Home Blog Page 40

“বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ” সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজিকাৰ

"বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ" সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজিকাৰ
"বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ" সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজিকাৰ

“বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ”! আজি গুৱাহাটীৰ ৰাজপথত ৰাইজৰ ৰোষত পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। ৰাজপথত সমবেত সাধাৰণ জনতাই গৌৰৱ গগৈক ক্ষোভ উজাৰি “বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ” বুলি কঠোৰ ভাষাৰে ক্ষোভ প্ৰকাশ কৰে। আনহাতে, এই ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজিকাই।

মন্ত্ৰী হাজৰিকাই নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট যোগে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, “পূৰ্বৰে পৰা মানুহক ভুৱা অপপ্ৰচাৰেৰে আভুৱা-ভাঁৰি অহা কংগ্ৰেছ দলে আজিও একেই কাম কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিছে বুলি গম পাইছোঁ।” মন্ত্ৰী হাজিকাই লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ দলৰ অন্যান্য নেতাসকলক সাৱধান কৰি দি কয় – “বৰ্তমান সময়ত ৰাইজ সজাগ। আজিৰ ৰাইজৰ হাতৰ মুঠিতে সকলো তথ্য উপলব্ধ। অপপ্ৰচাৰ বিয়পোৱাৰ চেষ্টা নকৰাই ভাল।” লগতে, গুৱাহাটীৰ ৰাজপথত ৰাইজৰ এই ক্ষোভে কংগ্ৰেছ দলৰ বাবে গুৰুত্বপূৰ্ণ ৰাজনৈতিক সংকেত বহন কৰিছে বুলি একাংশই মত প্ৰকাশ কৰিছে।

বিলাসীপাৰাত অসম গণ পৰিষদৰ নগৰ সমিতিৰ গঠন , ৩৫ জনীয়া নতুন কমিটি ঘোষণা । AGP

বিলাসীপাৰাত অসম গণ পৰিষদৰ নগৰ সমিতিৰ গঠন , ৩৫ জনীয়া নতুন কমিটি ঘোষণা
বিলাসীপাৰাত অসম গণ পৰিষদৰ নগৰ সমিতিৰ গঠন , ৩৫ জনীয়া নতুন কমিটি ঘোষণা

AGP । অসম গণ পৰিষদ দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি বিলাসীপাৰা বিধান পৰিষদৰ কাৰ্যালয় প্ৰাংগনত বিলাসীপাৰা নগৰ সমিতিৰ পুনৰ্গঠন সভা সফলভাৱে অনুষ্ঠিত হয়। উক্ত গুৰুত্বপূৰ্ণ সভাখনত সভাপতিত্ব কৰে অসম গণ পৰিষদৰ বিধান পৰিষদৰ সভাপতি শ্ৰীযুত অমৰেন্দ্ৰ নাথে।

উক্ত সভাত উপস্থিত থাকি বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত প্ৰশান্ত কুমাৰ বৰুৱা দেৱে এক দীঘলীয়া আৰু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। তেখেতে অসম গণ পৰিষদৰ আদৰ্শ, ঐতিহাসিক ভূমিকা আৰু অসমীয়া জাতিৰ স্বাৰ্থ সুৰক্ষিত কৰাত দলটোৰ অৱদানৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। লগতে আগন্তুক সময়ছোৱাত সংগঠন অধিক শক্তিশালী কৰি তৃণমূল পৰ্যায়ত জনসাধাৰণৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।


প্ৰাক্তন বিধায়ক বৰুৱা দেৱে দলীয় কৰ্মকৰ্তাসকলক ঐক্যবদ্ধভাৱে কাম কৰি অসম গণ পৰিষদক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ আহ্বান জনায় আৰু জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই যাবলৈ অনুৰোধ জনায়।
সভাখনত নগৰ সমিতিৰ কৰ্মকৰ্তাসকলৰ সক্ৰিয় অংশগ্ৰহণে সমগ্ৰ পৰিবেশ উদ্দীপনাময় কৰি তোলে। দলীয় সংগঠনক তৃণমূল পৰ্যায়ত অধিক মজবুত কৰাৰ লগতে আগন্তুক দিনসমূহত জনসাধাৰণৰ সমস্যা সমাধানত অগ্ৰাধিকাৰ দিয়াৰ দৃঢ় সংকল্প সভাত প্ৰকাশ পায়।


