Home Blog Page 403

Padma Awards 2025: অৰিজিত সিঙৰ লগতে ৫১ গৰাকী ব্যক্তিয়ে লাভ কৰে পদ্মশ্ৰী সন্মান

Padma Awards 2025: অৰিজিত সিং, পংকজ উধাস, অশোক ছাৰাফৰ পৰা আৰম্ভ কৰি অজিত কুমাৰলৈকে ৫১ জন ব্যক্তিয়ে লাভ কৰে পদ্মশ্ৰী সন্মান
Padma Awards 2025: অৰিজিত সিং, পংকজ উধাস, অশোক ছাৰাফৰ পৰা আৰম্ভ কৰি অজিত কুমাৰলৈকে ৫১ জন ব্যক্তিয়ে লাভ কৰে পদ্মশ্ৰী সন্মান

গণৰাজ্য দিৱসৰ পূৰ্বে ২৫ জানুৱাৰীৰ সন্ধিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১৩৯টা পদ্ম বঁটাত অনুমোদন জনায়, য’ত ৭টা পদ্ম বিভূষণ, ১৯টা পদ্মভূষণ আৰু ১১৩টা পদ্মশ্ৰীকে ধৰি ১৩৯টা পদ্ম বঁটা প্ৰদান কৰে। (Padma Awards 2025)দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ ভিতৰত পদ্ম বঁটা তিনিটা ভাগত প্ৰদান কৰা হয় – পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী। এইবাৰ ৫১ গৰাকী ব্যক্তিয়ে এই সন্মান লাভ কৰিছে শিল্পৰ ক্ষেত্ৰখনত। এইবাৰ ছঠ কোকিলা শৰ্দা সিনহা আৰু ওছামু চুজুকীকে ধৰি ৭ গৰাকী ব্যক্তিক পদ্ম বিভূষণেৰে সম্বৰ্ধনা জনোৱাৰ বিপৰীতে পংকজ উধাসকে ধৰি ১৯ গৰাকী ব্যক্তিক পদ্মভূষণ প্ৰদান কৰা হয়। পদ্মশ্ৰীৰ বাবে অৰিজিত সিঙৰ পৰা নন্দমুৰি বালকৃষ্ণৰ পৰা অশোক চাৰাফলৈ নিৰ্বাচিত হয়।

প্ৰথমে শিল্পৰ ক্ষেত্ৰত দিয়া পদ্মবিভূষণৰ কথা কওঁ। মুঠতে ৭ জনৰ বাবে পদ্ম বিভূষণ বঁটা ঘোষণা কৰা হৈছিল, য’ত কলা ক্ষেত্ৰৰ ৩ টা নাম আছিল। এজন প্ৰয়াত শৰ্দা সিনহা, দ্বিতীয় ভাৰতৰ বিখ্যাত ভায়লিনবাদক ড° লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়াম, তৃতীয় কুমুডিনি ৰজনীকান্ত লখীয়া।


পদ্মভূষণৰ কথা ক’বলৈ গ’লে এইবাৰ মুঠ ১৯গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। য’ত শিল্পৰ ক্ষেত্ৰৰ পৰা ৬ জন ব্যক্তিক নিৰ্বাচিত কৰা হৈছিল।

পদ্মশ্ৰী বঁটাৰ কথা ক’বলৈ গ’লে ২০২৫ চনত মুঠ ১১৩ গৰাকী ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হয়। ইয়াৰে ৪১ জন ব্যক্তিক শিল্পৰ ক্ষেত্ৰত নিৰ্বাচিত কৰা হয়। গায়ক অৰিজিত সিং আৰু বিখ্যাত অভিনেতা অশোক ছাৰাফৰ দৰে ব্যক্তিয়ে এইবাৰ এই বিশেষ সন্মান লাভ কৰিছে।

Republic Day 2025: কটহগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৭৬ তম গণৰাজ্য দিৱস উদযাপন

