Home Blog Page 407

Dr. Muhiyyudeen: আল-শিফা ডাইগনষ্টিকৰ পৰিয়ালৰ তৰফৰ পৰা ডাঃ মূহিউদ্দিন লৈ সম্বৰ্ধনা জ্ঞাপন

Dr. Muhiyyudeen
Dr. Muhiyyudeen

ডাঃ মূহি উদ্দিনে এইবাৰ INISS,AIIMS সৰ্বভাৰতীয় পৰ্যায়ত 28 Rank আৰু commom merit listত ১৮ সংখ্যক স্থান লাভ কৰি AIIMS ত DM, Cardiology পঢ়াৰ সুযোগ লাভ কৰি ধুবুৰী তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনে।(Dr. Muhiyyudeen)


ডাঃ মূহি উদ্দিন ধুবুৰীৰ প্ৰথম জন ডাক্তৰ, যিগৰাকীয়ে AIIMS ত DM Cardiology পঢ়াৰ সুযোগ পাইছে। বিলাসীপাৰা স্থিত আলশিফা ডাইগনষ্টিকৰ পৰিয়ালৰ পৰা ডাঃ মূহি উদ্দিনক ফুলাম গামোচা, অসমীয়াৰ স্বাভিমান জাপি আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।


উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে AL SHIFA DIAGNOSTICS ৰ স্বত্বাধিকাৰ Elias Ahmed, ধুবুৰী মেডিকেল কলেজৰ Orthopaedic Surgeon Dr.Firdous Ahmed, কোকৰাঝাৰ মেডিকেল কলেজৰ Medicine Specialist Dr.Bimal karmakar, Dentist Dr.Afzalur Rahman mondal বিশিষ্ট সমাজ সেৱক ইব্ৰাহিম আলিকে ধৰি অনান্যা গণ্য-মান্য ব্যক্তি সকল।

Allu Arjun: অভিনেতা আল্লু অৰ্জুনৰ বাসগৃহত আক্ৰমণ! ভাঙি চূৰমাৰ বাসগৃহৰ বহু সামগ্ৰী, সন্তানক নিৰাপদ স্থানলৈ স্থানান্তৰ

Allu Arjun
Allu Arjun: অভিনেতা আল্লু অৰ্জুনৰ বাসগৃহত আক্ৰমণ!

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’ এই বছৰৰ অন্যতম বহু প্ৰত্যাশিত ছবি আছিল, যিখন ছবিয়ে ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। অৱশ্যে আল্লু অৰ্জুনেও হয়তো নাজানে যে এই ছবিখন তেওঁৰ বাবে কিমান ভয়ানক হৈ পৰিব। ছবিখনে যিমানেই দ্ৰুতগতিত উপাৰ্জন কৰিছে সিমানেই আল্লু অৰ্জুনৰ বাবে সমস্যা বাঢ়িছে। মুক্তিৰ পূৰ্বে ছবিখনৰ প্ৰিমিয়াৰত পদপিষ্টত ৩৫ বছৰীয়া ৰেৱতীৰ মৃত্যুত এক বৃহৎ বিদ্ৰোহৰ সূচনা হৈছে।(Allu Arjun)

‘পুষ্পা ২’ সন্ধ্যা থিয়েটাৰ ষ্টেম্পেড গোচৰক লৈ বিতৰ্ক দ্ৰুতগতিত বৃদ্ধি পাইছে। নেতাসকলৰ বক্তব্যৰ পিছত প্ৰতিবাদকাৰীয়ে আল্লু অৰ্জুনৰ ঘৰত আক্ৰমণ কৰে, তাৰ পিছতে ছুপাৰষ্টাৰগৰাকীৰ সমগ্ৰ পৰিয়ালটোৱে ভয় খাইছে আৰু এনে বিপদৰ বাবে তেওঁলোকে নিজৰ ঘৰৰ পৰা ওলাই যাববলগীয়া হৈছে।

