Home Blog Page 409

Skin Care: উজ্জ্বল ছালৰ গোপন ৰহস্য তেল! ছালত কেনেকৈ ব্যৱহাৰ কৰিব তেল?

Skin Care
Skin Care

নাৰিকল তেলৰ সহায়ত ছালৰ যত্ন ল’ব পৰাে। নাৰিকল তেলেৰে ছালৰ যত্ন ল’লে ছালৰ ৰং উজ্জ্বল হৈ পৰে। ক’লা দাগবোৰ আঁতৰে।(Skin Care)

অতীজৰে পৰা পিতৃ-মাতৃয়ে নিজৰ সন্তানক নাৰিকল তেলেৰে মালিচ কৰি ৰাতিপুৱাৰ ৰ’দত ৰাখিছিল। সেই দৃশ্য এতিয়া ব্ৰেণ্ডেড অইলৰ যুগত দেখা নাযায়। কিন্তু ছালৰ চিকিৎসকৰ মতে নাৰিকল তেলৰ দ্বাৰা চিকিৎসা কৰা ছালখন যেনেকৈ ৰ’দৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত হয়, ঠিক তেনেদৰে নাৰিকল তেলেৰে ছালৰ যত্ন ল’লে ৰং উজ্জ্বল কৰে। ক’লা দাগবোৰ পাতল হৈ পৰে।(Oil)

কেনেকৈ ব্যৱহাৰ কৰিব-

চন্দন – গোলাপৰ পানী

চন্দন আৰু গোলাপ পানীৰ লগত নাৰিকল তেল অলপ অলপকৈ মিহলাই লওক। এই মিশ্ৰণটো ছালত লগাই ২০-৩০ মিনিট থৈ দিব। এবাৰ শুকাই গ’লে ধুব লাগে। সপ্তাহত ২-৩ দিন ব্যৱহাৰ কৰিলে সুবিধা পাব।

হালধী – বেচন

আধা চামুচ বেচন আৰু এচামুচ হালধী গুড়িৰ লগত এচামুচ নাৰিকল তেল মিহলাই মিশ্ৰণ বনাওক। এই পেকটো শুকান ছালৰ বাবে অতি উপকাৰী। এই মিশ্ৰণটো ছালত লগাই ২০ মিনিৰ পিছত ধুই দিব। শুকুৱাবলৈ দি তাৰ পিছত ঠাণ্ডা পানীৰে ধুব।

এলোভেৰা জেল

নাৰিকল তেলৰ লগত এলোভেৰা জেল মিহলাই ছালত লগাই ৩০ মিনিটৰ পিছত ধুই দিব।

মৌ

নাৰিকল তেল মৌৰ লগত মিহলাই লওক। মৌ আৰু নাৰিকল তেলৰ সংমিশ্ৰণে ছালৰ কোষক পুষ্টি প্ৰদান কৰে। এই পেকটো ছালত লগাওক আৰু তাৰ পিছত দহ মিনিটৰ পিছত ধুই দিব।

বেচন-নেমু-হালধী

২-৩ চামুচ নাৰিকল তেল, ১ চামুচ বেচন, ১ চামুচ হালধী আৰু আধা চামুচ নেমুৰ ৰস মিহলাই মুখত লগাব। ১৫-২০ মিনিট ৰাখি মুখখন ঠাণ্ডা পানীৰে ধুব। এই ফেচ পেকে ছালৰ ৰং উজ্জ্বল কৰে।

Pushpa 2: ব্লকবাষ্টাৰ হোৱাৰ পিছতো উত্তৰ ভাৰতৰ ছবিগৃহৰ পৰা আঁতৰাই দিয়া হ’ল আল্লু অৰ্জুনৰ পুষ্পা ২!

