Ludo Cup football: লুড’ কাপ ফুটবল প্ৰতিযোগিতাঃ গোগামুখ স্প’ৰ্টছ একাডেমী চেম্পিয়ন
ধেমাজি জিলাৰ গোগামুখৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইচনৰ উদ্যোগত আৰু গোগামুখ ক্ৰীড়া সংস্থাৰ সহযোগত গোগামুখ নগৰ হাইস্কুল খেলপথাৰত(Ludo Cup football) অনুষ্ঠিত হৈ থকা লুড’ কাপ প্ৰাইজমাণি আৰু ট্ৰফি ফুটবল প্ৰতিযোগিতাত গোগামুখ স্প’ৰ্টছ একাডেমী চেম্পিয়নৰ খিতাপ দখল কৰিছে ৷ দেওবাৰে উত্তেজনপূৰ্ণ ফাইনেল খেলখনত গোগামুখ স্প’ৰ্টছ একাডেমীয়ে গা-ডাঙৰ চুক ২-১ গ’লত পৰাজিত কৰি দ্বিতীয়বাৰৰ বাবে লুড’ কাপ দখল কৰিবলৈ সক্ষম হয় ৷
আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে ভৰা খেলৰ প্ৰথমাৰ্ধত গোগামুখ স্প’ৰ্টছ একাডেমীয়ে দুয়োটা গ’ল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে গা-ডাঙৰ চুক এফ চিয়ে প্ৰথমাৰ্ধত অন্তিম মূহুৰ্তত এটা গ’ল পৰিশোধ কৰে ৷ খেলৰ দ্বিতীয়াৰ্ধত খেলখনৰ উত্তেজনা ম্লান পৰাৰ বিপৰীতে দুয়োটা খেলুৱৈৰ পৰস্পৰৰ টনা-আঁজোৰা, তৰ্কা-তৰ্কিলৈ পৰিণত হয় ৷ ফলত দুয়োটা দলে দ্বিতীয়াৰ্ধত কোনো গ’ল দিবলৈ সক্ষম নহ’ল ৷ খেলৰ অন্তত বিজয়ী দল গোগামুখ স্প’ৰ্টছ একাডেমীক এক লাখ টকাৰ লগতে ট্ৰফি প্ৰদান কৰে ধেমাজি জিলা ক্ৰীড়া সংস্থাৰ সম্পাদক যতীন বুঢ়াগোঁহায়ে ৷
বিজিত দল গা-ডাঙৰচুক এফ চিক ৫০ হাজাৰ টকাৰ লগতে ট্ৰফি প্ৰদান কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে ৷ খেলখনৰ শ্ৰেষ্ঠ গ’লদাতাৰ সন্মান লাভ কৰে স্প’ৰ্টছ একাডেমীৰ জুমলা ব্ৰহ্মই ৷ খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে স্প’ৰ্টছ একাডেমীৰ অমিত ঠাকুৰীয়াই ৷ শ্ৰেষ্ঠ গ’লৰক্ষকৰ সন্মান লাভ কৰে স্প’ৰ্টছ একাডেমীৰ মেঘৰাজ বসুমতাৰীয়ে ৷ শ্ৰেষ্ঠ খেলুৱৈ, গ’ল দাতা, গ’লৰক্ষকৰ পুৰস্কাৰসমূহ প্ৰদান কৰে লুড’ কাপ অভ্যৰ্থনা সমিতিৰ সভাপতি গমুগ পেগু, সম্পাদক শুক্লেশ্বৰ স্বৰ্গীয়াৰী, যুৱ সমাজকৰ্মী ৰাহু পাতিৰ, লুড’ৰ সম্পাদক মন্টু টাইদ, ৰাজু চিন্তে, কমল কিৰণ পেগুৱে ৷ আজিৰ খেলখন পৰিচালনা কৰে ব্ৰজেন বুঢ়াগোঁহাই, মহানন্দ মিলি, দীপক গগৈ, জিন্টু ফুকনে ৷ ৰেফাৰী ইন্চাৰ্জ হিচাপে থাকে মণিৰাম পেগুৱে ৷ মেচ কমিচনাৰ হিচাপে থাকে বিমল স্বৰ্গীয়াৰীয়ে ৷
