুন বছৰটোৱে প্ৰতিখন ঘৰলৈ, প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সুখ-শান্তি-সমৃদ্ধি কঢ়িয়াই আনক, জাতি, জনগোষ্ঠী, ধৰ্ম, ভাষা নিৰ্বিশেষে অসমবাসীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী হওক। দশোদিশে ইতিবাচকতা আৰু বিকাশৰ বৰ্ষ হওক ২০২৫ ! – এই আশা ব্যক্ত কৰিছে সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই।

প্ৰতিটো নতুন বছৰৰ প্ৰাকক্ষণত অসম গণ পৰিষদে নতুন সংকল্পৰে সেয়া বাস্তৱায়িত কৰি আহিছে। এইবাৰো নতুন সংকল্পৰে বছৰটোক আদৰিব বিচাৰিছোঁ – আজি অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্য্যলয়ত হোৱা সাংবাদিকৰে হোৱা এক মতবিনিময় অনুষ্ঠানত এই কথা প্ৰকাশ কৰিছে সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই। সভাই কয় যে, আমাৰ লক্ষ্য — ২০২৫ বৰ্ষৰ আৰম্ভণিৰে পৰা ব্যাপক কৰ্মসূচীৰে ৰাজ্যখনত প্ৰগতিশীল আঞ্চলিকতাবাদৰ ধাৰাটোক অধিক সবল ৰূপ প্ৰদান কৰা। ‘গাঁৱে গাঁৱে অগপ, চহৰে নগৰে অগপ’– শীৰ্ষক বছৰজোৰা এক অভিযানৰ আমি পৰিকল্পনা কৰিছোঁ। উদ্দেশ্যে এটাই – অসমৰ সকলো ৰাইজৰ কাষলৈ গৈ আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলক অধিক শক্তি প্ৰদান কৰা। সভাপতি বৰাই কয় যে, অসম গণ পৰিষদ দলে আগন্তুক বছৰটোক “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সময়ছোৱাত ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাতৃভাষাৰ বিকাশৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়, একতা আৰু সদভাৱ ৰক্ষা কৰাটো অসম গণ পৰিষদ দলৰ মূল লক্ষ্য হ’ব। বৰাই লগতে কয় যে, সময়ে সত্য প্ৰতিষ্ঠা কৰে, বৰ্তমানৰ সময়ে স্পষ্ট কৰি দেখুৱাইছে যে, অসমত আঞ্চলিকবাদ সদায় প্ৰাসংগিক। অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ ধ্বজাবাহী হিচাপে অসমৰ ৰাইজৰ কাষত থাকি কাম কৰি যাবলৈ বদ্ধপৰিকাৰ। ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ এই যাত্ৰা অধিক ত্বৰান্বিত কৰাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব অগপই।
অনুষ্ঠানত সভাপতি অতুল বৰাই কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি ৰাজ্যখনে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যৎ আৰু উন্নয়নৰ নতুন মাত্ৰা প্ৰদান কৰাটো হ’ব অসম গণ পৰিষদ দলৰ অন্যতম দায়বদ্ধতা। ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ দ্বাৰা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলে নিজৰ দায়বদ্ধতা সদায় দোহাৰি আহিছে। অসম চৰকাৰে ইতিমধ্যে অসম চুক্তি ৰূপায়ণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৫ বৰ্ষটো আমাৰ ৰাজ্যবাসীৰ বাবে আৰু আমাৰ দলৰ বাবেও বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি সভাপতি গৰাকীয়ে মন্তব্য কৰি কয় যে, কিয়নো এই বছৰটোতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত চৰকাৰে ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ কাম হাতে কামে আগুৱাই নিয়াৰ প্ৰস্তুতি চলাইছে। বিশেষকৈ চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শাৱলীৰ ৰাজ্য চৰকাৰৰ অধীনষ্ঠ বিষয়সমূহ ক্ষীপ্ৰ গতিৰে কাৰ্য্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু যি কেইটা পৰামৰ্শাৱলী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে কাৰ্য্যকৰী কৰিব লাগিব আৰু যি কেইটা বিষয় কেৱল কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব সেইকেইটা বিষয়ো কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগ গ্ৰহণ কৰিছে। অসমবাসীৰ ছবছৰজোৰা ঐক্যবদ্ধ গণ সংগ্ৰামৰ স্বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ অসম গণ পৰিষদ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল যাৰ শিপাৰ বিস্তৃতি সমগ্ৰ ৰাজ্যব্যাপি। ইয়াক সাৰ-পানী দি অধিক শক্তিশালী ৰূপ দিবলৈ প্ৰতিগৰাকী দলীয় সদস্যৰ লগতে অসমবাসী ৰাইজক সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই আহ্বান জনাইছে আৰু আগন্তুক নতুন বৰ্ষটো অসমৰ সৰ্বাঙ্গীন বিকাশৰ স্বাৰ্থত কাম কৰি যাবলৈ অসমবাসীৰ মৰম, আশীষ আৰু সহযোগিতা বিচাৰিছো। অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সুনীল ডেকা, ড০ তপন দাস, উপ-সভাপতি কৰ্ণমোহন ৰায়, ড০ জয়নাথ শৰ্মা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, এলেক্স চাংমা, বিত্ত সম্পাদক জয়ন্ত খাউণ্ডকে ধৰি বহুকেইগৰাকী দলীয় শীৰ্ষ নেতা উপস্থিত থাকে।