উক্ত সভাতে ধনজিত দাসক সভাপতি আৰু কাৰ্তিক কৰ্মকাৰক সাধাৰণ সম্পাদক হিচাপে লৈ অসম গণ পৰিষদৰ ৩৫ জনীয়া বিলাসীপাৰা নগৰ সমিতিৰ নতুন কমিটি গঠন কৰা হয়। নতুনকৈ গঠন হোৱা এই সমিতিয়ে বিলাসীপাৰা নগৰত দলীয় কাৰ্যকলাপ অধিক গতিশীল কৰি তোলাৰ লগতে জনসাধাৰণৰ কল্যাণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

Charaideo: বিশ্ব ঐতিহ্যক্ষেত্ৰৰ প্ৰমাণ-পত্ৰ মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Charaideo: বিশ্ব ঐতিহ্যক্ষেত্ৰৰ প্ৰমাণ-পত্ৰ মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Charaideo: বিশ্ব ঐতিহ্যক্ষেত্ৰৰ প্ৰমাণ-পত্ৰ মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।(Charaideo)

বিশ্ব ঐতিহ্যক্ষেত্ৰৰ প্ৰমাণ-পত্ৰ মুকলি মুখ্যমন্ত্ৰীৰ।

চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰিছিল UNESCOই।

চৰাইদেউ মৈদাম ক্ষেত্ৰও পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।


বস্ত্ৰনগৰী শুৱালকুছিত বিজেপিৰ বুথ বিজয় দিৱস উদযাপন

বস্ত্ৰনগৰী শুৱালকুছিত বিজেপিৰ বুথ বিজয় দিবস উদযাপন
বস্ত্ৰনগৰী শুৱালকুছিত বিজেপিৰ বুথ বিজয় দিবস উদযাপন

শুৱালকুছিত বিজেপিৰ বুথ বিজয় দিৱস উদযাপন।

সমগ্ৰ ৰাজ্যৰ লগতে বস্ত্ৰনগৰী শুৱালকুছিতো আজি বিজেপিৰ বুথ বিজয় দিৱস উদযাপন।

পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১৮২ নম্বৰ বুথত বুথ সভাপতি মুকুন্দ কাকতিয়ে বিজেপিৰ বিজয় ধ্বজা উৰুৱাই আগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক ভোট লাভৰে দিছপুৰ দখলৰ অভিলাষ কৰি কৰ্মী সকলে ককালত টঙালি বান্ধে।

আজিৰে পৰা অহা ১১ ফেব্ৰুৱাৰীলৈ এই যাত্ৰা অব্যাহত থাকিব। বুথ বিজয় দিৱসত উপস্থিত থাকে যুৱনেতা ৰাজীৱ দাস, বিজেপিৰ সংক্ৰিয় কৰ্মী হেমন্ত কলিতা, উত্তৰ কামৰূপ জিলাৰ সম্পাদক ৰমেন কলিতা, শুৱালকুছি জিলা পৰিষদৰ সদস্য তথা মন্দল সভাপতি ধীৰাজ মহন্তৰ লগতে দলীয় কৰ্মী সকলৰ উপস্থিতিয়ে অনুস্থানটো সাফল্য মণ্ডিত কৰি তোলে।

Dr gyanashree bora: আজি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে পুনৰ যোগদান ড০ জ্ঞানশ্ৰী বৰাৰ

ৰাইজৰ দলত আনুষ্ঠানিকভাৱে পুনৰ যোগদান ড০ জ্ঞানশ্ৰী বৰাৰ
ৰাইজৰ দলত আনুষ্ঠানিকভাৱে পুনৰ যোগদান ড০ জ্ঞানশ্ৰী বৰাৰ

আজি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে পুনৰ যোগদান ড০ জ্ঞানশ্ৰী বৰাৰ।(Dr gyanashree bora)

জ্ঞানশ্ৰীক সম্বৰ্ধনা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।

আজিৰ ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত আছু, বিজেপি, কংগ্ৰেছ, আম আদমী পাৰ্টীৰ পৰা কেইবাগৰাকী ব্যক্তিৰ লগতে ডাঃ আব্দুল ৱাহিদ(এমবিবিএছ), ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদ্য প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মুস্তাকিজুৰ ৰহমানৰ যোগদান।

