Home Blog Page 406

Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনক! পুনৰ থানাত হাজিৰ অভিনেতাগৰাকী

Allu Arjun
Allu Arjun

অভিনেতা আল্লু অৰ্জুনৰ বিপদৰ অন্ত পৰা নাই। মঙলবাৰেও হায়দৰাবাদ আৰক্ষীৰ সন্মুখত হাজিৰ হয় অভিনেতাগৰাকী। পুনৰ এজন কংগ্ৰেছ নেতাইও পুষ্প ২ৰ দৃশ্য সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ইফালে অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰৰ দৃশ্য পোহৰলৈ আহিছে য’ত সম্পূৰ্ণ নিস্তব্ধতা আৰু নিৰাপত্তাৰক্ষীক দেখা গৈছে।(Allu Arjun)

আল্লু অৰ্জুনে মঙলবাৰে হায়দৰাবাদৰ চিক্কাদপল্লী আৰক্ষীৰ কাষ চাপিছিল। ১১ বজাত তেওঁ থানাত হাজিৰ হৈছিল। এদিন আগতে আৰক্ষীয়ে তেওঁক জাননী প্ৰেৰণ কৰি সোধা-পোছাৰ বাবে ফোন কৰিছিল। অভিনেতাগৰাকীৰ এই ভিডিঅ’ ছচিয়েল মিডিয়াতো পোহৰলৈ আহিছে।(stampede case)

আল্লু অৰ্জুনৰ ঘৰ হায়দৰাবাদৰ জুবলী হিলছত। তেওঁৰ বিলাসী বাংলোত এদিন পূৰ্বে আক্ৰমণ কৰিছিল। এই ঘটনাৰ সৈতে জড়িত আৰক্ষীয়ে ৬ জন লোকক আটক কৰিখিছিল। এতিয়া ৬ জন অভিযুক্তই জামিন লাভ কৰিছে।

বৰ্তমান সময়ত ছচিয়েল মিডিয়াত আল্লু অৰ্জুনৰ সমৰ্থনত ওলাই আহিছে বহু অনুৰাগী। য’ত একাংশ লোকে ৬ অভিযুক্তৰ ফটোও শ্বেয়াৰ কৰিছিল। ইয়াৰে এজন অভিযুক্তৰ ফটোও ভাইৰেল হৈছে মুখ্যমন্ত্ৰী ৰেভান্ত ৰেড্ডীৰ সৈতে। বৰ্তমান সময়ত এই বিষয়ত ৰাজনীতিও তীব্ৰতৰ হৈ পৰিছে।

যোৱা ৪ ডিচেম্বৰত সন্ধ্যা থিয়েটাৰত পুষ্প ২ৰ প্ৰদৰ্শনীত সংঘটিত হুলস্থুলীয়া পৰিৱেশত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে এটা শিশু গুৰুতৰভাৱে আহত হয়। এই গোচৰত আল্লু অৰ্জুনকো গ্ৰেপ্তাৰ কৰা হৈছিল যদিও উচ্চ ন্যায়ালয়ৰ পৰা ৪ সপ্তাহৰ জামিন লাভ কৰিছিল। হায়দৰাবাদ আৰক্ষীয়ে এই গোচৰৰ সোধা-পোছৰ বাবে চমন জাৰি কৰে আল্লু অৰ্জুনক।

Surya Das: স্তব্ধ হ’ল গীতৰ সভা, জনতাৰ শিল্পী সূৰ্য দাস নাহে আৰু মানুহৰ গান গাবলে

Surya Das
Surya Das

সংগীত আকাশৰ পৰা এটি ভোতা তৰা যেন হঠাতে খহি পৰিল। স্তব্ধ হে গ’ল অসমৰ সংগীতৰ এক ফল্গু ধাৰা। যাদুকৰী কণ্ঠৰে গীতৰ সভাত সকলোৰে হৃদয় আলোড়িত কৰা গণশিল্পী সূৰ্য দাস আৰু নাই। নাই বুলি ক’বলৈ যেন সাহসেই নহয়। গীতৰ মাজেৰে আকাশক উদাৰতা সিঁচি দিবলৈ আৰু লুইতক মানুহৰ মনৰ পৰা মলিনতা ধুই নিবলৈ ক’বলৈ আৰু নাহে সূৰ্য দাস। তেওঁৰ শূন্যতাত আজি অসমৰ সংগীতাকাশ কলীয়া ডাৱৰে ছানি ধৰিলে।(Surya Das) ‘শত জনমৰ পুণ্যৰ ফলত জন্ম ল’লো এই অসমত’ বুলি আই অসমীৰ বন্দনা গোৱা শিল্পীগৰাকীয়ে আজি এই পুণ্যভূমি এৰি, এভৱ মায়াৰ সংসাৰৰ মায়া-মোহ ত্যাগ কৰি চিৰদিনলৈ গতি কৰিলে পৰলোকলৈ। আৰু যে কেতিয়াওঁ ঘূৰি নাহে মানুহৰ গীত গাবলৈ মানুহৰ মাজলৈ। তেওঁ সপোন দেখিছিল ৰূপান্তৰৰ। সেয়ে গীতৰ মাজেৰেই সমাজৰ নতুন ৰূপান্তৰ বিচাৰি গাইছিল মানুহৰ গান, মাটিৰ গান। প্ৰতিগৰাকী মানুহৰে অন্তৰত ঠাই পাইছিল এইগৰাকী ৰূপান্তৰৰ শিল্পীয়ে। গীতৰ সভাত তেৱেঁই আছিল প্ৰধান অলংকাৰ। অসমীয়া জাতিক, অসমীয়া মানুহক অন্তৰেৰে ভালপোৱা শিল্পী আছিল সূৰ্য দাস। অসমৰ, অসমীয়া মানুহৰ সুখ-দুখৰ সমভাগী হৈ প্ৰতিটো ক্ষণতে থিয় হৈছিল তেওঁ মানুহৰ ওচৰত। জাতীয়তাবাদী ভাবধাৰাৰে উদ্বুদ্ধ শিল্পী সূৰ্য দাস আছিল অসম আৰু অসমীয়াক অন্তৰেৰে ভালপোৱা নিভাঁজ শিল্পী।