Assam । অসমীয়াগিৰি তাহানিৰ আৰু আজি

Assam । অসমীয়াগিৰি তাহানিৰ আৰু আজি
Assam । অসমীয়াগিৰি তাহানিৰ আৰু আজি

Assam । এনেকৈ অসমীয়াগিৰিৰ বুকু ফিন্দাই দিব পৰাকৈ আমাৰ হাতত বহু উদাহৰণ আছে। ভাস্কৰ বাৰ্মা, মাধৱ কন্দলী, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, ৰামানন্দ, নৰনাৰায়ণ, চিলাৰাই, স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেনাপতি লাচিত বৰফুকন এনেকৈ যদি লাভলীনা বুঢ়াগোহাঁই, হীমা দাসৰ পৰা আজি জন্ম হোৱা শিশু এজনলৈ তালিকা সজাওঁ সেই তালিকা পঢ়িব পৰাকৈ লিখাটো কষ্ট সাধ্য কাৰ্য্য হ’ব। সেয়ে অসমীয়াগিৰিৰ উদাহৰণৰ তালিকা খনৰ পৰা আঁ‌তৰি আহি আমি নিজক নিয়োজিত কৰাৰ প্ৰয়োজন আহি পৰিছে।

অধ্যয়নসূত্ৰেই হওক নতুবা ভ্ৰমণ, কৰ্ম সূত্ৰে ভাৰতৰ প্ৰায় ১৯ খন ৰাজ্য ভ্ৰমণ কৰাৰ সুবিধা পাইছোঁ। সেই সূত্ৰে এটা মিল থকা বিষয় হ’ল স্বাভিমান। সকলো ৰাজ্যৰেই লোকৰ ভাষিক স্বাভিমান আছেই। তেওঁলোকৰ ভাষাত যেতিয়া অইন ৰাজ্যৰ কোনোবা লোকে ভাষাটো ক’বলৈ চেষ্টা কৰে, ভুলকৈ ক’লেও তেওঁলোক সুখী হয়। আমিও তেনে অভাৱ অনুভৱ কৰি অন্য ৰাজ্যৰ অন্য ভাষী লোকে অসমীয়া ভাষাটোক আকোৱালি লোৱাটো বিচাৰোঁ আৰু সময়ে সময়ে তেনে এটা ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ কিছুমান লোকে চেষ্টা কৰা যায় আৰু আমি বাহিৰৰ পৰা অসমীয়াগিৰি কৰা বুলি ক’ব খোজোঁ।
প্ৰকৃততে এয়া জানো অসমীয়াগিৰি ?

অসমীয়াগিৰি দেখুৱাবলৈ হ’লে সৰ্বভাৰতীয় পৰ্য্যায়ত শ্ৰেষ্ঠ হ’ব লাগিব নতুবা নিজৰ পৰিচয় দাঙি ধৰিব পৰাটোক অসমীয়াগিৰি বুলি কৈ বেছি সুখ পোৱা যায়। বিজ্ঞানৰ ক্ষেত্ৰখনত ড° হিতেন্দ্ৰ নাথ গোস্বামী, সাহিত্যৰ ক্ষেত্ৰখনত স্বৰ্গীয়া ড° মামনি ৰয়চম গোস্বামী, ড° ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, চিনেমা জগতখনত সূধাকণ্ঠ ড° ভূপেন হাজৰিকা, আদিল হুচেইন, ৰীমা দাস, ভগৱত প্ৰীতম, পাপন, জুবিন গাৰ্গ, কৃষি ক্ষেত্ৰত বহু কেইজন খ্যাতনামা চাহ খেতিয়ক, খেল জগতখনত অৰ্জুন ভোগেশ্বৰ বৰুৱা, এলভিচ আলি হাজৰিকা, দীপাংকৰ ভট্টাচাৰ্য, মীঠু বৰুৱা, হীমা দাস, লাভলীনা বৰগোহাঁই, আবু নেচিম, ৰীয়ান পৰাগ, শিৱ থাপা, সংবাদ জগতখনত অৰ্ণৱ গোস্বামী, সমুদ্ৰ দত্ত কাশ্যপ, ৰাজনৈতিক ক্ষেত্ৰখনত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰ্তমানৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ফণী শৰ্মাই, উদ্ভাৱক উদ্ধৱ ভৰালীয়ে সৰ্বভাৰতীয় পৰ্য্যায়ত অসমীয়াগিৰি দেখুৱাবলৈ সক্ষম হৈছে। ব্যৱসায়ীক ক্ষেত্ৰখনত চাহপাত আৰু কয়লা ব্যৱসায়ী সকলৰ বাদে অন্য ব্যৱসায়ীয়ে নিজৰ পৰিচয় দাঙি ধৰিব পৰা নাই।