Republic Day 2025: কটহগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৭৬ তম গণৰাজ্য দিৱস উদযাপন
Republic Day 2025: কটহগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৭৬ তম গণৰাজ্য দিৱস উদযাপন

দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কটহগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলতো আজি ৭৬ তম গণৰাজ্য দিৱস দিনযোৰা কাৰ্য্যসূচীৰে উলহ মালহেৰে পালন কৰা হয়।(Republic Day 2025) পুৱা পতাকা উত্তোলন কৰে অধ্যক্ষ ৱাজীদুল হকে, ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।

ইয়াৰ উপৰিও স্বাধীনতা আন্দোলনত শ্বহীদ বৰণ কৰা শ্ৰদ্ধা কাননত পুষ্পঞ্জলি জনোৱা হয়। ইপিনে কটহগুৰি মহাবিদ্যালয়, কটহগুৰি এ ইউ হাই স্কুল, আহোম গাঁও আৰক্ষী পহৰা চকী, দাৰুল উলুম কটহগুৰি টুকটুকী মাদ্ৰাছা, কটহগুৰি নিউ পি এইচ চি, বালিজান তাজৱিদুল কোৰান হাফিজিয়া মাদ্ৰাছা, কটহগুৰি বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী স্কুল আৰু সৰুচলা খেল পথাৰতো ৭৬ সংখ্যক ৰাষ্ট্ৰীয় গণৰাজ্য দিৱস পালন কৰাৰ বাতৰি পোৱা গৈছে ।

Assam Sahitya Sabha: অসম সাহিত্য সভা এক অবিৰত শোভাযাত্ৰাঃ আদৰণী সমিতিৰ আমন্ত্ৰণ গ্ৰহণ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ

Assam Sahitya Sabha: অসম সাহিত্য সভা এক অবিৰত শোভাযাত্ৰা
Assam Sahitya Sabha: অসম সাহিত্য সভা এক অবিৰত শোভাযাত্ৰা

অসম সাহিত্য সভা এক অবিৰত শোভাযাত্ৰা,(Assam Sahitya Sabha) পাঠশালা অধিৱেশনে এই ১০৮ বছৰীয়া শোভাযাত্ৰাক আৰু অধিক বিশাল-বৰ্ণাঢ্য ৰূপত আগুৱাই লৈ যাওক। অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালাঃ বজালী অধিৱেশন ২০২৫ৰ আনুষ্ঠানিক আমন্ত্ৰণ গ্ৰহণ কৰি নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই আগন্তুক পাঠশালা অধিৱেশনৰ সৰ্বাংগ-সুন্দৰতা কামনাৰে এইদৰে মংগল বাণী প্ৰদান কৰে।

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ আদৰণী সমিতিৰ তৰফৰ পৰা যুটীয়া সম্পাদক অতুল কলিতা, কাৰ্যালয়ৰ সহকাৰী সম্পাদক বৰুণ দাস, খ্ৰীষ্টানবস্তি শাখা সাহিত্য সভাৰ সম্পাদক অচ্যুত কলিতাৰ নেতৃত্বত যোৱা এটা সজাতি দলে নৱনিৰ্বাচিত প্ৰধান সম্পাদকগৰাকীৰ লগতে তেখেতৰ পত্নী ৰুমী বৈৰাগী বৰা আৰু পুত্ৰ নৈবেদ্য নিয়ৰ বৰাক গুৱাহাটীৰ চান্দমাৰীস্থিত বাসগৃহত উপস্থিত হৈ তামোল-পাণৰ শৰাই, ফুলাম গামোচা, আমন্ত্ৰণ পত্ৰৰে অধিৱেশনলৈ সশ্ৰদ্ধ আমন্ত্ৰণ আগবঢ়ায়।

Republic Day 2025: ওদালগুৰিত গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ

Republic Day 2025: ওদালগুৰিত গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ
Republic Day 2025: ওদালগুৰিত গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰ ৭৬ তম গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কাৰ্য্যসূচী ২৬ জানুৱাৰী, ২০২৫ তাৰিখে জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্রাউণ্ডত অনুষ্ঠিত হয়।(Republic Day 2025)


দেওবাৰে পুৱা ৮বজাত গণৰাজ্য দিৱসৰ উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য, ওদালগুৰি বিধান সভা সমষ্টিৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে। তাৰ পিছত গাৰ্ড অফ অনাৰত অংশগ্ৰহণ কৰে গোবিন্দ বসুমতাৰীয়ে ৷

আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ দ্বাৰা মাৰ্ছ পাষ্ট কৰা হয়৷ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আৰাম্ভনি কৰা হয়। অনুস্থানটিত জিলা উপাযুক্ত পুলক পাটগিৰি, আৰক্ষী অধীক্ষক পুস্কিন জৈন, বিটিআৰ পৰিষদ ৰ কাৰ্য্যবাহী সদস্য ড: নিলোৎ স্বৰ্গীয়াৰী, বিটিআৰ পৰিষদ ৰ সদস্য ফেচ মোছাহাৰী, বিশিষ্ট সমাজ সেবক মিনন মোচাহাৰী, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিটিচি প্ৰাক্তন প্ৰিন্সিপাল ছেক্টৰীৰি ৰবিনচন মোছাহাৰী, বিজেপিৰ সম্পাদক জয়কান্ত শৰ্মা সহিলে জিলা খনৰ বিভিন্ন বিভাগৰ মুৰবী সকল আৰু জিলা খনৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Proteins: যেতিয়া পেটত প্ৰটিন হজম নহয় তেতিয়া শৰীৰে এনে সংকেত দিয়ে…

Proteins: যেতিয়া পেটত প্ৰটিন হজম নহয় তেতিয়া শৰীৰে এনে সংকেত দিয়ে...
Proteins: যেতিয়া পেটত প্ৰটিন হজম নহয় তেতিয়া শৰীৰে এনে সংকেত দিয়ে...

প্ৰটিন আমাৰ সুষম খাদ্যৰ এটা গুৰুত্বপূৰ্ণ(Proteins) অংশ, যিয়ে পেশী গঠন, কোষ গঠন আৰু শৰীৰৰ সামগ্ৰিক কাৰ্য্যকলাপত সহায় কৰে। কিন্তু সকলোৰে শৰীৰে প্ৰ’টিন সঠিকভাৱে হজম কৰিবলৈ সক্ষম নহয়, যাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। যদি আপোনাৰ শৰীৰে প্ৰটিন হজম কৰাত অসুবিধা পায়, তেন্তে ইয়াৰ বিষয়ে কিছুমান বিশেষ লক্ষণ দেখা যায়, যিবোৰক আওকাণ কৰা উচিত নহয়।

প্ৰটিন হজম নোহোৱাৰ লক্ষণ-

১/ পেট ফুলা আৰু গেছ
প্ৰটিন হজম কৰাত অসুবিধা হ’লে প্ৰায়ে পেট ফুলা আৰু অতিৰিক্ত গেছৰ সৃষ্টি হয়। এনে হয় কাৰণ হজম নোহোৱা প্ৰটিনবোৰ অন্ত্ৰত কিম্বন হৈ মিথেন আৰু হাইড্ৰজেনৰ দৰে গেছ উৎপন্ন হয়। যদি আপুনি প্ৰটিন ভিত্তিক খাদ্য সামগ্ৰী খোৱাৰ পিছত প্ৰায়ে গধুৰতা বা পেট ফুলা অনুভৱ কৰে, তেন্তে হয়তো আপোনাৰ শৰীৰে এই পুষ্টিকৰ উপাদানটো হজম কৰিব পৰা নাই।