তেওঁ সেয়ে হৈ পৰিছিল জনতাৰ শিল্পী, গণশিল্পী। তেওঁৰ গীতেৰে গীতৰ সভা ৰজনজনাই তুলিছিল। সস্তীয়া জনপ্ৰিয়তা তেওঁৰ গীতত কোনোদিনে নাছিল। নাছিল তেওঁ উচ্ছৃখলতাৰ প্ৰতীক। সেয়ে শ্ৰোতাই তেওঁ গান অন্তৰেৰে লৈছিল, শুনিছিল। তেওঁৰ গানত আছিল প্ৰতিবাদী ঢৌ, প্ৰতিবাদী সত্তা। গীতেই তেওঁ সমাজৰ মলিনতা ধুই নিকা কৰিবলৈ সংকল্প লৈছিল। তেওঁৰ ‘মানুহ দেখিছো আজি/ বহুত মানুহ/ কথাৰ সিন্ধু মথি/অমৃত শুহি খোৱা ভণ্ড…’ এই কালজয়ী গীতটোৰ এটা ফাঁকিও মনত নৰখা মানুহ হয়তো অসমত নোলাব। ইয়াৰ উপৰি তেওঁৰ আন কেইটামান মানুহৰ অন্তৰত থিতাপি লোৱা গীত হ’ল- ‘এই কলঙৰ পাৰে এই দলঙৰ ঘাটে…, ‘গুমগুম গাম গাম…, ‘চাপ্ৰা বহু দূৰ…, এই ঘৰেই ঘৰ নহয়…’ , ‘উৰিয়াম গছৰে…। এনেবোৰ গীতেৰেই তেওঁ মানুহৰ অন্তৰ জয় কৰিছিল, সমাজৰ পৰা দুষ্কৃতিকাৰীক বিনাশী এখন সুন্দৰ আৰু নিভাঁজ মানুহৰ সমাজ গঢ়াৰ পণ লৈছিল। কঁপাই তুলিছিল প্ৰতিখন গীতৰ সভা। কি নাছিল এইগৰাকী শিল্পীৰ গীতত। স্বদেশ প্ৰেম, মানুহক ভালপোৱাৰ সুৰ, নিভাঁজ মাটিৰ সুৰ নিহিত হৈ আছিল তেওঁৰ গীতত। সেয়ে হয়তো তেওঁ অজানিতে হৈ পৰিছিৰ মানুহৰ আপোন শিল্পী, গণশিল্পী। এইগৰাকী শিল্পীৰ জন্ম হৈছিল কামপুৰৰ তেঁতেলিসৰা নামৰ ঠাইখনত ১৯৪০ চনৰ ৩১ জুলাইৰ এটি মাহেন্দ্ৰক্ষণত। সৰুৰে পৰাই তেওঁৰ সংগীতৰ প্ৰতি আছিল অগাধ প্ৰেম।

তেঁতেলিসৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰি তেওঁ আহিছিৰ নগাঁৱলৈ। তাতেই তেওঁ শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ সংগীত চৰ্চাতো আত্মনিয়োগ কৰিছিল। আৰু তেতিয়াৰ পৰাই তেওঁৰ গীতত স্বদেশ প্ৰেমৰ ভাব পৰিস্ফুট হৈ পৰিছিল। এনেদৰেই সংগীতৰ স্পৃহাই তেওঁক লৈ গৈছিল সেই সময়ৰ নগাঁৱৰ সুশীল বেনাৰ্জী, তাৰিকুদ্দিন আহমেদ, বিবেকানন্দ ভট্টাচাৰ্য আদি বৰেণ্য শিল্পীসকলৰ সান্নিধ্যলৈ। আৰু এইসকল লোকৰ ওচৰতে তেওঁ সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছিল। এনেদৰেই ১৯৫৭ চনত কোনোবা এটা দিনত লামডিঙৰ এখন সাংস্কৃতিক মঞ্চত সূৰ্য দাসৰ লগ পোৱাৰ সৌভাগ্য হৈছিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক। শিল্পীয়ে শিল্পী মোল খুব ভালদৰেই বুজি পায়। ড° ভূপেন হাজৰিকয়ো বুজি পাইছিল সূৰ্য দাসক। গতিকে ড° ভূপেন হাজৰিকায়ো সূৰ্য দাসৰ গীত শুনি আপ্লুত হৈ পৰিছিল আৰু সেই গীতৰ সভাতে কৈছিল- ‘মই বাপুক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ মাজত লৈ ফুৰিম…’। সুধাকণ্ঠই সেয়া বাস্তৱত সাকাৰ কৰিছিল। ভূপেন হাজৰিকাই এইগৰাকী গণশিল্পীক তেওঁ লগত লৈ ফুৰিছিল। আৰু এদিন সূৰ্য দাসক কলিকতালৈ লৈ গৈ তেওঁ কণ্ঠৰে চাৰিটা গীত বাণীবন্ধন কৰাইছিল। সেই কালজয়ী গীতকেইটা আছিল– ‘এই কলঙৰ পাৰে…, ‘চাপ্ৰা বহু দূৰ…’, ‘গুম গুম গাম গাম… আৰু ‘আই অ’ শিপিনী’। আৰু এয়া আছিল সূৰ্য দাসৰ বাবে সংগীতৰ এক বৃহৎ সাফল্য। তেওঁ আৰু কোনোদিন পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ইয়াৰ মাজতে তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীও ল’লে আৰু আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত শিল্পী হিচাপেও প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ বন বিভাগত চাকৰি কৰিছিল যদিও বিভিন্ন কাৰণত তেওঁৰ মনে নমনাত সেই চাকৰি বাদ দিছিল। তদুপৰি আন কেইবাটাও বিভাগত চৰকাৰী চাকৰি কৰিছিল যদিও অনীতি, ভ্ৰষ্টাচাৰৰ সৈতে আপোচ কৰিব নোৱাৰাৰ বাবেই সেই চাকৰিও বাদ দি সংগীতকে জীৱনৰ ব্ৰত হিচাপে লৈ মানুহৰ গান, কেঁচা মাটিৰ গান গাই মানুহৰ মাজতে জীৱনটো উছৰ্গা কৰিছিল। তদুপৰি তেওঁ ‘আজিৰ মানুহ’, ‘নতুন দিগন্ত’, ‘ৰঙা সূৰ্য’, ‘পেলেষ্টাইন’, ‘মোৰ গান’, ‘নতুন সময়’, ‘আজিৰ সময়’ আদি শ্ৰব্য কেছটত কণ্ঠদান কৰি মানুহৰ হৃদয় মণিকোঠত এখন সুকীয়া ঘৰ সাজি লৈছিল। যাৰ বাবে মানুহে তেওঁ সদায় মনত ৰাখিব। সূৰ্য দাস আছিল সাংস্কৃতিক জগতখনৰ এক উজ্জ্বল নক্ষত্ৰ। সময়োপযোগীভাৱে গীত লিখি পৰিৱেশন কৰিব পৰাটো শিল্পীগৰাকীৰ এক অনন্য কৃতিত্ব। গণশিল্পীগৰাকীৰ প্ৰতিটো গীতেই জাতীয় চেতনাৰে উদ্বুদ্ধ আৰু অসমীয়া জাতিৰ কেঁচা ঘামৰ সৈতে সংপৃক্ত।