অসম এখন সমস্যা জৰ্জৰ ৰাজ্য। ইয়ে আমাক বহু পিছুৱাই নিছে। সমাজ আৰু সমাজ ব্যৱস্থা আজিও উন্নত হ’বলৈ বাকী আছে। তেনেক্ষেত্ৰত যিসকল প্ৰতিষ্ঠিত অসমীয়াই নিজৰ অসমীয়াগিৰি দেখুৱাবলৈ সক্ষম হৈছে তেওঁলোক আমাৰ পাথেয় হোৱা উচিত। তেওঁলোকে হেজাৰজন যোগ্য অসমীয়াক সৰ্বভাৰতীয় পৰ্য্যায়ত নিজৰ অস্তিত্ব প্ৰদৰ্শনৰ সুযোগ মোকলাই দিব লাগিব সেয়াও এক অসমীয়াগিৰি। এজন অসমীয়াই এজন ৰিয়ান পৰাগৰ জন্ম দিয়াব পাৰিলে অইনসকলে কিয়া তেওঁলোকৰ ক্ষেত্ৰখনত একো একোজন অসমীয়াক নেতৃত্ব দি সন্মুখত থিয় কৰাব নোৱাৰে ?

অসমীয়াগিৰি থলুৱাগিৰিৰ আদৰ্শেৰে প্ৰতিষ্ঠা কৰিব লাগিব। থলুৱাগিৰিৰ স্বকীয়তা উদ্ভাসিত কৰিব পাৰিলে দুনীয়াই অসমীয়াগিৰি দেখিব। নিজৰ নিজৰ মাটি কেৱল টকাৰ লোভত বহিৰাগতক বিক্ৰি কৰি হাই কপাল হাই কপাল কৰি অসমীয়াগিৰি আশা কৰাঁ আৰু দুই এক সংগঠনে তেনে বহিৰাগতক লপাথপা দি অসমীয়াগিৰি প্ৰতিষ্ঠা কৰিব নোৱাৰিব।

লেখক- ✍️ হিমাংশু পাঠক

Jamugurihat। জামুগুৰিহাটৰ তৌভঙা বজাৰত নকল টকা উদ্ধাৰ

Jamugurihat। জামুগুৰিহাটৰ তৌভঙা বজাৰত নকল টকা উদ্ধাৰ
Jamugurihat। জামুগুৰিহাটৰ তৌভঙা বজাৰত নকল টকা উদ্ধাৰ

৩০ ডিচেম্বৰ,২০২৪ঃ Jamugurihat। জামুগুৰিহাটৰ তৌভঙাৰ সাপ্তাহিক বজাৰত নকল টকা উদ্ধাৰ কৰা হয় । এখন কাপোৰৰ দোকানত কাপোৰ কিনি টকা লেনদেন কৰা সময়ত দোকানী জনৰ সন্দেহ উপজাত দুগৰাকী মহিলাক সোধা পোছা কৰাত উৰহিৰ ওৰ ওলাই পৰে ।

দুখনকৈ দোকানত প্ৰায় ২৭০০ শ টকাৰ এশ টকীয়া নোটৰে কাপোৰ কিনিছিল দুগৰাকী মহিলাই ৷ ইতিমধ্যে টৌভঙা বজাৰত জামুগুৰি আৰক্ষী উপস্থিত হৈ মহিলা দুগৰাকীক আটক কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা বিষয়ে জানিব পৰা গৈছে ৷

Delhi Assembly Election 2025: দিল্লীত পুনৰ আপ ক্ষমতালৈ আহিলে ১৮ হাজাৰ টকালৈ বৃদ্ধি পাব পুৰোহিতৰ দৰমহা

Delhi Assembly Election 2025
Delhi Assembly Election 2025

দিল্লীত ১৮ হাজাৰ টকালৈ বৃদ্ধি পাব মন্দিৰৰ পুৰোহিত আৰু গুৰুদ্বাৰৰ গ্ৰন্থীসকলৰ দৰমহা। ৩১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আঁচনিখনৰ বাবে পঞ্জীয়ন।(Delhi Assembly Election 2025)সংবাদমেল সম্বোধন কৰি এই ঘোষণা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালৰ।