গৌৰৱ গগৈৰ ভাৰততকৈ পাকিস্তানৰ চিন্তা বেছিঃ দিলীপ শইকীয়া

গৌৰৱ গগৈৰ ভাৰততকৈ পাকিস্তানৰ চিন্তা বেছিঃ দিলীপ শইকীয়া
গৌৰৱ গগৈৰ ভাৰততকৈ পাকিস্তানৰ চিন্তা বেছিঃ দিলীপ শইকীয়া

‘গৌৰৱ গগৈৰ ভাৰততকৈ পাকিস্তান প্ৰীতি বেছি,পাকিস্তানৰ চিন্তা বেছি।’
‘তৰুণ গগৈৰ নাতি যদি ভাৰতীয় নহয় তাতকৈ কি দুখৰ কথা থাকিব পাৰে।’
কেবিনেটত আলোচনা কৰিহে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব বুলি কয় বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।


বৃহস্পতিবাৰে মঙলদৈ চহৰৰ ১৫১ আৰু ১৫২ নং বুথত বুথ বিজয় অভিযান আৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। বিজেপিয়ে আজিৰে পৰা ১১ ফেব্ৰুৱাৰীলৈ ৰাজ্যজুৰি ২৯৬৫৬ টা বুথত এই অভিযান চলাব। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ২৬ৰ দলীয় প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত বিধান সভা সমষ্টি ভিত্তিত দলীয় কৰ্মকৰ্তাৰ মতামত লোৱা হব বুলি কয় দিলীপ শইকীয়াই। বিজেপিৰ বিধায়ক থাকিলেও ৰিপ’ৰ্ট কাৰ্ড লৈহে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বিজেপিয়ে।


নতুন মুখেও পাব অগ্ৰাধিকাৰ। বিটিচিৰ সন্দৰ্ভত UPPL আৰু BPF লগত বিজেপিৰ কোনো আলোচনা হোৱা নাই।
বিটিচিত বিজেপি দলে নিৰ্বাচন খেলিবলৈ সাজু। মিত্ৰদল হিচাপে দুয়োটা দলে সহযোগ কৰাতো বিচাৰে, কোনোবা নাথাকিলেও আপত্তি নাই বিজেপি দলৰ বুলি মন্তব্য কৰে সভাপতি দিলীপ শইকীয়াই।

বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতুৰবিদ হিচাপে পৰিচিত কিউচেংহান ফুকন

বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতুৰবিদ হিচাপে পৰিচিত কিউচেংহান ফুকন
বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতুৰবিদ হিচাপে পৰিচিত কিউচেংহান ফুকন

বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতুৰবিদ হিচাপে পৰিচিত কিউচেংহান ফুকন।

আৰৱ সাগৰ সাঁতুৰি অভিলেখ অসমৰ কণমানি কিউচেংহান ফুকন।

এলিফেন্টা আইলেণ্ডৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰিছিল কিউচেংহানে।

৩.২৯ ঘণ্টাত ১৩ কিলোমিটাৰ সাঁতুৰি অভিলেখ সৃষ্টি কৰে কিউচেংহানে।

এলিফণ্টা দ্বীপৰ পৰা গে’টৱে অৱ ইণ্ডিয়ালৈ সাঁতোৰা বিশ্বৰ সৰ্বকনিষ্ঠ সাঁতোৰবিদৰ অভিলেখ কিউচেংহান ফুকনৰ।

Guwahati News: গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক আটক

Guwahati News: গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক আটক
Guwahati News: গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক আটক

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক আটক।(Guwahati News)

কাৰাগাৰৰ বিৰুদ্ধে আছে বিস্ফোৰক অভিযোগ।

একাংশক কাৰাগাৰত VIP আতিথ্য দিয়াৰ অভিযোগ।

বুধবাৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰি গ্ৰেপ্তাৰ ২ আৰক্ষী।

২ আৰক্ষীক গ্ৰেপ্তাৰৰ পিছতে আজি আটক কাৰাধ্যক্ষক।

কাৰাধ্যক্ষ দেৱকমল বৰাক আটক বশিষ্ঠ আৰক্ষীৰ।

জে’লৰ ভিতৰত নিচাজাতীয় সামগ্ৰী সৰবৰাহকে ধৰি বিভিন্ন অভিযোগত আটক বৰাক।

Abhi-Neel: অন্তিম পর্যায়ত অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি

Abhi-Neel: অন্তিম পর্যায়ত অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি
Abhi-Neel: অন্তিম পর্যায়ত অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি

অন্তিম পৰ্যায়ত অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি।(Abhi-Neel)

৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত হ’ব গোচৰটোৰ অন্তিম শুনানি।

নগাঁৱৰ ছেছন আদালতত চলিব গোচৰটোৰ শুনানি।

শুনানিৰ অন্তত গোচৰটোৰ ৰায় প্ৰদান কৰিব আদালতে।

২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল অভি-নীলৰ বৰ্বৰ হত্যাকাণ্ড।

কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হৈছিল এই হত্যাকাণ্ড।

গণ নিগ্ৰহৰ বলি হৈছিল অভিজিৎ নাথ আৰু নীলোৎপল দাস।

প্ৰায় ৭ বছৰ ৫ মাহ ধৰি আদালতত চলি আছে গোচৰটোৰ শুনানি।

মুকলিৰ পাছতে হেক হ’ল কংগ্ৰেছৰ ৱেৱচাইট who is hbs…হ’ম পেজত ওলাল – Better Luck Next Time Paijaan…

মুকলিৰ পাছতে হেক হ'ল কংগ্ৰেছৰ ৱেৱচাইট who is hbs...হ'ম পেজত ওলাল - Better Luck Next Time Paijaan…
মুকলিৰ পাছতে হেক হ'ল কংগ্ৰেছৰ ৱেৱচাইট who is hbs...হ'ম পেজত ওলাল - Better Luck Next Time Paijaan…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কংগ্ৰেছে আৰম্ভ কৰিছিল who is hbs নামৰ এটা ৱেবছাইট। ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে ৱেবছাইটটো উন্মোচন কৰাৰ প্ৰায় এঘণ্টাৰ পিছতেই ৱেবছাইটটো খুলিলেই হোমপেজত দেখুৱায়, “Better Luck Next Time Paijaan…”। এই ঘটনাৰ পিছতেই সামাজিক মাধ্যমত বিষয়টো দ্ৰুতগতিত ভাইৰেল হৈ পৰে। উল্লেখ্য যে, হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক জীৱন আৰু কাৰ্যকাল সম্পৰ্কে তথ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছিল ৱেবছাইটটো। কিন্তু মুকলিৰ প্ৰায় ১ ঘন্টাৰ পাছতে ৱেবছাইটটো হেক হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। উক্ত ঘটনাৰ পিছতেই কংগ্ৰেছে তৎক্ষণাত ৱেবছাইটটো বন্ধ কৰি দিয়ে। আনহাতে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই কংগ্ৰেছক কটাক্ষ কৰি সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰে। পোষ্টটোত তেওঁ লিখে যে – “কথাত— 4K Ultra HD, কামত— 144p Buffering । কংগ্ৰেছে অলপ আগতে আৰম্ভ কৰিছিল ‘who is hbs’ শীৰ্ষক এটা ৱেবছাইট। পিছে এতিয়া ৱেবছাইটটো খুলিলেই হোমপেজত দেখুৱায়~ Better Luck Next Time Paijaan… । এটা ৱেবছাইট ভালকৈ মুকলি কৰিব নজনা কংগ্ৰেছ দলে আকৌ চৰকাৰ গঠনৰ সপোন দেখে, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে!”

উল্লেখ্য যে, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াসহ ৪ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰীয়ে। ৯ ফেব্ৰুৱাৰীত জীতেন্দ্ৰ সিং, ভূপেশ বাঘেল, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবাদমেলত মিছা, ভিত্তিহীন, অপমানজনক বক্তব্য কৰাৰ বাবে তৰিব গোচৰ তেওঁ। এই কথা সামাজিক মাধ্যম যোগেৰে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় – ‘হিট এণ্ড ৰাণ’ ৰাজনীতিৰ দিন এতিয়া শেষ হ’ল। কংগ্ৰেছৰ হাতত যদি তথ্য আছে আদালতত প্ৰমাণ কৰিক। অন্যথা গান্ধী পৰিয়ালৰ এই অভিযোগ সহ্য কৰা নহ’ব। এই চাৰি নেতাক গান্ধী পৰিয়ালৰ আজ্ঞাবহ ভৃত্য আখ্যা মুখ্যমন্ত্ৰীৰ।