২/ ক্লান্তি আৰু দুৰ্বলতা
প্ৰটিন শক্তি আৰু পেশীৰ পুনৰুদ্ধাৰৰ এক গুৰুত্বপূৰ্ণ উৎস। প্ৰটিনৰ পাচন বেয়া হ’লে আপোনাৰ শৰীৰত প্ৰয়োজনীয় এমিনো এচিডৰ পৰা বঞ্চিত হ’ব পাৰে, যাৰ ফলত ক্লান্তি আৰু দুৰ্বলতা হ’ব পাৰে। যদি আপুনি পৰ্যাপ্ত পৰিমাণে খাদ্য খোৱাৰ পিছতো ভাগৰুৱা অনুভৱ কৰে, তেন্তে ই প্ৰটিন শোষণৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।

৩) পেটৰ অস্বস্তি বা বিষ
হজম নোহোৱা প্ৰটিনে পাচনতন্ত্ৰত বিৰক্তিকৰ কৰি পেটৰ ক্ৰেম্প, বদহজম বা আনকি ডায়েৰিয়া আদি লক্ষণৰ সৃষ্টি কৰিব পাৰে। খাদ্য খোৱাৰ লগে লগে এই লক্ষণসমূহ দেখা দিব পাৰে আৰু প্ৰায়ে পেটত পূৰ্ণতা বা অস্বস্তিৰ অনুভৱৰ লগত দেখা দিয়ে।

৪/ ছালৰ সমস্যা
আপোনাৰ ছালে প্ৰায়ে আপোনাৰ আভ্যন্তৰীণ স্বাস্থ্য প্ৰতিফলিত কৰে। প্ৰটিনৰ পাচন বেয়া হ’লে ছালৰ সমস্যা যেনে ফোহা, ব্ৰণ হ’ব পাৰে। কলা মেৰামতিৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয় আৰু যেতিয়া আপোনাৰ শৰীৰত ইয়াৰ অভাৱ হয়, তেতিয়া ই আপোনাৰ ছালত দেখা দিব পাৰে।

৫/ চুলি সৰা আৰু ভংগুৰ নখ

প্ৰটিন হৈছে চুলি আৰু নখৰ বিল্ডিং ব্লক। যেতিয়া আপোনাৰ শৰীৰে সেইবোৰ সঠিকভাৱে হজম বা শোষণ কৰিব নোৱাৰে, তেতিয়া আপুনি চুলি পাতল হোৱা, চুলি সৰা বা ভংগুৰ নখ হোৱা লক্ষ্য কৰিব পাৰে। এইবোৰ স্পষ্ট লক্ষণ যে আপোনাৰ শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰা নাই।

আপুনি কি কৰিব পাৰে?
যদি আপুনি প্ৰটিন পাচনৰ সৈতে জড়িত সমস্যাৰ সন্দেহ কৰে, তেন্তে নিশ্চিতভাৱে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক। তেওঁলোকে পাচন এনজাইমৰ পৰিপূৰক ঔষধৰ পৰামৰ্শ দিব পাৰে বা খাদ্য পৰিৱৰ্তনৰ পৰামৰ্শ দিব পাৰে।

Pm Modi on Republic Day: দিল্লীৰ অমৰ জোৱান জ্যোতিত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Pm Modi on Republic Day: দিল্লীৰ অমৰ জোৱান জ্যোতিত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
Pm Modi on Republic Day: দিল্লীৰ অমৰ জোৱান জ্যোতিত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