কেজৰিৱালে ঘোষণা কৰে যে যদিহে দিল্লীত আপ পুনৰ ক্ষমতালৈ আহে তেন্তে পুৰোহিতসকলক প্ৰতিমাহে ১৮ হাজাৰ টকা দৰমহা দিয়া হ’ব। কেজৰিৱালে লগতে কয় যে একে পৰিমাণৰ ধন কেৱল পুৰোহিতকে নহয়, গুৰদ্বাৰাৰ গ্ৰন্থীসকলকো দিয়া হ’ব।

সোমবাৰে কেজৰিৱালে কয় যে পুৰোহিত আৰু গ্ৰন্থীসকল আমাৰ ধৰ্মীয় আচাৰ-ব্যৱহাৰৰ ৰক্ষক। নিস্বাৰ্থভাৱে সমাজৰ সেৱা কৰি আহিছে। দুৰ্ভাগ্যজনকভাৱে কোনেও কেতিয়াও নিজৰ আৰ্থিক সুৰক্ষাৰ কথা ভবা নাছিল। এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তেওঁ নিজেই হনুমান মন্দিৰ পৰিদৰ্শন কৰিব। একে সময়তে কেজৰীয়ে বিজেপিক লক্ষ্য কৰি কয়, “নতুন আঁচনিখনত নাম নামভৰ্তিৰ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি নকৰিবলৈ বিজেপিক অনুৰোধ জনালোঁ।”

কেজৰিৱালৰ নতুন আঁচনি দিল্লীবাসীৰ বাবে কল্যাণমূলক আঁচনিৰ ধাৰাবাহিকতা। ইতিমধ্যে আপৰ মুৰব্বীগৰাকীয়ে ৬০ বছৰীয়া যুৱক-যুৱতীসকলৰ বাবে ‘সঞ্জীৱনী যোজনা’ আঁচনিৰ কথা ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত দিল্লীৰ ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো নাগৰিকে চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব।

ইয়াৰ উপৰিও আপে ‘মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা’ নামৰ আন এক আঁচনিও ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত দিল্লী চৰকাৰে ১৮ বছৰৰ ওপৰৰ দিল্লী মহিলাক প্ৰতিমাহে ২১০০ টকা ভাট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী কৰ্মী বা যিকোনো ৰাজনৈতিক পদবীৰ বাহিৰে সকলো মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব।

Athiya Shetty Baby Bump: ২০২৫ত পিতৃ-মাতৃ হ’ব আথিয়া-ৰাহুল, প্ৰথমবাৰৰ বাবে বেবী বাম্প প্ৰদৰ্শন আথিয়া শ্বেট্টীৰ

Athiya Shetty Baby Bump: ২০২৫ত পিতৃ-মাতৃ হ'ব আথিয়া-ৰাহুল, প্ৰথমবাৰৰ বাবে বেবী বাম্প প্ৰদৰ্শন আথিয়া শ্বেট্টীৰ
Athiya Shetty Baby Bump: ২০২৫ত পিতৃ-মাতৃ হ'ব আথিয়া-ৰাহুল

শীঘ্ৰেই পিতৃ-মাতৃ হ’ব বলীউডৰ অভিনেতা সুনীল শ্বেট্টীৰ কন্যা আথিয়া শ্বেট্টী আৰু ক্ৰিকেটাৰ কে এল ৰাহুল।(Athiya Shetty Baby Bump)দুয়োজনে যোৱা মাহত এই সুখবৰ শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত, যাৰ বাবে তেওঁলোকৰ অনুৰাগীসকলো অতিশয় উৎসাহিত। তেওঁ ক’লে যে এতিয়া তেওঁলোক দুজনৰ পৰা তিনিজনলৈ হ’ব। অৱশ্যে গৰ্ভধাৰণৰ ভাল খবৰ দিয়াৰ পিছত সংবাদ মাধ্যমৰ পৰা কিছু দূৰত্ব বজাই ৰাখিছিল দম্পতীহালে। একে সময়তে শেহতীয়াকৈ আথিয়াই প্ৰথমবাৰৰ বাবে নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰা দেখা গৈছে।

আথিয়াৰ এই ভাইৰেল ভিডিঅ’টো অষ্ট্ৰেলিয়াৰ, য’ত অনুষ্কা শৰ্মাকো তেওঁৰ সৈতে দেখা গৈছে। কে এল ৰাহুল আৰু আথিয়া শ্বেট্টীয়ে দীৰ্ঘদিন ধৰি প্ৰেমৰ অন্তত ২০২৩ চনত বিবাহপাশত আবদ্ধ হয়।