তেলেগু অভিনেতা আল্লু অৰ্জুনৰ বাসগৃহলৈ ধাৰাসাৰভাৱে শিলগুটি, বিলাহী নিক্ষেপ৷ ভাঙি চূৰমাৰ হৈছে বাসগৃহৰ বহু সামগ্ৰী৷(Allu Arjun) ইতিমধ্যে ওছমানিয়া বিশ্ববিদ্যালয়ৰ যুটীয়া সদস্য সমিতিৰ ৮ সদস্যক আটক কৰিছে আৰক্ষীয়ে৷ ঘটনাক গৰিহণা জনাই দোষীক কঠোৰ শাস্তি দিয়া হ’ব বুলি মন্তব্য তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ৷

এতিয়া ৰাজনীতিবিদসকলেও এই বিদ্ৰোহত প্ৰৱেশ কৰিছে, কোনেৱে আকৌ এই বিষয়টো সংসদলৈ লৈ গ’ল। এই বিষয়টো ইমানেই উত্তপ্ত হৈ পৰে যে প্ৰতিবাদকাৰীসকলে আল্লু অৰ্জুনৰ ঘৰত আক্ৰমণ কৰে। বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত একাংশ ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত ছুপাৰষ্টাৰৰ দুই সন্তান আল্লু আৰহা আৰু আল্লু আয়ানক ৰঙা গাড়ীৰে হায়দৰাবাদৰ ঘৰৰ পৰা ওলাই অহা দেখা গৈছে। তেওঁলোকৰ আশে-পাশে বহু নিৰাপত্তাৰক্ষীও দেখা যায়। আল্লু অৰ্জুনৰ সন্তানক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত এতিয়াও আল্লু অৰ্জুনে কোনো বক্তব্য প্ৰকাশ কৰা নাই।


Gandhi Family: নতুন দিল্লীৰ আইকনিক কোৱালিটি ৰেষ্টুৰেণ্টত গৰম গৰম চোলে ভাতুৰে সোৱাদ ল’লে গান্ধী পৰিয়ালে

Gandhi Family
Gandhi Family: নতুন দিল্লীৰ আইকনিক কোৱালিটি ৰেষ্টুৰেণ্টত গৰম গৰম চোলে ভাতুৰে সোৱাদ ল'লে গান্ধী পৰিয়ালে

শীতকালত দিল্লীৰ গৰম গৰম চোলে ভাতুৰে আৰু সুস্বাদু খাদ্যৰ সোৱাদ কোনে ভাল নাপায়। নতুন দিল্লীৰ আইকনিক কোৱালিটি ৰেষ্টুৰেণ্টত গৰম গৰম চোলে ভাতুৰে আৰু সুস্বাদু খাদ্যৰ সোৱাদ ল’লে গান্ধী পৰিয়ালে।(Gandhi Family)শেহতীয়াকৈ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু ৰবাৰ্ট ভাদ্ৰাক এখন ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছিল। এই বিশেষ অনুষ্ঠানৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই ছবিখনত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভাদ্ৰা একেলগে এখন টেবুলত বহি আছে। সকলোৰে মুখত হাঁহি।(Gandhi Family Lunch Photos)

এই স্লাইডখনত এটা ডাঙৰ আৰু ফুলা ভতুৰাৰ ছবি আছে। এনে লাগে যেন এই খাদ্যৰ মূল আকৰ্ষণ এইটোৱেই আছিল। ভাতুৰৰ আকাৰৰ ওপৰত চকু স্থিৰ।(Sonia Gandhi)

এই ছবিখনত ছোনিয়া গান্ধীয়ে খাদ্যৰ সোৱাদ লোৱা দেখা গৈছে।

ভাতুৰে দেখুৱাই ৰবাৰ্ট ভাদ্ৰা আৰু প্ৰিয়ংকা গান্ধীক অতি সুখী দেখা গৈছে। দেখাত এই দুপৰীয়াৰ আহাৰ তেওঁলোকৰ বাবে বিশেষ আছিল।

