Home Blog Page 405

BOOK । সমাজকৰ্মী প্ৰদীপ খাদৰীয়াৰ অভিনন্দিত গ্ৰন্থ “সমাজ প্ৰদীপ” উন্মোচন

BOOK । Social activist Pradeep Khadaria's book "Samaj Pradeep" launched
BOOK । সমাজকৰ্মী প্ৰদীপ খাদৰীয়াৰ অভিনন্দিত গ্ৰন্থ "সমাজ প্ৰদীপ" উন্মোচন

২৫ ডিচেম্বৰ, ২০২৪ঃ BOOK । দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে দেৰগাঁও সাহিত্য সভা ভৱনত গ্ৰন্থ উন্মোচন সভা ।লেখক বিচিত্ৰ ভূষণ কলিতাৰ সম্পাদনা কৰা ‘সমাজ প্ৰদীপ’ নামেৰে সমাজসেৱী উদ্যমী প্ৰদীপ খাদৰীয়া জীৱন কৃতি বিষয়ক অভিনন্দন গ্ৰন্থ উন্মোচন ।

‘সাহিত্যিক নুৰুল চুলতানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখনি সভাত উন্মোচন কৰে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য তথা বিশিষ্ট সাহিত্যিক ড° জ্যোতিপ্ৰসাদ শইকীয়াই ।অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে দেৰগাঁও সমজিলা আয়ুক্ত দামোদৰ বৰ্মন।উপস্থিত থাকে বহু সংখ্যক সাহিত্যনুৰাগী ।

এই অনুষ্ঠানতে সমাজসেৱী-লেখক প্ৰদীপ খাদৰীয়াক বিভিন্ন সাহিত্য,সামাজিক,শৈক্ষিক,বৈদিক আৰু সাংবাদিক সন্থা,দল-সংগঠনে অভিনন্দন জনা‌য় ।সমাজ জীৱনৰ বিভিন্ন দিশক সামৰি লোৱা এই গ্ৰন্থ খনে জীৱনৰ এক মূল্যবান অধ্যায় দিয়াৰ লগতে জীৱনৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ বুলি গণ্য কৰে সংবাদ মাধ্যমৰ আগত সমাজসেৱী লেখক প্ৰদীপ খাদৰীয়াই ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ ১৯ সংখ্যক মৃত্যুবাৰ্ষিকী পালন। Sarat Chandra Singh

২৫ ডিচেম্বৰ,২০২৪ঃ Sarat Chandra Singh । প্ৰয়াত জননেতা শৰৎ চন্দ্ৰ সিংহৰ ১৯ সংখ্যক মৃত্যু বাৰ্ষিকী।
জন্মভূমি চাপৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ ১৯ সংখ্যক মৃত্যুবাৰ্ষিকী পালন।
চাৰভাইভেল হ্লেপ গ্ৰুপ(NGO)ৰ উদ্যোগত জননেতা গৰাকীৰ মৃত্যুবাৰ্ষিকী চাপৰৰ ভকতগাঁওস্থিত শৰৎ চন্দ্ৰ সিংহ সাংস্কৃতিক ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে পালন কৰে।


ৰাতিপুৱা বৃক্ষৰোপণ, জননেতা গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আয়তী সকলৰ আই নামৰ পিছত জননেতা গৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে বহু গণ্য মান্য ব্যক্তি।

গেলেকীত স্থাপন হব ইথানল প্ৰস্তুতিৰ বাবে Bamboo Plant

গেলেকীত স্থাপন হব ইথানল প্ৰস্তুতিৰ বাবে Bamboo Plant
গেলেকীত স্থাপন হব ইথানল প্ৰস্তুতিৰ বাবে Bamboo Plant

২৫ডিচেম্বৰ, ২০২৪ঃ অসম বাসীৰ বাবে এটা ভাল খবৰ। আপুনাৰ বাৰীত থকা বাহেৰে এটিয়া প্ৰস্তুত হব ইন্ধন।
চাহৰ খেতিৰ দৰে বাঁহৰ খেতিৰেও এটিয়া আপুনিও হব পাৰিব স্বাৱলম্বী। এই কথা জনালে নুমলীগড় বায় ৰিফাইনেৰীৰ কৰ্তৃপক্ষই ৷ Finland ৰ দুটা কোম্পানী কম্পলিচ আৰু ফ্ৰটামৰ সহযোগত নুমলীগড়ত স্থাপন কৰা Assam Bio Ethanol Private Limited ৰ প্ৰজেক্টৰ কাম প্ৰায় ৯৫% সমাপ্ত হৈছে ৷ Bamboo Plant