এতিয়া প্ৰায় এবছৰৰ বিবাহৰ অন্তত প্ৰথম সন্তানক আদৰিবলৈ সাজু হৈছে দম্পতীহালে। যোৱা মাহত দুয়োজনে এই ভাল খবৰটো নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল, যাৰ বাবে অনুৰাগীৰ মাজত সুখৰ জোৱাৰ উঠিছিল। এতিয়া দুয়োজনেই নিজৰ আগন্তুক সন্তানক লৈ অতিশয় উৎসাহিত। গৰ্ভাৱস্থাৰ এই বিশেষ সময়ত অথিয়াই নিজৰ স্বামী কে এল ৰাহুলৰ সৈতে সময় কটাবলৈ লৈছে। এই সময়ছোৱাত মেলবৰ্ণত চলি থকা টেষ্ট শৃংখলাত ষ্টেডিয়ামত নিজৰ দলটোক উৎসাহিত কৰি আছে ক্ৰিকেটাৰগৰাকীয়ে, য’ত আথিয়া শ্বেট্টীয়েও তেওঁক সহায় কৰিছে।

আথিয়া শ্বেট্টীয়ে আজিকালি অনুষ্কা শৰ্মাৰ সৈতে বেছিভাগ সময় কটায়। শেহতীয়াকৈ দুয়োকে একেলগে দেখা পোৱা ছবি বিৰাট কোহলীৰ ফেন পেজত শ্বেয়াৰ কৰা হৈছে।

Vitamin B12: দৈনিক খাব মগু দাইলৰ পানী, ভিটামিন বি ১২ৰ অভাৱ দূৰ হ’ব…

Vitamin B12
Vitamin B12: দৈনিক খাব মগু দাইলৰ পানী, ভিটামিন বি ১২ৰ অভাৱ দূৰ হ'ব...

শৰীৰত বহু ধৰণৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। ইয়াৰে এটা হ’ল ভিটামিন বি ১২। এই ভিটামিনৰ অভাৱৰ বাবে হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও ভিটামিন বি ১২ৰ অভাৱত শৰীৰত আন বহুতো সমস্যাও হয়। ভিটামিন বি ১২ এক অতি গুৰুত্বপূৰ্ণ উপাদান। গতিকে আমি আমাৰ খাদ্য পৰিকল্পনাত ভিটামিন বি ১২ অন্তৰ্ভুক্ত কৰিব লাগিব।

যদি কোনো ব্যক্তিৰ শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হয় তেন্তে তেওঁ ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ভিটামিন বি ১২ৰ অভাৱত দিনটো এলেহুৱা অনুভৱ কৰিব। ইয়াৰ উপৰিও হাত-ভৰি বিষাব পাৰে।(Vitamin B12)

উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাটোৱেও শৰীৰত ভিটামিন বি ১২ৰ অভাৱৰ ইংগিত দিয়ে। এনে পৰিস্থিতিত কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰি শৰীৰৰ পৰা ভিটামিন বি ১২ৰ অভাৱ দূৰ কৰিব পাৰি।

ভিটামিন বি ১২ৰ অভাৱ দূৰ কৰিবলৈ মুগু দাইলৰ পানীক অতি উত্তম বুলি গণ্য কৰা হয়। যদি কোনো ব্যক্তিয়ে দৈনিক এবাৰ মুগু দাইল পানী খাই তেন্তে শৰীৰত ভিটামিন বি ১২ৰ মাত্ৰা বৃদ্ধি পাব।

মুগু দাইলৰ পানীত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু খনিজ পদাৰ্থ থাকে। এনে পৰিস্থিতিত মানুহে ইয়াৰ বাবে মুগু একাপ পানীত ৰাতি তিয়াই ৰাখিব। এই পানী ৰাতিপুৱা খালী পেটত খাব লাগে।

Jimmy Carter: ১০০ বছৰ বয়সত মৃত্যু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ

Jimmy Carter
Jimmy Carter: ১০০ বছৰ বয়সত মৃত্যু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ

জৰ্জিয়াৰ প্লেইনছত নিজ বাসগৃহত দেওবাৰে মৃত্যু হয় আমেৰিকাৰ ৩৯ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হোৱা বাদাম খেতিয়ক জিমি কাৰ্টাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ। মিষ্টাৰ কাৰ্টাৰ আমেৰিকাৰ আন যিকোনো ৰাষ্ট্ৰপতিতকৈ বেছি দিন জীয়াই আছিল আৰু হোৱাইট হাউছ এৰি যোৱাৰ পিছত তেওঁ এজন প্ৰতিশ্ৰুতিবদ্ধ মানৱতাবাদী হিচাপে সুনাম অৰ্জন কৰিছিল।(Jimmy Carter)