আজি সমগ্ৰ ভাৰতবৰ্ষই গৌৰৱেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে।(Pm Modi on Republic Day) ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতে সংবিধান গ্ৰহণ কৰি নিজকে গণৰাজ্য ঘোষণা কৰে। আজিৰ দিনটোত ৰাজধানী দিল্লীত কৰ্তব্যৰ পথত পেৰেড অনুষ্ঠিত হয়। পেৰেডত ভাৰতীয় সংস্কৃতি আৰু সেনাবাহিনীৰ শক্তি প্ৰদৰ্শিত হৈছে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে। আনহাতে প্ৰধানমন্ত্ৰীয়ে যুদ্ধ স্মৃতিসৌধত উপস্থিত হৈ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান আৰু তিনিওটা প্ৰতিৰক্ষা সেৱাৰ মুৰব্বীসকলো উপস্থিত থাকে। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। ঠিক ৭৫ বছৰ আগতে আজিৰ দিনটোতে ভাৰতৰ সংবিধান বলবৎ হয়।


গণৰাজ্য দিৱসত পৰিধান কৰা প্ৰধানমন্ত্ৰী মোডীৰ সাজ-পোছাকক লৈ পুনৰবাৰ আৰম্ভ হৈছে আলোচনা। আনহাতে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্তব্য পথত উপস্থিত হয়, য’ত তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ান্টোক আদৰণি জনায়। ইয়াৰ পিছত দ্ৰৌপদী মুৰ্মুৱে পতাকা উত্তোলন কৰিলে। পতাকা উত্তোলনৰ পিছতে গোৱা হয় জাতীয় সংগীত। ৰাষ্ট্ৰপতি মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকে ধৰি তাত উপস্থিত থকা সকলো বিশিষ্ট ব্যক্তিয়ে পতাকাক প্ৰণাম জনায়।

এইবাৰৰ গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ও ছুবিয়ানটো। আনহাতে ১৯৫০ চনত ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি সুকাৰ্ণো।

Republic Day 2025: আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস

Republic Day 2025: আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস
Republic Day 2025: আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস

আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস। (Republic Day 2025) ভাৰতবৰ্ষই আজি ৭৬তম গণৰাজ্য দিৱস উদযাপন কৰিছে। প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস পালন কৰা হয়। ভাৰতীয় সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰত কাৰ্যকৰী হৈছিল। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান সভাই দেশৰ সংবিধান গ্ৰহণ কৰে। ড০ ভীম ৰাও আম্বেদকাৰে অধ্যক্ষতাত সংবিধান খচৰা সমিতি গঠন কৰা হৈছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীতে দেশখনক এখন পূৰ্ণাংগ গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। গণৰাজ্য দিৱসত কোনে ক’ত পতাকা উৰুৱালে জানো আহক-

দিল্লীৰ অমৰ জোৱান জ্যোতিত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ দেশৰ স্বাধীনতা যুঁজাৰুক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী গৰাকীৰ৷

খানাপাৰাত পতাকা উৰুৱালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব মন্ত্ৰী অশোক সিংহলে।

বঙাইগাঁৱত পতাকা উৰুৱালে মন্ত্ৰী কেশৱ মহন্তই।

ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

নলবাৰীত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷

ধেমাজিত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী ৰণোজ পেগুৱে।

তেজপুৰৰ নেহৰু ময়দানত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

কামৰূপত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

গোলাঘাটত মন্ত্ৰী অজন্তা নেওগে উৰুৱালে গণৰাজ্য দিৱসৰ পতাকা।

আনহাতে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত দিল্লীৰ কৰ্তব্যপথত পতাকা উৰুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।

দিল্লীত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানেও উৰুৱালে পতাকা।

সমগ্ৰ দেশতে উদযাপন গণৰাজ্য দিৱস।



“কংগ্ৰেছৰ বাবে পৰিয়ালতন্ত্ৰ আগত, সংবিধান পাছত”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।sarbananda sonowal