এইগৰাকী আজন্ম শিল্পীয়ে ‘অবুজ বেদনা’ নামৰ এখন চলচ্চিত্ৰতো তেওঁৰ কণ্ঠ নিগৰাইছে। আনহাতে, তেওঁৰ কবি হিচাপেও এক সুকীয়া পৰিচয় আছে। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম- ‘তেজ অকণমান দিবা নেকি চিঞাহী বুলি’। এইগৰাকী শিল্পীৰ শিৰত হাত আছিল ড° ভূপেন হাজৰিকাৰ। সূৰ্য দাসৰ জীৱনত ড° ভূপেন হাজৰিকাৰ অৱদান আছিল অপৰিসীম। তদুপৰি শোণিত কোঁৱৰ গজেন বৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, মঘাই ওজা, অজিত সিংহ আদিৰো অৱদান আছিল উল্লেখনীয়। দুখৰ বিষয় এইগৰাকী আজন্ম শিল্পী যেনে ধৰণে আমাৰ মাজত গুৰুত্ব আৰু সমাদৰ লাভ কৰিব লাগিছিল সেয়া হয়তো তেওঁ নাপালে। সদায়ে তেওঁ প্ৰচাৰবিমুখ হৈয়ে থাকিল। কিছু দিন তেওঁ মৰিগাঁৱৰ ধৰমতুলৰ জীয়ৰীৰ ঘৰত আছিল। তাতেই তেওঁ দেওবাৰে হঠাতে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও তাতেই তেওঁ এই মায়াৰ সংসাৰ এৰি চিৰদিনৰ বাবে এদিন ধৰালৈ অহা বাটেই উভতি গ’ল কোনোদিন আৰু ঘূৰি নহাৰ কথাৰে ৮৪টা বসন্ত গৰকাৰ অন্তত।

স্তব্ধ হৈ পৰিল অসমৰ আকাশ-বতাহ। শূন্য হ’ল গীতৰ সভা। গীতৰ সভাত গীত গাই শ্ৰোতাত অন্তৰ জুৰাবলৈ আৰু কেতিয়াও নাহে সংগীতৰ ভোটা তৰা, জনতাৰ শিল্পী সূৰ্য দাস। এৰি থৈ গ’ল পত্নী, একমাত্ৰ পুত্ৰ, দুই জীয়ৰী, আত্মীয়ৰ লগতে সমগ্ৰ অসমবাসীক। বিদায়, হে সংগীত সূৰ্য, বিদায়। তোমাৰ কথা, তোমাৰ গীত, তোমাৰ সুৰ সদায়ে মনত ৰাখিব অসম-অসমীয়াই। চন্দ্ৰ-সূৰ্য থকালৈকে তুমিও থাকিবা আমাৰ মাজত এটি গীত হৈ, সুৰ হৈ, অসমীয়া জাতিৰ সত্তা হৈ।

New Year 2025: ২০২৫ চনত মংগল গ্ৰহৰ প্ৰবল প্ৰভাৱ পৰিব! ভালে থাকিবলৈ কি কৰিব?

New Year 2025
New Year 2025

২০২৫ চন মংগল গ্ৰহ প্ৰভাৱিত বছৰ। কিছুমান বিশেষ কৌশল মানি চলিলে আমি এটা ভাল নতুন বছৰ পাৰ কৰিব পাৰো। বছৰৰ আৰম্ভণিৰ পৰাই এই টিপছবোৰ মানি চলিব লাগে।(New Year 2025)

নতুন বছৰলৈ মাত্ৰ কেইটামান দিন বাকী। ২০২৪ চনৰ অন্ত পৰি আমি নতুন বছৰলৈ আগবাঢ়িছো। আমি সকলোৱে একেলগে ভাল বেয়া মাজেৰে ২০২৪ চনটো কৰিলোঁ। ২০২৫ চন মংগল গ্ৰহ প্ৰভাৱিত বছৰ। কিছুমান বিশেষ কৌশল মানি চলিলে আমি এটা ভাল নতুন বছৰ পাৰ কৰিব পাৰো। বছৰৰ আৰম্ভণিৰ পৰাই কিছুমান বিশেষ টিপছ মানি চলিব লাগে। এই টিপছবোৰ মানি চলি আমি নতুন বছৰত ভালকৈ থাকিবলৈ চেষ্টা কৰি পাৰোঁ।(Astrology Tips)