১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈকে হোৱাইট হাউছৰ একক কাৰ্যকালত মিষ্টাৰ কাৰ্টাৰে বেয়া অৰ্থনীতি আৰু ইৰাণৰ পণবন্দী সংকটৰ সৈতে যুঁজিছিল যদিও ইজৰাইল আৰু ইজিপ্তৰ মাজত শান্তিৰ দালালি কৰিছিল আৰু বিদেশী তেলৰ সস্তা বিকল্প হিচাপে নবীকৰণযোগ্য শক্তিৰ পথ প্ৰদৰ্শক আছিল। কিন্তু, তেওঁ ১৮৮৮ চনৰ পিছত পুনৰ নিৰ্বাচনত জয়ী নোহোৱা প্ৰথমজন ডেম’ক্ৰেটিক ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়।(Former US President Jimmy Carter Dies At 100)

কিন্তু মিষ্টাৰ কাৰ্টাৰক ৰাষ্ট্ৰপতিতকৈ ভাল প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে বহুলভাৱে গণ্য কৰা হৈছিল – যি মৰ্যাদা তেওঁ সহজেই স্বীকাৰ কৰিছিল। হোয়াইট হাউছ এৰি যোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় মানৱীয় কামৰ প্ৰতি তেওঁৰ দশক দশক ধৰি নিষ্ঠাৰ বাবে তেওঁ ২০০২ চনত শান্তিৰ নোবেল বঁটা লাভ কৰে।

লিলিয়ান নামৰ পঞ্জীয়নভুক্ত নাৰ্ছ লিলিয়ান আৰু জেমছ আৰ্লৰ ঘৰত জন্মগ্ৰহণ কৰা জেমছ আৰ্ল কাৰ্টাৰ জুনিয়ৰৰ ১৯২৪ চনৰ ১ অক্টোবৰত প্লেইনছৰ এখন ৬০খন বিচনাযুক্ত চিকিৎসালয়ত প্ৰসৱ হয়। অলক্ষনীয় যেন লগা এই পৰিঘটনাটো আচলতে ঐতিহাসিক আছিল, কিয়নো মিষ্টাৰ কাৰ্টাৰে চিকিৎসালয়ত জন্মগ্ৰহণ কৰা প্ৰথমজন আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছিল কাৰণ সেই সময়ত এতিয়াও প্ৰায় সকলো প্ৰসৱ ঘৰতে হৈছিল।

বাদাম খেতিয়ক হৈ বহু ভূমিকা পালন কৰা জনসেৱকলৈ পৰিণত হোৱা জিমি কাৰ্টাৰৰ ৰাজহুৱা জীৱন আৰম্ভ হৈছিল আমেৰিকাৰ নৌসেনা একাডেমীৰ পৰা আৰু পাৰমাণৱিক চালিত চাবমেৰিনত সেৱা আগবঢ়াইছিল। জৰ্জিয়া টেকত এন আৰ অ’ টি চি প্ৰগ্ৰেমত এবছৰ অধ্যয়ন কৰাৰ পিছত মিষ্টাৰ কাৰ্টাৰ ব্ৰিগেড অৱ মিডশ্বিপমেনত যোগদান কৰে আৰু ১৯৪৬ চনৰ শ্ৰেণীৰ শীৰ্ষ দশম স্থানত একাডেমীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

১৯৫২ চনত যেতিয়া কানাডাৰ অন্টাৰিঅ’ত এটা পাৰমাণৱিক ৰিয়েক্টৰ বিস্ফোৰণ ঘটিছিল, তেতিয়া আমেৰিকাৰ নৌসেনাই এটা দল নিয়োগ কৰিছিল, য’ত আছিল মিষ্টাৰ কাৰ্টাৰ, তেতিয়াৰ ২৮ বছৰীয়া লেফটেনেণ্ট যিয়ে প্ৰথমখন পাৰমাণৱিক চাবমেৰিন নিৰ্মাণত সহায় কৰিছিল।

সুৰক্ষামূলক সামগ্ৰী পৰিধান কৰি লেফটেনেণ্ট কাৰ্টাৰে আন দুজন বিশেষজ্ঞৰ সৈতে ৰিয়েক্টৰত প্ৰৱেশ কৰি ৮৯ ছেকেণ্ডত সাধাৰণ জনতাই এবছৰত শোষণ কৰা একে পৰিমাণৰ বিকিৰণৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। পিছত তেওঁ কয় যে ছমাহ ধৰি তেওঁৰ প্ৰস্ৰাৱৰ তেজস্ক্রিয়তা পজিটিভ হৈ আছিল৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে আমেৰিকাৰ জৰ্জিয়াৰ প্লেইনছৰ মাৰানাথা বেপ্টিষ্ট চাৰ্চত প্ৰাক্তন প্ৰথম মহিলা ৰোজালিন কাৰ্টাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত যাত্ৰা কৰে।