কিছুদিনৰ পূৰ্বে ইয়াৰ প্ৰাৰম্ভিক প্ৰস্ততিৰ কাম সমাপ্ত কৰি নমুনা প্ৰস্তত কৰি সাৰ্থকটা লাভ কৰিলে কোম্পানীতোয়ে ৷ প্ৰথমে কেছা মাল প্ৰস্তুতৰ বাবে সৰ্বমুঠ ১৭ খন জিলাক সামৰি প্ৰস্তুত কৰা হব এই বিশেষ ব্যৱস্থ ৷নুমলীগড় ৰিফাইনেৰি কৰ্তৃপক্ষৰ এটা সজাতি দলে গেলেকীৰ গাৰুপৱন জন্ট ফৰেষ্টৰ যৌথ উদ্যোগত স্থাপন কৰা কমলাবাৰী বাঁহখেতি পৰিভ্ৰমণ কৰি ইথানল প্ৰস্তুতৰ বহু কথা অৱগত কৰে ৷ ইয়াৰ পাছতে গেলেকীৰ বাঁহ খেতিয়ক সকলক সামৰি গেলেকীৰ কমলাবাৰীৰ মেজাঙ্কৰি ভৱনত এক সভা অনুষ্ঠিত কৰা হয় ৷

এই সভাতেই ৰিফাইনেৰী কৰ্তৃপক্ষয় গেলেকীৰ কলগাওঁত ইথানলৰ প্ৰস্তুতিৰ বাবে ব্যৱহিত কেচামাল সমূহ তৈয়াৰ কৰিবৰ বাবে Bamboo Plant স্থাপন কৰাৰ কথা অৱগতকৰে ৷ ইয়াৰ ওপৰিও খেতিয়ক সকলে কেনেকৈ লাভাম্বিত হব বা খেতিয়ক সকলে পাবলগা সুবিধা সমূহৰ বিষয়ে বিতংভাবে অৱগত কৰে ৰিফাইনেৰী কৰ্তৃপক্ষই ৷এটিয়া একাংশ চাহ খেতিয়কে বাঁহ ৰোপণ কৰিবৰ বাবে প্ৰস্তুতি চলাইছে ৷

Picnic । বনভোজলৈ যাওঁতে দল সমুহে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

Picnic । বনভোজলৈ যাওঁতে দল সমুহে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?
Picnic । বনভোজলৈ যাওঁতে দল সমুহে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

২৫ ডিচেম্বৰ ২০২৪ঃ Picnic । এতিয়া সময় বনভোজৰ, বনভোজৰ বাবে যাওঁতে কি কি সাৱধানতা ল’ব লাগে, সমান্তৰালকৈ নিশা হ’লেই ঘন কুঁৱলীত ল’ব লগা সাৱধানতা সন্দৰ্ভত বিশ্বনাথ জিলা পৰিবহন বিষয়াৰ সজাগতা ।


এতিয়া সময় বনভোজৰ । সকলো সাজু হৈছে পুৰণিক বিদায় দি নতুনক আদৰাৰ বাবে । বনভোজলৈ যাওঁতে দল সমুহে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে এই ক্ষেত্ৰত বিগত কেইবাদিনৰ পৰা বিভিন্ন সজাগতামুলক ভিডিঅ’ সম্প্ৰচাৰ কৰিছে বিশ্বনাথ জিলা পৰিবহন বিষয়াই ।

বিষয়া গৰাকীয়ে সকলোকে বনভোজলৈ যাওঁতে সুৰা সেৱন‌ নকৰা চালকক নিবলৈ আহ্বান জনাইছে । সমান্তৰালকৈ, নিশা হ’লেই ঘন কুঁৱলীয়ে আগুৰি থকাৰ বাবে সকলোকে বাহন ৰাজপথত চলোৱাৰ পূৰ্বে টায়াৰৰ এয়াৰ, ৱাইপাৰ, ল’বীম লাইট ব্যৱহাৰ কৰি বাহন চলাবলৈ আহ্বান জনাইছে যাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা কমি যাব ।