দেওবাৰে বিয়লি ১ বজাৰ পৰা শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “ভিন্ন সাহিত্য-ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ” শীৰ্ষক আলোচনা সত্ৰ ৷ ইয়াত সঞ্চালকৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক, সমালোচক ড° আনন্দ বৰমুদৈয়ে ৷ তেওঁ ভাষণ প্ৰসংগত কয়—“ আমি কি পঢ়িম আৰু কিয় পঢ়িম , নাইবা কিয় পঢ়া উচিত ? ইয়াৰ উত্তৰ নিজে বিচাৰিব পাৰিব লাগিব পাঠকে ৷ বিষয় বস্তুৰ বিচিত্ৰতাই সাহিত্যক বিভিন্ন ধৰণে সমৃদ্ধ কৰিছে ৷ সাহিত্যৰ পৰিমণ্ডল ন ন ৰূপেৰে প্ৰসাৰিত হৈছে ৷ গতিকে পঠনৰ বাবে পুথি এখন নিৰ্বাচন কৰাটো পাঠকৰ গুৰু দায়িত্ব ৷” তেওঁ লগতে কয় যে গ্ৰন্থ পঠন প্ৰক্ৰিয়াটো মূলত জ্ঞান অৰ্জনৰ সৈতে সম্পৰ্কিত ৷ কেৱল যে সাহিত্যৰ কিতাপেহে জ্ঞানৰ বাট দেখুৱায় এনে নহয়, ভিন্ন বিষয়ৰ গ্ৰন্থই ভিন্ন দুৱাৰ মুকলি কৰে ৷ এখন নাটক চোৱা, গান শুনা, ছবি চোৱাও একধৰণৰ পঠন প্ৰক্ৰিয়া ৷
পঠনৰ আনন্দৰ সৈতেই এয়া সংপৃক্ত হৈ আছে ৷ আলোচক অতিথি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট সাহিত্য-সমালোচক ড° বিভাস চৌধুৰীয়ে আলোচ্য বিষয় সন্দৰ্ভত কয় যে আজিকালি ভিন্ন বিষয়ৰ কিতাপ প্ৰকাশ পোৱাই নহয়, কিতাপৰ ৰূপো ভিন্ন হৈছে ৷ এসময়ত মানুহে হাতত লৈ পঢ়া কিতাপখন আজিৰ ল’ৰা-ছোৱালীয়ে স্ক্ৰীণত পঢ়ে ৷ এই পঠন প্ৰক্ৰিয়াৰ জৰিয়তে নতুন প্ৰজন্মই পলকতে অভিধান চাই নজনা শব্দটো বুজি লোৱাৰ, আনুষংগিক বিষয় খুচৰি চোৱাৰ সুবিধা গ্ৰহণ কৰে ৷ তেওঁলোকৰ বাবে এই অভিজ্ঞতা আনন্দদায়ক ৷ পুৰণি মানুহখিনিয়ে হাতত কিতাপ লৈ আনন্দ পায় ৷ অৰ্থাৎ আনন্দ লাভৰ প্ৰক্ৰিয়াও সলনি হৈছে ৷ তেওঁ লগতে কয়—“এখন কিতাপ পঢ়াৰ আনন্দই আন এখন কিতাপ পঢ়িবলৈ আগ্ৰহ জন্মায় আৰু এখন দীক্ষিত পঢ়ুৱৈ সমাজ গঢ়ি তোলে ৷” ইয়াত আলোচক অতিথিৰূপে অংশ লৈ ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট সাহিত্য-সমালোচক ড° অৰিন্দম শৰ্মাই কয় যে কিতাপ পঢ়ি ক’লৈকো নোযোৱাকৈয়ে পৃথিৱী ভ্ৰমণ কৰিব পাৰি ৷ কাৰণ কিতাপবোৰে লেখক-সাহিত্যিক সকলে য’ত বাস কৰে সেই ঠাইক পাঠকৰ ওচৰলৈ লৈ যায় ৷
এয়া গ্ৰন্থ পঠনৰ আনন্দদায়ক অভিজ্ঞতা ৷ পঠনৰ জৰিয়তে লেখক-পাঠকৰ উত্তৰণ ঘটে ৷ আন এগৰাকী আলোচক অতিথি, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে বিষয় প্ৰসংগত এনেদৰে কয়—“ সাহিত্যৰ যিকোনো বিষয় এগৰাকী পাঠকৰ বাবে আপেক্ষিকভাৱে গুৰুত্বপূৰ্ণ আৰু আনন্দদায়ক হ’ব পাৰে ৷বিষয় কেতিয়াবা সলনিও হ’ব পাৰে ৷ ইতিমধ্যে আমাৰ মাজলৈ বিভিন্ন ধাৰাৰ গ্ৰন্থ আহিছে ৷ এই গ্ৰন্থবোৰ পঠনৰ আনন্দও বেলেগ বেলেগ ৷ দৰাচলতে বিষয়ৰ ভিন্নতাই সাহিত্যক অধিক