১) নতুন বছৰত যিমান পাৰি হালধীয়া আৰু ৰঙা ৰঙৰ কাপোৰ পিন্ধিবলৈ চেষ্টা কৰিব।

২) আগন্তুক বছৰৰ আৰম্ভণিৰ পৰা হনুমানৰ পূজা কৰিব। আপুনি বহুত ভাল ফলাফল পাব। পূৰ্বৰে পৰা হনুমান পূজা কৰা সকলে এইবাৰ খুব ভাল ফলাফল পাব।

৩)জ্যোতিষত কলৰ দান শুভ বুলি গণ্য কৰা হয়। সম্ভৱ হ’লে এই বছৰৰ প্ৰতি মঙলবাৰে বান্দৰক কল খুৱাব। ফলত আপোনাৰ মংগল গ্ৰহ শক্তিশালী হ’ব আৰু যদি হনুমানক কল খুৱাব পৰা নাযায়, তেন্তে যিকোনো ব্যক্তিক কল দান কৰিব পাৰে। এনে অৱস্থাত কলৰ লগতে এটা সুমথিৰা পাত আৰু এটা লং নিশ্চয় দান কৰিব। কল দান কৰিলে বৃহস্পতি শক্তিশালী হয় বুলি বিশ্বাস কৰা হয়। কল দান কৰিলেও ঋণৰ বোজা দূৰ হয়।

৪) এই বছৰ তামৰ পাত্ৰত পানী খাব। ঘৰলৈ আলহী আহিলে তামৰ পাত্ৰ এটাতো পানী দিব। এই বছৰ যিমান পাৰি কম কাঁচ আৰু ষ্টীলৰ পাত্ৰ ব্যৱহাৰ কৰক। আন যিকোনো ধাতু ব্যৱহাৰ কৰিব পাৰি। কিন্তু কাঁচ আৰু তীখাৰ পাত্ৰত পানী খাব নোৱাৰি।

৫) যদি কোঠাটোৰ পৰ্দাৰ ৰং বেছি ক’লা হয় তেন্তে পৰ্দা সলনি কৰক। উদাহৰণস্বৰূপে, গাঢ় নীলা বা ক’লা আদি কোনো ৰঙৰ পৰ্দা ব্যৱহাৰ নকৰাটো ভাল। ভাল ফলাফল পাবলৈ এইবাৰ ঘৰতে বগা পৰ্দা ব্যৱহাৰ কৰি চাব পাৰে।

৬) এই বছৰ ঘৰতে কোনো ধৰণৰ জলকীয়া গুড়ি কিনিব নালাগে।

৭) নতুন বছৰটো ভাল মনেৰে সকলোৰে লগত মিলি-জুলি কটাওক। অতি উত্তেজিত লোকৰ এই বছৰ ক্ষতি হ’ব পাৰে।

Dhakuakhana Book Fair: ঢকুৱাখনা গ্ৰন্থমেলাত কেৰিয়াৰ সজাগতা অনুষ্ঠান,চিত্ৰ আৰু ভাস্কৰ্য শিল্পীৰ অন্তৰংগ আলাপ অনুষ্ঠান

Dhakuakhana Book Fair
Dhakuakhana Book Fair

“জীৱনৰ মহত্ব উপলব্ধি কৰিবলৈ হ’লে আমি শিল্প সাধনাত জড়িত হব লাগিব।শিল্পই আকাশ সৈতে মাটি আৰু মানুহৰ সম্পৰ্ক সুদৃঢ় কৰিব পাৰিব লাগিব।”-এই বক্তব্য ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক ড০ পংকজ বৰাৰ। পঞ্চম সংখ্যক ঢকুৱাখনা গ্ৰন্থমেলাৰ সোমবাৰে ষষ্ঠদিনা “চিত্ৰ আৰু ভাস্কৰ্য শিল্পীসকলৰ অন্তৰংগ আলাপ”অনুষ্ঠানৰ উদ্ধোধন কৰি ড০ বৰাই এইদৰেই কয়।(Dhakuakhana Book Fair)

বিয়লি ২ বজাৰ বিশিষ্ট চিত্ৰশিল্পী ইন্দিবৰ বুঢ়াগোহাঁইৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই অন্তৰংগ আলাপ অনুষ্ঠানত আমন্ত্ৰিত চিত্ৰ,ভাস্কৰ্য শিল্পীৰূপে-হীৰা শইকীয়া,মৃগনাভ গগৈ, দেৱকৃষ্ণ বৰুৱা,হেমেন শইকীয়া,নিৰ্মল সূত,ভৱেন তামুলী,বিনোদ সন্দিকৈ, জুমন সূত,পিংকু বৰুৱা, উৎপল গগৈয়ে আৰু পৰিৱেশ মিত্ৰ দেৱজিৎ ফুকনে অংশগ্ৰহণ কৰি মনৰ অনুভৱ ব্যক্ত কৰে।উল্লেখ্য যে ইয়াৰ পূৰ্বেই আজি পঞ্চম সংখ্যক ঢকুৱাখনা গ্ৰন্থমেলাৰ ষষ্ঠ দিনা পুৱা ১১ বজাৰ পৰা শিক্ষাৰ্থীসকলৰ মাজত পোষ্টকাৰ্ডত চিঠি লিখা প্ৰতিযোগিতা আয়োজন কৰা হয়।ইফালে দিনৰ ১২ বজাৰ পৰা শিক্ষাৰ্থীসকলৰ বাবে-“কেৰিয়াৰ সজাগতা অনুষ্ঠান” আয়োজন কৰা হয়।এই কেৰিয়াৰ সজাগতা অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকি ঢকুৱাখনা সম জিলাৰ সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়া,আৰু ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া-নৱনীতা হাজৰিকাই ছাত্ৰ-ছাত্ৰীসকলে কি দৰে পঢ়িলে,কেনেকৈ লক্ষ্য বান্ধি আগবাঢ়িলে নিজৰ কেৰিয়াৰ গঢ় দিব পাৰিব সেই বিষয়ে বিস্তৃতভাৱে বক্তব্য ৰাখে।