ছবিখনত টেবুলত বহু খাদ্য সামগ্ৰী ৰখা হৈছে। ইয়াৰ ভিতৰত ভাতুৰে, চোলে, চালাড আদি ব্যঞ্জন। এই খাদ্যৰ অতি সুস্বাদু দেখা গৈছে।

এইদৰে বহুত দুনৰ পিছত যেন গান্ধী পৰিয়ালৰ সদস্যসকলে ইজনে সিজনৰ সৈতে সময় কটোৱা দেখা গৈছে। এই ছবিসমূহ ৰাহুল গান্ধীয়ে নিজৰ এক্স একাউণ্টত পোষ্ট কৰিছে। ছবিখসমূহৰ কেপচনত তেওঁ লিখিছে ‘পৰিয়ালৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়’।

Child Marriage: ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত ৬৮ জনক আটক

Child Marriage
Child Marriage

ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত ৬৮  জনক আটক। সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ চলিল অভিযান।(Child Marriage)

আৰক্ষীৰ অভিযানত ধুবুৰী, গৌৰীপুৰ, আগমনি, তামাৰহাট, বিলাসীপাৰা, চাপৰ, আৰক্ষী চকীৰ বিভিন্ন ঠাইত অভিযান চলাই গ্ৰেপ্তাৰ বাল্য বিবাহ কৰোৱা স্বামী আৰু অভিভাৱকক।

ধুবুৰী জিলাৰ আৰক্ষীয়ে অভিযান চলাই ধুবুৰীত ১০ গৰাকী গৌৰীপুৰ ১৩ গৰাকী, গোলকগঞ্জ ১৭ গৰাকী, আগমণি ২ গৰাকী, তামাৰহাট ৩ গৰাকী, বিলাসীপাৰা ১৫ গৰাকী, চাপৰ ৫ গৰাকী, শাপটগ্ৰাম ৩ গৰাকী বাল্য বিবাহ কৰা স্বামীৰ লগতে আত্মীয়ক গ্ৰেপ্তাৰ কৰে, অৱশ্যে ধুবুৰীত আটকাধীন ১o গৰাকী ব্যক্তি সকলক আটক কৰিছে । ধুবুৰীত বাল্য বিবাহ বিৰোধী অভিযানত ১০ জনক আটক ধুবুৰী আৰক্ষীৰ।

আটকাধীন ব্যক্তি সকলক ধুবুৰী  ন্যায়িক আদালত হাজিৰ কৰোৱা হয়। বাল্য বিবাহত আটক হোৱা আত্মীয়ৰ ভিৰ দেখিবলৈ পোৱা যায় ধুবুৰী সদৰ স্থানৰ সন্মুখত ।

Child Marriage: পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, চাপৰ, বিলাসীপাৰা; নগৰবেৰাত আটক অবৈধ স্বামীক

Child Marriage
Child Marriage

ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত অন্যান্য প্ৰান্তৰ লগতে চাপৰ, বিলাসীপাৰা; নগৰবেৰাত আটক বহু অবৈধ স্বামীক। (Child Marriage)

চাপৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত শনিবাৰে নিশালৈ চলিল বাল্য বিবাহ, অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান। চাপৰ আৰক্ষীয়ে অভিযান চলাই বিভিন্ন স্থানৰ পৰা আটক কৰিলে ৫জনক। পুৱতি নিশালৈ চলা এই অভিযানত চাপৰ আৰক্ষীয়ে আৰক্ষীয়ে আটক কৰা লোক কেইজন ক্ৰমে-

১-জাকিৰুল হক, (ঘুনিমাৰী)
২-মণ্ডল আলী , (ৰঙামাটি)
৩-হাকিনুৰ ইছলাম, (ৰৌমাৰী(
৪-আছমত আলী, (ফৌচদাৰচৰ)
৫-গিয়াছ উদ্দিন, (টোকৰাবান্ধা)