ইতিমধ্যে, এই ক্ষেত্ৰত জিলা পৰিবহন বিষয়া শৈলেন দাসে তৎপৰতাৰে জিলাখনৰ বিভিন্ন বনভোজস্থলী সমুহত সজাগতামূলক বেনাৰ, প’ষ্টাৰ লগোৱাৰ লগতে সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ’ প্ৰস্তুত কৰি সজাগতা সৃষ্টি কৰিছে ।

Jorhat। চেলেংহাটত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত

Jorhat। চেলেংহাটত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত
Jorhat। চেলেংহাটত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত

২৫ ডিচেম্বৰ, ২০২৪ঃJorhat। পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন আয়োজনৰ ব্যাপক প্ৰস্তুতি চলি আছে যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাটৰ ডামচাও তিলক গগৈ ক্ষেত্ৰত।অহা ২৭ ডিচেম্বৰ পৰা ২৯ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হব পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিবেশনখন। ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে অধিবেশন খন অনুষ্ঠিত কৰিবলৈ যুদ্ধকালীন প্ৰস্তুতি চলাই আছে।

অধিৱেশনস্থলীত গ্ৰন্থমেলা, খাদ্য মেলা আৰু আহোম যুগৰ ঐতিহাসিক সামগ্ৰী সমুহৰ প্রদর্শনী স্থলী থাকিব।বুৰঞ্জীমূলক আলোচনাচক্র,টাই আহোমৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনৰ উপৰি সন্ধিয়া স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পী জ্যোতিমালা বুঢ়াগোহাঁই আৰু মীৰ দ্বীপে গীত পৰিবেশন কৰিব।মুকলি সভাত কেইবাগৰাকী ইতিহাসবিধ, জাতি জনগোষ্ঠীৰ নেতৃত্বৰ লগতে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী যোগেন মহনৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকিব।আনহাতে পাঁচশ যুৱতী আৰু মহিলাই ম’ খাম ফান টাই মীঙ অৰ্থাৎ টাই জাতীয় সংগীত পৰিবেশন কৰিব।২৯ ডিচেম্বৰৰ অন্তিম দিনা পুৱা এহেজাৰ যুৱতীয়ে টাই গীতত নৃত্য পৰিবেশন কৰিব।

অধিবেশন স্থলীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ প্ৰস্তুতি সন্দৰ্ভত বুজ লোৱা লগতে উদযাপন সমিতিক দিহা পৰামৰ্শ আগবঢ়াই।

orunodoi 3.0। কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে?

orunodoi 3.0। কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে?
orunodoi 3.0। কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে?

orunodoi 3.0। ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে নতুন গাউড লাইন।
কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে?


১. ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩’ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়াল
২. চাৰিচকীয়া মটৰ বাহন থকা পৰিয়াল
৩. চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চার্টার্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকীলৰ পৰিয়াল
৪. বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল (ঠিকাভিত্তিক / অস্থায়ী শিক্ষকক সামৰি)
৫. অংগনৱাড়ী কর্মী, মধ্যাহ্ন ভোজন কর্মী, আশাকর্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্রধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল


৬. আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগনিয়াৰ, ৰিয়েল ইষ্টেট বিস্তাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞা-পত্ৰপ্ৰাপ্ত ব্যক্তিৰ পৰিয়াল
৭. আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী/উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল
৮. ভূমিৰ অধিকাৰী (ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে) পৰিয়াল
৯. পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ/ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি (VCDC)ৰ বৰ্তমানৰ সদস্যৰ পৰিয়াল
১০. অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় ৩.০ৰ ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল
১১.সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, প্রাক্তন সাংসদ, প্রাক্তন বিধায়ক, প্রাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্রাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল।

Titabar । তিতাবৰৰ গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Titabar । তিতাবৰৰ গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
Titabar । তিতাবৰৰ গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