হোয়াইট হাউছত একক কাৰ্যকালত জিমি কাৰ্টাৰে ফেডাৰেল ন্যায়পালিকাত ৫৭ জন সংখ্যালঘু ন্যায়াধীশ আৰু ৪১ গৰাকী মহিলা ন্যায়াধীশ নিযুক্তি দিছিল। নিযুক্তিৰ এই বৈচিত্ৰ্যতা কাৰ্টাৰ চেণ্টাৰৰ মতে পূৰ্বৰ সকলো ৰাষ্ট্ৰপতিৰ তুলনাত অধিক আছিল। ৰাষ্ট্ৰপতিৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা – পেট্ৰিচিয়া ৰবাৰ্টছ হেৰিছক নিযুক্তি দিয়াৰ বাবে তেওঁক কৃতিত্ব দিয়া হয়।

১৯৭৭ চনত আমেৰিকাৰ ৩৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত মিষ্টাৰ কাৰ্টাৰে বাকিংহাম পেলেচ ভ্ৰমণ কৰিছিল।

Lip Care Tips: শীতকালত ওঁঠ ফাটে নেকি? ওঁঠ শুকান হ’লে ওঁঠত বেছি দেৰি নাথাকে লিপষ্টিক

Lip Care Tips: শীতকালত ওঁঠ ফাটে নেকি? ওঁঠ শুকান হ’লে ওঁঠত বেছি দেৰি নাথাকে লিপষ্টিক
Lip Care Tips: ওঁঠ শুকান হ’লে ওঁঠত বেছি দেৰি নাথাকে লিপষ্টিক

বিয়া হওক বা পাৰ্টি হওক, মহিলাৰ সাজ-পোছাকৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ লিপষ্টিক। চকুৰ দৰে লিপ মেকআপেও এটা চেহেৰা বহুত সলনি কৰিব পাৰে।(Lip Care Tips) লিপষ্টিকৰ প্ৰতিটো শ্বেডে বেলেগ বেলেগ ৰূপ দিয়ে। কিন্তু ওঁঠ ফাটিলে, লিপষ্টিক লগালেও সকলো নষ্ট হৈ যায় আৰু দেখাতো বেয়া লাগে। বিশেষকৈ শীতকালত ওঁঠ ফটাৰ সমস্যা বাঢ়ি যায়। বহুতে ফাটি যোৱা ওঁঠ দুটা লিপষ্টিকেৰে ঢাকিবলৈ চেষ্টা কৰে। কিন্তু কিছুসময়ৰ পাছত লিপষ্টিকৰ ওপৰেৰে ওঁঠ ফাটি তেজ ওলাই আহে। যিটো স্বাভাৱিকতে অস্বস্তিকৰ। কিন্তু কেইটামান নিয়ম মানি চলিলে লিপষ্টিক বেছিদিৰে লৈকে থাকিব পাৰে। সেই বিষয়ে জানো আহক-

ওঁঠ শুকান হ’লে লিপষ্টিক ওঁঠত বেছি দিৰে লৈকে নাথাকে। আচলতে ওঁঠৰ আৰ্দ্ৰতা হেৰুৱালে লিপষ্টিক সোনকালে ক্ষয় যায়। গতিকে শীতকালত লিপষ্টিক লগোৱাৰ আগতে লিপ বাম ব্যৱহাৰ কৰক।

কিনাৰ সময়ত লিপষ্টিকত ছিলিকন আছে নে নাই পৰীক্ষা কৰক আৰু লিপষ্টিকটো গাঢ় ৰঙৰ কিনিব।

লিপষ্টিকটোৰ ওঁঠত বহু দেৰিলৈকে ৰাখিবলৈ প্ৰাইমাৰ লগাব পাৰে। ইয়াৰ ফলত লিপষ্টিক বেছি দেৰিলৈকে থাকিব।

নিয়মিতভাৱে ওঁঠ দুটা স্ক্রাব কৰক। সেই স্ক্ৰাবটো আপুনি ঘৰতে নাৰিকল তেল, ব্ৰাউন চুগাৰ বা কফি আৰু মৌ মিহলাই বনাব পাৰে। সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ স্ক্ৰাব কৰিব পাৰে।

ওঁঠৰ যত্নৰ বাবে কেইটামান পদ্ধতি মানি চলিব লাগে। যেনে, ওঁঠ নিয়মিতভাৱে ঘঁহি, মইশ্ব’ৰাইজ কৰিব লাগে। ওঁঠ জলমগ্ন কৰি ৰখাটোও জৰুৰী। ঘৰতে সহজে ওঁঠৰ যত্ন লব পাৰিব।

এটা বাটিত এচামুচ নাৰিকল তেল, এচামুচ মৌ আৰু এচামুচ চেনি মিহলাই লওক। মিশ্ৰণটো ওঁঠত লগাই ভালদৰে মালিচ কৰিব। সুস্থ ওঁঠৰ বাবে সপ্তাহত ৩ বাৰ এই লিপ স্ক্ৰাব ব্যৱহাৰ কৰক। কিন্তু স্ক্ৰাবৰ অত্যধিক ব্যৱহাৰে বিপৰীতমুখী হ’ব পাৰে।