আনহাতে বিলাসীপাৰাতো আৰক্ষীৰ অভিযানত আটক ১৫ জন। আটকাধীন অবৈধ স্বামী সকল কাজাইকাটা, চুৱাপাতা,হাতিপোতা, মায়াৰচৰ,পষুৱাৰখাল, আন্দুৰঝাৰ আদি বিভিন্ন চৰাঞ্চলৰ পৰা আটক কৰে। বাল্য বিবাহৰ লগত জড়িত থকাৰ অভিযোগত আটক ১৫ জন ব্যক্তিক। আটকাধীন অবৈধ স্বামীক এবাৰ চাবলৈ বিলাসীপাৰা থানাত কান্দোনৰ ৰোল। ইফালে সাপটগ্ৰাম আৰক্ষীৰ অভিযানত তিনিজনক আটক, ভেৰভেৰীৰ এজন আৰু ৰাণীগঞ্জৰ পৰা দুজনক আটক কৰে।

নিশা নগৰবেৰা আৰু টুপামাৰীটো আৰক্ষীয়ে চলাই এই অভিযান। অভিযানত তিনিজনকৈ অবৈধ স্বামী গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ হোৱা অবৈধ স্বামী ক্ৰমে – ভখুৰাদিয়া গাঁৱৰ মুজ্জামেল হক, পলাহৰটাৰী গাওৰ নুৰ আলম আৰু খামেৰী গাঁওৰ অফিল উদ্দিন। আনহাতে বকোৰ মন্দিৰা আৰক্ষীয়েও নিশা অভিযান চলাই বিবাহৰ সৈতে জড়িত দুজনকৈ অভিভাৱক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযানক পূৰ্ন সমৰ্থন জনাইছে সংখ্যালঘু ৰাইজে। এই অভিযান অব্যাহত ৰাখিবলৈ ৰাইজে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

School Week: বিশ্বনাথৰ বালিচাঙত বিদ্যালয় সপ্তাহ পালন

School Week
School Week

বিশ্বনাথ বালিচাং উচ্চ ইংৰাজী বিদ্যালয়ত পালন কৰা হয় বিদ্যালয় সপ্তাহ ৷ বিভিন্ন কাৰ্যক্ৰমণিকাৰ মাজেৰে উদযাপন কৰা বিদ্যালয় সপ্তাহ উপলক্ষে ছাত্ৰছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় কৃষ্টি প্ৰতিযোগিতা ৷ জ্যোতি সংগীত , ৰাভা সংগীত পৰিবেশন কৰাৰ লগতে দলীয় তথা আধুনিক নৃত্যও প্ৰদৰ্শন কৰে ছাত্ৰছাত্ৰী সকলে৷ (School Week)

এইদৰে সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল হৈ পৰে বালিচাং উচ্চ ইংৰাজী বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ কাৰ্যসুচী৷ ইয়াৰ পাছতে বিদ্যালয়ৰ পৰিছালনা সমিতিৰ সভাপতি গোপাল গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুলসভা আৰু বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকললৈ উদ্দেশ্যি শিক্ষামুলক বক্তব্য আগবঢ়াই বিজ্ঞানকৰ্মী তথা শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে ৷ ইয়াৰ উপৰিও অনুষ্ঠানটোত উপস্থিত থকা শিক্ষকমণ্ডলী, অৱসৰপ্ৰাপ্ত শিক্ষক, আছুৰ বিষয়ববীয়া সকলৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক দিশত উৎসাহিত কৰে৷

প্ৰধানশিক্ষক ৰমেশ নাথে বিদ্যালয়খনৰ প্ৰতিবেদন পাঠ কৰে ৷ অনুষ্ঠানটি পৰিছালনা কৰে শিক্ষক নিত্যানন্দ শৰ্মা ৷ কাৰ্যসূচীভাগ সৰ্বতোদিশে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে ছাত্ৰ সংসদৰ অধ্যক্ষ দিগন্ত শইকীয়াকে ধৰি ছাত্ৰ সংসদৰ বিষয়ববীয়া সকল৷

Silapathar: চিলাপথাৰত বিধংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ কাষত সাংসদ প্ৰদান বৰুৱা

Silapathar
Silapathar

চিলাপথাৰত বিধংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ কাষত সাংসদ প্ৰদান বৰুৱা।(Silapathar)