Pushpa 2
Pushpa 2

আল্লু অৰ্জুন, ৰশ্মিকা মণ্ডন্না আৰু ফাহাধ ফাচিল অভিনীত এই একচন ছবি ‘পুষ্পা ২: দ্য ৰুল’ ৫ ডিচেম্বৰত সমগ্ৰ বিশ্বৰ ছবিগৃহত মুক্তি লাভ কৰে, মাত্ৰ ১০ দিনতে বহুকেইখন ডাঙৰ ছবিৰ অভিলেখ ভংগ কৰি ২০২৪ চনৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ ছবিখন হিচাপে পৰিচিত হয় পুষ্পা ২। ছবিখনে ভাৰতত ১০০০ কোটি টকা আৰু বিশ্বজুৰি ১৫০০ কোটি টকাৰ ব্যৱসায় কৰিছিল মাত্ৰ ১৬ দিনতে। আনহাতে হিন্দী সংস্কৰণে ২ সপ্তাহত ৬০০ কোটি টকা উপাৰ্জন কৰি বলীউড ছবিক পিছ পেলাই।(Pushpa 2)

যথেষ্ট সফলতাৰ পিছতো এই ছবিখনক উত্তৰ ভাৰতৰ ছবিগৃহৰ পৰা আঁতৰাই দিয়া হ’ল। এই খবৰে আল্লু অৰ্জুনৰ অনুৰাগীক আচৰিত কৰি তুলিলে। ছবিখন আঁতৰাই দিয়া আঁৰৰ কাৰণ সকলোৱে জানিব বিচাৰিছে। সুকুমাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন বহু ভাষাত মুক্তি লাভ কৰিছিল। য’ত এই ছবিখনে হিন্দী চিনেমা প্ৰেমীৰ পৰা সৰ্বাধিক মৰম পালে। কিন্তু শেহতীয়াকৈ ছবিখনৰ প্ৰযোজক তথা পৰিচালক সুকুমাৰে পিভিআৰ ইনক্সৰ সৈতে বিবাদৰ সন্মুখীন হ’বলগীয়া হৈছে।(Allu Arjun)

এই বিতৰ্কৰ পিছত থিয়েটাৰ চেইনটোৱে ‘পুষ্পা ২’ৰ সকলো শ্ব’ উত্তৰ ভাৰতৰ পৰা আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লৈছে। এই খবৰটো বৃহস্পতিবাৰে নিশা দক্ষিণ ছবিৰ ব্যৱসায় বিশ্লেষক মনোবালা বিজয়বালানে নিজৰ এক্স হেণ্ডেলত দি কয় যে ‘কালিৰ পৰা উত্তৰ ভাৰতৰ সকলো পিভিআৰ ইনক্স চেইনৰ পৰা পুষ্পা ২ আঁতৰোৱা হৈছে।’ এই খবৰে আল্লু অৰ্জুনৰ অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল। কিছু ঘণ্টাৰ পাছত আন এটা টুইটযোগে তেওঁ কয় যে বিষয়টো সমাধান হৈছে। তেওঁ লিখিছে, ‘ব্ৰেকিং: পুষ্পা ২ আৰু পিভিআৰ-আইএনঅক্সৰ মাজত চুক্তি হৈছে।’

লগতে তেওঁ কয়, ‘এতিয়া ‘পুষ্পা ২’ৰ শ্ব’বোৰ লাহে লাহে আৰম্ভ হৈছে। এই ছবিখন মুক্তিৰ পূৰ্বেও বিতৰ্কই আগুৰি ধৰিছিল আৰু এতিয়া বক্স অফিচত দুসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো ছবিখন কোনোবা নহয় কোনোবা এঠাইত যেন বিতৰ্কৰ মাজত ৰৈছে। এই ছবিখনে দুসপ্তাহত ৬০০ কোটি টকা উপাৰ্জন কৰা হিন্দী সংস্কৰণত সৰ্বাধিক উপাৰ্জনৰ অভিলেখ ভংগ কৰিছে। এই ছবিখনে বিশ্বজুৰি এই পৰ্যন্ত ১,৫০৮ কোটি টকা উপাৰ্জন কৰিছে।

Surya Das: গণশিল্পী সূৰ্য্য দাসৰ দেহাৱসান…

Surya Das
Surya Das

এটা গানৰ যুগৰ পৰিসমাপ্তি।(Surya Das)