শক্তিশালী কৰিছে আৰু ৰসাস্বাদনৰ আনন্দ দিছে পঢ়ুৱৈ সমাজক ৷” একেদৰে আলোচক অতিথি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট সাহিত্য-সমালোচক ড° সত্যকাম বৰঠাকুৰৰ বক্তব্য হৈছে—“ গ্ৰন্থ পঠনৰ প্ৰথম আনন্দৰ অনুভৱ একান্ত ব্যক্তিগত ৷ কিন্তু এই আনন্দই বিস্তৃতি লাভ কৰে আৰু ভিন্ন ধাৰাৰ সাহিত্যৰ সোৱাদ ল’বলৈ উদ্বুদ্ধ কৰে৷ গ্ৰন্থ পঠনে এনেদৰে নতুন জ্ঞান লাভৰ আনন্দ প্ৰদান কৰে ৷
অৱশ্যে কোনে কি কিতাপ পঢ়িবলৈ ভাল পায় এয়া পাঠকৰ মানসিক গঠন আৰু ৰুচীৰ ওপৰত নিৰ্ভৰ কৰে ৷” আলোচক অতিথি, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট লেখক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে কয় যে গ্ৰন্থ পঠনৰ প্ৰাথমিক আনন্দ হৈছে চিন্তাৰ উন্মেষ ঘটা কাৰ্য ৷ ভিন্ন কিতাপে ভিন্ন দৃষ্টিভংগীৰে পৃথিৱীখন চাবলৈ শিকায় ৷ অৰ্থাৎ বহুমুখী বিষয়েৰে মানুহৰ ধ্যান-ধাৰণা পৰিপূৰ্ণ হয় ৷ গ্ৰন্থ পঠনৰ এয়া হৈছে অনিৰ্বচনীয় আনন্দ ৷ সত্ৰখনত আলোচক অতিথিৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট লেখক ড° প্ৰাঞ্জল শৰ্মা বশিষ্ঠ ৷ তেওঁ কয় যে সময়ৰ লগে লগে মানুহৰ চিন্তাৰ পৰিধিও বিশাল হৈছে ৷ সেয়ে বিভিন্ন বিষয় মানুহৰ মাজলৈ আহিছে ৷ লৈংগিক বিষয়, মনোজগতৰ বিভিন্ন স্তৰ, সমাজিক বৈষম্য আদিৰ নতুন নতুন দিশ উন্মোচিত কৰিছে এই বিষয়ক গ্ৰন্থসমূহে ৷ গ্ৰন্থ পঠনৰ মাজেৰেই এনে বিষয়ৰ মুখামুখী হোৱা, সমাধান সূত্ৰৰ সন্ধান কৰিব পৰাকৈ নিজৰ উত্তৰণ কৰাৰ আনন্দ লাভ কৰা যায় ৷ এই অনুষ্ঠানটিৰ আঁত ধৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷
বিয়লি ৩ বজাৰ পৰা আয়োজন কৰা হয় “গল্পৰ আবেলি” শীৰ্ষক আন এক মনোজ্ঞ অনুষ্ঠান ৷ এই অনুষ্ঠান উদ্বোধন কৰে সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট কথা-শিল্পী মনোজ কুমাৰ গোস্বামীয়ে ৷ তেওঁ কয় যে আমাৰ দেশখন সাধুকথাৰ দেশ৷ ঋগ্বেদ, ৰামায়ণ- মহাভাৰতৰ যুগৰ পৰাই এই সাধুকথা অৰ্থাৎ গল্পৰ প্ৰচলন আছিল ৷ কিন্তু এতিয়া গল্প-কবিতাৰ প্ৰতি নতুন প্ৰজন্মৰ আকৰ্ষণ কমিছে নেকি ? এতিয়াৰ প্ৰজন্মই প্ৰযুক্তিৰ জৰিয়তে বিশ্বমাত্ৰিক বিষয়বস্তুৰে আৰম্ভণিৰ পৰাই পৰিচিত হয় ৷ সেয়ে আমাৰ সৃষ্টিয়ে তেওঁলোকৰ মনৰ খোৰাক যোগাব পৰা হ’ব লাগিব ৷ তেওঁ লগতে কয় যে অসমীয়া সাহিত্যক বিশ্বৰ মঞ্চলৈ আগবঢ়াই দিব পৰাকৈ ভাল অনুবাদ হোৱাৰ প্ৰয়োজন আছে ৷ কিন্তু অসমত সমালোচনা, অনুবাদ আৰু শিশু সাহিত্যৰ অভাৱ ঘটিছে ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট গল্পকাৰ অপূৰ্ব শইকীয়াই ৷