প্ৰতি নিশা শুই উঠাৰ আগতে লিপ মইশ্ব’ৰাইজাৰ লগাব লাগে। ওঁঠত নাৰিকল তেলও নিয়মিতভাৱে ব্যৱহাৰ কৰিব পাৰে যাতে শুকান নহয়।

যিসকল সদায় এচিত থাকে তেওঁলোকৰ লিপ হাইড্ৰেচনৰ প্ৰয়োজন বেছি। ৰাতিপুৱাৰ ছালৰ যত্নৰ ৰুটিন আৰু ৰাতিৰ ছালৰ যত্নৰ ৰুটিন মানি চলি লিপ বাম নিশ্চয় প্ৰয়োগ কৰক। ওঁঠৰ বাবে ভাল হ’ব।

Shilpa Shetty: ভাত, ৰুটি খাইয়ে পঞ্চাশ বছৰীয়া শিল্পাৰ শৰীৰ ফিট!

Shilpa Shetty
ভাত আৰু ৰুটি ত্যাগ নকৰাকৈয়ে ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰি। বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীৰ খাদ্যাভ্যাসৰ বিষয়ে জানক।(Shilpa Shetty)

ভাত আৰু ৰুটি ত্যাগ নকৰাকৈয়ে ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰি। বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীৰ খাদ্যাভ্যাসৰ বিষয়ে জানক।(Shilpa Shetty)

বহুদিন চিনেমাত শিল্পা শ্বেট্টীক দেখা পোৱা নাই যদিও অৱশ্যে ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে অভিনেত্ৰীগৰাকী। কেতিয়াবা বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে বডি বিল্ডিং, ফুড ভিডিঅ’ আৰু ছবিও পোষ্ট কৰে সামাজিক মাধ্যমত। দুটা সন্তানৰ মাতৃ শিল্পাৰ বয়স পঞ্চাশ বছৰ। কিন্তু তথাপিও তেওঁৰ ত্ৰুটিহীন শৰীৰ, উজ্বল ছালখন ফিটনেছ অনুৰাগীৰ মাজত জনপ্ৰিয়।

চ’ছিয়েল মিডিয়াত ওজন কমাবলৈ আৰু ক্ষীণাবলৈ কি কৰিব লাগে সেই বিষয়ে বহু টিপচ্ দিয়ে অভিনেত্ৰীগৰাকীয়ে। আনহাতে বহুত মানুহৰ বিভিন্ন ধাৰণা। কিছুমানে ভাবে যে ক্ষীণ হ’ব বিচাৰিলে ভাত আৰু ৰুটি এৰিব লাগিব। প্ৰটিনৰ ওপৰত গুৰুত্ব দিব লাগে। কিছুমানে ভাবে যে কেৱল বইল খাব লাগিব।

অৱশ্যে কেইবছৰমান পূৰ্বে এক সাক্ষাৎকাৰত বি-টাউনৰ অভিনেত্ৰীগৰাকীয়ে ভাত-ৰুটি খাই ভাল পোৱা বুলি কৈছিল। নায়িকাগৰাকীৰ পুৱা আৰম্ভ হয় এলোভেৰাৰ ৰসেৰে। অভিনেত্ৰীগৰাকীৰ মতে, “এলোভেৰাৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, ছালখন উজ্জ্বল কৰে।”

বগা আটা, বগা চেনি আৰু বগা ভাত নাখাই তেওঁ। আন এজন বলীউডৰ তাৰকা শ্বাহৰুখ খানেও একে নিয়ম মানি চলিছিল। শিল্পাৰ মতে, তেওঁ যিমান পাৰে চেনিৰ পৰা আঁতৰি থাকে। যদি আপুনি মিঠাই খাব বিচাৰে তেন্তে ব্ৰাউন চুগাৰ বাছি লওক।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে সিজোৱা খাদ্য খাই। সেই কথা তেওঁ নিজেই কৈছিল। কিন্তু শিল্পাই নাখাই। তেওঁ অলিভ অইলত সিজোৱা শাক-পাচলি, দুপৰীয়া ব্ৰাউন ৰাইচ বা ৰুটি, কুকুৰাৰ মাংস খায়। কিন্তু ৰাতিৰ আহাৰ সোনকালে খালে। দুটা কণীৰ সৈতে এখন ব্ৰাউন ব্ৰেড, চাহ। কেতিয়াবা চালাড, চিকেন চুপ খায়। অৱশ্যে বলীউডৰ এইগৰাকী ফিটেষ্ট অভিনেত্ৰীয়ে নিয়মিতভাৱে প্ৰাণায়ামা কৰে। সময়মতে ব্যায়ামো কৰে।