মানুহৰ বাবে গান গোৱা, মানুহৰ গান গোৱা শিল্পী জন নোহোৱা হ’ল।

গণশিল্পী সূৰ্য্য দাসৰ মৃত্যু।

ধৰমতুলৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ।

বাথৰূমত পৰি আহত হৈছিল গণশিল্পী সূৰ্য্য দাস।

মৰিগাঁও চিকিৎসালয়লৈ নিয়াৰ অৱস্থাত মৃত্যু গণশিল্পীগৰাকীৰ।

দুই কন্যা, একমাত্ৰ পুত্ৰসহ বহু আত্মীয়ক এৰি গৈছে শিল্পী গৰাকীয়ে।

‘মানুহ দেখিছো আজি বহুত মানুহ’ গীটতিৰ স্ৰষ্টা আছিল তেওঁ।

গণ শিল্পীগৰাকীৰ দেহাৱসানত সাংস্কৃতিক ক্ষেত্ৰত শোকৰ ছাঁ।

Shah Rukh Khan: মঞ্চত আব্ৰাম, দৰ্শকৰ মাজত শ্বাহৰুখ! সৰু পুত্ৰক লৈ কি সপোন কিং খানৰ?

Shah Rukh Khan
Shah Rukh Khan

শ্বাহৰুখ খানৰ অনুৰাগী সমগ্ৰ বিশ্বতে আছে। প্ৰজন্মৰ পিছত প্ৰজন্মই তেওঁৰ অভিনয় ভাল পায়। সেইগৰাকী অভিনেতাই এইবাৰ মঞ্চত বহি অভিনয় চালে। কাৰণ তেওঁৰ সৰু পুত্ৰ আব্ৰামে মঞ্চত সুন্দৰভাৱে অনুষ্ঠান পৰিৱেশন কৰি আছিল। সৰু পুত্ৰৰ অভিনয় চাই পিতৃ শ্বাহৰুখৰ চকু আশাৰে ভৰা। ভৱিষ্যতে আব্ৰামে নিজৰ ঠাই ল’ব পাৰিবনে? আদি হয়টো বিভিন্ন প্ৰশ্নৰে আগুৰি ধৰিছে শ্বাহৰুখৰ মন-মগজুত।(Shah Rukh Khan)

বৃহস্পতিবাৰে মুম্বাইৰ ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠানৰ মঞ্চত তাৰকা শিশুসকলেও চকু কপালত তুলিলে। আব্ৰামে ঐশ্বৰ্য-কন্যা আৰাধ্যা বচ্চনৰ সৈতে মঞ্চত কণ্ঠদান কৰে। দৰ্শকৰ মাজত বহি থকা সেই মুহূৰ্তটো শ্বাহৰুখে নিজেই বন্দী কৰিছিল। শ্বাহৰুখৰ এফালে তেওঁৰ পত্নী গৌৰী খান। সিপাৰে কন্যা চুহানা খান। এই অনুষ্ঠানত বলীউডৰ ৰজাগৰাকীক পত্নী আৰু কন্যাৰ সৈতেও নাচি থকা দেখা যায়। আনহাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শ্বাহৰুখক ঘেৰি ধৰিলে। বেকগ্ৰাউণ্ডত বাজি উঠিল শ্বাহৰুখৰ ছবি ‘ওম শান্তি ওম’ৰ ‘দিৱাংগী দিৱাংগী’ গীতটো। সেই সময়ত দৰ্শকেও নাচিছিল।(Abram)

এই গীতটোত ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনেও একেলগে নৃত্য কৰা দেখা গৈছে। বহু দিনৰ মূৰত দুয়োকে একেলগে দেখা গ’ল। এই অনুষ্ঠানত উপস্থিত থাকে ছেইফ-কৰিনাৰ দুই পুত্ৰ টাইমুৰ আৰু জেহ। এই বছৰ প্ৰথমবাৰৰ বাবে মঞ্চত উঠিছিল জেহ।

General Bipin Rawat: CDS জেনেৰেল বিপিন ৰাৱট আৰু পত্নী মধুলিকা ৰাৱটৰ কেনেকৈ মৃত্যু হৈছিল?