আৰু নিশালৈ ঢকুৱাখনাৰ বহুকেইখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়।কাইলৈ ২৪ ডিচেম্বৰত পঞ্চম সংখ্যক “ঢকুৱাখনা গ্ৰন্থমেলা-২০২৪”ৰ সামৰণি পৰিব মুকলিসভা আৰু বঁটা বিতৰণী সভাৰে।অন্তিম দিনাৰ কাৰ্যসূচী আৰম্ভ হ’ব ১১ বজাত জ্যেষ্ঠ নাগৰিকৰ সম্বৰ্ধনা অনুষ্ঠানেৰে।ইয়াৰ পিছতেই ১২ বজাৰ পৰা মুকলি সভাৰ লগতে বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হ’ব ঢকুৱাখনা গ্ৰন্থমেলা সমিতিৰ সভাপতি-ড০গিৰীণ গগৈয়ে। ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে উদ্ধোধন কৰিব লগা এই মুকলি সভাত মুখ্য অতিথিৰূপে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে,বিশিষ্ট অতিথিৰূপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ প্ৰবাল শইকীয়াই,আৰু আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনকে প্ৰমুখ্যে কৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি গ্ৰন্থমেলা উদযাপন সমিতিৰ সম্পাদক ৰিতু কুমাৰ দাসে জানিবলৈ দিছে।

Urine: সঘনাই প্ৰস্ৰাৱ কৰিব লাগে নেকি? ইয়াৰ ফলত গুৰুতৰ ৰোগ হ’ব পাৰে!

Urine
Urine

সঘনাই প্ৰস্ৰাৱ কৰিব লগা সমস্য়াটো সাধাৰণ সমস্যা যেন লাগিব পাৰে, কিন্তু ই আপোনাৰ স্বাস্থ্যৰ বিষয়ে গুৰুতৰ ইংগিত দিব পাৰে। দিনটোত যদি আপুনি বাৰে বাৰে শৌচাগাৰলৈ যায় বা আনকি ৰাতিও যদি আপুনি বাৰে বাৰে উঠে প্ৰস্ৰাৱ কৰিবলৈ, তেন্তে এই সমস্যাক আওকাণ নকৰিব। কিয়নো ইয়াৰ ফলত আপোনাৰ শৰীৰত কিছুমান ডাঙৰ পৰিৱৰ্তন হোৱাৰ লক্ষণ হ’ব পাৰে।(urine)

এজন সুস্থ ব্যক্তিয়ে দিনটোত ৬-৭ বাৰ প্ৰস্ৰাৱ কৰে আৰু দিনটোত ৪ৰ পৰা ১০ বাৰ প্ৰস্ৰাৱ কৰাটোও স্বাভাৱিক বুলি গণ্য কৰা হয়। সাধাৰণতে ৰাতি এবাৰ প্ৰস্ৰাৱ কৰিব লাগে। কিন্তু যদি আপুনি ইয়াতকৈ বেছিকৈ প্ৰস্ৰাৱ কৰে তেন্তে ই কোনো সমস্যাৰ লক্ষণ হ’ব পাৰে।

সঘনাই প্ৰস্ৰাৱ কৰাৰ বাবে-
প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI): প্ৰস্ৰাৱ কৰাৰ সময়ত যদি জ্বলা-পোৰা বা বিষ হয় তেন্তে ই UTI ৰ লক্ষণ হ’ব পাৰে।


ডায়েবেটিছঃ সঘনাই প্ৰস্ৰাৱ কৰাটো তেজৰ চেনিৰ নিয়ন্ত্ৰণহীনতাৰ লক্ষণ হ’ব পাৰে।


অতি সক্ৰিয় মূত্ৰাশয়: সঘনাই প্ৰস্ৰাৱ কৰিবলৈ মন গ’লেও কম পৰিমাণে প্ৰস্ৰাৱ কৰিলে অতি সক্ৰিয় মূত্ৰাশয়ৰ লক্ষণ হ’ব পাৰে।


গৰ্ভাৱস্থাঃ গৰ্ভাৱস্থাত হৰম’নৰ পৰিৱৰ্তন আৰু মূত্ৰাশয়ত চাপৰ বাবে এই সমস্যা হ’ব পাৰে।


অত্যধিক পানী বা কেফেইন খোৱাঃ অত্যধিক পানী, চাহ, কফি বা মদ খালেও প্ৰস্ৰাৱৰ উৎপাদন বৃদ্ধি পাব পাৰে।

প্ৰস্ৰাৱৰ উৎপাদন কম হোৱাৰ বাবে-
ডিহাইড্ৰেচন: পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱাৰ ফলত প্ৰস্ৰাৱৰ পৰিমাণ কমি যায়।
বৃক্কৰ সমস্যাঃ বৃক্কৰ পাথৰ বা সংক্ৰমণে প্ৰস্ৰাৱৰ উৎপাদনত প্ৰভাৱ পেলাব পাৰে।
প্ৰস্ৰাৱ বন্ধ হোৱা: প্ৰষ্টেট বা শিৰাৰ লগত জড়িত সমস্যাৰ বাবে মূত্ৰাশয় সম্পূৰ্ণৰূপে খালী হ’ব নোৱাৰে।