"কংগ্ৰেছৰ বাবে পৰিয়ালতন্ত্ৰ আগত, সংবিধান পাছত": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।sarbananda sonowal
"কংগ্ৰেছৰ বাবে পৰিয়ালতন্ত্ৰ আগত, সংবিধান পাছত": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।sarbananda sonowal
  • “দেশৰ সংবিধানক অৱমাননা, কুঠাৰাঘাত কৰাটো কংগ্ৰেছৰ স্বভাৱ, জৰুৰীকালীন অৱস্থা ইয়াৰ সকলোতকৈ ডাঙৰ উদাহৰণ”: সোণোৱাল
  • “ভাৰতীয় সংবিধানৰ প্ৰকৃত মূল্যায়ন কৰি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পিছপৰা সম্প্ৰদায়ৰ সৰ্বাংগীণ উন্নয়ন সুনিশ্চিত কৰিছে”: সোণোৱাল
  • “কংগ্ৰেছে ক্ষমতা পালেই গুৰু-গোঁসাই নামানে, সংবিধানক ভেঙুচালি কৰে”: সোণোৱাল
  • ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টিৰ “সংবিধান গৌৰৱ অভিযান”ত অংশগ্ৰহণ কৰে সোণোৱালে, ড° ভীমৰাও আম্বেদকাৰক শ্ৰদ্ধাৰে স্মৰণ কৰে

ডিব্ৰুগড়, ২৫ জানুৱাৰী ২০২৫:sarbananda sonowal । “ভাৰত ৰত্ন ড° বি আৰ আম্বেদকাৰদেৱে প্ৰণয়ন কৰা আমাৰ দেশৰ সংবিধানখনৰ বাবেই আজি ভাৰতবৰ্ষৰ বুকুত থকা বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকে ঐক্যবদ্ধভাৱে ৭৫ বছৰ কাল সেই সংবিধানৰ গণ্ডিত থাকি সংবিধানে প্ৰদান কৰা অনুশাসন, নীতি-নিৰ্দেশনা পালন কৰাৰ ফলত ভাৰতবৰ্ষই এতিয়া বিশ্বৰ ভিতৰতে শক্তিশালী গণতন্ত্ৰ হিচাপে পৰিচয় বুটলিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষই দেখুৱাই দিছে যে যিমানেই সংবিধানৰ বয়স বৃদ্ধি হৈছে, সিমানেই দেশ অধিক শক্তিশালী হৈছে। অৱশ্যে মাজতে যদি কোনোবাই সংবিধানক কুঠাৰাঘাত কৰিছিল, সেই দলটো হৈছে কংগ্ৰেছ দল। ১৯৭৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সংবিধানক সম্পূৰ্ণৰূপে নাকচ কৰি সংবিধানে প্ৰদান কৰা সকলো মৌলিক অধিকাৰ খৰ্ব কৰি একনায়কত্ববাদী চৰকাৰ চলাবলৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল, তাৰ ফলতেই দেশৰ যথেষ্ট ক্ষতি হ’ল আৰু সেই ক’লা অধ্যায় ভাৰতবৰ্ষৰ নাগৰিকে কেতিয়াও পাহৰিব নোৱাৰে।”, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সংবিধান গৌৰৱ অভিযানত অংশগ্ৰহণ কৰি এই কথা উল্লেখ কৰে।

১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান কাৰ্যকৰী হোৱাৰপৰা ৭৫ বছৰৰ বৰ্ণিল যাত্ৰা পূৰ্ণ হোৱাৰ পথত। এই উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত দেশজুৰি ৰূপায়িত “সংবিধান গৌৰৱ অভিযান”ৰ অংশ হিচাপে ডিব্ৰুগড় জিলাৰ আশাপুৰ নতুন গাঁৱত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আৰু সংবিধানৰ প্ৰণেতা ড° বি আৰ আম্বেদকাৰদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে।