১২ ডিচেম্বৰ, ২০২৪ঃ Titabar। তিতাবৰৰ বৃহত্তৰ চুঙী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, কবি, নাট্যকাৰ, অভিনেতা গুণীন্দ্ৰ নাথ হাজৰিকাৰ স্মৃতিত তামোলবাৰীত প্ৰতিষ্ঠা কৰা গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।


উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা অধ্যক্ষা
স্বপ্নাজ্যোতি হাজৰিকাই পতাকা উত্তোলন আৰু ধৰ্মপ্ৰাণা নিৰদা হাজৰিকাই প্ৰয়াত গুণীন্দ্ৰ নাথ হাজৰিকাৰ প্ৰতিচ্ছৱিৰ
সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পিছত বিয়লি সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে অসম জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ
যোৰহাট জিলাৰ সভাপতি, বিশিষ্ট অভিনেতা, শিক্ষাগুৰু ৰঞ্জিত গোহাঞি বৰুৱাই।

কেইবাগৰাকী শিক্ষাবিদ, সাংবাদিক, শিল্পী, সমাজকৰ্মীয়ে বিশিষ্ট অতিথিৰ উপস্থিতিত
অৱসৰপ্ৰাপ্ত অধ্যক্ষা বন্তিশিখা পাঠকে হাতে লিখা আলোচনী ‘শব্দ’ আৰু প্ৰাচীৰ পত্ৰিকা ‘অনুৰণন’ উন্মোচন
কৰাৰ পিছত ‘শীতৰ এসন্ধ্যা’ শীৰ্ষক অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু মাতৃসকলে পৰিৱেশন
কৰা গীত-নৃত্য, বাদ্য আৰু নাট্যানুষ্ঠানে অগণন দৰ্শকক মুগ্ধ কৰে।

Orange Side Effect: শীতকালত স্বাস্থ্যৰ বাবে উপকাৰী কমলা! কিন্তু, সকলো লোকে খাব নালাগে কমলা…

Orange Side Effect
Orange Side Effect

শীতকাল মানেই কমলা। শীতৰ ৰ’দত কমলা খোৱাৰ মজা বেলেগ। গতিকে শীতকালত কমলা খাবলৈ সকলোৰে মন যায়। কমলাৰ স্বাস্থ্যৰ বাবেও বহু উপকাৰী। কিন্তু এই সকলোবোৰ উপকাৰৰ মাজতো কমলা সকলোৰে বাবে নহয়। কমলা খাবলৈ কোনে পাহৰি নাযায়? কমলা বেছিকৈ খালে কি হ’ব?(Orange Side Effect)

কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শীতকালত কমলা নিয়মিত খালে ঠাণ্ডা আৰু কাহ কম হয়। ইয়াৰ উপৰিও কমলা শীতকালত শৰীৰত পানীৰ অভাৱ পূৰণ কৰে, শৰীৰ আৰ্দ্ৰ কৰি ৰাখে।

শীতকালত এচিডিটি, গেছ-হাৰ্টবাৰ্ণ সমস্যা বৃদ্ধি পায়। সেই ক্ষেত্ৰত কমলা অতি উপকাৰী। কমলাত আঁহ থাকে যিয়ে পেটৰ সকলো সমস্যা ভাল কৰে।

কমলাই ছালখন সুস্থ কৰি ৰাখে। কমলাত থকা ভিটামিন চি ছালত কলাজেন উৎপাদনত সহায় কৰে। ইয়াৰ উপৰিও কমলাত আঁহ, এন্টিঅক্সিডেন্ট আৰু খনিজ পদাৰ্থ থাকে যিয়ে সামগ্ৰিকভাৱে ছালৰ যত্ন লয়।


কিন্তু কমলা সকলোৰে বাবে উপকাৰী নহয়। অধ্যয়নত দেখা গৈছে যে কিডনীৰ সমস্যাত ভুগি থকা লোকসকলে কমলা খাব নালাগে। আচলতে কমলাত পটাছিয়ামৰ পৰিমাণ কম। কিন্তু যিসকল লোকৰ তেজত ইতিমধ্যে পটাছিয়াম বেছি থাকে, তেওঁলোকৰ বাবে কমলা বেছিকৈ খালে হাইপাৰকেলেমিয়াৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে।