General Bipin Rawat
General Bipin Rawat

কেনেকৈ মৃত্যু হৈছিল দেশৰ প্ৰথমগৰাকী CDS জেনেৰেল বিপিন ৰাৱট আৰু পত্নী মধুলিকা ৰাৱটৰ? সংসদত দাখিল কৰা এক প্ৰতিবেদনে সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ উল্লেখ্য যে, ২০২১ চনৰ ৮ ডিচেম্বৰত Mi-17 V5 হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈ বিপিন ৰাৱটসহ ১২ গৰাকী লোকৰ মৃত্যু হৈছিল৷ আৰু মৃৃত্যু সন্দৰ্ভত শেহতীয়াকৈ বায়ুসেনাই গঠন কৰা তদন্ত সমিতিয়ে এই তথ্য সংসদত দাঙি ধৰে৷(General Bipin Rawat)প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, যান্ত্ৰিক বিজুতি বা সংঘাতৰ বাবে নহয়, পাইলটৰ ভুলৰ বাবেই মৃত্যু হৈছিল দেশৰ প্ৰথমগৰাকী CDS জেনেৰেল বিপিন ৰাৱট আৰু পত্নী মধুলিকা ৰাৱটৰ৷

২০২১ চনৰ ৮ ডিচেম্বৰত তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত চিডিএছ বিপিআইএনৰ মৃত্যু হয়। পত্নী মধুলিকাকে ধৰি থিতাতে তেৰজন লোকৰ মৃত্যু হয়। পিছত হেলিকপ্টাৰ পাইলট গ্ৰুপ কেপ্তেইন বৰুণ সিঙৰ চিকিৎসালয়তে মৃত্যু হয়। সেইদিনা সেনাৰ মি-১৭, ভি-৫ হেলিকপ্টাৰখন আকাশত তামিলনাডুৰ চুলুৰ পৰা ৱেলিংটনলৈ উৰা মাৰিছিল।

সেইদিনা প্ৰায় ১২:৪০ বজাত নীলগিৰিৰ এখন চাহ বাগিচাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল হেলিকপ্টাৰখন। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, গছত খুন্দা মৰাৰ ফলত হেলিকপ্টাৰখনত জুই লাগিছিল। ইয়াৰ পিছত আন এজোপা গছত খুন্দা মাৰি মাটিত পৰিল। স্থানীয় বাসিন্দাই দাবী কৰা মতে, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ পৰা নামিবলৈ চেষ্টা কৰা এজন ব্যক্তিক তেওঁলোকে দেখিছিল। গোটেই শৰীৰটো জ্বলা-পোৰা হৈছিল। সেই ব্যক্তিজন হৈছে প্ৰয়াত গ্ৰুপ কেপ্তেইন বৰুণ সিং।

Bibek Pangeni Died: সৃজানা হাৰি গ’ল, গুছি গ’ল বিবেক! তৃতীয় পৰ্যায়ৰ কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে বিবেকৰ

Bibek Pangeni Died
Bibek Pangeni Died

আপোনজনক হেৰুৱা বেদনা কি হয়টো হেৰুৱা জনেহে অনুভৱ কৰে। আপোনজনক হেৰুৱাই জীয়াই থকাটো বৰ সহজ নহয়। এনে ঘটনা আনৰ বাবে প্ৰেৰণা হৈ পৰিলেও ভুক্তভোগীৰ বাবে এক কাল্পনিক কাহিনী হৈ পৰে। ছ’চিয়েল মিডিয়াত জনপ্ৰিয় বিবেক পাংগেনীৰ পত্নীয়ে এই যন্ত্ৰণাৰ সৈতে যুঁজি আছে। মাত্ৰ ৩৬ বছৰ বয়সতে দুয়োজনেই ইজনে সিজনৰ পৰা বিচ্ছিন্ন হৈ পৰে। বিবেকৰ মগজুৰ কৰ্কট ৰোগ আছিল ষ্টেজ ৩। এনে অৱস্থাত পত্নী সৃজনা সুবেদী সকলো এৰি কেৱল স্বামীৰ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। দুয়োৰে প্ৰেম দুই শৰীৰৰ এক আত্মাৰ দৰে আছিল। কিন্তু বিবেক সৃজনাক অকলে এই সংসাৰত এৰি নিজেই সংসাৰৰ পৰা আঁতৰি গ’ল বিবেক । এই দুজনৰ অমৰ প্ৰেম কাহিনীৰ কেইখনমান ফটো চাঁও আহক। (Bibek Pangeni Died)