শনিবাৰে দুপৰীয়া হঠাত চিলাপথাৰৰ পুৰণি গৰু বজাৰৰ সমীপত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে জ্বলি ভস্মীভূত হয় এটি কাপোৰৰ গুডাম।(Pradan Baruah)

ক্ষতিগ্ৰস্তৰ কাষত পুৱাই উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয় লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই।

শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি ক্ষতিগ্ৰস্তক কিছু চৰকাৰী অৰ্থসাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।

Arunodoi 3.0: অৰুণোদয় ৩.০ত নালাগে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ

Arunodoi 3.0
Arunodoi 3.0

এক ভাল খবৰ। বৈধ ৰেচন কাৰ্ড থাকিলে অৰুণোদয় ৩ ৰ বাবে নালাগে কোনো উৰ্পাজনৰ প্ৰমাণপত্ৰ। এই তথ্য চৰকাৰৰ ঘোষণা।(Arunodoi 3.0)

May be an image of text

অৰুণোদয়ৰ ধন পাবলৈ পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ নালাগে ।

এতিয়াৰে পৰা ৰেচন কাৰ্ড দেখুৱালেই পাব অৰুণোদয়ৰ ধন।

অৰুণোদয় ৩.০ত নালাগে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰও।

চৰকাৰে দিলে স্পষ্টীকৰণ।

Barack Obama: বাৰাক ওবামাৰ প্ৰিয় ছবিৰ তালিকাত ভাৰতীয় ছবি

Barack Obama
Barack Obama

বাৰাক ওবামাৰ প্ৰিয় ছবিৰ তালিকাত প্ৰথমখন ভাৰতীয় ছবি! ভাৰতীয় প্ৰেক্ষাপটত নিৰ্মিত অন্ধ্ৰ প্ৰদেশৰ এগৰাকী কন্যাই নিৰ্মাণ কৰা এখন ছবিয়ে বাৰাক ওবামাৰ ছবিৰ তালিকাত শীৰ্ষস্থান দখল কৰে।(Barack Obama)

গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি আৰু এটা বছৰৰ অন্ত পৰিবলৈ দহ দিন বাকী। বছৰৰ শেষত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ২১ ডিচেম্বৰত এক্স হেণ্ডেলত ২০২৪ চনত চাবলগীয়া কিছুমান শ্ৰেষ্ঠ চিনেমাৰ নাম শ্বেয়াৰ কৰিছিল। এই ছবি সমূহৰ ভিতৰত পায়াল কাপাদিয়াৰ ছবি ‘অল উই ইমেজিন এজ লাইফ’ৰ কথাও উল্লেখ আছে।

কেৱল সেয়াই নহয়, পায়াল কাপাডিয়াৰ ‘অল উই ইমেজিন এজ লাইফ’ হৈছে ওবামাৰ প্ৰিয় ছবিৰ তালিকাৰ প্ৰথম স্থানত। ইয়াৰ পিছতে ‘কনক্লেভ’, ‘দ্য পিয়ানো লেছন’, ‘দ্য প্ৰমিজড লেণ্ড’, ‘দ্য ছিড অৱ দ্য চেক্ৰেড ফিগ’, ‘ডুন: পাৰ্ট টু’, ‘ডিডি’, ‘ছুগাৰকেন’, ‘এ কম্প্লিট আনন’ন’। এক্স হেণ্ডেলত থকা তালিকাখনৰ ওপৰত লিখা আছে, ‘২০২৪ চনত বাৰাক ওবামাৰ প্ৰিয় ছবি’। (payal kapadias)