কমলাত আঁহ থাকে। গতিকে কমলা বেছিকৈ খালে পেটৰ সমস্যা হ’ব পাৰে। যিহেতু কমলাবোৰে এফালে গেছ-এচিডিটিৰ বিৰুদ্ধে যুঁজ দিয়ে, আনফালে, বেছিকৈ খালে বদহজম-এচিডিটি-গেছৰ সৃষ্টি হ’ব পাৰে। পেটৰ বিষ, বমি, ডায়েৰিয়া আদিও হ’ব পাৰে।


কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। গতিকে কমলা বেছিকৈ খালে হাৰ্টবাৰ্ণ, বমি, আনকি অনিদ্ৰা আৰু হাৰ্ট এটেক হ’ব পাৰে। গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স ডিজিজ (GERD) ৰোগত আক্ৰান্ত লোকসকলে কমলা খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।


এলাৰ্জীৰ সমস্যা হ’লেও কমলা বেছিকৈ নাখালেই ভাল। অধ্যয়নত দেখা গৈছে যে দৈনিক ১-২ টা কমলা খাব পাৰি। তাতকৈ বেছি খোৱাটো বিপদজনক।

Nagarbera । নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয় এলেকাৰ কলহী নৈত অবৈধ মাটি খনন

Nagarbera । নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয় এলেকাৰ কলহী নৈত অবৈধ মাটি খনন
Nagarbera । নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয় এলেকাৰ কলহী নৈত অবৈধ মাটি খনন

২৪ ডিচেম্বৰ,২০২৪ঃ Nagarbera । প্ৰতিদিনে ৪/৫ টাকৈ মেচিন চলে জাওঁকাটাদিয়া অঞ্চলৰ কলহী নৈত।
বন বিভাগক মেনেজ কৰি জাওঁকাটাদিয়া একাংশ ভূ মাফিয়াই দৈনিক খনন কৰে নৈৰ ভূমি। নৈৰ পৰা ভূমি খনন কৰি বিক্ৰী কৰে লাখৰ ঘৰত এই অভিযোগ স্থানীয় ৰাইজৰ।অভিযোগ অনুসৰি, গাওঁখনৰ ইব্ৰাহিম আলী, ওৱাহাব আলী, জিয়াৰুল হক আদি লোকসকলে মেচিনেৰে ভূমি উঠাই নৈৰ পাৰতে মজুত কৰে আৰু এই মজুতকৃত মাটি মিজানুৰ ৰহমান আৰু ময়জুদ্দিন নামৰ লোকজনে বিভিন্নজনৰ ওচৰত ট্ৰেক্টৰেৰে বিক্ৰী কৰে এনেদৰে খনন চলি থকাৰ ফলত ভাবুকি নামি আহিছে নৈপৰীয়া গাওঁ সমুহলৈ। কিয়নো নৈ খননৰ ফলত বাৰিষা কালত সৃষ্টি হয় গৰাখহনীয়াৰ
কোনোবাই এই খননকাৰ্য বন্ধ কৰিবলৈ কলেই ভয় ভাবুকি প্ৰদান কৰে ভূ মাফিয়া সকলে।


উল্লেখ্য যে, নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ক একাধিকবাৰ অভিযোগ দিয়াৰ পাছতো ব্যৱস্থা লোৱা নাই নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াই শীঘ্ৰেই কলহী নৈত চলি থকা অবৈধ মাটি খননকাৰ্য বন্ধ কৰাৰ লগতে ভূ মাফিয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

Self Improvement Tips: নতুন বছৰত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ কি কি অভ্যাস গ্ৰহণ কৰিব?

Self Improvement Tips
Self Improvement Tips

২০২৫ চনত জীৱনলৈ কি কি নতুনত্ব আনিব। নতুন বছৰ নিশ্চয় উদযাপন কৰিব সকলোৱে, তাৰ লগতে নিজকে ফিট কৰি ৰখাৰ প্ৰত্যাহ্বানো গ্ৰহণ কৰক। সুখ আৰু দুখ আঁতৰাই ৰাখি আমি আমাৰ শৰীৰ আৰু মনক সুস্থ কৰি ৰাখিব লাগিব।(Self Improvement Tips)