সোণোৱালে কয়, “স্বতন্ত্ৰতা, সমতা, ভাতৃত্ব আৰু ন্যায়ৰ পৰিভাষাক মহিমামণ্ডিত কৰা ভাৰতীয় সংবিধানক সাৰোগত কৰি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন এনডিএ চৰকাৰে সকলো নাগৰিকৰ সম-মৰ্যাদা, সম-বিকাশ, সম-অধিকাৰৰ বাবে কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰি আহিছে। সংবিধানৰ গৌৰৱধ্বজাক আগুৱাই নি এখন শক্তিশালী, সমৃদ্ধিশালী আৰু বিকশিত ভাৰত গঢ়াৰ বাবে এই বিশেষ উপলক্ষত আমি বদ্ধপৰিকৰ হ’লোঁ।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “দেশৰ সংবিধানক অৱমাননা, কুঠাৰাঘাত কৰাটো কংগ্ৰেছৰ স্বভাৱ। জৰুৰীকালীন অৱস্থা ইয়াৰ সকলোতকৈ ডাঙৰ উদাহৰণ। কংগ্ৰেছৰ বাবে পৰিয়ালতন্ত্ৰ আগত, সংবিধান পাছত। তেতিয়াৰ জৰুৰীকালীন অৱস্থাৰ পৰিপ্ৰেক্ষিতত পুনৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে জয়প্ৰকাশ নাৰায়ণৰ পৰা মোৰাৰজী দেশাইলৈ, অটল বিহাৰী বাজপেয়ীৰ পৰা লালকৃষ্ণ আদৱানীলৈ- সকলোৱে দেশজুৰি প্ৰবল প্ৰতিবাদ কৰি বহুত কষ্ট, প্ৰত্যাহ্বান আৰু সংগ্ৰামৰ ফলত সংবিধানৰ শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত মাত্ৰ ১৩ দিনৰ বাবে এখন চৰকাৰ চলিছিল, কিন্তু ইচ্ছা কৰা হ’লে পাকে-প্ৰকাৰে বাজপেয়ী ডাঙৰীয়াই চৰকাৰখন আগুৱাই নিব পাৰিলেহেঁতেন, কিন্তু কংগ্ৰেছৰ দৰে নিকৃষ্ট ৰাজনীতি আৰু লেতেৰা কূটনীতি অৱলম্বন কৰাৰ তেখেত পক্ষপাতী নাছিল। সেইবাবেই ভাৰতবৰ্ষৰ ৰাজনীতিৰ ইতিহাসত বাজপেয়ী ডাঙৰীয়াই মূল্যবোধৰ আধাৰত লোৱা সিদ্ধান্ত চিৰস্মৰণীয় হৈ ৰৈছে আৰু সেইকাৰণেই কোৱা হয় ভাৰতীয় জনতা পাৰ্টি সকলোতকৈ পৃথক।”

দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগাক্ৰান্ত ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ অধীনত চেক বিতৰণ । Chief Minister’s Relief Fund Scheme

দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগাক্ৰান্ত ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ অধীনত চেক বিতৰণ । Chief Minister's Relief Fund Scheme
দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগাক্ৰান্ত ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ অধীনত চেক বিতৰণ । Chief Minister's Relief Fund Scheme

২৫ জানুৱাৰী, ২০২৫ঃ Chief Minister’s Relief Fund Scheme । কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লৰিংথেপিৰ বৰছিং ৰংহাং সোঁৱৰণী প্ৰেক্ষাগৃহত হাওৰাঘাট, ফুলনি, লাংফেৰ, কৰকাণ্ঠী, মহামায়া আৰু লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মুঠ ৫০৯ গৰাকী ছাত্ৰ-ছাত্ৰীক আৰু ১৩৮ গৰাকী ৰোগাক্ৰান্ত ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ অধীনত চেক বিতৰণ কৰা হয় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ’, লাংহিন পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী সদস্য বিলিমোহন খাখলাৰী, প্ৰাক্তন কাৰ্য্যবাহী সদস্য কাংবুৰা কিলিং, পৰ্যটন বিভাগৰ অধ্যক্ষ ধৰমছিং ক্ৰ’, শিক্ষা বিভাগৰ অধ্যক্ষ চামুৱেল ৰংহাং, পৰিবহণ বিভাগৰ অধ্যক্ষ চাৰছিং কাথাৰ, ফুলনি সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ধনিৰাম ৰংহাং আৰু মহামায়া সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ৰাজেশ টেৰণৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

Halari: এক লিটাৰত ৫ হাজাৰ, ভাৰতৰ আটাইতকৈ দামী গাখীৰ!