যোৱা মে’ মাহত ভাৰতীয় পৰিচালক পায়াল কাপাডিয়াই তেওঁৰ ছবি ‘অল উই ইমেজিন এজ লাইট’ৰ বাবে গ্ৰেণ্ড প্ৰিক্স লাভ কৰিছিল। এইবাৰ প্ৰায় ত্ৰিশ বছৰৰ পাছত কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰথম শাৰীত এখন ভাৰতীয় ছবি মনোনীত হয়। পায়ালে কানৰ সৰ্বোচ্চ সন্মান পালম ডি অৰৰ পৰা সংকীৰ্ণভাৱে হেৰুৱাইছিল যদিও উৎসৱৰ দ্বিতীয় সৰ্বোচ্চ সন্মান গ্ৰেণ্ড প্ৰিক্স লাভ কৰিছিল। একান্তভাৱে ভাৰতীয় প্ৰেক্ষাপটত নিৰ্মিত অন্ধ্ৰ প্ৰদেশৰ কন্যা ছবিখনে বাৰাক ওবামাৰ ইচ্ছা তালিকাত শীৰ্ষস্থান দখল কৰে।

Tea Is Healthy: ‘চাহ এতিয়া স্বাস্থ্যকৰ’, চাহলৈ ‘স্বাস্থ্যকৰ’ পানীয়ৰ স্বীকৃতি আমেৰিকাৰ

Tea Is Healthy
Tea Is Healthy

চাহ প্ৰেমীৰ বাবে ভাল খবৰ। লাখ লাখ ভাৰতীয়ৰ প্ৰিয় চাহ, কিন্তু চাহক প্ৰায়ে অস্বাস্থ্যকৰ পানীয়ৰ শ্ৰেণীত ৰখা হয়। কিন্তু এতিয়া চাহৰ সন্দৰ্ভত মতামতও সলনি হৈছে। চাহলৈ এতিয়া ‘স্বাস্থ্যকৰ’ পানীয়ৰ স্বীকৃতি, আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (US FDA) কেমেলিয়া চাইনেন্সিছৰ পৰা তৈয়াৰী চাহক স্বাস্থ্যসন্মত পানীয় হিচাপে স্বীকৃতি দিয়াৰ বাবে উত্তৰ-পূব চাহ সন্থা (NETA) আৰু ভাৰতীয় চাহ সন্থাই আদৰণি জনাইছে। এই ঐতিহাসিক সিদ্ধান্তই চাহৰ অসংখ্য স্বাস্থ্য উপকাৰিতাৰ সন্দৰ্ভত বিশ্ব চাহ উদ্যোগৰ দাবীক ন্যায্যতা প্ৰদান কৰে। চাহলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে প্ৰদান কৰে এই আনুষ্ঠানিক স্বীকৃতি। ইণ্ডিয়ান টি এছ’চিয়েশ্যনে শুকুৰবাৰে সদৰী কৰে এই কথা।(Tea Is Healthy)

আমেৰিকাৰ চাহ সংস্থাৰ সভাপতি পিটাৰ এফ গগীয়ে এই স্বীকৃতিক বিশ্ব চাহ উদ্যোগৰ বাবে “কল্পনীয় খবৰ” বুলি অভিহিত কৰি চাহক স্বাস্থ্য প্ৰসাৰক পানীয় হিচাপে লোৱাৰ সম্ভাৱনাক সহজ কৰি তুলিছে। একেদৰে নেটাৰ উপদেষ্টা তথা ভাৰতীয় চাহ ব’ৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যানন্দ বৰকাকোটিয়ে উল্লাস প্ৰকাশ কৰি কয় যে, “এফ ডি এৰ স্বীকৃতিত আমি সুখী। বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষণাই চাহৰ স্বাস্থ্য উপকাৰিতাৰ দিশটো আঙুলিয়াই দিয়ে। আমি আমি অনুৰোধ কৰিছো।” ভাৰত চৰকাৰে চাহক সুস্থতা আৰু জীৱনশৈলীৰ পানীয় হিচাপে প্ৰচাৰ কৰিবলৈ।”

অৱশ্যে সংস্থাটোৱে স্পষ্ট কৰি দিয়ে যে এই ‘স্বাস্থ্যকৰ’ দাবী কেমোমিল, পদিনা, আদা, হিবিস্কাছ, বা মছলা চাহকে ধৰি অন্যান্য উদ্ভিদৰ পৰা তৈয়াৰী বনৌষধি চাহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।