ডাক্তৰৰ পৰামৰ্শ কেতিয়া লব লাগে?
যদি প্ৰস্ৰাৱৰ পৰিমাণৰ হঠাৎ পৰিৱৰ্তন হয় বা প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ, জ্বলা-পোৰা বা তেজ দেখা যায় তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব। প্ৰস্ৰাৱৰ ৰং পাতল হালধীয়া হ’ব লাগে। গাঢ় হালধীয়া বা ৰঙা ৰঙৰ প্ৰস্ৰাৱ এটা গুৰুতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।

মূত্ৰাশয় সুস্থ কৰি ৰখাৰ পৰামৰ্শ

  • দৈনিক ৮-১০ গিলাচ পানী খাব লাগে।
  • চাহ, কফি আৰু মদৰ সেৱন কমাব।
  • পেলভিক ফ্ল’ৰৰ ব্যায়াম কৰক।
  • সুষম খাদ্য গ্ৰহণ আৰু নিয়মিতভাৱে শাৰীৰিক ক্ৰিয়া-কলাপ কৰক।

Sesame Laddu: তিলৰ লাড়ু খালে হ’ব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী! কেনেকৈ বনাব তিলৰ লাড়ু?

Sesame Laddu
Sesame Laddu

চীনা খাদ্যত তিল পোৱা যায় যদিও তিল সাধাৰণতে দৈনন্দিন ৰন্ধন প্ৰণালীত পৰিৱেশন কৰা নহয়। যদি আপুনি কেৱল তিল খাই ভাল নাপায় তেন্তে ইয়াৰে লাডু বনাব পাৰে।(Sesame Laddu)

শীত আহিলে তিলৰ লাডু খাই ভাল লাগে। ঋতু পৰিবৰ্তনৰ সময়ত তিল খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। তথাপিও এই সময়ছোৱাত তিল খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় বুলি পুষ্টিবিদসকলে কয়। আনহাতে ঋতু পৰিবৰ্তনৰ সময়ত সংক্ৰামক ৰোগৰ আশংকা থাকে।

তিলৰ গুটিত আইৰণ, কেলচিয়াম, ফছফৰাছ আদি খনিজ পদাৰ্থ থাকে। ইয়াৰ উপৰিও তিলত আঁহ থাকে। এই আঁহে অন্ত্ৰ সুস্থ কৰি ৰখাৰ উপৰিও তেজৰ চেনিৰ মাত্ৰাও নিয়ন্ত্ৰণত ৰাখে। বহুতৰে ছাল শীতকালত ৰুক্ষ আৰু শুকান হৈ পৰে। তিলে ছালৰ প্ৰদাহজনিত সমস্যাও নিৰাময় কৰে। চীনা খাদ্যত তিল পোৱা যায় যদিও এই গুটি সাধাৰণতে দৈনন্দিন ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰা নহয়। যদি আপুনি কেৱল তিল খাই ভাল নাপায় তেন্তে ইয়াৰে লাডু বনাব পাৰে। এটা ৰেচিপি শিকি লওক-

সামগ্ৰীসমূহ:

তিলঃ ২ কাপ

গুড়ি/চেনিঃ ১ কাপ

কাজু বাদামঃ ২ চামুচ

কাঠ বাদাম পিহিঃ ২ চামুচ

সৰু ইলাচিৰ গুড়িঃ আধা চামুচ

পদ্ধতি-

১) প্ৰথমে শুকান কেৰাহীত তিলখিনি লাহে লাহে লৰাই ভাজি ল’ব।

২) পোৰা তিলখিনিৰ আধাখিনি মিক্সাৰত পিহি ল’ব

৩) তাৰপিছত বাকী বস্তুখিনি কেৰাহীত দি অলপ সময় লৰাই থাকিব। তাৰপিছত গাখীৰ আৰু চেনি লাহে লাহে দি গলিবলৈ আৰম্ভ কৰিলে গেছ বন্ধ কৰি দিব। যদি চেনি দিব নিবিচাৰে তেন্তে গুৰও দিব পাৰে।

৪) এই মিশ্ৰণত তিলৰ গুড়ি, গোটা তিল, পিহি লোৱা আলমণ্ড আৰু সৰু ইলাচিৰ গুড়ি ছটিয়াই দিব।

৫) এইবাৰ দুই হাতৰ তলুৱাত কিছু ঘিউ লগাব। তিলৰ মিশ্ৰণটো অলপ ঠাণ্ডা হ’লে তাৰ পৰা অলপমান লৈ লাড়ুৰ আকৃতিত বনাব।

Nigam Chandra Kakati: ভুৰবন্ধাত ঔগুৰি জেষ্ঠ্য নাগৰিক তথা সাংবাদিক পুলিন কাকতিৰ পিতৃ নিগম চন্দ্ৰ কাকতিৰ মৃত্যুত শোকৰ ছাঁ

Nigam Chandra Kakati
Nigam Chandra Kakati: ভুৰবন্ধাত ঔগুৰি জেষ্ঠ্য নাগৰিক তথা সাংবাদিক পুলিন কাকতিৰ পিতৃ নিগম চন্দ্ৰ কাকতিৰ মৃত্যুত শোকৰ ছাঁ

শনিবাৰে পুৱা ৭ বজাত ভুৰবন্ধা ঔগুৰিস্থিত নিজা বাসভৱনত ৮৭ বছৰ বষসত মৃত্যু মুখত পৰে। কিছুদিনৰ আগতে এক উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয় চিকিৎসা কৰাৰ পিছত ঘৰলৈ লৈ যায়। পৰবৰ্তী সময়ত যোৱা শনিবাৰে পুৱা ৭ বজাত পৰিয়ালৰ লগতে নিজৰ নিজৰ গুনমুগ্ধ সকলোকে এৰি থৈ এই মায়াময় সংসাৰ ত্যাগ ইহলীলা সম্বৰণ কৰে।(Nigam Chandra Kakati)মৃত্যু সময়ত দুগৰাকী পত্নী,চাৰি সন্তান দিগন্ত কাকতি,ভূপেন কাকতি,বানেশ্বৰ কাকতি আৰু কনিষ্ঠতম সন্তান সাংবাদিক পুলিন কাকতি লগতে এগৰাকী জীয়ৰী সহ চাৰিগৰাকী বোৱাৰী,নাতিসহ একমাত্ৰ জীৱিত ভনীয়েকসহ বহু লোকক এৰি থৈ যায়।(Nigam Chandra Kakati)