৩৬ বছৰীয়া বিবেক পাংগেনী জৰ্জিয়া বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান অধ্যয়ন কৰি থকা নেপালী পি এইচ ডি ছাত্ৰ আছিল। ইউ জি এ নেপালী ছাত্ৰ সন্থাত তেওঁ অতি সক্ৰিয় আছিল আৰু আমেৰিকাত থকা নেপালী ছাত্ৰ-ছাত্ৰীসকলক বহুখিনি সহায় কৰিছিল। কিন্তু ২০২৩ চনত তেওঁ ষ্টেজ থ্ৰী কেন্সাৰত আক্ৰান্ত হয়। ইয়াৰ পিছত তেওঁৰ পত্নী সৃজনা সুবেদীয়ে সকলো এৰি স্বামীক দিন-ৰাতি একাকাৰ কৰি সেৱা কৰে। দিনে-ৰাতি স্বামীৰ সেৱাত ইমানেই উৎসৰ্গা কৰিছিল যে তেওঁলোকৰ মৰম সকলোৰে বাবে আদৰ্শ হৈ পৰিছিল।(srijana subedi)

কেন্সাৰ চিকিৎসাৰ সময়ত সৃজনাই ছ’চিয়েল মিডিয়াত পজিটিভ ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰি আছিল। দুয়ো ক্ৰমান্বয়ে মানুহৰ বাবে প্ৰেৰণা হৈ পৰিচিল। তেওঁলোকৰ প্ৰেম কাহিনীৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যিয়ে সকলোৰে হৃদয়ত স্থান লৈছিল।

সৃজনা আৰু বিবেক পাংগেনীৰ এই ফটোখন আটাইতকৈ বেছি ভাইৰেল হৈ পৰিছে। এই ফটোখনত দুখন ছবি আছে যিদুখন বিবেক পাংগেনীৰ কৰ্কট ৰোগৰ আগৰ আৰু পিছৰ।


সৃজনা আৰু বিবেকৰ প্ৰেম কাহিনী এনেকুৱা আছিল যে কেন্সাৰ চিকিৎসাৰ সময়ত বিবেকে যেতিয়া চুলি কাটিব লগা হৈছিল, তেতিয়া সৃজনাইও তেওঁৰ দীঘল চুলিখিনি কাটি চুটি কৰিছিল।

হস্পিতালত স্বামীক হাতেৰে খুৱাই দিয়াই হওক বা জন্মদিন উদযাপন কৰাই হওক, এই মাৰাত্মক ৰোগৰ সময়ত স্বামীক সুখী কৰি ৰাখিবলৈ তেওঁ বহু চেষ্টা কৰিছিল। পত্নীৰ মৰম দেখি বিবেকৰ চকুতো চকুপানী ওলাইছিল।

তেওঁলোকৰ প্ৰেমৰ বহু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যাৰ বাবে সাধাৰণ লোকৰ চকুতো চকুপানী।

Bharat Gourav Award: সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰলৈ ভাৰত গৌৰৱ বঁটা

Bharat Gourav Award
Bharat Gourav Award

সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰলৈ ভাৰত গৌৰৱ বঁটা। দীৰ্ঘদিন ধৰি জীৱ জন্তুৰ প্ৰতি দেখুৱাই অহা মৰম আৰু যত্নৰ বাবে আগবঢ়োৱা হৈছে এই ৰাষ্ট্ৰীয় পুৰস্কাৰ। ৫ ফেব্ৰুৱাৰীত কৰ্ণাটকত ভাৰতীয় সাংস্কৃতিক উৎসৱত এই বঁটা প্ৰদান কৰা হ’ব।(Bharat Gourav Award)