তেওঁ ভাষণ প্ৰসংগত কয়—“ অসমীয়া সাহিত্যৰ চহকীৰূপটোক বিশ্বত পৰিচিতি দিবলৈ হ’লে অনুবাদ অতি প্ৰয়োজনীয় ৷ কিন্তু এই অভাৱ পূৰণ হোৱা নাই এতিয়াও ৷ ভাষাটো এক বাহকহে ৷ ইয়াৰ জৰিয়তে কি ওলাই আহে সেয়াহে গুৰুত্বপূৰ্ণ ৷” তেওঁ নতুন লেখকসকলৰ সৃষ্টি উন্নত মানৰ বুলি আনন্দ প্ৰকাশ কৰে ৷ অনুষ্ঠানটিৰ আন এগৰাকী বিশিষ্ট অতিথি, সমাদৃত গল্পকাৰ বিতোপন বৰবৰাই এইবুলি কয়—“ভাষাটোৰ শুদ্ধ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ বিষয় ৷ বহুতে ভাল ভাল বিষয়কলৈ উন্নত মানৰ গল্প ৰচনা কৰা দেখিছোঁ ৷ কিন্তু তেওঁলোকৰ ভাষাৰ প্ৰয়োগ, বানান শুদ্ধ হয়নে নহয় সেই ক্ষেত্ৰত সচেতন হোৱাটো বাঞ্ছনীয় ৷” “গল্পৰ আবেলি” আকৰ্ষণীয় ৰূপত পৰিচালনা কৰে বিশিষ্ট কথা-শিল্পী অতনু ভট্টাচাৰ্যই ৷ তেওঁ কাহিনী কথনৰ বিভিন্ন দিশৰ বিশ্লেষণ আগবাঢ়াই কয় যে গল্প মানুহৰ মনৰ এক তাড়না ৷ সকলোৱে কাহিনী দেখে, কাহিনী কঢ়িয়ায় ৷ কিন্তু সকলোৱে গল্প নিলিখে ৷
Chandan Kumar Das: কৃতি শিক্ষক চন্দন কুমাৰ দাসক সম্বৰ্ধনা
আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰপেটা জিলা সমিতিৰ ২৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনত বৰপেটা জিলা শিক্ষা বিভাগৰ পৰা কৃতি শিক্ষক বটা লাভ কৰা শিক্ষক তথা বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।(Chandan Kumar Das)
উল্লেখযোগ্য যে বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ ২০২২-২৪ বৰ্ষৰ সাংগঠনিক সম্পাদক পদত অধিষ্ঠিত হৈ থকা কালছোৱাতে চন্দন কুমাৰ দাসক বিগত ১৬ ডিচেম্বৰ তাৰিখে শ্বিলং, মেঘালয়ত Integrated Global University, সনাতন আখৰা পৰিষদ আৰু দীন দয়াল উপাধ্যায় ফাউণ্ডেশ্যনৰ সহযোগত Global Chamber of Commerce, Industry & Agriculture এ “সেৱা ৰত্ন” বটা ২০২৪ প্ৰদান কৰিছিল। আজি বৰপেটা জিলা কৰ্মচাৰী পৰিষদে তেওঁৰ এই বঁটা শৈক্ষিক আৰু সামাজিক দুয়োটা দিশৰে আধাৰশিলা হ’ব বুলি আশা প্ৰদান কৰে। আজিৰ অনুষ্ঠানতে নবদীপ কুমাৰ গায়নকো সম্বৰ্ধনা জনোৱা হয়।