Halari: এক লিটাৰত ৫ হাজাৰ, ভাৰতৰ আটাইতকৈ দামী গাখীৰ!
Halari: এক লিটাৰত ৫ হাজাৰ, ভাৰতৰ আটাইতকৈ দামী গাখীৰ!

গাধৰৰ গাখীৰ যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়,(Halari) ভাৰতত গাধৰৰ এটা বিৰল প্ৰজাতি আছে যিটো হয়তো আটাইতকৈ বিৰল। গুজৰাটৰ হালাৰ অঞ্চলৰ হালাৰী জাতৰ গাধ কেৱল গাখীৰৰ বাবেই বিখ্যাত নহয় বৰঞ্চ এই জাতৰ গাধৰৰ অনন্য বৈশিষ্ট্যই অধিক মূল্যৱান কৰি তোলে। হালাৰী গাধৰ গাখীৰক সোণ বুলি কোৱা হয়। ইয়াৰ ঔষধি গুণেও এই গাখীৰক বিশেষ কৰি তুলে।(Milk)

অতীজৰে পৰা গাধৰৰ গাখীৰ ঔষধি গুণৰ বাবে জনাজাত হৈ আহিছে। আনকি গৰুৰ গাখীৰৰ এলাৰ্জী থকা কেঁচুৱাক গাধৰৰ গাখীৰৰ খোৱাব লাগিব। অধ্যয়নত দেখা গৈছে যে এইবিধ বিৰল প্ৰজাতি গাধৰৰ গাখীৰে অন্ত্ৰৰ মাইক্ৰ’ফ্ল’ৰাৰ উন্নতি সাধন কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু লগতে কিছুমান ‘এণ্টি-ডায়েবেটিক’ গুণো আছে।

ছালৰ যত্নতো হালাৰী গাধৰ গাখীৰ ব্যৱহাৰ কৰা হৈছে। ই ছালখনক হাইড্ৰেট কৰে, বলিৰেখা কমায় আৰু ছালৰ উজ্বলতা বৃদ্ধি কৰে। চাবোন, ছালৰ জেল আৰু মুখ ধোৱাৰ দৰে সামগ্ৰীত ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে এই গাখীৰৰ। এই গুণসমূহৰ বাবে এই গাখীৰ বিশ্বব্যাপী প্ৰসাধন উদ্যোগতো জনপ্ৰিয় হৈ উঠিছে। এই প্ৰেক্ষাপটত হালাৰী জাতৰ গাধৰ কথা বহু চৰ্চিত হয়।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি হালাৰী জাতৰ গাধৰ সংখ্যা এতিয়া বিপদজনকভাৱে হ্ৰাস পাইছে। গুজৰাট আৰু ৰাজস্থানত দেখা গৈছে এই প্ৰজাতি গাধৰ।

ৰাষ্ট্ৰীয় ঘোঁৰা গৱেষণা কেন্দ্ৰ (এন আৰ চি ই), বিকানেৰে হালাৰী জাতৰ গাঘৰ সংৰক্ষণ আৰু ইয়াৰ গাখীৰৰ গুণৰ বিষয়ে অধ্যয়ন আৰম্ভ কৰিছে। ইয়াক ছালৰ যত্নৰ প্ৰয়োগৰ বাবে পৰীক্ষা কৰা হৈছে। যদি ই ইতিবাচক ফলাফল দিয়ে তেন্তে ই জাতটো সংৰক্ষণ কৰাত সহায় কৰিব আৰু কৃষকৰ বাবে আয়ৰ নতুন উৎস হৈ পৰিব।