প্ৰাপ্তি ফাউণ্ডেচন জৰিয়তে পদপথৰ কুকুৰক দীৰ্ঘদিন ধৰি খাদ্য যোগান আৰু চিকিৎসা প্ৰদান কৰি আহিছে ড° প্ৰাপ্তি ঠাকুৰে। নিৰ্মাণ কৰিছে কুকুৰৰ আশ্ৰয় গৃহ। এই সকলোবোৰ ড° ঠাকুৰে নিজা খৰচত কৰি আহিছে। বঁটা প্ৰদান কৰিছে ভাৰত বিকাশ সংগম নামৰ ৰাষ্ট্ৰীয় সংস্থাটোৱে।

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই সাংস্কৃতিক সমাৰোহত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাজনাথ কবিন্দকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকিব।

Congress Protest : কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী, কংগ্ৰেছৰ প্ৰতিবাদ ৰুধিবলৈ আৰক্ষীৰ সমৰসজ্জা!

Congress Protest
Congress Protest

আজি প্ৰদেশ কংগ্ৰেছে ঘেৰাও কৰিব জনতা ভৱন। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ গুৱাহাটী মহানগৰীত সষ্টম আৰক্ষী-প্ৰশাসন। ইতিমধ্যে মোতায়েন কৰা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী, অতিৰিক্ত বাহিনী।(Congress Protest)

গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স, ৰাজীৱ ভৱনৰ পৰা উলিয়াব এই প্রতিবাদী সমদল। দিনৰ ১১ বজাত আৰম্ভ হ’ব প্ৰতিবাদী কাৰ্যসূচী। APCCৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত হ’ব এই প্রতিবাদ। সহস্রাধিক কংগ্রেছ নেতা-কর্মীয়ে অংশ ল’ব প্রতিবাদত।

কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ সষ্টম হৈছে আৰক্ষী-প্ৰশাসন। ইতিমধ্যে মোতায়েন কৰা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী, অতিৰিক্ত বাহিনী প্ৰতিটো দলৰ নেতৃত্বত থাকিব একোজনকৈ জ্যেষ্ঠ বিষয়া লগতে থাকিব CRPF, SSBৰ জোৱান। গঢ়ি তোলা হৈছে কেইবা তৰপীয়া নিৰাপত্তা বেহু।

Vastu Tips: গা ধোৱাৰ পিছত নকৰিব এই সমূহ ভুল, এই ৫ টা ভুলে আপোনাৰ জীৱন ধ্বংস কৰিব পাৰে!

Vastu Tips
Vastu Tips

যদি ঘৰুৱা সকলো কাম বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি কৰা হয়, তেন্তে জীৱনৰ উন্নতি নিশ্চিত। কিন্তু, বাস্তুৰ সৰু ভুল ভুল সমূহে জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বাস্তু শাস্ত্ৰৰ বিশেষজ্ঞসকলৰ মতে গা ধোৱাৰ পিছত কিছুমান কাম কৰিব নালাগে। কাৰণ এই ভুলৰ ফলত মানসিক অশান্তিৰ সৃষ্টি হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। এনে পৰিস্থিতিত বাস্তুৰ লগত জড়িত এনে পাঁচটা ভুলৰ বিষয়ে জনা যাওক যিবোৰে জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।(Vastu Tips)

বাল্টিত লেতেৰা পানী নাৰাখিব-

প্ৰায়ে মানুহে কাপোৰ ধোৱাৰ পিছত বা গা ধুই বাথৰুমৰ বাল্টিটোত ৰৈ যোৱা পানীখিনি এৰি থৈ আহে। বাস্তুৰ মতে তেনে কৰাটো অশুভ কাৰ্য। ইয়াৰ ফলত ঘৰত ঋণাত্মক শক্তিয়ে প্ৰৱেশ কৰে, যাৰ ফলত সুখ আৰু শান্তি বিঘ্নিত হ’ব পাৰে। ইয়াৰ উপৰিও ই জীৱনত বহু ধৰণৰ বাধাৰ সৃষ্টি কৰিব পাৰে।(Vastu Mistakes)