নতুন বছৰ আহি পালেহিয়ে আৰু কেইদিনমান পিছত নতুন বছৰ সোমাব। নতুন ৰাতিপুৱা হ’ব। অতীতৰ জীৱনৰ সকলো প্ৰাপ্তি-অপ্ৰাপ্তি, হতাশা আৰু চাপ এৰি নতুন বছৰত নতুন পথত খোজ দিবলৈ আৰম্ভ কৰিব সকলো। ২০২৫ চনত সকলোৱে জীৱনলৈ নতুনত্ব আহিব। কেৱল বছৰৰ প্ৰথম দিনটোতেই নহয়, আমি প্ৰত্যকদিনাই নিজকে ভাল কৰি ৰাখিবলৈ কিছুমান অভ্যাস গ্ৰহণ কৰিব পাৰে।

ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰিলে শাৰীৰিক ব্যায়াম কৰিব লাগিব। নতুন বছৰৰ পৰা অনুশীলন আৰম্ভ কৰক। শাৰীৰিক ব্যায়ামৰ অৰ্থ এইটো নহয় যে জিমলৈ যাব লাগিব। যদি সময় থাকে তেন্তে ভাল, নহ’লে প্ৰতিদিনে ঘৰত কমেও ২০ মিনিট সময় শাৰীৰিক ব্যায়াম কৰিব। ৰাতিপুৱা উঠি খোজ কঢ়া, দৌৰা বা জগিং বা চাইকেল চলোৱাটো বৰ ভাল। অন্যথা প্ৰশিক্ষকৰ পৰামৰ্শ লৈ যোগাসন আৰম্ভ কৰক।

সঠিক পৰিমাণৰ পুষ্টিকৰ খাদ্য খাব লাগে। ওজন বৃদ্ধিৰ মূল কাৰণ সময়মতে খাদ্য গ্ৰহণ নকৰা আৰু অস্বাস্থ্যকৰ খাদ্য খোৱা। খাদ্যত সমান পৰিমাণে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, আঁহ আৰু খনিজ পদাৰ্থ থাকিব লাগিব। ব্ৰেকফাষ্টত ফাল খাদ্য খাব লাগে। দুপৰীয়াৰ আহাৰ সীমিত হ’ব লাগে আৰু ৰাতিৰ আহাৰ একেবাৰে পাতলীয়া হ’ব লাগে। বিদেশৰ বহু লোকে সন্ধিয়া ৭ বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰে।

শৰীৰ আৰ্দ্ৰ কৰি ৰাখিব লাগিব। গতিকে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। কম পানী খোৱাৰ ফলত হজম শক্তি বেয়া হ’ব পাৰে। দিনটোত কমেও ৩ লিটাৰ পানী খাব লাগিব। সম্ভৱ হ’লে দৈনিক ডিটক্স ড্ৰিংকছ খাব লাগে। ইয়াৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বা দূষিত পদাৰ্থ আঁতৰি যাব।

ৰাতি কমেও ৭ৰ পৰা ৮ ঘণ্টা শুব লাগে। গোটেই দিনটো কাম কৰাৰ পিছত টোপনি নাহিব পাৰে। কিন্তু কৰ্মস্থলীৰ পৰা উভতি অহাৰ পিছত বাহিৰৰ জগতৰ সৈতে সংস্পৰ্শ কমাবলৈ অভ্যাস গঢ়ি তুলিব। গা ধোৱা পূৰ্বে নিয়মিত ধ্যান কৰিলে আপোনাৰ টোপনি ভাল হয়।

ধ্যান কৰিলে মানসিক চাপ কমি যাব। মনোবিজ্ঞানীসকলে কয়, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কলেষ্টেৰল আদি মূৰৰ বিষ হব পাৰে ধ্যান কৰিলে।

নতুন বছৰত আপুনি কি কৰিব বিচাৰে, ভৱিষ্যতৰ পৰিকল্পনা কি, সঞ্চয়ৰ বিষয়ে কেনেকৈ চিন্তা কৰে – সকলো লিখি থওক। আপুনি সৰু সৰু টোকা লিখাৰ অভ্যাস গঢ়ি তুলিব পাৰে। নতুন বছৰত অধিক সঞ্চয় কৰাৰ পৰিকল্পনা কৰিব পাৰে।