বিশিষ্ট বয়োজেষ্ঠ ব্যক্তি গৰাকী মৃত্যু খবৰ পোৱা পিছতেই সদৌ মৰিগাও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰী লগতে অঞ্চল তথা জিলা খনৰ বিভিন্ন প্ৰান্তৰ লোকে পৰিয়ালৰ লগত যোগাযোগ কৰি শোক প্ৰকাশ কৰে। ইফালে এই খবৰ পাই ৰাষ্ট্ৰীয় স্বয়ং সেবক সংঘৰ অন্যতম ভাতৃ সংগঠন জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰী,ৰাষ্ট্ৰীয় সংযোজিকা মমতা চেহগাল,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড° হৰেন্দ্ৰ বৰাৰ লগতে ৰাজ্যিক সমিতিৰ সভাপতি সভাপতি ভাস্কৰ দাস ৰাজ্যিক মহিলা শক্তি অধ্যক্ষা ৰঞ্জীতা ৰাজৰ লগতে সকলো বিষয় ববিয়াই খবৰ কৰি শোক প্ৰকাশ কৰা লগতে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উত্তৰ পূৱ প্ৰান্তৰ সমিতি,ৰাজ্যিক সমিতি আৰু ভগ্নী সংগঠন মহিলা শক্তিয় পৃথকে পৃথকে একোখনকৈ শোকসভা আয়োজন কৰি একোটাকৈ শোক প্ৰস্তাব লয়। জীৱিত কালত স্বৰ্গীয় নিগম চন্দ্ৰ কাকতিয়ে তিনিটা কাৰ্য্যকালৰ বাবে তিনিবাৰকৈ ভূৰবন্ধা সমবায় সমিতিৰ সদস্য পদত নিৰ্বাচনত জয়ী হৈ কাৰ্য্যনিৰ্বাহক সদস্য ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

Sunny Leone: চৰকাৰী আঁচনিৰ হিতাধিকাৰী অভিনেত্ৰী ছানী লিয়নী!

Sunny Leone
Sunny Leone: চৰকাৰী আঁচনিৰ হিতাধিকাৰী অভিনেত্ৰী ছানী লিয়নী!

পশ্চিম বংগৰ ‘লক্ষ্মীৰ ভাণ্ডাৰ’ আঁচনিৰ দৰে ছত্তীশগড়ৰ বিজেপি চৰকাৰে সেই ৰাজ্যৰ বিবাহিতা মহিলাক মাহে ১০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। সেই প্ৰকল্পত দুৰ্নীতিৰ অভিযোগ। (Sunny Leone)

ছত্তীশগড়ৰ ‘লক্ষ্মীৰ ভাণ্ডাৰ’ প্ৰকল্পৰ হিতাধিকাৰী হ’ল অভিনেত্ৰী ছানী লিয়নী। আনকি তেওঁৰ একাউণ্টত মাহে মাহে সোমাই ১০০০ টকা! শেহতীয়াকৈ ছত্তীশগড়ৰ অভনপুৰ বিধানসভাৰ যুৱ কংগ্ৰেছৰ সভাপতি জয়ৰ্ধন বাঘেলে সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰিছে৷ য’ত অভিনেত্ৰীগৰাকীৰ নাম আৰু প্ৰতিমাহে তেওঁ লাভ কৰা ধনৰ কথা উল্লেখ আছে৷ উল্লেখ্য যে, সমগ্ৰ ঘটনাৰ তদন্ত কৰি লাভ কৰা তথ্য অনুসৰি বীৰেন্দ্ৰ যোশী নামৰ এজন ব্যক্তিয়ে প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰাৰ কথা পোহৰলৈ আহিছে। ইয়াৰ পিছত প্ৰশাসনে সমগ্ৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে।(Chhattisgarh Incident)

পশ্চিম বংগৰ ‘লক্ষ্মীৰ ভাণ্ডাৰ’ আঁচনিৰ দৰে ছত্তীশগড়ৰ বিজেপি চৰকাৰে সেই ৰাজ্যৰ বিবাহিতা মহিলাক মাহে ১০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। ছত্তীশগড়ত এই আঁচনিখনক ‘মাত্ৰিবন্দন যোজনা’ বুলি কোৱা হয়। বস্তিৰ অঞ্চলৰ তালুৰ গাঁৱত গ্ৰাহকৰ নাম দিওঁতে চৰকাৰী কৰ্মচাৰীৰ চকু কপালত উঠিল। দেখা যায় যে বহু নামৰ ভিৰৰ মাজত ছানী লিয়ন। জিলা দণ্ডাধীশে ছত্তীশগড়ৰ মহিলা আৰু শিশু উন্নয়ন বিভাগক বিষয়টো বিতংভাৱে চোৱাচিতা কৰিবলৈ অনুৰোধ জনায়।


ইয়াৰ ফলত শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত ৰাজনৈতিক বিৰ্তক আৰম্ভ হৈছে। ছত্তীশগড়ৰ কংগ্ৰেছৰ সভাপতি দীপক বাজীয়ে অভিযোগ কৰে যে সেই চৰকাৰী আঁচনিৰ ৫০ শতাংশতকৈ অধিক গ্ৰাহক ভুৱা। কাউণ্টাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা অৰুণ ছাৱেৰে কয় যে ৰাজ্যৰ মহিলাসকলে আৰ্থিক সাহায্য লাভ কৰিছে, যিটো কংগ্ৰেছে সহ্য কৰিব নোৱাৰে।

Barsha Rani Bishaya: কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল বৰষা-ভাস্কৰ