গা ধোৱাৰ পিছত চোকা বস্তু ব্যৱহাৰ কৰা-

গা ধোৱাৰ লগে লগে নখ কাটাৰ, ৰেজাৰ বা ব্লেড আদি চোকা বস্তু ব্যৱহাৰ কৰাটো অশুভ বুলি গণ্য কৰা হয়। এনে কৰিলে নেতিবাচক শক্তি আকৰ্ষণ হয় আৰু জীৱনত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

বাথৰুমত খালী বাল্টি নাৰাখিব-

বাস্তু শাস্ত্ৰৰ মতে বাথৰুমত খালী বাল্টি ৰখাটো অশুভ কাৰ্য। বাথৰুমৰ বাল্টি বা টাবটো সদায় পানীৰে ভৰাই ৰাখিব লাগে। যদি এইটো সম্ভৱ নহয় তেন্তে সেইবোৰ ওলোটা কৰি ৰাখক। ইয়াৰ ফলত ঋণাত্মক শক্তিৰ প্ৰভাৱ কমিব আৰু জীৱনৰ ডাঙৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰিব।

গা ধোৱাৰ পিছত বাথৰুমৰ মজিয়াখন ৱাইপাৰেৰে শুকুৱাই থ’ব লাগে। বাস্তু শাস্ত্ৰৰ মতে ভিজা মজিয়াত আৰ্থিক সমস্যা আৰু ধনৰ সংকট হ’ব পাৰে। এনে পৰিস্থিতিত বাথৰুমটো সদায় পৰিষ্কাৰ কৰি ৰাখিব আৰু সকলো বস্তু সঠিক ঠাইত থ’ব।

Tamarind Benefits: শীতকালত স্বাস্থ্যৰ ‘প্ৰকৃত বন্ধু’ তেতেলী! উচ্চ কলেষ্টেৰল, হৃদৰোগ আৰু কোষ্ঠকাঠিন্য সমস্যাৰ পৰা সকাহ পাব

Tamarind Benefits
Tamarind Benefits

সোৱাদত টেঙা, মিঠা তেতেলীয়ে কণ্ঠ সুৰীয়া কৰি তোলাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈকে তেতেলী ব্যৱহাৰ কৰে ৰাইজে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শীতকালত তেতেলী আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে হাৰ্ট এটেকৰ আশংকা কম হ’ব।(Tamarind Benefits)

আমাৰ শৰীৰৰ ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে তেতেলীয়ে। তেতেলীত পলিফিনল প্ৰচুৰ পৰিমাণে পোৱা যায়। ডায়েবেটিছৰ বাবে ই অতি উপকাৰী, ইয়াৰ উপৰিও তেতেলীত বহু ধৰণৰ প্ৰটিনও পোৱা যায় যিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰি আপোনাৰ ওজন হ্ৰাস কৰাত সহায় কৰে আৰু পেশী শক্তিশালী কৰাত সহায় কৰে।(Winter)

তেতেলীয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। শীতকালত হাৰ্ট এটেকৰ ৰোগীৰ সংখ্যা বেছি। শীতকালত তেতেলী খালে হাৰ্ট এটেকৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পায়। আনহাতে অমিতাত এন্টি অক্সিডেন্ট থাকে যিয়ে কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।

তেতেলীৰ এন্টিঅক্সিডেন্টসমূহে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। কেৱল এয়াই নহয়, তেতেলীয়ে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে। লগতে বেয়া কলেষ্টেৰল হ্ৰাস কৰে।

তেতেলী খালে হজম শক্তি উন্নত হয়। তেতেলীয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে। তেতেলী খালে ডায়েৰিয়া আৰু পেটৰ বিষৰ সমস্যাৰ পৰাও সকাহ পাব পাৰে। লগতে, তেতেলীয়ে ওজন হ্ৰাসতো সহায় কৰে কাৰণ ইয়াত চৰ্বি নাথাকে।