বৰপেটা আইন মহাবিদ্যালয়ত অনুষ্ঠিত আজিৰ এই ২৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ সাধাৰণ সভাতেই বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ নতুন সভাপতি হিচাপে বাপন দাস আৰু সম্পাদক হিচাপে উৎপল দাসক নিৰ্বাচিত কৰা হয়। পিছলৈ বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিৰিঞ্চি কুমাৰ দাসে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা সংগ্ৰামী সত্তা বাসৱ চন্দ্ৰ কলিতাৰ জীৱন ভিত্তিক গীত এটাও কবিন চন্দ্ৰ দাসৰ আন এটি গীতৰ লগত উন্মোচন কৰা হয়। আজিৰ এই অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ চন্দ্ৰ কলিতা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক প্ৰধান পংকজ বৰ্মন আৰু অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।
আমিৰ খানে কেৰিয়াৰৰ আৰম্ভণিতে চুমা খোৱাৰ দৃশ্যত অভিনয় কৰিছিল। কিন্তু সেই দৃশ্যৰ শ্বুটিঙৰ সময়ত অভিনেতাজনৰ মনৰ অৱস্থা বেলেগ আছিল। (Aamir Khan)
১৯৮৪ চনত কেতন মেহতাৰ পৰিচালিত ৰাজনৈতিক থ্ৰিলাৰ ছবি ‘হোলী’ মুক্তি পাইছিল। আমিৰ খানে এই ছবিখনত অভিনয় কৰিছিল। তেতিয়া আমিৰ খান লাইমলাইটলৈ অহা নাছিল। অভিনেত্ৰী কিতু গিদ্ৱানীয়ে ছবিখনৰ অভিনেতা আমিৰ খানৰ বিষয়ে অজ্ঞাত তথ্য প্ৰকাশ কৰে।
শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কিটুক আমিৰৰ বিষয়ে সোধা হৈছিল। কাৰণ ‘হোলী’ ছবিখনত আমিৰৰ সহ অভিনেত্ৰী আছিল। ছবিখনত কিটুৱে কলেজীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত আমিৰৰ লগত চুমা খোৱাৰ দৃশ্যও আছিল। দৃশ্যটোৰ কথা কৈ কিটুৱে কয়, আমিৰে তেতিয়াহে কেৰিয়াৰ আৰম্ভ কৰিছিল। বহুত কষ্ট কৰিব পাৰিলেহেঁতেন। মই গম পোৱা নাছিলো যে তেওঁ এই চিনেমাখনত আছে। কিন্তু আমাৰ চুমাৰ দৃশ্যটোৱে শ্বুটিং কৰাটোও বৰ মানসিক চাপৰ সৃষ্টি কৰিছিল।
কিটুৱে কয় যে আমিৰে ভয় খাইছিল যদিও দৃশ্যটোৰ শ্বুটিং ভালদৰে শেষ হৈছিল। পিছলৈ আমিৰ আৰু কিটুৰ মাজত বহুত ভাল বন্ধুত্ব গঢ় লৈ উঠিল। অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ সেই সময়ত কলেজত চলচ্চিত্ৰ অধ্যয়ন কৰি আছিল। হঠাৎ তেওঁক এনে এখন ছবিৰ প্ৰস্তাৱ দিয়া হৈছিল। সেই সময়ত আমিৰ ছবিখনৰ শ্বুটিঙত চুম্বনৰ দৃশ্যত অস্বতি অনুভৱ কৰিছিল।
অমৃতা সিং আৰু ছেইফ আলী খান দুই সন্তানৰ পিতৃ-মাতৃ। তেওঁলোকৰ দুই সন্তান হৈছে চাৰা আৰু ইব্ৰাহিম। কিন্তু, অমৃতা সিং আৰু ছেইফ আলী খানৰ বিবাহ বিচ্ছেদ হয়। বিবাহৰ ৮ বছৰৰ বিচ্ছেদৰ অন্তত কৰীনা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় ছেইফ আলী খান। কিন্তু দ্বিতীয় বিবাহৰ পূৰ্বে নবাব পুত্ৰ ছেইফ আলী খানে তেওঁৰ প্ৰাক্তন পত্নীলৈ এখন বিশেষ চিঠি প্ৰেৰণ কৰে।(Saif Ali Khan)