Barsha Rani Bishaya
Barsha Rani Bishaya

কন্যা সন্তানৰ মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। (Barsha Rani Bishaya)

নৱবৰ্ষৰ প্ৰাকক্ষণত বৰষা ৰাণী বিষয়াৰ জীৱনলৈ আহিস এগৰাকী কন্যা সন্তান।

কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল ভাষ্কৰ-বৰষা।

এই কথা বৰষা ৰাণী বিষয়াৰ ভাতৃ অংকুৰ বিষয়াই সামাজিক মাধ্যমযোগে জনাই।

সামাজিক মাধ্যমত এই খবৰ প্ৰকাশ হোৱাৰ পাছতে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল উত্ফুল্লিত হৈ উঠিছে।

২০২১ত যোৰহাটৰ ভাস্কৰ বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী বৰষাৰাণী বিষয়াই।

Relationship Tips: নিজৰ পছন্দৰ ছোৱালীক বিয়া কৰোৱাৰ পূৰ্বে পিতৃ-মাতৃৰ সন্মতিৰ কিয় প্ৰয়োজন?

Relationship Tips
Relationship Tips

নিজৰ পছন্দৰ ছোৱালীক বিয়া কৰোৱাৰ পূৰ্বে পিতৃ-মাতৃৰ পৰা সন্মতি লোৱাটো কিয় প্ৰয়োজন? প্ৰতিজন ল’ৰাই নিজৰ জীৱনত সিদ্ধান্ত ল’ব পৰাকৈ দায়বদ্ধ হৈ পৰে, কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্তত পিতৃ-মাতৃৰ সন্মতি ল’লে তেতিয়া বহু সুবিধা লাভ কৰিব পাৰি।(Relationship Tips)

কোনো ল’ৰাৰ বাবে বিয়াৰ সিদ্ধান্ত সহজ নহয়, সম্পৰ্ক মৰম আৰু যত্নৰ বাহিৰেও দায়িত্বৰ প্ৰয়োজন। বিয়া কেৱল দুজন মানুহৰ মিলন নহয়, দুটা পৰিয়ালৰ মিলন। নিজৰ পছন্দৰ ছোৱালী এজনীক বিয়া কৰাই অনা ধাৰণাটো যিমানেই আকৰ্ষণীয় যেন নালাগিলেও, এই সিদ্ধান্ততো পিতৃ-মাতৃৰ সন্মতি থকাটোও সমানেই গুৰুত্বপূৰ্ণ। এয়া কেৱল পৰম্পৰা নহয়, ইয়াৰ আঁৰত বহুতো ব্যৱহাৰিক আৰু আৱেগিক কাৰণ লুকাই থাকে।

প্ৰেম বিবাহত পিতৃ-মাতৃৰ সন্মতিৰ লাভ-

১/ অভিজ্ঞতাৰ লাভ
জীৱনৰ বহু অভিজ্ঞতাৰ মাজেৰে পিতৃ-মাতৃয়ে জীৱন পাৰ কৰিছে। মানুহ আৰু সম্পৰ্কৰ প্ৰতি তেওঁলোকৰ গভীৰ বুজাবুজি আছে। তেওঁলোকে আপোনাক পৰামৰ্শ দিব পাৰে যে আপোনাৰ পছন্দৰ ছোৱালীজনীয়ে আপোনাৰ লগত বহুদিন সুখী জীৱন কটাব পাৰিব নে নাই।

২/ পৰিয়ালৰ সহায়
বিয়াৰ পিছত স্বামী-স্ত্ৰীৰ জীৱনত উত্থান-পতন ঘটে। এনে পৰিস্থিতিত পিতৃ-মাতৃৰ সহায়-সহযোগিয়ে আপোনাৰ সম্পৰ্কক মজবুত কৰি তোলে। তেওঁলোকৰ সন্মতিয়ে আপোনাক আৱেগিক সমৰ্থন দিয়ে, যি সমৰ্থন সুখী বিবাহিত জীৱনৰ বাবে দৰকাৰী।

৩/ সামাজিক গ্ৰহণযোগ্যতা
আমি যিখন সমাজত বাস কৰোঁ, এইখন সমাজত পৰিয়ালৰ সন্মতি অতি গুৰুত্বপূৰ্ণ। যদি আপোনাৰ মা-দেউতা আপোনাৰ সিদ্ধান্তৰ সৈতে একমত, তেন্তে সমাজেও সহজেই মানি লয়। ইয়াৰ ফলত সামাজিক হেঁচা আৰু সমালোচনাৰ পৰা আঁতৰি থাকিব পাৰিব।

৪/ পাৰিবাৰিক পৰম্পৰাৰ প্ৰতি সন্মান
প্ৰতিটো পৰিয়ালৰ নিজস্ব পৰম্পৰা আৰু মূল্যবোধ আছে। অভিভাৱকৰ সন্মতি এই পৰম্পৰাসমূহক সন্মান কৰাটো নিশ্চিত কৰে। ইয়াৰ দ্বাৰা এক সুসম পাৰিবাৰিক জীৱনৰ ভেটি স্থাপন কৰা হয়।

৫/ পাৰস্পৰিক বিশ্বাস আৰু সন্মান
যদি আপুনি আপোনাৰ সিদ্ধান্তত আপোনাৰ পিতৃ-মাতৃক জড়িত কৰাই তেন্তে ই তেওঁলোকৰ প্ৰতি আপোনাৰ সন্মান আৰু বিশ্বাসৰ পৰিচয় দিয়ে। ইয়াৰ ফলত পৰিয়ালত প্ৰেম আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পায়। পিতৃ-মাতৃয়ে অনুভৱ কৰে যে তেওঁ নিজৰ পছন্দ অনুসৰি বিয়া হ’ব বিচাৰিলেও, কিন্তু আমাৰ সন্মতি অবিহনে নহয়।